Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান and select needs one.
Class 12 Logic And Philosophy Chapter – 1 আগমন
Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান Solutions for All Subject, You can practice these here.
আগমন
অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )
প্রশ্ন ১। আগমন কেই প্রকাৰৰ ? সেইবােৰ কি কি ?
উত্তৰঃ আগমন দুই প্রকাৰৰ ।
( ১ ) প্রকৃত আগমন আৰু
( ২ ) তথাকথিত আগমন ।
প্রশ্ন ২। আগমনৰ আধাৰ কি ?
উত্তৰঃ বিশেষ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হােৱাই আগমনৰ আধাৰ ।
প্রশ্ন ৩। প্রকৃত আগমন ……… প্ৰকাৰৰ ।
উত্তৰঃ প্রকৃত আগমন তিনি প্রকাৰৰ ।
প্রশ্ন ৪। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হল ………।
উত্তৰঃ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল যথার্থ সামান্য বচন ।
প্রশ্ন ৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল …….।
উত্তৰঃ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল সম্ভাৱনামূলক ।
প্রশ্ন ৬। “ সকলাে গ্রহ সূৰ্যৰ পােহৰত জিলিকে ” হ’ল ……….এটা উদাহৰণ ।
উত্তৰঃ “ সকলাে গ্রহ সূৰ্যৰ পােহৰত জিলিকে হ’ল পূর্ণ গণনাভিত্তিক আগমনৰ এটা উদাহৰণ ।
প্রশ্ন ৭। অবৈজ্ঞানিক আগমন কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ অবৈজ্ঞানিক আগমন অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে ।
প্রশ্ন ৮। “ আগমনেই নিগমনৰ সামান্য বচন যােগান ধৰে । ” — শুদ্ধনে ?
উত্তৰঃ “ আগমনেই নিগমনৰ সামান্য বচন যােগান ধৰে । ” – কথাষাৰ শুদ্ধ ।
প্রশ্ন ৯। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিতনে ?
উত্তৰঃ সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিত নহয় , সম্ভাৱনামূলক ।
প্রশ্ন ১০ আগমনেই আকাৰগত সত্যতাৰ ওপৰত জড়িতনে ?
উত্তৰঃ আগমনেই আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাৰ ওপৰত জড়িত ।
প্রশ্ন ১১। সাদৃশ্যানুমানৰ ভিত্তি কি ?
উত্তৰঃ সাদৃশ্যনুমানৰ ভিত্তি হ’ল– দুটা বস্তুৰ মাজৰ সাদৃশ্য জ্ঞান ।
প্রশ্ন ১২। সু-সাদৃশ্যানুমানৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ সু – সাদৃশ্যানুমানৰ এটা উদাহৰণ হ’ল — পৃথিৱী আৰু মংগল দুয়ােটাই সৌৰজগতৰ গ্ৰহ । বহু বিষয়ত দুয়ােৰে মিল আছে । যেনে— উভয়েই সূর্যক প্রদক্ষিণ কৰে । উভয়ৰে মাটি , পানী , তাপ , বতাহ আদি বিষয়ত সাদৃশ্য আছে । পৃথিৱীত জীৱ আছে । গতিকে অনুমান কৰা হ’ল যে— মংগল গ্রহতাে জীৱ আছে ।
প্রশ্ন ১৩। বৈজ্ঞানিক আগমনে কোন প্রকাৰৰ বচন প্রতিষ্ঠা কৰে ?
উত্তৰঃ বৈজ্ঞানিক আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।
প্রশ্ন ১৪। ‘ আগমনাত্মক জাপ হ’ল বিশেষৰ পৰা সামান্যলৈ এক যাত্রা ’ । – শুদ্ধনে
উত্তৰঃ ‘ আগমনাত্মক জাপ হ’ল বিশেষৰ পৰা সামান্যলৈ এক যাত্রা ’ । – শুদ্ধ
প্রশ্ন ১৫। সাদৃশ্যানুমানৰ মূল্য কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ সাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰে । মিলৰ মতে—
( ১ ) জ্ঞাত সাদৃশ্যৰ পৰিমাণ ।
( ২ ) জ্ঞাত বৈসাদৃশ্যৰ পৰিমাণ ।
( ৩ ) অজ্ঞাত গুণাৱলীৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি সাদৃশ্যানুমানৰ মূল্য নির্ধাৰণ কৰা হয় ।
প্রশ্ন ১৬। সাদৃশ্যানুমানৰ সিদ্ধান্ত হ’ল সাম্ভাৱ্য স্বভাৱৰ— শুদ্ধনে ?
উত্তৰঃ সাদৃশ্যানুমানৰ সিদ্ধান্ত হ’ল সাম্ভাৱ্য । কথাষাৰ শুদ্ধ ।
প্রশ্ন ১৭। তলত দিয়া কোনটো কথা শুদ্ধ ?
( ক ) আগমন কেৱল বস্তুগত সত্যতাৰ লগত জড়িত ।
( খ ) আগমন আকাৰগত আৰু বস্তুগত উভয় প্রকাৰৰ সত্যতাৰ লগত জড়িত ।
উত্তৰঃ আগমন আকাৰগত আৰু বস্তুগত উভয় প্রকাৰৰ সত্যতাৰ লগত জড়িত ।
প্রশ্ন ১৮। বৈজ্ঞানিক আগমনে এক বিশ্লেষণাত্মক বা শাব্দিক / সংশ্লেষাত্মক বা যথার্থ বচন প্রতিষ্ঠা কৰে ।
উত্তৰঃ বৈজ্ঞানিক আগমনে এটা যথার্থ বা সংশ্লেষক বা সংশ্লেষাত্মক বচন প্রতিষ্ঠা কৰে ।
প্রশ্ন ১৯। “ সকলােবােৰ অনুমানেই সাদৃশ্যমূলক — এই উক্তিৰ সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা ।
উত্তৰঃ “ সকলােবােৰ অনুমানেই সাদৃশ্যমূলক — এই উক্তিৰ সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম হ’ল- জন ষ্টুৱার্ট মিল ।
চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ )
প্রশ্ন ১। ‘বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত ।’ কিয় ?
উত্তৰঃ বৈজ্ঞানিক আগমন দুটা মূল স্বতঃসিদ্ধ বিধিৰ ওপৰত প্রতিষ্ঠিত । এই বিধিকেইটা হ’ল—
( ১ ) প্রকৃতিৰ একৰূপতা বিধি । আৰু
( ২ ) কার্যকাৰণ বিধি । কার্য – কাৰণ বিধিৰ ওপৰত প্রতিষ্ঠিত বাবে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।
প্রশ্ন ২। বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া ।
উত্তৰঃ যি আগমনত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতিৰ একৰূপতাবিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত ভিত্তি কৰি এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বােলে ।
প্রশ্ন ৩। বৈজ্ঞানিক আগমন কি ?
উত্তৰঃ বৈজ্ঞানিক আগমন প্রকৃত বা যথার্থ আগমনৰ এটা জ্ঞান । আগমনাত্মক জাঁপ বৈজ্ঞানিক আগমনৰ এটা প্রধান বৈশিষ্ট্য । ইয়াত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় ।
প্রশ্ন ৪। সু – সাদৃশ্যানুমানৰ দুটা চর্ত উল্লেখ কৰা ।
উত্তৰঃ সু – সাদৃশ্যানুমানৰ দুটা চর্ত হ’ল—
( ক ) দুটা বস্তুৰ মাজত গুণৰ সাদৃশ্য আৰু গুৰুত্ব ।
( খ ) জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হ’বলৈ আগমনাত্মক জাঁপ পৰিলক্ষিত হ’ব লাগিব ।
প্রশ্ন ৫। “ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল সাম্ভাব্য স্বভাৱৰ । ” — কিয় ?
