Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Question Answer can be of great value to excel in the examination.
Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস
Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Notes cover all the exercise questions in UGC Syllabus. The Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
চমু টোকা লিখা :
(ক) অসমীয়া সমাজত পানী তোলা প্ৰথা :
উত্তৰঃ বিয়াৰ পানী তোলা প্ৰথা অতি পুৰণি কালৰ পৰাই অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে। বিয়া বা বিবাহক সমাজৰ বীজ বুলিব পাৰি। এই বীজৰ পৰাই সংসাৰ বা একোখন সমাজ গঠন হয়। বিবাহৰ কেইদিনমান আগৰ পৰাই একোটা কার্য চলি থাকে। যেনে– ছোৱালী বা কইনা চোৱা, আঙুঠি পিন্ধোৱা, গাখীৰ-কলৰ ভাৰ দিয়া, মাছ দিয়াকে ধৰি বিবাহৰ আগতেই কেইবাটাও নিয়মৰ মাজেৰে চলা হয়। বিবাহৰ আগদিনাক তেলৰ ভাৰ বা জোৰণ বোলা হয়।
বিয়াৰ দিনা পানী তোলা প্ৰথাও অতি পুৰণি কালৰ পৰাই হিন্দু সমাজত প্ৰচলিত। আগৰ দিনত ধলপুৱাতেই পানী তোলা নিয়ম আছিল। বিয়াঘৰীয়াই প্ৰতিঘৰ মানুহক বিয়াৰ নিমন্ত্ৰণ কৰোঁতে মহিলাসকলক বিশেষকৈ পানী তুলিবলৈ নিমন্ত্ৰণ নকৰিলে আয়তীসকলে বিয়া ঘৰলৈ নাহে। মহিলাৰ মনত বিয়াৰ পানী তোলাটোও উৎসৱটোৰ এটা প্ৰধান অংশ বুলিলেও ভুল নহয়। তিৰোতাসকলৰ পানী তুলিবলৈ যোৱা সাজ-পাৰবিলাকো বেলেগ বেলেগ।
আগত দিনা ঢুলীয়া-খুলীয়া নিচেই পুৱাতেই বিয়া ঘৰত উপস্থিত হৈছিল। পানী তোলা সময়ত বাজনা বজাব লাগিব। বাজনা নাথাকিলে আয়তীসকলে পানী তোলাৰ বাবে ওলাই অহাত পলম হয়, ঢুলীয়াৰ দলটোৱে আজিকালিৰ বেণ্ড পাৰ্টীৰ দৰে পানী তোলা দলটোৰ পিছে পিছে বাজনা বজাই যায়। পানী তোলাৰ সময়ত ঢুলীয়াৰ সৈতে কলীয়া লাগিবই। কালীয়াই বিভিন্ন সুৰত পেঁপা বজাই দলটোক উৎসাহিত কৰি পেলায়। ঢুলীয়াৰ দৰে পানী তোলা সময়ত ঠিক সময় মতে বিয়া ঘৰ নাপালে তিৰোতাবিলাকে ঢুলীয়াক সমালোচনা কৰে।
গাঁৱৰ একোগৰাকী অভিজ্ঞতা থকা মহিলাই কি কি বস্তুৰে পানী তুলিবলৈ যাব যোগান কৰি দিহা-পৰামৰ্শ দি পানী তুলিবলৈ যায়। ৰভাতলীত সকলো বস্তু গোট খুৱায়। নামনি অসমত ৰভাখনক ‘চাইনৰ তল’ বুলি কোৱা হয়। পাঁচজনী আপোন লোক মহিলাক একোটাকৈ মাটিৰ ঘট ল’ব দিয়া হয়। ঘটকেইটা লোৱাৰ আগেয়ে ঘটৰ ডিঙিত একোডাল সূতা বান্ধি তাত তিনিটা বা পাঁচটা সেন্দুৰৰ ফোঁট দিয়ে। ডাঙৰ চাকি এটা, এটা পশুৰ নালৰ কটাৰীখনকে ধৰি কইনা বা দৰা ধুওৱা মহিলা বিশেষকৈ মাক ডাঙৰ বৌৱেক আদিয়ে হাতত ল’ব লাগে। ইয়াৰ উপৰি এযোৰ তামোল-পাণ আৰু এটি টকাও ধুওৱাগৰাকীৰ হাতত থাকিব লাগে। দৰা বা কইনা ধুওতাগৰাকীয়ে একাঠুমান পানীত নামি সেৱা জনায় আৰু পানীৰ পূব-পশ্চিম, উত্তৰ-দক্ষিণ মুৱাকৈ তিনিবাৰ ঘূৰি পানী কটাৰীৰে পানী কাটি মাটিৰ ঘটত ভৰাই আনিব লাগে। পানী কাটি পইচা আৰু তামোল-পাণ পানীত পেলাই দিব লাগে। পানী তুলি ঘটকেইটা চাদৰৰ আঁচলেৰে ঢাকোন দি আনিব লাগে।
বিয়াঘৰ পালে এটি সুকীয়া ঘৰত আনাকটা গামোচাৰে পানীৰ ঘটবিলাকত ঢাকোন দি ৰাখে। ঘটকেইটাৰ তলীত মাহ, তিল আদি ছটিয়াই থোৱা হয়। যিটো ঘৰত ঘটকেইটা থ’ব সেই ঘৰটোৰ দুৱাৰ বন্ধ কৰি থোৱা হয়। ঘৰটোৰ ছালত তিনিবাৰকৈ তিনি আজলি পানী ছটিয়াই দিহে ঘৰটোত সোমাব পায় । পানী তুলি অহা বিয়াঘৰৰ পদূলিমুখত দুডাল কলগছত বন্ধা ছাটিমালাৰ তলেদিহে মহিলাসকলে আহিব লাগে। পুখুৰীৰ পৰা তুলি অনা পানীৰে দৰা-কইনাক মাহ, হালধি, তেল ঘঁহাই গা-ধুৱায়।
পানী তুলি অহাৰ পাছত চাহ -লুচি খুৱাব লাগে। কইনা বা দৰা ঘৰৰ মহিলাই পানী তুলিবলৈ যাওঁতে বাটত আন এখন বিয়াঘৰীয়াৰ পানী তোলা আয়তীৰ দলৰ লগালগি হ’লে দুয়ো পক্ষৰ দুগৰাকী মহিলাই সখি বান্ধি অহা নিয়ম আছে।
বৰ্তমান সময়ত বয়সস্থ বা আদহীয়া মহিলাসকলেহে পানী তুলিবলৈ যোৱা দেখা যায়। ছোৱালীবিলাকৰ ধাৰণা-বয়সস্থ তিৰোতাইহে পানী তুলিব যায়। পানী তোলাৰ সময়ত গোৱা গীতবিলাকো সুকীয়াধৰণৰ। যেনে–
ৰাম কৃষ্ণ পানী তুলিবলৈ।
ৰাম কৃষ্ণ নকৰিবা হেলাহে, ৰামকৃষ্ণ ওলাইছে দৈৱকী,
হৰি মোৰ অ’ কদম গছ ৰুই দিলে–
হৰি মোৰ অ’ তলেৰে যমুনা যায় যায়হে–
ৰামকৃষ্ণ খন্দালে দেউতাই।
হৰি মোৰ অ’ বন্ধালে সেন্দুৰৰ আলিহে।
লাউতো কাটিলো।
অ’ হৰি বল।
দৰা/কইনাৰ মাকটো চেঙৰাৰ দল।
(খ) ভৱিষ্যত গণনা বা জ্যোতিষ বিশ্বাস :
উত্তৰঃ লোক জীৱনৰ ভূত ভৱিষ্যত চিন্তাৰ লগত ভৱিষ্যত গণনা ত্ততপ্ৰেতভাৱে জড়িত। ভৱিষ্যত ঘটিবলগীয়া বা কোনো দুৰণিত ঘটা ঘটনা আমাৰ অজ্ঞাত। সেই বিষয়ে জনা বা কি হ’ব আগতে কৈ দিয়া কামটো আজিও অসমৰ পৰ্বতে ভৈয়ামে থকা জনসাধাৰণৰ মাজত এক ব্যাপক অনুষ্ঠানৰ যোগেদি সমাধা কৰা হয়। জ্যোতিষ সম্বন্ধে সংস্কৃত আৰু অসমীয়া ভাষাত অৱশ্যে অজস্ৰ কিতাপ আছে। কিন্তু মুখে চলি থকা যিবোৰ কথা আছে – লিখিত পুথিতকৈ তাৰ পৰিমাণ বহুত বেছি। জনজাতিসকলৰ মাজতো এই বিষয়ে বিবিধ প্ৰথা আছে। কোনোৱে মাটিত চিত্ৰ আঁকি মঙল চায়, কোনোৱে কড়ি মাৰে, কোনোৱে ধান, তামোল আৰু কণী প্ৰয়োগ কৰে আৰু কেতবোৰে কুকুৰাৰে মঙল চায়। ভৱিষ্যত গণনা সম্বন্ধে আমাৰ দেশত প্ৰচলিত ভিন ভিন প্ৰথাৰ সংগ্ৰহ মনোৰম অধ্যয়ন হ’ব। বেমাৰ হ’লে, এঠায়লৈ যাত্ৰা কৰিলে, নতুনকৈ ঘৰ-দুৱাৰ সাজিলে, নাও সাজিলে, গৰু কিনিলে আৰু বিয়া-বাৰুৰ দিন ঠিক কৰিলে মানুহে এতিয়াও কাৰ্যৰ শুভাৰম্ভ গণনা কৰে। মঙল চোৱাৰ লগত গাঁঠিৰ বিশেষ সম্বন্ধ।
প্ৰতীকৰ ক্ষেত্ৰত ধৰ্ম অনুষ্ঠানত (শাত নহ’লে কিহৰ গাঁঠি), ঐন্দ্ৰজালিক বিদ্যাত, বেজৰ দৰৱত গাঁঠিৰ আজিও প্ৰাধান্য। গাঁঠি বান্ধি দিয়াৰ অৰ্থ হ’ল কোনো কার্য দৃঢ় বা চিৰস্থায়ী কৰা, ধৰি ৰখা; গাঁঠি দিয়া মানে বাধা দিয়া আৰু গতিৰূদ্ধ কৰাও। গাঁঠি মেলা মানে কোনো কোনো বন্ধনৰ পৰা মুকলি কৰা ইত্যাদি। গতিকে মিলন ঘটায়, বান্ধিও পেলায়। প্ৰণয় আৰু পৰিণয়ক ই সদৃঢ় কৰে। ই পাপক দূৰ কৰে আৰু পাপীক বান্ধি কোঙা কৰে। বিয়াত দৰা-কইনাৰ চাদৰত গাঁঠি বন্ধা হয়, কুশবনৰ আঙুঠি দৰা-কন্যাৰ আঙুলিত পিন্ধোৱা আদিৰ এয়ে সাংকেতিক অৰ্থ। প্ৰাচীন অসমীয়া মন্ত্ৰৰ পুথিত অনেক ভূত জৰা মন্ত্ৰ আছে। সেই মন্ত্ৰবোৰত ভূতক বান্ধিবলৈ গাঁঠি দিয়াৰ আৰু মেলি দিবলৈ গাঁঠি খোলাৰ মন্ত্ৰ আছে। পুৰুষ বা স্ত্ৰীক পাবলৈ মোহিনী মন্ত্ৰৰ লগতো গাঁঠিৰ সম্বন্ধ আছে। এই পিৰীতি গাঁঠি দিয়াৰ নিৰ্দিষ্ট দিন আৰু সময় আছে। বছৰৰ কেতবোৰ দিন গাঁৱলীয়া মানুহে মংগলজনক আৰু কিছুমান আপদীয়া বা অমংগলীয়া বুলি ভাবে। সচৰাচৰ কোৱা হয়–
অমাৱস্যা প্ৰতিপদ পূৰ্ণিমা তিথি।
মাকৰ ঘৰলৈ নেযায় যুৱতী।।
পঞ্জীকাত এনে কিছু শুভ-অশুভ দিনৰ উল্লেখ আছে। কিন্তু জ্যোতিষৰ বিচাৰমতে বিচাৰ কৰি সিদ্ধান্ত লোৱা দিনবোৰৰ লগত কোনো সম্পৰ্ক নথকা কিছুমান দিন আছে– যিবোৰ জনসাধাৰণে নিজেই শুভ বা অশুভ হিচাপে নিৰ্ণয় কৰি লৈছে। এনে ধৰণৰ অমংগলীয়া দিনবোৰত কিছুমান কৰাৰ পৰা বিৰত থাকিব লাগে। শনি আৰু মংগলবাৰ অমংগলীয়া দিন। এই দুদিন বাঁহ কাটিব নাপায়। আনকি গালি পাৰোঁতেও মানুহে ‘শনিবাৰে হোৱা’ বুলি কয়। মাছ মৰা, মাটি চহোৱা, লখিমীৰ আগ অনা, লখিমী চপোৱা, চিৰা-কৰাই ভজা-খুন্দা আদি কাম কৰাৰ ক্ষেত্ৰতো কিছুমান দিন অমংগলীয়া বুলি জনসাধাৰণৰ ধাৰণা। শুভ দিনতকৈ অমংগলীয়া দিনবোৰ সম্পৰ্কে মানুহৰ সাৱধানতা অধিক। জনসাধাৰণৰ ধাৰ্মিক সংস্কৃতিৰ লগত শাও-শপতৰ বিশেষ সম্বন্ধ। শাও-শপতে মন্ত্ৰৰ দৰে ক্ৰিয়া কৰে বুলি লোক বিশ্বাস। এই বিষয়ে বহু বাক্য আৰু ৰীতি প্ৰচলিত আছে। সাধাৰণতে ঈশ্বৰক, প্ৰকৃতিৰ পদাৰ্থক (চন্দ্ৰ, সূৰ্য, অগ্নি, শিল, নদী) সাক্ষী কৰি অথবা পবিত্ৰ, মহান লোক, গুৰু-গোসাঁইলৈ চাই শপত খোৱা হয়। ইয়াকে কৰোঁতে ‘দান্তে তৃণ, হাতত পানী ,মুখত গোবৰ মাটি লোৱা’ বিবিধ নিয়ম আজিও অসমীয়া আৰু জনজাতীয় সমাজত প্ৰচলিত। হিন্দু সমাজত প্ৰচলিত এনে ধৰণৰ কিছুমান নিয়ম-অনুষ্ঠান জনজাতিসমূহৰ পৰা আহিছে বুলি সমাজতাত্ত্বিক সকলে অনুমান কৰে। এই বোৰৰ সংগ্ৰহ আৰু তুলনামূলক আলোচনাৰ পৰাও জাতিৰ চিন্তাধাৰাৰ পৰিচয় ওলায়।
১। অসমৰ লোক ঔষধ আৰু লোকচিকিৎসাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ আৱাহমান কালৰ পৰা অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলন হৈ থকা পৰম্পৰাগত বা থলুৱা লোকচিকিৎসাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে কোনো সম্পৰ্ক নাই। মানৱ জীৱন আৰু সমাজৰ আৰম্ভনিৰে পৰা মানুহে নিজৰ আৰু পোহনীয়া জীৱ-জন্তুৰ ৰোগ নিৰাময়ৰ কাৰণে লোকচিকিৎসা আৰু লোকঔষধৰ ব্যৱহাৰ কৰি আহিছে। সেয়ে ৰোগ সম্পৰ্কিত সকলো বিশ্বাস, ৰীতি-নীতি, ধ্যান-ধাৰণাৰ লগতে ৰোগ নিৰাময় আৰু প্ৰতিকাৰৰ অৰ্থে মানৱে গ্ৰহণ কৰা বিবিধ ব্যৱস্থা আৰু দ্ৰব্যসমূহকে লোকচিকিৎসা আৰু লোকঔষধে সামৰি লয়। প্ৰত্যেক মানৱ সমাজতে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে বিভিন্ন প্ৰকাৰৰ উপায় অৱলম্বন কৰাৰ ফলশ্ৰুতিতেই নিজ নিজ ধৰণে সমাজ ভেদে একোটা চিকিৎসা পদ্ধতিয়ে ঠন ধৰি উঠে।
বিংশ শতিকাৰ আৰম্ভণিতে নৃতত্ববিদসকলে ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন সমাজ আৰু সংস্কৃতি সম্বন্ধে তথ্য সংগ্ৰহ কৰি বিভিন্ন জনগোষ্ঠীৰ প্ৰচলিত থকা ঔষধ আৰু লোকচিকিৎসাৰ কথা পোহৰলৈ আনে। “প্ৰখ্যাত ইংৰাজ চিকিৎসক আৰু নৃতত্ববিদ W.H. R Rivers- এ ১৯২৮ চনতে পোন প্ৰথমে পৰম্পৰাগত চিকিৎসাৰ বিষয়ে চিন্তা চৰ্চা কৰে। ৰিৰ্ভাচৰ মতে পৰম্পৰাগত চিকিৎসা পদ্ধতিয়েও আন আন সামাজিক নিয়মৰ দৰে যুক্তিসংগত আচৰণ। আদিমকালৰ এই চিকিৎসা পদ্ধতিৰ লগত অকল সাধাৰণ চিকিৎসা পদ্ধতিয়েই জড়িত নাথাকে তাৰ লগত ধৰ্ম আৰু যুক্তিবিদ্যাও ওতপ্ৰেতভাৱে জড়িত হৈ থাকে।”
