Dr. Uttam Das | ড° উত্তম দাস: দাপোণৰ ভাষাৰ আধাৰ

ড° উত্তম দাস (Dr. Uttam Das) — এক অনন্য, অনুপ্ৰেৰণাদায়ক নাম, যিয়ে অসমীয়া গৱেষণা আৰু ভাষা-বিজ্ঞানৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱর্তন অনা ব্যক্তিত্ব। ড° উত্তম দাস অসমবাসীৰ গৌৰৱ, যি ব্যতিক্ৰমী চিন্তাধাৰাৰে সৃষ্টি কৰিছে এক সম্পূৰ্ণ নতুন ভাষা – দাপোণৰ  ভাষা (Mirror Language)।  অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ নামৰ এখন সৰু ঠাইৰ পৰা জন্ম লোৱা এই গৱেষকে নিজৰ সাধনা, অধ্যৱসায় আৰু চিন্তনশীলতাৰ জৰিয়তে বিশ্ব মঞ্চত নিজৰ স্থান গঢ়ি তুলিছে। তেওঁৰ সৃষ্ট “দাপোণৰ ভাষা” বা Mirror Language—এয়া কেৱল এখন নতুন ভাষা বা লেখাৰ প্ৰযুক্তিগত কৌশল নহয়; এই ভাষা হৈছে আত্মানুসন্ধান, মনৰ অন্তৰ্নিহিত চিন্তা, আৰু মানৱ মানসিকতাৰ গুপ্ত দিশসমূহ উন্মোচনৰ এক অভিনৱ পথ। দাপোণত প্ৰতিফলিত ৰূপতহে পঢ়িব পৰা এই ভাষা বিজ্ঞান, সাহিত্য, আৰু দাৰ্শনিক চিন্তাধাৰাৰ সংমিশ্ৰণ, যি পাঠকৰ মগজুলৈ এক নতুন ধৰণৰ অনুভৱ আনে। ড° উত্তম দাস ভাষাক মাথোঁ কথোপকথনৰ মাধ্যম হিচাপে নহয়, বৰং জীৱনৰ গভীৰ অৰ্থ বিচাৰৰ হাতিয়াৰ হিচাপে বুজে। তেওঁৰ এই অভিনৱ সৃষ্টি আজিও বহু গৱেষক, সাহিত্যিক আৰু শিল্পপ্ৰেমীৰ বাবে এক চমকপ্ৰদ অনুপ্ৰেৰণা, যিয়ে অসমীয়াৰ কল্পনাশক্তি আৰু বৌদ্ধিক ক্ষমতাৰ এক অনুপম প্ৰতিচ্ছবি ৰূপে দাপোণত প্ৰতিফলিত হৈ আছে।

Dr. Uttam Das | ড° উত্তম দাস: দাপোণৰ ভাষাৰ আধাৰ
Join Telegram channel

🔹নাম (Name): ড° উত্তম দাস (Dr. Uttam Das)

🔹 জন্ম তাৰিখ (Date of Birth): ১৪ ছেপ্টেম্বৰ, ১৯৭৬  

🔹 জন্মস্থান (Place of Birth): কুলামুৱা গাঁও, ধেমাজি জিলাৰ, অসম  

🔹 পিতৃৰ নাম (Father’s Name): জ্যোতিষ দাস  

🔹 মাতৃৰ নাম (Mother’s Name): মিনতি দাস    

🔹 মাতৃভাষা (Mother Tongue): অসমীয়া আৰু বঙালী  

🔹 আগ্ৰহৰ ক্ষেত্ৰ (Field of Interest): ভাষা গঠন, বিকল্প ভাষা পদ্ধতি, ভাষাৰ প্রতিফলন  

🔹 বিশেষত্ব (Specialty): Mirror Language (দাপোণৰ ভাষা)  

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

🔹 দাপোণৰ ভাষাৰ সূচনা (Mirror Language Inception): ১৯৯৮ চন  

ড° উত্তম দাসৰ  শৈশৱ, পৰিয়াল আৰু শিক্ষাজীৱন | Childhood, Family and Educational Life of Dr. Uttam Das