উত্তৰঃ অবৈজ্ঞানিক আগমনত সিদ্ধান্ত প্রতিষ্ঠাৰ ক্ষেত্ৰত কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰা নহয় । কার্য – কাৰণ বিধিৰ ওপৰত প্রতিষ্ঠিত নহয় কাৰণে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সাম্ভাব্য স্বভাৱৰ । ইয়াত অকল অবাধিত বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় ।
প্রশ্ন ৬। সাদৃশ্যানুমানৰ মূল্য নির্ধাৰণৰ যিকোনাে এটা চর্ত উল্লেখ কৰা ।
উত্তৰঃ সাদৃশ্যানুমানৰ মূল্য নির্ধাৰণৰ ক্ষেত্ৰত সাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।
প্রশ্ন ৭। আগমনাত্মক পদ্ধতি বা আগমনাত্মক নীতিৰ বিভিন্ন স্তৰবােৰ কি কি ?
উত্তৰঃ অগমনাত্মক পদ্ধতি বা আগমনাত্মক নীতিৰ বিভিন্ন স্তৰবােৰ হ’ল–
( ক ) পর্যৱেক্ষণ ।
( খ ) প্রকল্প গঠন ।
( গ ) সামান্যীকৰণ । আৰু
( ঘ ) প্রামাণীকৰণ ।
প্রশ্ন ৮। প্রামাণীকৰণ কি ? ইয়াৰ বিভিন্ন প্রকাৰবােৰ কি কি ?
উত্তৰঃ পর্যৱেক্ষণৰ পৰা পােৱা বিশেষ বিশেষ ঘটনাৰ জ্ঞানৰ ভিত্তিত মনত যি সামান্যসম্বন্ধৰ ধাৰণা জন্মে সেই সম্বন্ধকে বাস্তৱ ঘটনাৰ লগত ৰিজাই তাৰ সত্যাসত্য নির্ণয় কৰাই প্রামাণীকৰণ । বা সত্যাপন বা বাস্তৱ ঘটনাৰ সমর্থন ।প্রামাণীকৰণ দুই প্রকাৰৰ–
( ক ) প্রত্যক্ষ প্রামাণীকৰণ প্রক্রিয়া । আৰু
( খ ) পৰােক্ষ প্রামাণীকৰণ প্রক্রিয়া ।
প্রশ্ন ৯। উপযুক্ত উদাহৰণসহ আগমন অনুমানৰ সংজ্ঞা দিয়া ।
উত্তৰঃ যি অনুমানত বিশেষ বিশেষ বস্তু সম্বন্ধৰ অভিজ্ঞতাৰ পৰা সেই জাতীয় সম্বন্ধে কোনাে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হােৱা যায় তাকে আগমন অনুমান বােলা হয় ।
যেনে – ৰাম হয় মৰণশীল ।
জন হয় মৰণশীল ।
ৰহিম হয় মহণশীল ।
চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ / ৪ )
প্রশ্ন ১। আগমনৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ আগমনৰ সাধাৰণ বৈশিষ্ট্যবােৰ হ’ল—
( ১ ) আগমন অনুমানত বিশেষৰ পৰা সামান্য সত্যত উপনীত হােৱা যায় ।
( ২ ) আগমনৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ সদায় বেছি ব্যাপক ।
( ৩ ) আগমন অনুমানত আশ্রয়বাক্য নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত বাস্তৱ জগতৰ পৰা সংগ্রহ কৰা হয় ।
( ৪ ) আগমন অনুমানে আকাৰগত আৰু বস্তুগত উভয় প্রকাৰৰ সত্যতাৰ বিচাৰ কৰে ।
( ৫ ) যুক্তিৰ বস্তুগত সত্যতা নির্ণয় কৰি আগমনে অনুমানক পূর্ণতা প্রদান কৰে ।
( ৬ ) প্রত্যেক বিজ্ঞানেই আগমনৰ ওপৰত নিৰ্ভৰশীল ।
( ৭ ) আগমনে ভৱিষ্যৎ গৱেষণা বা অনুসন্ধানৰ পথৰ নির্দেশ দিয়ে ।
( ৮ ) আগমনে মনক কু – সংস্কামুক্ত কৰি বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে । ( ৯ ) প্রকৃতি নিয়মৰ ৰাজত্ব আৰু এই নিয়মৰ জ্ঞান আগমনে দিয়ে ।
প্রশ্ন ২। আগমন আৰু নিগমনৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা ।
উত্তৰঃ আগমন আৰু নিগমনৰ মাজত থকা তিনিটা পার্থক্য হল—
( ১ ) নিগমন অনুমানত সামান্যৰ পৰা বিশেষ সত্যত উপনীত হােৱা যায় । আনহাতে আগমন অনুমানত বিশেষৰ পৰা সামান্য সত্যত উপনীত হােৱা যায় ।
( ২ ) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ বেছি ব্যাপক হ’ব নােৱাৰে । আনহাতে আগমন অনুমানত সিদ্ধান্ত আশ্রয় বাক্যতকৈ বেছি ব্যাপক ।
( ৩ ) নিগমন অনুমানে আগাৰগত সত্যতাৰ বিচাৰ কৰে । আনহাতে আগমন অনুমানে আকাৰগত সত্যতাৰ লগতে বস্তুগত সত্যতাৰৰ বিচাৰ কৰে ।
প্রশ্ন ৩। আগমনাত্মক জাঁপ বুলিলে কি বুজা ? আগমনাত্মক জাঁপৰ জটিলতাবােৰ আঁতৰাবলৈ বৈজ্ঞানিক আগমনে কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ আগমন অনুমানত ‘বিশ্যেৰ পৰা সামান্য’লৈ ‘জ্ঞাত সত্যৰ পৰা অজ্ঞাত’ সত্যলৈ যােৱা জাঁপকেই আগমনাত্মক জাঁপ বােলা হয় । এই জপ আগমনৰ মূল লক্ষণ ।
বৈজ্ঞানিক আগমনে আগমনাত্মক জাঁপৰ জটিলতা আঁতৰাবলৈ প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে । ফলত বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।
প্রশ্ন ৪। বৈজ্ঞানিক আগমনে দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে । এই নীতি দুটা কি কি ? এই নীতি দুটাৰ অর্থ কি ?
উত্তৰঃ বৈজ্ঞানিক আগমনে নিৰ্ভৰ কৰা নীতি দুটা হ’ল –
( ১ ) প্রকৃতিৰ একৰূপতা বিধি । আৰু
( ২ ) কার্যকাৰণ বিধি ।
প্রকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হ’ল– একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে । আনহাতে কার্যকাৰণ বিধিৰ অৰ্থ হ’ল— প্রত্যেক ঘটনাৰে এটা কাৰণ থাকে ।
প্রশ্ন ৫। অবৈজ্ঞানিক আগমন কি ? অবৈজ্ঞানিক আগমনৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ যি আগমনত কোনাে বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত পর্যৱেক্ষণ কৰি , কার্য কাৰণ সম্বন্ধ নির্ণয় কৰাৰ কোনাে চেষ্টা নকৰি কেৱল বাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় তাক অবৈজ্ঞানিক আগমন বােলে ।
যেনে–
( ১ ) সকলাে কাউৰী কলা ।
( ২ ) গাখীৰ ব’গা ।
ওপৰৰ উদাহৰণ দুটাত অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হৈছে । ইয়াত কার্য – কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰাৰ কোনাে চেষ্টা কৰা হোৱা নাই ।
প্রশ্ন ৬। সাদৃশ্যমূলক অনুমানৰ মূল্য কিদৰে নিৰূপণ কৰিব পাৰি ?
