Niketan Class 8 Social Chapter 20 গ্রাহকৰ সুৰক্ষা, সজাগতা আৰু অধিকাৰ

Niketan Class 8 Social Chapter 20 গ্রাহকৰ সুৰক্ষা, সজাগতা আৰু অধিকাৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 20 গ্রাহকৰ সুৰক্ষা, সজাগতা আৰু অধিকাৰ and select need one.

Niketan Class 8 Social Chapter 20 গ্রাহকৰ সুৰক্ষা, সজাগতা আৰু অধিকাৰ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 20 গ্রাহকৰ সুৰক্ষা, সজাগতা আৰু অধিকাৰ Solutions for All Subjects, You can practice these here…

গ্রাহকৰ সুৰক্ষা, সজাগতা আৰু অধিকাৰ

Chapter – 20

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: গ্রাহক বুলিলে কি বুজা ? 

উত্তৰঃ সাধাৰণতে যিজন মানুহে উপভােগৰ কাৰণে বস্তু সামগ্রী ক্রয় কৰে তেওঁকে ক্রেতা বুলি কোৱা হয় । কিন্তু অর্থ বিজ্ঞানৰ মতে উৎপাদনৰ চাৰিওটা উপাদান যেনে— ‘ ভূমি , শ্রম , মুলধন আৰু সংগঠনৰ গৰাকী অর্থাৎ ভূমি মালিক বা জমিদাৰ সকল , শ্রমিক , পুঁজিপতি আৰু উদ্যোক্তা বা সংগঠক সকলােৱেই গ্রাহকৰ শ্রেণীভূক্ত — কাৰণ তেওঁলােক সকলােৱে অভাৱ বা প্রয়ােজন পূৰণার্থে বস্তু – সামগ্রী ক্রয় কৰি উপভােগ কৰে , অভাৱ পূৰণ কৰে । 

প্ৰশ্ন ২: গ্রাহক সুৰক্ষাৰ অৰ্থ লিখা । 

উত্তৰঃ গ্রাহক সুৰক্ষাৰ অৰ্থ একে আষাৰে কোৱা সহজ নহয় । গ্রাহকৰ আন নাম উপভােক্তা । অর্থাৎ তেওঁলােকে বিভিন্ন উৎসৰ দ্বাৰা উৎপাদিত সামগ্রীবােৰ উপভােগৰ বাবে ক্রয় কৰে । এই ক্রয় – বিক্রয় অৱস্থাটোতে আহি পৰে এটা বিশ্বাস অবিশ্বাস আৰু ঠগ – প্ৰৱঞ্চনাৰ প্রশ্ন । বিক্রেতাই সদায় নিজে ক্রয় কৰা দামতকৈ অধিক দামত বস্তু বিক্রী কৰি লাভ অর্জন কৰে । ব্যৱসায়ত লাভ অর্জন কৰাটোৱেই হ’ল ব্যৱসায়ীৰ মূল লক্ষ্য । গতিকে ব্যৱসায়ত সর্বাধিক লাভ অর্জন কৰিবলৈ ব্যৱসায়ীয়ে নিশ্চয় চেষ্টা কৰিব । লাভ তেওঁলােকৰ প্রাপ্য । কিন্তু তাকে কৰিবলৈ যাওঁতে ব্যৱসায়ী বা বিক্রেতাই অসৎ উপায় অৱলম্বন কৰি গ্ৰাহকক শােষণ কৰাটো অৰ্মাজনীয় । এনে কাৰ্যই সমাজত অনৈতিক কার্য সংঘটিত হােৱাত অৰিহণা যােগায় আৰু সামাজিক কল্যন সাধন হােৱাত বাধাৰ সৃষ্টি কৰে । সেয়েহে এই প্ৰতাৰণামূলক কার্য বিলাক ৰােধ কৰাৰ বাবে গ্রাহকসকল সজাগ হ’ব লাগিব । তেওঁলােকে সামগ্রী ক্রয়ৰ ক্ষেত্ৰত কিছুমান তথ্য জানিব লাগিব ঠগ প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবৰ বাবে ।

