HSLC 2023 History Question Paper Solved | দশম শ্ৰেণীৰ ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান

HSLC 2023 History Question Paper Solved | দশম শ্ৰেণীৰ ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান, SEBA Class 10 History Question Paper Solved PDF Download, দশম শ্ৰেণীৰ ইতিহাস 2023 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board HSLC 2023 History Previous Years Question Paper Solved can be of great value to excel in the examination.

HSLC 2023 History Question Paper Solved

HSLC 2023 History Question Paper Solved | দশম শ্ৰেণীৰ ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

HSLC Old Question Paper provided is as per the 2023 Assam Board Exam and covers all the questions from the SEBA HSLC 2023 Question Paper. Access the detailed SEBA Class 10 History 2023 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the HSLC 2023 History Old Question Paper Solved, Class X History 2023 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান

2023

HISTORY OLD PAPER

ALL QUESTION ANSWER

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(a) “বিশ্বৰ কাৰখানা” বুলি কোনখন দেশক কোৱা হৈছিল?

(i) ইংলেণ্ড।

(ii) আমেৰিকা।

(iii) ৰাছিয়া।

(iv) ফ্ৰান্স।

উত্তৰঃ (i) ইংলেণ্ড।

(b) ভার্চাই শান্তি চুক্তিত ইটালীক প্ৰতিনিধিত্ব কৰিছিল —-

(i) ক্লিমেশেৱে।

(ii) লয়ড জৰ্জে।

(iii) অৰলেণ্ডোৱে।

(iv) চাৰ ডোগলাজ হেইগে।

উত্তৰঃ (iii) অৰলেণ্ডোৱে।

(c) দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰিছিল —

(i) ১৯৪৫ চনত।

(ii) ১৯৪৬ চনত।

(iii) ১৯৪৭ চনত।

(iv) ১৯৪৮ চনত।

উত্তৰঃ (i) ১৯৪৫ চনত।

(d) ‘নীল নদীৰ’ বুলি কোৱা দেশখন হৈছে —

(i) শ্ৰীলংকা।

(ii) ইণ্ডোনেছিয়া।

(iii) নামিবিয়া।

(iv) ইজিপ্ত।

উত্তৰঃ (iv) ইজিপ্ত।

(e) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন শীৰ্ষ সন্মিলন যুগোশ্লোভিয়াতে অনুষ্ঠিত হৈছিল —

(i) ১৯৬১ চনত।

(ii) ১৯৬২ চনত।

(iii) ১৯৬৩ চনত।

(iv) ১৯৬৪ চনত।

উত্তৰঃ (i) ১৯৬১ চনত।

2. ইউৰোপৰ পৰা ভাৰতলৈ অহা সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ইউৰোপৰ পৰা ভাৰতলৈ অহা সাগৰীয় পথ ভাস্কো-ডা-গামাই আৱিষ্কাৰ কৰিছিল।

3. ‘শক্তিবিহীন কূটনীতি বাদ্যযন্ত্রহীন সংগীতৰ দৰে’ – কোনে কৈছিল?

উত্তৰঃ ‘শক্তিবিহীন কূটনীতি বাদ্যযন্ত্রহীন সংগীতৰ দৰে’ বুলি ফ্রেডেৰিক দ্য গ্রেটে কৈছিল।

4. ফৰমোচাৰ নতুন নামটো কি?

উত্তৰঃ ফৰমোচাৰ নতুন নামটো তাইৱান।

5. ‘স্বৰ্ণ উপকূল’ৰ বৰ্তমান নাম কি?

উত্তৰঃ ‘স্বৰ্ণ উপকূল’ৰ বৰ্তমান নাম হৈছে ঘানা।

6. “ওৱাৰশ্ব সন্ধি” সংগঠন কোন চনত গঢ়ি উঠিছিল?

উত্তৰঃ “ওৱাৰশ্ব সন্ধি” সংগঠন ১৯৫৫ চনত গঢ়ি উঠিছিল।

7. ভাৰতৰ পশ্চিম উপকূলত থকা দুখন পর্তুগীজ দখলাধীন অঞ্চলৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ পশ্চিম উপকূলত থকা দুখন পর্তুগীজ দখলাধীন অঞ্চলৰ নাম হ’ল — গোৱা আৰু দমন।

8. কেন্দ্রীয় শক্তি জোঁটৰ দুই সদস্যৰ নাম লিখা।

উত্তৰঃ কেন্দ্রীয় শক্তি জোঁটৰ দুই সদস্যৰ নাম হ’ল – জাৰ্মান আৰু আষ্ট্ৰিয়ান।

9. কোনে আৰু কেতিয়া জার্মান সংসদ ভৱনত অগ্নিসংযোগ কৰিছিল?

উত্তৰঃ জার্মান সংসদ ভৱনত ১৯৩৩ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে লুৱে নামে ওলাণ্ডাজ লোক এজনে অগ্নি সংযোগ কৰিছিল।

10. ‘ৱাৰ কমিউনিজম’ কি?

উত্তৰঃ যুদ্ধ সাম্যবাদ বা সামৰিক সাম্যবাদ আছিল ১৯১৮ চনৰ পৰা ১৯২১ চনলৈকে ৰাছিয়াৰ গৃহযুদ্ধৰ সময়ত ছোভিয়েট ৰাছিয়াত থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থা।১৯১৮ চনৰ জুন মাহত যুদ্ধ সাম্যবাদ আৰম্ভ হয়, যিটো ভেচেনখা নামেৰে জনাজাত উচ্চতম অৰ্থনৈতিক পৰিষদে বলবৎ কৰে।

11. ‘আটলান্টিক ছদন’ কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৪১ চনৰ ১৪ আগষ্টত নিউফাউণ্ডলেণ্ডত দুয়োজন চৰকাৰৰ মুৰব্বীৰ বৈঠকৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্ট আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইন্সটন চাৰ্চিলে প্ৰকাশ কৰা যৌথ ঘোষণা আছিল আটলাণ্টিক ছনদ। আটলাণ্টিক ছনদত আমেৰিকা আৰু ব্ৰিটিছ যুদ্ধৰ লক্ষ্যৰ এক বহল বিবৃতি দিয়া হৈছিল।

12. ৰাষ্ট্ৰসংঘ গঠনৰ অভিপ্রায়েবে আহুত আৰু সম্মিলিত হোৱা বিশ্বৰ জাতিসমূহৰ মাজত অনুষ্ঠিত সর্ববৃহৎ আৰু সর্বশেষ সম্মিলন খনৰ নাম উল্লেখ কৰা। এই সম্মিলন খনত বিশ্বৰ কিমানখন দেশৰ জন প্রতিনিধিয়ে অংশ গ্রহণ কৰিছিল?

উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ অভিপ্রায়েবে আহুত আৰু সম্মিলিত হোৱা বিশ্বৰ জাতিসমূহৰ মাজত অনুষ্ঠিত সর্ববৃহৎ আৰু সর্বশেষ সম্মিলনখন হৈছে ছানফ্রাঞ্চিছকো সন্মিলন। এই সন্মিলনত বিশ্বৰ ৫১ খন ৰাষ্ট্ৰৰ মুঠ ২৬০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।

13. ৰাষ্ট্রসংঘৰ যি কোনো দুটা লক্ষ্য লিখা।

উত্তৰঃ ৰাষ্ট্রসংঘৰ দুটা লক্ষ্য হ’ল — 

১। ভৱিষ্যত প্রজন্মক যুদ্ধৰ ধ্বংসলীলাৰ পৰা ৰক্ষা কৰা।

২। বিশ্বত সৰ-বৰ সকলো ৰাষ্ট্ৰৰে পুৰুষ মহিলা নির্বিশেষে সমান অধিকাৰৰ ভিত্তিত সকলো মানুহৰে মৌলিক মানৱীয় অধিকাৰৰ প্ৰতি পুনৰ আস্থা স্থাপন কৰা, কাৰণ ইতিমধ্যে যুদ্ধৰ বিভীষিকাই বাৰে বাৰে এই অধিকাৰ খৰ্ব কৰি আহিছে।

14. শ্রীলংকাৰ প্রথম জাতীয়তাবাদী ৰাজনৈতিক সংগঠনটোৰ নাম লিখা। ই কেতিয়া গঠন হৈছিল?

উত্তৰঃ শ্রীলংকাৰ প্রথম জাতীয়তাবাদী ৰাজনৈতিক সংগঠনটোৰ নাম ছিলন জাতীয় কংগ্ৰেছ আছিল। ই ১৯১১ চনত গঠন হৈছিল।

15. (i) ‘SAARC’ ৰ পূর্ণাংগ ৰূপটো লিখা।

উত্তৰঃ ‘SAARC’ ৰ পূৰ্ণাংগ ৰূপটো হ’ল — South Asian Association for Regional Cooperation.

(ii) ছাৰ্কৰ প্রথমখন শীর্ষ সন্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ছাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ১৯৮৫ চনত ঢাকাত (বাংলাদেশ) অনুষ্ঠিত হৈছিল।

16. ‘নতুন পৃথীৱী’ বুলিলে কি বুজা?

উত্তৰঃ নতুন পৃথিৱী’ হৈছে আমেৰিকাৰ দক্ষিণত থকা পাটাগোনিয়া বা বৰ্তমানৰ আৰ্জেণ্টিনাৰ পুৰণি নাম। পৰ্টুগালৰ পৃষ্ঠপোষকতাত ফ্লোৰেন্সৰ আমেৰিগো ভেছপুচি (Amerigo Vespucci) নামৰ নাবিক এজনে দক্ষিণ আমেৰিকৰে একেবাৰে দক্ষিণত থকা পাটাগোনিয়া আৱিষ্কাৰ কৰি তাক ‘নতুন পৃথিৱী’ নামৰে নামাকৰণ কৰিছিল। সম্প্রতি এই ‘নতুন পৃথিৱী’ নামৰ ভূখণ্ড আমেৰিকাৰূপে জনাজাত।

17. ভার্চাই শান্তি চুক্তিৰ চাৰিটা চর্ত উল্লেখ কৰা।

উত্তৰঃ ভাৰ্চাই শাস্তি চুক্তিৰ চাৰিটা চৰ্ত হ’ল–

(ক) ৰাজ্যক্ষেত্ৰ সম্পৰ্কীয় চৰ্ত।

(খ) ঔপনিৱেশিক-ৰাজ্যক্ষেত্ৰ সম্পৰ্কীয় চর্ত।

(গ) সামৰিক চৰ্ত। আৰু

(ঘ) আইন সংগত আৰু বিত্তীয় তথা অর্থনৈতিক চর্ত।

18. ফেছিষ্ট ৰাষ্ট্রৰ চাৰিটা বৈশিষ্টা উল্লেখ কৰা।

উত্তৰঃ ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্রধান বৈশিষ্ট্য হৈছে —

(i) ফেছিবাদ সমাজবাদৰ পৰিপন্থী, ইয়াত সমাজবাদৰ সলনি একনায়কত্ববাদক প্রাধান্য দিয়া হয়।

(ii) ফেছিবাদ শাস্তিৰ পৰিপন্থী।

(iii) ফেছিবাদ মুক্ত বাণিজ্যিক আদান-প্রদানৰ পৰিপন্থী।

(iv) ফেছিবাদ সংবাদপত্ৰৰ স্বাধীনতাৰ পৰিপন্থী। বি ইয়াত বাতৰিকাকত, সংবাদ পত্র আদিয়ে নির্ভীক, নিৰপেক্ষ সংবাদ প্ৰেৰণ কৰিব নোৱাৰিছিল।

19. হিটলাৰৰ ৰাছিয়া আক্রমণৰ চাৰিটা লক্ষ্য লিখা।

উত্তৰঃ হিটলাৰৰ ৰাছিয়া আক্রমণৰ চাৰিটা লক্ষ্য হ’ল —

(i) হিটলাৰে ভাৰ্চাই শান্তি চুক্তিৰ চৰ্তসমূহে জার্মানীৰ সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ কৰি তাক উলংঘা কৰাৰ পোষকতা কৰিছিল। সকলো জার্মান লোককে এক জার্মানী ৰাষ্ট্ৰৰ তলতীয়া কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে জার্মানীৰ বর্ধিত জনসংখ্যালৈ চাই ইয়াৰ ৰাজ্যক্ষেত্ৰৰ সম্প্ৰসাৰণৰ পোষকতা কৰিছিল। এই সম্প্ৰসাৰণৰ বাবে ৰাচিয়া আৰু উত্তৰ পুৱ ইউৰোপক বাচি লৈছিল।

(ii) হিটলাৰে জাৰ্মানীৰ ৰক্তকৌলিন্যতত্ত্বত বিশ্বাস কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে জান। ল আর্য গোষ্ঠীসম্ভূত লোক। সকলো মানুহৰ ভিতৰত আৰ্যসকল শ্রেষ্ঠ, গতিকে এই শ্রেষ্ঠ জার্মান জাতিটোরে সকলো জাতিকে দমন কৰি শাসন কৰাৰ অধিকাৰ আছে। জার্মান জাতিৰ এই তথাকথিত শ্রেষ্ঠত্বৰ তত্ত্বই দেশৰ নিবনুৱা ডেকা-যুৱকসকলক মতলীয়া কৰি তুলিছিল।

(iii) জার্মানীত জার্মান জাতিৰ এই শ্রেষ্ঠত্ব তত্ত্ব প্ৰচাৰ কৰাৰ লগে লগে সমাস্তবালভাৱে ইয়াত বসবাস কৰা ইহুদী আৰু শ্লাভ জনগোষ্ঠীৰ লো তথা নাগৰিকসকলৰ বিৰুদ্ধে অনৱবর্ত অপপ্ৰচাৰ চলোৱা হৈছিল। জার্মান সমাজত প্রচলিত সকলো ব্যভিচাৰ ভ্ৰষ্টাচাৰৰ মূল বুলি এওঁলোকক কোৱা হৈছিল। এওঁলোকক জার্মান ৰাষ্ট্ৰৰ নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে চৰকাৰী চাকৰি বাকৰিৰ পৰাও অপসাৰিত কৰা হৈছিল।