উত্তৰঃ সাদৃশ্যমূলক অনুমানৰ ভিত্তি হ’ল দুটা বস্তুৰ মাজৰ সাদৃশ্য জ্ঞান । এই অনুমানৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক । সম্ভাৱনা শূন্যৰ পৰা প্রায় নিশ্চিতলৈ হ’ব পাৰে । মিলৰ মতে সম্ভাৱনাৰ পৰিমাণ তিনিটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে ।
( ১ ) জ্ঞাত সাদৃশ্যৰ পৰিমাণ ।
( ২ ) জ্ঞাত বৈসাদৃশ্যৰ পৰিমাণ । আৰু
( ৩ ) অজ্ঞাত গুণাৱলীৰ পৰিমাণ ।
এই তিনিটা তুলনা কৰি সাদৃশ্যানুমানৰ মূল্য নিৰ্দ্ধাৰণ কৰা হয় । কিন্তু ৱেল্টন ( Welton ) , বােছাংকে ( Bosanquet ) , ছিজউইক ( Siguik ) আদিৰ সৈতে গুণৰ সাদৃশ্য সংখ্যা আৰু গণনাৰ লগতে গুণবােৰৰ গুৰুত্বৰ ওপৰতাে সাদৃশ্যানুমানৰ মূল্য নিৰূপণ কৰে । কাৰণ এটা বস্তুৰ সকলাে গুণ সমানে গুৰুত্বপূৰ্ণ নহয় ।
এই মতবােৰ বিশ্লেষণ কৰি ক’ব পাৰি যে–
( ১ ) জ্ঞাত সাদৃশ্য থকা গুণৰ পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হ’ব সাদৃশ্যানুমানৰ সম্ভাৱনাও সিমানেই বেছি হ’ব ।
( ২ ) জ্ঞাত বৈসাদৃশ্য গুণৰ পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হ’ব সম্ভাৱনাৰ গুৰুত্বও কমি যাব ।
( ৩ ) জ্ঞাত গুণৰ তুলনাত অজ্ঞাত গুণৰ পৰিমান যিমানেই বেছি হ’ব সম্ভাৱনাৰ মূল্যও , সিমানেই কমিব ।
আনহাতে কিছুমান তর্কবিদে ভগ্নাংশৰ জৰিয়তেও সাদৃশ্যানুমানৰ মূল্য নির্ধাৰণৰ চেষ্টা কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত পদ্ধতিটো ফলপ্রসূ নহয় ।
যেনে – সাদৃশ্য / বৈসাদৃশ্য + অজ্ঞাত গুণাৱলী
ইয়াত অজ্ঞাত গুণৰ সংখ্যা আৰু গুৰুত্ব নির্ণয় কৰা সহজ নহয় । অকল জ্ঞাত গুণৰ সাদৃশ্য আৰু বৈসাদৃশ্যহে বাস্তৱ ক্ষেত্ৰত নির্ণয় কৰিব পাৰি । গুণবােৰৰ গুৰুত্বও সংখ্যাৰে প্ৰকাশ কৰিব নােৱাৰি । গতিকে এই পদ্ধতিৰে সাদৃশ্যনুমানৰ মূল্য সঠিককৈ বিচাৰ কৰিব নােৱাৰি ।
প্রশ্ন ৭। উদাহৰণৰ সহায়ত সু – সাদৃশ্যমান আৰু দুঃসাদৃশ্যানুমান ব্যাখ্যা কৰা ।
উত্তৰঃ যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবােৰ মৌলিক আৰু গুৰুত্বপূর্ণ গুণৰ সাদৃশ্য হয় সেই সাদৃশ্যানুমানক সু – সাদৃশ্যানুমান বােলে ।
উদাহৰণস্বৰূপে পৃথিৱী আৰু মংগল গ্রহ দুয়ােটাই সৌৰজগতৰ গ্ৰহ । দুয়ােটাতে বায়ুমণ্ডল , মাটি , পানী , উত্তাপ আদি আছে । পৃথিৱীত জীৱ আছে । গতিকে মংগল গ্রহতাে জীৱ আছে । এই অনুমান সু – সাদৃশ্যানুমান । পৃথিৱী আৰু মংগল গ্ৰহৰ সাদৃশ্যবােৰ জীৱৰ অস্তিত্বৰ বাবে অনুকূল আৰু গুৰুত্বপূৰ্ণ বুলি বৈজ্ঞানিকসকলে অভিহিত কৰিছে ।
আনহাতে যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবােৰ মৌলিক আৰু গুৰুত্বপূর্ণ নহয় সেই সাদৃশ্যানুমানক দুঃসাদৃশ্যানুমান বােলে ।
উদাহৰণস্বৰূপে মানুহৰ দৰে উদ্ভিদৰ জন্ম , বৃদ্ধি আৰু মৃত্যু আছে । মানুহৰ বুদ্ধি আছে । গতিকে উদ্ভিদৰো বুদ্ধি আছে । এই অনুমান দুঃসাদৃশ্যানুমান । কাৰণ জন্ম , বৃদ্ধি আৰু মৃত্যু বুদ্ধিৰ অস্তিত্বৰ বাবে মৌলিক নহয় ; গৌণ বা আকস্মিকহে ।
প্রশ্ন ৮। নিগমন আৰু আগমনৰ পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ নিগমন আৰু আগমন অনুমান বিশ্লেষণ কৰিলে তলত দিয়া পার্থক্যবােৰ পােৱা যায় ।
( ১ ) নিগমন অনুমানত সামান্যৰ পৰা বিশেষ সত্যত উপনীত হােৱা যায় । আনহাতে আগমন অনুমানত বিশেষৰ পৰা সামান্য সত্যত উপনীত হােৱা যায় ।
( ২ ) নিগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নােৱাৰে । কিন্তু আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হয় ।
( ৩ ) নিগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিসৃত হয় । আশ্রয়বাক্য সত্য হলে সিদ্ধান্তও সত্য হ’ব । কিন্তু আগমন অনুমানত আশ্রয়বাক্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তটো প্রতিষ্ঠা কৰা হয় । আশ্রয়বাক্যই সিদ্ধান্তৰ নিশ্চয়তা সাব্যস্ত নকৰে ।
( ৪ ) নিগমন অনুমানত আশ্রয়বাক্য সত্য বুলি ধৰি লােৱা হয় । কিন্তু আগমন অনুমানত আশ্রয়বাক্য নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় ।
( ৫ ) নিগমন আগমনে আকাৰত সত্যতাৰ বিচাৰ কৰে । কিন্তু আগমন অনুমানে আকাৰগত আৰু বস্তুগত দুয়াে প্রকাৰৰ সত্যতাৰ বিচাৰ কৰে ।
প্রশ্ন ৯। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ তিনিটা সাদৃশ্য উল্লেখ কৰা ।
উত্তৰঃ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত তিনিটা সাদৃশ্য হ’ল—
( ১ ) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন দুয়াে প্রকাৰৰ আগমনেই এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।
( ২ ) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন — এই দুই প্রকাৰৰ আগমন পর্যবেক্ষণৰ ওপৰত ভৰশীল ।
( ৩ ) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়াে প্রকাৰৰ আগমনৰ মূল লক্ষণ ‘ আগমনাত্মক জাঁপ ’ আছে । সেয়েহে দুয়াে প্ৰকাৰৰ আগমনেই প্রকৃত আগমন ।
প্রশ্ন ১০। আগমনৰ চাৰিটা স্তৰ ব্যাখ্যা কৰা ।
উত্তৰঃ আগমনৰ চাৰিটা স্তৰ হ’ল—
( ক ) পর্যৱেক্ষণ ।
( খ ) প্রকল্প গঠন ।
( গ ) মান্যীকৰণ ।
( ঘ ) প্রামাণীকৰণ ।
আগমন অনুমানে বাস্তৱ জগতৰ পৰা দৃষ্টান্ত সংগ্রহ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰে । বাস্তৱ জগতৰ পৰা বিশেষ বিশেষ দৃষ্টান্ত সংগ্রহ কৰি সামান্য সত্যত উপনীত হয় । প্রথমে আগমনে আশ্রয়বাক্য নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা বাস্তৱ জগতৰ পৰা সংগ্রহ কৰে । অর্থাৎ আগমনৰ প্রথম স্তৰ হ’ল পর্যবেক্ষণ । আগমনৰ দ্বিতীয় স্তৰ প্রকল্প গঠন । তাৰ পিছত তৃতীয় স্তৰত পর্যবেক্ষণৰ পৰা কোনাে জ্ঞানৰ ভিত্তিত মনত যি সামান্য সম্বন্ধৰ ধাৰণা জন্মে সেই সম্বন্ধকে বাস্তৱ জগতৰ লগত ৰিজাই তাৰ সত্যাসত্য নির্ণয় কৰাই চতুর্থ স্তৰ প্রামাণীকৰণ বা সত্যাপণ বা বাস্তৱ ঘটনাৰ সমর্থন । প্রামাণীকৰণ দুই প্রকাৰৰ হ’ব পাৰে –
