সমাস আৰু ইয়াৰ প্ৰকাৰ | Homakh Assamese Grammar

সমাস আৰু ইয়াৰ প্ৰকাৰ

Join Telegram channel

প্রশ্ন ১। সমাস কাক বোলে? সমান কেই বিধ? নাম লিখা।

উত্তৰঃ দুটা নাইবা তাতকৈ বেছি পদ একেলগ হৈ এটা পদ সৃষ্টি হোৱাক সমাস বোলে। সমাস ছয় প্ৰকাৰৰ। যেনে-তৎপুৰুষ, দ্বন্দ্ব, দ্বিগু, কর্মধাৰয়, বহুব্রীহি আৰু অব্যয়ীভাৱ।

প্ৰশ্ন ২। তৎপুৰুষ সমাস কাক বোলে আৰু ই কেইবিধ? উদাহৰণ দিয়া।

উত্তৰঃ যি সমাসত পূর্বপদৰ বিভক্তি লোপ হয় আৰু পিছৰ পদৰ অৰ্থ প্ৰধান হয় তাক তৎপুৰুষ সমাস বোলে।

উদাহৰণ:

  • চোৰক ধৰা — চোৰধৰা
  • পুথিৰ ভঁৰাল — পুথিভঁৰাল
  • অনুচিত — ন উচিত ।
  • সংবিধানস্বীকৃত.— সংবিধানৰদ্বাৰা স্বীকৃত ।
  • পৰিণয়াবদ্ধ — পৰিয়ণত আৱদ্ধ ।
  • অসম্ভৱ — ন সম্ভৱ ।
  • অশিক্ষিত — ন শিক্ষিত ।
  • ৰাজক্ষমতা — ৰজাৰ ক্ষমতা ।
  • আশাতীত — আশাৰ অতীত ।
  • সীমাবদ্ধ — সীমাত বদ্ধ ।
  • পদদলিত — পদেৰে দলিত ।
  • মাতৃপূজা — মাতৃক পূজা ।
  • ৰাজসিংহাসন — ৰজাৰ সিংহাসন ।
  • জলাতংক — জলৰদ্বাৰা আতংক ।
  • চাহ গছ — চাহৰ গছ ।

তৎপুৰুষ সমাস তলত উল্লেখ কৰা কেবাটাও ভাগত বিভক্ত।

(ক) দ্বিতীয়া তৎপুৰুষ — য’ত পূর্বপদত দ্বিতীয়া বিভক্তি থাকে। যেনে, বিস্ময়ক আপন্ন = বিস্ময়াপন্ন, ৰাবণক হত্যা = ৰাবণহত্যা।

(খ) তৃতীয়া তৎপুৰুষ — য’ত পূৰ্ববদত তৃতীয়া বিভক্তি থাকে। যেনে, অগ্নিৰে দগ্ধ = অগ্নিদগ্ধ, হাতেৰে বোৱা = হাতেবোৱা, বলেৰে খেলা = বলখেলা। 

(গ) চতুর্থী তৎপুৰুষ — যত পূর্বপদত চতুর্থী বিভক্তি থাকে। যেনে, ধানৰ বাবে খেতি = ধানখেতি, ডাকৰ বাবে মাচুল = ডাকমাচুল। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) পঞ্চমী তৎপুৰুষ — য’ত পূর্বপদত পঞ্চমী বিভক্তি থাকে। যেনে, পদৰ পৰা চ্যুত = পদচ্যুত, ৰোগৰ পৰা মুক্ত ৰোগমুক্ত।

(ঙ) ষষ্ঠী তৎপুৰুষ — য’ত প্ৰথম ব্যস্ত পদত ষষ্ঠী বিভক্তি থাকে। যেনে, ৰজাৰ পুত্ৰ = ৰাজপুত্ৰ, দেশৰ নেতা = দেশনেতা, দেৱৰ মন্দিৰ= দেৱমন্দিৰ।

(চ) সপ্তমী তৎপুৰুষ — য’ত প্ৰথম ব্যস্ত পদত সপ্তমী বিভক্তি থাকে। যেনে, বনত বাস-বনবাস, সত্যত আগ্রহ—সত্যাগ্রহ।

Read Also:

