খণ্ডবাক্য, বাক্যাংশ আৰু জতুৱা ঠাঁচ | Clause and Phrase

(ক) খণ্ডবাক্য গোটেই বাক্যৰ এটা অংশ। খণ্ডবাক্যত কৰ্তা আৰু সমাপিকা ক্রিয়া থাকে। খণ্ডবাক্য নিজেই এটা বাক্য। ইংৰাজীত ইয়াক Clause বোলে। যেনে চকুত বালি মৰা এটা খণ্ডবাক্য। পৰীক্ষাত জতুৱা ঠাঁচ দি বাক্য ৰচনা কৰিবলৈ দিয়া হয়। চকুত বালি মৰা—পুলিচৰ হাতৰ পৰা খুনী আচামী চকুত বালি মাৰি পলাই গ’ল। এনেকুৱা কিছুমান উদাহৰণ তলত দিয়া হল-

খণ্ডবাক্য, বাক্যাংশ আৰু জতুৱা ঠাঁচ

খণ্ডবাক্য, বাক্যাংশ আৰু জতুৱা ঠাঁচ

Join Telegram channel

1. তলত দিয়া খণ্ড বাক্যৰে যথাৰ্থ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা। 

  • মূৰে ভৰি কঢ়া (অতপালি কৰা) — ধনৰ অহংকাৰত সি গুৰু গোঁসাই নেমানি মুৰে ভৰি কাঢ়িবলৈ আৰম্ভ কৰিছে।
  • চকু থাকি খালত পৰা (জানি শুনিও বিপদত পৰা) — অকৃতজ্ঞ মানুহৰ লগত বন্ধুত্ব কৰা আৰু সাপৰ লগত একে ঘৰত বাস কৰাৰ অৰ্থই হৈছে চকু থাকি খালত পৰা। 
  • চকু মুদা কুলি (ভাও ধৰি থকা)—চোৰটোৱে পুলিছৰ আগত চকু মুদা কুলিৰ দৰে আছে।
  • চকুত বালি মৰা (ফাকি দিয়া, ছলনা কৰা ) — পুলিছৰ হাতৰ পৰা চোৰটো চকুত বালি মাৰি পলাল।
  • চকুৰ কুটা, দাঁতৰ শূল (ঘোৰ শত্ৰু) — অপ্রিয় সত্য কথাবোৰ ৰাইজৰ আগত বেকত কৰি দিয়া কাৰণে ধনীৰাম নেতা সকলৰ চকুৰ কুটা দাঁতৰ শূল হৈ পৰিল।
  • হাত এৰি হেতালি খেদা (সুচল হলত এৰি দি পিছত ব্যর্থ চেষ্টা কৰা) — গোটেই বছৰ সি এদিনলৈকেও পাঠ্যপুথি হাতেৰে নুচুলে, এতিয়া পৰীক্ষাৰ তিনিদিন আগত “Sure Success” খিনি লৈ হাত এৰি হেতালি খেদিছে।
  • মনৰ বাঘে খোৱা (কাল্পনিক ভয়ত ভয়াতুৰ হোৱা) — মাওপিত নোহোৱা মানুহক হাবিৰ বাঘে খোৱাৰ আগতে মনৰ বাঘেহে খায়। 
  • আঁকোৰ গজালি (ধৰা কথা বা কামত নেৰানেপেৰাকৈ লগা) — আঁকোৰ গজালি স্বভাৱৰ মানুহক উপদেশ দি লাভ নাই, সিহঁতে নিজৰ মত কেতিয়াও নেৰে। 
  • আধানার্জি (আধাহানি হোৱা) — দেউতাক ঢুকুৱাৰ পিছতে পুতেকে পৈত্রিক সম্পত্তি আধানাৰ্জি কৰিলে ।
  • চকুত লগা (শুৱনি, ৰূপহ) — আজিকালি গুৱাহাটী নগৰখন চকুত লগা হৈ উঠিছে। 
  • চকু পোৰা (আনৰ ভাল দেখিব নোৱাৰা) — হাজৰিকাই হঠাতে ধনী হোৱা দেখি বহুতৰ চকু পুৰিছে।
  • চকু গজা (ডাঙৰ বা জকাবুজা হোৱা)—মনিৰ লৰাটি এতিয়া চকু গজিল। তাক আৰু কোনেও ঠগিব নোৱাৰি।
  • শাল চকুৱা (ভালবেয়া অলপতে চিনিব পৰা) — শাল চকুৱা মেকুৰীটোৰ আগত কোনো বস্তু লুকাই থব নোৱাৰি।
  • দাঁতে ওঁঠে নলগা (কাজিয়া নলগা ) — ইমান দিন একেলগে আছো, তথাপি আমাৰ এতিয়ালৈও দাঁতে ওঁঠে লগা নাই।
  • হাত লৰ (চোৰ) — হাত লৰ চাকৰটোৰ কাৰণে বস্তু এটা যতে ততে থব নোৱাৰি।
  • হাত দীঘল (ক্ষমতাশালী) — হাত দীঘল লোকে ৰাজহুৱা কামলৈ ভয় নকৰে।
  • কাণ কটা (লাজ নোহোৱা) — কাণ কটা স্বভাৱৰ লৰাই একোতেই লাজ নাপায় । 
  • হাত উঠা (উন্নতি হোৱা) — তেওঁ যি কামত লাগে তাতেই তেওঁৰ হাত উঠে। 
  • হাত পৰা (লোকচান) — এইবাৰ হৰিৰ ব্যৱসায়ত হাত পৰিল।
  • পেট কুলি (পেটকপটীয়া) — পেট কুলি মানুহৰ আগত বিশ্বাসৰ কথা কোৱা অনুচিত।
  • কান-বাগৰা কথা (লোকৰ মুখৰ পৰা শুনা কথা) — কান-বাগৰা কথাত বৰকৈ পতিয়ন গলে কেতিয়াবা বিপদত পৰিব লাগে।
  • পানীৰ মিঠৈ (অলীক কল্পনা) — ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হোৱা কথাটো সিদিনালৈ অসমীয়া মানুহৰ মনত পানীৰ মিঠে আছিল। 
  • পানীত হাঁহ নচৰা (অতিপাত বিপদ হোৱা) — মানে আহি গোটেই অসমখন পানীত হাঁহ নচৰা কৰিছিল। 
  • ভেৰাকুটি (ধেমালিৰ নিমিত্তে কৰা মিছা ভাও) — ল’ৰাকেইটিয়ে কৰা ভেৰাকুটিৰ কাৰণতে তুমি খং কৰা নে ?