◆  বস্তু সামগ্রী ক্রয় কৰােতে তাৰ গুণাগুণ , দাম , বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হ’ব লাগে ।  

◆  বস্তুৰ জোখ লওঁতে বা ওজন কৰােতে জোখ – মাখৰ আহিলা যেনে দগা পাল্লা , মিটাৰৰ কাঠি , ফিটা আদি সঠিক আৰু বিজ্ঞান সম্মত হয় নে নহয় পৰীক্ষা কৰি চাব লাগে । 

◆  যিকোনাে বস্তু কিনাৰ পিচত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচাৰিব লাগে । 

◆   বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা জ্ঞানসূচক চিহ্নসমূহ যেনে এগমার্ক , ISI মার্ক , হল মার্ক আদি চিহ্ন ক্রয় কৰা সামগ্রীবােৰত আছে নে নাই চাই ল’ব লাগে । 

◆   দীর্ঘস্থায়ী – সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰান্টি বা ৱাৰিন্টি কার্ড ল’ব লাগে ।

পেকেট যুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ , ম্যাদ উকলা তাৰিখ , সর্বোচ্চ খুচুৰা মূল্য ( MRP ) আদিৰ প্রতি লক্ষ্য ৰখা উচিত । 

ইয়াৰ উপৰি উক্ত তথ্যবােৰ বিচাৰতে বিক্রেতাৰ লগত দ্বন্দ বা তর্কাতর্কি , কাজিয়া – পেচাল হােৱাটোও অস্বাভাৱিক নহয়।এইখিনিতেই আহি পৰে গ্ৰাহক সুৰক্ষাৰ প্রশ্ন । গ্রাহকসকলৰ সুৰক্ষাৰ কথা বুজি গ্রাহকৰ অধিকাৰ সমূহ সুনিশ্চিত কৰাৰ বাবে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্রাহক সুৰক্ষা আইন গৃহীত কৰিছে ।

প্রশ্ন ৩: গ্রাহক সকলক কিয় সুৰক্ষা দিব লাগে ? 

উত্তৰঃ নাগৰিকক সকলাে ধৰণৰ সুৰক্ষা দিয়াটো চৰকাৰৰ কৰ্ত্তব্য । গ্রাহকসকলে উপভােগ্য বস্তু সামগ্ৰী ক্ৰয় কৰােতে অসাধু বিক্রেতাৰ হাতত পদে পদে ঠগ প্ৰৱঞ্চনাৰ সন্মুখীন হােৱাটো ডাঙৰ কথা নহয় । সেয়ে এনে অসামাজিক কার্য ৰােধ কৰাৰ স্বাৰ্থত আৰু গ্ৰাহক নাগৰিকসকলক অধিকাৰ সাব্যস্ত কৰিব দিয়াৰ স্বাৰ্থত গ্রাহক সকলক সুৰক্ষা দিব লাগে । 

প্রশ্ন ৪: গ্রাহক সকল কেনেদৰে প্ৰতাৰিত হয় ? 

উত্তৰঃ সাধাৰণতে তলত দিয়া ধৰণে ক্রেতা বা গ্রাহকসকল প্রতাৰিত হ’ব পাৰে । 

( ক ) ওজন কমকৈ দিয়া অর্থাৎ জোখ – মাখৰ ক্ষেত্ৰত ঠগােৱা । 

( খ ) বিভিন্ন উপায়ে সামগ্রী ভেজাল কৰা আৰু ভেজাল সামগ্রী বিক্ৰী কৰা । 

( গ ) বিক্ৰী কৰা সামগ্ৰীৰ পেকেটত / বটল আদিত প্রকৃত ওজন , প্রস্তুত কৰা দিনৰ তাৰিখ , ব্যৱহাৰৰ সময়সীমা নির্দেশ কৰা , সর্বাধিক বিক্রী মুল্য ইত্যাদি উল্লেখ নকৰা বা কেতিয়াবা ওপৰত নতুন লেবেল লগাই মূল্য বৃদ্ধি কৰা অথবা ব্যৱহাৰৰ সময়সীমা পাৰ হৈ যােৱা বস্তুও বিক্ৰী কৰা ইত্যাদি । 

