Class 12 Swadesh Adhyayan Chapter 2 অসমৰ জনদৃশ্যপট

Class 12 Swadesh Adhyayan Chapter 2 অসমৰ জনদৃশ্যপট Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 2 অসমৰ জনদৃশ্যপট Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 2 অসমৰ জনদৃশ্যপট Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 2 অসমৰ জনদৃশ্যপট provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ জনদৃশ্যপট

Chapter – 2

প্রথম ভাগ: ভূগোল

অনুশীলনী প্রশ্নোত্তৰ

১। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ’ল— 

( ক ) ৩.২১ কোটি 

( খ ) ২.১৩ কোটি 

( গ ) ৩.১২ কোটি 

( ঘ ) ৩.৩৯ কোটি 

উত্তৰঃ ( গ ) ৩.১২ কোটি । 

২। ২০০১-২০১১ এই দশকটোত অসমত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান ? 

( ক ) ১৯.৬ % 

( খ ) ১৭.৭ % 

( গ ) ১৭.১ % 

( ঘ ) ১৬.৯ % 

উত্তৰঃ ( খ ) ১৬.৯ % 

৩। অসমত প্রাথমিক বৃত্তিত কিমান শতাংশ লোক নিয়োজিত হৈ আছে ? 

( ক ) ৬৮.২ % 

( খ ) ৬০.৪ % 

( গ ) ৬৫.০ % 

( ঘ ) ৫২.৪ % 

উত্তৰঃ ( ঘ ) ৫২.৪ %

৪। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান ? 

( ক ) ৭৪.২ % 

( খ ) 90.8 % 

( গ ) ৭৩.৩ % 

( ঘ ) ৭২.২ % 

উত্তৰঃ ( ঘ ) ৭২.২ %

৫। অসমত পঞ্চম বৃত্তিত জড়িত লোকৰ সংখ্যা কিমান ? 

( ক ) ৬.০ % 

( খ ) ৩.০ % 

( গ ) ৭.২ % 

( ঘ ) ১২.৪ % 

উত্তৰঃ ( খ ) ৩.০ % 

( ঙ ) ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ?

( ক ) ৩৯০ গৰাকী প্রতি বর্গ কি.মি. 

( খ ) ৩৯৭ গৰাকী প্ৰতি বৰ্গ কি.মি. 

( গ ) ৩৭৯ গৰাকী প্রতি বর্গ কি.মি. 

( ঘ ) ২৯৭ গৰাকী প্রতি বর্গ কি.মি. 

উত্তৰঃ ( খ ) ৩৯৭ গৰাকী প্রতি বর্গ কি.মি. ।

৭। ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান ? 

( ক ) ৩৬.৬ % 

( খ ) ৬৬.৩ % 

( গ ) ৭১.৬ % 

( ঘ ) ৬৩.৬ % 

উত্তৰঃ ( খ ) ৬৬.৩ % 

৮। অসমত পোন প্ৰথমতে কোন চনত লোকপিয়ল কৰা হৈছিল ? 

( ক ) ১৯০১ 

( খ ) ১৮৭২ 

( গ ) ১৮৩০ 

( ঘ ) ১৯৫১ 

উত্তৰঃ ( খ ) ১৮৭২ 

৯। অসমত বিভিন্ন বৃত্তিত নিয়োজিত জনসংখ্যা শতাংশ হিচাপত দেখুওৱা । 

উত্তৰঃ শিল্প বাণিজ্যৰ ক্ষেত্ৰতো আশানুৰূপ অগ্রগতি নোহোৱাৰ ফলত বিভিন্ন বৃত্তিত নিয়োজিত লোকৰ সংখ্যাৰ তাৰতম্য দেখা যায় । 

( ক ) প্রাথমিক বৃত্তিঃ ৫২.৪ শতাংশ ( কৃষিজীৱী ৪০ শতাংশ , কৃষি শ্রমিক ১২.৪ শতাংশ ) । 

( খ ) দ্বিতীয় বৃত্তিঃ ১৪.০ শতাংশ ।

( গ ) তৃতীয় বৃত্তিঃ ২৪.৩ শতাংশ ।

( ঘ ) চতুর্থক বৃত্তিঃ ৬.৩ শতাংশ ।

( ঙ ) পঞ্চমক বৃত্তিঃ ৩.০ শতাংশ । 

১০। মানৱ সম্পদ উন্নয়নৰ লাইখুটা বুলিলে কি বুজা ? এই লাইখুঁটা কেইটা কি কি ? 

