Concepts and Debates in Political Theory Unit 4 নাগৰিকত্ব, নাগৰিক সমাজ আৰু ৰাজ্য

Concepts and Debates in Political Theory Unit 4 নাগৰিকত্ব, নাগৰিক সমাজ আৰু ৰাজ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Concepts and Debates in Political Theory Unit 4 নাগৰিকত্ব, নাগৰিক সমাজ আৰু ৰাজ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Concepts and Debates in Political Theory Unit 4 নাগৰিকত্ব, নাগৰিক সমাজ আৰু ৰাজ্য Question Answer can be of great value to excel in the examination.

Concepts and Debates in Political Theory Unit 4 নাগৰিকত্ব, নাগৰিক সমাজ আৰু ৰাজ্য

Join Telegram channel

Concepts and Debates in Political Theory Unit 4 নাগৰিকত্ব, নাগৰিক সমাজ আৰু ৰাজ্য Notes cover all the exercise questions in UGC Syllabus. Concepts and Debates in Political Theory Unit 4 নাগৰিকত্ব, নাগৰিক সমাজ আৰু ৰাজ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

নাগৰিকত্ব, নাগৰিক সমাজ আৰু ৰাজ্য

অতি চমু প্রশ্নোত্তৰঃ

১। ‘The Prince’ বিখ্যাত গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ মেকিয়াভেলীৰ।

২। ৰাষ্ট্ৰ শব্দটো ক’ত প্রথমে ব্যৱহাৰ হৈছিল?

উত্তৰঃ প্রাচীনকালত গ্রীকসকলে নগৰ ৰাষ্ট্ৰক বুজাবলৈ ব্যৱহাৰ কৰিছিল।

৩। ‘State’ পোনপ্রথমে কোনে ক’ত ব্যৱহাৰ কৰে?

উত্তৰঃ মেকিয়াভেলীয়ে ‘The Prince’ গ্রন্থত।

8। ৰাষ্ট্ৰৰ উপাদানকেইটা কি কি?

উত্তৰঃ (ক) জনসমষ্টি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) নির্দিষ্ট ভূ-খণ্ড।

(গ) চৰকাৰ।

(ঘ) সার্বভৌমত্ব।

৫। সার্বভৌমত্বৰ দিশ দুটা কি কি?

উত্তৰঃ (ক) আভ্যন্তৰীণ সার্বভৌমত্ব।

(খ) বহিঃ সার্বভৌমত্ব।

৬। ৰাষ্ট্ৰৰ বৈজ্ঞানিক মতবাদটো কোনে দাঙি ধৰিছিল?

উত্তৰঃ কার্লমাক্সে।

৭। ৰাষ্ট্ৰৰ আইনগত তত্ত্বৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ (ক) ৰাষ্ট্ৰৰ এটা বৈধ ব্যক্তিত্ব আছে।

(খ) ৰাষ্ট্ৰ হৈছে আইনৰ জন্মদাতা।

(গ) ৰাষ্ট্ৰৰ এটা নিজস্ব ইচ্ছা আছে।

(ঘ) ৰাষ্ট্ৰ হৈছে আইনৰ প্ৰধান উৎস।

(ঙ) ৰাষ্ট্ৰই আইনৰ জৰিয়তে মানুহৰ অধিকাৰবোৰক ৰক্ষণাবেক্ষণ কৰে।

৮। ‘Leviatham’ কাৰ ৰচনা?

উত্তৰঃ থমাচ হ’বছৰ।

৯। Two Treatise or Civil Government কোনে লিখিছিল?

উত্তৰঃ জন ল’কৰ।

১০। কোনে কৈছিল – “The state exit for one great but single purpose, society exits for a number of perposes.” 

উত্তৰঃ বার্কাৰে।

১১। ৰাষ্ট্ৰৰ আৰু অন্যান্য সংস্থাৰ মাজত তিনিটা পার্থক্য দাঙি ধৰা।

উত্তৰঃ (ক) ৰাষ্ট্ৰৰ সদস্য পদ বাধ্যতামূলক কিন্তু সংস্থাৰ নহয়।

(খ) ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আছে, আনহাতে, সংস্থাৰ নাই।

(গ) ৰাষ্ট্ৰ এখন স্থায়ী প্রতিষ্ঠান, কিন্তু সংস্থা নহয়।

১২। ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত তিনিটা পাৰ্থক্য লিখা।

উত্তৰঃ (ক) ৰাষ্ট্ৰ এটা সম্পূৰ্ণ বস্তু, চৰকাৰ এটা অংশ।

(খ) ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা আছে কিন্তু চৰকাৰৰ নাই।

(গ) ৰাষ্ট্ৰ এটা স্থায়ী কিন্তু চৰকাৰ পৰিবৰ্তনশীল।

১৩। ৰাষ্ট্ৰৰ উদাৰনৈতিক চিন্তাধাৰাৰ পোনতে ক’ত জন্ম হয়? 

উত্তৰঃ ইউৰোপত।

১৪। কিমান চনত ফৰাচী বিপ্লৱ হয়?

উত্তৰঃ ১৭৮৯ খ্রীঃত।

১৫। আমেৰিকান ঔপনিবেশিকসকলৰ বিপ্লৱৰ সূচনা কেতিয়া হৈছিল?

উত্তৰঃ ১৭৭৬ চনত।

১৬। কেতিয়া শিল্প বিপ্লৱ সংঘটিত হৈছিল?

উত্তৰঃ ১৬৮৮ খ্রীঃত।

১৭। ক’ত প্রথমতে সংসদীয় গণতন্ত্ৰৰ জন্ম হৈছিল?

উত্তৰঃ ইংলেণ্ডত।

১৮। সংসদীয় গণতন্ত্ৰৰ মাতৃদেশ বুলি কাক অভিহিত কৰা হয়?

উত্তৰঃ ইংলেণ্ডক।

১৯। কোনে কৈছিল – “Greatest good of the greatest number.” 

উত্তৰঃ উপযোগিতাবাদসকলে।

২০। জনকল্যাণৰ দৰ্শন ধাৰণাটো কোনে দিছিল?

উত্তৰঃ গ্ৰীণ আৰু হ’বহাউছে।

২১। উপযোগীতাবাদৰ আদৰ্শ তিনিটা কি কি?

উত্তৰঃ (ক) আদর্শবাদ।

(খ) উপযোগিতাবাদ।

(গ) ব্যক্তিবাদ।

২২। ___________ উদাৰতাবাদৰ প্ৰাণস্বৰূপ। (খালী ঠাই পূৰ কৰা)

উত্তৰঃ ব্যক্তি স্বাধীনতা।

২৩। প্লেটোৰ মতে ৰাষ্ট্ৰত জনসংখ্যা কিমান হোৱা উচিত?

উত্তৰঃ ৫০৪০ জন।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। নাগৰিকত্ব বুলিলে কি বুজা? ইয়াৰ সংজ্ঞা দাঙি ধৰা?

উত্তৰঃ শব্দগত অর্থ অনুসৰি ‘নাগৰিকত্ব’ আৰু ‘নাগৰিকত্ব’ শব্দ দুটা নগৰৰ সৈতে সম্পর্ক স্থাপন কৰিব পাৰি। প্ৰাচীন কালত নগৰ আৰু ৰাষ্ট্ৰ প্ৰায় সমার্থক আছিল। একোখন নগৰেই একোখন ৰাষ্ট্ৰ গঠন কৰিছিল কাৰণে সেই ৰাষ্ট্ৰবোৰক ‘নগৰ ৰাষ্ট্ৰ’ বোলা হৈছিল। নগৰ ৰাষ্ট্ৰৰ অধিবাসীসকলৰ শাসনত অংশগ্রহণ কৰাৰ অধিকাৰ লাভ কৰা লোকসকলক প্রকৃতার্থত নাগৰিক বুলি গ্রাহ্য কৰা হৈছিল আৰু সেইবাবে নগৰ ৰাষ্ট্ৰত বসতি আৰু তাৰ প্রশাসনত অংশগ্ৰহণ দুয়োটাৰ সমষ্টিকে নাগৰিকত্ব আৰু নগৰ ৰাষ্ট্ৰৰ বাসিন্দা হৈ চৰকাৰত অংশগ্ৰহণকাৰীসকলক নাগৰিক আখ্যা দিয়া হৈছিল। নাগৰিক আৰু নাগৰিকত্বৰ ইংৰাজী প্রতিশব্দ ‘চিটিজেন’ (citizen) আৰু চিটিজেনশ্বিপ (citizenship) শব্দ দুয়োটা একেদৰে ক্ৰমে নগৰ ৰাষ্ট্ৰৰ অধিবাসী আৰু সেই অধিবাসীসকলৰ গুণ’ বুজাইছিল।

বিশেষভাৱে ক’বলৈ গ’লে নগৰ শব্দটোৰ পৰা নাগৰিক (citizen) শব্দটোৰ উৎপত্তি হৈছে। এই নাগৰিক শব্দটো পুৰণি গ্রীক নগৰ ৰাষ্ট্ৰ (citizen state) যুগৰ পৰাই প্রচলিত। সেই সময়ত নগৰ ৰাষ্ট্ৰত বসবাস কৰা বিশেষ শ্ৰেণীৰ লোক কিছুমানকহে নাগৰিক বোলা হৈছিল। প্রাচীন ৰোম আৰু ইউৰোপত মধ্যযুগলৈকে এই ধৰণৰ ব্যৱস্থাৰ প্ৰচলন থকা দেখা যায়। কিন্তু সেইদিনৰ নগৰ ৰাষ্ট্ৰ আৰু আজিৰ যুগৰ বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ মাজত বহুত পার্থক্য আছে। কিন্তু ৰাজনীতি বিজ্ঞানত নাগৰিক শব্দটো ইমান ঠেক অৰ্থত ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা নাযায়। বর্তমান নাগৰিক শব্দটোৱে এটা ব্যাপক অৰ্থক সূচায়। নাগৰিক বুলি পৰিগণিত হোৱাৰ বাবে বর্তমান তেনে কোনো যোগ্যতাৰ প্ৰয়োজন নাই। আজিকালি ৰাজনীতিবিদসকলৰ মতে নাগৰিকসকল কোনো এখন ৰাষ্ট্ৰৰ সভ্য। সেয়েহে বর্তমান যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্রতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে, তেওঁলোকক নাগৰিক বোলা হয়। ৰাজনৈতিক অধিকাৰ ভোগ কৰাই নাগৰিকৰ প্রধান লক্ষণ। মুঠতে ৰাষ্ট্ৰই অনুমোদন কৰা সামাজিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব ৰাষ্ট্ৰৰ প্ৰতি কিছুমান কর্তব্য পালন কৰা ব্যক্তিকে নাগৰিক (citizen) বোলা হয়।

নাগৰিকত্বৰ সংজ্ঞাঃ (Defination of citizenship)

নাগৰিকৰ সংজ্ঞা বিভিন্ন যুগৰ ৰাজনৈতিক দার্শনিকসকলে ভিন ভিন ধৰণে দিয়া দেখা যায়। ৰাজনৈতিক বিকাশৰ লগে লগে নাগৰিকতাৰ সংজ্ঞাৰো পৰিৱৰ্তন ঘটি থকা দেখা যায়।

গ্রীক দার্শনিক আৰু ৰাজনৈতিক চিন্তাবিদ এৰিষ্ট’টল (Aristotle ) ৰ মতে, ‘যি ব্যক্তিৰ ৰাষ্ট্ৰৰ আলোচনামূলক অথবা বিচাৰ বিভাগীয় প্রশাসনত অংশগ্ৰহণৰ ক্ষমতা আছে তেওঁক সেই ৰাষ্ট্ৰৰ নাগৰিক বুলি অভিহিত কৰা হয়। (who has the power to take part in the deliberative of judicial administration is said by us to be a citizen of the states)। এই সংজ্ঞাৰ পৰা ক’ব পাৰি যে তেতিয়া নগৰ ৰাষ্ট্ৰত বাস কৰা এটা বিশেষ শ্রেনীৰ লোককহে নাগৰিক বুলিছিল। নগৰ ৰাষ্ট্ৰবোৰত বাস কৰা সকলো লোক নাগৰিক নাছিল দাস, মহিলা, শিশু আৰু শিল্পীসকলক নাগৰিক হিচাপে গ্রাহ্য কৰা হোৱা নাছিল। কিন্তু আধুনিক যুগত এই সংজ্ঞা অ-প্রাসংগিক বুলি পৰিগণিত হ’ল। বৰ্তমানৰ ৰাষ্ট্ৰবিলাক আয়তনৰ ফালৰ পৰা ডাঙৰ আৰু জনসংখ্যাও বহুত আৰু সেয়ে জনসাধাৰণৰ দেশৰ শাসন কার্যত প্রত্যক্ষ আৰু সক্রিয়ভাৱে অংশ গ্রহণ কৰা সম্ভৱ নহয়।

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি মিলাৰ (Miller) ৰ মতে, ‘নাগৰিক সকল হ’ল তেওঁলোক বাস কৰা ৰাজনৈতিক সমাজৰ সদস্য। তেওঁলোকে ৰাষ্ট্র গঠন কৰে আৰু নিজৰ সন্মিলিত ক্ষমতাৰে নিজৰ অধিকাৰ প্রতিষ্ঠা কৰে নাইবা নিজকে সমষ্টিগত অধিকাৰ নিয়ন্ত্রণাধীন কৰে। (Citizens are members of the political community to which they belong. There are the people who compose the state and who in their associated capacity have established or subjected themselves to the domination of a government for the protection of their individual as well as their collective rights)

আধুনিক ৰাজনৈতিক চিন্তাবিদ লাস্কি (Laski) ৰ ভাষাত ক’ব পাৰি যে, ‘নাগৰিকত্ব হ’ল জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে নিজৰ সুচিন্তিত বিচাৰ বুদ্ধিৰ অৱদান। (citizenship is the contribution of one’s instructed judgements to the public good)

Encyclopedia Britannica ৰ মতে, ‘নাগৰিকত্ব হ’ল আইনৰ দ্বাৰা নিৰ্দিষ্ট চৰ্তৰ পৰা উদ্ভুত হোৱা ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আৰু এই আইনে নাগৰিকতাৰ সৈতে কিছুমান কর্তব্য আৰু অধিকাৰক সংশ্লিষ্ট কৰি দিয়ে। (citizenship is a relationship between an individual and state originating under terms prescribed by law and giving rise to certain duties and rights which such attaches to citizenship) শ্রীনিবাস শাস্ত্ৰীৰ ভাষাত, “যি ব্যক্তি ৰাষ্ট্ৰৰ সভ্য আৰু ৰাষ্ট্ৰত থাকি পূৰ্ণভাৱে আত্মবিকাশৰ অৰ্থে সচেতন আৰু সমাজৰ সবার্ধিক মংগল সম্পর্কে সচেতন থাকে”, তেওঁক নাগৰিক আখ্যা দিয়া হয়।

ইংৰাজ সমাজতত্ববিদ টি. লইচ মাশ্বালৈ আগবঢ়োৱা সংজ্ঞাটো বিশেষ প্রণিধানযোগ্য, নিজৰ ভাষাৰে, নাগৰিকত্ব হৈছে, ‘উমৈহতীয়া উদ্দেশ্য লৈ ঐক্যবদ্ধ হোৱা জনগোষ্ঠী এটাৰ সম্পূৰ্ণ সদস্য পদৰ ওপৰত অর্পিত মৰ্য্যদা। সেই মৰ্য্যদাৰ অধিকাৰী সকলো ব্যক্তি মৰ্য্যদাটো সমৃদ্ধ কৰা অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ত সমান। 

২। নাগৰিকত্বৰ সম্পূৰ্ণ আৰু সমান সদস্যপদ কি? উদাহৰণৰ সৈতে বুজাই লিখা?

উত্তৰঃ ৰাজনৈতিকভাৱে সংগঠিত সমাজ থকাৰ সম্পূৰ্ণ আৰু সমান সদস্য পদৰ মৰ্য্যদাক নাগৰিকত্ব আৰু তেনে মৰ্য্যদাপ্রাপ্ত লোকসকলক নাগৰিক বোলা হয়। ৰাষ্ট্ৰ নাগৰিকসকলৰ যৌথ পৰিচিত। তেনে মৰ্য্যদা লাভ নকৰাসকলৰ বাবে ৰাষ্ট্ৰখন স্থায়ী বাসস্থান নহয় বিদেশ সেইসকলে নিজৰ অভীষ্ট সিদ্ধিৰ পিছত তাত নাথাকে বিশেষকৈ ৰাষ্ট্ৰখন বিপদৰ সন্মুখীন হ’লে প্রায়েই সেই ৰাষ্ট্ৰ ত্যাগ কৰি গুচি যায়। 

সাধাৰণতে সহজলভ্য হ’লে মানুহে অতি মূল্যবান বস্তুৰো প্ৰকৃত মূল্য উপলব্ধি নকৰে। আনহাতে, দুষ্প্রাপ্য হ’লে অতি সাধাৰণ বস্তুৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়ে।

ৰাষ্ট্ৰৰ সম্পূৰ্ণ আৰু সমান সদস্য পদৰ ক্ষেত্ৰতো এই কথা সম্পূর্ণ প্রযোজ্য। যিসকল তেনে এবিধ অতি প্রয়োজনীয় সম্পদৰ (বস্তুৰ) পৰা কিবা কাৰণত বঞ্চিত হৈছে। সেই সকলৰ অৱস্থালৈ চালেই বুজিব পাৰি। অবৈধ বহিঃ প্ৰব্ৰজক বা শৰণাৰ্থী শ্রেণীভুক্ত লোকসকলে বহুতো দেশত বসবাস কৰাৰ অপ্রাণ চেষ্টা চলায়ো বিফল হোৱা দেখিবলৈ পালে যিকোনো দেশৰ সম্পূৰ্ণ আৰু সমান সদস্যসকলে নিশ্চয় নিজক সৌভাগ্যশালী বুলি ভাবিবলৈ বাধ্য হ’ব। মধ্য প্রাচ্যৰ দেশবোৰত আশ্রয় বিচাৰি ফুৰা পেলেষ্টানীয় ভগনীয়াসকল নিজৰ দেশৰ পৰা আশ্রয়বিহীন হৈ ওলাই অহা তির্ব্বতী সকল বাংলাদেশৰ পৰা ওলাই আহি কোনো দেশত সংস্থাপিত হ’ব নোৱাৰি বিপদত পৰা লোকসকল এনে শ্ৰেণীৰ ভিতৰুৱা। কোনো ৰাষ্ট্ৰই সম্পূর্ণ আৰু সমান বুলি গ্রহণ নকৰা তেনে মানুহবোৰক ৰাষ্ট্ৰবিহীন লোকো বোলা হয়।

সামাজিক বাতাৱৰণ আৰু ভাৱ চিন্তাৰ পৰিবৰ্তনৰ ফলত এসময়ত তাত্বিকভাৱে শুদ্ধ বুলি গৃহীত সমাজ বিজ্ঞানৰ বহুতো তত্ব প্রত্যাহ্বানৰ সন্মুখীন হোৱা দেখা যায়। ৰাজনীতি বিজ্ঞনৰ ধাৰণা তেনেবোৰৰ ভিতৰত অন্যতম। সাধাৰণতে, সমাজৰ যিবিলাক ব্যক্তি বা ব্যক্তিৰ গোটে নিজ স্বার্থ ব্যাহত হোৱা বুলি বা নিজে পাপ্যৰ পৰা বঞ্চিত হোৱা বুলি ধাৰণা কৰিলে সেই গোটবোৰে প্ৰচলিত কোনো ব্যৱস্থা বা তত্বৰ বিৰোধিতা কৰা দেখা যায়। তেনে গোটবোৰে প্ৰচলিত ব্যৱস্থাৰ মাজেদি সুৰুঙা উলিয়াই ইপ্সিত লক্ষ্য সাধনত নিজৰ দাবী সাবস্ত্য কৰিব বিচাৰে।

নাগৰিকত্ব লাভৰ প্ৰতিদ্বন্দীসকলৰ তেনে দাবীক ইতিমধ্যে সকলোবোৰ আসন যাত্রীয়ে অধিকাৰ কৰাৰ পিছত কোনো যান-বাহনত নতুন যাত্ৰীয়ে ভিৰ কৰাৰ লগত নাইবা কোনো শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰ্ব শেষ হোৱাৰ পিছত নতুন যুক্তি আগবঢ়াই নাম ভর্তি কৰিব খোজা বিদ্যার্থীৰ লগত ৰিজাব পাৰি। উদাহৰণস্বৰূপে, কথটো এটা ৰেলৰ দবাত অলপ আগতে তুমুল প্রতিদ্বন্দ্বিতাৰে ভিতৰত প্ৰৱেশ কৰিবলৈ সমৰ্থৱান হোৱা যাত্ৰীসকলৰ মাজতে হেচি ঠেলি নিজৰ বাবে ঠাই উলিয়াই ল’ব খোজা নতুন যাত্ৰীৰ দাবীৰ লগত তুলনা কৰিব পাৰি। একেদৰে তুলনা কৰিব পাৰি বহু পূর্বে প্রকাম্য সংখ্যা অতিক্ৰয় কৰি অতি ঘন বসতিপূর্ণ হোৱা কোনো ঠাইলৈ নতুন কৈ আহিব খোজা মানুহৰ লগত নাইবা তেনে এখন ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰি অহা মানুহৰ নাগৰিকত্ব লাভৰ দাবীৰ লগত। 

আধুনিক কালৰ কোনো নগৰ, মহানগৰ নাইবা ৰাষ্ট্ৰই কেৱল ভূমি পুত্ৰসকলৰ বাসস্থান হৈ থকা বুলি দাবী কৰিব নোৱাৰে। প্ৰয়োজনৰ ক্ষেত্ৰত সেইবোৰলৈ স্বাগতম জনাই মাতি অনা আৰু উপযাচি অহাসকলক বিনা বাধাই থাকিবলৈ দিয়াৰ ফলত নতুনকৈ প্ৰৱেশ কৰা মানুহবোৰেও ক্রমে-ক্রমে খিলঞ্জীয়াসকলৰ সৈতে বৈবাহিক সম্পর্ক স্থাপন কৰি আৰু অন্য প্ৰকাৰে মিলি গৈ সমাজত সম্পূর্ণ আৰু সমান সদস্য পদৰ মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায়। এই নতুন বাসিন্দা বা নাগৰিকসকলে তেওঁলোকে অহাৰ আগৰে পৰা বাস কৰি থকা সকলৰ সৈতে লগ লাগি সময়ত নিজক গুৰিত গজা আৰু তেওঁলোকতকৈ পিছত অহাসকলক পাবত গজা বুলি কৈ সেইসকলক সম্পূর্ণ আৰু সমানৰ মৰ্য্যদা দিব নোখোজে। সেই সত্বেও কেনেবাকৈ সম্পূর্ণ মৰ্য্যদা প্রাপ্তসকলেও গুৰিত গজাৰ সংখ্যা বৃদ্ধি কৰে। সেইদৰেই টনা-আঁজোৰা চিৰদিন চলি থাকে। এনে সংঘাতৰ ফলতে সৃষ্টি হয় নানা ধৰণৰ সামাজিক আন্দোলন, ৰাজনৈতিক খেল আৰু ‘অসম অসমীয়াৰ বাবে’ মহাৰাষ্ট্ৰ মহাৰাষ্ট্ৰীয়সকলৰ বাবে ‘ৰ নিচিনা ধ্বনিবোৰ।

নাগৰিকত্ব প্রদানৰ ক্ষেত্ৰত প্ৰতি থকা ৰাষ্ট্ৰত নিজৰ সংবিধান আৰু আইন অনুসৰী কর্মপন্থা হাতত ল’ব পাৰি। কিন্তু একোখন ৰাষ্ট্ৰৰ নাগৰিক সকলৰ বেলিকা অসমতাৰ দাবী গ্রহণযোগ্য হ’বনে? এই প্রশ্নটোৱে আন দুটা প্রশ্নৰ অৱতাৰণা কৰে। সেই দুটা হ’ল-

(ক) সকলোবোৰ সম্পূর্ণ আৰু সমান ব্যক্তিয়ে (নাগৰিকে) নিজৰ ইচ্ছা অনুসৰি নিজৰ বাসস্থান পঢ়া-শুনা কৰাৰ বাবে শিক্ষানুষ্ঠান আদি নিৰ্ণয় কৰি ল’ব পাৰেনে? আৰু

(খ) ধনী-দুখীয়া নির্বিশেষে সকলো নাগৰিকে কেতবোৰ মূল অধিকাৰ আৰু সা-সুবিধা ভোগ কৰাটো উচিতনে?

প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিবলৈ ভাৰতকে ধৰি বহুতো ৰাষ্ট্ৰৰ সংবিধানত সন্নিবিষ্ট কৰা ভ্ৰমণৰ অধিকাৰলৈ আঙুলিয়াব পাৰি। এই অধিকাৰ বিলাক সকলো শ্ৰেণীৰ ব্যক্তিৰ বাবেই গুৰুত্বপূর্ণ আৰু প্রাপ্য। সৰলীকৰণৰ বাবে কেৱল শ্রমিকসকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰযোজ্যতা বিচাৰ কৰি চালেই ছাত্র-ছাত্ৰীসকলৰ মনত স্পষ্ট ধাৰণা উপজিব বুলি বিশ্বাস কৰিব পৰা যায়।

শ্রমিকসকলে সাধাৰণতে নিজৰ ঘৰৰ ওচৰত থাকি জীৱিকা উপাৰ্জন কৰিবলৈ ভাল পায়। কিন্তু ওচৰতে কৰ্মৰ অভাৱ হ’লে দূৰলৈ, আনকি বিদেশলৈকেও ঢাপলি মেলে। এনেকুৱা কাৰণতে ইটা-ভাটাত কাম কৰাত অভিজ্ঞ শ্রমিকসকল আমাৰ দেশৰ বিভিন্ন অংশৰ পৰা বিভিন্ন ৰাজ্যৰ গ্রামাঞ্চললৈ যায়, ৰাজমিস্ত্রী আৰু কাঠমিস্ত্রীসকলে পকী দালান নির্মাণৰ লাভজনক কাম বিচাৰি নগৰীয়া অঞ্চলত ভিৰ কৰেগৈ, নগৰৰ কাৰখানাবোৰত শিক্ষিত অশিক্ষিত বহুতো কৰ্মীয়ে নিয়ুক্তিৰ বাবে ভূমূকি মাৰেগৈ ইত্যাদি। অকল সেয়ে নহয়, বহুতো বৃত্তিধাৰী লোকে জীৱিকাৰ সন্ধানত বিদেশলৈ যোৱাৰো উদাহৰণ কম নহয়। উদাহৰণস্বৰূপে, ব্ৰিটিছৰ আমোলত ভাৰতৰ বহু অংশৰ পৰা অসমৰ চাহ-বাগিছাত কাম কৰাৰ বাবে ভালেমান শ্রমিকক স্থায়ীভাৱে লৈ অহা হৈছিল। বর্তমান অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগস্বৰূপ চাহ-শ্রমিক জনগোষ্ঠী তাৰ সুন্দৰ প্রমাণ। আকৌ অসমত যে চীন দেশীয় কাঠমিস্ত্রীসকলে ধুনীয়া-ধুনীয়া গৃহ নির্মাণ কৰিছিলহি, সেই কথাৰো সুন্দৰ প্ৰমাণ পোৱা যায়। স্থানীয় লোকসকলৰ বাবে কৰ্ম সংস্থানৰ নাটনি নোহোৱা পর্যন্ত বা তেওঁলোকৰ মনত স্থানীয় চেতনা উদয় নোহোৱালৈ বহিৰাগতসকলৰ উপস্থিত প্রত্যাহ্বানৰ সন্মুখীন নহয়। এনে অৱস্থা অৱশ্যে চিৰদিন নচলে। এনে বহিৰাগতসকলৰ সংখ্যা বৃদ্ধি ক্রমে বেছি স্পষ্টৰূপ ধাৰণ কৰে আৰু ফলত পুৰণি বাসিন্দাসকল নিজৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ ভয়ত সঁচকিত হৈ উঠে। সেই কাৰণেই আনকি একেখন ৰাষ্ট্ৰৰে বা একে অঞ্চলৰে অন্য অংশৰ পৰা অহা তথাকথিত বহিৰাগতসকলৰ বহিষ্কৰণৰ বাবেও আন্দোলন গঢ়ি উঠা দেখা যায়। বিদেশী বহিৰাগতসকলৰ কথা ক’বই নালাগে।

একেখন ৰাষ্ট্ৰৰে বা একোটা অঞ্চলৰে অন্য অংশৰ পৰা নাগৰিকসকলৰ কৰ্ম বা বসতি বিপক্ষে চলোৱা আন্দোলনৰ বিষয়ে নিৰপেক্ষ বিচাৰকৰ দৃষ্টিৰে চালে দেখা যায় যে প্ৰথমতে, আন্দোলনকাৰীসকলৰ দৃষ্টিভংগী সম্পূর্ণ পৰিষ্কাৰ বা নিৰপেক্ষ নহ’বও পাৰে। উদাহৰণস্বৰূপে ক’ব পাৰি যে ভাৰতৰ অংগৰাজ্যৰ বাসিন্দাসকলে, আনকি এটি ক্ষুদ্র এলেকাৰ মানুহবোৰেও নিজৰ অঞ্চলৰ (ৰাজ্যৰ, জিলাৰ ইত্যাদি) বাহিৰৰ পৰা অহা লোকসকলৰ উপস্থিতিৰ ওপৰত অসিষ্ণুতা প্রকাশ কৰে। সেই সকলক স্থানীয় নহয় বুলি কোৱা হয়। স্থানীয়ৰ এটি সাৰ্ববাদীসন্মত অর্থ প্রকাশ কৰাটো বৰ যেন কঠিন কাম। কেতিয়াবা সমগ্র বিশ্ববাসীক একে বুলি কোৱা, কেতিয়াবা ক্ষুদ্ৰতৰ গণ্ডীলৈ আহি নিজৰ ৰাজ্যৰ মানুহবোৰেহে একে বুলি ভবা নাইবা তাতোকৈ ক্ষুদ্ৰতৰ পৰ্যায়ত নিজৰ গাওঁবাসীসকলৰ বাহিৰে অন্যবোৰক বেলেগ বুলি ভবাটো ৰে’লৰ দবাত অলপ আগতে হেঁচা ঠেলা কৰি সোমোৱাজনে তেওঁতকৈ পিছত সোমোৱা জনক বেলেগ বুলি ভবাৰ নিচিনা বিসদৃশ নহয়নে, আমি ভাৰতীয়সকলে ভাৰতীয়সকলৰ কোনোবা অন্য ৰাষ্ট্ৰলৈ গৈ অপমানিত হ’লে অসন্তুষ্ট হও, আমাৰ নিজৰ ৰাজ্যৰ পৰা ভাৰতৰে অন্য ৰাজ্যলৈ কর্ম সংস্থান বা বিদ্যালাভৰ উদ্দেশ্য গৈ ৰূঢ় ব্যৱহাৰৰ সন্মুখীন হ’লে, খং, কৰোঁ নাইবা নিজৰ গাঁওখনৰ পৰা অন্য এখন গাঁৱলৈ দিন হাজিৰা বা বস্তু কিনা-বেচাৰ বাবে যোৱা মানুহ বাধাগ্রস্ত হ’লে প্রতিবাদ কৰোঁ। অনুৰূপে আমিও ভাৰতলৈ অহা বিদেশী ভ্রমণকাৰী বা বিশেষজ্ঞসকলৰ প্ৰতি অপমানসূচক ব্যৱহাৰ কৰা অনুচিত। সেইদৰে দিল্লী বা বাংগালোৰলৈ (মহাৰাষ্ট্ৰ) অন্য ঠাইৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকল কেৰেলাৰ পৰা অন্য ৰাজ্যলৈ যোৱা শুশ্রূষাকাৰী আৰু শুশ্রূষাকাৰিণী সকলৰ নাইবা বিহাৰৰ গ্ৰাম্য অঞ্চলৰ পৰা যোৱা ইটাভাটাত কাম কৰা লোকসকল আক্ৰান্ত হোৱাটোও নিতান্ত বেয়া কথা। এনে ধৰণৰ বিপৰীত ধাৰণাবোৰৰ ঔচিত্য কেতিয়াওঁ মানি ল’ব নোৱাৰি।

আন এক ধৰণৰ বিসদৃশ আচৰণ দেখা যায় বহিৰাগত সকলৰ প্ৰতি দেখুওৱা আচৰণৰ ক্ষেত্ৰতো সেই দিশত শিক্ষা-প্রশিক্ষণ, বিশেষজ্ঞতা, ধনবল আদিৰ ভিত্তিত এক শ্রেণীয়ে সমাজৰ লাভ কৰাৰ বিপৰীতে সাধাৰণ শ্রেণীভূক্তসকল অৱহেলিত আৰু কেতিয়াবা উৎপীড়ণৰ বলি হোৱা চকুত পৰে। উদাহৰণস্বৰূপে, সাধাৰণতে নিজৰ অঞ্চলত দুষ্প্রাপ্য প্রশিক্ষিত, বিশেষজ্ঞ আদিক আদৰি আনি গৌৰববোধ কৰাৰ বিপৰীতে নিজৰ অঞ্চলত সহজ লভ্য শ্রমিক শ্রেণীভুক্তসকলৰ প্রতি নিতান্ত আসহ্যমূলক আচৰণো কৰা দেখা যায়।

ওপৰত উল্লিখিতবোৰ অগণতান্ত্রিক ভাবধাৰৰ পৰিচায়ক। সেই বুলি প্রকৃতৰূপে গণতান্ত্রিক বুলি দাবী কৰা সমাজতো যে বিভিন্ন মতৰ সৃষ্টি হ’ব নোৱাৰে, সেইটোও সঁচা নহয়। তেনে ধৰণৰ মতবিৰোধ মিট মাত কৰাৰ উপায় হিচাপে আলোচনা আৰু প্রতিবাদ সর্বোৎকৃষ্ট গণতান্ত্রিক পদ্ধতি বুলি ধাৰণা কৰা হয়। ভাৰতীয় সংবিধান প্রদত্ত প্রকাশৰ অধিকাৰৰ গূঢ়তাওঁ সেইটোৱেই। তেনে আলোচনা বা প্রতিবাদ শান্তিপূর্ণ হোৱা উচিত। প্রতিবাদকাৰী সকলে শোভাযাত্রা ধৰ্ণা, কর্মবিৰতি, হৰতাল, সংবাদপত্ৰ আৰু অন্যন্য প্ৰচাৰ মাধ্যম, ৰাজনৈতিক দল, চৰকাৰী কর্তৃপক্ষ আদালত আদিৰ সহায়ত মতবিৰোধ বিচাৰিব পাৰে। মনত ৰাখিবলগীয়া যে গণতন্ত্রত শক্তিৰ ব্যৱহাৰৰ কোনো গ্রহণযোগ্যতা নাই।

৩। সার্বজনীন নাগৰিকত্ব (Universal citizenship) ৰ ধাৰণাটো লিখা?

উত্তৰঃ ৰাষ্ট্ৰ নাগৰিকসকলকলৈ গঠিত হয়। নাগৰিক বুলি পৰিগণিত হোৱাৰ বাবে বৰ্তমান তেনে কোনো যোগ্যতাৰ প্ৰয়োজন নাই। যিসকল ব্যক্তিয়ে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্রতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোকক নাগৰিক বোলা হয়।

বর্তমান নাগৰিক শব্দটোয়ে এটা ব্যাপক অর্থক সূচায়। সেয়ে নাগৰিক হিচাপে এখন ৰাষ্ট্ৰত বসবাস কৰা আৰু কাম কৰা সকলো লোকে সমান আৰু সম্পূর্ণ সদস্যতা (Full membership) পোৱাৰ অধিকাৰ আছে। আজিকালি বিশ্বৰ প্রায়বিলাক দেশে সার্বজনীন নাগৰিকত্বৰ (Universal citizen) ধাৰণাক সমর্থন কৰে। সেয়ে হ’লেও সকলো ৰাষ্ট্ৰই নিজৰ দেশৰ বাসিন্দাসকলক নাগৰিক বুলি স্বীকৃত দিয়াৰ বাবে একোটা সুনির্দিষ্ট পদ্ধতি অনুসৰণ কৰে। এই নীতিবিলাক দেশৰ সংবিধান আৰু আইনত স্পষ্টভাৱে লিপিবদ্ধ হৈ থাকে। অৱশ্যে বিদেশী বা অবাঞ্চিত লোকসকলক বাহিৰত ৰখাৰ কাৰণে ৰাষ্ট্ৰই প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰ ক্ষমতাও আছে। ৰাষ্ট্ৰৰ নীতি-নিয়ম তথা প্রতিবন্ধকতা থাকিলেও আমাৰ দেশ ভাৰতকে ধৰি বিশ্বৰ বহুবিলাক দেশত অবৈধ (illegal) অনুপ্রৱেশ চলি থকা দেখা যায়। প্রাকৃতিক দুর্যোগ, ক্ষুদ্ধ আৰু অন্যান্য কিছুমান কাৰণতো এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন হ’ব পাৰে। উদাহৰণস্বৰূপে, অভাৱ-অনাটন, জনসংখ্যা বিস্ফোৰণৰ ফলত বাংলাদেশৰ পৰা লাখ লাখ মানুহ ভাৰতলৈ স্থানান্তৰিত হৈ আছে। কোনো ৰাষ্ট্ৰই যদি তেওঁলোকক আশ্রয় দিব নিবিচাৰে আৰু যদি তেওঁলোকৰ নিজৰ দেশলৈ উভতি যাব পৰা ব্যৱস্থা নাথাকে তেনে ক্ষেত্রত এইসকল লোক ৰাষ্ট্ৰবিহীন (stateless) অর্থাৎ শৰণার্থী (Refuge) হৈ পৰিব। এনে এটা পৰিস্থিতিত এই শ্ৰেণীৰ মানুহবিলাক ভীষণ সমস্যাৰ সন্মুখীন হ’ব। এনে এটা ভয়াবহতাত মোকামিলা আৰু সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰসংঘই (United nations Organization এজন উচ্চায়ুক্ত (High corrmissiones) নিযুক্ত কৰিছে। 

বর্তমান সময়ত এখন দেশৰ নাগৰিক হিচাপে কিমান সংখ্যক মানুহক সামৰি ল’ব পাৰি সেইটো এতিয়া মানৱীয়তা তথা ৰাজনৈতিক সমস্যা হিচাপে পৰিগণিত হৈছে বুলি ক’ব পাৰি। বিভিন্ন কাৰণত নিজৰ ৰাষ্ট্ৰ এৰি পলাই অহা নাগৰিকক আশ্রয় দিয়া এটা সার্বজনীন নীতি গড়ি উঠিছে জ্যাঠনৰ যদিও বহুবিলাক ৰাষ্ট্ৰই দেশৰ নিৰাপত্তাক বিপদাপন্ন কৰিব নিবিচাৰে। 1972 চনত বাংলাদেশৰ যুদ্ধৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰ বাবে বহু বাংলাদেশী নাগৰিকে ভাৰতৰ বিভিন্ন ৰাজ্যত আশ্রয় গ্রহণ কৰি আছে। ইয়াৰ উপৰিও চুবুৰীয়া প্ৰায়বোৰ দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ ঘটি আছে। এই সকলৰ মাজৰ পৰা বহুলোকক নাগৰিকত্ব প্রদান কৰা হৈছে। এই ধৰণৰ সমস্যাই গণতান্ত্রিক নাগৰিকত্ব (Democratic citizenship) ৰ প্ৰতি ভাবুকিৰ সূচি কৰিছে বুলি ক’ব পাৰি। ৰাষ্ট্ৰবিহীন লোকৰ সমস্যাটো আজিৰ বিশ্বই সন্মুখীন হোৱা বিভিন্ন সমস্যাবিলাকৰ ভিতৰত অন্যতম। যুদ্ধ বা ৰাজনৈতিক আলোচনাৰ জৰিয়তে ৰাষ্ট্ৰবোৰৰ চাৰিসীমা  নির্দ্ধাৰণ কাৰ্য্য এতিয়াও চলি আছে যাৰ ফলত যুদ্ধবন্দী বা তেনে ধৰণে ক্ষতিগ্রস্ত হোৱা ব্যক্তিসকলৰ ৰাজনৈতিক পৰিচয় তথা-জীৱনৰ নিৰাপত্তাই সমস্যাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ এই সমস্যাবোৰ জাতীয় নাগৰিকত্বৰ জৰিয়তে সমাধান নহ’বও পাৰে। গতিকে জাতীয় নাগৰিকত্বতকৈ অধিক বিশুদ্ধ সার্বজনীন চিনাকী (Universal Identity) ৰ বাবে ব্যৱস্থা গ্রহণ কৰা উচিত হ’ব যেন লাগে।

8। গোলকীয় (বিশ্ব) নাগৰিকত্ব (Global citizenship) কি উদাহৰণসহ আলোচনা কৰা? 

উত্তৰঃ সাম্প্ৰতিক কালত গোলকীয় নাগৰিকত্বৰ (Global citizenship) ধাৰণাই ৰাজনীতি বিজ্ঞাপনৰ অধ্যয়ন এক গুৰুত্বপূৰ্ণ জ্ঞান অধিকাৰ কৰি আছে। আজিৰ দিনত মানুহে পৰম্পৰৰ সম্পর্কযুক্ত ৰাষ্ট্ৰত বসবাস কৰে। বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ নতুন নতুন আৱিষ্কাৰ যেনে- ইন্টাৰনেট (Internet), দূৰদৰ্শন (Television), দূৰভাষ (Gell Phone) আদিৰ প্ৰভাৱে সমগ্র বিশ্বতে এক নতুন দিগন্তৰ সূচনা কৰিছে। যোগাযোগৰ নতুন মাধ্যমবোৰে সমগ্র বিশ্বক এটা পৰিয়ালত পৰিণত কৰাৰ ফলত পৃথিৱীৰ যিকোনো ঠাইতে সংঘটিত যিকোনো ঘটনা তৎকালেই সংবাদ মাধ্যমৰ জৰিয়তে বিয়পি পৰে। বিশ্বৰ কোনো প্রান্তত ঘটা কোনো দুৰ্যোগ যেনে- যুদ্ধ, প্রাকৃতিক দুর্যোগ, ভূমিকম্প ইত্যাদিৰ ফলত বিশ্বৰ সকলো মানুহে কম বেছি পৰিমাণে ভোগ কৰিব লাগে। ইয়াৰ ফলত বিশ্বৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত সহানুভূতি সচেতনতা আৰু ভ্ৰাতৃত্বৰ ভাব গঢ়ি উঠে।

বিশ্ব সম্প্রদায় অর্থাৎ গোলকীয় সম্প্রদায় (Global society on community) ৰ অৱস্থিতি এতিয়ালৈকে নাই যদিও সমগ্ৰ বিশ্বৰ জনসাধৰণে ৰাষ্ট্ৰীয় পৰিসীমা অতিক্ৰম কৰি পৰস্পৰ সম্পর্কযুক্ত হৈ আছে। বিশ্ব নাগৰিকত্বৰ সমৰ্থকসকলৰ মতে বিশ্বৰ কোনো এখন দেশ বা কোনো অঞ্চলৰ জনসাধাৰণে প্রাকৃতিক দুর্যোগ বা আন কোনো কাৰণত ক্ষতিগ্রস্ত হ’লে পৃথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়াই এনে ধৰণৰ সহায় সহযোগিতাই এখন বিশ্ব সমাজ গঠনৰ ইংগিত বহন কৰে বুলি ক’ব পাৰি। গোলকীয় নাগৰিকত্বৰ বাবে এইটো এটা দৃঢ় পদক্ষেপ বুলি ক’ব পাৰি।

আজিৰ বিশ্বত মৰ্য্যদা তথা সন্মান সহকাৰে জীয়াই থকাৰ কাৰণে প্রয়োজনীয় অধিকাৰ আৰু নিৰাপত্তাকে ধৰি সকলো সা-সুবিধা কোনো এখন দেশৰ জাতীয় নাগৰিকত্বই (National  Citizenship) প্রদান কৰিব লাগে। কিন্তু আজিৰ সমস্যা বহুল ৰাষ্ট্ৰবিলাকে জাতীয় তথা আন্তঃ ৰাষ্ট্ৰীয় ক্ষেত্ৰত এনে কিছুমান সমস্যাৰ সন্মুখীন হৈছে যাৰ বাবে সিবিলাকে অকলশৰীয়াকৈ সকলো সমস্যা সমাধান কৰা সম্ভৱ নহয়। এনে এটা পৰিস্থিতি কোনো ৰাষ্ট্ৰই প্ৰদান কৰা অধিকাৰবোৰ ব্যক্তিৰ স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে পর্যাপ্ত পৰিমাণৰ হ’ব বুলি ক’ব নোৱাৰি। গতিকে মানৱ অধিকাৰ (Human Rights) আৰু গোলকীয় নাগৰিকত্বৰ (Global Citizenship) ৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।

গোলকীয় নাগৰিকত্বই ৰাষ্ট্ৰৰ চাৰিসীমাৰ বাহিৰত সৃষ্টি হোৱা সমস্যাবোৰৰ আশু সমাধানৰ কাৰণে সহায়ক হ’ব বুলি বহু গৰাকী মণিষীয়ে মন্তব্য কৰিছে। কিয়নো এনে কিছুমান সমস্যা আছে যিবোৰ সমাধানৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰৰ সহযোগ আৰু সহায় অতিকৈ প্রয়োজনীয় বুলি বিবেচনা কৰা হয়। উদাহৰণস্বৰূপে, ভগনীয়া বা ৰাষ্ট্ৰ বিহীন লোকসকলৰ কথা উনুকিয়াব পাৰি। এনে লোকৰ সমস্যাসমূহৰ সমাধানৰ বাবে আন-আন ৰাষ্ট্ৰৰ সহায় আৰু সহযোগিতা নিশ্চয় লাগিব। মুঠতে জাতীয় নাগৰিকত্বৰ অভাৱখিনিক গোলকীয় নাগৰিকত্বৰ জৰিয়তে সমাধান কৰা সম্ভৱ হ’ব।

এইবোৰৰ উপৰিও নিয়োগ আৰু চৰকাৰী সহায় পোৱাৰ অধিকাৰ (Right to complyment and public Assisfarce) শোষণ আৰু উৎপীড়ণৰ পৰা মুক্তি পোৱাৰ অধিকাৰ (Right to freedom from explaitation and oppression) স্বাস্থ্য ৰক্ষাৰ অধিকাৰৰ (Right to protection of health) আদি সামাজিক অধিকাৰৰ অন্তভুক্ত। সেয়েহে উল্লেখিত আলোচনাসমূহৰ পৰা এইটো কথা স্পষ্ট হয় যে সামাজিক অধিকাৰৰ অনুপস্থিত নাগৰিকে সুস্থ, সবল, সামাজিক জীৱন-যাপন কৰিব নোৱাৰে। নাগৰিকে সুস্থ সামাজিক পৰিবেশতহে শান্তিৰে বাস কৰিব পাৰে।

দেখা যায় যে প্রাকৃতিক বিপদ, কর্মসংস্থানৰ অভাৱ যুদ্ধ আৰু হিংসা, সন্ত্রাসবাদী আক্ৰমণ নানাধৰণৰ ৰোগৰ তাড়ণা আৰু বিশেষকৈ অন্ন, বস্ত্র, বাসস্থান আদিৰ অভাৱৰ পৰা ৰক্ষা পৰাৰ একমাত্র উপায় হৈছে সমগ্র পৃথিৱীৰ সহানুভূতি আৰু সহযোগ। এনে মহান উদ্দেশ্য সাধাৰণৰ বাবে চিন্তা কৰি উলিওৱা ব্যৱস্থাটোক বিশ্বায়ন বা গোলকীকৰণৰ নাম দিয়া হৈছে। কল্পনা কথা হৈছে যে বিশ্বায়নে সমগ্র পৃথিৱীখনক এখন গাঁৱৰ নিচিনা কৰি পেলাব অৱশ্যে গোলকীকৰণ এতিয়াও কল্পনাৰ বস্তুৱেই হৈ আছে। ইয়াৰ সুবিধা-অসুবিধাবোৰৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব পৰা এতিয়াও হোৱা নাই। 

বিশ্বায়ন ব্যৱস্থা নিষ্ঠাৰে বাস্তৱত পৰিণত কৰিব পাৰিলে বর্তমান প্রচলিত ৰাষ্ট্ৰীয় পৰিসীমা আৰু নাগৰিকত্ব ব্যৱস্থা অপ্রাসংগিক হ’ব আৰু সেই ঠাই বিশ্বজনীন নাগৰিকত্বৰ ধাৰনাই, পৃথক কৰিব বুলি বহুতে ভাৱে।

৫। ৰাষ্ট্ৰ (State) বুলিলে কি বুজা? সংজ্ঞা দিয়া।

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ মূল বিষয়বস্তু হ’ল ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ উৎপত্তি ক্রমবিকাশ, গঠন প্ৰণালী বৈশিষ্ট্য, নীতি আৰু আদর্শ আদি আলোচনা কৰা ৰাজনীতি বিজ্ঞানৰ প্ৰধান তথা মুখ্য কাম। সেয়েহে মানৱ জীৱনৰ নানা প্রয়োজন চৰিতাৰ্থ কৰাৰ কাৰণেই যেন ৰাষ্ট্ৰৰ সৃষ্টি হৈছে। তাৰ কাৰণে প্রয়োজন হয় সুশৃঙ্খল সমাজ জীৱনৰ। ৰাষ্ট্ৰ অবিহনে সমাজ জীৱন সম্ভৱ নহয়। ৰাষ্ট্ৰৰ জৰিয়তেহে জীৱনৰ সাৰ্থকতা আৰু পৰিপূৰ্ণতা লাভ কৰিব পৰা যায়। 

ৰাষ্ট্ৰ জনসাধাৰণৰ এক সর্ববৃহৎ সন্থা। প্রাচীন কালত গ্রীক সকলে ৰাষ্ট্ৰক পলিচ (Polis) নামেৰে অভিহিত কৰিছিল। ৰোমান সকলে সেই একে অর্থ বুজাবলৈ চিভিটাছ (civitus) শব্দটোক ব্যৱহাৰ কৰিছিল। এই পলিচ (Polis) আৰু চিভিটাছ (civitus) শব্দ দুটাৰ অৰ্থ আছিল সৰু-সৰু নগৰ ৰাষ্ট্ৰ। টিউটন (Tution) সকলে সেই একে অর্থ বুজাবলৈ ষ্টেটাছ (Status) শব্দটোক ব্যৱহাৰ কৰিছিল। শেষত ষ্টেটাছ শব্দৰ পৰাই ষ্টেট বা ৰাষ্ট্ৰ শব্দটোৰ উদ্ভৱ হৈছে বুলি কোৱা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰ শব্দটো পোন প্রথমে মেকিয়াভেলিয়ে (Machiavelli) তেওঁৰ ‘The Prince’ নামৰ গ্ৰন্থত ব্যৱহাৰ কৰে। তেতিয়াৰ পৰাই ৰাষ্ট্ৰ শব্দটোক জনপ্রিয়ভাৱে ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰ কাক বোলে এই কথাৰ উত্তৰ দিবলৈ গৈ নানাজনে নানা ধৰণৰ মত দাঙি ধৰিছে। অতীত কালত গ্রীকসকলে ৰাষ্ট্ৰ শব্দটো তেওঁলোকৰ নগৰ ৰাষ্ট্ৰক বুজাবলৈ ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত ৰাষ্ট্ৰ শব্দটোক বহুতো অৰ্থত ব্যৱহাৰ কৰা হয়। তথাপি ৰাষ্ট্ৰৰ বিষয়ে এইটো ক’ব পৰা যায় যে যেতিয়া কিছুমান মানুহে কোনো এক নির্দিষ্ট ঠাইত বাস কৰে আৰু তেওঁলোকৰ নিজা স্বাধীন চৰকাৰ থাকে তেতিয়াই তেওঁলোকে এখন ৰাষ্ট্ৰ গঠন কৰা বুলি কোৱা হয়।

সাধাৰণ অৰ্থত ৰাষ্ট্ৰ হৈছে ৰাজনৈতিকৰূপে সংগঠিত সমাজ। ৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন ৰাজনীতি বিজ্ঞানবিদে বিভিন্ন ধৰণে দিছে। প্রাচীন গ্রীক দার্শনিকে আৰু ৰাজনীতিবিদ এৰিষ্ট’লৰ মতে, “সুস্থ আৰু স্বাৱলম্বী জীৱন-যাপন কৰিবলৈ কিছুমান পৰিয়ালৰ আৰু গাঁৱৰ সমষ্টিয়ে হ’ল হৈছে ৰাষ্ট্র।” মার্কিন যুক্তৰাষ্ট্ৰৰ ভুতপূৰ্ব ৰাষ্ট্ৰপতি উদ্র উইলচনৰ মতে, “কোনো নির্দিষ্ট ভূ-খণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিক ৰাষ্ট্ৰ বোলে। (A state is a people organised for law without a definite territory)।”  জাৰ্মান লেখক ব্লান্টল্লিৰ মতে, “কোনো নির্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা জনসাধাৰণৰ ৰাজনৈতিক সংগঠনইে-হৈছে ৰাষ্ট্র (The state is a politically organised people of a definite territory)”.

