HSLC 2023 Assamese Question Paper Solved | দশম শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

HSLC 2023 Assamese Question Paper Solved | দশম শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান, SEBA Class 10 Assamese Question Paper Solved PDF Download, দশম শ্ৰেণীৰ অসমীয়া 2023 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board HSLC 2023 Assamese Previous Years Question Paper Solved can be of great value to excel in the examination.

HSLC 2023 Assamese Question Paper Solved

HSLC 2023 Assamese Question Paper Solved | দশম শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

HSLC Old Question Paper provided is as per the 2023 Assam Board Exam and covers all the questions from the SEBA HSLC 2023 Question Paper. Access the detailed SEBA Class 10 Assamese 2023 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the HSLC 2023 Assamese Old Question Paper Solved, Class X Assamese 2023 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ASSAMESE

2023

ASSAMESE OLD PAPER

ALL QUESTION ANSWER

SECTION – A (বিভাগ-ক)

১। অতি চমু উত্তৰ লিখাঃ

(ক) কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? 

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? 

(খ) ‘সংমিশ্ৰণত অসমীয়া সংস্কৃতি’ নামৰ পুথিখনৰ লেখক কোন?

উত্তৰঃ ‘সংমিশ্ৰণত অসমীয়া সংস্কৃতি’ নামৰ পুথিখনৰ লেখক হ’ল-আব্দুছ ছাত্তাৰ।

২। চমু উত্তৰ লিখাঃ (যি কোনো দুটা)

(ক) ডিম্বেশ্বৰ নেওগৰ চাৰিখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ চাৰিখন কবিতা পুথিৰ নাম হ’ল ‘মালিকা’, ‘থূপিতৰা’ ‘মালতী’, ‘মুকুতা’।

(খ) সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা?

উত্তৰঃ ভাৰতীয় উচ্চাংগ সংগীত গাম্ভীর্যপূর্ণ আৰু বিচিত্র। কিন্তু উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাবৰ সংযোগ দেখা যায়। ইয়াকেই সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্রভাৱ বোলে ৷ 

(গ) অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি?

উত্তৰঃ প্রশ্নোক্ত বাক্য ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ‘সাহিত্য সুবাস’ৰ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা লিখিত ‘ছাত্র জীৱন আরু সমাজসেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াৰ দ্বাৰা লিখকে শিক্ষা বুলোতে সমগ্র শিক্ষাকে বুজাইছে কেৱল মাত্র পাঠৰ শিক্ষা হ’লেই নহৱ।

ছাত্রজীৱনৰ শিক্ষা দৰাচলতে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰ শালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব। কাৰণ কমাৰ শালত কঠোৰতা আরু কঠিনতাৰ মুখামুখি হ’ব পৰাকৈ জুইশালতেই প্রাৰম্ভিক ধৈৰ্য্য, কষ্টসহিষ্ণুতা আদি আহৰণ কৰিব কৰিব লাগিব। তেতিয়াহে কঠিন কামলৈ অগ্রসৰ হ’ব পাৰিব। শিক্ষার্থীসকলে চাই চাই কোনো শিক্ষা লাভ কৰিব নোৱাৰে। শিক্ষা লাভৰ কাৰণে ব্যৱহাৰিক জ্ঞান লাভ কৰিবই লাগিব। যেনেকৈ সাতুৰিবলৈ শিকিবলৈ হ’লে পানীত নমাটো অতিকৈ আৱশ্যক, তেনেদৰে দূৰৈৰ পৰা চাই কোনো ধৰণৰ শিক্ষা অর্জন কৰাটো সম্ভৱ নহয় । বাস্তৱৰ ধৰাতললৈ নামি আহিবই লাগিব।

সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতিৰ জনগোষ্ঠীৰ সমষ্টি। সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গোষ্ঠী অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিচিমি আদি জাতি জনগোষ্ঠী সমূহে অসম ভূমিত বসবাস কৰিছিল।

ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল – সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি- সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমানসকলো আহিছিল। উনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ।

৩। তল যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়াঃ

(ক) “কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়।” কথাফাকিৰ তাৎপৰ্য তোমাৰ পাঠ্যপুথিৰ সহায়ত বুজাই লিখা।

উত্তৰঃ কোনো কামত সফলতা লাভ কৰাৰ বাবে যে অনুশীলনৰ প্ৰয়োজন হয় তাকে বুজাবলৈ উক্ত কথাষাৰ প্ৰৱচনস্বৰূপ কোৱা হয়। 

লোৰ বস্তু সাধাৰণতে কমাৰশালত তৈয়াৰ কৰা হয়। কিন্তু কমাৰশালত কোনো বস্তু গঢ়িবলৈ হ’লে প্ৰথমতে লোডাল জুইশালত গৰম কৰিব লাগে। লো গৰম নকৰাকৈ কমাৰশালত তাৰ কোনো গঢ় (আকৃতি) দিব নোৱাৰি। এনেদৰে সাঁতুৰিবলৈ শিকিবলৈ হ’লে প্ৰথমতে পানীত নামিব লাগিব। পানীত নিতিতাকৈ সাঁতোৰ শিকাটো অসম্ভৱ। ঠিক তেনেকৈ আমি কোনো কামত কৃতাকৰ্যতা লাভ কৰিবলৈ হ’লে  অনুশীলন কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আমি কাম এটাত সফলতা লাভ কৰিবলৈ হ’লে স্তৰে স্তৰে আগবাঢ়ি যাব লাগিব। 

একেদিনতে বা এবাৰৰ চেষ্টাতেই সফলতা আশা কৰিব নোৱাৰি। 

(খ) “ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো অলেখ আছে।” ‘ভাৰতীয় সংস্কৃতি’ পাঠটিৰ সহায়ত বুজাই লিখা।

উত্তৰঃ ওপৰৰ কথাষাৰ আমাৰ পাঠ্যপুথিত অন্তৰ্ভূক্ত হেম বৰুৱাৰদ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পবন্ধটিৰ পৰা তুলি অনা হৈছে। 

ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। অতি প্রাচীন কালৰে পৰাই পবাহমান হৈ থকা বিভিন্ন জাতি উপজাতিৰ সংমিশ্ৰণত গঢ়ি উঠা এই সংস্কৃতি। বুৰঞ্জীত আছে আৰ্যসকল ভাৰতবৰ্ষলৈ অহাৰ আগতে ইয়াত অনাৰ্যসকলে বাস কৰিছিল। আৰ্যসকলে লগত লৈ অহা সংস্কৃতিতকৈয়ো অনাৰ্যসকলৰ এক চহকী সংস্কৃতি আছিল। 

মহেঞ্জাদাৰো আৰু হপ্পাত পোৱা প্রাচীন স্মৃতি– চিহ্নই ইয়াৰ পৰিচয় দিয়ে। আৰ্যসকলে অনাৰ্য সংস্কৃতি গ্ৰহণ কৰি নিজকে আৰু বেছি চহকী কৰে আৰু আর্য-অনার্যৰ মাজত থকা ভেদ–ভাব বহু পৰিমাণে আঁতৰাই মিলনৰ সেঁতু সাজে। আর্য সংস্কৃতিৰ পূজা–পদ্ধতিত অনার্য অৰ্থাৎ থলুৱা সংস্কৃতিৰ প্ৰভাৱ স্পষ্ট। আদিতে আৰ্যসকলৰ দেৱী পূজা নাছিল। শিৱক অনাৰ্যৰ দেৱতা বুলি কোৱা হয়৷ মহেঞ্জাদাৰোত মাটি খান্দি পোৱা প্রাচীন সভ্যতাৰ ভগ্নাৱশেষত ধ্যানৰত শিৱৰ প্ৰতিমূৰ্তি পোৱা গৈছে। ইয়ে প্রমাণ কৰে শিৱ আৰ্যপূৰ্ব দেৱতা। মৃতকক খাদ্য দ্রব্য দিয়াটোও থলুৱা সংস্কৃতিৰ পৰাই ভাৰতীয় সংস্কৃতিত সোমাইছে। 

এই বিষয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল যে ‘কালীয় দমন’ ঘটনাটো আৰ্যই অনার্যক সংস্কাৰ কৰাৰ প্রতীক। আর্যসকলে অনার্য সংস্কৃতি চালি– জাৰি সু–সংস্কৃতিবোৰ নিজৰ সামৰি লৈ এক বিশাল ভাৰতীয় সংস্কৃতি গঢ়ি তোলে। 

৪। অতি চমু উত্তৰ লিখাঃ

(ক) পূজাৰ বন্ধত কুঁৱলীহতঁ ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

(খ) ড°জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু- কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ড°জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু- কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম হ’ল- 

১। চেমনীয়াৰ বিশ্ব সাহিত্য। আৰু

২। বিশ্বৰ শ্ৰেষ্ঠ সাধু।

৫। চমু উত্তৰ লিখাঃ

“আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।” কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে?

উত্তৰঃ মাউণ্ট চামচেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰাটোৱে অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তুলিলে। এইবাৰ অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা, ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ  অভিপ্ৰায়েৰে তেওঁ লগত দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন লৈ গৈছিল। চাৰি নং কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰুপ হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিল।

অদম্য সাহস আৰু উতসাহেৰে তেওঁ আগুৱাই গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোতেঁ বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল, আৰু কষ্টসহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডোৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা প্ৰায় আঠ বজাত তেওঁ ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ’ল। তেওঁ প্ৰায় ডেৰ ঘণ্টা সময় তাত আছিল।

৬। উত্তৰ লিখাঃ 

(ক) “এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে।” কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?

