Sociology of Religion Unit 2 ধৰ্মীয় উপাদান Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Religion Unit 2 ধৰ্মীয় উপাদান to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Religion Unit 2 ধৰ্মীয় উপাদান Question Answer can be of great value to excel in the examination.
Sociology of Religion Unit 2 ধৰ্মীয় উপাদান
Sociology of Religion Unit 2 ধৰ্মীয় উপাদান Notes cover all the exercise questions in UGC Syllabus. The Sociology of Religion Unit 2 ধৰ্মীয় উপাদান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ঙ) উজনি অসমৰ লখিমী সবাহঃ
উত্তৰঃ উজনী অসমৰ কৃষিজীৱি লোকসকলৰ এক কৃষিভিত্তিক উত্সৱ হ’ল লখিমী সবাহ । লখিমীক শস্য়ৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে গণ্য় কৰা হয় । লখিমী সবাহক ঠাইবিশেষে পানীতোলা সবাহ, লখিমী বিয়া আদি নামেৰে জনা যায় । লোকসমাজৰ কল্পিত লখিমী দেৱীক সন্তুষ্ট কৰিবৰ বাবেই লখিমী সবাহৰ আয়োজন কৰা হয় । লখিমী দেৱী সন্তুষ্ট হ’লে খেতি-পথাৰৰ কৃষি শস্য ভাল হয় বুলি বিশ্বাস কৰা হয় . প্ৰতিটো জনগোষ্ঠাীয়েই নিজা নিজা ধৰণে লখিমী সবাহ আয়োজন কৰে ।
উজনি অসমৰ মংগোলীয় লোকে, বিশেষকৈ তাই আহোমসকলে লখিমী সবাহ নিজস্ব ৰীতি-নীতিৰে পালন কৰে । আহোমসকলে লখিমীক লাই খাওমা (লাই-প্ৰথম, খাও-আহাৰ, মী-স্ত্ৰী বা গৰাকিনী অৰ্থাত্ শস্য় বা আহাৰৰ অধিকাৰিণী বুলি গণ্য় কৰে । গতিকে কৃষি প্ৰচুৰ্যতাৰ বাবে আহোমসকলে লাই খাওমী বা লখিমী পূজা পালনত অগ্ৰাধিকাৰ দিছিল . উজনিৰ শস্য়ৰ ভঁৰাল অবিভক্ত লখিমপুৰেই লাই থাওমী পূজাৰ লাই বেদী আছিল বুলি ঠাৱৰ কৰিব পাৰি । স্বৰ্গদেু ছ্য়ু-কা-ফাই চৰাইদেওত নিগাজী ৰাজধানী পতাৰ পিছত এঙেৰা খাতত শস্য়ৰ মংগল কামনা কৰি দেওশালত ৱখিমী পূজাৰ শুভাৰম্ভ কৰিছিল ।
কাতি বিহু হ’ল শস্য়ৰ মংগল কামনা কৰি আয়োজন কৰা ধৰ্মীয় আচাৰ-নীতিৰ উছৱ । এই উছৱক তাই লোকসকলো ত্য়েজমৌ বোলে ।
বৌদ্ধক সত্বা মতে লখিমী সবাহ ভকত-ভকতনীয়ে দুভাগে নামঘৰত পাতে । ভকতসকলে মাহ-প্ৰসাদ দি কাৰ্তন-ঘোষা পাঠ কৰে । গোপিনীসকলে ভকতৰ পৰা নামঘৰৰ সেৱা লৈ পানী তুলিবলৈ যায় । ভকতৰ সেৱা-অৰ্চনা অন্যান্য সেৱা অনুষ্ঠানৰ দৰেই গতানুগতিক।
কল পটুৱাৰ এখনি দোলা, এই দোলাৰে ৱখিমীক তুলি অনা বাহন । দোলাৰ ভাৰী দুজন এৱাঁ ল’ৰা, তিনিগৰাকী অকুমাৰী পাট বাভৰু, তাৰে দুগৰাকীয়ে দুণৰি লয় । কলচী, দুণৰি আৰু দোলা-ভাৰ বোৱা কেইজনে অনুষ্ঠানৰ আগ দিনাৰ পৰাই লঘোনে থাকি ফলাহাৰ গ্ৰহণ কৰাৰ নিয়ম । সন্ধ্যা জোন-তৰা ওলালেহে তেওঁলোকে নিৰামিষ আহাৰ খায় ।
আৰম্ভণিৰ নাম সমূহ কৃষি কাৰ্যক কেন্দ্ৰ কৰি হোৱা নাম । এই আৰম্ভণি নাম সমূহ গোৱাৰ পিছতেহে পানী তুলিবলৈ যোৱা দলটি নৈ বা বোঁৱতী সুঁতিৰ ফালে আগবাঢ়া ।
এটি দুটি কৰি তিনিটি হ’ল মহাদেউ এ
কৃষি কৰিবৰে হ’ল
হাল নাই পাৰ্বতী মাটি নাই পাৰ্বতী এ
কৃষিনো কিহেৰে কৰিম ?
বলোভদ্ৰ গোসাঁইকে হাল গৰু খোজাগৈ এ
ব্ৰহ্মাক খোজাগৈ মাটি
কুবেৰক ৰঠিয়া খোজাগৈ জটীয়া এ
ইন্দ্ৰক খোজাগৈ পানী ।
যম ৰজা থানৰে মহিষক আনাগৈ এ
ত্ৰিশূল লোৱাগৈ ফাল
মহিষে কপিলাই এহালি কৰি লৈ এ
জোৰে মহাদেৱে হাল .
গোসাঁই হালে বালে কুৰুলা কপিলা এ
কাৰ্শলা সাপৰে লৰু
ডালৰ হনুমন্তই আলি কোষ কাটিলে এ
ভালুকে ডকালে গৰু ।
“কৃষি কাৰ্যৰ নাম শেষ কৰি দলটি পানী তুলিবলৈ কন্যা থোজেৰে আগবঢ়ে । প্ৰথমে এৱাঁ সূতা লোৱা উঠন পূৰণ গোপিনী এগৰাকীয়ে উঘাটো ঘূৰাই সূতা এৰি আহে । সেই সূতাডাল গচকি খচকি ক্ৰমে নৈবেদ্য় সম্ভাৰ লোৱা গোপিনী গৰাকী, দুণৰি আৰু কলচী লোৱা পাট গাভৰু কেইগৰাকী, জাকৈ লোৱা গোপিনী, দোলাভাৰী দুজন, নাম গোৱা গোপিনীসকল, মৃদঙীয়া আদি লোকসকল মন্থৰ গতিৰে নামৰ ছেৱে ছেৱে পানী তোলা থললৈ আগবাঢ়ে । পানী তোলা ঠাইত চাৰি খুঁটিৰে আবৃত এৱাঁ সূতাৰে মেৰ দিয়া আৰু আমডালি অঁৰা দুটা খোল কৰা হয় । এই খোল দুটাক পুৰুষ আৰু প্ৰকৃতি প্ৰতীক হিচাপে গণ্য় কৰা হয় । এই পুৰুষ আৰু প্ৰকৃতি হ’ল শংকৰ আৰু পাৰ্বতী । এটা থোলত তামোল-পাণ-পইচা আৰু এটা খোলত কেৱল তামোল-পাণ থাকে । খোল দুটি সজোৱাৰ পিছত গোপিনীসকলে উৰুলি দি কাঁচিৰে পানী তিনিবাৰ কাটি কলচী ভৰোৱা হয় । ইতিমধ্য়ে জাকৈয়া গৰাকীয়ে জাকৈ মাৰি জাকৈত উঠা সামগ্ৰীখিনি সামৰি-সুতৰি কলপটুৱাৰ দোলাত ভৰাই দিয়ে । নাম গোৱা গোপিনীৰ ফালৰ পৰা জৈকায়া গৰাকীক ‘কি তুলিছা ?’ প্ৰশ্ন কৰে আৰু জাকৈয়া গৰাকীয়ে ‘লখিমী তুলিছোঁ’ বুলি উত্তৰ দিয়ে।’
উল্লেখযোগ্য যে জাকৈত মাছ আহিলে লখিমী তুষ্ট বলি ভবা হয়, কৃষি কাৰ্য সুগম হ’ব বুলি বিশ্বাস হয় । যিহেতু মাছ কৃষিজীৱী লোকৰ প্ৰজননৰ প্ৰতীক ।
লক্ষ্মী আই সুন্দৰী ম’ৰাণৰ জায়ৰী এ
খোড়া হুচুঙৰে জী
দলৰ কাণে মাৰি বজালৰ লাখুটি এ
আহা ভৈয়ামলৈ নামি ।
শংকৰে টোমালে নামৰে কঠীয়া
দুটোম চাৰি টোমে কৰি
আৰু টোমে চেৰেক টোমাব খুজিলে
তমালে নাতিলে জৰী ।
চাঙতে আছিলে ৰূপহী কঠীয়া
জেঠতে মুকলি হ’ল
আহাৰে শাওণে কৃষি কৰিলা
ভাদতে আজৰি হ’ল ।
আলিৰে মূৰতে বহি মহাদেৱে
ৰুৱাইছে কছাৰি শালি
ৰোৱণী খাবলৈ তামোল নাইকিয়া
কটাইছে ডিমৰু ছালি ।
পানী তোলোতে গোপিনীয়ে নাম ডাকে, মৃদঙীয়াই মৃদং বজাই, গোপিনীয়ে উৰুলি দি কাৰ্য সমাধা কৰি জাকৈয়াই জাকৈ মাৰোঁতে নামতীয়ে নাম লগাই আৰু পালি নামতীসকলে নাম গায় ।
আবেলি বেলিকা আজলি গোপিনী
কোনে কোন ফালে গ’লা ?