অধ্যাপক বাৰ্জেচৰ মতে, “নির্দিষ্ট ভূ-খণ্ডৰ মানুহৰ সংঘবদ্ধ জীৱনকে ৰাষ্ট্ৰ বোলে। (A particular portion of mankind viewed as an organised unit).”

অপেনহেইমৰ মতে, (Oppenheim) “যেতিয়া জনসাধাৰণে এক সাৰ্বভৌম চৰকাৰৰ অধীনত এখন দেশত এক গোট হৈ বাস কৰে তেতিয়া ৰাষ্ট্ৰৰ সৃষ্টি হয় (The state exit when a people is settled in a country under its own soverign government) ।”

অধ্যাপক গার্নাৰৰ মতে, ৰাষ্ট্ৰ হ’ল কম বেছি পৰিমাণৰ কিছুমান জনসমষ্টি যি চিৰস্থায়ীভাৱে নির্দিষ্ট ভূ-খণ্ড অধিকাৰ কৰি থাকে আৰু যি বহিঃ শক্তিৰ তলতীয়া নহয় আৰু যাৰ বেছিভাগ মানুহৰে আনুগত্য থকা এটা সুসংগঠিত চৰকাৰ আছে। (According to Garmen, The state is a community of persons, more or less members Permanently occupying a definite portion of territory, independent or nearly so, of external control and possessing an organised government to which the great body of inhabitants render habitual obedience.)

অধ্যাপক গার্নাৰৰ এই সংজ্ঞাই ৰাষ্ট্ৰৰ সকলো প্ৰয়োজনীয় গুণাগুণক সামৰি লৈছে। তেওঁৰ মতে কিছু মানুহে এটা সংগঠিত চৰকাৰ লৈ কোনো নিৰ্দিষ্ট ভূ-খণ্ডত থাকি তাৰ ওপৰত সার্বভৌম ক্ষমতাক প্রয়োগ কৰিবলৈ সমৰ্থ হ’লে সেয়েই ৰাষ্ট্ৰৰ নাম পাব।

৬। ৰাষ্ট্ৰ গঠনৰ প্ৰয়োজনীয় উপাদানসমূহ কি কি?

উত্তৰঃ জনসমষ্টি, নিৰ্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সার্বভৌমত্ব।

(ক) জনসমষ্টিঃ জনসংখ্যা হ’ল ৰাষ্ট্ৰ অতি প্রয়োজনীয় বৈশিষ্ট্য বা উপাদানষ জনসংখ্যা বা জনসমষ্টি অবিহনে এখন ৰাষ্ট্ৰৰ বিষয়ে কল্পনা কৰিব নোৱাৰি। কোনো ঠাইত কিছুমান মানুহ স্থায়ীভাৱে সংঘবদ্ধ হৈ বসবাস কৰিলেই ৰাষ্ট্ৰৰ উৎপত্তি হয় ৰাষ্ট্ৰ এখনত জনসংখ্যাৰ কোনো সীমাৱদ্ধতা নাই। প্লেটোৱে এখন ৰাষ্ট্ৰত ৫০৪০ জন মানুহ আৰু এৰিষ্ট’টলে এখন ৰাষ্ট্ৰৰ জনসংখ্যা অতি কমেও ১০,০০০ হ’ব লাগে বুলি কৈছিল। অৱশ্যে এটা কথা ঠিক যে জনবহুল দেশত ৰাষ্ট্ৰীয় উন্নয়নত সমস্যা সৃষ্টি হয় আৰু কম জনসংখ্যাৰ দেশবোৰতো নিৰাপত্তাৰ সমস্যাই দেখা দিয়ে। 

(খ) ভূ-খণ্ডঃ নির্দিষ্ট এডোখৰ ভূ-খণ্ড ৰাষ্ট্ৰ এখনৰ বাবে আটাইতকৈ প্রয়োজনীয় বৈশিষ্ট্য। নিদ্দিষ্ট ভূ-খণ্ড অবিহনে ৰাষ্ট হ’ব নোৱাৰে। ৰাষ্ট্ৰৰ ভূ-খণ্ডত জলভাগ, স্থলভাগ, আকাশ মাৰ্গ ইত্যাদিকো ধৰা হয়। ভূ-গৰ্ভৰ খনিজ সম্পদকো ইয়াৰ এলেকাৰ ভিতৰত ধৰা হয়। এখন ৰাষ্ট্ৰৰ ভৌগোলিক সীমাৰেখা কম হলে নাগৰিক সকলৰ ৰাজনৈতিক চেতনা, দেশপ্রেম বৃদ্ধি পায় আৰু অর্থনৈতিক ভাৱে আত্মনির্ভৰশীল হ’ব লাগে। এনে ৰাষ্ট্ৰৰ প্রশাসনীয় সমস্যাও সহজ হৈ পৰে। আধুনিক চিন্তাবিদ সকলে মত পোষণ কৰে যে আর্থিক বিষয়ত আত্মনির্ভৰশীল হ’বলৈ হ’লে ৰাষ্ট্ৰৰ পৰিসীমা এনেদৰে বৃদ্ধি হ’ব লাগে যাতে প্ৰচুৰ পৰিমাণে প্রাকৃতিক সম্পদ লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰোপৰি বৈদেশিক আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তাৰ প্ৰতিৰক্ষা সুদৃঢ় কৰাটো সম্ভৱপৰ হ’ব। 

(গ) চৰকাৰঃ এখন ৰাষ্ট্ৰ পৰিচালনাৰ বাবে সু-সংগঠিত আৰু সু-প্রতিষ্ঠিত চৰকাৰ থাকিবই লাগিব। চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্রতিফলিত হয়। ই জনসমষ্টিক সু-সংবদ্ধ আৰু সুশৃংখল কৰে। চৰকাৰ হ’ল ৰাষ্ট্ৰ চলিব নোৱাৰে। জনসাধাৰণৰ আশা-আকাংখ্যাক বাস্তৱত ৰবপ দিবলৈ, কোনো সমাজ পৰিচালিত কৰিবলৈ, জনসাধাৰণৰ নিৰাপত্তা প্রদান কৰিবলৈ এখন সুংসগঠিত আৰু সু-প্রতিষ্ঠিত চৰকাৰৰ প্ৰয়োজন হয়। চৰকাৰেহে ৰাষ্ট্ৰক ইচ্ছাক বাস্তৱ ৰূপ দিব পাৰে। ইয়াৰ অবিহণে ৰাষ্ট্ৰত অৰাজকতা, হোৱাৰ লগতে, নিৰাপত্তা বিপদাপন্ন হ’ব। চৰকাৰৰ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। যেনে, কেকেন্দ্রীক চৰকাৰ, সংসদীয় চৰকাৰ, ৰাষ্ট্ৰপতি পৰিচালিত চৰকাৰ, গণতান্ত্ৰিক চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ আদি। তদুপৰি ৰাষ্ট্ৰৰ কাৰ্য সম্পাদনৰ বাবে আইন পালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনি প্রকাৰৰ চৰকাৰ থাকে।

(ঘ) সার্বভৌমত্বঃ সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ গঠনৰ আটাইতকৈ প্রয়োজনীয় বৈশিষ্ট্য। ৰাষ্ট্রৰ প্রান প্রতিষ্ঠাৰ বাবে সার্বভৌমত্ব অতি প্রয়োজনীয়। বিভিন্ন ৰাজনীতিবিদে ৰাষ্ট্ৰৰ বাবে সার্বভৌম ক্ষমতাই সর্বোচ্চ, অসীম, অবিভাজ্য ধ্বংসহীন বুলি অভিহিত কৰিছে। সার্বভৌম ক্ষমতা বহিঃ নিয়ন্ত্ৰণৰ পৰাও মুক্ত। কোনো বেলেগ দেশে বেলেগ দেশৰ সাৰ্বভৌমত্বক নিয়ন্ত্রণ কৰিব নোৱাৰে। সার্বভৌমত্ব হৈছে এখন ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা যাৰ দ্বাৰা ৰাষ্ট্ৰখনে বিশিষ্ট সত্বা লাভ কৰে। সার্বভৌমত্বৰ আভ্যন্তৰীন আৰু বাহ্যিক এই দুটা দিশ আছে।

(ঙ) স্থায়িত্বঃ স্থায়িত্বও ৰাষ্ট্রৰ এটা অতি প্রয়োজনীয় বৈশিষ্ট্য বা উপাদান। বহুতো ৰাজনীতিবিদৰ মতে ৰাষ্ট্ৰৰ ধাৰাবাহিকতা থকা প্রয়োজন। অর্থাৎ ৰাষ্ট্ৰ খনত এবাৰ গঠন হোৱা চৰকাৰ পৰিৱৰ্তন হ’লেও ৰাষ্ট্ৰৰ স্থাত্বিত ব্যাঘাট জন্ম নহয়। 

(চ) স্বীকৃতিঃ ৰাষ্ট্ৰ এখনৰ মানদণ্ড নিৰূপণৰ ক্ষেত্ৰত পৰৰাষ্ট্ৰীয় স্বীকৃতি ৰ প্ৰয়োজন হয়। অর্থাৎ এখন ৰাষ্ট্ৰক অন্য ৰাষ্ট্ৰই স্বীকৃতি দিলেহে ৰাষ্ট্ৰখন ৰাষ্ট্ৰৰূপে গণ্য কৰা হ। পৰৰাষ্ট্ৰৰ স্বীকৃতি নোপোৱা ৰাষ্ট্ৰ হ’লে সেই ৰাষ্ট্ৰখনৰ লগত অন্য ৰাষ্ট্ৰই সম্পৰ্ক ৰক্ষা অন্যান্য ৰাষ্ট্ৰই সেই ৰাষ্ট্ৰখনক ৰাষ্ট্ৰ বুলি মানি ল’ব।

৭। প্রকৃতিৰ ৰাজ্য (State of nature) বুলিলে কি বুজা লিখা?

উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তিৰ সম্পৰ্কে থকা বিভিন্ন কাল্পনিক মতবাদবিলাকৰ ভিতৰত সামাজিক  চুক্তি মতবাদটোৱেই আটাইতকৈ বেছি প্রসিদ্ধ এই মতবাদ মতে ৰাষ্ট্ৰ ঈশ্বৰে সৃষ্টি কৰা নাই আৰু বল প্রয়োগৰ দ্বাৰাও ৰাষ্ট্ৰ গঠন হোৱা নাই। ৰাষ্ট্র হৈছে সামাজিক চুক্তিৰ ফলাফল। এই মতবাদ অনুসৰি চুক্তিৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উৎপত্তি হয়। মানুহে আগতে এনেদৰে জীবন- যাপন কৰিছিল য’ত ৰাষ্ট্ৰ আৰু সমাজৰ কথা নাছিল। ৰাষ্ট্ৰ স্থাপিত হোৱাৰ এই অৱস্থাক ‘প্ৰকৃতিৰ ৰাজ্যত কোনো নীতি-নিয়ম-কানুন নাছিল। যিয়ে যেনেকৈ পাৰে জীৱন-যাপন কৰিছিল। এনে অৱস্থাত মানুহে কেৱল কিছুমান প্রাকৃতিক নিয়ম (Natural laws) মানি চলিছিল। এনে ধৰণৰ জীৱন-যাত্ৰাৰ পথত মানুহবিলাকে যেতিয়া কষ্ট আৰু অসুবিধা পাব ধৰিলে, তেতিয়া এই অসুবিধাবোৰ দূৰ কৰাৰ কাৰণে সকলো মিলি তেওঁলোকৰ মাজত এটা চুক্তি সম্পাদন কৰে। এই চুক্তিকে সামাজিক চুক্তি (Social Contract) বুলি কোৱা হয় আৰু এই চুক্তিৰ ফলস্বৰূপেই ৰাষ্ট্ৰৰ উৎপত্তি (Emergency of state) হয়।

৮। সামাজিক চুক্তি তত্বটো কি লিখা। এই তত্বৰ সৈতে জড়িত তিনিগৰাকী প্রধান প্ৰৱক্তাৰ বৰঙণি সমূহ আলোচনা কৰা লগতে সমালোচনা দাঙি ধৰা।

উত্তৰঃ সামাজিক চুক্তি তত্ব (Social Contract theory) অতি প্রাচীন মতবাদ। সামাজিক চুক্তি ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে বিভিন্ন মতবাদ সমূহৰ ভিতৰত অন্যতম। এই মতবাদে অকল ৰাষ্ট্ৰৰ ৰাষ্ট্ৰৰ উৎপত্তিৰ কাৰণেই বিশ্লেষণ কৰা নাই, ই ৰাষ্ট্ৰৰ প্ৰকৃতি বিশ্লেষণতো বিশেষ সহায়ক। সেয়েহে ৰাষ্ট্ৰক সামাজিক চুক্তিৰ ফল বুলিলে অভিহিত কৰা হয়। ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ আগতে মানুহে প্ৰকৃতিৰ ৰাজ্যত বসবাস কৰিছিল য’ত কোনো আইন-কানুন-নীতি নিয়ম নাছিল। মানুহে আনকি এনেদৰে বসবাস কৰিছিল য’ত কোনো সমাজ আৰু ৰাষ্ট্ৰৰ কথাও নাছিল। সেয়ে ৰাষ্ট্ৰ গঠনৰ আগৰ এই অৱস্থাক (State of Nature) অর্থাৎ প্ৰকৃতিৰ ৰাজ্য বুলিয়েই অভিহিত কৰা হৈছিল য’ত যিয়েই যেনেকৈ পাৰে তেনেকৈয়ে জীৱন যাপন কৰিছিল। এনে অৱস্থাত মানুহে কেৱল কিছুমান (Natural law) অর্থাৎ প্রাকৃতিক নিয়ম মানি চলিছিল আৰু এনে ধৰণৰ জীবন-যাত্রাৰ পথত মানুহবিলাকে যেতিয়া কষ্ট আৰু অসুবিধা পাবলৈ ধৰিলে তেতিয়া এই অসুবিধাবোৰ দূৰ কৰিবৰ বাবে সকলো মিলি তেওঁলোকৰ মাজত এটা চুক্তি সম্পাদন কৰিলে। এই চুক্তিকে সামাজিক চুক্তি বুলি অভিহিত কৰা হয় আৰু এই চুক্তিৰ ফলস্বৰূপেই ৰাষ্ট্রৰ সৃষ্টি হয়।

আধুনিক দৃষ্টিভংগীত এই মতবাদৰ তিনিজন প্রসিদ্ধ প্রৱক্তা হ’ল- থমাচ হ’বচ, জন ল’ক আৰু জ্যা জেক ৰুছো। এওঁলোক তিনিজন ক্রমে সপ্তদশ আৰু অষ্টাদশ শতিকাৰ ৰাজনৈতিক দার্শনিক আৰু প্রত্যকে সামাজিক চুক্তি সম্পর্কে নিজৰ নিজৰ বিভিন্ন মন্তব্য দাঙি ধৰিছে।

(ক) থমাচ হ’বচৰ সামাজিক চুক্তি মতবাদ (Social Contract theory of Thamas Hobbes): থমাচ হ’বচ সপ্তদশ শতাব্দীৰ ইংলণ্ডেৰ এগৰাকী প্রসিদ্ধ দার্শনিক। ১৬৫১ ‘চনত প্রকাশিত তেওঁৰ বিখ্যাত গ্রন্থ লেভিয়াথান (Leviathan) ত সামাজিক চুক্তি (Social Contract) সম্পর্কে তেওঁৰ মতামত আগবঢ়াইছে।

হ’বচৰ মতে, ৰাষ্ট্ৰ জন্ম হোৱাৰ আগতে মানুহে প্রাকৃতিক অৱস্থাত জন্তু আদিয়ে বাস কৰাৰ দৰে বাস কৰিছিল। প্রত্যেকে তেতিয়া প্রতি মূহুর্ততে মৃত্যুৰ কাৰণে ভয় কৰি আছিল। মানুহৰ তেতিয়া সামাজিক চেতনা নাছিল। মানুহে মানুহৰ ভয়ত নিঃসংগ জীবন যাপন কৰিছিল ফলত মানুহৰ জীৱন হৈ পৰিছিল নিঃসংগ, দাৰিদ্রপূর্ণ, পার্শ্বৱিক আৰু অনিশ্চিত (The state of Nature became a state of war of all against all which made life solitary, poor, nasty, brutish and short) এই অৱস্থাত জীৱনৰ কোনো নিৰাপত্তা নাছিল, ফলত মানুহৰ মাজত হাই-কাজিয়া, বাদ-বিবাদৰ মীমাংসা কৰিবলৈ কোনো উমৈহতীয়া সার্বভৌম কর্তৃপক্ষ নথকাত ‘জোৰ যাৰ মুলুক তাৰ’ নীতিৰ মাজেৰে মানুহে বাস কৰিব লাগিছিল প্রকৃতি ৰাজ্যৰ এই অৰাজকতা আৰু জীৱন-যাপন আদিব অনিশ্চিয়তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে মানুহবিলাকে একগোট হৈ চুক্তি এটাত উপনীত হয়। এই চুক্তিক সামাজিক চুক্তি বোলা হয়। 

এই চুক্তি অনুযায়ী প্রত্যকজন মানুহে তেওঁৰ সকলোবোৰ ব্যক্তিগত অধিকাৰ কোনো এজন ব্যক্তি বা ব্যক্তি সমষ্টিৰ (Assembly of men) ওচৰত সমর্পণ কৰিছিল। এই ব্যক্তি ব্যক্তি সমষ্টি হ’ল তেওঁলোকৰ উমৈহতীয়া কর্তৃপক্ষ। এই কর্তৃপক্ষৰ ওচৰত শাসনৰ দায়িত্ব ন্যস্ত কৰা হ’ল? যিজনৰ হাতত অধিকাৰবোৰ অর্পণ কৰিলে তেৱে সর্বশক্তিমান বা ৰজা। তেওঁ চুক্তিত আৱদ্ধ নাছিল, মানুহবিলাকে নিজৰ হাতত কোনো অধিকাৰ নৰখাকৈ সকলো অধিকাৰ শাসকৰ ওচৰত অর্পণ কৰিছিল। গতিকে ৰজা সর্বশক্তিমান তেওঁক ক্ষমতাচ্যুত কৰিব নোৱাৰি। এনেদৰে প্রাকৃতিক অৱস্থাত বসবাস কৰা মানুহবোৰৰ মাজত হোৱা পাৰস্পৰিক চুক্তিৰ ফলতেই হ’বচৰ মতে ৰাষ্ট্ৰৰ সৃষ্টি হয়। 

হ’বচৰ মতবাদৰ সমালোচনাঃ হ’বচৰ সামাজিক চুক্তি মতবাদৰ কোনো ঐতিহাসিক মূল্য নাই। মানুহৰ মাজত হোৱা চুক্তিৰ পৰা ৰাষ্ট্ৰৰ উৎপত্তি হোৱা সম্পর্কত ইতিহাসত কোনো উল্লেখ নাই। 

হ’বচৰ সামাজিক চুক্তি অস্বাভাৱিক। হ’বচৰ মতে, চুক্তি আছিল একপক্ষীয়। সার্বভৌম ক্ষমতাৰ অধিকাৰী ব্যক্তি ৰজা চুক্তিৰ অংশীদাৰ নহয়। তেওঁ চুক্তিত অংশ গ্রহণ কৰা নাই। কিন্তু কোনো চুক্তি হ’ব লাগিলে দুটাৰ পক্ষৰ দৰকাৰ। এক পক্ষীয় চুক্তি কেতিয়াও সম্ভৱ নহয়। ই অৱাস্তৱ।

হ’বচৰ মতে, প্রাকৃতিক অৱস্থাত বাস কৰা মানুহবোৰৰ কোনো সমাজ নাছিল আৰু লগতে কৈছে যে তেনে অৱস্থাত তেওঁলোকে কিছুমান প্রাকৃতিক অধিকাৰ উপভোগ কৰিছিল। কিন্তু সমাজ বা ৰাষ্ট্র নোহোৱাকৈ কোনো অধিকাৰ জনম হ’ব নোৱাৰে। অর্থাৎ সমাজ নোহোৱাকৈ অধিকাৰ কল্পনা কৰিবই নোৱাৰি। সমাজ তথা ৰাষ্ট্ৰৰ পৰাহে অধিকাৰ আহে। গতিকে হ’বচে এটা পৰম্পৰা বিৰোধী বিষয়ৰ অৱতাৰণা কৰিছে।

লেভিয়াথান গ্রন্থত হ’বচে গণ-শক্তিক অস্বীকাৰ কৰিছে। যিসকলে সামাজিক চুক্তি সম্পাদন কৰিছিল। সেইজনে সাধাৰণক তেওঁ নিকৃষ্ট স্তৰৰ জীৱ হিচাপে চিত্রিত কৰিছে। জনসাধাৰণক এনেদৰে চিত্ৰিত কৰাটো সমীচিন নহয়।

হ’বচৰ সামাজিক চুক্তি বিপদজনক। ই ৰজাক স্বেচ্ছাচাৰীৰ হ’বলৈ সুবিধা দিয়ে। গণ সার্বভৌমত্বক ইয়াত আওকাণ কৰা হৈছে।

বহু ত্রুটি থকা সত্বেও হ’বচৰ মতামত একেদৰে সাৰশূন্য নহয়। হ’বচে ৰাজনৈতিক আনুগত্য আৰু বিধিগত সার্বভৌমত্বৰ স্থাপন কৰি গৈছে। তাৰোপৰি ৰাজনৈতিক জীৱনত নিয়মানুৱৰ্তিতাৰ প্রয়োজনৰ বিষয়ে গুৰুত্ব আৰোপ কৰা প্ৰথম দার্শনিক (Hobbes is the first philosopher of disciption)। হ’বচৰ সাৰ্বভৌমত্বৰ ধাৰণাক ভেটি কৰি লৈ পৰৱৰ্তী কালত জন অষ্টিনে তেওঁৰ বৈধ সার্বভৌমত্বৰ ধাৰণাৰ তত্ত্ব দাঙি ধৰিছিল।

(খ) জন ল’কৰ সামাজিক চুক্তি মতবাদ (Social Contract Theory of John Locke): জন ল’ক সপ্তদশ শতিকাৰ এজন প্রখ্যাত ইংৰাজ ৰাজনৈতিক চিন্তাবিদ আছিল। ৰাষ্ট্ৰ সৃষ্টিৰ সামাজিক চুক্তিবাদী দার্শনিকসকলৰ ভিতৰত হ’বচৰ পিছতেই জন ল’কৰ স্থান। জন ল’কে ১৬৯০ চনত প্রকাশিত (Two Treatire on civil government) নামৰ গ্ৰন্থৰ সামাজিক চুক্তি তত্ত্বৰ ব্যাখ্যা দাঙি ধৰিছে। জনগণৰ সন্মতিৰ ভিত্তিত সীমিত ৰাজতন্ত্র (Limited Monarcly) প্রতিষ্ঠা কৰা ল’কৰ সামাজিক চুক্তিৰ মুখ্য উদ্দেশ্য আছিল। হ’বচৰ দৰে ল’কেও কৈছিল যে ৰাষ্ট্ৰ গঠনৰ আগত মানুহে প্রাকৃতিক পৰিবেশত বাস কৰিছিল, ল’কৰ মতে প্রাকৃতিক পৰিবেশ হ’বচে কল্পনা কৰাৰ দৰে সিমান বেয়া নাছিল। হ’বচে প্রকৃতিৰ ৰাজ্যৰ এক ভয়াৱহ ছবি দাঙি ধৰিছিল, যিটো ল’কে দাঙি ধৰা নাছিল, কিয়নো ল’কৰ মতে, প্রাকৃতিক পৰিবেশ আছিল শান্তি, শুভেচ্ছা আৰু পাৰস্পৰিক সহযোগিতা (a state of peace goodwill, mutual assistance and preservation) প্রকৃতি ৰাজ্যত হাই-কাজিয়া নাছিল। তাত শান্তি সাম্য আৰু স্বাধীনতাই বিৰাজ কৰিছিল। মানুহে প্রাকৃতিক নিয়ম (Law of nature) মতে শান্তি আৰু শৃংলাৰ মাজত জীৱন-যাপন কৰিছিল। আন কথাত, ল’কৰ প্রাকৃতিক পৰিবেশত মানুহে সাম্যৰ জৰিয়তে সমান অধিকাৰ উপভোগ কৰিছিল। প্রাকৃতিক ৰাজ্যত জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্ভাৱ আছিল যদিও কিছুমান উচ্ছৃংখল, বিকৃত মনোবৃত্তিৰ মানুহৰ দুনীর্তি পৰায়ণতাৰ বাবে প্রাকৃতিক নিয়মবোৰ প্রয়োগ আৰু ব্যাখ্যা কৰাৰ কাৰণে কোনো নিৰপেক্ষ বিচাৰ, সভা নাছিল আৰু মানুহৰ মাজত হোবা বাদ-বিবাদ আদিৰ চূড়ান্ত নিষ্পত্তি কৰিবলৈ আৰু দোষী ব্যক্তিক শাস্তি বিহিবৰ বাবেও কোনো সর্বোচ্চ কর্তৃপক্ষ নাছিল। ফলত মানুহৰ মাজত সহযোগিতা থাকিলেও নিৰাপত্তা নাছিল। 

গতিকে একো অভাৱ পুৰণ কৰিবৰ বাবে মানুহবোৰে প্রাকৃতিক পৰিবেশ ত্যাগ কৰি প্রথমে নিজৰ মাজত এটা পাৰস্পৰিক চুক্তিৰ জৰিয়তে ৰাজনৈতিক সমাজ ৰাষ্ট্ৰৰ সৃষ্টিকৰে জনসাধাৰণৰ মাজত সম্পাদিত এই প্রথম চুক্তিটো আছিল এক সামাজিক চুক্তি (Social Contract) তেওঁলোকে নিজৰ অধিকাৰবোৰ কোনো ব্যক্তি বিশেষৰ ওপৰত অর্পণ নকৰি তেওঁলোকে যি ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল সেই ৰাষ্ট্ৰৰ ওচৰতহে প্রদান কৰিছিল। মানুহে যি উদ্দেশ্য ৰাষ্ট্ৰ সৃষ্টি কৰিলে সেই উদ্দেশ্যে কাৰ্য্যকৰী কৰাৰ অৰ্থে আৰু এটা চুক্তি সম্পাদন কৰি চৰকাৰ গঠন কৰিলে। এই দ্বিতীয় চুক্তি আছিল এক ৰাজনৈতিক চুক্তি (political Cantract) এই চুক্তি অনুসাৰে তেওঁলোকে চৰকাৰ গঠন কৰিলে, যদিও ইয়াক সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হ’বলৈ নিদিয়ে। চৰকাৰৰ চৰ্তসাপেক্ষেহে কিছুমান অধিকাৰ প্ৰদান কৰিলে। যিমান দিনলৈ চৰকাৰে এই চৰ্তসমূহ পালন কৰিবলৈ সমর্থ হয় সিমান দিনলৈ ক্ষমতাত অধিষ্ঠিত হৈ থাকিব পাৰিব। যদি চৰকাৰে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা, সম্পত্তি ৰক্ষা কৰাত ব্যর্থ হয়, তেনেহ’লে জনসাধাৰণে সেই চৰকাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব পাৰিব। আন কথাত ল’কে চৰকাৰ অর্থাৎ শাসন কর্তৃপক্ষক সীমিত ক্ষমতা অর্পণ কৰিছিল।

ল’কৰ মতে, চৰকাৰ চুক্তিৰ পক্ষ বা অংশীদাৰ। গতিকে চৰকাৰে এই চুক্তি অৱমাননা কৰি ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। ল’কে সামাজিক চুক্তিতত্ত্বত চৰম সীমাহীন ক্ষমতা সম্পন্ন সার্বভৌম কর্তৃপক্ষৰ স্থান নাই। ৰাষ্ট্ৰৰ ইচ্ছাই শাসকৰ ইচ্ছাক সীমিত কৰিব পাৰে। (The will of the state may limit the will and actions of a ruler) এইদৰে দেখা যায় যে হ’বচে এক পক্ষীয় চুক্তিৰ দ্বাৰা অবাধ ৰাজতন্ত্ৰৰ সমৰ্থন কৰিছিল আৰু ল’কে সীমিত ৰাজতন্ত্রৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

সমালোচনা (criticism): জন ল’কৰ সামাজিক চুক্তি তত্বৰ প্রধান ত্রুটি হৈছে এই যে তেওঁ বৈধ সার্বভৌমত্বৰ ধাৰণাক সম্পূৰ্ণৰূপে আওঁকাণ কৰিছে। তেওঁ জনমতকেই সার্বভৌমত্ব বুলি দেখুওৱাৰ প্ৰয়াস কৰিছে, পিছে এনে সার্বভৌমত্ব ৰাজনৈতিক সার্বভৌমত্বহে। কিন্তু  ৰাজনৈতিক স্বাধীনতাৰ বিধিগত প্রকাশ নাথাকিলে কোনো শাসন ব্যৱস্থাই প্রচলিত হ’ব নোৱাৰে। গিল থ্ৰাইষ্টে।(Gilchsist) য়ে কয় যে ল’কে কেৱল ৰাজনৈতিক সার্বভৌমত্বক স্বীকৃত দিছে, কিন্তু বিধিগত সার্বভৌমত্বক যথেষ্ট স্বীকৃতি দিয়া নাই (Locke recognise the forces of  political sovereignty but does not give adequate recognition to legal  sovereignty)

মূল্যায়ন (Evaluation): জন ল’ক এজন বিশিষ্ট ৰাজনৈতিক চিন্তাবিদ। তেওঁৰ ৰাষ্ট্ৰ সৃষ্টি মতবাদে ৰাজনীতি বিজ্ঞানলৈ এক উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে। ল’কৰ মতে প্রত্যেক মানুহৰ জীৱনৰ সম্পত্তিৰ আৰু স্বাধীনতাৰ অধিকাৰ থাকে। এই অধিকাৰ উপভোগৰ ক্ষেত্ৰত চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগে। ল’ক হ’ল প্রথম ব্যক্তি, যিয়ে সামাজিক চুক্তিৰ জৰিয়তে সৃষ্টিকৰে সাংবিধানিক চৰকাৰ আৰু আইনৰ অনুশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেৱেই পোন প্ৰথম ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত পাৰ্থক্য দেখুৱাইছিল। ল’ক আছিল গণ সার্বভৌমত্বৰ সমর্থক। তেওঁৰ মতে জনসাধাৰণ হ’ল সকলো ক্ষমতাৰ উৎস। শাসন কর্তৃপক্ষই সার্বভৌমত্বৰ ক্ষমতা জনসাধাৰণৰ পৰাহে আহৰণ কৰিব পাৰে। এইদৰে তেওঁ গণতান্ত্রিক ভাবধাৰাৰ বিকাশৰ পথ সুপ্রশস্ত কৰিছে।

জ্যাঁ জেক ৰুছোৰ সামাজিক চুক্তি মতবাদ (Social Contract Theory of Jean Jacques Rousseau): সামাজিক চুক্তি মতবাদৰ আন এজন বিশিষ্ট অংশীদাৰ হ’ল অষ্টাদশ শতিকাৰ এজন প্রসিদ্ধ দার্শনিক জ্যাঁ জেক ৰুছো। ৰুছোই সামাজিক চুক্তি মতবাদ তেওঁৰ ১৭৬২ চনত প্রকাশ হোৱা বিখ্যাত গ্রন্থ ‘সামাজিক চুক্তি’ (Social Contract) ত ব্যাখ্যা কৰিছে। হ’বচ আৰু ল’কৰ নিচিনা ৰুছোৱেও সামাজিক চুক্তিৰ ফলত ৰাষ্ট্ৰৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰে।

হ’বচ আৰু ল’কৰ নিচিনাকৈ ৰুছোৱেও বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰ উৎপত্তি হোৱাৰ আগতে মানুহে প্রাকৃতিক পৰিবেশত বাস কৰিছিল। কিন্তু হ’বচৰ নিচিনা তেওঁ প্রাকৃতিক পৰিবেশ ভয়াবহ আৰু দুৰ্বল বুলি চিত্রিত কৰা নাই। তেওঁ প্রাকৃতিক পৰিবেশৰ চিত্ৰ বেলেগ ধৰণে অংকন কৰিছিল। ৰুছোৰ মতে প্রকৃতি ৰাজ্যৰ মানুহে মুকলি মূৰীয়া সুস্থ আৰু সুখী জীৱন-যাপন কৰিছিল। সকলো মানুহে আনি চলিছিল আৰু সমাজত শান্তি আৰু শৃংখলা বিৰাজ কৰিছিল। মানুহৰ ব্যক্তি স্বাধীনতাও আছিল। তেওঁলোকৰ মাজত সহায় সহযোগিতাৰ প্ৰচলন আছিল। আন কথাত কছোৰ প্ৰতি ৰাজ্য আছিল ভূ-স্বর্গ স্বৰূপ। এনে পৰিবেশত অৱাধ স্বাধীনতা সাম্য প্রতিষ্ঠিত আছিল।

কিন্তু মানুহৰ মাজত দীর্ঘদিন ধৰি এনেকুৱা সুখ-শান্তি বর্তি নাথাকিল। ক্রমাগত অশান্তিৰ সৃষ্টি হ’ল। কিয়নো সময় আগবঢ়াৰ লগে লগে জনসংখ্যা বৃদ্ধি হৈ আহিল, মানুহে সভ্যতাৰ পোহৰ পালে, তেওঁলোকৰ মনত যুক্তিৰ উদয় হোৱাৰ ফলত ভাল-বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায় বুজি পোৱা হ’ল আৰু লগতে ব্যক্তিগত সম্পত্তিৰ প্রশ্নই মানুহক স্বাৰ্থপৰ কৰি তুলিলে। প্রকৃতি ৰাজ্যত বিৰোধ আৰু সংঘাতে দেখা দিলে। আৰম্ভ হ’ল অশান্তি। মানুহৰ নিৰাপাত্ত নোহোৱা হ’ল। লগে লগে মানুহৰ জীৱন-যাত্ৰাত জটিল আৰু অসহনীয় হৈ পৰিল।

এই অস্বাভাৱিক অৱস্থাৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে মানুহবিলাকে তেওঁলোকৰ মাজত এটা চুক্তি কৰি ৰাষ্ট্ৰৰ সৃষ্টি কৰিলে। ইয়াকে সামাজিক চুক্তি বোলা হয়। এই চুক্তিমতে জনসাধাৰণে তেওঁলোকৰ স্বাভাৱিক অধিকাৰবোৰ কোনো ব্যক্তি নাইবা শাসনকর্তাৰ হাতত অর্পণ নকৰি চুক্তিবদ্ধ হোৱা সমষ্টিটোৰ ওচৰতহে অর্পণ কৰিছিল। ইয়াৰ পৰা তেওঁলোকৰ ব্যক্তিগত কোনো অসুবিধা নাইবা লোকচান হোৱা নাছিল। কিয়নো প্রাকৃতিক অৱস্থাও থকা অধিকাৰসমূহ মানুহবোৰে তেওঁলোকৰ সমষ্টিৰ ওচৰত অৰ্পণ কৰিছিল। এই জনসমষ্টিৰ ইচ্ছাই হ’ল সাধাৰণ ইচ্ছা (General will) সাধাৰণ ইচ্ছা হ’ল সমাজৰ সাৰ্বভৌম শক্তি। সাধাৰণ সমাজৰ ইচ্ছাই হে ৰাষ্ট্ৰ গঠন কৰে। চৰকাৰৰ কোনো নিজা ক্ষমতা নাই। চৰকাৰে সাধাৰণ ইচ্ছা অৰ্থাৎ জনসাধাৰণৰ পৰা হে ক্ষমতা আহৰণ কৰে আৰু ই সাধাৰণৰ ইচ্ছাৰ অধীন। এইদৰে ৰুছোয়ে গণতন্ত্ৰৰ সূচনা কৰে।

সমালোচনা (Criticism): ৰুছোৰ ৰাজনৈতিক দর্শন একেবাৰে নির্ভুল নহয়। তেওঁৰ এই মতবাদ বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা হৈছে। তেওঁৰ সামাজিক চুক্তিৰ কোনো ঐতিহাসিক ভিত্তি নাই। আদিম অৱস্থাত থকা মানুহে ৰাষ্ট্ৰ গঠনৰ চুক্তি কৰাটো সম্ভৱ নহয়। ৰাষ্ট্ৰ গঠনৰ দৰে ৰাজনৈতিক চুক্তি কৰিবলৈ হ’লে সেই সম্পৰ্কত সূক্ষ্ম ধাৰণাৰ প্ৰয়োজন। তদুপৰি সাধাৰণ ইচ্ছাৰ ওপৰত চৰম সাৰ্বভৌম ক্ষমতা অর্পণ কৰাটোতেই তেওঁৰ ৰাজনৈতিক মতবাদৰ দুৰ্বলতা নিহিত আছে। চৰম আৰু সীমাহীন শক্তি সম্পন্ন সাধাৰণ ইচ্ছাই স্বেচ্ছাচাৰী শাসনৰ সৃষ্টি কৰিব পাৰে। সেয়েহে হানশ্চে (Hanshew) কৈছে, ‘ৰুছোৰ জনসাধাৰনৰ স্বাধীনতা আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ সমন্বয় সাধনৰ উদ্দেশ্য সফল নহ’ল। (Ronsseav’s Problems of combining state Sovereinty with the freedom of the Subject tramained unsolved).

মূল্যায়ন (Evaluation): ৰুছোৰ সামাজিক মতবাদৰ কেতবোৰ দোষ থাকিলেও ইয়াৰে গুৰুত্ব নুই কৰিব নোৱাৰি। ৰুছোৰ ৰাষ্ট্র দর্শনে ৰাজনৈতিক ইতিহাসত এক উল্লেখযোগ্য বৰঙণি যায় আগবঢ়াইছে। ৰুছোৰ ৰাজনৈতিক আদর্শ সেই সময়ৰ সংবিধান প্রণেতাসকলৰ ওপৰত গভীৰ প্রভাৱ বিস্তাৰ কৰিছিল। তেওঁৰ মতবাদে আধুনিক গণতন্ত্ৰৰ বিকাশৰ ক্ষেত্ৰতো যথেষ্ট বৰঙণি যোগাইছে। তেওঁ আছিল জনা সার্বভৌমত্বৰ সমর্থক। তেওঁৰ মতে, প্রকৃততে সকলো মানুহেই স্বাধীন আৰু সমান। জনসাধাৰণৰ সন্মতিৰ ভিত্তিতহে ৰাষ্ট্ৰৰ উৎপত্তি আৰু ৰাষ্ট্র যে এটা মানৱীয় অনুষ্ঠান এই সত্য তেওঁ সামাজিক চুক্তি তত্ত্বৰ জৰিয়তে প্রতিপন্ন কৰিছে। মুঠতে জনসাধাৰণৰ মতবাদৰ ওপৰতে যে ৰাষ্ট্ৰৰ শক্তি প্রতিষ্ঠিত আৰু প্রতিজন ব্যক্তি যে ৰাষ্ট্ৰৰ অবিচ্ছেদ্য অংগ এই কথা ৰুছোৰ সামাজিক চুক্তি মতবাদত বাৰুকৈয়ে প্রকাশ পাইছে।

৯। ৰাষ্ট্ৰৰ মার্ক্সবাদী ধাৰণাটো কি বুজাই লিখা।

উত্তৰঃ আদর্শবাদী ৰাজনৈতিক পণ্ডিতসকলে ৰাষ্ট্র সম্পর্কে আগবঢ়োৱা তত্বক মার্ক্সে মানি লোৱা নাছিল। এৰিষ্ট’টলৰ মতে, মানুহৰ দৰকাৰৰ ভিত্তিতেই ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু মানুহে যাতে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ কাৰণেই ৰাষ্ট্ৰ বৰ্তি আছে। অর্থাৎ নাগৰিকসকলৰ সর্বাংগীন কল্যাণ সাধন কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। ৰাষ্ট্ৰৰ জৰিয়তে নাগৰিকসকলে তেওঁলোকৰ ব্যক্তিত্বক প্রকাশ আৰু প্রতিভাক বিকাশ কৰাৰ সুবিধা পায়। ৰাষ্ট্ৰ হৈছে এটা সার্বজনীন অনুষ্ঠান, ই সকলো অনুষ্ঠানতকৈ শ্রেষ্ঠ। গ্রীণ (Green) ৰ মতে, স্বাধীনতাই স্বতন্ত্রতাক সূচায়, স্বতন্ত্রতাৰ পৰা অধিকাৰৰ সৃষ্টি হয় আৰু অধিকাৰৰ পৰাই ৰাষ্ট্ৰৰ জন্ম হয়। অর্থাৎ ৰাষ্ট্ৰৰ পৰাই সকলো নাগৰিকে অধিকাৰ পায় আৰু ৰাষ্ট্ৰই নাগৰিকৰ অধিকাৰ ভোগ কৰাত সহায় কৰে। ৰাষ্ট্ৰ অবিহনে নাগৰিকে অধিকাৰ ভোগ কৰিব নোৱাৰে।

কিন্তু মার্ক্সে ৰাষ্ট্ৰ সম্পৰ্কে এনে ধাৰণাক সমর্থন নকৰে। তেওঁৰ মতে, ৰাষ্ট্ৰ কেতিয়াও সার্বজনীন নহয়। ই প্ৰাকৃতিক অনুষ্ঠানো নহয়। ৰাষ্ট্ৰই কেতিয়াও সকলো শ্রেণীৰ লোকৰ মংগল কামনা নকৰে। তেওঁৰ মতে, যিসকল লোকৰ অৰ্থনৈতিক স্বচ্ছলতা আছে সেইসকল লোকেই ৰাষ্ট্ৰৰ শাসন কাৰ্য্যক নিয়ন্ত্রিত কৰে আৰু এই শাসক শ্ৰেণীৰ লোকৰ স্বাৰ্থ পূৰণৰ কাৰণেই ৰাষ্ট্ৰই সকলো ব্যবস্থা গ্রহণ কৰে। দাস ব্যৱস্থাৰ প্ৰচলন থকাৰ সময়ত ৰাষ্ট্ৰই মালিকসকলৰ স্বাৰ্থৰক্ষাৰ ব্যৱস্থা কৰিছিল। সেই সময়ত নাগৰিকসকলে প্রশাসনীয় আৰু বিচাৰ বিভাগীয় কার্য্যত অংশগ্রহণ কৰিছিল ফলত ৰাষ্ট্ৰই প্ৰশাসনৰ দায়িত্বত থকা এই শ্ৰেণীৰ লোকৰ স্বাৰ্থহে ৰক্ষা কৰিছিল। সমাপ্ত ব্যৱস্থাৰ প্ৰচলন থকা সময়ত ৰাষ্ট্ৰৰ প্ৰশাসনত বেৰণ, জমিদাৰ আদি শ্ৰেণীৰ লোকে প্রশাসনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু ৰাষ্ট্ৰই এই শ্ৰেণীৰ লোকৰ স্বাৰ্থৰক্ষাৰ কাৰণে দৰকাৰী ব্যবস্থা গ্রহণ কৰিছিল। বর্তমান সমাজত ধনী শ্ৰেণীৰ লোকেহে ৰাজনৈতিক ক্ষমতা প্রয়োগৰ সুবিধা পায়। গতিকে বর্তমান জিবাদী সমাজ ব্যৱস্থাতো ধনী শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ কাৰণেহে ব্যৱস্থা গ্রহণ কৰা হয়। কমিউনিষ্ট মেনিফেক্ট’ত প্রকাশ কৰা মতে, ৰাষ্ট্র হৈছে বুজোৱাসকলৰ কাৰ্য্যকৰী কমিটিৰ নিচিনা এংগেলছৰ মতে ৰাষ্ট্ৰ হৈছে এক শ্ৰেণীৰ লোকে আন এক শ্রেণীৰ লোকৰ ওপৰত উৎপীড়ন কৰিব পৰা এক ধৰণৰ ব্যৱস্থা। ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা, আইন-কানুন, সামাজিক ব্যৱস্থা আদি সকলোৰে ওপৰত পুঁজিপতিসকলৰ নিয়ন্ত্রণ থাকে। ৰাষ্ট্রই গ্রহণ কৰা বিধি বিধানসমূহে পুঁজিপতিসকলৰ স্বাৰ্থহে ৰক্ষা কৰে। ৰাষ্ট্ৰ আৰু ইয়াৰ ক্ষমতাৰ সহায়ত পুঁজিপতিসকলে বনুৱা শ্রেণীৰ লোকক শাসন আৰু শোষণ কৰাৰ এটা ব্যৱস্থা মাথোন।