(খ) বাক্যাংশ — বাক্য এটাৰ ভিতৰত বাক্যাংশ এটা অংশ। এইটোৰ কৰ্তা, সমাপিকা ক্রিয়া না থাকে। যেনে সময়ৰ 

শৰ — সময়ৰ শৰ মাৰিব নেজানিলে শহাপহুৰ মাংস খোৱাৰ আশা কৰা মিছা। সাতঘাটৰ চেঙেলী — (অতি চালাক চতুৰ) লৰালি কালৰ শ্ৰীকৃষ্ণক মাধৱদেৱে সাতঘাটৰ চেঙেলি বুলি কৈছে। তলত কিছুমান বাক্যাংশৰ উদাহৰণ দিয়া হল । অসমীয়াত ইয়াক জতুৱা ঠাঁচ বুলি কোৱা হয় আৰু ইয়াক ইংৰাজীত Phrase বোলে। 

  • আকালৰ ভাত (বিপদৰ সহায়) — মোৰ বেমাৰৰ সময়ত তেওঁ দিয়া আকালৰ ভাতৰ দৰে ধনখিনিৰ কথা মই জীৱনত নেপাহৰো।
  • ডলাৰ বগৰী (বাগৰি ফুৰা) — ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা মানুহৰ কেতিয়াও উন্নতি নহয় ।
  • মনে পতা — “তুমি মোৰ মনে পতা দৰা”।
  • গা কৰা — হাইজা বেমাৰৰ পিচত সি গা কৰিবই পৰা নাই।
  • পানী কৰা — হাড়ক কাটি তেজক পানী কৰি কাম কৰাৰ সুফল আহিবই। 
  • হাত পাত — য’তে ত’তে পইচাৰ কাৰণে হাত পাতিলে সম্মান হানি হয়। 
  • সময়ৰ শৰ — সময়ৰ শৰ মাৰিব নেজানিলে শহাপহু খাবলৈ আশা কৰা মিছা। 
  • গা উঠে — বিহু নাচ দেখিলে বুঢ়াৰো গা উঠে।
  • মূৰ দি উঠ — মোৱামৰীয়াৰ বিদ্ৰোহ মূৰ দি উঠিছিল ৰাজশক্তিৰ দুৰ্বলতাৰ কাৰণেই।
  • কাণ থিয় — চিকাৰীৰ শব্দ পাই শহাপহুটোৱে কাণ থিয় কৰিলে।
  • গাই-বাই চোৱা — কোনো কাম কৰিব পৰা নহব বুলি জানিলেও গাই-বাই চোৱা (কিছু পৰিমাণে চেষ্টা কৰা) ৰাইজৰ স্বভাব।
  • গা নচুৱাই ফুৰা — গা- নচুৱাই ফুৰা ছোৱালীক সাধুলোক অসৎ বোলে।
  • বিধি পথালি দিয়া — অসমৰ উন্নয়ন পৰিকল্পনা কাৰ্যকৰী কৰাত প্ৰাকৃতিক দুৰ্যোগ বাৰুকৈয়ে বিধি পথালি দিয়ে।
  • টুপাই বুৰ মাৰ — শিহুৱে পানীত টুপাই বুৰ মাৰে ।
  • শহাকণীয়া — (সজাগ, সতৰ্ক) গুপ্তচৰবিলাক সদায় শহাকণীয়া হয়।
  • চকুচৰহা — চকুচৰহা লোক আনৰ উন্নতি দেখি ভাল নাপায়।