উত্তৰঃ এটা মূদ্ৰাৰ দুটা পিঠিৰ দৰে এই  বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ পোঁহৰ নথকা হ’লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেঁতেন। আকৌ ইয়াৰ বিপৰীতফালে সূৰ্যৰ উৎকট তাপত যোৱাকালি আমি বাটলৈ ওলাব নোৱাৰোঁ, ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ-লতিকাও মৃত্যুমুখত পৰে। একেদৰে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত তৃড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব। 

অৱেশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, তেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়প্ৰতিজ্ঞ হব। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইন্টাৰনেটৰ জৰিয়তে ল’ব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে। ইন্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে। ইন্টাৰনেটৰ আনহাতে কিছুমান অসুবিধাও আছে। ইন্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, 

খেলা-ধূলাৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি আদিৰ পৰা বহুত আতৰাই আনিছে। ইন্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰিৰ প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বোলা হয়। সেইবাবে এই গল্পটোৰ নাম ‘ইন্টাৰনেটৰ তিতা মিঠা’ নামেৰে সাৰ্থক কৰা হৈছে।

নাইবা

(খ) “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” কথাষাৰ যুক্তিযুক্ততা অৰুনিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে; এই কথা অসীম সাহস, ধৈর্য, কষ্ট সহিষ্ণু, প্রত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ প্রতীক অৰুণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্রমাণিত কৰিছে।

ইতিমধ্যে নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ভলীবলৰ এগৰাকী ৰাষ্ট্ৰীয় পর্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে সুনাম অর্জন কৰি ভাৰতৰ লক্ষগৰাকী নাৰীৰ অন্তৰত প্ৰেৰণা যােগাইছে যে নাৰীয়ে সকলাে খেলতে চেষ্টা কৰিলে একোটা আদর্শ হৈ পৰিব  পাৰে। পিছত এটা ৰে’লযাত্ৰাত এক ভয়ংকৰ পৰিস্থিতিত পৰি দুৰ্ঘটনাত এইগৰাকী প্রতিভাবান  নাৰীয়ে নিজৰ এখন ভৰি চিৰকালৰ কাৰণে হেৰুৱাবলগীয়া হয়।

আনখন ভৰিতাে লোৰ ৰড লগােৱা হৈছিল। এখন ভৰিত কৃত্রিম ভৰি লগােৱা আনখনাে বাৰুকৈয়ে ঘুণীয়া হােৱা অৱস্থাতে অৰুণিমা সিন্হাই এক অবিশ্বাস্য সপােন দেখিছিল—হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰাৰ। বহুতৰ হাক বচন আৰু এনে ভৰিৰে পৰ্বত বগােৱাটো অসম্ভৱ বুলি কৰা মন্তব্যই অৰুণিমাৰ মন দমাব নােৱাৰিলে। আনকি এভাবেষ্ট বিজয়িনী বাচেন্দ্রি পালেও এভাৰেষ্ট অভিযান কিমান দুৰুহ অভিযান এই কথা তেওঁক বুজায়াে অৰুণিমাক টলাব নােৱাৰিলে।

অৱশেষত তেওঁৰ সাহস, আত্মপ্রত্যয় আৰু মনােবল দেখি বাচেন্দ্রি পালে অনুশীলনত সহযােগ কৰিলে—প্রশিক্ষণ দিলে আৰু অৱশেষত এভাৰেষ্ট যাত্ৰাত হােৱা নানান কষ্ট, অসুবিধা, দুয়ােখন ভৰিৰে তেজ নিগৰি ওলােৱা অৱস্থাতে বাৱন্ন দিনৰ অন্তত অৰুণিমাই এভাৰেষ্টৰ শিখৰত মূৰ দাঙি থিয় দি বিজয় নিচান উৰুৱাত গােটেই বিশ্ববাসী আচৰিত হােৱাৰ লগতে অসীম প্রেৰণা লাভ কৰিলে।

পংগু হৈয়াে যে মনােবল, সাহস, আত্মপ্রত্যয়, কঠোৰ শ্ৰম কৰাৰ মানসিকতা থাকিলে পৃথিৱীত কৰিব নােৱাৰা কোনাে কাম নাথাকে―এই কথা অৰুণিমাই প্রমাণ কৰিলে―যিদৰে বিশেষ সক্ষম ব্যক্তি হৈয়াে  স্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে পৃথিৱীবাসীক চমৎকৃত কৰিছে। অৰুণিমা সিনহা,ষ্টিফেন হকিং আদিৰ দৰে ব্যক্তিয়ে নিজৰ প্রতিভাৰে যুগে যুগে সকলােকে এনেদৰে প্রেৰণা দি আহিছে। 

৭। অতি চমু উত্তৰ লিখাঃ

(ক) অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে কি বঁটা লাভ কৰিছিল?

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল।

(খ) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?

উত্তৰঃ ইৰাণীসকলে নৱবৰ্ষক ‘ন’ৰোজ (নতুন দিন) বোলে।

৮। “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম কৰি দিছোঁ তেনেকৈ কৰা।” কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি  মাৰি লিখা।

উত্তৰঃ এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা পলহঁতৰ পঢ়া বিদ্যালয় খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ’ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ’ল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই কলে যে পাহি আৰু বিদিশাই খাদ্য বিলাওঁক, সৌৰভ আৰু আফতাবে সিহতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি কলে আমি যিহেতু ল’ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাসমূহো চাব পাৰিম।

সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল’ৰা-ছোৱালী সমান। ছোৱালীয়ে কৰিব পৰা কাম ল’ৰাও কৰিব লাগিব।

৯। তল যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(ক) কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক- শিক্ষয়ীত্ৰীসকলক অৱগত কৰিছিল?

উত্তৰঃ কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰা বিশেষ শিক্ষাবোৰ হ’ল- 

১। নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।

২। গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু।

৩। ল’ৰা আৰু ছোৱালী সকলো সমান।

৪। আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা উচিত নহয়।

৫। দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো জৰুৰী কথা।

(খ) ‘বুশ্বেৰ’ চহৰৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ ‘বুশ্বেৰ’ চহৰ পাৰস্য উপসাগৰত অৱস্থিত। এই চহৰ খেজুৰ গছৰ বাবে বিখ্যাত। বুশ্বেৰক বন্দৰ নগৰী বুলিও কোৱা হয়। ইয়াৰ তাপমাত্ৰা চল্লিছ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ ওপৰত। বুশ্বেৰত এটা নিউক্লীয় ৰিয়ে ৰিয়েক্টৰো আছে। বুশ্বেৰ সৰু চহৰ কিন্তু চহৰখন ৰাস্তাৰ পৰিকল্পনা দেখিলে কোনেও ক’ব নোৱাৰে যে সেইখন এখন সৰু চহৰ। চাৰিটা লেনৰ ৰাস্তা, মাজত ডিভাইডাৰ, যথেষ্ট চাফা চহৰখন। নগৰ পৰিকল্পনাই যে বুশ্বেৰ চহৰখনত গুৰুত্ব লাভ কৰিছে সেই কথা কোনোৱে আকাশমাৰ্গৰ পৰাই বুজিব পাৰে। চহৰখন পৰিৱেশটো অতি মনোমোহা আৰু ইয়াৰ প্ৰতিঘৰ মানুহৰ সন্মুখ পকী দেৱালেৰে ঘেৰা লগতে প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট। আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া। ঠাইখনত বৰ বেছি ভিৰ নাই। বুশ্বেৰ ঠাইখনৰ এটা সম্ভ্ৰান্ত এলেকাৰ নাম হ’ল নুৰ হুছেইন ষ্ট্ৰিট।

১০। অতি চমু উত্তৰ লিখা:

(ক) ‘মোহ-পাশ’ মানে কি?

উত্তৰঃ ‘মোহ-পাশ’- মানে মায়াৰ পাশ বা মায়াৰ বন্ধন।

(খ) জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে?

উত্তৰঃ `জিকিৰ’ শব্দটো আৰবী `জিকৰ’ শব্দৰ পৰা ওলাইছে।

১১। চমু উত্তৰ লিখাঃ

(ক) কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগ সমূহ দেখুওৱা।

উত্তৰঃ কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ হৈছে–

(ক) আখ্যানমূলক ৰচনাঃ আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য।

(খ) তত্ত্বমূলক গ্রন্থ নামঘােষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা।

(গ) নাটকঃ অর্জুনভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভােজন বেহাৰ আৰু ভূমি লেটোৱা।

(ঘ) গীতঃ বৰগীত আৰু ভটিমা।

নামঘােষা হ’ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ। ইয়াত এহেজাৰ ঘােষা থকা বাবে এইখনক হেজাৰী ঘােষাও বােলা হয়। মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ’ল ১৫৭ টা। মাধৱদেৱৰ বৰগীতৰ মূলভাব বাৎসল্য যদিও দাস্য ভাৱৰ বৰগীতাে ৰচনা কৰিছে।

(খ) জিকিৰ সমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে?

