Concepts and Debates in Political Theory Unit 3 ন্যায়, অধিকাৰ, লিংগ

Concepts and Debates in Political Theory Unit 3 ন্যায়, অধিকাৰ, লিংগ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Concepts and Debates in Political Theory Unit 3 ন্যায়, অধিকাৰ, লিংগ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Concepts and Debates in Political Theory Unit 3 ন্যায়, অধিকাৰ, লিংগ Question Answer can be of great value to excel in the examination.

Concepts and Debates in Political Theory Unit 3 ন্যায়, অধিকাৰ, লিংগ

Join Telegram channel

Concepts and Debates in Political Theory Unit 3 ন্যায়, অধিকাৰ, লিংগ Notes cover all the exercise questions in UGC Syllabus. Concepts and Debates in Political Theory Unit 3 ন্যায়, অধিকাৰ, লিংগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ন্যায়, অধিকাৰ, লিংগ

অতি চমু প্রশ্নোত্তৰঃ

১। আইন শব্দটো কোন লেগৰ পৰা লোৱা হৈছে?

উত্তৰঃ টিউটনিক শব্দ।

২। আন্তর্জাতিক আইন কাক বোলে?

উত্তৰঃ যিবোৰ আইনে ৰাষ্ট্ৰসমূহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক নিৰ্দ্ধাৰণ কৰে তাক আন্তর্জাতিক আইন বোলা হয়।

৩। আইন স্বতন্ত্রতা বিৰোধী নেকি?

উত্তৰঃ নহয়।

8। বিশ্বজনীন অধিকাৰৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্র।

৫। জীৱনৰ অধিকাৰ এটা প্রাকৃতিক অধিকাৰ হয়নে? 

উত্তৰঃ হয়।

৬। কিমান চনত সার্বজনীন মানৱ অধিকাৰৰ ঘোষণাপত্ৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হৈছিল?

উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত।

৭। এটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা। 

উত্তৰঃ ভোট দিয়াৰ অধিকাৰ।

৮। জৈৱিক লিংগ আৰু কৃত্রিম লিংগ একেই নে?

উত্তৰঃ নহয়।

৯। জৈৱিক লিংগ বুলিলে কি বুজা?

উত্তৰঃ জৈৱিক লিংগ প্রাকৃতিক। ই জীৱ দেহৰ লগত জড়িত। ইয়াক প্রাকৃতিকভাৱে পৰিৱৰ্তন কৰিব নোৱাৰি।

১০। কৃত্রিম লিংগ বুলিলে কি বুজা?

উত্তৰঃ কৃত্ৰিম লিংগ অপ্রাকৃতিক। ই সামাজিক সাংস্কৃতিক দিশৰ লগত জড়িত। ইয়াক পৰিৱৰ্তন কৰিব পাৰি।

১১। গ্রীক দার্শনিক প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ ভেঁটি কি আছিল?

উত্তৰঃ ন্যায়।

১২। প্লেটোৰ মতে, আদর্শ ৰাষ্ট্ৰ এখনত কি কি চাৰিটা গুণ থাকিব লাগে?

 উত্তৰঃ (ক) ৰাষ্ট্ৰৰ জ্ঞান।

(খ) সাহস।

(গ) আত্মনিয়ন্ত্রণ।

(ঘ) ন্যায়।

১৩। প্লেটোৰ মতে মানুহৰ মনত কোন তিনিটা প্রবৃত্তি বিদ্যামান হৈ থাকে? 

উত্তৰঃ (ক) জ্ঞান।

(খ) সাহস।

(গ) ক্ষুধা।

১৪। গ্রীক দার্শনিক প্লেটোৰ ন্যায়ৰ ধাৰণাক কি কি দুটা ভাগত ভাগ কৰিব পাৰি? 

উত্তৰঃ (ক) সামাজিক ন্যায়।

(খ) ব্যক্তিগত ন্যায়।

১৫। ন্যায়ৰ বিতৰণমূলক ধাৰণাটো কোনে দিছিল? 

উত্তৰঃ এৰিষ্ট’টলে।

১৬। গ্রীক দার্শনিক প্লেটোয়ে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ Republic.

১৭। ‘Politics’ নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ এৰিষ্ট’টল।

১৮। ‘Liberty’ শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ লেটিন শব্দ Liber ৰ পৰা ইয়াৰ অৰ্থ হ’ল স্বাধীনতা বা স্বতন্ত্রতা।

১৯। অধ্যাপক লাস্কিয়ে স্বতন্ত্রতাক কি দুটা ভাগত ভাগ কৰিছে?

উত্তৰঃ (ক) সকাৰাত্মক বা ইতিবাচক স্বতন্ত্রতা।

(খ) নকাৰাত্মক বা নেতিবাচক স্বতন্ত্রতা।

২০। ন্যায়ৰ ক্ষেত্ৰত মিলে মানুহৰ কামবোৰক কি দুটা ভাগত ভাগ কৰিছে?

উত্তৰঃ (ক) নিজৰ লগত কাম।

(খ) আনৰ লগত জড়িত কাম।

২১। “নিজৰ ওপৰত, নিজৰ মন আৰু শৰীৰ ওপৰত ব্যক্তিয়ে হৈছে সার্বভৌম।” কথাষাৰ কাৰ?

উত্তৰঃ জে. এচ. মিলৰ।

২২। “Liberty is a opposite of Government” কোনে কৈছিল? 

উত্তৰঃ অধ্যাপক চিলীয়ে।

২৩। আদর্শবাদী চিন্তাবিদ দুগৰাকীৰ উদাহৰণ দিয়া।

উত্তৰঃ (ক) কাপ্ট। আৰু

(খ) গ্রীণ।

২৪। স্বতন্ত্ৰতাৰ ধাৰণাৰ প্ৰধান পৃষ্ঠপোষক হিচাপে কাক অভিহিত কৰা হয়?

