Class 12 Economics Chapter 8 ভাৰতীয় অর্থব্যৱস্থাৰ সন্মুখত সাম্প্ৰতিক প্ৰত্যাহ্বান

Class 12 Economics Chapter 8 ভাৰতীয় অর্থব্যৱস্থাৰ সন্মুখত সাম্প্ৰতিক প্ৰত্যাহ্বান Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Economics Chapter 8 ভাৰতীয় অর্থব্যৱস্থাৰ সন্মুখত সাম্প্ৰতিক প্ৰত্যাহ্বান Notes and select needs one.

Class 12 Economics Chapter 8 ভাৰতীয় অর্থব্যৱস্থাৰ সন্মুখত সাম্প্ৰতিক প্ৰত্যাহ্বান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assamese Medium Class 12 Economics 8 ভাৰতীয় অর্থব্যৱস্থাৰ সন্মুখত সাম্প্ৰতিক প্ৰত্যাহ্বান Solutions for All Subject, You can practice these here.

ভাৰতীয় অর্থব্যৱস্থাৰ সন্মুখত সাম্প্ৰতিক প্ৰত্যাহ্বান

Chapter: 8

দ্বিতীয়-খণ্ড : ভাৰতৰ অৰ্থনৈতিক উন্নয়ন

চতুর্থ অধ্যায়

মানৱ মূলধন গঠন

প্রশ্ন ১। দেশ এখনত মানৱ মূলধনৰ মূল উৎস চাৰিটা কি কি? 

উত্তৰঃ (ক) শিক্ষা। 

(খ) স্বাস্থ্য। 

(গ) প্রশিক্ষণ। 

(ঘ) তথ্যসংগ্রহকেন্দ্রিক বায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ২। মানৱ মূলধনৰ সংজ্ঞা দিয়া। মানৱ মূলধন কেনেকৈ গঠন হয়। বা মানৱ মূলধন গঠনত কোনবোৰ উপাদানে বৰঙণি যোগায়। মানৱ মূলধন আৰু মানব মূলধন গঠনৰ পাৰ্থক্য কি?

উত্তৰঃ দক্ষতাসম্পন্ন আৰু উৎপাদনশীল মানৱ শক্তিয়েই হৈছে মানৱ মূলধন আনহাতেদি, মানৱ মূলধন গঠন দুই প্ৰকাৰে হ’ব পাৰে। উক্ত প্ৰকাৰ দুটা হৈছে — কমনৈপূণ্যতা (Skill) Formation) আৰু জ্ঞান সংগ্ৰহ (Accumulation of Knowledge) তলত মানব মূলধন গঠনত দুয়ো প্ৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে—

কর্মনৈপুণ্যতা (Skill Formation): শ্রমিক কর্মনৈপুণ্যতা গঠনত মানৱ মূলধন গঠনৰ অর্থে অপৰিহাৰ্য। কর্মনৈপুণ্যতাৰ তাৎপৰ্যৰ বিষয়টো উপলব্ধি কৰিয়েই সাম্প্ৰতিক কালৰ অর্থনৈতিক তত্ত্বত ইয়াক উৎপাদনৰ এটা প্ৰত্যক্ষ উপাদান হিচাপে স্বীকৃতি দিয়া হৈছে। কৰ্মনৈপুণ্যতা বৃদ্ধিৰ অৰ্থে শিক্ষা আৰু প্ৰশিক্ষণৰ সুবিধা অপৰিহাৰ্য । অৱশ্যে নিজৰ কৰ্মক্ষেত্ৰত প্রয়োগ কৰা নতুন আৰু অত্যাধুনিক প্রযুক্তি কৌশলৰ ওপৰত জ্ঞান আহৰণ কৰিও শ্রমিকে কর্মনৈপুণ্যতা বৃদ্ধি কৰিব পাৰে।

জ্ঞান আহৰণ (Accumulation of Knowledge): মানৱ মূলধন গঠনত বৰঙনি যোগোৱা দ্বিতীয় গুৰুত্বপূৰ্ণ উপাদানটো হৈছে জ্ঞান আহৰণ। উদাহৰণস্বৰূপে বৈজ্ঞানিক জ্ঞান আৰ্হি প্ৰস্তুতকৰণ আৰু উৎপাদন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰিব পাৰি। এনে গুণৰাজি জন্মগতভাৱে শ্ৰমিকৰ শৰীৰত নাথাকে। শিক্ষা আৰু প্ৰশিক্ষণৰ সহায়ত আহৰণ কৰা এনে গুণৰাজি কেবল শ্ৰমিকৰ কৰ্মক্ষেত্ৰত সীমাবদ্ধ নাথাকে। বিভিন্ন উৎপাদন ক্ষেত্ৰত এনে গুণৰাজিৰ ব্যৱহাৰ হয়। আৰু পুনৰ ব্যৱহাৰ কৰাটো সম্ভৱপৰ হোৱাৰ উপৰি ইয়াৰ হুবহু প্ৰতিলিপি ইচ্ছানুসৰি কৰিব পৰা যায়। অর্থাৎ এনে গুণৰাজি প্ৰথমতে য ত বিকশিত কৰা হয় বা যত ব্যৱহাৰ কৰা হয় তাৰ উপৰি আনবোন উৎপাদন ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পৰা যায়।

স্বাস্থ্য: মানৱ মূলধন গঠনত বৰঙণি যোগোৱা তৃতীয়টো উপাদান হৈছে স্বাস্থ্য। সুস্বাস্থ্যৰ অবিহনে মানুহ শিক্ষিতও হ’ব নোৱাৰে আৰু কৰ্মটো পুনাও হ’ব নোৱাৰে। সুস্বাস্থান অর্থে শিশু আৰু মাতৃৰ স্বাস্থ্যসেৱাৰ সুবিধা পুষ্টিকৰ আহাৰ যোগান, মানুহ বাস কৰা পৰিবেশৰ উন্নতি আৰু কর্মক্ষম শ্রমিক শক্তিক প্রয়োজনীয় স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাটো অপৰিহার্য। স্বাস্থ্যই হৈছে, সম্পদ — এই উক্তিষাৰে মানৱ মূলধন গঠনত স্বাস্থ্যৰ তাৎপৰ্যৰ বিষয়ে স্পষ্ট নির্দেশ দিছে।

প্রশ্ন ৩। মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা। মানৱ মূলধনৰ তুলনাত মানৱ উন্নয়নৰ ধাৰণা ব্যাপক বুলি কিয় ধৰা হয়?

উত্তৰঃ মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য আছে। মানৱ মূলধন প্রত্যয়টোৱে দক্ষতাসম্পন্ন আৰু উৎপাদনশীল মানৱ সম্পদৰ বিষয়ে নির্দেশ দিয়ে। শিক্ষা আৰু স্বাস্থ্য হৈছে মানৱ মূলধন গঠনৰ প্ৰধান আহিলা। অন্যহাতেদি মানৱ উন্নয়নৰ বিষয়টো মানব কল্যাণৰ বিষয়টোৰ লগত জড়িত। অৱশ্যে মানৱ উন্নয়নৰ লগতো শিক্ষা আৰু স্বাস্থ্য জড়িত হৈ আছে, কাৰণ মানৱ কল্যাণ বা জীৱনৰ মূল্যবোধৰ উন্নতিৰ অৰ্থে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ উন্নতি অপৰিহাৰ্য।

মানৱ মূলধনৰ তুলনাত মানৱ উন্নয়নৰ ধাৰণাটো ব্যাপক। কাৰণ মানৱ মূলধনৰ ধাৰণাটোৱে মানুহক উৎপাদন বৃদ্ধিৰ উপায় হিচাপেহে ব্যৱহাৰ কৰে। ইয়াত মানৱ জীৱনৰ কল্যাণৰ বিষয়টো অন্তর্ভুক্ত নহয়। আনহাতে মানৱ উন্নয়নৰ ধাৰণাটো মানুহ মুখ্য অধিকাৰ যে শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা, আবাস স্থানৰ সুবিধা, খোৱা পানী ইত্যাদি একাধিক উপাদানৰ লগত জড়িত হৈ আছে। ৰাষ্ট্ৰসংঘৰ আৰু ভাৰতবৰ্ষৰ মানৱ উন্নয়নৰ সূচকত মানুহৰ জীৱনৰ আয়ুস, শিক্ষিতৰ হাৰ, জনমূৰি প্ৰকৃত মুঠ ৰাষ্ট্ৰীয় উৎপাদন বা উপভোগ ব্যয়, নিযুক্তিৰ সুবিধা ইত্যাদি উপাদান অন্তৰ্ভুক্ত হৈ আছে।

প্রশ্ন ৪। মানৱ মূলধনত কৰা বিনিয়োগে অৰ্থনীতিত বৃদ্ধিত কিদৰে অৰিহণা যোগায়?

অথবা, 

মানৱ মূলধন আৰু অৰ্থনৈতিক বৃদ্ধিৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। 

উত্তৰঃ এখন দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মানৱ মূলধনৰ অতি গুৰুত্বপূৰ্ণ বৰঙণি আছে। মানৱ মূলধনে অর্থনৈতিক উন্নয়ন আৰু বিকাশত কেনেদৰে বৰঙণি যোগায় সেইবিষয়ে তলত আলোচনা কৰা হৈছে—

উৎপাদন বৃদ্ধি (Increase in Output): শিক্ষিত আৰু কৰ্মপটু শ্রমিকে উৎপাদন ক্ষেত্ৰত যোগান ধৰা আনকেইটা উপাদানৰ কামা ব্যৱহাৰ সম্ভৱপৰ কৰি উৎপাদন বৃদ্ধিত বৰঙণি যোগায়। প্রাথমিক স্তৰৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ শিক্ষাই শ্ৰমিকক দক্ষতাসম্পন্ন আৰু কৰ্মপটু কৰি তোলাত সহায় কৰে।

উৎপাদনৰ সামর্থ্য বৃদ্ধি (Increase in Productive Capacity): এখন দেশৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত মানৱ মূলধনে কেইবাপ্ৰকাৰেৰে বৰঙণি যোগায়। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হৈছে প্রযুক্তি কৌশলৰ উন্নতি। কর্মক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত শ্রমিকসকলে ইতিমধ্যে প্রচলিত থকা প্ৰযুক্তি কৌশলৰ উন্নতি ঘটোৱাত সহায় কৰে। নিজৰ জ্ঞান আৰু নৈপুণ্যতাই তেওঁলোকক প্ৰযুক্তি কৌশলৰ উন্নতি ঘটোৱাত বৰঙণি যোগাই দেশৰ উৎপাদন বৃদ্ধিত সহায় কৰে।

অৰ্থনৈতিক পৰিৱৰ্তনৰ আহিলা (Tool for Economic Change): জ্ঞানী, নিপুন আৰু শাৰীৰিকভাৱে সক্ষম মানুহ হৈছে — এখন সমাজৰ পৰিবৰ্তনৰ অৰ্থে অতি শক্তিশালী অস্ত্র। মানৱ সম্পদৰ উপস্থিতিত সমাজৰ ৰক্ষণশীলতা আৰু কৌটিকলীয়া অন্ধবিশ্বাসবোৰৰ অৱসান ঘটে। অর্থনীতিবিদ এইচ, মিন্ট (H. Mint) ৰ মতে সমাজৰ এনে পৰিবৰ্তনে অনুন্নত দেশবোৰৰ অৰ্থনৈতিক উন্নতিত অভূতপূৰ্ব বৰঙনি যোগায়। এনে পৰিৱৰ্তনৰ ফলত মানুহে কৰ্ম আৰু ইয়াৰ স্থান সম্পৰ্কত পূৰ্বৰ গোড়ামী পৰিত্যাগ কৰে আৰু ইয়াৰ ফলত শ্ৰমিকৰ গতিশীলতা বৃদ্ধি হয়। ইয়াৰোপৰি মানুহৰ কৰ্ম আৰু সঞ্চয়ৰ প্ৰতি অনুপ্ৰেৰণা বৃদ্ধি হয় আৰু লগতে বিপদ আৰু অনিশ্চয়তাৰ বোজা বহন কৰিবলৈ সাহস কৰা এচাম উদ্যোক্তাৰো জন্ম হয়।

জীৱনৰ মানদণ্ডৰ উন্নতি (Improvement in Quality of Life): মানৱ মূলধন গঠনে মানুহক উৎপাদনশীল আৰু সৃজনী প্ৰতিভাৰ গৰাকী হোৱাত সহায় কৰাৰ উপৰি তেওঁলোকৰ জীৱনবাৰণৰ মানদণ্ডৰো উন্নতি ঘটায়। নিজৰ উৎপাদনশীলতা বৃদ্ধিয়ে তেওঁলোকক নিযুক্তি আৰু উপাৰ্জন বৃদ্ধিৰ সুবিধা আগবঢ়াই জীৱন – ধাৰণৰ মানদণ্ড উন্নত কৰাত সহায় কৰে।

(ক) জনমূৰি আয় বৃদ্ধি (Rise in per Capita Income): মানৱ কল্যাণ বৃদ্ধিৰ প্ৰধান সূচক হৈছে জনমূৰি আয় আৰু মানৱ মূলধন গঠনৰ হাৰ বৃদ্ধিয়ে ইয়াৰ পৰিমাণ বৃদ্ধি কৰে। 

ইয়াৰ কাৰণ হৈছে — 

(১) উপযুক্ত শিক্ষাৰে পৰিপুষ্ট মানৱ সম্পদে জন্মৰ হাৰ হ্ৰাস কৰি পৰিয়ালৰ জনমূৰি আয় বৃদ্ধি কৰে। 

(২) শিক্ষা আৰু সুস্বাস্থ্যৰ অধিকাৰী মানৱ মূলধনৰ উৎপাদনশীলতা আৰু সৃজনী প্রতিভা বৃদ্ধিৰ কাৰণেও তেওঁলোকৰ উপাৰ্জন তথা জনমূৰি আয় বৃদ্ধি হয়। 

(৩) শিক্ষিত মানুহৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী পৰিবৰ্তনেও আয় বৃদ্ধিত সহায় কৰে।

(খ) উচ্চ শিক্ষাগত অৰ্হতা (Higher Education Attainments): মানৱ মূলধন গঠনৰ লগে লগে মানুহৰ শিক্ষাগত অৰ্থতাও বৃদ্ধি হয়। শিক্ষাগত অৰ্থতা হৈছে — মানৱ সম্পদ বিকাশৰ সামাজিক মাপ-কাঠী। মানৱ মূলধন গঠনে ল’ৰা-ছোৱালীৰ শিক্ষা প্রতি ধাউতি বৃদ্ধি কৰাৰ লগে লগে প্রাপ্তবয়স্কসকলৰ উচ্চ শিক্ষা আহৰণৰ প্ৰতি অনুপ্ৰাণিত কৰে। ইয়াৰ ফলত প্ৰাপ্তবয়স্ক শিক্ষিত হাৰ বৃদ্ধি হয় আৰু এক শিক্ষিত মানৱ সমাজ আধুনিক আথ – সামাজিক বিকাশৰ মেৰুদণ্ড হিচাপে স্বীকৃতি লাভ কৰে।

(গ) জীৱনৰ আয়ুসকালৰ সম্ভাৱনীয়তা বৃদ্ধি (Increase in Life Expectancy): মানৱ মূলধন গঠনে মানুহৰ জীৱনৰ আয়ুসকাল বৃদ্ধিৰ ক্ষেত্ৰতো ইন্ধন যোগায়। মানৱ মূলধন গঠনৰ ফলত মানুহে এক স্বাস্থ্যকৰ জীৱনধাৰণৰ সুবিধা উপভোগ কৰাৰ লগতে তেওঁলোকৰ জীৱনৰ আয়ুসকাল বৃদ্ধি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসত ইন্ধন যোগায়। ইয়াৰ প্ৰধান কাৰণ হৈছে — স্বাস্থ্যসেৱাৰ সুবিধাৰ সম্প্ৰসাৰণ আৰু উপাৰ্জন বৃদ্ধিৰ কাৰণে মানুহে গ্ৰহণ কৰিবলৈ সামর্থ্য হোৱা সুষম খাদ্য।

প্রশ্ন ৫। এটা জাতিৰ অৰ্থনৈতিক উন্নয়নত শিক্ষাৰ ভূমিকা আলোচনা কৰা।

অথবা, 

শিক্ষাত কৰা বিনিয়োগে কেনেদৰে অৰ্থনৈতিক বৃদ্ধি তৰান্বিত কৰে আলোচনা কৰা। 

উত্তৰঃ বহুলভাৱে সকলো প্ৰকাৰৰ জ্ঞান আহৰণক শিক্ষা আৰু সংকীৰ্ণ দৃষ্টিভংগী অনুসৰি শিক্ষানুষ্ঠানত অধ্যয়ন কৰাটোৱেই শিক্ষা বুলি কোৱা হয়। কেইবাটাও দৃষ্টিকোণৰ পৰা শিক্ষাক মানৱ সম্পদৰ বিকাশ আৰু মানৱ সম্পদৰ গঠনৰ প্ৰধান উপায় হিচাপে স্বীকৃতি দিয়া হয়। শিক্ষিত মানৱ সম্পদ হৈছে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান উপাদান। কাৰিকৰী আৰু সাধাৰণ শিক্ষাৰে পুষ্ট মানৱ সম্পদে দেশৰ দুষ্প্ৰাপ্য সম্পদৰ সংৰক্ষণ আৰু কাম্য ব্যৱহাৰৰ দ্বাৰা দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ বৰঙণি যোগায়। এই বিষয়ে উন্নত দেশবোৰৰ শিক্ষিত মানৱ সম্পদ আৰু অৰ্থনৈতিক উন্নয়নৰ হাৰৰ সম্পৰ্ক অধ্যয়ন পৰা উপলব্ধি কৰিব পাৰি।

মানুহৰ অৰ্হতা আৰু জ্ঞান বৃদ্ধিৰ মাধ্যম হৈছে শিক্ষা। শিক্ষাৰ অবিহনে মানৱ সম্পদে এখন দেশৰ প্ৰাপ্ত সম্পদৰাজিৰ বিকাশ আৰু ব্যৱহাৰৰ হাৰ বৃদ্ধি কৰি অৰ্থনৈতিক উন্নয়ন সম্ভৱপৰ কৰি তুলিব নোৱাৰে। সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে অপৰিহাৰ্য হিচাপে স্বীকৃতি দিয়া হৈছে। অধ্যাপক ৰবাৰ্ট চ’ল’ (Robert Solow) ই ১৯০৯ আৰু ১৯৪৯ চনৰ কালছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশৰ হাৰৰ ওপৰত অধ্যয়ন কৰি দেখা পাইছিল যে উক্ত সময়ছোৱাত হোৱা বিকাশৰ হাৰৰ ৮৭.৫ শতাংশৰ ক্ষেত্ৰত বৰঙণি আছিল মানৱ মূলধন আৰু শ্ৰমিকৰ কৰ্মদক্ষতা বৃদ্ধি কৰি মানৱ মূলধন গঠনত কৰঙণি যোগোৱা প্ৰধান উপাদানটো আছিল শিক্ষা। এইগৰাকী অর্থনীতিবিদৰ উপৰি আন কেইগৰাকীমান অর্থনীতিবিদেও তেখেতসকলৰ অধ্যয়নৰ সময়ত এইটো প্ৰতিষ্ঠা কৰিছে যে অর্থনৈতিক বিকাশ আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ ক্ষেত্ৰত শিক্ষাৰ বৰঙণি সদায় ইতিবাচক আৰু উল্লেখনীয় হয়। এনে সমীক্ষা আৰু ৰাষ্ট্ৰসংঘই সময়ে সময়ে চলোৱা সমীক্ষাবোৰৰ ভিত্তিত এইটো ক’ব পৰা যায় যে এখন দেশৰ আৰ্থ-সামাজিক বিকাশৰ অর্থে শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰাটো অপৰিহাৰ্য।

প্রশ্ন ৬। ভাৰতত মানৱ মূলধন গঠনৰ প্ৰধান সমস্যাবোৰ কি কি? 

উত্তৰঃ মানৱ মূলধন গঠনৰ অৰ্থে প্ৰয়োজনীয় তিনিটা উপাদান হৈছে শিক্ষা, স্বাস্থ্য আৰু পুষ্টি। কিন্তু এইটো তিনিটা ক্ষেত্ৰত ভাৰতবৰ্ষৰ উন্নতি সন্তোষজনক নহয়।

স্বাধীনোত্তৰ কালছোৱাত ভাৰতবৰ্ষত শিক্ষাৰ যথেষ্ট প্ৰগতি হ’লেও এতিয়া দেশৰ ৪০ শতাংশ মানুহ নিৰক্ষৰ হৈ আছে আৰু ৮০ শতাংশ মানৱ সম্পদ উচ্চ শিক্ষা আৰু কাৰিকৰী জ্ঞানেৰে পুষ্ট নহয়। বিশেষকৈ স্ত্রী শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অগ্ৰগতি সন্তোষজনক নহয়। দেশৰ বৃহত জনসংখ্যাক সাধাৰণ আৰু কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰি তোলাটো ভাৰতবৰ্ষৰ কাৰণে এক প্ৰধান সমস্যাৰূপে দেখা দিচ্ছে।

স্বাস্থ্যসেৱাৰ সুবিধাৰ সম্প্ৰসাৰণটো ভাৰতবৰ্ষৰ অৱস্থা সন্তোষজনক নহয়। বিশেষকৈ দৰিদ্ৰ জনসাধাৰণক স্বাস্থ্যবান কৰি ৰাখিবৰ কাৰণে প্রয়োজন হোৱা বিনামূলীয়া উন্নত স্বাস্থ্যসেৱা প্ৰদানত দেশৰ অগ্ৰগতি সন্তোষজনক নহয়। দেশৰ ভিতৰুৱা গ্ৰাম্যাঞ্চলৰ বহুতো অংশত এতিয়াও স্বাস্থ্যসেবা উপলব্ধ হোৱা নাইম।

সুস্বাস্থ্যৰ অধিকাৰী হ’বৰ কাৰণে মানুহক প্ৰয়োজন পুষ্টিকৰ খাদ্যৰ উপভোগ। কিন্তু বৃহৎ জনসংখ্যাৰ দেশ ভাৰতবৰ্ষত শিশু আৰু মাতৃৰ পুষ্টিহীনতা এটা গভীৰ সমস্যাৰূপে দেখা দিছে। সমীক্ষা অনুসৰি দেশখনৰ ৩০ শতাংশৰ অধিক মানুহ এতিয়াও দৰিদ্ৰতাৰ সমস্যাত ভুগিছে। এনে অৱস্থাত মানৱ মূলধন গঠন হোৱাটো সম্ভৱপৰ নহয়।

প্রশ্ন ৭। মানৱ মূলধন গঠনত কোনবোৰ উপাদানে অৰিহণা যোগায়?