বোঁৱতী সাগৰত লক্ষ্মী আই আছেহি
আদৰি আনেগৈ ব’লা ।
তামৰে কলচী ৰূপৰে দুণৰি
পাৰ্বতী লাহেকৈ লোৱা এ
পাৰ্বতী লাহেকৈ লোৱা ।
চিলাই পুঠি মাছ নিলে এ
খাওখাম দেৱতাই আজ্ঞা কৰিলে
লক্ষ্মী আইক আমালৈ দিলে এ
জাকৈ ভালে কৰি চাবি এ
খেপিয়াই খেপিয়াই লাহেকৈ ধৰিবি
লক্ষ্মীআইক হাততে পাবি এ ।
দুদিনৰ ভিতৰতে তিনিবাৰ বা পাঁচবাৰ পানী তুলি নামঘৰত পুৰুষ-নাৰী সকলোৱে মাহ-প্ৰসাদ বিতৰণ কৰি দুণৰিত থকা ধান মুঠি আৰু অন্যান্য লখিমীৰ সামগ্ৰী সমূহ প্ৰতিঘক লোকে ভাগ কৰি লয় । এই ধান মুঠি সততে ভঁৰালত আৰু কোনো কোনোৱে থকা ঘৰতো ছটিয়াই দিয়ে ।
এনেকৈ ছটিয়াই দিয়াৰ তাত্পৰ্য হ’ল লখিমীয়ে ঘৰত বাস লওক । উল্লেখযোগ্য় যে অনুষ্ঠানৰ মূল ভাগ লোৱা সকলক ৰাইজৰ ফালৰ পৰা নাম মাত্ৰ অৰিহণা দি সন্মান জনোৱা হয়। এনেকৈয়ে অসমীয়া জনজীৱনত আৱহমান কালৰে পৰা পালন কৰি অহা কৃষিজীৱ লোকৰ অতি আদৰৰ লখিমী সবাহৰ বছৰটোৰ বাবে সামৰণি পৰে ।
চ) খেৰাই উত্সৱ
উত্তৰঃ অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি আৰু এই জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত প্ৰচলিত সংস্কৃতিৰ আদান-প্ৰদান ঘটিছে । ইয়াৰ ফলত অসমীয়া সংস্কৃতি সমন্বয় আৰু সমাহাৰৰ সংস্কৃতি হৈ পৰিছে । সমৃদ্ধ হৈ পৰিছে লোকসংস্কৃতিৰ পথাৰখন । অতীতৰে পৰা এসমত বসবাস কৰি অহা বিভিন্ন নৃগোষ্ঠীৰ লোকসকলৰ ভিতৰত অসমীয়া সংস্কৃতিৰ ভেটি নিৰ্মাণত মংগোলীয় নৃগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা গোষ্ঠীৰ লোকসকলৰ অৱদান উল্লেখযোগ্য় । এই জনগোষ্ঠীক চাৰিটা শাখাত ভাগ কৰা হয় । সেয়া হ’ল -তিব্বতী, হিমালয়ী, উত্তৰ আৰু অসম বৰ্মী । তিব্বতী আৰু হিমালয়ী শাখাৰ লোকৰ সংখ্যা অসমত তাকৰ । উক্কৰ অসম শাখাৰ – অঁকা (হ্ৰচু), ডফলা (নিচি), আবৰ (আদী, মিৰি (মিচিং) ইত্যাদি প্ৰধান । অসম বৰ্মীৰ বড়ো-নগা আৰু কুঁকি-চীন দুটা শাখা । বড়োসকলৰ ভিতৰত বড়ো, কছাৰী, লালুং, তিৱা, মেচ, চুতীয়া, ৰাভা, গাৰো ইত্যাদি । ইয়াৰ ভিতৰত অসমীয়া ভাষী বৰ্ণ হিন্দু সমাজখনৰ সাংস্কৃতিক পৰিচয়ৰ লগত লীণ হৈ যোৱা ঐতিহাসিক স্বকীয় ভাষা হেৰুৱাই অসমীয়াভাষী হৈ পৰা মঙ্গোলীয় মূলৰ নৃগোষ্ঠীৰ ভিতৰত সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মৰাণ, মটক, আহোম, শৰণীয়া কছাৰী, কোচ-ৰাজবংশী আদিয়েই প্ৰধান । অসমীয়া সংস্কৃতিৰ সকলো ক্ষেত্ৰতে এই জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট প্ৰভাৱ দেখা যায় ।
অসম-বৰ্মীৰ অন্তৰ্গত বড়োসকলে বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পূজা-উপাসনাৰ লগতে বিভিন্ন ধৰণৰ উত্সৱ-অনুষ্ঠান পালন কৰে । সেইবোৰৰ ভিতৰত উল্লেখযোগ্য় হ’ল – গাৰ্জা পূজা, বাথৌ বা খেৰাই পূজা, ফুছলিহাৱা, মনসা পূজা, বিহু, আমতি আদি । বাথৌ বা খেৰাই পূজা আৰু গাৰ্জা পূজা বড়োসকলৰ প্ৰধান উত্সৱ । বাথৌ ধৰ্মালম্বী লোকসকলৰ পাঁচটা পৰ্ব আছে । এই পাঁচটা পৰ্বৰ লগত সংগতি ৰাখি খেৰাই পূজা বছৰত পাঁচবাৰ অনুষ্ঠিত কৰা হয়। সেইকেইটা হ’ল-
১) বৈছাগু, নতুন বছৰৰ আদৰণিৰ, ৰংচালি, খেৰাই পৰ্ব,
২) আহাৰত আমতি আই বসুমতী বা আওসিয়া খেৰাই পৰ্ব
৩) কাতিত মাইনাও খেৰাই পৰ্ব
৪) আঘোণত ন-খোৱা খেৰাই পৰ্ব
৫) মাঘত মাগৌ বিহু খেৰাই পৰ্ব ।
বাথৌ পদটোৰ ব্যুত্পত্তিগত অৰ্থ হৈছে, বাঞ্চ পাঁচ, থৌঞ্চ গভাৰ তত্ত্বযুক্ত । অৰ্থাত্ পঞ্চ গভীৰ তত্ত্বযুক্ত । এই পঞ্চ গভীৰ তত্ত্ব বুলিলে পৰম ব্ৰহ্ম পৰমেশ্বৰৰ অলৌকিক সৃষ্টি মাটি (হা), পানী (দৈ), বতাহ (বাৰ), অগ্নি (অৰ) আৰু আকাস বা শূ্ন্য (অখ্ৰাং) এই পাঁচটা তত্ত্ব গধুৰ মহাত্ম্য় পূৰ্ণ মৌলিক উপাদানকে বুজা যায় আৰু এই পঞ্চতত্ত্বযুক্ত দেৱতা গৰাকীয়ে হৈছে বাথৌ-শিব্ৰাই। পঞ্চসিৰযুক্ত সিজু পঞ্চ গভীৰ তত্ত্বযুক্ত বাথৌ-শিব্ৰাইৰ প্ৰতীক । বাথৌ বা খেৰাই পূজা ব্যক্তিগত আৰু সমূহীয়াভাৱে উদযাপন কৰা হয় । ‘খেৰাই’ শব্দটোৰ অৰ্থ হৈছে ‘হন্ঠু’ খেৰাইনা ৰাইছাং’ অৰ্থাত আঁঠুকাঢ়ি দেৱতাৰ নাম লোৱা নাইবা প্ৰাৰ্থনা কৰা । কোনো কোনোৱে খেৰাই হ’ল ‘খাৰ’ + ‘আই’ অৰ্থাত্ “খাৰ” মানে হ’ল দৌৰা বা গতি কৰা আৰু “আই” মানে গোঁসানী । আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্য় । কোনো কোনোৰ মতে আকৌ “খ”-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, “ৰা”- মানে সম্বোধন কৰা আৰু “ই”ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্য়ে কৰা নৃত্য় । বাথৌ বা খেৰাই পূজাৰ অনুষংগত খেৰাই নৃত্য় কৰা হয় । বড়োভাষাত খেৰাই নৃত্তক ‘খেৰাই মুচানায়’ বোলে । সাধাৰণতে ব্যক্তিগতভাৱে উদযাপিত পূজাত খেৰাই নৃত্য় অনুষ্ঠিত হোৱা দেখা নাযায় । সমূহীয়াকৈ অনুষ্ঠিত হোৱা পূজাতহে খেৰাই নৃত্য় অনুষ্ঠিত হয় ।
বাথৌ বা খেৰাই উত্সৱ জন্মকাহিনীৰ লগত পৌৰাণিক কাহিনী এটা জড়িত হৈ আছে । এই কাহিনী অনুসৰি আলাই নামৰ এজন সুন্দৰ সুঠাম যুৱকে এদিন খৰি কাটিবলৈ হাবিলৈ গৈছিল । খৰি বিচাৰি থাকোঁতে তেওঁৰ অত্য়ন্ত তৃষ্ণা অনুভব কৰে । পানীৰে বিচাৰি ইফালে সিফালে ঘূৰি ফুলিবলৈ ধৰে । এনেকৈ ঘূৰি ফুৰোতে তেওঁৰ ভাগৰ লগাত এঠাইত জিৰণি লবলৈ বহে । ক্লান্তি আৰু তৃষ্ণাত তেওঁৰ তাতে টোপনি আহে । নিদ্ৰাৰত অৱস্থাতে তেওঁ এটা সপোন দেখে । সপোনত কোনোবাই পূব পিনে আগুৱাই গ’লে এজোপা গছ পাব আৰু সেই গছজোপাৰ গুৰিত পানী পোৱা যাব বুলি ক’লে । আলাই সাৰ পাই উঠি সেইমতে আগুৱাই গ’ল আৰু গছজোপা পাই হেঁপাহ পলুৱাই পানী খালে । সেইদিনা ঘৰতো ৰাতি শুই থাকোঁতে এটা সপোন দেখিলে । সপোনত স্বয়ং ভগৱানে যিজোপা গছৰ গুৰিত পানী পাইছিল সেই জোপা গছৰ ডাল এটা কাটি আনি গাওঁৱৰ সাধু মানুহ এজনৰ ঘৰক চোতালত ৰোপণ কৰিবলৈ নিৰ্দেশ দিলে . সেইমতে নিৰ্দেশমতে ভাল দিন বাৰ চাই গছজোপাৰ ডাল এটি ৰোপণ কৰিলে । এই গছজোপাই হৈছে সিজু বা সিজৌ গছ । ভগৱানৰ নিৰ্দেশ অনুসৰি আলায়ে খাম, চিফুং, জথা আদি আৱিস্কাৰ কৰি খেৰাই পূজা সমাপন কৰে । এনেকৈ খেৰাই পূজা আৰম্ভ হয় বুলি কথিত আছে ।