উত্তৰঃ জে. এচ. মিলক।

২৫। স্বতন্ত্ৰতাৰ নকাৰাত্মক ধাৰণাৰ সমৰ্থক কেইজনৰ উদাহৰণ দিয়া।

উত্তৰঃ হ’বচ, ল’ক, স্মিথ, বেন্থাম আৰু মিল।

২৬। স্বতন্ত্ৰতাৰ সকাৰাত্মক ধাৰণাটোৰ প্ৰধান সমৰ্থক কেইজনৰ নাম লিখা।

উত্তৰঃ গ্রীণ, মিল ইত্যাদি।

২৭। স্বতন্ত্রতাক মূলতে কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ স্বতন্ত্ৰতাৰ মূল ভাগবোৰ হ’ল-

(ক) প্রাকৃতিক স্বতন্ত্রতা।

(খ) ব্যক্তিগত স্বতন্ত্রতা।

(গ) ৰাজনৈতিক স্বতন্ত্রতা।

(ঘ) অর্থনৈতিক স্বতন্ত্রতা।

(ঙ) জাতীয় স্বতন্ত্রতা।

২৮। “সমতা আৰু স্বতন্ত্রতা দুটা বিপৰীতধর্মী”- কোনে কৈছিল?

উত্তৰঃ ডি টক’ভিল আৰু লৰ্ড এক্টনে।

২৯। “On Liberty” গ্রন্থখন কোনে লিখিছিল?

উত্তৰঃ জে. এচ. মিলে।

৩০। মিলে “On Liberty” গ্রন্থখন কেতিয়া লিখিছিল? 

উত্তৰঃ ১৮৫৯ চনত।

৩১। “A Grammer of Politics” কাৰ ৰচনা?

উত্তৰঃ অধ্যাপক লাস্কিৰ।

৩২। “Liberty in modern State” কোনে লিখিছিল?

উত্তৰঃ লাস্কিয়ে।

৩৩। লাস্কিৰ স্বতন্ত্ৰতাৰ ভাগ দুটা কি কি?

উত্তৰঃ (ক) ব্যক্তিগত স্বতন্ত্রতা।

 (খ) ৰাজনৈতিক স্বতন্ত্রতা।

 (গ) অর্থনৈতিক স্বতন্ত্রতা।

৩৪। “Authority in modern state” কাৰ ৰচনা?

উত্তৰঃ লাস্কিৰ।

৩৫। স্বতন্ত্রতা ৰক্ষাৰ চৰ্তসমূহ কি কি লিখা।

উত্তৰঃ স্বতন্ত্ৰতা ৰক্ষাৰ চৰ্তসমূহ হ’ল-

(ক) স্বাধীন ন্যায়পালিকা।

(খ) স্বায়ত্ত শাসন ব্যৱস্থা।

(গ) স্বাধীন মনোবৃত্তি।

(ঘ) ভোটাধিকাৰ ব্যৱস্থা।

(ঙ) ক্ষমতাৰ বিকেন্দ্ৰীকৰণ।

(চ) সংবিধানত বিচাৰযোগ্য অধিকাৰ।

(ছ) আইনৰ শাসন।

(জ) চিৰ সজাগতা।

৩৬। অধিকাৰৰ শ্ৰেণী বিভাজন উল্লেখ কৰা।

উত্তৰঃ অধিকাৰৰ শ্ৰেণী বিভাজনবোৰ হ’ল-

(ক) প্রাকৃতিক অধিকাৰ।

(খ) নৈতিক অধিকাৰ।

(গ) বৈধিক অধিকাৰ।

৩৭। পৌৰ অধিকাৰৰ উদাহৰণ দিয়া।

উত্তৰঃ পৌৰ অধিকাৰৰ উদাহৰণবোৰ হ’ল-

(ক) জীৱনৰ অধিকাৰ।

(খ) আত্মৰক্ষাৰ অধিকাৰ।

(গ) পৰিয়ালৰ অধিকাৰ।

(ঘ) বাক্ স্বাধীনতা অধিকাৰ।

(ঙ) মত প্ৰকাশৰ অধিকাৰ।

(চ) শিক্ষাৰ অধিকাৰ।

(ছ) ধৰ্ম, কৰ্মৰ অধিকাৰ ইত্যাদি।

৩৮। ৰাজনৈতিক অধিকাৰৰ কেইটামান উদাহৰণ দিয়া। 

উত্তৰঃ ৰাজনৈতিক অধিকাৰৰ উদাহৰণবোৰ হ’ল-

(ক) ভোটদানৰ অধিকাৰ।

(খ) নির্বাচিত হোৱাৰ অধিকাৰ।

(গ) চাকৰি লাভৰ অধিকাৰ।

(ঘ) আবেদন কৰাৰ অধিকাৰ।

(ঙ) সমালোচনা কৰাৰ অধিকাৰ।

(চ) প্ৰতিৰোধৰ অধিকাৰ।

৩৯। অর্থনৈতিক অধিকাৰৰ উদাহৰণ দিয়া।

উত্তৰঃ অর্থনৈতিক অধিকাৰৰ উদাহৰণবোৰ হ’ল-

(ক) কামৰ অধিকাৰ।

(খ) উপযুক্ত মজুৰিৰ অধিকাৰ।

(গ) বিশ্রাম আৰু জিৰণিৰ অধিকাৰ।

৪০। অধিকাৰ সংৰক্ষণৰ উপায়সমূহ কি কি?

 উত্তৰঃ অধিকাৰ সংৰক্ষণৰ উপায়সমূহ হ’ল-

(ক) সংবিধানৰ জৰিয়তে।

(খ) আইনৰ শাসনৰ জৰিয়তে।

(গ) ক্ষমতাৰ পৃথকীকৰণ জৰিয়তে।

(ঘ) শক্তিশালী জনমতৰ জৰিয়তে।

(ঙ) ৰাজনৈতিক চেতনাৰ জৰিয়তে।

(চ) স্বাধীন ন্যায়পালিকাৰ জৰিয়তে।

৪১। কাক প্রাকৃতিক অধিকাৰ তত্ত্বৰ প্ৰধান পৃষ্ঠপোষক হিচাপে অভিহিত কৰা হয়? 

