আজি পবিত্ৰ জন্মাষ্টমীৰ (Janmashtami) আনন্দত সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰত উখল-মাখল পৰিৱেশে পৰিসৰ ভৰি পৰিছে। হিন্দু শাস্ত্ৰৰ মতে, দ্বাপৰ যুগত ঠিক এই দিনটোতেই দুষ্টক দমন আৰু সন্তক পালনৰ উদ্দেশ্যে ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ হৈছিল। সেয়েহে, এই পৱিত্ৰ তিথিত ভগৱান শ্ৰীকৃষ্ণৰ বন্দনা কৰি ভক্তসকল ভক্তি আৰু আস্থাৰে শৰণ লৈছে। জন্মাষ্টমী (দেৱনাগৰী: जन्माष्टमी janmāṣṭamī) হৈছে হিন্দুধৰ্মৰ পৰম পূজনীয় ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। এই উৎসৱক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, আৰু শ্ৰীকৃষ্ণ জয়ন্তী নামেও জনা যায়।
Read also: Calendar Days
জন্মাষ্টমী (Janmashtami) হিন্দুধৰ্মৰ এটা পবিত্ৰ পৰ্ব। এই পৰ্বত ভগৱান শ্রীকৃষ্ণৰ জন্মদিন উদযাপন কৰা হয়। জন্মাষ্টমী বিশেষকৈ ভাৰতৰ বিভিন্ন ৰাজ্যত খুব আনন্দ আৰু উৎসাহেৰে পালন কৰা হয়। অসমৰ বিভিন্ন মন্দিৰত আৰু ঘৰে ঘৰে শ্ৰীকৃষ্ণৰ পূজা-অৰ্চনা কৰা হয়।
এই দিনটো হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত উদযাপন কৰা হয়, যিটো গ্ৰেগৰিয়ান কেলেণ্ডাৰত সাধাৰণতে আগষ্ট বা ছেপ্টেম্বৰ মাহত পৰে। এই উৎসৱৰ অংশ হিচাপে মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত কৃষ্ণৰ জীৱন আৰু লীলাৰ নাটকীয় উপস্থাপন কৰা হয়। ৰাস লীলাৰ মাধ্যমেৰে কৃষ্ণৰ শৈশৱ আৰু কৈশোৰৰ বিভিন্ন কাণ্ড-কাৰখানা মঞ্চস্থ কৰা হয়, য’ত তেওঁৰ দুষ্টামি আৰু আনন্দদায়ক চৰিত্ৰ প্ৰকাশ পায়। আনহাতে দহি হাণ্ডি খেলত তেওঁৰ দুষ্ট আৰু চঞ্চল আচৰণক প্ৰতিফলিত কৰা হয়; ইয়াত যুৱকসকলে ওখত বান্ধি থোৱা মাখনৰ টোপোলাটো ভাঙি মজা উপভোগ কৰে। দক্ষিণ ভাৰতৰ তামিলনাডুত এই পৰম্পৰাটো উৰিয়াদি নামেৰে জনাজাত। কৃষ্ণৰ জন্মৰ পিছত নন্দ মহাৰাজই আনন্দত সকলোৱে উপহাৰ বিলাইছিল, আৰু তাৰ স্মৃতিত কৃষ্ণ জন্মাষ্টমীৰ পাছত বিভিন্ন ঠাইত নন্দোৎসৱৰ আয়োজন কৰা হয়। কৃষ্ণ আছিল দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান। প্ৰাচীন গ্ৰন্থ আৰু জ্যোতিষশাস্ত্ৰৰ তথ্যৰ ওপৰত আধাৰিত গণনাৰ মতে, তেওঁৰ জন্ম খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাইত হৈছিল আৰু মৃত্যু খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰীত। কৃষ্ণ মথুৰাৰ যাদৱ বংশৰ বৃষ্ণি ফৈদৰ অন্তৰ্গত এজন সদস্য আছিল।
শ্ৰী কৃষ্ণৰ জন্মদিনত অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ নিশা প্ৰায় দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম-ঘোষা ৰাগত পৰিসৰ ভৰাই গায়। এই নাম-প্ৰসংগত তেওঁলোক পৰম আনন্দত মগন হয়। ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণৰ জন্মৰ মুহূৰ্ত উদযাপন কৰি সদৌ আসন্ন ভক্তসকলে এটা নিৰ্দিষ্ট তালে কেঁচুৱা বাচলাৰ দৰে এক ধ্বনি তুলিব। এই নাম-কীৰ্তন প্ৰায় পুৱা পর্যন্ত চলি থাকে। শেষত ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ পৰা প্ৰসাদ গ্ৰহণ কৰি সকলোয়ে আংশিক বিশ্রাম লয়। পুৰণি পূৰ্বপুৰুষৰ বিশ্বাস অনুসৰি, এই জনমাষ্টমীৰ নাম-কীৰ্তনৰ প্ৰথা বৈষ্ণৱ যুগৰ পৰা এতিয়ালৈকে অবিৰতভাৱে চলি আহিছে।