(iv) ২৫ দফীয়া আঁচনিৰ মাধ্যমত হিটলাৰে নাজী দলৰ ৰাজনৈতিক কাৰ্যসূচী বিস্তাৰিতভাৱে প্ৰচাৰ কৰিছিল। সেইবোৰৰ ভিতৰত আছিল আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ নীতিৰ ভিত্তিত সকলো জার্মান লোককে এক ৰাষ্ট্ৰৰ অধীন কৰা, ভাৰ্চাই আৰু ছেন্ট জার্মান শান্তি চুক্তি বাতিল কৰা, জার্মানীৰ বর্ধিত জনসংখ্যাৰ বাবে উপনিবেশ স্থাপন কৰা, বৃত্তিজীৱী সেনাবাহিনীৰ পৰিৱৰ্তে জাতীয় সেনাবাহিনী গঠন কৰা, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঠন কৰা ইত্যাদি।

20. পোলেণ্ডত সংঘটিত প্ৰতিৰোধ সংগ্রামৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৯৩৯ চনৰ ১ চেপ্তেম্বৰ তাৰিখে জার্মানীয়ে পোলেণ্ড আক্রমণ কৰে। ২৭ চেপ্তেম্বৰৰ দিনা পোলেণ্ডৰ ৰাজধানী জার্মানসকলে হস্তগত কৰে। জার্মানীয়ে পোলেণ্ড আক্রমণ কৰাৰ কেইদিনমান পিছতে ৰাচিয়ায়ো নিজ নিৰাপত্তা ৰক্ষাৰ বাবে পূৱ দিশৰ পৰা পোলেণ্ড আক্রমণ কৰে আৰু পূৱ অংশটো দখল কৰে। ইয়াৰ পশ্চিম অংশটো জার্মানীয়ে হস্তগত কৰিছিল। পোলেণ্ডৰ বিৰুদ্ধে জয় লাভ কৰাৰ পিছত হিটলাৰে বিজয় উল্লাসত মতলীয়া হৈ ১৯৭০ চনৰ এপ্রিল মাহত ডেনমার্ক আৰু নৰৱে আৰু মে’ মাহত বেলজিয়াম, লুকছেম্বার্গ আৰু হলেণ্ডৰ ওপৰত আক্রমণ চলাইছিল। নৰৱে আক্রমণ কৰোঁতে হিটলাৰে মুঠতে ৮০০ খন যুদ্ধ জাহাজ আৰু ২৫০ খন পৰিবহণ জাহাজ ব্যৱহাৰ কৰিছিল। এই আক্রমণ স্থল আৰু জল দুয়োফালৰ পৰাই সংঘটিত হৈছিল। সেই সময়ত নৰৱেত ভাইডকুন কুইজলিং বোলা লোক এজনৰ নেতৃত্বত এটা ফেচিষ্ট দল গঠন কৰা হৈছিল আৰু কুইজলিঙে হিটলাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল। এওঁৰ সহায়ত হিটলাৰে সহজতে নওবে দখল কৰি সুইজলিঙৰ নেতৃত্বত এখন পুতলা চৰকাৰ পাতি তাত জার্মান আধিপত্য স্থাপন কৰিছিল।

ইয়াৰ পিছত মে’ মাহৰ ২৮ তাৰিখে বেলজিয়ামৰ ৰজাই হিটলাৰৰ ওচৰত আত্মসমর্পণ কৰে। এই ঘটনাই মিত্ৰপক্ষৰ বাবে ভীষণ বিপদৰ সৃষ্টি কৰিছিল। মিত্রপক্ষই ২৮ মে’ৰ পৰা ৪ জুনৰ ভিতৰত যুদ্ধক্ষেত্ৰৰপৰা মুঠতে ৩,৩৮,০০০ – সৈনিক আঁতৰাই নিছিল।

হিটলাৰৰ হাতত পৰাস্ত হোৱাৰ পিছত নৰৱে বেলজিয়াম আৰু হলেণ্ডৰ পূৰ্বৰ প্ৰতিষ্ঠিত চৰকাৰৰ মুৰব্বীসকলে ইংলেণ্ডলৈ পলায়ণ কৰে আৰু লণ্ডনলৈ গৈ নিজ নিজ দেশৰ বাবে একোখন নির্বাসিত চৰকাৰ গঠন কৰে।

জার্মানীৰ বিৰুদ্ধে পোলেণ্ড, নৰবে, বেলজিয়াম আৰু হলেণ্ডত মিত্র শক্তি জোঁট তথা ইংলেণ্ড আৰু ফালৰ পৰাজয়ে ইংলেণ্ডত এক ৰাজনৈতিক পৰিৱৰ্তন সংঘটিত কৰায়। সেই সময়ত ইংলেণ্ডৰ প্রধানমন্ত্রী নিউবিল ছেম্বাৰলেইন ক্ষমতাৰ পৰা অপসাৰিত হয় আৰু তেওঁৰ  ঠাইত ১৯৪০ চনৰ ১০ মে’ত ৰক্ষণশীল দলৰ নেতা উইনষ্টন ছার্চিলক সংযুক্ত মন্ত্রীসভাৰ প্রধানমন্ত্রী আৰু শ্ৰমিক দলৰ নেতা ক্লিমেণ্ট এটীক উপ-প্রধানমন্ত্রী ৰূপে নিযুক্তি দিয়া হয়। উইনস্টন ছার্চিলে দ্বিতীয় বিশ্বযুদ্ধত কঠোৰ পৰিশ্ৰম কৰি মিত্ৰপক্ষৰ বিজয় সুনিশ্চিত কৰিছিল।

21. দ্বিতীয় বিশ্বযুদ্ধত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধত দেশসমূহ অর্থনৈতিকভাৱে অত্যন্ত ক্ষতিগ্রস্থ হৈছিল।

ঐতিহাসিক কার্লটন হেইজে দেখুৱাইছে যে অকল আমেৰিকা যুক্তৰাষ্ট্ৰৰে এই যুদ্ধত খৰচ হৈছিল ৩৫০ বিলিয়ন ডলাৰ। অন্যান্য দেশসমূহৰ এচ হৈছিল মঠতে ১০০০ বিলিয়ন ডলাৰ আৰু সা-সম্পত্তিৰ ধ্বংসৰ তাই মাধ্যমত হোৱা ক্ষতিৰ পৰিমাণ আছিল ১০০০ বিলিয়ন ডলাৰ।

এই যুদ্ধত প্রায় ২২ মিলিয়ন লোক নিহত আৰু প্ৰায় ৩৪ মিলিয়ন লোক আহত হৈছিল। তদুপৰি যুদ্ধৰ বাবে সমগ্র বিশ্বতে প্রায় ২০ মিলিয়ন সাধাৰ লোক নিহত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই হিৰচিমা আৰু নাগাছাকিত আণবিক বোমা নিক্ষেপ কৰাৰ ফলত প্রায় ৩,২০,০০০ লোক নিহত হৈছিল।

যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে বোমা নিক্ষেপ কৰাৰ ফলত গোটেই বিশ্বতে নিহত হোৱা সাধাৰণ নাগৰিকৰ পৰিমাণ আছিল ১৫,০০,০০০ জন। এই যুদ্ধত ব্যাপক হাৰত সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনাৰপৰা যুদ্ধৰত দেশবিলাকৰ লোকসকল কিমান বর্বর্তালৈ নামি গৈছিল আৰু মানুহে মানুহৰ ওপৰত কিমান নিৰ্মম অত্যাচাৰ চলাইছিল তাক অনুমান কৰিব পাৰি।

22. ৰাষ্ট্রসংঘই মীমাংসা কৰা চাৰিটা গুৰুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় বিবাদ লিখা।

উত্তৰঃ ৰাষ্ট্রসংঘই মীমাংসা কৰা চাৰিটা গুৰুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় বিবাদ হ’ল:

মতাদৰ্শগত পাৰ্থক্য: এখন দেশৰ ভিতৰৰ বিভিন্ন গোট বা দলৰ মাজত বিৰোধী বিশ্বাস, মতাদৰ্শ বা ৰাজনৈতিক দৃষ্টিভংগীয়ে আভ্যন্তৰীণ বিবাদৰ সৃষ্টি কৰিব পাৰে।

জাতিগত বা ধৰ্মীয় উত্তেজনা: জাতি, ধৰ্ম বা সাংস্কৃতিক পৰিচয়ৰ ওপৰত ভিত্তি কৰি হোৱা পাৰ্থক্যই আভ্যন্তৰীণ সংঘাতত অৰিহণা যোগাব পাৰে যেতিয়া এই বিভাজনবোৰ প্ৰতিযোগিতা বা বৈষম্যৰ উৎস হৈ পৰে।

আৰ্থ-সামাজিক বৈষম্য: অৰ্থনৈতিক বৈষম্য, সম্পদৰ অসমান বিতৰণ, দৰিদ্ৰতা, আৰু সুযোগৰ অভাৱে অভিযোগৰ সৃষ্টি কৰিব পাৰে আৰু আভ্যন্তৰীণ বিবাদৰ ইন্ধন যোগাব পাৰে।

ৰাজনৈতিক ক্ষমতাৰ সংগ্ৰাম: ৰাজনৈতিক ক্ষমতাৰ বাবে প্ৰতিদ্বন্দ্বিতা বা চৰকাৰী প্ৰতিষ্ঠানৰ ওপৰত নিয়ন্ত্ৰণৰ ফলত আভ্যন্তৰীণ বিবাদৰ সৃষ্টি হ’ব পাৰে, বিশেষকৈ এনে ক্ষেত্ৰত য’ত ৰাজনৈতিক ব্যৱস্থা অস্থিৰ বা দুৰ্নীতিৰ প্ৰৱণতা থাকে।

23. পেলেষ্টাইন মুক্তি সংগঠনৰ সম্পর্কে লিখা।

উত্তৰঃ ইজৰায়েল ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ প্ৰতিবাদত পেলেষ্টাইন ৰাষ্ট্র পুনঃ প্রতিষ্ঠাৰ উদ্দেশ্যে পেলেষ্টাইন মুক্তি সংগ্রাম নামে এক ৰাজনৈতিক সংগঠন গটি উঠিছিল। ১৯৬৪ চনৰ মে’ মাহত জৰ্দানত পেলেষ্টাইন মুক্তি সংগঠনটোৰ জন্ম হয়। ইজৰায়েল ৰাষ্ট্র সৃষ্টি কৰাৰ পাছৰেপৰা পেলেষ্টাইন আৰু অন্যান্য চুবুৰীয়া দেশৰ লোকে পুনৰ এখন পেলেষ্টাইন ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ উদ্দেশ্যে প্রায় চাৰি দশক জুৰি অহৰহ সংগ্রাম কৰিছিল। পেলেষ্টাইন মুক্তি সংগঠনৰ নেতৃত্ব দিছিল ইয়াছেৰ আৰাফাট নামৰ এগৰাকী নেতাই। পেলেষ্টাইন মুক্তি সংগঠনে উদ্দেশ্যত উপনীত হ’বলৈ কূটনৈতিকভাৱে বিশ্বৰ জনগতৰ সমৰ্থন পাবলৈ চেষ্টা কৰিছিল। আৰম্ভণিতে এই সংগঠনটোৰ ওপৰত ছিৰিয়াৰ আলফাটাহ গোটটোৰ টিটোৰ আধিপত্য আছিল। ইয়াৰ উপৰিও এই সংগঠনৰ সৈতে জড়িত আন উগ্রপন্থী গোটসমূহ হৈছে পেলেষ্টাইনৰ মুক্তি ফ্রন্ট, ব্লেক ছেপ্তেম্বৰ আদি। বিশ্বৰ বিভিন্ন ঠাইত সংঘটিত হোৱা কূটাঘাতমূলক কার্যত এই সংগঠন জড়িত থকা বুলি সন্দেহ কৰা হৈছিল। 

জর্দানত গৃহ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত পেলেষ্টাইন মুক্তি সংগঠনৰ গৰিলা যোদ্ধাসকল আঁতৰি চিৰিয়া আৰু লেবানন দেশত সোমাইছিল। পেলেষ্টাইন মুক্তি সংগঠনৰ উপস্থিতিৰ বাবে ছিৰিয়া, লেবানন আদি দেশৰ ওপৰত ইজবায়েলে প্রায় আক্রমণ চলাইছিল। ১৯৭৪ চনত পেলেষ্টাইন মুক্তি সংগঠনৰ প্রধান কার্যালয় আলজেৰিয়াৰ ৰাজধানী আলজিয়াছলৈ স্থানান্তবিত কৰিছিল। সেই সময়ৰেপৰা ৰাষ্ট্ৰসংঘই এই সংগঠনটোক ৰাষ্ট্রসংঘত স্থায়ী পর্যবেক্ষকৰূপে স্বীকৃতি দিছিল।

24. নাটো’ৰ চাৰিখন সদস্য ৰাষ্ট্রৰ নাম লিখা।

উত্তৰঃ নাটো’ৰ চাৰিখন সদস্য ৰাষ্ট্রৰ নাম হ’ল — বেলজিয়াম, বুলগেৰিয়া, কানাডা আৰু ডেনমাৰ্ক।

