Concepts and Debates in Political Theory Unit 5 ৰাজনৈতিক সিদ্ধান্তত (তত্ত্বত) তর্ক

Concepts and Debates in Political Theory Unit 5 ৰাজনৈতিক সিদ্ধান্তত (তত্ত্বত) তর্ক, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Concepts and Debates in Political Theory Unit 5 ৰাজনৈতিক সিদ্ধান্তত (তত্ত্বত) তর্ক Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Concepts and Debates in Political Theory Unit 5 ৰাজনৈতিক সিদ্ধান্তত (তত্ত্বত) তর্ক Question Answer can be of great value to excel in the examination.

Concepts and Debates in Political Theory Unit 5 ৰাজনৈতিক সিদ্ধান্তত (তত্ত্বত) তর্ক

Join Telegram channel

Concepts and Debates in Political Theory Unit 5 ৰাজনৈতিক সিদ্ধান্তত (তত্ত্বত) তর্ক Notes cover all the exercise questions in UGC Syllabus. Concepts and Debates in Political Theory Unit 5 ৰাজনৈতিক সিদ্ধান্তত (তত্ত্বত) তর্ক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাজনৈতিক সিদ্ধান্তত (তত্ত্বত) তর্ক

অতি চমু প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰৰ উদ্ধত্ত মূল্য তত্ত্বটো কোনে দিছিল?

উত্তৰঃ কার্লমার্ক্সে।

২। কার্লমার্ক্সৰ মতে অন্তবর্তীকালীন ব্যৱস্থাটো কি হ’ব? 

উত্তৰঃ সৰ্বহাৰাৰ একনায়কত্ববাদ।

৩। “Communist Manifesto” কাৰ ৰচনা? 

উত্তৰঃ মার্ক্সৰ।

8। সর্বোদয়ৰ ধাৰণাটো কোনে দিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে।

৫। গান্ধীৰ সৰ্বদয়োৰ ধাৰণাটো লিখা।

উত্তৰঃ (ক) সকলোৰে মঙ্গল সাধন কৰা।

(খ) সকলোৰে প্ৰতি মৰম স্নেহ থাকিব লাগিব।

(গ) কোনেও কাকো দমন বা শোষণ কৰিব নোৱাৰে।

(ঘ) সকলোৱে নিজৰ পৰিশ্ৰমৰ ফল ভোগ কৰিব।

(ঙ) সকলোৱে সমাজত সমমৰ্য্যদা লাভ কৰিব।

৬। অহিংসা নীতিটো কোনে জনপ্রিয় কৰি তুলিছিল? 

উত্তৰঃ গান্ধীয়ে।

৭। গান্ধীজীৰ অহিংসা নীতিৰ মূলমন্ত্রকেইটা লিখা।

উত্তৰঃ গান্ধীজীৰ অহিংসা নীতিৰ মূলমন্ত্রকেইটা হ’ল-

(ক) কুচিন্তা নকৰা।

(খ) মিছা কথা নকবা।

(গ) কাকো হিংসা নকৰিবা।

(ঘ) আনৰ মনত আঘাত নিদিবা।

(ঙ) আনৰ বাবে প্রয়োজনীয় বস্তু নিজৰ হাতত নৰখা।

৮। জে. এচ. মিলে ৰাষ্ট্ৰৰ কৰ্মক কি দুটা ভাগত ভাগ কৰিছে?

উত্তৰঃ (ক) আত্মাৰ বাবে কৰ্ম।

(খ) আনৰ বাবে কর্ম।

৯। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ ভেটি কি আছিল?

উত্তৰঃ ন্যায়।

১০। বিতৰণমূলক ন্যায়ৰ ধাৰণাটো কোনে দিছিল?

উত্তৰঃ প্লেটোয়ে।

১১। ৰাজনৈতিক তত্ব মানে কি?

উত্তৰঃ সাধাৰণতে ৰাজনৈতিক দর্শন, মূল্যবোধৰ আলোচনাই হৈছে ৰাজনৈতিক তত্ত্ব।

১২। ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক চিন্তাধাৰ একেনে?

উত্তৰঃ ৰাজনৈতিক সংস্কৃতি সাধাৰণতে ৰাজনৈতিক চিন্তাধাৰাৰ পৰা পৃথক হোৱা দেখা যায়। যদিও ৰাজনৈতিক সংস্কৃতি দুজন ব্যক্তিৰ মাজত ভাগ-বতৰা কৰিব পৰা যায়। কিন্তু ৰাজনৈতিক চিন্তাধাৰাৰ ক্ষেত্ৰত দুজন ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়।

১৩। ৰাজনৈতিক তত্বৰ কিহৰ লগত জড়িত?

উত্তৰঃ ৰাজনৈতিক তত্ব সংবিধানৰ চিন্তাধাৰা আৰু নীতি চৰকাৰ আৰু সামাজিক জীৱনৰ লগত জড়িত। ৰাজনৈতিক তত্বই স্বাধীনতা, সমতা, ন্যায়, গণতন্ত্র, ধৰ্মনিৰপেক্ষ আদিৰ লগত জড়িত।

১৪। আমি ৰাজনৈতিক তত্ব কিয় পঢ়া উচিত?

উত্তৰঃ বিভিন্ন কাৰণত আমি ৰাজনৈতিক তত্ব পঢ়া উচিত যদিও সাধাৰণতে ৰাজনীতিৰ লগত জড়িত আদর্শবোৰৰ বিষয়ে জানিবলৈ ৰাজনৈতিক তত্ব পঢ়া বিশেষ জৰুৰী।

১৫। ৰাজনৈতিক তত্বৰ প্রকৃতি কি?

উত্তৰঃ ৰাজনৈতিক তত্বৰ প্রকৃতি হ’ল-

(ক) ৰাজনৈতিক তত্বই ৰাষ্ট্রক এক সামাজিক সংগঠন হিচাপে গণ্য কৰে। সেইবাবে ৰাজনৈতিক তত্বই সমাজৰ সৈতে ৰাষ্ট্ৰৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে।

(খ) ৰাজনৈতিক তত্বত পর্যবেক্ষণ, বিশ্লেষণ, সংগৃহীত তথ্য, পৰিসংখ্যা আদি পদ্ধতিৰ সহায়ত সাধাৰণ বিধি ৰচনা আৰু সিদ্ধান্ত গ্রহণ কৰা হয়।

(গ) ৰাজনৈতিক তত্ব ৰাজনীতি বিজ্ঞানৰ এটা শাখা। ইয়ে আদর্শ স্থাপনকাৰী আৰু অভিজ্ঞতাবাদী তত্বক স্বীকৃতি প্রদান কবে।

১৬। গৱেষণামূলক ৰাজনৈতিক তত্ব কি?

উত্তৰঃ গৱেষণামূলক ৰাজনৈতিক তত্বই ৰাজনৈতিক ঘটনাৰ পৰ্যবেক্ষণ আৰু বাখ্যা আগবঢ়োৱা লগতে অনুমানৰ দ্বাৰা পৰীক্ষা-নিৰীক্ষা চলায়।

১৭। গণতান্ত্রিক তত্ব মানে কি বুজা?

উত্তৰঃ গণতান্ত্রিক তত্ব হ’ল ৰাজনৈতিক তত্বৰ এটা উপভাগ য’ত সাধাৰণতে গণতন্ত্ৰৰ সূত্র তথা অৰ্থৰ বিষয়ে ধাৰণা পোৱা যায়।

১৮। গণতন্ত্ৰৰ তিনিটা তত্ব কি কি?

উত্তৰঃ গণতন্ত্ৰৰ তিনিটা তত্ব হ’ল-

(ক) গণতন্ত্র নীতি।

(খ) একাধিতত্ব।

(গ) উকৃষ্টতা।

১৯। আদর্শত গণতান্ত্রিক তত্ত্ব মানে কি?

উত্তৰঃ আদর্শগত গণতান্ত্রিক তত্ব গণতন্ত্ৰৰ নৈতিক ভিত্তি তথা গণতান্ত্রিক অনুষ্ঠানৰ লগত জড়িত।

২০। আর্থিক বিকাশ আৰু গণতন্ত্ৰৰ মাজত সম্পর্ক কি?

উত্তৰঃ আর্থিক বিকাশৰ লগত গণতন্ত্ৰৰ এটা সাধাৰণ সম্পৰ্ক আছে যদিও ভাৰতবৰ্ষৰ নিচিনা এখন গণতান্ত্রিক ৰাষ্ট্ৰত আর্থিক বিকাশ নুন্যতম স্তৰত থকা পৰিলক্ষিত হয়।

২১। আর্থিক বিকাশত গণতন্ত্ৰৰ ভূমিকা কি?