উত্তৰঃ জিকিৰ সমূহত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্ম গুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। আজান ফকীৰ আৰৱ দেশৰ পৰা ভায়েক নবী পীৰৰ লগত অসমলৈ আহে। আজান ফকীৰ বুলি বিখ্যাত হজৰত “শ্বাহ মিলান” এগৰাকী ইছলাম ধৰ্মী সাধু পুৰুষ আছিল। আজান ফকীৰে ভক্তি মাৰ্গত অধিক গুৰুত্ব দিছিল। তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল বুলি কথিত আছে। সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনিৰ লগত অনেক মিল থকা সৰহভাগ জিকিৰ আজান ফকীৰৰ দ্বাৰা ৰচিত। ইছলাম ধৰ্ম মূল তত্ত্ববোৰ এই জিকিৰৰ মাজত নিহিত হৈ আছে। আহোম ৰজা গদাধৰ সিংহই ৰূপাই দা- ধৰাৰ কথা শুনি আজান চাহাবৰ চকু কঢ়ায়। পাছত তেখেতৰ ধৰ্মৰ মাহাত্ম্য বুজি শিৱসাগৰ জিলাৰ দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বৃত্তি দি থয়।

১২। উত্তৰ লিখাঃ

“মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেনে শালে শ’লৰ লগত দৰকাৰী টপালি।।”

কাবিতা ফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষন কৰা।

উত্তৰঃ উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘জিকিৰ’ নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে।

উক্ত কাব্যাংশৰ অন্তর্নিহিত ভাব হ’ল মনত বেয়া ভাব লৈ হেজাৰ বাৰ মক্কা। দর্শন কৰিলেও আল্লাৰ আশীর্বাদ লাভ কৰিব নােৱাৰি। মানুহৰ অন্তৰত দয়া, প্রেম নাথাকিলে বা আমি যদি সকলাে জীৱকে সমদৃষ্টিৰে চাব নাজানাে আমি কেতিয়াও। আল্লাৰ প্রিয়পাত্র হ’ব নােৱাৰোঁ।

এই দুনিয়াত মানুহে কিন্তু পাপ–পুণ্যৰ সঠিক বিচাৰ কৰিব নাজানে। বহুতে ভাবে মক্কা দর্শন কৰিলে পুণ্য অর্জন কৰি বেহেস্তত জীৱই স্থান পায়। কিন্তু সেয়া এক ভ্রান্ত ধাৰণা। যিদৰে শাল মাছ এবিধ উত্তম মাছ আৰু শাল হ’ল অভক্ষ বা অখাদ্য ঠিক একেদৰে গােটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দর্শন কৰি পুণ্য অর্জন কৰা ধাৰণাও অৱস্তৱ।

১৩। তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখাঃ

(ক) ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে?

উত্তৰঃ বিহগ মানে চৰাই। ৰঘুনাথ চৌধাৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে অধিক কবিতা ৰচনা কৰাৰ কাৰণে তেওঁক ‘বিহগী কবি’ আখ্যা দিয়া হয়।

(খ) অসমীয়া সাহিত্যত ‘গল্প সম্ৰাট’ বুলি কাক কোৱা হয়?

উত্তৰঃ অসমীয়া সাহিত্যত ‘গল্প সম্ৰাট’ বুলি চৈয়দ আব্দুল মালিকক কোৱা হয়।

(গ) পজাঁ ঘৰটিত মানুহজনে কেনেদৰে আছিল?

উত্তৰঃ পজাঁ ঘৰটিত মানুহজনে বৰ শান্তিৰে আছিল।

১৪। তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখাঃ

(ক) ‘প্ৰশস্তি’ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।

উত্তৰঃ প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি’কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে।প্রকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। কালৰাত্ৰিৰ অন্তত যিদৰে পূৱাৰ সূৰুয়ে।

পােহৰৰ সম্ভাৰ কঢ়িয়াই আনি সর্বত্রতে বিলাই দিয়ে, জল–স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে। সেইদৰে গছ বন, ফুল–ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে, চৰাই–চিৰিকটি আদিয়েও সকলােতে দেৱতাৰ সন্ধান কৰিছে।

(খ) অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে-বুজাই লিখা।

উত্তৰঃ সাম্রাজ্যবাদী মােগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ বিনন্দীয়া ৰূপ দেখি তবধ মানিছে। অসমৰ ৰূপ অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। অসমৰ চৌদিশে ধুসৰ পাহাৰ। ইয়াৰ প্ৰতিটো পাত যেন জাংফাই, মিনাকৰাহে। নিয়ৰৰ টোপাল পৰি দূবৰিৰ বনবােৰৰ এনেদৰে জিলিকি আছে যেন মুকুতাৰ থােপাহে।

অসমৰ ধুলিয়ে–বালিয়ে ধুনীয়া বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে। প্রাকৃতিক সম্পদত অতি চহকী অসমৰ সকলাে বস্তুৱেই মূল্যৱান আৰু ইমান ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱটোৱেও কাণত সােণৰ থুৰীয়া পিন্ধে। ভেকুলীৰ নিচিনা ক্ষুদ্র প্রাণীটোৱেও কপালত ফোঁট লৈ ধুনীয়া হৈ থাকে। অসম প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে।

সকলাে বস্তুৰে উভৈনদী অসমত আনকি নদীৰ বালিতে সােণ পােৱা যায়।

প্রবালৰ দৰে মূল্যৱান পাথৰেৰে নির্মিত দলঙত অসমীয়াই ভৰি ধােৱে। বাঘ নখেৰে খাৰু আৰু আঙঠি বনাই পিন্ধে। মহৈব শিঙেৰে পেঁপা নির্মাণ কৰি বজায়, হাঁহকণী আৰু বৰা চাউলেৰে স্বৰ্গদেউসকলে দেউল সজায়।

সাগৰৰ দৰে বৃহৎ বৃহৎ পুখুৰী খন্দায়। নিষ্কর্মা ধােদৰ হতুৱাই ৰাজ আলি বন্ধায়। অসমীয়া মানুহৰ মাতত মৌ বৰষে যি মাত শুনি শিললা পমি যায়। অসমৰ এনে ৰূপ, এনে সৌন্দর্য দেখি মােগলসকল ভােল গৈছে।

(গ) “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ?” কোন, কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰঃ পঁচিশ বছৰৰ পিছত লগ পোৱা এজন বৃদ্ধ ফুজা মানুহে কবিক উক্ত কথাষাৰ সুধিছে। এটা সাত মহলীয়া অট্টালিকাৰ ওচৰত থিয় দি থকা বৃদ্ধজনে অচিনাকি যেন দেখি তাত তেওঁক কি লাগে সুধিছিল। তেওঁ কবিক জানিবলৈ দিছিল যে যদিয়ে কবিয়ে সেই কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰি আহিছে তেন্তে ভাড়াঘৰ পোৱাৰ আশা কম।

পালেও তেওঁ শান্তিত থাকিব নোৱাৰিব। তাত থকা মানুহবোৰক তেওঁ যখৰ পােৱালি আখ্যা দি কৈছে যে সেই মানুহবােৰ সকলাে নিজক লৈয়ে ব্যস্ত। সকলাে স্বার্থপৰ। কোনেও কাৰো খবৰ নাৰাখে।

আধুনিকতাৰ ধামখুমিয়াত মানুহে হেৰুৱাই পেলালে নিজৰ সৰলতা। কৃত্রিমতাই সকলােকে গ্রাস কৰি পেলালে। কংক্রীটৰ নগৰীত মানুহৰ মনুষ্যত্ব তথা মূল্যবােধ নিঃশেষ হৈ গ’ল। সেয়েহে বৃদ্ধজনে তেওঁৰ কথাৰ মাজেৰে দয়াহীন, মানবতাহীন এখন যান্ত্রিক সমাজৰ ছবি ফুটাই তুলিছে।

১৫। উত্তৰ লিখাঃ

(ক) মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও 

দিছে যাচি প্ৰম-পৰিমল।

কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষন কৰা।

উত্তৰঃ প্রশস্তি’ কবিতাটিৰ জৰিয়তে কবিয়ে প্রকৃতিৰ এক মনোৰম বর্ণনা দাঙি ধৰিছে। “ঊষাৰ কুক্কুম ৰাগে ৰঞ্জিলে বসুধা”— পুৱাৰ এক মনোৰম প্ৰাকৃতিক পৰিবেশ এই উক্তিৰ মাজেৰে কবিয়ে আমাৰ সন্মুখত দাঙি ধৰিছে। বেলিৰ ৰক্তিম আভাই প্ৰকৃতিৰ দশোদিশ যেন পোহৰাই তুলিলে। ন’কে অংকুৰিত গছ-পাতে যেন প্রকৃতিক সাদৰি আনিলে। পুৱাৰ সূৰুযৰ ৰক্তিম আভাৰ পৰশত গছ-বিৰিখৰ লগতে ফুলি থকা ফুলবোৰেও যেন আনন্দত মতলীয়া হৈছে। মন-প্ৰাণ হৰি নিয়া ফুল্ল কুসুমৰ সৌন্দৰ্যত কবি বিভোৰ। মন্দিৰত উপেক্ষিত হৈও ৰবাব ফুলে প্ৰেমৰ সৌৰভ বিলাইছে। 

পক্ষীৰ কল-কাকলিৰ মাজত কবিয়ে ছন্দোময় সুৰ শুনিবলৈ পাইছে। গছ-বিৰিখৰ লগতে চৰাই-চিৰিকটিয়েও জল, স্থল, অন্তৰীক্ষ সকলোতে দেবতাৰহে সন্ধান কৰিছে। কালৰাত্ৰিৰ শেষত মানুহৰ পুঞ্জীভূত সকলো ক্লেদ আঁতৰাই মুক্তিৰ বাট বিচাৰিবলৈ কবিয়ে আহ্বান জনাইছে। সকলোৰে সমান্তৰালকৈ কীচক বেণুৱেও বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ অনন্য ৰূপ-আৰাধনাৰ আঁৰত কবিৰ ঈশ্বৰভক্তি প্রকাশ পাইছে। সৃষ্টিকৰ্তাৰ প্ৰতি কবিৰ আন্তৰিক ভক্তি প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে প্ৰকাশ পাইছে।