25. ট্রুমেন নীতিৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ ট্ৰুমেন মতবাদ হৈছে আমেৰিকাৰ বৈদেশিক নীতি যিয়ে আমেৰিকাৰ “স্বৈৰাচাৰী ভাবুকিৰ বিৰুদ্ধে গণতন্ত্ৰৰ প্ৰতি সমৰ্থন”ৰ প্ৰতিশ্ৰুতি দিয়ে। শীতল যুদ্ধৰ সময়ত ছোভিয়েট ব্লকৰ বৃদ্ধি প্ৰতিহত কৰাৰ প্ৰধান লক্ষ্যৰে এই মতবাদৰ উৎপত্তি হৈছিল। ১৯৪৭ চনৰ ১২ মাৰ্চত ৰাষ্ট্ৰপতি হেৰী এছ ট্ৰুমেনে কংগ্ৰেছৰ আগত ঘোষণা কৰে আৰু ১৯৪৮ চনৰ ৪ জুলাইত গ্ৰীচত কমিউনিষ্ট বিদ্ৰোহ আৰু তুৰস্কৰ পৰা ছোভিয়েট দাবীৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দি ইয়াৰ অধিক বিকাশ ঘটে। অধিক সাধাৰণভাৱে ক’বলৈ গ’লে ট্ৰুমেন মতবাদৰ অৰ্থ আছিল মস্কোৰ ভাবুকিৰ সন্মুখীন হোৱা অন্যান্য জাতিসমূহৰ প্ৰতি আমেৰিকাৰ সমৰ্থন। ইয়াৰ ফলত ১৯৪৯ চনত নাটো গঠন হয়।১৯৪৭ চনৰ ১২ মাৰ্চত কংগ্ৰেছৰ আগত ট্ৰুমেনৰ ভাষণক ইতিহাসবিদসকলে প্ৰায়ে ব্যৱহাৰ কৰি শীতল যুদ্ধৰ আৰম্ভণিৰ তাৰিখ নিৰ্ণয় কৰে।

ট্ৰুমেনে কংগ্ৰেছক কয় যে “সশস্ত্ৰ সংখ্যালঘু বা বাহিৰৰ হেঁচাত (আমেৰিকাৰ বাহিৰে) বশ কৰাৰ চেষ্টাক প্ৰতিহত কৰা মুক্ত জনগোষ্ঠীক সমৰ্থন কৰাটো আমেৰিকাৰ নীতি হ’ব লাগিব।” ট্ৰুমেনে দাবী কৰিছিল যে যিহেতু সৰ্বাত্মক শাসন ব্যৱস্থাই মুক্ত জনগোষ্ঠীক জোৰ-জবৰদস্তি কৰিছিল, সেয়েহে ই স্বয়ংক্ৰিয়ভাৱে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। ট্ৰুমেনে যুক্তি দিছিল যে যদিহে গ্ৰীচ আৰু তুৰস্কই এই সাহায্য লাভ নকৰে তেন্তে তেওঁলোক অনিবাৰ্যভাৱে আমেৰিকাৰ প্ৰভাৱৰ ক্ষেত্ৰৰ পৰা ওলাই আহি কমিউনিষ্ট গোটত পৰিব আৰু ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত ভয়াৱহ পৰিণতি হ’ব।

ট্ৰুমেন মতবাদক অনানুষ্ঠানিকভাৱে সম্প্ৰসাৰিত কৰি সমগ্ৰ ইউৰোপ আৰু সমগ্ৰ বিশ্বতে আমেৰিকাৰ শীতল যুদ্ধ নীতিৰ ভিত্তি হিচাপে পৰিগণিত কৰা হৈছিল। ই কূটনীতিবিদ জৰ্জ কেনানে পোষকতা কৰা অনুসৰি যুদ্ধকালীন মিত্ৰতাৰ পৰা ছোভিয়েট সম্প্ৰসাৰণ নিয়ন্ত্ৰণলৈ ছোভিয়েট ইউনিয়নৰ প্ৰতি আমেৰিকাৰ নীতি স্থানান্তৰিত কৰে। পূব ইউৰোপত পূৰ্বৰ ছোভিয়েট অধিগ্ৰহণক অন্তৰ্নিহিতভাৱে সহ্য কৰি ইয়াক ৰোলবেকৰ পৰা পৃথক কৰা হৈছিল।

26. সাম্রাজ্যবাদ বিকাশৰ কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ সাম্ৰাজ্যবাদৰ বিকাশৰ কাৰণ তলত উল্লেখ কৰা হৈছে —

অৰ্থনৈতিক কাৰণঃ আংশিকভাৱে সাম্ৰাজ্যবাদ আছিল ঔদ্যোগিক বিপ্লৱৰ পৰিণতি। উৎপাদন আৰু সম্পদ বৃদ্ধিৰ সন্মুখীন হৈ উপনিবেশসমূহ মহানগৰসমূহৰ বাবে লাভজনক বজাৰত পৰিণত হৈছিল য’ত তেওঁলোকে শুল্ক মাচুল নিদিয়াকৈয়ে নিজৰ উৎপাদন বিক্ৰী কৰিব পাৰিছিল। ৰেলপথ আৰু বন্দৰৰ দৰে ৰাজহুৱা কাম-কাজ নিৰ্মাণৰ জৰিয়তে তেওঁলোকে নিজৰ মূলধন বিনিয়োগ কৰিব পৰা ঠাইও আছিল। ইয়াৰ উপৰিও মহানগৰসমূহে প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ সেই ভূখণ্ডসমূহক উপনিবেশিকৰণ কৰিছিল, যিবোৰে তেওঁলোকৰ উদ্যোগৰ বাবে সস্তা কেঁচামালৰ ব্যৱস্থা কৰিছিল।

জনগাঁথনিগত কাৰণ: পশ্চিমীয়া দেশসমূহত ১৯ শতিকাত জনসংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছিল। লাখ লাখ ইউৰোপীয়ই নতুন সুযোগ বিচাৰি উপনিবেশসমূহলৈ প্ৰব্ৰজন কৰিছিল। ইয়াৰ ফলত মহানগৰসমূহত নিবনুৱা সমস্যা আৰু সামাজিক অশান্তিৰ সমস্যা কমি আহিল। পৰিবহণ (ভাপ জাহাজ, ৰেল)ৰ উন্নতিৰ ফলত যাত্ৰা সহজ হৈ পৰিছিল।

ধৰ্মীয় কাৰণঃ সাম্ৰাজ্যবাদক বহু ক্ষেত্ৰত ন্যায্যতা প্ৰদান কৰা হৈছিল নিজৰ ধৰ্ম ৰক্ষা কৰা জনগোষ্ঠীসমূহক খ্ৰীষ্টানীকৰণ কৰাৰ ইচ্ছাৰ বাবে। কেথলিক আৰু প্ৰটেষ্টেণ্ট গীৰ্জাৰ মিছনেৰী কামৰ গুৰুত্ব আছিল অতিশয়: এছিয়া, আফ্ৰিকা আৰু ওচেনিয়াত মিছন প্ৰতিষ্ঠা কৰা হৈছিল।

ৰাজনৈতিক কাৰণ: ক্ষমতাসমূহে কিছুমান বিশেষ স্থান দখল কৰিছিল যিবোৰ গুৰুত্বপূৰ্ণ সাগৰীয় আৰু স্থলপথ নিয়ন্ত্ৰণৰ বাবে কৌশলগত আছিল। উদাহৰণস্বৰূপে যুক্তৰাজ্যই ইউৰোপ আৰু ভাৰতৰ মাজৰ পথসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ইজিপ্তত আধিপত্য বিস্তাৰ কৰাটো অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰিছিল। ভূখণ্ড সম্প্ৰসাৰণেও বিশ্বৰ এখন দেশৰ প্ৰতিপত্তি বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ মাজত জাতীয় গৌৰৱ শক্তিশালী কৰাৰ কাম কৰিছিল।