( ক ) প্রত্যক্ষ প্রামাণীকৰণ আৰু
( খ ) পৰোক্ষ প্রামাণীকৰণ ।
প্রশ্ন ১১। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ চাৰিটা অমিল উল্লেখ কৰা ।
উত্তৰঃ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ চাৰিটা অমিল হ’ল—
( ১ ) বৈজ্ঞানিক আগমনত পৰীক্ষণ আৰু নিৰীক্ষণ— দুয়ােটা প্রক্রিয়াৰে বিশেষ বিশেষ দৃষ্টান্ত সংগ্রহ কৰা হয় । কিন্তু অবৈজ্ঞানিক আগমনত অকল নিৰীক্ষণৰ দ্বাৰাহে দৃষ্টান্ত সংগ্রহ কৰা হয় ।
( ২ ) বৈজ্ঞানিক আগমনত বিশেষ বচনৰ পৰা সার্বিক বচনলৈ যাওঁতে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয় । আনহাতে অবৈজ্ঞানিক আগমনত অকল নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰি সামান্য সত্যত উপনীত হােৱা যায় । ইয়াত কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা নহয় ।
( ৩ ) বৈজ্ঞানিক আগমনত কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় । বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় । কিন্তু অবৈজ্ঞানিক আগমনত অকল একাধিক অভিজ্ঞতা বা বাধাহীন অভিজ্ঞতা বা প্রকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় বাবে ইয়াৰ সিদ্ধান্ত সম্ভৱনামূলক হয় ।
( ৪ ) বৈজ্ঞানিক আগমন এটা জটিল প্রক্রিয়া । ইয়াত কার্য-কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰিবলৈ কেইবাটাও স্তৰ অতিক্ৰম কৰিবলগীয়া হয় ।
যেনে— ঘটনাৰ বিশ্লেষণ , পর্যবেক্ষণ , প্রকল্প গঠন , প্রামাণীকৰণ আদি অতিক্রম কৰিব লাগে । কিন্তু অবৈজ্ঞানিক আগমন এক সৰল প্রক্রিয়া । কাৰণ ইয়াত কার্য – কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰাৰ কোনাে চেষ্টা কৰা নহয় ।
প্রশ্ন ১২। সুসাদৃশ্যমান আৰু দুঃসাদৃশ্যানুমানৰ মাজৰ পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ সাদৃশ্যানুমানৰ দুটা ভাগ হ’ল—
( ১ ) সু – সাদৃশ্যানুমান আৰু
( ২ ) কু সাদৃশ্যানুমান বা দুঃসাদৃশ্যানুমান ।
দুটা বস্তুৰ মাজৰ সাদৃশ্য থকা গুণবােৰ যদি মৌলিক বা গুৰুত্বপূৰ্ণ হয় তেতিয়া তাৰ ওপৰত নিৰ্ভৰ কৰি কৰা সিদ্ধান্তৰ মূল্য অধিক হয় । অর্থাৎ ইয়াৰ সিদ্ধান্তৰ সম্ভাৱনা অধিক হয় । এনে ধৰণৰ সাদৃশ্যানুমানক সু – সাদৃশ্যানুমান বােলে । যেনে – পৃথিৱী আৰু মংগল দুয়ােটাই সৌৰজগতৰ গ্রহ । দুয়ােটাই সূৰ্যৰ চাৰিওফালে ঘূৰে । পৃথিৱীত মাটি , পানী , বায়ু , উত্তাপ আদি আছে । মংগল গ্রহতাে এইবােৰ আছে । অর্থাৎ উভয়ৰ মাজত বহুবিষয়ত সাদৃশ্য আছে । অনুমান কৰা হ’ল যে পৃথিৱীত জীৱ আছে গতিকে মংগল গ্রহতাে জীৱ আছে । এনে সাদৃশ্যানুমান সু সাদৃশ্যানুমান ।
যদি দুটা বস্তুৰ মাজৰ সাদৃশ্য আকস্মিক বা গৌণ হয় , মৌলিক বা গুৰুত্বপূৰ্ণ নহয় , তেনেহ’লে । সেই সাদৃশ্যানুমানক কু – সাদৃশ্যানুমান বা দুঃসাদৃশ্যানুমান বােলে । উদাহৰণস্বৰূপে , মানুহৰ দৰে উদ্ভিদৰাে জন্ম , বৃদ্ধি আৰু মৃত্যু আছে । মানুহৰ বুদ্ধি আছে । গতিকে উদ্ভিদৰো বুদ্ধি আছে । এই সাদৃশ্যানুমান দুঃ বা কু – সাদৃশ্যানুমান ।
| Sl. No. | Contents |
| Chapter 1 | আগমন |
| Chapter 2 | আগমনৰ ভিত্তি |
| Chapter 3 | প্ৰকল্প |
| Chapter 4 | মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি |
| Chapter 5 | বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক |
| Chapter 6 | ভাববাদ: আত্মগত আৰু বস্তুগত |
| Chapter 7 | নীতিশাস্ত্র |
| Chapter 8 | ধর্ম |
প্রশ্ন ১৩। আগমনাত্মক জাঁপৰ বিষয়ে চমুটোকা লিখা ।
উত্তৰঃ আগমন অনুমানৰ এটা উল্লেখযােগ্য লক্ষণ হল — আগমনাত্মক জাঁপ বা সংকট । আগমনৰ সিদ্ধান্ত পর্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল যদিও অকল পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি সার্বিক সিদ্ধান্ত পর্যবেক্ষণ কৰিব নােৱাৰি । ইয়াৰ অৰ্থ আগমনৰ সিদ্ধান্ত পর্যবেক্ষণ ওপৰত নিৰ্ভৰশীল নহয় ।
আগমনত কোনাে বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পর্যবেক্ষণ কৰা হয় । এই পর্যবেক্ষণৰ ভিত্তিত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞান পােৱা যায় । সার্বিক সম্বন্ধৰ জ্ঞান পােৱা নাযায় । বিশেষ বিশেষ মানুহৰ মৃত্যুৰ জ্ঞানে সম্ভৱ হ’লেও সকলাে মানুহৰ মৃত্যুৰ জ্ঞান পর্যবেক্ষণৰ ওপৰত ভিত্তি কৰি পােৱা নাযায় । সার্বিক জ্ঞান অনুমানৰ ওপৰত নিৰ্ভৰশীল । আগমন অনুমানত বিশেষ বিশেষ জ্ঞানৰ পৰা সার্বিক জ্ঞানলৈ আগবাঢ়োতে বা জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ যাওঁতে এক জাঁপ সন্মুখীন হ’ব লগা হয় । এই জাঁপক আগমনাত্মক জাঁপ বােলা হয় । ইয়াক ‘ অন্ধকাৰত মৰা জাঁপ ’ বুলিও কোৱা হয় । জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হােৱা এই পথ দুর্গম । ইয়াত সকলাে সময়তে এটা অনিশ্চয়তা ৰৈ যায় । সেই বাবে আগমনাত্মক জাপক আগমনাত্মক সংকট বুলিও কোৱা হয় । আগমনাত্মক জপ আগমন অনুমানৰ মূল লক্ষণ । এই জাঁপ বা লক্ষণ নাথাকিলে কোনাে আগমনেই প্রকৃত আগমন হ’ব নােৱাৰে ।
প্রশ্ন ১৪। বৈজ্ঞানিক আগমন কি ? ইয়াৰ তিনিটা মূল বৈশিষ্ট্য কি ?