অসমৰ লোকসাহিত্যৰ পথাৰখনৰ লোকচিকিৎসা আৰু লোকঔষধৰ ভালেমান সমল পঞ্জীভূত হৈ আছে। একোটা জাতিৰ লোকসংস্কৃতিৰ স্বৰূপ তেওঁলোকৰ লোকবিশ্বাস, লোকাচাৰ আৰু লোকসাহিত্যৰ মাজেদিয়েই প্ৰকাশিত হয়। লোকসাহিত্যৰ অন্তৰ্গত “ডাকৰ বচন” সমূহৰ বুকুত সঞ্জীৱিত হৈ থকা বিভিন্ন চিকিৎসা সম্পৰ্কীয় জ্ঞানৰ সম্ভেদে লোকজ্ঞান আৰু লোকপ্ৰজ্ঞাৰ মাজেদি গঢ় লৈ উঠা সাংস্কৃতিক উত্তৰাধিকাৰৰ বিষয়ে মানৱ ধাৰণা বিকশাই তোলে। ডাকৰ বচনত উল্লেখিত বিভিন্ন বনৌষধ চিকিৎসাৰ তথ্যসমূহ আধুনিক বৈজ্ঞানিক গৱেষণাতো সত্য প্ৰমাণিত হৈছে।
পৰম্পৰাগত বিশ্বাসৰ আধাৰত মন্ত্ৰৰ যোগেদি আগবঢ়াই অহা চিকিৎসা পদ্ধতিৰ যোগেদি যি Spirit of Vibration. ৰ মাধ্যমত মনস্তাত্বিক চিকিৎসা কৰা হৈছিল, তাৰ ওপৰত তাৰ প্ৰভাৱ কেনেভাৱে পৰিছিল সেয়া চিন্তাশীল বিষয়। মন্ত্ৰৰ বশীকৰণ সন্মোহন, জাৰণ আদি ক্ৰিয়া আধুনিক দৃষ্টিৰ পৰা আশ্বৰ্য যেন লাগিলেও লোকসংস্কৃতিৰ দিশৰ পৰা সেইবোৰৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। এনে বিশ্বাসৰ ভিত্তিতেই মধ্যযুগত ভালেমান মন্ত্ৰপুথি ৰচিত হৈছিল আৰু চৰ্চাও হৈছিল। অসমত পুৰণিকালৰপৰা প্ৰচলন থকা তান্ত্ৰিক, যৌগিক, আয়ুৰ্বেদিক ইত্যাদি পদ্ধতিৰ চিকিৎসাৰ ব্যৱস্থা পুৰণি সাহিত্যত বিলীন থকাই নহয়; ই মানুহৰ মাজতো সঞ্জীবিত হৈ আছে।
অসমত প্ৰচলিত হৈ থকা লোকচিকিৎসা পদ্ধতিক দুটা ভাগত ভাগ কৰিব পাৰি। সেই দুটা হ’ল–
(১) প্ৰাকৃতিক লোকচিকিৎসা।
(২) যাদু বিদ্যাত ধর্মীয় লোক বিশ্বাস।
(১) প্ৰাকৃতিক লোকচিকিৎসা : বনৌষধ আশ্ৰিত চিকিৎসাই হ’ল প্ৰাকৃতিক চিকিৎসা বা যুক্তিপূৰ্ণ ঔষধ (Rational) অথবা ভেষজ ঔষধ (Herbal Medicine) এই বিধ ঔষধৰ প্ৰথম চর্চা হয় গাঁৱলীয়া জীৱনত। গছ-লতা-বন আদিৰ পাত, ফুল-মুকুল-ফল-ছাল-শিপা-কাঁইট-সাৰ আদিৰ যে বেলেগ দ্ৰব্য গুণ আছে, সেই তত্ব সাধাৰণ মানুহে প্ৰথমে আৱিষ্কাৰ কৰে। যুগ যুগৰ অভিজ্ঞতাৰ পৰা লাভ কৰা এই জ্ঞান গাঁৱলীয়া মানুহে আজিও কামত লগাই আছে। বৰ্তমান আধুনিক বিদ্যাৰ বহু উন্নতি আৰু প্ৰচাৰ হৈছে যদিও সৰ্বসাধাৰণে ৰোগ নিৰাময়ৰ কাৰণে ভেষজ দৰৱৰ সহায় লৈ আছে। বিজ্ঞানসন্মত ঔষধ প্ৰস্তুতিত ভেষজ ঔষধৰ অৱদান অপৰিসীম। বৰ্তমান সময়ত আদা, হালধি, নিম, বেল, আমলখি, শিলিখা, ভৈৰা, অশোক, অপৰাজিতা, আম, অমৃত, কল, আদিৰ পাত, ফুল-ফল, শিপা আদিৰ পৰা বিজ্ঞানসন্মত ঔষধ প্ৰস্তুতকৰণ হৈ আছে।
মানৱ সমাজত বহুলভাৱে সৰ্বজন বিদিত ভেষজ ঔষধে কেৱল মানুহৰহে যে উপকাৰ সাধিছে এনে নহয়; গৰু-ছাগলী, হাঁহ-পাৰ, ঘোঁৰা-গাধ, উট-মহ, হাতী-গাহৰি, চৰাই-চিৰিকটি আদিৰো বিবিধ ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ হৈ আছে। সুকুমাৰ বৰ কাইথৰ “হস্তীবিদ্যাৰ্ণৱ” আৰু “ঘোঁৰা নিদান” পুথি দুখনৰ কথা এই ক্ষেত্ৰত উল্লেখনীয়। পুথিদুখনত হাতী আৰু ঘোঁৰাৰ বিভিন্ন ৰোগৰ লক্ষণ আৰু তাৰ প্ৰতিকাৰৰ বিধান দিয়া আছে।
অসমীয়া সমাজত প্ৰাচীন কালৰে পৰা সিজু (Cactus) গছৰ প্ৰভাৱ অপৰিসীম। কাঁহ, পানীলগা, বুকুৰ বিষ, কাণৰ বিষ, বাত বিষ ইত্যাদি ৰোগৰ নিৰাময়ত সিজু গছৰ গুৰুত্ব অপৰিহাৰ্য। সিজু গছৰ পাতৰ ৰস গৰম কৰি কাণৰ বিন্ধাত দিলে কাণৰ বিষ, নাৰিকল তেল ইয়াৰ ৰসৰ লগত মিহলাই শৰীৰৰ গাঁঠিত মালিচ কৰিলে বাত বিষ আৰু মৌৰ সৈতে মিহলাই ইয়াৰ ৰস সেৱন কৰিলে পানী লগা ভাল হয়।সিজু গছৰ আঠা বিষাক্ত যদিও বুকুৰ বিষৰ কাৰণে ই উপকাৰী। সিজুৰ পাত জুইত সেকি বুকুত লগালে নিউমোনীয়া বেমাৰ ভাল হয়। ঔষধি গুণ সম্পন্ন সিজু গছে অসমীয়া সমাজত তাহানিৰে পৰা ব্যৱহাৰ হৈ আহা সম্পৰ্কে “ডাকৰ “তো উল্লেখ আছে–
“গৃহ চাৰিমুখে দ্বাৰ মুখত।
বচ , সিজু আনি ৰুইব শকত।।”
বৰ্তমান আধুনিক চিকিৎসা বিজ্ঞানে ঔষধি গুণযুক্ত বুলি নিশ্চিত কৰা তুলসী আৰু বেলগছ অসমীয়া মানুহৰ বাবে পৱিত্ৰ উদ্ভিদ। তুলসীয়ে বায়ু বিশুদ্ধ কৰে, তেজ পৰিষ্কাৰ কৰে আৰু মেলেৰীয়া প্লেগ ৰোগৰ বীজাণু নাশ কৰে, ব্রঙ্কাইটিছ, কাণৰ বিষ, শিশুৰ কাঁহ তুলসীৰ ৰসে নিৰ্মূল কৰাৰ লগতে ইয়াৰ পাত খুন্দি তাত সামান্য নিমখ মিহলি কৰি খৰ হোৱা ঠাইত লগালে নিৰাময় পোৱা যায়। ইয়াৰ উপৰি তুলসীৰ পাত মুখৰ গন্ধ, কৃমি, প্ৰসাৱ জ্বলা-পোৰা কৰা ৰোগ, বহুমূত্ৰ ৰোগ, হৃদৰোগ, যকৃত ৰোগ, দাঁতৰ পোক আদিত উপকাৰী। সেই দৰে যিকোনো পেটৰ ৰোগৰ বাবে বেল মহৌষধ। বেলৰ গুৰিয়ে বমি বন্ধ কৰে আৰু বেল গছৰ শিপা আৰু পাতে হৃদৰোগৰ উপশম ঘটায়। প্ৰসৱ বেদনা লাঘৱ কৰিবলৈ বা প্ৰসৱ সহজে কৰাবলৈ বেল পাতৰ ৰস অতীজৰে ব্যৱহাৰ কৰিছিল। শাৰীৰিক অসুস্থতাৰ নিৰাময়ত তুলসী আৰু বেল সম্পৰ্কে “ডাক বচন”ত আছে :
“ক’লীয়া তুলসী বেলৰ পাত।
মুঠাই সহিতে বটি পটাত।।
তপত কৰিয়া জননী খাইব।
তেবেসে নাড়ীয়ে দৃঢ়ক পাইব।।”
লতা জাতীয় ঔষধি গুণসম্পন্ন উদ্ভিদে ভেদাইলতাৰ স্ত্ৰী-চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব অত্যাধিক। শাৰীৰিক দুৰ্বলতা, পেটৰ অসুখ, মহিলাৰ জৰায়ুত ৰোগ, এলাৰ্জি, একাঙ্গী আৰু জলোদাৰ ৰোগত ভেদাইলতাৰ ৰস বা তৰকাৰী খালে উপকাৰ পোৱা যায়। শুক্ৰবৰ্দ্ধক, ভগাস্থান যোৰা লগোৱা, বাত বিষ আদিতো ভেদাইলতাৰ ব্যৱহাৰ সুখদায়ক “ডাকৰ বচন”ত ভেদাইলতাৰ গুণাগুণ সম্পৰ্কে উল্লেখ কৰিছে :
“ভেদেলী লতাৰ শিপাতে আনি।
কাথ কৰি লৈৱ তাৰ পানী।
লোণ জালু দি পাগিয়া খাইবো।
তেৱেসে নাড়ী সুখাই যাইবো।।”
মানৱ জীৱন আৰু সমাজৰ আৰম্ভণিৰে পৰা লোকচিকিৎসা তালিকাত লোকঔষধি হিচাপে আদা, জালুক, পিপলিয়ে বিশেষ স্থান লাভ কৰি আহিছে। আদা হজমকাৰক, দাঁত আৰু মূৰৰ বিষনাশক, বমিভাৱ দূৰ কৰে আৰু গৰল ৰোগ প্ৰতিৰোধ কৰে। ঘা-ৰ গুৰি ফুলা ৰোগত আদা খুন্দি প্ৰলেপ দিলে ভাল হয় আৰু মৰাণ আদাই পুৰুষৰ শুক্ৰ আৰু মহিলা মানুহৰ স্তন বৃদ্ধি কৰে। জালুক আৰু বেল পাতৰ মিশ্ৰণ তথা প্ৰলেপে ব্রণ বা শালমইনা ভাল কৰে। শিলিখা পেটৰ অজীৰ্ণ ৰোগৰ বাবে বাৰুকৈয়ে সুখদায়ক। দৈনন্দিন ৰাতি পুৱা পিপলি খালে পক্ষাঘাত, ব্ৰংকাইটিছ আদি ৰোগৰ পৰা হাত সাৰিব পাৰি। “ডাকৰ বচন”ত আদা, জালুক আৰু পিপলিৰ মহৌষধ সম্পৰ্কে লিখিছে :
“আদাৰে ভোজন, শিলিখাৰ শুদ্ধি।
তেবেসে লভিবা আয়ুস বৃদ্ধি।
লোণ জালুকেৰে খুৱাবা জাল।
তেনে স্তন ৰস হৈ বেক ভাল।”
আকৌ,
“ভাত খাই উঠি খাবা তিনি শিলিখা।
কি কৰিব জানা ৰোগ পিলিকা।”
সেইদৰে,
“পিপলি দিয়া যায় বিছানে।
নাথাকয় তাৰ যত ৰোগ মানে।”
অসমীয়া সমাজত ধনিয়া, পূৰণ লতি, তেজপাত আদিও লোকচিকিৎসা পদ্ধতিত লোকঔষধ হিচাপে ব্যৱহাৰ কৰাৰ কথা “ডাকৰ বচন’ত উল্লেখ পোৱা যায়। ধনিয়া, পূৰণলতি আৰু তেজপাত একত্ৰিত কৰি তাক খুন্দি নিয়মিত ভাৱে খালে কাঁহ জ্বৰ ইত্যাদি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। ধনিয়াৰ শুকান গুটি থেতেলিয়াই এগিলাচ গৰম পানীত ৰাতি তিয়াই থৈ পিছ দিনা সেৱন কৰিলে পেটত জমা হোৱা গেছৰ পৰা হাত সাৰিব পাৰি। ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ তেজপাত কাটি ঘাত সানি কিছুসময় পিছত গা-ধুই দিলে ঘামচি নাশ হয়। “ডাকৰ বচন”ত আছে :
“ধনিয়া পূৰণলতি তেজপাত।
সমভাগে খুন্দি শিলাত।
কথাত কৰিয়া ইয়াৰ পানী।
মতাপীড়া, জ্বৰ হৰিব জানি।”
নহৰু আৰু পিয়াজ মানুহৰ খাদ্য তালিকাৰ অপৰিহাৰ্য ঔষধি গুণসম্পন্ন মচলাজাতীয় খাদ্যসামগ্রী। ঘা-শুকুৱা, কাঁহ-কফ, বাত-বিষ, বদহজম, উচ্চ ৰক্তচাপ, মূৰৰ বিষ, যক্ষ্মাৰোগ, মেলেৰিয়া, খৰ, ঘোঁৰা-শলকা, হৃদৰোগ ইত্যাদি বিভিন্ন ৰোগৰ মহৌষধ। পিয়াজ বীজাণু নাশক, উদ্দীপক আৰু বীৰ্য্যবৰ্দ্ধক। মানুহৰ হৃদয় শক্তিশালী কৰা পিয়াজৰ ৰসে যক্ষ্মা আৰু হাইজা ৰোগৰ বীজাণু নাশ কৰাৰ উপৰিও ইয়াক চুবাই খালে মুখ আৰু শৰীৰৰ বীজাণু পৰিষ্কাৰ হয়। চুলিত টকৌৱে খোৱা ৰোগ হ’লে কটা পিয়াজ টকৌৱে খোৱা ঠাইত ঘঁহিলে সেই ৰোগৰ নিৰাময় হয়।
মানুহৰ খাদ্য সম্ভাৰৰ অত্যাৱশ্যকীয় ঔষধি গুণসম্পন্ন গাজৰৰ ৰসে শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰে, স্মৃতি শক্তি আৰু দৃষ্টিশক্তি বৃদ্ধি কৰে আৰু স্নায়ু সবল কৰাত সহায় কৰে। কুকুৰীকণা ৰোগত গাজৰ মহৌষধ। গাজৰ টুকুৰা-টুকুৰকৈ কাটি আইনাৰ পাত্ৰত এৰাতি নেমুৰ ৰসত ডুবাই থৈ পিছদিনা খালী পেটত একেৰাহে দুই-তিনিমাহ ব্যৱহাৰ কৰিলে এই ৰোগৰ পৰা আৰোগ্য পোৱা যায়।
ব্ৰাক্ষ্মীশাক, মানিমুনি, টেঙেচি টেঙা, চেঙেৰী টেঙা, জেতুলি পকা আদিও ঔষধি গুণযুক্ত উদ্ভিদ। ব্ৰাক্ষ্মীশাক আৰু মানিমুনি ঘিউত ভাজি খালে স্মৃতি শক্তি বৃদ্ধি পায়। টেঙেচী টেঙা খালে গাৰ চাল নিমজ হয় আৰু ই শাও পৰা গ্ৰহণী ৰোগৰ বাবে বৰ উপকাৰী। টেঙেচী টেঙাৰ পাতৰ ৰস কপুৰৰ সৈতে মিহলাই চকুত লগালে ছানি পৰা ৰোগ আৰোগ্য হয়। হাবি বা বাৰীৰ ঢাপত গজা জেতুলী পকা এবিধ কাঁইটীয়া গছ। ই মুখৰ ঘা-ফোঁহা নিৰাময় কৰে।
আমলখি এবিধ ঔষধিগুণেৰে পৰিপূৰ্ণ চি ভিটামিনযুক্ত উদ্ভিদ। হাৰ্টৰ অসুখ , অৰ্শ, লিভাৰ, পেটৰ অসুখ, ডায়েৰিয়া, ডিচেন্টৰী, এজমা, আদি বিভিন্ন ৰোগৰ মহৌষধ। “ডাকৰ বচন”ত উল্লেখ আছে এনেদৰে :
“আমৰা, আমলখি আমৰি লতা।
উদফাই ৰোগক মাৰি গতা।”
লোকঔষধ হিচাপে পদিনা পাত, ইলাচী আৰু পাণৰ গুৰুত্ব অসীম। শাক জাতীয় সৰু উদ্ভিদ পদিনাই হজমী শক্তি বৃদ্ধি কৰে, কাণৰ পোক সহজে মাৰিব পাৰে, অকাল পক্কতা, নখ বগা পৰা, পেটত জমা হোৱা গেছ, পেটচলা ৰোগ, গাৰ দুৰ্গন্ধ ইত্যাদি ৰোগৰ উপশমকাৰী। পদিনাৰ পাত সিজাই সেই পানীৰ সৈতে মৌ মিহলাই খালে সোনকালে বমি বন্ধ হয়। পদিনাৰ পাত , ইলাচী আৰু পাণ একেলগে চোবাই খালে পেটৰ বিষৰ পৰা আৰাম পোৱা যায়।
অতীজৰে পৰা লোকচিকিৎসা পদ্ধতিত জেতুকাৰ পাত আৰু নুনী পাতৰ ব্যৱহাৰ হৈ আহিছে। সাধাৰণতে নখচূকীয়া ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকাৰ পাত ব্যৱহাৰ কৰা হয়। ছালৰ সৌন্দৰ্য বৃদ্ধি, ভৰি ফটা, নখৰ সৌন্দৰ্য বৃদ্ধি, চৰ্মৰোগ নাশ আদি বিভিন্ন কাৰণত জেতুকাৰ ব্যৱহাৰ অনস্বীকাৰ্য। চুলিৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে পাত আৰু ঔটেঙাৰ বীজ ব্যৱহাৰ কৰা হয়।