উত্তৰঃ এখন দেশৰ আর্থিক বিকাশত গণতন্ত্রই এক বিশেষ ভূমিকা পালন কৰে। যেনে – স্বচ্ছ আৰু নিকা নির্বাচন, স্বাধীন সংবাদ মাধ্যম, উত্তৰদায়ী চৰকাৰৰ লগত অন্যান্য মৌলিক নীতিৰ ওপৰত গুৰুত্ব দিয়ে।

২২। দেশ এখনৰ আর্থিক বিকাশৰ ক্ষেত্রত কোন চাৰিটা কাৰকৰ প্রয়োজন?

উত্তৰঃ দেশ এখনৰ আর্থিক বিকাশৰ বাবে তলত উল্লেখ কৰা চাৰিটা কাৰকৰ প্রয়োজন –

(ক) মাটি বা ভূমি (প্রাকৃতিক সম্পদ) অপৰিহার্য।

(খ) মানৱ মূলধন বিনিয়োগ।

(গ) ভৌতিক (শাৰিৰীক) মূলধন বিনিয়োগ।

(ঘ) বাণিজ্যিক।

২৩। আর্থিক বিকাশৰ মুখ্য সূত্ৰবোৰ কি কি?

উত্তৰঃ আৰ্থিক বিকাশৰ তিনিটা মুখ্য সূত্র পোৱা যায়।

সেইকেইটা হ’ল-

(ক) পুঁজি ষ্টক আহৰণ।

(খ) শ্রম দান বৃদ্ধি।

(গ) প্রযুক্তি গোট বিনিয়োগ।

২৪। আর্থিক বিকাশত কিহে প্রভাৱ পেলায়?

উত্তৰঃ বজাৰত বিক্ৰীত বস্তুৱে তথা মুদ্রাস্ফীতিৰ বাবে আর্থিক বিকাশৰ প্রভাৱ পেলায়।

২৫। আর্থিক বিকাশত প্রাকৃতিক সম্পদে কিদৰে অৰিহণা যোগায়?

উত্তৰঃ প্রাকৃতিক সম্পদৰ উৎপাদন তথা ব্যৱহাৰে আৰ্থিক বিকাশত প্রভাৱ পেলায়। প্রাকৃতির সম্পদৰ ৰপ্তানিৰ দ্বাৰাও আর্থিক বিকাশ সম্ভৱ হয়।

২৬। আর্থিক বিকাশৰ বাবে চৰকাৰে কি ধৰণৰ ব্যৱস্থা হাতত লয়?

উত্তৰঃ চৰকাৰে সুদৰ হাৰৰ পৰিবৰ্তন তথা মুদ্রাৰ বিতৰণৰ ব্যৱস্থা কৰি আৰ্থিক বিকাশ সাধন কৰিব পাৰে। সুদৰ হাৰ কমাই মুদ্ৰাৰ বিতৰণ কৰি চৰকাৰে মুদ্রাস্ফীতি ৰোধ কৰিব পাৰে। যাৰ দ্বাৰা আর্থিক বিকাশত লাভদায়ক হয়।

২৭। চেন্সৰশ্বিপৰ উদ্দেশ্য কি?

উত্তৰঃ আপত্তিজনক তথা আক্রমণাত্মক যিকোনো বিষয়বস্তুৱে যাতে মানুহৰ মাজত নেতিবাচক ক্ৰিয়া কৰিব নোৱাৰে তাৰ বাবে যিকোনো লিখি কিতাপ, নাটক, চলচ্চিত্র, দূৰদৰ্শন আৰু অনাঁতাৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান, সংবাদ ইত্যাদি চেন্সৰ কৰা হয়।

২৮। চেন্সৰশ্বিপ মানে কি আৰু চেন্সৰশ্বিপ কিয় অপৰিহাৰ্য্য?

উত্তৰঃ যিকোনো আপত্তিজনক তথা ক্ষতি কৰিব পৰা তথ্য, ভাষণ, লিখিত বিধি আদি ঠিক কৰাটোৱেই হ’ল চেন্সৰশিপ। চেন্সৰশ্বিপৰ দ্বাৰা মানুহে ইতিবাচক ফলাফল পোৱাৰ উপৰিও মানুহৰ নৈতিক মূল্যতও কোনো আঘাত হানিব নোৱাৰে।

২৯। চেন্সৰশ্বিপৰ ইতিহাস কি?

উত্তৰঃ যেতিয়া যিকোনো আপত্তিজনক তথা নেতিবাচক বিষয়ে মানুহৰ মাজত ক্ৰিয়া কৰিছিল তেতিয়াই চেন্সৰশ্বিপৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। যেনে- যিকোনো লিখিত কিতাপ, গান, নৃত্য নাটক, ভাষণ তথা সংবেদনশীল বিষয় আদি।

৩০। চেন্সৰশ্বিপ কেনেকৈ আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৫৫ চনৰ পৰা ১৮৬৫ চনৰ ভিতৰত ৰাছিয়াৰ শাসক জাৰ আলেকজেণ্ডাৰৰ শাসনকালত ৰাছিয়াত পোন প্ৰথমবাৰৰ বাবে চেন্সৰশ্বিপ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। ইয়াৰ পূর্বে ইউৰোপ মহাদেশৰ অন্তৰ্গত বিভিন্ন দেশত প্রচলিত কঠোৰ নীতি-নিয়মবোৰৰ কিছু সাল-সলনি ঘটাই উজু কৰিবৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছিল।

৩১। স্ব-চেন্সৰশ্বিপৰ ওপৰত চমু আলোকপাত কৰা।

উত্তৰঃ স্ব-চেন্সৰশ্বিপৰ অৰ্থ হ’ল কোনো ব্যক্তি বিশেষে নিজৰ বাবে নিজে কৰা চেন্সৰশিপ। যেনে- কোনো ব্যক্তি এজনৰ নিজৰ কিতাপ, ব্লগ, বোলছৱি তথা অন্য ধৰণৰ মাধ্যমত নিজে স্ব-ইচ্ছা অনুসৰি চেন্সৰ কৰিব পাৰে।

৩২। সামাজিক মাধ্যমৰ চেন্সৰশ্বিপ মানে কি?

উত্তৰঃ সমাজত ব্যৱহৃত তথা সমাজৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত কৰা চেন্সৰশ্বিপেই হ’ল সামাজিক মাধ্যমৰ চেন্সৰশ্বিপ। এই চেন্সৰশ্বিপৰ দ্বাৰা সমাজৰ লগত জড়িত যিকোনো সংবেদনশীল বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়।

৩৩। বিদ্যালয়ৰ চেন্সৰশ্বিপ মানে কি বুজা?

উত্তৰঃ বিদ্যালয়ৰ চেন্সৰশ্বিপৰ ক্ষেত্ৰত কিছু জটিলতা পৰিলক্ষিত হয়। কিয়নো বিদ্যালয়ত কৰা চেন্সৰশ্বিপে বিভিন্ন দিশত প্রভাৱ পেলায়। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ কাৰ্যৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা শিক্ষা দানৰ ওপৰতে চেন্সৰশ্বিপে প্ৰভাৱ পেলায়।

৩৪। সুৰক্ষিত ভেদভাৱ মানে কি?

উত্তৰঃ সুৰক্ষিত ভেদভাৱে নীতিয়ে সমাজৰ পিছপৰা শ্রেণীক বিশেষ গুৰুত্ব দিয়ে। বিশেষভাৱে পিছপৰা শ্ৰেণীৰ মহিলাসকলক সুৰক্ষা দিয়াই উদ্দেশ্য হৈছে সুৰক্ষিত ভেদভাৱৰ নীতি।

৩৫। সুৰক্ষিত ভেদভাৱে নিৰপেক্ষ সিদ্ধান্তৰ নীতি উলংঘা কৰে নেকি?

উত্তৰঃ বহু ক্ষেত্রত ন্যায় সংগতভাৱে দেখা যায় যে সুৰক্ষিত ভেদভাৱে নিৰপেক্ষ সিদ্ধাঞ্জ নীতি উলংঘা নকৰে।

৩৬। নিৰপেক্ষ সিদ্ধান্ত নীতি দুটা কি কি?

উত্তৰঃ নিৰপেক্ষ সিদ্ধান্ত মুখ্যত দুটা নীতিৰ ওপৰত নিৰ্ভৰশীল- স্বতন্ত্রতা আৰু সমতা।

৩৭। নিৰপেক্ষ সিদ্ধান্ত নীতিৰ যিকোনো এটা উদাহৰণ দিয়া।

উত্তৰঃ সকলো বৰ্গৰ মানুহে কৰা দোষৰ শাস্তি এক ধৰণৰ হোৱাটোৱেই নিৰপেক্ষ সিদ্ধান্তৰ মুখ্য উদাহৰণ।

৩৮। আইনত নিৰপেক্ষ সিদ্ধান্ত মানে কি?