  • কপাল ফুটা — কপাল ফুটা মানুহক বিপদে পিচে পিচে খেদে। 
  • সাপে সাপৰ ঠেং দেখ্ — সমগোত্রীয়, বুজোৱাইহে বুজোতাক বুজে। 
  • সান্দহ খোৱা বালি তল যা — সুবিধা বা ভোগৰ ঘাটি নষ্ট হোৱা।
  • সাতঘাটৰ চেঙেলী — অতি চালাক-চতুৰ। সি এজন সাতঘাটৰ চেঙেলী। 
  • শিৰ ফুটা — নামকৰা ; মহৎ বা বিজ্ঞ হোৱা। তাৰ এতিয়া শিৰ ফুটিছে।
  • ঢৌটোকে ৰৌটো কৰ — একো নোহোৱাতে হোৱাৰ বোমা ফুটোৱা; তিলক তাল কৰা। ৰামে ঢৌটোকে ৰৌটো কৰিছে।
  • মূৰত আকাশী চৰগ ভাগি পৰা — আকস্মিক বিপর্যয় হোৱা।
  • ভূতৰ ওপৰত দানহ — বিপর্যয়ৰ ওপৰত অধিক বিপর্যয়। 
  • বিনা মেঘে বজ্রপাত — কাৰণ নোহোৱাকৈ হোৱা বিপর্যয়। 
  • বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী — মূল্যহীন ভেম, ভুৱাছালি। 
  • পৰ্বতৰ কাষত কাছৰ কণী বিচৰা — অসম্ভৱক সম্ভৱ কৰিবলৈ যোৱা। 
  • গাখীৰতে ম’হৰ খুটি — সুবিধাৰ উপৰি সুবিধা ; অতিপাত সুবিধা।
  • কুন্দত কটা — সুগঢ়িত ; বৰ ধুনীয়া ।
  • পিতৃক যি হত্যা কৰিছে — পিতৃঘাতী, পিতৃহন্তা — পিতৃঘাতী মানুহে জীৱনত শান্তি লাভ কৰিব নোৱাৰে।
  • যি উপকাৰ কৰোতাৰ অপকাৰ কৰে, কৃতঘ্ন — কৃতঘ্ন মানুহক বিশ্বাস কৰিব না লাগে। 
  • নিজকে যি হত্যা কৰিছে — আপোনঘাতী, আত্মঘাতী — সেই আপোনঘাতী কামটোৰ কাৰণেই সি ধ্বংস হৈ গ’ল।
  • যি সহ্য কৰিব পাৰে — সহনশীল — সহনশীল বাবেই সি ইমান বিপদৰ মাজেদি পাৰ হৈ গ’ল।
  • যি নিজকে পণ্ডিত বুলি ভাবে — পাণ্ডিত্যাভিমানী — (সংস্কৃত — পণ্ডিতম্মন্য) — পাণ্ডিত্যাভিমানী মানুহজনে সভাত হাঁহিৰ খলকনি তুলিছিল। 
  • গোপনীয় হৈ থকা — গুপ্ত — সেই গুপ্ত কথাটো সি এনেদৰে ফাদিল কৰি দিব নালাগিছিল।
  • লোপ পাই যোৱা — লুপ্ত —পুৰণি সভ্যতাবোৰৰ ভালেমান কেবাটাও লুপ্ত হৈ গৈছে।

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top