বা, 

মানৱ মূলধনৰ তিনিটা উৎস উল্লেখ কৰা। 

উত্তৰঃ মানৱ মূলধনৰ গঠনৰ অৰ্থে যিকেইটা উপাদান অপৰিহাৰ্য হিচাপে বিবেচিত হৈছে উক্ত ক্ষেত্ৰকেইটা হৈছে — 

(১) শিক্ষা। 

(২) স্বাস্থ্য। আৰু 

(৩) পুষ্টি। 

এই তিনিটা ক্ষেত্ৰত বিনিয়োগৰ অবিহনে মানৱ সম্পদৰ বিকাশ ঘটাই মানৱ মূলধন গঠনৰ হাৰ বৃদ্ধি সম্ভৱপৰ নহয়। সেই কাৰণে মানৱ মূলধন গঠন আৰু ইয়াৰ অৰ্থে কৰা বিনিয়োগে শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত বিনিয়োগৰ বিষয়কেইটাক সামৰি লয়। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ মানৱ মূলধন গঠনৰ আটাইতকৈ শ্রেষ্ঠ উপায়।

প্রশ্ন ৮। এটা জাতিৰ উন্নয়নৰ বাবে শিক্ষা কেনেকৈ এক গুৰুত্বপূর্ণ সমলতাক ব্যাখ্যা কৰা। 

উত্তৰঃ সাধাৰণ আৰু কাৰিকৰী শিক্ষাৰে পুষ্ট এখন দেশৰ মানৱ সম্পদে দেশখনৰ দুষ্প্ৰাপ্য সম্পদৰ কাম্য ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তোলে। অর্থনৈতিক সুবিধাৰ উপৰি আনকেইটামান দিশৰ পৰা কম উন্নত আৰু উন্নয়নশীল দেশবোৰত শিক্ষাৰ তাৎপৰ্য আছে। প্রথমতে, শিক্ষা লাভ কৰাটো প্ৰতিজন শিশুৰ জন্মস্বত্ব অধিকাৰ। এই সুবিধাৰ পৰা তেওঁলোকক বঞ্চিত কৰাটো উচিত নহয়। দ্বিতীয়তে, শিক্ষাই বিভিন্ন ধৰ্ম আৰু জনগোষ্ঠীৰ মানুহক একগোট কৰি বহল বিশ্ব সমাজ গঠনত সহায় কৰে। উল্লেখযোগ্য যে এক বুজন সংখ্যক কম উন্নত আৰু উন্নয়নশীল দেশত বিভিন্ন ভাষা আৰু ধৰ্মৰ মানুহৰ উপৰি বিভিন্ন জনগোষ্ঠীৰ মানুহ বাস কৰে। এওঁলোকক একত্ৰিত কৰি জাতীয় ঐক্য অটুট ৰখাত শিক্ষাব বৰঙণি সর্বাধিক। এই বিষয়ে ভাৰতৰ অভিজ্ঞতাৰ পৰা উপলব্ধি কৰিব পাৰি। ইয়াৰোপৰি শিক্ষাই দেশৰ মানুহৰ সমাজ সচেতনতা জগাই তুলি গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা কার্যক্ষম আৰু দক্ষতাপূর্ণ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো সহায় কৰে। অনুন্নত আৰু উন্নয়নশীল দেশবোৰত শিক্ষাই অগ্ৰাধিকাৰ লাভ কৰাৰ আন এটা কাৰণ হৈছে — শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ পৰিমাণৰ পুঁজিৰ ব্যয়। কাৰণ চৰকাৰৰ ধাৰণা অনুসৰি শিক্ষা অবিহনে মানব সম্পদৰ বিকাশ সম্ভৱপৰ নহয় আৰু মানৱ সম্পদৰ উন্নয়নৰ অবিহনে দেশৰ আর্থ-সামাজিক উন্নয়নৰ হাৰ উন্নত হ’ব নোৱাৰে। শিক্ষা আৰু উন্নয়নৰ এনে সম্পৰ্কৰ কাৰণেও এই ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি হৈছে।

প্রশ্ন ৯। ভাৰতত স্ত্রী শিক্ষা প্ৰসাৰৰ আৱশ্যকতা ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত বাস কৰা মানুহৰ নিজ ধৰ্মত স্ত্ৰীক অতি উচ্চ স্থান দিয়া হৈছে। কিন্তু বাস্তৱ সমাজ ব্যৱস্থাত স্ত্রী জাতিটো অবহেলিত আৰু নিষ্পেষিত হিচাপে চিহ্নিত হৈছে। স্ত্রী জাতিটোক পুৰুষৰ সমমর্যাদা প্ৰদানৰ অৰ্থে তেওঁলোকক শিক্ষিত কৰি তোলাটো অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে আৰু এইটো উদ্দেশ্য পূৰণৰ অর্থেই স্বাধীনোত্তৰ কালছোৱাত স্ত্রী শিক্ষাৰ সম্প্ৰসাৰণৰ অৰ্থে বিশেষ প্রচেষ্টা আৰু আঁচনি গ্ৰহণ কৰা হৈছে। স্ত্ৰীক সমাজত সমমর্যাদা প্ৰদানৰ একমাত্ৰ উপায় হৈছে তেওঁলোকক শিক্ষিত কৰি জীৱনৰ মূল্যবোধৰ বিষয়ে জ্ঞান প্ৰদান। ইয়াৰোপৰি স্ত্ৰী জাতিটো হৈছে দেশখনৰ মানৱ সম্পদৰ এটা অংশ। যদি তেওঁলোকক শিক্ষিত কৰি তুলিব পৰা যায় তেতিয়া দেশৰ মানৱ মূলধন গঠনৰ হাৰ বৃদ্ধি হ’ব আৰু ই অর্থনৈতিক উন্নয়নত প্রত্যক্ষ বৰঙণি যোগাব। স্ত্রী জাতিটোক কৰা অৱহেলা আৰু শোষণৰ পৰা তেওঁলোকক মুক্ত কৰিবৰ অর্থেও স্ত্রী শিক্ষাৰ প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে।

প্রশ্ন ১০। ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত প্ৰগতি কেনে ধৰণৰ সেইবিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৮৬ চনত ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৯২ চনত সংশোধন ঘটাই শিক্ষাৰ সকলো স্তৰতে বিকাশৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সংশোধিত নীতিত বিনামূলীয়া প্ৰাথমিক শিক্ষা গ্ৰহণৰ সুবিধা সকলো শিশুলৈকে  আগবঢ়োৱাৰ

লক্ষ্য স্থাপন কৰা হৈছে। 

প্ৰাথমিক শিক্ষাৰ স্তৰত ৰাষ্ট্ৰীয় নীতিটো হৈছে— 

(১) সকলো শিশুকে প্রাথমিক শিক্ষা গ্ৰহণৰ সুবিধা। 

(২) ১৪ বছৰৰ তলৰ সকলো শিশুক পঢ়াশালিত নামভৰ্তিৰ সুবিধা প্ৰদান। 

(৩) প্ৰাথমিক শিক্ষাৰ মানদণ্ড উন্নত কৰি সকলোকে নিম্নতম প্রয়োজনীয় শিক্ষা প্রদান।

প্রাথমিক শিক্ষাৰ অগ্ৰগতি: প্রাথমিক শিক্ষাক শিক্ষাৰ প্ৰধান বুনিয়াদ হিচাপে গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰৰ সহযোগত ইয়াৰ সুবিধাৰ সম্প্ৰসাৰণৰ অৰ্থে ২০০১ চনৰ বৰ্ষৰ পৰা প্রয়োগ কৰিছে সৰ্বশিক্ষা অভিযান। এইখন আঁচনিৰ জৰিয়তে তিনিটা প্রধান লক্ষ্য পৰিপূৰ্ণৰ ব্যৱস্থা কৰা হৈছে। 

উক্ত লক্ষ্যকেইটা হৈছে – 

(১) ৬ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো ল’ৰা – ছোৱালীকে ২০০৫ চনৰ ভিতৰত প্ৰাথমিক শিক্ষানুষ্ঠানত নামভৰ্তিকৰণ।

(২) শিক্ষাৰ ক্ষেত্ৰত লিংগ আৰু জাতিভেদৰ যি বৈষম্য পৰিলক্ষিত হৈছে তাক প্ৰাথমিক স্তৰত ২০০৭ চনৰ ভিতৰত নিৰ্মূলকৰণ। 

(৩) ২০১০ চনৰ ভিতৰত সকলো ল’ৰা-ছোৱালীক বিনামূলীয়া প্রাথমিক শিক্ষাৰ সুবিধা। 

(৪) প্রাথমিক শিক্ষাৰ মানদণ্ড উন্নীতকৰণ। উল্লেখযোগ্য সর্বশিক্ষা অভিযানত ছোৱালী আৰু অনুন্নত সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীক প্ৰাথমিক শিক্ষাৰ সুবিধা প্ৰদানৰ বিষয়টোৰ ওপৰত বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে।

মধ্যাহ্ন বিৰতিত আহাৰ যোগান: দৰিদ্ৰ শ্ৰেণীটোৰ ল’ৰা- ছোৱালীয়ে বিনামূলীয়া প্রাথমিক শিক্ষাৰ সুবিধা গ্ৰহণৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ স্বাস্থ্য আৰু পুষ্টিৰ উন্নতিৰ অৰ্থে মধ্যাহ্ন ভোজন আঁচনি নামেৰে এখনি আঁচনি গ্ৰহণ কৰা হৈছে। ২০০৪ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা দেশৰ সকলো চৰকাৰী, অৰ্ধ চৰকাৰী আৰু স্থানীয় নিগম আৰু বৰ্ডসমূহৰ অধীনস্থ প্রাথমিক বিদ্যালয়ত বলবৎ কৰা এইখন আঁচনিৰ অধীনত শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰা সকলো ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ ৰান্ধি তৈয়াৰ কৰা খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়: শিক্ষাৰ ক্ষেত্ৰত পাছ পৰি থকা খণ্ডবোৰত (Blocks) বাস কৰা অনুসূচিত জাতি আৰু জনজাতি আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ পৰিয়ালৰ ল’ৰা- ছোৱালীক প্ৰাথমিক শিক্ষাৰ সুবিধা দিয়াৰ কাৰণে দেশখনৰ ১১৭ টা উন্নয়নখণ্ডত ৭৫০ খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্থাপন কৰা হৈছে।

প্ৰাপ্ত বয়স্কৰ শিক্ষা: ভাৰতবৰ্ষৰ শিক্ষানীতিত দেশখনত সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ ওপৰত বিশেষ অগ্রাধিকাৰ দিয়া হৈছে। প্ৰাপ্ত বয়স্কৰ আৰু ল’ৰা-ছোৱালীৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ আঁচনিৰ ফল স্বৰূপে দেশখনত শিক্ষিতৰ হাৰ ১৯৫১ চনৰ ১৮.৩ শতাংশৰ পৰা ২০০১ চনত ৬৪.৮ শতাংশলৈ বৃদ্ধি হৈছে। 

১৯৮৮ চনৰ ৫ মে’ তাৰিখে আৰম্ভ কৰা হৈছে ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন (National Literacy Mission) আৰম্ভ কৰা হৈছে। এক নিৰ্দিষ্ট সময়কালৰ ভিতৰত ১৫ ৰ পৰা ৩৫ বছৰ বয়সৰ নিৰক্ষৰ মানুহখিনিক সাক্ষৰ কৰি তোলাটোৱেই এই আঁচনিখনৰ প্ৰধান লক্ষ্য।

মাধ্যমিক আৰু উচ্চ শিক্ষা (Secondary and Higher Education): দেশখনত মানৱ সম্পদৰ বিকাশ আৰু মানৱ মূলধন গঠনৰ প্ৰধান ভিত্তি হৈছে মাধ্যমিক আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান। পৰিকল্পনাৰ কালছোৱাত দুয়োপ্ৰকাৰৰ অনুষ্ঠান প্রতিষ্ঠান আৰু সেইবোৰ মাধ্যমত মানবিশিষ্ট শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণত অগ্ৰাধিকাৰ দিয়া হৈছে।

প্রশ্ন ১১। সর্বশিক্ষা আঁচনিৰ মূল উদ্দেশ্য কি?

উত্তৰঃ প্রাথমিক শিক্ষাৰ মানদণ্ড উন্নীতকৰণ। উল্লেখযোগ্য সর্বশিক্ষা অভিযানত ছোৱালী আৰু অনুন্নত সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীক প্ৰাথমিক শিক্ষাৰ সুবিধা প্ৰদানৰ বিষয়টোৰ ওপৰত বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে।

প্রশ্ন ১২। মানৱ মূলধনৰ অৰ্থটো লিখা।

উত্তৰঃ দক্ষতাসম্পন্ন আৰু উৎপাদনশীল মানৱ শক্তিয়েই হৈছে মানৱ মূলধন। 

প্রশ্ন ১৩। ভাৰতত মানৱ মূলধন গঠনৰ গুৰুত্ব কি?

উত্তৰঃ দক্ষতা সম্পন্ন আৰু উৎপাদনশীল মানৱ শক্তিয়েই হৈছে মানৱ মূলধন গঠন। উৎপাদন দক্ষতা অর্জন কৰা আৰু জ্ঞানৰ জৰিয়তে উৎপাদনক্ষম মানৱ গঠন কৰাতে মানৱ মূলধন গঠনৰ প্ৰধান গুৰুত্ব। সেয়েহে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখনত মানৱ মূলধন। গঠনৰ বিশেষ প্রয়োজনীয়তা আছে।

পঞ্চম অধ্যায়

গ্রাম্য উন্নয়ন

গ্ৰাম্য উন্নয়নৰ প্ৰধান বিষয় ঋণ আৰু বজাৰ ব্যৱস্থা সমবায়ৰ ভূমিকা কৃষিৰ বহুমুখীকৰণ — বিকল্প কৃষি পদ্ধতি – জৈৱিক কৃষি পাম।

প্রশ্ন ১। গ্রাম্য উন্নয়ন মানে কি বুজা? গ্ৰাম্য উন্নয়নৰ প্ৰধান বিষয়সমূহ দেখুওৱা।

অথবা, 

গ্রাম্য উন্নয়ন বুলিলে কি বুজা? গ্ৰাম্য উন্নয়নৰ লগত জড়িত দুটা বিষয় উল্লেখ কৰা।

উত্তৰঃ গ্ৰাম্য উন্নয়ন প্রত্যয়টোৰে গ্রামীন আর্থ-সামাজিক ব্যবস্থাৰ সামগ্রিক উন্নয়নৰ বিষয়ে নিৰ্দেশ দিয়ে। দেশৰ গ্ৰামাঞ্চলত সমাজ পাতি বাস কৰা মানুহখিনিৰ অৰ্থনৈতিক আৰু সমাজ ব্যৱস্থাৰ মানসিক উন্নয়নেই হৈছে গ্ৰাম্য উন্নয়ন।

গ্ৰাম্য উন্নয়ৰ প্ৰধান বিষয়সমূহ হৈছে—

(ক) স্ত্রী-পুৰুষ নির্বিশেষে সকলোকে উপযুক্ত সাধাৰণ আৰু প্ৰয়োজনীয় কাৰিকৰী শিক্ষাৰ সুবিধা প্ৰদান আৰু স্বাস্থ্যসেৱাৰ সুবিধা আৰু আবাস স্থানৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ উন্নতিৰ মাধ্যমত গ্রাম্য মানৱ সম্পদৰ উন্নয়ন।

(খ) ভূমি সংস্কাৰৰ মাধ্যমত কৃষি খণ্ডৰ উন্নতি। 

(গ) প্ৰতিটো অঞ্চলৰ উৎপাদনশীল সম্পদৰ উন্নয়ন।

(ঘ) বিদ্যুৎ, পানী বজাৰ, পৰিবহন ইত্যাদি ব্যৱস্থাৰ উন্নতিৰ মাধ্যমত আন্তঃগাঁথনিৰ উন্নতি।

(ঙ) গ্ৰামাঞ্চলৰ দৰিদ্ৰতা হ্ৰাসকৰণৰ অৰ্থে বিশেষ ব্যবস্থাবলী গ্রহণ। 

প্রশ্ন ২। গ্রাম্য উন্নয়নত ঋণৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ গ্ৰাম্য অর্থনীতি প্ৰধানকৈ নিৰ্ভৰশীল কৃষি আৰু অনা কৃষিমূলক কাম- কাজৰ ওপৰত; কিন্তু গ্ৰামাঞ্চলত বাস কৰা মানুহখিনিৰ মাজত দৰিদ্ৰতা আৰু নিবনুৱাৰ প্ৰাধান্যৰ কাৰণে তেওঁলোকে কৃষিখণ্ড আৰু আনুসাংগিক কাম-কাজৰ উন্নতিৰ অৰ্থে নিজাববীয়াকৈ পুঁজিৰ যোগান ধৰিব নোৱাৰে এই বিষয়ে দেশখনৰ গ্ৰাম্য ঋণগ্রস্ততাৰ সমস্যাৰ অধ্যয়নৰ পৰা সহজে উপলব্ধি কৰিব পৰা যায়।

ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতিৰ উন্নতিৰ অৰ্থে কৃষিখণ্ডৰ উন্নতি অপৰিহার্য। সেউজ- বিপ্লৱৰ দ্বাৰা কৃষিখণ্ডৰ উন্নতি সম্ভৱপৰ; কিন্তু সেউজ বিপ্লৱ সফল কৰি তুলিবৰ অর্থে প্রয়োজন হোৱা পুঁজি দৰিদ্ৰ কৃষকে নিজাববীয়াকৈ যোগান ধৰিব নোৱাৰে। গতিকে কৃষি বিপ্লৱৰ সফল ৰূপায়ণৰ অর্থে ঋণ অপৰিহাৰ্য।

গ্ৰামাঞ্চলৰ মানুহৰ দৰিদ্ৰতাৰ কাৰণে অনা – কৃষি কাৰ্যসমূহৰ উন্নতি পুঁজিৰে কৰাটো সম্ভৱপৰ নহয়। গতিকে অনা-কৃষি কাৰ্য যেনে কুটীৰ উদ্যোগ, ক্ষুদ্র ব্যৱসায় ইত্যাদি স্থাপন আৰু উন্নয়নৰ অর্থেও ঋণ অপৰিহার্য।

প্রশ্ন ২। দুখীয়াসকলৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ক্ষুদ্র ঋণৰ ভূমিকা ব্যাখ্যা কৰা। 

উত্তৰঃ গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ মানুহখিনিৰ নিম্নতম সুদৰ হাৰত ঋণৰ যোগান ধৰাৰ ব্যৱস্থা গ্ৰাম্য উন্নয়নৰ অৰ্থে অপৰিহার্য। এনে উদ্দেশ্য আগত ৰাখিয়েই স্বাধীনোত্তৰ ফাল ছোৱাত গ্ৰাম্য ঋণৰ চাহিদা পূৰণৰ অৰ্থে সমবায় ঋণদান সমিতি। ভূমি উন্নয়নী বেংক আৰু সাম্প্ৰতিক কালত গ্রাম্য বেংক ব্যৱস্থা আৰম্ভ কৰা হৈছে। এনে আনুষ্ঠানিক ঋণ প্ৰক্ৰিয়াৰ অধীনত ঋণ সংগ্ৰহ কৰোতে কিছুমান নীতি-নিয়ম ঋণ আবেদনকাৰীয়ে পূৰণ কৰিবলগীয়া হোৱাত ঋণ সংগ্রহত যথেষ্ট বিলম্ব ঘটে। বিশেষকৈ ঋণৰ বিপৰীতে প্ৰদান কৰিবলগীয়া বন্ধকীপত্ৰৰ ব্যৱস্থাৰ কাৰণে দৰিদ্ৰ গ্ৰাম্য পৰিয়ালবোৰ এনে ঋণ গ্ৰহণৰ সুবিধাৰ পৰা বঞ্চিত হয়। গ্ৰাম্য ঋণৰ এনে প্রতিবন্ধক আঁতৰ কৰিবৰ অর্থে আগবাঢ়ি আহিছে আত্ম সহায়ক গোটবোৰ। আত্মসহায়ক গোটবোৰে সিহঁতৰ দৰিদ্ৰ সদস্যৰ পৰা নিম্নতম বৰঙণি সংগ্ৰহ কৰি সঞ্চয় পুঁজি গঠন কৰে আৰু উক্ত উমৈহতীয়া পুঁজি কম সুদৰ হাৰত অতি ক্ষুদ্ৰ আৰু সহজ কিস্তিত পৰিশোধ কৰিব পৰাৰ ব্যৱস্থা কৰি সদস্যসকলৰ প্ৰয়োজনৰ ভিত্তিত ঋণ প্ৰদান কৰে। আত্ম সহায়ক গোটৰ এক ঋণ প্রদান পদ্ধতিক মুক্ত ঋণ আঁচনি বুলি কোৱা হয়।