উত্তৰঃ জন ল’কক।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। ৰলচৰ বিতৰণমূলক ন্যায় তত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ মার্কিন দার্শনিক জন ৰলচ্ আধুনিক যুগৰ এক বিশিষ্ট ৰাষ্ট্রবিজ্ঞানী হিচাপে সুপৰিচিত। ১৯৬৭ চনত Distributing Justice ৰ মাধ্যমত ৰ’লচৰ ন্যায় ধাৰণাৰ পুনৰীক্ষণমূলক সংশোধিত বক্তব্যৰ পৰিচয় পোৱা যায় আৰু ১৯৭১ চনত প্রকাশিত “A Theory of Justice” শীর্ষক গ্রন্থখনত ৰলচ্ ন্যায় সম্পৰ্কিত মতবাদৰ বিস্তাৰিত আৰু পৰিপূৰ্ণ পৰিচয় পোৱা যায়।

ৰলচে তেওঁৰ “A Theory of Justice” শীর্ষক গ্রন্থখনত সমকালীন পৰিস্থিতি পৰিমণ্ডলৰ পৰিপ্ৰেক্ষিতত উদ্ভূত চাহিদা অনুসৰি প্রতিক্রিয়া প্রকাশ কৰিছিল। উদাহৰণস্বৰূপে কৃষ্ণঙ্গ স্বাধীনতা আন্দোলন, ভিয়েতনামৰ যুদ্ধ বিৰোধী আন্দোলন, সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সমান অধিকাৰৰ আন্দোলন, দৰিদ্ৰ দূৰীকৰণৰ বাবে বৃহৎ সমাজ আৰু কর্মসূচী ইত্যাদি। তেওঁৰ মতে প্রাথমিক বিষয়াদিৰ ন্যায্য বিতৰণক সুনিশ্চিত কৰাৰ মাজতেই ন্যায়ৰ সমস্যা অন্তর্নিহিত হৈ আছে। প্রাথমিক সুবিধাসমূহৰ মাজত উল্লেখযোগ্য হ’ল অধিকাৰ আৰু স্বাধীনতাসমূহ, বিভিন্ন ক্ষমতা আৰু সুযোগ, আয় আৰু সম্পদ, আত্মসন্মানৰ উপায়সমূহ ইত্যাদি। তেওঁৰ অভিমত অনুসৰি ব্যক্তিবর্গৰ এটি অংশৰ হাতত সম্পদ সঞ্চয় অধিক মাত্রাত হ’লে সমাজত ঈৰ্ষাৰ সৃষ্টি হয়। তেওঁৰ মতে, মানুহৰ প্ৰাথমিক প্রয়োজনীয় বস্তুসমূহৰ সমাজত ৰাষ্ট্ৰৰ দ্বাৰা সমভাবে বিতৰণ পানি কৰা আৱশ্যক। তেওঁৰ মতে, অসীম বিতৰণ কেতিয়াবা সমাজৰ বাবে সুবিধাজনক হ’ব পাৰে। তেওঁ স্বাধীনতা, সাম্য আৰু ভ্ৰাতৃত্ববোধৰ মাজৰ সম্পৰ্কৰ পুনৰ ব্যাখ্যা বিশ্লেষণ কৰিছিল।

২। পদ্ধতিগত ন্যায় কাক বোলা হয়?

উত্তৰঃ পদ্ধতিগত ন্যায় হৈছে এক সুবিধাৰ নাইবা ন্যায্যতা হিচাপে ন্যায় যিটোৱে সম্পদৰ সমবিতৰণ আৰু সংঘাতৰ আশা নিৰাময় কৰি তোলে। এই পদ্ধতিগত ন্যায় প্রশাসন ন্যায় আৰু বৈধিক ন্যায়ৰ লগত জড়িত। এই পদ্ধতিগত ন্যায়ে প্রধানতে ন্যায্যতা আৰু স্বচ্ছতাৰ পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়ে য’ত আলোচনাসমূহ কৰা হয় কিছুমান বিতৰণমূলক ন্যায়ৰ জৰিয়তে। এই পদ্ধতিগত ন্যায়ে বিশ্বাস কৰে যে ন্যায্য পদ্ধতিয়ে কিছুমান সমানতা আনে সমাজত যাৰ জৰিয়তে তাত থকা ব্যক্তিসকলে সকলোৰে লগত সহায় সহযোগিতাৰে আগবাঢ়ি যাব পাৰে। সেয়েহে এইবিধ ন্যায়গত পদ্ধতিয়ে সংঘাত নিৰাময়ৰ বাবে সমাজত ন্যায্যতাৰ ন্যায় বিচাৰ কৰে।

৩। ৰল‘চৰ সুবিচাৰ নাইবা ন্যায্যতা ন্যায়ৰ বক্তব্যটো বর্ণনা কৰা।

উত্তৰঃ জন ৰ’লচৰ মতে ন্যায় প্রাকৃতিক নাইবা স্বাভাৱিক আইন নহয় অর্থাৎ সেয়া যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়। ন্যায় হ’ল ন্যায্য পদ্ধতিৰ মাধ্যমত বাখ্যা বিতৰণ অর্থাৎ তেওঁৰ মতে ন্যায় হ’ল সুবিচাৰ নাইবা ন্যায্যতা। তেওঁৰ মতে সকলো মানুহ সমান নহয়। জ্ঞানৰ বিচাৰতো সমান নহয়, সকলোৱে সমান অৱস্থাত বসবাস কৰে। ইয়াৰ মাজত বহুত অৱ গুণ্ঠিত অজ্ঞতাৰ অৱস্থাত অৱস্থিত। তেওঁৰ মতে সমাজৰ আটাইতকৈ কম সুবিধাবাদী সদস্যসকলৰ প্ৰতি সতর্ক দৃষ্টি দিয়া উচিত আৰু সেয়া হ’ল ন্যায়ৰ দাবী। লগতে সমাজৰ সকলোৰে মাজত সুযোগ আৰু সুবিধা বিতৰণ কৰিব লাগিব। এই বিতৰণ সম্পাদিত কামত আনুপাতিক নহ’বও পাৰে কিন্তু বিচার্য বিষয় হ’ল সমাজৰ সৰ্বাধিক দুৰ্বল ব্যক্তিজনেও যেন লাভবান হ’ব পাৰে।

8। ঋণাত্মক অধিকাৰ আৰু ধনাত্মক অধিকাৰ বুলিলে কি বুজা?