উত্তৰঃ বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতাবিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি বৈজ্ঞানিক আগমনে যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।
কার্য – কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।
বৈজ্ঞানিক আগমনৰ তিনিটা বৈশিষ্ট্য হল—
( ১ ) বৈজ্ঞানিক আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত এটা বচন । ধাৰণা বা প্রত্যয় নহয় ।
বচনত দুটা পদৰ মাজত সম্বন্ধ ব্যক্ত কৰা হয় ।
দ্বিতীয়তে সিদ্ধান্তটো সামান্য বচন , বিশেষ বচন নহয় ।
তৃতীয়তে সিদ্ধান্তটো এটা সংশ্লেষক বচন ; শাব্দিক বা বিশেষ বচন নহয় ।
( ২ ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল । পর্যবেক্ষণ দুই প্রকাৰৰ নিৰীক্ষণ আৰু পৰীক্ষণ । আগমনে নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত বাস্তৱ জগতৰ পৰা , বিশেষ বিশেষ ঘটনা পর্যবেক্ষণ কৰি বস্তুগত সত্যতা নিৰূপণ কৰে ।
( ৩ ) বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত নিৰ্ভৰশীল ( ১ ) প্রকৃতিৰ একৰূপতাবিধি আৰু ( ২ ) কার্য – কাৰণ বিধি । দুয়ােটা বিধিয়েই স্বতঃসিদ্ধ বা পূর্বসিদ্ধ । অর্থাৎ বিধি দুটাৰ প্রমাণৰ প্ৰয়ােজন নাই । আগমনাত্মক জাঁপ বা সংকট অতিক্রম কৰিবলৈ বৈজ্ঞানিক আগমনত এই বিধি দুটাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ।
প্রশ্ন ১৫। আগমনৰ সমস্যাৰ বিষয়ে এটা চমুটোকা লিখা ।
উত্তৰঃ আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হােৱা যায় । বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ অভিজ্ঞতাৰ পৰা সেই জাতীয় সকলাে বস্তু বা ঘটনাৰ সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হৈ আগমনত সামান্য সংশ্লেষক বা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় ; সেইটোৱেই আগমনৰ মূল সমস্যা । নিগমনৰ প্রয়ােজনীয় সামান্য বচন আগমনৰ পৰাই পােৱা যায় ।
আগমন অনুমানত বস্তুগত সত্যতা প্রতিষ্ঠা কৰাৰ চেষ্টা কৰা হয় । সামান্য সংশ্লেষক বচনবােৰ বস্তুগতভাৱে সত্য হ’ব যদিহে বিশেষ বিশেষ আধাৰ বচনবােৰ বস্তুগতভাৱে সত্য হয় । বিশেষ বিশেষ দৃষ্টান্তৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি কোনাে সামান্য সত্য প্রতিষ্ঠা কৰিলে সেই সামান্য সত্য যথার্থ বা নিশ্চিত বুলি কিদৰে প্ৰমাণ কৰিব পাৰি – সেইটোৱেই আগমনত মূল প্রশ্ন । বিশেষৰ পৰা সামান্যত উপনীত হােৱাৰ ন্যায্যতা কিদৰে প্রতিপন্ন কৰিব পাৰি – সেয়েই আগমনৰ মূল সমস্যা ।
আগমনৰ এই সমস্যা সমাধানৰ বাবে দুটা মূল বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়— ( ১ ) প্রকৃতিৰ এৰূপতা বিধি আৰু ( ২ ) কার্যকাৰণ বিধি । প্রকৃতিৰ এৰূপতা বিধি অনুসৰি একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে আৰু কার্যকাৰণ বিধি অনুসৰি প্রত্যেক ঘটনাৰে এটা কাৰণ থাকে । বিনা কাৰণত কোনাে ঘটনাই নঘটে । বিশেষ বিশেষ বস্তু বা ঘটনাৰ মাজত সাধাৰণ আৰু মৌলিক লক্ষণবােৰ আৱিষ্কাৰ বা প্রমাণ কৰিব পাৰিলে এই সমস্যাৰ সমাধান হয় ।
দীঘলীয়া প্রশ্নোত্তৰ ( মূল্যাংক -৬ )
প্রশ্ন ১। আগমন কি ? ইয়াৰ সাধাৰণ লক্ষণবােৰ কি কি ?
উত্তৰঃ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পর্যবেক্ষণ কৰি তাৰ পৰা পােৱা অভিজ্ঞতাৰ ভিত্তিত সেইজাতীয় সকলাে বস্তু বা ঘটনা সম্পর্কে যথার্থ সামান্য বচন প্রতিষ্ঠা কৰাই আগমন । অর্থাৎ ‘ কিছুমানৰ পৰা সকলােলৈ জাঁপ দিয়া প্রক্রিয়াই আগমন । যেনে — মাত্র কেইজনমান মানুহৰ মৃত্যু লক্ষ্য কৰি সকলাে মানুহ মৰণশীল ’ — এই সামান্য বচন প্রতিষ্ঠা কৰাই আগমন ।
আগমনৰ মূল লক্ষণবােৰ হ’ল –
( ১ ) আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।
( ২ ) আগমনৰ সিদ্ধান্ত প্রত্যক্ষ সাপেক্ষ বা পর্যবেক্ষণ সিদ্ধ ।
( ৩ ) আগমন অনুমিতি স্বভাৱৰ । অর্থাৎ আগমনে অনুমানৰ ওপৰত নিৰ্ভৰ কৰে ।
( ৪ ) আগমন অনুমানত আগমনাত্মক জাঁপ থাকে । তর্কশাস্ত্রবিদ মিল আৰু বেইনৰ মতে আগমনাত্মক জীপ আগমনৰ প্রধান লক্ষণ ।
( ৫ ) আগমনত একাধিক অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয় । অর্থাৎ প্রকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয় ।
( ৬ ) আগমন অনুমানত কার্য – কাৰণ বিধিও প্রয়ােগ কৰাৰ চেষ্টা কৰা হয় ।
প্রশ্ন ২। আগমন নীতি বুলিলে কি বুজা ? ইয়াৰ বিভিন্ন স্তৰবােৰ ব্যাখ্যা কৰা ।
উত্তৰঃ যি নীতি বা প্রক্রিয়াৰ সহায়ত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি সামান্য সম্বন্ধ প্রতিষ্ঠা কৰা হয় তাক আগমন নীতি বােলে ।
বিশেষ বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ভিত্তিত সামান্য বচন প্রতিষ্ঠা কৰিবলৈ হ’লে আগমন নীতি বা পদ্ধতিয়ে পর্যায় ক্রমে নিম্নলিখিত স্তৰবােৰ অতিক্ৰম কৰিব লাগিব । যেনে
( ক ) পর্যবেক্ষণ।
( খ ) প্রকল্প গঠন ।
( গ ) সামান্যীকৰণ ।
( ঘ ) প্রামাণীকৰণ ।
( ক ) পর্যবেক্ষণ :- পর্যবেক্ষণ আগমন পদ্ধতিৰ প্রথম স্তৰ । উদ্দেশ্যবিহীন যিকোনাে প্রত্যক্ষ পর্যবেক্ষণ নহয় । পর্যবেক্ষণ হ’ল কোনাে এটা নির্দিষ্ট উদ্দেশ্য অনুসৰি কৰা সুনিয়ন্ত্রিত প্রত্যক্ষ । পর্যবেক্ষণ নিৰীক্ষণমূলক আৰু পৰীক্ষণমূলক হ’ব পাৰে । প্ৰকৃতিৰ ঘটনাবােৰ জটিল । এই জটিল ঘটনাৰ পৰা অন্বেষণীয় ঘটনা উদ্ঘাটন কৰাই পর্যবেক্ষণৰ উদ্দেশ্য । গতিকে অতি সতর্কতাৰে প্রথম স্তৰৰ পৰাই সুনির্দিষ্ট পথেৰে অগ্ৰসৰ হ’ব লাগিব
