Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস

Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস and select needs one.

Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। আকবৰৰ ধর্ম সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ এজন সফল শাসনকর্তা হিচাপে আন আন দিশৰ দৰে ধর্মীয় দিশতাে আকবৰে কৃতকার্যতা লাভ কৰিছিল । উদাৰ ধর্মীয় নীতিৰ কাৰণে ভাৰতীয় জনসাধাৰণৰ মনত আকবৰ এজন শ্রেষ্ঠ ৰজা হিচাপে প্রতিষ্ঠা লাভ কৰিছে । 

ভাৰতবৰ্ষৰ দৰে এখন দেশত মুছলমানৰ শাসন ব্যৱস্থা স্থায়ী কৰিবলৈ হ’লে যে এক উদাৰ ধর্মীয় নীতিৰ জৰিয়তে দেশৰ প্ৰতিটো সম্প্রদায়ক একত্রিত কৰাটো খুবেই প্রয়ােজন , আকবৰে ভালদৰে উপলব্ধি কৰিছিল । সেয়ে শাসন কালৰ প্ৰথমৰ পৰাই আকবৰে ৰাষ্ট্ৰীয় নীতিক ধর্মীয় গণ্ডীৰ পৰা উর্ধ্বত ৰাখিবলৈ চেষ্টা কৰিছিল । সকলাে ধৰ্মৰ দিশসমূহ ফঁহিয়াই আলােচনা কৰাৰ কাৰণে আকবৰে এটা উপাসনা ঘৰ ( ইবাদত খানা ) সজাই লৈছিল আৰু সদায় বিভিন্ন ধর্মাৱলম্বী পণ্ডিতসকলৰ সৈতে আলােচনা কৰিছিল । 

আকবৰে বিভিন্ন উপায়ে ধৰ্মৰ মূল তত্ত্ববােৰ জানিবলৈ চেষ্টা কৰিছিল । ইয়াৰ ফলত আকবৰৰ ধমিত সলনি হ’বলৈ ধৰে । তেওঁৰ ধর্ম মতে নির্দিষ্ট সীমাৰেখা অতিক্রম কৰি সকলােৰে মনত এটা সার্বজনীন ভাবৰ সৃষ্টি হয় । আকবৰৰ এনেকুৱা অসাম্প্রদায়িক মনােভাৱৰ কাৰণে বিশেষকৈ উলেমাসকল আকবৰৰ বিৰােধী হৈ পৰিছিল । গােড়া উলেমাসকলে ধর্ম বিষয়ত আধিপত্য বিস্তাৰ কৰাটো মুঠেও পচন্দ কৰা নাছিল । সেয়ে ধর্ম বিষয়ক নিজৰ হাতলৈ অনাৰ 

কাৰণে আকবৰে শেখ মুবাৰকৰ সহায়ত এখন দলিল প্রস্তুত কৰি উলিয়ায় । এই দলিল অনুসৰি ১৫৭১ খ্রীষ্টাব্দত আকবৰে নিজকে ধর্ম সম্বন্ধীয় সকলাে বিষয়ৰ মুৰব্বী বুলি আৰু ধর্ম বিষয়ত তেওঁৰ সিদ্ধান্তই চূড়ান্ত হ’ব বুলি ঘােষণা কৰিছিল । 

এজন চতুৰ ৰাজনীতিজ্ঞ হিচাপে আকবৰে ভালদৰে উপলব্ধি কৰিছিল যে বিভিন্ন মিশ্রিত ধৰ্মাৱলম্বী লােকৰ দ্বাৰা গঠিত ভাৰতৰ দৰে এখন বিশাল দেশ শাসন কৰিবলৈ হ’লে সকলােবােৰ ধর্মীয় নিষ্পেষণৰ পৰা আঁতৰত থাকিব লাগিব । সেয়ে আকবৰৰ শাসন ব্যৱস্থাত কোনাে ভেদাভেদ নাৰাখি গুণানুসাৰে হিন্দু – মুছলমান উভয়পক্ষৰ লােকক শাসনৰ বিভিন্ন দিশত নিযুক্তি দিছিল । ভগৱান আৰু মানসিংহক তেওঁলােকৰ পদমর্যাদা ৰক্ষা কৰি সৈন্যবাহিনীৰ উচ্চ পদত নিযুক্ত কৰিছিল । ঠিক সেইদৰে বীৰবল আৰু টোডৰমলেও আকবৰৰ ৰাজসভাত সন্মানজনক পদবী লাভ কৰিছিল । তেওঁ নিজেও হিন্দু কন্যাৰ পাণি গ্রহণ কৰিছিল । ইয়াৰ উপৰি হিন্দুসকলৰ ওপৰত লগােৱা জিজিয়া কৰ ( জনমূৰি কৰ ) আৰু তীর্থযাত্রী ওপৰত লগােৱা কৰ তুলি দিছিল । 