এনেদৰে ‘প্ৰশস্তি’ কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ বৰ্ণনা কৰিছে।

নাইবা 

(খ) দৃশ্যান্তৰ কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’এটি আধুনিক কবিতা। বাস্তৱৰ ৰূঢ় সমাজৰ চিত্ৰ ইয়াত প্রকাশ পাইছে। আজিৰ সমাজত পুৰণি দিনৰ সেই আত্মীয়তা নাই। ইয়াত দয়া, মৰম, ভালপােৱা। সময়ৰ লগে লগে মানুহৰ মাজৰ পৰা শান্তিকণা হেৰাই গৈছে। কংক্রীটৰ ওখ ওখ দেৱালবােৰে যেন মানুহৰ হৃদয়তাে প্রাচীৰ সৃষ্টি কৰিছে।

পঁচিশ বছৰীয়া দুটা দৃশ্যপটৰ মাজেৰে দুখন সমাজৰ ছবি ইয়াত প্ৰকাশ কৰিছে। এখন সমাজ আছিল, প্রকৃতিৰ নিচেই কাষত। য’ত আছিল কাকিনী তামােলেৰে পৰিপূৰ্ণ এখন নিজৰ ঘৰ। কিন্তু পঁচিশ বছৰৰ পিছত সকলাে সলনি হ’ল। কাকিনী তামােলৰ বাৰীত এতিয়া গঢ়ি উঠিল ওখ ওখ অট্টালিকা। থাকিবলৈ বহুত ঘৰ হ’ল।

কিন্তু মৰিলে দাহ কৰিবলৈও মানুহৰ অভাৱ হ’ল এতিয়া। মানুহৰ মাজত মানৱতাৰ অভাৱ ঘটিল ৷ এতিয়াৰ মানুহে আনৰ কথা নাভাবি নিজৰ সুখতেই নিমজ্জিত। সময়ৰ লগে লগে সমাজখন উন্নতি হৈছে যদিও মানুহৰ মানসিকতা যে নােহােৱা হৈ আহিছে, তাকেই এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে।

১৬। (ক) তলৰ যি কোনো এটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ

কুলাকণীয়া।

ত্রিজগত।

দম্পতি।

উত্তৰঃ ত্রিজগত = তিনিজগতৰ সমাহাৰ- দ্বিগু সমাস।

দম্পতি = দয়া আৰু পতি – দ্বন্ধ সমাস।

(খ) তলৰ যি কোনো এটা শব্দৰ সন্ধি ভাঙাঃ

তৃষ্ণাতুৰ।

যথাৰ্থ।

অতিন্দ্ৰিয়।

উত্তৰঃ তৃষ্ণাতুৰ – তৃষ্ণা + আতুৰ।

যথাৰ্থ – যথা + অৰ্থ।

অতিন্দ্ৰিয় – অতি + ইন্দ্ৰিয়।

(গ) তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰাঃ

প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল, সেইকাৰণেই তেওঁক সকলোৱে ভাল পাইছিল।

উত্তৰঃ পৰীক্ষাত প্ৰথম হোৱাৰ কাৰণে প্ৰমোদক সৱেই ভাল পাইছিল।

(ঘ) তলত দিয়া যি কোনো এটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখাঃ

অপৰাহ্ণ।

পৰিণাম।

পৰিষ্কাৰ।

উত্তৰঃ -পৰিণাম – উপসৰ্গ শব্দৰ পিছত থকা দন্ত ‘ন’ মুধন্য ‘ণ’ হয়।

পৰিষ্কাৰ – প্ৰত্যয়ৰ দন্ত্য স মূর্ধন্য ষ নহয়। 

অপৰাহ্ণ – অপ উপসৰ্গ শব্দৰ পিছত থকা দন্ত ‘ন’ মুধন্য ‘ণ’ হয়।

(ঙ) যথাস্থানত যতি চিহ্ন বহুওৱাঃ

ৰামে কৈছে হৰি যোৰহাটলৈ গ’ল

উত্তৰঃ ৰামে কৈছে “হৰি যোৰহাটলৈ গ’ল”।

(চ) তল যি কোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰাঃ

ঢৌতে খৰ মাৰি, সাত ঘাটৰ চেঙেলী, পোহাৰী চুপতি।

উত্তৰঃ সাত ঘাটৰ চেঙেলি (বৰ টেঙৰ লোক): ন-বোৱাৰীজনী দেখাতহে সাদৰী, ভিতৰি সাত ঘাটৰ চেঙেলি।

ঢৌতে খৰ মাৰি (আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰা): কিমাননো আৰু ঘৰৰ কাম কৰা? ঢৌতে খৰটো মাৰি আমাৰ ফালে এপাক আহিবাচোন।

পোহাৰি চুপতি (সামান্য কথা লৈ উত্তৰা-উত্তৰি কৰা): ৰহিমাৰ পোহাৰি চুপতি মৰা স্বভাৱটোৰ বাবেই সকলোৱে তাইক বেয়া পায়। 

(ছ) তলৰ যি কোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখাঃ

আনন্দ।

স্থাৱৰ।

বন্ধন।

উত্তৰঃ আনন্দ – নিৰানন্দ।

স্থাৱৰ – অস্থাৱৰ।

বন্ধন – মুক্ত।

(জ) এটা শব্দত প্ৰকাশ কৰা (যি কোনো এটা)ঃ

যি সকলো জানে।

যাৰ দুইহাত সমানে চলে।

হঠাতে হোৱা ঘটনা।

উত্তৰঃ যি সকলো জানে – সৰ্বজ্ঞ।

যাৰ দুই হাত সমানে চলে – সব্যসাচী।

হঠাতে হোৱা ঘটনা – আকস্মিক।

(ঝ) তলত দিয়া যি কোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱাঃ

পথিক।

ঘৰচীয়া।

খেতিয়ক।

উত্তৰঃ পথিক -পথ + থিক।

ঘৰচীয়া – ঘৰ + অচীয়া।

খেতিয়ক – খেতি + অক।

(ঞ) তলৰ যি কোনো এটাৰ সমাৰ্থক শব্দ লিখাঃ

নতুন।

উছৰ্গা।

হাট।

উত্তৰঃ নতুন – নবীন।

উছৰ্গা – অৰ্পন।

হাট – বজাৰ।

১৭। তল যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(ক) ভাব সম্প্ৰসাৰণ কৰাঃ

ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ উক্ত উক্তিটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হোৱা এটি প্ৰবচন। সমজুৱাভাৱে কাম কৰিলে যে জটিল কামো সহজে সমাধান কৰিব পাৰি তাকে বুজাবলৈ প্ৰবচনটি মতা হয়।

নদ-নদী সাধাৰণতে প্ৰাকৃতিক প্ৰক্ৰিয়াত সৃষ্টি হয়। মানুহে নৈ সৃষ্টি কৰাটো অসম্ভৱ। কিয়নো নৈ বৈ  যাবলৈ বহুত পানীৰ প্ৰয়োজন। এই পানী বৰষুণৰ উপৰিও বিভিন্ন উৎসই যোগান ধৰে। অৰ্থাৎ এটুপি এটুপিকৈ বহুত পানী লগ হৈ নৈ বৈ যায়। ঠিক তেনেকৈ আমাৰ এনে বহুতো কাম আছে যিবোৰ  আমি কোনো ব্যক্তিয়ে অকলশৰীয়াভাৱে কৰিব নোৱাৰো। কিন্তু সেই কাম যদি সমাজৰ সকলোৱে মিলি-জুলি কৰো তেন্তে সি সহজ হৈ পৰে সমাজৰ বহুত ডাঙৰ ডাঙৰ কাম।

যেনে: শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান, সাহাৰ্য শিবিৰ আদি সমূহ ৰাইজৰ দান বৰঙণিত গঢ়ি উঠে।

সেয়ে কোৱা হয় ৰাইজে ঐক্যবদ্ধ হৈ কাম কৰিলে নৈ বোওৱাৰ দৰে টান বা অসম্ভৱ কাম এটিও সহজে সমাধান কৰিব পাৰি

(খ) তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি বিদ্যালয়ত চাৰিদিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটী মঞ্জুৰীৰ ভাবে এখন আবেদন লিখা।

(আবেদনত তোমাৰ নাম, ঠিকনা উল্লেখ নকৰিবা)

উত্তৰঃ প্ৰতি,

মাননীয় প্রধান শিক্ষক/প্রধান শিক্ষয়িত্রী মহোদয় সমিপেঘু।

তাং……..