( ক ) প্রথমে সংজ্ঞা নিৰূপণ কৰি তাৰ পিছতহে বিশেষ ঘটনা পর্যবেক্ষণ কৰিব লাগিব ।
( খ ) প্রকৃতিত কোনাে এটা ঘটনা আন ঘটনাৰ লগত জটিলভাৱে মিশ্ৰিত হৈ ঘটে । মিশ্রিত ঘটনাৰ বিশ্লেষণ কৰি অপ্রয়ােজনীয় অংশ বাদ দি প্রয়ােজনীয় অংশ নির্ণয় কৰিব লাগে ।
( গ ) প্রয়ােজনীয় অংশৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি অপ্রয়ােজনীয় অংশ অপসাৰণ কৰিব লাগে । নিয়ত বা প্রয়ােজনীয় অংশই কার্য বা কাৰণ হ’ব পাৰে । অপ্রয়ােজনীয় অংশক অপসাৰণ কৰাই আগমন নীতি বা পদ্ধতিৰ গুৰুত্বপূর্ণ স্তৰ । গতিকে সাৱধানে সংজ্ঞা নির্ণয় , পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন বা বিশ্লেষণ , অপসাৰণ আদিৰ সহায়ত পর্যবেক্ষণ প্রক্রিয়াক সফল কৰি তুলিব পাৰি ।
( খ ) প্রকল্প গঠন :- ওপৰত উল্লেখ কৰা ধৰণে পর্যবেক্ষণ কৰিলে ঘটনাৰ কাৰণ সম্পর্কে মনত এটা ধাৰণাৰ সৃষ্টি হয় । সাম্ভাৱ্য কাৰণবােৰৰ ভিতৰত কোনাে এটাক প্রকৃত কাৰণ বুলি ধৰি লােৱাই প্রকল্প গঠন। যদি এনে প্ৰকল্পৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰিব পৰা নাযায় তেনেহ’লে • সেই প্রকল্প বাদ দি আন এটা প্রকল্পৰ সহায়ত পুনৰ অনুসন্ধান চলােৱা হয় । প্রকল্প গঠন আগমন প্রক্রিয়াৰ দ্বিতীয় স্তৰ ।
Whewell ৰ মতে প্রকল্প গঠনেই আগমন পদ্ধতিৰ গুৰুত্বপূৰ্ণ বা প্রধান স্তৰ ।
( গ ) সামান্যীকৰণ :- অন্বেষণীয় ঘটনা পর্যবেক্ষণ কৰি মনত উদয় হােৱা প্রকল্পক সেই জাতীয় সকলাে ক্ষেত্রলৈ সম্প্রসাৰিত কৰাই সামান্যীকৰণ । সামান্যীকৰণ আগমন নীতি বা পদ্ধতিৰ তৃতীয় স্তৰ । কিন্তু জন ষ্টুয়ার্ট মিলৰ মতে সামান্যীকৰণ আগমন পদ্ধতিৰ অন্তিম স্তৰ । কাৰণ আগমন পদ্ধতিত সামান্যীকৰণ চূড়ান্ত পর্যায় । কিন্তু জেভনছ , ফাউলাৰ আদি তর্কশাস্ত্রবিদৰ মতে আগমন পদ্ধতিৰ এটা অতি প্রয়ােজনীয় স্তৰ আছে । প্রামাণীকৰণ বা সত্যাপনেই আগমন পদ্ধতিৰ অন্তিম স্তৰ ।
( ঘ ) প্রামাণীকৰণ ৰা সত্যাপন :- পর্যবেক্ষণৰ পৰা পােৱা সামান্য সম্বন্ধৰ ধাৰণাক বাস্তৱ ঘটনাৰ লগত ৰিজাই তাৰ সত্যাসত্য নির্ণয় কৰাই প্রামাণীকৰণ বা সত্যাপন । প্রামাণীকৰণ প্রত্যক্ষ আৰু পৰােক্ষ হ’ব পাৰে । সামান্য সম্বন্ধক পােনপটীয়াকৈ বাস্তৱ ঘটনাৰ সৈতে ৰিজাই চালে প্রত্যক্ষ প্রামাণীকৰণ কৰা হ’ব । যেতিয়া প্রত্যক্ষভাবে সামান্য সম্বন্ধক বাস্তব ঘটনাৰ লগত ৰিজাই চাব নােৱাৰি তেতিয়া সামান্য সম্বন্ধ থকা বচনটোৰ পৰা নিগমন প্রক্রিয়াৰে নিঃসৰণ কৰি তথ্যবােৰৰ লগত বাস্তৱ ঘটনাক ৰিজাই চোৱা হয় । যদি নিঃসৃত তথ্যবােৰৰ লগত বাস্তৱ ঘটনাৰ সংগতি থাকে তেনেহ’লে তথ্যবােৰ সত্য হয় আৰু ফলত সামান্য বচনটো প্রমাণিত হয় । যদি নহয় তেনেহ’লে ইয়াক বর্জন কৰি আন প্রকল্প গঠন কৰি পুনৰ অনুসন্ধান কৰিব লাগে । এয়ে হৈছে পৰােক্ষ প্রামাণীকৰণ প্রক্রিয়া ।
আগমন পদ্ধতিৰ এই চাৰিটা এটা এটাকৈ অতিক্রম কৰি আহিলে এই পদ্ধতিৰে যথার্থ । সামান্য বচনত নিশ্চিতভাৱে উপনীত হ’ব পাৰি ।
প্রশ্ন ৩। বৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ যি আগমনত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত ভিত্তি কৰি এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বােলে ।
যেন – ৰাম হয় মৰণশীল
ৰহিম হয় মৰণশীল
জন হয় মৰণশীল
বৈজ্ঞানিক আগমনৰ সংজ্ঞা বিশ্লেষণ কৰিলে নিম্নলিখিত বৈশিষ্ট্যবোৰ পােৱা যায় ।
( ১ ) বৈজ্ঞানিক আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । ধাৰণা বা প্রত্যয় নহয় ।
( ক ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত প্রথমে এটা বচন । বচন মতে দুটা পদৰ মাজৰ সম্বন্ধৰ উক্তি বা উল্লেখ ।
( খ ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত এটা সামান্য বচন । বিশেষ বচন নহয় ।
( গ ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত এটা সংশ্লেষক বচন । বিশ্লেষক বচন নহয় । গতিকে আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।
( ২ ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল । পর্যবেক্ষণ দুই প্রকাৰৰ নিৰীক্ষণ আৰু পৰীক্ষণ । আগমন অনুমানত বস্তুগত সত্যতাৰ বিচাৰ কৰা হয় । নিৰীক্ষণ আৰু
পৰীক্ষণে আগমনব বস্তুগত সত্যতা নিরূপণ কৰে । কাৰণ নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা আগমনত বাস্তৱৰ পৰা বিশেষ বিশেষ দৃষ্টান্ত সংগ্রহ কৰা হয় ।
( ৩ ) আগমন সংকট বা জজাঁপ বৈজ্ঞানিক আগমনৰ প্ৰধান বৈশিষ্ট্য । বৈজ্ঞানিক আগমনত বিশেষণৰ পৰা সামান্যলৈ বা জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ এটা জাঁপ মৰা হয় ।
( ৪ ) বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত প্রতিষ্ঠিত ।
এই বিধি দুটা হ’ল—
( ক ) প্ৰকৃতিৰ একৰূপতা বিধি । আৰু
( খ ) কার্য – কাৰণ বিধি ।
প্রকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হৈছে । একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে আৰু কার্য – কাৰণ বিধিৰ অৰ্থ হৈছে প্রত্যেক কার্যৰ এটা কাৰণ আছে । এই দুই বিধি স্বতঃসিদ্ধ । এই দুই বিধিৰ ওপৰত আগমনৰ আকাৰগত সত্যতা নির্ভৰ কৰে । আগমনাত্মক জাঁপ অতিক্রম কৰিবলৈ এই দুই বিধিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ।