খেৰাই নৃত্য় কেতিয়াৰ পৰা অনুষ্ঠিত হয় তাৰ কোনো সঠিক সময় নিৰূপণ কৰিব নোৱাৰি, যদিও বড়োসকলৰ বাথৌ পূজাৰ লগত এই নৃত্য জড়িত হোৱা বাবে অতি প্ৰাচীন কালৰে পৰা ইয়াৰ প্ৰচলন হৈ আহিছে বুলি ভাবিৱ পাৰি । ডাক্টৰ সুনীতি কুমাৰ চট্ৰ্য়োপাধ্য়ায়ৰ মতে খ্ৰীষ্টপূৰ্ব এহাজাৰ বছৰ আগতে মংগোলীয়সকলৰ উত্তৰ-পূৱ ভাৰতলৈ আগমন ঘটিছিল । আন আন গৱেষকসকলৰ মতে খ্ৰীষ্টপূৰ্ব ১৫০০ শতিকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্য়কালৈ আৰ্যসকলৰ আগমন ঘটিব ধৰিছিল . এই আৰ্যসকল আগমনৰ বহু আগৰ পৰাই মংগোলীয় নৃগোষ্ঠাৰ লোকসকল এই অঞ্চলত বসবাস কৰি আহিছিল । এই কথাৰ পৰা আমি অনুমান কৰিব পাৰো যে মংগোলীয়সকল এই অঞ্চলৰ প্ৰাচীন জনগোষ্ঠী । সেইবাবে বড়ো জনগোষ্টীৰ মাজত প্ৰচলিত খেৰাই পূজা অতি পৰাচীন কলৰে পৰা প্ৰচলিত হৈ অহা বুলি কব পাৰি । খৰাই পূজাৰ লগত জড়িত হোৱা বাবে খেৰাই নৃত্য়ও প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে লোকসমাজত চলি অহা এবিধ লোকনৃত্য় ।
খেৰাই উত্সৱৰ লগত জড়িত দেওধনী বা দৌদিনী নৃত্য়ৰ উত্পত্তিৰ সৈতে জাৰাফাগাৰ কাহিনী নামৰ এটা পৌৰাণিক কাহিনী জড়িত হৈ থকা দেখা যায় । জাৰাফাই অন্তৰ্দ্ধান হোৱা নুমলীয়া বোৱাৰী মংলিক বিচাৰি উলিওৱাৰ বাবে বাথৌ (শিৱ)ৰ নিৰ্দেশমতে খেৰাই পূজা পাতে । এই খেৰাই পূজাত বোৱাৰী দেওধনী ৰূপত আত্মপ্ৰকাশ কৰি এবিধ নিশেষ নৃত্য় পৰিৱেশন কৰে। দেৱ-দেৱীৰ সন্তুষ্টিৰ বাবে দেওধনীয়ে কেইবাবিধো নৃত্য় প্ৰদৰ্শন কৰে । এই নৃত্য়বোৰৰ সমষ্টিয়ে হৈছে খেৰাই নৃত্য় । এই নাচৰ পৰাই ওঠৰ প্ৰকাৰৰ খেৰাই নৃত্য়ৰ সৃষ্টি হয় বুলি কোৱা হয় ।
খেৰাই নৃত্য়ত দেওধনী বা দৌদিনীয়ে অন্য়তম ভূমিকা পালন কৰে । দেওধনীৰ নৃত্য়বোৰত মৃদু বা লাস্য় চৰিত্ৰ ফুটি উঠে . এই লাস্য় চৰিত্ৰ বৈশিষ্ট্য়পূৰ্ণ হোৱা দেখা যায় । সেই বাবেই গৱেষকসকলে “Kherai dance is the most gentle dance of the world” বুলি কৈছে । বাথৌ পূজাত অনুষ্ঠিত খেৰাই নৃত্য়ৰ পৰিৱেশন কৰা ১৮ বিধ নৃত্য় হ’ল- বাথৌ স্থাপন নৃত্য়, বাথৌ পৱিত্ৰকৰণ, আগলতি কলপাত সাথাপন নাচ, বথৌ ঘূৰণ নাচ, বিপৰীত বাথৌ ঘূৰণ নাচ, খেৰাই দীৰ্ঘ নাচ, খেৰাই চুটি নাচ, সা গীলাউ নাচ, নৌকাতলন নাচ, ঘোঁৰা দৌৰ নাচ, চৰাই তেজ পি খোৱা নাচ, আমলি পোকে বাহ সজা নাচ, জিঁয়া কৰা নাচ, ঢাল -তৰোৱাল ঘূৰোৱা নাচ, ৰণচণ্ডী নাচ, জুই শিখা খোৱা নাচ, চোকা তৰোৱালৰ ওপৰত গচকা নাচ ।
খেৰাই পূজাত অনুষ্ঠিত হোৱা খেৰাই বা দেওধনীৰ প্ৰতিটো নৃত্য়ৰ একোটা গূঢ়াৰ্থ থকা দেখা যায় । বাথৌ স্থাপন নৃত্য়ই বথৌক পৱিত্ৰৰূপত স্থাপন কৰা বুজায় । বাথৌ পৱিত্ৰকৰণ নৃত্য়ই অন্তৰ পৱিত্ৰ কৰণ, আগলতি কলপাত স্থাপন নৃত্য়ই আত্মবলিদান, বাথৌ ঘূৰণ নাচে পাতন পৰিৱৰ্তন, বিপৰীত বাথৌ ঘূৰণ নাচে দেহৰ গতি, খেৰাই দীৰ্ঘ নাচে অনিত্য় সেৱা, খেৰাই চুটি নাচে অনন্ত সেৱা, নৌকাচলন নাচে, জীৱনৰ গতি, ঘোঁৰা দৌৰ নাচে আত্মাৰ গতি, চৰাই তেজ পি খোৱা নাচে আত্ম সংযম, আমলি পোকে বাহ সজা নাচে পৱিত্ৰতা আৰু সত্য়তা প্ৰকাশ, জিঁয়া কৰা নাচে অৱস্থাৰ পৰিৱৰ্তন, ঢাল-তৰোৱাল ঘূৰোৱা নাচে আত্মৰক্ষা কৰে, ৰণচণ্ডী নাচে পাপৰ পৰা মুক্ত হোৱা জুি শিখা খোৱা নাচে ৰিপু দমন, চোকা তৰোৱালৰ ওপৰত গচকা নাচে পৱিত্ৰতা ও সত্য়তা প্ৰকাশ কৰে ।
সমূহীয়াকৈ পতা বাথৌ পূজাত একেটা শাৰীতে তিনিটা বেদী প্ৰস্তুত কৰা হয় । প্ৰতিটো বেদীৰ চাৰিওফালে এডাল জাতি বাঁহেৰে বনোৱা পাঁচযোৰ কামিৰে বেৰ দি প্ৰতিটো বেদীৰ ওপৰত গছৰ পাতেৰে একোটাকৈ বেই বা গম্বুজ নিৰ্মাম কৰা হয় । এই পাঁচযোৰ কামিয়ে বাথৌ ধৰ্মত প্ৰচলিত পাঁচটা আচাৰ-নীতিক বুজায় । সেয়া হ’ল- স্থিতি, জন্ম, বিবাহ, মৃত্য়ু আৰু শ্ৰাদ্ধ । সোঁ-মাজৰটো বাথৌব্ৰাইৰ বেদী, তাত সিজু আৰু তুলসী গছৰ ডাল দুটা একেলগে কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছতিওৱাৰ পিছত সেই ডাল দুটা বেদীৰ সোঁমাজত ৰোপণ কৰা হয়। বাথৌধৰ্মত সিজু বৃক্ষক অতি পৱিত্ৰ বৃক্ষ ৰূপে স্থান দিয়া হয় । এই ধৰ্মমতে সিজু বা সিজৌ গছ ঈশ্বৰৰ প্ৰথম সৃষ্টি । বেদীত সিজুৰ তলতে এটা ঘূৰণীয়া আকৃতিৰ শিল আৰু কুকুৰাৰ কণী পোতা হয় । সোঁহাতৰ বেদীটো শিবুঢ়ীৰ আৰু বাওঁহাতৰ বেদীটো মাইনাওশ্ৰী অৰ্থাত্ লক্ষ্মীদেৱীৰ। এই পূজাত দেওধনী, দৌৰী বা দেউৰী বা পুৰোহিত আৰু ওজাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । বাথৌ থাপনাৰ সন্মুখত সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি অঞ্চলবিশেষ কলপাতত বা গমাৰি কাঠৰ পীৰাত বহে । ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে । ওজাৰ পিচত বুঢ়া-মেথাসকল বহে । দেউৰীয়ে দেওধনী বাওপিনে কিছু আঁতৰত বহে । দৌৰিৰ মন্ত্ৰ আবৃত্তি আৰু চিফুঙত দিমপাই সুৰ বাজি উঠাৰ লগে লগে দৌদিনীৰ গাত দেৱতাই লম্ভে বুলি কোৱা হয় । ইয়াৰ দেওধনীৰ সৰ্বশৰীৰত কঁপনি উঠে আৰু বিভিন্ন দেৱ-দেৱীৰ ভংগীমাত নৃত্য় কৰিবলৈ ধৰে । খেৰাই পূজাত শিব্ৰাই বা বাথৌব্ৰাইৰ লগতে আন আন দেৱ-দেৱীৰ আৰাধনা কৰি খেৰাই মন্ত্ৰ আৰু গীত পৰিৱেশন কৰা হয় । খেৰাই পূজাত পৰিবেশন কৰা গীতসমূহ আধ্য়ত্মিক ভাবসম্পন্ন গাত । এই গীতসমূহ পঞ্চস্বৰশুক্ত বা পাঁচটা ফুটা থকা বাঁহী (চিফুঙ)ৰ লগত খাম, জথা আৰু ছেৰজাৰ সুৰৰ সৈতে সংগত কৰি গোৱা হয় । বাথৌ ধৰ্মৰতে চিফুঙৰ পাঁচটা ফুটা ব্যক্তিৰ চকু, কাণ, নাক, প্ৰস্ৰাবদ্বাৰ আৰু শৌচদ্বৰৰ প্ৰতীক । চিফুঙৰ ফুটাত ফুক নিদিলে ইয়াৰ মাত নোলায় এই কথাটোৱে মৃত্য়ুৰ পিছত মানবদেহৰ সকলো অংগ নিষ্ক্ৰিয় হৈ যৌৱাটোকে বুজায় ।
সমূহীয়কৈ পতা বাথৌ বা খেৰাই পূজাত এজনী দেওধনী দেখা যায় । কিন্তু মঞ্চত অনুষ্ঠিত কৰা খেৰাই নৃত্য়ত ২৪ জনী চিখলা বা গাভৰুই অংশগ্ৰহণ কৰে । অসমৰ বাহিৰতো এই নৃত্য়ই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আগতে খেৰাই পূজাত বলি-বিধানৰ ব্যৱস্থা আছিল। বৰ্তমান এই ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে । জীৱ-জন্তু বলি দিয়া প্ৰথা ক্ৰমান্বয়ে লুপ্ত হৈ আহিব ধৰিছে ।
প্ৰশ্নঃ 5. অসমীয়া সমাজত প্ৰচলিত নাৰীকেন্দ্ৰিক লোকাচাৰ সম্পৰ্কে এটি টোকা যুগুত কৰা ?