হিন্দুসকলৰ শিক্ষাৰ উন্নতিৰ কাৰণে আকবৰে বহুতাে ব্যৱস্থা গ্ৰহণ কৰিছিল । উল্লেখযােগ্য যে আকবৰে হিন্দুধর্মৰ ওপৰত কোনাে হস্তক্ষেপ কৰা নাছিল যদিও হিন্দু সমাজত প্রচলিত কু – প্রথাসমূহ দূৰ কৰাৰ কাৰণে তেওঁ কেতিয়াও দ্বিধাবােধ কৰা নাছিল । পােনপ্রথমে আকবৰৰ ৰাজত্বকালতেই সতীদাহ প্রথা ৰােধ কৰাৰ কাৰণে ব্যৱস্থা গ্রহণ কৰিছিল । অৱশ্যেই ই কার্যকৰী হােৱা নাছিল যদিও ইয়াৰ প্ৰভাৱ অতি সুদূৰপ্ৰসাৰী আছিল । হিন্দু বিধবা বিবাহ প্রচলন আৰু বাল্য বিবাহ আকবৰেই প্রথমে ৰােধ কৰিছিল । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ২। আকবৰৰ দিনই – ইলাহীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ আকবৰৰ সময়ত বিভিন্ন ধর্মাৱলম্বী লােকৰ মাজত ধৰ্মক কেন্দ্ৰ কৰি নানা ৰকমৰ বিৰােধৰ ভাব চলি আহিছিল । আকবৰে অনুভৱ কৰিছিল যে বিভিন্ন ধর্মমতবােৰৰ মাজত থকা বিৰােধে ৰাজনৈতিক ঐক্য বিনষ্ট কৰে । সেয়ে এক নির্দিষ্ট ধৰ্মৰ মাজেদি সকলােৰে মনত সার্বজনীন ভাব গঢ়ি তােলাৰ হকে আকবৰে ১৫৮২ খ্রীষ্টাব্দত দিন – ই – ইলাহী ’ নামেৰে এটা নতুন ধর্ম উলিয়ায় । বৈষ্ণৱ ধৰ্মৰ একেশ্বৰবাদ’ৰ ভেটিত ই প্রতিষ্ঠিত আছিল । বহুতে ইয়াক একেশ্বৰবাদ পাৰ্চী আৰু হিন্দুধর্মৰ এক সংমিশ্রণ বুলি কৈছিল । এই ধৰ্মৰ জৰিয়তে সকলাে ধৰ্মৰ মূল তত্ত্ববােৰৰ সমন্বয় সাধন কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল । এই ধৰ্মৰ জৰিয়তে সেই সময়ৰ ধর্মীয় দিশত থকা নানা অন্তৰায়সমূহ দূৰ কৰাই আছিল দিন – ই – ইলাহীৰ মূল লক্ষ্য । 

দিনই ইলাহীৰ সমালােচনা :- গভীৰ দার্শনিক তত্ত্বৰে ভৰা দিন – ই – ইলাহী’ ধর্মই জনসাধাৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নােৱাৰিলে । ধর্ম সম্বন্ধেও আকবৰৰ নীতি আছিল অতি উদাৰ । সেয়ে বল প্রয়ােগ কৰি কাকো নতুন ধর্ম গ্রহণ কৰিবলৈ বাধ্য কৰােৱা নাছিল । চুফী মতবাদ দ্বাৰা প্ৰভাৱান্বিত মাত্র ঊনৈছজন উচ্চ চিন্তাশীল ব্যক্তিয়ে এই ধর্ম গ্রহণ কৰিছিল । উল্লেখযােগ্য যে এইসকলৰ ভিতৰত বীৰবলহে কেৱল হিন্দু আছিল । 