বহাগ বিহুত সাতশাকী খোৱা প্ৰথাৰ সৈতে ৰোগ নিবাৰণ আৰু সুস্বাস্থ্য লাভৰ উদ্দেশ্য নিহিত হৈ আছে। ঢেঁকীয়া, মানিমুনি, ঠোঁটনি, টেঙেচী, লাইজাবৰী, মাটি কান্দুৰী, খুতুৰীয়া (স্থান ভেদে বেলেগ বেলেগ হ’ব পাৰে) এই সাত বিধ ঔষধি গুণ সম্পন্ন শাক খালে বিভিন্ন ৰোগৰ উপশম হয়। সাত শাক তোলাৰ গীতত ইয়াক এনেদৰে গায় :
“ঢেঁকীয়া মানিমুনি আৰু ঠোঁটনি।
টেঙেচী লাইজাবৰী আৰু মাটি কান্দুৰী।
খুতুৰীয়া তুলিয়া সখী চালনিত থওঁ।
উৰুলি জোকাৰ অতি সমাদৰে।
সাত শাক তুলিয়া লওঁ।”
পুৰণিকালৰে পৰা লোকচিকিৎসাত স্থান দখল কৰি অহা মহানিম আৰু নিম গছৰ ঔষধি গুণ সৰ্বজনবিদিত। মহানিমৰ ডালেৰে বা ইয়াৰ ছাল পুৰি তাৰ ছাইৰে দাঁত মাজিলে দাঁতৰ বিষৰ পৰা আৰাম পোৱা যায়। মহানিমৰ পাত বীজাণু নাশক, কীটনাশক আৰু ইয়াৰ পাত গৰম পানীত সিজাই সেই পানীৰে খজুৱতি হোৱা ঠাই ধুলে আৰোগ্য পোৱা যায়। নিম গছ বসন্ত ৰোগৰ নিৰাময়ৰ বাবে অতি প্ৰয়োজনীয়। সেয়েহে কালী গোসাঁনীৰ সাধক সকলে হাতত নিমগছ লৈ ফুৰে। দক্ষিণ ভাৰতত প্ৰায় বিলাক কালী মন্দিৰৰ কাষত নিমগছ ৰুই তাক পূজা কৰাৰ পদ্ধতি প্ৰচলন আছে।
মানুহৰ খাদ্য তালিকাৰ অত্যাৱশ্যকীয় মছলা জাতীয় উদ্ভিদ হালধি মানুহে চৰ্মৰ সৌন্দৰ্য বৃদ্ধি, উজ্জ্বলতা, ৰক্ত পৰিষ্কাৰ আৰু পিত্ত, প্ৰসাৱৰ ৰোগ, বহুমূত্ৰ ৰোগ বিনাশৰ বাবে ব্যৱহাৰ কৰে। বহাগ বিহুত গৰু, মহক বেমাৰ -আজাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মিঠাতেলৰ সৈতে হালধি সনা হয়। এনে কৰিলে গৰু, ম’হৰ ছালত হোৱা বিভিন্ন ৰোগ দূৰ হয় আৰু চিকৰা, ওকণি আদিৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পায়। অসমীয়া সমাজৰ মাংগলিক অনুষ্ঠান বিবাহ আদিতো হালধিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। অসমীয়া বিহু গীতত তেল হালধিৰ উল্লেখ পোৱা যায় :
“হাতে মেলি হালধি নঘহিবি মালতী।
ভৰি মেলি নঘহিবি তেল;
চুবৰীয়াৰ ঘৰলৈ নেযাবি মালতী।
দেশৰ ডেকা ল’ৰাৰ মেল।”
শাক পাচলিৰ বাহিৰেও মাছ, মাংস, গাখীৰ, ঘিউ আদিয়েও মানুহক নিৰোগী, স্বাস্থ্যৱান আৰু শৰীৰ গঠনত সহায় কৰে। মাছ (বিশেষকৈ পুঠিমাছ) চকুৰ দৃষ্টিশক্তিত অৰিহণা যোগায়। টোপনিত প্ৰসাৱ কৰা সৰু ল’ৰা-ছোৱালীক পাটিমুতুৰা নামৰ মাছ খুৱালে সেই ৰোগ দূৰ হয়। ৰক্তহীনতা, শৰীৰক দুৰ্বলতা আদি ৰোগত শিঙিমাছৰ জোল সুফলদায়ক। সেইদৰে কোনো কোনো ৰোগত পুঠি আৰু দৰিকণা মাছ দৰব হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও গৰম কালি মোৱামাছ খালে বসন্ত ৰোগ নহয় বুলি মৌখিকভাৱে প্ৰচলন হৈ আহিছে। “ডাকৰ বচন”ত আছে :
“মাংসত মাংস বাঢ়ে, ঘৃতত বাঢ়ে বল।
এঁৱা গাখীৰ চন্দ্ৰ বাঢ়ে, শাকত বাঢ়ে মল।”
হিন্দু ধৰ্মত পশুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সামাজিক প্ৰথাৰ ভিতৰত গো-সেৱা হ’ল প্ৰথম। সেয়ে অসমীয়া সমাজত গৰুক কেন্দ্ৰ কৰি ভালেমান আচাৰ-আচৰণো পালনীয় হৈ আছে। গৰুৰ গোবৰ আৰু মূত্ৰ ঔষধি হিচাপে অতি প্ৰাচীন কালৰে পৰা ব্যৱহাৰ হৈ আহিছে। হিন্দুধৰ্মী সকলৰ বাবে ই অতি পবিত্ৰ আৰু বিভিন্ন যাগ-যজ্ঞ, পূজা-পাতল আদিত ব্যৱহাৰ অপৰিহাৰ্য। ভূত-পিশাচ খেদাৰ বাবেও লোকঔষধি হিচাপে গোবৰ আৰু গোমূত্ৰ ব্যৱহাৰ কৰা হয়।
সৰিয়হ আৰু সৰিয়হৰ তেল বহুতো ৰোগৰ মহৌষধ। জুইত সৰিয়হ দি ভূত-প্ৰেত খেদোৱা আৰু ল’ৰা-ছোৱালীৰ মুখলগা ভঙা হয়। কোৱাভাতুৰীৰ পাতৰ ৰস সৰিয়হৰ তেলৰ লগত মিহলাই মুখত ঘঁহিলে ক’লাচোম নাশ হয় বুলি জনা যায়।
অসমীয়া মানুহৰ ধর্মীয় আৰু সামাজিক জীৱনত গুৰুত্বপূৰ্ণ স্থান পোৱা মুখশুদ্ধি হিচাপে ব্যৱহৃত তামোলপাণৰ মহৌষধি গুণ অনস্বীকাৰ্য। তামোলৰ ঔষধি গুণাগুণ আয়ুৰ্বেদ বৰাহ মিহিৰৰ “বৃহৎসংগিতা” কালিকা পুৰাণ আদিত উল্লেখ পোৱা যায়। অসমীয়া নিদান মতে তামোল পাণ খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়। গৰু-ম’ হৰ কেতবোৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়। মানৱ দেহৰ সমৃদ্ধি আৰু পুষ্টিৰ লগতে আৰু বিকাশৰ বাবে যথেষ্ঠ পৰিমাণৰ ভিটামিন, প্র’টিন, খনিজ লৱন আদি থকা খাদ্যৰ প্ৰয়োজন। সেই বাবে খাদ্য তালিকাত দৈনন্দিন শাক-পাচলি, ফল-মূল, মাছ-মাংস আদি থকাটো বাঞ্চনীয়। আদিম কালৰে পৰা ব্যৱহাৰ কৰি অহা প্ৰতিবিধ খাদ্যতে যথেষ্ঠ ঔষধিগুণ আছে। খাদ্য সামগ্ৰীৰ এনে গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বছৰটোৰ বিভিন্ন ঋতু মাহত কেনেধৰণৰ খাদ্য গ্ৰহণ উচিত সম্পৰ্কে “ডাকৰ বচন”ত এনেদৰে উল্লেখ কৰিছে :
“জেঠৰ দৈ আহাৰত খৈ।
শাওনে মৰাপাট খাবগৈ।
ভাদত ওল আহিনত কল।
কাতিত কচু বঢ়াই বল।।
আঘোণত খাবা চৰাই।
পুহত পিঠা মাঘত কড়াই।
ফাগুনত মৌ চ’তত ঔ ব’হাগত বৰ।
ইয়াকে খালে পুৰুষৰ গুছে কর্মজ্বৰ।
(২) যাদু বিদ্যাত ধর্মীয় লোকচিকিৎসা : এই বিধ লোকচিকিৎসা বিশেষত : ধর্মীয় বিশ্বাসনিষ্ঠ; প্ৰাকৃতিক লোকচিকিৎসাৰ দৰে যুক্তিনিষ্ঠ নহয়। বৈদিক যুগৰ পৰা সকলো শ্ৰেণীৰ মানুহৰ মাজত যাদু-মন্ত্ৰই সমাদৰ লাভ কৰি আহিছে। “আলমগীৰ নামা” ,”বাহাৰিস্তান-ই-ঘায়বী”,”পাদশ্যাহ বুৰঞ্জী” যোগিনী তন্ত্ৰ” ইত্যাদি গ্ৰন্থত অসমৰ মন্ত্ৰ চর্চাৰ উল্লেখ ভূত-প্ৰেত দূৰীকৰণ, বশীকৰণ, সন্মোহন, সৌভাগ্য কৰণ, ধন ধান্য বৃদ্ধিকৰণ, শত্ৰু ক্ষয়কৰণ ইত্যাদি মানুহৰ জাগতিক জীৱনৰ প্ৰয়োজনীয় বিবিধ বিষয়ক সমল ইয়াত পোৱা যায়। দাৰ্শনিক তত্বৰে ভৰপূৰ মন্ত্ৰ অলৌকিক শক্তিৰ সৈতে মানুহৰ সামাজিক বিশ্বাসৰ দিশটো জড়িত হৈ আছে। সাধাৰণতে মন্ত্ৰবোৰত কিছুমান কাহিনী বা উপকথা নিহিত হৈ থাকে আৰু তেনে কাহিনীবোৰৰ পৰাই মানুহৰ পৰম্পৰাগত সামাজিক লোকাচাৰ-লোকবিশ্বাস সম্পৰ্কে ধাৰণা কৰিব পাৰি।
বহু যুগ ধৰি জনসাধাৰণৰ মাজত বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে প্ৰচলন থকা মন্ত্ৰৰ পৰিসৰ অতি ব্যাপক। সংস্কৃত, অসমীয়া আৰু জনজাতীয় ইত্যাদি বিভিন্ন ভাষাত মন্ত্ৰ পোৱা যায়। গোৰক্ষ নাথ বিৰচিত “কামৰত্ন তন্ত্ৰ”ত সংস্কৃত ভাষাৰ বহুল প্ৰয়োগ দেশৰ যায়। প্ৰাচীনতম পৰিচয় থকা মুখ্য পৰম্পৰাসমূহ অথৰ্ব বেদ, বৌদ্ধ আৰু হিন্দু তন্ত্ৰশাস্ত্ৰ আৰু জনজাতিসকলৰ বিশ্বাসৰ সংমিশ্ৰণত গঢ়ি উঠা যদিও ভালেমান মন্ত্ৰ অথৰ্ব বেদৰ পৰা যে উদ্ভৱ হৈছে সেই কথা “কৰতিমন্ত্ৰ” পুথিত উল্লেখ আছে :
“অথৰ্ব বেদৰ আদ্য কৰতি কহে।
কৰতি মন্ত্ৰ জগতত বহে।।”
পূৰ্বাবৰ চলি অহা অসমীয়া মন্ত্ৰৰ লগত ৰামায়ণ, মহাভাৰত, পুৰাণৰ আখ্যান আৰু কিংবদন্তীৰ সংযোগ দেখা যায়। যিকোনো মানুহে প্ৰয়োগ কৰিব পৰা মন্ত্ৰ সাধনৰ লগত “বিহলঙনি, বাঢ়নী, ওভোতা বাঁহচুঙা, সৰিয়হ, আৰৈ চাউল, তপত ভাত, এৱা সূতাৰ” মিঠাতেল, ৰঙাকাপোৰ খৰিকা-তামোল-পাণ আদিৰ ব্যৱহাৰ অপৰিহাৰ্য।
অসমীয়া মন্ত্ৰ সমূহক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি। সেই কেইটা হ’ল :
ক) প্ৰাৰ্থনা বা স্তুতিমুলক মন্ত্ৰ।
খ) ধর্মীয় কৃত্যৰ সৈতে জড়িত মন্ত্ৰ।
গ) যাদু বিদ্যাৰ সৈতে জড়িত মন্ত্ৰ।
ক) প্ৰাৰ্থনা বা স্তুতিমুলক মন্ত্ৰ : এইবিধ মন্ত্ৰ বিভিন্ন ৰোগৰ চিকিৎসা আৰু অপায়-অমংগল দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কোনো ব্যাধিৰ উৎপত্তিৰ কাৰণে নিৰ্ণয় কৰিবলৈ গৈ পোনতে মংগল চোওৱা হয় আৰু তাৰ ভিত্তিতেই ৰোগৰ প্ৰতিকাৰ তথা আৰোগ্য বিধানৰ দিহা কৰা হয়। মঙ্গল চোৱা সৰৱজান বা মঙলতীয়ে কড়ি বা ৰেখা আদিৰ সহায়ত অৰ্থাৎ যাদুমুলক আচৰণৰ দ্বাৰা কোন গৰাকী দেৱী বা দেৱতাৰ ক্ষোভত ৰোগ ব্যাধি হৈছে তাক নিৰ্ণয় কৰি তেনে দেৱী বা দেৱতাৰ উপাসনা কৰিবলৈ নিৰ্দেশ দিয়ে। অসমৰ জাতি-জনজাতি উভয়ৰে মাজতে পৰম্পৰাগতভাৱে ৰোগ নিৰাময়ৰ বাবে পূজা উপাসনা কৰা দেৱী বা দেৱতাসকল হ’ল মনসা বা বিষহৰি, শীতলা বা আই, কালী, দুৰ্গা, শিৱ, মহাদেউ, বাথৌ-শিৱাই, বিষ্ণু আদি উল্লেখযোগ্য। এই দেৱ-দেৱীসকলৰ পূজা-অৰ্চনা শক্তিপন্থী সকলৰহে কার্য যদিও দেৱ-দেৱী পূজা নকৰা লোকেও দেৱ-দেৱী সম্পৰ্কীয় লোকাচাৰসমূহ নিজস্ব বিধিৰে পালন কৰে। এই ক্ষেত্ৰত বসন্ত ৰোগত বৰ্তমান সময়তো সেইৰোগ নিৰ্মূলৰ বাবে শীতলা বা আই গোসাঁনী দেৱীৰ সন্তুষ্টিৰ বাবে প্ৰাৰ্থনা বা স্তুতিমুলক মন্ত্ৰ প্ৰয়োগ কৰা দেখা যায়। যেনে :
“কি দিয়া পুজিম আই তোমাৰ চৰণ।
আই তোমাৰ চৰণ।
পাতালত আচিলা আই নাগৰ পূজা খায়।
নিমখে দি পুজিম আই এ পানী উঠি যায়।”
অসমত অতি প্ৰাচীন কালৰে পৰা আষাঢ়, শাওন আৰু ভাদ এই তিনি মাহত মাৰি মৰক আৰু সর্পভয় বিনাশক বাবে দেৱী মনসাৰ পূজা অৰ্চনা কৰা নিয়ম প্ৰচলিত হৈ আহিছে।
বুঢ়া ডাঙৰীয়াক অপদেৱতাৰ শাৰীত পেলাব নোৱাৰি যদিও বুঢ়া-ডাঙৰীয়া দোষ কেতিয়াবা মানুহৰ গাত লাগে। কেতিয়াবা যদি তেওঁ থকা গছ কটা হয় নাইবা তেওঁ থকা গছৰ গুৰিত মলত্যাগ কৰা হয়; তেতিয়াহ’লে তেওঁ বিতুষ্ট হয় আৰু দোষ ধৰে। সৰৱজান বা মঙলতীয়ে নাইবা বেজে মঙল চাই সেই কথা ধৰা পেলালে তেওঁক উপলক্ষ কৰি চাউল একঠা ভকতক খুৱালেই দোষ খণ্ডন হয় বুলি লোকসমাজত বিশ্বাস বিৰাজমান। ইয়াৰ উপৰিও জল-দেৱতা, স্থলদেৱতা, অপদেৱতা, আইদোষ, গ্ৰহদোষ আদি ৰোগ নিৰাময় পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে সেই দেৱ-দেৱীৰ উদ্দেশ্য পূজা-অৰ্চনা কৰা নিয়ম, বিধি-বিধান জনমানসত প্ৰচলন আছে।
খ) ধর্মীয়কৃত মন্ত্ৰ : তন্ত্ৰ-মন্ত্ৰবিলাক অসমীয়া মানুহৰ ধাৰ্মিক বিশ্বাসৰ ইতিহাস বুলি ক’ব পাৰি। লোকবিশ্বাসেই হ’ল সাধাৰণ ধৰ্ম দেৱতা, অপদেৱতা, বিপদ-আপদ, বেমাৰ-আজাৰ শত্ৰু আৰু জন্তুৰ ভয়ৰ পৰা ব্যক্তি, সমাজ, সম্পদক ৰক্ষা কৰিবলৈ কৰা পূজা-পদ্ধতি, বেজ-বেজালিৰ কথা মন্ত্ৰ সাহিত্যত উল্লেখ আছে। প্ৰাচীন কালত অপশক্তি নাশ কৰিবলৈ ধৰ্মপুজা পতা কথা “ভূত-পিশাচ খেদোৱা” মন্ত্ৰত উল্লেখ আছে :
