Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ

Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ and select needs one.

Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। হৰপ্পা যুগৰ কৃষি প্ৰণালীৰ চমু আভাস দিয়া । অথবা , হপ্পা যুগৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল ? 

উত্তৰঃ সেই সময়ত কৃষিয়েই আছিল মানুহৰ জীৱিকাৰ প্রধান উৎস । মাটিবােৰ পলসুৱা হােৱাৰ লগতে খেতিৰ কাৰণে জলবায়ু উপযােগী আছিল।ইয়াৰােপৰি খেতিৰ কাৰণে উপযুক্ত জলসিঞ্চন পদ্ধতিও গ্রহণ কৰা হৈছিল । উদাহৰণ হিচাপে সিন্ধু নদী আৰু আন অঞ্চলত অৱস্থিত নদীসমূহৰপৰা খেতি পথাৰলৈ পানী যােগান ধৰাৰ ব্যৱস্থা আছিল । ফলত প্রচুৰ পৰিমাণ খাদ্য উৎপাদন সম্ভৱ হৈছিল ।খেতিয়সকলে বছৰত দুটা খেতি কৰিছিল । সেই দুবিধ কৃষি হ’ল ৰবি আৰু খাৰিফ শস্য । উৎপাদিত শস্যসমূহৰ ভিতৰত গম , বার্লি , বজৰা , জোৱাৰ , মটৰ – মাহ , বুট মাহ , মচুৰমাহ , তিল , তিচি , সৰিয়হ আৰু কপাহ আছিল প্রধান । 

কৃষিত নাঙলৰ ব্যৱহাৰ দেখা যায় । বানৱালী আৰু বাহাবালপুৰত টেকোটাৰ পুৰণানাঙলে ইয়াৰ সাক্ষী বহন কৰে । আনহাতে উত্তৰ – পূব আফগানিস্তানৰ ছাৰটুখাই নামে ঠাইত শিৰলু থকা হাল বােৱা পথাৰৰ নমুনাও পােৱা গৈছে । সেই অঞ্চলত নদীৰ পৰা খাল খান্দি খেতি পথাৰত পানী যােগান ধৰাৰ প্ৰমাণ পােৱা গৈছে । ঘৰত ব্যৱহাৰ কৰাৰ দৰে কুঁৱা খান্দি সেই যুগৰ মানুহে কৃষি পথাৰত পানী যােগান ধৰাৰ ব্যৱস্থা হাতত লৈছিল বুলি তথ্যৰ পৰা জনা যায় । গতিকে ওপৰৰ তথ্যৰ পৰা দেখা যায় সিন্ধু উপত্যকাৰ যুগৰ মানুহৰ খেতি আছিল । জীৱিকাৰ প্রধান উৎস ।

প্রশ্ন ৩। হৰপ্পা আৰু মহেঞ্জোদাৰ যুগৰ ঘৰ – দুৱাৰ , ৰাস্তা – পদূলি আৰু নলা নর্দমাৰ বিষয়ে চমুকৈ আলােচনা কৰা । অথবা , মহেঞ্জোদাৰােৰ গৃহ স্থাপত্যকলা প্রণালী সম্পর্কে ব্যাখ্যা কৰা ।

উত্তৰঃ ( ক ) ঘৰ – দুৱাৰ :- হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাৰ যুগৰ ঘৰ – দুৱাৰবােৰৰ গঠন প্রণালী অতি পৰিকল্পিত আছিল । ঘৰবিলাক কেবা মহলীয়া আছিল । কোনাে কোনাে ঘৰৰ দেৱাল সাতফুট পর্যন্ত ডাঠ আছিল । তেনে ঘৰবােৰ চহকীলােকৰ আছিল । ঘৰবােৰ ভাটাত তৈয়াৰী পােৰা ইটাৰে নির্মিত আছিল । ঘৰবােৰ বিভিন্ন আকাৰৰ আছিল । চোতালৰ চাৰিওপিনে ঘৰবােৰ নিৰ্মাণ কৰা হৈছিল । ঘৰৰ আকাৰ সাধাৰণতে সমকোণী আছিল ।

( খ ) ৰাস্তা – পদূলি :- ৰাস্তাবােৰ সাধাৰণতে সু – পৰিকল্পিত আৰু আহলবহল আছিল । ঘৰত প্রৱেশ কৰাৰ কাৰণে মূল ৰাস্তাৰ পৰা সৰু সৰু ৰাস্তাবােৰ তৈয়াৰ কৰিছিল ।

( গ ) নলা নর্দমা :- ৰান্ধনি ঘৰ আৰু গা – ধােৱা ঘৰৰ পৰা তেলেৰা পানীবােৰ ওলাই যােৱাৰ কাৰণে পকী নলাৰ সৃষ্টি কৰা হৈছিল । এই পানীবােৰ মূল নলাত পৰি সেইবােৰ সিন্ধুনদীত পৰিছিল । নলা – নর্দমাবােৰ পােৰা ইটাৰে তৈয়াৰী আছিল । নলাবােৰ মাজে সময়ে চাফ কৰাৰ কাৰণে ইয়াৰ ওপৰত প্রয়ােজন অনুসৰি ঢাকনি দিয়া হৈছিল । 