দৰিদ্ৰ আৰু উপাত্ত কৃষসকলৰ কৃষি বিত্ত যোগানত ক্ষুদ্র ঋণ ব্যৱস্থাই সহায় কৰাৰ উপৰি আত্মসহায়ক গোটৰ সদস্য মহিলাসকলক ক্ষুদ্র ব্যৱসায় স্থাপন অর্থেও এনে ক্ষুদ্র ঋণে সহায় কৰিছে। এইটো ব্যৱস্থাৰদ্বাৰা মহিলা সয়লীকৰণৰ নীতি সফলতাৰে কাৰ্যকৰী কৰাতো সম্ভৱপৰ হৈছে। অৱশ্যে এইটো উল্লেখযোগ্য কৃষি আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ অৰ্থে লোৱা এনে ঝণপুঁজি একাংশ ঋণগ্ৰহণকাৰীয়ে উপভোগ কার্যত ব্যৱহাৰ কৰাত ক্ষুদ্র ঋণৰ প্ৰকৃত লক্ষ্য পূৰণ হোৱা নাই।

প্রশ্ন ৩। ভাৰতবৰ্ষৰ কৃষি ঋণৰ উৎসসমূহ আৰু সেইবোৰৰ কৃষি ঋণ যোগানত ভূমিকাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 

নাইবা, 

গ্ৰাম্যঋণৰ প্ৰধান উৎসবোৰ উল্লেখ কৰা। 

নাইবা, 

ভাৰতবৰ্ষত গ্রাম্য ঋণ যোগান ধৰা অনানুষ্ঠানিক উৎসসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত গ্রামাঞ্চলত বাস কৰা কৃষকসকলৰ আৰ্থিক অৱস্থা শোচনীয়। কৃষিকার্য আৰু অন্যান্য যাৱতীয় কাম সম্পাদন কৰিবৰ কাৰণে তেওঁলোকে সঘনে ঋণৰ আশ্ৰয় লয়। পঞ্চম পৰিকল্পনাৰ সমীক্ষা অনুসৰি দেশৰ কৃষকসকলৰ হ্ৰ স্বম্যাদী ঋণৰ বাৰ্ষিক চাহিদা প্রায় ৩০০০ কোটি টকা আৰু মধ্যমীয়া আৰু দীৰ্ঘম্যাদী ঋণৰ চাহিদা প্রায় ২৪০০ কোটি টকা। গ্ৰামাঞ্চলৰ মানুহে বিষেকৈ কৃষকসকলে তেওঁলোকৰ ঋণসমূহ দুটা প্রধান উৎসৰ পৰা সংগ্ৰহ কৰে — অনা-আনুষ্ঠানিক আৰু আনুষ্ঠানিক।

গ্ৰামাঞ্চলৰ প্ৰধান উৎসবোৰ হৈছে:

অনানুষ্ঠানিক উৎস:

(১) গাঁৱলীয়া মহজান — গ্রামাঞ্চলত দুই প্ৰকাৰৰ ঋণদাতা দেখা যায় — কৃষক ঋণদাতা আৰু গাঁৱৰ ব্যৱসায়ী। প্রথমজনে ঋণৰ ব্যৱসায়ৰ লগত কৃষিকার্যও চলাই থাকে। তদুপৰি ব্যৱসায়িক ঋণদাতাসকলেও গ্রামাঞ্চলত বুজন পৰিমাণৰ ঋণৰ যোগান ধৰা দেখা যায় ৷ এই গ্রাম্য ঋণদাতাসকলে কৃষকসকলৰ মুঠ ঋণৰ চাহিদাৰ শতকৰা ৪৩ ভাগ পূৰণ কৰে। গাঁৱলীয়া মহাজনসকলে কৃষি কাৰ্যৰ উপৰিও অন্য কোনো উদ্দেশ্যতও ঋণ দিয়ে আৰু এওঁলোকৰ ওপৰত অত্যধিক সুদ লোৱা দেখা যায়।

(২) ব্যৱসায়ী আৰু মুনাফা গ্রহণকাৰী — ব্যৱসায়ী আৰু মুনাফা গ্ৰহণকাৰীসকলে কৃষিজাত দ্রব্য উৎপাদিত হোৱাৰ আগতে কৃষকসকলক অগ্রিম ধন দিয়ে আৰু ইয়াৰ ফলত কৃষকসকলে তেওঁলোকক কম মূল্যত কৃষিজাত দ্রব্য বিক্ৰী কৰিবলৈ বাধ্য হয়। এনে ঋণদাতাসকলৰ প্রভাৱ ক্ৰমান্বয়ে বৃদ্ধি হোৱা পৰিলক্ষিত হয়। ১৯৬১-৬২ চনত মুঠ গ্ৰাম্য ঋণত এওঁলোকৰ অংশ আছিল শতকৰা ৮৮ ভাগ।

(৩) সম্বন্ধীয় লোক — কৃষকসকলে তেওঁলোকৰ সম্বন্ধীয় লোকসকলৰ পৰাও ঋণ সংগ্ৰহ কৰা দেখা যায়। এনে ঋণৰ ক্ষেত্ৰত সুন্দৰ হাৰ কম হোৱা দেখা যায়। সেয়ে কৃষকসকলৰ সম্বন্ধীয়সকলৰ পৰা ঋণ লোৱা দেখা গৈছিল। বর্তমান সম্বন্ধীয় লোকৰ পৰা কৰা ঋণৰ পৰিমাণ ক্ৰমান্বয়ে কমি যোৱা পৰিলক্ষিত হৈছে।

(৪) ভূ-স্বামী — দুখীয়া বা ৰায়তসকলে ভূ-স্বামীৰ পৰাও কৃষিকাৰ্য আৰু অন্যান্য কাৰণত ঋণ সংগ্ৰহ কৰে। এনে ঋণৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি হোৱা পৰিলক্ষিত হয় আৰু ১৯৬১-৬২ চনত এনে ঋণৰ পৰিমাণ মুঠ গ্ৰাম্য ঋণৰ শতকৰা ১৪.৫ ভাগ হৈছিল। এনে ঋণ-ব্যৱস্থাত বায়তসকল ভূ-স্বামীৰ দাসৰ দৰে হৈ পৰে।

আনুষ্ঠানিক উৎস:

(১) সমবায় ঋণদান সমিতি — কম সুদৰ উপযুক্ত পৰিমাণৰ ঋণ দিয়াত সমবায় ঋণদান সমিতিবোৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। গ্রামাঞ্চলত ঋণৰ চাহিদা পূৰণ কৰাত চৰকাৰে সমবায় সমিতিবোৰৰ ওপৰত অধিক পৰিমাণ নিৰ্ভৰ কৰিছে। চৰকাৰী প্ৰচেষ্টাৰ ফলস্বৰূপে ১৯৮৬-৮৭ চনত প্ৰাথমিক কৃষি ঋণদান সমিতিৰ সংখ্যা ১২০০০ লৈ বৃদ্ধি হয় আৰু এই সমিতিবোৰে কৃষকৰ যোগান ধৰা হ্রস্বম্যাদী ঋণৰ মুঠ পৰিমাণ হৈছে ৩৩৪০ কোটি টকা।

(২) ভূমি উন্নয়নী বেংক — কৃষকসকলৰ দীৰ্ঘম্যাদী ক্ষণৰ চাহিদা পূৰণ কৰাত ভূমি উন্নয়নী বেংকবোৰে উল্লেখযোগ্য বৰঙণি যোগাইছে। কৃষকসকলে তেওঁলোকৰ ভূমি এই বেংকৰ ওচৰত বন্ধক ৰাখি কম সুদত দীৰ্ঘদিনৰ কাৰণে ঋণ সংগ্ৰহ কৰিব পাৰে। ১৯৮৫ চনত দেশত ১৯ টা কেন্দ্ৰীয় আৰু ৮৩০ টা প্ৰাথমিক ভূমি উন্নয়নী বেংক আছিল আৰু ১৯৮৬-৮৭ চনলৈকে এই বেংকবোৰে ৬১০ কোটি টকাৰ ঋণ কৃষকসকললৈ আগবঢ়ায়।

(৩) ৰিজাৰ্ভ বেংক — ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ কেন্দ্ৰীয় সমবায় বেংক আৰু প্ৰাথমিক সমবায় সমিতিবোৰৰ মাধ্যমত কৃষকসকলৰ হ্ৰস্বাম্যাদী ঋণৰ চাহিদা পূৰণ কৰাত উল্লেখযোগ্য

কোটি টকাৰ যোগান ধৰে। ১৯৮২ চনৰ পৰা ৰিজাৰ্ভ বেংকে ইয়াৰ গ্ৰাম্য ঋণৰ দায়িত্ব নাবার্ড (NABARD) -ক অর্পণ কৰে।

(৪) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (NABARD) — কৃষকসকলৰ হ্ৰ স্বম্যাদী ঋণৰ চাহিদা পূৰণ কৰিবলৈ ১৯৬৩ চনৰ জুলাই মাহত গঠন কৰা কৃষি পুনৰ বিত্তৰ যোগান আৰু উন্নয়নী নিগমৰ লগত নাবাৰ্ডৰ চামিলকৰণ হয় ১৯৮২ চনত। পানী যোগান, ভূমি উন্নয়ন, ফল-মূলৰ বাগিচা স্থাপন, পশুপালন ইত্যাদিত সহায় কৰিবলৈ এই নিগমে কৃষকসকলক দীৰ্ঘম্যাদী ঋণৰ যোগান ধৰে। কৃষকক দীর্ঘকালীন ঋণৰ চাহিদা পূৰণ কৰাত নিগমে মুখ্য অনুষ্ঠানৰূপে কাম-কাজ পৰিচালনা কৰে। ১৯৮২ চনৰ মাৰ্চ মাহলৈকে এই নিগমে কৃষি উন্নয়নৰ ১৯,০০০ খন আঁচনিত অনুমোদন জনায়। ইয়াৰ আঁচনিসমূহ কেন্দ্রীয় ভূমি উন্নয়নী বেংকৰ তালিকাভুক্ত বাণিজ্যিক বেংক আৰু সমবায় সমিতিবোৰৰ জৰিয়তে বাপায়ণ কৰা হয়। আন্তর্জাতিক উন্নয়নী পৰিষদ (IDA) আৰু আন্তঃৰাষ্ট্ৰীয় বেংকৰ (IBRD) কৃষি উন্নয়নৰ অৰ্থে দিয়া পুঁজিসমূহৰ ব্যৱহাৰৰ আঁচনি তৈয়াৰ কৰা আৰু ৰূপায়ণ কৰাৰ দায়িত্ব নাবার্ডক দিয়া হৈছে। এই নিগমৰ অধিক বহল ভিত্তিত কাম-কাজ পৰিচালনা কৰিবৰ কাৰণে এই নাবাৰ্ডৰ কাম-কাজসমূহৰ যথেষ্ট সংশোধন কৰা হৈছে।

(৫) ভাৰতৰ ষ্টেট বেংক — ১৯৫৫ চনত স্থাপন হোৱা ভাৰতৰ ষ্টেট বেংকে গ্ৰাম্য ঋণৰ যোগানত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এই বেংকে গ্ৰাম্য ঋণদান অনুষ্ঠানবোৰক পুঁজিৰ যোগান, সমবায় বেচা-কিনা সমিতিক অর্থ সাহায্য আৰু ওদাম ঘৰ নিৰ্মাণত সাহায্যৰ যোগানত অভূতপূর্ব বৰঙণি দিছে। আঞ্চলিক ভিত্তিত গ্ৰাম্য উন্নয়নত এই বেংকৰ ভূমিকা উল্লেখযোগ্য। ১৯৭৭ চনত সামুহিক ভিত্তিত গ্ৰাম্য উন্নয়নৰ অৰ্থে এই বেংকে এখন পাইলট আঁচনি গ্ৰহণ কৰিছে।

(৬) ব্যৱসায়িক বেংক — ১৯৬৯ চনৰ বেংক জাতীয়কৰণৰ পূৰ্বতে ভাৰতৰ ব্যৱসায়িক বেংকসমূহে সিহঁতৰ কাম-কাজ নগৰীয়া অঞ্চলবোৰতে সীমিত কৰি ৰাখিছিল। কিন্তু জাতীয়কৰণৰ পাছত দেশৰ কৃষিখণ্ডক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আৰ্থিক সাহায্য দিয়াৰ ক্ষেত্ৰত এই বেংকবোৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ব্যবসায়িক বেংকসমূহে কৃষকসকলক শ্ৰস্বম্যাদী আৰু মধ্যমান ঋণ দিয়াৰ উপৰিও সাৰ আৰু অন্যান্য কৃষিৰ সা-সঁজুলিবোৰ কৃষকসকলৰ মাজত বিতৰণ কৰাত অগ্রিম মূলধনৰ যোগান ধৰি কৃষি উন্নয়নত পৰোক্ষভাবে সহায় কৰিছে।

(৭) আঞ্চলিক গাঁৱলীয়া বেংক — ১৯৭৪ চনৰ নতুন অর্থনৈতিক আঁচনিত সকলো পুৰণা গ্ৰাম্য ঋণৰ যোগানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গ্ৰামাঞ্চলৰ দুখীয়া কৃষক, কুটিৰ শিল্প, ক্ষুদ্র ব্যৱসায়ী আদিক আর্থিক সহায় কৰি এই অঞ্চলবোৰত কৃষি, শিল্প বাণিজ্যৰ উন্নতি আৰু প্ৰসাৰণ ঘটবাৰ অৰ্থে কুৰি দফীয়া আচঁনিত এই নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হয়। এনে উদ্দেশ্য সাধনৰ অর্থে- আঞ্চলিক গাঁৱলীয়া বেংক স্থাপনত অগ্ৰাধিকাৰ দিয়া হয়। এইবোৰ ভাৰতীয় ষ্টেট বেংক আৰু ৰাষ্ট্ৰীয়কৃত বেংকবোৰৰ পৃষ্ঠপোষকতাত গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯৮৪ চনৰ মাৰ্চ মাহ পর্যন্ত দেশৰ বিভিন্ন অঞ্চলত মুঠ ১৫৯ টা গাঁৱলীয়া বেংক স্থাপন হৈছে। বেংকবোৰে কৃষি ঋণৰ যোগানত কিছু অগ্ৰগতি লাভ কৰিছে। ১৯৮৮ চনৰ জুন মাহলৈকে দেশখনৰ আঞ্চলিক গাঁৱলীয়া বেংকসমূহে কৃষিখণ্ডলৈ যোগান ধৰা হ্রস্বম্যাদী আৰু দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ ১৯৮৭ চনৰ জুন মাহত ৩৯.৩৪ কোটি টকা আছিল।

প্রশ্ন ৪। ভাৰতবৰ্ষত গ্রাম্য ঋণগ্ৰস্ততাৰ কাৰণ আৰু ফলাফলৰ বিষয়ে চমুকৈ আলোচনা কৰা। গ্রাম্য ঋণগ্রস্ততাৰ সমস্যা সমাধানৰ অৰ্থে পৰামৰ্শ দিয়া। ঋণগ্রস্ততাৰ সমস্যা সমাধানৰ অৰ্থে চৰকাৰে লোৱা দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ দেশৰ কৃষিকসকলে কৃষি আৰু আন কাম-কাজসমূহ সম্পাদনৰ অৰ্থে ঋণ সংগ্রহ কৰে; কিন্তু উক্ত ঋণ পৰিশোধ কৰাত ব্যৰ্থ হয় তাকেই ঋণগ্রস্ততা আখ্যা দিয়া হয়। ভাৰতবৰ্ষত কৃষকৰ ঋণগ্রস্ততাৰ সমস্যা এক গভীৰ সমস্যা। সমীক্ষা অনুসৰি ভাৰতৰ প্ৰতিটো কৃষক পৰিয়ালৰ ঋণৰ পৰিমান গড় হিচাপে ৮০০ টকাৰ অধিক। 

ভাৰতীয় কৃষকৰ ঋণগ্রস্ততাৰ প্ৰধান কাৰণসমূহ হৈছে— 

(১) অধিকাংশ কৃষকৰ আৰ্থিক অৱস্থা অতি শোচনীয় হোৱাৰ কাৰণে কৃষিকাৰ্য সম্পাদনৰ অর্থে তেওঁলোকে প্ৰতিবছৰে ঋণ সংগ্ৰহ কৰে; কিন্তু বেয়া বতৰ বা আন কোনো কাৰণত শস্য নষ্ট হ’লে তেওঁলোকে উক্ত ঋণ পৰিশোধ কৰাত ব্যৰ্থ হয়।

(২) নতুন ভূমি আহৰণ আৰু কৃষি ব্যৱস্থাৰ উন্নতিৰ কাৰণে কৃষকে ঋণ সংগ্ৰহ কৰে; কিন্তু উক্ত ঋণপুজি উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ ব্যৰ্থ হোৱাত তেওঁলোক ঋণগ্ৰস্ততাৰ সন্মুখীন হয়।

(৩) বিবাহ আৰু আন সামাজিক কাম-কাজ সম্পাদনৰ অৰ্থে কৃষকসকলে ঋণ সংগ্রহ কৰে; কিন্তু এনে ঋণ হয় উৎপাদনৰহিত ঋণ আৰু এনে ঋণ পৰিশোধ কৰিবৰ অৰ্থে তেওঁলোকে নতুন ঋণ সংগ্ৰহ কৰিবলৈ বাধ্য হয়।

(৪) ভাৰতীয় কৃষকে উত্তৰাধিকাৰী সূত্রেও ঋণৰ বোজা গ্ৰহণ কৰিবলগীয়া হয়। পুত্ৰই পিতৃৰ সম্পত্তিৰ অধিকাৰী হোৱাৰ লগতে পৈতৃক ঋণৰ বোজা গ্ৰহণ কৰে। এনে ঋণ পৰিশোধৰ অৰ্থে তেওঁ পুনৰ অধিক ঋণ সংগ্ৰহ কৰি ঋণগ্রস্ততাৰ সমস্যাৰ সন্মুখীন হয়।

ফলাফল — কৃষকৰ ঋণগ্রস্ততাৰ কেইটামান গুৰুত্বপূৰ্ণ কুফল দেখা যায়। 

ঋণগ্রস্ততাৰ প্ৰধান ফলাফলকেইটা হৈছে —

(১) ঋণগ্রস্ততাৰ কাৰণে কৃষকসকল কোনো দিন দৰিদ্ৰতাৰ কালৰ পৰা মুক্ত হ’ব নোৱাৰে। পুৰণি ঋণ পৰিশোধ কৰিবৰ অৰ্থে পুনৰ উচ্চ সুদৰ হাৰত ঋণ সংগ্ৰহ কৰিবলগীয়াও হোৱাত তেওঁলোকৰ অৱস্থা অতি শোচনীয় হৈ পৰে।

(২) ঋণগ্রস্ততাৰ সমস্যাৰ কাৰণে কৃষকসকলে উন্নত কৃষি পদ্ধতি প্রয়োগত ব্যৰ্থ হয়। কাৰণ পুৰণি ঋণৰ বোজাৰ কাৰণে তেওঁলোকক জুৰুলা কৰাত উন্নত কৃষি পদ্ধতি প্ৰয়োগৰ অৰ্থে পুঁজিৰ অভাৱ হয়।

(৩) ঋণগ্রস্ততাৰ সমস্যাত জুৰুলা হোৱা কৃষকসকলৰ ভূমি সম্পতি ঋণ আৰু সুদ বাবদ গ্রাম্য মহাজনসকলে হস্তগত কৰাত কৃষকসকলে অনাহাৰে অৰ্দ্ধাহাৰে দিন কটাবলগীয়া হয়।

(৪) ঋণগ্রস্ততাৰ কাৰণে কৃষকৰ পৰিয়ালৰ ল’ৰা-ছোৱালী ভৰণ-পোষণ আৰু শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত হয়। গ্রাম্য নিৰক্ষৰতাৰ কাৰণ হিচাপে কৃষকৰ ঋণগ্রস্ততা চিনাক্ত হৈছে।

সমস্যা সমাধানৰ অৰ্থে পৰামৰ্শ আৰু চৰকাৰী ব্যৱস্থাঃ ভাৰতীয় কৃষকসকলৰ ঋণগ্রস্ততাৰ সমস্যাটো সমাধানৰ অৰ্থে তলত উল্লেখিত ব্যৱস্থাকেইটা ফলপ্রসু হিচাপে বিবেচনা কৰা হয় — 

(১) কৃষকসকলৰ পুৰণা ঋণসমূহৰ বোজা হ্ৰাসকৰণৰ অৰ্থে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত আইন প্ৰণয়নৰ মাধ্যমত পুৰণা ঋণৰ পৰা কৃষকসকলক ৰেহাই দিয়াৰ ব্যৱস্থা চৰকাৰে কৰা পৰিলক্ষিত হৈছে।

(২) কৃষকসকলক নতুন ঋণৰ প্ৰয়োজন সমবায় ঋণদান সমিতি আৰু বাণিজ্যিক বেংকৰ দ্বাৰা পৰিপূৰণৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰাতো উচিত। এনে ব্যৱস্থাই কৃষকসকলক সুদখোৰ গ্রাম্য মহাজনৰ কবলৰ পৰা মুক্ত কৰিব। চৰকাৰে কৃষকসকলক কম সুন্দৰ হাৰত ঋণ যোগানৰ অর্থে সমবায় ঋণ দান সমিতিক পুঁজিৰ যোগান ধৰিছে।

(৩) কৃষকসকলে কৃষিকার্যৰ কাৰণে যি ঋণ সংগ্ৰহ কৰে তাক যাতে কেৱল কৃষিকার্যত ব্যৱহাৰ হয় তাৰ প্ৰতি ঋণদান অনুষ্ঠানবোৰে লক্ষ্য ৰখাতো উচিত। এইটো লক্ষ্য পৰিপুৰণৰ অৰ্থে চৰকাৰে কৃষকসকলৰ নিৰক্ষৰতা হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 

প্রশ্ন ৫। ভাৰতৰ ঋণগ্রস্ততাৰ যিকোনো চাৰিটা কাৰণ আৰু চাৰিটা ফলাফল চমুকৈ বর্ণনা কৰা। 

অথবা, 

ভাৰতৰ গ্ৰাম্য ঋণগ্রস্ততাৰ যিকোনো চাৰিটা কাৰণ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ফলাফল — কৃষকৰ ঋণগ্রস্ততাৰ কেইটামান গুৰুত্বপূৰ্ণ কুফল দেখা যায়। 