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো আৰম্ভ হৈছিল ভাৰতবৰ্ষই স্বাধীনতা লাভৰ প্ৰায় চাৰিটা দশকৰ পিছত । এইক্ষেত্ৰত অকল দেশীয় আয় , সূচক হিচাবে চিহ্নিত কৰা হৈছিল । মানৱ সম্পদ উন্নয়নৰ ধাৰণা উদ্ভাৱক মেহবুল – আল – হক আৰু অমর্ত্য সেন ডাঙৰীয়াৰ তত্ত্ব অনুযায়ী শিক্ষা , স্বাস্থ্য , মানসিক স্বাস্থ্য আদিও মানৱ সম্পদ উন্নয়নৰ অপৰিহাৰ্য্য সূচক । মানৱ সম্পদৰ লাইখুঁটা কেইটা হ’ল– 

( ক ) সমতা ।

( খ ) উৎপাদন ।

( গ ) স্থায়িত্ব ।

( ঘ ) অধিকাৰ । 

১১। কৌশল বিকাশ কি ? কৌশল বিকাশ অসমত কেনেকৈ কৰিব পাৰি ? 

উত্তৰঃ প্ৰতিজন ছাত্ৰ – ছাত্ৰীৰে বিশেষ গুণ , নিপুণতা বা যোগ্যতা থাকে। এইক্ষেত্ৰত আমি উঠি অহা ছাত্ৰ – ছাত্ৰীবোৰলৈ লক্ষ্য দিব লাগিব । যিবোৰ ছাত্ৰ – ছাত্ৰীৰ গতানুগতিক শিক্ষাৰ বাহিৰেওঁ অন্য বিশেষ গুণ , নিপুণতা বা যোগ্যতা থাকে । যেনেঃ কোনো ল’ৰা – ছোৱালী বা ছাত্ৰ – ছাত্ৰী খেলত , ছবি অঁকা , গান – নাচ , ইত্যাদিত অন্য প্রতিভাৰে ভৰপূৰ । তেনেবোৰ ল’ৰা – ছোৱালীৰ কিবা এটা কৰি দেখুৱাবৰ মন থাকে । আৰু তেনে ল’ৰা – ছোৱালী বা ছাত্ৰ – ছাত্ৰীবোৰৰ প্ৰতিভা বকশিত কৰিবৰ বাবে চৰকাৰী বা বেচৰকাৰীভাৱে কোনো মাচুল নোলোৱাকৈ সিহঁতক সিহঁতৰ যোগ্যতা আৰু অধিক নিপুন কৰাৰ বাবে যি কৌশলেৰে সিহঁতক বিকশিত কৰি তোলা হয় , সেয়াই ‘ কৌশল বিকাশ । 

Digital Literacy , Hospitality , Entrepreneurship ইত্যাদি শিক্ষাৰে শিক্ষিত কৰি অসমৰ ছাত্ৰ – ছাত্ৰীক কৌশল বিকাশত গুৰুত্ব আৰোপ কৰিব পাৰি । 

১২। অসমত পাহাৰীয়া জিলা কেইখনৰ নাম লিখা। পাহাৰীয়া জিলাকেইখনত জনবসতি সেৰেঙা হোৱাৰ চাৰিটা কাৰণ লিখা। 

উত্তৰঃ অসমৰ পাহাৰীয়া জিলা তিনিখনৰ নাম হ’ল— কাৰ্বি আংলং , পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও । 