মার্ক্সৰ মতে, ৰাষ্ট্র শক্তি আৰু হিংসাৰ ওপৰতহে প্রতিষ্ঠিত, জনসাধাৰণৰ ইচ্ছা বা সন্মতি ইয়াৰ ভেঁটি নহয়। শাসনৰ দায়িত্বত থকা শ্ৰেণীৰ লোকে শাসিতসকলক শোষণ আৰু দৰ্শন কৰাৰ উদ্দেশ্য সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰে। পুঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষা কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। পুঁজিপতি সকলে কোনো পৰিশ্ৰম নকৰাকৈয়ে উদ্বৃত্ত মূল্যক ভোগ কৰে। ইয়াৰ সহায়ত তেওঁলোকে সৈন্য বাহিনীৰ খৰচৰ যোগান ধৰিব পাৰে। ৰাষ্ট্ৰৰ পুলিছ, মিলিটাৰী আইন-কানুন আদি সকলোৰে ওপৰত এই শ্ৰেণীৰ লোকে প্ৰভাৱ বিস্তাৰ কৰে। এনেবোৰ মাধ্যমৰ সহায়ত তেওঁলোকে শাসিতসকলৰ ওপৰত নিয়ন্ত্ৰণ চলায়। সেয়েহে ব্যক্তিৰ ওপৰত কৰা অপৰাধতকৈ সম্পত্তিৰ ক্ষেত্ৰত কৰা অপৰাধত অধিক পৰিমাণৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰা হয়। পুঁজিপতি সকলে স্কুল, কলেজ, ধর্মানুষ্ঠান আদি সাংস্কৃতিক অনুষ্ঠানসমূহৰ ওপৰতো নিয়ন্ত্রণ চলায়। শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান আদিত যাতে পুঁজিবাদী ভাবধাৰাৰ বিৰুদ্ধে শিক্ষা দিয়া নহয়, তাৰ প্রতিও তেওঁলোকে লক্ষ্য ৰাখে, সেয়েহে শ্রেণী সংগ্ৰামৰ জৰিয়তে এনে ব্যৱস্থাৰ পতন ঘটাই শ্রেণীহীন আৰু ৰাষ্ট্ৰহীন সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰাৰ ওপৰত মার্ক্সে গুৰুত্ব দিয়ে।

মার্ক্সৰ মতে, ৰাষ্ট্ৰ হৈছে এটা অস্থায়ী অনুষ্ঠান। তেওঁৰ মতে, পুঁজিবাদী ব্যৱস্থাত শ্রমিকক কৰা শোষণৰ ফলত শ্ৰেণী সংঘৰ্ষৰ সৃষ্টি হ’ব আৰু এই শ্রেণী সংঘৰ্ষই পুঁজিবাদৰ পতন ঘটাই সৰ্বহাৰৰ একনায়কত্ব বাদক প্রতিষ্ঠা কৰিব। পুঁজিবাদৰ পতন আৰু সাম্যবাদৰ প্ৰতিষ্ঠা এই মাজৰ সময়ছোৱাত অনুৱৰ্তী ৰাষ্ট্ৰ ব্যৱস্থা থাকিব। আগৰ ৰাষ্ট্ৰ ব্যৱস্থা আৰু অনুৱৰ্তীকালীন সময়ৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজত প্রভেদ এয়েই যে পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলক শাসন আৰু শোষণ কৰা হৈছিল, কিন্তু এই ব্যৱস্থাত পুঁজিপতিসকলক শাসন আৰু শোষণ কৰা হ’ব। পুঁজিপতিসকলে সহজতে শ্রমিকৰ একনায়কত্ব বাদক মানি চলিবলৈ টান পাব, সেয়েহে তেওঁলোকে আগৰ মান মৰ্য্যদাক ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰিব। কিন্তু তেওঁলোকৰ এই চেষ্টা সাফল্য মণ্ডিত নহ’ব। সেয়েহে শেষত এক শ্রেণীহীন আৰু ৰাষ্ট্ৰহীন সমাজ ব্যৱস্থাৰ প্রতিষ্ঠা হ’ব। অর্থাৎ শ্রেণীসংস্থা হিচাপে ৰাষ্ট্ৰৰ অস্তিত্ব নোহোৱা হ’ব। সেয়েহে ৰাষ্ট্ৰক মার্ক্সে অস্থায়ী অনুষ্ঠান হিচাপে আখ্যা দিছিল।

ৰাষ্ট্র সম্পর্কে মার্ক্স আৰু তেওঁৰ অনুগামীসকলে পোষণ কৰা ধাৰণাৰ পৰা তলত দিয়া সিদ্ধান্তসমূহত উপনীত হ’ব পাৰি।

(ক) প্রথমতে, ৰাষ্ট্র সম্পর্কে তেওঁলোকৰ মতবাদ শ্রেণী সংগ্ৰামৰ ধাৰণাৰ লগত জড়িত। তেওঁলোকে শ্রেণী বিভাজনৰ পৰাই ৰাষ্ট্ৰৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰে আৰু ৰাষ্ট্ৰক তেওঁলোকে শ্রেণীসংস্থা হিচাবে বিবেচনা কৰে।

(খ) দ্বিতীয়তে, তেওঁলোকৰ মতে ৰাষ্ট্ৰৰ শাসন যন্ত্রক ধনীক শ্ৰেণীৰ লোকে নিয়ন্ত্রণ কৰে, ৰাষ্ট্ৰৰ জৰিয়তে শাসক শ্ৰেণীয়ে নিজৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা গ্রহণ কৰে। সেয়েহে এনে ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই, বর্তমান ৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰোধিতা কৰাই উচিত বুলি তেওঁলোকে বিবেচনা কৰে।

(গ) তৃতীয়তে, ৰাষ্ট্ৰ জনসাধাৰণৰ সন্মতি বা ইচ্ছাৰ ওপৰত প্রতিষ্ঠিত নহয় শক্তি আৰু হিংসাৰ ওপৰতহে, ৰাষ্ট্ৰ প্রতিষ্ঠিত, আইন-শৃংখলা ৰক্ষা কৰাতকৈ শ্ৰমিকসকলৰ ওপৰত শক্তি প্রয়োগ কৰাৰ ওপৰতহে ৰাষ্ট্ৰই গুৰুত্ব দিয়ে। বিশৃংখলাৰ সৃষ্টিৰ অজুহাতত ৰাষ্ট্ৰই শ্রমিকসকলৰ আন্দোলন, ধৰ্মঘট আদিক কঠোৰভাৱে দমন কৰে। শ্রমিকসকলক শাসন কৰা কাৰ্য্যত মনোনিবেশ কৰাৰ কাৰণে জনসাধৰণৰ কল্যাণৰ কাৰণে কাম কৰিবলৈ ৰাষ্ট্ৰৰ সমক্ষ নাথাকে।

(ঘ) চতুর্থতে, ৰাষ্ট্ৰ অস্থায়ী অনুষ্ঠান, শ্রেণী সংঘৰ্ষৰ ফলত যেতিয়া এখন শ্রেণীবিহীন সমাজৰ প্রতিষ্ঠা হ’ব তেতিয়া কোনো শ্ৰেণীৰ লোককে শাসন কৰিবলৈ ৰাষ্ট্ৰৰ দৰকাৰ নোহোৱা হ’ব। অর্থাৎ শ্রেণীসংস্থা হিচাপে ৰাষ্ট্ৰৰ অস্তিত্ব নাইকিয়া হ’ব।

শেষত, শ্ৰেণী সংঘৰ্ষৰ জৰিয়তেহে শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰা সম্ভৱ হ’ব পাৰে বুলি মার্ক্সে বিশ্বাস কৰে।

মূল্যায়ন (Evaluation): মার্ক্সৰ আন আন সিদ্ধান্তৰ নিচিনা, ৰাষ্ট্ৰ সম্পৰ্কীয় মতবাদো কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। মার্ক্সৰ ৰাষ্ট্ৰৰ সম্পৰ্কীয় তত্বৰ বিৰুদ্ধে তলত দিয়া ধৰণে সমালোচনা আগবঢ়োৱা হয়।

(ক) মার্ক্সবাদীসকলৰ মতে, ৰাষ্ট্ৰ হৈছে শ্রমিক শ্রেণীক শোষণ কৰা এটা যন্ত্ৰৰ, ৰাষ্ট্ৰৰ সহায়ত পুঁজিপতিসকলে শ্রমিক শ্রেণীক শোষণ কৰে। কিন্তু এনে ধাৰণা গ্রহণযোগ্য, ৰাষ্ট্ৰই শ্রমিক শ্রেণীক শোষণ কৰাত সহায় নকৰে, সেইদৰে পুঁজিপতিসকলে তেওঁলোকৰ সুবিধাৰ কাৰণে ৰাষ্ট্ৰযন্ত্ৰ ব্যৱহাৰ কৰাটোও সঁচা নহয়। শ্রমিক আৰু পুঁজিপতিসকলৰ মাজত মতভেদ থাকিলেও, তেওঁলোকৰ মাজত আদৰ্শৰ বিষয়ত প্রভেদ থাকিলেও, তেনে মতভেদক শান্তিপূর্ণভাৱে আলাপ-আলোচনাৰ জৰিয়তে আৰু সাংবিধানিক উপায়ে নাইকিয়া কৰিব পাৰি। অৱশ্যে কেতিয়াবা কেতিয়াবা কোনো কোনো শাসকগোষ্ঠীয়ে ঠেক মনোবৃত্তিৰ দ্বাৰা প্রবাৱান্বিত হৈ ব্যক্তিগত স্বার্থ পূৰণৰ কাৰণে ৰাষ্ট্রীয় ক্ষমতাক প্রয়োগ কৰা নীতিক গ্রহণ কৰিব পাৰে। কিন্তু শাসনৰ দায়িত্বত থকা সকলো লোকেই এনেকুৱা নহয়। বর্তমান গণতান্ত্রিক যুগৰ কথা বাদ দি অতীত আৰু মধ্যযুগৰ শাসনকর্তাসকলেও যে প্রজাৰ মংগলৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিছিল  তাৰ উদাহৰণো পোৱা যায়। অশোকে সকলো প্রজাকে নিজৰ সন্তানৰ নিচিনা জ্ঞান কৰিছিল। তেওঁৰ মতে, প্ৰজাৰ সুখেই আছিল ৰজাৰ সুখ। মহামতি আলফ্রেদ, তৃতীয় আলেকজেণ্ডাৰ যদি মহামতি আকবৰৰ নিচিনা শাসনকর্তাসকলে প্রজাৰ মংগলৰ প্রতি লক্ষ্য ৰাখিহে শাসন যন্ত্ৰ পৰিচালনা কৰিছিল।

(খ) মার্ক্সৰ মতে, পুঁজিবাদৰ পতনৰ লগে লগে এখন শ্রেণীবিহীন সমাজৰ গঠন হ’ব আৰু শ্রেণীসংস্থা হিচাপে তেতিয়া ৰাষ্ট্ৰৰ অস্তিত্ব নাইকিয়া হোৱা নাই। ৰুছিয়া, চীন আদি দেশত মার্ক্সীয় আদৰ্শৰ শাসনব্যৱস্থাৰ প্ৰচলন আছে, কিন্তু ৰুছিয়া আৰু চীনদেশ এতিয়াও ৰাষ্ট্ৰ হিচাপে বর্তি আছে। 

(গ) মার্ক্সৰ মতে সমাজবাদ প্রতিষ্ঠাৰ ফলত এখন শ্রেণীহীন সমাজৰ সৃষ্টি হয়। কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে সমাজবাদৰ প্রচলন থকা দেশত মানুহৰ মাজতো বিভিন্ন শ্ৰেণীৰ লোক আছে। গতিকে শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন অৱস্থাৰ সৃষ্টি হ’ব বুলি মার্ক্সে যি ভৱিষ্যত বাণী কৰিছিল, সেই ভৱিষ্যত বাণী সফল হোৱা নাই।

(ঘ) মার্ক্সে বিশ্বাস কৰাৰ দৰে ৰাষ্ট্ৰ কোনো এক শ্ৰেণীৰ লোকৰ অনুষ্ঠান নহয় নাইবা কোনো এক শ্ৰেণীৰ লোকক দমন কৰাই ৰাষ্ট্ৰৰ উদ্দেশ্য নহয়। ৰাষ্ট্ৰ প্রাকৃতিক অনুষ্ঠান, মানুহৰ ইচ্ছা আৰু সন্মতিয়ে হৈছে ইয়াৰ ভেঁটি। জনসাধাৰণৰ সর্বাংগীন কল্যাণ সাধন কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। সেয়েহে বৰ্তমানৰ যুগৰ ৰাষ্ট্ৰই বিভিন্ন ধৰণৰ জনকল্যাণকামী আঁচনিও গ্রহণ কৰি সেই আঁচনিসমূহক কাৰ্য্যকৰী কৰাৰ চেষ্টা কৰে।

(ঙ) উনৈশ শতিকাৰ আগভাগত ব্যক্তিবাদী ভাবধাৰাই মানুহৰ মাজত ভালেমান প্রভাৱ বিস্তাৰ কৰিছিল। সেই সময়ছোৱাত পুঁজিপতিসকলে ৰাজনৈতিক ক্ষমতা লাভ কৰি নিজৰ স্বার্থ পূৰণৰ কাৰণে দেশৰ শাসন যন্ত্ৰ ব্যৱহাৰ কৰাৰ সুবিধা গ্রহণ কৰিছিল। কিন্তু সেই ব্যৱস্থা বেছি দিন নিটিকিল। পুঁজিবাদৰ প্ৰতি থকা মোহ ক্রমান্বয়ে কমি আহিল। ইংলেণ্ডকে আদি কৰি ভালেমান দেশত বনুৱা চৰকাৰ গঠিত হ’ল। শ্ৰমিকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এই চৰকাৰে সক বিভিন্ন বিধি-বিধান গ্রহণ কৰিলে। বনুৱা চৰকাৰৰ এই কৃতকাৰ্য্যত শ্রেণী সংগ্ৰামৰ ফল নাছিল। সাংবিধানিক উপায়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিহে বুনৱা চৰকাৰ ক্ষমতাত অধিষ্ঠিত হৈছিল। ইংলেণ্ড, ভাৰতবর্ষ আদি দেশত পুঁজিবাদী ব্যৱস্থাৰ পৰিবর্তে সমাজবাদ প্রতিষ্ঠাৰ কাৰণে যি ধৰণে ব্যৱস্থা গ্রহণ কৰা হৈছে, সেইবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি যে শ্রেণী সংগ্ৰামৰ সহায় পোলোৱাকৈও সাংবিধানিক উপায়ে একে ধৰণৰ সমাজ ব্যৱস্থাৰ পৰা আন এক ধৰণৰ সমাজ ব্যৱস্থা প্রতিষ্ঠিত কৰিব পাৰি। অধ্যাপক উইলিয়াম ইবেনষ্টাইনে (Ebenstein) ৰ মতে ক’বলৈ হ’লে মার্ক্সে যদি ৰাজনৈতিক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহেতেন, তেওঁ যদি ইংলেণ্ডৰ সংস্কাৰ আইন আৰু আমেৰিকাৰ জেকচনৰ নীতি সমূহৰ ওপৰত গুৰুত্ব আৰোপ এই কৰিলেহেঁতেন, তেতিয়া তেওঁ বুজি পালেহেঁতেন যে গণতান্ত্রিক পৰস্পৰাৰ প্ৰচলন থকা দেশসমূহত বিপ্লবৰ আশ্রয় নোলোৱাকৈ শান্তিপূর্ণ উপায়ে সাংবিধানিক পদ্ধতিৰ সহায়ত সমাজবাদ প্রতিষ্ঠা কৰিব পাৰি। এই প্ৰসংগতে মনত ৰখা উচিত যে বিপ্লৱৰ সহায়ত প্রতিষ্ঠা কৰা সমাজ ব্যৱস্থাতকৈ শান্তিপূর্ণভাবে প্রতিষ্ঠা কৰা সমাজ ব্যৱস্থা অধিক স্থায়ী হয়।

১০। ৰাষ্ট্ৰৰ উদাৰনৈতিক দৃষ্টিভংগীটো (Liberal Perspective of state) লিখা। 

উত্তৰঃ উদাৰতাবাদৰ সূত্রপাত (Origin of Liberation) উদাৰনৈতিক চিন্তাৰ কেন্দ্ৰস্থল হ’ল প্ৰধানকৈ ইংলেণ্ড আৰু ফ্রান্স। ইংলেণ্ড আৰু ফ্রান্সতেই প্রথমতে প্রচলিত মধ্যযুগীয়া চিন্তাৰ বিৰুদ্ধে প্রতিক্রিয়া লক্ষ্য কৰা যায়। উদাৰতাবাদ উদ্ভৱ প্রধানকৈ এই দুই দেশতেই হয়। এতেকে উদাৰতাবাদৰ বিকাশত ইংলেণ্ড আৰু ফ্ৰান্সৰ অৰিহণা আটাইতকৈ বেছি।

মধ্যযুগীয়া ধর্মবিশ্বাস আৰু মূল্যবোধৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ আৰম্ভ হয় ইংলেণ্ডত। ইংলেণ্ডক ধৰ্মসংস্কাৰ আন্দোলনৰ পীঠস্থান বুলিব পাৰি। ইংলেণ্ড হ’ল বিপ্লৱৰো কেন্দ্ৰস্থল। এই দেশে ইউৰোপক উৎপাদন আৰু বিশ্ব বজাৰ (world market)ৰ ক্ষেত্ৰ হিচাপে প্রতিষ্ঠা কৰে। ইংলেণ্ডে হ’বচ হিউম বেন্থাম, জেমছ মিল জন স্টুৱার্ট মিল গ্রীণ, হ’বহাউচ আদি দার্শনিক আৰু ৰাজনীতি বিজ্ঞানবিদৰ দৰ্শন আৰু তত্ত্ব প্রকাশ আৰু প্ৰচাৰ কৰি এটা আন্দোলনৰ সৃষ্টি কৰে। উদাৰনৈতিক দর্শন এইসকল ৰাজনীতি বিজ্ঞানবিদৰ মতবাদ আৰু চিন্তা প্রতিবিম্বিত হয়।

ফ্ৰান্সত উদাৰতাবাদে পৰিণত ৰূপ গ্রহণ কৰে। এই দেশতে উদাৰনৈতিক চিন্তাৰ পূৰ্ণ বিকাশ ঘটে। ফৰাছী বিপ্লৱে বিশ্বৰ মানুহক গণতন্ত্ৰৰ প্ৰতি আকৃষ্ট কৰে। ফৰাছী বিপ্লৱৰ মাজে দিয়েই সর্বপ্রথম গণতান্ত্রিক সমাজ ব্যৱস্থাৰ লক্ষ্য ঘোষিত হয়। স্বাধীন গণতান্ত্রিক ৰাষ্ট্ৰ আৰু সাংবিধানিক ব্যৱস্থাৰ ৰূপায়ণত ফ্রান্সক অগ্রদূত বুলিব পাৰি। জন ল’কৰ সন্মতি আৰু সংসদীয় গণতন্ত্ৰৰ ধাৰণা ইংলেণ্ডত প্ৰচাৰিত হ’লেও ই বাস্তৱ ৰূপ ফ্রান্সত লাভ কৰে। ফ্রান্সক সেই সময়ৰ ইউৰোপৰ বুদ্ধিজীৱীসকলৰ প্ৰাণকেন্দ্র বুলি কোৱা হয়। ৰুছো, ভল্টেয়াবৰ, দিদেৰো আদি দার্শনিকৰ ৰচনাৱলীয়ে সমাজ আৰু সভ্যতাৰ নতুন নীতিৰ সূত্রপাত ঘটায়। এই ক্ষেত্রত ৰুছোৰ প্রভাৱ বৰ গুৰুত্বপূর্ণ। ভৱিষ্যতৰ আদৰ্শ সমাজ ব্যৱস্থাৰ ৰূপ আৰু গতি নির্ধাৰণৰ ক্ষেত্ৰত ৰুছোৰ অৱদান গুৰুত্বপূর্ণ। ৰুছোৱে গণতান্ত্রিক ব্যৱস্থা গণসার্বভৌমত্ব আদি ধাৰণাৰ প্ৰসাৰ কৰি উদাৰতাবাদৰ মূল সূত্ৰক উপস্থাপিত কৰে। ৰুছোক আধুনিক গণতন্ত্রৰ পথ-প্রদর্শক বুলি ক’ব পাৰি।

এতেকে, দেখা যায় যে ইংলেণ্ড আৰু ফ্রান্সতেই প্রথম সংসদীয় গণতন্ত্র আৰু কল্যাণকামী ৰাষ্ট্ৰ (Welfare state)ৰ আদর্শ প্রচাৰিত হয়। এই দুই আদৰ্শৰ প্ৰচাৰে উদাৰনৈতিক ৰাষ্ট্ৰ চিন্তাৰ ধাৰণাক পৰিপুষ্ট কৰে। অন্যান্য দেশতো গণতান্ত্রিক আৰু কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই সমাদৰ লাভ কৰা দেখা যায়। উদাৰতাবাদৰ বিকাশত ইংলেণ্ড আৰু ফ্ৰান্সৰ অহিৰণা আটাইতকৈ বেছি।

উদাৰতাবাদৰ আদৰ্শ (Ideals of Liberation): উদাৰনৈতিক ৰাষ্ট্ৰত চিন্তাৰ বিকাশত আদর্শবাদ (Idealism), উপযোগিতাবাদ (Utilitarianism) আৰু ব্যক্তিবাদ (Individualism) এই তিনিটা মতবাদৰ যে উল্লেখযোগ্য বৰঙণি আছে, সেই বিষয়ে সন্দেহ নাই।

আদর্শবাদ (Idealism): আদর্শবাদীসকলক অনুকৰণ কৰি ৰাষ্ট্ৰক নীতিধৰ্মী, কল্যাণকামী আৰু চৰম প্রতিষ্ঠান হিচাপে গ্রহণ কৰাত উদাৰনৈতিক চিন্তাবিদসকলে অসম্মতি প্রকাশ কৰা নাই। আচলতে ৰাষ্ট্ৰক কল্যাণকামী অনুষ্ঠান হিচাবে প্রতিষ্ঠা কৰা হ’ল উদাৰনৈতিক চিন্তাবিদসকল মূল লক্ষ্য। ৰাষ্ট্ৰ যে অন্যান্য অনুষ্ঠান বা সংস্থাতকৈ ব্যাপক, বহুধর্মী আৰু স্থায়ী এই ধাৰণাৰ বিকাশত উদাৰনৈতিক চিন্তাবিদসকলৰ বৰঙণি উল্লেখযোগ্য।

উপযোগিতাবাদ (Utilitarianism): উদাৰতাবাদীসকলৰ মূল অনুপ্ৰেৰণা লাভ কৰিছে  বেন্থাম আৰু জেমছ মিলৰ উপযোগিতাবাদী দর্শন (Utilitarianism Philosophy) ৰ পৰা, বেন্থামৰ মতে, স্বাৰ্থক আনৰ বাবে বলি দিয়াই হ’ল মানুহৰ ধৰ্ম। আনন্দই মানুহৰ চৰম লক্ষ্য আৰু কাম্য। বহুসংখ্যক মানুহৰ আনন্দ প্ৰাপ্তিৰ পৰিবেশৰ সৃষ্টি কৰাই হ’ল সমাজৰ লক্ষ্য। ইংৰাজীত এই সুখ-দুখৰ তত্ত্বক (Hedonism) বোলা হয়। উপযোগিতাবাদী দর্শনৰ উক্তি সর্বাধিক মানুহৰ সৰ্বাধিক কল্যাণ’ (Greatest happiness of the greatest number).

এই তত্ত্বটো প্রথম ঘোষিত হয় উদাৰনৈতিক ৰাষ্ট্ৰ চিন্তাৰ মাধ্যমত। সুখ-দুখৰ মাধ্যমেৰে মানুহৰ কর্মশক্তি আৰু সাৰস্পৰিক সম্পৰ্ক নিদ্ধাৰিত হয়। মানুহৰ আচৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আবেগৰ তুলনাত যুক্তিৰ প্রাধান্য কম নহয়।

আইন প্রথা ৰীতি-নীতি আদিয়ে মানুহৰ আনন্দ আৰু সুখ প্রাপ্তিৰ অৱস্থাক নিয়ন্ত্রণ কৰে। উপযোগিতাবাদীসকলৰ দৰে উদাৰনৈতিক দর্শনে বিশ্বাস কৰে যে ৰাষ্ট্ৰৰ প্রকৃত আদর্শ হ’ল সর্বাধিক মানুহৰ হিত সাধন। ৰাষ্ট্ৰৰ প্ৰকৃতি আৰু গুণাগুণৰ নিৰ্দ্ধাৰণেই হ’ল মাপকাঠী। ৰাষ্ট্ৰৰ অস্তিত্বক ইয়াৰ কল্যাণ সাধনৰ ক্ষমতা বা প্রয়োজনীয়তাৰ মানদণ্ডৰ জৰিয়তে বিচাৰ কৰিব পাৰি। ৰাষ্ট্ৰৰ কল্যাণকামী ভূমিকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্রতি আনুগত্যৰ প্ৰশ্নটো জড়িত। উপযোগিতাবাদী দর্শনৰ পৰা উদাৰতাবাদী সকলে সকলো ব্যক্তিৰ ভোটাধিকাৰ, অবাধ-ব্যৱসায়, বাণিজ্য-বিচাৰ ব্যৱস্থাৰ স্বাধীনতা আদি ধাৰণাক গ্রহণ কৰিছে। ইয়াৰ পৰা বুজা যায় যে উদাৰতাবাদীসকলৰ ওপৰত উপযোগিতাবাদীসকলৰ প্ৰভাৱ বৰ বেছি পৰিমাণে পৰিছে।

ব্যক্তিস্বাতন্ত্র্যবাদ (Individualism): ব্যক্তিবাদী ৰাষ্ট্র দর্শনেও উদাৰতাবাদীসকলক বহুল পৰিমাণে প্রভাৱিত কৰিছে। জন ষ্টায়াট মিলৰ স্বাধীনতাৰ ধাৰণা আৰু গণতান্ত্রিক বিচাৰ ধাৰাই উদাৰনৈতিক চিন্তা আৰু মতক যে বিশেষভাৱে প্রভাৱিত কৰিছে সেই বিষয়ে কোনো সন্দেহ নাই। ব্যক্তিৰ ইচ্ছা, উদ্যোগ আৰু স্বাধীনতাৰ মূল্যক উদাৰতাবাদে স্বীকৃতি দিছে। ব্যক্তিবাদীসকলৰ দৰে উদাৰতাবাসীসকলেও বিশ্বাস কৰে যে ব্যক্তিৰ স্বাধীনতা আৰু উদ্যোগত হস্তক্ষেপ কৰিলে কল্যাণকামী ৰাষ্ট্ৰৰ গুৰুত্ব হ্রাস পায়। এতেকে ৰাষ্ট্ৰই যিমান কম কাম কৰে সিমানেই মঙ্গল (that government & the but which semnes the least)। ব্যক্তিক সহায় কৰাই হ’ল ৰাষ্ট্ৰ কর্তব্য। ইয়াতেই ৰাষ্ট্ৰই গুৰুত্ব প্রকাশ পায়। ৰাষ্ট্ৰ ব্যক্তিৰ বিৰোধী হোৱা উচিত নহয়।

মিলে ব্যক্তিগত বৈশিষ্ট্য, মৌলিক চিন্তা, উদ্যোগ আৰু স্বাধীনতাক সমাজৰ প্ৰগতিৰ মূল চৰ্ত বুলি কৈছে। উদাৰতাবাদীসকলে ব্যক্তি স্বাতন্ত্র্যৰ এই দর্শনক সমর্থন কৰিছে। আর্থিক ক্ষেত্রত কবডেন এডাম স্মিথ, ডেভিড ৰিকাজোৰ প্রভাৱ বিশেষ উল্লেখযোগ্য উদাৰতাবাদৰ বিকাশত ঊনবিংশ শতিকাৰ গুৰুত্ব অপৰিসীম। এই শতিকাতেই হেগেলৰ আদর্শবাদী তত্ত্ব প্ৰচাৰিত হয়। ওঠৰ শতিকাৰ বুজোৱা গণতান্ত্রিক ব্যৱস্থা এই শতিকাতেই পৰিপূৰ্ণভাবে বিকাশিত হয়। আকৌ এই শতিকাতেই সুশাসনৰ ধাৰাক বুজোৱা ব্যৱস্থাৰ মাধ্যমত কাৰ্যকৰী ৰূপ দিয়াৰ প্ৰয়াস পৰিলক্ষিত হয়। আদর্শবাদী আৰু ব্যক্তিবাদী দর্শনৰ মাজত এই প্রয়াস লক্ষ্য কৰা যায়।

জনকল্যাণৰ দৰ্শনঃ চিন্তাৰ নৱজাগৰণত ঊনবিংশ শতিকাৰ ইউৰোপৰ আন এটা ধাৰা-উন্মোচিত হয়। এই ধাৰাটো হ’ল জনকল্যাণকামী ৰাষ্ট্ৰৰ প্ৰচাৰ। টমাছ, হিল গ্রীণ আৰু এল, টি খৰাউজে এই ধাৰণাটোৰ প্ৰতিষ্ঠাত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে। পুঁজিবাদী সমাজৰ বিকাশ সাধনত কল্যাণকামী ৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। হেগেলৰ আদৰ্শ ৰাষ্ট্ৰই ধাৰণা এই তত্ত্বত সংশোধিত ৰূপত প্রতিফলিত হয়। বুজোৱা শ্ৰেণীৰ শাসনৰ প্রয়োজনত যথেষ্ট ৰূপ আৰু ভূমিকা পৰিৱৰ্তনৰ দাবী এই তত্ত্বত প্রকাশ কৰা হয়। ৰাষ্ট্ৰৰ অস্তিত্বৰ বাবে যে সমাজ কল্যানৰ ধাৰণা অপৰিহাৰ্য এই কথাটো গ্রীণ আদি লিখকসকলৰ তত্ত্বত প্রতিফলিত হৈছে। উদাৰনৈতিক দর্শনে কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ আৰু ভাৱধাৰাক অনুসৰণ কৰিছে।

১১। উদাৰতাবাদত অৰ্থ আৰু বৈশিষ্ট্য সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰঃ সাধাৰণ অৰ্থত উদাৰতাবাদে এনে এটা মনোভাৱক বুজায় যি আপোচ বুজা পৰা নীতিক বুজায়। প্রধানকৈ ব্যক্তি স্বাধীনতা আৰু সমাজ কল্যাণৰ পৰিপ্ৰেক্ষিত এই মনোভাৱক গ্ৰহণ কৰা হয়। উদাৰতাবাদ চৰকাৰী নীতি আৰু পদ্ধতিৰ ক্ষেত্ৰত স্বাধীনতা নীতিত বিশ্বাসী ই সমাজৰ সংগঠনৰ এটা নীতি আৰু ব্যক্তি আৰু সম্প্ৰদায়ৰ ওচৰত ই এটা জীৱনধাৰা। উদাৰতাবাদী দর্শন মুক্ত জীৱনৰ প্ৰকাশ, স্বাধীনতাৰ প্ৰতিফলন, নীতিগত আৰু সামাজিক জীৱনবোধ আৰু উপলব্ধিৰ পৰিণত ৰূপ। সংকীর্ণ অৰ্থত উদাৰতাবাদ হ’ল ব্যক্তিৰ পৌৰ, ৰাজনৈতিক আৰু অর্থনৈতিক স্বাধীনতাৰ অবাধ প্রকাশ, ব্যাপক অৰ্থত ইবুদ্ধিগত, নীতিগত, সামাজিক, অর্থনৈতিক সম্পৰ্কৰ বিকাশ সাধনৰ প্ৰচেষ্টা।

সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক- এই তিনিওটা ক্ষেত্রতে প্রয়োগত লক্ষ্য কৰা যায়।

তলত এই তিনিটাৰ আধাৰত আলোচনা কৰা হ’ল-

(ক) সামাজিকঃ সামাজিক ক্ষেত্ৰত এই ধৰ্মনিৰ পেক্ষতাক সমর্থন কৰে। ইধর্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত। ধর্মীয় আৰু নীতিগত ক্ষেত্রত এই মতবাদে মানুহৰ স্বাধীনতাৰ কথা ঘোষণা কৰিছে। এইনীতিয়ে বিচাৰে যে মানুহ আত্মসচেতন হ’ব লাগে। ই মানুহৰ ব্যক্তিত্ববিকাশৰো পক্ষপাতী। উদাৰতাবাদীসকলৰ মতে মানুহৰ চিন্তাধাৰা বিজ্ঞান সন্মত হ’ব লাগে। তেওঁলোকে অযুক্তিকৰ কোনো কথাক প্রশ্রয় দিয়া উচিত নহয়। মানুহে পুৰণিকলীয়া ৰীতি-নীতি, অভ্যাস আদিক পৰিত্যাগ কৰিব লাগে, যিবিলাকক প্রয়োজনীয়তা এতিয়া নোহোৱা হৈছে। কাৰণ, এইবিলাকে তেওঁক স্বাধীনতা ভোগ কৰাত বাধা জন্মাব পাৰে। উদাৰতাবাদৰ মতে, মানুহে সমাজত এটা মুকলি পৰিবেশত স্বাধীনভাৱে বসবাস কৰিব লাগে। এনে অৱস্থাত তেওঁলোকে ধর্মীয় আৰু নৈতিক স্বাধীনতা ভোগ কৰিব পাৰিব।

(খ) অর্থনৈতিকঃ উদাৰতাৰ বাবে অর্থনৈতিক ক্ষেত্রত অবাধ বাণিজ্য আৰু মুক্ত প্রতিযোগিতাক সমর্থন কৰে। পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাৰ বিকাশ আৰু সংৰক্ষণত এই নীতিৰ ভূমিকা আছে। আধুনিক পুজিবাদী শ্ৰেণীৰ বিকাশতো এই নীতিয়ে সহায় কৰিছে। উদাৰতাবাদে যিকোনো বস্তুৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত পূর্ণ স্বাধীনতা অপূর্ণ কৰিব বিচাৰে। সম্পত্তি অৰ্জনৰ ক্ষেত্ৰতো ই কোনো বাধা আৰোপ কৰা নাই। যিকোনো ব্যক্তি অপৰিসীমিত সম্পত্তিৰ অধিকাৰী হ’ব পাৰে। অর্থাৎ, অর্থনৈতিক ক্ষেত্ৰত উদাৰতাবাদে পূর্ণ স্বাধীনতা প্রদান কৰিব বিচাৰে। এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ কোনো ধৰণৰ নিয়ন্ত্রণ থকা উচিত নহয়।

ৰাজনৈতিকঃ ৰাজনৈতিক ক্ষেত্ৰত উদাৰতাবাদৰ বৈশিষ্ট্যবিলাক উল্লেখযোগ্য। ব্যক্তিৰ ৰাজনৈতিক অধিকাৰ সমৰ্থক, স্বাধীনতা, সাম্য আৰু মৈত্ৰীৰ বাণী প্ৰচাৰ, প্ৰতিনিধিমূলক গণতন্ত্র, সংসদীয় শাসন ব্যৱস্থা সাংবিধানিক ব্যৱস্থা আইনৰ অনুশাসন বিচাৰ বিভাগীয় স্বাধীনতা ব্যক্তি স্বাধীনতা আদি ধাৰণাৰ মাজেদি উদাৰনৈতিক দৰ্শনৰ ৰাজনৈতিক তাৎপর্য পৰিলক্ষিত হয়। উদাৰতাবাদে সংবাদ-পত্ৰৰ স্বাধীনতা, নিৰপেক্ষ আৰু স্বাধীন নির্বাচন, শাসনসকলৰ জনসাধাৰণৰ ওচৰত দায়িত্বশীলতা, সার্বজনীন ভোটাধিকাৰ, ক্ষমতাৰ পৃথকীকৰণ ধৰ্মৰ অধিকাৰ আদি ধাৰণাক সমর্থন কৰে। ই স্বাধীনতা ৰক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে। ব্যক্তিস্বাধীনতা হ’ল উদাৰতাবাদৰ প্ৰাণস্বৰূপ। প্রচলিত ক্ষমতা আৰু কর্তৃত্বৰ বিৰুদ্ধে প্রতিবাদ, মানৱতাৰ অনুসন্ধান, সামাজিক সমস্যাসমূহৰ প্ৰতি মানৱিক আৰু গঠনমূলক দৃষ্টিভঙ্গী আদিও উদাৰতাবাদৰ বৈশিষ্ট্য। উদাৰনৈতিক দর্শন একেৰাহে স্থিৰ, পৰিৱৰ্তনশীল আৰু প্ৰগতিশীল। মানুহৰ মুক্তিৰ প্ৰতি এই চিন্তাধাৰাৰ অটল বিশ্বাস আছে। উদাৰতাবাদে সংগ্রামী মানসিকতা আৰু মুক্তি প্রচেষ্টাক সমর্থক জনায়। সমাজকল্যাণ নীতিক ই সকলো প্ৰকাৰে সমৰ্থন কৰে। আনহাতেদি পৰিৱৰ্তনশীল অৱস্থাৰ পৰিপ্ৰেক্ষিতত উদাৰতাবাদে নতুন ধ্যান-ধাৰণা আৰু নীতিক গ্ৰহণ কৰিব বিচাৰে।

১২। চমু টোকা লিখাঃ

উদাৰতাবাদ আৰু ব্যক্তি স্বাধীনতা।

উত্তৰঃ ‘ব্যক্তিস্বাধীনতা হ’ল উদাৰতাবাদৰ প্ৰাণ স্বৰূপ। সমাজত যিকোনো ব্যক্তি সকলো ধৰণৰ শোষণ আৰু উৎপীড়নৰ পৰা মুক্ত হ’ব লাগে। তেনে ব্যক্তিৰ মৰ্য্যদা সমাজত সুৰক্ষিত হ’ব। তেওঁৰ নিজৰ ইচ্ছামতে জীৱন-ধাৰণ কৰাৰ অধিকাৰ আছে। তেহে তেওঁ নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰিব। স্বাধীনতা বিনে কোনো ব্যক্তিয়ে নিজৰ উন্নতি সাধন কৰিব নোৱাৰে। উদাৰতাবাদে বিশ্বাস কৰে যে কোনো সমাজৰ জনসাধাৰণৰ স্বনিয়ন্ত্রণ ক্ষমতা থাকিব লাগে। এই নীতিৰ ওপৰতে যিকোনো সমাজ প্রতিষ্ঠিত হ’ব লাগে। তেতিয়া হ’লে এনে সমাজৰ ভেটি শক্তিশালী হ’ব আৰু ইয়াক প্রতিষ্ঠিক হ’ব লাগে। তেতিয়া হ’লে এনে সমাজৰ ভেটি শক্তিশালী হ’ব আৰু ইয়াক কোনেও ভাবিব নোৱাৰিব। এই সম্পর্কত প্রাইমচে মন্তব্য কৰিছে যে সমাজত এনে অৱস্থা বিৰাজ কৰিব লাগে ব্যক্তিয়ে সকলো দিশৰ পৰা উন্নতি সাধন কৰিব পাৰে। এতেকে দেখা যায় যে উদাৰতাবাদে ব্যক্তিস্বাধীনতাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে। ব্যক্তিস্বাধীনতা বিনে সুস্থ সমাজ এখনৰ কথা চিন্তা কৰিব নোৱাৰি।

১৩। নতুন বা আধুনিক উদাৰনৈতিক তত্ত্ব আৰু সনাতন বা পুৰণি উদাৰতাবাদৰ ধাৰনাৰ নীতিসমূহৰ এটি দাঙি ধৰা।

উত্তৰঃ বৰ্তমান (বিংশ শতাব্দীত) উদাৰতাবাদত কিছুমান পৰিৱৰ্তন পৰিলক্ষিত হয়। আগৰ বা পুৰণি উদাৰতাবাদ আছিল নকাৰাত্মক। এই ধৰণৰ উদাৰতাবাদ ৰাষ্ট্ৰৰ কার্য সীমিত কৰাৰ পক্ষপাতী আছিল কাৰণ, ইয়াৰ মতে ৰাষ্ট্ৰৰ কাৰ্যই ব্যক্তি স্বাধীনতাক খর্ব কৰিব পাৰে। অৰ্থাৎ পুৰণি উদাৰনৈতিক তত্ত্বক প্রাধান্য দিয়া হৈছে ব্যক্তি স্বাতন্ত্র্যবাদৰ ওপৰত।

বৰ্তমানৰ বা আধুনিক যুগৰ উদাৰতাবাদ হৈছে ইতিবাচক। এই ধাৰণাই কল্যাণকামী ৰাষ্ট্ৰৰ গুৰুত্ব আৰোপ কৰে। ই গণতান্ত্রিক সমাজবাদক সমর্থন কৰে। অৱশ্যে ই সাম্যবাদ বা বৈজ্ঞানিক সমাজবাদক সমর্থন নকৰে। কিন্তু এই নতুন উদাৰতাবাদে গণতান্ত্রিক ব্যৱস্থাক পৰিত্যাগক কৰিব পৰা নাই। ই মুক্ত বজাৰৰ পক্ষপাতী। অন্যতম লিখক মিল্টন ফ্রিডমেনে ব্যাপক সমাজবাদক স্বাধীনতাৰ পৰিপন্থী বুলি বিবেচনা কৰিছে।

ইতিবাচক বা আধুনিক উদাৰতাবাদৰ মূলনীতিবিলাক তলত উল্লেখ কৰা হ’ল। ডেৰিক হিটাৰে এই নীতিবিলাকৰ উল্লেখ কৰিছে।

(ক) স্বাধীনতা অকল অর্থনৈতিক স্বাধীনতাই নহয় জনসাধাৰণে সাংবিধানিক উপায়সমূহৰ জৰিয়তে চৰকাৰৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ পেলাব পৰা ক্ষমতা থাকিব লাগিব বুলি আধুনিক উদাৰতাবাদে মত পোষণ কৰে।

(খ) এই মতবাদে প্রশাসন যন্ত্ৰৰ আধুনিকীকৰণ কৰি পিছপৰা আৰু অৱহেলিত লোকৰ কল্যাণ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

(গ) আধুনিক উদাৰতাবাদে সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্ব দিছে। এই সংস্কাৰৰ জৰিয়তে আঞ্চলিক সংগঠনবিলাকৰ হাতত ক্ষমতা অর্পণ কৰিব লাগিব।

(ঘ) এই মতবাদে সংসদীয় চৰকাৰক শক্তিশালী কৰাৰ মত পোষণ কৰে। ইয়াৰ মতে সংসদীয় শাসন ব্যৱস্থা দুর্বল হোৱাটো এটা শুভ লক্ষণ। এই ধৰণৰ চৰকাৰৰ শাসন সাধন কৰি ইয়াত জনমত প্রতিফলিত কৰাৰ চেষ্টা কৰা উচিত।

(ঙ) আর্ন্তজাতিক ক্ষেত্রত নতুন উদাৰতাবাদে ৰাষ্ট্ৰৰ সার্বভৌমত্বক সীমিত কৰি ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে। কাৰণ, ৰাষ্ট্ৰসংঘৰ শক্তিশালী হ’লেহে বিশ্বশান্তি ৰক্ষা কৰিব পৰা যায় আৰু ই জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি।

এতেকে, দেখা যায় যে ইতিবাচক বা সকাৰাত্মক উদাৰতাবাদৰ এটা সমাজবাদী দিশ আছে। ই বৈজ্ঞানিক সমাজবাদক গ্রহণ নকৰে যদিও সমাজবাদৰ কিছুমান নীতিক এই তত্ত্বত দেখা যায়। আধুনিক উদাৰতাবাদে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক জনসাধাৰণৰ মংগলৰ বাবে সৃষ্টি কৰিব বিচাৰে। ই দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে সজাগ।’

সনাতন বা পুৰণি উদাৰতাবাদৰ ধাৰণাঃ হেলবেল নামৰ এজন বিশিষ্ট চিন্তাবিধে পুৰণি উদাৰতাবাদৰ মূল ধাৰণাবিলাকক এই দৰে দাঙি ধৰিছে –

(ক) এই মতবাদে সকলো মানুহৰ ক্ষমতা আৰু মানুহৰ ব্যক্তিত্বৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

(খ) ইয়াৰ মতে ব্যক্তিৰ ইচ্ছাৰ স্বাধীনতা থাকিব লাগিব।

(গ) ই মানুহৰ বিবেক আৰু সততাত বিশ্বাস কৰে।

(ঘ) এই মতবাদে বিশ্বাস কৰে যে মানুহৰ কিছুমান অধিকাৰ থাকিব লাগিব, যি বিলাকক কোনেও খর্ব কৰিব নোৱাৰে। সেইবিলাক হ’ল জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰ।

(ঙ) মানুহৰ প্ৰাকৃতিক অধিকাৰবিলাকক ৰক্ষা কৰিবৰ বাবে জনমতৰ ভিত্তিত ৰাষ্ট্ৰ গঠন কৰিব লাগিব। ই মানুহৰ পূৰ্ণ স্বাধীনতাৰ পক্ষপাতী।

(চ) পুৰণি উদাৰতাবাদে মানুহক ৰাষ্ট্ৰৰ বিৰুদ্ধাচৰণ কৰাৰ ক্ষমতা দিছে, যদি ৰাষ্ট্ৰই মানুহৰ স্বাধীনতা ৰক্ষা কৰিব নোৱাৰে।

(ছ) ই আইনক আদেশতকৈ অধিক মর্য্যদা দিছে। আইন মতেহে সমাজক নিয়ন্ত্ৰণ কৰিব লাগে।

(জ) ইৰাষ্ট্ৰৰ ক্ষমতাক সীমিত কৰিব বিচাৰে যাতে ই ব্যক্তি স্বাধীনতাক খর্ব কৰিব নোৱাৰে। সেয়েহে ৰাষ্ট্ৰই আটাইতকৈ কম কার্য সম্পাদন কৰা উচিত।

(ঝ) ই মানুহক জীৱনৰ সকলো ক্ষেত্ৰতে, বিশেষকৈ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, ধার্মিক আৰু বুদ্ধি বৃত্তিৰ ক্ষেত্ৰত সম্পূর্ণ স্বাধীনতা দিব বিচাৰে।

(ঞ) এই মতবাদে মত পোষণ কৰে যে ব্যক্তিৰ সুচিন্তা আৰু বিবেকে কোনটো ভাল আৰু কোনটো বেয়া সেইটো জনাৰ সহায় কৰিব আৰু ব্যক্তিয়ে তেতিয়া যুক্তিৰ ওপৰত ভিত্তি কৰি চৰম সত্য উদ্‌ঘাটন কৰিব পাৰিব।

১৪। ৰাজনীতি বিজ্ঞানৰ দিশত উদাৰতাবাদৰ গুৰুত্ব সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰঃ অন্যতম ৰাষ্ট্ৰ দৰ্শন হিচাবে উদাৰতাবাদৰ অপৰিসীম মূল্য আছে। ৰাজনীতি বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ অৱদানক কোনেও নুই কৰিব নোৱাৰে।

তলত ইয়াৰ গুৰুত্বসমূহ উল্লেখ কৰা হ’লঃ

(ক) ৰাষ্ট্ৰ চিন্তাৰ ক্ষেত্ৰত ই এটা নতুন বিচাৰবোধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে বুলি কব পাৰি।

(খ) প্রচলিত বিশ্বাস আৰু কর্তৃত্বৰ বিৰুদ্ধে উদাৰতাবাদেই হ’ল প্রথম প্রতিক্রিয়া।

(গ) ৰক্ষণশীল আৰু ঐতিহ্যগত ধাৰণাৰ পৰিবৰ্তে ইয়েই প্রথম প্রতিক্রিয়া।

(ঘ) এই মতবাদে গণতান্ত্রিক ধ্যান-ধাৰণা আৰু আদৰ্শৰ প্ৰতি অবিচল আস্থা পোষণ কৰিছে।

(ঙ) সাম্য স্বাধীনতা আৰু মৈত্ৰীৰ বাণী এই দৰ্শনত প্রথম উচ্চাৰিত হয়।

(চ) মানুহৰ স্বাধীন আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক ই সমর্থন কৰে।

(ছ) মানৱতাবোধৰ দৰ্শনৰ প্ৰতি ইয়াৰ আবেদন তাৎপর্যপূর্ণ।

(জ) উদাৰতাবাদ গণতান্ত্রিক সংগঠন আৰু চিন্তাধাৰাৰ সমৰ্থক। জনসাধাৰণৰ সন্মতি আৰু সার্বভৌম অধিকাৰৰ নীতিতো ইয়াৰ গভীৰ বিশ্বাস আছে।

(ঝ) এই মতবাদে ৰাজনীতিৰ ক্ষেত্ৰত কিছুমান উল্লেখযোগ্য বিষয়ৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এইবিলাকে হ’লঃ

(১) ব্যক্তিৰ আত্মোপলব্ধি আৰু স্বাতন্ত্র্য।

(২) মহৎ আৰু বাস্তৱ মানুহৰ ধাৰণা।

(৩) জনকল্যাণ আৰু সমাজ সংস্কাৰৰ আদৰ্শ।

(৪) পুৰণি উদাৰনীতিত ৰাষ্ট্ৰৰ নকাৰাত্মক ভূমিকা।

(৫) ব্যক্তিৰ উদ্যোগ আৰু উৎসাহ।

(৬) সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক প্রগতি।

অৱশেষত ক’ব পাৰি যে সমাজ আৰু সভ্যতাৰ নতুন মূল্যায়নত উদাৰনৈতিক দর্শনৰ গুৰুত্ব উল্লেখযোগ্য। আহন, গণতন্ত্র সার্বভৌমত্ব অস্বীকাৰ, কৰ্তব্য, আনুগত্য আদি ধাৰণাবিলাকৰ পৰিবৰ্তনশীল পটভূমিক নতুন মূল্যায়নৰ মাজতে ইয়াৰ কর্তৃত্ব প্রকাশ পাইছে এতেকে মানর জীৱনৰ সকলো ক্ষেত্ৰতে ইয়াৰ অপৰিসীম গুৰুত্ব আছে বুলি ক’ব পাৰি।

