Class 6 Science Chapter 5 দ্ৰৱ্যৰ পৃথকীকৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6th Science Chapter 5 দ্ৰৱ্যৰ পৃথকীকৰণ and select needs one.
SEBA Class 6 Science Chapter 5 দ্ৰৱ্যৰ পৃথকীকৰণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 5 দ্ৰৱ্যৰ পৃথকীকৰণ Solutions for All Subject, You can practice these here…
দ্ৰৱ্যৰ পৃথকীকৰণ
পাঠ: ৫
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) মিশ্ৰণত থকা উপদানসমূহৰ কিয় পৃথক কৰাৰ প্ৰয়োজন ? দুটা উদাহৰণ দিয়া ।
উত্তৰঃ – এটা মিশ্ৰণত বিভিন্ন ধৰণৰ দ্ৰব্য থাকে । এই সকলো দ্ৰব্য আমাৰ প্ৰয়োজন নহয় অথবা অপকাৰী হব পাৰে । এই দ্ৰব্য আঁতৰ কৰিবলৈ দ্ৰব্যৰ পৃথকীকৰণ প্ৰয়োজন হয় । উদাহৰণ স্বৰূপে ―
১) চাহ তৈয়াৰ কৰোতে চাহপাত চেকনিৰে চেকা হয় ।
২) চাউল , ঘেঁহু , আৰু মাহ জাতীয় শস্যৰ পৰা শিলগুটি আঁতৰ কৰা হয় ।
প্ৰশ্ন : – ২) জাৰা পদ্ধতিটো কি ? এই পদ্ধতি কিহত প্ৰয়োগ হয় ?
উত্তৰঃ – গধুৰ আৰু পাতল উপাদানেৰে গঠিত এটা মিশ্ৰণ পৃথক কৰিবলৈ বতাহ অথবা বায়ু চালিত কৰা পদ্ধতিটোক জাৰা পদ্ধতি বোলা হয় । কৃষকে বাকলিৰ পৰা শস্যৰ বীজ আঁতৰ কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰে ।
প্ৰশ্ন : – ৩) ৰন্ধাৰ আগতে , দাইলৰ পৰা বাকলি অথবা ধূলি – মাকতি কেনেকৈ পৃথক কৰিবা ?
উত্তৰঃ – দাইলৰ পৰা জাৰি বাকলি অথবা ধূলি – মাকতি পৃথক কৰিব পাৰি ।
প্ৰশ্ন : – ৪) চালনিৰে চলা প্ৰক্ৰিয়া কি ? ইয়াক কিহত প্ৰয়োগ কৰা হয় ?
উত্তৰঃ – চালনিৰে চালি ডাঙৰ কণাৰ পৰা সৰু কণা পৃথক কৰা পদ্ধতিটোক চালনিৰে চলা প্ৰক্ৰিয়া বোলা হয় । এই পদ্ধতি আটা মিল অথবা নিৰ্মান কাৰ্যত ব্যৱহাৰ কৰা হয় । আটা মিলত এই পদ্ধতিৰে ঘেঁহুৰ পৰা শিলগুটি আৰু ময়লা আঁতৰ কৰা হয় । চালনিৰে চালি বালিৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ শিলগুটি আঁতৰ কৰা হয় ।
প্ৰশ্ন : – ৫) বালি আৰু পানীৰ মিশ্ৰনক কেনেকৈ পৃথক কৰিবা ?
উত্তৰঃ – বালি আৰু পানী অৱক্ষেপন আৰু আস্ত্ৰাৱন পদ্ধতিৰে পৃথক কৰা হয় । কিছু সময়ৰ বাবে বালি আৰু পানীৰ মিশ্ৰণটো ৰখা হল । কিছু সময়ৰ পাছত দেখা গল যে পানীৰ তলত বালি দ’ম বান্ধিছে । তেতিয়া পানীখিনি আন এটা পাত্ৰত বাকি দিয়া হল ।
প্ৰশ্ন : – ৬) আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ নে
? যদি সম্ভৱ তেন্তে কেনেকৈ পৃথক কৰিবা ?