আকবৰৰ চোকা সমালােচক বাড়ায়ুনীয়ে আকবৰৰ নতুন ধৰ্মক কঠোৰভাৱে সমালােচনা কৰিছে । ড° স্মিথৰ মতে দিন – ই – ইলাহী আকবৰৰ অজ্ঞানতাৰ কীর্তিস্তম্ভ , জ্ঞানৰ নহয় । – গােটেই পৰিকল্পনাটোৱেই আছিল হাস্যম্পদ দর্প আৰু অদমিত স্বৈৰতন্ত্রৰ ভয়ংকৰ পৰিণাম ।

অৱশ্যে আকবৰৰ দিন – ই – ইলাহী ’ ধৰ্মৰ ওপৰত কৰা সকলােবােৰ সমালােচনা শুদ্ধ আছিল বুলি ক’ব নােৱাৰি । কাৰণ বাড়ায়ুনী এজন হিংসা পৰায়ণ লােক আছিল । আকবৰৰ ৰাজ্যসভাত আবুল ফজল আৰু বীৰবলৰ দৰে জ্ঞানী – গুণী সহকর্মীৰ উন্নতি তেওঁ সহজভাৱে ল’ব পৰা নাছিল । আনকি বীৰবলৰ দৰে লােককো তেওঁ অশ্লীল ভাষাত গালি – গালাজ কৰাৰ বহুতাে উদাহৰণ পােৱা যায় । তথাপিও দিন – ই – ইলাহী ধৰ্মৰ দৰ্শন বৰ ওখ স্তৰৰ আছিল আৰু সাধাৰণ মানুহে বুজিব পৰা নাছিল কাৰণেই সম্ভৱ আকবৰৰ মৃত্যুৰ লগে লগেই এই ধর্ম লােপ পায় । 

প্রশ্ন ২৫। আকবৰৰ দ্বাৰা প্রতিষ্ঠিত মনচাৰী ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যবােৰ কি আছিল ? 

উত্তৰঃ আকবৰৰ কোনাে স্থায়ী সৈন্যবাহিনী নাছিল । সেই সময়ত জায়গীৰ প্ৰথাৰ প্রচলন থকা কাৰণে জায়গীৰসকলে সম্রাটক সৈন্যৰ যােগান ধৰিব লাগিছিল । এনে প্রথাৰ ফলত জায়গীসকল অধিক শক্তিশালী হৈ পৰিছিল । আনকি জায়গীৰদাৰ সকলে দুর্বল সম্রাট বিৰুদ্ধে যুদ্ধ দিবলৈ কুণ্ঠাবােধ কৰা নাছিল ।

সেয়ে সামৰিক বাহিনীৰ সংস্কাৰ সাধন কৰাৰ কাৰণে আকবৰে এখন নতুন আঁচনি প্রস্তুত কৰি উলিয়াইছিল । এই নতুন ব্যৱস্থাকে মনচবদাৰী ব্যৱস্থা বুলি জনা গৈছিল । এই মনচবদাৰী ব্যৱস্থাৰ মুখ্য বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) মনচবদাৰসকলক তিনিটা ভাগত ভাগ কৰা হৈছিল । সর্বোচ্চ পর্যায়ৰ মনচবদাৰজনে মুঠ দহজন সৈন্য প্রস্তুত কৰাৰ বিপৰীতে সর্বোচ্চ পর্যায়ৰ মনচবদাৰজনে মুঠ দহ জাহাৰ সৈন্য প্রস্তুত কৰি ৰাখিব লাগিছিল । 

( খ ) মনচবদাৰসকলৰ কামকাজ আৰু দায়িত্বভাৰ সম্রাটে নিজে ৰাখিছিল । উপযুক্তজনৰ ভেটিত সম্রাটে মনচবদাৰসকলক দায়িত্ব অর্পণ কৰিছিল । 

( গ ) যুদ্ধৰ ঘোৰাবােৰৰ ওপৰত চিহ্ন প্রদান কৰা হৈছিল । 

( ঘ ) কোনাে মনচবদাৰৰ মৃত্যু হলে সেই মনচবদাৰৰ অধীনৰ সকলাে ক্ষমতা সম্রাট নিয়ন্ত্রণাধীন হৈছিল । 

( ঙ ) অশ্বৰােহী লােকসকল সাধাৰণতে পাঠান , তুর্কী , মােগল আৰু ৰাজপুত ফৈদৰ লােক ‘ আছিল । এই ফৈদৰ লােকসকলেহে ঘোৰা পৰিচালনা কৰিব পাৰিছিল । 