উত্তৰঃ ঋণাত্মক অধিকাৰ হৈছে সেইসমূহ অধিকাৰ য’ত এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ অধিকাৰ ভংগ কৰিব নোৱাৰে। এই অধিকাৰসমূহ সম অধিকাৰ য’ত সকলোৱে নিজৰ নিজৰ অধিকাৰসমূহ ভোগ কৰিব কোনো ধৰণৰ বাধা নোহোৱাকে। সেয়েহে ক’ব পাৰি যে ঋণাত্মক অধিকাৰসমূহ থকা মানে সেই ব্যক্তিজন সকলো ফালৰ পৰাই মুক্ত নিজে বিচৰা কাম কৰিবৰ বাবে। ইয়াত আন কোনো ব্যক্তিৰ হস্তক্ষেপ নাথাকে। উদাহৰণস্বৰূপে, নাগৰিক অধিকাৰ বা পৌৰ অধিকাৰ যেনে- কথা কোৱাৰ অধিকাৰ, জীৱনৰ অধিকাৰ, নিজস্ব সম্পত্তিৰ অধিকাৰ, ধৰ্মৰ অধিকাৰ ইত্যাদি।

ধনাত্মক অধিকাৰ হৈছে এনে কিছুমান কর্ম যি এটা কৰ্ম থকাৰ ফলত আন এটা ভোগ কৰিব পাৰি। এই অধিকাৰৰ মতে এজন মানুহে তেওঁ যিখিনি প্রাপ্য সেইখিনিহে ভোগ কৰিব। ইয়াত অধিকাৰৰ সমানতা বুলি কোৱা নাই। মানুহে যিমানখিনি অধিকাৰ ভোগ কৰাৰ ক্ষমতা আছে সেইখিনিহে ভোগ কৰিব। সকলো মানুহৰ ক্ষেত্ৰত ইয়াৰ ভিন্নতা দেখা পোৱা যায়। ১৯৭৯ চনত এই ধনাত্মক অধিকাৰ প্ৰথমে প্রকাশ কৰা হৈছিল। উদাহৰণস্বৰূপে, পৌৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ যেনে আৰক্ষী বাহিনীৰ নাগৰিকৰ বাবে থকা সুৰক্ষা লগতে সম্পত্তিৰ সুৰক্ষা, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ যেনে খাদ্য, বাসস্থান, সার্বজনীন শিক্ষা, চাকৰি, ৰাষ্ট্ৰীয় সুৰক্ষা, সেনাবাহিনী, চিকিৎসা কেন্দ্র, সামাজিক সুৰক্ষা ইত্যাদি। এই ধনাত্মক অধিকাৰসমূহ দ্বিতীয় আৰু তৃতীয় প্রজন্মত অহা অধিকাৰ।

৫। অধিকাৰৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা।

উত্তৰঃ অধিকাৰৰ বিভিন্ন প্রকাৰসমূহ তলত আলোচনা কৰা হ’ল-

(ক) নাগৰিক অধিকাৰ বা পৌৰ অধিকাৰঃ সামাজিক প্রাণী হিচাপে জ্ঞান বোধসম্পন্ন তথা ভাল বেয়া বিচাৰ কৰাৰ সামৰ্থ্য থকা মানৱ প্ৰাণীয়ে উচ্চ পৰ্যায়ৰ জীৱন নিৰ্বাহৰ বাবে শিক্ষা, সংস্কৃতি, ভাষা, সাহিত্য, নৃত্য, গীত আদি চর্চাৰ জৰিয়তে পূর্ণতা লাভৰ আকাংশা কৰে। তেনেবোৰ আকাংশা পূৰণৰ বাবে প্রয়োজনীয় অধিকাৰক পৌৰ অধিকাৰ বোলা হয়। নাগৰিকৰ অধিকাৰ অবিহনে ৰাজনৈতিক অধিকাৰো মূল্যহীন হয়।

কেইবিধ নাগৰিক অধিকাৰ হ’ল-

(১) জীৱনৰ অধিকাৰঃ জীৱনৰ অধিকাৰে জীয়াই থকাৰ অধিকাৰক বুজায়। এই অধিকাৰ অবিহনে আন অধিকাৰৰ গুৰুত্ব নাথাকে। জীৱনৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্য কিছুমান দেশে আত্মহত্যাৰ চেষ্টা কৰা লোকক শাস্তি দিয়ে। আনক হত্যা কৰাৰ অপৰাধত আজীৱন কাৰাদণ্ড দিয়াৰ ব্যৱস্থা আছে।

(২) আত্মৰক্ষাৰ অধিকাৰঃ ভাৰতীয় দণ্ডবিধিয়ে এইবিধ অধিকাৰক স্বীকৃতি দিছে। আনৰ আক্ৰমণৰ ফলত কোনো ব্যক্তিৰ জীৱন বিপদাপন্ন হ’লে তেনে ব্যক্তিয়ে আত্মৰক্ষাৰ কাৰণে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব পাৰে। আত্মৰক্ষাৰ কাৰণে শক্তি প্রয়োগক সমর্থন কৰিব পাৰি নে নোৱাৰি সেই বিষয়ত দেশৰ আইন আৰু আদালতে সিদ্ধান্ত গ্রহণ কৰে।

(৩) পৰিয়ালৰ অধিকাৰঃ প্রত্যেক ব্যক্তিৰে পৰিয়াল গঠনৰ অধিকাৰ থাকিব লাগে। অর্থাৎ প্রত্যেক ব্যক্তিৰে বৈবাহিক সম্পর্ক স্থাপনৰ অধিকাৰ থাকিব লাগে।

(৪) বাক্ স্বাধীনতা আৰু মতপ্ৰকাশৰ অধিকাৰঃ এই অধিকাৰ অবিহনে ব্যক্তিয়ে দেশ আৰু সমাজ কল্যাণৰ কাৰণে কোনো ধৰণৰ বৰঙণি যোগাব নোৱাৰে। এই অধিকাৰৰ অবিহনে ব্যক্তিৰ ব্যক্তিত্ব প্রকাশ আৰু প্রতিভা বিকাশ কৰাটো সম্ভৱ নহয়।

(৫) সম্পত্তিৰ অধিকাৰঃ মানুহৰ ব্যক্তিত্ব প্রকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে যিবোৰ সুযোগ-সুবিধাৰ প্ৰয়োজন, সেইবোৰৰ ভিতৰত সম্পত্তি হৈছে অন্যতম। সেয়েহে প্রত্যেক ব্যক্তিৰ সম্পত্তি লাভৰ অধিকাৰ থকা উচিত।