প্রশ্ন ৪। হৰপ্পা যুগৰ ধর্মীয় দিশৰ প্রধান বৈশিষ্ট্যবােৰ আলােচনা কৰা ।

উত্তৰঃ ঐতিহাসিক আৰ চি মজুমদাৰৰ মতে হৰপ্পা যুগত মাতৃপূজাৰ প্ৰচলন দেখা যায় । দেৱী শক্তিৰ প্রতীক —শক্তিৰূপে প্রতিষ্ঠাতা । অৱশ্যে পিছৰ কালৰ শক্তি পূজাৰ সৈতে দেবীপূজাৰ শাদৃশ্য নাথাকিবও পাৰে । তেনেহ’লেও মূল বিশ্বাসৰ সােনত ক্ষেত্ৰত একেই আছিল । 

হৰপ্পা সভ্যতাত দেৱী আছিল শক্তি আৰু উৰ্বৰতাৰ প্রতীক । মাটি খান্দি পােৱা কোনাে মূর্তিত জুইৰ ধোৱা লগাৰ চিন দেখা গৈছে । ইয়াৰ পৰা সেই সময়তাে মূর্তিৰ আগত ধূপ – ধূনা জ্বলাইপূজা অর্চনাৰ প্ৰমাণ পােৱা যায় । মহেঞ্জোদাৰােত উদ্ধাৰ হােৱা চীল – মােহৰৰ ধ্যানমগ্ন চক্ষু মুদ্রিত পদ্মাসনত উপবিষ্ট এটি মূর্তি দেখিবলৈ পােৱা গৈছে । মূর্তিটোৰ তিনিটা মূৰ , তিনিটা শিং আৰু তিনিখন মুখ আছিল । মূর্তিটোৰ চাৰিওপিনে জীৱ – জন্তুৱে আৱৰি আছে । বহুতাে পণ্ডিতে এইটো শিৱৰ পূর্ব সংস্কৰণ বুলি ক’ব খােজে । কাৰণ শিৱক ত্রি – মূর্তি , পশুপতি আৰু মহাযােগী বুলি কোৱা হয় । 

মূর্তিটোৰ মূৰত থকা শিঙক ত্রিশূলৰ পূর্ব সংস্কৰণ বুলি ধৰি ল’ব পাৰি । এনে দেৱতাক বহুলােকে উৰ্বৰতাৰ দেৱতা বুলি মানি ল’ব খােজে । এইবােৰৰ উপৰি সিন্ধু সভ্যতাৰ যুগত শিৱলিংগৰ আকৃতিৰ বহুতাে পাথৰ উদ্ধাৰ হৈছে । গতিকে ইয়াৰপৰা অনুমান কৰিব পাৰি যে শিৱৰ উপাসনা সেইসময়ৰ পৰাই চলি আহিছে । ইয়াৰােপৰি ধৰ্মীয় প্রতীক হিচাপে স্বস্তিকা চিন ব্যৱহাৰ কৰা হৈছিল । শিৱ পূজাৰ উপৰি গছ – গছনি , শিল , নদ-নদী আৰু জীৱ – জন্তুক প্রকৃতিৰ আধাৰ হিচাপে পূজা – অর্চনা কৰা হৈছিল । এইবােৰ ভিতৰত ভাল বেয়া , ভূত – প্রেত আদিবােৰ লুকাই থকা বুলি বিশ্বাস কৰা হৈছিল । স্বস্তিক চিনৰ ব্যৱহাৰ সূর্য পূজাৰ প্ৰচলন পােৱা যায় । 

প্রশ্ন ৫। সিন্ধু উপত্যকাৰ সভ্যতাৰ এটি বর্ণনা দিয়া । এই সভ্যতাৰ ঐতিহাসিক গুৰুত্ব কি ? 

উত্তৰঃ বুৰঞ্জীবিদসকলৰ মতে সিন্ধু উপত্যকাৰ সভ্যতা ভাৰতীয় সভ্যতাৰ ভিতৰত আটাইতকৈ প্রাচীনতম আৰু এক নগৰকেন্দ্রিক সভ্যতা বুলি ক’ব পাৰি । ভাৰত পৰাধীন হৈ থকাৰ সময়ত সেই