“আদি বন্দো, অনাদি বন্দো।
বন্দোধৰ্মৰ পাৱ,
ব্ৰক্ষ্মা বিষ্ণু সৱাকো বন্দো।
বন্দো নৰসিংহ বাপ।”
সাধাৰণতে ভূত-ভূতনী, পিশাচ-পিশাচনী, যখ-যখিনী, দৈত্য-দানৱ, খেতৰ-খেতৰী, বীৰা, ডাকিনী-যোগিনী, আদিৰ লগত জলচৰ, স্থলচৰ, বৃক্ষচৰ আদি অপদেৱতাসকলকো মন্ত্ৰৰে বশীভূত কৰিব পাৰি বুলি লোকসমাজত ধর্মীয় বিশ্বাস বিদ্যমান। ইন্দ্ৰ ৰজাই “নাৰায়ণ কবচ” মন্ত্ৰৰে দৈত্য-অসুৰক দমন কৰাৰ কথা উল্লেখ আছে এনেদৰে :
“নাৰায়ণ কবচক পাই শচীপতি।
লীলায়ে দৈত্যক জিনি সাধিলা জয়তি।।”
সেইদৰে মানুহৰ অনিষ্ট জিনি সাধন কৰা কুৱেৰসকলকো মন্ত্ৰৰে খেদি পঠোৱাৰ বিষয়ে “কৰতি মন্ত্ৰ”ত উল্লেখ আছে :
“মাৰো কৰতি উত্তৰে যা।
কুৱেৰৰ অনুচৰ খেদি খেদি খা।।”
এইবোৰৰ উপৰিও গৰ্ভ-দুখ, প্ৰসৱ বেদনা, গৰ্ভস্ৰাৱ দূৰ কৰিবলৈ “গণেশ পূজা মন্ত্ৰ”,ডাকিনী-যোগিনী, গৰ্ভস্ৰাৱ দূৰ কৰিবলৈ “বিষ্ণু-বাসুদেৱ পূজা মন্ত্ৰ”, নৰসিংহ মন্ত্ৰ, বৃক্ষপূজা মন্ত্ৰ গুৰুবাদ মন্ত্ৰ আদি মন্ত্ৰ ব্যৱহাৰ লোকজীৱনত প্ৰচলিত হৈ আছে।
গ) যাদু বিদ্যাৰ সৈতে জড়িত মন্ত্ৰ : অসমীয়া সমাজত ব্যাপকভাৱে প্ৰচলন থকা যাদুমন্ত্ৰৰ ভিতৰত সৰ্বঢাক মন্ত্ৰ, কৰতি সন্ত, পক্ষীৰাজ মন্ত্ৰ, জ্বৰৰ মন্ত্ৰ, সৰ্প ধৰণী মন্ত্ৰ, যোগিনী মন্ত্ৰ, শ্ৰীৰাম মন্ত্ৰ, মুখ ভগা মন্ত্ৰ আদি বিশেষভাৱে উল্লেখযোগ্য। সমাজ জীৱনত মানুহৰ লগতে পশু-পক্ষীৰ ৰোগ নিৰাময়ৰ বাবে পুৰণি কালৰে পৰা পৰম্পৰাগতভাৱে মন্ত্ৰবোৰ ব্যৱহাৰ হৈ আহিছে।
যাদুমন্ত্ৰ সাধাৰণতে দুবিধ-এবিধ কল্যাণকাৰী যাদু আৰু আনবিধ অকল্যাণকাৰী যাদু বা কু-মন্ত্ৰ। প্ৰথম বিধ মানৱৰ আৰু পশু-পক্ষীৰ মঙ্গলৰ কাৰণে ব্যৱহৃত হৈ আহিছে আৰু দ্বিতীয় বিধ মানৱ তথা পশু-পক্ষীৰ হিতৰ বিপৰীতে ব্যৱহাৰ হৈ আহিছে। কু-“মন্ত্ৰৰ ভিতৰত ব্যাভিচাৰমন্ত্ৰ বেছি বিখ্যাত।
মন্ত্ৰ সাধনাৰ লগত বহুত ক্ৰিয়া অনুষ্ঠান জড়িত হৈ আছে। কোনো কোনো মন্ত্ৰৰ সাধনত মূৰ্ত্তি প্ৰতিষ্ঠা কৰা নিয়ম। পানীজৰা আৰু পানীকটাৰে বহুৰোগ নিৰাময় কৰা হয়। অৱশ্যে এই পানী কমাবৰ শাল, চণ্ডাল তথা নীচকুলৰ গৃহৰ পৰা আনি জাৰিলেহে সুফল পায়। সেইদৰে জীৱ-জন্তুৰ তেজ-মঙহ, নখ, পাখী, মলমূত্ৰ আদিয়ো ৰোগ নিৰাময় সাধনৰ মন্ত্ৰবিলাকত প্ৰয়োগ কৰা হয়। মুখলগা মন্ত্ৰ সাধনৰ সময়ত উতলা ভাতৰ চৰুৰ তললৈ মন্ত্ৰপুত সৰিয়হ চটিওৱা নিয়ম। সৰু ল’ৰা-ছোৱালী খেতৰে ধৰিলে অৰ্থাৎ সৰু ল’ৰা-ছোৱালীয়ে যদি কান্দি থাকে, গা-জিকাৰে, ৰঙা-কলা পৰে, গাখীৰ নোখোৱা হয়, তেতিয়া বেজে সৰিয়হ বা তেল জাৰি দিলে বা দোল জাৰি দিলে সেই অসুখ ভাল হয়। বিহলঙনীয়ে কোবায় জৰা -ফুকা মন্ত্ৰ মাতি গাঁঠিৰ বিষ, গাৰ বিষ আদি নিৰাময় কৰিব পৰা যায়। সৰ্পৰ বিষ জৰা-ফুকা মন্ত্ৰ দ্বাৰা আৰোগ্য কৰা বহুতো মন্ত্ৰ বৰ্তমানো প্ৰচলিত আছে। “সৰ্পধৰণি মন্ত্ৰ”ত আছে :
“ধৰণি কটকট ধৰণি চাল।
মোৰ ধৰণি উপৰে বিষনাই আৰ।
নানা ধৰণি নানা জল।”
বিষ নামি যা পাতাল পূৰ।।”
ৰোগ-ব্যাধি নিৰাময়ৰ বাবে প্ৰয়োগ কৰা মন্ত্ৰবোৰত তেনে ৰোগৰ অধিষ্ঠাতা দেৱতা বা দেৱীৰ উদ্দেশ্য কুকুৰা, গাহৰি, কণী, ছাগলী আদি আগবঢ়াই সেই জাতীয় মন্ত্ৰ মাতি ৰোগীৰ আৰোগ্য কৰাৰ প্ৰথাও পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আছে।
লোকচিকিৎসাৰ ক্ষেত্ৰত কু-মন্ত্ৰ, যাদু, ভেলেকী, বাণমৰা, জৰা-ফুকাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। কুমন্ত্ৰৰ ভিতৰত মন্দকৰা, হৰাদিয়া, আহুতি দিয়া প্ৰধান। মানুহৰ নখ, দাঁত, চুলি, ফটাকানিত মন্ত্ৰপুত কৰি মাটিত পুতি থোৱা কুমন্ত্ৰৰ প্ৰভাৱ আজিও বিদ্যমান। অদৃশ্য বস্তু দৃশ্য কৰিবলৈ আৰু দৃশ্যবস্তু অদৃশ্য কৰিবলৈ নানামন্ত্ৰৰ ব্যৱহাৰ আছে। “মোহিনীমন্ত্ৰ”ত তামোলৰ লগত বিভিন্ন দ্ৰব্য মিহলাই কৰা যাদুমন্ত্ৰৰ কথা পোৱা যায়। বিহুগীতত উল্লেখ পোৱা যায় :
“কিনো তামোলখনি দিলে মোৰ মইনা।
অতি চেনেহৰে খালোঁ;
সেইনো তামোলখনি খাবৰ পৰাই
তোমাৰ লগত চিনাকি হ’লোঁ।
যাদু বিদ্যাৰ চুৰ, বাণমৰা, গাঁঠিবন্ধা, জৰা-ফুকা, মন্ত্ৰপুত পানী ছটিওৱা, মাটিত পুতি থোৱা, শাও-শপতেৰে সমাধা কৰা মন্ত্ৰৰ শেষত ফু-মৰা, হাত ফুৰোৱা, নতুবা খুওৱা এটা অন্যতম নিয়ম। আনহাতে এই যাদুবিদ্যাৰ মন্ত্ৰবোৰত জাতি- জনজাতিৰ নাম সাঙোৰ খাই থকা সেই জাতি-জনজাতিৰ বিশ্বাস জড়িত হৈ থকা দেখা যায়।
“জলকৰতি”ত আছে:
“গাৰোৰ বাণ গাঁঠি কটো, মলৌৰ বাণ গাঁঠি কাটো;
সোণাৰী বাণ কাটো, বৰিয়াৰ বাণ গাঁঠি কাটো।”
ইত্যাদি।
মন্ত্ৰ-তন্ত্ৰৰ বাহিৰেও দেৱ-দেৱী, গৃহ-নক্ষত্ৰ, ভূত-প্ৰেতক সন্তুষ্ট কৰি ৰোগ ব্যাধি নিৰ্মূল কৰিবলৈ বিভিন্ন মঠ, মন্দিৰ, থান, দৌল আদিত নিৰ্দিষ্ট দিন-তিথিত পূজা, বলি, দান-দক্ষিণা, যাগ-যজ্ঞ আদিও পতা দেখা যায়। “দৈৱজ্ঞ, জ্যোতিষী,বেজ-বেজনীৰ নিৰ্দেশমতে মাদুলি কবচ আৰু নানা ধৰণৰ ধাতুৰ অলংকাৰ সামৰ্থনুযায়ী মানুহে ধাৰণ কৰে। লোকসংস্কৃতিৰ লগত এই বিশ্বাস আৰু ক্ৰিয়া কৰ্মৰ ঘনিষ্ঠ সম্বন্ধ আজিও সম্পূৰ্ণৰূপে পৰিলক্ষিত হয়।”
অতি প্ৰাচীন কালৰে পৰা জন-জীৱনত ব্যৱহৃত হৈ অহা লোকচিকিৎসা আৰু লোকঔষধ সমূহৰ প্ৰচলন আজিও হ্ৰাস পোৱা নাই, বৰং বৃদ্ধিহে পাইছে। মানৱ সমাজত ইয়াৰ মূল্য জাতিৰ প্ৰজ্ঞা, জ্ঞান -বিজ্ঞান চৰ্চাৰ পৰিচায়ক আৰু জাতীয় ঐহিত্যৰূপে সদায়েই থাকিব।
২। জনগোষ্ঠীয় লোক-উৎসৱৰ বিষয়ে চমুকৈ লিখা।
(ক) বড়োসকলৰ জাতীয় উৎসৱ ‘খেৰাই’
উত্তৰঃ বড়োসকলৰ জাতীয় জীৱনক তুলি ধৰা প্ৰধান উৎসৱটো হ’ল ‘খেৰাই উৎসৱ’। ‘খেৰাই’ শব্দৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ‘হাণ্ঠ খেৰাইনা ৰাইচং’ অৰ্থাৎ আঁঠুকাঢ়ি দেৱতাৰ নাম লোৱা বা প্ৰাৰ্থনা কৰা। খেৰাই উৎসৱ বড়োসকলৰ বাবে একপ্ৰকাৰৰ শিৱ-পূজা। মূলত তিনিটা উদ্দেশ্যত বড়োসকলে খেৰাই পূজা পালন কৰে। (ক) আহুখেতি আৰু বৰ্ষাকালৰ খেতি-বাতিৰ মংগলৰ কাৰণে আহাৰ বা শাওন মাহৰ কোনো এটা অন্ধকাৰ ৰাতি খেৰাই পূজা পালন কৰা হয়। (খ) শালিখেতিৰ মংগলৰ কাৰণে কাতিমাহৰ কোনো অন্ধকাৰ ৰাতি খেৰাই পূজা পালন কৰা হয়। (গ) পৰিয়ালৰ অসুখ-অশান্তি নাইবা বেমাৰ-আজাৰে দেখা দিলেও খেৰাই পূজা পালন কৰা হয়। –এই তিনিধৰণে পালন কৰা খেৰাই পূজাৰ উদ্দেশ্যৰ ভিন্নতা থাকিলেও পূজা-পালনৰ নীতি-নিয়মসমূহ মূলত : একে।
পৰিয়ালৰ অসুখ-অশান্তি নাইবা বেমাৰ-আজাৰৰ নিৰ্মূলৰ কাৰণে পালন কৰা খেৰাই পূজা সংশ্লিষ্ট মানুহঘৰৰ সমীপতেই পালন কৰা হয়। অন্যহাতে খেতি-বাতিৰ মংগল কামনাৰে পালন কৰা খেৰাই পূজা ৰাজহুৱা স্থানত ৰাজহুৱাভাৱে পালন কৰা হয়। খেৰাই পূজা উদযাপন কৰিবলৈ লোৱা ঠাইটুকুৰাত এটা নিৰ্দিষ্ট জোখৰ মাটিৰে ঢাপ তৈয়াৰ কৰা হয়। এই মূল ঢাপটোক আগুৰি বাঁহৰ কামীৰে এটা ঘেৰ দিয়া হয়। খেৰাই পূজাৰ এই বেদী সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেওঁলোকে নিজৰ লোকবিশ্বাস অনুসৰি খাম (দীঘল ঢোল), চিফু (বাঁহী) আদি বাদ্য বজাই জাগৰণ মন্ত্ৰ গায়। ইয়াৰ জৰিয়তে বড়োসকলৰ দ্বাৰা পুজ্জ সকলো দেৱ-দেৱীক পূজা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয় । এই মাংগলিক পৰ্বৰ পিছতেই খেৰাই পূজা আৰম্ভ হয়। তেওঁলোকে নিৰ্মাণ কৰা এই বেদীতেই প্ৰতিগৰাকী দেৱ-দেৱীৰ বাবে আসন তৈয়াৰ কৰা হয়। ইয়াৰে মূল আসনখন হ’ল তেওঁলোকৰ মূল আৰাধ্য দেৱতা বাথৌ মহাৰাজ বা শিৱ।
পৰম্পৰাগত ৰীতি মতে এই পূজাৰ পূজাৰীজনে উপাস্য প্ৰতিগৰাকী দেৱ-দেৱীলৈ গাহৰি, কুকুৰা, ছাগলী, কণী পাৰ, কল-নাৰিকল, তামোল-পাণ, চাউল, মদ আদিৰে পূজা আগবঢ়ায়। জীৱ-জন্তু বলি দিয়াৰ পৰম্পৰাও এই পূজাৰ লগত জড়িত। এই পূজা চলি থকাৰ সময়ত বড়োসকলৰ পৰম্পৰাগত নৃত্য-গীতেৰে গোটেই পৰিৱেশটো উৎসৱমুখৰ কৰি ৰখা হয়। ভক্তি আৰু আনন্দৰ সমাহাৰেৰে পালন কৰা এই উৎসৱত মদ আৰু মাংসৰে ভোজ-ভাত খাই গাঁওবাসীয়ে আনন্দ কৰে। এই খেৰাই পূজাতে বড়োসকলে লক্ষ্মীদেৱীকো আৰাধনা কৰে।
যাতে তেওঁলোকৰ লগত লক্ষ্মী দেৱী সুখে-দুখে থাকি দিয়ে। ইয়াতেই দেওধ্বনিয়ে লক্ষ্মীদেৱীৰ ৰূপত আত্মপ্ৰকাশ কৰি গঞা ৰাইজক আশ্বাস দিয়ে। সেই আশ্বাস পাই গাঁওবাসী আনন্দিত হয়। এনে আনন্দৰ মাজেৰেই অন্ত পৰে বড়োসকলৰ জাতীয় উৎসৱ খেৰাই পূজা। –এনেদৰেই অতীজৰে পৰা লোকবিশ্বাস আৰু ধৰ্মীয় পৰম্পৰাৰে বড়োসকলে খেৰাই পূজা উদযাপন কৰি আহিছে। পূৰ্বৰ দৰে অৱশ্যে বলি-বিধানৰ পৰম্পৰাবোৰ সময়ৰ পৰিবৰ্তনৰ লগে লগে কমি আহিল। কৃষিজীৱী বড়োসকলে মূলতঃ তেওঁলোকৰ সকলো ধৰণৰ মংগলৰ কাৰণেই এই পূজা পাতে। এই পূজাই বড়ো জাতিৰ একতা আৰু সমন্বয়ৰ এনাজৰীডালো সুদৃঢ় কৰি ৰাখে। খেৰাই পূজাক বড়োসকলৰ আটাইকতৈ শ্ৰেষ্ঠ পূজা হিচাপে বিবেচনা কৰা হয়। প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে এই পূজা পালন কৰা হয়। খেৰাই পূজাৰ মূল বেদীক ‘বাথৌসালি’ বুলি কোৱা হয়। ইয়াত সিজুগছ আৰু তুলসী গছৰ ব্যৱহাৰ আছে। পূজা দিয়াৰ প্ৰণালীৰ কথা আলোচনা কৰিবলৈ গৈ লিখা হৈছে এনেদৰে- “খেৰাই পূজা দুইধৰণে কৰা হয়। দৌদিনৰ সহায়ত আৰু দৌদিনৰ সহায় নোলোৱাকৈ। আকৌ দৌদিনৰ সহায়ত কৰা খেৰাই দুই ধৰণে কৰা হয়। এবিধ হ’ল বলি-বিধান দি কৰা আৰু আনবিধ কেৱল ফুল-প্ৰসাদৰ দ্বাৰা।
প্ৰথমতে বাথৌসালীত এগছি ‘গাসা’ জ্বলাই খাম-সিফুং-জথাৰ সহায়ত কবিৰাজে মন্ত্ৰ মাতি দৌদিনৰ গাত দেৱত্ব লম্ভায়। দৌদিনৰ গাত দেৱতা নলম্ভালৈ বাদ্যযন্ত্ৰৰ সহায়ত কবিৰাজৰ মন্ত্ৰ গোৱা চলি থাকে। দেৱতা লম্ভাৰ পাছত বাথৌসালিত পূজা দিয়া হয়। বাদ্যৰ তালে তালে নাচি পুৱতি নিশা পূজাৰ সামৰণি মাৰে। ওঠৰতা পৰ্বৰ নৃত্যত ওঠৰজন দেৱতাৰ কাৰ্যক দেখুৱাই নৃত্য কৰা হয়। অতি সাম্প্ৰতিক কালত দৌদিন, কবিৰাজ নোহোৱাকৈও পূজা দিয়া দেখা গৈছে। বৰ্তমান বড়ো সমাজত তিনিধৰণে খেৰাই পূজা সম্পন কৰা হয়–