( চ ) মনচবদাৰসকলক সম্রাটে নিযুক্তি , পদোন্নতি আদি প্রদান কৰিছিল । 

( ছ ) জাত আৰু চাৱাৰ নামৰ আন দুটা পদবী আছিল । জাতসকলক মাহিলী দৰ্মহা দিয়াৰ ব্যৱস্থা আছিল ।

( জ ) জাত আৰু চাৱাৰসকলৰ উপৰি মনচবদাৰসকলক নিয়মীয়া বেতন দিয়া হৈছিল । ইয়াৰ ভিতৰত জাতসকল আছিল সর্বোচ্চ পর্যায়ৰ বেতনভােগী লােক । 

প্রশ্ন ৪। ‘তুজুক – ই – জাহাংগীৰি’ ৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ সম্রাট জাহাংগীৰৰ আত্মজীৱনীখনৰ নাম আছিল তুজুক – ই – জাহাংগীৰি । জাহাংগীৰৰ আজীৱীখন মােগল যুগৰ সাহিত্যৰ উজ্জ্বল চানেকি । 

জাহাঙ্গীৰ এজন নিজে প্রখ্যাত বুৰঞ্জীবিদ আছিল । তেওঁৰ আত্মজীৱনীখন তাৰেই পৰিচয় আছিল । কাৰণ এই পুথিৰ জৰিয়তে সেই সময়ৰ বুৰঞ্জীৰ বহুতাে সমল পােৱা যায় ।

এই পুথিৰ জৰিয়তে প্রধানকৈ যুদ্ধ – বিগ্ৰহৰ কাহিনীবােৰ বৰ্ণনা কৰিছিল । উদাহৰণ হিচাপে দাক্ষিণাত্যত তেওঁৰ পূৰ্বৰ শাসকসকলৰ পৰাজয়ৰ কাৰণ , ৰাজ কৰ্মচাৰীসকলৰ কার্যনির্বাহক বিৱৰণ , কর্মচাৰীসকলৰ কৰ্তব্য , তেওঁলােকৰ শাস্তি বা বদলি আদিৰ বিষয়ে জাহাঙ্গীৰে তেওঁৰ এই পুথিৰ জৰিয়তে বিশদভাৱে আলােচনা কৰিছে । আনহাতে , জাহাঙ্গীৰে তেওঁৰ পূর্ব পুৰুষসকলৰ কর্মদক্ষতা আৰু পাৰদৰ্শিতাৰ দ্বাৰা অনুপ্রাণিত হৈ তেওঁলােকৰ কৰ্ম কৃতিসমূহৰ ধাৰাবাহিক বিৱৰণ দিবলৈ চেষ্টা কৰা বুলি এই পুথিৰ জৰিয়তে জানিব পাৰি । ইয়াৰােপৰি দেশৰ আইন কানুন নিজ পৰিয়ালৰ লগত সম্পর্ক আদি পাৰিবাৰিক দিশ সমূহাে অতি মননশীলভাৱে এই পুথিত বর্ণনা কৰা দেখা যায় । 

এই আত্মজীৱনীক তেওঁ তেওঁৰশাসন কালৰ প্রথম পােন্ধৰ বছৰ অতি সুন্দৰ আছিল বুলি বর্ণনা কৰিছে । অৱশ্যে পিছলৈ তেওঁৰ জীৱনলৈ নানা বাধা – বিঘিনি নামি অহা বুলিও এই পুথিত তেওঁ স্পষ্টভাবে উল্লেখ কৰিছে । 

প্রশ্ন ৫। মােগল যুগৰ প্রাদেশিক শাসন ব্যবস্থা কেনে আছিল ? অথবা , মােগলসকলৰ প্রাদেশিক শাসনৰ মুখ্য বৈশিষ্ট্যসমূহ কি আছিল ? 

উত্তৰঃ প্ৰদেশ বা চুবা সমূহৰ শাসন ব্যৱস্থা কেন্দ্রীয় শাসন ব্যৱস্থাৰ দৰে আছিল । প্রদেশ সমূহতাে কেন্দ্ৰৰ দৰে কিছুমান মন্ত্রী আৰু বিষয়া আছিল । প্রধান বিষয়াজনক চুবেদাৰ নামে জনা গৈছিল । তেওঁক সম্রাটে মনােনীত কৰিছিল । চুবেদাৰে প্ৰদেশৰ সকলাে কথা সম্রাটক জনাব লাগিছিল । 