সময়ৰ প্রত্নতাত্ত্বিক বিভাগৰ ডাইৰেক্টৰ জেনেৰেল ছাৰ জন মাৰ্চাল – এ পােন প্রথমে সিন্ধু উপত্যকাৰ সভ্যতাৰ আৱিষ্কাৰৰ কথা ঘােষণা কৰে । ইয়াৰ পিছত ১৯২১ চনত সিন্ধু প্রদেশৰ লাৰকানা জিলাৰ মহেঞ্জোদাৰো ( বর্তমান পাকিস্তানৰ অন্তর্ভুক্ত ) আৰু পাঞ্জাৱৰ হাত খনন কার্য চলায় । এই নগৰ দুখনৰ ধ্বংসাৱশেষ আৱিষ্কাৰ হােৱাৰ আগলৈ মানুহে আৰ্যসভ্যতাকে ভাৰতৰ প্রাচীনতম সভ্যতা বুলি গণ্য কৰিছিল । সিন্ধু উপত্যকাৰ সভ্যতা আৱিষ্কাৰ হােৱাৰ পাছত এই সভ্যতাই আর্যসভ্যতাৰ ওপৰত প্ৰভাৱ পেলাই সভ্যতাৰ মান উন্নত কৰাত সহায় কৰিছিল । 

মহেঞ্জোদাৰাে ভগ্নাৱশেষৰ পৰা সহজে অনুমান কৰিব পাৰি যে অতি প্রাচীনকালত লােকসকলে নগৰ পৰিকল্পনা আৰু স্বাস্থ্য – বিজ্ঞানতএক উচ্চ মানৰ কৌশল প্রয়ােগ কৰিছিল । বহু পৰিকল্পিত হৈ থকা শাৰী শাৰী ৰাস্তাবােৰ বিভিন্ন বিভাগবােৰৰ আৰু চৰকাৰী ঘৰবােৰৰ লগত সংযােগ আদিৰ পৰাই নগৰখন পৰিকল্পিতভাৱে তৈয়াৰ কৰা বুলি সহজে অনুমান কৰিব পাৰি । ৯ ফুটৰ পৰা ৩৪ ফুটলৈ প্রশস্ত আলিবাট মহেঞ্জোদাৰােত আবিষ্কৃত হৈছে । আলিবাটৰ দুয়ােকাষে সুন্দৰ সুন্দৰ গৃহসমূহ নির্মাণ কৰা হৈছিল । গৃহ বা ঘৰবােৰ দুই – তিনিমহলীয়া আৰু আহল-বহল আছিল।নগৰখনৰ প্ৰতিটো পথতে ৰাজহুৱা কুঁৱা আৰু গা – ধােৱা ঘৰ আছিল । প্রত্যেকটো থকা ঘৰৰ লগত একোটাকৈ পকীনাদ আৰু স্নানাগাৰ আছিল । স্নানাগাৰৰ পৰা বাহিৰলৈ পানী ওলাই যাব পৰা সুন্দৰ নলাৰ ব্যৱস্থা , ঘৰবােৰৰ গঠন প্রণালীৰ দ্বাৰা ধনী দুখীয়াৰ বাসস্থান পার্থক্য বুজা যায়।সুবৃহৎ গড়ৰেন গৰখনক সুৰক্ষিত কৰি ৰাখিছিল । দালান আৰু ঘৰবােৰত বহুতাে খিৰিকী আছিল । 

হৰপ্পাত সকলােতকৈ উল্লেখযােগ্য দালান হ’ল এটি বিশাল শস্যৰ ভঁৰাল । এইটো দীঘে ১৬৯ ফুট আৰু পথালিয়ে ১৩৫ ফুট আছিল । বনুৱাসকলৰ কাৰণে ১৪ টা সৰু সৰু দালান এটি ব্লক পােৱা গৈছে । 

সিন্ধু উপত্যকাৰ সভ্যতা ভাৰতীয় ইতিহাসৰ এক গৌৰৱময় অধ্যায় বুলি কব পাৰি । সিন্ধু উপত্যকাৰ সভ্যতাই আর্যসভ্যতাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে । সিন্ধু উপত্যকাৰ সভ্যতাৰ নিদর্শন আন আন বহুতাে ঠাইত পােৱা গৈছে । বেলুচিস্তান , ভৱালপুৰ , প্রভৃতি অঞ্চলতাে খননকার্যৰ ফলত এই সভ্যতাৰ চিহ্ন আদি পােৱা গৈছে । 

নগৰকেন্দ্রিক সভ্যতা :- মহেঞ্জোদাৰো আৰু হাত খান্দি খােৱা বিভিন্ন ধ্বংসাৱশেষৰ পৰা এইটো সহজে অনুমান কৰিব পাৰি যে উভয় চহৰ দুখন উন্নত পৰিকল্পনাৰ দ্বাৰা নির্মাণ কৰা হৈছিল । এই দুখন ঠাইৰ মাটি খান্দি যি ভগ্নাৱশেষ অৱিষ্কাৰ কৰা হৈছে তাৰ পৰা বুজিব পৰা যায় যে অন্ততঃ পাঁচ হাজাৰ বছৰ আগতে সিন্ধু নদীৰ উপত্যকাত প্রাচীন কালত এটা উন্নত সভ্যতাই গঢ় লৈ উঠিছিল । ইয়াৰ পৰা ভাৰতীয় সভ্যতাৰ প্রাচীনত্ব নিঃসন্দেহে উপলব্ধি কৰিব পাৰি । শিল আৰু তামৰ যুগৰ দোমােজাতে এই সভ্যতাই বিকাশ লাভ কৰে । 