উত্তৰঃ আইন প্রক্রিয়াত যেতিয়া সকলো ধৰণৰ মানুহৰ ক্ষেত্ৰত সিদ্ধান্তৰ ভাৰসাম্যতা ৰক্ষা কৰা হয় তেতিয়া আইনত নিৰপেক্ষ সিদ্ধান্ত হোৱা বুলি বিবেচিত হয়।

৩৯। কর্মক্ষেত্ৰত নিৰপেক্ষ সিদ্ধান্তই কি বুজায়?

উত্তৰঃ কৰ্মক্ষেত্ৰত নিৰপেক্ষ সিদ্ধান্তই একেলগে কাম কৰা সকলো কর্মকর্তাক সমান সন্মান দিয়াটোক বুজায়।

৪০। নিৰপেক্ষ সিদ্ধান্তৰ লগত মিল থকা আন কিছুমান শব্দ উল্লেখ কৰা।

উত্তৰঃ নিৰপেক্ষ সিদ্ধান্তৰ লগত মিল থকা আন কিছুমান শব্দ হ’ল- বিচাৰ, ন্যায়, অপক্ষপাত, উপযুক্ততা, ন্যায় পৰায়ণতা, সাধুতা, সততা, সত্য, অখণ্ডতা, দানশীলতা, সহনশীলতা, সত্যবাদিতা, অধিকাৰ, শ্লীলতা, মানৱতা ইত্যাদি।

৪১। নিৰপেক্ষ সিদ্ধান্ত সকলোৰে ক্ষেত্রত সমানে গ্রহণযোগ্য নে?

উত্তৰঃ সমতা মানে হৈছে সকলোৰে ক্ষেত্রত সমান মনোভাৱ। সমতাৰ ক্ষেত্ৰত সমাজৰ সকলো ব্যক্তিয়ে সমানে সকলো বস্তু পায় তথা কাম-কাজত অংশ গ্রহণ কৰিব পাৰে।

৪২। নিৰপেক্ষ সিদ্ধান্ত কিমান প্রয়োজনীয়?

উত্তৰঃ এখন সমাজত সমতা তথা সকলোৰে মাজত সন্তুলন বজাই ৰাখিবৰ বাবে নিৰপেক্ষ সিদ্ধান্ত অতিকৈ প্রয়োজন। সমতাই এখন সমাজত বসবাস কৰা মানুহবোৰৰ মনবোৰ তথা কাম-কাজতেও প্রভাৱ পেলায়।

৪৩। সমাজৰ নিৰপেক্ষ সিদ্ধান্ত মানে কি?

উত্তৰঃ আমাৰ সমাজখন সমতা আৰু নিৰপেক্ষ সিদ্ধান্তৰ ওপৰত প্রতিষ্ঠিত। নিৰপেক্ষ সমাজ এখনৰ বসবাস কৰা মানুহবোৰেও সাধাৰণতে সমাজৰ হকে কৰা কাম-কাজবোৰেও ভাল ফলাফল দিয়ে। লগতে আর্থিক ক্ষেত্রতো ইয়াৰ প্রভাৱ পৰিলক্ষিত হয়।

৪৪। নিৰপেক্ষ সিদ্ধান্ত মানে কি? নিৰপেক্ষ সিদ্ধান্তৰ যিকোনো এটা উদাহৰণ দিয়া। 

উত্তৰঃ বৈষম্য পৰিহাৰ কৰি সকলোৰে বাবে সমান আৰু এক সিদ্ধান্তই হৈছে নিৰপেক্ষ সিদ্ধান্ত। ন্যায়ধীশ, আম্পায়াৰ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে নিৰপেক্ষ সিদ্ধান্ত গ্রহণ কৰিব লাগে।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। গণতন্ত্রই আর্থিক ব্যৱস্থাটোত কিদৰে লেনদেন কৰে? গণতন্ত্রই আর্থিক ব্যৱস্থাটো উন্নত কৰাত কিদৰে ভূমিকা গ্রহণ কৰে? চমুকৈ লিখা।

উত্তৰঃ গণতন্ত্ৰত আর্থিক ব্যৱস্থাটো হ’ল আর্থ-সামাজিক দর্শন য’ত ডাঙৰ ডাঙৰ কোম্পানীৰ মেনেজাৰ আৰু কর্পোৰেট শ্বেয়াৰ অংশীদাৰসকলৰ পৰা জনসাধাৰণ, ডাঙৰ সংস্থাত বনুৱা, ক্রেতা, যোগান ধৰোঁতা ইত্যাদি লৈ কাম কৰি থাকে। গণতন্ত্রত সাধাৰণতে মুক্ত আৰু স্বচ্ছ নির্বাচন অনুষ্ঠিত হ’ব লাগে য’ত ৰাজনৈতিক আৰু নাগৰিকৰ অধিকাৰ অক্ষুণ্ণ থকাৰ লগতে নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰৰ দায়িত্ববোধ থাকে। সাধাৰণতে দেখা যায় এখন দেশৰ আৰ্থ-সামাজিক উন্নতিত গণতন্ত্রই কেতিয়াও হেঙাৰ হৈ ঠিয় নিদিয়ে।

২। এখন দেশৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত কোন চাৰিটা কাৰকে অৰিহণা যোগায়? আমি কিদৰে আৰ্থিক উন্নয়নৰ প্ৰসাৰ কৰিব পাৰো?

উত্তৰঃ এখন দেশৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগোৱা প্রধান চাৰিটা কাৰক হ’ল-

(ক) বিস্তৃত ভূমি।

(খ) মানৱ মূলধনত বিনিয়োগ।

(গ) ভৌতিক সম্পদত বিনিয়োগ।

(ঘ) বাণিজ্য।

আর্থিক উন্নয়নত প্ৰসাৰ সাধন কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ হাতত ল’ব লাগে —

(ক) কম হাৰৰ সুদঃ যিকোনো বস্তু গ্রাহকে কম হাৰত ক্ৰয় কৰিব পৰা ব্যৱস্থা কৰিব লাগিব। কাৰণ কম হাৰৰ বস্তু ক্ৰয় কৰিলে সুদৰ পৰিমাণো কম হ’ব আৰু তেতিয়াই গ্রাহকে ভালদৰে বিনিয়োগ তথা খৰচ কৰিব পাৰিব। 

(খ) প্রকৃত বেতন বৃদ্ধিঃ যদি প্রকৃত বেতন মুদ্রাস্ফীতিৰ ওপৰত যায় তেতিয়া দেশৰ আর্থিক ব্যৱস্থাটোৰ প্ৰসাৰ হয়।

(গ) উচ্চ বৈশ্বিক বৃদ্ধিঃ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানিৰ হাৰ বৃদ্ধিয়ে এখন দেশৰ আৰ্থিক বিকাশত বিশেষভাৱে প্রভাৱ পেলায়। 

(ঘ) বস্তুৰ মূল্যৰ হ্রাস, দেশীয় বস্তুৰ চাহিদা, আমদানি কম আৰু ৰপ্তানিৰ পৰিমাণ বৃদ্ধিয় এখন দেশৰ আৰ্থিক বিকাশত সহায় কৰে।

৩। নিৰপেক্ষ সিদ্ধান্ত আৰু উন্নয়নৰ সংজ্ঞা কি? কৰ্মক্ষেত্ৰত নিৰপেক্ষ সিদ্ধান্ত কিমান প্রয়োজনীয় বুলি ভাবা? চমুকৈ লিখা।

উত্তৰঃ উন্নয়ন বুলিলে সাধাৰণতে আর্থিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধার্মিক আৰু পৰিবেশৰ উন্নয়নকেই বুজায়।

যিকোনো কর্মক্ষেত্ৰত নিৰপেক্ষ সিদ্ধান্ত প্রয়োজনীয়। কিয়নো নিৰপেক্ষ সিদ্ধান্তই অধিকাৰী আৰু কৰ্মচাৰীৰ মাজত এক সুসম্পর্ক গঢ়ি তোলে তথা কৰ্মচাৰীসকলৰ ধৰ্ম স্পৃহা বাঢ়ে। যদি নিৰপেক্ষ সিদ্ধান্তই কৰ্মচাৰীসকলৰ মনত সন্তুষ্টি দিয়ে তেতিয়াহ’লে উৎপাদন বাঢ়িব। উৎপাদন বাঢ়িলে সমাজৰ কাৰণে এটা ইতিবাচক দিশৰ সৃষ্টি হ’ব।

8। নিৰপেক্ষ সিদ্ধান্ত আৰু ন্যায়ৰ অৰ্থ কি? ন্যায়ৰ তিনিটা নীতি কি কি?