প্রশ্ন ৩। দ্বন্দ্ব সমাস কাক বোলে? ই কেই বিধ? উদাহৰণ দিয়া। 

উত্তৰঃ যি সমাসত সমস্যমান পদ বিলাকৰ প্ৰত্যেকটোৰ প্ৰাধান্য সমান থাকে তাক দ্বন্দ্ব সমাস বোলে।

উদাহৰণ:

  • দেৱাসুৰ — দেৱ আৰু অসুৰ।
  • ৰাম আৰু লক্ষ্মণ — ৰামলক্ষ্মণ
  • তেল-পানী — তেল আৰু পানী।
  • ভাই-ভনী — ভাই আৰু ভনী।
  • হাত আৰু ভবি — হাতভৰি
  • স্বভাৱ-চৰিত্ৰ — স্বভাৱ আৰু চৰিত্ৰ ।
  • গুৰু-শিষ্য — গুৰু আৰু শিযষ্য।
  • ধেনু আৰু শৰ — ধেনুশৰ।
  • ভাল-বেয়া — ভাল আৰু বেয়া।
  • সোণ-ৰূপ — সোণ আৰু ৰূপ।
  • অস্তশস্ত্ৰ — অস্ত্ৰ আৰু শস্ত।
  • তামোল-পাণ — তামোল আৰু পাণ।

দুটা বা তাতকৈ বেছি প্রাতিপদিকৰ (বিশেষ্য বা বিশেষণ) পদৰ মাজত অব্যয় শব্দ লোপ কৰি দ্বন্দ্ব সমাস কৰা হয়।

দ্বন্দ্ব সমাস তিনি বিধ যেনে,

  • ইতৰেতৰ দ্বন্দ্ব,
  • সমাহাৰ দ্বন্দ্ব আৰু
  • একশেষ দ্বন্দ্ব।

ইতৰেতৰ দ্বন্দ্ব সমাস

  • ৰাম আৰু লক্ষ্মণ — ৰামলক্ষ্মণ,
  • জয় আৰু পৰাজয় — জয়পৰাজয়,
  • জুতা আৰু মোজা — জুতামোজা আদি । 

সমাহাৰ দ্বন্দ্ব — কাঁহী, ঘাটি-বাটি আদি কাঁহিবাটি।

একশেষ দ্বন্দ্ব — ৰাম, মধু, চিৰাজ, জোচেফ আদি —ৰামহঁত।

প্রশ্ন ৪। দ্বিগুসমাস কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ একতকৈ বেছি সংখ্যাবাচক পদৰ লগত আন পদৰ সমাসক দ্বিগু সমাস বোলে। যেনে —

  • চাৰি আলিৰ সংযোগ — চাৰালি বা চাৰি আলি।
  • পাচৰজীয়া — পাঁচ ৰজাৰ সমাহাৰ।
  • সাত দিন সমাহাৰ — সপ্তাহ।
  • তিনি ভুৱনৰ সমাহাৰ — তিনি ভুৱন।
  • তিনি ফলৰ সমাহাৰ — ত্রিফলা
  • দোমাহী — দুই মাহৰ সমাহাৰ।
  • শতাব্দী — শত অন্দৰ সমাহাৰ।
  • পঞ্চামৃত — পঞ্চঅমৃতৰ সমাহাৰ।
  • ত্ৰিপিটক — ত্ৰিপিটকৰ সমাহাৰ ।
  • এশ বছৰৰ সমাহাৰ — শতিকা 

প্রশ্ন ৫। কর্মধাৰয় সমাস কাক বোলে? উদাহৰণ দিয়া। ৰূপক, উপমান আৰু উপমিত কর্মধাৰয় সমাসৰ পাৰ্থক্য দৃষ্টান্ত দি বুজাই দিয়া।

উত্তৰঃ কর্মধাৰয় সমাস : পৰস্পৰ সঙ্গতি থকা বিশেষ্য আৰু বিশেষণৰ যি সমাস হয় তাক কর্মধাৰয় সমাস বোলে। এই সমাসত পৰপদ বিশেষ্য পদৰ অৰ্থ প্রধান হয়। পদ দুটা একে বিভক্তিতে থাকিব লাগে। যেনে —