বিষয়ঃ ছুটী বিচাৰি আবেদন।

মহোদয়, 

বিনীত নিবেদন এই যে, মােৰ বিদ্যালয়ত জ্বৰ হোৱা কাৰণে যোৱা ইং ___ তাৰিখৰ পৰা তাৰিখলৈ শ্রেণীত উপস্থিত থাকিব নােবাৰিলে।

সেয়েহে মহােদয়ক/মহােদয়াক অনুৰোধ জনাও যে, উক্ত দিনবােৰৰ বাবে ছুটী মঞ্জুৰ কৰে যেন।

ইতি       

আপোনাৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী

নাম-

ৰোল নং-

(গ) তোমাৰ অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা।

উত্তৰঃ প্ৰতি, 

সম্পাদক 

আমাৰ অসম

মহোদয়, 

নমস্কাৰ গ্ৰহণ কৰিব। আপোনাৰ বাতৰি কাকতৰ জৰিয়তে আমাৰ অঞ্চলৰ দীৰ্ঘ দিন ধৰি ৰাইজে ভুগি অহা এটা প্ৰধান সমস্যা অৱগত কৰিব বিচাৰিছোঁ। আমাৰ অঞ্চলটোৰ ৰাইজে ভোগ কৰি অহা প্ৰধান সমস্যাটোৱেই হৈছে খোৱা পানীৰ অভাৱ। এই অঞ্চলৰ শতাধিক ৰাইজে বিশুদ্ধ খোৱা পানীৰ অভাৱত নৈ-নিজৰা, পুখুৰীৰ পানী আদিকে ব্যৱহাৰ কৰি আহিছে। ফলত বিশুদ্ধ খোৱা পানীৰ অভাৱত পৰি এই অঞ্চলৰ মানুহে নানান বেমাৰত পৰিবলগীয়া হৈছে। পানীয়েই প্ৰাণীৰ প্ৰাণ। সেয়েহে বিশুদ্ধ পানীৰ অভাৱত কেইবাজনো মানুহ অচিন ৰোগত ভুগি মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।

গতিকে এই পত্ৰখন আপোনাৰ বাতৰি কাকতত প্ৰকাশ কৰি বিভাগীয় কতৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। যাতে উপযুক্ত ব্যবস্থা গ্ৰহণ কৰি এই অঞ্চলৰ ৰাইজক উপকৃত কৰে যেন।

ইতি

আপোনাৰ বিশ্বাসী

……… অঞ্চলৰ ৰাইজৰ হৈ

১৮। তলত দিয়া যি কোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখাঃ

(ক) অসমৰ নিবনুৱা সমস্যা ৷ 

(আৰম্ভণি-নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ কাৰণ-সমাধাৰ উপায়-সামৰণি)

উত্তৰঃ বৰ্তমান গোটেই ভাৰতবৰ্ষতেই মূৰ দাঙি উঠা সমস্যাটোৱেই হ’ল নিবনুৱা সমস্যা ৷ অতিৰিক্ত জনসংখ্যা বৃদ্ধি, শিল্পায়নৰ অভাৱ আদিৰ ফলত চৰকাৰী পদবীত নিয়োগ বন্ধ আদিয়ে এই সমস্যাক সমাধানহীন কৰি তুলিছে ৷ এই সমস্যা দূৰ কৰিব নোৱাৰিলে দেশত ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা, দুৰ্নীতি আদি ৰোধ কৰিব পৰাটো সম্ভৱ নহ’ব৷

নিবনুৱা সমস্যাৰ কাৰণঃ নিবনুৱা সমস্যাৰ কাৰণ মূলতঃ জনসংখ্যাৰ অত্যাধিক বৃদ্ধি ৷ ভাৰতত নিজ দেশৰ নাগৰিক সকলৰে পানীত হাঁহ নচৰা অৱস্থা,তাতে আকৌ ওচৰ চুবুৰীয়া দেশ বাংলাদেশ,নেপাল আদিৰ পৰা যথেষ্ট সংখ্যক বিদেশী নাগৰিক ভৰি পৰিছে ৷ ইমানবিলাক মানুহক কৰ্মসংস্হাপন দিয়াটো সহজ নহয় ৷ চৰকাৰী বিষয়া আৰু ৰাজনৈতিক নেতাৰ কৃপাধন্য এই বিদেশী নাগৰিকক নিজৰ দেশৰ নাগৰিক সজাই কৰ্মসংস্থাপনৰ সুবিধা কৰি দি নিজ দেশৰ যুৱক যুৱতীসকলক পথভ্ৰষ্ট কৰাত এই শক্তিবোৰে ইন্ধন যোগাই আহিছে ৷

যন্ত্ৰৰ প্ৰসাৰো নিবনুৱা সমস্যাৰ অন্য এক কাৰণ ৷ যন্ত্ৰই এশজন মানুহৰ কাম অকলেই কৰিব পৰা হৈছে ৷ ইয়াৰ ফলত চৰকাৰী দপ্তৰ, শিল্পক্ষেত্ৰ সকলোতে নিয়োগৰ সুবিধা কমি গৈছে ৷ ব্যক্তিগত মালিকানাত গঢ় লৈ উঠা শিল্প উদ্যোগবোৰে কৰা যন্ত্ৰপাতিৰ ব্যৱহাৰে শ্ৰমিকক বিশেষ মাধমাৰ শোধাইছে ৷ ইয়াৰ ফলত সহজে শ্ৰমিকসকলক কামৰপৰা অব্যাহতি দি তেওঁলোকক নিবনুৱা শ্ৰেণীভুক্ত কৰোৱা হৈছে ৷

ভাৰতৰ কৃষিৰ অনগ্ৰসৰতা নিবনুৱা সমস্যাৰ আন এক কাৰণ ৷ উপযুক্ত জলসিঞ্চনৰ অভাত বছৰৰ মাত্ৰ কেইটামান দিনহে খেতিয়কসকলে খেতিৰ কামত ব্যস্ত থাকে ৷ বাকী সময়ত তেওঁলোক কৰ্মসংস্হানহীন হৈ পৰে ৷ উপযুক্ত যন্ত্ৰপাতিৰ ব্যৱহাৰ,জলসিঞ্চনৰ সুবিধা আদিৰ যোগেদি কৃষি ব্যৱস্থাৰ উন্নতি সাধন কৰিব পাৰিলে কৃষকসকল তাতেই নিয়োজিত হৈ নিবনুৱা সমস্যাৰ কিছু সমাধান কৰিব পাৰিলেহেঁতেন ৷

নিবনুৱা সমস্যাৰ প্ৰতিকাৰঃ নিবনুৱা সমস্যাই দেশৰ উৎপাদন নৈপুণ্য বিনষ্ট কৰি সমাজ জীৱন তথা ৰাষ্ট্ৰীয় জীৱনলৈ আনে গভীৰ নৈৰাশ্য আৰু ইয়াৰ যোগেদি সম্প্ৰসাৰিত হয়।

অশান্তি,বিচ্ছিন্নতাকামী মনোভাৱ ৷ এই সমস্যা সমাধানৰ প্ৰতি চৰকাৰ সচেতন হ’লেই আন সমস্যাবোৰো লাহে লাহে সমাধানৰ দিশলৈ আগবাঢ়ে ৷ গতিকে চৰকাৰে নতুন নতুন সংস্হাপনৰ সুবিধা সৃষ্টি কৰিবলৈ চৰকাৰী খণ্ডত বিভিন্ন শিল্প উদ্যোগ স্হাপন কৰাৰ লগতে ব্যক্তিগত খণ্ডত শিল্প উদ্যোগবোৰক ঠন ধৰি উঠাত সহায় কৰিব লাগিব ৷ কৃষিৰ উন্নতিৰ যোগেদি গাঁৱলীয়া কৃষকসকলক সংস্হাপন দিবলৈ উপযুক্ত জলসিঞ্চন ব্যৱস্থা,বানপানী প্ৰতিৰোধ আদি দিশলৈ চকু দিব লাগিব ৷ কাৰিকৰী শিক্ষাই নিবনুৱা সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে ৷ আমাৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি কাৰিকৰী শিক্ষাৰ বিভিন্ন প্ৰতিষ্ঠান গঢ়ি তুলিব লাগিব ৷

সামৰণিঃ উপযুক্ত পৰিকল্পনাৰ যোগেদি নিবনুৱা সমস্যা প্ৰতিহত কৰিবই লাগিব ৷ বেংকবোৰেও কম সুতত ঋণ আদিৰ ব্যৱস্থা কৰি নিবনুৱাসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে ৷ তেতিয়াহে দেশৰ এনে জলন্ত সমস্যাৰ সমাধান আশা কৰিব পাৰি। 

(খ) দূৰদৰ্শন।

(আৰম্ভণি-দূৰদৰ্শনৰ আৱিষ্কাৰ-দূৰদৰ্শনৰ অপকাৰিতা-সামৰণি)

উত্তৰঃ কুৰি শতিকাত বিজ্ঞানৰ এটি মহৎ আৰু বিষ্ময়কৰ আৱিষ্কাৰ হ’ল টেলিভিশন। টেলিভিশ্যন ইংৰাজী শব্দ, ইয়াৰ অৰ্থ হ’ল, দূৰৰ দেখা কার্য। সেয়েহে। ভাৰতীয় ভাষাত দূৰদৰ্শন’ নামকৰণ কৰা সঠিক হৈছে। দূৰদৰ্শনৰ দ্বাৰা আমি ঘৰতে গোটেই পৃথিবীৰ বিভিন্ন বাতৰি, কথা-ছবি, খেল আদি চাব পাৰোঁ।

আৱিষ্কাৰঃ ৰেডিঅ’ৰ দৰে দূৰদৰ্শনাে এক বিষ্ময়কৰ অৱদান। ১৯২৫ খ্রীঃত হে দূৰদৰ্শন আবিষ্কৃত হয়। ৰেডিঅ’ আৱিষ্কাৰৰ পাছত গ্রাহক যন্ত্রত (বাকচত) শব্দৰ লগতে দৃশ্য দেখাৰ উপায় চিন্তা কৰিবলৈ বৈজ্ঞানিক সকলে যত্ন কৰিছিল। জার্মানীৰ পল নিপকোৱে এই সম্পর্কে গৱেষণা কৰিছিল। তেওঁৰ পাছত অন্যান্য বৈজ্ঞানিক সকলেও সেই চেষ্টা এৰি দিয়া নাছিল। অৱশেষত ১৯২৫-২৬ খ্রীঃৰ ভিতৰত ইংৰাজ বৈজ্ঞানিক জন লগি বেয়ার্ডে আধুনিক পদ্ধতিৰ দূৰদৰ্শন আৱিষ্কাৰ কৰে। ১৯৩৬ খ্রীঃত ইংলণ্ডৰ বৃটিছ ব্রডকাষ্টিং কৰপ’ৰেছনে (B.B.C) প্রথমে দূৰদৰ্শন যােগে বাতৰি আদি প্ৰচাৰ কাৰ্য আৰম্ভ কৰে। ভাৰতবৰ্ষত ১৯৫৯ খ্রীঃত আৰু অসমত ১৯৮২ খ্রীঃত দূৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ হয়।