শ্ৰীকৃষ্ণৰ জন্মক হিন্দু ধৰ্মত অতি মহান অৱতাৰ বুলি গণ্য কৰা হয়। তেওঁৰ জন্মত ধৰ্মৰ প্ৰতিষ্ঠা আৰু অধৰ্মৰ বিনাশৰ মহৎ উদ্দেশ্য আছিল। বিশ্বাস কৰা হয় যে শ্ৰীকৃষ্ণৰ জন্মত পৰিসৰটোৰ অধর্ম শেষ হৈ ন্যায় আৰু সত্যৰ প্ৰতিষ্ঠা হৈছিল। কৃষ্ণৰ শৈশৱৰ কাহিনী, তেওঁৰ বাল্যকালৰ লীলাসমূহ বিশেষ ভাবে জনপ্ৰিয় আৰু শিশু-কিশোৰৰ জীৱনশৈলীতো এক বিশেষ স্থান লাভ কৰিছে।
জন্মাষ্টমী (Janmashtami) উপলক্ষে বিভিন্ন মন্দিৰ আৰু গৃহত বিশেষ ভক্তি অনুষ্ঠান আৰু পূজা-পাঠ অনুষ্ঠিত হয়। মন্দিৰবোৰত শ্ৰীকৃষ্ণৰ মূৰ্তিক সজোৱা হয় আৰু তেওঁক বিভিন্ন মিষ্টান্ন, ফল-মূল আৰু ফুলৰ পৰা শোভিত কৰা হয়। ৰাতিপুৱা পূজা কৰা হয় আৰু দিনৰ বিভিন্ন সময়ত শ্ৰীকৃষ্ণৰ নাম সুঁৱৰোৱা হয়। কেইবাখনো ঠাইত শোভাযাত্ৰা, ভাগৱত পাঠ আৰু কৃষ্ণৰ শৈশৱৰ কাহিনী বা লীলাৰ অনুকৃতি নাটক আৰু নৃত্যৰ জৰিয়তে উপস্থাপন কৰা হয়।
আজি কালি জনমাষ্টমীৰ উ(Janmashtami) দযাপনত শিশুসকলক কৃষ্ণ আৰু ৰাধাৰ সাজত সজোৱা হয়। তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় যেনে কৃষ্ণৰ লীলা সজোৱা, ৰাস লীলা আদিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ জীৱনৰ ঘটনাসমূহ প্ৰতিষ্ঠা কৰা হয়। শিশু আৰু যুৱপ্ৰজন্মৰ মাজত কৃষ্ণৰ জীবনৰ নীতি আৰু আৰ্হিত কৰ্মভূমি শিক্ষা আগবঢ়াই।
শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কেবল শাস্ত্ৰীয় উপাসনা আৰু পূজা-অৰ্চনাতেই সীমাবদ্ধ নহয়, ইয়াক নাটকীয় উপস্থাপনাৰে বিচিত্র ভাৱে পালন কৰা হয়। বিশেষকৈ লাউপাৰাৰ শ্ৰীশ্ৰীশ্যামৰায় গোসাঁই ঘৰত ভক্তসকলৰ মাজত ইয়াৰ এক বিশেষ স্থিতি আছে। ভক্তসকলে এই দিনা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰিবলৈ শিশু কৃষ্ণৰ পুতলা গঢ়া, ৰঙীন বস্ত্ৰেৰে সজ্জিত কৰা আদি বিভিন্ন আয়োজন কৰে।
সন্ধ্যা কালত পূজা আৰু প্ৰাৰ্থনা শেষ হোৱাৰ লগে লগে এজনী ভক্তে দৈৱকীৰ ৰূপ ধাৰণ কৰে, যেন তেওঁ সন্তান প্ৰসবৰ বেদনাত আছেগৈ। ভক্তসকলৰ মাজৰ এজন পুৰুষ চিকিৎসকৰ ভাও লৈ আগবাঢ়ি আহে, দৈৱকীৰ চিকিৎসাৰ চেষ্টাত ব্যস্ত হয় যদিও চিকিৎসা সফল নহয়। চিকিৎসক ভাৱ লোৱা ভক্তজনে দৈৱকীৰ ভোগৰ সতে কল-তামোল-পাণো নিবনিয়ে। তেনে আরো দুজন চিকিৎসক ভাও লোৱা ভক্তে দৈৱকীৰ বেদনা উপশম কৰিবলৈ চেষ্টা কৰে, কিন্তু কোনো সফলতা নপায়।
মাজনিশাৰ পৰ্যন্ত অপেক্ষা চলে, আৰু তাৰ পাছত আন এজন ভক্ত চিকিৎসক ৰূপত উপস্থিত হয়। তেওঁৰ উপস্থিতিয়ে যেন দৈৱকীৰ বেদনাত আৰাম আনিছে — দৈৱকীয়ে এক প্ৰশান্ত মূহুৰ্তত বাল গোপালক জন্ম দিয়ে। পুৰোহিতজনে এই মূহুৰ্তক বিশেষ কৰি তোলে; তেওঁ মণিকূটৰ পৰা শিশু কৃষ্ণৰ পুতলাটি দুয়ো হাতে তুলি লৈ “কৃষ্ণ জন্মিছে! কৃষ্ণ জন্মিছে!” বুলি আনন্দৰ চিঞৰ ধৰে, লগে লগে আনন্দত নৃত্যো প্ৰদৰ্শন কৰে।
জনমাষ্টমী (Janmashtami) হিন্দু ধৰ্মত এক বিশেষ আধ্যাত্মিক আৰু ধৰ্মীয় উৎসৱ। ই ভক্তিসংগীত, পূজা-পাঠ আৰু লীলাৰ জৰিয়তে মানৱ জীৱনত নৈতিকতাৰ প্ৰচাৰ কৰি গৈছে। শ্ৰীকৃষ্ণৰ জন্মৰ মাহাত্ম্যয়ে ভক্তৰ অন্তৰত অনুপ্ৰেৰণা, নীতি-নৈতিকতা আৰু ধৰ্মপালনক উৎসাহিত কৰি এনে পৰৱৰ্তী প্ৰজন্মলৈ ধৰ্মীয় শিক্ষাৰ প্ৰচাৰ কৰে।
Read also: Good Friday | গুড ফ্ৰাইডে
My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.