মতাদৰ্শগত কাৰণ: বগা জাতিৰ শ্ৰেষ্ঠত্বৰ অনুভৱ আৰু তেওঁলোকে পিছপৰা বুলি গণ্য কৰা জনগোষ্ঠীসমূহক সভ্য কৰাৰ আদৰ্শইও ঔপনিৱেশিক সম্প্ৰসাৰণৰ সূচনা কৰিছিল। পশ্চিমীয়া দেশত ১৯ শতিকাৰ সময়ছোৱাত বৰ্ণবাদী মতাদৰ্শ অতি শক্তিশালী আছিল। পশ্চিমীয়াসকলে নিশ্চিত আছিল যে বগা জাতিটো শ্ৰেষ্ঠ আৰু ইয়াৰ ফলত তেওঁলোকে আন জনগোষ্ঠীক আধিপত্য বিস্তাৰ কৰাৰ অধিকাৰ লাভ কৰে, যাক তেওঁলোকে হীন বুলি বিশ্বাস কৰে।

বৈজ্ঞানিক কাৰণঃ বৈজ্ঞানিক কৌতুহলেও বিজয়ৰ গতি বৃদ্ধিত অৰিহণা যোগাইছিল। যুক্তৰাজ্য, ফ্ৰান্স, আমেৰিকা আৰু জাৰ্মানীত ভৌগোলিক সমাজৰ সৃষ্টি হৈছিল যিয়ে গ্ৰহটোৰ চাৰিওফালে বৈজ্ঞানিক অভিযান চলাইছিল। এবাৰ কোনো ভূখণ্ড অন্বেষণ কৰি লোৱাৰ পিছত যিখন দেশে এই অভিযান আয়োজন কৰিছিল, সেইখন দেশক জয় আৰু শোষণ কৰাৰ অধিকাৰ আছিল।

27. প্রথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণ সম্পর্কে চমু বর্ণনা দিয়া।

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণসমূহ তলত আলোচনা কৰা হৈছে —

(ক) সাম্রাজ্যবাদী দেশসমূহৰ মাজৰ প্রতিদ্বন্দ্বিতা। 

(খ) ইউপোৰত ৰাজনৈতিক ঘটনাৱালী। 

(গ) সামৰিক চুক্তি সম্পাদন। 

(ঘ) ইউৰোপ মহাদেশৰ সামৰিকসংঘর্ষ।

ইউৰোপত প্রথম ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ উৎপত্তি হৈছিল। এই সাম্রাজ্যবাদী দেশসমূহৰ মাজত সৃষ্টি হোৱা তীব্র প্রতিদ্বন্দ্বিতা আৰু অৰিয়াঅঁৰিৰ ফলতেই প্রথম বিশ্বযুদ্ধৰ সৃষ্টি হৈছিল।

সাম্রাজ্যবাদী দেশসমূহৰ অগ্রাসী মনোভাৱ তথা পৰৰাজ্য গ্ৰাসৰ প্ৰৱণতা, পৰস্পৰৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা আৰু একাধিক বিবদমান দেশত সামৰিক শক্তি বৃদ্ধি আৰু সেই দিশত গঢ়ি উঠা সামৰিক প্রতিদ্বন্দ্বিতা, একাধিক সমধর্মী ৰাষ্ট্ৰৰ মাজত গঢ়ি উঠা গোপন ৰাজনৈতিক সামৰিক চুক্তি আৰু সেই প্রক্রিয়াই ৰাষ্ট্ৰসমূহৰ  মাজত সৃষ্টি কৰা সন্দেহ আৰু অবিশ্বাস আৰু অনিশ্চয়তা, জাতীয়তাবাদী মতাদর্শ আৰু অৱদমিত আৰু নিপীড়িত ক্ষুদ্র ক্ষুদ্র জাতি-সত্বাসমূহৰ মাজত জাতি ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰৱণতা, তাৰ ফলত সৃষ্টি হোৱা উগ্র জাতীয়তাবাদৰ সম্প্ৰসাৰণ আদিয়েই প্রথম বিশ্বযুদ্ধৰ কাৰণ আছিল বুলি ক’ব পাৰি।

সেই সময়ত ইউৰোপ মহাদেশৰ ইংলেণ্ড, ফ্রান্স, ইটালী, জার্মানী, ৰাচিয়া, বেলজিয়াম, পটুগাল আদি দেশ পৰস্পৰৰ মাজত সংঘর্ষ আৰু প্রতিদ্বন্দ্বিতাত লিপ্ত হৈ পৰিছিল। আনহাতে এচিয়া, আফ্রিকা, লেটিন আমেৰিকা, অষ্ট্রেলিয়া আদি মহাদেশৰ বিভিন্ন দেশত নিজ নিজ উপনিৱেশ গঢ়ি তোলাৰ প্রচেষ্টা অব্যাহত আছিল। ইউৰোপৰ শক্তিসমূহৰ এই ঘটনাপ্রৱাহৰ লগত ক্রমান্বয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানো জড়িত হৈ পৰিছিল। অর্থাৎ উপনিৱেশ তথা ঔপনিৱেশিক স্বাৰ্থক কেন্দ্ৰ কৰি পৃথিবীৰ বিভিন্ন ঠাইত পুঁজিবাদী দেশসমূহৰ মাজত ঔপনিৱেশিক সংঘর্ষ তথা প্রতিদ্বন্দ্বিতা অব্যাহত আছিল। ঊনবিংশ শতিকাৰ শেষৰফালে এই প্রতিদ্বন্দ্বিতাই শীর্ষ বিন্দু পাইছিলগৈ।

প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ কেই বছৰমান আগৰেপৰাই ইউৰোপত বৃহৎ শক্তিসমূহৰ মাজত কেইবাটাও গোপন সামৰিক চুক্তি স্বাক্ষৰিত হৈছিল। জার্মানীৰ প্রধানমন্ত্রী বিচমার্কে জার্মানক জাতি ৰাষ্ট্রৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাত এখনৰ পিছত এখনকৈ কেইবাখনো সামৰিক চুক্তিত স্বাক্ষৰ কৰিছিল। ১৮৭৩ চনত ‘ত্রি-সম্রাট মৈত্রী সংঘ’ৰ দ্বাৰা তেওঁ জার্মানী, ৰাচিয়া আৰু অষ্ট্ৰিয়াৰ সম্ৰাটসকলক একেখন চুক্তিৰ গণ্ডীলৈ আনিছিল। ১৮৭৫ চনত জার্মানীয়ে ফ্রান্স আক্রমণ কৰিব বুলি গুজব ওলোৱাত আৰু ৰাচিয়াই ফ্রান্সক সহায় কৰিব বুলি কোৱাত বিচমার্কে ১৮৭৯ চনত আষ্ট্ৰিয়াৰ সৈতে আষ্ট্রো জার্মান দ্বিপাক্ষিক চুক্তি গঢ়ি তোলে। ইয়াৰ পিছত বুলগেৰিয়াক কেন্দ্ৰ কৰি অষ্ট্ৰিয়া আৰু ৰাচিয়াৰ মাজত দেখা দিয়া সংঘৰ্ষৰ সময়ত বিচমাৰ্কে ৰাচিয়াৰ পক্ষ লোৱাত অস্ট্রিয়া অসন্তুষ্ট হয় আৰু ত্ৰি-সম্ৰাটৰ মৈত্রী সংঘ সম্পূর্ণরূপে ভাঙি পৰে। বিচমার্কে এইবাৰ ১৮৮৭ চনত ৰাচিয়াৰ সৈতে বি- ইঞ্চিওৰেঞ্চ চুক্তি সম্পাদন কৰি ৰুচ জার্মান সম্পর্ক অটুট ৰখাৰ ব্যৱস্থা কৰে। ইয়াৰ পিচত সুচতুৰ বিচমার্কে ইটালীৰ লগত সম্পর্ক স্থাপন কৰে আৰু ইটালীক আষ্ট্রো জার্মান দ্বিপাক্ষিক চুক্তিৰ সদস্যভূক্ত হ’বলৈ আহ্বান জনায়। ১৮৮২ চনত ইটালী উক্ত চুক্তিৰ সদস্যভূক্ত হৈ পৰে।

28. হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।

উত্তৰঃ হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্যসমূহ হ’ল —

(i) ১৯৯৩ চনত তেওঁ জাৰ্মানীক লীগ অৱ নেচনৰ পৰা আঁতৰাই আনে।

(ii) ১৯৩৮ চনত তেওঁ ‘এটা জনগোষ্ঠী, এটা সাম্ৰাজ্য আৰু এজন নেতা’ শ্লোগানেৰে অষ্ট্ৰিয়া আৰু জাৰ্মানীক একত্ৰিত কৰে।

(iii) তাৰ পিছত তেওঁ চেকোস্লোভাকিয়াৰ পৰা আৰু পিছলৈ সমগ্ৰ দেশখন জাৰ্মানভাষী চুডেটেনলেণ্ড দখল কৰে।

29. আফ্রিকা মহাদেশত সূচনা হোৱা মুক্তি আন্দোলনৰ ঐতিহাসিক পটভূমি সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আফ্রিকা মহাদেশৰ দেশসমূহৰ স্বাধীনতা তথা মুক্তি আন্দোলন আছিল ঔপনিৱেশিকতাবাদী আৰু সাম্রাজ্যবাদী শোষণ-নির্যাতনৰ প্ৰতিবাদৰূপে গঢ়ি উঠা গণ বিক্ষোভৰ স্বাভাৱিক পৰিণতি। প্রথম আৰু দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা বহুতো ঘটনা-পৰিঘটনা, ঝ5 দেশত সংঘটিত হোৱা অক্টোৱৰ বিপ্লৱ আৰু মার্কসবাদৰ প্রতি জনসাধাৰণৰ আকৰ্ষণ, পশ্চিমীয়া দেশসমূহত চলি থকা গণতান্ত্রিক শাসন পদ্ধতি, ব্যক্তি স্বাধীনতা, নাগবিক অধিকাৰ আদিয়ে বিশ্বযুদ্ধ সমাপ্তিৰ পাছৰেপৰা আফ্ৰিকাৰ বিভিন্ন দেশৰ মানুহৰ ওপৰত সদর্থক প্রভাৱ পেলাইছিল। বিংশ শতাব্দীৰ আৰম্ভণিতে ৰাজনৈতিক স্বাধীনতা আন্দোলনৰ পোহৰেৰে আফ্রিকা আলোকিত হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধ ঔপনিৱেশিকতাবাদ আৰু সাম্র্যবাদৰ দ্বাৰা পদানত দেশসমূহৰ বাবে আশীর্বাদস্বৰূপ আছিল। তাৰোপৰি ইউৰোপত বিকাশ লাভ কৰা জাতীয়তাবাদী মতাদর্শ আৰু জাতি ৰাষ্ট্ৰৰ আৰ্হিত বিশ্বৰ বিভিন্ন দেশত জাতীয়তাবাদী আন্দোলন সাম্রাজ্যবাদৰ শত্ৰুৰূপে দেখা দিছিল আৰু একে সময়তে আফ্ৰিকাৰ দেশসমূহতো এই প্রক্রিয়া চলিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ আফ্ৰিকাৰ দেশসমূহত পৰিছিল আৰু আফ্ৰিকাৰ অধিকাংশ দেশৰ স্বাধীনতা সংগ্রামীসকলে ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলৰ আদর্শকে সৰোগত কৰি যাত্ৰাপথত অগ্ৰসৰ হৈছিল। আফ্ৰিকাৰ শিক্ষিত লোকসকলে পোনতে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দি তাক আগুৱাই নিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আদর্শ আৰু শিক্ষা আফ্ৰিকাৰ সংগ্ৰামী লোকৰ পাথেয় আছিল। দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যবাদী শ্বেতাংগ শাসকসকলৰ বিৰুদ্ধে আপোচহীন সংগ্ৰামৰ নেতা নেলছন মেণ্ডেলা মহাত্মা গান্ধীব হিংসাবৰ্জিত ৰাজনৈতিক আন্দোলনৰ আদৰ্শৰ দ্বাৰা সততে অনুপ্রাণিত আৰু পৰিচালিত হৈছিল।

আফ্রিকা মহাদেশৰ দেশসমূহত স্বাধীনতা আন্দোলনৰ মূল চালিকা শক্তি আছিল শ্বেতাংগ লোকসকলে কৃষ্ণাংগসকলৰ বিৰুদ্ধে প্ৰৱৰ্তন কৰা বৰ্ণবৈষম্যবাদ। এই নীতিয়ে বিভিন্ন দেশব লোকসকলক স্বাধীনতাৰ বাবে আগ্রহী কৰি তুলিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কেইবছৰমানৰ ভিতৰতে ১৯৫১ চনত আফ্ৰিকাৰ লিবিয়াই স্বাধীনতা লাভ কৰিছিল আৰু ইয়ে আফ্ৰিকাৰ অন্যান্য দেশসমূহক স্বাধীনতা প্রাপ্তিৰ ক্ষেত্ৰত অনুপ্রেৰণা যোগাইছিল। মুঠৰ ওপৰত ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা মুক্তি সংগ্রামে আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ্ক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল আৰু সেয়ে আফ্ৰিকাৰ প্ৰায়বোৰ দেশে ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ পৰা মুক্ত হ’বলৈ আপ্রাণ চেষ্টা চলাইছিল। ১৯৬০ৰ দশকটোতে আফ্ৰিকাৰ অধিকাংশ দেশে স্বাধীনতা লাভ কৰি ঔপনিৱেশিক শোষণৰপৰা মুক্তি পাইছিল।