( ৫ ) কার্য – কাৰণ বিধিৰ ওপৰত প্রতিষ্ঠিত বাবে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।
প্রশ্ন ৪। অবৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ যি আগমনত কোনাে বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি , কার্যকাৰণ সম্বন্ধ নির্ণয় কৰাৰ কোনাে চেষ্টা নকৰাকৈ কেৱল বাধাহীন , অভিজ্ঞতাৰ একেৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় তাক অবৈজ্ঞানিক আগমন বােলে ।
অবৈজ্ঞানিক আগমনৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যবােৰ পােৱা যায় ।
( ১ ) অবৈজ্ঞানিক আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।
( ২ ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত প্রত্যক্ষ সাপেক্ষ বা পর্যবেক্ষণসিদ্ধ ।
( ৩ ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পর্যবেক্ষণসিদ্ধ হলেও ই অনুমিতি স্বভাৱৰ । ই অনুমানৰ ওপৰত নিৰ্ভৰশীল ।
( ৪ ) অবৈজ্ঞানিক আগমনত আগমনাত্মক জাঁপ বা সংকট আছে । সেয়েহেই প্রকৃত আগমনৰ এটা প্রকাৰ ।
( ৫ ) অবৈজ্ঞানিক আগমনত অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয় । বিৰােধী দৃষ্টান্ত অভাৱৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় । অর্থাৎ ইয়াত প্রকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয় ।
( ৬ ) অবৈজ্ঞানিক আগমনত কার্যকাৰণ সম্বন্ধ নিৰূপণ কৰাৰ কোনাে চেষ্টা কৰা নহয় ।
( ৭ ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক । কাৰণ ইয়াত কার্যকাৰণ সম্বন্ধ নিৰূপণৰ চেষ্টা কৰা নহয় ।
প্রশ্ন ৫। সাদৃশ্যানুমান কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ দুটা বস্তুৰ মাজত থকা কেতবােৰ গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি , সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনাে গুণ বা লক্ষণ দ্বিতীয় বস্তুটোতাে আছে বুলি যি অনুমান কৰা হয় তাক সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান বােলা হয় । যেনে পৃথিৱী আৰু মংগল । দুয়ােটাই সৌৰজগতৰ দুটা গ্রহ । দুয়ােটা গ্ৰহৰ মাজত বহু বিষয়ত সাদৃশ্য আছে । উভয়েই সূর্যক প্রদক্ষিণ কৰে , উভয়ৰে জলবায়ু , পানী , মাটি , বতাহ , উত্তাপ আদি বিষয়ত সাদৃশ্য আছে । পৃথিৱীত জীৱ আছে । গতিকে অনুমান কৰা হ’ল যে মংগল গ্রহতাে জীৱ আছে ।
সাদৃশ্যানুমানৰ সংজ্ঞা বিশ্লেষণ কৰিলে তলত দিয়া বৈশিষ্ট্যবােৰ পােৱা যায় ।
( ১ ) সাদৃশ্যানুমানত জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হােৱা যায়। ইয়াত আগমনে অনুমানৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে । গতিকে ই প্রকৃত আগমন ।
( ২ ) সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হােৱা যায় । বিশেষৰ পৰা সামান্য সত্যত নহয় । গতিকে ই অসম্পূর্ণ অনুমান ।
( ৩ ) দুটা বস্তুৰ মাজৰ কেতবােৰ গুণ বা লক্ষণৰ সাদৃশ্যই সাদৃশ্যানুমানৰ মূল ভিত্তি । গতিকে ইয়াৰ সাদৃশ্যও অসম্পূর্ণ সাদৃশ্য ।
( ৪ ) অকল সাদৃশ্যৰ ওপৰত ভিত্তি কৰিয়েই সাদৃশ্যানুমানত সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় । গতিকে সিদ্ধান্ত সদায় সম্ভাৱনামূলক । কাৰণ ইয়াত কার্যকাৰণ বিধিও নির্ণয় কৰাৰ চেষ্টা কৰা নহয় । সেয়েহে সাদৃশ্যানুমানৰ সিদ্ধান্ত নিশ্চিত নহয় — সম্ভাৱনামূলক ।
প্রশ্ন ৬। অবৈজ্ঞানিক আগমনৰ মূল্য কি ?
উত্তৰঃ অবৈজ্ঞানিক আগমনত অকল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় । সেয়েহে ইয়াৰ সিদ্ধান্তৰ মূল্য সম্পর্কে প্রশ্ন উঠে । অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক , নিশ্চিত স্বভাৱৰ নহয় । কিন্তু অবৈজ্ঞানিক আগমন মূল্যহীন নহয় । এই প্রকাৰৰ আগমন সকলাে আগমনৰেই প্রাথমিক স্তৰ ।
তর্কশাস্ত্রবিদ বেকনৰ মতে অবৈজ্ঞানিক আগমনৰ মূল্য নাই । ইয়াত অকল দৃষ্টান্তৰ সংখ্যাৰ আধিক্য আৰু অবিৰােধী দৃষ্টান্তৰ ওপৰত গুৰুত্ব দিয়া হয় । এটা মাত্র বিৰােধী দৃষ্টান্তই অবৈজ্ঞানিক আগমনক মূল্যহীন কৰিব পাৰে । যিহেতু অবৈজ্ঞানিক আগমনত কার্য – কাৰণ বিধি মানি চলা নহয় গতিকে বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা ই বেকনৰ মতে মূল্যহীন ।
আন কিছুমান তর্কশাস্ত্রবিদৰ মতে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক যদিও মূল্যহীন নহয় । কাৰণ পৃথিৱীৰ সকলাে সময়ৰ মানুহৰ অভিজ্ঞতাক মূল্যহীন বুলি ক’ব নােৱাৰি । ফাওলাৰৰ মতে– অবৈজ্ঞানিক আগমনৰ মূল্য দুটা বিষয়ৰ ওপৰত নিৰ্ভৰশীল ।
( ক ) সদর্থক দৃষ্টান্তৰ সংখ্যা । আৰু
( খ ) নেতিবাচক বা নঞর্থক দৃষ্টান্তৰ অনুপস্থিতি ।