উত্তৰঃ – চালনীৰে চালি আটা গুড়িৰ পৰা চেনি আঁতৰ কৰিব পাৰি । আটা গুড়িতকৈ চেনি ডাঙৰ হোৱাৰ বাবে চালনীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্দ্ৰইদি নসৰকে ।
প্ৰশ্ন : – ৭) বোকা পানীৰ পৰা পৰিস্কাৰ পানী কেনেকৈ পাবা ?
উত্তৰঃ – ফিল্টাৰ কৰি বোকা পানীৰ পৰা পৰিষ্কাৰ পানী পাব পাৰি । এটা চুপিত এখন ফিল্টাৰ কাগজ শংকু আকৃতিৰ কৰি সুমুৱাই দিয়া হল । পানীখিনি ইয়াৰ ওপৰত চালি দিয়া হল । বোকা ফিল্টাৰ কাগজখনত ৰৈ গল আৰু পানীখিনি তললৈ সৰকি গল ।
প্ৰশ্ন : – ৮) খালী ঠাই পূৰ কৰা ।
ক) ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা প্ৰণালীটোক ― বোলা হয় ।
উত্তৰঃ – ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা প্ৰণালীটোক মৰণামৰা বোলা হয় ।
খ) গাখীৰ উতলাই , ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় , তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায় । গাখীৰৰ পৰা সৰ পৃথক কৰাটো ― ৰ এটা উদাহৰণ ।
উত্তৰঃ – গাখীৰ উতলাই , ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় , তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায় । গাখীৰৰ পৰা সৰ পৃথক কৰাটো পৰিস্ৰাৱণ ৰ এটা উদাহৰণ ।
Sl. No. | Contents |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা |
Chapter 5 | দ্ৰৱ্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ – মাপ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত খেলো আহাঁ |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চৌপাশৰ বায়ু |
Chapter 16 | আৱৰ্জনা নিষ্কাষন |
গ) সাগৰৰ পানীৰ পৰা নিমখ ― প্ৰক্ৰিয়াৰে পাব পাৰি ।
উত্তৰঃ – সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে পাব পাৰি ।
ঘ) যেতিয়া বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়া হয় , তেতিয়া অশুদ্ধি বোৰ তলিত গোট খায় । ওপৰৰ স্বচ্ছ পানীখিনি পাছত ঢালি দিয়া হল । এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণ প্ৰক্ৰিয়াৰ এটা ― ৰ উদাহৰণ ।
উত্তৰঃ – যেতিয়া বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়া হয়, তেতিয়া অশুদ্ধি বোৰ তলিত গোট খায় । ওপৰৰ স্বচ্ছ পানীখিনি পাছত ঢালি দিয়া হল । এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণ প্ৰক্ৰিয়াৰ এটা অৱক্ষেপন আৰু আস্ৰাৱণ উদাহৰণ ।
প্ৰশ্ন : – ৯) শুদ্ধ নে অশুদ্ধ :
ক) গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি ।
উত্তৰঃ – অশুদ্ধ ।
খ) নিমখ আৰু চেনিৰ গুড়ি জাৰা পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি ।
উত্তৰঃ – অশুদ্ধ ।
গ) চাহৰ পৰা চেনি চেকন পদ্ধতিৰে পৃথক কৰিব পাৰি ।
উত্তৰঃ – অশুদ্ধ ।
ঘ) শস্য আৰু ইয়াৰ বাকলি আস্ৰাৱণ পদ্ধতিৰে পৃথক কৰিব পাৰি ।
উত্তৰঃ – অশুদ্ধ ।
প্ৰশ্ন : – ১০) পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি চৰবত প্ৰস্তুত কৰা হয় । তুমি এই চৰবত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাব বিচাৰিছা । চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত ? কোনটো ক্ষেত্ৰত পানীত বেছি চেনি দ্ৰৱীভূত কৰা সম্ভৱ ?
উত্তৰঃ – চেনি পানীত দ্ৰৱীভূত হোৱাৰ পাছত বৰফ মিহলোৱা উচিত । চৰবতৰ উষ্ণতা বৃদ্ধি হলে অধিক চেনি দ্ৰৱীভূত হব । বৰফ মিহলোৱাৰ পাছত চৰবতৰ উষ্ণতা কমি যাব আৰু কম চেনি দ্ৰৱীভূত হব ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.