পাহাৰীয়া জিলাকেইখনত জনবসতি সেৰেঙা হোৱা কাৰণবোৰ হ’ল— 

( ক ) জিলা গ্রাম্য উন্নয়ন প্ৰাধিকৰণৰ আঁচনিৰ সেৱাণ সু – প্ৰভাৱ নগণ্য। 

( খ ) নিগাজী গাঁৱৰ সংখ্যা তাকৰ । 

( গ ) পল্লী শ্রেণীভুক্ত গাঁৱৰ সংখ্যা পাহাৰীয়া জিলা তিনিখনত অধিক । 

( ঘ ) বসবাসৰ বাবে প্ৰয়োজনীয় ন্যূনতম সুবিধাৰ অভাৱৰ হেতুকে জীৱন ধাৰণৰ মান উন্নত নহয় । 

অতিৰিক্ত প্রশ্নোত্তৰ

১। অসমত কেইখন জিলা আছে ? 

উত্তৰঃ অসমত ৩৩ খন জিলা আছে ।

২। পাহাৰীয়া জিলা অসমত কেইখন আছে ? 

উত্তৰঃ অসমত পাহাৰীয়া জিলা ৩ খন আছে । 

৩। অসমত মহকুমাৰ সংখ্যা কিমান ? 

উত্তৰঃ ৫৬ খন , ২০১১ চনৰ অনুসৰি ।  

৪। অসমত ৰাজহ চক্ৰৰ সংখ্যা কিমান ? 

উত্তৰঃ ১৮৪ টা ৰাজহ চক্ৰ আছে । 

৫। ১৮৭২ চনত ব্ৰিটিছ শাসনকালত হোৱা অসমৰ সৰ্বপ্ৰথম লোকগণনা অনুসৰি জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ ২২ লাখ । 

৬। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ ৩ , ১২,০৫,৫৭৬ গৰাকী ।

৭। ২০১৯ চনৰ মাৰ্চ মাহ পর্যন্ত অসমৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ ৩.৫০ কোটি । 

৮। অসমৰ মাটিকালি ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ ? 

উত্তৰঃ ২.৪ শতাংশ । 

৯। কুৰি শতিকাৰ কালছোৱাত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান আছিল ? 

উত্তৰঃ ৮.১ শতাংশ আছিল । 

১০। বর্তমান ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান ? 

উত্তৰঃ ৪.৩ গুণ । 

১১। অসমৰ জিলা , পাহাৰীয়া জিলা , মহকুমা আৰু ৰাজহ চক্ৰৰ সংখ্যা কিমান ? 

উত্তৰঃ অসমৰ জিলা – ৩৩ খন । 

অসমৰ , পাহাৰীয়া জিলা – ৩ খন । 

অসমৰ , মহকুমাৰ সংখ্যা – ৫৫ খন । 

অসমৰ , ৰাজহ চক্ৰৰ সংখ্যা – ১৮৪ টা । 

১২। খিলঞ্জীয়া অধিবাসীসকলৰ মাজত কিহৰ বৈচিত্ৰতা দেখা পোৱা যায় ? 

উত্তৰঃ ( ক ) নৃতাত্বিক ।

( খ ) ভাষিক ।

( গ ) সামাজিক । আৰু 

( ঘ ) ধর্মীয় উপাদানৰ ।

১৩। অসমত সৰ্বমুঠ স্বাক্ষৰতাৰ হাৰ কিমান ? 

উত্তৰঃ ৭২.২ শতাংশ । 

১৪। অসমত মহিলাৰ স্বাক্ষৰতাৰ হাৰ কিমান ? 

উত্তৰঃ ৬৬.৩ শতাংশ । 

১৫। অসমত উন্নয়ন আৰু বিকাশৰ গতি লেহেমীয়া কিয় ? 

উত্তৰঃ স্ত্রী শিক্ষাৰ মান উন্নত নহয় কাৰণে । 

১৬। অসমত জনবসতিৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত কিমান ? 

উত্তৰঃ ৩৯৭ গৰাকী । 

১৭। পাহাৰীয়া অঞ্চলত জনবসতিৰ ঘনত্ব প্রতি বর্গকিলোমিটাৰত কিমান ? 

উত্তৰঃ মাত্র ১২ গৰাকী । 

১৮। কোনো এটা অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কি কি কাৰণত হ’ব পাৰে ? 