ড° উত্তম দাসৰ জন্ম ১৯৭৬ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে ধেমাজি জিলাৰ কুলামুৱা গাঁৱত হৈছিল। তেওঁ জ্যোতিষ দাস আৰু মিনতি দাসৰ তৃতীয় সন্তান। শৈশৱকালৰে পৰা তেওঁ ভাষাৰ প্রতিফলন, গঠন আৰু বিকল্প পদ্ধতিৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল। শৈশৱকালতে তেওঁ ভাষাৰ অদ্ভুত বৈশিষ্ট্যৰ প্ৰতি আকৰ্ষিত হয়। অসমীয়া আৰু বঙালী ভাষা তেওঁৰ মাতৃভাষা, যদিও তেওঁৰ অভিগম প্ৰচলিত ভাষাৰ সীমাৰ পৰা বহু আগত আছিল। ছাত্ৰজীৱনতহে তেওঁ দাপোণৰ  ভাষাত চিঠি লিখি বন্ধুবৰ্গক আচৰিত কৰিছিল। তেতিয়াৰে পৰা আৰম্ভ হোৱা সাধনাই ১৯৯৮ চনত দাপোণৰ  ভাষা (Mirror Script) ৰূপে পৰিণতি লাভ কৰে।

ড° উত্তম দাসৰ দাপোণৰ ভাষাৰ এক অনন্য সৃষ্টি | Dr. Uttam Das is a unique creation of the Language of Mirrors

১৯৯৮ চনত শিলিগুৰিৰ NIIT-ত অধ্যয়নকালত তেওঁ প্ৰথমে ইংৰাজী ভাষাত “মিৰৰ” ৰূপ লিখা আৰু পঢ়া আৰম্ভ কৰে। এই অনুশীলন সময়ৰ সৈতে এক অভ্যাস হৈ পৰে, আৰু অন্ততঃ এটি বৈজ্ঞানিক ধাৰণাত পৰিণত হয়। তেওঁ এই পদ্ধতি ইংৰাজীৰ লগতে বাংলা, অসমীয়া, হিন্দী, উৰ্দু আৰু আৰবী ভাষাতো সফলভাৱে প্রয়োগ কৰে।

ড° উত্তম দাস (Dr. Uttam Das) ৰ তেওঁৰ মতে —

“উলটা পঢ়িলে মনটো চিধা হয়।”
এই কথাই এই ভাষাৰ অন্তৰ্নিহিত দৰ্শন বুজাই দিয়ে।

দাপোণৰ ভাষা কি?

দাপোণৰ ভাষা হৈছে এক বিশেষ ধৰণৰ লিখন শৈলী, য’ত শব্দবোৰ দাপোণত পৰিস্ফুট হোৱা প্ৰতিচ্ছবিৰ দৰে দেখা যায়। সহজভাৱে ক’লে, বাঁওফালৰ আখৰবোৰ সোঁফালত আৰু সোঁফালৰ আখৰবোৰ বাঁওফাললৈ উলটি যায়। এই ভাষা প্ৰচলিত লিখনৰ বিপৰীত, যি ড৹ উত্তম দাসৰ অসাধাৰণ চিন্তাধাৰাৰ ফলস্বৰূপ। তেওঁ এই পদ্ধতিক “এটা নতুন শৈলীৰ ভাষা” হিচাপে অভিহিত কৰিছে, যি মানুহক নতুনকৈ চিন্তাৰ পথ প্ৰদান কৰে।

ড৹ উত্তম দাসে কলেজীয়া দিনৰ পৰাই উলটো আখৰ লিখাত আগ্ৰহ দেখুৱাইছিল। তেতিয়াৰ পৰা তেওঁ নিজৰ চিন্তাধাৰা আৰু ভাবনাসমূহ উলটো ৰূপত লিখি নিজৰ বন্ধু-বান্ধৱীৰ মাজত দেখুৱাই আনন্দ পাইছিল। তেওঁলোকেও এই অভিনৱ শৈলী চিনি পলাই আনন্দিত হৈছিল। এই উৎসাহেৰে ড৹ দাসে দাপোণৰ ভাষাৰ অধ্যয়নত মনোনিৱেশ কৰে।
২০০৪ চন তেওঁলৈ এক বিশেষ বছৰত পৰিণত হয়, কিয়নো সেই বছৰত তেওঁ প্ৰথমবাৰৰ বাবে “Meditation and Its Preparation” নামৰ ইংৰাজী কিতাপখন দাপোণৰ ভাষাত প্ৰকাশ কৰিবলৈ সক্ষম হয়। এই সফলতাই তেওঁৰ আত্মবিশ্বাসক দৃঢ় কৰে আৰু নতুন নতুন গ্ৰন্থ ৰচনাৰ বাবে প্ৰেৰণা যোগায়।