  • নীল যি পদ্ম — নীলপদ্ম ।
  • মহাপুৰুষ — মহৎ যি পুৰুষ।
  • কালিকা পুৰাণ — কালিকা বিষয়ক পুৰাণ (মধ্যলোপী)।
  • বিদ্যোৎসাহী — বিদ্যাৰ প্ৰতি উৎসাহী (মধ্যলোপী)।.
  • সজবৃত্তি — সজ যি বৃত্তি।
  • অন্তিম বাণী — অন্তিম যি বাণী।
  • সিংহাসন — সিংহ অংকিত আসন (মধ্যলোপী)
  • মলাধঁপাত — মলা যি ধঁপাত।
  • সিংহদুৱাৰ — সিংহ অংকিত যি দুৱাৰ।
  • পুণ্যভূমি — পুণ্য যি ভূমি।
  • মূলধন — মূল যি ধন (মধ্যলোপী)।
  • বহুমূলীয়া — বহু মূল্য যাৰ।
  • পোৰামাটি — পোৰা যি মাটি।

ৰূপক কর্মধাৰয় : যি সমাসত উপমেয়ক উপমানৰ লগত অভেদ বুলি কল্পনা কৰা হয় তাক ৰূপক কর্মধারয় সমাস বোলে। যেনে — শোকৰূপ অগ্নি — শোকাগ্নি দুখৰূপ সাগৰ — দুখসাগৰ।

উপমান কর্মধাৰয় : যি সমাসত উপমান আৰু উপমেয় পদৰ এটা সাধাৰণ গুণ কল্পনা কৰা হয় আৰু সেয়া গুণবাচক বিশেষণ শব্দৰ লগত উপমান পদৰ সমাস হয়, তাক উপমান কর্মধাৰয় সমাস বোলে। যেনে-বজ্ৰৰ নিচিনা কঠোৰ — বজ্রকঠোৰ।

উপমিত কর্মধাৰয় : উপমান আৰু উপমিত পদৰ যি সমাসত উপমেয়ৰ অৰ্থ প্রধান ভাবে বুজায় আৰু আগত বহে তাক উপমিত কর্মধাৰয় সমাস বোলে। যেনে সিংহৰ নিচিনা পুৰুষ — পুৰুষসিংহ।

মধ্যপদলোপী কর্মধাৰয় : যি কর্মধাৰয় সমাসত মাজৰ পদ লোপ হয় তাক মধ্যপদলোপী কর্মধাৰয় সমাস বোলে। যেনে — সিংহ চিহ্নিত আসন = সিংহাসন; ঘৃত মিশ্রিত অন্ন — ঘৃতান্ন ইত্যাদি।

প্রশ্ন ৬। বহুব্রীহি সমাস কাক বোলে আৰু ই কেইবিধ, উদাহৰণ দিয়া। 

উত্তৰঃ বহুব্রীহি সমাস : যি দুই পদৰ সমাসত সমস্ত পদটো সমস্যমান শব্দবোৰৰ অৰ্থ প্ৰকাশ নকৰি আন এটা অৰ্থ বুজায় তাক বহুব্রীহি সমান বোলে।যেনে —

  • পীত অম্বৰ যাৰ — পীতাম্বৰ (শ্ৰীকৃষ্ণ)।
  • মনোৰঞ্জক — মনক ৰঞ্জন কৰে যি সি।
  • সাপ্তাহিক — সাত দিনৰ মূৰে মূৰে ওলায় যি।
  • বছৰেকীয়া — এবছৰৰ মূৰত হয় যি সি।
  • ৰণ-মেল — ৰণৰ বাবে আয়োজন কৰা যি মেল সি।
  • কু চক্ৰী — কুচক্ৰৰ অধীন যি সি!
  • গদাপাণি — গদা আছে পাণিত যাৰ।
  • শূলপাণি — শূল আছে পাণিত যাৰ।
  • সংসাৰত্যাগী — সংসাৰ ত্যাগ কৰে যি সি।
  • স্বাধীন — স্বৰ অধীন যি সি।
  • জলচৰ — জলত চৰে যি।
  • হলধৰ — হল ধৰে যি।
  • পদ্মনাভ — পদ্ম আছে নাভিত যাৰ।
  • দৃঢ়প্ৰতিজ্ঞ — দৃঢ় প্ৰতিজ্ঞা যাৰ সি।