উত্তৰঃ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ ওপৰত । 

১৯। ১৯০১ চনৰ প্ৰকৃত লোকপিয়ল তথ্য অনুসৰি অসমৰ জনসংখ্যা কিমান ? 

উত্তৰঃ ৩.২৯ নিযুত । 

২০। অসমত দ্ৰুতহাৰত বৃদ্ধি হোৱা জনসংখ্যাৰ মূল কাৰণ কি ? 

উত্তৰঃ ( ক ) জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্ৰাস । আৰু 

( খ ) জন প্ৰব্ৰজন । 

২১। পল্লী শ্রেণীভুক্ত গাঁৱৰ সংখ্যা কোনকেইখন জিলাত অধিক ? 

উত্তৰঃ পাহাৰীয়া জিলা তিনিখত অধিনত । 

২২। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত ইছলামধর্মী লোকৰ সংখ্যা সর্বমুঠ কিমান ? 

উত্তৰঃ ১ কোটি ৬ লাখ । 

২৩। বর্তমান সময়ত মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান ? 

উত্তৰঃ ১৯৭ শতাংশ । 

২৪। অসমৰ কিমানখন জিলাত বাংলাভাষীৰ সংখ্যা দ্রুতগতিত বাঢ়িছে ? 

উত্তৰঃ ১৭ খন জিলাত । 

২৫। ‘ অসম চুক্তি ‘ কিমান চনত স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৯৮৫ চনত ।

২৬। পল্লী ( Harnlet ) ত কোনকেইখন জিলাৰ গাঁও অন্তর্ভুক্ত হৈছে ? 

উত্তৰঃ পল্লী ( Harnlet ) ত শ্রেণীভুক্ত গাঁৱৰ সংখ্যা পাহাৰীয়া জিলা তিনিখনত অধিক । 

২৭। স্বাধীনোত্তৰ কালত প্ৰব্ৰজন ঘটা নেপালী সম্প্ৰদায়ৰ লোকসকল কি ব্যৱসায়ৰ লগত অধিক জড়িত আছিল ? 

উত্তৰঃ স্বাধীনোত্তৰ কালত প্ৰব্ৰজন ঘটা নেপালী সম্প্ৰদায়ৰ লোকসকলৰ সৰহভাগেই দুগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু বিতৰণৰ সতে জড়িত আছিল । 

২৮। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত ইছলামধর্মী লোকৰ সংখ্যা কিমান আছিল ? 

উত্তৰঃ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত ইছলামধৰ্মী লোকৰ সংখ্যা সৰ্বমুঠ ১ কোটি ৬ লাখ । 

২৯। ২০০১-২০১১ চনৰ কালছোৱাত অসমৰ হিন্দু জনসংখ্যা কিমান শতাংশ বৃদ্ধি পাইছিল ? 

উত্তৰঃ ২০০১-২০১১ চনৰ কালছোৱাত অসমৰ হিন্দু জনসংখ্যা প্রায় ৮০ শতাংশ বৃদ্ধি পাইছে ।

৩০। অসমৰ সমাজ সংস্কৃতিৰ ঐক্যৰ অন্তৰায় কেনেকৈ দেখা পোৱা যায় ? 

উত্তৰঃ খিলঞ্জীয়া অধিবাসীসকলৰ মাজত নৃতাত্বিক , সামাজিক আৰু ধর্মীয় ভাষিক আদি উপাদানসমূহৰ বৈচিত্র্য বিৰাজমান । বৈচিত্র্যপূর্ণ জনশৈলীৰ সমাবেশৰ হেতুকে অতি সচেতনতাই অসমৰ সমাজ সাংস্কৃতিক ঐক্যৰ অন্তৰায় সৃষ্টি কৰা দেখা যায় । 

৩১। অসমৰ জনবসতিৰ ঘনত্ব কিমান ? পাহাৰীয়া অঞ্চলত জনবসতি কেনেকুৱা ? 