নিমার্ণ কার্যঃ দূৰদৰ্শন বা টেলিভিশন বিদ্যুতৰ দ্বাৰা চালিত যন্ত্র। ইয়াৰ নিমার্ণ কার্য অতি জটিল, যন্ত্ৰটো খুলিলে ভিতৰত সৰু-বৰ অসংখ্য তাঁৰ আৰু যন্ত্র দেখিবলৈ পােৱা যায়। ফটো ইলেট্রিক এফেক্টৰ দ্বাৰা প্রথমে পােহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰা হয়। শক্তিশালী কেমেৰাৰে এই কাম কৰিব পাৰি। বৈদ্যুতিক শক্তিক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰি তৰংগৰ যােগে ইথাৰত প্ৰেৰণ কৰা হয়। গ্রাহক যন্ত্রই তাক ধৰিলেই দৃশ্য প্রকাশ হয়। ফটো ইলেকট্রিক এফেক্টৰ দ্বাৰা যি দৰেই পােহৰ তাৰতম্য কৰি পঠোৱা হয়, গ্রাহক যন্ত্ৰটো তাকেই প্রতিফলিত কৰে। সেয়েহে আমি দূৰদৰ্শনত পােহৰৰ তাৰতম্য দেখিবলৈ পাওঁ। এই পদ্ধতিৰ বাবে নির্দিষ্ট তৰংগ আৰু দূৰত্বৰ সীমা নির্ধাৰণ কৰা হয়। এটা দূৰদৰ্শন কেন্দ্রই প্রেৰণ কৰা দৃশ্য আৰু শব্দকেই কেন্দ্ৰৰ এলেকাৰ অঞ্চলত পৰিস্কাৰভাৱে দেখা যায়। সাধাৰণতে দূৰদৰ্শনৰ ছবি বগাক’লা পদ্ধতিতে দেখা যায়। ৰঙীণ দূৰদৰ্শনৰ ক্ষেত্ৰত বিশেষ ভাৱে নির্মিত কেমেৰাই ৰঙা, নীলা আৰু সেউজীয়া এই তিনিটা ৰঙৰহে দৃশ্য প্ৰেৰণ কৰে। এই তিনিটা ৰঙে অন্যান্য বঙলৈ পৰিৱৰ্তন কৰি লব পাৰে। ১৯৫৩ খ্রীঃত ৰঙীণ টেলিভিশন আৱিষ্কাৰ হয়। 

উপকাৰঃ বিজ্ঞানৰ শ্ৰেষ্ঠ অৱদান, দূৰদৰ্শন পৃথিৱীৰ অন্যতম প্রচাৰ মাধ্যম। এখন দেশ, জাতিৰ ই দাপােনৰ দৰে দূৰদৰ্শনে পৃথিৱীক নিচেই ওচৰ চপাই আনিলে। চকুৰ পচাৰতে দেশ-বিদেশৰ সকলাে খা-খবৰ, সাংস্কৃতিক জগৎ, জ্ঞানবিজ্ঞানৰ, ৰাজনীতি, খেলা-ধূলা আদি মানৱ জীৱনৰ লাগতীয়াল সকলাে দিশ ইয়াৰ দ্বাৰা উপভােগ কৰিব পাৰি। শিক্ষা জগতৰ ই শক্তিশালী মাধ্যম। বিভিন্ন চেনেলৰ দ্বাৰা কেন্দ্ৰবােৰ নিয়ন্ত্রিত হয়। ‘ডিচকভাৰী’, ‘জিঅ’গ্ৰাফী’ আদি শিক্ষামূলক চেনেল।

অপকাৰিতাঃ যদিও এই যন্ত্রই আমাক জ্ঞান আহৰণৰ সুবিধা দিছে, ঠিক সেইদৰে উপযুক্ত ব্যৱহাৰ কৰিব নাজানিলে ইয়াৰ দ্বাৰা অপকাৰাে নােহােৱা নহয়। ওচৰৰ পৰা বহু সময় চালে আমাৰ চকুৰ অনিষ্ট হ’ব পাৰে। অনবৰতে চাই থাকিলে পঢ়া-শুনাতাে ব্যাঘাত জন্মে। কিছুমান কোম্পানীৰ বিজ্ঞাপনাে হানিকাৰক। দূৰদৰ্শনে বয়স্থ লােকৰাে চিন্তা-ভাৱনাত ব্যাঘাত জন্মাইছে। সেইবাবে কোনােৱে ইয়াক ‘নিবোধৰ বাকচ’ বুলিও কয়। গতিকে কার্য-সূচী প্রণয়ন কৰোঁতে যেনেকৈ দূৰদৰ্শনৰ কেন্দ্র সমূহে সাৱধান হােৱা উচিত, তেনেকৈ দূৰদৰ্শনৰ কাৰ্যসূচী চোৱাৰাে নির্দিষ্ট সময় বান্ধি ল’ব লাগে। বিজ্ঞানৰ এই শ্রেষ্ঠ অৱদানক সু-বিবেচনাৰে কৰি উপভােগ কৰিব লাগে।

(গ) অসমত কাৰিকৰী শিক্ষাৰ ব্যৱস্থা।

(আৰম্ভণি-কাৰিকৰী বিদ্যাৰ আৱশ্যকতা- কাৰিকৰী  শিক্ষা আৰু বৰ্তমান অসম-সামৰণি)

উত্তৰঃ কাৰিকৰী শিক্ষা আৰ্থ-সামাজিক বিকাশৰ মূল শিলাস্তম্ভ, ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমে কাৰিকৰী শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। এই ৰচনাখনত অসমৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ যাত্ৰা, ইয়াৰ বিৱৰ্তন, প্ৰত্যাহ্বান, আৰু যুৱক-যুৱতীসকলক সবলীকৰণ আৰু উদ্যোগিক বিকাশৰ পোষকতাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা অন্বেষণ কৰা হৈছে।

ঐতিহাসিক আভাসঃ অসমত কাৰিকৰী শিক্ষাৰ শিপা ২০ শতিকাৰ আৰম্ভণিৰ পৰাই ১৯০৫ চনত অসম অভিযান্ত্ৰিক বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ লগে লগে সূত্ৰপাত কৰিব পাৰি, যিখন বিদ্যালয় পিছলৈ ১৯২৭ চনত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান (AEI) লৈ বিকশিত হয়। প্ৰথম অৱস্থাত চিভিল ইঞ্জিনিয়াৰিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰি AEI য়ে অঞ্চলটোত কাৰিকৰী শিক্ষাৰ বাবে ভেটি।

মূল উন্নয়নসমূহঃ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহঃ ১৯৫৫ চনত গুৱাহাটীত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (AEC) প্ৰতিষ্ঠা হোৱাটোৱে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছিল। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে পৰিচিত এই চিয়ে অসমত অভিযান্ত্ৰিক শিক্ষাৰ বৃদ্ধিৰ ভেটি স্থাপন কৰিছিল। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (জেইচি) আৰু কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় (বিবিইচি) কে ধৰি অন্যান্য অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহেও অনুকৰণ কৰে।

পলিটেকনিকঃ ছাত্ৰ-ছাত্ৰীৰ বহল ভাগৰ প্ৰতি লক্ষ্য ৰাখি ডিপ্লমা পৰ্যায়ৰ কাৰিকৰী শিক্ষা প্ৰদানৰ বাবে অসমৰ বিভিন্ন জিলাত পলিটেকনিক প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। উদ্যোগসমূহৰ বাবে দক্ষ কাৰিকৰী বিদ্যাবিদ উৎপাদনত এই প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

শাখাৰ বৈচিত্ৰ্যতাঃ বছৰ বছৰ ধৰি অসমৰ কাৰিকৰী শিক্ষাৰ পৰিৱেশত বৈচিত্ৰ্যতা বৃদ্ধি পাই অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ বিস্তৃত শাখা যেনে অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ বিজ্ঞান, ইত্যাদি বহুতো শাখা অন্তৰ্ভুক্ত কৰা হয়। এই বৈচিত্ৰ্যই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ আগ্ৰহক আগুৱাই নিবলৈ আৰু উদ্যোগৰ দাবীৰ সৈতে শিক্ষাক একাকাৰ কৰি তুলিছে।

গুণগত মান বৃদ্ধিঃ অসম চৰকাৰে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ সহযোগত কাৰিকৰী শিক্ষাৰ মান বৃদ্ধিৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। ইয়াৰ ভিতৰত প্ৰতিষ্ঠানসমূহৰ স্বীকৃতি, অধ্যাপক বিকাশৰ কাৰ্যসূচী, আৰু পৰীক্ষাগাৰৰ আধুনিকীকৰণ আদি অন্তৰ্ভুক্ত।

যুৱক-যুৱতীসকলক সবলীকৰণঃ অসমৰ কাৰিকৰী শিক্ষা ব্যৱস্থাই যুৱক-যুৱতীসকলক কেইবাটাও দিশত সবলীকৰণত সহায় কৰিছ– 

নিয়োগযোগ্যতাঃ কাৰিকৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতকসকলৰ চাকৰিৰ বজাৰত অসমৰ ভিতৰতে আৰু ইয়াৰ বাহিৰতো অধিক চাহিদা আছে। বিভিন্ন উদ্যোগৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ তেওঁলোক সু-প্ৰস্তুত।