ঋণগ্রস্ততাৰ প্ৰধান ফলাফলকেইটা হৈছে—

(১) ঋণগ্রস্ততাৰ কাৰণে কৃষকসকল কোনো দিন দৰিদ্ৰতাৰ কালৰ পৰা মুক্ত হ’ব নোৱাৰে । পুৰণি ঋণ পৰিশোধ কৰিবৰ অৰ্থে পুনৰ উচ্চ সুদৰ হাৰত ঋণ সংগ্ৰহ কৰিবলগীয়াও হোৱাত তেওঁলোকৰ অৱস্থা অতি শোচনীয় হৈ পৰে।

(২) ঋণগ্রস্ততাৰ সমস্যাৰ কাৰণে কৃষকসকলে উন্নত কৃষি পদ্ধতি প্রয়োগত ব্যৰ্থ হয়। কাৰণ পুৰণি ঋণৰ বোজাৰ কাৰণে তেওঁলোকক জুৰুলা কৰাত উন্নত কৃষি পদ্ধতি প্ৰয়োগৰ অৰ্থে পুঁজিৰ অভাৱ হয়।

(৩) ঋণগ্রস্ততাৰ সমস্যাত জুৰুলা হোৱা কৃষকসকলৰ ভূমি সম্পতি ঋণ আৰু সুদ বাবদ গ্রাম্য মহাজনসকলে হস্তগত কৰাত কৃষকসকলে অনাহাৰে অৰ্দ্ধাহাৰে দিন কটাবলগীয়া হয়।

(৪) ঋণগ্রস্ততাৰ কাৰণে কৃষকৰ পৰিয়ালৰ ল’ৰা-ছোৱালী ভৰণ-পোষণ আৰু শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত হয়। গ্রাম্য নিৰক্ষৰতাৰ কাৰণ হিচাপে কৃষকৰ ঋণগ্রস্ততা চিনাক্ত হৈছে।

প্রশ্ন ৬। ভাৰতবৰ্ষৰ কৃষিজাত দ্ৰব্যৰ বেচা-কিনাৰ ব্যৱস্থাসমূহৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষ এখন কৃষিপ্রধান দেশ হ’লেও কৃষিজাত দ্ৰবাৰ বিক্ৰীৰ কাৰণে যি বজাৰৰ ব্যৱস্থা আছে সেই বজাৰ ব্যৱস্থা অনুন্নত হোৱাৰ উপৰিও সংগঠিত বজাৰ নহয়। এই উন্নত আৰু সংগঠিত বজাৰৰ অভাৱৰ কাৰণে দেশখনৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত দ্ৰব্যৰ উপযুক্ত মূল্য লাভ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই। ইয়াৰ ফলত অধিকাংশ কৃষকৰ অৱস্থা অনুন্নত হৈ থকাৰ উপৰিও তেওঁলোকৰ কৃষিকাৰ্য আৰু উৎপাদন বৃদ্ধিৰ প্ৰতি উৎসাহৰ অভাৱ পৰিলক্ষিত হয়।

কৃষিজাত দ্রব্য বেচা-কিনাৰ প্ৰচলিত ব্যৱস্থা — ভাৰতবৰ্ষৰ কৃষকে উৎপাদিত শস্য বিক্ৰীৰ কাৰণে তিনি প্ৰকাৰৰ বজাৰ ব্যৱহাৰ কৰা দেখা যায়। 

এই তিনিবিধ বজাৰ হৈছে — 

(১) গ্ৰামা বজাৰ। 

(২) সাপ্তাহিক হাট। 

(৩) চহৰ আৰু নগৰত মাণ্ডী (Mandy) বা পাইকাৰী বজাৰ। 

(১) গ্ৰাম্য বজাৰ — গ্ৰাম্য বজাৰৰ প্ৰধান ক্ৰেতা হৈছে গাঁৱৰ ঋণদাতা ব্যৱসায়ীসকল। খেতিয়কসকলে অগ্রিম ধনৰ পৰিবৰ্তে তেওঁলোকৰ উৎপাদিত দ্রব্য এই ধৰণৰ মহাজনৰ হাতত বিক্ৰী কৰিবলগীয়া হয়। মহাজনসকলে অগ্রিম ধনৰ বিনিময়ত কৃষকসকলৰ পৰা কম দামত ক্ৰয় কৰিবলৈ সক্ষম হোৱা কৃষিজাত দ্রব্য নিজে অথবা কোনো এজেন্টৰ মাধ্যমত ওপৰৰ চহৰৰ মাণ্ডীত বিক্ৰী কৰে। পঞ্জাবৰ দৰে ৰাজ্যত কৃষিজাত দ্রব্য বিক্ৰীৰ কাৰণে গাঁৱতে মাণ্ডী আছে। গাঁৱৰ অন্যান্য বেপাৰীসকলৰ ওচৰতো কৃষকসকলে তেওঁলোকৰ উৎপাদিত দ্রব্য বিক্ৰী কৰে।

(২) সাপ্তাহিক হাট-বজাৰ — দেশখনৰ বহুতো অঞ্চলৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত দ্রব্য বিক্ৰীৰ কাৰণে সাপ্তাহিক বজাৰৰ (হাট) সহায় লয়। ইয়াৰউপৰি বছৰেকীয়া মেলাতো কৃষকসকলে তেওঁলোকৰ উৎপাদিত দ্রব্য বিক্ৰী কৰা পৰিলক্ষিত হয়।

(৩) চহৰ আৰু নগৰৰ মাণ্ডী বা পাইকাৰী বজাৰ — দেশখনৰ বহুতো অঞ্চলত নগৰ আৰু চহৰসমূহত কৃষকৰ কৃষিজাত দ্রব্য বিক্ৰীৰ কাৰণে এক বিশেষ ধৰণৰ পাইকাৰী বজাৰ আছে। এই বজাৰ মাণ্ডী নামেই পৰিচিত। এনে বজাৰলৈ উৎপাদিত দ্রব্য কৃষকসকলে কঢ়িয়াই অনাৰ ব্যৱস্থা নিজেই কৰে। দালালৰ মাধ্যমত কৃষকে তেওঁলোকৰ উৎপাদিত দ্রব্য এনে বজাৰত পাইকাৰী ব্যৱসায়ীসকলৰ তাত বিক্ৰী কৰে।

প্রশ্ন ৭। ভাৰতৰ কৃষি সামগ্রী বেচা-কিনা ব্যৱস্থাবোৰৰ যিকোনো চাৰিটা আসোঁৱাহ আলোচনা কৰা। সেইবোৰৰ সমাধানকল্পে তিনিটা পৰামৰ্শ আগবঢ়োৱা। এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাবোৰ ব্যাখ্যা কৰা। 

অথবা, 

কৃষিজাত সামগ্ৰীৰ বজাৰৰ চাৰিটা প্ৰধান সমস্যা ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ কৃষি সামগ্রী বেচা-কিনাৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ সমস্যা পৰিলক্ষিত হয়। 

এই ব্যৱস্থাৰ ফলত সন্মুখীন হোৱা চাৰিটা প্ৰধান সমস্যাৰ বিষয়ে তলত আলোচনা কৰা হৈছে:

(১) দালাল আৰু মধ্যস্থতাকাৰীৰ উপস্থিতি: ভাৰতীয় কৃষকসকলৰ উৎপাদিত দ্রব্য এক শ্ৰেণীৰ গ্ৰাম্য দালাল আৰু মহাজনে অগ্রিম ধন দি কিনি লোৱাৰ ফলত তেওঁলোকে বজাৰত উপযুক্ত মূল্যত বিক্ৰী কৰাৰ পৰা বঞ্চিত হয়। গ্রাম্য বজাৰতো দালাল শ্ৰেণীটোৰ উপস্থিতিৰ কাৰণে তেওঁলোকে কৃষিজ দ্ৰব্যৰ উপযুক্ত মূল্য লাভ কৰিব নোৱাৰে।

(২) সঞ্চয়াগাৰৰ অভাৱ: কৃষকসকলে উৎপাদন কৰা কৃষিজ দ্রব্যসমূহৰ উপযুক্ত সময়ত উচ্চ মূল্যত বিক্ৰীৰ অৰ্থে পোক-পৰুৱাই অনিষ্ট কৰিব নোৱাৰা সঞ্চয়াগাৰৰ প্ৰয়োজন হয়। কিন্তু দেশৰ গ্ৰামাঞ্চলত এনে সঞ্চয়াগাৰৰ অভাৱ হোৱাৰ কাৰণে কৃষকসকলে তেওঁলোকৰ উৎপাদিত দ্রব্য খেতি চপোৱাৰ পাছতে কম মূল্যত বজাৰত বিক্ৰী কৰিবলৈ বাধ্য হয়।

(৩) পৰিবহণৰ অভাৱ: গ্ৰাম্যাঞ্চলৰ লগত দেশৰ নগৰ আৰু চহৰ অঞ্চলৰ উন্নত পৰিবহণ আৰু যোগাযোগৰ অভাৱৰ কাৰণে কৃষকসকলে নিজৰ উৎপাদিত দ্রব্য গ্রাম্য মহাজন আৰু বেপাৰীসকলক অতি নিম্নমূল্যত বিক্ৰী কৰিবলৈ বাধ্য হয়। এনে ব্যৱস্থাৰ দ্বাৰা কৃষকসকলতকৈ বেপাৰী মহাজনৰহে অধিক লাভ হয়।

(৪) তথ্যৰ অভাৱ: কৃষিজ দ্ৰব্যৰ বজাৰ আৰু উপযুক্ত মূল্যৰ বিষয়ে অধিকাংশ কৃষক অৱগত নহয়। এনে তথ্যৰ অভাৱত কৃষিজ দ্ৰব্যৰ উপযুক্ত মূল্য লাভ কৰাত কৃষ্ণসকল বাৰ্থ হয়।

সমাধানৰ উপায়: উল্লেখিত সমস্যাকেইটা সমাধানৰ অৰ্থে প্ৰামাঞ্চলৰ বজাৰৰ উন্নতি সাধনৰ লগতে কৃষকসকলক চৰকাৰ আৰু বাণিজ্যিক বেংকৰ মাধ্যমত ঋণৰ ব্যৱস্থা কৰি তেওঁলোকক গ্রাম্য মহাজনৰ কবলৰ পৰা মুক্ত কৰিব লাগিব। তদুপৰি গ্ৰামাঞ্চলত কৃষিৰ দ্ৰব্যৰ সঞ্চয়াগাৰ স্থাপনত চৰকাৰে অগ্ৰাধিকাৰ দিব লাগিব। লগতে গ্ৰামাঞ্চলৰ লগত চহৰ আৰু নগৰসমূহৰ সঞ্চয় ব্যৱস্থাসমূহৰ উন্নতি সাধন কৰিব লাগিব। কৃষকসকলৰ খনিজ দ্ৰব্যৰ উপযুক্ত মূল্য প্রদান কৰাত সমবায় বেচা-কিনা সমিতিবোৰে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

প্রশ্ন ৮। গ্রাম্য বজাৰসমূহৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ ১। সঞ্চয়গাৰ স্থাপন আৰু ঋণদান: পৰিকল্পনাৰ কালছোৱাত চৰকাৰে কৃষিজাত সামগ্ৰীৰ বেচা-কিনা ব্যৱস্থাৰ উন্নতিৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় সঞ্চয়গাৰ নিগমৰ অধীনত চহৰ আৰু মাণ্ডীসমূহত কৃষিজাত দ্ৰব্যৰ সঞ্চয়গাৰ স্থাপন কৰা হৈছে। দেশখনত কৃষিজাত দ্ৰব্যৰ সঞ্চয়গাৰ নিৰ্মাণৰ দায়িত্বত থকা তিনিটা অনুষ্ঠান ভাৰতবৰ্ষৰ খাদ্য নিগম, কেন্দ্ৰীয় সঞ্চয়গাৰ নিগম আৰু ৰাজ্যিক সঞ্চয়গাৰ নিগমসমূহৰ অধীনত ইতিমধ্যে দেশখনত যিবিলাক সঞ্চয়গাৰ স্থাপন হৈছে সেইবোৰৰ সঞ্চয় ক্ষমতা ১৯৮৪-৮৫ চনত ২৭ নিযুত টনলৈ বৃদ্ধি পাইছে। গ্রামাঞ্চলত সঞ্চয়াগাৰ স্থাপনৰ কাৰণে গ্ৰাম্য সমবায় সমিতিসমূহক ঋণ আগবঢ়োৱা হৈছে। ১৯৯৫- ৯৬ চনৰ মাৰ্চ মাহলৈকে দেশখনত ৩২৫৩ টা শীত-তাপ নিয়ন্ত্রিত সঞ্চয়াগাৰ স্থাপন কৰা হৈছে আৰু এই সঞ্চয়াগাৰসমূহৰ কৃষিজাত দ্রব্য সঞ্চয়ৰ ক্ষমতা হৈছে ৮.৭৩ নিযুত টন।

২। ঋণ দান: দালাল-মহাজন শ্ৰেণীৰ প্ৰভাৱৰপৰা মুক্ত কৰিবৰ অৰ্থে আৰু কৃষকসকলে যাতে উপযুক্ত সময়ত তেওঁলোকৰ উৎপাদিত শস্য বিক্ৰী কৰিবলৈ অপেক্ষা কৰিব পাৰে তাৰ কাৰণে কৃষকসকলক সমবায় ঋণদান সমিতিৰ জৰিয়তে ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ঋণ দানৰ লগত কিনা-বেচাৰ সংযোগ স্থাপনৰ কাৰণে বহুমুখী সমবায় সমিতি স্থাপনত অগ্ৰাধিকাৰ দিয়া হৈছে।

৩। সমবায় বেচা-কিনা সমিতি স্থাপন: ১৯৫৪ চনৰ পূর্বে ঋণদান সমবায় সমিতিসমূহৰপৰা বেচা-কিনা সমিতিবোৰ পৃথক আছিল। কিন্তু ১৮৫৪ চনৰ পিছত বহুমুখী সমবায় সমিতি গঠন হোৱাৰপৰা ঋণদান আৰু বেচা-কিনা সমিতিবোৰৰ সমন্বয় সাধন হয়। বেচা-কিনা সমবায় সমিতিবোৰৰ কার্যপ্রণালী একে ধৰণৰ — ইয়াৰ সদস্যসকলে তেওঁলোকৰ উৎপাদিত দ্রব্য সমিতিত জমা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু যেতিয়া প্ৰতিশ্ৰুতি পালন কৰে তেওঁলোকক উৎপাদিত শস্যৰ বাবদ কিছু টকা কৃষিকাৰ্য চলাবৰ কাৰণে অগ্রিম ধন হিচাপে দিয়া হয়। বেচা-কিনা সমিতিসমূহে এনেভাৱে সংগ্ৰহ কৰা দ্রব্যসমূহ বিক্ৰী কৰি কৃষকসকলক দিবলগীয়া বাকী মূল্যখিনি দিয়ে। সভ্যসকলৰ বাহিৰে আন কোনো কৃষকেও বেচা-কিনা সমিতিৰ যোগেদি উৎপাদিত দ্রব্য বিক্ৰী কৰিব পাৰে।

৪। নিয়ন্ত্রিত বজাৰ স্থাপন: কৃষিজাত দ্ৰব্যৰ ব্যৱসায়ীসকলে নিজৰ মুনাফা বৃদ্ধিৰ কাৰণে কৃষিজাত দ্ৰব্যৰ মূল্য হ্ৰাস কৰাৰ ব্যৱস্থা ৰোধ কৰা, কৃষিজাত দ্ৰব্যৰ বিক্ৰীৰ ক্ষেত্ৰত দিবলগীয়া মাচুল হ্ৰাস কৰা আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদিত দ্রব্যৰ উচিত মূল্য প্রদান কৰাই হৈছে নিয়ন্ত্রিত বজাৰৰ প্ৰধান উদ্দেশ্য। আইন প্ৰণয়নৰ জৰিয়তে এনে নিয়ন্ত্ৰিত বজাৰ স্থাপন কৰা হয় আৰু ৰাজ্য চৰকাৰ, আইন ব্যৱস্থা, ব্যৱসায়ী, কমিচন এজেন্ট, দালাল আৰু কৃষকৰ প্রতিনিধিৰ দ্বাৰা গঠিত এখন সমিতিয়ে এনে নিয়ন্ত্ৰিত বজাৰৰ পৰিচালনাৰ দায়িত্ব বহন কৰে। এই সমিতিয়ে কৃষিজাত দ্ৰব্যৰ বজাৰৰ দাম আৰু অন্যান্য মাচুল নিৰ্ধাৰণ কৰাৰ উপৰি দালাল শ্ৰেণীৰ ভূমিকা নিষিদ্ধ কৰা আৰু কৃষকসকলে যাতে কৃষিজাত দ্রব্য বিক্ৰী কৰোতে ব্যৱসায়ীসকলে তেওঁলোকক ঠগিব নোৱাৰে তাৰ ব্যৱস্থা কৰে।

নিয়ন্ত্রিত বজাৰ ব্যৱস্থাই কৃষকসকলক উৎপাদিত দ্ৰব্যৰ কাৰণে উচিতমূল্য প্ৰদান কৰাত বিশেষভাবে সফল হোৱা দেখা গৈছে। ইয়াৰ উপৰি উৎপাদক আৰু উপভোক্তাৰ মাজত কৃষিজাত দ্ৰব্যৰ দামৰ ক্ষেত্ৰত থকা পাৰ্থক্য হ্ৰাস কৰাতো এনে বজাৰ ব্যৱস্থা সফল হোৱাটো পৰিলক্ষিত হৈছে। ১৯৯৬ চনৰ মাৰ্চ মাহলৈকে দেশখনত মুঠ ৬৯৬৮ খন নিয়ন্ত্ৰিত বজাৰ স্থাপন হৈছে। উদাৰ অৰ্থনৈতিক নীতিৰ লগত সংগতি ৰাখি সাম্প্রতিক কালছোৱাত কৃষিজ দ্ৰব্যৰ বেচা কিনাৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে কৃষিজ দ্ৰব্যৰ মান নিৰ্ণয়ৰ ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। ‘Agmark’ আৰোপ কৰি কৃষিজ দ্ৰব্যৰ গুণৰ ভিত্তিত সিহঁতৰ স্থান নির্ণয়ৰ ব্যৱস্থাৰ ওপৰত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে। এনে ব্যৱস্থাই কৃষিজ দ্ৰব্যৰ ৰপ্তানি বৃদ্ধিতো সহায় কৰিছে।

৫। অন্যান্য চৰকাৰী ব্যৱস্থা: উপৰোক্ত ব্যৱস্থাৱলীৰ উপৰি বিভিন্ন কৃষিজাত দ্ৰব্যৰ বজাৰৰ সমীক্ষা আৰু তেনে সমীক্ষাৰ প্ৰতিবেদন চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰিছে। এনে প্রতিবেদন প্রকাশৰ জৰিয়তে কৃষক আৰু ব্যৱসায়ীসকলক কৃষিজাত দ্ৰব্যৰ বজাৰৰ সম্ভাৱনা আৰু সমস্যাৰাজিৰ বিষয়ে তথ্যৰ যোগান ধৰা হয়। ইয়াৰ উপৰি গুণানুসৰি কৃষিজাত দ্ৰব্যৰ শ্রেণী বিভাজন ঘটোৱাৰ ব্যৱস্থা কৰা হৈছে। উচ্চমানৰ কৃষিজাত দ্ৰব্যৰ বেচা-কিনা বিভাগৰ মোহৰ (AGMARK) কৰাৰ ব্যৱস্থা কৰা হৈছে। কৃষিজাত দ্ৰব্যৰ মান নিৰ্ণয়ৰ কাৰণে নাগপুৰত এটা কেন্দ্ৰীয় গৱেষণাগাৰ আৰু অন্যান্য অঞ্চলত ১৩ টা আঞ্চলিক গৱেষণাগাৰ স্থাপন কৰা হৈছে। চৰকাৰী প্ৰচাৰ মাধ্যম অনাতাঁৰ, দূৰদৰ্শন, বাতৰি কাকত আৰু পুস্তিকাৰ জৰিয়তে কৃষকসকলক কৃষিজ দ্ৰব্যৰ বজাৰৰ বিষয়ে তথ্যৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

প্রশ্ন ৯। ভাৰতৰ গ্ৰাম্য অৰ্থনৈতিক উন্নয়নত সমবায়ৰ কাৰ্যকলাপৰ এটি চমু বিৱৰণ দিয়া। অথবা, অসমৰ কৃষি উন্নয়নত সমবায়ৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ সমবায় আন্দোলনৰ ৮০ বছৰীয়া বুৰঞ্জী অধ্যয়ন কৰিলে দেখা যায় যে এই আন্দোলনে কৃষি উন্নয়নত অভূতপূৰ্ব বৰঙণি যোগাইছে। বিশেষকৈ চৰকাৰ আৰু ৰিজাৰ্ভ বেংকৰ পৃষ্ঠপোষকতাত সমবায় আন্দোলনে বিগত দশককেইটাত কৃষি উন্নয়নত উল্লেখযোগ্য বৰঙণি যোগাবলৈ সমৰ্থ হৈছে।

ভাৰতৰ কৃষকসকলৰ আৰ্থিক অৱস্থা অতি শোচনীয়। কৃষকসকলে কৃষি উন্নয়ন আৰু অন্যান্য উদ্দেশ্যৰ কাৰণে মূলধনৰ যোগান ধৰাত সমবায় আন্দোলন সফল হৈছে। কম সুদত উপযুক্ত পৰিমাণৰ ঋণৰ যোগান ধৰি সমবায় আন্দোলনে গ্রামাঞ্চলত গাঁৱলীয়া মহাজনসকলৰ প্ৰাধান্য নাইকিয়া কৰিছে। এসময়ত গ্ৰামাঞ্চলত ঋণৰ যোগান ধৰাত একচেটিয়া অধিকাৰ থকা এই মহাজনসকলে এতিয়া কৃষকসকলক তেওঁলোকৰ প্ৰয়োজনৰ শতকৰা ৫৮ ভাগ ঋণৰহে যোগান ধৰে।