 দাপোণৰ ভাষা মাথোঁ উলটা আখৰৰ খেলা নহয়, ই এটা নতুন চিন্তাধাৰাৰ আৱিষ্কাৰ। ড৹ উত্তম দাসে সৃষ্টি কৰা এই ভাষাই ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত এটা নতুন অধ্যায় আৰম্ভ কৰিছে।

                                                                     English Mirror Language By Dr. Uttam Das

English Mirror Language By Dr. Uttam Das

                                                                 Assamese Mirror Language By Dr. Uttam Das

Assamese Mirror Language By Dr. Uttam Das

                                                                  Hindi Mirror Language By Dr. Uttam Das

Hindi Mirror Language By Dr. Uttam Das

                                                                      Arabic Mirror Language By Dr. Uttam Das

Arabic Mirror Language By Dr. Uttam Das

দাপোণৰ ভাষাৰ গঠন আৰু বৈশিষ্ট্য

  • শব্দবোৰ বাওঁ পৰা সোঁ দিশলৈ পঢ়িব লাগে।
  • দাপোণত প্ৰতিফলন হোৱা ধৰণে পঢ়া-লিখা হয়।
  • কৌশলগতভাৱে ই এক এনক্রিপচন পদ্ধতি।
  • IQ বৃদ্ধিত সহায়ক আৰু মানসিক স্থিতি গঢ়াৰ উপায়।
  • গোপন তথ্য ৰক্ষা, গুপ্তচৰ আদান-প্ৰদানৰ ক্ষেত্ৰতো ব্যৱহাৰযোগ্য।

দাপোণৰ ভাষা কেনেদৰে পঢ়িব?

সাধাৰণ পাঠকে দাপোণৰ ভাষা পঢ়িবলৈ বিশেষ দক্ষতাৰ আৱশ্যকতা নাই। তলত দাপোণৰ ভাষা পঢ়াৰ সহজ উপায় দিয়া হ’ল:

  • ধাপ ১: দাপোণৰ ভাষাত লিখা লিখনি এখন লওক।
  • ধাপ ২: সেই লিখনিৰ ওচৰত এখন সমতল আয়না বা দাপোণ ৰাখক।
  • ধাপ ৩: দাপোণখনত যি লিখা প্ৰতিফলিত হৈছে, সেইটো স্বাভাবিকভাৱে পঢ়িব পৰা যাব।

এই ভাষাৰ সৌন্দৰ্য হ’ল—লিখনিসমূহ হ’ব পাৰে আঁকি চমু, কিন্তু দৃষ্টিৰ খেলৰ জৰিয়তে তাত নিহিত বাণীক মূৰ্ত ৰূপ দিয়া হয়। ইয়াৰ জৰিয়তে ড° দাসে এক নতুন বৈজ্ঞানিক, সাহিত্যিক আৰু চিত্ৰশিল্পমূলক দিশ উন্মোচন কৰিছে।

দাপোণৰ ভাষাৰ ব্যৱহাৰ আৰু দৰ্শন

ড° উত্তম দাস (Dr. Uttam Das) ৰ দৃষ্টিত, Mirror Language কেবল কৌশলগত বা শৈল্পিক প্ৰচেষ্টা নহয়, ই IQ বঢ়োৱা, মনোসংযোগ আৰু দৃষ্টিভংগী বিকাশ কৰা এক সাধনা।

Mirror Language ব্যৱহাৰ কৰিব পৰা ক্ষেত্ৰসমূহ—

  • গুপ্তচৰ তথ্য আদান-প্ৰদান
  • প্ৰতিৰক্ষা বিভাগ
  • আৰক্ষী বিভাগ
  • শিক্ষা আৰু অনুশীলন ক্ষেত্ৰ
  • আত্ম-উন্নয়ন আৰু ধ্যান অনুশীলন