(৬) শিক্ষাৰ অধিকাৰঃ উপযুক্ত অবিহনে আন আন অধিকাৰ সাব্যস্ত কৰাত ভালেখিনি অসুবিধাৰ সৃষ্টি হয়। শিক্ষাই মানুহৰ প্ৰতিভা বিকাশত সহায় কৰে আৰু ইয়ে মানুহৰ চিন্তাশক্তি বঢ়ায় আৰু মানুহে নিজৰ বিচাৰ-বুদ্ধি মতে কাম কৰিবলৈ শিকে।

(খ) ৰাজনৈতিক অধিকাৰঃ যিবোৰ অধিকাৰৰ জৰিয়তে দেশৰ নাগৰিকে প্রত্যক্ষ বা পৰোক্ষভাৱে দেশৰ ৰাজনৈতিক প্রক্রিয়াত অংশ গ্রহণ কৰাৰ সুবিধা পায়, তেনে অধিকাৰক ৰাজনৈতিক অধিকাৰ বোলে। তলত আলোচনা কৰা হ’ল-

(১) ভোটদানৰ অধিকাৰঃ প্রত্যেকজন প্রাপ্তবয়স্ক নাগৰিকৰে স্থানীয় নিকায়, বিধানসভা আৰু কেন্দ্রীয় বিধানসভাৰ সদস্য নিৰ্বানচৰ বিষয়ত ভোদটান কৰাৰ অধিকাৰ থকা উচিত। কোন দলে জনসাধাৰণৰ ওপৰত শাসন চলোৱা উচিত, ভোটদানৰ অধিকাৰৰ জৰিয়তে সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়।

(২) নির্বাচিত হোৱাৰ অধিকাৰঃ ভোটাধিকাৰৰ লগতে বিধানমণ্ডলৰ সদস্য নির্বাচিত হোৱাৰ অধিকাৰো থকা উচিত। অর্থাৎ ৰাজনৈতিক অধিকাৰৰ লগতে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰো নাগৰিকসকলৰ থকা উচিত। এই অধিকাৰৰ অবিহনে ভোটদানৰ অধিকাৰৰ মূল্য নাথাকে।

(৩) চাকৰি লাভৰ অধিকাৰ নির্দিষ্ট বয়সত অর্হতাসম্পন্ন সকলো নাগৰিকৰে চাকৰি লাভৰ কাৰণে দৰ্খাস্ত কৰাৰ অধিকাৰ থকা উচিত। নাগৰিকসকলৰ মাজৰ পৰাই দেশৰ ৰাষ্ট্ৰ প্রধান, মন্ত্রীসভাৰ সদস্য আৰু আন চৰকাৰী কৰ্মচাৰী নিয়োগ কৰা হয়।

(৪) আবেদন কৰাৰ অধিকাৰঃ জনসাধাৰণৰ অভাৱ, অভিযোগবোৰ কর্তৃপক্ষক জনোৱাৰ কাৰণে নাগৰিকসকলৰ আবেদন কৰাৰ অধিকাৰ থকা উচিত।

(৫) প্ৰতিৰোধৰ অধিকাৰঃ নাগৰিকসকলৰ যদি বিশ্বাস হয় যে চৰকাৰী নীতিয়ে জনসাধাৰণৰ অধিকাৰ খৰ্ব কৰে, তেতিয়াহ’লে তেনে নীতি বিৰোধিতা কৰাৰ অধিকাৰ নাগৰিকসকলৰ থকা উচিত।

(গ) সামাজিক অধিকাৰঃ মানুহ সমাজ প্রিয় জীৱ। সামাজিক মর্যদা লাভৰ বাবে প্রতিজন ব্যক্তিয়ে হেঁপাহ কৰে। জাতি, বর্ণ, ধর্ম আদি নির্বিশেষে সমাজত উপযুক্ত স্থান পোৱাৰ বাবে প্রয়োজনীয় অধিকাৰবিধক সামাজিক অধিকাৰ বোলা হয়। ৰাজহুৱা পানী যোগানৰ ব্যৱস্থাৰ পৰা খোৱা পানী সংগ্ৰহৰ অধিকাৰ। মন্দিৰত সকলোৰে সমান প্রবেশাধিকাৰ, ভোজনালয়ত সকলোৰে আহাৰ গ্ৰহণৰ সম-অধিকাৰ আদিক সামাজিক অধিকাৰ বুলি চিনাক্ত কৰা হয়।

(ঘ) আইনগত অধিকাৰঃ ব্যক্তি আৰু ব্যক্তি সমষ্টিৰ যিকোনো দাবী ৰাষ্ট্ৰৰ অনুমোদন লাভ কৰাৰ পিছতহে অধিকাৰত পৰিণত হয় আৰু সেই অধিকাৰবোৰ ৰাষ্ট্ৰৰ সংবিধান বা আইনৰ দ্বাৰা বলবৎ কৰা হয় বাবে এনে শ্রেণীৰ অধিকাৰক আইনগত অধিকাৰ বোলা হয়। এটা অর্থত যিকোনো এবিধ অধিকাৰকে এই শ্রেণীভুক্ত বুলি ধৰাৰ যুক্তি আছে। তথাপি জীৱনৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, ভোটদানৰ অধিকাৰ আদিক আইনগত অধিকাৰৰ উদাহৰণ বুলি উল্লেখ কৰিব পৰা যায়।

(৫) মানৱ অধিকাৰঃ প্রত্যেক সমাজতে প্ৰতিজন ব্যক্তিয়ে জন্মসূত্রে কেতবোৰ প্ৰাকৃতিক অধিকাৰ লাভ কৰে। এনে অধিকাৰসমূহ জাতি, ধর্ম, বর্ণ, গোষ্ঠী, আর্থ-সামাজিক আৰু ৰাজনৈতিক অৱস্থা নির্বিশেষে অলংঘনীয় বুলিব পাৰি। নাগৰিক সমাজত ব্যক্তিৰ মৰ্যদাৰ সৈতে জড়িত এনে অধিকাৰসমূহক সাধাৰণ অৰ্থত মানৱ অধিকাৰ হিচাপে গণ্য কৰা হয়। সকলো নাগৰিক সমাজৰ ক্ষেত্ৰত সার্বজনীন অথচ অবিনাশী এনে অধিকাৰসমূহ সমসাময়িক ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ এটি গুৰুত্বপূর্ণ ক্ষেত্র। আইনজ্ঞ আৰু দার্শনিকসকল এই ক্ষেত্রত একমত যে সমাজৰ প্ৰতিজন ব্যক্তিয়ে জন্মসূত্রে কেতবোৰ পৌৰ অধিকাৰ, পৌৰ স্বাধীনতা, সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ লাভ কৰে। এনে অধিকাৰসমূহ অপৰিহাৰ্য কাৰণ এনে অধিকাৰৰ পৰা ব্যক্তিক বঞ্চিত কৰাৰ ফলত মর্যদা হানি হোৱাটো অনিবার্য। দূর্গা দাস বাসুৰ মতে মানৱ অধিকাৰ বুলিলে তেনে কেতবোৰ ন্যূনতম অধিকাৰক বুজায় যিবোৰ প্রতিজন ব্যক্তিয়ে লাভ কৰিব লাগিব।