সমবায় আন্দোলনে কৃষকসকলক উন্নত কৃষি পদ্ধতি প্রয়োগতো সহায় কৰিছে। বিশেষকৈ উন্নত বীজ, সাৰ, যন্ত্রপাতি আদি ব্যৱহাৰ বৃদ্ধিত সমবায়ৰ ভূমিকা গুৰুত্বপূর্ণ। উন্নত পদ্ধতিৰ ব্যৱহাৰৰ কাৰণে প্ৰয়োজনীয় ঋণৰ ব্যৱস্থা কৰি কৃষি উৎপাদন বৃদ্ধিত সমবায়সমূহে সহায় কৰিছে। 

কৃষিজাত সামগ্ৰীসমূহৰ বিক্ৰীৰ ক্ষেত্ৰতো সমবায়ৰ ভূমিকা গুৰুত্বপূর্ণ। সমবায়ে কৃষিজাত দ্ৰব্যৰ বিক্ৰীৰ ক্ষেত্ৰত পূৰ্বতে থকা দালাল শ্ৰেণীৰ অৱসান ঘটাই উৎপাদিত দ্ৰব্যৰ উপযুক্ত মূল্য পোৱাত কৃষকসকলক সহায় কৰিছে। উদাহৰণস্বৰূপে উত্তৰপ্ৰদেশ আৰু বিহাৰত কুঁহিয়াৰ বিক্ৰীৰ ক্ষেত্ৰত সমবায় সমিতিয়ে আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰিব পাৰি। কৃষিজাত দ্ৰব্যৰ মজুত ভঁৰাল গঠনতো সমবায় আন্দোলনে সফলতা লাভ কৰিছে।

আধুনিক কৃষি পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰতো সমবায় কৃষি পামৰ গুৰুত্বৰ বিষয়ে উপলব্ধি কৰি ইয়াৰ প্ৰসাৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছে। অৱশ্যে দেশত ব্যক্তিগত সম্পত্তিৰ প্ৰাধান্যৰ কাৰণে সমবায় কৃষি গঠনত বিশেষ সফলতা লাভ কৰা হোৱা নাই।

গ্ৰামাঞ্চলৰ উন্নয়নত সমবায়ৰ ভূমিকা উল্লেখযোগ্য। কৃষকসকলৰ নিৰক্ষৰতাৰ আৰু ধৰ্মীয় অন্ধবিশ্বাসবোৰ দূৰীকৰণৰ ক্ষেত্ৰত সমবায়ে বিশেষ ভূমিকা গ্রহণ কৰিছে। ভূমি একত্ৰীকৰণ আৰু গ্ৰাম্য অঞ্চলত ভূমিৰ পৰা উৎপত্তি হোৱা বিবাদ মীমাংসা কৰাৰ ক্ষেত্ৰতো সমবায়ে সহায় কৰিছে।

ঋণদান সমবায় সমিতিবোৰে যেনেকৈ কৃষকসকলক মূলধনৰ যোগান ধৰাত সহায় কৰিছে তেনেদৰে অন্যান্য সমিতি যেনে গৃহ-নির্মাণ ইত্যাদি সমবায় সমিতিবোৰৰো নিজৰ ভূমিকা আছে। গৃহ-নির্মাণ সমিতিবোৰে গ্ৰামাঞ্চলৰ কৃষকসকলৰ ঘৰ-দুৱাৰ নিৰ্মাণ আৰু উন্নয়নত আৰু বেচা-কিনা সমিতিবোৰে কৃষকসকলৰ উৎপাদিত দ্রব্য উপযুক্ত মূল্যত বিক্ৰী কৰাত আৰু দ্রব্য-সামগ্ৰীৰ স্থূল মূল্যত যোগান ধৰাত সহায় কৰিছে।

প্রশ্ন ১০। ভাৰতবৰ্ষত সমবায় আন্দোলনৰ প্ৰধান দুৰ্বলতা আৰু সমস্যাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনোত্তৰ কালছোৱাত ভাৰতবৰ্ষত (অসম) সমবায় আন্দোলনে অগ্রগতি লাভ কৰিলেও ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত এই আন্দোলনৰ সফলতা সীমিত। সমবায় ঋণদানৰ ক্ষেত্ৰত সমবায় আন্দোলনে কিছু অগ্ৰগতি লাভ কৰিছে এই বিষয়ে সন্দেহ নাই। কিন্তু অন্যান্য ক্ষেত্ৰত সমবায় আন্দোলনে বিশেষ অগ্রগতি লাভ কৰিব পৰা নাই। এই আন্দোলনৰ মন্থৰ গতিৰ কাৰণসমূহ তলত উল্লেখ কৰা হৈছে।

প্ৰথমতে, ভাৰতৰ সকলো ৰাজ্যতে সমবায় আন্দোলন চৰকাৰী আন্দোলন হিচাপে গঢ়ি উঠিছে। চৰকাৰী আন্দোলন হিচাপে প্ৰতিষ্ঠা লভাত এই আন্দোলনে জনসাধাৰণৰ সহযোগিতা লাভ কৰা নাই। প্রয়োজনীয় সহযোগিতাৰ অভাৱত সমবায়ৰ অগ্ৰগতি মন্থৰ হৈছে।

দ্বিতীয়তে, উপযুক্ত পৰিমাণৰ পুঁজিৰ অভাৱে সমবায় আন্দোলনৰ মন্থৰতাৰ অন্যতম প্রধান কাৰণ। অধিকাংশ সমবায় সমিতিৰ বিত্তীয় অৱস্থা সন্তোষজনক নহয়। দুখীয়া সদস্যসকলে উপযুক্ত পৰিমাণৰ চৰকাৰী ঋণ আৰু অনুদান নোপোৱাৰ কাৰণে সমবায় সমিতিসমূহৰ কাৰ্যব্যৱস্থাৰ উন্নতি আৰু প্ৰসাৰণ ঘটাব পৰা নাই।

গ্ৰামাঞ্চলৰ অধিকাংশ মানুহ দুখীয়া আৰু এওঁলোকক উৎপাদনৰ উপৰিও বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান পালনৰ কাৰণে টকা-পইচাৰ প্ৰয়োজন হয়। কিন্তু সমবায় সমিতিবোৰে উৎপাদনৰ বাহিৰে আন কাৰণত ঋণ প্ৰদান নকৰাত গ্ৰামাঞ্চলত গাঁৱলীয়া মহাজনৰ প্ৰভাৱ এতিয়াও চলি আছে।

অধিকাংশ সমবায় সমিতিৰ মূল উদ্দেশ্য হৈছে ঋণদান। কৃষিকার্যৰ বাহিৰে ঋণদান আন সময়ত কৃষকসকলক সহায় নকৰাৰ কাৰণে তেওঁলোকৰ ওপৰত ব্যক্তিগত ব্যবসায়ীসকলে অধিক প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত সমবায় আন্দোলনৰ অগ্ৰগতি বাধাপ্ৰাপ্ত হৈছে। 

গ্ৰামাঞ্চলৰ ঋণদান আৰু কৃষিজাত দ্রব্য বেচা-কিনাৰ ক্ষেত্ৰত গাঁৱলীয়া মহাজন আৰু ব্যৱসায়ীসকলৰ অত্যধিক প্ৰভাৱ পৰিলক্ষিত হয়। অনুন্নত পৰিবহণ ব্যৱস্থা, কৃষকৰ আৰ্থিক দুৰৱস্থা আৰু নিৰক্ষৰতাৰ কাৰণে এই ধৰণৰ ব্যক্তিগত ব্যৱসায়ী প্রভাব বিস্তাৰ কৰি থাকিবলৈ সক্ষম হৈছে।

ওপৰোক্ত কাৰণবোৰৰ উপৰিও গ্ৰামাঞ্চলৰ মানুহৰ নিৰক্ষৰতা আৰু পুৰণিকলীয়া ৰীতি- নীতিৰ কাৰণে সমবায় আন্দোলনত সহযোগৰ অভাৱ পৰিলক্ষিত হয়। তদুপৰি সমবায় সমিতিবোৰৰ পৰিচালনাৰ দোষ-ত্ৰুটিৰ কাৰণেও বহুতো সমবায় সমিতি ধ্বংসপ্রাপ্ত হৈ এই আন্দোলনৰ উন্নয়নৰ গতি মন্থৰ কৰিছে।

প্রশ্ন ১১। ভাৰতবৰ্ষত সমবায় আন্দোলন ক্ষিপ্ৰ কৰি তুলিবৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ গ্ৰাম্য সমাজৰ আৰ্থিক আৰু সামাজিক উন্নতিৰ কাৰণে সমবায়ৰ কোনো বিকল্প ব্যৱস্থা নাই। এই আন্দোলনক সফল কৰি তুলিবৰ কাৰণে ইয়াক সাধাৰণ ৰাইজৰ আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব। ইয়াৰ কাৰণে চৰকাৰী নিয়ন্ত্ৰণ ব্যৱস্থাৰ সমিতিসমূহৰ সমস্যাসমূহক পৰিচালনাৰ ক্ষেত্ৰত অধিক দায়িত্ব অর্পণ কৰাৰ প্ৰয়োজন। 

দ্বিতীয়তে, পুঁজিৰ অভাৱত কোনো সমবায় সমিতি যাতে ধ্বংসপ্রাপ্ত নহয় তাৰ প্ৰতি অধিক দৃষ্টি ৰখাৰ প্ৰয়োজন। ৰিজাৰ্ভ বেংক, ৰাষ্ট্ৰীয়কৃত বেংক আৰু সমবায় বেংকসমূহৰ সমন্বয়ত এখন সুদূৰপ্ৰসাৰী সমবায় ঋণদান আঁচনি প্রস্তুত আৰু কৰাটো সময় সাপেক্ষ হ’ব। এই ক্ষেত্ৰত সমিতিৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অধিক প্ৰবল কৰি তোলাৰ কাৰণেও বিশেষ আঁচনি বলবৎ কৰা প্রয়োজন।

তৃতীয়তে, সমবায় আন্দোলনে ঋণদানৰ ক্ষেত্ৰত আবদ্ধ নাথাকি অন্যান্য ক্ষেত্ৰতো কৃষকসকলক সহায়-সহযোগ আগবঢ়োৱা উচিত। কৃষিজাত দ্ৰব্যৰ বেচা-কিনা, কৃষিৰ সা- সঁজুলি যোগান ধৰা আৰু গ্ৰাম্য কুটিৰ শিল্পসমূহৰ বিকাশত সহায় কৰিব পাৰিলেহে সমবায় আন্দোলনে সফলতা লাভ কৰিব পাৰিব।

চতুৰ্থতে, গ্রামাঞ্চলত শিক্ষাৰ প্ৰচাৰ আৰু সমবায়ৰ উপযোগিতাৰ বিষয়ে জ্ঞান বিতৰণ কৰাত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব। তদুপৰি সমবায় গাঁথনিৰ সংস্কাৰ সাধন কৰি গাঁওভিত্তিক বহুমুখী সমবায় সমিতি গঠন কৰিব পাৰিলে গ্ৰামাঞ্চলৰ লোকৰ অধিক সহযোগ আশা কৰিব পাৰি। ইয়াৰ লগতে সমবায় সমিতিসমূহৰ দক্ষতাপূৰ্ণ পৰিচালনাৰ কাৰণে স্বাৰ্থপৰ পৰিচালকসকলক আঁতৰ কৰাৰ লগে লগে দক্ষতাপূৰ্ণ পৰিচালক যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগিব। এই ক্ষেত্ৰত উপযুক্ত প্রশিক্ষণ ব্যৱস্থাই বিশেষ সহায় কৰিব পাৰে।

প্রশ্ন ১২। ভাৰতৰ সমবায় আন্দোলনৰ চাৰিটা দুৰ্বলতা বৰ্ণনা কৰা। এই দুৰ্বলতাবোৰ কেনেদৰে আঁতৰাব পাৰি? যিকোনো চাৰিটা পৰামৰ্শ দাঙি ধৰা। 

উত্তৰঃ স্বাধীনোত্তৰ কালছোৱাত ভাৰতবৰ্ষত (অসম) সমবায় আন্দোলনে অগ্রগতি লাভ কৰিলেও ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত এই আন্দোলনৰ সফলতা সীমিত। সমবায় ঋণদানৰ ক্ষেত্ৰত সমবায় আন্দোলনে কিছু অগ্ৰগতি লাভ কৰিছে এই বিষয়ে সন্দেহ নাই। কিন্তু অন্যান্য ক্ষেত্ৰত সমবায় আন্দোলনে বিশেষ অগ্রগতি লাভ কৰিব পৰা নাই। এই আন্দোলনৰ মন্থৰ গতিৰ কাৰণসমূহ তলত উল্লেখ কৰা হৈছে।

প্ৰথমতে, ভাৰতৰ সকলো ৰাজ্যতে সমবায় আন্দোলন চৰকাৰী আন্দোলন হিচাপে গঢ়ি উঠিছে। চৰকাৰী আন্দোলন হিচাপে প্ৰতিষ্ঠা লভাত এই আন্দোলনে জনসাধাৰণৰ সহযোগিতা লাভ কৰা নাই। প্রয়োজনীয় সহযোগিতাৰ অভাৱত সমবায়ৰ অগ্ৰগতি মন্থৰ হৈছে।

দ্বিতীয়তে, উপযুক্ত পৰিমাণৰ পুঁজিৰ অভাৱে সমবায় আন্দোলনৰ মন্থৰতাৰ অন্যতম প্রধান কাৰণ। অধিকাংশ সমবায় সমিতিৰ বিত্তীয় অৱস্থা সন্তোষজনক নহয়। দুখীয়া সদস্যসকলে উপযুক্ত পৰিমাণৰ চৰকাৰী ঋণ আৰু অনুদান নোপোৱাৰ কাৰণে সমবায় সমিতিসমূহৰ কাৰ্যব্যৱস্থাৰ উন্নতি আৰু প্ৰসাৰণ ঘটাব পৰা নাই।

গ্ৰামাঞ্চলৰ অধিকাংশ মানুহ দুখীয়া আৰু এওঁলোকক উৎপাদনৰ উপৰিও বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান পালনৰ কাৰণে টকা-পইচাৰ প্ৰয়োজন হয়। কিন্তু সমবায় সমিতিবোৰে উৎপাদনৰ বাহিৰে আন কাৰণত ঋণ প্ৰদান নকৰাত গ্ৰামাঞ্চলত গাঁৱলীয়া মহাজনৰ প্ৰভাৱ এতিয়াও চলি আছে।

অধিকাংশ সমবায় সমিতিৰ মূল উদ্দেশ্য হৈছে ঋণদান। কৃষিকার্যৰ বাহিৰে ঋণদান আন সময়ত কৃষকসকলক সহায় নকৰাৰ কাৰণে তেওঁলোকৰ ওপৰত ব্যক্তিগত ব্যবসায়ীসকলে অধিক প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত সমবায় আন্দোলনৰ অগ্ৰগতি বাধাপ্ৰাপ্ত হৈছে। 

গ্ৰাম্য সমাজৰ আৰ্থিক আৰু সামাজিক উন্নতিৰ কাৰণে সমবায়ৰ কোনো বিকল্প ব্যৱস্থা নাই। এই আন্দোলনক সফল কৰি তুলিবৰ কাৰণে ইয়াক সাধাৰণ ৰাইজৰ আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব। ইয়াৰ কাৰণে চৰকাৰী নিয়ন্ত্ৰণ ব্যৱস্থাৰ সমিতিসমূহৰ সমস্যাসমূহক পৰিচালনাৰ ক্ষেত্ৰত অধিক দায়িত্ব অর্পণ কৰাৰ প্ৰয়োজন। 

দ্বিতীয়তে, পুঁজিৰ অভাৱত কোনো সমবায় সমিতি যাতে ধ্বংসপ্রাপ্ত নহয় তাৰ প্ৰতি অধিক দৃষ্টি ৰখাৰ প্ৰয়োজন। ৰিজাৰ্ভ বেংক, ৰাষ্ট্ৰীয়কৃত বেংক আৰু সমবায় বেংকসমূহৰ সমন্বয়ত এখন সুদূৰপ্ৰসাৰী সমবায় ঋণদান আঁচনি প্রস্তুত আৰু কৰাটো সময় সাপেক্ষ হ’ব। এই ক্ষেত্ৰত সমিতিৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অধিক প্ৰবল কৰি তোলাৰ কাৰণেও বিশেষ আঁচনি বলবৎ কৰা প্রয়োজন।

তৃতীয়তে, সমবায় আন্দোলনে ঋণদানৰ ক্ষেত্ৰত আবদ্ধ নাথাকি অন্যান্য ক্ষেত্ৰতো কৃষকসকলক সহায়-সহযোগ আগবঢ়োৱা উচিত। কৃষিজাত দ্ৰব্যৰ বেচা-কিনা, কৃষিৰ সা- সঁজুলি যোগান ধৰা আৰু গ্ৰাম্য কুটিৰ শিল্পসমূহৰ বিকাশত সহায় কৰিব পাৰিলেহে সমবায় আন্দোলনে সফলতা লাভ কৰিব পাৰিব।

চতুৰ্থতে, গ্রামাঞ্চলত শিক্ষাৰ প্ৰচাৰ আৰু সমবায়ৰ উপযোগিতাৰ বিষয়ে জ্ঞান বিতৰণ কৰাত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব। তদুপৰি সমবায় গাঁথনিৰ সংস্কাৰ সাধন কৰি গাঁওভিত্তিক বহুমুখী সমবায় সমিতি গঠন কৰিব পাৰিলে গ্ৰামাঞ্চলৰ লোকৰ অধিক সহযোগ আশা কৰিব পাৰি। ইয়াৰ লগতে সমবায় সমিতিসমূহৰ দক্ষতাপূৰ্ণ পৰিচালনাৰ কাৰণে স্বাৰ্থপৰ পৰিচালকসকলক আঁতৰ কৰাৰ লগে লগে দক্ষতাপূৰ্ণ পৰিচালক যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগিব। এই ক্ষেত্ৰত উপযুক্ত প্রশিক্ষণ ব্যৱস্থাই বিশেষ সহায় কৰিব পাৰে।

প্রশ্ন ১৩। ভাৰতবৰ্ষত গ্রাম্য উন্নয়ন প্রক্রিয়াত গ্রামীণ বেংক ব্যৱস্থাৰ ভূমিকাৰ সমালোচনাত্মক মূল্যায়ন কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীননোত্তৰ কালছোৱাত গ্রামোঞ্চলৰ ঋণ যোগসূত্র গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে বাণিজ্যিক বেংক, আঞ্চলিক গাঁৱলীয়া বেংক আৰু সমবায় বেংক, ভূমি উন্নয়নী বেংক আৰু সমবায় ঋণদান সমিতিবোৰ। সাম্প্ৰতিক কালছোৱাৰ আত্মসহায়ক গোটবোৰেও গ্রাম্য ঋণত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। বিশেষকৈ গ্ৰাম্য ঋণৰ চাহিদা পূৰণত বাণিজ্যিক বেংক আৰু গ্রামীণ বেংকবোৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে।

১৯৭৫ চনৰ নতুন অর্থনৈতিক আঁচনিত সকলো পুৰণা গ্ৰাম্য ঋণৰ অৱসান ঘটাই আনুষ্ঠানিক ঋণৰ যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গ্রামাঞ্চলৰ দুখীয়া কৃষক, কুটীৰ শিল্পী, ক্ষুদ্র ব্যৱসায়ী আদিক আর্থিক সহায় কৰি এই অঞ্চলবোৰত কৃষি, শিল্প, ব্যৱসায়-বাণিজ্যৰ উন্নতি আৰু প্ৰসাৰণ ঘটাবৰ অৰ্থে কুফীয়া আঁচনিত এই নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰা হয়। ১৯৮৪ চনৰ মাৰ্চ মাহ পর্যন্ত দেশৰ বিভিন্ন অঞ্চলত মুঠ ১৫৯ টা গাঁৱলীয়া বেংক স্থাপন হৈছে। বেংকবোৰে কৃষিঋণৰ যোগানত কিছু অগ্ৰগতি লাভ কৰিছে। ১৯৯৬ চনৰ মাহলৈকে দেশখনৰ আঞ্চলিক গাঁৱলীয়া বেংকসমূহে স্থাপন কৰা শাখাৰ সংখ্যা আছিল ১৪৫১৬ টা এনে বেংকসমূহে কৃষিখণ্ডলৈ যোগান ধৰা হ্রাসম্যাদী আৰু দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ ১৯৯১-৯২ চনৰ জুন মাহত ৫৯৬ কোটি টকা আছিল। ২০০৪-০৫ চনত এই অনুষ্ঠানসমূহে কৃষি খণ্ডলৈ ১১৭১৮ কোটি টকা ঋণ হিচাপে আগবঢ়ায়।

গ্রামীণ বেংক ব্যৱস্থাত অধিকাংশ বিত্তীয় অনুষ্ঠানে অংশগ্ৰহণ কৰাৰ ফলত দৰিদ্ৰ কৃষকসকল যথেষ্ট উপকৃত হৈছে। বিশেষকৈ সেউজ বিপ্লৱ সফলভাৱে ৰূপায়ণ কৰাত গ্রামীণ বেংক ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে।

অৱশ্যে গ্রামীণ বেংক ব্যৱস্থাৰ ঋণদান প্ৰক্ৰিয়াৰ নিজস্ব সীমাবদ্ধতাত পৰিলক্ষিত হয়। প্রাচীন বেংকৰ ঋণৰ ক্ষেত্ৰত থকা বন্ধকী পত্ৰৰ ব্যৱস্থাই দৰিদ্ৰ আৰু ভূমিহীন ক-ষকক এনে ঋণৰ সুবিধা উপভোগ কৰাৰ পৰা বঞ্চিত কৰিছে। তদুপৰি সমীক্ষাৰ পৰা দেখা গৈছে যে অনাদায় হৈ থকা গ্ৰাম্য ঋণৰ বৃহৎ পৰিমাণে ঋণদান প্ৰক্ৰিয়াৰ সম্প্ৰসাৰণ বাধাগ্ৰস্ত কৰিছে। দেশখনে গ্ৰহণ কৰা উদাৰীকৰণ ব্যৱস্থাৰ অধীনত অনাদায় হৈ ঋণৰ বৃহৎ পৰিমাণৰ কাৰণে গ্রাম্য ঋণৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱেই বেংকসমূহে পুনৰ বিচাৰ কৰি চাবলৈ বাধ্য হৈছে। 

প্রশ্ন ১৪। বহনক্ষম জীৱিকাৰ বাবে কৃষিত ভিন্নমুখীকৰণ কিয় অত্যাবশ্যকীয়?