তেওঁ Mirror Language-ৰ এটা সংগ্ৰহালয় আৰু গৱেষণাকেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনাও কৰিছে।

ড° উত্তম দাস (Dr. Uttam Das) ৰ মূল গ্ৰন্থসমূহ – দাপোণৰ ভাষাত সৃষ্টি কৰা সাহিত্য

ড° উত্তম দাসে ইতিমধ্যে ছটা ভাষাত দাপোণৰ ভাষাত ১৩ খন গ্ৰন্থ প্ৰকাশ কৰিছে। উল্লেখযোগ্য কিতাপসমূহ হ’ল:

  • নামঘোষা (অসমীয়া)
  • গীতাঞ্জলি (বাংলা)
  • ভগৱদ গীতা (হিন্দী)
  • The Holy Bible New & Old Testaments (ইংৰাজী)
  • কোৰান (আৰবী)
  • ত্রিপিটক (ইংৰাজী)
  • ভাৰতীয় সংবিধান (ইংৰাজী)
  • মেডিটেচন এণ্ড ইটচ প্ৰিপাৰেচন (ইংৰাজী)
  • এশ মানু্হ হওঁ (বাংলা)
  • মুনা মদন (নেপালী)
  • গুৰু গবিন্দ সিং (ইংৰাজী)
  • ঋকবেদ(হিন্দী)

এই সকলো কিতাপ দাপোণৰ ভাষাত লিখা হৈছে আৰু দাপোণৰ সহায়তহে পঢ়িব পৰা যায়।

ড° উত্তম দাস (Dr. Uttam Das) ৰ আন্তৰ্জাতিক স্বীকৃতি আৰু বিশ্বজনীন প্ৰচাৰ

  • ২০০৪: ইংৰাজীত “Meditation and Its Preparation” দাপোণৰভাষাত প্ৰকাশ।
  • ২০০৫: “New Testament” দাপোণৰভাষাত লিখি পোপ বেনেডিক্ট ষষ্ঠদশলৈ উপহাৰ প্ৰেৰণ।
  • ২০২৩: অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “নামঘোষা” দাপোণৰভাষাত উন্মোচন কৰে।
  • ২০২৫: “International Buddha Peace Award” লাভ, অসমৰ ৰাজ্যপাল লক্ষ্মণ আচার্যই প্ৰদান কৰে।

বঁটা আৰু সন্মান

  • চিলাপথাৰ ৰত্ন (২০২৩): স্বেচ্ছাসেৱী সংগঠন ‘শৰথি’ৰ পৰা।
  • International Buddha Peace Award (২০২৫)
  • লিমকা বুক অফ ৰেকৰ্ডছ (২০০৬) (World Record)
  • ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ (২০১৩) (বাইবেল)
  • এছিয়া বুক অফ ৰেকৰ্ডছ (২০১৩) (বাইবেল)
  •  ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ (২০১৩)  (নামঘোষা)
  • ৱৰ্ল্ড ৰেকৰ্ড ইণ্ডিয়া (২০১৩) (বাইবেল)
  • ইউনিক ৱৰ্ল্ড ৰেকৰ্ডছ (২০১৪) (বাইবেল)
  • এভাৰেষ্ট বল্টু ৰেকৰ্ডছ, নেপাল, (২০১৪) (বাইবেল)
  • সন্মানীয় ডক্টৰেট ডিগ্ৰী ( ইংলেণ্ডৰ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্হিটি সমাবৰ্তন, ২৩ মাৰ্চ, ২০১৪)
Limca Book Of Record
World Recod
India Book of Record Certificate To Dr. Uttam Das
Everest World Record Certificate to Dr. Uttam Das

আন্তঃৰাষ্ট্ৰীয় বুদ্ধ শান্তি বঁটা ২০২৫ ড° উত্তম দাসলৈ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত Mirror Language (দাপোণৰ ভাষা)ৰ জৰিয়তে অসম তথা ভাৰতক গৌৰৱান্বিত কৰা ড° উত্তম দাসক ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় বুদ্ধ শান্তি বঁটা আৰু গৌৰৱশ্ৰী সম্মান প্ৰদান কৰা হয়। এই বঁটা প্ৰতি বছৰে মৈত্ৰীৰ পীচ ফাউণ্ডেচনৰ উদ্যোগত বিশ্বজুৰি শান্তি, মানৱতা আৰু বৈজ্ঞানিক ভাবনাৰ বিস্তাৰৰ ক্ষেত্ৰত অৱদান ৰখা ব্যক্তিত্বসকলক প্ৰদান কৰা হয়।