১৫। উদাৰতাবাদৰ ত্রুটি বা দুর্বলতাসমূহ কি কি? বিশ্লেষণ কৰা। 

উত্তৰঃ উদাৰতাবাদৰ কিছুমান বিষয়ত যথেষ্ট অৱদান আছে। ৰাজনৈতিক বিকাশত ইয়াৰ অৱদান গুৰুত্বপূর্ণ। কিন্তু কিছুমান ক্ষেত্র ত্রুটি বা দুর্বলতা থকা দেখা যায়।

সেইবিলাকক তলত উল্লেখ কৰা হ’ল-

(ক) উদাৰতাবাদত পৰস্পৰ বিৰোধিতাৰ দোষ থকা দেখা যায়। এই মতবাদটো যদিও কতৃত্ববাদৰ বিৰোধী, কিন্তু বাস্তৱত লক্ষ্য কৰা যায় যে অর্থনৈতিক ক্ষেত্রত অবাধ স্বাধীনতাৰ নীতিক সমর্থন কৰি ই শ্ৰেণী বৈষম্যবাদৰ বিশেষ শ্ৰেণীৰ কতৃত্বৰ বিকাশত সহায় কৰিছে।

(খ) এই মতবাদে ৰাষ্ট্ৰৰ নূন্যতম ভূমিকাৰ প্ৰতি দৃষ্টি আকর্ষণ কৰিছে। কিন্তু ইয়াৰ ফলত জনসাধাৰণৰ কল্যাণ সাধন কৰিব নোৱাৰি। যি ৰাষ্ট্ৰৰ ক্ষমতা সীমিত সেই ৰাষ্ট্ৰই জনহিতকৰ কাম কৰিব নোৱাৰে।

(গ) সমাজ কল্যাণ আৰু সামাজিক স্বাৰ্থৰ প্ৰতিভাত এই মতবাদ যিমান তাত্ত্বিক সিমান ব্যৱহাৰিক নহয়। অর্থাৎ উদাৰতাবাদ বাস্তৱ নহয়। ইয়াৰ কিছুমান ধাৰণাক উদ্ভাৱন কৰাৰ ক্ষেত্ৰত সীমাৱদ্ধতা আছে।

(ঘ) গণতান্ত্রিক আদৰ্শৰ সঠিক আৰু সফল ৰূপায়নৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা বিশেষ সুস্পষ্ট নহয়।

(ঙ) তাৰোপৰি এই মতবাদে অর্থনৈতিক ব্যৱস্থা আৰু শক্তিৰ সামাজিক আৰু বাস্তৱ ব্যৱহাৰৰ কোনো নির্দেশ দিব পৰা নাই।

(চ) অধ্যাপক লাস্তিয়ে উদাৰতাবাদৰ কিছুমান ত্রুটিৰ কথা উল্লেখ কৰিছে।

তেওঁৰ মতে এই ত্রুটিবিলাক হ’লঃ

(১) উদাৰতাবাদ মার্ক্সীয়বাদী কোনো ধাৰণাৰ প্ৰতি ইযাৰ স্থিৰ আৰু স্বাভাৱিক বিশ্বাসৰ অভাৱ থকা দেখা যায়।

(২) এই মতবাদে আধুনিক স্বাগত জনালেও, ঐতিহ্যবাদক ই সম্পূর্ণৰূপে পৰিত্যাগ কৰিব পৰা নাই।

(৩) এই তত্ত্বই সার্বজনীনতাৰ দাবী কৰিলেও, বাস্তৱৰ ইসংকীর্ণ দৃষ্টিভঙ্গী গ্রহণ কৰা দেখ যায়। যেনে- ই পুঁজিবাদী আৰু শ্রেণী বৈষম্যৰ নীতিক সমর্থন কৰিছে।

(ছ) উদাৰতাবাদ আচলতে এটা ব্যক্তিবাদী দর্শন। কাৰণ ব্যক্তিয়েই হ’ল এই ধাৰণাৰ মূলবস্তু। ই সমাজতকৈ ব্যক্তিৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে।

(জ) উদাৰনৈতিক মতবাদৰ ধাৰণাবিলাক পৰিষ্কাৰ নহয়। ইয়াৰ মূল ধাৰণাবিলাকৰ মাজত কিছুমান অমিল থকা দেখা যায়। সেই কাৰণে ইয়াৰ সিমান মূল্য নাই।

(ঝ) মেকফাৰচেন উদাৰতাবাদক প্রতিক্রিয়াশীল ধাৰণা বুলি অভিহিত কৰিছে। কাৰণ, এই মতবাদ প্রচলিত অর্থনৈতিক ব্যৱস্থাৰ ঘোৰ সমৰ্থক। এই মতবাদত ৰক্ষণশীলতার প্রমাণ পোৱা যায়।

(ঞ) উদাৰতাবাদে স্থিতাবস্থা বাহালে ৰাখিব বিচাৰে। ই অনুন্নত ৰাষ্ট্ৰবিলাকৰ বাবে প্রযোজ্য নহয়। কাৰণ ই, কোনো ধৰণৰ বৈপ্লবিক পৰিৱৰ্তন নিবিচাৰে।

উদাৰতাবাদৰ বহুত দোষ থাকিলেও, এই মতবাদৰ গুৰুত্ব আৰু অৱদানক অস্বীকাৰ কৰিব নোৱাৰে। নতুন উদাৰতাবাদৰ ধাৰণাবিলাক ইমানেই গুৰুত্বপূর্ণ যে এইবিলাক ধাৰণাক গণতান্ত্রিক সমাজবাদত গ্রহণ কৰা হৈছে। তাৰোপৰি উদাৰতাবাদীসকলে এখন আদর্শ সমাজৰ ছবিও আমাৰ আগত দাঙি ধৰিব পাৰিছে। উদাৰতাবাদৰ মূল নীতিবিলাকৰ গুৰুত্ব এতিয়াও আছে। এতিয়াও এই নীতিবিলাকক বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা যায়। বর্তমানে ইয়াৰ জনপ্রিয়তা। বৃদ্ধি পাইছে বুলি ক’ব পাৰি। উদাৰতাবাদক কিছুমানে মানৱতাবাদৰ দৰ্শন বুলিও কয়। কাৰণ, এই মতবাদে ব্যক্তিৰ মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উদাৰতাবাদে যিবিলাক ধাৰণাক পোষণ কৰিছে। সেইবিলাকৰ গুৰুত্ব চিৰদিন থাকিব, মানৱতাবাদক কোনেও অৱজ্ঞা কৰিব নোৱাৰে। গতিকে, এই মতবাদৰ ভৱিষ্যৎ উজ্জ্বল বুলি ক’ব পাৰি। অৱশ্যে সময় আৰু অৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে এই মতবাদৰ দৃষ্টিভঙ্গীৰো কিছু পৰিমাণে সাল সলনি হ’ব পাৰে।

১৬। ৰাষ্ট্ৰৰ প্ৰাকৃতিক বিষয়ৰ ওপৰত মার্ক্সীয় ধাৰণা সম্পর্কে এটি আলোচনা যুগুত কৰা। 

উত্তৰঃ কার্লমার্ক্সক বৈজ্ঞানিক সমাজবাদৰ জন্মদাতা বোলা হয় আৰু সমাজবাদ সম্পর্কে তেওঁৰ ধাৰণাক বৈজ্ঞানিক সমাজবাদ বোলা হয়। এছিয়াৰ অন্তৰ্গত ৰাইন প্রদেশৰ ত্ৰিয়েৰ নামে ঠাইত ১৯১৮ চনৰ মে মাহৰ ৫ তাৰিখে মার্ক্সৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাক আছিল ইহুদী, দেউতাকে ওকালতি ব্যৱসায় কৰিছিল। মার্ক্সৰ ছয় বছৰ সময়ত তেওঁলোকৰ পৰিয়ালটোৱে খ্ৰীষ্টান ধর্ম গ্রহণ কৰিছিল। ১৭ বছৰ বয়সত মার্ক্স বন বিশ্ববিদ্যালয়ত আইনৰ ছাত্ৰ হিচাবে যোগদান কৰিছিল, সেই বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত জেনি ভন ওয়েষ্টফালেন নামৰ ধুনীয়া ছোৱালী এজনীৰ তেওঁ প্ৰেমত পৰিছিল। পিচত মার্ক্স জেনিক বিয়া কৰাইছিল। জেনিৰ প্ৰেমত পৰি থকা অৱস্থাতে তেওঁ কবিতা লিখিছিল। অর্থাৎ মার্ক্সে প্রথমে কবি হিচাপেহে আত্মপ্রকাশ কৰিছিল। বন বিশ্ব বিদ্যালয়ৰ পৰা মার্ক্সে বালিন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈছিল, কিন্তু তেওঁ আইন বিষয়ৰ অধ্যয়নক বাদ দি ইতিহাস আৰু প্ৰদৰ্শনৰ অধ্যয়নতেহে আৰম্ভ কৰিছিল। বার্লিন বিশ্ববিদ্যায়লত তেওঁ হেগেল বা দৰ্শনৰ প্রতি আকৃষ্ট হৈছিল। ১৮৪১ চনত জোনা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰিছিল।

মার্ক্সৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হোৱাৰ ইচ্ছা আছিল, সেই উদ্দেশ্য তেওঁ বিশ্ববিদ্যালয়ত চাকৰি বিচাৰিছিল। কিন্তু তেওঁৰ বিপ্লৱৰ প্ৰতি সমৰ্থক থকাৰ কাৰণে বিশ্ববিদ্যালয়ৰ চাকৰি পোৱা নাছিল। সেয়েহে তেওঁ সাংবাদিকতাকে বৃত্তি হিচাবে গ্রহণ কৰিবলৈ বাধ্য হৈছিল। তেওঁ নামৰ কাকত এখনৰ কাৰণে প্ৰৱন্ধ লিখিছিল আৰু শেষত ইয়াৰ প্ৰধান সম্পাদকে হৈছিল। কিন্তু কাকতৰ মালিকৰ লগত মনোমালিন্য হোৱাৰ কাৰণে সেই কাকতৰ লগত সম্পর্ক ছেদ কৰিবলৈ বাধ্য হৈছিল। তেওঁ নামৰ কাকত এখনৰ কাৰণে প্ৰৱন্ধ লিখিছিল আৰু শেষত ইয়াৰ প্ৰধান সম্পাদকো হৈছিল। কিন্তু কাকতৰ মালিকৰ লগত মনোমালিন্য হোৱাৰ কাৰণে সেই কাকতৰ লগত সম্পৰ্ক ছেদ কৰিবলৈ বাধ্য হৈছিল।

১৮৪৩ চনৰ শেষ ভাগত মার্ক্স ঘৈণীয়েকৰে সৈতে ফ্রান্সলৈ গৈছিল। সমাজবাদৰ বিষয়ে অধ্যয়ন কৰাই আছিল তেওঁৰ ফৰাচী যাত্ৰাৰ উদ্দেশ্য। তাত তেওঁৰ প্ৰাউধাম কেবেট আৰু ফ্ৰান্সৰ কাল্পনিক সমাজবাদীসকলৰ লগত পৰিচয় হৈছিল। এই দুয়োজন ব্যক্তিৰ চিন্তাধাৰাৰ মাজত মিল থকাৰ কাৰণে দুয়োজনৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল আৰু জীৱনৰ শেষলৈকে এই বন্ধুত্ব তেওঁলোকৰ মাজত অক্ষুণ্ণ আছিল। ১৮৪৪ চনৰ পৰাই এই দুয়োজন বন্ধুৱে বৈজ্ঞানিক সমাজবাদৰ প্ৰচাৰৰ কাৰণে চেষ্টা চলাই আহিছিল। পেৰিছত থকা অৱস্থাতে মার্ক্সে প্রকাশ কৰা কিছুমান প্ৰৱন্ধই ক্ৰচিয়াৰ চৰকাৰক ক্ষুণ্ণ কৰিছিল আৰু সেয়েহে ক্ৰুচিয়াৰ চৰকাৰে মার্ক্সক ফ্ৰান্সৰ পৰা খেদি দিবলৈ অনুৰোধ জনাইছিল। ফলত মার্ক্সে ফ্রান্স ত্যাগ কৰিবলৈ বাধ্য হৈছিল। জীৱনৰ শেষছোৱা মার্ক্সে ইংলেণ্ডতেই কটাইছিল। তাত তেওঁৰ বনুৱা সংস্থাৰ লগত পৰিচয় হৈছিল, এহ সংস্থা শেষত কমিউনিষ্ট লিগ নামেৰে জনাজাত হৈছিল, কমিউনিষ্ট লিগৰ দ্বিতীয় অধিৱেশনত এই সংস্থাৰ কাৰণে ৰচনা কৰিবলৈ মার্ক্সক দায়িত্ব দিয়া হৈছিল। এংগেলছৰ লগত লগ লগ লাগি মার্ক্সে তেওঁৰ বিখ্যাত গ্রন্থ ৰচনা কৰিছিল আৰু ১৮৪৮ চনত ই প্রকাশ হৈছিল। ইংলেণ্ডত থকা কালতে মার্ক্সে অধ্যয়নৰ কাৰণে বৃটিছ মিউজিয়ামলৈ ঘনাই অহা যোৱা কৰিছিল। এই মিউজিয়ামৰ পৰা তথ্যপাতি সংগ্ৰহ কৰি তেওঁ তেওঁৰ বিখ্যাত গ্রন্থ’ Das capital’ ৰচনা কৰিছিল। এই গ্রন্থখনক কমিউনিষ্ট সকলৰ বাইবেল’ আখ্যা দিয়া হয়। ১৯৪৮ চনত ফ্রান্স আৰু জার্মানীত বিপ্লৱ আৰম্ভ হোৱাত, বিপ্লৱত যোগদান কৰাৰ উদ্দেশ্য তেওঁ জামানীলৈ গৈছিল, কিন্তু তেওঁক জার্মানীৰ পৰা বহিষ্কাৰ কৰা হৈছিল, তেওঁ ফ্রান্সলৈও গৈছিল সেয়েহে তেওঁ ১৮৪৯ চনত ইংলেণ্ডলৈ ঘূৰি আহি জীৱনৰ বাকী সময়ছোৱা ইংলেণ্ডতেই কটাইছিল। 

সৰ্বহাৰাৰ যুক্তিৰ কাৰণে সংগ্রাম কৰি যোৱা এই মহান ব্যক্তিজনে ইংলেণ্ডত অতি অভাৱ অনাটনৰ মাজত জীৱন-নির্বাহ কৰিব লগা হৈছিল। বন্ধু এংগেলছৰ পৰা আর্থিক সাহায্য নোপোৱাহেঁতেন তেওঁৰ অৱস্থা হয়তো অধিক দুখজনক হ’লহেঁতেন। এংগেলছে তেওঁৰ ভাগৰ সম্পত্তি বিক্ৰী কৰি বছৰি ৩৫৩ পাউণ্ড আয়ৰ ব্যৱস্থা এটা মার্ক্সক কৰি দিছিল। মার্ক্সে লণ্ডনৰ এটা সৰু ঘৰত ভাল চকী মেজ নাছিল, ঘৰৰ সামগ্ৰীবিলাক প্রায় ভগা চিগা আছিল আৰু সেইবোৰ এখন মেজত জমা কৰি থোৱা আছিল। আলহী আহিলে এখন ভগা চকীত বহিবলৈ আগবঢ়াব লগা হৈছিল। প্ৰথম অৱস্থাত আলহীয়ে অস্বস্তিবোধ কৰিলেও মার্ক্স আৰু তেওঁৰ ঘৈণীয়েকৰ আদৰ অভ্যর্থনা আৰু ব্যৱহাৰৰ ফলত আলহীয়ে সেই বিষয়ে পাহৰি যাব লগা হৈছিল। তেওঁৰ অৱস্থা ইমান বেয়া হৈছিল যে সন্তানৰ শেষকৃত্য কৰাৰ উদ্দেশ্য কফিন এটা কিনাৰ কাৰণে তেওঁৰ হাতত ধন নাছিল। কিন্তু ধনৰ দুখীয়া হ’লেও এই মহান ব্যক্তিজন মনৰ দুখীয়া নাছিল। তেওঁৰ লিখনিয়ে পৃথিৱীত তেওঁক যে অমৰ কৰি ৰাখিব তাত অলপো সন্দেহ নাই। ১৮৮৩ চনত এই মহান ব্যক্তিজন লণ্ডনত স্বর্গীয় হয়। মার্ক্সে লিখা গ্রন্থসমূহৰ ভিতৰত বিশেষভাবে উল্লেখযোগ্য হৈছেঃ The poverty of philosophy the communist manifesto, the critique of political economy, value, price and profit Das capital civil war in France.

মার্ক্সক কোনো নতুন ধাৰণাৰ আৱিষ্কাৰক বুলি ক’ব নোৱাৰি আলেকজেণ্ডাৰ গ্রে (Gray) ৰ মতে ক’বলৈ হ’লে দক্ষ কাৰিকৰে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সামগ্ৰী যোগাৰ কৰি আমি তাত নিজস্ব কাৰিকৰী দক্ষতা খটুৱাই ধুনীয়া সামগ্রী তৈয়াৰে কৰাৰ নিচিনা মার্ক্সেও বিভিন্ন লেখকৰ ধাৰনাৰ আলমত তেওঁৰ সিদ্ধান্তসমূহক প্ৰকাশ কৰিছিল। মার্ক্স আছিল এজন দক্ষ মালিৰ নিচিনা। মালিয়ে বিভিন্ন ৰঙৰ আৰু বিভিন্ন প্ৰকাৰৰ ফুল সংগ্ৰহ কৰি ধুনীয়া মালা তৈয়াৰ কৰাৰ নিচিনা মার্ক্সেও বিভিন্ন উৎসৱৰ পৰা তথ্যপাতি সংগ্ৰহ কৰি বৈজ্ঞানিক সমাজবাদৰ মালা এনে ধুনীয়াকৈ তৈয়াৰ কৰিছিল যে সৰ্বহাৰাৰ লগত এই বৈজ্ঞানিক সমাজ বাদৰ মালা ধুনীয়া দেখা গৈছিল। জার্মান ইংৰাজৰ আৰু ফ্রান্সৰ লেখকৰ পৰা মার্ক্সে তথ্যপাতি সংগ্রহ কৰিছিল। মার্ক্সে তেওঁৰ দ্বন্দ্বাত্মক বস্তুবাদ আৰু ইতিহাসৰ অৰ্থনৈতিক ব্যাখাৰ সমল পাইছিল জার্মান দার্শনিক হেগেলৰ পৰা মূল্য আৰু উদ্ধৃত মূল্য সম্পর্কীয় তত্ত্বৰ সমল লৈছিল বৃটিছ অর্থনীতিবিদ সকলৰ পৰা আৰু ৰাষ্ট্ৰ সম্পৰ্কীয় তত্ত্বৰ ধাৰণা লৈছিল ফৰাছী লেখকসকলৰ পৰা। মার্ক্স ধাৰণাসমূহক সিপিঠিত চমু আলোচনা কৰা হ’ল।

দ্বন্দ্বাত্মক বস্তুবাদেই হৈছে মার্ক্সীয় দর্শনৰ মূল ভেঁটি। সকলো ধৰণৰ সমস্যা সমাধানৰ কাৰণে মার্ক্সবাদীসকলে এই পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকৰ মতে দ্বন্দ্বাত্মক পদ্ধতিয়ে যিকোনো ঘটনা বিশ্লেষণ কৰাত সহায় কৰে। এই পদ্ধতিৰ সহায়ত ঘটনাৰ লগত জড়িত কাৰণসমূহৰ জ্ঞান লাভ কৰাৰ সহজ। ঘটনাই বর্তমান কোন পিনে গতি কৰিছে আৰু ভৱিষ্যতে কোনপিনে গতি কৰিব সেই সম্পৰ্কেও এই পদ্ধতিৰ সহায়ত জানিব পাৰি। মার্ক্সে দ্বন্দ্বাত্মক আৰু পদ্ধতিৰ বিষয়ে আলোচনা কৰাৰ সময়ত হেগেলৰ দ্বন্দ্বাত্মক পদ্ধতিৰ চমু আভাস দিয়া দৰকাৰ। হেগেলৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ওপৰতেই ঐতিহাসিক গতি নিৰ্ভৰ কৰে। অর্থাৎ ইতিহাসৰ গতি দ্বন্দ্বাত্মক পদ্ধতিয়ে নির্ণয় কৰে। যিকোনো ধাৰণাৰ প্ৰকাশৰ লগে লগে তাৰ বিপৰীত ধাৰণাৰ সৃষ্টি হয়। অর্থাৎ কোনো ধাৰণা আৰু ইয়াৰ বিপৰীত ধাৰণা বা ক্ৰিয়া আৰু প্রতিক্রিয়াই বিৱৰ্তনৰ দিশ নিৰ্ণয় কৰে। কেৰিড হান্ট (Carat Hunt) ৰ মতে দ্বন্দ্বাত্মক পদ্ধতিক Ahesis (ক্রিয়া বা ধাৰণা), Ant, thesis (প্রতিক্রিয়া বা বিপৰীত ধাৰণা) আৰু Synthesis (সমন্বয়)ৰ জৰিয়তে প্রকাশ কৰিব পাৰি। কোনো মন্তব্যৰ জৰিয়তে এটা ক্রিয়া বা ধাৰণাৰ প্রতি সমর্থন জনোৱা হয়। কিন্তু ইয়াৰ প্ৰতিক্ৰিয়াৰ বিপৰীতধর্মী ধাৰণাই এনে সমর্থন বাধাৰ সৃষ্টি কৰে। ক্রিয়া আৰু প্ৰতিক্ৰিয়াৰ বা কোনো ধাৰণা আৰু ইয়াৰ বিপৰীতধর্মী ধাৰণাৰ সংঘাতৰ সৃষ্টি হয় সমন্বয়ৰ। অর্থাৎ এই দুয়োটাৰ সংঘাতৰ পৰা কোনো এটা সত্যত উপনীত হোৱা যায়। কিন্তু ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত হোৱা সমন্বয় বা সত্যতাক ভালদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে তাত আসোঁৱাহ আছে। অর্থাৎ ইয়াক প্রকৃত সত্য হিচাবে গ্রহণ কৰিব নোৱাৰি। এই সমন্বয় বা সত্যৰ আসোঁৱাহ ওলোৱাৰ লগে লগে ই এটা ধাৰণা বা ক্ৰিয়াত পৰিণত হয়। সেয়েহে এটা ৰ ধাৰণা বা ক্ৰিয়াৰ বিপৰীতধর্মী ধাৰণাৰ বা প্ৰতিক্ৰিয়াৰ আকৌ সৃষ্টি হয়। এই ক্রিয়া-প্রতিক্রিয়া দ্রুত তথা ধাৰণা আৰু বিপৰীতধর্মী ধাৰণাৰ সংঘাতত সৃষ্টি হয় এক সমন্বয় বা সত্যৰ। এইদৰে প্রকৃত সত্য উদঘাটন নোহোৱালৈকে এই পদ্ধতি চলি থাকে আৰু প্রকৃত সত্য উদ্‌ঘাটন হোৱাৰ লগে লগে দ্বন্দ্বাত্মক পদ্ধতিৰো অৱসান ঘটে। হেগেলৰ মতে, ইতিহাস কিছুমান ঘটনাৰ ৰ সমষ্টিয়ে নহয়, ই প্ৰগতিৰ প্ৰধান চালিকা শক্তি।

হেগেলৰ এই দ্বন্দ্বাত্মক পদ্ধতিয়ে মার্ক্সৰ চিন্তাধাৰাৰ ওপৰত এনেদৰে প্রভাৱ বিস্তাৰ কৰিছিল যে মার্ক্সে এই পদ্ধতি গ্রহণ কৰি লৈছিল। কিন্তু হেগেল আৰু মার্ক্সৰ মাজত প্রভেদ আছিল হেগেলৰ উদ্দেশ্য আছিল সত্য উদ্‌ঘাটন কৰা, মার্ক্সৰ উদ্দেশ্য আছিল সমাজবাদৰ প্ৰতিষ্ঠা কৰা। সেয়েহে হেগেল সহায় লৈছিল ধাৰণাৰ কিন্তু মার্ক্সে সহায় লৈছিল পদাৰ্থৰ। মার্ক্সে এখন শ্রেণীহীন আৰু শোষনহীন সমাজ প্রতিষ্ঠা কৰিব বিচাৰিছিল। তেওঁৰ সেই সময়ত এক শ্রেনীৰ লোকে আন এক শ্রেণীক পোষণ কৰাৰ ব্যৱস্থা নাছিল। দ্বন্দ্বাত্মক পদ্ধতিৰ সহায়ত সমাজবাদৰ আদর্শত সমাজ প্রতিষ্ঠা কৰা সম্ভৱ হ’ব পাৰে বুলি মার্ক্সে বিশ্বাস কৰিছিল। এনে সমাজত মানুহৰ মাজত শ্রেণী বিভাজন থাকিব আৰু এক শ্ৰেণীৰ লোকৰ ওপৰত উৎপীড়ন কৰাৰ কাৰণে ৰাষ্ট্ৰ ব্যৱস্থাও নাথাকিব। অর্থাৎ এখন শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজৰ প্ৰতিষ্ঠা হ’ব। মার্ক্সে বিশ্বাস কৰিছিল যে দ্বন্দ্বাত্মক বস্তুবাদৰ ফলত পুঁজিবাদৰ ধ্বংস হৈ সমাজবাদৰ প্রতিষ্ঠা হ’ব। মার্ক্সৰ মতে ক্রিয়া, প্রতিক্রিয়া আৰু সমন্বন অর্থনীতিৰ ভিত্তিত প্রতিষ্ঠিত সমাজ বিভিন্ন শ্ৰেণীৰ লোকৰ বাহিৰে আন একো নহয়। সমাজত থকা এই বিভিন্ন সমাজৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সমাজবাদৰ প্ৰতিষ্ঠা হ’ব আৰু সমাজবাদ প্রতিষ্ঠা হোৱাৰ লগে লগে দ্বন্দ্বাত্মক পদ্ধতিৰো অন্ত পৰিব। 

মূল্যায়নঃ

(ক) দ্বন্দ্বাত্মক বস্তুবাদকেই মার্ক্সীয় ধাৰণাৰ প্ৰধান ভেঁটি বুলি আখ্যা দিয়া হয় যদিও মাৰ্ক্স আৰু এংগেলজে দ্বন্দ্বাত্মক বস্তুবাদ সম্পর্কে কতো বিস্তৃত আলোচনা কৰা নাই। মানুহৰ সামাজিক জীৱনত ঘাত-প্রতিঘাত আদিয়ে প্রভাৱ বিস্তাৰ কৰে যদিও, ইয়াক এটা সার্বজনীন নিয়ম হিচাপে গ্ৰহণ কৰিব নোৱাৰি সেইদৰে ইতিহাসৰ গতি নিৰ্ণয়ত সংঘাতকে একমাত্ৰ কাৰণ হিচাবে গ্রহন কৰিব নোৱাৰি। কেৰিড শষ্টৰ মতে, মানৱ সমাজৰ ইতিহাসৰ প্ৰতি নিৰ্ণয়ত দ্বন্দ্বাত্মক পদ্ধতিয়ে সহায় কৰিব পাৰি যদিও এই পদ্ধতিকেই একমাত্র বিজ্ঞানসম্মত পদ্ধতি বুলি আখ্যা দিব নোৱাৰি সত্যত উপনীত হোৱাৰ কাৰণে মানুহে প্ৰকাশ কৰা ধাৰণাৰ ক্ষেত্ৰত ইয়াক প্রয়োগ কৰিব ভাল ফল লাভ কৰিব পাৰি যদিও, পদাৰ্থৰ ক্ষেত্ৰত ইয়াক প্রয়োগ কৰিব নোৱাৰি। পদাৰ্থৰ চেতনা নাই, সেয়েহে ইয়াৰ পৰিৱৰ্তন দ্বন্দ্বাত্মক পদ্ধতিত নহয়, বাহিৰৰ পৰা হেঁচা প্রয়োগ কৰিহে চেতনাহীন পদার্থক সলনি কৰিব পাৰি।

(খ) যুক্তিৰ খাতিৰত পদাৰ্থৰ পৰিৱৰ্তন সম্ভৱ বুলি ধৰি ল’লেও, বিভিন্ন পদাৰ্থৰ মাজত হোৱা সংঘাত অর্থাৎ ক্রিয়া-প্রতিক্ৰিয়াৰ ফলতহে যে ইয়াৰ পৰিৱৰ্তন হ’ব সেই কথাক কেতিয়াও স্বীকাৰ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, কোনো এটা ধাৰণাৰ বিপৰীতধর্মী ধাৰণা থাকে। প্রতি যেনে- উচিত-অনচিত, ন্যায়-অন্যায়, মৰম-ঈষা, সত্য-অসত্য-এনেবোৰ ধাৰণাক এটাক এম এ আনটোৰ বিপৰীত বুলি ক’ব পাৰি। কিন্তু এটা সামগ্রিক বা পদার্থক আন এটাৰ বিপৰীত বুলি ক’ব নোৱাৰি। পদাৰ্থক মাজত সাদৃশ্য নাইবা বৈসাদৃশ্য থাকে। গোটা, জুলীয়া, গেচ-পদাৰ্থৰ এই তিনিটা অৱস্থাক এটাক আনটোৰ বিপৰীত বুলি ক’ব নোৱাৰি। কেতিয়াবা কেতিয়াবা আকৌ এটা পদার্থকে তিনিটা অৱস্থাত পোৱা যায়। সেয়েহে কেৰিড শক্টৰ মতে ক’বলৈ হ’লে ধাৰণাৰ বিষয়ত দ্বন্দ্বাত্মক পদ্ধতিৰো প্ৰয়োগ কৰিব পাৰি যদিও পদাৰ্থৰ ক্ষেত্ৰত এই পদ্ধতিক প্রয়োগ কৰিব নোৱাৰি। 

(গ) মার্ক্সৰ মতে, দ্বন্দ্বাত্মক পদ্ধতিয়ে এখোজ-এখোজকৈ সত্যৰ পিনে আগবাঢ়ি যায় অর্থাৎ দ্বন্দ্বাত্মক পদ্ধতিৰ গতি সদায় উর্দ্ধমুখী। কিন্তু ৰাজনীতিৰ বিষয়ত সংঘাত প্রগতিৰ সহায়ক নহ’বও পাৰে। উদাহৰণস্বৰূপে, ইংৰাজ চৰকাৰৰ আৰু ভাৰতীয় লোকৰ মাজত হোৱা সংঘাতে ভাৰতীয় অর্থনীতিৰ গতি নিম্নগামীহে কৰিছিল। অর্থাৎ কেতিয়াবা সংঘাত বা ক্রিয়া-প্রতিক্রিয়াৰ ফল উর্দ্ধগামী নহৈ নিম্নগামী হ’বও পাৰে। অর্থাৎ সংঘাতে উদ্দেশ্য সাধনত সহায় নকৰি বাধাৰ সৃষ্টিহে কৰিব পাৰে।

(ঘ) মার্ক্সৰ মতে পুঁজিবাদী ব্যৱস্থা নাইকিয়া হৈ সমাজবাদ প্রতিষ্ঠা নোহোৱালৈ দ্বন্দ্বাত্মক পদ্ধতি চলি থাকিব। অর্থাৎ সমাজবাদ প্রতিষ্ঠা নোহোৱালৈ দ্বন্দাত্মক পদ্ধতিৰ শেষ নহয়। কিন্তু পুঁজিবাদৰ অস্ত হ’লেও সমাজবাদৰ প্ৰতিষ্ঠা নহ’ব পাৰে। লাস্কিৰ মতে ক’বলৈ হ’লে পুঁজিবাদী ব্যৱস্থা নাইকিয়া হ’লে যে সমাজবাদ প্রতিষ্ঠা হ’ব, তাৰ কোনো নিশ্চয়তা নাই। পুঁজিবাদৰ অৱসানৰ লগে লগে অ-ৰাষ্ট্ৰবাদৰ সৃষ্টি হ’ব পাৰে আৰু এনে অৱস্থাৰ সুযোগ গ্রহণ কৰি সমাজবাদৰ লগত সম্পর্ক নোহোৱা কোনো শক্তিশালী ব্যক্তিয়ে স্বেচ্ছাচাৰী শাসন প্রচলন কৰাৰ সুবিধা পাব পাৰে। অর্থাৎ দ্বন্দ্বাত্মক পদ্ধতিয়ে সমাজবাদক প্রতিষ্ঠা কৰিব বুলি আশা কৰিব নোৱাৰি।

(ঙ) মার্ক্সৰ মতে দ্বন্দ্বাত্মক পদ্ধতিয়ে শ্রেণীহীন সমাজত সমাজক প্রতিষ্ঠা কৰিব। অর্থাৎ মানুহৰ মাজত শ্রেণী বিভাজন নাথাকিব আৰু শ্রেণী বিভাজন নাথাকিলে শ্রেণী সংঘৰ্ষৰো অন্ত পৰিব। কিন্তু এনে ধাৰণা ত্রুটিহীন নহয়। বাস্তৱ সমাজ এখন বিশ্লেষণ কৰি চালে দেখা যায় যে সমাজত মাত্র এটা শ্ৰেণীৰ লোক নাথাকে, বিভিন্ন শ্রেণীয়ে লোকেৰে গঠিত হয়। অর্থাৎ শ্রেণীহীন সমাজ সৃষ্টি হ’ব বুলি কেতিয়াও আশা কৰিব নোৱাৰি।

(চ) ইতিহাসৰ গতি নির্ণয়ত দ্বন্দ্বাত্মক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে বুলি ক’ব নোৱাৰি। ইতিহাসৰ গতি নিৰবচ্ছিন্ন, ইয়াৰ আৰম্ভণি ক’ত আৰু শেষ ক’ত তাক নির্ণয় কৰা সহজ নহয় সেয়েহে ইতিহাসৰ কোনটো স্তৰ ক্ৰিয়া, কোনটো স্তৰ প্রতিক্রিয়া নাইবা কোনটো স্তৰ সমন্বয় তাক কেতিয়াও নিশ্চয়কৈ ক’ব নোৱাৰি।

(ছ) আগতেই উল্লেখ হৈছেদ্বন্দ্বাত্মক পদ্ধতিৰ গতি সদায় ঊর্দ্ধমুখী ইয়াৰ প্ৰত্যেকটো সমন্বয়ে ক্রমান্বয়ে এখোজ এখোজধ্যে সত্যৰ পিনে আগবঢ়াই লৈ যায়। ইতিহাস যদি অকল প্ৰগতিৰ খতিয়ান হ’লহেঁতেন তেতিয়াহ’লে দ্বন্দ্বাত্মক পদ্ধতিক ইতিহাসৰ গতি নিৰ্ণয়ৰ ক্ষেত্ৰত প্রয়োগ কৰিব পৰা গ’লহেঁতেন? কিন্তু ইতিহাস হৈছে সাম্ৰাজ্যৰ উত্থান-পতনৰ খতিয়ান সেয়েহে ইতিহাসৰ গতি নিৰ্ণয় কৰাৰ কাৰণে এই পদ্ধতিক প্রয়োগ কৰা সম্ভৱ নহয়।

১৭। ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ মার্ক্সীয় ধাৰণাসমূহৰ ভিতৰত ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা বিশেষভাৱে উল্লেখযোগ্য। মার্ক্সৰ মতে সমাজৰ অৰ্থনৈতিক গাঁথনিৰ ওপৰতে সমাজৰ সামাজিক, সাংস্কৃতিক অৱস্থা নিৰ্ভৰ কৰে। অর্থাৎ কোনো সমাজৰ অৰ্থনৈতিক, সামাজিক আদি বিভিন্ন দিশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণ হৈছে সেই সমাজৰ অৰ্থনৈতিক অৱস্থা। উৎপাদন প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক সম্পৰ্কৰো পৰিৱৰ্তন হয়। ইতিহাসত যিবোৰ বিপ্লৱৰ উদাহৰণ পোৱা যায়, মানুহৰ জীৱৰ-ধাৰণ পদ্ধতিত যিবোৰ পৰিবৰ্তন আহে সেইবোৰ বিপ্লৱ বা পৰিবৰ্তনৰ প্ৰধান কাৰণ হৈছে অর্থনৈতিক। অর্থনৈতিক অৱস্থাই মানুহৰ সাংস্কৃতিক মানদণ্ড আৰু ধর্মীয় আচাৰ-বিচাৰৰ ক্ষেত্ৰতো পৰিৱৰ্তন সাধন কৰে। কোনো নিশ্রয় আদৰ্শৰ ভিত্তিত বিপ্লৱৰ কাৰণ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলেও, আদর্শই বিপ্লৱৰ কাৰণক উদঘাটন কৰিব নোৱাৰে। ঐতিহাসিক পৰিৱর্তন সদায় অর্থনৈতিক কাৰণৰ লগত জড়িত হৈ থাকে। ন্যায়, সত্যতা, মৰম চেনেহ, মানৱতাবাদ আদি বিভিন্ন কাৰণত সামাজিক বা ৰাজনৈতিক পৰিৱৰ্তন হোৱাটোক মার্ক্সে বিশ্বাস নকৰে মার্ক্সৰ মতে উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনেৰে সমাজৰ পৰিৱৰ্তন সাধন কৰে সংক্ষেপতে ক’বলৈ হ’লে উৎপাদন প্ৰক্ৰিয়াৰ পৰিৱৰ্তন লগতহে সামাজিক সম্পর্ক নিৰ্ভৰ কৰে। মার্ক্সৰ মতে উৎপাদন প্ৰক্ৰিয়াৰ পৰিৱৰ্তন হোৱাৰ ফলত সামাজিক তথা ৰাজনৈতি পৰিৱৰ্তন হোৱাৰ ভালেমান উদাহৰণ ইতিহাসত পোৱা যায়। প্রাচীনকালত দাস প্রথাৰ প্ৰচলন আছিল, কিন্তু এই প্রথা নাইকিয়া হ’ল। মধ্যযুগত সামন্ত প্ৰথাৰ প্ৰচলন আছিল, এই প্রথাও অনির্দিষ্ট কাললৈ চলি নাথাকিল। উদ্যোগ বিপ্লৱে উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিলে। উদ্যেগ বিপ্লৱৰ ফলত পুঁজিবাদী সমাজ ব্যৱস্থাৰ সৃষ্টি হ’ল। কিন্তু এই ব্যৱস্থাও সদায় চলি নাথাকিব। মার্ক্সৰ মতে আদিম সমাজৰ পৰা বৰ্তমান সময়লৈ ইতিহাসত যিবোৰ পৰিৱর্তন দেখা যায়, সেই আটাইবোৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণ হৈছে অর্থনৈতিক কাৰণ। সভ্যতাৰ কোনো এটা স্তৰৰ পৰিৱৰ্তন হৈ আন এটা স্তৰ আৰম্ভ হোৱাৰ লগে লগে আগৰ স্তৰৰ উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন হৈ নতুন ধৰণৰ উৎপাদন আৰু প্রক্ৰিয়াৰ পৰিৱৰ্তনে সামাজিক পৰিৱৰ্তন সৃষ্টি কৰে, অর্থাৎ অর্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনেই হৈছে ঐতিহাসিক পৰিৱৰ্তনৰ প্ৰধান কাৰণ। অর্থনৈতিক অৱস্থাই ইতিহাসৰ গতিকে নিৰ্ণয় কৰে।

গুৰুত্বঃ দ্বন্দ্বাত্মক বস্তুবাদতকৈ মার্ক্সৰ ইতিহাসৰ অর্থনৈতিক ব্যাখাত ভালেখিনি সত্যতা আছে। সমাজ বিজ্ঞানৰ অধ্যয়নত এই ধাৰণাই যথেষ্ট পৰিমাণে সহায় কৰে। হান্টৰ মতে ক’বলৈ হ’লে আধুনিক যুগৰ লেখকসকলে স্পষ্টভাৱে স্বীকাৰ নকৰিলেও তেওঁলোকৰ অধিকাংশই যে মার্ক্সৰ ওচৰত ঋণী এই কথা স্বীকাৰ কৰিব লাগিব। সমাজ অধ্যয়ন কৃতকার্য হ’ব লাগিলে তেনে অধ্যয়নক সমাজৰ অৰ্থনৈতিক গাঁথনিৰ ভিত্তিক আৰম্ভ কৰা উচিত। কোনো সমাজৰ সামাজিক, ৰাজনৈতিক সমস্যাৰ শুদ্ধ জ্ঞানৰ কাৰণে সেই সমাজৰ অৰ্থনৈতিক অৱস্থাৰ জ্ঞান থকা অত্যন্ত দৰকাৰ। অর্থনৈতিক অৱস্থা তথা উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে সমাজৰ সামাজিক, ৰাজনৈতিক সমস্যা আদিৰ স্পষ্ট আভাস পোৱা যায়। বহুত ক্ষেত্রত অর্থনৈতিক কাৰণে সমস্যাৰ সৃষ্টি কৰা দেখা যায়। সেয়েহে সমাজ বিজ্ঞানৰ অধ্যয়নত মার্ক্সৰ ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা মতবাদৰ গুৰুত্বক আওকান কৰিব নোৱাৰি।

১৮। সমাজ পৰিৱৰ্তনৰ কাৰণসমূহ ইতিহসাৰ অৰ্থনৈতিক ব্যাখ্যাৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰঃ ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যাৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ কাৰণ উদ্‌ঘাটন কৰিব পাৰি যদিও, ইয়াক স্ততঃসিদ্ধৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি। এই মতবাদৰ বিৰুদ্ধে তলত দিয়া যুক্তিসমূহ আগবঢ়োৱা হয়।

(ক) মানুহৰ মন একেবাৰে সৰল নহয়। মানুহৰ মনৰ গতিক অর্থনৈতিক, ধর্মীয়, সামাজিক নাইবা তেনেকুৱা কোনো এটা অৱস্থাৰ পৰা ভালদৰে বুজা সম্ভৱ নহয়। অর্থনৈতিক প্ৰভাৱৰ উপৰিও দয়া, মৰম, স্নেহ, প্রীতি উচ্চাকঙ্খা আদি বিভিন্ন কাৰণত মানুহৰ মনৰ গতিৰ পৰিৱৰ্তন হ’ব পাৰে। সেয়েহে অর্থনৈতিক কাৰণকে সমাজ পৰিৱৰ্তনৰ প্ৰধান কাৰণ হিচাবে আখ্যা দিব নোৱাৰি।

(খ) মার্ক্সৰ অনুগামীসকলে সকলো সমস্যাৰ কাৰণে মুকলি মনেৰে বিচাৰ নকৰে তেওঁলোকে অকল অর্থনৈতিক কাৰণৰ ওপৰতহে গুৰুত্ব দিয়ে। সমস্যাৰ আতিগুৰি বিচাৰ কৰাৰ এইটো কেতিয়াও উত্তম পদ্ধতি হ’ব নোৱাৰি। অর্থনৈতিক কাৰণৰ বাহিৰেও আন কাৰণতে পৰিবৰ্তন হ’ব পাৰে। ধৰ্ম আৰু ভাষাই ইতিহাসৰ গতি পৰিৱৰ্তন কৰাৰ ভালেমান উদাহৰণ পোৱা যায়। ধৰ্মৰ ভিত্তিত পাকিস্তানৰ সৃষ্টি হোৱা বুলি ক’লেও বোধহয় অত্যুক্তিকৰ নহয়।

(গ) মার্ক্স আৰু তেওঁৰ অনুগামীসকলৰ মতে অর্থনৈতিক কাৰণৰ ফলতেই যুদ্ধৰ সৃষ্টি হয়।কিন্তু এই ধাৰণা সম্পূর্ণ শুদ্ধ নহয়। অর্থনৈতিক অৱস্থাই এ ‘জাম যুদ্ধৰ সৃষ্টি কৰা নাছিল কাৰণেহে এই যুদ্ধ হৈছিল। সেইদৰে ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধ অর্থনৈতিক কাৰণত সৃষ্টি হোৱা নাছিল। অর্থনৈতিক কাৰণতকৈ ধর্মীয় কাৰণতহে (জেৰুজালেম উদ্ধাৰ) ধৰ্ম যুদ্ধৰ সৃষ্টি হৈছিল। সেইদৰে নৱজাগৰণ আৰু সংস্কাৰ আন্দোলনৰ ফলত ইউৰোপত মধ্যযুগৰ ঠাইত আধুনিক যুগৰ আৰম্ভ হৈছিল। নৱজাগৰণ আৰু সংস্কাৰ আন্দোলনক অকল অর্থনৈতিক কাৰণৰ মাধ্যমেৰে বিচাৰ কৰা উচিত নহয়। লাস্কিৰ মতে ক’বলৈ হ’লে “বলকানত সৃষ্টি হোৱা জাতীয়তাবাদী ভাৱধাৰাক অর্থনৈতিক কাৰণৰ প্রতিক্রিয়া হিচাবে গ্রহণ কৰিব নোৱাৰি। ১৯১৪ চনত সৃষ্টি হোৱা প্ৰথম মহাসমৰত উপনিবেশ প্রতিষ্ঠাৰ চেষ্টা নিহিত থাকিলেও, দেশসমূহৰ মাজত থকা জাতীয় আদর্শয়ো এই যুদ্ধৰ সৃষ্টিত বৰঙণি যোগাইছিল। ওৱেষ্টফলিয়া (Treaty of westphalia) ৰ সন্ধিৰ সময়লৈকে ধৰ্ময়ো ইতিহাসৰ গতি নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহন কৰিছিল মার্টিন লুথাৰৰ আন্দোলনক অর্থনৈতিক কাৰণৰ মাধ্যমেৰে বিচাৰ কৰিব নোৱাৰি। এনেবোৰ উদাহৰণৰ পৰা সহজে সিদ্ধান্তলৈ আহিব পাৰি যে অকল অর্থনৈতিক কাৰণৰ মাধ্যমেৰে ঐতিহাসিক পৰিৱৰ্তনক নির্ণয় কৰিব নোৱাৰি। অর্থনৈতিক কাৰণৰ বাহিৰেও আন কাৰণতো যুদ্ধ-বিগ্রহৰ সৃষ্টি হ’ব পাৰে।

(ঘ) ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা মতে যিসকল লোকৰ হাতত উৎপাদনৰ আহিলাপাতিসমূহ থাকে, সেইসকল লোকেই ক্ষমতা লাভৰ সুবিধা পায়। অর্থাৎ অর্থনৈতিক অৱস্থাই ৰাজনৈতিক ক্ষমতা লাভ কৰাত সহায় কৰে। এই যুক্তিৰ ভালেখিনি সত্যতা থকা দেখা যায়। বর্তমান যুগত অর্থনৈতিকভাৱে ক্ষমতাশালী ব্যক্তিয়ে আন আন সুবিধাও ভোগ কৰা দেখা যায়। কিন্তু এই যুক্তিকো স্বতঃসিদ্ধ হিচাবে গ্রহণ কৰিব নোৱাৰি। অর্থনৈতিক ক্ষমতাৰ বাহিৰেও বুৰঞ্জীত পোৱা যায়। আগৰকালত আমাৰ দেশত ব্রাহ্মণ আৰু ক্ষত্রিয়সকলে ৰাজনৈতিক সুবিধা লাভ কৰিছিল আমাৰ দেশত ব্ৰাহ্মন আৰু ক্ষত্রিয়সকলে ৰাজনৈতিক সুবিধা লাভ কৰিছিল, কিন্তু অর্থনৈতিক অৱস্থাৰ ভিত্তিত হৈ এই সুবিধা পোৱা মধ্যযুগত খ্রীষ্টান ধর্মগুৰু পোপসকলে ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল। অর্থনৈতিক ক্ষমতাৰ ফলত এই ধর্মগুৰুসকলে ৰাজনৈতিক ক্ষমতা লাভ কৰা নাছিল। যিসকলে আকস্মিক ৰাজ পৰিৱৰ্তনৰ সহায়ত ৰাজনৈতিক ক্ষমতা লাভ কৰে, তেওঁলোকৰ ক্ষেত্ৰত ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যাক প্ৰয়োগ কৰিব নোৱাৰি। এনেবোৰ উদাহৰণৰ পৰা সহজে ক’ব পাৰি যে সাহস, অভিজ্ঞতা, দক্ষতা সহায় কৰিব পাৰি। অকল অর্থনৈতিক ক্ষমতাকেই ৰাজনৈতিক ক্ষমতা লাভৰ চাবি-কাটি হিচাবে আখ্যা দিব নোৱাৰি।

(ঙ) অর্থনৈতিক পদ্ধতিয়ে যেনেকৈ আদৰ্শৰ সৃষ্টি কৰিব পাৰে আদর্শয়ো তেনেকৈ অর্থনৈতিক পদ্ধতিৰ সৃষ্টি কৰিব পাৰে। ৰুছিয়াক অর্থনৈতিক পদ্ধতিৰ সৃষ্টি কৰিব পাৰে। ৰুছিয়াক অর্থনৈতিক পদ্ধতিৰ সমাজবাদী আদৰ্শৰ সৃষ্টি বুলি কোৱা হয়। কিন্তু আমাৰ দেহত গান্ধীবাদী আদর্শয়ো অর্থনৈতিক পদ্ধতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। গান্ধীবাদী আদৰ্শৰ ফলতেই বৰ্তমান বৃহৎ উদ্যোগৰ যুগতো কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