উত্তৰঃ বহনক্ষম উন্নয়নৰ মূলমন্ত্ৰ হৈছে পৰিবেশৰ অৱনতি (degradation of environment) নঘটোৱাকৈ অর্থনৈতিক উন্নয়ন সাধন। ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ জনসংখ্যাৰ দেশত মানুহে নিজৰ চাহিদা পূৰণত অর্থে- প্রাকৃতিক পৰিৱেশৰ ধ্বংসলীলা অৱতীৰ্ণ হোৱা দেখা গৈছে। এইক্ষেত্ৰত কৃষিখণ্ডও ব্যতিক্রম নহয়। বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ অৰ্থে খাদ্যশস্য আৰু আন কৃষিজ দ্রব্যবোৰৰ উৎপাদন বৃদ্ধি কৰাতো প্রয়োজন হৈ পৰিছে আৰু এইটো লক্ষ্যপূৰণ কৰিবলৈ যাওঁতে কৃষিক্ষেত্ৰত ৰাসায়নিক কীট-পতংগনাশক ঔষধ প্রয়োগ কৰাত ভূমিৰ গুণাগুণ হ্ৰাস হোৱাৰ উপৰি উক্ত ভূমিৰ ওপৰত নিজৰ কৰি জীৱিকা নিৰ্বাহ কৰা বহুতো উপযোগী জীৱজন্তু, চৰাই, মাছ, কীটপতংগৰ পৃথিৱীৰ কুকুৰ পৰা নিঃশেষ হৈ যাব ধৰিছে। ভাৰতবৰ্ষৰ দৰে দেশত মুঠ জনসংখ্যাৰ ৭০ শতাংশ কৃষি নিৰ্ভৰশীল হোৱাৰ কাৰণে এনে অপব্যৱহাৰ অধিক হৈছে আৰু দেশখনৰ প্ৰাকৃতিক পৰিৱেশৰ অৱনতিৰ এক ভয়ংকৰ অৱস্থাৰ বিষয়ে ইংগিত দিছে।

সাম্প্ৰতিক কালৰ মানৱ সমাজৰ প্ৰধান লক্ষ্য হৈছে প্ৰাকৃতিক ভাৰসাম্যতা অটুট ৰাখি বহন জীৱিকাৰ উপায়ৰ সন্ধান। গ্ৰাম্যাঞ্চলত এইটো লক্ষ্য পূৰণৰ অৰ্থে কৃষিৰ ভিন্নমুখীকৰণৰ প্ৰয়োজন। কৃষিৰ ভিন্নমুখীকৰণে উৎপাদিত শস্যৰ ভিন্নমুখীকৰণৰ বিষয়ে নিৰ্দেশ দিয়াৰ লগতে কৃষিখণ্ডৰ পৰা আনুসাংগিক খণ্ডলৈ কৃষি শ্রমিকক স্থানান্তৰিত কৰন বিষয়েও নির্দেশ দিছে। বহনকম জীৱিকাৰ লগত কৃষিৰ পৰা আনুসাংগিক খণ্ড লৈ শ্ৰমিক শক্তিৰ স্থানান্তৰকৰণৰ বিষয়টো জড়িত হৈ আছে। আনুসাংগিক খণ্ডৰ কাম-কাজবোৰ হৈছে পশুপালন মীন পাম স্থাপন ইত্যাদি। ভাৰতবৰ্ষত কৃষিকার্য ঋতুভিত্তিক। বছৰৰ ৬টা মাহ কৃষকসকল নিবনুৱা হৈ থকা পৰিলক্ষিত হয়। আনুসাংগিক খণ্ডৰ উন্নতি আৰু সম্প্রসাৰণে কৃষিখণ্ডত শ্রমিকৰ অত্যধিক হেঁচা হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ উপার্জন বৃদ্ধিতো সহায় কৰিব। এনে কাৰণতে কৃষিৰ ভিন্নমুখীকৰণ প্ৰয়োজনীয় হৈ পৰিছে।

প্রশ্ন ১৫। জৈৱিক কৃষি পদ্ধতি কি? বহনক্ষম উন্নয়নক ই কেনেদৰে অগ্ৰগতি প্রদান কৰে? জৈৱিক কৃষি পদ্ধতিৰ সুবিধা আৰু অসুবিধাবোৰ কি কি?

উত্তৰঃ বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণৰ অৰ্থে সাম্প্ৰতিক কালছোৱাত বহনক্ষম কৃষি পদ্ধতি প্ৰয়োগৰ পৃষ্ঠপোষকতা কৰা হৈছে। বহনক্ষম কৃষি পদ্ধতি প্ৰয়োগৰ উপায় হৈছে জৈৱিক কৃষি পদ্ধতি। যেতিয়া কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগৰ পৰিৱৰ্তে থলুৱাভাৱে উৎপাদিত গোবৰ, কেঁচুসাৰ, নিম পাতৰ পৰা তৈয়াৰ কৰা কীটনাশক ঔষধ ইত্যাদি প্ৰয়োগ কৰি কৃষি উৎপাদন বৃদ্ধিৰ ব্যৱস্থা কৰা হয় তাকেই জৈৱিক কৃষি পদ্ধতি আখ্যা দিয়া হয়। 

জৈৱিক কৃষি পদ্ধতি ব্যৱহাৰে বহনক্ষম উন্নয়নত অগ্ৰগতি প্ৰদান কৰে। কাৰণ এইটো কৃষি পদ্ধতিৰ ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ইত্যাদি পৰিৱেশৰ কাৰণে ক্ষতিকাৰক উপাদানবোৰ ব্যৱহাৰ কৰা নহয়। জৈৱিক কৃষি পদ্ধতিও কৃষি উৎপাদন বৃদ্ধি অর্থে যিবোৰ উৎপাদক ব্যৱহাৰ কৰা হয় উক্ত উৎপাদকবোৰ পৰিবেশ বিনষ্টকাৰী নহয়। এনে কাৰণত জৈৱিক কৃষি পদ্ধতি বহনক্ষম উন্নয়নৰ প্ৰধান উপাদান হিচাপে গ্ৰহণ কৰা হৈছে। 

জৈৱিক কৃষি পদ্ধতিৰ সুবিধা —

(ক) জৈৱিক পদ্ধতিৰ সহায়ত উৎপাদন কম খাদ্যশস্য ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্রয়োগৰদ্বাৰা উৎপাদন কৰা খাদ্যশস্যকৈ অধিক পুষ্টিকৰ হয়। 

(খ) জৈৱিক কৃষি পদ্ধতিৰ ব্যৱহাৰৰ কাৰণে অধিক মানৱ শক্তিৰ ব্যৱহাৰৰ প্ৰয়োজন আৰু সেই কাৰণে ভাৰতবৰ্ষৰ দৰে ৰাহি শ্ৰমিত থকা দেশৰ কাৰণে ই উপযোগী।

(গ) জৈৱিক কৃষি পদ্ধতি প্ৰয়োগ কৰি কৃষি উৎপাদন বৃদ্ধিৰ সম্ভাৱনাত অধিক, কাৰণ ইয়াৰ প্রয়োগৰ দ্বাৰা ভূমি স্বাভাৱিক গুণ বিনষ্ট হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হয়। 

(ঘ) ই বহনক্ষম উন্নয়নৰ লক্ষ্যপূৰণত সহায় কৰে।

অসুবিধা: 

(ক) জৈৱিক কৃষি পদ্ধতি প্ৰয়োগৰ অৰ্থে-কৃষকৰ ইচ্ছা আৰু জ্ঞান থকাটো অপিৰহাৰ্য, কিন্তু নিৰক্ষৰ কৃষকৰ অধিকাংশৰ ক্ষেত্ৰতে এইটো গুণৰ অভাৱ। এনে কাৰণত জৈৱিক কৃষি পদ্ধতিৰ প্ৰয়োগৰ হাৰ উৎসাহজনক নহয়। 

(খ) জৈৱিক কৃষি পদ্ধতিত অনুপ্ৰেৰণা যোগাবৰ অর্থে ইয়াৰ দ্বাৰা উৎপাদিত দ্ৰব্যৰ এখন বিশাল বজাৰ থাকিব লাগে যিটো বৰ্তমান অৱস্থাত দেখা পোৱা নাযয়। তদুপৰি জৈৱিক কৃষি পদ্ধতিৰ সফলতাৰ অৰ্থে যি আন্তঃগাঁথনিৰ প্ৰয়োজন তাৰো অভাৱ দেখা যায়।

(গ) সমীক্ষাৰ পৰা দেখা গৈছে যে ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা প্ৰাথমিক স্তৰতে কৃষি উৎপাদন যিটো হাৰত বৃদ্ধি কৰাতো সম্ভৱপৰ সেইটো জৈৱিক পদ্ধতি ব্যৱহাৰৰদ্বাৰা সম্ভৱপৰ নহয়। এনে কাৰণত জৈৱিক পদ্ধতিৰ প্ৰতি কৃষকৰ আকৰ্ষণ কম।

(ঘ) জৈৱিক পদ্ধতিৰ সহায়ত সহজে কষ্ট নোহোৱা দ্রব্য উৎপাদনত বিশেষ সফলতা অৰ্জন কৰিব পৰা নাযায়। 

(ঙ) তদুপৰি জৈৱিক পদ্ধতিৰ সহায়ত কেৱল কৃষিৰ ঋতুতহে শস্য উৎপাদন সম্ভৱপৰ হোৱাৰ কাৰণে ক্ষীপ্ৰভাৱে আৰু উপার্জন বৃদ্ধিৰ লক্ষ্য স্থাপন কৰা কৃষক শ্ৰেণীটো এইটো পদ্ধতি ব্যৱহাৰৰ পক্ষপাতী নহয়।

সংক্ষিপ্ত প্রশ্ন

প্রশ্ন ১। অপাৰেচনৰ ফ্লাড (Operation Flood) ৰ অৰ্থ কি?

উত্তৰঃ ১৯১১ চনৰ পৰৱৰ্তী কালছোৱাত দেশৰ গাখীৰ উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াৰ যি আমূল পৰিৱৰ্তন ঘটিছে তাকেই অপাৰেছন ফ্লাড আখ্যা দিয়া হয়। এই প্ৰক্ৰিয়াটোত অগ্রণী ভূমিকা গ্ৰহণ কৰা ৰাজ্য হৈছে গুজৰাট।

প্রশ্ন ২। ‘স্বর্ণ বিপ্লৱ’ৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৯১-২০০৩ বৰ্ষৰ কালছোৱাত দেশৰ ফলমূল উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত যি প্ৰণালীবদ্ধ প্রচেষ্টা হাতত লোৱাৰ কাৰণে ফলমূল উৎপাদন সংৰক্ষণ আৰু বিক্ৰী তথা ব্যৱহাৰৰ ক্ষেত্ৰত লাভ কৰা সাফল্যতাক স্বর্ণবিপ্লৱ আখ্যা দিয়া হৈছে। 

প্রশ্ন ৩। ছাদ্মবেশী নিবনুৱা বুলিলে কি বুজা?

উত্তৰঃ কৰ্মক্ষেত্ৰত নিযুক্ত থকাৰ সত্ত্বেও যিবিলাক শ্ৰমিকৰ প্ৰান্তিক উৎপাদন শূন্য (০) হয়, তেওঁলোককেই ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।

প্রশ্ন ৪। গ্রাম্য ঋণৰ দুটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ (ক) পুৰুষানুক্রমে ঋণৰ বোজা বহন। 

(খ) উৎপাদনবিহীন কামৰ ঋণ পুঁজিৰ ব্যৱহাৰৰ কাৰণে ঋণগ্রস্ততাৰ সমস্যাৰ সৃষ্টি।

প্রশ্ন ৫। গ্ৰাম্য ঋণৰ সমস্যা সমাধানৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা দুটা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ (ক) পৈত্রিক ঋণৰ বোজা। 

(খ) সামাজিক অনুষ্ঠান পালনৰ কাৰণে ঋণ সংগ্রহ।

প্রশ্ন ৬। গ্ৰাম্য ঋণৰ সমস্যা সমাধানৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা দুটা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ (ক) সমবায়ৰ জৰিয়তে ঋণ যোগানৰ ব্যৱস্থা। 

(খ) পুৰণি ঋণৰ বোজাৰ উচ্ছেদ সাধন ব্যৱস্থা।

প্রশ্ন ৭। ভাৰতৰ কৃষকসকলে কৃষিজাত দ্রব্য বিক্ৰীৰ কাৰণে ব্যৱহাৰ কৰা দুবিধ বজাৰৰ নাম লিখা?

উত্তৰঃ (ক) সাপ্তাহিক বজাৰ। 

(খ) চহৰৰ বজাৰ।

প্রশ্ন ৮। অসমত খাদ্য সংগ্ৰহৰ দুটা অনুষ্ঠানৰ নাম লিখা। 

উত্তৰঃ (ক) অসমৰ সমবায় মুখ্য বেচা-কিনা সমিতি।

(খ) ভাৰতীয় খাদ্য নিগম।

৯। ভাৰতৰ দুটা পন্য শস্যৰ নাম লিখা।

উত্তৰঃ (ক) চাহ। 

(খ) কফি।

প্রশ্ন ১০। ভাৰতৰ কৃষি সামগ্ৰী সংগ্ৰহ আৰু বিক্ৰী কাৰ্যত নিয়োজিত দুটা গুৰুত্বপূৰ্ণ সংগঠনৰ নাম লিখা?

উত্তৰঃ (ক) ভাৰতীয় খাদ্য নিগম।

(খ) কৃষিজ দ্ৰব্যৰ বেচা-কিনাৰ ৰাষ্ট্ৰীয় ফেডাৰেচন (NAFED)।

প্রশ্ন ১১। ভাৰতৰ কৃষি ঋণৰ দুটা উৎস উল্লেখ কৰা? 

উত্তৰঃ (ক) সমবায় ঋণদান সমিতি।  

(খ) আঞ্চলিক গাঁৱলীয়া বেংক।

প্রশ্ন ১২। নাবার্ড (NABARD) কি আৰু ইয়াক কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ নাবাৰ্ডৰ অৰ্থ হৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (National Bank for Agriculture and Rural Development) আৰু এইটো প্ৰতিষ্ঠা হৈছিল ১৯৮২ চনত।

প্রশ্ন ১৩। সমবায় বজাৰ বুলিলে কি বুজা? 

উত্তৰঃ যিখন বজাৰ ইয়াৰ সদস্যসকলৰ পাৰস্পৰিক সহযোগৰ ভিত্তিত পৰিচালিত হয় আৰু সদস্যসকলে বজাৰৰ পৰিচালনাত সক্ৰিয় অংশগ্ৰহণ কৰে উক্ত বজাৰক সমবায় বজাৰ আখ্যা দিয়া হয়।

প্রশ্ন ১৪। বর্তমান আনুষ্ঠানিক উৎসবোৰে ভাৰতৰ মুঠ গ্ৰাম্য ঋণত কিমান শতাংশ প্ৰদান কৰে?

উত্তৰঃ ৩০ শতাংশ।

প্রশ্ন ১৫। ভাৰতত গ্ৰাম্য ঋণৰ এটা অনানুষ্ঠানি উৎসৰ নাম লিখা। 

উত্তৰঃ মহাজন।

প্রশ্ন ১৬। গ্রাম্য ঋণ মানে কি? কৃষকক এই ঋণ কিয় প্রয়োজন?

উত্তৰঃ গ্ৰামাঞ্চলত বাসকৰা লোকসকলে কৃষি অথবা ক্ষুদ্ৰ ব্যৱসায়ৰ প্ৰয়োজন পূৰণৰ বাবে গ্ৰহণ কৰা ঋণকে ঋণ বোলে। অৰ্থনীতিৰ প্ৰধান উৎস কৃষি আৰু অনাকৃষিমূলক কাম-কাজৰ উন্নয়নৰ অৰ্থে এই ঋণ গ্ৰহণ কৰা হয়।

ভাৰতবৰ্ষত গ্ৰাম্য অৰ্থনীতিৰ উন্নতিৰ অৰ্থে কৃষিখণ্ডৰ উন্নতি অপৰিহাৰ্য। সেউজ বিপ্লৱৰ দ্বাৰা কৃষিখণ্ডৰ উন্নয়ন সম্ভৱপৰ, কিন্তু সেউজ বিপ্লৱ সফল কৰি তুলিবৰ অৰ্থে প্ৰয়োজন হোৱা পুঁজি দৰিদ্ৰ কৃষকে নিজাববীয়াকৈ যোগান ধৰিব নোৱাৰে। গতিকে কৃষিৰ উন্নয়নৰ অৰ্থে প্রয়োজনীয় উপাদান ক্রয় কৰিবলৈ দৰিদ্ৰ কৃষকক ঋণৰ প্ৰয়োজন। 

প্রশ্ন ১৭। ক্ষুদ্র দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ক্ষুদ্র উদ্যোগৰ দুটা বৈশিষ্ট্য —

(ক) ক্ষুদ্র উদ্যোগসমূহে অধিক সমতাভিত্তিত আয় আৰু সম্পদ বিতৰণত সহায় কৰে। 

(খ) ক্ষুদ্র উদ্যোগৰ বাবে বৃহৎ পৰিমাণৰ মূলধনৰ আৱশ্যক নহয়।

প্রশ্ন ১৮। GSTৰ দুটা সুবিধা লিখা।

উত্তৰঃ GST ৰ দুটা সুবিধা —

(ক) সাধাৰণ সহজ উপায়ৰ অনলাইন ব্যৱস্থা বা পদ্ধতি। 

(খ) GST ৰ দ্বাৰা দেশত আয় সংগ্ৰহ কৰাত সুবিধাজনক হৈছে।

ষষ্ঠ অধ্যায়

নিয়োগ

নিয়োগ — নিয়োগ বৃদ্ধি— অনা আনুষ্ঠানিকৰণ আৰু অন্যান্য বিষয়

প্রশ্ন ১। শ্রমিক কাক বোলে?

উত্তৰঃ যিজন মানুহে নিজৰ কায়িক আৰু মানসিক শ্ৰম প্ৰদান কৰি এটা দ্রব্য বা সেৱাৰ উৎপাদনত বৰঙণি যোগায় তেওঁকেই শ্রমিক বুলি কোৱা হয়।

প্রশ্ন ২। শ্রমিক-জনসংখ্যা অনুপাতৰ সংজ্ঞা দিয়া।

উত্তৰঃ দেশৰ মুঠ জনসংখ্যাৰ বিপৰীতে দেশখনৰ বিভিন্ন উৎপাদন ক্ষেত্ৰত নিয়োজিত হৈ মুঠ মানৱ সম্পদৰ পৰিমাণৰ ভিত্তিত শ্রমিক-জনসংখ্যা অনুপাত নির্ণয় কৰা হয়। উদাহৰণস্বৰূপে যদি এখন দেশত গড় হিচাপে প্ৰতি ১০০ জন মানুহৰ বিপক্ষে উৎপাদন নিয়োজিত হৈ থকা শ্ৰমিকৰ পৰিমাণ ১০ জন হয়, তেতিয়া শ্রমিক জনসংখ্যাৰ

প্রশ্ন ৩। ভিক্ষাৰী, চোৰ, চোৰাং কাৰবাৰী, জুৱাৰী — এইসকল শ্রমিক হয়নে? কাৰণ দেখুওৱা।

উত্তৰঃ নহয়, কাৰণ এওঁলোক অসামাজিক কামত লিপ্ত আৰু এওঁলোকৰ কাম-কাজে দেশৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত কোনো বৰঙণি নোয়োগায়। 

প্রশ্ন ৪। তলত উল্লেখ কৰা সকলৰ কোনজন সংগতিবিহীন?

(i) এজন চেলুন স্বত্বাধিকাৰী। 

(ii) এজন মুচী। 

(iii) ‘মাদাৰ ডায়েৰী’ৰ হিচাপ ৰক্ষক। 

(iv) চিউচন কৰা শিক্ষক। 

(v) পৰিবহনৰ চালক। 

(vi) নিৰ্মাণ কাৰ্যৰ শ্রমিক। 

উত্তৰঃ এজন চেলুন স্বত্বাধিকাৰী।

প্রশ্ন ৫। নতুনকৈ সৃষ্টি হোৱা কামবোৰ প্ৰধানতঃ – খণ্ডত দেখা যায় (সেৱা / প্ৰস্তুতকৰণ উদ্যোগ)।

উত্তৰঃ সেৱা।

প্রশ্ন ৬। 4 জন ভাড়াতীয়া শ্রমিক থকা প্ৰতিষ্ঠানক — (আনুষ্ঠানিক /অনানুষ্ঠানিক)খণ্ডৰ প্ৰতিষ্ঠান বোলে।

উত্তৰঃ অনানুষ্ঠানিক।

প্রশ্ন ৭। ৰাজ স্কুললৈ যায়। যেতিয়া তেওঁ স্কুললৈ নাযায়, তেতিয়া পথাৰত কাম কৰে৷ তেওঁক শ্রমিক বুলিব পাৰিনে? যুক্তি দিয়া। 

উত্তৰঃ পাৰি, কাৰণ পথাৰত কৰা কাম অর্থনৈতিক কাম আৰু উৎপাদনত বৰঙণি যোগাইছে।

প্রশ্ন ৮। নগৰৰ মহিলাৰ তুলনাত গাঁৱৰ অধিক মহিলাই শ্ৰম কৰে। কিয়? 