ধ্বংসাৱশেষৰ পৰা সেই কালৰ নগৰ পৰিকল্পনা আৰু গৃহনির্মাণ প্রণালীৰ এটা আভাস পােৱা যায় । নগৰৰ ৰাজপথৰ দুয়ােকাষে ইটাৰে শৃংখলা লগাই সজা শাৰী শাৰী ঘৰ , প্রতি ঘৰৰ লগতে একোটাকৈ পকী নদা , গা – ধােৱা ঘৰ আৰু পানী চলাচল কৰিবলৈ নির্মাণ কৰা সুন্দৰ খালেৰে পৰিপূৰ্ণ আছিল । নগৰৰ চাৰিওফালে ইটাৰে নির্মিত গড় আছিল । নগৰৰ পানী যােগান ব্যৱস্থা অতি উন্নত ধৰণৰ আছিল । সুন্দৰ কাৰুকাৰ্যৰ সুশােভিত মাটি আৰু তামৰ পাত্ৰ আৰ সােণেৰে অংকিত কৰা বলদ আৰু অন্যান্য প্রতিকৃতিয়ে সেই যুগৰ শিল্পকলা আৰু প্ৰতিভাৰ চানেকী দাঙি ধৰিছে । হাত উদ্ধাৰ হােৱা শিলামূর্তিয়ে সেই যুগৰ উচ্চস্তৰৰ ভাস্কর্য আৰু শিল্প প্রতিভাৰ পৰিচয় দিয়ে । 

হৰপ্পা আৰু মহেঞ্জোদাৰােত উন্নত ধৰণৰ অর্থনৈতিক অবস্থা আছিল । প্ৰচুৰ পৰিমাণৰ খাদ্য আৰু উপযুক্ত পৰিবহণ ব্যৱস্থা আছিল । প্রচুৰ পৰিমাণৰ খাদ্য , উপযুক্ত পৰ্বিহণ ব্যৱস্থা আদি নাথাকিলে এইদৰে নগৰ স্থাপন হয়তাে সম্ভৱ নহ’লহেঁতেন । মােহৰত নানা প্রকাৰৰ লিপিৰ ব্যৱহাৰ দেখা গৈছিল । সিন্ধু উপত্যকাৰ ভিন ভিন অঞ্চলৰ পৰা মুঠপ্রায় দুহেজাৰৰাে অধিক বেছিচিল মােহৰ আৱিষ্কাৰ হৈছে । 

ঐতিহাসিক গুৰুত্ব :- সিন্ধু উপত্যকাৰ সভ্যতাৰ সকলােবােৰ দিশ চালি – জাৰি চাই বহুতাে ইতিহাসবিদে ভাৰতীয় ইতিহাসত সিন্ধু উপত্যকাৰ সভ্যতাই এক গুৰুত্বপূৰ্ণ ঠাই দখল কৰি গৈছে বুলি মত পােষণ কৰিছে । কাৰণ সিন্ধু নদীৰ সভ্যতা অতি প্রাচীনতম ভাৰতীয় সভ্যতা আৰু ই সকলাে ফালৰ পৰা পূর্ণতা লাভ কৰা একনগৰীয়া সভ্যতা আছিল । সেয়ে ভাৰতীয়সকলৰ জীবন চর্চাৰ ক্ষেত্ৰত সিন্ধুসভ্যতাৰ দান অস্বীকাৰ কৰিব নােৱাৰি । এই সভ্যতাৰ পৰাই পিছৰ কালৰ আর্য সভ্যতাই বহুতাে ধ্যান – ধাৰণা , ধর্ম – কর্ম আদি গ্ৰহণ কৰাৰ প্ৰমাণ পােৱা যায় । ইয়াৰ উপৰি মাতৃদেৱীৰ আৰাধনা , জীৱ – জন্তু আৰু দক্ষৰ উপাসনা , শিৱৰ প্রতি আৰাধনা , মূর্তি পূজা , লিংগ আদি ধর্মীয় দিশৰ বিভিন্ন প্রতিফলন হিন্দুধৰ্মৰ ওপৰত পৰাৰ প্ৰমাণ পােৱা যায় । ভাৰতীয়সকলৰ শিল্পকলা , চিত্র – বিজ্ঞান সাজ – পাৰ আদিতাে মহেঞ্জোদাৰােত আবিষ্কৃত হােৱা চিহ্নবােৰে প্ৰভাৱ পেলাইছে । গতিকে সকলাে দিশ পর্যালােচনা কৰি চালে দেখা যায় যে ভাৰতীয় সভ্যতা কেইবাটাও সভ্যতাৰ মিশ্রিত দান – উপাদানেৰে গঠিত যদিও সিন্ধু উপত্যকাৰ দানে যে এই উপাদানসমূহৰ ওপৰত যথেষ্ট প্রভাৱ পেলাইছে সেই বিষয়ে কোনাে সন্দেহ নাই । 