শাসনৰ সুবিধাৰ কাৰণে প্রদেশবােৰক আকৌ চৰকাৰ বা জিলাত ভাগ কৰা হৈছিল । প্রতিখন চৰকাৰৰ ওপৰত একোজন মৌজাদাৰ আছিল । আন আন কামৰ উপৰি আইন – শৃংখলা বজাই ৰখাটোও আছিল তেওঁৰ প্রধান লক্ষ্য । তেওঁক সামৰিক শক্তি দিয়া হৈছিল । 

চৰকাৰসমূহক আকৌ কিছুমান পৰগণা বা মহলত ভাগ কৰা হৈছিল । ইয়াৰ শাসনভাৰ তিনিজন দায়িত্বশীল বিষয়াৰ ওপৰত অৰ্পণ কৰিছিল । তেওঁলােক হ’ল কাননগাে , কাজী আৰু চৌধুৰী । 

প্রশাসনীয় কার্যত আকৌ কিছুমান সহায়কাৰী বিষয়ক নিয়ােগ কৰা হৈছিল । তেওঁলােক হ’ল কেৰাণী , গাণনিক , হিচাপ পৰীক্ষক , বার্তাবাহক আৰু আন আন কৰ্মচাৰীসকল । তেওঁলােকে নিয়ম অনুসৰি লিখিত আদেশ আৰু তথ্য প্রস্তুত কৰিছিল । ফার্চী ভাষা চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছিল । গাঁওসমূহৰ ক্ষেত্ৰত স্থানীয় ভাষাও ব্যৱহাৰ কৰা হৈছিল । 

প্রশ্ন ৬। মােগল দৰবাৰৰ বিষয়ে আলােচনা কৰা । অথবা , মােগল ডাঙৰীয়া সেনাধক্ষ্যৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰঃ মােগল দৰবাৰ বা ৰাজসভাত সম্রাটজন কেন্দ্রবিন্দু আছিল । অর্থাৎ ৰাজসিংহাসন আছিল দৰবাৰৰ প্রধান বৈশিষ্ট্য । 

দৰবাৰত সম্রাটৰ ওচৰত উচ্চ পদস্থ আৰু সম্ভ্রান্ত লােকসকলে আসন লাভ কৰিছিল । পদবী আৰু মর্যাদা অনুসৰি বিষয়াসকলে আসন লাভ কৰিছিল । এবাৰ আসন গ্রহণ কৰাৰ পিছত বিনানুমতিত আসন ত্যাগ কৰিব বা উঠিব নােৱাৰিছিল । দৰবাৰৰ নীতি – নিয়ম অতি কঠোৰ আছিল । মান্য সম্বােধন , শিষ্টাচাৰ আদি কঠোৰভাৱে মানিব লাগিছিল । সম্রাটক অতি নিয়মৰ মাজেদি অভিবাদন জনাব লাগিছিল । মূৰ দোৱাই আৰু হাউলি সম্রাটক সম্বােধন কৰিব লাগিছিল । নীতি – নিয়ম উলংঘা কৰা লােকসকলক তৎক্ষণাৎ দণ্ডিত হৈছিল । 

মােগল দৰবাৰত ৰাষ্ট্রদূতসকলৰ কাৰণেও কিছুমান নীতি নির্ধাৰণ কৰা হৈছিল । সম্রাটৰ সন্মুখত উপস্থিত হওঁতে এজন ৰাষ্ট্রদূতে সম্মান কৰাটো সম্রাটে আশা কৰিছিল । এই অভিবাদন ৰাষ্ট্রদূতজনে অতি আন্তৰিকতাপূর্ণভাৱে হাউলি জনাব লাগিছিল । ইংলেণ্ডৰ ৰজা প্রথম জেমছৰ প্রতিনিধি থমাছৰোৱে সম্রাট জাহাংগীৰৰ সন্মুখত ইউৰােপীয় ৰীতিৰে হাউলি অভিবাদন জনাইছিল আৰু দৰবাৰত বহিবলৈ আসন বিচাৰি সকলােকে চমকিত কৰিছিল । সম্রাটে সদায় ৰাতিপুৱা ভক্তিগীত বা প্রার্থনাৰে দৈনন্দিন কাম – কাজ আৰম্ভ কৰিছিল । ইয়াৰ পিছত তেওঁ এটি সৰু কোঠাত ৰৈছিল । তাতে তেওঁ জনসাধাৰণক সাক্ষাৎ কৰিছিল । তেওঁক লগ পাবলৈ বহুতাে লােকে জুমবান্ধি ৰৈ আছিল । ইয়াৰ ভিতৰত নানা চৰকাৰী বিষয়াও আছিল । 