উত্তৰঃ সংস্কৃতি বৈচিত্ৰ্য়ময় । সংস্কৃতিৰ পৰিসৰ অতি বিস্তৃত । মানৱ সমাজৰ এক এৰাব সম্পদেই হৈছে সংস্কৃতি । সমাজত প্ৰচলিত ৰীতি-নীতি, আচাৰ ব্য়ৱহাৰ, ধৰ্ম-অৰ্ধম, বিশ্বাস আদিয়েই হ’ল সংস্কৃতি । সাধাৰণতে সংস্কৃিৰ কিছুমান শ্ৰেণীবিভাজন দেখিবলৈ পোৱা যায় । তাৰে ভিতৰত অন্যতম হ’ল লোকসংস্কৃতি । লোকসংস্কৃতিৰো আকৌ বিভিন্ন বিভাগ আছে । অসমীয়া লোকসংস্কৃতিক সাধাৰণতে চাৰিটা ভাগত ভগোৱা দেখা যায় । সেয়া হ’ল –
ক) মৌলিক লোকবিদ্য়া বা লোকসংস্কৃতি।
খ) সামাজিক লোকপ্ৰথা বা লোকাচাৰ ।
গ) ভৌতিক সংস্কৃতি ।
ঘ) লোক পৰিৱেশ্য় কলা ।
এই ভাগসমূহৰ ভিতৰত এটি লেখত ল’বলগীয়া ভাগ হ’ল সামাজিক লোকপ্ৰথা বা লোকাচাৰ । লোকাচাৰ বুলিলে উত্সৱ-অনুষ্ঠান, খেল-ধেমালি, লোক-ঔষধ আদিৰ কথাই বুজা যায় । অন্যান্য় অঞ্চলৰ গৰে অসমীয়া সমাজতো অতীজৰেপৰা জনসাধাৰণৰ সমাজত বিভিন্ন ধৰণৰ লোকাচাৰ প্ৰচলিকত হৈ আহিছে । লোকাচাৰসমূহ পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈ আহিছে । এই লোকাচাৰ সমূহৰ মাজেদি ব্যক্তিৰ জীৱনৰ লগত জড়িত বিভিন্ন আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আদিৰ প্ৰকাশ ঘটে ।
অসমীয়া সমাজত প্ৰচলিত লোকাচাৰ সমূহ বিশেষকৈ নাৰীকেন্দ্ৰিক হোৱা দেখিবলৈ পোৱা যায় । ইয়াত নাৰীসূলভ সমলৰ প্ৰাধান্য় বেছি । নাৰীসকলৰ মাজতেই ইয়াৰ প্ৰচলনো অধিক । অসমীয়া সমাজত অতীতৰেপৰা প্ৰচলিত লোকাচাৰসমূহৰ বিশদ বিৱৰণ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ব ।
লোকাচাৰসমূহৰ মাজেৰে একোখন সমাজৰ বিশেষ কিছুমান আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ বিষয়ে জানিব পাৰি । লোকাচাৰ বুলিলে বিশেষকৈ উত্সৱ-অনুষ্ঠান, অৱসৰ বনিবেদন, লোক-ঔষধ, লোক-ধৰ্মৰ কথাই সামৰি লোৱা হয় । অসমীয়া সমাজত প্ৰচলিত নাৰীকেন্দ্ৰিক লোকাচাৰ বুলি ক’লে সাধাৰণতে বুলি ক’লে সাধাৰণতে জন্মকেন্দ্ৰিক লোকাচাৰ, বিবাহকেন্দ্ৰিক লোকাচাৰ ঋতুপ্ৰাপ্তি বা নাৰী পুষ্পিতাকেন্দ্ৰিক লোকাচাৰ, মৃত্য়ুকেন্দ্ৰিক সলোকাচাৰ, উত্সৱ-অনুষ্ঠানকেন্দ্ৰিক লোকাচাৰ আদিৰ কথাই সামৰি লোৱা হয় । এইবোৰৰ উপৰিও দৈনন্দিন জীৱনৰ লগত জড়িত বিভিন্ন ধৰণৰ লোকাচাৰ আদি দেখিবলৈ পোৱা যায় । নাৰীৰ সম্গ্ৰ জীৱনেই এটি ৰঙীণ সপোনৰ দৰে । সমগ্ৰ জীৱনত এগৰাকী নাৰীয়ে বিভিন্ন ধৰণৰ অৱস্থাৰ সন্মুখীন হয় আৰু বহু ধৰণৰ লোকাচাৰৰ মাজেদি জীৱনটো আনন্দময় আৰু বহুৰঙী কৰি তোলে । প্ৰধানতঃ নাৰীক কেন্দ্ৰ কৰি গঢ়ি উঠা বিভিন্ন লোকোচাৰসমূহ বিষয়ে তলত বিস্তৃত আলোচনা দাঙি ধৰাৰ প্ৰয়াস কৰা হ’ল ।
জন্ম পৃথিৱীৰ এক চিৰন্তন প্ৰক্ৰিয়া । অৱশ্য়ে চিৰন্তন যদিও ই এক অতি বিস্ময়কৰ ঘটনা । নাৰী এগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ পৰা শিশু এটি জন্ম দিয়ালৈকে এই সময়খিনিত বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক জটিলতাৰ সন্মুখীন হ’ব লগা হয় । অসমীয়া সমাজত নাৰী এগৰাকীক মাতৃত্বৰ কঠিন পথত আগবাঢ়ি যাবলৈ শাৰীৰিক আৰু মানসিকভাৱে সাজু কৰিবলৈ বিভিন্ন ধৰণৰ লোকাচাৰ পালন কৰা হয় । এই সময়ছোৱাত এগৰাকী নাৰীয়ে বহুতো নীতি-নিয়ম মানি চলিব লগা হয় । গৰ্ভধাৰণৰ কালছোৱাত নাৰী গৰাকীয়ে যিকোনো ধৰণৰ জীৱ হত্য়া কৰি নিষেধ । কাৰণ তেনে কৰিলে গৰ্ভস্থ সন্তানৰ অনিষ্ট হ’ব বুলি বিশ্বাস প্ৰচলিত আছে । এটি সুন্দৰ-সুশ্ৰী শিশু জন্ম হ’বলৈ গৰ্ভৱতী নাৰীগৰাকীৰ কোঠাত শিশু কৃষ্ণ বা অন্য় সুন্দৰ শিশুৰ ছবি আঁৰি থোৱা দেখিবলৈ পোৱা যায় । গৰ্ভধাৰণৰ সময়ছোৱাত নাৰীগৰাকীক বিশেষকৈ যোৰ মাহত নদী পাৰ হ’বলৈ দিয়া নহয় ।
অসমীয়া হিন্দু সমাজত অতি প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা এটি প্ৰথাত বা লোকাচাৰ হ’ল- সন্তানসম্ভৱা নাৰীক পাঁচমাত পঞ্চামৃত খউওৱা । এই অনুষ্ঠানত মাতৃৰ উপস্থিতি নিতান্তই প্ৰয়োজনীয় । সেয়ে পঞ্চামৃত খাবলৈ নাৰীগৰাকী হয় মাকৰ ঘৰলৈ যায়, নহ’লে মাক ছোৱালীৰ ঘৰলৈ আহি এই অনুষ্ঠান সম্পন্ন কৰে ।
গৰ্ভৱস্থাৰ পাঁচ মাহত শুভ দিনবাৰ এটা চাই মাক আৰু কেইগৰাকীমান আয়তীৰে এই অনুষ্ঠানৰ আয়োজন কৰে । ইয়াত প্ৰথমে ভগৱানৰ স্তুতি প্ৰাৰ্থনা কৰা হয় । তাৰপাছত গৰ্ভৱতী নাৰীগৰাকীক একন বৰপীৰাত বহুৱাই এৱাঁগাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি-এই পাঁচবিধ বস্তু নিহলাই পায়সৰ লগত পাঁচগৰাকী আয়তীয়ে পাঁচবাৰ খুৱায় । উৰুলি-জোকাৰৰ মাজেৰে এই কাৰ্য সমাপন কৰা হয় । নতুন বস্তু পৰিধান কৰিহে নাৰীগৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে । পঞ্চামৃত খুৱালে জন্ম হ’বলগীয়া সন্তানটি সুস্থ আৰু নিৰোগী হয় । আকৌ সাত মাহত গৰ্ভৱতী তিোতাগৰাকীক ভাত পিঠা খুওৱাৰ পৰম্পৰাও বহু অঅঞ্চলত প্ৰচলিত আছে ।
অসমীয়া সমাজত অতীজৰেপৰা প্ৰচলিত কিন্তু বৰ্তমান সময়ত প্ৰায় বিলুপ্ত হ’বলৈ ধৰা এটি লোকাচাৰ হ’ল গৰ্ভৱতী তিৰোতাগৰাকীৰ আঠ মাহত পালন কৰা ‘পোহন বিয়া’ অনুষ্ঠান । এি পোহন বিয়াত হ’ব খোজা পিতৃ-মাতৃক বৰ বিয়াৰ নিচিনাকৈ মাহ-হালধি সানি নোৱাই বেইৰ তলত গা-ধুওৱা হয় । তাৰ পাছত দৰা-কইনাক নতুন বস্ত্ৰ পৰিধান কৰাই ৰভাৰ তললৈ অনা হয় । সাতপুৰুষৰ শ্ৰাদ্ধাদি কৰাৰ পিছত হোম পুৰি দৰা-কইনাক আকৌ এবাৰ বিয়া পাতি দিয়া হয় । বহু ধৰণৰ নীতি-নিয়ম ৰ মাজেৰে এই বিয়া সম্পন্ন কৰা হয় । বিয়াক পিছত হ’বলগা পিতৃ-মাতৃ দ্য়ো চাৰিদিনলৈ ব্ৰত পালন কৰে । ব্ৰত পালন কৰা কেইদিনমান গৰ্ভৱতী তিৰোতাগৰাকীৰ মাতৃ গৃহৰপৰা দিয়া খাদ্য় বস্তুহে গ্ৰহণ কৰা হয় । সাম্ভাৱ্য় মাতৃগৰাকী ব্ৰতত থকা কেইদিন এখন গামোছাত কটাৰী এখন, ডালিম, জলফাই আদিৰ এটা টোপোলা কৰি লগত ৰাখিব লাগে বুলি এটা বিশ্বাস প্ৰচলিত আছে ।
আকৌ ন মাহত গৰ্ভৱতী মহিলাগৰাকীয়ে ভৰি দিয়াৰ লগে লগে প্ৰসূতি সবাহ পতা হয় । এই অনুষ্ঠানত মাহ-নৈবেদ্য় আগবঢ়াই ভগৱানৰ ওচৰত নাৰীগৰাকীৰ সুপ্ৰসৱৰ বাবে আয়তীসকলে প্ৰাৰ্থনা জনায় ।