দক্ষতা বিকাশঃ অসমৰ কাৰিকৰী শিক্ষা ব্যৱস্থাই কেৱল তাত্ত্বিক জ্ঞানেই নহয়, ব্যৱহাৰিক দক্ষতাও প্ৰদান কৰে। দক্ষতা বিকাশৰ ওপৰত এই মনোনিৱেশে ছাত্ৰ-ছাত্ৰীসকলে স্নাতক হোৱাৰ পিছত চাকৰিৰ বাবে সাজু হোৱাটো নিশ্চিত কৰে।

উদ্যোগীকৰণঃ এই ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্যোগীকৰণক উৎসাহিত কৰে, উদ্ভাৱনক লালন-পালন কৰে আৰু কেৱল চাকৰি প্ৰত্যাশীসকলৰ পৰিৱৰ্তে চাকৰিৰ সুযোগ সৃষ্টি কৰে।

প্ৰত্যাহ্বান আৰু আগুৱাই যোৱাৰ পথঃ অসমৰ কাৰিকৰী শিক্ষা ব্যৱস্থাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে যদিও ই এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যাৰ বাবে মনোযোগৰ প্ৰয়োজনঃ

আন্তঃগাঁথনি উন্নয়নঃ বিকশিত প্ৰযুক্তিগত প্ৰয়োজনীয়তাৰ সৈতে খোজ মিলাবলৈ আন্তঃগাঁথনিত নিৰন্তৰ বিনিয়োগৰ প্ৰয়োজন।

অধ্যাপক নিযুক্তিঃ উচ্চমানৰ শিক্ষা বজাই ৰাখিবলৈ যোগ্য আৰু নিষ্ঠাবান অধ্যাপকৰ উপলব্ধতা নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়।

পাঠ্যক্ৰমৰ প্ৰান্তিককৰণঃ উদ্যোগৰ ধাৰা অনুসৰি পাঠ্যক্ৰমৰ নিয়মীয়া আপডেট কৰাটো অতি গুৰুত্বপূৰ্ণ।

গৱেষণা আৰু উদ্ভাৱনঃ প্ৰযুক্তিগত উন্নতিত অৰিহণা যোগাবলৈ গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰাটো অগ্ৰাধিকাৰ হ’ব লাগে।

সামৰণিঃ অসমৰ কাৰিকৰী শিক্ষা ব্যৱস্থাই বহু দূৰ আগবাঢ়িছে, ৰাজ্যৰ অৰ্থনৈতিক বিকাশ আৰু যুৱ সবলীকৰণত যথেষ্ট অৰিহণা যোগাইছে। দক্ষ কৰ্মশক্তি উৎপাদন আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰাত ইয়াৰ ভূমিকা অতি প্ৰয়োজনীয়। এই অগ্ৰগতি বজাই ৰাখিবলৈ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে নিৰন্তৰ খাপ খুৱাই লোৱাটো অতি প্ৰয়োজনীয়। কাৰিকৰী শিক্ষাৰ প্ৰতি অসমৰ দায়বদ্ধতাই ইয়াৰ যুৱ প্ৰজন্মৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনৰ এক উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰে।

১৯। ‘বৈচিত্ৰ্যময় অসম’ নামৰ দ্ৰুতপাঠত সন্নিবিষ্ট অসমৰ যি কোনো দুটা জনগোষ্ঠীৰ উৎসৱ-পাৰ্বন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ কাৰ্বিসকলৰ উৎসৱ পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে; ৰিং আংলং, বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰটোত অপায় অমংগল নহয়। 

চজুন উৎসৱ (Family festival): এই উৎসৱ প্রতি বছৰে উদ্যাপন কৰা নহয়। ৪, ৫ , বা ৯ বছৰৰ মূৰে মূৰে কৰা হয়। 

ৰংকেৰ উৎসৱ (Community festival): ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱাে বছৰৰ আৰম্ভণিতে উদ্যাপন কৰা হয়। পূজাৰ মূল বেদীত চৰাই, ছাগলী, কণী আদি উছৰ্গা কৰি পূজা কৰা হয়। 

২০। তোমাৰ দ্ৰুতপাঠত সন্নিবিষ্ট অসমৰ যি কোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ কাৰ্বি জনগোষ্ঠীঃ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা কাৰ্বি জনেগাষ্ঠীৰ লোকসকল অসমৰ অন্যতম আদিম অধিবাসী। আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং নামেৰে নামকৰণ কৰা হৈছে। কাৰ্বিসকলৰ মূলগোষ্ঠী ৫টা- ইংহি, ইংতি,টেৰাং, টেৰণ আৰু তিমুং।

বড়ো জনগোষ্ঠীঃ বড়ো সকল অসমৰ ভৈয়ামৰ জনগোষ্ঠী। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত “বড” দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতসকলেই পূব ভাৰতৰ বড়োসকল। প্ৰাচীন কালত এই মূল “বড” দেশৰ বাসিন্দাসকলক “বডো-ফিচা” বা “বডোচা” (“বডো” মানে ভূমি আৰু “ফিচা” বা “চা” মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়।

অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি নহয়। ইয়াৰোপৰি কাৰ্বি আংলং জিলাতো কিছু সংখ্যক বড়ো লোকে বাস কৰে।

GROUP- B

২১। তল যিকোনো এটাৰ অতি চমু উত্তৰ লিখাঃ

(ক) ‘বিষাদযোগ’ পাঠটি ক’ৰ পৰা তুলি দিয়া হৈছে?

উত্তৰঃ ‘বিষাদযোগ’ পাঠটি “কথা গীতা’ৰ পৰা তুলি দিয়া হৈছে।

(খ) নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজন কোন আছিল?

উত্তৰঃ শীলভদ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল।

২২। চমু উত্তৰ লিখাঃ

(ক) কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে?

উত্তৰঃ কুলক্ষয় হ’লে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰী সকল বিপথে গলে বৰ্ণসংকৰ হ’ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃ সকলৰ লুপ্তপিণ্ড সমূহ জ্বলাজ্ঞলিহীন হৈ পৰিব। এনে বোৰ দোষৰ বাবে সকলো জাতি ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।

(খ) বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ বিক্ৰমশীলা বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল, কিন্তু খ্ৰীষ্টীয ৮ ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। বিক্ৰমশীলা প্ৰাচীন ভাৰতৰ দুখন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম। ইয়াত শিক্ষাদান কৰিছিল ১০৮ গৰাকী অধ্যাপকে। এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয়। ছাত্ৰ ধকাৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন  সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিলে।

২৩। উত্তৰ লিখাঃ

(ক) তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱ সকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।

উত্তৰঃ সঞ্জয়ে ক’লে— জানা ৰাজা, পাণ্ডৱৰ সেনাসকলে বেহুৰূপে থকা দেখি  তােমাৰ পুত্র দুর্যোধনে দ্রোণাচার্যৰ ওচৰলৈ গৈ ক’বলৈ ধৰিলে— “হে আচার্য, পাণ্ডৱসকলৰ বিস্তৰ সেনালৈ চোৱা, দ্রুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্মই বেহু পাতি আছে। ভীমার্জুনসম মহা ধনুৰ্ধৰসবাে আছে। তাৰ নাম শুনা- সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুণ্ডীভােজ যুধামান্য, দ্রৌপদীৰ পাঁচ পুত্র, প্রতিবিন্ধ্যাদি, এই সকলাে মহাৰথী।

কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ ভিতৰত গুৰু দ্রোণ, ভীষ্ম পিতামহ, কর্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ আৰু সােমদত্তৰ পুত্র ভূৰিশ্ৰৱা। ইয়াৰ বাহিৰে অনেক যুদ্ধবিশাৰদ সেনাবাহিনী আছে। কিন্তু একাদশ অক্ষৌহিণী সেনায়াে যেন পাণ্ডৱৰ বিপক্ষে যুঁজিবলৈ সক্ষম নহয়, এনে ধাৰণা জন্মে।

আনহাতে পাণ্ডৱে সাত অক্ষৌহিণী সেনা  লৈয়েই, কৌৰবৰ সৈতে যুঁজিবলৈ সামর্থ্য প্রকাশ কৰিছে। গতিকে কৌৰৱসকলে সাৱধানে যুদ্ধক্ষেত্ৰত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিব লাগে। ভীষ্মৰ জীৱনেই কৌৰৱৰ জীৱন।

এনেয়ে ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে ভীষ্মই সিংহৰ দৰে মহানাদ কৰি উচ্চ স্বৰত শংখ বজালে। ভীষ্মক অনুসৰণ কৰি অন্যানসকলেও শংখ,ভেৰী,আনক,গােমুখ আদিবাদ্য বজালে।

ইতিমধ্যে শুক্লবর্ণ চাৰিটা ঘোঁৰাজ্জিত মহাৰথত উঠি কৃষ্ণাঅৰ্জুনে দিব্য শংখ বজালে। কৃষ্ণই পাঞ্চজন্য, অর্জুনে দেবদত্ত, ভীমে পৌডুক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘােষ আৰু সহদেৱে মণিপুক নামৰ শংখ বজালে। অন্যান্য বীৰসকলেও পৃথকে পৃথকে শংখ বজালে। পাণ্ডৱ পক্ষৰ শংখৰ মহাশব্দই আকাশ পৃথিৱীসমে চৌদিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মালে, হৃদয় বিদীর্ণ কৰিলে। 

নাইবা

(খ) প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল ? প্ৰত্যেকৰে নাম লিখা।

উত্তৰঃ প্ৰাচীন ভাৰতত তিনিটা বিশ্ববিদ্যালয় আছিল। প্ৰত্যেকৰে নাম হ’ল- 

১। তক্ষশীলা বিশ্ববিদ্যালয়। 

২। বিক্রমশীলা বিশ্ববিদ্যালয়। আৰু 

৩। নালন্দা বিশ্ববিদ্যালয়।

২৪। অতি চমু উত্তৰ লিখাঃ

(ক) ‘কানাই চাতুৰী’ নামৰ কবিতাটি কবিৰ কোনখন পুথিৰ অন্তৰ্গত?