(চ) মার্ক্সৰ ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যাৰ আন এটা দুৰ্বলতা আছে। তেওঁৰ মতে উৎপাদন প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ ফলতেই সামাজিক পৰিৱৰ্তন হয়। কিন্তু উৎপাদন প্রক্ৰিয়াৰ পৰিৱৰ্তনৰ কাৰণসমূহক তেওঁ বিশ্লেষণ কৰা নাই। অর্থাৎ ঐতিহাসিক পৱিৰ্তনৰ কাৰণসমূহক মার্ক্সে ভালদৰে বিশ্লেষণ কৰা নাই।

(ছ) মার্ক্সে জাতীয়তাবাদী ভাৱধাৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই। মার্ক্সবাদীসকলৰ মতে শ্ৰমিকসকলৰ নিজৰ দেশ বুলিবলৈ একো নাই। কিন্তু এনে ধাৰণা সঁচা নহয়। ৰাজেলৰ মতে সমাজবাদীসকলে জাতীয়তাবাদৰ সৃষ্টি নকৰে, বৰং প্রত্যেক জাতিৰে নিজৰ নিজৰ অর্থনৈতিক পদ্ধতি থকাহে দেখা যায়।

(জ) আকস্মিক কাৰণৰ পৰাও যে পৰিৱৰ্তন হ’ব পাৰে, সেই কথাৰ ওপৰত, মার্ক্সে গুৰুত্ব দিয়া নাই। অর্থনৈতিক অৱস্থাৰ লগত সম্পৰ্ক নোহোৱা কিছুমান কাৰণৰ পৰাও উল্লেখযোগ্য ঐতিহাসিক পৰিৱৰ্তন হোৱা দেখা যায়। ১৯৬৮ চনত ইটালীয়ে জেনোৱা দ্বীপটো ফ্রান্সক হস্তান্তৰ কৰিছিল। তাৰ পিছৰ বছৰত অৰ্থাৎ ১৯৬৯ চনত জেনোৱাত নেপোলিয়নৰ জন্ম হৈছিল। জেনোৱাৰ ওপৰত ইটালীৰ কর্তৃত্ব থকাহেঁতেন নেপোলিয়ন ইটালীৰ নাগৰিক হলহেঁতেন তেতিয়াহ’লে ফ্ৰান্সৰ বুৰঞ্জীত নেপোলিয়ন বিখ্যাত নহলহেঁতেন। সেইদৰে ১৯১৭ চনত জার্মান চৰকাৰে লেনিনক ৰুছিয়ালৈকে আহিবলৈ নিদিয়াহেঁতেন, ৰুছিয়াৰ বুৰঞ্জীৰ সোঁতে হয়তো আনপিনে ঢাল ললেহেঁতেন। এনেবোৰ উদাহৰণৰ পৰা দেখা যায় যে অর্থনৈতিক কাৰণৰ লগত সংগতি নোহোৱা আকস্মিক কাৰণ কিছুমানৰ ফলতো ইতিহাসৰ পৰিৱৰ্তন হ’ব পাৰে। অর্থাৎ অর্থনৈতিক কাৰণেই ঐতিহাসিক পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ নহয়।

(ঝ) মানুহৰ মাজত থকা সামাজিক সম্পর্ক জটিল, ইয়াক অর্থনীতিৰ নিচিনা এটা কাৰণৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰি। অর্থনৈতিক কাৰণে ৰাজনৈতিক, সামাজিক আৰু আন অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণ হিচাবে গ্রহণ কৰিলে বিভিন্ন সামাজিক পৰিবেশত বাস কৰা বিভিন্ন জাতিৰ লোকে কিয় খ্রীষ্টান ধর্মক তেওঁলোকৰ ধর্ম হিচাবে গ্রহণ কৰিছে, তাৰ ব্যাখ্যা দিয়া সহজ নহ’ব। একে অৰ্থনৈতিক আৰু সাংস্কৃতিক বাতাবৰণত বাস কৰা মানুহৰ মাজত কিয় আদৰ্শৰ ক্ষেত্ৰত প্রভেদ থাকে, অর্থনৈতিক কাৰণে ইয়াৰ ব্যাখ্যা আগবঢ়াব নোৱাৰে।

(ঞ) সম্ভৱত মার্ক্স আৰু এংপেলছে ইতিহাসৰ অর্থনৈতিক ব্যাখ্যাৰ সীমাবদ্ধতাক উপলব্ধি কৰিব পাৰিছিল। সেয়েহে এংপেলছে ঐতিহাসিক পৰিৱৰ্তনৰ কাৰণসমূহৰ ভিতৰত অর্থনৈতিক আ কাৰণত তেওঁ মুখ্য কাৰণ হিচাবে আখ্যা দিছিল আৰু বাকী কাৰণসমূহক গৌণ কাৰণ হিচাপে ধৰি লৈছিল। কিন্তু সমালোচকসকলে অর্থনৈতিক কাৰণকে মুখ্য কাৰণ হিচাবে গ্রহণ কৰা নাই। সকলোবোৰ তেওঁলোকে একে ধৰণৰ মৰ্যাদা দিব বিচাৰে। অধ্যাপক হেলোৱেলৰ মতে ক’বলৈ হ’লে ইতিহাসৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সমূহক আর্থিক কাৰণতকৈও আন আকাৰত দিন থোৱা হে দেখা যায়।

ওপৰৰ উদাৰণসমূহৰ পৰা দেখা যায় যে অকল অর্থনৈতিক অৱস্থাৰ ওপৰতেই ঐতিহাসিক পৰিৱৰ্তন নিৰ্ভৰ কৰে। অর্থনৈতিক অৱস্থাৰ লগত আন কিছুমান অৱস্থাও জড়িত থাকে। সামাজিক পৰিৱৰ্তনৰ লগত অর্থনৈতিক বিচাৰ-বিবেচনা জড়িত থাকিলেও এই ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা অর্থনৈতিক দিশতকৈ আন আন কাৰণেহে বেছি প্রভাৱ কৰা দেখা যায়।আলেকজেণ্ডাৰৰ ভাৰত আক্রমণক অকল অর্থনৈতিক দৃষ্টিভঙ্গীৰ পৰা বিচাৰ কৰিব নোৱাৰি। অর্থনৈতিক লাভালাভতকৈ পৃথিৱী বিজয় কৰা আকাঙ্খাকে ইয়াৰ প্ৰধান কাৰণ বুলিব পাৰি। মধ্যযুগত যিবোৰ ৰাজনৈতিক পৰিৱৰ্তন হৈছিল, সেই পৰিৱৰ্তনৰ লগত অর্থনৈতিক কাৰণ জড়িত থকাতকৈ উচ্চকাংক্ষা আৰু দুঃসাহসিকতাকেই তাৰ কাৰণ হিচাপে গণ্য কৰা ভাল অর্থাৎ অর্থনৈতিক কাৰণকে ইতিহাসৰ পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ হিচাবে গ্রহণ কৰিব নোৱাৰি ই ঐতিহাসিক ঘটনাৱলীত কোনো এটা কাৰণকে মুখ্য কাৰণ হিচাবে গ্রহণ কৰিব নোৱাৰি। কোনো পৰিৱৰ্তন, ঘটনা নাইবা ঘটনাৰাজিত বিভিন্ন কাৰণ নিহিত থাকে, এই কাৰণসমূহৰ ভিতৰত কোনটো মুখ্য আৰু কোনটো গৌণ তাক নিশ্চয়কৈ কোৱা টান। সেয়েহে মার্ক্সৰ ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা তাৎপর্যপূর্ণ হ’লেও ইয়াক স্বতঃসিদ্ধ হিচাবে গ্রহণ কৰিব নোৱাৰি।

১৯। মার্ক্সৰ শ্ৰেণী সংগ্রাম বা শ্রেণী সংঘর্ষ সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ মার্ক্সৰ শ্ৰেণীৰ সংগ্ৰামৰ ধাৰণাৰ ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা আৰু উদ্ধৃত্ব মূল্যৰ ধাৰণাৰ লগত সম্পৰ্ক আছে। তেওঁৰ মতে শ্রেণী সংগ্ৰামৰ আলমতহে মানৱ ইতিহাসৰ বিষয় জানিব পাৰি। কমিউনিষ্ট মেনিফেষ্টত শ্রেণী সংগ্রাম সম্পর্কে এনেদৰে ব্যাখ্যা কৰা আছে- বৰ্তমান সমাজৰ ইতিহাস হৈছে শ্ৰেণী সংগ্ৰামৰ ইতিহাস। আদিম সময়ৰ পৰাই সমাজত দুই শ্ৰেণীৰ মানুহ বাস কৰিছিল আৰু এই দই শ্ৰেণীৰ মানুহৰ মাজত সংঘর্ষ হৈছিল। দাস আৰু মালিক, পেট্রিচিয়ান আৰু লেবিয়াম, জমিদাৰ আৰু কৃষ্ণক, পুঁজিপতি আৰু বনুৱা এই দুই শ্ৰেণীৰ মানুহৰ মাজত প্রায়ে সংঘাত হৈছিল। কেতিয়াবা এনে সংঘৰ্ষৰ ফলত সা সমাজত বৈপ্লৱিক পৰিৱৰ্তন হৈছিল আৰু কেতিয়াবা হয়তো সংঘর্যত লিপ্ত দুই শ্রেণীৰ লোক ধ্বংসপ্রাপ্ত হৈছিল।

মার্ক্সৰ মতে সমাজত সদায় দুই শ্ৰেণীৰ মানুহ বাস কৰে। এক শ্ৰেণীৰ লোক উৎপাদনৰ আহিলাপাতিৰ গৰাকী। এই শ্ৰেণীৰ লোকৰ সংখ্যা কম আৰু আন শ্ৰেণীৰ লোক হৈছে বনুৱা হৈছে। এই শ্ৰেণীৰ লোকৰ সংখ্যা হৈছে সৰহ। প্ৰথম শ্ৰেণীৰ লোকক মালিক, পুঁজিপতি,, জমিদাৰ আদি আখ্যা দিব পাৰি। এই শ্ৰেণীৰ লোকে শাৰীৰিক পৰিশ্ৰম নকৰে, কিন্তু উৎপাদনৰ সিংহ ভাগ এই শ্ৰেণীৰ লোকে ভোগ কৰে। দ্বিতীয় শ্ৰেণীৰ লোকক কৃষক বনুৱা আদি আখ্যা দিয়া হয়। এই শ্ৰেণীৰ লোকে পুৱাৰ পৰা সন্ধিয়ালৈ কঠোৰ পৰিশ্ৰম কৰে, কিন্তু জীৱন ধাৰণৰ কাৰণে দৰকাৰী সা সামগ্রী এওঁলোকে পর্যাপ্ত পৰিমাণে নাপায়। এই দুই শ্ৰেণীৰ লোকৰ মাজত অর্থনৈতিক ব্যৱধানত ক্রমান্বয়ে বাঢ়ি যায়, ইয়াৰ ফলত ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতা লাভৰ কাৰণে শ্ৰেণী সংঘৰ্ষৰ সৃষ্টি হয়। আগৰকালত ৰোমত পেট্রিছিয়ান আৰু প্লেবিয়ান এই দুই শ্ৰেণীৰ লোক আছিল। ক্ষমতাৰ কাৰণে এই দুই শ্ৰেণীৰ লোকৰ মাজত সংঘৰ্ষত সৃষ্টি হৈছিল। গ্ৰীছত নাগৰিক আৰু দাস এই দুই শ্ৰেণীৰ লোক বাস কৰিছিল মধ্যযুগত সামন্ত প্ৰথাৰ প্রচলন আছিল। সামন্ত প্ৰথাৰ প্ৰচলন থকা সময়ত জমিদাৰ শ্ৰেণীৰ লোকে ৰাজনৈতিক আৰু অর্থনৈতিক সকলো সুবিধা ভোগ কৰিছিল। জমিদাৰ শ্ৰেণীৰ লোকে খেতি পথাৰত কোনো কাম নকৰিছিল যদিও উৎপাদনৰ সৰহ ভাগ তেওঁলোকে লাভ কৰিছিল। অর্থাৎ খেতিয়ক শ্ৰেণীৰ পৰিশ্ৰমৰ ওপৰত জমিদাৰ বেৰণ আদিয়ে আৰামতে জীৱন নিৰ্বাহ কৰিব পাৰিছিল। আনহাতে কৃষক শ্ৰেণীৰ লোকে কঠোৰ পৰিশ্ৰম কৰিও দৰকাৰ মতে তেওঁলোকে সামগ্রী নাপাইছিল। উদ্যোগ বিপ্লৱৰ পিছত পুঁজিবাদী সমাজ ব্যৱস্থাৰ প্ৰচলন হয়। এনে সমাজত পুঁজিপতি আৰু বনুৱা এই দুই শ্ৰেণীৰ লোক বাস কৰে। কল-কাৰখানা, ভূমি, খনি আদি উৎপাদনৰ আহিলাসমূহ পুঁজিপতিসকলৰ অধীনত থাকে। এই শ্ৰেণীৰ লোকে পৰিশ্ৰম নকৰাকৈয়ে আৰামত জীৱন নিৰ্বাহ কৰে। আনহাতে বনুৱা শ্ৰেণীৰ কঠোৰ পৰিশ্ৰম কৰিও জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধাখিনিও নাপায়। বনুৱাই মূল্যৰ সৃষ্টি কৰে, অথচ এই মূল্যভোগ কৰে পুঁজিপতিয়ে। ইয়াৰ ফলত মালিক আৰু বনুৱাৰ মাজত অর্থনৈতিক ব্যৱধান গঢ়ি যায় আৰু শ্রেণী সংঘৰ্ষৰ সৃষ্টি হয়। 

সমাজত থকা এই দুই শ্ৰেণীৰ লোকৰ স্বাৰ্থ পৰস্পৰ বিৰোধী হ’লেও এটা শ্ৰেণীৰ লোকে আনটো শ্ৰেণীৰ লোকৰ সহায় নহ’লে চলিব নোৱাৰে। মাটি চহ কৰিবলৈ খেতিয়ক নাথাকিলে জমিদাৰৰ মাটিত শস্য উৎপাদন নহয়, গতিকে শস্য উৎপাদন কৰিবলৈ অর্থাৎ খেতি কৰিবলৈ জমিদাৰসকলৰ খেতিয়ক শ্ৰেণীৰ দৰকাৰ। সেইদৰে খেতি কৰিবলৈ জমিদাৰে মাটি নিদিলে খেতিয়কে খেতি কৰিব নোৱাৰে। অর্থাৎ খেতি কৰি উৎপাদনৰ এটা অংশ পাবলৈ খেতিয়কসকলক জমিদাৰৰ দৰকাৰ। কল-কাৰখানাত কাম কৰিবলৈ বনুৱা নাথাকিলে, কল-কাৰখানা অচল হয়, উৎপাদন বন্ধ হয়। গতিকে কল-কাৰখানা, উদ্যোগ আদিত সামগ্রী উৎপাদন কৰিবলৈ হ’লে কাৰখানা বা উদ্যোগৰ মলিকক বনুৱাৰ দৰকাৰ। সেইদৰে বনুৱাই কাম পাবলৈ হ’লেও কল-কাৰখানা, উদ্যোগ আজিৰ দৰকাৰ। ইয়াৰ পৰা দেখা যায় যে জমিদাৰ আৰু খেতিয়ক, নাইবা পুঁজিপতি আৰু বনুৱা এই দুই শ্ৰেণীৰ লোকে এটাই আনটো শ্ৰেণীৰ সহায় নহ’লে চলিব নোৱাৰে। কিন্তু এই শ্ৰেণীৰ স্বাৰ্থ পৰস্পৰ বিৰোধী। জমিদাৰ বা পুঁজিপতি কৃষক নাইবা বনুৱাক কম মজুৰী দিব বিচাৰে। আনহাতে খেতিয়ক আৰু বনুৱাসকলে জমিদাৰ আৰু উদ্যোগৰ মালিকৰ পৰা অধিক মজুৰী আদায় কৰিবলৈ চেষ্টা কৰে, ফলত মালিক আৰু বনুৱাৰ মাজত প্রতিযোগিতাতৰো সৃষ্টি হয়। এক শ্ৰেণীৰ লোকে কম মজুৰী দিবলৈ ইচ্ছা কৰে আৰু আন শ্ৰেণীৰ লোকে অধিক মজুৰী দাবী কৰে। এই প্রতিযোগিতাত বনুৱাসকল অসুবিধাৰ সন্মুখীন হয়। পুঁজিপতিসকলে তেওঁলোকৰ উদ্যোগ, কাৰখানা আদি কিছুদিন বন্ধ ৰাখিলেও তেওঁলোকৰ বিশেষ অসুবিধা নহয়। তেওঁলোকৰ হাতত যথেষ্ট পৰিমাণৰ ধন থকাৰ কাৰনে তেওঁলোক আৰামত চলিব পাৰে। কাৰখানা, উদ্যোগ আদি বন্ধ ৰাখিলে তেওঁলোকৰ আয় বন্ধ হয়। কিন্তু বনুৱাসকলে তেওঁলোকৰ শ্ৰম জমা কৰি ৰাখিব নোৱাৰি। বৰ্তমান যুগত গাখীৰ নিচিনা সামগ্রী দুহ-চাৰি দিন জমা কৰি ৰাখিব পাৰি, কিন্তু শ্রম এদিনো জমা কৰি ৰাখি নোৱাৰি। এদিন শ্রম নকৰিলে সেই দিনৰ মজুৰী নাপাব আৰু মজুৰী নাপালে তেওঁলোকে নোখোৱাকৈ থাকিবলগা অৱস্থা হ’ব পাৰে। সেয়েহে পুঁজিপতিসকলে কেতিয়াবা কম মজুৰী দিলেও শ্রমিক কাম কৰিবলৈ বাধ্য হয়। এইদৰে পুঁজিপতিসকলে শ্রমিকসকলক শোষণ কৰে শোষণত অতীষ্ঠ শ্রমিকে মালিকৰ বিৰুদ্ধে ঠিয় দিব পাৰে। এইদৰে মালিক আৰু বনুৱাৰ মাজত শ্ৰেণী সংগ্ৰামৰ সৃষ্টি হয়।

এই প্রসংগতে পুঁজিবাদী সমাজ ব্যৱস্থাৰ আন দুই এটা বৈশিষ্ট্যও উল্লেখ কৰা দৰকাৰ, কাৰন এনে বৈশিষ্ট্যই শ্রেণী সংগ্ৰামৰ বিষয়ৰ সম্যক জ্ঞান লাভ কৰাত সহায় কৰিব পাৰে। সমান্ত প্ৰথাৰ প্ৰচলন থকা সময়ত বনুৱাসকলে বনুৱা আৰু জমিদাৰ শ্ৰেণীৰ ভৰণ-পোষণৰ কাৰণে সামগ্রী উৎপাদন কৰিছিল। কিন্তু উদ্যোগ বিপ্লৱৰ ফলত পুঁজিবাদী সমাজৰ আৰম্ভ হ’ল আৰু উৎপাদন প্রক্রিয়াৰো পৰিৱৰ্তন হ’ল। ভোগৰ কাৰণে সামগ্ৰী উৎপাদন কৰাৰ উপৰিও লাভৰ প্রতি লক্ষ্য ৰাখি সামগ্রী উৎপাদন কৰে। অর্থাৎ বনুৱাই মূল্যৰ সৃষ্টি কৰে আৰু সেই মূল্য ভোগ কৰে মালিকসকলে। বনুৱাসকলে যি পৰিমাণৰ মূল্যৰ সৃষ্টি কৰে, এই পৰিমাণে তেওঁলোক মজুৰী দিয়া নহয়। সেয়েহে যেতিয়াই বনুৱাই তেওঁলোকৰ স্বাৰ্থৰ প্রতি সচেতন হয়, তেতিয়াই মালিকৰ লগত তেওঁলোকৰ সংঘৰ্ষ আৰম্ভ হয়।

পুঁজিবাদী ব্যৱস্থাত বিভিন্ন উদ্যোগ একে অঞ্চলতে প্রতিষ্ঠিত কৰাৰ বনুৱাসকলে একেটা এলেকাতে কাম কৰাৰ সুবিধা পায়। এটা উদ্যোগৰ বনুৱাৰ লগত আন এটা উদ্যোগৰ বনুৱাৰ ভাবৰ আদান-প্রদান হয়। ফলত তেওঁলোকৰ মাজত শ্ৰেণী সচেতনতাৰ সৃষ্টি হয়। তাৰোপৰি উৎপাদিত সামগ্রী বিদেশৰ বজাৰত বিক্ৰী কৰাৰ কাৰণে যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থাক উন্নতি কৰিবলগা হয়। যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থা উন্নত হোৱাৰ ফলত এখন দেশৰ বনুৱাৰ লগত আন এখন দেশৰ বনুৱাৰ ভাবৰ আদান-প্রদান সম্ভৱ হয়। এইদৰে বিভিন্ন দেশৰ বনুৱাৰ মাজত শ্ৰেণী সচেতনতাৰ সৃষ্টি হয়। এই শ্রেণী সচেতনতাই পুঁজিবাদক ধ্বংস কৰাত সহায় কৰে।

সংক্ষেপতে ক’বলৈ হ’লে পুঁজিবাদী সমাজত বনুৱা প্ৰাপ্য মূল্যৰ পৰা বঞ্চিত হয়। ফলত মালিক আৰু বনুৱাৰ মাজত শ্ৰেণী সংগ্ৰামৰ সৃষ্টি হয়। মার্ক্সৰ মতে এই শ্রেণী সংগ্ৰামৰ পুঁজিপতিসকলে পৰাজয় বৰণ কৰিব আৰু শ্ৰমিকসকলে সৰ্বহাৰাৰ একনায়কত্ববাদক প্রতিষ্ঠা কৰিব। শ্ৰেণী সংগ্ৰামৰ ফলত এখন শ্রেণীহীন সমাজৰ সৃষ্টি হ’ব আৰু শ্ৰেণী সংস্থা হিচাবে ৰাষ্ট্ৰৰো দৰকাৰ নাইকিয়া হ’ব। অৰ্থাৎ শ্ৰেণী সংগ্ৰামৰ ফলত শ্ৰেণী বিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজ ব্যৱস্থাৰ সৃষ্টি হ’ব।

১৯। মার্ক্সৰ শ্ৰেণী সংগ্ৰামৰ তত্বটোৰ বিষয়ে সমালোচনা কৰা।

উত্তৰঃ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ ভূমিকা সম্পর্কে উল্লেখ কৰি মার্ক্সে সমাজ বিজ্ঞানৰ অধ্যয়ন ক্ষেত্রত বিশেষ অৰিহণা যোগাইছে। তথাপি তেওঁ কোৱাৰ নিচিনা বর্তমান সমাজক ইতিহাসক শ্রেণী সংঘৰ্ষৰ ইতিহাস হিচাবে গ্রহণ কৰিব নোৱাৰি। সেইদৰে মানৱ ইতিহাসৰ অধ্যয়নৰ কাৰণে শ্ৰেণী সংগ্রামকে একমাত্র উপায় হিচাবেও স্বীকাৰ কৰিব নোৱাৰি। তেওঁ অধ্যয়নৰ কাৰণে শ্ৰেণী সংগ্রামকে একমাত্র উপায় হিচাপে অস্বীকাৰ কৰিব নোৱাৰি। শ্ৰেণ সংগ্ৰামৰ তত্ত্বৰ বিৰুদ্ধে তলত দিয়া ধৰণে যুক্তি আগবঢ়োৱা হয়।

(ক) যিকোনো সমাজক বিশ্লেষণ কৰিলে দেখা যায় যে কোনো সমাজেই একমাত্র দুটা শ্রেণীৰ লোকেৰ গঠিত নহয়। সমাজত বিভিন্ন শ্রেণীৰ মানুহ বাস কৰে আৰু জন্ম, সম্পদ, মর্য্যাদ্য দক্ষতা আদি বিভিন্ন বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি সমাজত বিভিন্ন শ্ৰেণীৰ লোক পোৱা যায়। অর্থাৎ মার্ক্সে ধাৰণা কৰাৰ নিচিনা সমাজত পুঁজিপতি আৰু বনুৱা এই দুই শ্ৰেণীৰ লোকেই অকলে নাথাকে। সেইদৰে সমাজত বাস কৰা এই বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত একতা সংহতিও সদায়ে আশা কৰিব নোৱাৰি। জমিদাৰ কাৰখানাৰ মালিক, উদ্যোগপতি আদিক এক শ্রেণীভুক্ত কৰিব নোৱাৰি, তেওঁলোকৰ মাজত একতা আৰু সংহতি নাথাকিব পাৰে। এখন দেশৰ পুঁজিপতিসকলৰ লগত আন এখন দেশৰ পুঁজিপতিৰ স্বাৰ্থৰ মিল নাথাকিব পাৰে বজাৰ লাভৰ কাৰণে তেওঁলোকৰ মাজত প্রতিযোগিতা আৰু প্রতিদ্বন্দ্বিতাৰহে সৃষ্টি হ’ব পাৰে। সেইদৰে বনুৱাসকলৰ মাজতো পুৰুষ-মহিলা, দক্ষ-অদক্ষ আদি বিভিন্ন ভাগত ভাগ থাকে। তাৰোপৰি এখন দেশৰ বনুৱাৰ স্বাৰ্থৰ লগত আন এখন দেশৰ বনুৱাৰ স্বাৰ্থৰ মিলি নাথাকিব পাৰে। সেয়েহে শ্রেণী সংগ্ৰামৰ মাধ্যমেৰে ইতিহাসৰ ব্যাখ্যা কৰা কেতিয়াও সম্ভৱ নহয়।

(খ) মার্ক্সে জাতীয়তাবাদৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই। মার্ক্সেৰ মতে বনুৱাসকলে কোনো স্বদেশ নাই। কিন্তু এনে সম্ভৱ গ্রহণযোগ্য নহয়। শ্রমিকসকলেও নিজৰ দেশৰ প্ৰতি চিন্তা কৰে। তেওঁলোকৰ মনতো দেশপ্রেম আছে। প্রথম মহাসমৰৰ সময়ত শ্রমিকসকলে নিজৰ চকাৰৰ প্ৰতি সহায়-সহযোগিতা জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰাপে কৰে। সকলো সময়তে আৰু সকলো বিষয়তে শ্রমিকসকলৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কেতিয়াও সম্ভৱ নহয়। তাৰোপৰি বনুৱাসকলৰ মাজতো জাতিভেদ, বর্ণভেদ আদি আছে। এটা জাতিৰ বনুৱাই নানা জাতিৰ বনুৱাৰ স্বাৰ্থৰ কাৰণে চিন্তা নকৰিব পাৰে। এটা বৰ্ণৰ বনুৱাই আন এটা বৰ্ণৰ বনুৱাৰ লগত একে বনুৱা হিচাবে নিজকে চিনাকী দিবলৈ সন্মত নহ’ব পাৰে। এনেবোৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত শ্ৰেণী সংঘর্ষত বনুৱাসকলে জয়লাভ কৰিব বুলি নিশ্চিত হ’ব নোৱাৰি।

(গ) মার্ক্সৰ মতে সমাজত ধনী-দুখীয়া, মালিক এই শ্ৰেণীৰ লোকহে বাস কৰে। কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে প্রত্যেক সমাজতে এই দুই শ্ৰেণীৰ লোকৰ উপৰিও আন শ্ৰেণীৰ লোকো বাস কৰে। প্রত্যেক সমাজতে উকিল, অধ্যাপক, শিক্ষা ইঞ্জিনিয়াৰ আৰু অন্যান্য চাকৰি কৰা লোক থাকে। এওঁলোকক মধ্যবিত্ত শ্ৰেণীৰ লোক বোলা হয়। এই শ্ৰেণীৰ লোকো সর্বগবাৰ শাসনতকৈ পুজিপতিসকলৰ শাসনত এই শ্ৰেণীৰ লোকৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি তেওঁলোকে বিশ্বাস কৰে। তেওঁলোকে নিজক বনুৱা হিচাবে স্বীকাৰ নকৰে। সেয়েহে এই শ্ৰেণীৰ লোক সহায় আৰু সহযোগিতা অবিহনে পুজিপতিৰ বিৰুদ্ধে শ্রমিকসকলে জয়লাভ কৰিব বুলি কেতিয়াও আশা কৰিব নোৱাৰি।

(ঘ) মার্ক্সৰ মতে একেটা এলেকাত বহু সংখ্যাক শ্রমিকে কাম কৰাৰ কাৰণে আৰু তেওঁলোকৰ এম্পাস মাজত ভাষাৰ আদান-প্রদান হোৱাৰ সুবিধাৰ কাৰণে শ্রমিকসকলৰ মাজত শ্রেণী সচেতনতা বুদ্ধি পাব আৰু তেওঁলোকে শ্রমিকৰ স্বাৰ্থৰক্ষাৰ কাৰণে একেলগে ঠিয় দিব। কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে শ্রমিকৰ সংখ্যা বৃদ্ধি হৈছে যদিও সেই অনুপাতে তেওঁলোকৰ মাজত শ্রেণী সচেতনতা বৃদ্ধি পোৱা নাই। শ্রমিকসকলৰ ভিতৰত কিছুমান শ্রমিকৰ স্বাৰ্থৰক্ষাৰ হকে কাম কৰাতকৈ পুজিপতিসকলৰ বিৰুদ্ধে সংগ্রামতে অৱতীৰ্ণ হ’ব নোৱাৰে, সেয়েহে শ্রেণী সংগ্ৰামৰ জৰিয়তে পুজিবাদক ধ্বংস কৰি সৰ্বহাৰাৰ একনায়কত্ববাদক প্রতিষ্ঠা কৰা সম্ভৱ নহয়।

(ঙ) ইয়াৰ উপৰিও পুজিপতিসকলেও বর্তমান শ্রমিকসকলৰ লগত সংঘাতত লিপ্ত হ’বলৈ কিব ইচ্ছা নকৰে। শ্রমিকসকলৰ শ্ৰমৰ ওপৰতে যে তেওঁলোকৰ লাভ নিৰ্ভৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকেও উদ্যোগ পৰিচালনা নীতিক সলনি কৰে। শ্রমিকৰ স্বাৰ্থৰ প্রতি তেওঁলোকে এলে সচেতন থাকে। শ্রমিকসকলেও মালিকৰ প্ৰতি সহযোগিতা আগবঢ়ায়। সেয়েহে মার্ক্সে শ্ৰেণীৰ সংগ্রাম বুলি ভবিষ্যহানী কৰিছিল যদিও এতিয়ালৈ শ্রেণী সংগ্রাম হোৱা নাই।

(চ) মার্ক্সে বিশ্বাস কৰিছিল যে উদ্বৃত্তমূল্য পুজিপতি সকলে ভোগ কৰিবৰ ফলত পুজিপতিৰ সংখ্যা কমি যায়। সৰু-সৰু উদ্যোগৰ মালিকসকলে ডাঙৰ-ডাঙৰ উদ্যোগপতিৰ লগত প্রতিযোগিতাত তিষ্ঠিব নোৱাৰি। নিজৰ উদ্যোগ বন্ধ কৰিব আৰু এই শ্ৰেণীৰ লোকো বনুৱা শ্ৰেণীত পৰিণত হ’ব। কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে যৌথ ব্যৱসায় পদ্ধতিৰ সুবিধা থকাৰ কাৰণে সৰু-সৰু ব্যৱসায়ীৰ সংখ্যা কমা নাই। এই লোকসকলৰ আয়ৰ ক্ষেত্ৰত যাতে প্রতিবদ্ধতাৰ সৃষ্টি নহয়, তাৰ কাৰণে তেওঁলোকে স্থিৰতো বিচাৰে, সেয়েহে এই শ্ৰেণীৰ লোকে সংগ্ৰামৰ প্রতি সমর্থন জনোৱাৰ সম্ভাৱনা নাই।

(ছ) মার্ক্সে ভবাৰ দৰে শ্ৰেণী সংগ্ৰামৰ সৃষ্টি হ’লেও পুঁজিবাদ ধ্বংস হৈ সৰ্বহাৰাৰ একনায়কত্ববাদ যে প্রতিবা হ’ব তাৰ কোনো নিশ্চয়তা নাই। বৰ্তমান যুগৰ সংগ্ৰামত আধুনিক যন্ত্র-পাতি ব্যৱহাৰ হয় আৰু এনে যন্ত্র-পাতি ব্যৱহাৰৰ কাৰণে কাৰিকৰী জ্ঞান থকালোকৰ আৱশ্যক। পুঁজিপতিসকলৰ কাৰণে এনে যন্ত্রপাতি আৰু কাৰিকৰী জ্ঞান থকা লোক পোৱাত অসুবিধা নাই। কিন্তু শ্রমিকসকলৰ কাৰণে ই সম্ভৱ নহয়। সেয়েহে শ্রেণী সংগ্রাম হ’লেও পুঁজিবাদক ধ্বংস কৰা সম্ভৱ নহয়। তাৰোপৰি পুঁজিবাদ ধ্বংস হ’লেও সমাজবাদ প্রতিষ্ঠা হোৱাৰ কোনো নিশ্চয়তা নাই। লস্কিৰ মতে কবলৈ হ’লে পুঁজিবাদৰ ধ্বংসৰ পিছত সমাজবাদৰ লগত সম্পর্ক নোহোৱা বা ৰাষ্ট্ৰবাদৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ সুযোগ লৈ কোনো শক্তিশালী লোকে একনায়ক হিচাবে শাসন পৰিচালনাৰ সুযোগ গ্রহণ কৰিব পাৰে। উদাহৰণস্বৰূপে ইটালীৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ পতনৰ পিচত সুজোলিনিৰ নেতৃত্বত ফেচিবাদী শাসনৰ আৰম্ভ হৈছিল। সেইদৰে জামানীত ৰিপাব্লিকৰ পতনৰ পিছত হিটলাৰৰ নেতৃত্ব নাৰীবাদীৰ শাসনৰ আৰম্ভ হৈছিল।

(জ) ইয়াৰ উপৰিও সৰ্বহাৰাই যে দেশৰ শাসনৰ দায়িত্ব বহন কৰিব পাৰিব সেই বিষয়তো সন্দেহৰ অৱকাশ আছে। পুঁজিপতিসকলৰ শাসনৰ অন্ত পৰিলে হয়তো আৰু আন এটা শ্ৰেনীৰ সৃষ্টি হ’ব পাৰে। এই শ্ৰেণীৰ সৰ্বহাৰা নাইবা পুঁজিপতি কাৰো লগত সম্পর্ক নাথাকিব পাৰে।

(ঝ) যুক্তিৰ পিনৰ পৰা যদি ধৰি লোৱা হয় যে শ্রেণী সংগ্ৰামৰ লগত পুঁজিবাদৰ পতন ঘটিব আৰু এখন শ্রেণী বিহীন সমাজ প্রতিষ্ঠা হ’ব, তেতিয়াও শ্রমিকসকলৰ মাজত যে একতা আৰু শ্রেণী সচেতন থাকিব, সেইটো কেতিয়াও আশা কৰিব নোৱাৰি। শ্রমিক শ্রেণীৰ মাজত মতানৈক্য ঘটিব পাৰে আৰু এনে পৰিস্থিতিৰ উদ্ভৱ হ’লে দ্বন্দ্বাত্মক পদ্ধতিৰ অৱসান নঘচিব। অর্থাৎ সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা হ’লেও দ্বন্দ্বাত্মক পদ্ধতি চলি থাকিব পাৰে।

ওপৰৰ যুক্তিসমূহৰ ওপৰত ভিত্তি কৰি সহজতে সিদ্ধান্তলৈ আহিব পাৰি যে, মার্ক্সৰ শ্রেণী সংগ্ৰামৰ তত্ত্ব গ্রহণযোগ্য নহয়। মার্ক্সে ‘কমিউনিষ্ট মেনিফেষ্ট ৰচনা কৰা সময়ত সেই ইংলেণ্ডৰ অর্থনৈতিক অৱস্থাৰ দ্বাৰা প্রভাবান্বিত হৈছিল। সেই সময়ত ইংলেণ্ডত পুঁজিপতিৰ সংখ্যা বৃদ্ধি হৈছিল যদিও সেই অনুপাতে বনুৱাসকলৰ অৱস্থা উন্নত হোৱা নাছিল। সেয়েহে মার্ক্সে বিশ্বাস কৰিছিল যে অসন্তুষ্ট শ্রমিকসকলে এটা শক্তিশালী গণ-আন্দোলনৰ সৃষ্টি কৰিব আৰু এই আন্দোলনে পুজিবাদী ব্যৱস্থাৰ অৱসান ঘটাব। কিন্তু মার্ক্সে যদি তেওঁৰ এই গ্রন্থ কিছু বজাৰৰ পিছত লিখিলেহেঁতেন, হয়তো তেওঁ নিজেই ক্রমে সিদ্ধান্তক সলনি কৰিলেহেঁতেন। সেয়েহে মার্ক্সে শ্রমিকসকলৰ দুখ-কষ্ট বৃদ্ধি আৰু পুঁজিবাদৰ পতন সম্পৰ্কে যি ভৱিষ্যতবাণী কৰিছে সেই ভৱিষ্যতবাণী প্রকৃত ঘটনা আৰু পৰিসংখ্যাৰ ভিত্তিত প্রতিষ্ঠিত নহয়।

২০। মার্ক্সৰ মূল্য সম্পর্কীয় বা শ্রমমূল্য সম্পর্কীয় তত্ত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰঃ মূল্য সম্পর্কে মার্ক্সে নিজৰ মতামত আগবঢ়াইছিল যদিও, মার্ক্স অর্থনৈতিকবিদ নাছিল। এই বিষয়ত এংগেলছৰ ওপৰতহে নিৰ্ভৰ কৰিছিল। মার্ক্সৰ মূল্যতত্বক শ্রমমূল্য তত্ত্ব হিচাবেও অভিহিত কৰা হয়। এই বিষয়ত তেওঁ ইংলেণ্ডৰ অৰ্থনৈতিকবিদ আদাম স্মিথ আৰু ডেভিট ৰিকাডোক অনুসৰন কৰিছিল। মার্ক্সে তেওঁৰ শ্রমমূল্য তত্বৰ বিশ্লেষণ গণ্য তথা সামগ্ৰীৰ আলোচনাৰে আৰম্ভ কৰিছে। যিবোৰ বস্তুৰ বাহ্যিকতা আছে, উপযোগিতা আছে আৰু যিবোৰ বস্তুক কিনা বেচা কৰিব পাৰি আৰু সহজ লাভ নহয়, তেনে বস্তুক পণ্য বা উৎপাদনৰ আহিলা হ’লে পৰোক্ষভাৱে অভাব পূৰণ কৰে। সামগ্ৰীৰ এই অভাৱ পূৰণ কৰিব পৰা গুণকেই উপযোগিতা বা তাৰ ব্যৱহাৰিক মূল্য বোলা হয়। মার্ক্সৰ মতে সামগ্ৰীৰ এই বিয়তে উপযোগিতা বা অভাৱ পূৰণ কৰিব পৰা গুণটো মানুহৰ শ্ৰমৰ সৃষ্টি। মানুহে শ্রম কৰি এটা বস্তু তৈয়াৰ কৰে আৰু এনেদৰে তৈয়াৰ কৰা বস্তুৱে মানুহৰ অভাৱক পূৰণ কৰে। উদাহৰণস্বৰূপে চোতালত পৰি থকা কেইটুকুৰামান কাঠে হয়তো মানুহৰ কোনো অভাৱ পুৰণ কৰিব পৰা নাই। (সেয়েহেই চোতালত এনেয়ে পৰি আছে) কিন্তু এই কাঠখিনি নির্দিষ্ট জোখ আৰু কাটি আৰু সংলগ্ন কৰি যদি এখন চকী তৈয়াৰ কৰা হয় তেতিয়াহ’লে চকীখন মানুহে ব্যৱহাৰ কৰিব পাৰে। অর্থাৎ চকীখনে মানুহৰ অভাৱক পূৰণ কৰিব পাৰে। মানুহে শ্রম প্রয়োগ কৰি কাঠ কেই টুকুৰা কাটি চকীখন তৈয়াৰ কৰাৰ ফলত ইয়াৰ উপযোগিতা বাঢ়ি গ’ল। এনেধৰণৰ উদাহৰণৰ পৰা সহজে অনুমান কৰিব পাৰি যে উপযোগিতা বা ব্যৱহাৰিক মূল্য মানুহৰ শ্ৰমৰ সৃষ্টি।

মূল্য তত্ত্ব সম্পর্কত মার্ক্সে বিনিময় মূল্যৰ বিষয়েও উল্লেখ কৰিছে। কোনো এটা বস্তুৰ উপযোগিতা বা ব্যৱহাৰিক মূল্যক আন-আন বস্তুৰ ব্যৱহাৰিক মূল্যৰ সৈতে বিনিময় কৰি ইয়াৰ বিনিময় মূল্য নির্ধাৰণ কৰিব পাৰি। কোনো সামগ্ৰী তথা বস্তুৰ বিনিময় মূল্য সময় আৰু স্থানভেদ বেলেগ-বেলেগ হ’ব পাৰে। মুদ্রাৰ ব্যৱহাৰ হোৱাৰ আগতে সমাজত বিনিময় প্রথাৰ প্ৰচলন আছিল। যদি এক কিলোগ্রাম মাচৰ সলনি পাঁচ কিলোগ্রাম চাউল নাইবা তিনি কিলোগ্রাম দালি নাইবা দহ কিলোগ্রাম ধান দিয়া হয় তেতিয়া হ’লে এক কিলোগ্রাম মাছ কি পাঁচ কিলোগ্রাম চাউল, তিনি কিলোগ্রাম দালি নাইবা দহ কিলোগ্রাম ধানৰ বিনিময় মূল্যক সমান হিচাবে ধৰি লোৱা যায়। এই উদাহৰণটোৰ পৰা বুজিব পাৰি যে বিভিন্ন বস্তুৰ মাজত এটা বস্তুৰ বিনিময় মূল্য বিভিন্ন হ’লেও, সেইবোৰে কিবা এবিধ সমান পৰিমানক বুজায়। বিভিন্ন বস্তু তথা সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ শ্ৰমৰ প্ৰয়োজন হয়। এখন চকী, এক মিটাৰ কাপোৰ এক কিলোগ্রাম চাউল, এখন স্কুটাৰ, এটা ঘৰ -এইবোৰৰ প্রত্যেকেই বেলেগ-বেলেগ প্ৰকাৰৰ শ্ৰমৰ সৃষ্টি। ইয়াৰ পৰা সহজে অনুমান কৰিব যে সামগ্ৰীৰ উৎপাদনত মানুহৰ শ্রমশক্তিৰ ব্যৱহাৰ হয়।

মার্ক্সৰ মতে কোনো এবিধ বস্তুৰ মূল্য তাৰ উৎপাদনত প্রয়োগ কৰা শ্ৰমৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে যদিও, এই শ্রম সামাজিকভাৱে উপকাৰত তথা শ্রম হ’ব লাগে। ইয়াৰ উপৰিও উৎপাদন পদ্ধতি ব্যৱহাৰ হোৱা যন্ত্রপাতি, সজুলি, কেঁচামাল আদিও শ্রমৰ উৎপাদন, গতিকে এইবোৰক ব্যৱহাৰ কৰি কোনো সামগ্রী উৎপাদন কৰিলে উৎপাদিত সামগ্রীত যি শ্রম ব্যৱহাৰ কৰা হয়, সেই শ্ৰমৰ মূল্যকো সামগ্ৰীৰ মূল্যৰ লগত যোগ দিয়া হয়। অর্থাৎ কোনো সামগ্ৰী উৎপাদনৰ সময়ত যি শ্ৰমৰ প্ৰয়োজন হয়, তাৰ লগত যন্ত্র-পাতি সাজ সজুলি, কেঁচামাল আদিত থকা অতীতৰ শ্ৰমৰ যি অংশ ব্যৱহাৰ কৰা হয়, সেইখিনি যোগ কৰিহে সামগ্ৰীৰ মূল্য নির্ধাৰণ কৰা হয়। মূলজাতীয় বস্তুবোৰ ব্যৱহাৰ কৰিলে সেইবোৰ ক্ষয় হয় বাবে সেইবোৰৰ মূল্য হ্রাস পায় আৰু এই হ্রাস পোৱা মূল্যখিনি উৎপাদিত বস্তুত মূল্যত যোগ দিয়া হয়। কিন্তু কেচা সামগ্ৰী মাত্ৰ এবাৰ ব্যৱহাৰ হোৱাৰ কাৰণে তাৰ সম্পূৰ্ণ মূল্যক উৎপাদিত বস্তুৰ মূল্যত যোগ দিয়া হয়।

মার্ক্সৰ মূল্যতত্ত্বমতে যিবোৰ বস্তু শ্ৰমৰ উৎপাদন নহয়, সেইবোৰ বস্তু পন্য বা সামগ্রী নহয় গতিকে সেইবোৰৰ মূল্যও নাথাকে। এই মানদণ্ডৰে বিচাৰ কৰিলে বতাহ, সূৰ্যৰ কিৰণ আদিৰ উপযোগিতা আছে যদিও মূল্য নাই। কিন্তু এনেবোৰ বস্তুৰ দাম থাকিব পাৰে। গতিকে কোনো সামগ্ৰীৰ মূল্য নাথাকিলেও দাম থাকিব পাৰে।

বিভিন্ন প্ৰকাৰৰ শ্রমে বিভিন্ন প্ৰকাৰৰ উপযোগিতাৰ সৃষ্টি কৰে যদিও, কোনো পদাৰ্থৰ আলমতহে শ্রমে উপযোগিতাৰ সৃষ্টি কৰিব পাৰে। অর্থাৎ পদাৰ্থৰ ওপৰত শ্ৰম প্ৰয়োগ কৰিহে মূল্যৰ সৃষ্টি কৰা হয়। শ্রমে মূল্যৰ সৃষ্টি কৰে যদিও পুজিবাদী ব্যৱস্থাও শ্রমে মূল্যৰ সৃষ্টি কৰে যদিও পুজিবাদী ব্যৱস্থাত শ্রমিকক শ্ৰমৰ মূল্য অনুপাতে মজুৰী দিয়া হয়।

মূল্যায়নঃ শ্রমে মূল্যবৰ সৃষ্টিত অৰিহনা যোগায় যদিও মার্ক্সৰ মূল্যতত্ত্ব তথা শ্রম মূল্য তত্ত্ব সমালোচনাৰ হাত সৰা নাই। তেওঁৰ শ্রমমূল্য তত্ত্বৰ বিৰুদ্ধে তলত দিয়া ধৰণে অনুপাতে মজুৰী দিয়া হয়।

(ক) প্রথমতে, সমালোচকসকলৰ মতে মূল্য হৈছে এটা মানসিক ধাৰণা। কোনো সামগ্রীতকৈ সেই সামগ্রী ভোগ কৰা ওপৰতহে সামগ্ৰী মূল্য নিৰ্ভৰ কৰে। কোনো সামগ্রী ভোগ কৰাৰ ইচ্ছা নাথাকিলে তেনে সামগ্রী মানুহে দাম দি কিনি আনিবলৈ ইচ্ছা নকৰে। তাৰোপৰি তেনে সামগ্রী ভোগ কৰাৰ তীব্রতা সকলো লোকৰ কাৰণে সমান নহয়। সেয়েহে কোনো এজনৰ কাৰণে এটা সামগ্রী মূল্য যিমান আন এজনৰ কাৰণে সেই সামগ্ৰীৰ মূল্য সিমান নহ’বও পাৰে।

(খ) দ্বিতীয়তে, অকল শ্রমকে মূল্য উৎপাদন আহিলা হিচাবে গ্রহণ কৰা উচিত নহয়। উৎপাদনৰ কাৰে শ্ৰমৰ দৰকাৰ আছে যদিও উৎপাদনৰ কাৰণে যন্ত্র-পাতি, কেচা, সামগ্রী সংগঠন আদিৰো দৰকাৰ আছে। অর্থাৎ উৎপাদনৰ আটাইতকৈ উপাদানৰ সহযোগতহে সামগ্রী সম্ভৱ হয়। উৎপাদনৰ কাৰণে শ্রমিকৰ শাৰীৰিক শ্ৰমৰ যেনে দৰকাৰ, সংগঠনৰ দক্ষতা আৰু কৌশলৰ তাতকৈ কোনো গুণে কম দৰকাৰ নহয়। গতিকে অকল শ্রমকেই মূল্য সৃষ্টিৰ উপাদন হিচাবে মানি লোৱা উচিত।

(গ) তৃতীয়তে, মার্ক্সে তেওঁৰ শ্ৰমতত্ত্বৰ জৰিয়তে অর্থনৈতিক সত্যতাক নির্ণয় কৰাৰ পৰিৱৰ্তে তেওঁৰ শ্ৰমতত্ত্বক ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাবে ব্যৱহাৰ কৰিছে। তেওঁ এইটো সাব্যস্ত কৰিব বিচাৰিছিল যে বনুৱাৰ শ্ৰমৰ মূল্য ভোগ কাৰ কমৰ্যই পুজিবাদী সমাজ ব্যৱস্থাক ধ্বংস কৰি সমাজবাদী সমাজব্যৱস্থাই প্রতিষ্ঠ কৰিব। শক্তিশালী, বনুৱা সংগঠনৰ সৃষ্টি ৰাষ্ট্ৰ কল্যাণকামী ভূমিকা আদিৰে মার্ক্সৰ মূল্যতত্ত্বক বর্তমান যুগত তৎপর্যহীন কৰি তুলিছে। শ্রমে মূল্যৰ সৃষ্টিত সহায় কৰিলেও ই মূল্যক নির্ণয় কৰিব নেৱাৰি। চাহিদা আৰু যোগানৰ পৰিস্থিতিয়ে সামগ্ৰীৰ মূল্যক নিৰ্ণয় কৰে।