প্রশ্ন ৭। আকবৰ কোন আছিল ? তেওঁৰ যিকোনাে তিনিটা কার্যাবলীৰ বিষয়ে লিখা । 

উত্তৰঃ মহামতি আকবৰক মােগল যুগৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় । বিশাল হৃদয়তা আৰু ধর্ম নিৰপেক্ষ নীতি গ্রহণৰ জৰিয়তে তেওঁ ভাৰতত এখন বিশাল সাম্রাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । আকবৰৰ তিনিটা প্রধান কার্যাবলী হ’ল— 

( ক ) জুলহ – ই – কুল নীতি :- মােগল সাম্রাজ্যত হিন্দু , জৈন , জোষ্টাৰিয়ান , মুছলমান আদি নৃগােষ্ঠী আৰু সম্প্রদায়ৰ লােক বাস কৰিছিল । সেয়ে সাম্রাজ্যখন শান্তিপূর্ণ কৰি ৰখাৰ কাৰণে জুলহ – ই – কূল বা পূর্ণ শান্তিৰ নীতি আকবৰে ঘােষণা কৰিছিল । চমুকৈ ক’বলৈ গ’লে সকলাে ধর্ম আৰু সম্প্রদায়ৰ প্রতি সহিষ্ণুতা- এই আদৰ্শৰ ওপৰত প্রতিষ্ঠিত নীতি বা মতবাদ আছিল জুলহ – ইকুল ।

( খ ) জিজীয়া কব প্রত্যাহাৰ :- আকবৰে ১৫৬৩ খৃঃত হিন্দু তীর্থযাত্রী সকলৰ ওপৰত বহুদিন ধৰি আৰােপিত হৈ অহা জিজীয়া কৰ প্রত্যাহাৰ কৰিছিল ৷ ইয়াৰ লগতে তেওঁ সকলাে ধৰ্মৰ মঠ – মন্দিৰ সমূহৰ পুনৰ নিৰ্মাণৰ কাৰণে অনুদান আগবঢ়াইছিল । 

( গ ) ফটেহপুৰ চিক্রি নির্মাণ :- ১৫৭০ খৃঃত আগ্ৰাৰ পৰা কিছু পশ্চিমে আকবৰে ফটেহপুৰ চিক্রি নামে ঠাইত এখন নতুন ৰাজধানী প্রতিষ্ঠা কৰিছিল । আহল বহল এই নতুন ৰাজধানীখন নিৰ্মাণৰ ক্ষেত্ৰত আঠ বছৰ সময় লাগিছিল । ইয়াত তেওঁ বহুতাে অট্টালিকা , মছজিদ , স্মৃতিসৌধ আদি নির্মাণ কৰাইছিল । বুলন্দ দৰৱাজাখন ফতেহপুৰ চিক্রি ঠিক সোঁমাজতে থকা বিশাল আকৃতিৰ এখন প্ৰৱেশ পথ । 

প্রশ্ন ৮। আইন – ই – আকবৰীক কিয় অতি গুৰুত্বপূৰ্ণ ইতিহাসৰ সম্বল বুলি বিবেচনা কৰা হয় ? ইয়াৰ দুটা আসোঁৱাহ উল্লেখ কৰা

উত্তৰঃ সম্রাট আকবৰৰ নিৰ্দেশত আব্দুল ফজলে ৰচনা কৰা আইন – ই – আকবৰী গ্রন্থখন মােগল যুগৰ এক ঐতিহাসিক দলিল হিচাপে পৰিগণিত হৈছিল । গ্ৰন্থখনত দৰবাৰ আৰু প্রশাসন , সৈন্য আৰু সম্পদ , সামাজিক , অর্থনৈতিক , সাংস্কৃতিক তথা ধর্মীয় ৰীতি – নীতিৰ বহল ব্যাখ্যা দিয়া হৈছিল । ইয়াৰােপৰি আকবৰৰ প্ৰশাসনৰ সকলাে বিভাগ আৰু প্ৰদেশ সম্পর্কে বিস্তৃত আৰু বিতর্কিত বিষয়সমূহৰে সন্নিৱিষ্ট হৈছে ।