( ঘ ) বিক্ৰী কৰা সামগ্ৰীৰ বাবে পকা ৰচিদ নিদিয়া । 

( ঙ ) নকল সামগ্রী অর্থাৎ দেখিবলৈ একেবাৰে একে সস্তীয়া বস্তু আছল বস্তু বুলি সৰহ দামত বিক্ৰী কৰা ।

( চ ) বিক্ৰী কৰা বস্তু সামগ্রীত চৰকাৰৰ দ্বাৰা মনােনীত এগ মার্ক , হল মার্ক ব্যৱহাৰ নকৰা বা দুই নম্বৰী বস্তুৰ জৰিয়তে গ্রাহকক ঠগ – প্ৰৱঞ্চনা কৰা । 

উপৰিউক্ত কার্যবােৰৰ বাবে সাধাৰণতে গ্রাহকসকল প্রতাৰিত হব পাৰে।

প্রশ্ন ৫: গ্ৰাহকসকল কিয় সজাগ হ’ব লাগে ? 

উত্তৰঃ গ্রাহক বা ক্রেতাসকলে সদায় বিক্রেতা বা ব্যৱসায়ীসকলৰ পৰা ভােগ্য সামগ্রী ক্রয় কৰে । ব্যৱসায়ীসকলৰ মুখ্য উদ্দেশ্যই হ’ল ব্যৱসায়ত ক্রয় – বিক্রয় জৰিয়তে অধিক লাভ কৰা । কিন্তু লাভৰ খাতিৰত অসাধু ব্যৱসায়ীসকলে বিভিন্ন ধৰণৰ কৌশলেৰে গ্ৰাহকক ঠগে বা প্রবঞ্চনা কৰে। সেয়ে গ্রাহকসকল যাতে প্রতাৰিত নহয় তাৰ বাবে সদায় সজাগ হ’ব লাগে । 

প্রশ্ন ৬: গ্রাহকবােৰ কেনেবােৰ ক্ষেত্ৰত সজাগ হ’ব লাগে ? 

উত্তৰঃ গ্রাহকসকলে বস্তু বা সামগ্ৰী ক্ৰয় কৰােতে কেইটামান কথাৰ প্রতি সততে সজাগ হ’ব লাগে । 

◆  সামগ্রী বিধ সঠিক হয় নে নহয় অর্থাৎ বিশুদ্ধতা চাই লব লাগে । 

◆  সঠিক ওজন আছে নে নাই বা জোখ – মাখৰ আহিলা ঠিকে আছে নে নাই নজৰ কৰিব লাগে । 

◆  যি কোনাে বস্তু কিনাৰ পিচত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচাৰিব লাগে । 

◆  বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা জ্ঞানসূচক চিহ্নসমূহ যেনে এগমার্ক , ISI মার্ক , এফ পি অ’ আদি চিহ্ন ক্রয় কৰা সামগ্রীবােৰত আছে নে নাই চাই ল’ব লাগে । 

◆  দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কার্ড ল’ব লাগে । 

◆  পেকেট যুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ ( Date of Mfg) , ম্যাদ উকলা তাৰিখ ( Date of Exp . ) সর্বোচ্চ খুচুৰা মূল্য ( MRP ) আদিৰ প্রতি লক্ষ্য ৰখা উচিত । 

প্রশ্ন ৭: গ্রাহক সুৰক্ষা আইনে দিয়া অধিকাৰবােৰ কি কি ? 