(ক) পুৰণি ৰীতি-নীতিৰে বাদ্যৰে তালত দৌদিনৰ সহায়ত নাচি-বাগি বলি বিধান দি কৰা হয়।
(খ) দৌদিনৰ সহায়ত খাম-জথা হিফুং বজাই নাচি নাচি ফুল-প্ৰসাদেৰে কৰা পূজা দেখা যায়।
(গ) কেৱল দেউৰীৰ সহায়ত কৰা পূজা। ইয়াত নৃত্য আৰু পূজাৰ মাজত সম্বন্ধ নাথাকে। মাথোঁ খেৰায়সালিৰ চাৰিওফালে মঞ্চত নৃত্য প্ৰদৰ্শন কৰাৰ দৰে নাচি থাকে।”‘
খেৰাই পূজাৰ মূল উপাস্য দেৱতা হ’ল বাথৌ বাৰাই বা শিব্ৰায়। পাৰ চৰাই, ছাগলী, গাহৰি আদি এই পূজাত বলি দিয়া হয়। খাম আৰু চিফুঙৰ মৃদু সংগীতৰ গুঞ্জন, আৱাহনী মন্ত্ৰ আৰু দেওধনিৰ নৃত্যই খেৰাই পূজাক আকৰ্ষণীয় কৰি তোলে। বাথৌ বেদীত সিজু গছৰ ডাল আৰু তুলসীৰ ডালৰ আগত সৃষ্টিৰ প্ৰতীকৰূপে ঘূৰণীয়া শিল এচটাৰ ওপৰত কণি এটা ৰখা হয়।
(খ) বাঁশ পূজা : বাঁশ পূজা নামনি অসমৰ কোচ ৰাজবংশীসকলৰ এক বৈশিষ্ট্যপূৰ্ণ অনুষ্ঠান। কৃষিৰ লগত সংগতি ৰাখি উদযাপন কৰা এই উৎসৱ প্ৰধানকৈ অবিভক্ত গোৱালপাৰা জিলাৰ বইটামাৰীৰ পচাগাঁও, তালগুৰি, কায়েথপাৰা, ঢাকানাবাৰী, বিদ্যাপুৰ, বঙাইগাঁৱৰ মূলগাঁও, হাতীখুতুৰা, চাপৰৰ ফলিমাৰী, বতলদল, বাৰুণীতাৰাকে আদি কৰি বিলাসীপাৰা, গৌৰীপুৰৰ বিভিন্ন অঞ্চলত উদযাপন কৰা হয়।
সাধাৰণতে বৰ্ষাকালত উদযাপন কৰা এই বাঁশ পূজা দৰাচলতে কৃষিভিত্তিক আৰু ইয়াৰ আৰাধ্য দেৱী মা-কালী যদিও ইয়াৰ লগতে প্ৰভু জগন্নাথ, কামদেৱ, ৰাজঠাকুৰ আদি বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়। ইয়াক ঠাকুৰাণী বুলি কোৱা হয়। ব’হাগ মাহৰ পাছত আৰু আহাৰ মাহৰ ভিতৰত ঠাকুৰাণী দেৱীৰ পূজাভাগ আগবঢ়াই কৃষক ৰাইজে পথাৰত হাল নমায়।
বাঁশ পূজা প্ৰধানকৈ চাৰিদিনীয়াকৈ পালন কৰা হয়। প্ৰথম দিনাখন বাঁহ কটা পৰ্ব। নিয়ম অনুসৰি ১০৮ ডাল বাঁহ কাটিব লাগে যদিও ৯ ৰ পৰা ১৩ ডাল বাঁহ কাটিও পূজা সমাপন কৰা যায়। পূজাৰ প্ৰথম দিনাখন মন্দিৰৰ পূজাৰী আৰু ৰাইজে বাঁহ কাটি পূজাৰ শুভাৰম্ভ কৰে। বাঁহ কটাৰ নিয়ম অনুসৰি প্ৰথম দুডাল একেটা গুৰিৰপৰা গজালি মেলা হ’ব লাগিব আৰু কটাৰ আগতে কাপোৰ বা ধুতিৰ পোন্ধ খুলি পশ্ছিমপিনে পূজা কৰি ভক্তিসহকাৰে কটা হয়। এই বাঁহবোৰ দৰাচলতে পোন বাঁহ হ’ব লাগিব। বাঁহবোৰৰ মূৰত একোটাকৈ ছোৱৰ আৰু গাটোত কাপোৰ মেৰিয়াই কুঁহিলাৰ ফুলেৰে সুশোভিত কৰা হয়।
উল্লেখযোগ্য, বেঁকা বাঁহবোৰত মিঠাতেল সানি জুইত সেকি পোন কৰি লোৱা হয়। বাঁহবোৰ সজাই -পৰাই তোলাৰ পাছত মিঠাতেল, চেনী, ঘিউ, গাখীৰ আদিৰে ধুই পূজা-অৰ্চনা কৰি কম বয়সীয়া ল’ৰাবোৰ কান্ধতলৈ বিভিন্ন গীত-মাতেৰে নাচি আমোদ-প্ৰমোদ কৰে। এই পূজাৰ বিশেষ আকৰ্ষণ ‘দেওয়া’ বা দেওধনী নৃত্য’। গীত-মাতেৰে আন্দোৎসৱ কৰা ঠায়খিনিক ‘ধামাল তোলা’ বুলি কোৱা হয়। পূজাৰ প্ৰথমদিনাখন ৰাতি ১১-১২ কৰাৰ নিয়ম । পূজাৰ চতুৰ্থ দিনাখন মন্দিৰৰ এক মেলাসদৃশ পৰিবেশৰ সৃষ্টি হয়। পূজাৰ অন্তিমদিনাই দেৱী ঠাকুৰাণী মন্দিৰত প্ৰৱেশ কৰে। সেইদিনা পুৱা ১০ মান বজাৰ ধামাল আবেলি ৩ বজাত অনুষ্ঠিত কৰা হয় আৰু এটি কুঁহিলাৰ মূৰ্তিক চকুদান কৰি দেৱীক বেদীত প্ৰতিষ্ঠা কৰোৱা হয়।
দেৱীৰ সন্তুষ্টিৰ বাবে পুৰুষসকলে ভক্তিমূলক গীত আৰু মহিলাসকলে নামতী গীত পৰিবেশন কৰে। ধামালৰ শেষত গাঁৱৰ প্ৰতি ঘৰতে নৃত্য কৰি অন্তিম ধামাল আৰম্ভ কৰি ৰাতি ৩ মান বজাত দেৱী বিসৰ্জনৰ পূজাৰ সামৰণি মৰা হয়। পূজাৰ অন্তত তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়। পূজাৰ প্ৰতিডাল বাঁহকে এক বা একাধিক দেৱ-দেৱীৰ প্ৰতিনিধি বুলি বিশ্বাস কৰি এই চাৰিদিন সকলোৱে অতি ভক্তিসহকাৰে শ্ৰদ্ধা প্ৰদৰ্শন কৰে। এই বাঁহবোৰক বিভিন্ন নামেৰে জনা যায়। ক্ৰম অনুসৰি – প্ৰথম ডালক ‘বুঢ়ামাদা’, দ্বিতীয় ডালক ‘চেঙেৰা মাদা’,তৃতীয় ডালক ‘বিবি ঠাকুৰাণী’,চতুৰ্থ ডালক ‘বৰ ঠাকুৰাণী’, পঞ্চম ডালক ‘চটৌ ঠাকুৰাণী’,ষষ্ঠ ডালক ‘ৰক্ত কালী’, সপ্তম আৰু অষ্টম ডালক ‘কেঁচাই খাইতী’, একাদশ ডালক ‘খুছি খাইতী’। পূজাৰ প্ৰথম তিনিডাল বাঁহ বিশেষ দৃষ্টিৰে চালে দেখা যায় ই হিন্দু আৰু মুছলমান ধৰ্মৰ সমন্বয়ৰ প্ৰতীক । ইছলাম ধৰ্ম মতে, প্ৰথম তিনিডাল বাঁহ ‘বুঢ়ামাদা’ ‘চেঙেৰা মাদা’,’বিবি ঠাকুৰাণী’ আৰু হিন্দু মতে, ‘প্ৰভু জগন্নাথ’,’ৰাজা ঠাকুৰ’ আৰু ‘মা-মনসা দেৱী’ নামেৰে জনাজাত। এই পূজাত শাক্ত -শৈৱ -বৈষ্ণৱ এই ত্রিধাৰাৰ সংযোগ ঘটা দেখা যায়।
ব’হাগত বাঁহ ৰুলে আঘোণত ঠন ধৰি উঠে বাবে আঘোণতো বাঁশ পূজা পতা দেখা যায়। প্ৰধানকৈ কোচ ৰাজবংশীৰ লগতে বড়ো, ৰাভা আৰু অনুসূচীত সূত্ৰধৰ সম্প্ৰদায়ৰ লোকেও বাঁশ পূজা পালন কৰে।
(ঘ) চাহ-জনগোষ্ঠীৰ ‘টুচু পৰৱ’ : আন আন জনগোষ্ঠীবোৰৰ দৰে চাহ জনগোষ্ঠীৰ লোকসকলেও মাঘ বিহু বা ভোগালী বিহু উৎসৱ পালন কৰে। ইয়াক তেওঁলোকে ‘পৌষ পৰৱ’ বা ‘টুচু পৰৱ’ বুলি কয়। নিজস্ব পৰম্পৰাৰে এই উৎসৱ পালন কৰিলেও ভোগালী বিহুৰ লগত ইয়াৰ ভালেমান সামঞ্জস্য আছে। মকৰ সংক্ৰান্তিৰ দিনা সমাপ্ত হয়। ‘টুচু পৰৱ’ত টুচু দেৱীক পূজা কৰাৰ পৰম্পৰা আছে। অসমীয়া সমাজত সাধাৰণতে কৰাৰ দৰে ভেলাঘৰ সজা, মেজি জ্বলোৱা, আনৰ বাৰীৰ পৰা বস্তু দূৰ কৰা আদি লোক-ধেমালিবোৰ টুচু পৰৱৰ পৰম্পৰাৰ লগতো জড়িত। এই উৎসৱত বিভিন্ন প্ৰকাৰৰ পিঠা-পনা প্ৰস্তুত কৰাৰ জৰিয়তেই এই উৎসৱক মাঘ বিহুৰ লগত সামঞ্জস্য কৰিব পৰা যায়। টুচু পৰৱ উৎসৱত গীত-মাত পৰিবেশনৰ সময়ত পুৰুষসকলে সহযোগিতা দিলেও টুচু পূজা প্ৰধানত মহিলাপ্ৰধান অনুষ্ঠানহে।
“পুহ মাহ আৰম্ভ হোৱাৰ লগে লগে কোনোবা এঘৰৰ এজনী অকুমাৰী ছোৱালীক ‘মা’ সাজি লয়। তেওঁক ‘টুচুমা’ বোলে। এই টুচুমাৰ ঘৰতে টুচুদেৱীক প্ৰতিষ্ঠা কৰা হয়। এখন দোলাৰ ভিতৰত টুচুদেৱীৰ চৌড়ল আৰু মূৰ্তি সাজি ৰখা হয়। দোলাখন সাধাৰণতে গছৰ পাতেৰে সজোৱা হয়–
উপৰে পাতা নিচে পাতা।
তাৰ ভেতৰে টুচু গো।”‘
চাহ জনগোষ্ঠীৰ লোকসকলে টুচুক শস্যৰ দেৱী হিচাপে জ্ঞান কৰে। ‘টুচুমা’ গৰাকীয়েই এই পূজা পৰিচালনা কৰে। এই মূৰ্তিটো পূজাৰ সময়ত গোবৰেৰে তৈয়াৰ কৰি লোৱা হয়। টুচু পৰৱৰ গীতত আছে এইদৰে—
অশোক বনে পাতেৰ ঘৰে।
সীতাকে ৰামে ৰাখেছে,
যোগীৰ বেশে ৰাৱণ আসে।
সীতা হৰণ কৰেছি।
টুচু পূজাৰ পৰম্পৰাৰ লগত বিভিন্ন কিম্বদন্তীমূলক কাহিনী জড়িত হৈ আছে। দুটা পৰ্বৰ মাজেৰে টুচু পূজা সম্পন্ন হয়। এটা পৰ্ব ঘৰত আৰু আনটো নৈৰ ঘাতত অনুষ্ঠিত হয়। টুচু দেৱীক নৈৰ ঘাটলৈ লৈ যোৱা হয় আৰু নদীত টুচু বিসৰ্জন দিয়া হয়। দুগৰাকীমান তিৰোতাই দেৱীক নদীত বিসৰ্জন দিয়াৰ আগেয়ে পানীত ডুব মাৰি কলহত পানী ভৰাই আনে। সেই পানী থাপনাত থোৱা হয়। তেনে সময়ত গোৱা এফাকি টুচু গীত হ’ল—
“এক আনা দুই আনা পইচা।
জলে দিলে হয় দুইটা।
চ’খে চ’খে দেখা হ’লে।
মনে হয় আগৰ কথা।
টুচুৰ ঘাগৰা কাছে থাকে।”
কোনোবাই ইচ্ছা কৰিলে টুচু দেৱীক নদীত বিসৰ্জন দিয়াৰ আগেয়ে নিজৰ ঘৰত পৰ্দাপৰ্ন কৰাবও পাৰে। শনিবাৰ আৰু মঙ্গলবাৰে টুচুদেৱীক বিসৰ্জন দিয়া নহয়। টুচু পৰৱৰ লগত বিভিন্ন লোকবিশ্বাস জড়িত হৈ আছে।
“টুচু পূজাৰ দিনাখন সূৰ্যোদয়ৰ লগে লগে স্নান নকৰিলে পৰজনমত গাহৰি হৈ জন্মিব লাগে বুলি তেওঁলোক বিশ্বাস কৰে। যি ঘৰে মানস কৰি টুচু পূজা পাতে, তেওঁলোকে একেৰাহে অতি কমেও তিনি বছৰ ধৰি এই পূজা পাতিব লাগে।”
টুচুৰ গীতবোৰ কেৱল টুচু পৰৱতহে গোৱা হয়। আন সময়ত বা অনুষ্ঠানত গালে গাত খজুলি হয় বুলি তেওঁলোকৰ মাজত বিশ্বাস আছে। টুচু পৰৱৰ লগত জড়িত লোকবিশ্বাসবোৰ মানি নচলিলে ঘৰত অপায়-অমঙ্গলে দেখা দিয়ে বুলি বিশ্বাস কৰা হয়। টুচু উৎসৱ মূলতঃ কৃষক জীৱনৰ লগতেই জড়িত। “টুচুৰ উদ্ভৱক লৈ কেইবাটাও ‘মিথ’ জনগোষ্ঠীটোৰ মাজত প্ৰচলিত। মিথসমূহে টুচুক ঐচৰ্যৰ বাহক আৰু পতিব্ৰতা নাৰী বুলি পতিয়ন নিয়ায়। টুচু পূজাক বংগত প্ৰচলিত ‘তুচলা’ বা ‘চুচলী’ পূজাৰ ৰূপান্তৰ বুলিও কিছুমানে মত প্ৰকাশ কৰিছে। এতিয়াও বংগদেশত এই পূজা অতি ধুমধামেৰে পালন কৰা হয়। টুচু পৰৱক কিছুমানে কৃষি লক্ষ্মী বা নৱন্না উৎসৱ বুলিও অভিহিত কৰে। সংস্কৃত ভাষাৰ ‘তোষ’ (তুষ ?) ধাতুৰ পৰাও ‘টচ’ বা ‘টুচু’ শব্দৰ উৎপত্তি হৈছে বুলি ক’ব খোজে।”
টুচুত ব্যৱহাৰ হোৱা গীতবোৰক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল— টুচু পূজাৰ বন্দনা গীত, টুচুৰ আদৰণী গীত, জাগৰণী গীত, টুচু ঘুমোৱা গীত, যোৰনামৰ গীত, টুচুৰ ৰূপ-যৌৱন গুণানুকীৰ্ত্তন কৰা গীত, আই-বোপাই, শাহু-শহুৰ, দেওৰ-ননদ আদিক লৈ গোৱা গীত, ফুলশয্যা বিষয়ক গীত, টুচু যাত্ৰাৰ ভাঁচান গীত আদি। দেৱত্ব আৰোপিত আৰু লৌকিক বিষয় এই গীতবোৰৰ মাজত লক্ষ্য কৰা যায়। টুচু পৰৱে জনগোষ্ঠীটোৰ মাজত সমন্বয়ৰ বতৰা আৰু আনফালে নাৰীসকলক আদৰ্শময়ী হোৱাৰ বাবে যোগোৱা অনুপ্ৰেৰণা আদিয়ে টুচু পৰৱক বৈশিষ্ট্যপূৰ্ণ কৰি তোলে। টুচু পৰৱৰ সময়ত জনগোষ্ঠীটোৰ মাজত বাগিচাই বাগিচাই কুকুৰা যুঁজ অনুষ্ঠিত কৰাৰ পৰম্পৰাও আছে। তেওঁলোকৰ সমাজজীৱনত এই খেলবিধৰ বিশেষ স্থান আছে।
টুচু পৰৱ অনুষ্ঠিত কৰা মাহটোত তিল পিঠা খোৱা দেখা যায়। টুচু পৰৱত ‘খাম আলু’ আৰু মিঠা আলু’ খোৱাৰ পৰম্পৰা আছে। পূজাৰ পিছদিনা নাক-কাণ ফুটুৱাটো শুভ বুলি বিবেচনা কৰা হয়। নাৰীসকলৰ উপৰি চাহ জনগোষ্ঠীৰ পুৰুষসকলেও কাণ ফুটুৱা দেখা যায়। এই টুচু পৰৱতে ডেকা-গাভৰুসকলে সংসাৰ জীৱনৰ লগৰী বিচৰাতো ব্ৰতী হয়। টুচু দেৱীক বিসৰ্জন দিয়াৰ দিনা সকলোৱে লগত লৈ যোৱা পিঠা-পনা ভগাই খাই সম্প্ৰীতিৰ চানেকি দাঙি ধৰে। টুচু পৰৱত ব্যৱহৃত গীতৰ এটি অংশ তলত উল্লেখ কৰা হ’ল—
তেল দিলাম শলিতা দিলাম।
স্বৰ্গে দিলাম বাতি গ’
সকল দেৱতা সইনজা লেও মা।
লক্ষ্মী সৰস্বতী গ’।
গাই আইল বাচুৰ আইল।
আইলৰে ভাগৱতী মা।
একে একে সইনজা লেওমা।
ঘৰেৰ কুলৱতী গ’।।
সইনজা দিয়া ভগতাৰা।
সইনজা কেন দিয়া না?