উত্তৰঃ বৈষম্য পৰিহাৰ কৰি সকলোৰে বাবে সমান আৰু এক সিদ্ধান্তই হৈছে নিৰপেক্ষ সিদ্ধান্ত। ন্যায়ধীশ, আম্পায়াৰ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে নিৰপেক্ষ সিদ্ধান্ত গ্রহণ কৰিব লাগে।

এগৰাকী ব্যক্তিৰ প্ৰাপ্য অধিকাৰ দিয়াই হৈছে ন্যায়। ব্যক্তিগৰাকীৰ হেৰুৱা যিকোনো বস্তুৱেই হওঁক তথা তেওঁৰ প্ৰাপ্য যিখিনি আত্মসম্মানেই হওঁক ন্যায়ৰ দ্বাৰা সেইখিনি তেওঁ ঘূৰাই পোৱা উচিত। ন্যায়েই সদায় ব্যক্তিৰ প্ৰাপ্যখিনিৰ ওপৰত গুৰুত্ব দিয়ে। সাধাৰণতে দেখা যায় ন্যায় আৰু নিৰপেক্ষ সিদ্ধান্ত এটা আনটোৰ পৰিপূৰক। কিছুমান বিশেষ ঘটনাত আমি দেখিবলৈ পাওঁ যে নিৰপেক্ষ সিদ্ধান্তই ন্যায়ৰ ওপৰত প্ৰভাৱ পেলায়।

ন্যায়ৰ তিনিটা নীতি হ’ল-

(ক) নিৰপেক্ষতা।

(খ) আইনৰ সন্মুখত সমানতা।

(গ) ন্যায়ৰ সন্মুখত সমানতা।

আইনগত পদ্ধতি আৰু আইন প্রণেতাসকলে সদায় এটা কথাৰ প্ৰতি নজৰ দিয়ে যাতে সৰ্বসাধাৰণে সমানে ন্যায় পায়। কোনো ধৰণৰ পক্ষপাত নকৰাকৈ নিৰপেক্ষভাৱে জনসাধাৰণে ন্যায় পোৱাটো উচিত।

৫। চেন্সৰশ্বিপ মানে কি বুজা? কি ক্ষেত্ৰত চেন্সৰশ্বিপ সমর্থনযোগ্য?

উত্তৰঃ যিকোনো আপত্তিজনক তথা ক্ষতি কৰিব পৰা তথ্য, ভাষণ, লিখিত বিধি আদি ঠিক কৰাটোৱেই হ’ল চেন্সৰশ্বিপ।

চেন্সৰশ্বিপ কিছুমান ক্ষেত্রত গ্রহণযোগ্য হোৱা দেখা নাযায়। কিয়নো প্রথম কথা হ’ল চেন্সৰশ্বিপ সকলো দিশতে ভালদৰে আৰোপ কৰা হোৱা নাই তথা সমাজৰ য’ত চেন্সৰশ্বিপৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয় তাত কিছুমান আসোঁৱাহ দেখিবলৈ পোৱা যায়।

কিছুমান ক্ষেত্ৰত চেন্সৰপিৰ দ্বাৰা সমাজৰ ব্যক্তি বিশেষ তথা সংস্থা আৰু চৰকাৰী চাকৰিয়ালসকলে আপত্তি কৰা দেখা যায়। কিয়নো তেওঁলোকে এইক্ষেত্রত বেলেগ মানুহৰ ক্ষেত্রত আক্রমণাত্মক তথা বিপদজনক বুলি গণ্য কৰে।

৬। চেন্সৰশ্বিপৰ সংজ্ঞা আগবঢ়োৱা? বস্তুবোৰ চেন্সৰ কিয় কৰিব লাগে?

উত্তৰঃ যিকোনো আপত্তিজনক তথা ক্ষতি কৰিব পৰা তথ্য, ভাষণ, লিখিত বিধি আদি ঠিক কৰাটোৱেই হ’ল চেন্সৰশ্বিপ।

যেতিয়া কোনো ব্যক্তি বিশেষে তেওঁৰ তথা তেওঁলোকৰ সংস্থাৰ যিকোনো ৰাজনৈতিক তথা অন্য নীতি বহিভূর্ত তথ্য আনৰ ওপৰত জাপি দিয়ে। তেতিয়া চেন্সৰশ্বিপৰ প্ৰয়োজনীয়তা আহি পৰে। চেন্সৰশ্বিপ চৰকাৰী সংস্থা তথা ব্যক্তিগত সংস্থাও কৰিব পাৰে। চেন্সৰশ্বিপৰ মুখ্য উদ্দেশ্য হৈছে অলাগতিয়াল তথ্যবোৰ আঁতৰাই দিয়া। যিবোৰ তথ্যৰ দ্বাৰা মানুহৰ ক্ষতি হ’ব পাৰে তথা যিবোৰ তথ্য সংবেদনশীল আৰু চৰকাৰৰ বাবে অসুবিধাজনক বুলি গণ্য কৰা হয় সেইবোৰ তথ্য চেন্সৰ কৰা হয়। ইয়াৰ উপৰিও আন কিছুমান ক্ষেত্ৰতো চেন্সৰশ্বিপৰ প্ৰয়োজনীয়তা আহি পৰে।

৭। চেন্সৰশ্বিপ কিয় কৰা হয়? চেন্সৰশ্বিপ কিমান দূৰ বৈধ বুলি তুমি ভাবা?

উত্তৰঃ যিকোনো আপত্তিজনক তথা ক্ষতি কৰিব পৰা তথ্য, ভাষণ, লিখিত বিধি আদি ঠিক কৰাটোৱেই হ’ল চেন্সৰশ্বিপ।

যেতিয়া কোনো ব্যক্তি বিশেষে তেওঁৰ তথা তেওঁলোকৰ সংস্থাৰ যিকোনো ৰাজনৈতিক আৰু নৈতিক নীতি বহিভূর্ত যিকোনো তথ্য আনৰ ওপৰত জাপি দিয়ে। তেতিয়া চেন্সৰশ্বিপৰ প্রয়োজনীয়তা আহি পৰে। চেন্সৰশ্বিপ চৰকাৰী সংস্থা তথা ব্যক্তিগত সংস্থাও কৰিব পাৰে। চেন্সৰশ্বিপৰ মুখ্য উদ্দেশ্য হৈছে অলাগতিয়াল তথ্যবোৰ আঁতৰাই দিয়া। যিবোৰ তথ্যৰ দ্বাৰা মানুহৰ ক্ষতি হ’ব পাৰে তথা যিবোৰ তথ্য সংবেদনশীল আৰু চৰকাৰৰ বাবে অসুবিধাজনক বুলি গণ্য কৰা হয় সেইবোৰ তথ্য চেন্সৰ কৰা হয়। ইয়াৰ উপৰিও আন কিছুমান ক্ষেত্ৰতো চেন্সৰশ্বিপৰ প্ৰয়োজনীয়তা আহি পৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰত শিশুৰ ক্ষেত্ৰত হোৱা অশ্লীলতাক অবৈধ বুলি ঘোষণা কৰিছে। চেন্সৰশ্বিপ বর্তমান যুগত খুবেই প্রয়োজন। কিয়নো সমাজৰ প্ৰত্যেক স্তৰতে যিকোনো তথ্য সম্বলিত কাম-কাজৰ বিশৃংখলতা, অশ্লীলতা আঁতৰাই সুস্থ সৱল সমাজ এখন গঢ়ি তুলিবলৈ চেন্সৰশ্বিপৰ অতিকৈ প্রয়োজন। কাৰণে কিছুমান বিষয়ে বা কিছুমান তথ্যই সমাজৰ লগতে সমাজত বসবাস কৰি থকা ব্যক্তি বিশেষৰ জীৱনৰ ওপৰত বাৰুকৈয়ে নেতিবাচক প্রভাৱ পেলোৱা পৰিলক্ষিত হয়। গতিকে চেন্সৰশ্বিপ হ’ব লাগে আৰু ই বৈধ।

৮। সামাজিক মাধ্যমৰ চেন্সৰশ্বিপ মানে কি বুজা? চেন্সৰশ্বিপে সমাজত কিদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ সমাজত ব্যৱহৃত তথা সমাজৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত কৰা চেন্সৰশ্বিপেই হ’ল সামাজিক মাধ্যমৰ চেন্সৰশ্বিপ। এই চেন্সৰশ্বিপৰ দ্বাৰা সমাজৰ লগত জড়িত যিকোনো সংবেদনশীল বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়।

সামাজিক মাধ্যমৰ চেন্সৰশ্বিপে সমাজত প্রচলিত নেতিবাচক দিশবোৰৰ উপাদান ঘটাই সমাজত এটা সুস্থ পৰিবেশ স্থাপন কৰিবলৈ চেষ্টা কৰে। কিন্তু কিছু ক্ষেত্ৰত এই চেন্সৰশ্বিপে সমাজত অসুবিধাতো সৃষ্টি কৰে। প্রথমে চেন্সৰশ্বিপে বহু ক্ষেত্ৰত মানুহৰ অধিকাৰ উলংঘা কৰে, বিশেষকৈ মানুহৰ স্বাধীনতা। কিন্তু চেন্সৰশ্বিপৰ পিছত যদি কোনোবাই কিবা ব্যক্ত কৰিব খুজে তেতিয়া হ’লে তেওঁৰ সেই বক্তব্য আনে শুনাত কোনো বাধা দিব নোৱাৰে।

৯। সুৰক্ষিত ভেদভাৱ মানে কি? সুৰক্ষিত ভেদভাৱত কি নীতি ব্যৱহৃত হয়? 