30. ভাৰতৰ লগত পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজন হােৱাৰ ফলত পাকিস্তান এখন নতুন ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠিত হয়। ভাৰত – পাকিস্তানৰ সম্পৰ্ক আৰম্ভণিৰে পৰা মধুৰ নহয়। ইয়াৰ প্রধান বিষয় হৈছে কাশ্মীৰ। কাশ্মীৰ প্ৰসংগটো আনকি ৰাষ্ট্ৰসংঘটো উত্থাপিত হৈছিল। ১৯৬০ চনত বহু চেষ্টাৰ ফলত দুয়ােখন দেশৰ মাজত সিন্ধুজল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্রমণ কৰিছিল। ১৯৭২ চনত দুয়ােখন দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল। আৰু দুয়ােখন দেশৰ সম্পর্ক উন্নত কৰাত চুক্তিখনে সহায় কৰিছিল। ১৯৮৮ চনত বেনজিৰ ভুট্টো পাকিস্তান প্রধানমন্ত্রী হােৱাত দুয়ােখন দেশৰ সম্পর্ক উন্নত হয়। ১৯৯৯ চনত সকলোেবােৰ প্রচেষ্টা ব্যর্থ হয় আৰু কার্গিল যুদ্ধ সংঘটিত হয়। বর্তমান সময়তাে দুয়ােখন দেশৰ সম্পর্ক কোনাে প্রকাৰে উন্নত হােৱা নাই।

পূবৰ্তে একত্ৰিত হৈ থকা ভাৰত আৰু পাকিস্তানত অৰ্থাৎ হিন্দুস্হানত বৃটিছে বিভাজন আৰু শাসন নীতিৰ জৰিয়তে হিন্দু আৰু মুছলমান মানুহৰ মাজত মনত সন্দেহ আৰু শত্ৰুতাৰ বীজ ৰোপন কৰি পৰস্পৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল ফলত দুই ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ মাজত বিভাজন হৈ সংখ্যাগৰিষ্ঠ মুছলমান লোক একত্ৰিত হৈ গঠন কৰে পাকিস্তানৰ আৰু সংখৎাগৰিষ্ঠ লোক একত্ৰিত হৈ গঠন কৰে হিন্দুস্হান বা ভাৰতৰ আৰু পৰস্পৰে পৰস্পৰৰ শত্ৰু হৈ পৰে। বৰ্তমান দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ নিৰাময় কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্হাপন কৰিবলৈ দুই ৰাষ্ট্ৰই আগুৱাই আহি যদিও চেষ্টা কৰিছে তথাপি দুই ৰাষ্ট্ৰৰ মাজত সন্দেহ আৰু সংঘাতৰ এতিয়াও অন্ত পৰা নাই। সাম্প্ৰতিক কালতো দুই ৰাষ্ট্ৰৰ মাজত কাশ্মীৰক লৈ, সীমান্তক লৈ, সন্ত্ৰাসবাদী কাৰ্য-কলাপক লৈ সংঘাতৰ উদ্ভৱ হৈয়ে থাকে। তদুপৰি ভাৰত-পাকিস্তানৰ মাজত পানী ভাগ-বতৰাক লৈ আৰু চাৰ ক্ৰীকত থকা ৰাণ আৰু কচ্চ সীমাক লৈও অনৈক্যতা আৰু সংঘাত আছে। কিন্ত ইমানবোৰ সংঘাত থকাৰ পিছতো দুই দেশৰ চৰকাৰে এই সংঘাত সমূহ নিৰ্মূল কৰিবলৈ চেষ্টা নকৰাকৈ থকা নাই। কম বেছি পৰিমাণে সফলো হৈছে। 

১৯৯৮ চনত ভাৰতে আণৱিক বিস্ফোৰণ পোখৰাণত পৰীক্ষা কৰে। পাকিস্তানে এইটো কথা গুৰুত্ব সহকাৰে লৈ কেইদিনমানৰ ভিতৰত চাগাই পাহাৰত আণৱিক পৰীক্ষা সম্পাদন কৰে।তেতিয়াৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সম্বন্ধ স্থাপন কৰা হয় আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজত যুদ্ধৰ সম্ভাৱনা হ্ৰাস পায়। কিন্ত দুই দেশৰ মাজত সন্দেহ আৰু সংঘাতৰ অন্ত হোৱা নাই। ভাৰতে অভিযোগ উশ্থাপিত কৰি আহিছে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে, পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে।

নাইবা

ভাৰতৰ লগত বাংলাদেশৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰত বাংলাদেশ সম্পৰ্ক দুয়োটা জাতিৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁলোকৰ অৰ্থনীতি, ৰাজনীতি, সংস্কৃতি আৰু সামাজিক দিশত ই উল্লেখযোগ্য ভূমিকা পালন কৰে। বাংলাদেশক এক সুকীয়া আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া প্ৰথমটো জাতি ভাৰত আছিল আৰু ১৯৭১ চনৰ ডিচেম্বৰ মাহত বাংলাদেশ স্বাধীনতা লাভ কৰাৰ লগে লগে দুয়োটা জাতিয়ে কূটনৈতিক সম্পৰ্ক গঢ়ি তুলিছিল।বাংলাদেশ আৰু ভাৰত সভ্য, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক পৰ্যায়ত সংযুক্ত। বহু কথাই দুয়োটা জাতিক বান্ধি ৰাখিছে, য’ত আছে তেওঁলোকৰ ভাগ- বতৰা কৰা ইতিহাস, সাংস্কৃতিক ঐতিহ্য, সংগীত, সাহিত্য আৰু কলাৰ প্ৰতি থকা আত্মীয়তা।

ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ ইতিহাস জটিল আৰু বহুমুখী। দুয়োখন দেশৰ দীঘলীয়া সীমা আৰু চহকী সাংস্কৃতিক ঐতিহ্য আছে। অৱশ্যে বিবাদ আৰু মতানৈক্যৰ ক্ষেত্ৰতো তেওঁলোকৰ অংশ আছে।

ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক প্ৰাচীন কালৰ পৰাই আৰম্ভ হৈছে। যুগ যুগ ধৰি এই দুয়োটা অঞ্চলৰ মাজত বাণিজ্য, সংস্কৃতি আৰু ধৰ্মৰ যোগেদি ঘনিষ্ঠ সম্পৰ্ক আছে। ১৮ শতিকাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ নিয়ন্ত্ৰণ লয়। ১৯৪৭ চনত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰালৈকে এই অঞ্চল দুটা ব্ৰিটিছৰ শাসনৰ অধীনত আছিল।

১৯৭১ চনলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল যেতিয়া ই ৰক্তাক্ত যুদ্ধত স্বাধীনতা লাভ কৰিছিল। বাংলাদেশৰ মুক্তিযুদ্ধত ভাৰতে মূল ভূমিকা পালন কৰিছিল। ই সামৰিক আৰু কূটনৈতিক সহায় আগবঢ়াইছিল। স্বাধীনতাৰ পিছৰে পৰা ভাৰত আৰু বাংলাদেশৰ মাজত ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে। অৱশ্যে সম্পৰ্কত বহু প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ইয়াৰ ভিতৰত সীমান্ত বিবাদ, পানীৰ ভাগ-বতৰা, বাণিজ্যিক সমস্যা আদিও অন্তৰ্ভুক্ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top