উত্তৰঃ গ্রাহক সুৰক্ষা আইনে উপভােক্তাসকলক দিয়া অধিকাৰসমূহ তলত উল্লেখ কৰা হ’ল ।

◆  যিকোনাে বস্তু সামগ্রী ক্রয় কৰিবৰ সময়ত গ্রাহকজনৰ বস্তু বিধৰ দাম , ওজন , বিশুদ্ধতা , গুণাগুণ আদি বিচাৰ কৰাৰ অধিকাৰ আছে ।

◆  গ্রাহকজনে ক্রয় কৰা যিকোনাে বস্তুৰ দাম , পৰিমাণ আৰু তাৰিখ সম্বলিত কেঁচা বা পকা ৰছিদ বিচাৰিব অধিকাৰ আছে । 

◆  অতিৰিক্ত মূল্য সংযােজন কৰা সামগ্রী বিধৰ ক্ষেত্ৰত প্রযােজ্য হ’লে গ্রাহকজনক দিয়া ৰছিদত সেই বিষয়ে উল্লেখ থাকিব লাগিব । 

◆  গ্রাহকসকলৰ , গ্রাহক সুৰক্ষা সমিতি গঠনৰ অধিকাৰ আছে । 

◆  গ্রাহক সকলক সুৰক্ষা প্রদানৰ বাবে সুকীয়া আদালত স্থাপন কৰাৰ অধিকাৰ আছে যাতে গ্রাহক সকলে সকলাে ধৰণৰ আইনগত ব্যৱস্থাৰ সুবিধা ল’ব পাৰে । 

◆  গ্রাহকসকলৰ অভাব অভিযােগ আদি লিখিতভাৱে গ্রাহক সুৰক্ষা সমিতি আৰু আদালতত দাখিল কৰাৰ অধিকাৰ আছে । অর্থাৎ সুৰক্ষাৰ বাবে গ্ৰাহকসকলে লিখিতভাবে আবেদন কৰিব পাৰে । 

◆  প্ৰতাৰণা কৰা বিক্রেতা বা অনুষ্ঠান প্রতিষ্ঠানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লবলৈ দাবী কৰাৰ অধিকাৰ আছে । 

◆  ক্ষতিপূৰণ দাবী কৰাৰ অধিকাৰ আছে । 

◆  সকলাে শ্ৰেণীৰ গ্ৰাহকে সজাগ হৈ নিজস্ব অধিকাৰ সাব্যস্ত কৰাৰ এতিয়া সময় হ’ল । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: “ জাগা গ্রাহক জাগা ” বিজ্ঞাপনটি কোনে কিয় প্ৰচাৰ কৰে ? 

উত্তৰঃ ‘ জাগা গ্রাহক জাগা ’ এই বিজ্ঞাপণটো সাধাৰণতে টি.ভি. , বাতৰি কাকত আদিত প্ৰচাৰ হৈ থকা দেখিবলৈ পােৱা যায় । এই বিজ্ঞাপনটো গ্ৰাহকক সজাগ কৰাৰ বাবে চৰকাৰে বিভিন্ন মাধ্যমৰ যােগেদি প্ৰচাৰ কৰে । সাধাৰণতে আমি গ্রাহক বা উপভোক্তা সকলে বস্তু কিনো বা উপভােগ কৰাে যদিও গ্রাহক হিচাপে আমাৰ অধিকাৰ , কৰ্ত্তব্য আৰু দায়িত্বৰ বিষয়ে উদাসীন । সেয়ে বহুত সময়ত দেখা যায় উৎপাদক বিক্রেতাসকলে উপভােক্তা বা গ্রাহকসকলক বিভিন্ন ধৰণে প্ৰতাৰণা কৰে । আমি ক্রয় কৰা বস্তুৰ গুণগত মান , প্রকৃত দাম , ওজন, প্রস্তুত কৰা তাৰিখ , ব্যৱহাৰৰ সময়সীমা আদি আমি লক্ষ্য নকৰাকৈয়ে বস্তু ক্রয় কৰো । সেয়ে চতুৰ ব্যৱসায়ীবােৰে নিম্নমানৰ বস্তু দি উচ্চ মানৰ দাম লৈ আমাক ঠগায় । এনেকুৱা হ’লে আমি আমাক ন্যায় দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । মাথাে আমি সজাগ হ’ব লাগে । সেয়ে উপৰিউক্ত বিজ্ঞাপনৰ জৰিয়তে চৰকাৰে আমাক সচেতন হ’বলৈ সকিয়াই দিয়ে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top