প্রশ্ন ৬। সিন্ধু সভ্যতাৰ ঘাই বৈশিষ্ট্যবােৰ বৰ্ণনা কৰা । নাইবা , হৰঞ্জীয় সভ্যতাৰ নগৰ কেন্দ্ৰসমূহৰ আঁচনিৰ এটি বিৱৰণ দিয়া । নাইবা , সিন্ধু উপত্যকাৰ সভ্যতা সম্পর্কে এটি বর্ণনা দিয়া । 

উত্তৰঃ বুৰঞ্জীবিদসকলৰ মতে সিন্ধু উপত্যকাৰ সভ্যতা ভাৰতীয় সভ্যতাৰ ভিতৰত আটাইতকৈ প্রাচীনতম আৰু একনগৰীয়া আৰ্হিৰ দ্বাৰা গঢ়ি উঠা সভ্যতা বুলি ক’ব পাৰি । ভাৰত পৰাধীন হৈ থকা সময়ত সেই সময়ৰ প্রত্নতাত্ত্বিক বিভাগৰ ডাইৰেক্টৰ জেনেৰেল ছাৰ জন । মার্চালে পােন প্রথমে সিন্ধু উপত্যকাৰ সভ্যতাৰ আৱিষ্কাৰৰ কথা ঘােষণা কৰে । ইয়াৰ পিছত ১৯২১ চনত সিন্ধু প্রদেশৰ লাৰকানা জিলাৰ মহেঞ্জোদাৰো ( বর্তমান পাকিস্তানৰ অন্তর্ভুক্ত ) আৰু পঞ্জাৱৰ হাত খনন কার্য চলায় । এইনগৰ দুখনৰ ধ্বংসাবশেষ আৱিষ্কাৰ হােৱাৰ আগলৈকে মানুহে আর্য সভ্যতাকে ভাৰতৰ প্রাচীনতম সভ্যতা বুলি গণ্য কৰিছিল । সিন্ধু উপত্যকাৰ সভ্যতা আৱিষ্কাৰ হােৱাৰ পিছত এই সভ্যতাই আর্য সভ্যতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আর্যসভ্যতাৰ মান উন্নত কৰাত সহায় কৰিছিল । এছিয়া মহাদেশত এতিয়ালৈ সিন্ধু উপত্যকাৰ সভ্যতাৰ দৰে আন কোনাে মানবিশিষ্ট সভ্যতাৰ নিদর্শন পােৱা হােৱা নাই । ইয়াত আৱিষ্কাৰ হােৱা বিভিন্ন ধৰণৰ সা – সঁজুলিৰ আৱিষ্কাৰে প্রমাণ কৰে যে যীশুখ্রীষ্ট জন্মৰ প্ৰায় চাৰি হাজাৰ বছৰ আগতে সিন্ধু অঞ্চলত এক অতি সভ্য জাতিয়ে শাসন কৰিছিল । 

ইয়াৰ সকলােবােৰ কার্যপ্রণালীয়েই সু – পৰিকল্পিত আছিল । সেয়ে সিন্ধু উপত্যকাৰ সভ্যতাক বহুততাে ইতিহাসবিদে নগৰীয়া সভ্যতা বুলিও আখ্যা দিয়ে । বর্তমান যুগৰ পৌৰ সভাৰ কার্য প্রণালীৰ নিচিনা সিন্ধু সভ্যতাৰ কার্য প্রণালী বিজ্ঞান সন্মত আছিল । ইয়াৰ খনন কাৰ্যৰ সহায়ত একোটা স্তৰত বহু মৃতকৰ স্তুপ আৰু কংকাল পােৱা গৈছে । সেয়ে কোনাে প্রাকৃতিক দুর্যোগৰ কাৰণে এই সভ্যতাৰ পতন ঘটা বুলি বহুতাে বুৰঞ্জীবিদে মত পােষণ কৰে । তলত সিন্ধু সভ্যতাৰ মূল বৈশিষ্ট্যসমূহ আলােচনা কৰা । 

( ক ) নগৰীয়া সভ্যতা :- মহেঞ্জোদাৰাে আৰু হৰপ্পা নামৰ দুখন অতি সুন্দৰ প্রণালীৰে গঢ়া নগৰ আছিল । নগৰ দুখনৰ নিৰ্মাণ কার্য অতি উন্নত ধৰণৰ আছিল । বাট পথােৰ পকা আৰু আহল – বহল আছিল । ৰাজপথৰ দুয়ােকাযে ইটাৰে শৃঙ্খলা লগাই সজা শাৰী শাৰী ঘৰ আছিল । প্রতিঘৰৰ লগতে একোটাকৈ পকীনা পণ্য সামগ্রী চলাচল কৰিবলৈ নিৰ্মাণ কৰা সুন্দৰ খালেৰে পৰিপূৰ্ণ আছিল । ব্যৱহাৰ কৰা পানী ওলাই যােৱাৰ কাৰণে সুন্দৰ নর্দমাৰ ব্যৱস্থা কৰা হৈছিল । এই নগৰৰ মাজভাগত থকা সুবৃহৎ স্নানাগাৰটো আছিল অতি উল্লেখযােগ্য । ই প্রায় ১৮০ ফুট দীঘল আৰু ১০৮ ফুট বহল আছিল । ইয়াৰ মাজত এটা ডাঙৰ পুখুৰী আছিল । সেয়ে এইটো নিঃসন্দেহে ক’ব পৰা যায় যে এনে পৰিকল্পিত নগৰীয়া জীৱনৰ প্রমাণ সেই যুগত অন্য কোনাে ঠাইতে পােৱা বিৰল । 

( খ ) অর্থনৈতিক আৰু সামাজিক দিশ :- এই দুই নগৰৰ অধিবাসীসকলে অর্থনৈতিক আৰু সামাজিক দিশত ব্যৱহাৰ কৰা বহুতাে নিদর্শন পােৱা গৈছে । এই নিদর্শনে দুইনগৰৰ জনসাধাৰণৰ কাৰিকৰী দিশৰ শ্ৰেষ্ঠতাকে প্রতিপন্ন কৰে । নানা সুন্দৰ কাৰু কাৰ্যৰে সুশােভিত মাটি আৰু তামৰ পাত্র আদিয়ে আৰু মােহৰত অঙ্কিত কৰা ফলৰ আৰু অন্যান্য প্রতি কৃতিয়ে সেই যুগৰ শিল্পকলা আৰু প্ৰতিভাৰ নিদর্শন দাঙি ধৰে । হৰপ্পাত উদ্ধাৰ হােৱা দুটা শিলামূর্তিও সেই কালৰ ভাস্কর্য শিল্পৰ শ্ৰেষ্ঠ বৈশিষ্ট্য । সােণ , ৰূপ আৰু হাতীৰ দাঁতৰ বিভিন্ন অলংকাৰৰ সেই যুগৰ শ্রেষ্ঠ নিদর্শন । ল’ৰা – ছােৱালীৰ খেলাৰ পুতলাৰ নানা নিদর্শন পােৱা গৈছে । খেলৰ সামগ্ৰীৰ ভিতৰত গাড়ী আৰু চকী উল্লেখযােগ্য । 

( গ ) কৃষি – পশুপালন :- কৃষি আৰু পশুপালন সিন্ধু সভ্যতাৰ ঘাই বৈশিষ্ট্য আছিল । কৃষি আৰু পশুপালনে আছিল মানুহৰ জীৱিকাৰ প্ৰধান আহিলা । কৃষি পদ্ধতি অতি উন্নত ধৰণৰ আছিল সেই বিষয়ে সন্দেহ নাই । জলসিঞ্চন পদ্ধতিৰে উন্নত ধৰণৰ খেতি কৰিছিল । সাধাৰণতে গম আৰু যৰ ধানৰ খেতি কৰিছিল । সমূহীয়া ভঁৰালৰ জৰিয়তে উৎপাদিত শস্যসমূহ সংৰক্ষণ কৰি ৰাখিছিল । গৰু , হাতী , গাহৰি , ভেড়া আদি জন্তু পুহিছিল । খনন কার্যত পােৱা বিভিন্ন আঁকা আৰু মুদ্ৰাত থকা জন্তুৰ মূৰ্তিৰ পৰা সাধাৰণতে সিন্ধু উপত্যকাৰ মানুহে যে পশুপালন কৰিছিল , তাৰ বিষয়ে জানিব পাৰি । অৱশ্যে ঘোৰাৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পােৱা নাযায় । 

( ঘ ) ব্যৱসায় আৰু বাণিজ্য বিভিন্ন দেশৰ মাজত চলা ব্যৱসায় – বাণিজ্যও সিন্ধু উপত্যকাৰ সভ্যতাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । জলপথ আৰু স্থল পথেদি বিভিন্ন দেশৰ লগত ব্যৱসায় বাণিজ্য চলিছিল । বিভিন্ন ঠাইৰ বস্তু বিভিন্ন ধৰণৰ প্রসাধন সামগ্রী বাহিৰৰ পৰা আমদানি কৰা হৈছিল । নাৰী সমাজে ওঁঠত ৰং লগােৱাৰ প্ৰমাণ পােৱা যায় ।