বহুব্রীহি সমাসক সাধাৰণতে তিনি ভাগত ভাগ কৰা হয়। যেনে — 

(১) সমানাধিকৰণ বহুব্রীহি, ব্যধিকৰণ বহুব্রীহি আৰু ব্যতিহাৰ বহুব্রীহি।

(১) সমানাধিকৰণ বহুব্রীহি : যি বহুব্রীহি সমাসত সমস্যমান পদদুটা একে বিভক্তিতে থাকে তাক সমানাধিকৰণ বহুব্রীহি সমাস বোলে। যেনে — পীত অম্বৰ যাৰ — পীতাম্বৰ। (ইয়াত ‘পীত’ আৰু ‘অম্বৰ’ দুয়োটাই সমান ১মা বিভক্তি পদ)।

(২) ব্যধিকৰণ বহুব্রীহি : যি বহুব্রীহি সমাসত সমস্যমান পদ দুটি একে বিভক্তিতে নাথাকে তাক ব্যধিকৰণ বহুব্ৰীহি সমাস বোলে। যেনে — বীণা (১র্মা) পাণিত (৭মী) যাৰ বীণাপাণী ৷

(৩) ব্যতিহাৰ বহুৱীহি : পৰস্পৰ এক ৰকম ক্ৰিয়া বুজালে এটা শব্দৰ পুনৰুক্তিৰ দ্বাৰা ব্যতিহাৰ বহুব্ৰীহি সমাস হয়। যেনে — চুলিত ধৰি চুলিত ধৰি যি কাজিয়া — চুলিয়াচুলি। তেনে, হতাহতি । 

প্রশ্ন ৭। অব্যয়ীভাব সমাস কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যি সমাসত পূর্ব পদত অব্যয় থাকে আৰু সমস্ত পদত অব্যয়ব প্রধান ভাব থাকে তাক অব্যয়ীভাব সমাস বোলে। যেনে —

  • ঘৰে ঘৰে — প্ৰতিঘৰে,
  • মৃত্যু লৈকে — আমৃত্যু।
  • অনুক্ৰমে = ক্ৰমে ক্ৰমে। 
  • উপকূল = কূলৰ সমীপ।
  • অহিংসা = হিংসাৰ অভাৱ।
  • দুৰ্ভিক্ষ = ভিক্ষাৰ অভাৱ।
  • অসুখ = সুখৰ অভাৱ। :
  • লোকাস্তৰ = অন্য লোক।
  • বনৰ সমীপ — উপবন,
  • ৰূপৰ যোগ্য — অনুৰূপ,

প্রশ্ন ৮। একশেষ, উপপদ সমাস আৰু নঞ তৎপুৰুষ সমাস কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ একশেষ দ্বন্দ্ব : যি দ্বন্দ্ব সমাসত সমস্যমান পদ বিলাকৰ প্ৰথমটো বহু বচনান্ত পদ হৈ থাকি শেষৰ পদবোৰ লোপ পায় তাক একশেষ দ্বন্দ্ব বোলে। যেনে — তেঁও আৰু হৰি = তেওঁলোক।

উপপদ সমাস : উপপদৰ সৈতে কৃদন্ত পদৰ যি সমাস হয়, তাক উপপদ সমান বোলে। উপপদ সমাস তৎপুৰুষ সমাসৰ অন্তর্গত। যেনে — পঙ্কত জন্মে যি পঙ্কজ। ইন্দ্রকে জয় কৰে যি = ইন্দ্ৰজিৎ। 

নঞ্ তৎপুৰুষ সমাস : নঞ্ এই অব্যয়ৰ সৈতে যি সমাস হয় তাক নঞ্ তৎপুৰুষ সমাস বোলে। যেনে — ন উচিত = অনুচিত। ন সজ = অসজ। 

প্রশ্ন ৯। সমস্যমান পদ, সমস্ত পদ, ব্যাসবাক্য কাক বোলে?

উত্তৰঃ যি কেইটা পদৰ সমাস হয় সেই কেইটা পদৰ প্ৰত্যেকটোক ব্যস্তপদ বা সমস্যমান পদ বোলে।

সমাস হোৱাৰ পিছত পদকেইটা এটা পদত পৰিণত হয়। তাক সমস্তপদ বোলে। যি বিলাক পদ সানমিহলি হৈ এটা সমস্তপদ তৈয়াৰ কৰে, সেই পদ বিলাকক সমাস ব্যাসবাক্য বা সমাস বাক্য বোলে

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top