কুমাৰ ঘৰে প্ৰদীপ দেইনা।
সইনজা কিসে দিব গ’।
সইনজা দিয়া ভগতাৰা।
সইনজা কেন দিয়া না?
তেলীৰ ঘৰে ঘৰে দেইনা মা।
সইনজা কিসে দিব গ’।
সইনজা দিয়া ভগতাৰা।
সইনজা কেন দিয় না?
আশ্বিন মাসে দূর্গাপূজা, সবাই পড়ে লাল শাড়ী।
আমাৰ টুচু অবুজ মেয়ে, বুঝাবেহে বংশীধাৰী।
বাঁকা নয় বাঁকা নয় মা, তেৰাল বাঁশেৰ আগা গ’।
বিনা ফুলে বাজে বাঁশী, বলে ৰাধা ৰাধা গ’।
এ বন কাটিও, কোটিও বনেৰ ধ্বজা গ’।
তেৰাল বনেৰে ৰাণী কান্দে, ৰাজা যায় মা বাধা গ’।
সময় পৰিবৰ্তনৰ লগে লগে চাহ জনগোষ্ঠীৰ টুচু পৰৱতো পৰিবৰ্তনৰ আঁচুৰ লক্ষ্য কৰা গৈছে। পৰম্পৰাগত সাজ-পাৰ পৰিধান আৰু টুচু পৰৱত গীত-মাতত বিশ্বায়নে বাৰুকৈয়ে আঘাত হানিছে। নতুন প্ৰজন্মই এই ক্ষেত্ৰত অধিক সচেতন নহ’লে এই গোটেই বিষয়টো সংকটৰ গৰাহত পৰাৰো আশংকা আছে। জনগোষ্ঠীটোৰ লোক-পৰম্পৰালৈ এইবোৰে অশুভ ইংগিত আনি দিছে। টুচু পৰৱে জনগোষ্ঠীটোৰ লোক সাংস্কৃতিক পৰম্পৰাৰ এচোৱা তুলি ধৰে। জনগোষ্ঠীটোৰ লোকমনৰ পৰিচয়ো টুচু পৰৱৰ মাজেৰে পোৱা যায়।
(ঘ) কাৰবি লোক-উৎসৱ ‘চমাংকান’ : কাৰবিসকলৰ চমাংকান হৈছে মূলতঃ কাৰবিসকলে তেওঁলোকৰ স্বৰ্গগামী পূৰ্বপুৰুষ পিতৃ-পিতামহ আদিমসকলক যথাযোগ্যভাৱে জনোৱা শ্ৰদ্ধাপূৰ্বক অনুষ্ঠান। সাধাৰণতে মাঘ-ফাগুন মাহত সমূহীয়াভাৱে তিনিদিনীয়াকৈ পালন কৰা হয় এই উৎসৱটি। ছং-নক (ঢাল-টৰোৱাল), ছেং (ঢোল), ছেংব্ৰোণ (সৰু ঢোল), টাৰ (ঢাৰি), হিজাপ (বিচনী), কুছাটা (জালি), থাইৰাংপাক (ধনুকাঁড়), খালোন (বেতৰ পাচি), চাটৰ (চুৰিয়া), পৌহৌ (পাগুৰি), ছই (চোলা) আদি বস্তুবোৰ যোগাৰ কৰি উৎসৱ পালনৰ বাবে সাজু হয়।
এনেদৰে বস্তুবোৰ যোগাবৰ অন্তত সজাই-পৰাই তুলি কাৰবি সমাজৰ নিৰ্দিষ্ট ওঢেপীয়ে (মৃতকক শুশ্ৰষাকাৰী তিৰোতা) বা ধুই দিয়ে (ওজা) দিনিদিনীয়া চমাংকান উছৱটিৰ শুভাৰম্ভ হয়। চমাংকান কাৰবিসকলৰ কৃষ্টি-সংস্কৃতিৰ প্ৰধান উৎসৱ। চমাংকান শব্দৰ অৰ্থ হ’ল খাচীয়া নৃত্য। খাচীয়াসকলৰ ৰীতি-নীতিৰ মাজেৰে মৃতকৰ আত্মাৰ শ্ৰদ্ধাৰ অনুষ্ঠান নৃত্যসহ পালন কৰা হয় বাবেই এই উৎসৱৰ নাম চমাংকান। চমাংকান তিনিধৰণৰ— ‘কানফ্লাফ্লা’,’লাকটুক’ আৰু ‘হাৰনে’। ‘কানফ্লাফ্লা’ সাধাৰণ শ্ৰেণীৰ আৰু ‘লাংটুক’,’হাৰনে’ উচ্চ শ্ৰেণীৰ চমাংকান। সামাজিক অনুমতি সাপেক্ষে এই দুই শ্ৰেণীৰ চমাংকান পতা হয়। এই উৎসৱ তিনিদিন ধৰি অনুষ্ঠিত কৰা হয়। প্ৰথম দিনটোক ‘ৰূ-কেহুম’ (মৃতকৰ অস্থি সংগ্ৰহৰ দিন) বোলে। সিদিনা হাতত ঢাল-তৰোৱাল লৈ গীত-নৃত্য কৰি শ্মশানৰ পৰা মৃতকৰ অস্থি আনি ধান খেৰেৰে সজা মৃতকৰ প্ৰতিকৃতিৰ ভিতৰত সযতনে থৈ দিয়ে আৰু উৎসৱ শেষ নোহোৱালৈকে বৰঘৰৰ কোঠালিত শুৱাই ৰখা হয়। উৎসৱৰ দ্বিতীয় দিনটোক ‘কানছ’ (সৰু নাচ) তৃতীয় দিনটোক ‘কানপি’ (বৰ নাচ) বোলে। এই উৎসৱত কাৰবি ডেকা-গাভৰু, ল’ৰা-ছোৱালীসকলে নানা গীত-মাতেৰে ঢোলৰ চেওত নৃত্য কৰি আনন্দ লভে।
চমাংকান উৎসৱৰ শেষত ‘বানজাৰ’ কেকু’ অনুষ্ঠানৰ মাধ্যমেৰে মৃত ব্যক্তিজনৰ পাৰ্থিত সংস্কাৰ কৰা হয়। বুটলি অনা অস্থি ‘তিপিত’ (পৈত্ৰিক বংশৰ শ্মশানবেদী)ত পুনৰ দাহ কৰি তাৰ কাষত ‘বানজাৰ’ (যমপুৰীৰ অলংকৃত গৃহস্বৰূপ)ৰ সজাই চমাংকান উৎসৱৰ সামৰণি মাৰে। এই চমাংকান উৎসৱৰ মাজেৰে কাৰবিসকলৰ জাতীয় পৰম্পৰা, ঐহিত্য আৰু লোক-সংস্কৃতি সুন্দৰকৈ প্ৰতিফলিত হয়। স্বকীয় লোকবিশ্বাস আৰু ধ্যান-ধাৰণাৰ আদৰ্শত তেওঁলোকৰ প্ৰধান উৎসৱ চমাংকান। এই চমাংকানতেও কাৰবিসকলে তেওঁবিলাকৰ মৃতদেহ সন্মানৰ অৰ্থে প্ৰস্তুত কৰা লাওপানী, ভাত-আঞ্জা আদি দ্ৰব্যবোৰ মৃত ব্যক্তিসকলতকৈ আগবঢ়াই পাছত সকলোৱে লগ লাগি স্ফূৰ্তি-তামাচা কৰি আনন্দ মনেৰে খাই সমাজৰ মিলা-প্ৰীতিৰ এনাজৰীডাল দৃঢ় কৰি তোলে। এই উৎসৱৰ নৃত্য-গীতবোৰৰ একাংশত পোৱা যায় কাৰবি সমাজৰ আধ্যাত্মিক চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদি— যিবোৰক সাধাৰণতে স্তুতি গীত বুলি ক’ব পাৰি। সেইদৰে আন একাংশত পোৱা যায় কাৰিব ডেকা -গাভৰুহঁতৰ প্ৰেম-ভালপোৱা, জীৱন-যৌৱন আদিৰ সন্মোহনী ৰূপ— যাক পূৰ্ণাংগ অৰ্থত জীৱন-প্ৰেমৰ গীত বুলিব পাৰি। সাধাৰণতে চমাংকান উৎসৱত প্ৰথমতে মৃতকৰ উদ্দেশ্য গোৱা স্তুতি গীতবোৰ পৰিবেশন কৰিহে পাছলৈ কাৰবি ডেকা-গাভৰুহঁতে তেওঁলোকৰ হিয়া ৰাইজাই কৰা জীৱন-যৌৱন, প্ৰেম-প্ৰীতিৰ সুমধুৰ গীতবোৰ গাই গাই আপোন পাহৰা হৈ নৃত্য কৰে। চমাংকান উৎসৱৰ মাজেৰে কাৰবিসকলৰ নিজস্ব প্ৰেম-ভালপোৱা, ৰীতি-নীতি, সমাজ-ব্যৱস্থা আদিৰ সুন্দৰ প্ৰতিচ্ছবি ফুটি উঠে।
(ঙ) পয়চাংকেন : বছৰটোৰ ভিতৰত পালন কৰা বিভিন্ন পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত ‘পয়চাংকেন’ উৎসৱ টাই বৌদ্ধ জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ। তেওঁলোকে ইয়াক বসন্ত উৎসৱ হিচাপে পালন কৰাৰ উপৰি ‘সংক্ৰান্তি উৎসৱ’ আৰু ‘বুদ্ধ মূৰ্তি ধুওৱা উৎসৱ’ হিচাপেও পালন কৰে। এই উৎসৱক ‘পয়ছননাম’ (পানীৰ উৎসৱ) বুলিও কোৱা হয়। টাই ভাষাত ‘পয়’ মানে উৎসৱ, ‘চাংকেন’ মানে সংক্ৰান্তি আৰু পানী। সেয়ে ‘পয়চাংকেন’ মানে পানীৰ উৎসৱ। কৃষি আৰু ঋতু পৰিবৰ্তনৰ লগত জড়িত এই উৎসৱ বসন্তকালীন উৎসৱ।
তাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলে চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰাই ‘পয়চাংকেন’ উৎসৱৰ আৰম্ভণি উপলক্ষে ‘লিকচাংকেন’ এমাহ ধৰি পালন কৰে। ‘লিকচাংকেন’ৰ সময়ছোৱাত পৰিৱেশন কৰা লিক (তাই পুথি) স্তুতিত পি-হু-উ (‘পি’ মানে বছৰ, ‘হু’ মানে আৰম্ভণি, ‘উ’ মানে ৰং-ৰহইচ, উল্লাহ উৎসৱ অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিৰ উৎসৱ) বুলি বৰ্ণনা কৰা আছে। তেওঁলোকে এমাহ ধৰি ‘লিক’ শিকে আৰু ‘লিকচাংকেন’ উৎসৱৰ সময়ত বুদ্ধৰ মূৰ্তিৰ ওপৰত পানী ঢালি পাঠ কৰে।
লিকচাংকেনৰ আয়োজন এমাহৰ আগৰেপৰা চলে। উৎসৱৰ কেইদিনমান আগতে সকলোৱে মিলি বৌদ্ধ বিহাৰসমূহৰ প্ৰাংগণত ‘ক্যংফ্ৰা’ (ক্যং—বিহাৰ, ফ্ৰা—বুদ্ধ) সাজে। কঠোৰ নেওৰা এখন বাহিৰৰপৰা ভিতৰফালে এটা সুন্দৰ ‘কোংপান’ৰ (বিবিধ ৰঙৰ সূতাৰে বনোৱা বাঁহৰ চুঙাৰ চকৰি) লগত সংযোগ কৰি দিয়া হয়। এই চুঙাৰ চকৰিটো ওপৰৰ ফালে নেওৰাখনৰ বিন্ধাত সুমুৱাই দিয়া হয় আৰু তলফালে এটি সৰু শিলৰ ওপৰত বহুৱাই দিয়া হয়।
পয়চাংকেন উৎসৱৰ দিনা বুধমূৰ্তিসমূহ মূল বিহাৰৰ পৰা আনি বিশেকভাৱে নিৰ্মিত ‘ক্যংফ্ৰা’ত স্থাপন কৰা হয় আৰু লগে লগে পয়চাংকেন উৎসৱৰ আনুষ্ঠানিক আৰম্ভণি ঘটে। ক্যংফ্ৰাত থাপনা কৰাৰ আগতে সমুখত বিশেকভাৱে সজাই থোৱা এখন বহল আসনত কিছু সময় মূৰ্তি ৰখা হয় আৰু সময়ত সকলোৱে সুগন্ধী পানী মূৰ্তিৰ ওপৰত ঢালিবলৈ লয় আৰু সেৱা-পূজা কৰে। ইয়াৰ পাছত ভিক্ষু বা শ্রমণে মূৰ্তি ক্যংফ্ৰাৰ ভিতৰলৈ নিয়ে আৰু পঞ্জিকাৰ নিৰ্দেশমতে মূৰ্তি থাপনাত প্ৰতিষ্ঠা কৰে। সেই সময়ৰ পৰা প্ৰত্যেক ল’ৰা-ছোৱালী, ডেকা-গাভৰু আৰু বুঢ়া-বুঢ়ীয়ে হাতত বিবিধ পাত্ৰ লৈ নতুন সাজ-পোচাক পিন্ধি শাৰী পাতি সেই পাত্ৰসমূহত চন্দন বা সুগন্ধী তেলৰ লগত মিহলোৱা পানী ভৰাই আনি মূৰ্তিবিলাকক স্নান কৰায়। ইয়াক টাই ভাষাত ‘চনফ্ৰা’ (চন মানে ধোৱা আৰু ফ্ৰা মানে বুদ্ধ) বোলে।
পাত্ৰসমূহত ভৰাই নিয়া পানী পোনে পোনে মূৰ্তিবোৰৰ ওপৰত ঢালি নিদি নেওৰাখনতহে ঢালি দিয়া হয় আৰু তেতিয়া সেই পানীখিনি গৈ চকৰিটোৰ (কোংপান) গাত থকা সৰু সৰু নলী চুঙাৰ বিন্ধাইদি জোৰেৰে ওলাই যায়। সেই জোৰতে চকৰিটো ঘূৰিবলৈ ধৰে। এইদৰে গোটেই দিনটো ‘চনফ্ৰা’ কৰা হয়। ডেকা-গাভৰু, বুঢ়া-বুঢ়ীসকলেও ইজনে- সিজনৰ গাত পানী ছটিয়াই ৰং-তামাচা কৰে। ইয়াক জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰে। সন্ধাৰ লগে লগে ‘চনফ্ৰা’ বন্ধ হয়। সন্ধ্যা ৰাইজ ‘ক্যংফ্ৰা’ৰ সমুখত সমবেত হৈ প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন আদিৰ আয়োজন কৰে। ডেকা-গাভৰুহঁতে টাই গীত আৰু নৃত্য পৰিবেশন কৰি গোটেই ৰাতি মূৰ্তিৰ ৰখীয়া হৈ থাকে। পাছদিনা পুৱা ৰাইজ পুনৰ সমবেত হৈ পূজা, অন্নদান, পুষ্পদান আদিৰে সমগ্ৰ মানৱ জাতিৰ মংগলৰ বাবে ভগৱান বুদ্ধৰ ওচৰত প্ৰাৰ্থনা কৰে। তাৰ পাছত পুনৰ ‘চনফ্ৰা’ আৰম্ভ হয়।
এইদৰে চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা তিনি-চাৰি দিনলৈ ‘পয়চাংকেন’ উৎসৱ টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলে অতি উলহ-মালহেৰে পালন কৰে।