( ঙ ) ধর্ম :- সিন্ধু উপত্যকাৰ জনসাধাৰণৰ ধর্মমত সম্বন্ধে সঠিককৈ কোৱা টান । কিন্তু তাত পােৱা বিভিন্ন চিত্রসমূহৰ পৰা অনুমান কৰিব পাৰি যে , শিৱ আৰু দুর্গাপূজাৰ প্ৰচলন আছিল । গছ আৰু জীবজন্তুকো পূজা – পাতল দিয়া হৈছিল বুলি অনুমান কৰা যায় । মৃতদেহ দাহন কৰা আৰু সমাধিস্থ কৰা দুয়ােটা প্রথা প্রচলন আছিল ৷ পণ্ডিত মাছেল চাহাবৰ মতে সিন্ধু উপত্যকাৰ ধৰ্ম অনুসৰি ভাৰতীয় ভাবাপন্ন আছিল আৰু প্রচলিত হিন্দুধৰ্মৰ লগত ইয়াৰ পার্থক্য অতি সামান্য । 

প্রশ্ন ৭। হৰপ্পাৰ লােকসকলে হস্তনির্মিত সামগ্রী প্রস্তুত কৰিবলৈ কেঁচামাল কিদৰে সংগ্ৰহ কৰিছিল ? 

উত্তৰঃ হৰপ্পা সভ্যতাৰ লােকসকলে হস্তনির্মিত সামগ্রীবােৰ প্ৰস্তুত কৰিবলৈ কেঁচা সামগ্রীবােৰ নানা উপায়েৰে সংগ্ৰহ কৰিছিল ৷ উদাহৰণ হিচাপে নাগেশ্বৰ আৰু কলাকোটত বসতি স্থাপন কৰি শংখ সংগ্রহ কৰিছিল । সিন্ধু সভ্যতাৰ যুগত তাম , ব্রঞ্জ , ৰূপ আৰু সােণৰ ব্যৱহাৰ আছিল । দক্ষিণ ভাৰতৰ ৰাজস্থান আৰু আফগানিস্থানৰ পৰা তাম আমদানি কৰিছিল । আফগানিস্থানৰ শ্ৰোতঘাটৰ পৰানীৰ মূল্যবান পাথৰ লেপিছ লাজুলিৰ সংগ্রহ কৰিছিল । গুজৰাটৰ ভৰাচৰ পৰা কার্ণিলিয়ান , ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ পৰা শ্বেত পাথৰ আৰু আন ধাতু ৰাজস্থানৰ পৰা সংগ্ৰহ কৰিছিল । নদীৰ বালিৰ পৰা সােণ সংগ্ৰহ কৰা হৈছিল । ৰাজপুতনা দক্ষিণ ভাৰত , পাৰস্য আৰু আফগানিস্থান আদি অঞ্চলৰ পৰা সীহ আমদানি কৰা হৈছিল । 

প্রশ্ন ৮। হৰপ্লা নগৰীৰ নলা নির্মাণ প্রণালীৰ বিষয়ে বর্ণনা কৰা ।

উত্তৰঃ হৰপ্পা নগৰসমূহৰ আটাইতকৈ উল্লেখযােগ্য বৈশিষ্ট্য আছিল জল নিষ্কাশন ব্যৱস্থা বা নল নির্মাণ প্রণালী । বাটৰ কাষৰ নলাবােৰৰ ওপৰত শিল নাইবা ইটাৰ ঢাকনী ৰখাৰ প্রমাণ পােৱা যায় । নলাবােৰ চাফা কৰাৰ কাৰণে ঢাকনীবােৰৰ মাজত ছিদ্র ৰখা হৈছিল , যাতে মানুহ সােমাব পাৰে । ৰাস্তাবােৰ সমান্তৰাল আছিল আৰু পৰস্পৰ সমকোণীভাৱে কটাকটি কৰিছিল । এই নির্মাণ পদ্ধতিৰ দ্বাৰা ধাৰণা কৰা হৈছে যে প্রথমে নলাৰে সৈতে ৰাস্তাসমূহ নির্মাণ কৰি পিছত ইয়াৰ কাষে কাষে বিভিন্ন ধৰণৰ ভৱন আৰু গৃহ নির্মাণ কৰা হৈছিল । 

প্রশ্ন ৯। হৰপ্পা সভ্যতা কি কাৰণত ধ্বংস হৈছিল ? 

উত্তৰঃ যিকোনাে সভ্যতাৰ উত্থান আৰু পতন এটি চিৰাচৰিত ঘটনা । ঠিক তেনেদৰে সিন্ধু উপত্যকাৰ সভ্যতাৰ উত্থান আৰু পতনৰ ঘটনাৱােৰ এটা চিৰাচৰিত ব্যৱস্থা বুলি ক’ব পাৰি । তলত আলােচনা কৰা ধৰণে সিন্ধু উপত্যকাৰ পতনৰ কাৰণবােৰ আলােচনা কৰিব পাৰি । 