এনেদৰেই বিভিন্ন ধৰণৰ লোকাচাৰ মাজেদি এগৰাকী নাৰীক সাম্ভাৱ্য় মাতৃত্বৰ বাটত আগবঢ়ি যাবলৈ মানসিভাৱে সাজু কৰোৱা হয় ।
সন্তান এটি জন্ম হোৱাৰ পিছতো বিভিন্ন ধৰণৰ লোকাচাৰ পালন কৰা হয় । অসমীয়া সমাজত ল’ৰা সন্তান জন্ম হ’লে উৰুলি দিয়ে আৰু ছোৱালী সন্তান জন্ম হ’লে বেৰত ঢকিয়াই আৰু ঢেঁকী বিয়া দেখা যায় । ইয়াৰ পাছত বাঁহৰ চেঁচুৰে কেচুঁৱাৰ নাড়ী কাটি মাকৰ চুলিৰে কেঁচুৱাৰ জিভা পৰিস্কাৰ কৰাৰ প্ৰথাও দেখিবলৈ পোৱা যায় । প্ৰসূতি নাৰীগৰাকীৰ ওচৰত এঘাৰ দিনলৈকে তুহঁজুই একুৱা জ্বলাই ৰখা হয় । “সন্তান জন্ম হোৱাৰ পাছত লোকৰ ঘৰৰ যঁতৰৰ বটিয়াডাল মনে মনে চুৰ কৰি আনি মাকৰ গাত দিয়া আৰু মুখ নেলাগিবৰ বাবে সন্তানৰ হাত-ভৰিত ছিগা ‘ব’ সূতা বান্ধি দিয়া নিয়ম’ (বৰদলৈ, ১৪) । আকৌ প্ৰসূতি থকা কোঠাৰ দুৱাৰ মুখত তাঁতৰ চিৰি এপাট থোৱা হয় আৰু বগৰীৰ ঠাল ওলমাই দিয়া হয় ।
প্ৰসূতি নাৰীগৰাকীৰ গা-শুকাবৰ বাবে পাতত দিয়া জালুক, নহৰু, নিমখ আৰু শুকান ভাত খাবলৈ দিয়া হয় । তিনি দিনলৈকে এইদৰে খাবলৈ দিয়া হয় । তিনিদিনৰ দিনা কচু জালুকৰ লগত ৰান্ধি খুৱা হয় । উজনি অসমত এই প্ৰথা বিশেষভাৱে প্ৰচলিত । এই ৰান্ধনি খুওৱাক জাল দিয়া বুলি কোৱা হয় । ঠাই বিশেষে সেইদিনা ওচৰ-চুবুৰীয়াক মাছ বিলোৱা হয় । নামনি অসমত আকৌ পাঁচদিনৰ দিনা বা এঘাৰ বা এমাহৰ দিনা জলাবটা বিলোৱা প্ৰথাৰ আছে ।
“সন্তান জন্মৰ ছদিনৰ দিনা বিধাতাপুৰুষে নৱজাতকৰ ভাগ্য় নিৰ্ণয় কৰিবলৈ নিশাভাগত আহে বুলি লোকবিশ্বাস আছে ।” (ৰাজবংশী (সম্পা) ২৯৯) সেইদিনা প্ৰসূতি গৰাকীৰ কোঠাত গধূলিৰেপৰা জুই ধৰি সবিয়হ দি ৰখা হয় । মাকগৰাকীয়ে সেইদিনা ৰাতি কেঁচুৱা কোলাত লৈ উজাগৰে থাকিব লাগে আৰু আন মানুহে তাতে কাৰ্তন পঢ়ি থাকে । কোঠাটোৰ ভিতৰত এখন পাৰীত বগা কাগজ এখন আৰু চিয়াঁহীৰ দোৱাতেৰে পাখিকলম এটা থোৱা হয় । লগতে আমদালি থকা লোটা বা ঘটা এটা, ভোজনী এটা, দক্ষিণা ইত্য়াদি ৰখা হয় । বিধাতাপুৰুষে সেই উকা কাগজখলতে নৱজাতকৰ ভাগ্য় লিখি যায় বুলি বিশ্বাস । এই কাগজখনকে সোঁৱৰণী কৰিবলৈ পণ্ডতক দিয়া হয় । জন্মৰ এগাৰ দিনৰ দিনা নৱজাতকক সূৰ্য দৰ্শন কৰোৱা হয় দহ দিনৰ দিনা ঘৰৰ চৰু-হাড়ি, কাপোৰ কানি সকলো ধুই শুচি হৈ চুৱা খেদা হয় । সূৰ্য দৰ্শনৰ দিনা শিশুটিক গা-পা ধৱাই মাকে কোলাত লৈ বহিবলৈ উলিয়াই আনি আগতে সাজু কৰি ৰখা পীৰা এখনৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰি সূৰ্যৰ ফালে তিনিবাৰ দাঙি দেখুৱাই পীৰাখনত শুৱাই দিয়ে । পীৰাত শুওৱাৰ আগতে চাৰিখনৰ থুৰিওৱা তামোল চাৰিদিশে দূৰলৈ দলিয়াই দিয়া হয় । পাৰীখনৰ ওপৰত আগৰেপৰাই শিলগুটি এটা, পানী এবাটি, চাকি এগছ আৰু খেৰৰ জুমুঠি এটা ৰখা হয় । শিশুটিৰ মংগলৰ বাবে এই প্ৰত্য়েকটো বস্তুৰেই এটা বিশেষ বিশেষ কাৰ্য সমাপন কৰা হয় । শিলগুটিটো নাড়ীত লাহেকৈ লগায় দিয়া হয় । “এইদৰে তিনিবাৰ কৰাৰ পাছত (এনে কৰিলে নাই শুকাই, পেট শিল খালে শিল হজম হয় বুলি বিশ্বাস) কেঁচুৱাটোক পানী বাটিটোৰ ওপৰত পৰি নমৰিবি’ বুলি তিনিবাৰ ঘূৰাই (এই নিয়ম কৰিলে পানীত পৰি ডুবাৰ ভয় নাথাকে বুলি ভাব হয়) দুই লগাই দিয়া খেৰৰ জুমুঠিটোৰ ওপৰতো ‘জুইত পুৰি নমৰিবি’ বুলি তিনিবাৰ ঘূৰাই ‘অগ্নিভয়’ দূৰ কৰা হয় । ইয়াৰ পাছত পীৰাত শুৱাই বগৰী জেং কেঁচুৱাটোৰ ভৰিৰ তলেদি তিনিবাৰ সৰকাই বাটৰ কাঁইট স্বৰূপ আপদ বিভিনি দূৰ হওক বুলি দলিয়াই দিয়ে । পিছত মাকে আঁঠু লৈ সূৰ্যলৈ চাই সেৱা কৰে ।” (বৰদলৈ, ১৭)
সন্তান জন্মৰ এমাহৰ পাছত মাহেকীয়া সকাম পাতি মাকজনী ঘৰুৱা কাম-বন কৰিবলা শুচি হয় । অৱশ্য়ে কোনো কোনো অঞ্চলত ল’ৰা হ’লে একৈশ দিনৰ দিনাও হে অনুষ্ঠান পতাৰ পিছৰপৰাহে ঘৰৰ সকলো মানুহ শুচি হয় বুলি বিশ্বাস কৰা হয় ।
অসমীয়া নাৰী সমাজত প্ৰচলিত এটি লোকাচাৰ হ’ল কন্য়া ঋতুপ্ৰাপ্তি হ’লে পালন কৰা অনুষ্ঠান তোলনি বিয়া । নাৰী জীৱনৰ এটি বিশেষ অৱস্থা হৈছে ঋতুপ্ৰাপ্তি হোৱা সময়খিনি । এইটো এক বয়ঃসন্ধিৰ সময় । এই সময়ছোৱাত এজনী ছোৱালীৰ সৰীৰিক আৰু মানসিক দুয়ো প্ৰকাৰৰ পৰিৱৰ্তন হয় । এগৰাকী নাৰীৰ এই পৰিৱৰিতন ক্ষণটো সেয়ে ভালেমান লোকাচাৰ পালন কৰা হয় ।
অসমীয়া পৰম্পৰাগত সমাজত ছোৱালী পুষ্পিতা হ’লে প্ৰথম দিনা লঘোনে থাকিব লাগে। বিশেষকৈ পুষ্পিতা হোৱা বেলাটোত একো খাবলৈ দিয়া নহয় । তিনিদিনলৈকে ফলাহাৰ গ্ৰহণ কৰিবলৈ দিয়া হয় । তাৰপছত চাৰিদিনৰ দিনা গণকৰদ্বাৰা চোৱাই ঠিক কৰা সময়ত গা ধুৱাই পিঠাগুড়ি খাবলৈ দিয়া হয় । পুষ্পিতা হোৱা কেইদিন ছোৱালীজনীক চন্দ্ৰ, সূৰ্য আৰু পুৰুষৰ মুখ চাবলৈ দিনা নহয় । এটা অছুতীয়া কোঠাত ঝানখেৰৰ বিচনা কৰি তাতে থাকিবলৈ দিয়া হয় । শোৱাপাটীৰ পূব দিশত এটা দুণৰিত চাউল, তামোল-পান আদিৰ লগতে নিঠাতেলৰ চাকি জ্বলাই থৈ দিয়া হয় । তাৰ কাষতে এটা ঘটত আমদালি আৰু এৱাঁ সূতা মেৰিয়াই খোৱা হয়। ছোৱালীজনীৰ হাতত এটা কনাই দিয়া হয় । এই কনাইটো সন্তানৰ প্ৰতীক বুলি বিশ্বাস প্ৰচলন আছে ।
তিনিদিনৰ দিনা আখৈ ভজা ৰীতি এটি কোনো কোনো অঞ্চলত প্ৰচলন আছে । সেইদিনা নিশা ছোৱালীজনীৰ সধৱা মাক, খুৰীয়েকে বা আন কোনা এগৰাকীয়ে ছোৱালীজনীৰ নামত খোলা পাতি আখৈ ভাজে । যদি ভজা আখৈবোৰ গোটা হয় তেতিয়া ছোৱালীজনীৰ ভৱিষ্য়তে ল’ৰা হয় আৰু আখৈখিনি যদি যদি পাহ মেলি উঠে তেতিয়া ছোৱালী হয় বুলি বিশ্বাস কৰা হয় । আকৌ যদি আখৈখিনি নুফুটে তেত্য়া অশুভ বুলি গণ্য় কৰা হয় । কাৰণ তেনে হ’লে ভৱিষ্য়ত সন্তান নহয় বুলি ভবা হয় ।