উৎসৱ সামৰণি পৰাৰ লগে লগে মূৰ্তিবিলাক পৰম্পৰাগত ৰীতি-নীতি অনুসৰি ভিক্ষু শ্ৰীমণে ৰাইজৰ সৈতে ‘ক্যংফ্ৰা’ৰ পৰা একেধৰণৰ শোভাযাত্ৰা কৰি আনি পিনৰ বিহাৰবিলাকৰ ভিতৰলৈ লৈ যায় আৰু বছৰটোৰ কাৰণে স্থায়ী থাপনাত আগৰদৰে থয়। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰণি জনোৱাৰ বাবে সুখ-শান্তি কামনা কৰি ‘মাংগালা মৌং’ নামৰ ধর্মীয় অনুষ্ঠান পালন কৰা হয়। তাৰ পাছত ভিক্ষু শ্ৰমণে বুদ্ধমূৰ্তিবিলাক টাই আৰু বাৰ্মীজ আৰ্হিত নিৰ্মিত বিচনীৰে বা দিয়ে। ইয়াৰ পাছৰপৰা ৰাইজেও নিজস্বভাৱে বিচনী ব্যৱহাৰ কৰে।
উল্লেখযোগ্য, ‘পয়চাংকেন’ উৎসৱ অসম আৰু উত্তৰ-পূব ভাৰতৰ টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ লগতে থাইলেণ্ড আৰু অষ্ট্ৰেলিয়াত ‘সংক্ৰান্ত’, ম্যানমাৰত ‘সাদিন-য়ুট’, কম্বোডিয়াত ‘চৌউল-চনাম-থমে’ নামেৰে আৰু লাওচ, চীন, ভিয়েটনাম আদি দেশসমূহৰ উপৰি বিশ্বৰ আন আন দেশৰ টাই বৌদ্ধ জাতিৰ লোকসকলে ভিন ভিন নামেৰে একে সময়তে এক পৰম্পৰা আৰু একে ৰীতি-নীতিৰে পালন কৰে। পশ্চিমীয়া লোকসকলে এই উৎসৱক পানীৰ উৎসৱ (Water Festival) আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত পানী ছটিওৱাৰ উৎসৱ (Water Sprinkle Festival) বুলি কোৱা হয়।
(চ) ৰাভাসকলৰ বসন্তকালীন উৎসৱ ‘বায়খো’ : ৰাভাসকলৰ এক প্ৰকাৰৰ বসন্তকালীন উৎসৱ হ’ল বায়খে’ । বয়খোৰ কেইবাটাও ৰূপ বা নাম আছে। যথা— দাদুৰি, নাকাতি, ছুচাৰি, তামাই, বায়খো অথবা খোকচি। ভিন ভিন পূজাত আনুষংগিক গেৱী হিচাপে এওঁলোক পূজিত হয় যদিও মায়তাৰি ৰাভাৰ বায়খো (জেঠ মাহৰ পূৰ্ণিমাত উদযাপিত) আৰু দাহৰি ৰাভাৰ খোকচি পূজাতহে প্ৰধামভাৱে এওঁলোক পূজিত হয়। এই উৎসৱৰ প্ৰথম দিনটোক ‘নক খি’থাৰ কায়’ অৰ্থাৎ ঘৰ শুদ্ধিকৰণ বুলি কোৱা হয়। এই দিনটোতে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা হয়। সেই দিনটোতে ওজাপালিয়ে গীত গোৱা আৰম্ভ কৰে। সন্ধিয়া হ’লে বাটি এটাত পিঠাগুৰি লৈ মংগলসূচক গীত গাই গাঁৱৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ চালে পিঠাগুৰি ছটিয়ায়। তেনে কৰিলে ৰাভাসকলৰ বিশ্বাস অনুসৰি খোকচি দেৱীয়ে পূজা খাবলৈ আহে। ছালত পিঠাগুৰি ছটিওৱা কাৰ্যক ‘নক জুমকায়’ বোলা হয়।
এই কার্য কৰি ওজাই সকলোকে বায়খো উৎসৱত ভাগ ল’বলৈ আহ্বান জনায়। এনেদৰেই ৰাভাসকলৰ বায়খো উৎসৱ আৰম্ভ হয়। দ্বিতীয় দিনাখনক ভৰ বা পূজা দিন বোলা হয়। বায়খো দেৱী আৰু অন্যান্য দেৱ-দেৱীক দ্বিতীয় দিনা পূজা কৰা হয়। এই দিনটোতে ‘হৈমাৰু’ নামৰ এক প্ৰকাৰৰ গীত গোৱা হয়। ওজাই এই গীতবোৰ নাগায়। পূৰ্বতে নিযুক্ত ‘গীতালি’ দুজনে এই গীতবোৰ পৰিৱেশন কৰে। ভেকুলীৰ দৰে জঁপিয়াই জঁপিয়াই কৰা একপ্ৰকাৰৰ নৃত্য এই গীতৰ লগে লগে কৰা দেখা যায়। ৰাভাসকলৰ বিশ্বাস অনুসৰি এনে কৰিলে মেঘে বৰষুণ দিয়ে। হৈমাৰু গীতৰ জৰিয়তে বসুমতীক উৰ্বৰা হ’বলৈ প্ৰাৰ্থনা জনোৱা হয়। বায়খো উৎসৱৰ বাহিৰে আন উৎসৱ-অনুষ্ঠানত ‘হৈমাৰু’ গীতবোৰ গোৱা নহয়।
বায়খো উৎসৱ ৰাভাসকলৰ এক আনন্দমুখৰ জনপ্ৰিয় উৎসৱ। নতুন বছৰটোক আদৰণি জনোৱাৰ লগতে কৃষিভূমিৰ উৰ্বৰা শক্তি বৃদ্ধি কামনা কৰি লক্ষ্মীদেৱীক আদৰি ল’বলৈ এউ উৎসৱ পালন কৰা হয়। প্ৰাচীন কালত ব’হাগ মাহত এই উৎসৱ পালন কৰা হৈছিল যদিও বৰ্তমান জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। পূৰ্বতে এই উৎসৱ এসপ্তাহ ধৰি পালন কৰা হৈছিল যদিও বৰ্তমান কেৱল তিনিদিন নাইবা চাৰিদিনধৰিহে এই উৎসৱ পালন কৰা হয়। “বায়খো পূজাৰ আগদিনা চাৰি-পাঁচজন বয়স্কলোকে দল বান্ধি দেৱস্তুতি আৰু ৰাভাসকলৰ বীৰ-বীৰাংগনাসকলৰ স্মৃতি বিজড়িত কাহিনী গীত গাই গাই গাঁৱৰ প্ৰতিঘৰে ঘৰে যায় আৰু দান-দক্ষিণা সংগ্ৰহ কৰে।
বিৰামহীনভাৱে চলা এই অনুষ্ঠান পিছদিনাখনলৈকে চলি থাকে। ইয়াকে ‘হয়মাৰু’ গীত বোলে। এই গীত প্ৰথমে মূল পূজাৰীৰ ঘৰত আৰম্ভ কৰি পিছতহে অইনৰ ঘৰে ঘৰে গায়। এই গীতবোৰৰ লগত ঢাক, ডাইদি, ব্ৰাংচিং, খুতিয়াল সংগত কৰে। দদান, মাৰুক্ষেত্ৰী, চম্পায়, দাদুৰী, চাচুৰী, জিমাৰী, ৰংবদী, নাকাতি, তামাই আদিৰ কথা বা আখ্যাননেৰে এইবোৰ কাহিনী গীত।”‘ৰাভাসকলৰ বায়খো উৎসৱৰ লগত জড়িত গীতক দুটা ভাগত ভাগ কৰিব পাৰি— (ক) হৈমাৰু গীত আৰু (খ) ছাথাৰ গীত। হৈমাৰু গীতক অতি পৱিত্ৰ বুলি বিশ্বাস কৰা হয়। তাত যৌনতাৰ প্ৰসংগ থাকিব নোৱাৰে। এই গীত অতি পৱিত্ৰ আৰু শুদ্ধ আচাৰেৰে পৰিৱেশন কৰা হয়। তাৰ বিপৰীতে ছাথাৰ গীতসমূহ যৌনতাসৰ্বস্ব। এইবোৰ গীতত কেতিয়াবা গৌপন মিলন বা অশ্লীল কথাৰ ইংগিতো লক্ষ্য কৰা যায়। নৃত্য-গীত চলি থকাৰ সময়ত পুৰোহিতে উৎসৱৰ মূল অনুষ্ঠানটো পৰিচালনা কৰি থাকে।
বায়খোত ডেকা-গাভৰুৱে নৃত্য কৰাৰ সময়ত গোৱা কিছুমান গীতৰ উদাহৰণ হ’ল—
(ক) জেঠ লাংগ্ৰে নায় নায়।
বায়খো ট্ৰঙা নেমা।
দৰে-গাবুৰ মিলি ৰ্যিবা-চালে।
বায়খো চাতালায়না।
(জেঠমহীয়া জোনাকত আমি ডেকা-গাভৰু মিলি বায়খো চোতালত নাচো আহা)।
(খ) জেঠ লাংগ্ৰে বে।
নেমেন নায় নায়।
বিছিনেছে গাবুৰ টা-চালে।
ৰাখু পৰিচয়।
(জেঠমহীয়া জোনাকত উজলি থকা (বা গাভৰু) ক’ৰ পৰা আহিছা পৰিচয় দিয়া)।
—এই গীতবোৰৰ মাজত প্ৰেমৰ চিত্ৰ সুন্দৰভাৱে পোৱা যায়। উৎসাহ-আনন্দতে গোৱা গীতবোৰৰ মাজত ডেকা-গাভৰুৰ মনৰ গোপন। বাতৰি দি প্ৰেম নিবেদন কৰে। ডেকা-গাভৰুৰ ধেমালিৰ চিত্ৰও গীতবোৰৰ মাজত পোৱা যায়। এই গীতবোৰ পৰিৱেশনৰ সময়ত নৃত্য কৰোতে ডেকাবোৰে কঁকালত ‘আৱছা’ বান্ধো আৰু গাভৰুবোৰে বুকুত ‘ৰ্যিফান’ মেথনি মাৰে। বিভিন্ন অঞ্চলৰ পৰা ডেকা-গাভৰু এই নৃত্যত অংশ আশাৰে এই নৃত্য-গীতত ডেকা-গাভৰুবোৰে অংশ লয়। আকৌ কিছুমানে নতুনকৈ মনৰ মানুহ এজন বিচাৰিও এই নৃত্য-গীতত অংশ লয়। ইয়াৰ কিছুমান গীতত যৌন বাসনাৰ ছবিও লক্ষ্য কৰা যায়।
খাপাক চুৰচুৰ তংকায়।
দৰায় ব’ক ব’ব নেমা।
উবো পাকঙা মানচায়-চালে।
চিঙি খাপাক খা’মা।
(উঠন বুকুৰ গৰাকী গাভৰুজনী বগা আৰু শুৱনি, তাইক আঁকোৱালি ল’বলৈ আমি হিয়া পুৰি মৰো)।
এই উৎসৱত ডেকা-গাভৰুবোৰে চঞ্চল হৈ পৰে। এইদৰে গোটেই ৰাতি বায়খো উৎসৱত নৃত্য-গীত কৰা হয়। জীৱনৰ লগৰী পালে কিছুমানে বিয়া পাতে। আন কিছুমানে বিয়া পতাৰ সিদ্ধান্ত লয়। এনেদৰেই বায়খো উৎসৱৰ সামৰণি পৰে।
এই উৎসৱ হ’ল ৰাভাসকলৰ কৃষিনির্ভৰ বসুমতীক উৰ্বৰা কৰি তুলিবলৈ, বায়খো দেৱীক সন্তুষ্ট কৰি খেতিপথাৰৰ নদন-বদন হোৱাৰ কামনাৰে আয়োজন কৰা এক উৎসৱ। ডেকা-গাভৰুসকলে নতুনকৈ আৰম্ভ কৰিবলগীয়া বছৰটোৰ কৰ্মময় জীৱনৰ প্ৰেৰণাৰ এক উৎসৱ হিচাপে বায়খো উৎসৱ বিবেচিত হৈ ৰ’ব। ৰাভাসকলৰ বায়খো উৎসৱ এনেকুৱা এটা লোক-উৎসৱ, য’ত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে।
এই উৎসৱৰ জৰিয়তে যেনেদৰে বসুমতীক উৰ্বৰা হ’বলৈ প্ৰাৰ্থনা জনোৱা হয়, তেনেদৰে ডেকা-গাভৰুৰ মিলনেৰে যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবেও এই উৎসৱে প্ৰেৰণা যোগায়। এই উৎসৱৰ লগত অসমৰ জাতীয় উৎসৱ বিহুৰ যথেষ্ট সাদৃশ্য আছে। দুয়োটাতে সৃষ্টিধৰ্মী উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। ডেকা-গাভৰুৱে মিলি একেলগে পথাৰত নৃত্য কৰিলে উৰ্বৰা শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। নৃত্য-গীতবোৰ যোন আবেদনমূলক। নৃত্য-গীত আৰম্ভ কৰাৰ আগতে তেওঁলোকৰ উপাস্য দেৱী দাদুৰীক প্ৰণাম জনাই লোৱা হয়—
এনেদৰেই ৰাভাসকলে বায়খো উৎসৱ পালন কৰে। এই উৎসৱৰ লগত বিভিন্ন বিশ্বাস জড়িত থকাৰ উপৰি বছৰটো যাতে তেওঁলোকৰ কোমো অপায়-অমংগল নোহোৱাকৈ পাৰ হয়, তাৰো কামনা কৰা হয়।
(ছ) দক্ষিণ কামৰূপীয়া লোক উৎসৱ : ‘সুৱঁৰী’ : সমগ্ৰ দক্ষিণ কামৰূপৰ লগতে গোৱালপাৰা জিলাৰ কোনো কোনো অঞ্চলত সুৱঁৰী বা স’ৰি উৎসৱ পালন কৰা হয়। সুৱঁৰী হৈছে দক্ষিণপৰীয়া কামৰূপীয়া সকলৰ মাজত প্ৰচলিত এক লোক উৎসৱ । ই তেওঁলোকৰ গ্ৰাম্য সমাজৰ প্ৰধান সামাজিক উৎসৱ। সুৱঁৰীৰ আৰম্ভণি ক’ত, কেতিয়া, কি প্ৰসঙ্গত, কেনেদৰে হৈছিল তাৰ কোনো ঐতিহাসিক তথ্য পোৱা নগ’লেও এটা কথা কিন্তু ধুৰূপ যে আৰম্ভণিতে এই উৎসৱটিৰ সৃষ্টি হৈছিল মূলতঃ সোঁৱৰণি পৰ্ব ৰূপেহে। এই সোঁৱৰণি আছিল শ্ৰীকৃষ্ণই ল’ৰালি কালত গকুলত কৰা আনন্দদায়ক ক্ৰীড়া-কৌতুক আদিৰ সোঁৱৰণ। পৰৱৰ্তী সময়ত এই সোঁৱৰণি পৰ্বটিয়ে প্ৰসাৰ লাভ কৰি জনসাধাৰণৰ মাজত ভক্তি উৎসৱ উদযাপন কৰা আঞ্চলিক ৰহণ সানি স্বকীয় ৰূপেহে পালন কৰিবলৈ ধৰিলে। ফলত ই লাভ কৰিলে অঞ্চলটোৰ জাতীয় উৎসৱৰ মৰ্যাদা।