সেয়েহে মানৱ অধিকাৰ বুলিলে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু মৰ্যাদা ৰক্ষাৰ বাবে যিবোৰ অধিকাৰ অত্যাৱশকীয় তাকেই সামৰি লয়। এনে অধিকাৰসমূহ ব্যক্তিয়ে সকলো সমাজতে জন্মসূত্রে আহৰণ কৰে বিশেষকৈ জীয়াই থকাৰ অধিকাৰ, অন্নৰ অধিকাৰ আদি অধিকাৰসমূহ সাম্প্রতিক বিশ্বৰ বহু চৰ্চিত বিষয়। প্রত্যেক ৰাষ্ট্ৰৰ দেশীয় আইন আৰু আন্তৰাষ্ট্ৰীয় আইনে এনে অধিকাৰসমূহক অনিবাশী, অ-হস্তান্তৰযোগ্য আৰু অলংঘনীয় বুলি মান্যতা দিয়ে। দেশীয় আইনৰ উপৰিও আন্তৰাষ্ট্ৰীয় আইনসমূহে এনে অধিকাৰসমূহৰ যথাযথ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰে। 

প্রকৃতিগত দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে মানৱ অধিকাৰসমূহৰ কেতবোৰ সামঞ্জস্য আছে-

(ক) মানৱ অধিকাৰসমূহ সার্বজনীন, যি সকলো ব্যক্তিৰ ক্ষেত্ৰত জাত পাত, ধর্ম, গোষ্ঠী, ব্যক সমাজ ব্যৱস্থা নির্বিশেষে সমানে প্রযোজ্য।

(খ) এনে অধিকাৰসমূহ অলংঘনীয়, কাৰণ আইনগত ব্যৱস্থাৰ জৰিয়তে এইবোৰৰ যথাযত ৰূপায়নৰ ব্যৱস্থা কৰা হয়। 

(গ) কোনো ব্যক্তিকে মানৱ অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰি।

(ঘ) এনে অধিকাৰসমূহ অবিনশ্বৰ আৰু অ-হস্তান্তৰযোগ্য যিবোৰ ব্যক্তিয়ে জন্মসূত্রে লাভ কৰে। 

৬। বহু সংস্কৃতিবাদৰ লগত অধিকাৰৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ সাম্প্রতিককালত বহু সংস্কৃতিবাদৰ ধাৰণা আৰু অন্যান্য তত্ত্বসমূহ যাৰ লগত Multiculturalism ৰ সম্পৰ্ক আছে দিনে দিনে ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে। ইয়াৰ যোগেদি এটা কথা স্পষ্ট হৈ পৰিছে যে সংখ্যালঘু সম্প্রদায়, নৃ-গোষ্ঠীয় আদি লোকৰ আৱেগক গুৰুত্ব দিব লাগিব আৰু সমাজত কোনো প্ৰকাৰৰ বৈষম্য হ’ব নালাগিব। এই বহু সংস্কৃতিবাদৰ মাধ্যমত এওঁলোকক অর্থাৎ এই গোটবোৰক বিশেষ কিছুমান অধিকাৰ দিয়া হ’ব। সংখ্যালঘু, জাতি গোষ্ঠী, পিছপৰা সম্প্রদায়সকলৰ সংস্কৃতি ৰক্ষাৰ বাবে আইন প্রণয়নৰ মাধ্যমত তেওঁলোকৰ অধিকাৰক ৰক্ষাণাবেক্ষণ দিব লাগিব আৰু তেওঁলোকৰ মনত এনে ভাবৰ সৃষ্টি কৰিব লাগিব যেনে তেওঁলোকে নিজ নিজ সংস্কৃতি, কলা, ৰক্ষা কৰাৰ লগে লগে মূলধাৰাৰ লগত নির্ভিকভাৱে স্বকীয়তা বজায় ৰাখি সংযোগ স্থাপন কৰিব।