উত্তৰঃ অসমৰ জনবসতিৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত গড়ে ৩৯৭ গৰাকী । কিন্তু পাহাৰীয়া অঞ্চলত জনবসতিৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত মাত্র ১২ গৰাকী অর্থাৎ সেৰেঙা । 

৩২। জনসংখ্যাৰ গণনা সূত্ৰটো লিখা । 

উত্তৰঃ এটা অঞ্চলত জনসংখ্যা বৃদ্ধিৰ হাৰ তিনিটা কাৰণত হ’ব পাৰে— 

( ক ) জন্মৰ হাৰ ।

( খ ) মৃত্যুৰ হাৰ । আৰু 

( গ ) প্রব্রজন । 

সেয়েহে সংক্ষেপে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ গণনা কৰিবলৈ তলৰ সূত্ৰটো ব্যৱহাৰ কৰা হয়— 

জনসংখ্যাৰ বৃদ্ধি ( Pg) = ( জন্মৰ হাৰ ~ মৃত্যুৰ হাৰ ) + প্ৰব্ৰজন প্ৰব্ৰজন = ( আন্তঃপ্রব্রজন ~ বহিঃপ্রব্রজন )

৩৩। ১৯০১ চনৰ লোকপিয়ল আৰু ২০১১ চনৰ লোকপিয়লৰ জনসংখ্যা গণনাৰ ফলাফল কেনেকুৱা আছিল ? 

উত্তৰঃ ১৯০১ চনৰ প্ৰকৃত লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা প্রায় ৩.২৯ নিযুত হোৱাৰ বিপৰীতে ২০১১ চনত ৩১.০১ নিযুত হয় অর্থাৎ এই কালছোৱাত জনসংখ্যা প্রায় ৯.৫ গুণ বৃদ্ধি হয় । 

৩৪। কোন কেইখন জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক ? 

উত্তৰঃ ৩৩ খন জিলাৰ ভিতৰত ১৪ খন জিলাত বৃদ্ধিৰ হাৰ ৰাজ্যিক গড়তকৈ অধিক । সেই জিলাকেইখন হ’ল— ধুবুৰী ( ২৪.৪ % ) , মৰিগাওঁ ( ২৩.৪ % ) , মানকাচৰ ( ২৩.৩ % ) , গোৱালপাৰা ( ২২.৮ % ) , নগাওঁ ( ২২.১ % ) , হাইলাকান্দি ( ২১.৫ % ) , বৰপেটা ( ২১.৪ % ) , কৰিমগঞ্জ ( ২৪.৮ % ) , কাছাৰ ( ২০.২ % ) , দৰং ( ১৯.৫ %), কামৰূপ মহানগৰ ( ১৯.৫ % ) , ধেমাজি ( ২০.৩ % ) , কাৰ্বি আংলং ( ১০.৪ % ) আৰু লখিমপুৰ ( ১৭.১ % ) ইত্যাদি । 

৩৫। অসম চুক্তি কার্যকৰী কৰাৰ অন্যতম পদক্ষেপটো কি আছিল ? 

উত্তৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( National Registration of Citizenship NRC ) প্রস্তুতকৰণ ‘ অসম চুক্তিৰ ’ কার্যকৰী কৰাৰ অন্যতম পদক্ষেপ আছিল । 

৩৬। কি কি আঁচনিৰ দ্বাৰা মানৱ সম্পদ উন্নয়নৰ মান বৃদ্ধি হ’ব পাৰে ? 

উত্তৰঃ শিক্ষা , স্বাস্থ্য , ‘ অসম মালা ’ , দক্ষতা বিকাশ ( Skill Development ) আদিৰ ক্ষেত্ৰত লোৱা বহুমুখী আঁচনিসমূহৰ জৰিয়তে মানৱ কল্যাণ সাধন কৰাৰ লগতে মানৱ সম্পদ উন্নয়নৰ মান বৃদ্ধি দ্ৰুততৰ হ’ব পাৰে । 

৩৭। জনসংখ্যাৰ ওপৰত ভিত্তি কৰি শ্রেণী বিভক্ত কৰা ভাৰতৰ নগৰ সমূহৰ ভিতৰত অসমৰ কেইখন নগৰৰ নাম আছে আৰু কি কি ? 