এই উৎসৱ উপলক্ষে সেই অঞ্চলটোৰ নিৰ্দিষ্ট কোনো ৰাজহুৱা স্থান, নামঘৰ বা মন্দিৰ প্ৰাঙ্গণ আদিক সুন্দৰকৈ সজাই-পৰাই অটকধুনীয়া কৰি তুলি সেই (ঠাইলৈ) সেই অঞ্চলৰ পূজিত বিভিন্ন দেৱ-দেৱীৰ বিগ্ৰহবোৰক ৰাতিপুৱাৰ ভাগতে ভক্তবৃন্দই গাখীৰ-পানী আৰু ফুল-তুলসী আদিৰে সজাই-পৰাই পৰম্পৰাগত নিৰ্দিষ্ট ধর্মীয় আচাৰ আৰু নীতি-নিয়মেৰে চাকি-বন্তি, ধূপ-ধূনা জ্বলাই লগতে ঢুলীয়া-খুলীয়াই ঢোল-খোল, বৰকাঁহ আদি বজাই হৰি কীৰ্ত্তনৰ নিজৰা বোৱাই লৈ আনি যথাস্থানৰ নিৰ্দিষ্ট বেদীত স্থাপন কৰে। দক্ষিণ কামৰূপৰ অঞ্চল বিশেষত পালন কৰা এই সুৱঁৰী উৎসৱত উৎসৱৰ দিনা ব্যক্তিগতভাৱেও অনেক পৰিয়ালৰ লোকে নিজৰ মঙ্গল কামনাৰ অৰ্থে ভগৱন্ত পুৰুষলৈ সেই বিগ্ৰহ আৰু মালা-নিৰ্মালিৰ শৰাই স্থাপন কৰা বেদীত ফুল-তুলসীসহ নৈবদ্যৰ শৰাই আগবঢ়ায়।
ইফালে আকৌ এই সুৱঁৰী উৎসৱ থলীত অনুষ্ঠিত হয় উৎসৱটিৰ মূল সোঁৱৰণি পূৰ্বমুলক শিশু কৃষ্ণ আৰু গোপিনীসবৰ জীৱন্ত অতি চমকপ্ৰদ আৰু আকৰ্ষণীয় দধিমথন নৃত্য।
সুৱঁৰী উৎসৱৰ এই দধি মথা উৎসৱৰ ভাগ লোৱা কুমাৰী ছোৱালীহঁতে ধর্মীয় পৰম্পৰা অনুসৰি সুৱঁৰী উৎসৱৰ আগদিনাৰ পৰা উপবাসে থাকি ভক্তিভাৱেৰে উৎসৱত অংশগ্ৰহণ কৰে। অঞ্চল বিশেষে কোনো কোনো সুৱঁৰীথলীত সুৱঁৰী উৎসৱৰ মূল দধি মথন কাৰ্যৰ লগতে শিশু কৃষ্ণৰ চল-চাতুৰীৰে পৰিপূৰ্ণ ‘অৰ্জুন-ভঞ্জন’ নাটৰো অভিনয় কৰি উৎসৱ উপভোগ গৰাকীসকলক আনন্দ দিয়া দেখা যায়। লোক বিশ্বাস অনুযায়ী সুৱঁৰী উৎসৱত পূজা-সেৱা কৰিলে মনোকামনা পূৰ্ণ হয়। সেইহে যেন ভক্তপ্ৰাণ সৰ্বসাধৰণে এই গোপ বালকসকলক ভক্তিভাৱেৰে পূজা অৰ্চনা কৰি নিজৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহে। এই সুৱঁৰী উৎসৱৰ আন এটি বিশেষত্ব হৈছে হাঁনাঘোঁৰা আৰু পাৰবাহ নৃত্যৰ প্ৰদৰ্শন। বকো, গোলাইহাট আদি অঞ্চলত উদযাপিত হোৱা সুৱঁৰী উৎসৱত উৎসৱটিৰ ধর্মীয় দিশৰ লগত এনেবোৰ নৃত্য প্ৰদৰ্শন কৰা হয়।
দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত ব’হাগ মাহৰ বিভিন্ন তিথিত উদযাপিত হোৱা এই সুৱঁৰী উৎসৱবোৰ হৈ পৰিছে। মেলামুখী হৈ পৰা লক্ষ্য কৰা যায়। উৎসৱৰ দিনা উৎসৱথলীত বিভিন্ন দোকান-পোহৰৰ আগমন আৰু উৎসৱৰ মাদকতা উপভোগ কৰিবলৈ অহা দূৰ-দূৰণিৰ লোকসকলে যেন উৎসৱটিক যথেষ্ট ৰূপত আৰু বেছি আকৰ্ষণীয় কৰি তুলিছে। সন্দেহ নাই যে ভক্তি আৰু আনন্দ প্ৰদানৰ লগতে যুগ ধৰি এনেবোৰ আঞ্চলিক উৎসৱে অঞ্চলবোৰৰ সৰ্বসাধাৰণক একতাৰ ডোলেৰে বান্ধ খুৱাই ৰাখি মানৱ সমন্বয় সাধনতো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে এনেবোৰ উৎসৱৰ মহত্ব তুলনাবিহীন।
৩। চমু টোকা লিখা।
(ক) উজনী অসমৰ লখিমী সবাহ :
উত্তৰঃ কৃষিজীৱী লোকসকলৰ এক কৃষিভিত্তিক উৎসৱ হ’ল লখিমী সবাহ। লখিমীৰ শস্যৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে গণ্য কৰা হয়। লখিমী সবাহক ঠাই বিশেষে পানীতোলা সবাহ, লখিমী বিয়া আদি নামেৰে জনা যায়। লোকসমাজৰ কল্পিত লখিমী দেৱীক সন্তুষ্ট কৰিবৰ বাবেই লখিমী সবাহৰ আয়োজন কৰা হয়। লখিমী দেৱী সন্তুষ্ট হ’লে খেতি-পথাৰৰ কৃষি শস্য ভাল হয় বুলি বিশ্বাস কৰা হয়। প্ৰতিটো জনগোষ্ঠীয়েই নিজা নিজা ধৰণে লখিমী সবাহ আয়োজন কৰে।
উজনি অসমৰ মংগোলীয় লোকে, বিশেষকৈ তাই আহোমসকলে লখিমী সবাহ নিজস্ব ৰীতি-নীতিৰে পালন কৰে। আহোমসকলে লখিমীক লাই খাওমী (লাই -প্ৰথম, খাও -আহাৰ,মী-স্ত্ৰী বা গৰাকিনি অৰ্থাৎ শস্য বা আহাৰৰ অধিকাৰিণী বুলি গণ্য কৰে। গতিকে কৃষি প্ৰাচুৰ্যতাৰ বাবে আহোমসকলে লাই খাওমী বা লখিমী পূজা পালনত অগ্ৰাধিকাৰ দিছিল। উজনিৰ শস্যৰ ভঁৰাল অবিভক্ত লখিমপুৰেই লাই খাওমী পূজাৰ লাই বেদী আছিল বুলি ঠাৱৰ কৰিব পাৰি। স্বৰ্গদেউ ছ্যু-কা-ফাই চৰাইদেওত নিগাজী ৰাজধানী পতাৰ পিছত এঙেৰা খাতত শস্যৰ মংগল কামনা কৰি দেউশালত লখিমী পূজাৰ শুভাৰম্ভ কৰিছিল।
কাতি বিহু হ’ল শস্যৰ মংগল কামনা কৰি আয়োজন কৰা ধর্মীয় আচাৰ-নীতিৰ উছৱ। এই উছৱক তাই লোকসকলে ত্যেজমৌ বোলে।
বৌদ্ধিক সত্বা মতে লখিমী সবাহ ভকত-ভকতনীয়ে দুভাগে নামঘৰত পাতে। ভকসকলে মাহ-প্ৰসাদ দি কীৰ্তন-ঘোষা পাঠ কৰে। গোপিনীসকলে ভকতৰ পৰা নামঘৰৰ সেৱা লৈ পানী তুলিবলৈ যায়। ভকতৰ সেৱা অৰ্চনা অন্যান্য সেৱা অনুষ্ঠানৰ দৰেই গতানুগতিক।
কল পটুৱাৰ এখনি দোলা, এই দোলাৰে লখিমীক তুলি অনা বাহন। দোলাৰ ভাৰী দুজন এঁৱা ল’ৰা, তিনিগৰাকী অকুমাৰী পাট গাভৰু, তাৰে দুগৰাকীয়ে দুণৰি লয়। কলচী, দুণৰি আৰু দোলা-ভাৰ বোৱা কেইজনে অনুষ্ঠানৰ আগ দিনাৰ পৰাই লঘোণে থাকি ফলাহাৰ গ্ৰহণ নিয়ম। সন্ধা জোন-তৰা ওলালেহে তেওঁলোকে নিৰামিষ আহাৰ খায়।
আৰম্ভণিৰ নাম সমূহ কৃষি কাৰ্যক কেন্দ্ৰ কৰি গোৱা নাম। এই আৰম্ভণি নাম সমূহ গোৱাৰ পিছতহে পানী তুলিবলৈ যোৱা দলটি নৈ বা বোৱঁতী সুঁতিৰ ফালে আগবাঢ়ে।
এটি দুটি কৰি তিনিটা হ’ল মহাদেউ এ
কৃষি কৰিবৰে হ’ল।
হাল নাই পাৰ্বতী মাটি নাই পাৰ্বতী এ
কৃষিনো কিহেৰে কৰিম?
বলোভদ্ৰ গোসাঁইকে হাল গৰু খোজগৈ এ
ব্ৰক্ষ্মাক খোজাগৈ মাটি।
কুবেৰক কঠিয়া খোজাগৈ জটীয়া এ
ইন্দ্ৰক খোজাগৈ পানী।
যম ৰজা থানৰে মহিষক আনাগৈ এ
ত্ৰিশূল লোৱাগৈ ফাল।
মহিষে কপিলাই এহালি কৰি লৈ এ
জোৰে মহাদেৱে হাল।
গোঁসাই হালে বালে কুৰুৱা কপিলা এ
কাশলা সাপেৰে লৰু।
ডালৰ হনুমন্তই আলি কোষ কাটিলে এ
ভালুকে ডকালে গৰু।
“কৃষি কাৰ্যক নাম শেষ কৰি দলটি পানী তুলিবলৈ কন্যা খোজেৰে আগবাঢ়ে। প্ৰথমে এঁৱা সূতা লোৱা উঠন পূৰণ গোপিনী এগৰাকীয়ে উঘাটো ঘূৰাই সূতা এৰি আহে। সেই সূতাডাল গচকি গচকি ক্ৰমে নৈবদ্য সম্ভাৰ লোৱা গোপিনী গৰাকী, দুণৰি আৰু কলচী লোৱা পাট গাভৰু কেইগৰাকী, জাকৈ লোৱা গোপিনী, দোলাভাৰী দুজন, নাম গোৱা গোপিনীসকল, মৃদঙীয়া আদি লোকসকল মন্থৰ গতিৰে নামৰ ছেৱে ছেৱে পানী তোলা থললৈ আগবাঢ়ে। পানী তোলা ঠাইত চাৰি খুঁটিৰে আবৃত এঁৱা সূতাৰে মেৰ দিয়া আৰু আমডালি অৰা দুটা খোল কৰা হয়। এই খোল দুটাক পুৰুষ আৰু প্ৰকৃতি প্ৰতীক হিচাপে গণ্য কৰা হয়। এই পুৰুষ আৰু প্ৰকৃতি হ’ল শংকৰ আৰু পাৰ্বতী। এটা খোলত তামোল-পাণ-পইচা আৰু এটা খোলত কেৱল তামোল-পাণ থাকে।খোল দুটি সজোৱাৰ পিছত গোপিনীসকলে উৰুলি দি কাঁচিৰে পানী তিনিবাৰ কাটি কলচী ভৰোৱা হয়। ইতিমধ্যে জাকৈয়া গৰাকীয়ে জাকৈ মাৰি জাকৈত উঠা সামগ্রীখিনি সামৰি-সুতৰি কলপটুৱাৰ দোলাত ভৰাই দিয়ে। নাম গোৱা গোপীনিৰ ফালৰ পৰা জাকৈয়া গৰাকীৰ ‘কি তুলিছা? প্ৰশ্ন কৰে আৰু জাকৈয়া গৰাকীয়ে ‘লখিমী তুলিছোঁ’ বুলি উত্তৰ দিয়ে।”
উল্লেখযোগ্য যে জাকৈত মাছ আহিলে লখিমী তুষ্ট বলি ভবা হয়; কৃষি কার্য সুগম হ’ব বিশ্বাস হয়। যিহেতু মাছ কৃষিজীৱী লোকৰ প্ৰজননৰ প্ৰতীক।
লক্ষ্মী আই সুন্দৰী ম’ৰাণৰ জীয়ৰী এ
খোড়া হুচুঙৰে জী।
দলৰ কাণে মাৰি বজালৰ লাখুটি এ
আহা ভৈয়ামলৈ নামি।
শংকৰে টোমালে নামৰে কঠিয়া
দুটোম চাৰি টোমে কৰি।
আৰু টোমে চেৰেক টোমাব খুজিলে
তমালে নাতিলে জৰী।
চাঙতে আছিলে ৰূপহী কঠীয়া।
জেঠতে মুকলি হ’ল।
আহাৰে শাওনে কৃষি কৰিলা
ভাদতে আজৰি হ’ল।
আলিৰে মূৰতে বহি মহাদেৱে
ৰুৱাইছে কছাৰি শালি।
ৰোৱণী খাবলৈ তামোল নাইকিয়া
কটাইছে ডিমৰু ছালি।
পানী তোলোতে গোপনীয়ে নাম ডাকে, নৃদঙীয়াই মৃদং, বজাই, গোপিনীয়ে উৰুলি দি কার্য সমাধা কৰি জাকৈয়াই জাকৈ মাৰোঁতে নামতীয়ে নাম লগাই আৰু পালি নামতীসকলে নাম গায়।
আবেলি বেলিকা আজলি গোপিনী
কোন কোন ফালে গ’লা?
বোৱঁতী সাগৰত লক্ষ্মী আই আছেহি
আদৰি আনোগৈ ব’লা।
তামৰে কলচী ৰূপৰে দুণৰি
পাৰ্বতী লাহেকৈ লোৱা এ
পাৰ্বতী লাহেকৈ লোৱা।
চিলাই পুঠি মাছ নিলে এ
খাওখাম দেৱতাই আজ্ঞা কৰিলে।
লক্ষ্মী আইক আমালৈ দিলে এ
জাকৈ ভালে কৰি বাবি ঐ দেওধাই
খালৈ ভালে কৰি চাবি এ
খেপিয়াই খেপিয়াই লাহেকৈ ধৰিবি
লক্ষ্মী আইক হাততে পাবি এ।
দুদিনৰ ভিতৰতে তিনিবাৰ বা পাঁচবাৰ পানী তুলি নামঘৰত পুৰুষ-নাৰী সকলোৱে মাহ-প্ৰসাদ বিতৰণ কৰি দুণৰিত থকা ধান মুঠি আৰু অন্যান্য লখিমীৰ সামগ্ৰী সমূহ প্ৰতিঘৰ লোকে ভাগ কৰি লয়। এই ধান মুঠি সততে ভঁৰালত আৰু কোনো কোনোৱে থকা ঘৰতো ছটিয়াই দিয়ে।
এনেকৈ ছটিয়াই দিয়াৰ তাৎপৰ্য হ’ল লখিমীয়ে ঘৰত বাস লওক। উল্লেখযোগ্য যে অনুষ্ঠানৰ মূল ভাগ লোৱা সকলক ৰাইজৰ ফালৰ পৰা নাম মাত্ৰ অৰিহণা দি সন্মান জনোৱা হয়। এনেকৈয়ে অসমীয়া জনজীৱনত আবহমান কালৰে পৰা পালন কৰি অহা কৃষিজীৱী লোকৰ অতি আদৰৰ লখিমী সবাহৰ বছৰটোৰ বাবে সামৰণি পৰে।