সংখ্যালঘু সম্প্রদায়ৰ বাবে তিনিবিধ বিশেষ অধিকাৰৰ কথা উল্লেখ কৰিছে। যেনে-

(ক) সাংস্কৃতিক অধিকাৰ।

(খ) স্বায়ত্ব শাসনৰ অধিকাৰ।

(গ) বিশেষ প্রতিনিধিত্বমূলক অধিকাৰ।

(ক) সাংস্কৃতিক অধিকাৰঃ বহু সংস্কৃতিবাদৰী মতে সমাজৰ সংখ্যালঘু সম্প্রদায়ৰ বাবে কিছুমান বিশেষ অধিকাৰৰ আৱশ্যকতা আছে কাৰণ এই বিশেষ অধিকাৰৰ যোগেদি অৱশ্যকতা ৰাজহুৱাভাৱে সংখ্যা গৰিষ্ঠসকলৰ সংস্কৃতিৰ লগত একত্রিত হ’ব পাৰিব। পশ্চিমীয়া গণতন্ত্রত, বিশেষ সাংস্কৃতিক অধিকাৰৰ বাবে দাবী কৰা হৈছে এই বুলি যে এই সংখ্যালঘু সম্প্রদায়ক নিজ সংস্কৃতি ৰক্ষাৰ বাবে দেশত প্রচলিত আইনৰ পৰা ৰেহাই দিয়া হয়। উদাহৰণস্বৰূপে, জনাজাত শিখ সম্প্রদায়ৰ দাবী আছিল তেওঁলোকে বাটত মটৰ চাইকেলত যোৱাৰ সময়ত হেলমেটৰ ব্যৱহাৰ নকৰিব আৰু কানাডা চৰকাৰে তেওঁলোকৰ এই দাবী মানি লৈছিল শিখ সম্প্রদায়ৰ প্রথাগত সংস্কৃতি ৰক্ষার্থে। এচিয় গোষ্ঠীৰ মহিলাসকলৰ দাবী আছিল এই মর্মে যে আৰোগ্য ভৱনত কৰ্মৰত অৱস্থাত তেওঁলোকে চৰকাৰী পোছাক পৰিধানৰ পৰিৱৰ্তে নিজ নিজ পোচাক পৰিধান কৰিহে কার্য সম্পাদন কৰিব আৰু তেওঁলোকৰ এই দাবী পূৰণ কৰা হৈছিল। এই দুয়োটা উদাহৰণৰ পৰা প্রমাণিত হয় যে, দেশৰ প্ৰচলিত আইনক মানিবলৈ গ’লে সংখ্যলঘু সম্প্ৰদায়ৰ সাংস্কৃতিক অধিকাৰক খৰ্ব কৰা হয় আৰু তেওঁলোকৰ সাংস্কৃতিক অধিকাৰক ৰক্ষণাবেক্ষণ দিবলৈ গ’লে প্রচলিত আইনক তেওঁলোকৰ বাবে বাধ্যবাধকতা কৰিব নালাগে আৰু তেওঁলোকৰ সাংস্কৃতিক অধিকাৰক বজায় ৰাখিব পাৰিব।

(খ) স্বায়ত্ব শাসনৰ অধিকাৰঃ বহুসংস্কৃতিবাদৰ, দ্বিতীয় পৰ্যায়ৰ বিশেষ অধিকাৰ হ’ল স্বায়ত্ব শাসন, এই স্বায়ত্ব শাসনৰ অধিকাৰৰ লগত সম্পর্ক আছে আঞ্চলিক দাবীৰ। স্বায়ত্ব শাসনৰ অধিকাৰ কেৱলমাত্ৰ এচাম বিশেষ গোষ্ঠীক দিয়া হয় যি গোষ্ঠী ঐতিহাসিকভাৱে এই অঞ্চলৰ লগত জড়িত। স্বায়ত্ব শাসনৰ অধিকাৰৰ যোগেদি এই জনগোষ্ঠীক ৰাজনৈতিক স্বায়ত্বতা প্রদান কৰা হয়, তেওঁলোকৰ নিজস্ব সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰাখিবৰ বাবে।

(গ) বিশেষ প্রতিনিধিত্বমূলক অধিকাৰঃ তৃতীয় পৰ্যায়ত সংখ্যালঘু সম্প্রদায়ৰ অধিকাৰৰ ক্ষেত্রত বিশেষ প্রতিনিধিত্বমূলক অধিকাৰৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। ইয়াৰ অৰ্থ হ’ল এই সংখ্যালঘু সম্প্রদায়ক ৰাজনৈতিক প্রক্রিয়াত অংশগ্ৰহণ কৰাৰ বাবে সুযোগ দিয়া উচিত। কাৰণ তেওঁলোকে নিজ নিজ দৃষ্টিভংগীৰ পৰা সুবিধা-অসুবিধাবোৰ নিজাববীয়াকৈ চালি-জাৰি সঠিকভাৱে দাবী উত্থাপন কৰিব পাৰিব আৰু নিজ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ব্যক্ত আগবঢ়াব পাৰিব। উদাহৰণস্বৰূপে, ভাৰতীয় সংবিধানত অনুসূচীত জাতি, উপজাতিক স্বীকৃতি প্রদান কৰা হৈছে।

৭। লিংগ বুলিলে কি বুজা যায়?

উত্তৰঃ লিংগ হৈছে সমাজৰ দ্বাৰা সৃষ্ট এক অপ্রাকৃতিক ধাৰণা, যিয়ে নাৰী আৰু পুৰুষৰ মাজত শ্ৰমৰ বিভাজন কৰে আৰু উভয়কে পৃথক দায়িত্ব, কার্য আৰু ভূমিকা প্রদান কৰে। লিংগ সম্পর্কে বিভিন্নজনে সময়ে সময়ে নিজৰ মতামত আগবঢ়াইছে। কমলা ভাচিনৰ মতে, “লিংগ হৈছে নাৰী আৰু পুৰুষৰ সামাজিক-সাংস্কৃতিক সংজ্ঞা, যাৰ জৰিয়তে সমাজত নাৰী আৰু পুৰুষৰ মাজত প্রভেদ নিৰ্ণয় কৰা হয় আৰু পৃথক পৃথক সামাজিক ভূমিকা প্রদান কৰা হয় ভাচিনৰ এই সংজ্ঞাটোৱে প্রকাশ কৰে যে লিংগ এক সামাজিকভাৱে গ্রহণ কৰা ধাৰণ বৈধিকভাৱে লিংগৰ ভিত্তিত নাৰী আৰু পুৰুষৰ মাজৰ সামাজিক ভূমিকাক পৃথকে পৃথকে বিভাজন কৰিব নোৱাৰি। গতিকে আন কথাত ক’বলৈ গ’লে লিংগ হৈছে সমাজৰ দ্বাৰা সৃষ্ট এক মনস্তাত্বিক ধাৰণা, যিয়ে নাৰী আৰু পুৰুষৰ মাজত শ্ৰমৰ বিভাজন আনে।

লিংগ ধাৰণাটো লিংগ সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে সম্প্ৰসাৰিত হয়। লিংগ সামাজিকীকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে নাৰী আৰু পুৰুষৰ সুকীয়া সুকীয়া দায়িত্ব, ভূমিকা, আচাৰ-ব্যৱহাৰ আদি এটা প্ৰজন্মৰ পৰা আন এটা প্রজন্মলৈ প্ৰৱাহিত হয় লিংগ ধাৰণাটোক বিশ্লেষণৰ এক আহিলাস্বৰূপে ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ লিংগক  সামাজিকভাৱে ৰাজনৈতিক বিশ্লেষণৰ এক উত্তম আহিল হিচাপেও গণ্য কৰা হয়। বিশ্লেষনৰ এক আহিলা হিচাপে লিংগ ধাৰণাটোৰ জৰিয়তে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত নাৰীৰ প্রকৃত স্থানটোক নিৰূপণ কৰিব পাৰি। 