উত্তৰঃ সুৰক্ষিত ভেদভাৱে নীতিয়ে সমাজৰ পিছপৰা শ্রেণীক বিশেষ গুৰুত্ব দিয়ে। বিশেষভাৱে পিছপৰা শ্ৰেণীৰ মহিলাসকলক সুৰক্ষা দিয়াই উদ্দেশ্য হৈছে সুৰক্ষিত ভেদভাৱৰ নীতি। সুৰক্ষিত ভেদভাৱ নীতি সাধাৰণতে সমাজত বসবাস কৰা দবিদ্ৰ আৰু নিপীড়িত লোকক বিশেষ সা-সুবিধা দি তেওঁলোকৰ জীৱন প্রণালী উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ে। বিশেষকৈ মহিলাসকলৰ সুৰক্ষাৰ বাবে সুৰক্ষিত ভেদভাৱ নীতি অতি প্রয়োজনীয়। সুৰক্ষিত ভেদভাৱ নীতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষই কিছুমান বিশেষ কাম হাতত লৈছে। 

১০। চেন্সৰশ্বিপ মানে কি? চেন্সৰশ্বিপৰ উদ্দেশ্য কি? চেন্সৰশ্বিপৰ অতি সাধাৰণ নীতিটো কি?

উত্তৰঃ যিকোনো আপত্তিজনক তথা ক্ষতি কৰিব পৰা তথ্য, ভাষণ, লিখিত বিধি আদি ঠিক কৰাটোৱেই হ’ল চেন্সৰশিপ।

আপত্তিজনক তথা আক্রমণাত্মক যিকোনো বিষয়বস্তুৱে যাতে মানুহৰ মাজত নেতিবাচক ক্রিয়া কৰিব নোৱাৰে তাৰ বাবে যিকোনো লিখা কিতাপ, নাটক, চলচ্চিত্র, দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান, সংবাদ ইত্যাদি চেন্সৰ কৰা হয়।

নৈতিক চেন্সৰশ্বিপে জনসাধাৰণৰ মনত বাৰুকৈয়ে প্রতিক্রিয়া কৰে। কিয়নো নৈতিক চেন্সৰশ্বিপৰ জৰিয়তে জনসাধাৰণে অশ্লীল আৰু আক্ৰাণাত্মক তথ্যৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে। শিশুৰ ক্ষেত্ৰত হোৱা অশ্লীলতা বিশ্বৰ বহু দেশতেই বর্জিত। কাৰণ নৈতিকভাৱে ই ভূল। শিশুৰ ক্ষেত্ৰত হোৱা এই চেন্সৰশ্বিপ সাধাৰণতে প্রায় দেশতে হোৱা পৰিলক্ষিত হয়। কিন্তু এই চেন্সৰশ্বিপে বহুত সমস্যাৰো সৃষ্টি কৰা দেখা যায়।

১১। শিক্ষানুষ্ঠানত সুৰক্ষিত ভেদভাৱ – চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ শিক্ষাই সামাজিক স্থিৰতা, আর্থিক বিকাশ তথা প্রযুক্তিবিজ্ঞানৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। শিক্ষাই মানুহৰ মাজত নৈতিক স্বাধীনতা সামাজিক ন্যায় আৰু সম-সুযোগৰ মনোভাৱ ৰোপণ কৰে। জনসাধাৰণৰ মাজত সাধাৰণ বান্ধোন গঢ়ি তোলে। কিয়নো শিক্ষানুষ্ঠানত সকলোকে নিৰপেক্ষভাৱে শিক্ষাদান কৰা হয়। যাৰ বাবে মানুহৰ মাজত থকা আক্রোশ আদি নাইকীয়া কৰি দেশৰ বাবে মানৱ সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ উন্নতিৰ হকে কাম কৰে।

১২। গণতন্ত্র আৰু অৰ্থনৈতিক বিকাশৰ মাজত থকা পটভূমি ব্যাখ্যা কৰা।

উত্তৰঃ বৰ্তমানৰ যুগ বিশ্বায়নৰ যুগ। এই মুহূৰ্তত বিশ্বৰ গৰিষ্ঠ সংখ্যক ৰাষ্ট্ৰই বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ বিভিন্ন ব্যৱস্থা গ্রহণ কৰি আহিছে অথবা গ্রহণ কৰিবলৈ বাধ্য হৈছে। এখন গণতান্ত্রিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষত ইয়াৰ ব্যতিক্রম নহয়। ভাৰতবর্ষই ১৯৯১ চনত গ্রহণ কৰা অর্থনৈতিক সংস্কাৰৰ জৰিয়তে বিশ্বায়নৰ সৈতে সম্পর্ক স্থাপন কৰিছে। আনহাতে ১৯৯১ চনত গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে বিশ্বায়নৰ লগত সম্পৰ্ক কৰিছে। আনহাতে ১৯৭০ ৰ দশকৰ পৰা ভাৰতীয় ৰাজনীতিত বিভিন্ন ধৰণৰ বিকাশ হৈ আহিছে। উদাহৰণস্বৰূপে ক’ব পাৰি যে যিহেতু ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্র সেয়েহে ভাৰত ১৯৯১ চনৰ পৰা বিশ্বৰ অন্যান্য উন্যায়নশীল ৰাষ্ট্ৰৰ দৰে বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ পৰে আৰু ইয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশৰ গতি দ্রুত কৰি তোলাত সহায়ক হোৱাৰ লগতে বৰঙনি যোগায়।

উল্লেখযোগ্য যে ১৯৮০ ৰ দশকৰ পৰা ভাৰতে বিত্তীয় সংকটৰ সন্মুখীন হৈ আছিল। এই বিত্তীয় সংকট আৰু আনুসংগিক বিভিন্ন কাৰণত ভাৰতে অৰ্থনৈতিক সংস্কাৰ সাধন কৰিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে বিশ্বায়ন প্ৰক্ৰিয়াৰ জৰিয়তে এছিয়াৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিত্তীয় নীতিত পৰিবৰ্তন সাধন কৰিবলৈ উন্নত ৰাষ্ট্ৰসমূহে বিভিন্ন ধৰণে হেঁচা প্রয়োগ কৰে আৰু প্রলোভন প্রদর্শন কৰি আহিছে। ঘাইকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি আৰু বিশ্ব বাণিজ্য সংস্থা এই দুটা সংগঠনৰ জৰিয়তে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ওপৰত অহৰহ হেঁচা প্ৰদান কৰি অহা হৈছে। অর্থনীতিৰ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ হ’ল বিশ্বায়নৰ দুটা প্রধান লক্ষ্য। বিশ্বায়নে সমাজবাট আৰ্হিৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰিবৰ্তে অর্থনৈতিক ক্ষেত্ৰত সম্পূর্ণ মুক্ততা নীতি সমর্থন কৰে। ভাৰতে ১৯৭৬ চনৰ পৰা সমাজবাদী আহিৰ অৰ্থনৈতিক ব্যৱস্থা এটা অনুসৰণ কৰি আহিছিল। ভাৰতে গ্ৰহণ কৰা মিশ্ৰ অৰ্থনীতিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত আৰু ব্যক্তিগত দুয়ো ধৰণৰ উদ্যোগক গুৰুত্ব প্রদান কৰা হৈছিল। ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত নিয়ন্ত্ৰণ আৰু অনুজ্ঞাপত্ৰ প্রথা প্রচলিত আছিল। অর্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ নিয়ন্ত্রণ থকাৰ দৰে ব্যক্তিগত ব্যৱসায়িক প্রতিষ্ঠানসমূহে নিজৰ ইচ্ছাত বৃহৎ উদ্যোগ স্থাপনৰ সাহস কৰিব পৰা নাছিল। আনহাতে সমাজবাদী আৰ্হিৰ অৰ্থব্যৱস্থাৰ উপস্থিতিত বিদেশী বহুজাতিক ব্যৱসায়িক প্রতিষ্ঠানসমূহেও মুকলি ভাৰতত বিনিয়োগ কৰাৰ পৰা আঁতৰি আছিল। বিভিন্ন কাৰণত ১৯৮০ ৰ দশক পর্যন্ত ভাৰতীয় অর্থনৈতিক ব্যৱস্থাটোৱে আশা কৰা ধৰণে বিকাশ লাভ কৰিবলৈ ব্যর্থ হয়।