“নামনি অসমত চাৰিদিনৰ দিনা উজনি অসমত সাতদিনৰ দিনা ছোৱালীক গা-ধুউৱা হয় ।“ (দাস (সম্পা.), ১৭৭) গা-ধুউৱাতে নোৱাবলৈ বাৰীৰ পিছফালে পূবমীৱাকৈ এখন বেই সাজি বেইৰ কাষত এটা কলপুলি ৰোৱা হয় । এই কলপুলিটো ছোৱালীজনীৰ ভৱিষ্য়তৰ স্বামীৰ প্ৰতীক বুলি ধাৰণা কৰা হয়। মাহ-হালধিৰে ছোৱালীজনীক নোৱাই-ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰাই ছোৱালীজনীক সূৰ্যলৈ চাবলৈ দিয়া হয় । আৰু লগতে ফল লাগি থকা যিকোনো গছলৈ চাবলৈ দিয়ে । ইয়াৰ পাছত গণকৰ হতুৱাই ছোৱালীজনীৰ শুদ্ধি কৰোৱা হয় । সাত দিনৰ দিনাই বহুতে তোলনি বিয়া অনুষ্ঠানৰ আয়োজন কৰে । কোনো কোনোৱে আকৌ সাত দিনতে বিয়া নুঠাই পিছতো এই লোকাচাৰ সম্পন্ন কৰা দেখা যায় । তোলনি বিয়াৰ দিনা আয়তীসকলে ৰভাৰ তলত চাৰিটা কলপুলি পুতি মৰল সাজে । ঘটত আমডালি দি গোঁসাইৰ ছবি এখন এই মৰলৰ লগতে ৰখা হয় । এই দিনাও কন্য়াজনীক মাহ-হালধিৰে নোৱাই-ধুৱাই সজাই-পৰাই সমাজৰ আগলৈ উলিয়াই আৰু আঁঠু লোৱায় । তাৰপাছত আমসাৰ দি ছোৱালীজনীৰ কোঁচত কনাই দিয়া হয় । এই কনাইটো আকৌ মাক আৰু অন্যান্য় আয়তীসকলে আঙুঠি, টকা আদি দি এবাৰ নিজৰ কোঁচলৈ আকৌ ছোৱালীজনীৰ কোঁচলৈ এনেদৰে তিনিবাৰ অনা-নিয়া কৰে । তাৰপিছত আয়তীসকলে ইজনী সিজনীয়ে ৰং-ঝেমালি কৰে । শেষত ছোৱালীজনীয়ে সৰু ল’ৰা ছোৱালী তিনিটাক কোলাত লৈ মিঠাই খুৱায় আৰু ভগৱানৰওচৰত প্ৰাৰ্থনা জনায় । এইদৰেই নানা লোকাচাৰৰ মাজেৰে এই অনুষ্ঠানৰ সামৰণি পৰে । “ইয়াৰ পিছৰপৰা প্ৰতিমাহে ঋতুমতী হোৱাৰ প্ৰথম দুদিন ছোৱালীজনীয়ে আচুতীয়াকৈ খায়, শোৱে, কোনো বস্তু স্পৰ্শ নকৰে আৰু ৰন্ধা-বঢ়়া, গোঁসাই সেৱা আদিৰপৰা আঁতৰি থাকে । তৃতীয় দিনা ভালদৰে গা-মূৰ ধুই শুদ্ধ হয়” ।
অসমীয়া সমাজত বিবাহ এক মাংগলিক অনুষ্ঠান । হিন্দু ধৰ্ম মতে বিবাহ মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ । এই বিবাহক কেন্দ্ৰ কৰি অসমীয়া সমাজত বিয়া ভালেমান লোকাচাৰ পালন কৰা হয় । অসমীয়া সমাজত বিয়াৰ আগদিনা জোৰণ পতা হয় । জোৰণৰ দিনা চাই দিয়া শুভ, ক্ষণ অনুসৰি দৰা ঘৰৰপৰা দৰাৰ মাকে অন্য়ান্য আয়তী আৰু জ্য়েষ্ঠজনৰ লগত কইনাক জোৰণ পিন্ধাবলৈ আহে । জোৰণত কইনাৰ বাবে ভালেমান সামগ্ৰী অনা হয় । কইনাৰ পৰিধান কৰিবলৈ বস্ত্ৰ, আ-অলংকাৰ, সেন্দুৰ, আৰ্টী-ফণী, সুগন্ধি তেলৰ বটল, নানা প্কসাধনৰ দ্ৰব্য জোৰণত প্ৰদান কৰা হয় । ইয়াৰ লগতে জোৰণৰ অন্যান্য মাংগলিক অনুষ্ঠানৰ বাবে আঢ়়ৈ চাউল আৰু তামোল-পান ভৰাই ওপৰত আমডালি আৰু বাহিৰত এঁৱা সূতা মেৰিয়াই অনা ঘট, কেঁচা তামোলৰ থোক, এযোৰ নাৰিকল, দৈসহ সৰু সৰি দুটা ঘট, মাহ-হালধি আৰু গাঁঠিয়নৰ টোপোলা, মিঠাই, মাছ আৰু তামোল-পাণ জোৰণৰ লগত দৰাঘৰীয়াই লৈ আনে । লগতে কইনাৰ মাকৰ বাবে এসাজ কপোৰ আৰু ‘পেটপোৰাভাৰ’ লগত অনা হয় ।
দৰাঘৰৰ মানুহে জোৰণলৈ আহি কইনাঘৰৰ পদুলি মুখ পোৱাৰ পিছতে কইনাৰ মাকে দৰাৰ মাকৰ লগত শৰাই সালসলনি কৰি তেওঁলোকক আদৰি নি ৰঙাতলীয়া মড়়লৰ কাষত বহুৱায় । গৰাঘৰৰ পৰা অনা পাটীত দলিচা পাৰি কইনাক আনি বহুওৱা হয় তাতে কইনাক তামোল-কটাৰী এযোৰ দিয়াৰ পাছত তাৰে তামোলটো কইনাৰ শিৰত দি তাৰ ওপৰত জোৰণৰ বাবে নিয়া আঙুঠিটো থৈ তিনিবাৰ সুগন্ধী তেল দিয়ে আৰু আঙুঠিটোৰে কইনাৰ শিৰত সেন্দুৰ পিন্ধাই দিয়া হয় । দৰাৰ মাকেই এই কামখিনি সম্পাদন কৰে । ইয়াৰ পাছত দৰাঘৰৰ পৰা অনা অন্যান্য সামগ্ৰী যেনে- কাপোৰ, আ-অলংকাৰ আদি কইনাক পিন্ধোৱা হয় । এইসমূহ কাৰ্য শেষ হোৱাৰ পাছত কইনাই ভগৱানলৈ সেৱা জনায় আৰু তাৰ লগতে দৰাঘৰৰ পৰা অহা লোকসকলক মান জনায় সেৱা কৰে । দৰাঘৰৰ পৰা নিয়া এযোৰ তামোল-কটাৰী, ধৰমৰ ঘট এটা, মাছৰ আধা, এটা নাৰিকল আদি কইনাই চুই দিয়াৰ পাছত দৰাঘৰলৈ ঘূৰাই অনা নিয়ম । ইয়াৰ পিছত দৰাঘৰৰ মানুহে জোৰণ কাৰ্য সম্পাদন কৰি ভাত-পানী বা জা-জলপান খাই বিদায় লয় । দৰাঘৰীয়া মানুহৰ হাততে কইনাঘৰৰ পৰা দৰালৈ বুলি দৰা বৰণৰ সাজ আৰু নোৱনি কাপোৰ দিয়া হয় ।
জোৰণৰ পিছত পালন কৰা এটি লোকাচাৰ হ’ল অধিবাস । অধিবাস শেষ হোৱাৰ পিছত মড়়লৰ কাষত কইনাক বহুওৱা হয় আৰু তাতে শিলৰ পটা এখনত কইনাক ধৰি সাতগৰাকী আয়তীয়ে উৰুলি জোকাৰ দি আৰু নাম গাই গাঁঠিয়ন খুন্দে । গাঁঠিয়ন খুন্দা হৈ যোৱাৰ পাছত কইনাৰ মূৰত ইয়াক তেলত ডুবাই দুবৰিৰ আগেৰে অলপ অলপকৈ দিয়া হয় । তাৰপাছত ঘৰেৰে কোনোবা এজনে কইনাক ‘হবিষান্ন’ খুৱাই দিয়ে আৰু সেয়া সমাপন হোৱাৰ পিছত কইনাৰ মোমায়েকে কইনাক দাঙি ভিতৰলৈ লৈ যায় ।
বিয়াৰ দিনা পালন কৰা এটি বিশেষ সামাজিক আচাৰ হ’ল দৈয়ন দিয়া । সেই দিনা কাহিলি পুৱাতে কইনা ঘৰত দৈয়ন দিয়াৰ উখল-মাখল আৰম্ভ হয় । শোৱাকোঠাৰ দুৱাৰ মুখতে পাৰী এখন পাৰি কোনোবা এগৰাকীয়ে কইনাক দাং-কোলা কৰি আনি তাতে বহুৱাই দিয়ে । পৰ্দাৰ সিপাৰৰ পৰা আগদিনা ৰাতিয়েই দৈয়ান দিবৰ বাবে যতনাই থোৱা দৈৰ কাঁহীখনত আগ-গুৰি নকটা পাণ কেইখিলামান জুবুৰিয়াই কইনাৰ মাক বা খুৰীয়েকে কইনাৰ মুখৰ পৰা ভৰিলৈকে উৰুলি দিদ দি তিনিবাৰ সানি দিয়ে । ইয়াৰ লগে লগে আন আন আয়তীসকলেও উৰুলি জোকাৰ দি পৰিৱেশটো পবিত্ৰ কৰি তোলে । ইয়াৰ পাছত দিনৰ ভাগত নপুৰুষৰ শ্ৰাদ্ধ পতা হয় । শ্ৰাদ্ধৰ পাছত কাইনাক সজাই-পৰাই নিমন্ত্ৰিত সকলো অতিথিকে সম্ভাষণ জনাবৰ বাবে ৰভাৰ তললৈ উলিয়াই আনা হয় । ইফালে ৰাতি হোৱাৰ লগে লগে শুভ লগ্ন চাই দৰা বিবাহৰ বাবে অন্যান্যসকলৰ লগত কইনাৰ পদূলিত আহি উপস্থিত হয় । কন্যাদাতা গৈ দৰাক আদৰি আনি পদূলিত তোৰণ বনাই খোৱা কলপুলিৰ তলত যুগুতাই ৰখা পীৰাত তোলেহি । তাতে কইনাৰ সৰু ভনীয়েকে দৰাৰ ভৰি ধুৱাই গামোছাৰে মচি দিয়ে । কইনাৰ আত্মীয়-স্বজনে দৰাক তাতে আদৰ যাঁচে । শেষত কইনাৰ মাকে বিচনীৰে বিচি দৰাক ৰভাৰ তললৈ আদৰি আনি হোমৰ গুৰিত বহৱায় । হোমৰ গুৰিত বিবাহ কাৰ্য আৰম্ভ হোৱাৰ পিছত দৰাঘৰীয়াই তামোল-পাণৰ শৰাই দি কইনা খুজিলেহে কইনাক উলিয়াই দিয়া হয় । হোমৰ গুৰিলৈ অনাৰ আগত কইনাক নোৱাই-ধুৱাই সজাই-পৰাই তোলা হয় । হোমৰ গুৰিত পুৰোহিতৰ মন্ত্ৰোচাৰণৰ লগে লগে মালা প্ৰদান, লগুণ গাঁঠি বন্ধন, অখৈ দিয়া আদি কাৰ্য পালন কৰাৰ পাছত বিবাহ অনুষ্ঠানৰ অন্ত পৰে । কিন্তু তাৰ পাছতো আৰু ভালেমান লোকাচাৰ পালন কৰা হয় । অসমীয়া সমাজত কইনাৰ মাকে বিয়া নাচায়, কিন্তু বিয়া হৈ যোৱাৰ পিছত দৰা-কইনা দুয়োকে লগুণ গাঁঠি বন্ধা অৱস্থাতে ভিতৰলৈ মাতি নি ‘আমসাৰ’ দিয়ে । ইয়াৰ পিছত দৰা-কইনা দুয়োকে অখন ঠালত ৰখা পায়সৰ বাতি দুটা খুন্দা নোখোৱাকৈ সাল-সলনি কৰিবলৈ দিয়া হয় । খুন্দা খালে বিষ্য়তে দুয়োৰে মাজত কাজিয়া লাগে বুলি বিশ্বাস । তাৰপাছত কইনা উলিয়াই দিয়াৰ সময় । ঘৰৰ লখিমী যাতে পৰৰ ঘৰলৈ গুচি নাযায় তাৰ বাবে ছোৱালীজনীৰ হাতত চাউল দি সেইখিন পিছলৈ ছাটিমাৰি দিবলৈ দিয়া হয় । মাকে পুনৰ দৰা-কইনাৰ দুৱাৰমুখত দুয়োহাতেৰে আগছি ধৰে আৰু কইনাই মাকৰ দুয়োহাতৰ তলেদি একোবাৰকৈ ওলোৱাৰ দৰে কৰি তৃতীয় বাৰত সোঁহাতৰ তলেদি ওলাই যায় । ঘৰ এখনৰ মৰমৰ জীয়ৰী চিৰদিনৰ বাবে পৰৰ ঘৰৰ বোৱাৰী হৈ গুচি যায় । দৰাঘৰত গৈ উপস্থিত হোৱাৰ পিছত দৰাৰ মাকে কইনাক আদৰি আনে । তাৰপাছত দৰা-কইনা দুয়োকে বহুৱাই কিছুমান ৰং-ধেমালি কৰা হয় । আঙুঠি লুকুওৱা, ঢেঁকী দিয়া আদি ধেমালি কৰা হয় । কোনো অঞ্চলত এই অনুষ্ঠানসমূহ পালন কৰাৰ পাছত কইনাক আকৌ মাকৰ ঘৰলৈ ওভতাই অনা হয় । অৱশ্য়ে কোনো কোনো ঠাইত কইনাৰ ওভতাই অনা নহয় । আকৌ খোবা-খুবীৰ দিনা দৰাঘৰৰপৰা আয়তী আহি কইনাক লৈ যায় । এি দিনটোৰপৰাহে নানা লোকাচাৰ পালন কৰি দৰা-কইনাই যুগ্ম জীৱন আৰম্ভ কৰে । বিয়াৰ আঠ দিনৰ দিনা দৰাক শহুৰেকৰ ঘতৰ খাবলৈ নিমন্ত্ৰণ জনোৱা হয় । এই অনুষ্ঠানক কোৱা হয় আঠমঙলা । দৰা-কইনা দুয়ো এইদিনা কইনাৰ ঘৰলৈ ভাত খাবলৈ গৈ দিনটো থাকি উভতি আহে । আঠমঙলাৰ পিছতে অসমীয়া বিবাহ পালন কৰিবলগীয়া লোকাচাৰ সমূহৰ সামৰণি পাৰে ।
মানুহৰ জীৱনে এক স্বাভাৱিক ঘটনা হ’ল মৃত্য়ু । জন্ম যেনেদৰে স্বাভাৱিক, তেনেদৰেও মৃত্য়ুও চিৰপসত্য । হ’লেও মানুহৰ মৃত্যুৰ প্ৰতি ভয় চিৰন্তন । হিন্দু ধৰ্মৰ মানুহে বিশ্বাস কৰে যে আত্মাৰ মৰণ নাই । আত্মা অমৰ, মানৱ দেহৰ মৃত্য়ু হ’লেও ইয়াত থকা আত্মাৰ মৰণ নহয় । ই মানুহে পুৰণি কাপোৰ সলোৱাৰ দৰে এটা দেহ ত্য়াগ কৰি অনন্তধামলৈ গতি কৰে আৰু পুনৰ জনমৰ বাবে প্ৰতীক্ষা কৰে । সেয়েহে মৃতকৰ আত্মাৰ শান্তিৰ বাবে নানা লোকাচাৰ পালন কৰা হয় । অসমীয়া সমাজত মৃত্য়ুৰ পাছত মৃতচকক বগা কাপোৰেৰে ঢাকি দাহ কৰিবৰ বাবে চাঙীত উঠাই শ্মশানলৈ নিয়া হয় । বিশেষ কাৰণ নাথাকিলে তিৰোতা মানুহ শ্মশানলৈ নাযায় । মৃতকক ঘৰৰপৰা উলিয়াই লৈ যোৱাৰ পিছত ঘৰে-ঘৰোৱাহে গা-পা ধুই পেলায় । অসমীয়া সমাজত স্বামীৰ মৃত্য়ু হ’লে পত্নী গৰাকীয়ে চিৰদিনৰ বাবে শিৰৰ সেন্দুৰ মচি পেলায় । অলংকাৰ পৰিধান পৰিহাৰ কৰে আৰু ৰঙীণ কাপোৰৰ সলনি বগা কাপোৰহে ব্যৱহাৰ কৰিবলৈ লয় । কোনো কোনো সম্প্ৰদায়ৰ বিধৱা তিৰোতাই আমিষ আহাৰো পৰিত্য়াগ কৰে । অৱশ্য়ে বৰ্তমান সময়ত এই নিয়মসমূহৰ কঠোৰতা বহু পৰিমাণে শিথিল হৈছে ।
অসমীয়া সমাজৰ ওপৰত উল্লেখ কৰা লোকোচাৰসমূহৰ উপৰিও আৰু নানা উৎসৱ অনুষ্ঠানৰ লগত জড়়িত স্ত্ৰী লোকাচাৰ দেখিবলৈ পোৱা যায় । অসমৰ জাতীয় উৎসৱ বিহুক কেন্দ্ৰ কৰিও ভালেমান লোকাচাৰ গঢ়়লৈ উঠিছে । এনে নাৰীকেন্দ্ৰিক লোকাচাৰ এটা হ’ল বিহুত প্ৰিয়জনক নিজ হাতে বোৱা বিহুৱান উপহাৰ দিয়া । সাতশাকী খোৱাটোও এক পুৰণি লোকাচাৰ। এশ এবিধ শাকৰ এই ব্ঞ্জন আচলতে এক প্ৰকাৰৰ মহৌষধ । ইয়াৰ উপৰিও বিহু বুলি ক’লেই পিঠা-পান, জা-জলপান আদি প্ৰস্তুত কৰাটোও একপ্ৰকাৰৰ লোকাচাৰ । কাতি বিহুত পথাৰত চাকি জ্বলাই ৱখিমীক আৰাধনা কৰা হয় ।
অসমীয়া সমাজত পালন কৰা এক বিশেষ অনুষ্ঠান হ’ল জন্মাষ্টমী । আৰাধ্য় দেৱতা কৃষ্ণৰ জন্মৰ দিনটোৰ সোঁৱৰণত এই অনুষ্ঠান পতা হয় । এই অনুষ্ঠানত নাৰীসকলে গীত-পদ গাই ৰং-ৰহইচ কৰে । ইও এক লৌকিক আচাৰ সমৃদ্ধ অনুষ্ঠান ।
আন এক তিৰোতাসকলে অনুষ্ঠিত কৰা পূজা হৈছে পশ্চিম গোৱালপাৰা জিলাত প্ৰচলিত হুদুম পূজা । আগতে জীৱন্ত হুদু চৰাই এটা ধৰি আনি এটা খুটিত বান্ধি থৈ এই পূজা অনুষ্ঠিত কৰা হৈছিল । বৰ্তমান সময়ত অৱশ্য়ে কল পুলি এটাকে হুদুমৰ খুঁটি হিচাপে গণ্য় কৰি ৰোৱা হয় । ই সম্পূৰ্ণ স্ত্ৰীলোকাচাৰ কেন্দ্ৰিক অনুষ্ঠান । এই পূজাত পুৰোহিতৰ সথান নাই । চকুত কাপোৰ বান্ধি মাত্ৰ ঢকুৱাই ঢাক বজাই থাকে । নাৰীসকলে ৰাতি লৌকিক আচাচৰ অনুসৰি পূজা সম্পন্ন কৰি হুদুম খুটিৰ চাৰিওফালে বিবস্ত্ৰা হৈ ঘুৰি ঘুৰি অশ্লীলতাপূৰ্ণ নত্য়-গীত কৰে । এই পূজা বৰষুণ কামনা কৰি পতা হয় আৰু লোকবিশ্বাস অনুসৰি পূজা সম্পন্ন হোৱাৰ পাছত বৰষুণ হোৱাতো অনিবাৰ্য ।
এইবোৰৰ উপৰিও বসন্ত ওলালে আইসবাত পাতি এই ৰোগৰ গৰাকী আইসকলক স্তুতি কৰাৰ লোকাচাৰ অসমত অতীজৰেপৰা চলি আহিছে । অৰেশ্বৰী সবাহে অসমীয়া সমাজত প্ৰচলিত এটি নাৰীজনিত লোকাচাৰ কেন্দ্ৰিৰ অনুষ্ঠান । চ’ত মাহত বৰদৈচিলাক সন্তুষ্ট কৰিবলৈ চোতালত পীৰা পাৰি দাপোণ আৰু কাঁকৈ থৈ সেৱা জনোৱা হয় । তেনে কৰিলে প্ৰবল বতাহ-বৰষুণ সাম কাটে বুলি ভবা হয় । এনেদৰেই বিভিন্ন দেৱ-দেৱীলৈ শ্ৰদ্ধা-ভক্তিৰ অঞ্জলি যাঁচি পূজা কৰাৰ লোকাচাৰ অতীজৰে পৰা অসমীয়া সমাজত প্ৰচলন আছে ।
অসমীয়া সমাজত নাৰীকেন্দ্ৰিক লোকাচাৰ আগবঢ়োৱা সমূহে এক বিস্তৃত ক্ষেত্ৰ সামৰি আছে । এই আলোচনাত আগবঢ়োৱা লোকাচাৰ সমূহৰ উপৰিও আৰু বহুতো লোকাচাৰ আমাৰ সমাজত প্ৰচলন হৈ আছে । তিৰোতাসকলৰ মাজতেই এই লোকাচাৰসমূহ পালন কৰা প্ৰৱণতা অধিক । দৈনন্দিন জীৱনতো বহুতো লোকাচাৰ পালন কৰা হয় । স্বামীৰ আগত ফোঁট লৈ থকা, বাহী গাৰে বান্ধনি ঘৰ আৰু গোঁসাই ঘৰত নোসোমোৱা মুখলগাৰ পৰা বচাবলৈ শিশুক ক’ৰবালৈ লৈ যোৱাৰ আগত সূৰ্যলৈ চাই সেৱা কৰি মুখৰ থু অকন পেলাই ভৰিৰ বুঢ়া আঙুলিৰে লিপি তাৰে ফোঁট দিয়া, নাৰীয়ে মূৰেদি নেখেলা নিপিন্ধা, মানুজন অহা যোৱা কৰা বাটত মেখেলা আদি কাপোৰ নেমেলা ইত্যাদি লোকাচাৰ বৰ্তমানেও আমাৰ সমাজত দৈনন্দিন প্ৰচলন হৈ আছে । অৱশ্য়ে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই লোকাচাৰ সমূহৰ ব্যৱহাৰ বহু পৰিমাণে কমি আহিছে । লোকাচাৰ সমূহ অসমীয়া সংস্কৃতিৰ এক অমীল্য় সমপদ । এইসমূহৰ মাজেদি অসমীয়া সমাজ-সংস্কৃতিৰ বিশেষ চিত্ৰ সুন্দৰ ৰূপত ফুটি উঠে ।
প্ৰশ্নঃ 6. কুৰ্গসকলৰ ‘অক্কা’ত প্ৰচলিত আচাৰ-অনুষ্ঠান আৰু বিশেষ পৰিভাষা বা জতুৱা ঠাচ সম্বন্ধে আলোচনা কৰা । (Discuss the rituals and idioms prevalent in Okka of the Coorgs.