(ঘ) শেষত, এক কেৰি চেনী নাইবা এক কেজি আলু জোখাৰ কাৰণে ব্যৱস্থা আছে শ্রমিকৰ শ্ৰমৰ মূল্য নিৰ্ণয় কৰাৰ তেনে কোনো গ্রহণযোগ্য মানদণ্ড নাই। সকলো শ্রমিকৰ কৰ্মশক্তি আৰু দক্ষত একে নহয়, গতিকে কোনজন শ্রমিক শ্রমিকে কিমান পৰিমানৰ মূল্যৰ সৃষ্টি কৰিলে তাক সঠিককৈ কোৱা টান। সেয়েহে শ্রমিকক মূল্য সৃষ্টিৰ অনুপাতে মজুৰী কিয়া হৈছে নে নাই তাকো স্পষ্টকৈ কব নোৱাৰি।

মার্ক্সৰ মূল্যতত্ত্বৰ বিৰুদ্ধে ওপৰত দিয়া ধৰণে অভিযোগ উত্থাপন কৰা হয় যদিও, তেওঁৰ মূল্যতত্ব একেবাৰে তাৎপর্থহীন কব নোৱাৰি। মূল্যৰ সৃষ্টিত শ্রমিকৰ শ্ৰমে কিমান পৰিমাণৰ বৰঙণি যোগায় সেই সম্পর্ক মতবেধ থাকিলেও, পুজিবাদী ব্যৱস্থাত শ্রমিক সকলক শ্ৰমৰ মূল্য অনুযায়ী যে পাৰিশ্রমিক দিয়া নহয়, তাত সন্দেহ নাই। পপাৰ মতে কবলৈ হ’লে মূল্যসম্পৰ্কীয় মার্ক্সৰ বিশ্লেষণ ত্রুটিপূর্ণ হ’লেও বনুৱাৰ শোষণ সম্পর্কে তেওঁ আগবঢ়োৱা যুক্তি যে গ্রহণ যোগ্য তাত সন্দেহ নাছিল। মর্ক্সৰ এই তত্ত্ব শুদ্ধ প্রমাণিত হ’লেও পুজিবাদী ব্যৱস্থাত বনুৱাৰ শোষণৰ বিৰুদ্ধে তেওঁৰ প্ৰতিবাদ শুদ্ধ হিচাবে গৃহীত হৈছে।

২১। মার্ক্সৰ উদ্ধৃত মূল্য সম্পৰ্কীয় তত্ত্বটো বিশ্লেষণ কৰা।

উত্তৰঃ মার্ক্সৰ সিদ্ধান্ত সমূহৰ ভিতৰত উদ্ধৃত মূল্য সম্পর্কীয় সিদ্ধাতটো বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ মতে উদ্বৃত্ত মূলক বনুৱাসকলে সৃষ্টি কৰে আৰু ইয়াক ভোগ কৰে পুজিপতিসকলে। এই বাৱস্থাৰ ফলত মালিক আৰু বনুৱাৰ মাজৰ অর্থনৈতিক ব্যৱধান বাঢ়ি যায় আৰু ই সুদুৰ প্ৰসাৰী প্রতিক্রিয়াৰ সৃষ্টি কৰে।

কোনো সামগ্রীৰ বিক্ৰীমূল্য আৰু উৎপাদনৰ খৰচৰ ব্যৱধানক উদ্বৃত্ত মূল্য বোলে। কোনো এটা সামগ্রী উৎপাদন কৰিবলৈ হ’লে উৎপাদনৰ আহিলা সমূহৰ সংযোগৰ দৰকাৰ। কেচা, সামগ্রী, শ্রম, মূলধন আৰু সংগঠন এই চাৰিটোক উৎপাদনৰ উপাদান বোলা হয়। এই চাৰিটাৰ সমন্বয়ৰ ফলত উৎপাদন সম্ভৱ হয়। গতিকে সামগ্রী উৎপাদনৰ সামগ্রী উৎপাদনৰ খৰছ আছে। প্রথমতে, কাৰখানাৰ মালিকে উৎপাদক কাৰণে কেঁচা সামগ্রী কিনিব লাগে। ইয়াৰ কাৰণে ধনৰ দৰকাৰ। দ্বিতীয়তে, কাৰখানাত কাম কৰা শ্ৰমিকসকলক মজুৰী দিব লাগে। তৃতীয়তে, কাৰখানাত ব্যৱহাৰ কৰিবলৈ দৰকাৰমতে যন্ত্রপাতি কিনিব লাগে। শেষত, কাৰখানাত কাম কৰা মেনেজাৰ, কেৰাণী, কাৰিকৰী বিশষজ্ঞ আদিক দৰমহা দিব লাগে। তাৰেপৰি কাৰখান প্রতিষ্ঠা কৰা ঘৰৰ কাৰণে ঘৰ ভাৰা দিব লাগে। অর্থাৎ যিকোনো সামগ্রী উৎপাদন কৰিবলৈ হ’লে খৰছৰ দৰকাৰ। কিন্তু উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰি ধন পোৱা যায়। কোনো সামগ্ৰীৰ উৎপাদনত যি পৰিমাণত খৰছ হয় তাতকৈ অধিক দামত সেই সামগ্রী বিক্রী কৰা হয়। সেয়েহে সামগ্ৰীৰ বিক্ৰী দাম আৰু উৎপাদনৰ খৰছৰ মাজৰ ব্যৱধানেই হৈছে উদ্ধৃত মূল্য। উদাহৰণস্বৰূপে, এখন স্কুটাৰৰ উৎপাদন মূল্য যদি ২০,০০০ টকা হয় আৰু ইয়াৰ বিক্ৰী মূল্য যদি ২৫,০০০ টকা হয়, তেতিয়াহ’লে ৫০০০ টকা (২৫,০০০-২০,০০০) হ’ব উদ্ধৃত মূল্য। এই উদ্ধৃত মূল্যক শ্রমিক সকলে সৃষ্টি কৰে, কাৰণ শ্রমিকসকলেহে কাৰখানাত কাম কৰে, মালিকে কাম নকৰে। কিন্তু ইয়াক ভোগ কৰে কাৰখানাৰ মালিকসকলে। শ্রমিকসকলে তেওঁলোকৰ দৈনন্দিন মজুৰীৰ বাহিৰে আন একো নাপায়, কিন্তু মালিকে শ্রম নকৰাকৈয়ে উদ্ধৃত মূল্য ভোগ কৰাৰ সুবিধা পায়। আন উপায়েৰেও উদ্ধৃত মূল্যক প্ৰকাশ কৰিব পাৰি। এজন শ্রমিকে এদিনত কাম কৰি যে পৰিমাণত মূল্যৰ সৃষ্টি কৰে আৰু সেইদিনৰ কাৰণে তেওঁক যি পৰিমাণৰ মূল্য মজুৰী হিচাবে দিয়া হয়, ইয়াৰ প্রভেদেই হৈছে উদ্ধৃত মূল্য। কাৰণ সময়ৰ মাধ্যমেৰেও উদ্ধৃত মূল্যক প্রকাশ কৰিব পাৰি। কিন্তু বনুৱাসকলে কাৰখানাত আঠ ঘণ্টা কাম কৰিব লাগে। গতিকে বাকী তিনি ঘণ্টা উদ্ধৃত। এই সময়ছোৱাত তেওঁলোকে যি পৰিমাণৰ মূল্যৰ সৃষ্টি কৰে সেইখিনি কাৰখানাৰ মালিকে ভোগ কৰে। এই সময়ছোৱাত। উৎপাদন কৰা মূল্যৰ ভাগ বনুৱাসকলক দিয়া নহয়। 

(ক) প্ৰথমতে, উদ্ধৃত মূল্যৰ ভোগে এক শ্ৰেণীৰ তালিকা তথা ধনী মানুহৰ সৃষ্টি কৰে। এই শ্ৰেণীৰ মানুহে নিজে কোনো পৰিশ্ৰম নকৰে, তেওঁলোকে আমাৰ পৰিশ্ৰমৰ ওপৰত অতি আৰামত জীৱন নির্বাহ কৰে। কাৰখানাৰ মালিক উদ্যোগপতি আদিয়ে কাৰখানাৰ উদ্যোগ আদিত কোনো শ্রম নকৰে। কিন্তু তেওঁলোকৰ কাৰখানা তথা উদ্যোগত উৎপন্ন হোৱা সকলোখিনি উদ্ধৃত মূল্য তেওঁলোকেই ভোগ কৰে।

(খ) দ্বিতীয়তে, উদ্ধৃত মূল্য ভোগৰ ক্ষেত্ৰত পুঁজিপতি সকলৰ সম্পদ বাঢ়ি যায় যদিও ইয়ে পুঁজিবাদৰ ধ্বংসও মাতি আনে। পুঁজিপতিসকলে উদ্ধৃত মূল্য ভোগ কৰাৰ ফলত বজাৰত ক্রয়শক্তি কমি যায়। কিন্তু সামগ্ৰীৰ উৎপাদন বাঢ়ি থাকে। অর্থাৎ সামগ্রীৰ আমদানি বাঢ়ি থাকে, কিন্তু চাহিদা কমি যায়। চাহিদাৰ তুলনাত যোগান বৃদ্ধি হোৱাৰ কাৰণে দ্রব্য মূল্য কমি আহে। এনে অৱস্থাত বহুত সামগ্রী জমা হয়, সেইবোৰক বিক্ৰী কৰিব পৰা নাযায়। সামগ্রী বিক্ৰী কৰিবলৈহে উৎপাদন কৰা হয়, জমা ৰাখিবলৈ নহয়। গতিকে হয় সামগ্ৰীৰ উৎপাদন কমাব লগা হয়, নহয় কিছুদিনৰ কাৰণে উৎপাদন একেবাৰে বন্ধ কৰা হয়। কিন্তু এই দুয়োটা অৱস্থাতে শ্রমিকসকলৰ মাজত নিবনুৱা সমস্যাই দেখা দিয়ে। উৎপাদন কম কৰিলে কিছুমান শ্রমিকে কাম হেৰুৱায়, আনহাতে উৎপাদন বন্ধ কৰিলে উদ্যোগত কাম কৰা সকলো বনুৱাই কাম হেৰুৱায়। এনে ব্যৱস্থাৰ ফলত মালিক আৰু বনুৱাৰ মাজত সংঘর্ষ হয়। মার্ক্সৰ মতে মালিক আৰু বনুৱাৰ মাজত হোৱা এই সংঘৰ্ষৰ ফলত পুজিবাদৰ পতন হয়। এইদৰে উদ্ধৃত মূল্যৰ ভোগে পুজিবাদক ধ্বংস কৰে।

(গ) তৃতীয়তে, পুঁজিপতি সকলে সদায় অধিক লাভৰ কাৰণে চেষ্টা কৰে। সেয়েহে উৎপাদনৰ আহিলা সমূহক কেনেদৰে ব্যৱহাৰ কৰিলে উৎপাদনৰ খৰছ কমে আৰু উৎপাদন বৃদ্ধি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখে। বর্তমান যুগত শ্রমিকৰ পৰিৱৰ্তে যন্ত্রপাতি ব্যৱহাৰ কৰিও কিছুমান কাম কৰিব পাৰি। গতিকে এনেকুৱা নতুন নতুন যন্ত্র পাতিৰ ব্যৱহাৰৰ ফলত শ্ৰমিকসকলৰ মাজত নিৱনুৱা সমস্যাই দেখা দিয়ে। শ্রমিকক আঁতৰ কৰিবলৈ চেষ্টা কৰাৰ ফলত মালিক আৰু শ্ৰমিকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। মার্ক্সৰ মতে উদ্যোগপতিৰ সংখ্যা তাৰকীয় হোৱা কাৰণে তেওঁলোকে শ্রমিকসকলৰ লগত সংগ্রাম কৰি জয় যুক্ত হ’ব নোৱাৰে। সেয়েহে শ্রেণী সংগ্ৰামৰ ফলত পুঁজিবাদৰ পতন হয় আৰু সৰ্বহাৰৰ একনায়কত্ববাদ প্রতিষ্ঠিত হয়।

(ঘ) চতুর্থতে, পুঁজিপতিসকলে উদ্ধৃত মূল্য ভোগ কৰাৰ ফলত মালিক আৰু শ্রমিকৰ মাজৰ অৰ্থনৈতিক ব্যৱধান ক্রমান্বয়ে বাঢ়ি যায়। তাৰোপৰি ডাঙৰ উদ্যোগপতিসকলৰ লগত প্রতিযোগিতাত তিষ্ঠিব নোৱাৰি সৰু-সৰু উদ্যোগৰ মালিকসকলে উদ্যোগ বন্ধ কৰিবলগা হয়। এই শ্ৰেণীৰ লোকো শেষত বনুৱা শ্ৰেণীৰ লোকত পৰিণত হয়। অর্থাৎ ক্রমান্বেয়ে পুঁজিপতিৰ সংখ্যা কমি যায়। আৰু শ্রমিক সকলৰ সংখ্যা বাঢ়ি যায়। সমাজত ধনী-দুখীয়া, মালিক-বনুৱা, উদ্যোগপতি আৰু শ্রমিক এই দুই শ্রেণীৰ লোকৰ সৃষ্টি হয়। পুঁজিপতিসকলৰ শোষণত অতিষ্ঠ হৈ বনুৱাসকলে পুঁজিপতিসকৰ বিৰুদ্ধে থিয় দিয়ে। মালিক বনুৱাৰ মাজত সৃষ্টি হোৱা এই শ্রেণী সংগ্রামে পুঁজিবাদৰ পতন ঘটায়।

(ঙ) পঞ্চমতে, অধিক সংখ্যক উদ্যোগ একেটা এলেকাৰ ভিতৰত স্থাপন হোৱাৰ কাৰণে বিভিন্ন উদ্যোগত কাম কৰা শ্ৰমিকসকলৰ মাজত ভাৱৰ আদান-প্রদান হয়। এটা উদ্যোগৰ শ্রমিকৰ অভাৱ অভিযোগক আন আন উদ্যোগৰ শ্রমিক সকলে নিজৰ অভাৱ-অভিযোগ হিচাবে জ্ঞান কবে। অর্থাৎ শ্রমিসকলৰ মাজত শ্রেণী সচেতনতাৰ সৃষ্টি হয় আৰু এই সচেতনাই সকলোবোৰ শ্রমিককে পুঁজিপতি সকলৰ বিৰুদ্ধে সংঘবদ্ধ হোৱাত সহায় কৰে। 

(চ) শেষত, আগৰ কালত অকল নিজৰ নিজৰ এলেকাৰ চাহিদা পূৰণ কৰাৰ উদ্দেশ্য সামগ্রী উৎপাদন কৰা হৈছিল। কিন্তু উদ্যোগ বিপ্লৱৰ ফলত উৎপাদন প্রক্রিয়াত ভালেমান পৰিবৰ্তন আহিল। এতিয়া নিজৰ দেশৰ চাহিদা পূৰণ কৰাৰ উপৰিও বিদেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ উদ্দেশ্যে উৎপাদন বৃদ্ধি কৰা হয়। বিদেশলৈ সামগ্ৰী ৰপ্তানিৰ কাৰণে যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থা উন্নত হোৱা কাৰণে এখন দেশৰ শ্ৰমিকৰ লগত আন আন দেশৰ ভাৱৰ আদান-প্রদান হোৱাৰ সুবিধা হয়। অর্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধ্বংস কৰাত সহায় কৰে।

মূল্যায়নঃ মার্ক্সৰ উদ্বৃত্ত মূল্যৰ তত্ত্বটো একেবাৰে তাৎপর্যহীন নহয়। উদ্ধৃত্ত মূল্য ভোগৰ ফলত এক শ্ৰেণীৰ এলেহুৱা অথচ ধনী মানুহৰ যে সৃষ্টি হয়, তাত কিছু পৰিমাণে সত্যতা আছে। বৰ্তমান যুগৰ ডাঙৰ-ডাঙৰ উদ্যোগসমূহত উদ্যোগপতিসকলে বিশেষ কাম নকৰে। জীৱন বীমা নিগমৰ অংশীবাদৰ সকলো কোনো পৰিশ্ৰম কৰিব নালাগে, তেওঁলোকে নিজৰ নিজৰ ভাগৰ টকা জমা দিলেই লাভৰ অংশ পায়। সেইদৰে ডাঙৰ ডাঙৰ নিগমৰ সঞ্চালকসকলেও বিশেষ কাম নকৰে। কাৰিকৰী জ্ঞান থকা লোকৰ ওপৰত আৰু বিভিন্ন বিষয়ত অভিজ্ঞতা থকা লোকৰ ওপৰতেই নিগম পৰিচলনাৰ দায়িত্ব দিয়া হয়। তথাপি মার্ক্সৰ এই ধাৰণাৰ সমালোচনা নোহোৱাকৈ থকা নাই। তেওঁৰ উদ্বৃত্ত মূল্য তত্ত্বৰ বিৰুদ্ধে তলত দিয়া ধৰণে সমালোচনা আগবঢ়োৱা হয়।

(ক) প্রথমতে, উৎপাদন ব্যৱস্থাত জড়িত সকলো উদ্যোগৰ মালিককো এলেহুৱা আখ্যা দিব নোৱাৰি। কিছুমানলোকে বেংক আদি বিত্তীয় অনুষ্ঠানৰ পৰা ধাৰ-ঋণ লৈ উদ্যোগ প্রতিষ্ঠা কৰে। এনে উদ্যোগৰ মালিকে উৎপাদন বৃদ্ধিৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব লাগে। গতিকে এই শ্ৰেণীৰ উদ্যোগৰ মালিকক এলেহুৱা বুলি আখ্যা দিব নোৱাৰি।

(খ) দ্বিতীয়তে, যিসকল উদ্যোগৰ মালিকে ধাৰ-ঋণ লৈ উদ্যোগ প্রতিষ্ঠা কৰে আৰু উৎপাদন বৃদ্ধিৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰে, তেনেকুৱা উদ্যোগৰ মালিকক উদ্বৃত্ত মূলা ভোগ কৰা বুলি ক’বও নোৱাৰি। কঠোৰ পৰিশ্ৰম কৰি সামগ্রী উৎপাদন কৰাৰ ফলত তেওঁলোকে লাভৰ অংশ পায় যি পৰিমাণৰ উদ্বৃত্ত মূল্য তেওঁলোকে পায়, আন উদ্যোগত চাকৰি কৰিলেও সিমান পৰিমাণৰ দৰমহা হয়তো তেওঁলোকে পালেহেঁতেন। অর্থাৎ তেওঁলোকে ভোগ কৰা উদ্ধৃত্ত মূল্যক তেওঁলোকৰ দৰমহাৰ সমান বুলি ক’ব পাৰি। প্রভেদ এইখিনিতে যে নিজৰ উদ্যোগৰ পৰা তেওঁ উদ্বৃত্ত মূল্য হিচাবে পাইছে আৰু আনৰ তলত চাকৰি কৰিলে তেওঁ দৰমহা হিচাপে পালেহেঁতেন।

(গ) তৃতীয়তে, মার্ক্সৰ মতে শ্রমিক সকলে মূল্যৰ সৃষ্টি কৰে আৰু পুঁজিপতিসকলে সেই মূল্য ভোগ কৰে। এনে ধাৰণা সচা নহয়। শ্রমিকসকলৰ উপৰিও কাৰখানা উদ্যোগ আদিত কাৰিকৰি বিশেষজ্ঞ, কেৰানী, মহৰী, মেনেজাৰ আদি বিভিন্ন শ্রেণী লোকে কাম নকৰে। কিছুমানে শাৰীৰিক কৰে আৰু কিছুমানে মানসিক শ্রম কৰে। এনেবোৰ লোকৰ পৰিশ্ৰমৰ ফলতহে কোনো সামগ্রীৰ উৎপাদন সম্ভৱ হয়। গতিকে উদ্ধৃত মূল্য অকল শ্রমিকৰ সৃষ্টি বুলি কোৱা উচিত নহয়। সম্ভৱ হয়। গতিকে উদ্ধৃত মূল্য তাক শ্রমিকৰ সৃষ্টি বুলি কোৱা উচিত নহয়।

(ঘ) শ্রমিকে অকলে মূল্যৰ সৃষ্টি কৰা মন্তব্য গ্রহণযোগ্য নহয়। আধুনিক যুগত শ্রমিকসকলে যন্ত্র-পাতিৰ সহায় নহ’লে কাম কৰিব নোৱাৰে। তাৰোপৰি উৎপাদনৰ কাৰণে কেচা সামগ্ৰীৰ দৰকাৰ। সেয়েহে কেচা সামগ্রী, শ্রম, মূলধন আৰু সংগঠন এই চাৰিটা উপাদানৰ সমন্বয়ৰ ফলতহে উৎপাদন সম্ভৱ হয়। অর্থাৎ উৎপাদনৰ আহিলাবোৰৰ ভিতৰত শ্রম এটা আহিলেহে, ইয়াক একমাত্র আহিলা হিচাবে আখ্যা দিব নোৱাৰি। সেয়েহে শ্রমকেই মূল্য সৃষ্টিৰ একমাত্র আহিলা হিচাবে গ্রহণ কৰা সমীচিন নহয়।

(ঙ) পঞ্চমতে, শ্রমিকসকল মজুৰী দিয়াতেই মালিকৰ কাম শেষ নহয়। তেওঁ মূল ধনজাতীয় সামগ্ৰীৰ মেৰামতৰ কাৰণে পইচা খৰছ কৰিব লাগে। শ্রমিক সকলক নগদ বেতন দিয়াৰ উপৰিও, তেওঁলোকৰ স্বাস্থ্য ৰক্ষাৰ সুবিধা, ল’ৰা-ছোৱালীৰ শিক্ষাৰ সুবিধা, খোৱাপানীৰ ব্যৱস্থাকে আদি কৰি বিভিন্ন কামত ধন খৰচ কৰিব লাগে। সেয়েহে উদ্ধৃত্ত মূল্যৰ পৰা বনুৱাক একেবাৰে বঞ্চিত কৰা বুলি কব নোৱাৰি।

(চ) মার্ক্সৰ মতে শাসনৰ ক্ষমতা লাভ কৰি শ্ৰমিকক কৰা এই শোষণ বন্ধ কৰিব পাৰি। এই প্রসংগত উল্লেক কৰিব পাৰি যে যিসকল লোকে শাসনৰ দায়িত্ব বহন কৰি আছে তেওঁলোকেই দেশত শান্তি-শৃংখলাও ৰক্ষা কৰি আছে। এই লোকসকলক ক্ষমতাচ্যুত কৰিলে শ্ৰমিকসকলেই শাসনৰ দায়িত্ব বহন কৰিব লাগিব। কিন্তু দেশ শাসন কৰাৰ অভিজ্ঞতা শ্রমিকসকলৰ নাই। গতিকে তেঁওলোকৰ শাসনত শৃংখলাৰ পৰিৱৰ্তে বিশৃংখলাহে সৃষ্টি হ’ব আৰু এনে ব্যৱস্থাত উৎপাদনৰ বৃদ্ধি ব্যাহত হ’ব।

(ছ) শেষত, শ্রমিকসকলৰ শ্ৰমৰ মূল্য নিৰ্ণয় কৰা সহজ নহয়। বজাৰত, কিছুমান সামগ্ৰী এজন কৰি ল’ব পাৰি। এক কিলোগ্রাম আলু বা এক কিলোগ্রাম চেনী জুখিব পাৰি। কিন্তু কোনজন শ্রমিকে কিমান মূল্যৰ সৃষ্টি কৰিলে তাৰ সঠিক জোখ মান কৰা সম্ভৱ নহয়। সকলো শ্রমিকে সমান কর্মশক্তি বা সমান দক্ষতা নাথাকে। গতিকে সকলো শ্রমিকে সমানে মূল্যৰ সৃষ্টি কৰিব নোৱাৰিব। কিন্তু তেওঁলোককে সমান মজুৰী দিয়াৰ ব্যৱস্থা থাকে। আন আন আনুসংগিক সুবিধাসমূহো সমানে পায়। গতিকে এজন শ্রমিকে কিমান মূল্যৰ সৃষ্টি কৰিলে আৰু সেই অনুপাতে তেওঁ মজুৰী নে নাই তাক সঠিককৈ কোৱা টান। ওপৰৰ যুক্তিসমূহৰ পৰা সহজতে অনুমান কৰিব পাৰি মার্ক্সৰ উদ্বৃত্ত মূল্যৰ তত্ত্বৰ ভালেমান আসোঁৱাহ আছে। এই তত্ত্বৰ কিছুমান সীমাবদ্ধতা আছে যদিও এইটো সচা যে পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলে তেওঁলোকৰ শ্রম অনুযায়ী পাৰিশ্রমিক নাপায়।

২২। ৰাষ্ট্র সম্পর্কে মার্ক্সৰ ধাৰণাটো বহলাই আলোচনা কৰা।

উত্তৰঃ আদর্শবাদী ৰাজনৈতিক পণ্ডিতসকলে ৰাষ্ট্ৰ সম্পর্কে আগবঢ়োৱা তত্ত্বক মার্ক্সে মানি লোৱা নাই। এৰিষ্টট’লৰ মতে মানুহৰ দৰকাৰৰ ভিত্তিতে ৰাষ্ট্ৰ বৰ্তি আছে। অর্থাৎ নাগৰিকসকল ভিত্তিতেই ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু মানুহে যাতে ভালদৰে জীৱন-নির্বাহ কৰিব পাৰে তাৰ কাৰণেই ৰাষ্ট্রবর্তি আছে। অর্থাৎ নাগৰিকসকলৰ সর্বাঙ্গীন কল্যাণ সাধন কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। ৰাষ্ট্ৰৰ জৰিয়তে নাগিৰকসকলে তেওঁলোকৰ ব্যক্তিত্বক প্রকাশ আৰু প্রতিভাক বিকাশ কৰাৰ সুবিধা পায়। ৰাষ্ট্ৰ হৈছে এটা সার্বজনীন অনুষ্ঠান, ই সকলো অনুষ্ঠানতকৈ শ্রেষ্ঠ। ৰাষ্ট্ৰৰ ভিতৰত থকা সকলো নাগৰিক আৰু সংস্থাৰ ওপৰত ৰাষ্ট্ৰই কর্তৃত্ব প্রয়োগ কৰিব পাৰে। গ্ৰীনৰ মতে স্বাধীনতাই স্বতন্ত্রতাক সূচায়। স্বতন্ত্ৰতাৰ পৰা অধিকাৰকে সৃষ্টি হয় আৰু অধিকাৰৰ পৰাই ৰাষ্ট্ৰই জন্ম হয়। অৰ্থাৎ ৰাষ্ট্ৰৰ পৰাই সকলো নাগৰিকে অধিকাৰ পায় আৰু ৰাষ্ট্ৰই নাগৰিক অধিকাৰ ভোগ কৰাত সহায় কৰে। ৰাষ্ট্ৰ অবিহনে নাগৰিকে অধিকাৰক ভোগ কৰিব নোৱাৰে।

কিন্তু মার্ক্সে ৰাষ্ট্ৰ সম্পৰ্কে এনে ধাৰণাক সমর্থন নকৰে। তেওঁৰ মতে ৰাষ্ট্ৰ কেতিয়াও সার্বজনীন অনুষ্ঠান নহয় ই প্রকৃতিক অনুষ্ঠানো নহয়। ৰাষ্ট্ৰই কেতিয়াও সকলো শ্ৰেণীৰ লোকৰ মংগল কামনা নকৰে। তেওঁৰ মতে যি সকল লোকৰ অৰ্থনৈতিক স্বচ্ছলতা আছে, সেইসকলৰ লোকেই ৰাষ্ট্ৰৰ শাসন কাৰ্যক নিয়ন্ত্রিত কৰে আৰু এই শাসন শ্ৰেণীৰ লোকৰ স্বাৰ্থ পূৰণৰ কাৰণেই ৰাষ্ট্ৰই সকলো ব্যৱস্থা গ্রহণ কৰে। দাস ব্যৱস্থাৰ প্ৰচলন থকাৰ সময়ত ৰাষ্ট্ৰই মালিকসকলৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা কৰিছিল। সেই সময়ত নাগৰিকসকলে প্রশাসনীয় আৰু বিচাৰ বিভাগীয় কার্যত অংশ গ্রহণ কৰিছিল, প্রচলন থকা সময়ত ৰাষ্ট্রই এই প্রশাসনত বেৰিন জমিদাৰ আদি শ্ৰেণীৰ লোকে প্রশাসনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু ৰাষ্ট্ৰই এই শ্রেণীৰ লোকৰ স্বার্থ ৰক্ষাৰ কাৰণে দৰকাৰী ব্যৱস্থা গ্রহণ কৰিছিল। বর্তমান সমাজ ব্যৱস্থাত ধনী শ্রেণীৰ লোকেহে ৰাজনৈতিক ক্ষমতা প্রয়োগৰ সুবিধা পায়। গতিকে বর্তমান পুঁজিবাদী সমাজ ব্যৱস্থাতো ধনীক শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ কাৰণেহে ব্যৱস্থা গ্রহণ কৰা হয়। ‘কমিউনিষ্ট মেনিফেষ্টিত প্রকাশ কৰাৰ মতে ৰাষ্ট্ৰ হৈছে বুজোৱাসকলৰ কাৰ্যকৰী কমিটিৰ নিচিনা। এংগেলছৰ মতে ৰাষ্ট্ৰ হৈছে এক শ্ৰেণীৰ লোকে আন এক শ্ৰেণীৰ লোকৰ ওপৰত উৎপীড়ন কৰিব পাৰি এক ধৰণৰ ব্যৱস্থা। ৰাষ্ট্রৰ শাসন ব্যৱস্থা, আইন-কানুন, সামাজিক ব্যৱস্থা আদি সকলোৰে ওপৰত পুজিপতি সকলৰ নিয়ন্ত্রণ থাকে। ৰাষ্ট্ৰই গ্রহণ কৰা বিধি বিধানসমূহৰ পুঁজিপতিসকলৰ স্বাৰ্থতহে ৰক্ষা কৰে। ৰাষ্ট্ৰ আৰু ইয়াৰ ক্ষমতাৰ সহায়ত পুঁজিপতিসকলে বনুৱা শ্ৰেণীৰ লোকক শাসন আৰু শোষণ কৰাৰ এটা ব্যৱস্থা মাথোন।

মার্ক্সৰ মতে ৰাষ্ট্ৰ শক্তি আৰু হিংসাৰ ওপৰতহে প্রতিষ্ঠিত, জনসাধাৰণৰ ইচ্ছা বা সন্মতি ইয়াৰ ভেঁটি নহয়। শাসনৰ দায়িত্বত থকা শ্ৰেণীৰ লোকে শাসিতসকলকে শোষণতাৰ দমন কৰাৰ উদ্দেশ্য। সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰে। পুঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষা কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। পুঁজিপতিসকলৰ কোনো পৰিশ্ৰম নকৰাকৈয়ে উদ্বৃত্ত মূল্যক ভোগ কৰে। ইয়াৰ ফলত তেওঁলোকে সৈন্যবাহিনীৰ খৰছৰ যোগান ধৰিব পাৰে। ৰাষ্ট্ৰই পুলিছ, মিলিটাৰী, আইন-কানুন আদি সকলোৰে ওপৰত এই শ্ৰেণীৰ লোকে প্ৰভাৱ বিস্তাৰ কৰে। এনেবোৰ মাধ্যমৰ সময়ত তেওঁলোকে শাসিতসকলৰ ওপৰত নিয়ন্ত্রণ চলায়। সেয়েহে ব্যক্তিৰ ওপৰত কৰা অপৰাধতকৈ সম্পত্তিৰ ক্ষেত্ৰত কৰা অপৰাধত অধিক পৰিমাণৰ শাস্তি কিয়া ব্যৱস্থা কৰা হয়। পুঁজিপতিসকলে স্কুল, কলেজ, ধর্মানুষ্ঠান আদি সাংস্কৃতিক অনুষ্ঠানসমূহ ওপৰতো নিয়ন্ত্রণ চলায়। শিক্ষানুষ্ঠানসমূহক ওপৰতো নিয়ন্ত্রণ চলায়। শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান আদিক যাতে পুঁজিবাদী ভাব ধাৰৰ বিৰুদ্ধে শিক্ষা দিয়া নহয়, তাৰ প্রতিও তেওঁলোকে লক্ষ্য ৰাখে। সেয়েহে শ্রেণী সংগ্ৰামৰ জৰিয়তে এনে ব্যৱস্থাৰ পতন ঘটাই শ্রেণীহীন আৰু ৰাষ্ট্ৰহীন সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰাৰ ওপৰতো মার্ক্সে গুৰুত্ব দিয়ে।

মার্ক্সৰ মতে ৰাষ্ট্ৰ হৈছে অস্থায়ী। তেওঁৰ মতে পুঁজিবাদী ব্যৱস্থাত শ্রমিকক কৰা শোষণৰ ফলত শ্রেণী সংঘৰ্ষৰ সৃষ্টি হ’ব আৰু এই শ্রেণী সংঘৰ্ষৰ পুঁজিবাদৰ পতন ঘটাই সৰ্বহাৰাৰ একনায়কত্ববাদক প্রতিষ্ঠা কৰিব। পুঁজিবাদৰ পতন আৰু সমাজবাদৰ প্ৰতিষ্ঠা এই মাজৰ সময়ছোৱাত অন্তৱৰ্তী ৰাষ্ট্ৰ ব্যৱস্থা থাকিব। আগৰ ৰাষ্ট্ৰ ব্যৱস্থা আৰু অন্তৱৰ্তীকালীন সময়ৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজত প্রভেদ এইয়ে যে পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলক শাসন আৰু শোষণ কৰা হ’ব। তেওঁলোকে আগৰ মান মর্যাদা ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰিব। কিন্তু তেওঁলোকৰ এই চেষ্টা সাফল্যমণ্ডিত নহ’ব। সেয়েহে শেষত শ্রেণীহীন আৰু ৰাষ্ট্ৰহীন সমাজ ব্যৱস্থাৰ প্ৰতিষ্টা হব। অৰ্থাৎ শ্রেণী সংস্থা হিচাবে ৰাষ্ট্ৰৰ অস্তিত্ব নোহোৱা হ’ব। সেয়েহে ৰাষ্ট্রক মার্ক্সে অস্থায়ী অনুষ্ঠান হিচাবে আখ্যা দিছিল।

ৰাষ্ট্ৰৰ সম্পর্কে মার্ক্স আৰু তেওঁৰ অনুগামীসকলে পোষণ কৰা ধাৰণাৰ পৰা তলত দিয়া সিদ্ধান্ত সমূহত উপনীত হ’ব পাৰি।

(ক) প্রথমতে, ৰাষ্ট্র সম্পর্কে তেওঁলোকৰ মতবাদ শ্রেণী সংগ্ৰামৰ ধাৰণাৰ লগত জড়িত। তেওঁলোকে শ্রেণী বিভাগৰ পৰাই ৰাষ্ট্ৰৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰে আৰু ৰাষ্ট্ৰক তেওঁলোকে শ্রেণীসংস্থা হিচাবে বিবেচনা কৰে।

(খ) দ্বিতীয়তে, তেওঁলোকৰ মতে ৰাষ্ট্ৰৰ শাসন যন্ত্ৰক ধনীক শ্ৰেণীৰ লোক নিয়ন্ত্রণ কৰে। ৰাষ্ট্ৰৰ জৰিয়তে শাসন শ্ৰেণীয়ে নিজৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা গ্রহণ কৰে। সেয়েহে এনে ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই, বৰ্তমান ৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰোধিতা কৰাই উচিত বুলি তেওঁলোকে বিবেচনা কৰে।

(গ) তৃতীয়তে, ৰাষ্ট্ৰ জনসাধাৰণৰ সন্মতি বা ইচ্ছাৰ ওপৰত প্ৰতিষ্ঠিত নহয় শক্তি আৰু হিংসাৰ ওপৰতহে ৰাষ্ট্ৰ প্ৰতিষ্ঠিত। আইন শৃংখলা ৰক্ষা কৰাতকৈ শ্ৰমিকসকলৰ ওপৰত শক্তি প্রয়োগ কৰাৰ ওপৰতহে ৰাষ্ট্ৰই গুৰুত্ব দিয়ে। বিশৃংখলাৰ সৃষ্টিৰ অজুহাতত ৰাষ্ট্ৰই শ্রমিকসকলৰ আন্দোলন, ধর্মঘট আদিক কঠোৰ ভাৱে দমন কৰে। শ্রমিকসকলক শাসন কৰা কাৰ্যত মনোনিৱেশ কৰাৰ কাৰণে জনসাধাৰণৰ কল্যানৰ কাৰণে কাম কৰিবলৈ ৰাষ্ট্ৰিৰ সময় নাথাকে।

(ঘ) চতুর্থতে ৰাষ্ট্ৰ অস্থায়ী। শ্রেণীক সংঘৰ্ষৰ ফলত যেতিয়া এখন শ্রেণীবিহীন সমাজৰ প্রতিষ্ঠা হ’ব তেতিয়া কোনো শ্ৰেণীৰ লোককে শাসন কৰিবলৈ ৰাষ্ট্ৰৰ দৰকাৰ নোহোৱা হ’ব। অর্থাৎ শ্রেণী সংস্থা হিচাবে ৰাষ্ট্ৰৰ অস্তিত্ব নাইকিয়া হ’ব। শেষত, শ্ৰেণী সংঘৰ্ষৰ জৰিয়তেহে শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰা সম্ভৱ হ’ব পাৰে বুলি মার্ক্সে বিশ্বাস কৰে।

মূল্যায়নঃ মার্ক্সৰ আন আন সিদ্ধান্তৰ নিচিনা, ৰাষ্ট্ৰ সম্পৰ্কীয় মতবাদো কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। মার্ক্সৰ ৰাষ্ট্ৰ সম্পৰ্কীয় তত্ত্বৰ বিৰুদ্ধে তলত দিয়া ধৰণে সমালোচনা আগবঢ়োৱা হয়।

(ক) মার্ক্সবাদীসকলৰ মতে ৰাষ্ট্ৰ হৈছে শ্রমিক শ্রেণীক শোষণ কৰা এটা যন্ত্ৰ, ৰাষ্ট্ৰৰ সহায়ত পুঁজিপতিসকলে শ্রমিক শ্রেণীক শোষণ কৰে। কিন্তু এনে ধাৰণা গ্রহণযোগ্য নহয়, ৰাষ্ট্ৰই শ্রমিক শ্রেণীক শোষণ কৰাত সহায় নকৰে। সেইদৰে পুঁজিপতিসকলে তেওঁ লোকৰ সুবিধাৰ কাৰণে ৰাষ্ট্র যন্ত্র ব্যৱহাৰ কৰাটোও সঁচা নহয়। শ্রমিক আৰু পুঁজিপতিসকলৰ মাজত মতভেদ থাকিলেও, তেওঁলোকৰ মাজত আদৰ্শৰ বিষয়ত প্রভেদ থাকিলেও, এনে মতভেদক শান্তিপূর্ণ ভাৱে আলাপ আলোচনাৰ জৰিয়তে আৰু সাংবিধানিক উপায়ে নাইকিয়া কৰিব পাৰি। অৱশ্যে কেতিয়াবা কেতিয়াবা কোনো কোনো শাসক গোষ্ঠীয়ে ঠেক মনোবৃত্তিৰ দ্বাৰা প্রভান্বিত হৈ ব্যক্তিগত স্বার্থ পূৰণৰ কাৰণে ৰাষ্ট্ৰীয় ক্ষমতাক প্রয়োগ কৰা নীতিক গ্রহণ কৰিব পাৰে। কিন্তু শাসনৰ দায়িত্বত থকা সকলো লোকেই এনেকুৱা নহয়। বর্তমান গণতান্ত্রিক যুগৰ কথা বাদ দি অতীত আৰু মধ্যযুগৰ শাসনকর্তাসকলেও যে প্ৰজাৰ মংগলৰ কাৰণে যথোপযুক্ত ব্যবস্থা গ্রহণ কৰিছিল, তাৰ উদাহৰণো পোৱা যায়। অশোকে সকলো প্রজাকে নিজৰ সন্তানৰ নিচিনা জ্ঞান কৰিছিল। তেওঁৰ মতে প্ৰজাৰ সুখেই আছিল ৰজাৰ সুখ। মহামতি আলফ্রেদ, তৃতীয় আলেকজেণ্ডাৰ, মহামতি আকবৰৰ নিচিনা শাসনকর্তাসকলেও প্ৰজাৰ মংগলৰ প্ৰতি লক্ষ্য ৰাখিহে শাসন যন্ত্র পৰিচালনা কৰিছিল।

(খ) মার্ক্সৰ মতে পুঁজিবাদৰ পতনৰ লগে লগে এখন শ্রেণীবিহীন সমাজৰ গঠন হ’ব আৰু শ্রেণী সংস্থা হিচাবে তেতিয়া ৰাষ্ট্ৰৰ অস্তিত্বও নাইকিয়া হ’ব। কিন্তু যিবোৰ দেশত সমাজবাদ প্রতিষ্ঠা হৈছে, তেনে দেশত ৰাষ্ট্ৰৰ অস্তিত্ব নাইকিয়া হোৱা নাই। কছিয়া, চীন আদি দেশত মার্ক্সীয় আদৰ্শৰ শাসন ব্যৱস্থাৰ প্ৰচলন আছে, কিন্তু কছিয়া আৰু চীন দেশ এতিয়াও ৰাষ্ট্ৰ হিচাবে বর্তি আছে।

(গ) মার্ক্সৰ মতে, সমাজবাদ প্রতিষ্ঠাৰ ফলত এখন শ্রেণীহীন সমাজৰ সৃষ্টি হয়। কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে সমাজবাদৰ প্ৰচলন থকা দেশত মানুহৰ মাজতো বিভিন্ন শ্ৰেণীৰ লোক আছে। গতিকে শ্রেণী বিহীন আৰু ৰাষ্ট্ৰবিহীন অৱস্থাৰ সৃষ্টি হ’ব বুলি মার্ক্সে যি ভৱিষ্যতবাণী কৰিছিল, সেই ভৱিষ্যতবাণী সফল হোৱা নাই।

(ঘ) মার্ক্সে বিশ্বাস কৰাৰ দৰে ৰাষ্ট্ৰ কোনো এক শ্ৰেণীৰ লোকৰ অনুষ্ঠান নহয় নাইবা কোনো এক শ্ৰেণীৰ লোকক দমন কৰাই ৰাষ্ট্ৰই উদ্দেশ্য নহয়। ৰাষ্ট্ৰ প্রাকৃতিক অনুষ্ঠান মানুহৰ ইচ্ছা আৰু সন্মতিয়ে হৈছে ইয়াৰ ভেটি। জনসাধাৰণত সর্বাঙ্গীন কল্যাণ সাধন কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। সেয়েহে বর্তমান যুগৰ ৰাষ্ট্ৰই বিভিন্ন ধৰণৰ কল্যাণকামী আঁচনি গ্রহণ কৰি সেই পাঁচনি সমূহক কাৰ্যকৰী কৰাৰ চেষ্টা কৰে।

(ঙ) ঊনৈশ শতিকাৰ আগভাগত ব্যক্তিবাদী ভাবধাৰাই মানুহৰ মাজত ভালেখিনি প্রভাৱ বিস্তাৰ কৰিছিল। সেই সময়ছোৱাত পুঁজিপতিসকলে ৰাজনৈতিক ক্ষমতা লাভ কৰি নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে দেশৰ শাসন যন্ত্ৰ ব্যৱহাৰ কৰাৰ সুবিধা গ্রহণ কৰিছিল। কিন্তু সেই ব্যৱস্থা বেছি দিন নাথাকিল। পুঁজিবাদৰ প্রতি থকা মোহ ক্রমান্বয়ে কমি আহিল। ইংলেণ্ডকে আদি কৰি ভালেমান দেশত বনুৱা চৰকাৰ গঠিত হ’ল। শ্রমিক সকলৰ স্বাৰ্থৰ কাৰণে এই চৰকাৰে বিভিন্ন বিধি-বিধান গ্রহণ কৰিলে। বনুৱা চৰকাৰৰ এই কৃতকাৰ্যতা শ্ৰেণী সংগ্ৰামৰ ফল নাছিল। সাংবিধানিক উপায়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিহে বনুৱা চৰকাৰ কুখ্যাত অধিষ্ঠিত হৈছিল। ইংলেণ্ড, ভাৰতবর্ষ আদি দেশত পুঁজিবাদী ব্যৱস্থাৰ পৰিৱৰ্তে সমাজবাদ প্রতিষ্ঠাৰ কাৰণে যি ধৰণে ব্যৱস্থা গ্রহণ কৰা হৈছে, সেইবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি যে শ্রেণী সংগ্রামৰ সহায় নোলোৱাকৈও সাংবিধানিক উপায়ে এক ধৰণৰ সমাজ ব্যৱস্থাৰ পৰা আন এক ধৰণৰ সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰিব পাৰি। অধ্যাপক উইলিয়াম হ’বেনষ্টেইনৰ মতে ক’বলৈ হ’লে মার্ক্সে যদি ৰাজনৈতিক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহেঁতেন, তেওঁ যদি ইংলেণ্ডৰ সংস্কাৰ আইন আৰু আমেৰিকাৰ জেকচুমৰ নীতি সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহেঁতেন, তেতিয়া তেওঁ বুজি পালেহেঁতেন যে গণতান্ত্রিক পৰম্পৰাৰ প্ৰচলন থকা দেশসমূহত বিপ্লৱৰ আশ্রয় নোলোৱাকৈ শান্তিপূর্ণ উপায়ে আৰু সাংবিধানিক পদ্ধতিৰ সহায়ত সমাজবাদ প্ৰতিষ্ঠা কৰিব পাৰি। এই প্ৰসংগতে এই কথাও মনত ৰখা উচিত যে বিপ্লৱৰ সহায়ত প্রতিষ্ঠা কৰা সমাজ ব্যৱস্থাতকৈ শান্তিপূর্ণভাৱে প্রতিষ্ঠা কৰা সমাজ ব্যৱস্থা অধিক স্থায়ী হয়।

২৩। সৰ্বহাৰাৰ একনায়কত্ববাদ সম্পর্কে মার্ক্সৰ ধাৰণা কি? আলোচনা কৰা।

উত্তৰঃ সৰ্বহাৰাৰ একনায়কত্ববাদ মার্ক্সীয় দর্শনৰ এটা অন্যতম বৈশিষ্ট্য। মার্ক্স, লেলিন ষ্টেলিন আদি নেতাই ইয়াক সমর্থন কৰিছিল। কিন্তু সৰ্বহাৰাৰ একনায়কত্ববাদ আৰু ইয়াৰ ভূমিকা সম্পর্কে তেওঁলোকৰ মতৰ মিল নাছিল।

মার্ক্সৰ মতে পুঁজিবাদী সমাজ ব্যৱস্থাত শ্রমিকসকলক শোষণ কৰা হয়। শোষণৰ অতীষ্ঠ হৈ শ্রমিকসকলে পুঁজিপতিসকলৰ বিৰুদ্ধে ঠিয় দিব, শ্রমিক আৰু পুঁজিপতিসকলৰ মাজত হোৱা এই শ্রেণী সংঘৰ্ষৰ ফলত পুঁজিবাদৰ পতন হ’ব আৰু সমাজবাদৰ প্ৰতিষ্ঠা হ’ব। কিন্তু পুঁজিবাদৰ পতন আৰু সমাজবাদৰ প্ৰতিষ্ঠা একে দিনে নহয়। ইয়াৰ কাৰণে কিছুদিনৰ সময়ৰ দৰকাৰ হ’ব। এই অন্তৱর্তীকালীন সময়ছোৱাত অর্থাৎ পুঁজিবাদৰ পতন আৰু সমাজবাদ প্রতিষ্ঠা হোৱাৰ মাজৰ সময়ছোৱাৰ ভিতৰত পুঁজিবাদী ব্যৱস্থাত থকা সকলোবোৰ নীতি নিয়ম, সংস্থা, অনুষ্ঠান আদিক ধ্বংস কৰিব লাগিব আৰু নতুন সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ নতুন নতুন বিধি বিধান, সংজ্ঞা, অনুষ্ঠান আদিৰ সৃষ্টি কৰিব লাগিব। শ্রমিকসকলে আগৰ চৰকাৰৰ নিয়ম নীতি তথা প্রশাসনীয় পদ্ধতিক গ্রহণ কৰি তেওঁলোকৰ উদ্দেশ্য সাধন কৰিব নোৱাৰে। আগৰ আমোলাতান্ত্রিক ব্যৱস্থা, সামাজিক ব্যৱস্থা আদি সকলো মষিমূৰ কৰি এক নতুন ব্যৱস্থাৰ সৃষ্টি কৰিব লাগে। এই কাম কৰিবলৈ যথেষ্ট সময়ৰ দৰকাৰ হ’ব। সেয়েহে পুঁজিবাদৰ পতন আৰু সমাজবাদৰ আৰম্ভণিৰ মাজৰ সময়ছোৱাত সৰ্বহাৰাৰ একনায়কত্বাবাদৰ প্ৰতিষ্ঠা হ’ব। মার্ক্সে এই ব্যৱস্থাক এক অন্তৱর্তীকালীন ব্যৱস্থা হিচাপে আখ্যা দিছে। পুঁজিবাদী ব্যৱস্থাত থকাৰ নিচিনা এই সময়ছোৱাতো প্রযোজ্য থাকিব আগৰ ব্যৱস্থাত যেনেকৈ শাসক শ্রেণীৰ লোকে শাসিতসকলক শোষণ আৰু অত্যাচাৰ কৰিছিল। সৰ্বহাৰাৰ একনায়কত্ববাদতো শাসিতসকলৰ ওপৰত শোষণ আৰু অত্যাচাৰ চলি থাকিব কিন্তু পুঁজিবাদী ব্যৱস্থা আৰু সৰ্বহাৰাৰ একনায়কত্ববাদৰ মাজত তলত দিয়া প্রভেদ দুটা থাকিব।