১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি সংকটজনক হৈ উঠে। ভাৰতৰ বৈদেশিক লেনদেনৰ ঘাটি এনে এক পর্যায়ত উপনীত হয় যে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো ভাৰতৰ বাবে যথেষ্ট কঠিন হৈ পৰে। বিশেষকৈ ১৯৮০ ৰ দশকৰ মাজভাগৰ পৰা ১৯৯০ দশকৰ আৰম্ভণিলৈ ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটি উদ্বেগজনকভাবে বৃদ্ধি পাইছিল। ভাৰতৰ বৈদেশিক মুদ্রাৰ ভঁৰাল দ্রুতগতিত হ্রাস পাই আহিছিল। ভাৰতে এই সংকটজনক বিত্তীয় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ অৰ্থে আন্তঃৰাষ্ট্ৰীয় মুদ্রানীতিৰ পৰা দুটা কিস্তিত মুঠ ৪,৫০৭ কৌটি টকা ঋণ লয় যদিও ৰাষ্ট্ৰখনৰ শোচনীয় অর্থনৈতিক অৱস্থাৰ কোনো উন্নতি নহ’ল। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ পৰা ঋণ লাভ কৰিবলৈ ভাৰতে সোণ বন্ধকত থ’বলগীয়া হৈছিল। ১৯৯১ চনত কেন্দ্ৰত পি.ভি. নৰসিংহ ৰাওঁৰ কংগ্ৰেছ চৰকাৰ গঠন হয়। এই চৰকাৰৰ বিত্ত মন্ত্ৰীয়ে হিচাপৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল ড° মনমোহন সিঙে। নতুন চৰকাৰখনে কাৰ্য্য ভাৰ গ্ৰহণ কৰাৰ সময়ত ভাৰতৰ মাত্র দুসপ্তাহৰ বাবে আমদানি কৰিবৰ জোখেৰে বৈদেশিক মুদ্রা আছিল। ১৯৯১ চনৰ জুন মাহত ভাৰতৰ মুঠ বৈদেশিক ঋণৰ পৰিমাণ হয় এক লাখ বিশ এই হেজাৰ কৌটি টকা। ইয়াৰ লগত মুদ্রাস্ফীতিৰ সমস্যাটোৱে ভাৰতৰ অৰ্থনীতিত সমস্যাৰ সৃষ্টি কৰে। ফলস্বৰূপে ভাৰতীয় অর্থনীতিৰ সংকট ক্রমাৎ ভয়াবহ হৈ উঠে। গুৰুত্বপূৰ্ণভাৱে ভাৰতৰ সমাজবাদী আৰ্হিৰ অৰ্থনীতিয়ে সমাজৰ বিকাশৰ উদ্দেশ্য পূৰণত ব্যর্থ হোৱাৰ বাবেও ভাৰতে নতুন অর্থনীতি গ্রহণ কৰিবলৈ বাধ্য হয়। শিল্প উদ্যোগৰ আধুনিকীকৰণ, নিয়ন্ত্ৰণ আৰু অনুজ্ঞাপত্র প্ৰথাৰ বিলোপ সাধন, ব্যক্তিগত খণ্ডত সর্বাধিক গুৰুত্ব প্রদান আদিৰে ভাৰতবৰ্ষত নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হয়।

১৩। এখন গণতান্ত্রিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই গ্ৰহণ কৰা নতুন অর্থনৈতিক নীতিৰ সম্পৰ্কে লিখা।

উত্তৰঃ ভাৰতে বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ আৰু অর্থনৈতিক মহাসংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰে। ১৯৯৪ চনৰ ৩০ ডিচেম্বৰত ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ সদস্য পদ গ্রহণেৰে অৰ্থনৈতিক উদাৰবাদী নীতিৰ অংশীদাৰ হয়।

ভাৰতে বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত হ’ব লাগে নে নালাগে সেই বিষয়টোৰ সৈতে তিনিটা মতামতৰ সৃষ্টি কৰে। কিছু সংখ্যকৰ মতে বহুজাতিক ব্যৱসায়িক প্রতিষ্ঠানসমূহে এখন ৰাষ্ট্ৰৰ কেৱল অর্থনৈতিক ক্ষেত্ৰখনতে দমন সাব্যস্ত নকৰে, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনো এই প্রতিষ্ঠানসমূহৰ দ্বাৰা দমনিত হয়। ভাৰতে এখন গণতান্ত্রিক ৰাষ্ট্ৰৰ আদৰ্শ গ্রহণ কৰিয়েই পুনৰ এখন আইনৰ ওচৰত নিৰ্ভৰশীল ৰাষ্ট্ৰলৈ ৰূপান্তৰিত নহ’বলৈ বিশ্বায়নৰ পৰা বহু আঁতৰত থাকিব লাগে। দ্বিতীয় মতামতৰ দৃষ্টিত ভাৰতে যদিহে দৰিদ্ৰতা, নিৰক্ষৰতা আৰু সামাজিক অনগ্ৰসৰতা নির্মূল কৰিব বিচাৰে, তেন্তে ৰাষ্ট্ৰখনে বিশ্বায়ন প্রক্রিয়া নিয়ন্ত্রিত বিশ্ব অর্থনীতিৰ সৈতে জড়িত হ’ব লাগে যে ভাৰতে গ্রহণ কৰা নীতিৰ দ্বাৰা ঘৰুৱা বজাৰ, সামাজিক, সাংস্কৃতিক ব্যৱস্থা, ৰাজনৈতিক পৰিবেশ আদিৰ ক্ষতি নহয়।

১৯৯১ চনত বিত্ত মন্ত্রী ড° মনমোহন সিঙৰ তৎপৰতাত ভাৰতত নতুন অর্থনীতি নীতি গ্রহণ কৰা হয়। নতুন অর্থনৈতিক নীতি অথবা অর্থনৈতিক সংস্কাৰে ১৯৯১ চনৰ পৰা ভাৰতৰ উদ্যোগ, ৰাজহুৱা খণ্ড, ৰাজহ নীতি, মূল্য নীতি আদিৰ সৈতে জড়িত বিভিন্ন নীতি অন্তর্ভুক্ত কৰে।

১৪। ভাৰতবৰ্ষই গ্ৰহণ কৰা নতুন অর্থনৈতিক নীতিৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ অর্থনীতিৰ উদাৰীকৰণ আৰু মুক্ত বাণিজ্য ১৯৯১ চনৰ ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ মূল ভেঁটি আছিল।

সামগ্রিকভাৱে ভাৰতৰ নতুন অৰ্থনীতিৰ নীতিৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল এনে ধৰণৰ—

(ক) উদাৰীকৰণঃ নতুন অর্থনীতিৰ নীতিয়ে ভাৰতক ৰাষ্ট্ৰৰ অপ্রয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অর্থনীতি মুক্ত হোৱাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। অর্থনীতিৰ উদাৰীকৰণ আৰু নীতিৰ ক্ষেত্ৰত স্বচ্ছতা আনিবলৈ ১৯৯১ চনত গ্রহণ কৰা নতুন উদ্যোগ নীতিয়ে বিনিয়োগ নির্বিশেষে সকলো ধৰণৰ উদ্যোগিক নিগমৰ বাবে উদ্যোগিক অনুজ্ঞাপত্ৰৰ ব্যৱস্থাৰ বিলোপ সাধন কৰিছে। অৱশ্যে গুৰুত্বপূর্ণ ১৮ টা উদ্যোগক ইয়াৰ পৰা বাদ দিয়া হৈছে।