( ক ) কিছুমান পণ্ডিতৰ মতে সিন্ধু উপত্যকাৰ ভূমিৰ উৰ্বৰতা ক্রমে কমি গৈছিল । বহু ঠাই মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল । এনে পৰিৱর্তনৰ ফলত জীৱ – জন্তুৰ প্ৰতি ভাবুকি আহি পৰিছিল । স্বাভাৱিক বৃষ্টিপাতৰ পৰিমাণে কমি আহিছিল । 

( খ ) আন কিছুমান পণ্ডিতৰ মতে ভূমিকম্প বা মহামাৰীৰ ফলতাে এই সভ্যতাৰ পতন ঘটিছিল । বিশৃঙ্খলভাৱে য’ত ত’তে পৰি থকা ন’ৰ কংকালবােৰৰ পৰা এনে ধাৰণা কৰা হৈছে । 

( গ ) আন কিছুমানৰ মতে হঠাৎ সৃষ্টি হােৱা প্ৰৱল বানপানীৰ ফলতাে সিন্ধু উপত্যকাৰ সভ্যতাৰ পতন আন এটা অন্যতম কাৰণ হ’ব পাৰে ।

( ঘ ) আন এক সূত্রমতে হৰপ্পাৰ লােকসকলে পিছলৈ প্রাকৃতিক পৰিৱেশৰ ক্ষতি সাধন কৰিছিল । গছ – গছনি কাটি , জীৱ – জন্তু বধ কৰি অঞ্চলটিৰ জৈৱ বিচিত্ৰতাৰ ভাৰসাম্য নষ্ট কৰাৰ ফলত এই সভ্যতা বিপন্ন হৈ পৰা বুলি অনুমান কৰা হয় । 

( ঙ ) আন এক তথ্যমতে বহিঃআক্ৰমণত সিন্ধু সভ্যতা ধ্বংস হৈছিল । কোনাে কোনাে পণ্ডিতৰ মতে এই আক্রমণকাৰীসকল হ’ল দ্রাবিড়সকল , জনজাতিসকল বা আর্যগােষ্ঠীৰ লােকসকল । বুৰঞ্জীবিদ আৰ . ই , এম , হুইলাৰে মত পােষণ কৰি কৈছে যে ইন্দ্রই আৰ্যসকলৰ প্রধান সেনাপতি হিচাপে ঘোঁৰাত উঠি সিন্ধু সভ্যতাৰ নগৰবােৰ ধ্বংস কৰিছিল । 

( চ ) শেষত প্রকৃতিগত কাৰণৰ ফলতেই সিন্ধু সভ্যতাৰ ধ্বংস হােৱা বুলি ক’ব পাৰি । 

প্রশ্ন ১০। লিপি সমূহৰ সাক্ষ্য সীমাবদ্ধতা সম্পর্কে ব্যাখ্যা কৰা । 

উত্তৰঃ লিপি সমূহৰ সীমাবদ্ধতা সমূহ হ’ল— 

( ক ) লিপিৰ আখৰবােৰ ভালদৰে খােদিত নকৰাৰ ফলত ইয়াৰ প্রকৃত অর্থ বা তত্ত্ব বুজি পােৱাত অসুবিধা হয় । 

( খ ) বহু সময়ত লিপিবােৰ পৰিত্যক্ত অৱস্থাত থকাত ইয়াৰ প্রকৃত পাঠোদ্ধাৰ কৰাত লিপিতত্ত্ব বিদসকলৰ যথেষ্ট অসুবিধাই দেখা দিয়ে । 

( গ ) লিপিসমূহৰ বেছিভাগতে ৰাজনৈতিক আৰু অর্থনৈতিক কথাবােৰ উল্লেখ কৰা নহয় । এনে অৱস্থাত সেই সময়ৰ ৰাজনৈতিক আৰু অর্থনৈতিক পৰিস্থিতিসমূহ প্রসংগত লিপিতত্ত্ববিদসকলে সমাজক বিশ্বাস দিয়াত ব্যৰ্থ হৈছে । 

( ঘ ) লিপিসমূহত সাধাৰণতে কোনাে এজন ৰজাৰ বিচাৰ ধাৰণা আৰু মনৰ ভাবহে ব্যক্ত কৰা দেখা যায় । এনে অৱস্থাত সেই সময়ৰ ৰজাজনৰ দোষ – গুণ বিচাৰ কৰাটো অতি কঠিন । 

( ঙ ) তেনে অৱস্থাত অতীতক বুজিবলৈ লিপিৰ তথ্যসমূহ পর্যবেক্ষণ কৰােতে সমসাময়িক তথ্যসমূহৰ লগত তুলনা কৰাটো আৱশ্যক হৈ পৰে । 

( চ ) সেই ফালৰ পৰা দেখা যায় , প্রাচীন ভাৰতৰ ইতিহাস ৰাজনৈতিক আৰু অর্থনৈতিক ইতিহাস পুনৰ ৰচনাৰ ক্ষেত্ৰত লিপিসহ যথেষ্ট সমল নহয় বুলি লিপিতত্ত্ববিদসকলে মত পােষণ কৰে ।

3 thoughts on “Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top