সদর্থক দৃষ্টান্তৰ সংখ্যা যিমানেই বেছি হ’ব , অবৈজ্ঞানিক আগমনৰ মূল্যও সিমানেই বাঢ়ি যাব । সদর্থক দৃষ্টান্তৰ সংখ্যা যিমানেই কম হ’ব অবৈজ্ঞানিক আগমনৰ মূল্যও সিমানেই কমি । যাব । আনহাতে নেতিবাচক বানার্থক দৃষ্টান্ত যদি অনুপস্থিত থাকে তেনেহ’লে অবৈজ্ঞানিক আগমনৰ মূল্য বাঢ়িব ।গতিকে ক’ব পাৰি যে অবৈজ্ঞানিক আগমনব সিদ্ধান্ত মূল্যহীন নহয় । তথাপি কার্য – কাৰণ । সম্বন্ধ প্রতিষ্ঠা কৰাৰ চেষ্টা নকৰা বাবে ইয়াৰ সিদ্ধান্ত বৈজ্ঞানিক আগমনৰ দৰে নিশ্চিত স্বভাৱৰ নহয় । অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত প্রতিষ্ঠিত বাবে অবৈজ্ঞানিক আগমনে বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰে । সেয়েহে অবৈজ্ঞানিক আগমন বৈজ্ঞানিক আগমনৰ প্রাথমিক স্তৰ ।
প্রশ্ন ৭। তুমি এই কথা মানি লােৱানে যে নিগমন আৰু আগমন পার্থক্য কেৱল ইয়াৰ আৰম্ভণিহে , ইয়াৰ পৰিণতিত নহয় ? ব্যাখ্যা কৰা ।
উত্তৰঃ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হােৱাই অনুমান । আগমন দুই প্রকাৰৰ আগমন আৰু নিগমন । নিগমন আৰু আগমন অনুমানৰ পাৰ্থক্য মাত্র প্রক্রিয়াৰ আৰম্ভণিতহে । দুয়ােটাৰ মাজত আচলতে মূলগত পার্থক্য নাই । জ্ঞানৰ যথার্থতাই সত্যতা । ধাৰণাৰ লগত যদি আত্মসংগতি থাকে আৰু ধাৰণাৰ লগত যদি বিষয়বস্তুৰ সাদৃশ্য বা অনুৰূপতা থাকে তেনেহলে জ্ঞানৰ সত্যতা লাভ কৰা যায় । পাশ্চাত্য তর্কশাস্ত্রবিদসকলে সত্যতাক বস্তুগত আৰু আকাৰগতভাৱে দুভাগ কৰে । তথাপি দেখা যায় যে এই দুই প্রকার সত্যতা এটা আনটোৰ পৰিপূৰক । সত্যতাৰ আকাৰগত আৰু বস্তুগত দুয়ােটা ভাগ একেটা সত্যতাৰে দুটা দিশ ।
জ্ঞান আকাৰগতভাৱে সত্য নহ’লে বস্তুগতভাৱে সত্য হ’ব নােৱাৰে । সেইদৰে বস্তুগতভাৱে সত্য নহ’লে আকাৰগতভাৱে সত্য হ’ব নােৱাৰে । গতিকে এটাক উপেক্ষা কৰি আনটোৰ আলােচনা কৰিব নােৱাৰি । আলােচনাৰ সুবিধাৰ বাবেহে কেতিয়াবা আকাৰৰ ওপৰত কেতিয়াবা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয় । অনুমানৰ মূল উদ্দেশ্য অখণ্ড , অবিভাজ্য সত্য অন্বেষণ । গতিকে এটাক গুৰুত্ব দি আনটোক গুৰুত্বহীন কৰাৰ অর্থ নাই । ই যুক্তিসংগত নহয় ।
আগমন আৰু নিগমন — দুয়ােটা প্রক্রিয়াই পৰম্পৰৰ ওপৰত নিৰ্ভৰশীল । এটা আনটোৰ পৰিপূৰক । আগমনৰ সহায় নহ’লে নিগমনৰ সার্বিক সিদ্ধান্ত প্রতিষ্ঠিত নহয় । আনহাতে নিগমনৰ সহায় নহ’লে আগমনৰ সার্বিক সম্বন্ধৰ জ্ঞানৰ সত্যতা প্রমাণিত নহয় । গতিকে দুই প্রক্রিয়া পৰম্পৰৰ ওপৰত নিৰ্ভৰশীল ।
গতিকে ক’ব পাৰি যে আগমন আৰু নিগমনৰ পার্থক্য মাথােন প্রক্রিয়াৰ আৰম্ভণিতহে , মূলগত নহয় ।
প্রশ্ন ৮। আগমনৰ প্ৰয়ােজনীয়তা কি ?
উত্তৰঃ আগমনৰ প্রয়ােজনীয়তা আছে । নিগমন অনুমানৰ বাবে প্রয়ােজনীয় সামান্য বচন আগমনে যােগান ধৰে । ই এক উপযােগী প্রক্রিয়া । ইয়াৰ প্ৰয়ােজনীয়তা হ’ল—
( ১ ) আগমনে যুক্তিৰ বস্তুগত সত্যতা নিৰূপণ কৰি অনুমানক পূর্ণতা প্রদান কৰে ।
( ২ ) আগমনে নিগমনৰ সামান্য আশ্রয়বাক্য যােগান ধৰে ।
( ৩ ) প্রকৃতি নিয়মৰ ৰাজত্ব । এই নিয়মৰ জ্ঞান আগমনে দিয়ে ।
( ৪ ) প্রত্যেক বিজ্ঞানেই আগমনৰ ওপৰত নিৰ্ভৰ কৰে ।
( ৫ ) আগমন ভৱিষ্যত গৱেষণা বা অনুসন্ধানৰ পথ নির্দেশক ।
( ৬ ) কেৱল বিজ্ঞান বা তর্ক বিজ্ঞানৰ ক্ষেত্ৰতেই নহয় , ব্যৱহাৰিক জীৱনতাে আগমনৰ ভূমিকা অতি গুৰুত্বপূর্ণ ।
প্রশ্ন ৯ । সকলাে অনুমানেই সাদৃশ্যমূলক ’ – আলােচনা কৰা ।
উত্তৰঃ তর্কশাস্ত্র মিলৰ মতে সকলাে অনুমানেই সাদৃশ্যমূলক । সাদৃশ্যানুমানৰ স্বভাৱ লক্ষ্য কৰি জন স্টুয়ার্ট মিলে এই মত আগবঢ়াইছে । কাৰণ আগমনেই হওক বা নিগমনেই হওক যিকোনাে অনুমান প্রক্রিয়াত উদ্দেশ্য আৰু বিধেয় পদৰ মাজত সাদৃশ্য লক্ষ্য কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় ।
উদাহৰণ স্বৰূপে–
( ১ ) আগমন অনুমান :-
ৰাম হয় মৰণশীল
যদু হয় মৰণশীল
হৰি হয় মৰণশীল
সকলাে মানুহ হয় মৰণশীল ।
( ২ ) নিগমন অনুমান :-
সকলাে মানুহ হয় মৰণশীল
ৰাম হয় মানুহ
ৰাম হয় মৰণশীল ।
প্রথম উদাহৰণত বিশেষ বিশেষ ব্যক্তিৰ ক্ষেত্ৰত মৃত্যুৰ সাদৃশ্য লক্ষ্য কৰি সকলাে মানুহৰ ক্ষেত্ৰত মৃত্যুক অনুমান কৰা হৈছে । আনহাতে দ্বিতীয় উদাহৰণটোত সকলাে মানুহৰ ক্ষেত্ৰত মৃত্যুৰ সাদৃশ্য লক্ষ্য কৰি ৰামৰ মৃত্যুক বা মৰণশীলতাক অনুমান কৰা হৈছে ।
গতিকে দেখা যায় যে সাদৃশ্য জ্ঞান সকলাে অনুমানৰেই ভিত্তি । কিন্তু সাদৃশ্যজ্ঞান আৰু সাদৃশ্যানুমান একে নহয় । যদি সাদৃশ্যানুমানৰ অৰ্থ কেৱল সাদৃশ্যজ্ঞান বুলি ধৰা হয় তেনেহ’লে সকলাে অনুমানেই সাদৃশ্য জ্ঞানৰ ওপৰত নিৰ্ভৰশীল বুলি ক’ব পাৰি ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



Question answer lage logic and philosophy
???
why not showing next page option??
See Related post and share box Below… Eg… Pages: 1234
Sir, kindly exercise or question ans khini di dibo ☹️
sure
Sir, I couldn’t find some questions
Sir moi notun join hoic apunar accountot
Sir…. Please question Bank and text r question khiniu upload Kori dibo xun ( if possible all subjects)
sure
Sir,muk 1cepter tur defination bilak proyojon asile.. upload kori diok sun please
Mur tat ase lagibo neki garima?
Question bank solved korisa nakii tumi?? Jodi kori thaka tetiya hole mok dibo pariba please 🙏
Mur tat ase
Hii. Logic and philosophy all answers
Sir moi notun join hoic apunar accountot
Hoi hoi
Hello
Sir muk exercise aru question bankor guteikhini question answer lgibo