উত্তৰঃ কাৰণ, নগৰত বাসকৰা পৰিয়ালৰ উপাৰ্জন গাঁৱত কাম কৰা পৰিয়ালতকৈ অধিক হয় আৰু সেইকাৰণে পৰিয়ালৰ মহিলাসকলৰ অধিকাংশই ঘৰত থাকি ঘৰখনৰ যাবতীয় কাম- কাজৰ দায়িত্ব লয়; কিন্তু গ্ৰাম্যাঞ্চলৰ অধিকাংশ পৰিয়ালেই চহৰত বাস কৰা পৰিয়ালতকৈ দৰিদ্ৰ আৰু সেইকাৰণে পৰিয়ালৰ পোহপালৰ অৰ্থে প্ৰয়োজন হোৱা উপাৰ্জন আৰু সম্পদ সংগ্ৰহৰ অৰ্থে পুৰুষৰ লগতে মহিলাসকলেও অর্থনৈতিক কাম কাজত নিজকে নিয়োজিত কৰে।

প্রশ্ন ৯। মীনা এগৰাকী গৃহিণী। দৈনন্দিন ঘৰুৱা অথচ প্ৰয়োজনীয় ঘৰুৱা কামবোৰ কৰাৰ উপৰি তেওঁ স্বামীয়ে চলোৱা নিজস্ব কাপোৰৰ দোকানত কাম কৰে। তেওঁক শ্রমিক বুলিব পাৰিনে? যুক্তি দশোৱা।

উত্তৰঃ তেওঁ শ্ৰমিক, কাৰণ ঘৰুৱা কাম কাজ কৰা মহিলাক ভাৰতবৰ্ষত শ্ৰমিকৰ মৰ্যাদা দিয়া নহয় যদিও স্বামীৰ কাপোৰ দোকানৰ কাম-কাজ অৰ্থনৈতিক কামৰ অন্তৰ্ভুক্ত আৰু ই পৰিয়ালৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিছে।

প্রশ্ন ১০ । তলৰ তালিকাখনত 1972-73 চনত ভাৰতৰ শ্ৰম বাহিনীৰ বিভাজন দেখুওৱা হৈছে। তালিকাখন বিশ্লেষণ কৰা আৰু শ্রম বাহিনীৰ বিভাজনৰ প্ৰকৃতিৰ কাৰণ লিখা। মন কৰিবা যে এই তথ্যসমূহ 30 বছৰৰ পূৰ্বৰ ভাৰতৰ।

উত্তৰঃ তালিকাৰ পৰা দেখা গৈছে যে ১৯৭২-৭৩ ভাৰতৰ শ্ৰমবাহিনীৰ অধিক সংখ্যক গ্ৰাম্যাঞ্চলত বাস কৰিছিল আৰু পুৰুষ আৰু মহিলা দুয়োপ্ৰকাৰ শ্ৰমিকৰ পৰিমাণো নগৰাঞ্চলৰ তুলনাত গ্ৰাম্যাঞ্চলত অধিক। এনে পৰিসংখ্যাত এইটো স্পষ্ট হৈছে যে ১৯৭২- ৭৩ চনত নগৰাঞ্চল সীমিত হোৱাৰ উপৰি ইয়াত গ্ৰাম্যাঞ্চলৰ তুলনাত নিযুক্তিৰ সুবিধা সীমিত আছিল। তালিকাৰ পৰা এইটো অনুমান কৰা সহজ যে ১৯৭২-৭৩ চনত দেশখন আছিল। কৃষিপ্ৰধান আৰু দেশখনৰ উদ্যোগ আৰু ব্যৱসায় বাণিজ্যৰ বিশেষ উন্নতি হোৱা নাছিল। গ্ৰাম্যাঞ্চলত পুৰুষ আৰু মহিলা শ্রমিকৰ সংখ্যা আৰু নগৰাঞ্চলৰ পুৰুষ আৰু মহিলা শ্ৰমিকৰ সংখ্যাৰ পার্থক্যই এই বিষয়ে নির্দেশ দিছে।

প্রশ্ন ১১। তলৰ তালিকাত 1999-2000 চনৰ ভাৰতবৰ্ষৰ জনসংখ্যা-শ্ৰমিকৰ অনুপাত দেখুওৱা হৈছে। এতিয়া ভাৰতৰ শ্রমিক বাহিনীৰ সংখ্যা (নগৰৰ আৰু সৰ্বমুঠ) গণনা কৰি উলিয়াব পাৰিবানে?

উত্তৰঃ 

প্রশ্ন ১২। নিয়মিত বেতনভোগী শ্রমিকৰ সংখ্যা গাঁৱতকৈ নগৰত কিয় বেছি? 

উত্তৰঃ কাৰণ নগৰসমূহত স্থায়ী নিযুক্তিৰ সুবিধা প্ৰদান কৰা চৰকাৰী কাৰ্যালয়, উদ্যোগ, ব্যৱসায় বাণিজ্য কেন্দ্রীভূত হৈ আছে।

প্রশ্ন ১৩। নিয়মিত বেতনভোগী শ্রমিকৰ মাজত মহিলাৰ সংখ্যা কিয় কম?

উত্তৰঃ নিয়মিত দৰমহাৰ সুবিধা থকা কামবোৰত যি ধৰণৰ কৰ্মকুশলতা আৰু উচ্চ শিক্ষাৰ অৰ্হতাৰ প্ৰয়োজন, সেইখিনি মহিলাৰ ক্ষেত্ৰত কম দেখা যায়। ইয়াৰোপৰি ভাৰতবৰ্ষৰ সামাজিক ব্যৱস্থাইও মহিলাক ঘৰৰ বাহিৰত কাম কৰাৰ প্ৰতি অনুপ্ৰাণিত কৰিব পৰা নাই।

প্রশ্ন ১৪। ভাৰতত শ্রমবাহিনীৰ খণ্ড ভিত্তিক বিভাজনৰ শেহতীয়া গতিধাৰা বিশ্লেষণ কৰা। 1970 দশকৰ লগত তুলনা কৰিলে দেখা যাব যে বিভিন্ন উদ্যোগত শ্ৰম বাহিনীৰ বিভাজনৰ বিশেষ পৰিবৰ্তন হোৱা নাই। মন্তব্য দিয়া।

উত্তৰঃ ভাৰতবৰ্ষৰ শ্ৰম বাহিনীৰ শেহতীয়া গতিধাৰ লক্ষ্য কৰিলে দেখা যায় দেশৰ তিনিটা খণ্ডৰ প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ ভিতৰত আপেক্ষিকভাৱে সেৱা খণ্ডত শ্রমিক নিযুক্তিৰ পৰিমাণ বৃদ্ধি হৈছে। সেৱাৰ পিচতে গৌণ খণ্ডটোত নিযুক্তিৰ হাৰ বৃদ্ধিও উল্লেখনীয়। বিশেষকৈ নগৰাঞ্চলত বাসকৰা শ্ৰমিকৰ এই দুটা খণ্ডত নিযুক্তি উল্লেখনীয় পৰিমাণে বৃদ্ধি হৈছে। ১৯৯৯-২০০০ চনৰ সমীক্ষা অনুসৰি দেশৰ মুঠ শ্রমিক শক্তিৰ ৬০ শতাংশ প্রাথমিক খণ্ডত, ১৬ শতাংশ গৌণ খণ্ডত আৰু ২৪ শতাংশ সেৱা খণ্ডত নিযুক্তি লাভ কৰিছিল। নগৰীয়া শ্ৰমিকৰ ৬০ শতাংশই নিযুক্তি লাভ কৰিছিল সেৱা খণ্ডত।

অৱশ্যে এইটো উল্লেখযোগ্য যে ১৯৭০ দশকৰ তুলনাত ২০১০ দশকত দেশখনৰ নিযুক্তিৰ ক্ৰমৰ বিশেষ পৰিবৰ্তন হোৱা নাই। ১৯৭০ দশকত দেশখনৰ মুঠ শ্রমিক শক্তিৰ গৰিষ্ঠ অংশটো প্ৰাথমিক খণ্ডত হৈ আছিল আৰু উক্ত অৱস্থা ২০১০ চনতো অপৰিবৰ্তিত হৈ আছে। তেনেদৰে ২০১০ চনত সেৱা খণ্ড আৰু গৌণ খণ্ডৰ যি স্থান নিযুক্তিৰ ক্ষেত্ৰত দেখা যায়, উক্ত স্থান ১৯৭০ দশকতো আছিল।

প্রশ্ন ১৫। নৈমিত্তিক মজুৰি শ্রমিক কাক বোলা হয়?

উত্তৰঃ নিৰ্মাণ কাৰ্যত কাম কৰা লোকসকলক নৈমিত্তিক শ্রমিক আখ্যা দিয়া হয়। এনে শ্রমিকসকলে সাময়িকভাৱে আনৰ মালিকাধীন প্ৰতিষ্ঠানত কাম কৰে।

প্রশ্ন ১৬। এজন শ্রমিকে কাম কৰা খণ্ডটো যে অনানুষ্ঠানিক সেইটো কিদৰে জানিবা? 

উত্তৰঃ চৰকাৰী খণ্ডৰ সকলোবোৰ আৰু বেচৰকাৰী খণ্ডৰ ১০ জন বা ততোধিক শ্রমিক নিযুক্তি দিয়া প্ৰতিষ্ঠানক আনুষ্ঠানিক খণ্ড বোলা হয়।

প্রশ্ন ১৭। ভাৰতৰ গ্ৰাম্য নিবনুৱা আৰু দৰিদ্ৰতা দূৰীকৰণৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা পাঁচখন আঁচনিৰ নাম লিখা।

উত্তৰঃ (১) কৰ্মৰ সলনি খাদ্য যোগান আঁচনি। 

(২) জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা। 

(৩) স্বর্ণজয়ন্তী গ্রাম ৰোজগাৰ যোজনা। 

(৪) প্রধানমন্ত্রী গ্রামোদয় যোজনা। 

(৫) মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য প্রতিভূত আইন (MNREGA)।

প্রশ্ন ১৮। ভাৰতৰ গ্ৰাম্য নিবনুৱাৰ দুটা বা তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ গ্ৰাম্য নিবনুৱাৰ দুটা কাৰণ হৈছে — 

(ক) কৃষি উপযোগী ভূমিৰ পৰিমাণৰ তুলনাত গ্রামাঞ্চলত বৃদ্ধিৰ উচ্চ হাৰ। 

(খ) গ্রামাঞ্চলত কুটীৰ আৰু ক্ষুদ্র উদ্যোগৰ স্থাপন আৰু বিকাশৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত অগ্ৰগতিৰ অভাৱ। 

(গ) শিক্ষাৰ প্ৰসাৰ আৰু অনুন্নত পৰিবহণ ব্যৱস্থাৰ কাৰণে গ্ৰাম্য শ্ৰমিকৰ গতিশীলতাৰ অভাৱ।

প্রশ্ন ১৯। ভাৰতৰ নিবনুৱা বৃদ্ধিৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ নিবনুৱা বৃদ্ধিৰ তিনিটা প্ৰধান কাৰণ হৈছে— 

(ক) উচ্চহাৰত জনসংখ্যা বৃদ্ধি। 

(খ) অর্থনৈতিক উন্নয়নৰ মন্থৰ গতি। 

(গ) দেশৰ বিশ্ববিদ্যালয়সমূহৰ দ্বাৰা অপৰিকল্পিতভাৱে শিক্ষিত যুৱক-যুৱতীৰ উৎপাদন।

প্রশ্ন ২০। ভাৰতৰ শিক্ষিত নিবনুৱাৰ দুটা কাৰণ উল্লেখ কৰা ৷

উত্তৰঃ ভাৰতৰ শিক্ষিত নিবনুৱাৰ দুটা কাৰণ হৈছে — 

(১) দেশৰ বিশ্ববিদ্যালয়সমূহৰ দ্বাৰা অপৰিকল্পিতভাৱে শিক্ষিত যুৱক-যুৱতীৰ উৎপাদন বৃদ্ধি। 

(২) শিক্ষিত যুৱক-যুৱতীৰ আত্মনিয়োগৰ প্ৰচেষ্টাৰ অভাৱ।

প্রশ্ন ২১। ভাৰতবৰ্ষৰ নিবনুৱাৰ প্ৰকৃতি আৰু পৰিমাণৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। দেশৰ নিবনুৱা বৃদ্ধিৰ কাৰণসমূহ কি কি?

অথবা, 

ভাৰতবৰ্ষৰ ক্ৰমবৰ্ধমান কর্মহীনতাৰ কাৰণবোৰ কি কি? এই সমস্যাৰ সমাধানকল্পে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ উল্লেখ কৰা।

অথবা, 

ভাৰতৰ বৰ্ধিত নিবনুৱা সমস্যাৰ এটা বিবৰণ দিয়া। এনে সমস্যা সমাধানকল্পে চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে?

অথবা, 

ভাৰতৰ নিবনুৱা সমস্যাৰ পাঁচটা কাৰণ ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষত নিবনুৱাৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে। নিবনুৱাৰ প্ৰকৃতি অধ্যয়ন কৰিলে দেখা যায় যে গ্রাম্য নিবনুৱা, ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱাৰ সমস্যা অতি গুৰুতৰ। ভূমিৰ ওপৰত জনসংখ্যাৰ অত্যধিক হেঁচাৰ কাৰণে অৰ্ধ-নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। ঋতু অনুসৰি হোৱা নিবনুৱাৰ মূল কাৰণ হৈছে বামহীয়া কৃষিকাৰ্যৰ অনুপস্থিতি, দেশৰ জনসংখ্যা বৃদ্ধিৰ তুলনাত উদ্যোগ আৰু অন্যান্য খণ্ডৰ বিকাশ আৰু সম্প্ৰসাৰণৰ মন্থৰ গতিৰ কাৰণেই ঔদ্যোগিক নিবনুৱাৰ সৃষ্টি হৈছে। শিক্ষিত নিবনুৱাৰ সমস্যাও দেশখনৰ এক গুৰুত্বপূৰ্ণ সমস্যা।

দেশৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ তথ্য অনুসৰি ১৯৬১ চনত দেশখনত নিবনুৱাৰ মুঠ পৰিমাণ আছিল ১.৮৩ নিযুত। ইয়াৰে ০.৫৯ নিযুত হৈছে শিক্ষিত নিবনুৱা। ১৯৯১ চনত নিবনুৱা লোকৰ পৰিমাণ ৩৬.৩ নিযুতলৈ বৃদ্ধি হয় আৰু ইয়াৰে ২২.৫ নিযুত হৈছে শিক্ষিত নিবনুৱা। দেশখনৰ গ্ৰামাঞ্চলৰ অৰ্ধ-নিবনুৱা আৰু ছদ্মবেশী নিবনুৱাৰ বিষয়ে তথ্যৰ অভাৱ হ’লেও এইটো অনুমান কৰা সহজ যে বুজন পৰিমাণৰ শ্রমিক এনে শ্ৰেণীৰ নিবনুৱাৰ অন্তৰ্ভুক্ত। ২০০০ চনত দেশখনত নিবনুৱাৰ পৰিমাণ ১০৬ নিযুত হ’ব বুলি হিচাপ কৰা হৈছে।

নিবনুৱা বৃদ্ধিৰ প্ৰধান কাৰণ –

(১) জনসংখ্যা বৃদ্ধিৰ উচ্চ হাৰ: নিবনুৱাৰ পৰিমাণ বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হৈছে পঞ্চাশৰ দশকৰ পিছৰপৰা জনসংখ্যা বৃদ্ধিৰ উচ্চ হাৰ। দেশৰ বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে শতকৰা ২.১৫ ভাগ আৰু ইয়াৰ ফলত প্ৰতি বছৰে ৪ নিযুত নতুন শ্রমিক শক্তিৰ আবিৰ্ভাৱ হৈছে। কিন্তু শ্রমিক শক্তিৰ তুলনাত দেশৰ নিয়োগৰ সুবিধা সীমিত আৰু ইয়াৰ ফলত প্ৰতিটো বাৰ্ষিক পৰিকল্পনাৰ অন্তত নিবনুৱা সমস্যা অধিক জটিল হৈ পৰিছে।

(২) অৰ্থনৈতিক উন্নয়নৰ মন্থৰ গতি: দেশৰ অৰ্থনৈতিক উন্নয়নৰ মন্থৰ গতিয়েই নিবনুৱা সমস্যা জটিল কৰি তুলিছে। অর্থনৈতিক উন্নয়ন মন্থৰ হোৱাৰ কাৰণে প্ৰতিটো পৰিকল্পনাৰ শেষত পুৰণা নিবনুৱাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু এনে নিবনুৱাৰ লগতে নতুন নিবনুৱাৰ পৰিমাণ বৃদ্ধি পোৱাত নিবনুৱাৰ সমস্যা জটিল হৈ পৰিছে।

(৩) ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ উৎপাদন বৃদ্ধি: স্বাধীনোত্তৰ কালছোৱাত দেশত বহুতো স্কুল, আৰু বিশ্ববিদ্যালয়ৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি শিক্ষিত নিবনুৱাৰ পৰিমাণ বৃদ্ধি পাইছে। শিক্ষিত লোকৰ উৎপাদনৰ তুলনাত নিয়োগৰ সুবিধা সীমিত হোৱাৰ কাৰণেই শিক্ষিত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।

(৪) অনুন্নত কৃষি অর্থনীতি: গ্ৰাম্য অঞ্চলত দেখা দিয়া নিবনুৱা আৰু অৰ্ধ-নিবনুৱাৰ প্ৰধান কৃষি ব্যৱস্থা। ভাৰতৰ কৃষিকাৰ্য বছৰটোৰ ভিতৰত ৬ মাহে থাকে। বাকী সময়ছোৱাত কৃষকসকল নিবনুৱা হৈ থাকে। ইয়াৰ উপৰি জনসংখ্যা বৃদ্ধি আৰু যৌথ পৰিয়াল প্ৰথাৰ কাৰণে অর্থাৎ নিবনুৱা গ্ৰামাঞ্চলত অধিক প্ৰকট হৈ পৰিছে। উন্নত কৃষি ব্যৱস্থা উপৰুৱা নিয়োগ ব্যৱস্থাৰ অভাৱত গ্রামাঞ্চলত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।

(৫) শিল্পনীতি আৰু শিল্প উৎপাদন: স্বাধীনোত্তৰ কালছোৱাত বৃহৎ শিল্পৰ গঠনত অগ্ৰাধিকাৰ দিয়াত আৰু এই শিল্পসমূহৰ অধিকাংশই আধুনিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত শ্ৰমিকৰ নিয়োগৰ তুলনাত মূলধনৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বৃহৎ শিল্পসমূহে শ্ৰমিকৰ নিয়োগৰ সুবিধা প্ৰদান কৰাত সহায় কৰিব পৰা নাই। বৃহৎ শিল্পসমূহৰ তুলনাত ক্ষুদ্র শিল্পসমূহৰ শ্ৰমিক নিয়োগৰ সুবিধা অধিক; কিন্তু উচ্চ ব্যয়মূল্যৰ প্ৰক্ৰিয়াৰ কাৰণে ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ প্ৰসাৰণো বিশেষ আগবাঢ়িব পৰা নাই। গতিকে ভাৰতৰ শিল্প ব্যৱস্থাও নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ কাৰণে বহু পৰিমাণে দায়ী।

সমস্যা সমাধানৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী:

দেশখনৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰে চতুৰ্থ পাঁচবছৰীয়া পৰিকল্পনাৰ পৰা বিশেষ সষ্টম হোৱা পৰিলক্ষিত হয়। অৱশ্যে প্ৰথম আৰু দ্বিতীয় পৰিকল্পনাৰ শেষত নিবনুৱাৰ পৰিমাণ বৃদ্ধি পোৱাত এই সমস্যাৰ প্ৰতি চৰকাৰ সজাগ হয় আৰু তৃতীয় পৰিকল্পনাত গ্রাম্য কৰ্ম আঁচনি গ্ৰহণ কৰা হয়। কিন্তু আর্থিক অসুবিধাৰ কাৰণে আৰু ৰাজ্যিক চৰকাৰসমূহৰ উপযুক্ত সঁহাৰিৰ অভাৱত এই আঁচনি বিশেষ সফল নহ’ল।

চতুৰ্থ পৰিকল্পনাত দেশৰ নিবনুৱা সমস্যাৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু ১৯৭১-৭২ চনৰপৰা কেইবাখনো আঁচনি গ্ৰহণ কৰা হয়। ১৯৭২-৭৩ চনৰ শিক্ষিত নিবনুৱাৰ সমস্যা সমাধানৰ কাৰণে এখন আঁচনি গ্ৰহণ কৰা হয়। এই আঁচনি কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক ৯.৮১ কোটি টকা দিয়ে। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ বাজেটত এই আঁচনিৰ কাৰণে ৬৩ কোটি টকা ধৰা হয়। ৰাজ্যিক চৰকাৰসমূহে এই আঁচনিৰ আধাৰত ৬৪,০০০ শিক্ষিত নিবনুৱাৰ কৰ্মসংস্থানৰ ব্যৱস্থা গ্ৰহণ কৰে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিবনুৱা সমস্যা সমাধানৰ অৰ্থে বিশেষ নিয়োগ ” আঁচনিত বিভিন্ন ৰাজ্যিক চৰকাৰসমূহত ২৬.৫০ কোটি টকা দিয়া হয়। এই আঁচনিৰ ফলত ১৯৭২-৭৩ চনত ৩৭,০০০ লোকৰ কৰ্মসংস্থান হয়।

১৯৭৩-৭৪ চনত অৰ্ধনিযুত কর্মসংস্থান আঁচনিৰ প্ৰৱৰ্তন হয় আৰু এই বছৰৰ কেন্দ্ৰীয় বাজেটত ইয়াৰ কাৰণে ১০০ কোটি টকা ধাৰ্য কৰা হয়। ৰাজ্যিক চৰকাৰসমূহক এই আঁচনি সফল কৰি তোলাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