(খ) ব্যক্তিগতকৰণঃ নতুন অর্থনৈতিক নীতিৰ আন এক গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল ব্যক্তিগত কৰণৰ নীতি। ইয়াত ব্যক্তিগত কৰণে ৰাজহুৱা মালিকানা স্বত্বৰ আৰু পৰিচালনাৰ উদ্যোগসমূহত ব্যক্তিগত মালিকানাস্বত্বৰ প্ৰৱৰ্তন কৰাৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত ব্যক্তিগত নিয়ন্ত্রণ আৰু পৰিচালনা বুজাইছে। অর্থনৈতিক সংস্কাৰ নীতিৰ অধীনত ব্যক্তিগত খণ্ডসমূহক ভাৰতৰ অর্থনৈতিক কার্যকলাপত এক প্রধান ভূমিকা পালনৰ অনুমতি প্রদান কৰা হৈছে।

(গ) অর্থনীতিৰ বিশ্বায়নঃ ভাৰতে নতুন অর্থনীতিক নীতি প্ৰৱৰ্তনৰ জৰিয়তে অৰ্থনীতিৰ বিশ্বায়নৰ প্ৰত্যাহ্বান গ্রহণ কৰিছে। অর্থনীতিৰ বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে ভাৰতৰ নতুন অর্থনৈতিক নীতি বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।

(ঘ) নতুন ৰাজহুৱা খণ্ডনীতিঃ নতুন অর্থনৈতিক নীতিয়ে ৰাজহুৱা খণ্ডৰ চৰকাৰী নীতিৰ পৰিবৰ্তন সাধন কৰিছে। এই নীতিয়ে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ গুৰুত্ব ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ সলনি কৰিছে। নতুন নীতিৰ অধীনত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সংৰক্ষণৰ তালিকা ১৭ ৰ পৰা ৮ টা লৈ হ্রাস কৰাৰ লগতে সংৰক্ষিত স্থানতো নিৰ্ধাৰিত প্ৰতিযোগিতা প্ৰৱৰ্তন কৰিছে।

(ঙ) আধুনিকীকৰণঃ নতুন অর্থনৈতিক নীতিয়ে উৎপাদন ব্যৱস্থাত নতুন কাৰিকৰী কৌশল গ্ৰহণ কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। উন্নত প্রযুক্তিবিদ্যা প্রয়োগৰ বাবে ভাৰত চৰকাৰে সকলো বিদেশী সহযোগিতাৰ অনুমোদন জনাইছে।

(চ) বিত্তীয় সংস্কাৰঃ নৰসিংহম সমিতিৰ পৰামৰ্শৰ ভিত্তিত ভাৰত চৰকাৰে বিত্তীয় খণ্ডৰ সংস্কাৰৰ বাবে বিভিন্ন ধৰণৰ কাৰ্য্য ব্যৱস্থা গ্রহণ কৰিছে। এইবোৰৰ ভিতৰত প্রত্যক্ষ ঋণ ব্যবস্থাৰ বিলুপ্তি সাধন বিদেশী বেংকৰ প্ৰতি উদাৰ আচৰণ, বেংকসমূহক অধিক স্বাধীনতা প্রদানৰ লগতে ভাৰতীয় ৰিজার্ভ বেংক আৰু বিত্ত মন্ত্রণালয়ৰ দ্বৈত নিয়ন্ত্ৰণৰ সমাপ্তি ইত্যাদি বিশেষভাবে উল্লেখযোগ্য।

১৫। গণতান্ত্রিক ৰাষ্ট্ৰ ভাৰতবৰ্ষই গ্রহণ কৰা নতুন অর্থনৈতিক নীতিৰ সপক্ষে আৰু বিপক্ষে যুক্তি দাঙি ধৰা।

উত্তৰঃ সপক্ষে যুক্তিঃ

(ক) নতুন অর্থনৈতিক নীতিৰ প্ৰৱৰ্তনৰ পিছত ছিংগাপুৰ, মালেছিয়া, হংকং, দক্ষিণ কোৰিয়া আদি এছিয়াৰ ৰাষ্ট্ৰসমূহৰ দৰে ভাৰততো অর্থনৈতিক বৃদ্ধিৰ হাৰ আঠ শতাংশ হৈছে।

(খ) এই নীতিৰ জৰিয়তে ভাৰতৰ ঔদ্যোগিক খণ্ডই বিশ্বৰ ঔদ্যোগিক খণ্ডৰ সৈতে প্রতিযোগিতা কৰিবলৈ সাহস লাভ কৰিছে।

(গ) নতুন অর্থনৈতিক নীতিৰ আধাৰত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কর্মদক্ষতা আৰু মুনাফা বৃদ্ধিৰ বাবে প্রয়োজনীয় কাৰ্য্য ব্যৱস্থা গ্রহণ কৰি অহা হৈছে।

(ঘ) উদাৰীকৰণৰ বাবে বহুজাতিক ব্যৱসায়িক প্রতিষ্ঠানসমূহে ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ ফলস্বৰূপে নিয়োগৰ সুযোগ আৰু সুবিধা বৃদ্ধি পাইছে।

(ঙ) নতুন অর্থনৈতিক নীতিয়ে ক্ষুদ্র উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন ব্যৱস্থা প্রৱর্তন কৰাৰ ফলত ক্ষুদ্র উদ্যোগসমূহ লাভৱান হৈছে।

বিপক্ষে যুক্তিঃ

(ক) নতুন অর্থনৈতিক নীতিৰ বিৰুদ্ধে এক গুৰুত্বৰ অভিযোগ হ’ল যে এই নীতিয়ে উদ্যোগ ব্যৱসায় আৰু চাকৰি খণ্ডৰ তুলনাত কৃষি খণ্ডক চূড়ান্তৰূপে অৱহেলা কৰিছে। ইয়াৰ ফলস্বৰূপে কৃষকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে।

(খ) এই নীতিৰ বিৰুদ্ধে অইন এক গুৰুত্বপূর্ণ অভিযোগ হ’ল বিশ্ববেংক আৰু আন্তঃৰাষ্ট্রীয় মুদ্রানিধিৰ হেঁচাও উদাৰীকৰণ আৰু বিশ্বায়নৰ নীতি প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতৰ অর্থনীতিয়ে এই দুই আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ওচৰত আত্মসমর্পণ কৰিছে।

(গ) এইনীতিয়ে বিদেশী প্রযুক্তিবিদ্যাৰ ওপৰত অর্থনীতিৰ নিৰ্ভৰশীলতাৰ অপ্রয়োজনীয়ভাৱে বৃদ্ধি কৰাৰ বিপৰীতে থলুৱা অথবা স্থানীয় প্রযুক্তিবিদ্যাৰ বিকাশত ব্যর্থ হৈছে।

(ঘ) বহুক্ষেত্রত বহুজাতিক ব্যৱসায় প্ৰতিষ্ঠানসমূহে ভাৰতৰ লগতে অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা আৰু প্ৰক্ৰিয়াতো হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

(ঙ) গুৰুত্বপূর্ণভাৱে বিভিন্ন খণ্ডত বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ নিৰ্দেশ মতে ৰাজসাহায্য হ্রাস কৰাত ভাৰত চৰকাৰৰ সিদ্ধান্তই সমাজৰ দুখীয়া শ্রেণীটোক প্রত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতি সাধন কৰিছে।

(চ) মুক্ত নীতিৰ প্ৰৱৰ্তনৰ ফলস্বৰূপে ভাৰতত ভোগবাদী মানসিকতাৰ জন্ম হোৱা বুলি বহু সমালোচকে মতপোষণ কৰে। বিদেশী সংস্কৃতিৰ গ্ৰাসত পৰিছে সমাজৰ নৱ-প্রজন্ম। সমালোচকৰ মতে বিশ্বায়নৰ ধাৰণাৰ জৰিয়তে উন্নয়নশীল ৰাষ্ট্ৰসমূহত বলপূর্বকভাবে পশ্চিমীয়া সংস্কৃতিৰ প্ৰৱেশ ঘটোৱা হৈছে। ইয়াক বহুতে সাংস্কৃতিক সাম্রাজ্যবাদী মনোভাৱ আখ্যা দিছে।

(ছ) সমালোচকসকলৰ মতে এই নীতিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰতো বিৰূপ প্রভাৱ পেলাইছে, শিক্ষাৰ ব্যক্তিগতকৰণৰ প্ৰৱণতাৰ ফলস্বৰূপে শিক্ষা গ্রহণ প্রক্রিয়া যথেষ্ট ব্যয়বহুল হৈ পৰিছে আৰু দুখীয়া লোকসকলৰ সন্তান সুশিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ অগ্ৰসৰ হৈছে।

(জ) নতুন অর্থনৈতিক নীতিৰ ফলস্বৰূপে ভাৰতীয় অর্থনীতিৰ বিকাশ হৈছে যদিও সেই বিকাশে ভাৰতৰ মুষ্টিমেয় এচাম লোককহে উপকৃত কৰিছে। এই চাম সমাজৰ উচ্চ স্তৰৰ লোকে বিশ্বায়ন প্রদত্ত সকলো সা-সুবিধা গ্রহণ কৰি লাভৱান হোৱাৰ বিপৰীতে সমাজৰ অধিকাংশ লোক বঞ্চিত হৈ আছে। ফলস্বৰূপে ভাৰতীয় সমাজত ধনী-দুখীয়াৰ মাজত প্রভেদ ক্ৰমাৎ বৃদ্ধি পাই আহিছে। এই বৈষম্য বৃদ্ধি পাই থাকিলে অদূৰ ভৱিষ্যতে এক সাংঘাতিক বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আংশকা আছে।

১৬। কি পৰিস্থিতিত চেন্সৰশ্বিপ সমর্থনযোগ্য?