উত্তৰঃ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি শ্রেণীবিভক্ত কৰা ভাৰতৰ নগৰসমূহৰ ভিতৰত প্ৰথম শ্ৰেণীৰ ( জনসংখ্যা ১১ লাখ বা ততোধিক ) নগৰৰ সংখ্যা বর্তমান চাৰিখন । আৰু সেইকেইখন হ’ল — গুৱাহাটী , শিলচৰ , ডিব্ৰুগড় আৰু নগাঁও । 

৩৮। লোকপিয়লৰ তথ্য অনুসৰি বিগত চাৰিটা দশকত মুছলিম আৰু হিন্দু ধৰ্মৰ জনসংখ্যাৰ প্ৰভাৱ কেনেকুৱা ? 

উত্তৰঃ লোকপিয়লৰ তথ্য অনুসৰি বিগত চাৰিটা দশকত ( ১৯৭১-২০১১ ) মুছলমানৰ জনসংখ্যাৰ হাৰ হিন্দুৰ তুলনাত প্রায় ২৫০ শতাংশ অধিক হাৰত বৃদ্ধি পাইছে । এই সময়ছোৱাত হিন্দুৰ জনসংখ্যা মুঠ জনসংখ্যাৰ ৭২.৫ শতাংশ ( ১০ শতাংশ ) বৃদ্ধি হৈছে ।

৩৯। অসমৰ কেইখন জিলাত বাংলাভাষীৰ সংখ্যা বৃদ্ধি পাইছে আৰু কি কাৰণত বৃদ্ধি পাইছে বৰ্ণনা কৰা ৷ 

উত্তৰঃ অসমৰ ১৭ খন জিলাত বাংলাভাষীৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি হৈছে। বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ বাবেহে এনে ছবি এখন পৰিস্ফুট হৈছে। দলগাঁও ( দৰং ) , বাঘবৰ ( বৰপেটা ) , কলগাছিয়া ( বৰপেটা ), এই তিনিটা অঞ্চলৰ লোকপিয়লৰ তথ্যই ভাষিক ( বাংলাভাষী ) আৰু ধৰ্মীয় জন গাঁথনিৰ পৰিৱৰ্তনৰ ভয়াবহ আগ্রাসনৰ ছবিখন প্ৰকট ৰূপত উন্মোচিত হৈছে । 

৪০। অসমত কেনেকৈ জাতিসত্ত্বাৰ সৃষ্টি হৈছে বৰ্ণনা কৰা । 

উত্তৰঃ প্ৰাক্ স্বাধীনতা কালৰ মংগোলীয় , আৰ্য , আক্রমণকাৰী মোগল সকলৰ একাংশ ৰণুৱা সৈনিক সংগী ( মোগল ) তথা চিংফৌ বসতি স্থলত আৱিস্কৃত চাহগছ আৰু পৰৱৰ্তী কালত স্থাপিত হোৱা বাগিচাবোৰলৈ কৰ্মৰ বাবে চোট্টনাগপুৰ মালভূমি অঞ্চলৰ পৰা অনা বণুৱাবোৰ আৰু ব্ৰিটিছ প্ৰশাসনক সকলৰ নিম্নবৰ্গৰ সহায়ক আৰু চকী ( Posts ) বোৰৰ পাহৰাকর্মী , সাহসী আৰু বিশ্বাসী নেপালীভাষী লোক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় জাতীয় ফৌজৰ অৱশিষ্টসকল পৰৱৰ্তীকালত অসমৰ বাসিন্দা হৈ অসমৰ জনসদৃশ্যপটৰ ( Demography ) মূল সুঁতিৰ সৈতে মিলি সোণত সুৱগা চৰাইছে বাবে অসমৰ কোনো ক্ষতি হোৱা নাই বৰ অসম নামৰ জন ফুলনিত নানা ৰঙৰ সমাহাৰ ঘটি মহামিলনৰ এক সুকীয়া জাতিসত্ত্বাৰ সৃষ্টি হৈছে ।

2 thoughts on “Class 12 Swadesh Adhyayan Chapter 2 অসমৰ জনদৃশ্যপট”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top