৮। জৈৱিক লিংগ আৰু কৃত্রিম লিংগৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা। 

উত্তৰঃ জৈৱিক লিংগ আৰু কৃত্রিম লিংগৰ মাজত থকা পার্থক্যসমূহ হ’ল-

জৈৱিক লিংগকৃত্রিম লিংগ
(ক) জৈৱিক লিংগ প্রাকৃতিক।(ক) কৃত্রিম লিংগ অপ্রাকৃতিকঃ ই মানৱসৃষ্ট।
(খ) ই জীৱদেহৰ লগত জড়িত।(খ) ইসামাজিক-সাংস্কৃতিক দিশৰ লগত জড়িত
(গ) জৈৱিক লিংগ সকলোতে একে ৰূপতেই পোৱা যায়।(গ) কৃত্রিম লিংগ সকলোতে একে ৰূপতেই পোৱা নাযায়। ইস্থান, সময়, সংস্কৃতি, পৰিয়ালভেদে বেলেগ বেলেগ হ’ব পাৰে।
(ঘ) জৈৱিক লিংগক প্রাকৃতিকভাৱে পৰিৱৰ্তন কৰিব নোৱাৰি।(ঘ) কৃত্রিম লিংগক পৰিৱৰ্তন কৰিব পাৰি।

গতিকে ওপৰৰ আলোচনৰা পৰা দেখা পোৱা যায় যে, ‘sex’ আৰু ‘Gender’ এই শব্দ দুটা দেখাত একে যেন লাগিলেও দুয়োৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়।

৯। পুৰুষত্ব বুলিলে কি বুজা বর্ণনা কৰা।

উত্তৰঃ পুৰুষত্ব বুলিলে সাধাৰণতে পুৰুষ বা ল’ৰা মানুহৰ ব্যৱহাৰ, ভূমিকা আদিকে বুজা যায়। কিন্তু সমাজ গঠনৰ ফালে চালে ইয়াক পুৰুষৰ জৈৱিক লিংগৰ ভিতৰত পৰা দেখা নাযায়। বিভিন্ন ধৰণৰ ঐতিহাসিক আৰু সাংস্কৃতিক দিশৰ ফালৰ পৰা পুৰুষত্ব বিষয়টো বেলেগ বেলেগ ধৰণৰ হয়।

পৰম্পৰাগত দিশৰ পৰা আধুনিক সমাজত পুৰুষত্বক শক্তি, স্বাধীনতা, হিংসা, উৎসাহিত আৰু দৃঢ়তা সূচনা হিচাপে ধৰা হয়। পুৰুষত্বক সাধাৰণতে কিছুমান শক্তি আৰু দায়িত্বদায়ক বাখ্যা হিচাপে এখন সমাজৰ গ্ৰহণ কৰি লোৱা হৈছে।

এই পুৰুষত্ব বিষয়টো প্রথমে ১৯৪০ চনত উদ্ভৱ হৈছিল। সেই সময়ত মহিলাতকৈ পুৰুষসকলক বেছিকৈ গুৰুত্ব দিয়া হৈছিল। মহিলাৰ স্বাধীনতাৰ অৰ্থক বিশেষ যোগ্য দিয়া নাছিল। চৰকাৰী আৰু বেচৰকাৰী দুয়োটা সংস্থাতে পুৰুষ আৰু মহিলাৰ মাজত প্রভেদ থকা দেখা গৈছিল।

বিংশ শতিকাৰ পৰা আজিলৈঃ বিংশ শতিকাৰ প্ৰথম ভাগত পৰম্পৰাগত পৰিয়ালত পুৰুষসকলক উপাৰ্জনকাৰীৰ প্ৰধানস্থল আৰু মহিলাসকলক ঘৰৰ চাৰি বেৰত থকাটো বিচাৰিছিল। যদিও লাহে লাহে মহিলাসকলেও পুৰুষৰ লগতে বিভিন্ন ধৰণৰ শ্ৰম নিয়োগ কার্যত ভাগ লৈছিল কিন্তু শেষত সেই কৰ্মৰ বাবে পুৰুষসকলক মহিলাসকলোতকৈ সদায় ওপৰত ৰখা হৈছিল। সেয়েহে সেইটো সময়ত পুৰুষত্ব বিষয়টোৱে এইটোকে সূচাইছিল যে পুৰুষ এজনৰ অৰ্থনৈতিক উপাৰ্জন কৰাৰ শক্তি। সেই সময়ত পুৰুষত্ব বিষয়টো আছিল দোমলতাৰ অনুপস্থিতি, আবেগ অনুপস্থিতিৰে ভৰি থকা এজন শক্তিদায়ক ব্যক্তি যিটো এগৰাকী মহিলাৰ ক্ষেত্রত দেখা নাযায়। এই বিংশতম শতিকাৰ পৰা আজিলৈ এই পুৰুষত্বম বিষটো এক স্বাধীনতাসম্পন্ন লিংগভাৱে জিদ পূৰ্ণ ব্যক্তিৰ আচৰণকে জনা গৈছে।

সমালোচনাঃ

(ক) পুৰুষত্ব বিষয়টোৱে সমাজত অসমানতাৰ সৃষ্টি কৰিছে।

(খ) মহিলাৰ ওপৰত থকা স্বাধীনতাবাদী প্রশ্নটোত আঙুলিয়াব পাৰিছে।

(গ) এই বিষয়টো থকাৰ ফলস্বৰূপে মহিলাসকলৰ ওপৰত অত্যাচাৰৰ সৃষ্টি হৈছে।

(ঘ) এই পুৰুষত্ব বিষয়টোৱে সমাজ এখনত কিছুমান হিংসাদায়ক পৰিগণিত সৃষ্টি কৰিছে।

সেয়েহে ওপৰত আলোচনাৰ পৰা ইয়াকে দেখা গৈছে যে পুৰুষত্ব বিষয়টো বর্তমান সমাজত বর্তি আছে আৰু এই বিষয়টো নুই কৰি সকলোকে সমানে মর্যাদা দি এখন সমাজত আগবাঢ়ি যোৱাটোৱে প্রধানতম লক্ষ্য হোৱা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top