উত্তৰঃ ‘কানাই চাতুৰী’ নামৰ কবিতাটি কবিৰ “কাণখোৱা” পুথিৰ অন্তৰ্গত।

(খ) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহটীৰ কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল।

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহটীৰ সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষা লাভ কৰিছিল।

২৫। নহ’লে যে বিশ্ব-সভাত 

ন হ’ব তোৰ বহাৰ ঠাই।’’

বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

উত্তৰঃ কবিতাটি ৰচনাৰ সময়ত ভাৰতবর্য ব্রিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ নাপায় ৷ সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব, হিংসা–দ্বেষৰ ভেদাভেদৰ, ঘৃণা–ঘৃণিৰ, স্বার্থ–ভেমৰ মলি–মামৰবােৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনােহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকীয়াই দিছে। 

২৬। উত্তৰ লিখা: 

(ক) ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা

কৃষ্ণৰ বদন চাই।

যশোদাই কেনে সুখ লাভ কৰিছিল বৰ্ণনা কৰা।

উত্তৰঃ কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চাতুৰী প্রদর্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি বেলি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গােপশিশুসকল উপস্থিত হয় আৰু মাতৃ যশােদাৰ ওচৰত তেওঁলােকৰ খেলৰ লগৰীয়া কৃষ্ণক বিচাৰি তেওঁক সােনকালে টোপনিৰ পৰা জগাই দিবলৈ অনুৰােধ কৰে।

যশােদাই কৃষ্ণক জগাবৰ কাৰণে নানা ধৰণৰ তােষামােদ কৰিলে যদিও একোতে সৈমান নােহােৱা শিশু কৃষ্ণই অভিমান কৰি ক’লে যে তেওঁৰ মুখত পুত্র নামটো শােভা নাপায়। তেওঁ বৰঞ্চ নাখাই শুই শুইয়ে কটাব, আনকি গৰু চৰাবলৈয়াে নাযায়। 

কৃষ্ণই লগতে নিজৰ পৰাম পুৰুষত্বৰ ইংগিত দি ক’লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ  শ্রীবৃদ্ধি নহয় । নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়াে মই তােমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ। নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰোঁ , মােৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে। 

মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে ময়েই ব্ৰহ্মৰ যােগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালাে। তােমাৰ ঘৰলৈ আহি মােৰ সকলাে ঐশ্বর্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মােক চিন্তা কৰাত মােৰ চতুর্ভুজ ৰূপ দেখি ত্রিদশৰ সকলাে মােহিত হৈছিল। এতিয়া তুমি মােক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা।

মােহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰা মােক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অবতাৰত মই বলিক ছলনা কৰিছিলোঁ। কিন্তু, তুমি মােক মাটিখােৱা বুলি ককৰ্থনাহে কৰিলা। মােৰ ইমানবােৰ মহিমা দেখাৰ পাছতাে তােমাৰ মনত আক্রোশৰ শেষ নাই।

ইমান দিনে কাঠবাজী বুলি সমস্ত জগতে তােমাক হাঁহিলে। মই পুত্রৰূপে উপজি তােমাৰ সেই দুখ দূৰ কৰিলোঁ। তথাপিও তুমি মােৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়াে তুমি ছয়ৰতি খৰচ কৰি মােক এটা সােণৰ বাঁহী বনাই দিব নােৱাৰিলা। বাঁহৰ বাঁহী বজাই মােৰ দুই ওঁঠ ফাটি গৈছে, তালৈ  তােমাৰ ভ্ৰূক্ষেপ নাই। তুমি এনেদৰে কাৰবাবে ধনবােৰ সাঁচি থৈছা? এনেকৈ সাঁচোতে সাঁচোতে তােমাৰ ধনত জুই লাগিব। গৰু চৰাবলৈ যাওঁতে মই ডােক গুচাই ভাত খাবলৈ নাপাওঁ। দিনৰ দিনটো গৰুৰ পিছে পিছে দৌৰােতে দৌৰােতে মােৰ অৱস্থা নােহােৱা হয়। 

গৰু চৰাওঁতে ধূলি লাগি মােৰ কেঁকোৰা চুলিত জট বান্ধে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পােৱা নাই। এইবােৰ কথা ক’বলৈ গ’লে মােৰ চকুলাে নিগৰি পৰে। ইমানবােৰ দুখ-কষ্ট সহ্য কৰিব নােৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তােমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ।

তেতিয়াহে তুমি মােৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশােদাই পুনৰ কৃষ্ণক তােষামােদ কৰিবলৈ ধৰিলে আৰু ক’লে যশােদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশােদায়াে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।

নাইবা

(খ) পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে- ঋণে-

কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে, বুজাই লিখা। 

উত্তৰঃ বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্রিটিছৰ গােলামী কৰি ‘ধাৰে–ঋণে জীৱন দিয়ে’ হিনে– ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত ‘ হিংসা–দ্বেষৰ, ভেদাভেদৰ, ঘৃণা–ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল–ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি’ পােত খালে, মুখত ‘কাজল–ছাই’ পৰিল।এইবােৰ সাৰি–পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব।

২৭। (ক) তল বাক্যটি শুদ্ধকৈ লিখাঃ

আজি কালি সকলোবোৰ স্কুল দহটা বজাত বহে।

উত্তৰঃ আজি কালি সকলো স্কুল দহ বজাত বহে।

(খ) ‘অপ’’ উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা।

উত্তৰঃ ‘অপ’ উপসৰ্গ ব্যৱহাৰ- অপকাৰ, অপচয়।

(গ) গাখীৰখিনি পৰিল ____।

খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুওৱা।

উত্তৰঃ গাখীৰখিনি পৰিলতো।

(ঘ) তলত দিয়া শব্দ দুটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখাঃ

হাত, ঘিউ

উত্তৰঃ হাত – হস্ত।

ঘিউ – ঘৃত।

(ঙ) তলত দিয়া যি কোনো এটা শব্দৰ আধুনিক ৰূপ লিখাঃ

শুতিয়া, হাৰলি, পূহাইল।

উত্তৰঃ শুতিয়া – শুই।

পূহাইল – ৰাতিপুৱা।

হাৰলি – আজলি।

২৮। তলত দিয়া যি কোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়াঃ

ঝুমুৰী, চৰণ, পয়াৰ।

উত্তৰঃ চৰণঃ যতিৰ দ্বাৰা বিভক্ত পৰ্ববোৰ লগ লাগি ছন্দ হিল্লোলৰ সমাপ্তি ঘটোৱা ধ্বনি প্ৰবাহৰ অংশক একেলগে চৰণ বোলে। চৰণত পূৰ্ণ যতি পৰে, কেতিয়াবা পূর্ণছেদো পৰা দেখা যায়। অৱশ্যে একোটা চৰণ ছন্দময়তাৰ অসম্পূৰ্ণ ৰূপ। যেনে— 

বিশ্বৰ কথা                   আছে হেৰ গথা 

         পখিলা এটিব পাখিতে, 

―চৰণ 

তাকে তুমি লৈ              বালাঁ হেৰ ম‍ই

           মোৰ হাঁহি আৰু পাহিতে।। 

―চৰণ 

পদ বা পয়াৰ ছন্দঃ পয়াৰ বা পদ ছন্দ সজ্জা দুই চৰণযুক্ত, প্রতি চৰণ দুটাকৈ পৰ্বত বিভক্ত। মাত্ৰা সংখ্যা ৮ + ৬ = ১৪। আৰু চৰণাস্তিক ধ্বনি মিলযুক্ত ৷ পুৰণি অসমীয়া সাহিত্যত সাধাৰণ বৰ্ণনাত এই ছন্দ সজ্জাবোৰৰ ব্যৱহাৰ হৈছে। উদাহৰণ—

“সত্য কৰি বুলি লোহোঁ শুনিয়োক মিতা। 

ত্ৰিভূৱন বিচাৰিয়া আনি দিবো সীতা।” 

―ৰামায়ণ, মাধৱকন্দলি। 

“ত্রিশূলক ফাল কৰি হালক জুৰিয়ো। 

এহিমতে কৃষি কাৰ্য বিধান কৰিয়ো।। 

—ভীমচৰিত, ৰামসৰস্বতী 

ঝুমুৰীঃ ঝুমুৰা ছন্দসজ্জা দুই চৰণৰ ৷ প্রত্যেক চৰণ দুই পৰ্বৰ মাত্ৰা সংখ্যা ৪ + ৪ অস্ত্যধ্বনি মিল যুক্ত। পুৰণি সাহিত্যত যুদ্ধৰ বৰ্ণনা দিবলৈ এই ছন্দসজ্জা প্ৰয়োগ কৰা হৈছে। 

উদাহৰণ— 

(ক) পাছে বলি সৃত বান 

দিলা হেন সমিধান। 

(খ) হেন শুনি জাম্বৱস্ত। 

ধাইলা মহাবলবস্ত।। – শংকৰদে

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top