(ক) প্ৰথমতে, পুঁজিবাদী ব্যৱস্থাত কম সংখ্যক লোকে অর্থনৈতিক ক্ষমতা প্রয়োগৰ সুবিধা পাইছিল আৰু এই কম সংখ্যক লোকে অধিক সংখ্যক শাসন আৰু শোষণ কৰিছিল, কিন্তু নতুন ব্যৱস্থাত অর্থাৎ সৰ্বহাৰাৰ একনায়কত্ববাদৰ প্ৰচলন থকা সময়ছোৱাত অধিক সংখ্যক লোকে শাসনৰ ক্ষমতাক প্ৰয়োগ কৰিব আৰু এই লোকসকলে পুঁজিপতিসকলক শাসন আৰু শোষণ কৰিব।

(খ) দ্বিতীয়তে, পুঁজিবাদী ব্যৱস্থাত শাসক শ্রেণীক উদ্দেশ্য আছিল শ্রেণী বিষয়ক ৰক্ষা কৰা আৰু পুঁজিপতিসকলৰ স্বাৰ্থৰক্ষা কৰা, কিন্তু সৰ্বহাৰাৰ একনায়কত্ববাদৰ প্ৰচলন থকা সময়ছোৱাত মানুহৰ থকা শ্ৰেণীভেদক আঁতৰ কৰাৰ চেষ্টা কৰা হ’ব আৰু পুঁজিবাদৰ পতনৰ কাৰণে ব্যৱস্থা গ্রহণ কৰা হ’ব। যেতিয়া সমাজত কোনো শ্রেণী নাথাকিব তেতিয়া শ্ৰেণীৰ লোকক শাসন আৰু শোষণ কৰাৰ কাৰণে ৰাষ্ট্ৰত কোনো শক্তিৰ প্রয়োজন নোহোৱা হ’ব। অর্থাৎ শ্রেণী সংস্থা হিচাবে ৰাষ্ট্ৰৰ অস্তিত্ব নাইকিয়া হ’ব। সৰ্বহাৰাৰ একনায়কত্ববাদত থাকিবলগীয়া সংগঠন সম্পর্কেও মার্ক্সে উল্লেখ কৰিছে, তেওঁৰ মতে পুঁজিবাদীসকলক সম্পূর্ণভাৱে দমন কৰিবলৈ সৰ্বহাৰৰ একনায়কত্ববাদত সামৰিক শক্তিৰ ব্যৱস্থা থাকিব, নতুন সমাজ ব্যৱস্থাত বাহিৰৰ আৰু ভিতৰৰ পৰা হোৱা আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ সামৰিক শক্তি থাকিব। ইয়াত নতুনকৈ বিধানমণ্ডল আৰু ন্যায়পালিকাৰ ব্যৱস্থা থাকিব, তেনে আইন আৰু নতুন পুলিচ বাহিনীৰ ব্যৱস্থাও থাকিব।

মূল্যায়নঃ মার্ক্সৰ মতে সৰ্বহাৰাৰ একনায়কত্ববাদ হ’ব এটা অন্তৱর্তীকালীন ব্যৱস্থা। পুঁজিবাদৰ পতনৰ পিছত সমাজবাদ প্রতিষ্ঠা নোহোৱকৈ এই ব্যৱস্থা চলি থাকিব। পুঁজিপতিৰ শক শাসনৰ সময়ত যি শোষণ আৰু অত্যাচাৰৰ ব্যৱস্থা আছিল, সৰ্বহাৰৰ একনায়কত্ববাদতো সেই এনে ধৰণৰ শোষণ আৰু অত্যাচাৰৰ ব্যৱস্থা থাকিব। কিন্তু এই ব্যৱস্থা কিমানখিনি থাকিব, সেই সম্পর্কে মার্ক্স আৰু এংগেলছে কোনো সঠিক উত্তৰ দিব পৰা নাছিল। দ্বিতীয়তে, তেওঁলোকৰ মতে সৰ্বহাৰৰ একনায়কত্ববাদৰ পিছত এখন শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজৰ প্ৰতিষ্ঠা হ’ব। কিন্তু এই ধাৰণাৰো সীমাবদ্ধতা আছে। যিবোৰ দেশত মার্ক্সীয় আদৰ্শত চৰকাৰ প্ৰতিষ্ঠা হৈছে। তাত শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজ প্রতিষ্ঠা হৈ তাত শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজ প্রতিষ্ঠা হোৱা নাই। মানুহৰ মাজত তাতো শ্রেণী বিভাগ আছে আৰু পুঁজিপতি সকলৰ ঠাইত আন এক নতুন শ্রেণীৰ লোকৰ সৃষ্টি হৈছে। শেষত মার্ক্স সর্বহাৰাৰ একনায়কত্ববাদৰ প্রচনল কথা কৈছিল যদিও, প্রকৃততে সৰ্বহাৰাৰ ওপৰতহে একনায়কত্ববাদী শাসনৰ প্ৰচলন হৈছে। সৰ্বহাৰাৰ নামত প্ৰকৃতপক্ষে দলীয় চৰকাৰৰ শাসনতে চলে আৰু এই ব্যৱস্থাত দলৰ শীর্ষ স্থানীয় নেতাসকলেহে শাসনৰ ক্ষমতাক প্রয়োগ কৰে। অর্থাৎ সৰ্বহাৰাৰ একনায়কত্ববাদৰ নামত দলীয় একনায়কত্ববাদৰ আৰু দলীয় একনায়কত্ববাদৰহে ঠাইত দলৰ নেতৃস্থানীয় ব্যাক্তিসকলৰ একনায়কত্ববাদৰহে প্রচলন হোৱা দেখা গৈছে। অর্থাৎ সৰ্বহাৰাৰ একনায়কত্ববাদ এটা শ্লোগানৰ বাহিৰে আন একো নহয়।

২৪। সমাজবাদ প্রতিষ্ঠাৰ কাৰণে মার্ক্সে “কমিউনিষ্ট মেনিফেষ্টত আগবঢ়োৱা কার্যাৱলীসমূহ আলোচনা কৰা।

উত্তৰঃ কমিউনিষ্ট মেনিফেষ্ট’ত সমাজবাদী নীতিসমূহক বিশ্লেষণ কৰাৰ উপৰিও সমাজবাদ প্রতিষ্ঠাৰ কাৰণে কৰণীয় বিষয় কিছুমানৰ বিষয়েও উল্লেখ আছে। পুঁজিবাদী ব্যৱস্থাও পৰিৱৰ্তে সমাজবাদ প্রতিষ্ঠা কৰিবলৈ হ’লে কেনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা উচিত, সেই সম্পকে ‘কমিউনিষ্ট মেনিফেষ্টৰ দ্বিতীয় অংশত বর্ণনা দিয়া আছে। ইয়াত উল্লেখ আছে যে কমিউনিষ্ট পার্টি শ্রমিকসকলৰ বিৰুদ্ধাচৰণ কৰা বেলেগ দল নহয়, শ্ৰমিকৰ স্বাৰ্থৰ বাহিৰে আনৰ স্বাৰ্থ ৰক্ষা কৰা এই দলৰ উদ্দেশ্য নহয়। ‘মেনিউফেষ্ট’ত উল্লেখ কৰা মতে বিপ্লৱৰ জৰিয়তে শ্রমিকসকলৰ শাসনৰ ক্ষমতা লাভ কৰা আৰু গণতন্ত্ৰৰ যুদ্ধত জয় লাভ কৰাই হৈছে প্রধান উদ্দেশ্য। শ্রমিকসকলে ৰাজনৈতিক দল গঠন কৰ ভোটাৰসকলক আবেদন কৰি নিৰ্বাচন জয়যুক্ত হোৱাৰ চেষ্টা কৰাই হৈছে ক্ষমতা লাভৰ সাধাৰণ পদ্ধতি। এইদৰে ৰাজনৈতিক ক্ষমতা লাভ কৰি লাহে লাহে পুঁজিপতি সকলৰ হাতৰ পৰা উৎপাদনৰ আহিলা সমূহক ৰাষ্ট্ৰীয়কৰন কৰি সমাজবাদক প্রতিষ্ঠা কৰিব পাৰি। অৰ্থাৎ পুঁজিবাদক একে আঘাতকৈ নির্মূল কৰিব নোৱাৰি। পৰিবেশ আৰু পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি বিভিন্ন দেশত বিভিন্ন কাৰ্যপন্থা লোৱাৰ দৰকাৰ হ’ব পাৰে। কিন্তু সাধাৰণতে সমাজবাদ প্ৰতিষ্ঠাৰ কাৰণে তলত দিয়া কাৰ্যাৱলী গ্রহণ কৰা উচিত বুলি ‘মেনিফেষ্ট’ ত উল্লেখ আছে।

(ক) মাটিৰ মালিকানাস্বত্বক নাইকিয়া কৰি ৰাজহুৱা স্বাৰ্থৰ খাতিৰত ইয়াক ব্যৱহাৰ কৰিব লাগে।

(খ) আয়ৰ ওপৰত ভিত্তি কৰি অধিক আয়ৰ লোকৰ ওপৰত অধিক পৰিমাণৰ আয়কৰ বহুৱাব লাগে।

(গ) উত্তৰাধিকাৰীসূত্রে সম্পত্তি লাভ কৰা ব্যৱস্থাপক ৰদ কৰিব লাগে।

(ঘ) ৰাষ্ট্রদ্রোহী আৰু বিদেশীসকলৰ সম্পত্তি বাজয়াপ্ত কৰিব লাগে।

(ঙ) জাতীয় বেংক প্রতিষ্ঠা কৰিব লাগে আৰু এই বেংকৰহে একমাত্ৰ ধাৰ দিয়াৰ ক্ষমতা থাকিব লাগে।

(চ) যোগাযোগ আৰু যাতায়ত ব্যৱস্থাৰ জাতীয়কৰণ কৰিব লাগে।

(ছ) ৰাষ্ট্ৰৰ দায়িত্বত উৎপাদন ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাব লাগে।

(জ) শ্রমিকসকলৰ কাৰণে সমান দায়িত্বৰ ব্যৱস্থা কৰিব লাগে আৰু কৃষিৰ কাৰণে উদ্যোগিক যোগানৰ ব্যৱস্থা কৰিব লাগে।

(ঝ) কৃষি আৰু উদ্যোগৰ মাজত সমন্বয় স্থাপন কৰিব লাগে আৰু গাওঁ আৰ চহৰৰ মাজত থকা প্রভেদ কমাব লাগে।

(ঞ) ল’ৰা-ছোৱালীৰ কাৰণে কামত বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু কম বয়সৰ ল’ৰা-ছোৱালীক কামত বিয়োগ কৰা প্রথা বন্ধ কৰিব লাগে।

মার্ক্সৰ মতে শ্রমিক সকলে ৰাষ্ট্ৰ শাসনৰ দায়িত্ব পোৱাৰ পিছত ওপৰত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্রহণ কৰা উচিত। কিন্তু শাসনৰ ক্ষমতা নোপোৱালৈকে তেওঁলোকে কাম কৰাৰ সময় কমোৱা, নিম্নতম মজুৰী নাইবা গ্রহণ কৰা কাৰখানা আইন গ্রহণ কৰা আদি ব্যৱস্থা গ্রহণ কৰিবলৈ পুঁজিবাদী চৰকাৰক হেঁচা দি থকা উচিত।

মার্ক্সে দিয়া কাৰ্যসূচীৰ পৰা অনুমান কৰিব পাৰি যে মার্ক্সৰ বিৱৰ্তনৰ ওপৰতো বিশ্বাস আছিল। অর্থাৎ শান্তিপূর্ণ উপায়ে পুঁজিবাদৰ পতন ঘটাই সমাজৰ দ্বাৰা প্ৰতিষ্ঠা কৰা নীতিক তেওঁ সমৰ্থন কৰিছিল। কিন্তু শ্রমিকে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পুঁজিপতিসকলে বিৰোধিতা কৰিব বুলি তেওঁ নিশ্চিত আছিল। সেয়েহে এনে পৰিস্থিতিত তেওঁ শক্তি প্রয়োজন পৰামৰ্শ আগবঢ়াইছিল। আমেৰিকা, ইংলেণ্ড আৰু হলেণ্ড আদি দেশত গণতান্ত্ৰিক পৰস্পৰাৰ প্ৰচলন থকাৰ কাৰণে, তেনেবোৰ দেশত সাংবিধানিক আৰু শান্তিপূর্ণ উপায়ে সমাজ ব্যৱস্থা পৰিৱৰ্তন কৰিব পৰা যাব বুলি বিশ্বাস আছিল। কিন্তু যিবোৰ দেশত গণতান্ত্রিক পৰম্পৰাৰ অভাৱ আৰু য’ত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব পৰা বিধি-বিধান প্রয়োগৰ ক্ষেত্ৰত পুঁজিপতিসকলে বাধাৰ সৃষ্টি কৰে, তেনে দেশত হিংসা আৰু বিপ্লৱৰ জৰিয়তে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে তেওঁ পৰামৰ্শ আগবঢ়াইছিল। গতিকে সমাজবাদ প্রতিষ্ঠাৰ কাৰণে মার্ক্সে যে বিপ্লৱক সমর্থনে কৰিছিল, সেই বিষয়ে সন্দেহ নাই।

মার্ক্সবাদৰ মূল্যয়নঃ মার্ক্সৰ ৰাজনৈতিক দৰ্শনৰ বিভিন্ন দিশত আলোচনা কৰা হৈছে। এই আলোচনাৰ পৰা স্পষ্টভাৱে প্ৰমাণ যে মার্ক্সৰ ধাৰণাসমূহৰ ভালেমান সীমাবদ্ধতা আছে। মার্ক্সৰ ভৱিষ্যত বাণীসমূহো সফল প্রমাণিত হোৱা নাই। দ্বন্দ্বাত্মক পদ্ধতিৰ জৰিয়তে তেওঁ পুঁজিবাদৰ পতন ঘটাই সমাজবাদ প্রতিষ্ঠা কৰিব পাৰে বুলি ধাৰণা কৰিছিল। কিন্তু সামগ্ৰী তথা পদাৰ্থৰ ক্ষেত্ৰত এই পদ্ধতিক প্রয়োগ কৰিব নোৱাৰি। ইতিহাসৰ কোনটো স্তৰ ক্রিয়া নাইবা প্ৰতিক্ৰিয়া হ’ব। তাকো ঠিৰাংকৈ ক’ব নোৱাৰি। তাৰোপৰি দ্বন্দ্বাত্মক পদ্ধতি সদায় সত্যৰ পিনে আগবাঢ়ি থাকে। প্রতিটো ক্ৰিয়া আৰ প্ৰতিক্ৰিয়াৰ সমন্বয়ে সত্যৰ তথা উদ্দেশ্যক সিদ্ধিৰ পিনে এখোজ আগবঢ়াই নিয়ে। কিন্তু ইতিহাসক একে বাৰে প্ৰগতিৰ খতিয়ান বুলি আখ্যা দিব নোৱাৰি। ইয়াত উত্থান-পতন আছে। গতিকে দ্বন্দ্বাত্মক পদ্ধতিৰে ইতিহাসৰ গতি নিৰ্ণয় কৰা সম্ভৱ নহয়।

মার্ক্সৰ ইতিহাসৰ অৰ্থনৈতিক বাখ্যাৰো ভালেমান সীমাবদ্ধতা আছে। মানুহৰ মনৰ গতি অকল অর্থনৈতিক যশোদণ্ডৰ মাধ্যমেৰে ব্যাখ্যা কৰিব নোৱাৰি। প্রেম-প্রীতি, উচাকাংক্ষা মানৱতা বোধ আদিয়ে মানুহৰ মনৰ গতিক নিৰ্ণয় কৰে। অর্থনৈতিক কাৰণৰ উপৰিও ভাষা, ধর্ম আদিয়েও ইতিহাসৰ পৰিৱৰ্তনক সহায় কৰে। কেতিয়াবা কেতিয়াবা অথনৈতিক কাৰণৰ লগত সম্পৰ্ক নোহোৱা আকস্মিক কাৰণ কিছুমানেও ইতিহাসৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিব পাৰে। গতিকে অকল অর্থনৈতিক কাৰণকে ইতিহাসৰ পৰিৱৰ্তন প্রধান কাৰণ হিচাবে গ্রহণ কৰা উচিত নহয়। ইতিহাসৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিভিন্ন কাৰণ জড়িত থাকে। এই কাৰণবোৰৰ ভিতৰত কোনটো কোন ঘটনাত মূখ্য তাক নিশ্চয়কৈ ক’ব নোৱাৰি।

শ্ৰেণী সংগ্ৰামৰ ধাৰণাৰ ক্ষেত্ৰটো মার্ক্সৰ ভৱিষ্যতবাণী ভুল বুলি প্রমাণিত হৈছে। মার্ক্সৰ মতে সমাজত পুঁজিপতি আৰু শ্রমিক বনুৱা এই দুই শ্ৰেণীৰ লোক থাকে। কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে প্রত্যেক সমাজতে পুঁজিপতি, মধ্যবিত্ত শ্রেণী, বনুৱা শ্রেণী, কৃষক আদি বিভিন্ন শ্ৰেণীৰ লোক থাকে। মার্ক্সৰ মতে পুঁজিপতিসকলে বনুৱাক শোষণ কৰে, গতিকে শোষণত অতিষ্ঠ বনুৱাই শ্রেণী সংগ্ৰামৰ সহায়ত পুঁজিবাদৰ পতন ঘটাই সমাজবাদৰ প্ৰতিষ্ঠা কৰিব। কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে শ্রেণী সংগ্ৰাম আৰম্ভ হোৱা নাই। পুঁজিপতিসকলে পৰিস্থিতি আৰু পৰিবেশৰ লগত সামঞ্জস্য ৰখাকৈ নীতি সলনি কৰাৰ কাৰণে বনুৱাসকলে পুঁজিপতিৰ বিৰুদ্ধেই গ্রাসত অৱতীৰ্ণ হোৱা নাই। বনুৱাৰ সংখ্যা বৃদ্ধি হৈছে যদিও বনুৱাৰ মাজত শ্ৰেণী সচেতনতা বৃদ্ধি পোৱা নাই। নিজৰ দেশৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আস্থাৰ ফলত আন্তঃ ৰাষ্ট্ৰীয় ক্ষেত্ৰতো বনুৱা একগোট হ’ব পৰা নাই। বনুৱাসকলৰ মাজতো জাতিভেদ, বর্ণভেদ আছে। সেয়েহে এনেবোৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত শ্রমিকসকলক একগোট হোৱাত বাধাৰ সৃষ্টি কৰি আছে।

মূল্য আৰু উদ্বৃত্ত মূল্য বিষয়ক ধাৰণাৰো ভালেমান সীমাৱদ্ধতা আছে। মার্ক্সৰ মতে মূল্যৰ সৃষ্টি কৰে বনুৱাই কিন্তু ইয়াক ভোগ কৰে পুঁজিপতিয়ে অর্থাৎ শ্রমিকসকলক নিজে নিজে সৃষ্টি কৰা মূল্য অনুপাতে মজুৰী দিয়া নহয়। কিন্তু তেওঁৰ এই ধাৰণাৰো সীমাবদ্ধতা আছে। কোনজন শ্রমিকে কিমান মূল্যৰ সৃষ্টি কৰে তাৰ সঠিক জোখ-মাখ ল’ব নোৱাৰি। সেইদৰে উদ্ধৃত্ত মূল্যক উদ্যোগৰ মালিকসকলে ভোগ কৰিলেও, শ্রমিক মজুৰী দিয়াৰ মূল্য সৃষ্টি অকল শ্রমিকে কৰে বুলি গ্রহণ কৰা ধাৰণাও শুদ্ধ নহয়। উৎপাদনৰ আটাইকেইটা আহিলাৰ সময়তহে সামগ্ৰীৰ উৎপাদন হয়, গতিকে শ্রমিকৰ নিচিনা মূল্য সৃষ্টিৰ ক্ষেত্ৰত আন আন উপাজনৰো বৰঙণি আছে।

মার্ক্সৰ ৰাষ্ট্ৰ সম্পৰ্কীয় তত্ত্বও সমালোচনাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰক পুঁজিপতিসকলে তেওঁলোকৰ স্বার্থসিদ্ধিৰ কাৰণে ব্যৱহাৰ কৰা যন্ত্ৰ হিচাবে গণ্য কৰা উচিত নহয়। বর্তমান যুগৰ ৰাষ্ট্ৰসমূহ কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শত গঢ়ি উঠিলে। গতিকে বর্তমান ৰাষ্ট্ৰই সকলো শ্ৰেণীৰ লোকৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে যথোচিত ব্যৱস্থা গ্রহণ কৰো। মার্ক্সবাদীসকলৰ মতে শ্রেণীবিহীন সমাজ কিন্তু বাস্তৱ দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলে দেখা যায় যে যিবোৰ দেশত সমাজবাদী আদৰ্শৰ প্ৰচলন হৈছে, সেইবোৰ দেশত ৰাষ্ট্ৰ নাইকিয়া হোৱা নাই, বৰং তাত ৰাষ্ট্ৰই অধিক ক্ষমতা প্রয়োগ কৰি জনকল্যাণমূলক আচনিসমূহক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছে।

শেষত, মার্ক্সে, সৰ্বহাৰাৰ একনায়কত্ববাদক প্রতিষ্ঠা কৰাৰ পোষকতা, কৰিছিল যদিও, প্রকৃতপক্ষে সৰ্বহাৰৰ একনায়কত্ববাদৰ পৰিৱৰ্তে সৰ্বহাৰাৰ ওপৰতহে একনায়কত্ববাদ চলোৱা হৈছে। সৰ্বহাৰাৰ একনায়কত্ববাদৰ পৰিৱৰ্তে ৰাজনৈতিক দল তথা দলৰ নেতাসকলেহে শাসনৰ ক্ষমতাক প্ৰয়োগ কৰি আহিছে।

মার্ক্স বিপ্লৱৰ জৰিয়তে পুঁজিবাদৰ পতনৰ কথা কৈছে যদিও গণতান্ত্ৰিক পৰম্পৰা থকা দেশত সংবিধানিক উপায়ে পুঁজিবাদী ব্যৱস্থাৰ পতন ঘটাই সমাজবাদৰ প্ৰচলন সম্ভৱ বুলিও ঘোষণা কৰিছে। ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত যিদৰে নীতিৰ প্ৰচলনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰ পৰা সহজতে ক’ব পাৰি যে পুঁজিবাদৰ পতনৰ কাৰণে বিপ্লৱৰ দৰকাৰ নহয়। শান্তিপূর্ণ আৰু সাংবিধানিক উপায়েও সমাজবাদক প্রতিষ্ঠা কৰা সম্ভৱ হ’ব পাৰে।

মার্ক্সৰ ৰাজনৈতিক দৰ্শনৰ বিৰুদ্ধে ওপৰত দিয়া ধৰণে সমালোচনা আগবঢ়োৱা হয় যদিও তেওঁৰ ৰাজনৈতিক দৰ্শনৰ একেবাৰে তাৎপর্যহীন বুলি ক’ব নোৱাৰি। তেওঁৰ ইতিহাসৰ অর্থনৈতিক ব্যাখাৰ বিৰুদ্ধে বিভিন্ন ধৰণে সমালোচনা আগবঢ়োৱা হৈছে। যদিও, সমাজৰ বিশ্লেষণ ক্ষেত্ৰত এই ধাৰণা যে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে, তাত সন্দেহ নাই। কেৰিড হান্টৰ মতে ক’বলৈ হ’লে বিজ্ঞানীসকলে অস্থায়ী কৰিলেও তেওঁলোকে যে মার্ক্সৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। এই বিষয়ত অকণমানো সন্দেহ নাই। মার্ক্সে ১৯ যে মার্ক্সত প্ৰভাৱৰ শতিকাৰ পুঁজিবাদী ব্যৱস্থাৰ দুৰ্ঘোৰ সমালোচনা কৰিছিল। কিন্তু সেই ধৰণৰ পুঁজিবাদীৰ বৰ্তমান সময়ত প্রচলন নাই। মার্ক্সৰ আহ্বানৰ প্রতি সহাৰি জনাই সকলোবোৰ, মজুৰী নির্ণয় আদিৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। তেওঁৰ উদ্ধৃত্ত মূল্য তত্ত্ব সমালোচনাৰ সন্মুখীন হ’লেও সকলোৰে স্বীকাৰ কৰে যে পুঁজিবাদী ব্যৱস্থাত বনুৱাসকলক শোষণ কৰা হয়, বনুৱা সকলক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হয়। অকল কথাৰে নহয়, তেওঁ কামেৰেও সমাজৰ এই শ্রেণীক ন্যায্য প্রাপ্যৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্য সংগ্রামত অৱতীর্ণ হৈছিল। সেয়েহে বর্তমান সমাজ ব্যৱস্থাত উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত চৰকাৰী নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে। পৃথিৱীৰ বিভিন্ন দেশত তেওঁৰ আদৰ্শক সমাজ গঠনৰ প্ৰক্ৰিয়া অব্যাহত আছে, এতিয়াও অসংখ্য লোকে ৰাজ্যত তেওঁক এজন ধর্মগুৰুৰ নিচিনা জ্ঞান কৰে। সমাজ গঠনৰ বিষয়ত তেওঁৰ ধাৰণাৰ যথেষ্ট।তাৎপর্য আছে, সেয়েহে ১৯ শতিকাৰ সমাজ সংগঠকসকলৰ ভিতৰত অন্যতম আখ্যা দিয়া হয়।

মার্ক্সৰ চিন্তাধাৰাত কোনো মৌলিকতা নাথাকিলেও চাৰিওপিনে সিঁচৰিত হৈ থকা সামগ্ৰীবোৰ তেওঁ যতনাই নিজৰ কৌশল প্রয়োগ কৰি এনে ধৰণে ৰাইজৰ আগত দাঙি ধৰিছিল যে ই হৈ পৰিছিল এটা সক্রিয় আন্দোলন। আলেকজেণ্ডাৰ গ্ৰেৰ মতে ক’বলৈ হ’লে মার্ক্সৰ ধাৰণ সমূহক অনেক সীমাবদ্ধতা নকৰিলেও ১৯ শতিকাৰ লোকসকলৰ ভিতৰত তেওঁৰ প্ৰভাৱেই আছিল যথেষ্ট। তেওঁ শোষনহীন আৰু শ্রেণীবিহীন সমাজ এখনৰ প্ৰতিচ্ছবি দাঙি ধৰিছিল। তেওঁৰ দৰ্শনত ভুল থাকিব পাৰে, তেওঁৰ ভবিষ্যৎবাণী কার্যকাৰী নহ’বও পাৰে। কিন্তু পুঁজিবাদী ব্যৱস্থাত থকা অন্যায় আৰু অমানৱীয়তাৰ বিৰুদ্ধে দিয়া তেওঁৰ এটা আন্দোলন হিচাবে সৃষ্টি কৰি থৈ গৈছে। এই মতে ক’বলৈ হ’লে কমিউনিজিমক তেওঁ এটা আন্দোলন হিচাবে সৃষ্টি কৰি থৈ গৈছে। এই আন্দোলন অকল কোনো এখন দেশতে সীমাবদ্ধ হৈ থকা নাই, বিভিন্ন দেশৰ এই আন্দেলন তীব্রতা অনুভৱ কৰা হৈছে। কোনো এটা আদর্শ দাঙি ধৰাতকৈ তেনে আদর্শক কেনেকৈ বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰিব পাৰি, সেই সম্পর্কে চিন্তা কৰা তেৱেই আছিল প্রথম সমাজ বিজ্ঞানী। সমাজৰ বিভিন্ন দিশ বিশ্লেষণ কৰি এই সম্পর্কে গ্রহণযোগ্য সিদ্ধান্তত উপনীত হ’ব পাৰি, সেই বিষয়ে প্রথমে চিন্তা কৰা ব্যক্তি আছিল কার্লমার্ক্স সেয়েহে তেওঁৰ চিন্তাধাৰাক আসোঁৱাহ থাকিলেও সমাজ বিজ্ঞানীসকলৰ মাজত তেওঁ যে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব, তাত সন্দেহ নাই।

২৫। সমাজৰ চুক্তি মতবাদৰ সমালোচনা কৰা।

উত্তৰঃ থমাচ হবচ, জন ল’ক আৰু ৰুছোই সামাজিক চুক্তি মতবাদৰ জৰিয়তে ৰাষ্ট্ৰ সৃষ্টিৰ যুক্তি দাঙি ধৰিছিল। সপ্তদশ আৰু অষ্টাদশ শতাব্দীত এই মতবাদে ৰাজনৈতিক চিন্তাধাৰাত এটা নতুন আলোড়নৰ সৃষ্টি কৰিছিল। স্পিনোজা মন্টেস্কু, টমাচ, পেইন, কান আদি চিন্তাবিদসকল এই মতবাদৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈছিল। আনহাতে বিউম, বেস্থাম, বার্ট, অষ্টিম মেইন, গ্রীস, ব্লাস্টচলি, পোলক আদি ৰাজনীতি বিজ্ঞানীয়ে এই মতবাদক কঠোৰভাৱে সমালোচনা কৰিছে। বিভিন্ন দৃষ্টিকোণৰ পৰা চালে আধুনিক যুগৰ এই মতবাদৰ কোনো গুৰুত্ব নাই। সামাজিক চুক্তি মতবাদ ৰাষ্ট্ৰৰ উৎপত্তি নির্ণয়ত ব্যর্থ হৈছে। আধুনিক লেখকসকলে সামাজিক চুক্তি মতবাদৰ সমালোচনা তলত দিয়া ধৰণে আগবঢ়াইছে।

(ক) সামাজিক চুক্তি মতবাদৰ কোনো ঐতিহাসিক সততা নাই। ইতিহাসত মানুহে প্রকৃতি ৰাজ্যত থাকি চুক্তিবদ্ধ হৈ ৰাষ্ট্ৰ এখন গঠন কৰাৰ উদাহৰণ পোৱা নাযায়। ছাৰ হেনৰীমেইন আৰু হিউমে এই মতবাদ ইতিহাস সন্মত নহয় বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰ এটা স্বাভাৱিক অনুষ্ঠান আৰু গঢ়ি উঠিছে মানুহৰ জীৱনৰ প্রয়োজনীয়ভাৱে চৰিতাৰ্থ কৰাৰ কাৰণে।

(খ) এই মতবাদ যুক্তিসম্মত নহয়। প্রাকৃতিক পৰিৱেশৰ মাজত মানুহে চুক্তিৰ মৰ্যাদা বুজি পাব নোৱাৰে। যি সকল প্রাকৃতিক ৰাজ্যত বাস কৰিছিল। তেওঁলোকৰ ৰাষ্ট্ৰ সম্বন্ধে কোনো ধাৰণা নাছিল আৰু তেনে লোক ৰাজনৈতিক সমাজ গঠন কৰিবৰ বাবে চুক্তিত আৱদ্ধ হ’ব নোৱাৰে। সেয়ে বহুতে এই মত গ্রহণযোগ্য নহয় বুলি কয়।

(গ) এই তত্ত্ব অনুসাৰে মানুহে চুক্তিৰ জৰিয়তে ৰাষ্ট্ৰৰ সদস্য লাভ কৰিছে বুলি কোৱাটো ভিত্তিহীন। ৰাষ্ট্ৰ আৰু নাগৰিকৰ মাজত থকা সম্বন্ধ নাগৰিকৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে আৰু চুক্তিৰ ভিত্তিত ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্য নির্দিষ্ট নহয়। বার্কে কোৱাৰ দৰে ৰাষ্ট্ৰ কফি নাইবা ধপাতৰ নিচিনা ব্যবসায় নহয় যে ইয়াক ইচ্ছামতে সৃষ্টি কৰিব পাৰি বা ভাঙি পেলাব পাৰি। ৰাষ্ট্ৰৰ লগত নাগৰিকৰ নিবিড় সম্বন্ধ আছে। চুক্তিৰ ভিত্তিত কেতিয়াও এনেকুৱা সম্বন্ধ সৃষ্টি হ’ব নোৱাৰে।

(ঘ) ৰাষ্ট্ৰবিহীন প্রাকৃতিক পৰিৱেশৰ মাজত মানুহৰ স্বাধীনতা আৰু অধিকাৰ থাকিব নোৱাৰে অধ্যাপক গ্রীণৰ মতে এখন সু-সংগঠিত ৰাষ্ট্ৰই নে নাগৰিকসকলে অধিকাৰ ভোগ কৰিব পাৰে। ৰাষ্ট্ৰই নাগৰিকক অধিকাৰ দিয়ে আৰু সেই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষনো দিয়ে। গতিকে দেখা যায় যে চুক্তিৰ ভিত্তিত ৰাষ্ট্ৰৰ উৎপত্তি হোৱা ধাৰণাটো বাস্তৱ।

(ঙ) এই মতবাদ বিপদজনক। এই মতবাদৰ ধাৰা ৰাষ্ট্ৰই নিৰাপত্তা আৰু স্থায়িত্ব আশা কৰিব নোৱাৰি। কিয়নো ৰাষ্ট্ৰক যদি চুক্তিৰ ফলশ্রুতি হিচাপে সৃষ্টি হোৱা অনুষ্ঠান বুলি কোৱা হয় তেন্তে কেতিয়াবা ৰাষ্ট্ৰ চুক্তি অনসাৰে কাৰ্য সম্পাদন কৰিব নোৱাৰিলে জনসাধাৰণে ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্রোহ কৰিব পাৰি। ফলত ৰাষ্ট্ৰত অৰাজকতাৰ সৃষ্টি হ’ব।

(চ) সামাজিক চুক্তি মতবাদ আইন সংগত বুলি মানি ল’ব নোৱাৰি। এই মতবাদ অনুসৰি প্রথমতে চুক্তি সম্পাদন হোৱাৰ পাছত হে ৰাষ্ট্ৰৰ সৃষ্টি হয়। কিন্তু এই ধাৰণা বাস্তৱ সন্মত কিয়নো ৰাষ্ট্ৰ এখনৰ পাছত হে চুক্তি সম্পাদন হ’ব পাৰে। সম্পাদতা সম্ভৱ নহয়।

(ছ) সামাজিক চুক্তি মতবাদ এটা কাল্পনিক আৰু অৱাস্তৱ মতবাদ। কাৰণ ৰাষ্ট্ৰ এটা মানৱীয় অনুমান, ঐতিহাসিক ক্রমবিৱৰ্তনৰ ফলতহে সৃষ্টি হৈছে। বহু বছৰ আগতে গ্ৰীক দার্শনিক এৰিষ্ট’টলে কৈছে যে ৰাষ্ট্ৰ হ’ল এটা সামাজিকতাৰে প্রাকৃতিক অনুষ্ঠান। সমাজৰ  ক্রমবিৱৰ্তনৰ ফলত ৰাষ্ট্ৰ সৃষ্টি হৈছে। 

(জ) এচাম ৰাজনীতি বিজ্ঞানীয়ে সামাজিক চুক্তি মতবাদক গণতন্ত্র বিৰোধী বুলি অভিহিত কৰিছে, কিয়নো ইয়াৰ ব্যক্তি স্বাধীনতাতকৈ সামাজিক চুক্তি ইচ্ছা অধিক গুৰুত্ব দিয়া হৈছে। 

(ঝ) সামাজিক চুক্তি এটা গুৰুত্বহীন মতবাদ। ড° গানাৰাধৰ মতে, ‘আগৰ বহু ৰাজনৈতিক তত্ত্বৰদৰে ৰাষ্ট্ৰৰ উৎপত্তিৰ তত্ত্ব বা মতবাদৰ হিচাবে সামাজিক চুক্তি মতবাদ সম্পূৰ্ণৰূপে লেখকে এইমতবাদক সমর্থন নকৰে। গৰউইনৰ বিৱৰ্তনত্ব উদ্ভাৱনাৰ পাছত সামাজিক চুক্তি মতবাদৰ প্ৰভাৱ সমূলি নাইকিয়া হয়।

মূল্যায়নঃ ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কে যদিও এই মতবাদৰ যথেষ্ট ত্রুটি আনে বা আধুনিক ৰাজনীতি বিজ্ঞানীসকলে ইয়াক বিজ্ঞানসন্মত মতবাদ বুলি বিশ্বাস নকৰে, তথাপি নীতি বিজ্ঞান অধ্যয়নত ইয়াৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি।

সামাজিক চুক্তি মতবাদে ঐশ্বৰিক আৰু বল প্রয়োগ মতবাদক মূলক বুলি প্ৰমাণ কৰিছে। এই মতবাদ অনুসৰি সাধাৰণৰ ইচ্ছা হ’ল ৰাষ্ট্ৰৰ ভিত্তি। জনসাধাৰণৰ সন্মতি আৰু প্ৰতিযোগিতা ৰাষ্ট্ৰ নিমাৰ্ণৰ বাবে অতি দৰকাৰী। শাসন কর্তৃপক্ষই সার্বভৌম ক্ষমতাৰ অধিকাৰী মানুহৰ পৰা যি চৰকাৰৰ কোনো অধিকাৰ নাই। জনসাধাৰণৰ সন্মতিৰ ওপৰত ভিত্তি কৰি হেৰাষ্ট্ৰৰ প্ৰতিষ্টিত হৈছে। ৰাষ্ট্ৰ আদর্শাত্মক দৃষ্টিভংগী, বর্ণনাত্মক দৃষ্টিভংগী, মার্ক্সীয় দৃষ্টিভংগী। সামাজিক চুক্তি মতবাদে সার্বভৌমত্ব সম্পর্কে যি মত দাঙি ধৰিছে সি হবচৰ লিখনিত ইতিমধ্যে স্থান লাভ কৰিছে। ল’কৰ লিখনিত ৰাজনৈতিক সার্বভৌমত্ব আৰু ৰুছোৰ লিখনিত গণ সার্বভৌমত্বৰ ধাৰণা স্পষ্টভাৱে প্ৰকাশ কৰিছে। 

এই মতবাদে শাসন আৰু শাসিকতাৰ মাজত সম্পৰ্ক নির্ধাৰণ, এই মৌলিক সমস্যাটিৰ অবধাৰণা আৰু আলোচনা কৰি ইয়াৰ সমাধানৰ পথ দেখুওৱাত সহায় হিচাপে কাম কৰিছে। 

সামাজিক চুক্তি মতবাদে ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত পাৰ্থক্য নির্ধাৰণত সহায় কৰিছে। ল’কৰ আগতে কোনো ৰাজনৈতিক বিজ্ঞানীয়ে এই পার্থক্য স্পষ্টকৈ দেখুওৱা নাছিল। 

গণতন্ত্ৰৰ সম্প্ৰসাৰণত সামাজিক চুক্তি মতবাদে যথেষ্ট অৰিহণা যোগাইছে। স্বাধীনতা সমতা, জনসাধাৰণৰ সাৰ্বভৌম অধিকাৰ প্রভৃতি যি সমস্ত ধাৰণা গণতন্ত্ৰৰ লগত ওতঃপ্রোতভাৱে জড়িত সেইবোৰৰ প্ৰয়োজনীয়তাৰ ওপৰত সামাজিক চুক্তি মতবাদে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ৰুছোৰ মতবাদৰ স্বাধীনতা আৰু সমান গণতন্ত্ৰৰ চূড়ান্ত নিদর্শন। ৰাষ্ট আৰু জনসাধাৰণৰ মাজত থকা সমন্ধ স্পষ্টভাৱে দেখুৱাই এই মতবাদে আধুনিক গণতান্ত্রিক অনুশাসনবোৰ গঢ়ি

উঠাত ভালেখিনি বৰঙণি যোগাইছে।

এই মতবাদে অত্যাচাৰী, স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈ জনসাধাৰণক প্ৰেৰণা, যোগাই গণতান্ত্রিক ধ্যান-ধাৰণাই প্রয়োজনীয় ভূমিকা পালন কৰিছে। গণতন্ত্ৰৰ মূল ভিত্তি হ’ল জনসাধাৰণৰ সন্মতি।এই মতবাদে ইংলেণ্ড, আমেৰিকা আৰু ফ্রান্সৰ জনসাধাৰণক স্বাধীনতাৰ সংগ্রাম কৰিবলৈ প্ৰেৰণা যোগায়। এইদৰে জনসাধাৰণৰ অধিকাৰ, মৰ্যাদা আৰু গণতন্ত্ৰৰ প্রসাৰতাৰ ওপৰত এই মতবাদে গুৰুত্ব আৰোপ কৰে।

সামাজিক চুক্তিৰ প্রৱক্তাসকলে পৰৱৰ্তী কালত ব্যক্তিবাদৰ ধাৰণাৰ সূচনা কৰাত সহায়ক হিচাপেও কাম কৰিলে। ল’কে জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰক প্ৰাকৃতিক অধিকাৰ হিচাপে গণ্য কৰি আৰু সেইবোৰৰ ওপৰত ব্যক্তিৰ সম্পূৰ্ণ নিয়ন্ত্রণ আৰোপ কৰি ব্যক্তিবাদৰ প্ৰসাৰত সহায় কৰিছে। 

২৫। ৰাষ্ট্ৰৰ উৎপত্তিৰ ক্ষেত্ৰত সামাজিক চুক্তি মতবাদ অনুসৰি হ’বছ, লক আৰু ৰুছোই কৰিছে। আগবঢ়োৱা মতৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তিৰ ক্ষেত্ৰত সামাজিক চুক্তি মতবাদটো একপক্ষীয়ভাৱে মানি ল’ব নোৱাৰি যদিও ৰাজনীতি বিজ্ঞান অধ্যয়নত ইয়াৰ বৰঙণি বিশেষ মন কৰিবলগীয়া। এই মতবাদে আধুনিক গণতন্ত্ৰৰ আদৰ্শ আৰু ভাবধাৰা বিকাশৰ ক্ষেত্ৰত যথেষ্ট অহিৰণা যোগাইছে।

হ’বচ, লক আৰু ৰুচোৰ মতৰ মাজত থকা সাদৃশ্য আৰু উপসাদৃশ্যসমূহ হ’লঃ

ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে থকা বিভিন্ন মতবাদসমূহৰ ভিতৰত সামাজিক চুক্তি মতবাদ বিশেষ গুৰুত্বপূর্ণ। প্রধান সহায়ক। এই মতবাদৰ মান তিনিজন হোতা হ’ল থমাচ, হ’বচ জন ক আৰু ৰুচো। তেওঁলোকৰ মতবাদৰ মাজত কিছুমান বিষয়ত সাদৃশ্য আৰু কিছুমান বিষয়ত বৈসাদৃশ্যও থকা দেখা যায়।

সাদৃশ্যঃ

(ক) তিনিওজন দার্শনিক বিশ্বাস কৰিছিল যে সামাজিক চুক্তিৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উৎপত্তি হৈছে।

(খ) তিনিজন দার্শনিকৰ মতে ৰাষ্ট্ৰৰ উৎপত্তিৰ আগেযে মানুহে প্রাকৃতিক পৰিৱেশত বাস কৰিছিল আৰু প্ৰাকৃতিক ভোগ কৰিছিল।

(গ) তিনিগৰাকী দার্শনিকৰ মতে সেই অৱস্থাত মানুহৰ মাজত কোনো সুসংগঠিত সমাজ নাছিল। প্রাকৃতিক পৰিবেশত তেওঁলোকে কিছুমান অসুবিধাৰ সন্মুখীন হৈ সুসংঘটি ৰাষ্ট্ৰৰ প্রয়োজনীয়তা উপলব্ধি কৰি পিচলৈ চুক্তিবদ্ধ হৈ ৰাষ্ট্র বাস কৰিবলৈ লয়।

(ঘ) তিনিও গৰাকী দার্শনিকে বিশ্বাস কৰে যে সমাজত আইন-শৃংখলা ৰক্ষা আৰু শান্তি স্থাপনাৰ বাবে জনসাধাৰণে সামাজিক চুক্তি সম্পাদিত কৰি ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল।

(ঙ) প্রাকৃতিক পৰিৱেশত অৰাজকতাৰ পৰা মুক্তি পাবলৈ হ’লে জনসাধাৰণে নিজৰ ভিতৰত চুক্তিসম্পন্ন কৰি সুসংগঠিত ৰাষ্ট্ৰ গঠন কৰিব পাৰে, সেই বিষয়ে তিনিওজন দার্শনিক একমত।

(চ) তেওঁলোক তিনিজনে সহমত পোষণ কৰে যে ৰাষ্ট্ৰ এটা মানৱীয় অনুষ্ঠান দৈৱিক অনুষ্ঠান নহয়।

বৈসাদৃশ্যঃ সামাজিক চুক্তি সম্পৰ্কত তিনিওজন দার্শনিকৰ মাজত কিছুমান বিষয়ত মিল বা সাদৃশ্য থাকিলেও আন কিছুমান বিষয়ত অমিল বা বৈসাদৃশ্যও দেখা যায়।

তলত সেইবোৰ উল্লেখ কৰা হ’লঃ

(ক) প্রাকৃতিক পৰিৱেশঃ প্রাকৃতিক পৰিৱেশ সম্পর্কে তিনিওগৰাকী দার্শনিক বেলেগ বেলেগ ছবি অংকন কৰিছিল। হ’বচৰ প্ৰাকৃতিৰ পৰিৱেশ আছিল প্রাক্-সামাজিক অৱস্থা, লকৰ আছিল প্রাক-ৰাজনৈতিক অৱস্থা আৰু এই সম্পর্কে ৰুচোৰ ধাৰণা লপ স্পষ্ট আছিল।

হ’বচৰ মতে প্রাকৃতিক পৰিৱেশত মানুহৰ জীৱন-ধাৰণাৰ পদ্ধতি অতি কষ্টকৰ আছিল। প্রাকৃতিক অৱস্থাত মানুহে পশু সুলভ জীৱন-যাপন কৰিছিল। তেওঁলোকৰ মাজত হিংসা, দ্বেষ, খিয়লা-ল’ন খিয়লি আদি স্বভাৱ বিৰাজ কৰিছিল। যোৰ যাৰ মুলুক তাৰ? – এয়ে আছিল তেওঁলোকৰ  নীতি। এই অৱস্থাত মানুহৰ কোনো নিৰপত্তা নাছিল। চাৰিওফালে বিশৃংখলা আৰু অশান্তিয়ে দেখা দিছিল। মুঠতে হ’বচৰ প্ৰাকৃতিক পৰিৱেশ অতি ভয়াবহ আছিল।

ল’কৰ মতে মানুহে প্রাকৃতিক পৰিৱেশত বাস কৰিছিল যদিও হবচে, বর্ণোৱাৰ দৰে প্ৰাকৃতিক পৰিৱেশ নাছিল, তাত মানুহৰ মাজত হিংসা-দ্বেষ, কপটতা আদি নাছিল। তেওঁলোকৰ মাজত শান্তি-শৃংখলা আৰু ভালপোৱা ভাৱ বিৰাজ কৰিছিল। প্ৰকৃতিক পৰিৱেশক মানুহে সুখ শান্তিৰে বাস কৰিছিল। ৰুছোৰ মতেও ৰাষ্ট্ৰৰ উৎপত্তিৰ আগেয়ে মানুহে প্রাকৃতিক পৰিৱেশত মুকলি মূৰীয়াভাৱে সুস্থ আৰু সুখী জীৱন-যাপন কৰিছিল। তেওঁৰ মতে প্রাকৃতিক ৰাজ্য আছিল ভূ-স্বর্গ তুল্য। কালক্ৰমত জনসংখ্যা বাঢ়ি অহাৰ লগে লগে মানুহৰ জীৱন যাত্ৰা কৃত্রিম হৈ আহিল, মানুহ স্বাৰ্থপৰ হ’বলৈ ধৰিছে, তেওঁলোকৰ মাজত অশান্তিৰ মাজত অশান্তিৰ সৃষ্টি হ’ল অর্থাৎ প্রাকৃতিক ৰাজ্যত বিশৃংখলতা আৰু অশান্তিয়ে দেখা দিলে। গতিকে এই অস্বাভাবিক  ব্যৱস্থাৰ পৰা মুক্তি পাবৰ উদ্দেশ্য মানুহবিলাকে তেওঁলোকৰ মাজত এটা চুক্তিৰ দ্বাৰা ৰাষ্ট্ৰ তিনিগৰাকী দার্শনিকৰ প্ৰাকৃতিক অৱস্থা সম্পর্কে ধাৰণা ভিন-ভিন ধৰণৰ।