উত্তৰঃ এম. এ. শ্ৰীনিবাস তেওঁৰ Riligion and Society Among the Coorgs in South India’ নামৰ গ্ৰন্থৰ চতুৰ্থ অধ্য়ায়ত ‘The Ritual Idiom of Coorgs’ শাীৰ্ষক আলোচনাত কুৰ্গ নামৰ জনগোষ্ঠীৰ ৰাতি-নীতি আৰু আচাৰ-অনুষ্ঠান সম্বন্ধে পৰ্যালোচনা ঞ্চ কৰিছে । শ্ৰীনিবাসে তেওঁৰ এই পৰ্যালোচনাত কুৰ্গসকলে তেওঁলোকৰ ৰীতি-নীতি সম্বন্ধেও উল্লেখ কৰিছে ।
শ্ৰীনিবাসে তেওঁৰ এই অধ্যায়নত বুজিবলৈ ব্য়ৱহাৰ হোৱা ক’দাগী ভাষাৰ (কুৰ্গসকলৰ ভাষাক ক’দাগী ভাষা বোলে ) দুটা শব্দ উল্লেখ কৰিছে । কুৰ্গ বা ক’দাগুসকলৰ মাজত ব্যৱহাৰ হোৱা এই শব্দ দুটা হৈছে ‘প’লে’ আৰু ‘মানি’ । ক’দাগী ভাষাত (কুৰ্গ সকলৰ ভাষাত) ‘প’লে মানে কুৰ্গসকলে পালন কৰা কেতবোৰ অশুচি বা অপবিত্ৰক্ৰিয়া-কৰ্ম বা আচাৰ-কৰ্মক বুজায় আৰু ‘মাদি’ মানে কেতবোৰ শুচি বা পবিত্ৰ ৰীতি-নীতি বা আচাৰ কৰ্মক বুজায় । পূৰ্বৰ পৰাই কুৰ্গসকলৰ মাজত যিবোৰ ক্ৰিয়-ক্ৰম বা ৰীতি-নীতি চলি আহিছে সেইবোৰৰ কেতবোৰ শুচিতা বা পবিত্ৰতাৰ লগত জড়িত আৰু আন কেতবোৰ অণশুচিতা বা অপবিত্ৰতাৰ লগত জড়িত । গতিকে কুৰ্গসকলে পৰম্পৰাগতভাৱে তেওঁলোকৰ সমাজত চলি অহা পবিত্ৰ বা শুচি আৰু অপবিত্ৰ বা অশুচি কৰ্মক বুজাবলৈ তেওঁলোকে এই দুটা পৰিভাষা ব্যৱহাৰ কৰে ।
শ্ৰীনিবাসৰ মতে বাহ্য়িক পৃথিৱীখন দুটা অংশত ভাগ কৰা হৈছে; এটা পবিত্ৰ আৰু আনটো অপবিত্ৰ । তেওঁৰ মতে পবিত্ৰ বা অপবিত্ৰতা বহল অৰ্থসূচক । এনে পবিত্ৰতাৰ এটা দিশ হৈছে গ্ৰহণীয় পবিত্ৰতা বা গ্ৰহণীয় শুচিতা আৰু আনটো হ’ল অগ্ৰহণীয় পবিত্ৰতা বা অগ্ৰহণীয় অনুষ্ঠান বা ৰীতি-নীতিক বুজায়; যিবোৰ মংগলময় আৰু পবিত্ৰ । আনহাতে অগ্ৰহণীয় পবিত্ৰতা বা অগ্ৰহণীয় শুচিতাই কেতবোৰ অবাঞ্ছনীয় আছাৰ-অনুষ্ঠান বা ৰীতি-নীতি বুজায়; যিবোৰ অশুভ আৰু অপবিত্ৰ ।
শ্ৰীনিবাসৰ মতে ক’দাগী ভাষাত ‘প’লে (অৰ্থাত অশুচি অপবিত্ৰতা) শব্দই দুই ধৰণৰ অশুচি বা অপবিত্ৰতাক বুজায় । প্ৰথমটো হ’ল টিংগা প’লে অৰ্থাত্ মাহেকীয়া অশুচি বা অশুদ্ধতা আৰু আনটো হৈছে পেত্তা প’লে বা পুৰুদ পালে অৰ্থাত সন্তান জন্মৰ বাবে হোৱা অশুচি বা অশুদ্ধতা । ‘টিংগা প’লে’ মানে তেওঁলোকে মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰীৱৰ দ্বাৰা হোৱা অপবিত্ৰতা বা অশুচিক বুজায় আৰু ‘পেত্তা প’লে’ বা ‘পুৰুদ প’লে’ মানে কনো সন্তান জন্ম হোৱাৰ লগে লগে সন্তানৰ পৃতৃ-মাতৃ সহিতে পৰিয়াল আৰু আন আন আতমীয় লোকসকল অপবিত্ৰ বা অশুচি হোৱা বুলি কোৱা হয় ।
শ্ৰীনিবাসৰ মতে মানুহৰ মৃত্য়ুৰ ফলত হোৱা অশুচি বা অপবিত্ৰতাক ক’দাগী ভাষাত ‘টিকে’ বোলে । তামিলসকলে “Tit’ মানে মানুহৰ মৃত্য়ুৰ বাবে হোৱা অণশুচিক বুজায় । কিন্তু ইয়াৰ বিপৰীতে ক’দাগী ভাষাত ‘Tit’ মানে ‘মল বা বিষ্ঠা’ক faces বুজায় । যিটো ঘৰত এঝন প্ৰাপ্তবয়স্ক লোকৰ মৃত্য়ু হয় সেই ঘৰটোক তেওঁলোকে ‘টিকে মানে’ বুলি কয় । ‘টিকে মানে’ৰ অৰ্থ হ’ল অুবিত্ৰ বা অশুচি ঘৰ । অন্তোষ্টিক্ৰিয়াকে বিশ্বাস কৰে ।
শ্ৰীনিবাসে এই অধ্য়য়নৰ যোগেদি উল্লেখ কৰিছে যে সমগ্ৰ ভাৰতবৰ্ষতেই উচ্চ জাতিবোৰে নীচ জাতিবোৰক স্পৰ্ক কৰা বা আদান-প্ৰদান কৰাত নিষেধাজ্ঞা আছে । সাধাৰণতে এনে নিষেধাজ্ঞা আৰোপ কৰা হয় সেইসকল জাতিৰ ওপৰত যিসকলৰ সংৰচনাত্মক ব্য়ৱধান অতি বেছি । সাধাৰণতে সমাজত প্ৰচলন থকা শুচি-অশুচি ধাৰণা বা বিশ্বাসৰ বাবে জাতিসমূহহে এনে সাাজিক ব্য়ৱধান বৰ্তাই ৰাখিব লাগে । অৱশ্য়ে কেতিয়াবা জাতিসমূহে এনে নিৰাপদ দূৰত্ব বজাই ৰখাত ব্য়ৰ্থ হ’ব লগা হয় । জাতিসমূহে এনে নিৰাপদ দূৰত্ব বজাই ৰখাত ব্য়ৰ্থ হোৱাটোক তেওঁলোকৰ নিজৰ ভাষাত ‘টিণ্ডো প’লে’ বোলে ।
প্ৰশ্নঃ 7. অখ্যান সম্বন্ধে মেলিন’ৰস্কিৰ মতামতৰ বিশ্লেষণ আবগঢ়োৱা ?
Discuss Malinowashis analysis on myth.
উত্তৰঃ ব্ৰনিচল মেলিন’ৱস্কিয়ে তেওঁৰ ‘Magic, Science and Religion and other Essays’ গ্ৰন্থত অখ্যান সম্বন্ধে তেওঁৰ নিজৰ মতামত আগবঢ়াইছে । মেলিন’ৱস্কিৰ মতে আখ্যান হৈছে কোনো এক সমূহৰ সংস্কৃতি বা সাংস্কৃতিক শক্তি সম্বন্ধীয় এক বিৱৰণ । এনে আখ্যান যোগেদি কোনো এটা জনসমূহৰ সাহিত্য় ফুটি উঠে । মেলিন’ৱস্কিয়ে মতে আখ্যান হৈছে একো একোখন মহাকাব্য়ৰ দৰে য’ত হাস্য়ৰস আৰু কৰুণ ৰস সকলো ফুটি উঠে । মানৱ সভ্য়তাৰ কোনো কোনো যশস্বী আৰু বিৰল প্ৰতিভাৰ গৰাকীৰ সচেতনতাত এনে আখ্যানসমূহৰ জন্ম হয় । এনে কোনো কোনো আখ্যান একেবাৰে নীৰস আৰু অতি সংক্ষিপ্ত; অন্য়হাতে আন মেলিন’ৱস্কিয়ে এনেদৰে কৈছে, “………myth is above all a cultural force, but it is not only that. It is obviously also a narrative and thus it has its literary aspects- an aspect which has been unduly emphasized by most scholars, but which, nevertheless, should not be completely neglected. Myth contains germs of the future epic, romance,- tragedy, and it has been used in them by the Creative genius of peoples and by the conscious. Art of civilization. We have., seen that some myths are but dry and succinct statements with scarcely any nexus and no dramatic incident, others, like the myth of love or the myth of cano magic and of overseas sailing are eminently dramatic stories.”
মেলিন’ৱস্কিৰ আখ্যান সম্বন্ধীয় বিশ্লেষণ ‘আন আন নৃতত্ত্ববিধ আৰু মনত্ত্ববিদসকলৰ বিশ্লেষণৰ পৰা কিছু পৃথক । তেওঁ আখ্যান বোলোতে আদিম বৰ্বৰ সমাজৰ আখ্যানৰ ক্লুথাহে উল্লেখ কৰিছে । মেলিন’ৱস্কিৰ মতে আখ্যানসমূহৰ যোগেদি প্ৰকাশ পায় । কেতবোৰ আখ্যানৰ বস্তুতাত্বিক সত্য়তা নাই বুলি বহুতো নৃতত্ত্ববিধ আৰু মনস্তত্ত্ববিদ উল্লেখ কৰিলেও মেলিন’ৱস্কিয়ে আখ্য়ান সম্বন্ধে আলোচনা কৰোতে এই দৃষ্টিৰে কৰা নাই । তেওঁৰ মতে আদিম বৰ্বৰ সমাজৰ ওপৰত সৃষ্টি হোৱা আখ্যানসমূহ বাস্তৱ আৰু এইবোৰৰ বস্ততাত্বৱিক সত্য়তা আছে । মেলিন’ৱস্কিৰ মতে এই আখ্যাসমূহৰ লগত ধৰ্ম, পবিত্ৰতা, নৈতিকতা, সামাজিক সংগঠন আদি জড়িত । এইবোৰে আদিম বৰ্বৰ সমাজৰ এক সমন্বয়াত্মক সংস্কৃতিৰ বৈশিষ্ট্য দাঙি ধৰে ।
মেলিন’ৱস্কিৰ মতে আখ্যানবোৰ সাধুকতাৰ দৰে যদিও এইবোৰ বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত । ইয়াৰ কেতবোৰ ব্যাখ্যা অৱশ্য়ে অমূৰ্ত ধৰণৰ । সৃষ্টি আৰু মৃত্য়ু সম্বন্ধীয় কেতবোৰ আখ্যান সু-স্পষ্ট নহয় । মেলিন’ৱস্কিৰ আখ্য়ান সম্বন্ধীয় আলোচনা এই আখ্যাসমূহৰ সাংস্কৃতিক ক্ৰিয়া সম্বন্ধীয় । এই সাংস্কৃতিক ক্ৰিয়া বিশ্বাসৰ লগত জড়িত আৰু বিশ্বাস নিৰ্ভৰ কৰে বৰ্বৰসকলৰ ধৰ্মীয় ক্ৰিয়া কৰ্ম আৰু পৰম্পৰাৰ ওপৰত । এনে ধৰ্মীয় ক্ৰিয়া কৰ্ম আৰু পৰম্পৰাৰ দ্বাৰা বৰ্বৰসকলৰ আখ্যানৰ যোগেদি সাহিত্য় সৃষ্টিৰ সম্ভাৱনীয়তা আহি পৰে ।
এনেদৰেই মেলিন’ৱস্কিয়ে আখ্যান সম্বন্ধে তেওঁৰ মতামত প্ৰকাশ কৰিছিল ।