এইগ্ৰন্থখন আকাৰৰ বিস্তৃত সাম্রাজ্যখনত প্রচলিত বিভিন্ন ৰীতি – নীতি , আচাৰ – ব্যৱহাৰৰ তথ্য দিয়ে । আইন – ই – আকবৰী গ্রন্থখনে আকবৰৰ সময়ৰ মােগল সাম্রাজ্যৰ এক প্রকৃত প্রতিচ্ছবি দাঙি ধৰে । সেয়ে এই গ্রন্থখনক মােগল যুগৰ অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক দস্তাবেজ বুলিও ক’ব পাৰি । 

আসোঁৱাহঃ অৱশ্যে আইন – ই – আকবৰী গ্রন্থখন সমালােচনাৰ ঊর্ধ্বত নাছিল । ইয়াৰ কিছুমান আসোঁৱাহ দেখা যায় । যেনে – 

( ক ) ইয়াত উল্লেখ কৰা তথ্যসমূহৰ কিছুমান আসোঁৱাহ লক্ষ্য কৰা গৈছিল ৷ উদাহৰণ হিচাপে– 

( খ ) ভালেমান প্রদেশ জমিদাৰসকলৰ জাতিৰ বিষয়ে বিস্তৃত তথ্য সন্নিৱিষ্ট কৰা হৈছিল । ইয়াৰ বিপৰীতে বংগ আৰু উৰিষ্যাৰ জমিদাৰ সম্পর্কে এনে তথ্য পাবলৈ নাই । 

প্রশ্ন ৯। বাদচাহ নামাৰ লিখক জন কোন ? কিতাপখনৰ বিষয়বস্তুৰ বিষয়ে লিখা ।

উত্তৰঃ আবুল ফজলৰ প্রিয় শিষ্য আব্দুল হামিদ লাহিৰীকে বাদচাহ নামাৰ লিখক বুলি জনা যায় । আকবৰে নিজৰ শাসন কালৰ ইতিহাস ৰচনা কৰাৰ কাৰণে তেওঁক নিয়ােগ কৰিছিল । তিনিটা অধ্যায়ত লিপিবদ্ধ কৰা বাদচাহ নামাত আছিল চৰকাৰী ইতিহাস , ইয়াৰ প্ৰতিটো খণ্ডত দহ চন্দ্র বৰ্ষৰ ইতিহাস লিপিবদ্ধ আছে । লাহিড়ীয়ে আকবৰৰ শাসনকালৰ প্রথম দুটা দশক প্রথম  দুটা খণ্ডত অন্তর্ভুক্ত কৰিছে । পিছত চাহজাহানৰ ৱাজীৰ চাদুল্লাহ খানে ইয়াৰ সংযােগ ঘটায় । বার্ধক্যজনিত কাৰণত লাহিড়ীয়ে তৃতীয়টো অধ্যায় লিখিব নােৱৰাত ইতিহাসবিদ ৱাৰিদে ইয়াৰ কাম সমাপ্ত কৰে । এনেদৰে মােগল যুগত ইতিহাস ৰচনাৰ কাম আৰম্ভ হৈছিল । 

প্রশ্ন ১০। ‘ঝৰােকা দর্শন ‘ কোনে আৰম্ভ কৰিছিল ? ইয়াক কেনেকৈ পালন কৰা হৈছিল ? 

উত্তৰঃ মােগল সম্রাট আকবৰে ঝৰােকা দর্শন আৰম্ভ কৰিছিল । মােগল সম্রাটসকলে ভক্তি – গীত আৰু প্রার্থনাৰে তেওঁলােকৰ দৈনন্দিন কাম – কাজ আৰম্ভ কৰিছিল । ইয়াৰ পিছত তেওঁ পূর্বদিশত থকা এটি সৰু বেলকনিত উপস্থিত হৈছিল । ইয়াকে ঝাৰােখাে বােলা হৈছিল । বেলকনিৰ তলত সম্রাটৰ দৰ্শন পাবলৈ বহু লােক জুম বান্ধি অপেক্ষা কৰি আছিল । এই লােকসকলৰ ভিতৰত সৈনিক , ব্যৱসায়ী , শিল্পকাৰ , কৃষক আৰু বেমাৰী শিশুৰ পিনে বেমাৰী লােকসকল আছিল । সম্রাটে এই বেলকনি বা ঝাৰেখাৰ পৰা দর্শনার্থীক সাক্ষাৎকাৰ দিছিল কাৰণে এই ব্যৱস্থাক ঝাখাে দর্শন বােলা হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top