(খ) আইনাৰ ধাৰণাঃ হ’বচ, লক আৰু ৰুচোৰ আইনৰ ধাৰণাৰ মাজতো পার্থক্য পৰিলক্ষিত হয়। হ’বচৰ মতে প্রাকৃতিক পৰিৱেশত কোনো আইন নাছিল। মানুহে নিজে নিজৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। যোৰ যাৰ মুলুক তাৰ নীতিৰ প্ৰচলন আছিল। প্রত্যেকে নিজৰ শক্তি সামর্থ্য অনুসাৰে নিজৰ নিৰাপত্তাৰ ব্যৱস্থা হাতত লৈছিল। লকৰ মতে প্রাকৃতিক পৰিৱেশত আইন শৃংখলা অটুট আছিল, মানুহে প্রাকৃতিক আইন মাতি চলিছিল। প্রাকৃতিক আইনৰ জৰিয়তে জনসাধাৰণে জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰিছিল। কিন্তু প্রাকৃতিক আইন বলবৎ কৰিবলৈ নাইবা আইন-শৃংখলা বজাই ৰাখিবলৈ কোনো কর্তৃপক্ষ নাছিল।ৰুচোৰ মতে প্রাকৃতি ৰাজ্যত কোনো মানুহে আইন মানি চলা নাছিল। প্রত্যেক মানুহে সামাজিক আইন আৰু অনুষ্ঠানৰ অনুশাসনৰ পৰা মুক্ত হোৱা নাছিল।

(গ) চুক্তিৰ প্ৰকৃতিঃ হবচৰ লিখনিত এটা চুক্তি পোৱা যায়। এই চুক্তিৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা পোৱা নিজৰ অধিকাৰ বিনা চর্তে আৰু ফিৰাই পোৱাৰ আশা নকৰি এজন মানুহক বা এখন সভাৰ ওচৰত অৰ্পণ কৰিলে। তেওঁৰ মতে শাসনকৰ্তাৰ ক্ষমতা চৰম আৰু সৰ্বব্যাপক। এনে শাসনৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ প্ৰজাৰ নাই।

ল’কৰ লিখনিত দুটা চুক্তিৰ উল্লেখ পোৱা যায়। এটা হ’ল সমাজ পতনৰ চুক্তি আৰু বাস কৰা হ’ল চৰকাৰ গঠনৰ চুক্তি। জনসাধাৰণে চৰকাৰত অসীম ক্ষমতা দিয়া নাছিল। তেওঁলোকে চৰকাৰৰ ক্ষমতাৰ সীমা বান্ধি দিছিল।

হবচৰ নিচিনাকৈ ৰুচোৰ এটা চুক্তিৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে প্রাকৃতিক অৱস্থাত বাস কৰা লোকসকলে নিজৰ অধিকাৰবোৰ কোনো ব্যক্তি বা সভাক অর্পণ নকৰি গোটেই  জনসাধাৰণৰ ওপৰত অৰ্পণ কৰিছিল। এই সমাজ সাধাৰণৰ ইচ্ছাৰ ওপৰত প্ৰতিষ্ঠিত আৰু ইয়ে সমাজৰ সাৰ্বভৌম শক্তি আৰু ৰাষ্ট্ৰ হ’ল ইয়াৰ বাহক।

(ঘ) সার্বভৌমত্ব ধাৰণাঃ হবচৰ মতে সাৰ্বভৌম ক্ষমতা শাসনৰ হাতত ন্যস্ত থাকে। এই সার্বভৌম ক্ষমতা চৰম অবিভাজ্য জনসাধাৰণে এই সার্বভৌম কর্তৃপক্ষৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য। এক কথাত ক’বলৈ হ’লে হবচ্ চৰম আৰু সীমাহীন সার্বভৌম সমর্থক কৰিছিল।

ল’ক চৰকাৰৰ অবাধ ক্ষমতাৰ সমৰ্থক নাছিল তেওঁক সীমিত ৰাজতন্ত্র হৈ সমৰ্থতা কৰিছিল। জনসাধাৰণে দিয়া ক্ষমতাহে চৰকাৰে প্ৰয়োগ কৰিব পাৰে। ল’কে ৰাজনৈতিক সার্বভৌমত্বৰ ওপৰত হে গুৰুত্ব প্রয়োগ কৰিছিল।

হবচৰ নিচিনাকৈ ৰুছোৰ মতেও সার্বভৌম কর্তৃপক্ষৰ ক্ষমতাৰ সীমা থাকিব নোৱাৰে। তেওঁৰ সীমাহীন সার্বভৌমত্বৰ সম্পৰ্ক কিন্তু ৰজা বা শাসন কর্তাসকলৰ হাতত থাকে। সার্বভৌম ক্ষমতাৰ অধিকাৰী জনসাধাৰণহে। ৰুছোৱে জনসার্বভৌমত্ব সমর্থন কৰিছিল।

(ঙ) ৰাষ্ট্ৰ আৰু চৰকাৰৰ ধাৰণাঃ হবচৰ মতে ৰাষ্ট্ৰৰ আৰু চৰকাৰৰ মাজত পাৰ্থক্য নাই। তেওঁ ৰাষ্ট্ৰৰ আৰু চৰকাৰক একে অৰ্থত ব্যৱহাৰ কৰিছিল। চৰকাৰ এখন নাইকিয়া হ’লে ৰাষ্ট্ৰৰ নাইকিয়া হয়।

ল’কৰ মতে ৰাষ্ট্ৰৰ আৰু চৰকাৰ একে নহয়। চৰকাৰে সাৰ্বভৌম ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। চৰকাৰৰ পতন হ’লে ৰাষ্ট্ৰৰ পতন নহয়। জনসাধাৰণে চৰকাৰ ভঙা পতা কৰিব পাৰে। চৰকাৰৰ পৰিৱৰ্তনে ৰাষ্ট্ৰৰ কোনো হানি নকৰে।

ৰুছোৰ মতেও ৰাষ্ট্ৰৰ আৰু চৰকাৰৰ মাজত প্রভেদ আছে। চৰকাৰে ৰাষ্ট্ৰৰ এজেন্ট বা অভিকর্তা হিচাপে কাম কৰে। চৰকাৰ নিজা ক্ষমতা নাই। ই জনসাধাৰণৰ পৰাহে ক্ষমতা পায়। এইদৰে ৰুছোৰ মতে ৰাষ্ট্ৰৰ আৰু চৰকাৰৰ মাজত পাৰ্থক্য আছে।

(চ) ব্যক্তি স্বাধীনতাঃ হবচৰ মতে ৰাষ্ট্ৰীয় আইনে যিবোৰ অধিকাৰ দিয়ে, জনসাধাৰণে সেইবোৰ অধিকাৰ হৈ ভোগ কৰিব পাৰে। সার্বভৌমত্ব যিহেতু আৰু তেনেকুৱা নির্দেশ তেওঁলোকে মানি চলিবলৈ বাধ্য।

কিন্তু ল’কৰ মতে জনসাধাৰণৰ সন্মতিৰ ওপৰত হে চৰকাৰৰ ক্ষমতা নিৰ্ভৰ কৰে। শাসন কর্তৃপক্ষই জনসাধাৰণৰ সন্মতিৰ ভিত্তিত ৰাষ্ট্ৰ শাসন নকৰিলে সেই শাসনকর্তাক পদচ্যুত কৰি আনক শাসনৰ দায়িত্ব দিয়াৰ অধিকাৰ তেওঁলোকৰ আছে।

ৰুচোৰ মতে প্রাকৃতিক পৰিৱেশত মানুহে যিবোৰ অধিকাৰ ভোগ কৰিব পাৰিছিল ৰাষ্ট্ৰতো তেওঁলোকে সেই অধিকাৰ ভোগ কৰিব পাৰি। কিন্তু চুক্তি কৰাৰ সময়ত তেওঁলোকে তেওঁলোকৰ অধিকাৰ কোনো এজন নির্দিষ্ট ব্যক্তিৰ ওচৰত অৰ্পণ কৰা নাছিল।

(ছ) ঐতিহাসিক পটভূমিঃ হবচ্, ল’ক আৰু ৰুছো তিনিওজন দার্শনিকৰ লিখনিত ঐতিহাসিক পটভূমিত আছিল বেলেগ বেলেগ। হবচৰ সময়ত ইংলেণ্ডত দুৰ্বল কৰাৰ শাসনৰ ফলত ৰাজ্যত বিশৃংখলতা আৰু গৃহ বিবাদৰ সৃষ্টি হৈছিল। ক্ষমতাৰ বাবে বিধানমণ্ডল আৰু ৰজাৰ মাজত অৰিয়া-অৰি লাগিছিল। ৰাষ্ট্ৰত শৃংখলা বজাই ৰাখিবলৈ শক্তিশালী আৰু সুদক্ষ ৰজাৰ আৱশ্যক হৈছিল। হবচৰ মতে ক্ষমতাসম্পন্ন ৰাইহে ৰাষ্ট্ৰৰ আইন শৃংখলা বজাই ৰাখিব পাৰে আৰু সেয়ে তেওঁ চৰম ৰাজতন্ত্র সমর্থন কৰিছিল।

ল’কৰ সময়ত ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ সংঘটিত হৈছিল। এই বিপ্লৱৰ ফলত ইংলেণ্ডত হোৱা সাংবিধানক আৰু ৰাজনৈতিক পৰিবৰ্তনৰ প্ৰতি তেওঁৰ সমৰ্থন আছিল। অর্থাৎ ল’কে সীমিত ৰাজতন্ত্ৰ আৰু ব্যক্তি স্বাধীনতাৰ প্রতি সমর্থন জনাইছিল।

ৰুছো হ’ল ১৭৮৯ চনৰ ফৰাছী বিপ্লৱৰ জন্মদাতা তেওঁৰ লিখনিত মানুহৰ মাজত সমতাৰ ধ্বনি প্রতিধ্বনিত হৈছিল। ৰুছোৱে জন সার্বভৌমত্ব আৰু গণতন্ত্র সমর্থন কৰিছিল।

ঐতিহাসিক বা ক্রমবিবর্তনমূলক বা বৈজ্ঞানিক মতবাদঃ এতিয়ালৈকে যিকেইটা মতবাদ আলোচনা কৰা হৈছে সেইবোৰৰ এটায়ো ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে ধাৰণা দিব পৰা নাই। অধ্যাপক গাৰ্ণাৰৰ মতে, “ৰাষ্ট্ৰ ঈশ্বৰৰ সৃষ্টি নহয়, শাৰীৰিক শক্তি প্রয়োগৰ ফলশ্রুতি নহয়, আলোচনা আৰু চুক্তিৰ ফলস্বৰূপেও সৃষ্টি হোৱা নাই, কেৱল পৰিয়ালৰ সম্প্ৰসাৰণো নহয়। গতিতে দেখা যায় যে ৰাষ্ট্ৰ এখন কোনো এক নির্দিষ্ট সময়ত বা আগেয়ে ভাবি স্থিৰ কৰি লোৱা পৰিকল্পনাৰ দ্বাৰা হঠাৎ সৃষ্টি হোৱা নাই। ৰাষ্ট্ৰ সৃষ্টিৰ প্ৰকৃত ব্যাখ্যা পোৱা যায় ঐতিহাসিক বা ক্রমবিবর্তনমূলক তত্ত্বত। এই মতবাদ কল্পনাৰ সৃষ্টি নহয়। ই বৈজ্ঞানিকসন্মতভাবে ঐতিহাসিক অনুসন্ধানৰ ফল। যুগ যুগ ধৰি হোৱা ৰাষ্ট্ৰৰ ঐতিহাসিক ক্ৰমবিকাশৰ বিভিন্ন উপাদানৰ সংযোগত মানৱ সমাজৰ স্বাভাৱিক বিৱৰ্তনৰ মাজেদি ৰাষ্ট্ৰ সামাজিক সংগঠন হিচাপে গঠিত হৈছে। বাৰ্ণেছৰ ভাষাত ৰাষ্ট্ৰ সমাজৰ নিৰৱচিন্ন ক্ৰমবিকাশৰ ফল। এই ব্যাখ্যা আগবঢ়োৱা তত্ত্বটোকত বিৱর্তনমূলক তত্ত্ব বুলি কোৱা হয়।

এই তত্ত্বটোক প্রাচীন আৰু আধুনিক বহু ৰাজনৈতিক বিজ্ঞানী কয় ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্ক একমাত্র গ্রহণযোগ্য তত্ত্ব হিচাপে বিবেচনা কৰে। ক্রমবিকাশৰ দীঘলীয়া পৰিক্ৰমৰ ফলত ৰাষ্ট্ৰৰ জন্ম হৈছিল। অর্থাৎ এই মতবাদ অনুসাৰে ৰাষ্ট্ৰ বিকাশৰ ফল, ই কাৰো নিৰ্মিত নহয়। বিভিন্ন পর্যায়ত বিভিন্ন উপাদানে ক্ৰিয়া কৰিছে।

তলত দিয়া উপাদানবিলাক আলোচনা কৰা হ’ল-

(ক) সগোত্রতাঃ সগোত্ৰতা বা তেজৰ সম্বন্ধেই ৰাষ্ট্ৰৰ উৎপত্তিৰ ক্ষেত্রত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে। মানুহ সমাজ প্রিয় বিভিন্ন কাৰণত মানুহে সমাজ পাতি বাস কৰা স্বভাৱৰ মাজতে প্রতি সমাজত বসবাস কৰি আহিছে। মানুহে একেলগে সমাজ পাতি বাস কৰা স্বভাৱৰ মাজতে ৰাষ্ট্ৰ গঠনৰ নিহিত হৈ থাকে। মানুহৰ সামাজিক জীৱনৰ সৰ্বোপেক্ষ গুৰুত্বপূৰ্ণ। যোগসূত্র হ’ল তেজৰ সম্পৰ্ক। গিল ফ্রাইছে কয় যে সমাজৰ অৱশ্যাম্ভাৱী বন্ধন হ’ল তেজৰ পৰিয়াল আদিম অৱস্থাত মানুহে পৰিয়াল হিচাপে বাস কৰিছিল আৰু তেজেৰে পৰিয়াল প্ৰথাৰ ভিত্তি হ’ল তেজৰ সম্পৰ্ক।

গতিকে পৰিয়ালক কেন্দ্র কৰি গঢ়ি উঠিছিল গোষ্ঠী আৰু গোষ্ঠীৰ পৰা জাতিৰ উদ্ভৱ হয়। পৰিয়ালৰ বয়োজ্যেষ্ঠ লোকজনক পৰিয়ালৰ সকলোৱে মানি চলাৰ দৰে প্ৰত্যেক গোষ্ঠী বা জাতিয়েও তেওঁলোকৰ মুৰব্বীজনক আদেশ মানি চলিছিল। এইদৰে পৰিয়ালৰ গোষ্ঠী,গোষ্ঠীৰ পৰা জাতি আৰু পাছত সময়ৰ সোঁতত ইয়াৰ পৰা ৰাষ্ট্ৰ উৎপত্তি হয়। সেয়ে মেক আইভাৰে কৈছে, “তেজৰ সম্বন্ধই সমাজৰ সৃষ্টি কৰিছে আৰু শেষৰ সমাজৰ ৰাষ্ট্ৰৰ সৃষ্টি কৰিছে।

(খ) ধর্মঃ ৰাষ্ট্র গঠনৰ ধৰ্মৰ আলোচনা কম নহয়। প্রাচীন সমাজত ধৰ্মৰ প্ৰভাৱ মন কৰিবলগা অধ্যাপক গেটেলৰ মতে আত্মীয়তা আৰু ধর্ম একেটা বস্তুৰ দুটা ফাল মাখোঁ। প্রাচীন সমাজ জটিল হৈ পৰাৰ লগে লগে তেজৰ সম্বন্ধই মানুহক একগোট কৰি বান্ধি ৰখাটো দেখিন নোৱাৰা হ’ল আৰু তেতিয়াই তেওঁলোকৰ ঐক্যবদ্ধ কৰি ৰাখিবলৈ ধৰ্মই এক গুৰুত্বপূর্ণ। ভূমিকা গ্রহণ কৰিছিল। এসময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলচনৰ মতে ধৰ্ম আছিল তেতিয়া তেজৰ সম্বন্ধ একতাবোধ, পবিত্রতা আৰু আন ৰাজ্যৰ প্ৰতীক চিহ্ন আদিম সমাজত মানুহে পূর্ব-পুৰুষ আৰু প্রাকৃতিক পূজা কৰিছিল। ঐন্দ্রজালিক পুৰোহিতসকলে প্রচাৰ কৰিছিল যে একমাত্র তেওঁলোকেহে প্রাকৃতিক শক্তিৰ হাতৰ পৰা মানুহৰ পৰিত্ৰাণৰ ব্যৱস্থা কৰিব পাৰে। অজ্ঞতা আৰু কুসংস্কাৰ মানুহক ভয় আৰু ভক্তিত তেওঁলোকৰ আদেশ আৰু বশ্যতা স্বীকাৰ কৰিবলৈ শিকাইছিল। এটা সময়ত পুৰোহিত শ্ৰেণীয়ে পূজা-পার্বণৰ দায়িত্ব বহন কৰি সমাজৰ ওপৰত নিজৰ কর্তৃত্বও বিস্তাৰ কৰিছিল। এনেকৈয়ে সমাজৰ এক সংকটময় স্তৰত ধৰ্মই মানুহক একতাবদ্ধ কৰিলে।

ইয়াৰ পৰা দেখা যায় যে ৰাষ্ট্ৰৰ উৎপত্তিৰ ধৰ্মই উল্লেখযোগ্য ভূমিকা পালন কৰিলে। ধর্মই যে অকল ৰাজনৈতিক সমাজ গঠন কৰাতহে সহায় কৰিছে, এনে নহয়, বৰ্বৰ পৰা একতা আঁতৰ কৰি কৰ্তৃপক্ষৰ প্ৰতি মানুহে কেনেকৈ সন্মান প্রদর্শন কৰিব লাগে সেই শিক্ষাও ধর্মই দিছিল।

ৰাষ্ট্ৰই বিকাশৰ ক্ষেত্ৰত ধৰ্মৰ প্ৰভাৱ প্ৰভাৱ অকল প্রাচীন ৰাষ্ট্ৰ মতে সীমিত নহয়। বর্তমান কালতো ৰাজনীতিৰ ওপৰত ধৰ্মৰ উপেক্ষা কৰিব নোৱাৰি।

(গ) শক্তিঃ ৰাষ্ট্ৰৰ উৎপত্তিৰ পথত বিশিষ্ট অৰিহণা যোগোৱা তৃতীয় উপাদানটো হ’ল শক্তি প্রয়োগ। মানৱ সমাজৰ ক্ৰমবিকাশৰ প্ৰথম অৱস্থাৰ পৰাই শক্তিশালী ব্যক্তিসকলে দুর্বলসকলৰ ওপৰত বল প্রয়োগ কৰি নিজৰ কর্তৃত্ব বিস্তাৰ কৰিছিল। ভ্রাম্যমান অৱস্থা পৰিত্যাগ কৰি যেতিয়া মানুহে কোনো এক ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ পালে তেতিয়াই ব্যক্তিগত সম্পত্তিৰ ধাৰণাও মানুহৰ মাজত সোমাই পৰিল। ফলত শ্রমশক্তি ৰক্ষাৰ কাৰণে শক্তিৰ প্রয়োজন হৈ পৰিল। ইয়াৰ লগতে সমাজত শান্তি আৰু শৃংখলা ৰক্ষাৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য্ হৈ উঠিল। আভ্যন্তৰীণ শান্তি আৰু শত্ৰুৰ পৰা নিজক ৰক্ষা কৰাৰ কাৰণে সমাজৰ মানুহে এজন দলপতি নির্বাচন কৰি লৈ সকলোৱে এই দলপতিৰ আদেশ মতে চলিছিল। ক্রমে নির্দিষ্ট ভূ-খণ্ডৰ ভিতৰত গোষ্ঠীৰ নেতাই সার্বভৌম ক্ষমতাৰ অধিকাৰী অর্থাৎৰজা হ’ল। আন কথাত ৰাজনীতি বিজ্ঞানৰ প্ৰচলিত উক্তি মতে যুদ্ধই ৰজাৰ সৃষ্টি কৰে। এই নেতাই বা ৰজাই তেওঁৰ নেতৃত্ব স্বীকাৰ কৰা সকলো ব্যক্তিকো আভ্যন্তৰীণ শান্তি-শৃংখলা আৰু বহিঃ শত্ৰুৰ আক্ৰমণৰ পৰা নিৰাপত্তা দিয়াৰ প্রতিশ্রুতি দিলে। গোষ্ঠী সন্মিলত গঠিত আদিম উপজাতিৰ সংগঠন ৰাজনৈতিক সংগঠন অর্থাৎ ৰাষ্ট্ৰত পৰিণত হ’ল।

ৰাষ্ট্ৰৰ উৎপত্তি আৰু বিকাশৰ যে শক্তিৰ এটা বিশেষ ভূমিকা আছে সেইটো অস্বীকাৰ কৰিব নোৱাৰি। বৰ্তমানেও ৰাষ্ট্ৰৰ অস্তিত্ব জীয়াই ৰাখিবলৈ শক্তি একান্ত প্রয়োজনীয়।

(ঘ) অর্থনৈতিক প্রয়োজনঃ ৰাষ্ট্ৰৰ উৎপত্তি আৰু ক্রমবিকাশত অর্থনৈতিক কাৰণসমূহে যথেষ্ট অৰিহণা যোগাইছে। সভ্যতাৰ বিভিন্ন স্তৰত মানুহৰ জীৱন ধাৰণৰ পদ্ধতিও বেলেগ হে বেলেগ আছিল। তেওঁলোকৰ অভাৱ অভিযোগ আদিও আছিল সীমিত গছৰ ফলমূল। বনৰীয়া জন্তুৰ মঙহ ম’হে তেওঁলোকে জীৱন ধাৰণ কৰিছিল। কিন্তু জীৱন-ধাৰণৰ মান ক্ৰমাৎ উন্নত হোৱাত এই আদিম প্ৰথাৰ পৰিবৰ্তন হয়। এহাতে জনসংখ্যা বৃদ্ধি আৰু আনহাতে কৃত্রিম অভাৱ আদিৰ ফলত ব্যক্তিগত সম্পত্তিৰ দৰকাৰত মানুহে অনুভৱ কৰে। মানুহৰ আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ জীৱন নিৰ্বাহ কৰিব নোৱাৰা হ’ল আৰু পৰস্পৰ সহযোগিতা আৱশ্যকতা অনুভব কৰিলে ইয়াৰ উপৰিও সমাজত ব্যক্তিগত ধন সম্পত্তিৰ উদ্ভৱ হোৱাত সম্পত্তিৰ অধিকাৰ ইয়াৰ নিৰাপত্তা আৰু মানুহৰ মাজত হোৱা বাদ-বিবাদৰ মীমাংসা কৰিবলৈ নতুন-নতুন আইন প্রণয়ন হ’ল। গতিকে সমাজত আইন শৃংখলা নিশ্চিত কৰা আৰু ব্যক্তিৰ মাজত হোৱা বাদ বিবাদ নিষ্পত্তিৰ প্ৰয়োজনে সৃষ্টি কৰিলে সংগঠিত চৰকাৰ সৃষ্টি হোৱাৰ পিছতে  ৰাষ্ট্ৰৰ উৎপত্তি হ’ল। গতিকে দেখা যায় যে ৰাষ্ট্ৰৰ উপৰি আৰু ক্রমবিকাশত অর্থনৈতিক কাৰণসমূহ যথেষ্ট অৰিহণা যোগাইছিল।

(ঙ) ৰাজনৈতিক সচেতনাঃ ৰাজনৈতিক সচেতন ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূর্ণ উপাদান। মানুহৰ ৰাজনৈতিক চেতনাই ৰাষ্ট্ৰ গঠনৰ পথ সুচল কৰিলে। অধ্যাপক মিল খ্রাইষ্টে কয় যে ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত তেজৰ সম্বন্ধ বা ধৰ্মৰ গুৰুত্ব থাকিলেও আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে ৰাজনৈতিক সচেতনতাই মানুহৰ সাধাৰণতে সমাজপ্রিয়। তেজৰ সম্বন্ধ আৰু ধৰ্মই তেওঁলোকৰ মাজত ঐক্য ভাষাৰ সৃষ্টি কৰে। শক্তি প্রয়োগ নেতাৰ সৃষ্টি কৰে আৰু মানুহে সচেতনভাৱে নেতাৰ কর্তৃত্ব আৰু নেতৃত্বৰ প্ৰতি আনুগত্য প্রকাশ কৰে। পৰৱৰ্তীকালত তেওঁলোকে যেতিয়া কোনো নির্দিষ্ট ভূখণ্ডত বাস কৰিবলৈ লয় আৰু সেই ভূ-খণ্ডক বহিঃ শত্ৰুৰ আক্ৰমণ পৰা ৰক্ষা কৰিছিল সচেতন, যেতিয়া তেওঁলোকৰ মাজত ৰাজনৈতিক চেতনাৰ উন্মেষ ঘটে। সামাজিক আৰু নৈতিক উৎকর্ষ সাধনৰ বাবে সমাজৰ আইন-কানুনৰ কথা অনুভৱ কৰিলে। তেওঁলোকৰ মাজত ৰাজনৈতিক চেতনা জাগি উঠে। মানুহ লাহে লাহে নিজৰ অধিকাৰ, কর্তব্য আৰু আইন আদিৰ বিষয়ে সচেতন হৈ উঠে। ক্রমে তেওঁলোকে প্রকৃতি ৰাজ্যৰ পৰা শুচি আহে আৰু ৰাজনৈতিক সংস্থা ৰাষ্ট্ৰ গঠন কৰে। এইদৰে ৰাজনৈতি চেতনাই জনসাধাৰণ।

ঐতিহাসিক মতবাদৰ গুণঃ ঐতিহাসিক বা ক্রমবিৱৰ্তনমূলক মতবাদক ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কত একমাত্ৰ গ্ৰহণযোগ্য মতবাদু বুলি গ্রহণ কৰা হৈছে। এই মতবাদক বিজ্ঞানন্মত মতবাদ বুলি বিবেচনা কৰা হৈছে। এই মতবাদ বাস্তৱসন্মত আৰু কোনো কাল্পনিক তথ্যৰ ওপৰত ভিত্তি কৰি এই মতাবাদ গঢ়ি উঠা নাই। আধুনিক সমাজ বিজ্ঞানীসকলৰ মতেও ৰাষ্ট্ৰ হ’ল এক ঐতিহাসিক ক্ৰমবিৱৰ্তনৰ ফল। এই মতবাদৰ প্ৰধান গুণ হ’ল এই যে ৰাষ্ট্ৰৰ উৎপত্তি এটা কাৰণৰ ওপৰত ভিত্তি কৰি হোৱা নাই। এই মতবাদে ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কত বিভিন্ন মতবাদৰ ওপৰত সমানে গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰৰ উৎপত্তি ঐতিহাসিক মতবাদত যি বিলাক উপাদনৰ কথা উল্লেখ কৰা হৈছে। সেইবিলাক সকলোৰে গ্ৰহণযোগ্য। তদুপৰি অন্যান্য মতবাদৰ দৰে এই মতবাদৰ কোনো বিপদজনক দিশ নাই। এই মতবাদে সকলোৰে পৰা সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। সেয়ে ঐতিহাসিক মতবাদক এটি বিজ্ঞানসন্মত আৰু গ্রহণযোগ্য মতবাদ বুলি কোৱা হয়।

ঐতিহাসিক মতবাদৰ দোষঃ ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কীয় আন মতবাদবোৰৰ নিচিনাকৈ ঐতিহাসিক মতবাদটোৰ সমালোচকসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা এই মতবাদৰ দোষ-ত্রুটিবোৰ আঙুলিয়াই দিছে।

এই মতবাদ ৰাষ্ট্ৰৰ বিৱৰ্তনৰ এটি সাধাৰণ ৰূপ ৰেখা দিয়াত সক্ষম হৈছে যদিও এই বিৱর্তনৰ। গতি প্রকৃতি সম্পর্কে সঠিক নির্দেশ দিয়াত ব্যর্থ হৈছে।

বিৱৰ্তনবাদে ইয়াৰ উপাদানবিলাকৰ আপেক্ষিক গুৰুত্ব নিৰ্ধাৰণ কৰিব পৰা নাই। এই মতবাদে মৌলিকতা দাবী কৰিব নোৱাৰে। কাৰণ, প্ৰকৃততে এই মতবাদ গঢ়ি উঠিছে অন্যান্য মতবাদৰ সমন্বয়ত।

ঐতিহাসিক মতবাদে ৰাষ্ট্ৰ কেতিয়া আৰু কেনেকৈ জন্ম হ’ল তাৰ সঠিক ধাৰণা দিব পৰা নাই ই কেৱল ৰাষ্ট্ৰৰ বিৱৰ্তনৰ উপাদানবিলাকৰ ব্যাখ্যা দাঙি ধৰিছে।

মূল্যায়নঃ ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে ৰাষ্ট্ৰৰ ভগৱানৰ সৃষ্টি নহয় বল প্রয়োগৰ দ্বাৰাও ৰাষ্ট্ৰৰ জন্ম হোৱা নাই; চুক্তি নাইবা পৰিয়ালৰ সম্প্ৰসাৰণৰ ফলতো সৃষ্ট হোৱা নাই। ৰাষ্ট্ৰ ধাৰণাই মানুহৰ মাজত জন্ম লাভ কৰোঁতে বহুতো সময় লগাইছিল। প্রথম অৱস্থাত পৰিয়ালৰ মাজেদি আৰু পৰৱৰ্তীকালত বিভিন্ন স্তৰ অতিক্ৰম কৰি বিভিন্ন উপাদানৰ সংমিশ্রণত ক্রমবিৱৰ্তনৰ যোগেদি ৰাষ্ট্ৰৰ জন্ম কৰিছে। ৰাষ্ট্ৰ এটা বিকাশত ফল, ই কাৰো নির্মিত নহয়।

ঐতিহাসিক ক্রমবিকাশৰ ফলত হৈ ৰাষ্ট্ৰৰ উদ্ভৱ হৈছে। ৰাষ্ট্ৰক আজি মানৱ সমাজৰ প্ৰগতিৰ প্রতীক বুলি অভিহিত কৰা হৈছে। ৰাষ্ট্ৰৰ উৎপত্তিৰ উৎস সম্পর্কে বাজেটো কয় যে ৰাষ্ট্ৰ হ’ল মানৱ সমাজৰ বিভিন্ন বিকাশৰ মাজেদি দীর্ঘদিন ব্যাপী হোৱা বিৱৰ্তনৰ ক্রমোন্নতিৰ ফল। মানুহৰ জীৱনত ৰাষ্ট্ৰৰ প্ৰভাৱ অকল সুদূৰ প্ৰসাৰী নহয়, মানুহে আজি ৰাষ্ট্ৰক সমাজ জীৱনৰ অপৰিহাৰ্য অংগ বুলি অভিহিত কৰে।

ঐতিহাসিক মতবাদক ৰাষ্ট্ৰ সৃষ্টিৰ একমাত্র গ্রহণযোগ্য আৰু বিজ্ঞানসন্মত মতবাদ বুলি বিবেচনা কৰা হয়। এই মতবাদকে ৰাষ্ট্ৰ উৎপত্তিৰ শ্রেষ্ঠ মতবাদ বুলি কোৱা হয়। এই মতবাদ ৰাষ্ট্ৰ আদর্শনাত্মক, বর্ণনাত্মক, দৃষ্টিভংগী মার্ক্সীয় দৃষ্টিভংগী বাস্তৱৰ ভিত্তিক। বিভিন্ন ক্রিয়া-উপক্রিয়াই ৰাষ্ট্ৰ গঠনত সহায় কৰিছে। ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে প্রকৃত ব্যাখ্যা দিয়া মতবাদ হিচাপে ঐতিহাসিক মতবাদে স্বীকৃতি লাভ কৰিছে।

ৰাষ্ট্ৰৰ ঐতিহাসিক বিকাশৰ বিভিন্ন স্তৰঃ ৰাষ্ট্ৰ সমাজ তথা মানৱ স্বভাৱৰ বিকাশৰ ফল। গতিকে ঐতিহাসিক বিকাশৰ ফলত ৰাষ্ট্ৰৰ উৎপত্তি হোৱাটো সকলোৱে বিশ্বাস কৰে। পিছে বিভিন্ন যুগত ৰাষ্ট্ৰৰ ক্ৰমবিকাশৰ গতিধাৰা একে নহয়। প্রাচীন কালৰ ৰাষ্ট্ৰৰ লগত আজিৰ যুগৰ ৰাষ্ট্ৰৰ শাসন পদ্ধতিৰ কোনো মিল নাই। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে ৰাষ্ট্ৰৰ শাসন পদ্ধতিৰো আমূল পৰিবৰ্তন হৈ আছে। অৱশ্যে ৰাষ্ট্রই বৰ্তমানৰ ৰূপ পৰিগ্ৰহণ কৰোঁতে যথেষ্ট সময় লগাইছিল।

ৰাষ্ট্ৰই ঐতিহাসিক ক্রমবিকাশৰ ক্ষেত্ৰত তলত দিয়া স্তৰবোৰ পোৱা যায়-

(ক) জনজাতীয় ৰাষ্ট্ৰঃ জনজাতীয় ৰাষ্ট্ৰক প্ৰথম ৰাজনৈতিক সংগঠন বুলিব পাৰি। আদিম অৱস্থাত মানুহে পৰিয়াল হিচাপে বাস কৰিছিল। পৰিয়ালৰ সংখ্যা বৃদ্ধি হৈ ইয়াৰ পৰা গোষ্ঠী সৃষ্টি হয়। গোষ্ঠীৰ পিছত উপজাতীয়ৰ সৃষ্টি হয় আৰু সেই উপজাতি একেটাৰ ৰাজনৈতিক সংগঠনকে জনজাতীয় ৰাষ্ট্ৰ বুলি পাৰি। আজিকালিও আফ্রিকা, অস্ট্রেলিয়া আদি কিছুমান দেশত পিছপৰা জনজাতি কিছুমানৰ মাজত একে সংগঠন থকা দেখা যায়। বর্তমান এইবোৰক ৰাষ্ট্ৰ বুলি মানি নললেও পুৰণিকালত এনে ৰাষ্ট্ৰ থকাৰ অভাৱ পোৱা যায়।

এই ধৰণৰ ৰাষ্ট্ৰবিলাকত একোজন মুখিয়াল আছিল। তেওঁৰ আদেশতে জনজাতীয় ৰাষ্ট্ৰৰ শাসনকার্য পৰিচালনা হৈছিল। অর্থাৎ, নির্দিষ্ট ভূ-খণ্ডৰ ভিতৰত তেওঁ সার্বভৌম ক্ষমতাৰ অধিকাৰী হয়। এনেদৰে আদিম উপজাতি সংগঠনে পিছলৈ ৰাষ্ট্ৰৰ ৰূপ ললে।

(খ) প্রাচ্যৰ আদিম সাম্রাজ্যঃ আদিম যুগৰ মানুহে কোনো নির্দিষ্ট ঠাইতে অধিক কাল বাস নকৰিছিল। তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ গৈ বসবাস কৰিছিল। সেই সমস্ত মানুহ জীৱন ধাৰণাৰ পদ্ধতিও আছিল সহজ। কৃষিজীৱী জনসাধাৰণে পশু পালনৰ কাৰণে  ঘাঁহনি পথাৰ আৰু খেতি-বাতিৰ কাৰণে সাৰুৱা মাটিৰ সন্ধানত ঘূৰি ফুৰিছিল। এইদৰে ঘূৰি ফুৰিছিল এইদৰে ঘুৰি ফুৰি তেওঁলোকে সিন্ধু-গংগা, নীল টাইগ্রিছ হোৱাংহো আদি নদীৰ উপত্যকা বাস কৰিছিল। ফলত, এইবোৰ ঠাইত একোখন সাম্রাজ্য গঢ়ি উঠিছিল।

সময় আৰু দূৰত্বৰ যথেষ্ট পার্থক্য থাকিলেও এই ৰাষ্ট্ৰবোৰৰ মাজত কিছুমান সাদৃশ্য আছিল। প্ৰায়বোৰ ৰাষ্ট্ৰত ৰাজতন্ত্ৰৰ প্ৰচলন আছিল। সেই সময়ত ৰাজনীতি আৰু ধর্ম সানমিহলি হৈ থকাৰ ফলত ৰজা হৈছিল ৰাজ্য আৰু ধর্মীয় অনুষ্ঠানবিলাকৰ মুৰব্বী। সেই সময়ত প্রজাৰ কোনো স্বাধীনতা নাছিল। একোখন সৰু উপজাতীয় ৰাষ্ট্ৰৰ ওচৰৰ সৰু-সুৰা উপজাতীয় ৰাষ্ট্ৰ জয় কৰি একোখন বিৰাট ৰাষ্ট্ৰ অৰ্থাৎ সামাজ্যত পৰিণতি হৈছিল। সাধাৰণতে এনে সাম্রায় সম্ৰাটৰ প্ৰতি থকা ভয়ৰ ওপৰত বৰ্তি আছিল। সেয়ে এনেকুৱা ধৰণৰ ৰাষ্ট্ৰত জনসাধাৰণ মাজত একতা কম আছিল আৰু সিবিলাকৰ স্থায়িত্ব প্রায় নাছিল। এনে ধৰণে উৎপত্তি হোৱা ৰাষ্ট্ৰবিলাকৰ কিছুমান অসুবিধা থাকিলেও ৰাজনৈতিক ক্রমবিকাশত এই ৰাষ্ট্ৰবোৰৰ অৱদান কম নহয়। মানুহৰ ৰাজনৈতিক কর্তৃপক্ষৰ প্ৰতি থকা আনুগত্যই ৰাষ্ট্ৰৰ ভৱিষ্যৎ বিকাশৰ পথ সুচল কৰিছিল।

(গ) গ্ৰীচৰ নগৰ ৰাষ্ট্ৰঃ গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্ৰবোৰ হ’ল ৰাষ্ট্ৰৰ ক্ৰমবিকাশৰ এটা উল্লেখযোগ দৃষ্টি স্তৰ। সাগৰ আৰু পাহাৰে গ্ৰীচক কেইবাটাও সৰু সৰু উপত্যকাত বিভক্ত কৰাৰ ফলত একোটা উপত্যকাত একোখন নগৰ ৰাষ্ট্ৰ স্বতঃস্ফূর্তভাৱে গঢ়ি উঠিছিল। এই নগৰ ৰাষ্ট্ৰবোৰত প্ৰজাৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু নৈতিক উন্নতিৰ কাৰণে সকলো প্ৰকাৰে চেষ্টা চলোৱা হৈছিল।

গ্ৰীচৰ নগৰ ৰাষ্ট্ৰবোৰৰ আকৃতি আৰু জনসংখ্যাও আছিল কম। তেওঁলোকৰ বৃহৎ ৰাষ্ট্ৰৰ পোষকতা কৰা নাছিল আৰু কিছুমানে একোখন নগৰ ৰাষ্ট্ৰৰ জনসংখ্যাৰ সীমাও বান্ধি দিছিল। নগৰ ৰাষ্ট্ৰবোৰত নাগৰিকসকলৰ স্বাধীনতা আৰু স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছিল।

প্রাচীন গ্রীকসকলে সমাজ আৰু প্রত্যক্ষ পার্থক্য দেখা নাছিল। ৰাষ্ট্ৰৰ কাৰ্যত সাধাৰণতে সকলো নাগৰিকে ভাগ লৈছিল।

গ্ৰীচৰ প্ৰায়বোৰ নগৰ ৰাষ্ট্ৰত প্ৰত্যক্ষ গণতন্ত্ৰৰ পচলন আছিল। চৰকাৰী সকলো কাৰ্যতে জনসাধাৰনে প্রত্যক্ষভাৱে অংশ গ্রহণ কৰিব পাৰিছিল। গণৰাষ্ট্ৰবোৰত চৰকাৰৰ প্ৰায়ে পৰিবর্তন হৈছিল। সেইবোৰত বিভিন্ন সময়ত বিভিন্ন চৰকাৰৰ প্ৰচলন হোৱা দেখা যায়। এইদৰে নগৰ ৰাষ্ট্ৰবোৰত ৰাজনৈতিক  চিন্তাৰ বিকাশ হৈছিল। পিছলৈ অৱশ্যে এনে সৰু ৰাষ্ট্ৰৰ অস্তিত্ব লোপ পায়।

(ঘ) ৰোমাণ সাম্রাজ্যঃ গ্ৰীচৰ নিচিনা ৰোমৰ ৰাজনৈতিক জীৱনো নগৰ ৰাষ্ট্ৰৰ দ্বাৰা আৰম্ভ হৈ সময়ৰ অগ্ৰগতিৰ লগে লগে ৰোমান সাম্রাজ্যলৈ ৰূপান্তৰিত হৈছিল। গ্ৰীচৰ নগৰ ৰাষ্ট্ৰত যেনেকৈ ৰাষ্ট্রতন্ত্র-অভিজাত তন্ত্র, স্বল্পতন্ত্র আৰু গণতন্ত্র পৰিবৰ্তন হৈছিল তেনেদৰে ৰোমতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।

ৰোমাণ সাম্রাজ্য বিকাশৰ ঐতিহাসিক সাধাৰণতে তিনিটা ভাগত ভগাব পাৰি। প্রথম অৱস্থাত ইয়াৰ নগৰ ৰাষ্ট্ৰবিলাকত ৰাজতন্ত্ৰৰ প্ৰচলন আছিল। দ্বিতীয় পর্যায় অর্থাৎ, বাজতন্ত্ৰৰ পতনৰ লগে লগে গণৰাজ্যৰ উদ্ভৱ হয়। ৰোমৰ গণতান্ত্রিক আদৰ্শক ৰূপ দিয়াৰ আগেয়ে ৰাজনৈতিক ব্যৱস্থাৰ পৰিবৰ্তন ঘটে আৰু ৰোমাণ গণৰাজ্যৰ পৰিৱৰ্তে ৰোমাণ সাম্রাজ্য প্রতিষ্ঠিত হ’ল। এইদৰে তৃতীয় পৰ্যায়ত নগৰ ৰাষ্ট্ৰ হিচাপে আৰম্ভ হোৱা ৰোম এখন বৃহৎ সাম্রাজ্যত পৰিণতি হ’ল।

ৰোমান সাম্রাজ্যত স্বেচ্ছাচাৰী শাসনৰ প্ৰচলন নাছিল। ৰজা আছিল ৰাষ্ট্ৰৰ মুখিয়াল। ৰজা আছিল চৰম ক্ষমতাসম্পন্ন আৰু তেওঁৰ আদেশেই আছিল। “ৰজাই ঈশ্বৰৰ প্রতিবিধ” এই মতবাদ অনুসৰি ৰজাই শাসন কাৰ্য পৰিচালনা কৰিছিল।

ৰোমান সাম্রাজ্যত স্বেচ্ছাচাৰী শাসনৰ প্ৰচলন থাকিলেও ৰাজনৈতিক অনুষ্ঠানৰ ক্রমবিকাশত ইয়াৰ উল্লেখযোগ্য বৰঙণিৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। ৰোমাণসকলৰ ৰাষ্ট্ৰ আদৰ্শাত্মক, দৃষ্টিভংগী, বর্ণনাত্মক, মার্ক্সীয় দৃষ্টিভংগী।

চেষ্টাতেই প্রথমতে সুসংগঠিত আৰু সুশাসিত ৰাষ্ট্ৰৰ সৃষ্টি হোৱা বুলি জানিব পাৰি। অধ্যাপক বাৰ্ণছৰ মতে তিনিখন মহাদেশত থকা মানুহবোৰৰ কাৰণে ৰোমেই হৈছে ৰাজনৈতিক শিক্ষক আৰু সংগঠক।

ৰাজনৈতিক অনুষ্ঠানসমূহৰ ক্ৰমবিকাশত ৰোমানসকলৰ অৱদান ভালেখিনি যদিও ৰোমাণ সাম্রাজ্যই স্থায়িত্ব লাভ কৰিব নোৱাৰিলে। বিভিন্ন কাৰণত ৰোমাণ সাম্ৰাজ্যৰ পতন ঘটে। অৱশ্যে ৰাজনীতি বিজ্ঞানলৈ ৰোমাণসকলৰ অৱদান সর্বজ্ঞা স্বীকৃত।

(ঙ) সামন্ত ৰাষ্ট্ৰঃ ৰোমাণ সাম্রাজ্য ভাঙি যোৱাৰ লগে লগে কিছুমান সৰু সৰু ৰাষ্ট্ৰৰ উৎপত্তি হৈছিল। সৰু সৰু সেনাপতিসকলে দেশৰ একোটা অংশৰ শাসনভাৰ নিজৰ-নিজৰ অধীনলৈ আনিলে আৰু নিজৰ ৰাষ্ট্ৰৰ বিভিন্ন প্রদেশবোৰ শাসন ভাৰ বন্ধু-বান্ধৱৰ হাতত গতাই দিলে। এনে প্রাদেশিক শাসনকর্তাসকলক সামন্ত বোলা হৈছিল। এই সামন্তসকল যদিও প্রাদেশিক শাসনকর্তা আছিল তথাপি তেওঁলোকৰ ক্ষমতা আছিল অপৰিসীম। মূল শাসকৰ লগত জনসাধাৰণৰ কোনো সম্পর্ক নাছিল। ই সামন্ততান্ত্রিক ৰাষ্ট্ৰসমূহ সাধাৰণতে ইখনে-সিখনৰ লগত যুদ্ধত লিপ্ত হৈছিল। সেইবোৰে এই যুগত অৰাজকতাৰ যুগ আৰু অব্যৱস্থাৰ যুগ বোলা হৈছিল।

সামন্ত ৰাষ্ট্ৰবোৰ প্ৰকৃত অৰ্থত ৰাষ্ট্ৰ নাছিল। সেয়েহে এচাম ৰাজনৈতিক চিন্তাবিদে ৰাষ্ট্ৰৰ ক্ৰমবিকাশত সামন্ত ৰাষ্ট্ৰৰ অৱদান স্বীকাৰ নকৰে।

(চ) আধুনিক জাতীয় ৰাষ্ট্ৰঃ সামন্ত প্রথাত থকা খেলি-মেলিৰ ফলস্বৰূপে আধুনিক জাতীয় ৰাষ্ট্ৰৰ জন্ম হয়। সংস্কাৰ যুগ আৰম্ভ হোৱাৰ লগে লগে সামন্তবাদৰ পতন হয় আৰু জাতীয় ৰাষ্ট্ৰই গা কৰি উঠে। ইংলেণ্ড, ফ্রান্স, স্পেইন আদি দেশত জাতীয় ৰাষ্ট্ৰই হ’ল এনে ৰাষ্ট্ৰত জনসাধাৰণৰ সাধাৰণ ধৰ্ম, ভাষা, ইতিহাসৰ, সভ্যতা, বা সংস্কৃতিৰ কাৰণে ৰাষ্ট্ৰীয় একতাৰ সূত্ৰত আৱদ্ধ হয়। ইয়াত প্রাদেশিক শাসন কেন্দ্রীয় শাসনৰ অধীনস্থ হৈ চলে। এনে ধৰণৰ ৰাষ্ট্ৰত সামন্তসকলৰ স্থান নাই।

আৰম্ভণিতে এনে ৰাষ্ট্ৰতো চৰম ক্ষমতাসম্পন্ন ৰাজতন্ত্ৰৰ প্ৰচলন আছিল। কিন্তু পিছলৈ শিক্ষাৰ প্ৰসাৰণ, চিন্তাশক্তিৰ বিকাশ, বিজ্ঞানৰ উন্নতিৰ লগে লগে মানুহে অধিক পৰিমাণে ৰাজনৈতিক অধিকাৰ আৰু সুবিধাৰ দাবী কৰিবলৈ ধৰিলে। ৰাষ্ট্ৰবোৰত গণতান্ত্রিক আন্দোলনৰ প্ৰথম মহাসমৰৰ পিছৰ পৰা জাতীয় ৰাষ্ট্ৰৰ লাহে লাহে গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হ’বলৈ ধৰিলে প্রথম মহাসমৰৰ পিছৰ পৰা জাতীয় প্ৰচলনৰ অতি বেছি হ’বলৈ ধৰে।

আধুনিক জাতীয় ৰাষ্ট্ৰৰ উৎপত্তিৰ পাছত কিছুমান নতুন সমাজৰ উদ্ভৱ হয়। ইয়াৰ ফলত পুঁজিবাদী ব্যৱস্থা আৰু সাম্রাজ্যবাদী ব্যৱস্থাৰ সৃষ্টি হয়। কেৱল সেয়ে নহয় আদৰ্শৰ ভিত্তিত বিভিন্ন শক্তি গোষ্ঠীৰ সৃষ্টি হ’ল, ফলস্বৰৰূপে আৰম্ভ হ’ল শীতল যুদ্ধ। এনে সমাজ ব্যৱস্থাৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে বিশ্বত মাত্র, এখন যুক্তৰাষ্ট্ৰ বা বিশ্বৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ কাৰণে চিন্তা-চৰ্চা কৰি থকা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top