২০২৫ চনৰ ২ মে’ তাৰিখে, গুৱাহাটীস্থিত হোটেল ৰেডিছন ব্লুত আয়োজিত বিশেষ অনুষ্ঠানত, ৰাজ্যপাল লক্ষ্মণ আচার্যই আনুষ্ঠানিকভাৱে ড° উত্তম দাসলৈ এই বঁটা প্ৰদান কৰে।

Dr. Uttam Das engaging in impactful social work

Dr. Uttam Das engaging in impactful social work

তথ্যচিত্ৰ: “দৰ্পণ ভাষা

ড° উত্তম দাসৰ জীৱন, দৰ্শন আৰু সৃষ্টি আধাৰিত তথ্যচিত্ৰ “দৰ্পণ ভাষা” পৰিচালনা কৰে অৰূপ মান্নাই আৰু প্ৰযোজনা কৰে ৰাণু ৰয়ে। এই তথ্যচিত্ৰ ২০২৫ চনৰ ৩০ মে’ গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদৰ্শিত হয়।

ভৱিষ্যৎ পৰিকল্পনা আৰু দাপোণ সংগ্ৰহালয়

তেওঁ বিশ্বাস কৰে, দাপোণৰ ভাষা ৰক্ষা বিভাগ, আৰক্ষী, আৰু গোপন সংযোগ ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ ব্যক্তিগতভাৱে “দাপোণ সংগ্ৰহালয়” গঢ়ি তুলিবলৈ উদ্যোগী, য’ত এই ভাষা, চিত্র, গ্ৰন্থ আৰু প্ৰযুক্তি সংৰক্ষিত হ’ব।

উপসংহাৰ | Conclusion 

ড° উত্তম দাস কেৱল এজন ভাষাবিদ বা গৱেষক নহয় — তেওঁ অসমৰ সাংস্কৃতিক আৰু ভাষাগত ভৱিষ্যৎৰ দীপ্ত দিশাৰ্থী। দাপোণৰ  ভাষাৰ সৃষ্টি তেওঁৰ অধ্যৱসায়, ধৈৰ্য্য আৰু আত্মবিশ্বাসৰ ফল। তেওঁৰ “দাপোণৰ ভাষা” এক আত্ম-প্ৰতিফলনৰ মাধ্যম, যি কেৱল এক লেখনীৰ কৌশল নহয়, বৰং চিন্তা, দৰ্শন আৰু আধ্যাত্মিক জ্ঞানৰ এক আধাৰ। তেওঁ বিশ্বমান্যতা লাভ কৰিছে নিজৰ ব্যতিক্ৰমী চিন্তাধাৰাৰ জৰিয়তে। ড° উত্তম দাসৰ সৃষ্টি Mirror Language (দাপোণৰ ভাষা)য়ে অসমীয়াৰ গৰিমা বৃদ্ধি কৰিছে, বিশ্বজুৰি ভাষা, দৰ্শন আৰু গৱেষণাৰ ক্ষেত্ৰত এটা নতুন পথ প্ৰদৰ্শন কৰিছে। আন্তঃৰাষ্ট্ৰীয় বুদ্ধ শান্তি বঁটা-২০২৫ তেঁওৰ এই অবিস্মৰণীয় যাত্ৰাৰ এটা স্বীকৃতি স্বৰূপ। দাপোণৰ  ভাষা যি আজিও বহুজনৰ বাবে এক বিস্ময়, সেইয়া তেওঁৰ বাবে আত্ম-প্ৰতিফলনৰ এক উপায়।

তেওঁৰ যাত্ৰা, এখন দাপোণৰ  দৰে – য’ত বহুতেই নিজৰ প্রতিবিম্ব বিচাৰি পাব পাৰে।

Read also: Hippocrates Biography

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top