উত্তৰঃ যিকোনো ৰাজ্যতে যিকোনো ঘটনাৰ খা-খবৰবোৰ জনসাধাৰণৰ জগত নহয়। সকলো বা-বাতৰি জনসাধাৰণে গম নাপায়। চেন্সৰশ্বিপৰ পিছত বাতৰিবোৰ জনসাধাৰণৰ মাজত উলিয়াই দিয়া হয়। চেন্সৰশ্বিপৰ জৰিয়তে গণমাধ্যম মুদ্রণ মাধ্যম তথা মৌখিক মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ ৰখা হয়। চেন্সৰশ্বিপে সমাজত ঘটি থকা ঘটনাবোৰ কম হোৱাত সহায় কৰে। যিকোনো সংস্থাত সংঘটিত হোৱা ঘটনা ৰাজিৰ বাবে সংস্থাটোৰ মুখ্য বিষয়াজনৰ হস্তক্ষেপ অবিহনে ঘটনাবোৰৰ ওপৰত নিয়ন্ত্ৰণৰ চেষ্টা কৰা হয়। কিছুমান তর্ক-বিতর্কৰ পিছত এইটো প্রতিপন্ন কৰা হয় যে কিছুমান ক্ষেত্রত চেন্সৰশিপ সমর্থনযোগ্য। যেনে- চৰম পন্থাৰ বিৰুদ্ধে মদ আৰু চিগাৰেট সেৱনৰ বিৰুদ্ধে তথা মিছা তথ্য বিৰুদ্ধ ইত্যাদি।

সাধাৰণতে চেন্সৰশ্বিপ সমর্থনযোগ্য হোৱাটো উচিত। কাৰণ চেন্সৰশ্বিপে নাগৰিকক মিছা তথা ভুৱা খবৰৰ পৰা ৰক্ষা কৰে। কিন্তু চৰকাৰৰ কিছুমান খবৰ চেন্সৰশ্বিপৰ পিছতো লুকুৱাই ৰখা হয় যাতে নাগৰিকসকলৰ মাজত কোনো নেতিবাচক ক্রিয়া নহয়। মিলৰ মতে, নগাৰিকৰ অধিকাৰ ভালদৰে জানিব লাগে আৰু সকলোবোৰ কথাতে চৰকাৰৰ হস্তক্ষেপ বৈধ হ’ব নোৱাৰে। কাৰণ নাগৰিকৰ স্বাধীনতাৰ সীমাৰেখা চৰকাৰে উলংঘা কৰিব নোৱাৰে তথা সীমাৰেখাৰ ভিতৰত থাকি কৰা নাগৰিকৰৰ যিকোনো কামত চৰকাৰে হস্তক্ষেপও কৰিব নোৱাৰে। মিলে সংবাদ মাধ্যমে স্বাধীনতাৰ ক্ষেত্ৰত দুটা মুখ্য সমস্যাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰিছে। এটা সমস্যা চৰকাৰৰ ফালৰ পৰা আহে আৰু আনটো জনসাধাৰণৰ ফালৰ পৰা আহে। চৰকাৰে সংবাদ মাধ্যমৰ দ্বাৰা প্রকাশিত নীতি-নিয়ম বান্ধি দিয়ে। যাৰ বাবে সংবাদ মাধ্যমে সেই নীতি-নিয়মৰ মাজেদি নিজৰ কাম কৰিবলগীয়া হয়। যদিও সংবাদ মাধ্যম বহু ক্ষেত্রত স্বাধীন তথাপিও নীতি বর্হিভূত কাৰ্যৰ পৰা কিন্তু বিৰত থাকিব লাগে। যিকোনো ঘটনাৰ বিৱৰণী দিয়াৰ আগতে চেন্সৰশ্বিপৰ কথাটো মনত ৰাখি কৰিব লাগে।

চেন্সৰশ্বিপ সমর্থনযোগ্য। কাৰণ প্ৰথম কথা হ’ল চেন্সৰশ্বিপে নাগৰিকক ভুৱা খবৰ বাতৰি তথা বিক্ষিপ্ত তথ্যৰ পৰা বিৰত ৰাখে। দ্বিতীয়তে চেন্সৰশ্বিপে সমাজত জনসাধাৰণৰ ৰাজনৈতিক তথা নৈতিক নীতিক ৰক্ষণাবেক্ষণ দিয়ে। গতিকে দেখা যায় চেন্সৰশ্বিপৰ সমর্থনযোগ্য।

১৭। সুৰক্ষিত ভেদভাৱে নিৰপেক্ষ সিদ্ধান্তৰ নীতিবোৰ উলংঘা কৰে নেকি? আলোচনা কৰা।

উত্তৰঃ সুৰক্ষিত ভেদভাৱ নীতিৰ দ্বাৰা সমাজৰ পৰা বঞ্চিত লোকসকলৰ অৱস্থাৰ উন্নতিৰ হকে মাত মতা হয়। এই বঞ্চিত লোকসকল পূর্বতে সামাজিক বৈষম্য বলি হোৱা লোক। পূৰ্বতে সামাজিক বৈষম্যৰ বলি হোৱা এই ব্যক্তিসকলৰ জীৱন প্রক্রিয়ালৈ সমসাময়িক ৰাজনৈতিক তত্বতও প্রভাৱ পৰিলক্ষিত হয়।

সামাজিক বৈষম্যৰ দ্বাৰা বলি হোৱা তথা সমাজৰ পৰা বঞ্চিত হোৱা ব্যক্তিসকলৰ বাবে কিছুমান সা-সুবিধাৰ ব্যৱস্থা কৰাই হ’ল সুৰক্ষিত ভেদভাৱ নীতিৰ অন্তর্ভুক্ত। এই বঞ্চিত শ্ৰেণীৰ ব্যক্তিসকলৰ বাবে চাকৰিৰ ব্যৱস্থা কৰা, শিক্ষানুষ্ঠানত নাম ভর্তিকৰণ ইত্যাদি। সুৰক্ষিত ভেদভাৱ নীতিৰ জৰিয়তে সমাজত চলি অহা নীতি-নিয়মবোৰৰ ক্ষেত্ৰত সাল সলনি ঘটাই বঞ্চিত শ্রেণীটোক নায্য সুৰক্ষিত দিয়াত যথেষ্ট অৰিহণা যোগাইছে। সুৰক্ষিত ভেদভাৱ নীতিৰ দ্বাৰা নিৰপেক্ষ সিদ্ধান্তৰ নীতিবোৰ উলংঘা হৈছে নে নাই এই ক্ষেত্রত বিভিন্ন মতবাদ দেখা পোৱা যায়।

সমঅধিকাৰবাদী আৰু উদাৰবাদীসকলে সুৰক্ষিত ভেদভাৱ নীতি সমর্থন কৰে। তেওঁলোকৰ মতে সুৰক্ষিত ভেদভাৱ নীতিৰ জৰিয়তে বঞ্চিত তথা নিষ্পেষিত লোকসকলে সমাজত নিজৰ স্থান পাবলৈ আৰু অন্যান্য মানুহৰ লগত নিৰপেক্ষভাৱে মিলি যাবলৈ সুবিধা হয়। আনহাতে নিৰপেক্ষবাদী আৰু আইনৰ সকাৰাত্মকবাদীসকলে কিন্তু সুৰক্ষিত ভেদভাৱ নীতি সমর্থন নকৰে আৰু এইটো হৈছে তেওঁলোকৰ সম্পূৰ্ণ নিজস্ব মতবাদ। তেওঁলোকৰ মতে সুৰক্ষিত ভেদভাৱ নীতিয়ে ব্যক্তিৰ মৌলিক অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ খৰ্ব কৰে। বহুত যুক্তি তৰ্কৰ পিছত এটা সিদ্ধান্তত উপনীত হ’ব পাৰি যে সুৰক্ষিত ভেদভাৱে নিৰপেক্ষ সিদ্ধান্তৰ নীতিবোৰ উলংঘা নকৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top