১৯৭১-৭২ চনত গ্ৰাম্য নিয়োগৰ জৰুৰী আঁচনি (Crash scheme for Rural Employment) প্ৰৱৰ্তন কৰা হয় আৰু আঁচনিৰ আধাৰত প্ৰতি জিলাৰ গড় হিচাপত ১০০০ জন লোকক ১০ মাহৰ কাৰণে কৰ্মসংস্থান দিয়াৰ লক্ষ্য স্থাপন কৰা হয়। ১৯৭১-৭২ চনত এই আঁচনিত কোটি টকা আৰু ১৯৭৩-৭৪ চনত ৫০ কোটি টকা ব্যয় কৰা হয়। কিন্তু প্ৰশাসনীয় দক্ষতাৰ অভাৱত এই আঁচনিখন বিশেষ সফল নহ’ল।

১৯৬৯-৭০ চনত ক্ষুদ্র কৃষক আৰু কৃষি শ্ৰমিকসকলৰ কৰ্মসংস্থানৰ আঁচনি গ্ৰহণ কৰা হয়। আৰু ১৯৭২ শেষলৈকে ৩ নিযুত লোক এই আঁচনিৰ দ্বাৰা উপকৃত হয়। 

খৰাং পীড়িত অঞ্চলৰ কৰ্মসংস্থানৰ সুবিধা দিবৰ কাৰণে ১৯৭১-৭২ চনত এখন আঁচনি প্ৰৱৰ্তন কৰা হয়। ১৯৭০-৭১ আৰু ১৯৭১-৭২ চনত এই আঁচনিত ৩০.৮০ কোটি টকা ব্যয় কৰা হয় আৰু ইয়াৰ ফলত প্ৰায় ৪.৭০ নিযুত কৰ্ম দিনৰ নিয়োগ সম্ভৱপৰ হয়। ১৯৭২-৭৩ চনত এনে নিয়োগৰ পৰিমাণ ৪০ নিযুত কৰ্মদিনলৈ বৃদ্ধি হয়। 

জনতা চৰকাৰে দেশৰ নিবনুৱা সমস্যাৰ সমাধানৰ গুৰুত্ব আৰোপ কৰিছিল আৰু দুবছৰৰ ভিতৰত সমস্যা সমাধানৰ বিষয়ে নীতি গ্রহণ কৰিছিল। জনতা চৰকাৰৰ দিনতে ‘খাদ্যৰ সলনি কামৰ আঁচনি’ প্ৰয়োগ কৰা হয়। এই আঁচনি বিশেষ সফল হৈছিল। কাৰণ এই সমীক্ষা অনুসৰি এবছৰৰ ভিতৰত দেশৰ নিয়োগৰ সুবিধা শতকৰা ১০.৯ ভাগ বৃদ্ধি পায়। এই আঁচনিৰ কাৰণে ১৯৭৯-৮০ চনৰ কেন্দ্ৰীৰ চৰকাৰে ২৭ লাখ টকা খাদ্যশস্যৰ যোগান ধৰিছিল।

ষষ্ঠ পৰিকল্পনাত নিবনুৱা সমস্যা সমাধানৰ বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত পৰিকল্পনাৰ প্ৰধান লক্ষ্য হৈছে দেশৰ অধিকাংশ শ্রমিক শক্তিৰ অৰ্ধ নিয়োগ অৱস্থাৰ অৱসান ঘটোৱা আৰু দীৰ্ঘকালীন নিবনুৱাৰ পৰিমাণ সংকোচন কৰা। এনে উদ্দেশ্য সাধনৰ অৰ্থে শ্ৰমিকৰ অধিক নিয়োগৰ সুবিধা প্ৰদান কৰা প্ৰকল্পসমূহত আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ অগ্ৰাধিকাৰ দিয়া হ’ব।

সপ্তম পৰিকল্পনাত মানৱ সম্পদৰ বিকাশ আৰু সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশেষকৈ গ্ৰাম্য নিবনুৱা হ্ৰাস কৰিবৰ অৰ্থে এই পৰিকল্পনাত নীতি আৰু বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

অষ্টম পৰিকল্পনাৰ খচৰাত বৰ্তমানৰ ২৬ নিযুত নিবনুৱাক কর্মসংস্থান দিয়াৰ উপৰিও এই শতিকাৰ শেষত নিবনুৱা সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। পৰিকল্পনাৰ কালছোৱাত নিবনুৱা সমস্যা লাঘৱ কৰিবৰ অৰ্থে যিবোৰ আঁচনি প্ৰয়োগ কৰা হৈছে সেইবোৰৰ ভিতৰত উল্লেখযোগ্য আঁচনি হৈছে ৰাষ্ট্ৰীয় কর্মনিয়োগ আঁচনি, সংহত গ্ৰাম্য উন্নয়ন আঁচনি আৰু জৱাহৰ ৰোজগাৰ যোজনা। ১৯৮০ চনত আৰম্ভ কৰা ৰাষ্ট্ৰীয় কৰ্মনিয়োগ আঁচনিৰ অধীনত ১৯৮০-৮৯ চনৰ কালছোৱত সৰ্বমুঠ ১৪৭৭ নিযুত কৰ্মদিনৰ সুবিধা প্ৰদান কৰা হয়। চনৰ ২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সংহত গ্ৰাম্য উন্নয়ন আঁচনিয়েও সপ্তম পৰিকল্পনাত মুঠ ১৮২ লাখ পৰিয়ালক আত্ম উপাৰ্জনৰ সুবিধা সৃষ্টি কৰাত সহায় কৰে। ১৯৮৯ চনৰ ২৮ এপ্ৰিলত আৰম্ভ কৰা জৱাহৰ ৰোজগাৰ যোজনাৰ বিভিন্ন আঁচনিৰ অধীনতো যথেষ্ট নিযুক্তিৰ সুবিধা চৰকাৰে প্ৰদান কৰিছে।

(দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা সমাধানৰ অৰ্থে ভাৰত চৰকাৰে গ্ৰহণ কৰা সাম্প্ৰতিক কালৰ আঁচনিবোৰ চতুৰ্থ অধ্যায়ৰ ১৪ নং প্রশ্নৰ উত্তৰতো দিয়া হৈছে)

প্রশ্ন ২২। ভাৰতবৰ্ষৰ গ্ৰাম্য কর্মহীনতাৰ কাৰণবোৰ কি? সাম্প্ৰতিক কালত ভাৰত চৰকাৰে গ্ৰহণ কৰা গ্ৰাম্য কৰ্ম আঁচনিবোৰৰ বিষয়ে লিখা । অথবা, ভাৰতবৰ্ষৰ গ্ৰাম্য নিবনুৱাৰ প্ৰকৃতি আৰু কাৰণ ব্যাখ্যা কৰা। গ্রাম্য নিবনুৱাৰ সমস্যা সমাধানৰ অৰ্থে কেতবোৰ পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ গ্ৰামাঞ্চলৰ নিবনুৱা দুই প্ৰকাৰৰ হয় — 

(১) ঋতু অনুসৰি হোৱা। 

(২) ছদ্মবেশী নিবনুৱা। 

কৃষিকাৰ্য বছৰটোৰ ভিতৰত ছমাহ থকাৰ কাৰণে ঋতু অনুসৰি নিবনুৱা এটা সাধাৰণ ঘটনা। ভাৰতৰ অধিকাংশ কৃষকৰ কৃষিৰ কাম-কাজ ছমাহমান থকাৰ কাৰণে আৰু বাকী ছমাহত নিয়োগৰ বিশেষ সুবিধা নথকাত ঋতু অনুসৰি নিবনুৱাৰ সৃষ্টি হয়।

ছদ্মবেশী আৰু সাধাৰণ নিবনুৱাৰ প্ৰধান কাৰণ হৈছে কৃষিৰ ওপৰত অত্যধিক হেঁচা। বর্ধিত জনসংখ্যাৰ কাৰণে প্ৰতিটো পৰিয়ালৰ কৃষিৰ উপযোগী ভূমিৰ পৰিমাণ কমি আহিছে। ইয়াৰ লগতে যৌথ পৰিয়াল ব্যৱস্থাই ছদ্মবেশী নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিছে। বৃহৎ এটা পৰিয়ালে সামান্য পৰিমাণৰ ভূমিত কৃষিকাৰ্য চলাই থকাত পৰিয়ালৰ শ্ৰমিক শক্তিৰ উপযুক্ত প্রয়োগ নহয় আৰু এনে ক্ষেত্ৰত পৰিয়ালৰ যিসকলৰ উৎপাদনত কোনো বৰঙণি নাই সেই লোকসকলক ছদ্মবেশী নিবনুৱা হিচাপে বিবেচনা কৰা হয়।

গ্রামাঞ্চলত দৰিদ্ৰতাৰ প্ৰভাৱ আৰু উপযুক্ত শিক্ষাৰ অভাৱত শ্রমিকসকলে শিল্প ব্যবসায়ত নিয়োগৰ সুবিধাৰপৰা বঞ্চিত হৈছে। ইয়াৰ লগতে পৰিয়ালৰ প্ৰতি অত্যধিক আকর্ষণে গাঁৱলীয়া লোকসকলক শিল্প কেন্দ্ৰসমূহলৈ পৰিচালিত কৰাত প্ৰতিবন্ধক জন্মাইছে।

ভাৰতবৰ্ষৰ সামাজিক ব্যবস্থা অনুসৰি প্ৰতিজন লোকে পৈতৃক সম্পত্তিৰ প্ৰতি আকৰ্ষণৰ কাৰণেই গাঁৱলীয়া শ্ৰমিকসকলে দূৰ অঞ্চললৈ চাকৰিৰ সন্ধানত যাবলৈ ইচ্ছা প্ৰকাশ নকৰে। গ্রামাঞ্চলত অর্থনৈতিক উন্নয়নৰ মন্থৰ গতিৰ কাৰণে নিয়োগৰ সুবিধাৰ বিশেষ উন্নতি ঘটা নাই। পৰিবহণ আৰু অন্যান্য অর্থনৈতিক অসুবিধাসমূহৰ কাৰণে প্ৰামাঞ্চলত শিল্প উদ্যোগৰ বিকাশৰ গতি অতি মন্থৰ আৰু ইয়াৰ কাৰণেও নিবনুৱাৰ পৰিমাণ বৃদ্ধি পাইছে।

গ্ৰামাঞ্চলৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰাটো প্রয়োজন।

(১) প্রথমতে, গ্রামাঞ্চলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধ কৰাটো প্ৰয়োজন। গ্রামাঞ্চলত জনস্বাস্থ্য, শিক্ষা ইত্যাদিব বহুল প্ৰচাৰৰ যোগেদি আৰু পৰিয়াল পৰিকল্পনাৰ আঁচনিসমূহৰ সফল ৰূপায়ণৰ মতামতত জনসংখ্যা বৃদ্ধি বোধ কৰাটো প্রয়োজন।

(২) দ্বিতীয়তে, গ্রামাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়াটো প্রয়োজন। বিভিন্ন অর্থনৈতিক উন্নয়নৰ আঁচনিৰ জৰিয়তে নিয়োগৰ পৰিমাণ বৃদ্ধি কৰিব পৰা যায়। বিশেষকৈ কৃষি উন্নয়ন আৰু ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ সম্প্ৰসাৰণৰ জৰিয়তে গ্রামাঞ্চলৰ নিবনুৱা সমস্যা সমাধান কৰাটো প্রয়োজন। অর্থনৈতিক উন্নয়নৰ যোগেদি দৰিদ্ৰতা দূৰ কৰিব পাৰিলে জনসংখ্যা বৃদ্ধি সহজে ৰোধ কৰিব পৰা যাব।

তৃতীয়তে, কৃষিকার্য লাভজনক কৰি তুলিবলৈ কৃষি উন্নয়নৰ উপৰিও ভূমিসংস্কাৰ আইনসমূহৰ খেতিয়কসকলৰ অনুকূলে গঠন কৰা উচিত। প্রতিজন কৃষকক উপযুক্ত পৰিমাণৰ ভূমি দান কৰাৰ উপৰিও পুৰুষানুক্রমে হোৱা ভূমি বিভাজন বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ভাগৱতী কমিটিয়ে গ্রামাঞ্চলত নিয়োগ ব্যবস্থা সুৰক্ষিত কৰিবৰ অৰ্থে যি পৰমা আগবঢ়াইছিল সেই পৰামৰ্শসমূহৰ বাস্তৱ ৰূপায়ণত অগ্ৰাধিকাৰ দিয়াটো উচিত। বিশেষকৈ ক্ষুদ্র জলসিঞ্চন আঁচনি, গ্রাম্য-বৈদ্যুতিকৰণ আঁচনি, পথ আৰু জল পৰিবহণৰ উন্নয়নৰ আঁচনি, পানীযোগান আঁচনি ইত্যাদিবোৰৰ গ্ৰামাঞ্চলত সম্প্ৰসাৰণ ঘটাই গাঁৱলীয়া লোকসকলক এইবোৰত নিয়োগৰ সুবিধা প্ৰদান কৰিব লাগে।

প্রশ্ন ২৩। ভাৰতৰ শিক্ষিত নিবনুৱা সমস্যা কি? এই সমস্যা কিছু পৰিমাণে সমাধান কৰিবলৈ চাৰিটা আগবঢ়োৱা।

উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ কালছোৱাত নিবনুৱা সমস্যাই এই জটিল ৰূপ ধাৰণ কৰিছে; যদিও দেশৰ প্ৰকৃত নিবনুৱাৰ সংখ্যা নিৰ্ধাৰণ কৰাটো সহজ নহয় তথাপিও দেশৰ বিভিন্ন পৰিসংখ্যা বিভাগৰপৰা এটা কথা স্পষ্ট হয় যে মুঠ শ্রমিক ১০.৪% ভাগ নিবনুৱা; ইয়াৰ লগত যদি গ্ৰামাঞ্চলত দেখা পোৱা ছদ্মবেশী নিবনুৱাসকল ধৰা যায়, তেতিয়া দেশৰ নিবনুৱা অতি উচ্চ স্তৰলৈ বৃদ্ধি পাব। ভাৰতবৰ্ষত নিবনুৱা কেইবা প্ৰকাৰৰো আছে। ইয়াৰ ভিতৰত প্ৰকৃত নিবনুৱা, ছদ্মবেশী নিবনুৱা আৰু শিক্ষিত নিবনুৱাৰ সমস্যা অতি গভীৰ সমস্যা। শিক্ষিত নিবনুৱাৰ সমস্যাই দেশৰ যথেষ্ট ক্ষতিসাধন কৰিছে। ভাৰতবৰ্ষত কাৰিকৰী আৰু সাধাৰণ জ্ঞানেৰে পুষ্ট এক বুজন পৰিমাণৰ যুৱক নিবনুৱা হৈ থকাৰ কাৰণে তেওঁলোকে দেশৰ অৰ্থনৈতিক উন্নয়নত কোনো ইন্ধন যোগাব পৰা নাই। সমীক্ষা অনুসৰি ভাৰতবৰ্ষৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫৪.৫% ভাগ, স্নাতক পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ২৫.৯% ভাগ, স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ ছাত্ৰৰ ১৯.৯% ভাগ ১৯৭৯ চনত নিবনুৱা আছিল। ১৯৭১-৭৬ চনৰ কালছোৱাত শিক্ষিত স্নাতক আৰু স্নাতকোত্তৰ বাৰ্ষিক হাৰ আছিল ২১% ভাগ আৰু সেই একে সময়ছোৱাত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ নিবনুৱাৰ হাৰ বৃদ্ধিৰ পৰিমাণ আছিল ১৯.৯% ভাগ। পিছৰ কালছোৱাত দেশত অধিক শিক্ষানুষ্ঠানৰ জন্ম হোৱাৰ ফলত শিক্ষিত নিবনুৱাৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

শিক্ষিত নিবনুৱাসকল দেশৰ এক গুৰুত্বপূর্ণ মানৱশক্তি। এনে মানৱশক্তিক উপযুক্তভাবে প্রয়োগ কৰিলে দেশৰ প্ৰথৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱপৰ হ’ব। কাৰিকৰী আৰু সাধাৰণ শিক্ষাৰে পুষ্ট শ্রমিকগোষ্ঠী শিল্পৰ উন্নয়নৰ কাৰণে অপৰিহার্য। ভাৰতবৰ্ষৰ নিচিনা এখন শিক্ষিত দেশত মানৱশক্তি অব্যৱহৃত হৈ থকাটো উচিত নহয়। কাৰণ দেশত যিখিনি শিক্ষিত মানৱ শক্তি উৎপাদন হৈছে, সেইখিনি মানৱ শক্তি ভাৰতৰ দৰে এখন বিশাল আৰু সম্পদশালী ৰাষ্ট্ৰৰ কাৰণে যথেষ্ট নহয়। কিন্তু উপযুক্ত চৰকাৰী নীতি আৰু পৰিকল্পনাৰ অভাৱতে এনে শিক্ষিত মানৱ শক্তিৰ পূৰ্ণপ্ৰয়োগ এতিয়াও সম্ভৱপৰ হোৱা নাই। ভাৰতৰ কাৰিকৰী আৰু আন কিছুমান বিষয়ত এতিয়াও শ্ৰমিকৰ অভাৱ পৰিলক্ষিত হয়। এনে অৱস্থাতো দেশখনত চিকিৎসক আৰু অভিযত্তাসকলৰ মাজত নিবনুৱা থকাটো অতি আশ্চর্যজনক বিষয়। ১৯৭৬ চনত ভাৰতবৰ্ষত ১৮,৪০০ অভিযন্তা নিবনুৱা হৈ আছিল। পিছৰ সময়ছোৱাত দেশৰ কিছুমান ৰাজ্যত কাৰিকৰী শিক্ষাৰে পুষ্ট নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

শিক্ষিত নিবনুৱাৰ কাৰণ: দেশত শিক্ষিত নিবনুৱা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হৈছে শিল্প আৰু ব্যৱসায়-বাণিজ্যৰ মন্থৰ গতি। পৰিকল্পনাৰ কালছোৱাত ঔদ্যোগিক উন্নয়ন হাৰ কিছু পৰিমাণে বৃদ্ধি হ’লেও বৰ্ধিত শিক্ষিত যুৱকৰ তুলনাত এনে উন্নয়ন যথেষ্ট নহয়।

দ্বিতীয়তে, পৰিকল্পিত শিক্ষানীতিৰ অভাৱতো শিক্ষিত নিবনুৱাৰ পৰিমাণ পৰিলক্ষিত হয়। অপৰিকল্পিতভাৱে দেশৰ বিভিন্ন অঞ্চলত শিক্ষানুষ্ঠানসমূহ গঢ়ি উঠাৰ ফলত নিবনুৱাৰ পৰিমাণ বৃদ্ধি হোৱা পৰিলক্ষিত হয়।

ভাৰতবৰ্ষৰ শিক্ষিত নিবনুৱাসকলৰ মাজত আত্মনিয়োগৰ প্ৰচেষ্টাৰ অভাৱো পৰিলক্ষিত হয়। উপযুক্ত শিক্ষাৰ পাঠ্যক্ৰম, মূলধনৰ অভাৱ আৰু ব্যক্তিগত প্ৰচেষ্টাৰ অভাৱত দেশত আত্মনিয়োগৰ বৃদ্ধিৰ হাৰ অতি নগণ্য। 

সমাধানৰ উপায়: শিক্ষিত যুৱকসকলক নিয়োগৰ সুবিধা প্ৰদান কৰাটো এটা প্ৰধান দায়িত্ব, এনে দায়িত্ব পালন কৰিব পাৰিলে দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাব আৰু ই সমগ্র অর্থনীতিক লাভবান কৰি তুলিব।

শিক্ষিত নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰে ঔদ্যোগিক উন্নয়নৰ হাৰ বৃদ্ধি কৰিব লাগিব। নতুন উদ্যোগৰ স্থাপন আৰু বিকাশে এনে শিক্ষিত নিবনুৱাৰ কাৰণে উপযুক্ত নিয়োগৰ সুবিধা প্ৰদান কৰিব পাৰে। চৰকাৰৰ এনে ঔদ্যোগিক নীতিৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ বিকাশে অগ্ৰাধিকাৰ পোৱাটো উচিত। কাৰণ এনে শিল্পসমূহে নিয়োগৰ অধিক সুবিধা প্ৰদান কৰিব পাৰে।

দ্বিতীয়তে, শিক্ষা নীতি আৰু পাঠ্যক্ৰমৰ উপযুক্ত পৰিৱৰ্তন সাধন কৰিব লাগিব, দেশৰ অর্থনৈতিক সামাজিক উন্নয়নৰ লগত সামঞ্জস্য ৰাখি উপযুক্ত শিক্ষানীতি আৰু পাঠ্যক্রম প্ৰয়োগ কৰিব পাৰিলে শিক্ষিত নিবনুৱাৰ সমস্যাটো যথেষ্ট পৰিমাণে লাঘৱ কৰিব পৰা যাব, দেশৰ যিবিলাক ৰাজ্যৰ শিক্ষিত নিবনুৱা সমস্যাই জটিলৰূপ ধাৰণ কৰিছে তেনে ৰাজ্যবিলাকত অপৰিকল্পিত শিক্ষানীতিয়েই ইয়াৰ কাৰণে প্ৰধান দায়ী বুলি ক’ব পাৰি। ভাৰতবৰ্ষৰ শিক্ষিত নিবনুৱাসকল নগৰমুখী। গ্রামাঞ্চলত যথেষ্ট পৰিমাণে সংস্থানৰ সুবিধা থকা সত্ত্বেও তেওঁলোক ইয়ালৈ আহিবলৈ ইচ্ছা নকৰে, সেই কাৰণে প্ৰামাঞ্চললৈ এনে শিক্ষিত লোকসকলক পৰিচালিত কৰিবলৈ চৰকাৰে কিছুমান উৎসাহমূলক ব্যৱস্থা প্ৰদান কৰাটো উচিত। কৃষি ব্যৱস্থাৰ কাৰণে শিক্ষিত নিবনুৱাসকলক ভূমি প্ৰধান আৰু প্ৰয়োজনীয় আহিলা পাতি যোগান ধৰাটো চৰকাৰৰ কৰ্তব্য, তদুপৰি গ্ৰামাঞ্চলত ক্ষুদ্র শিল্প স্থাপন কৰিবৰ কাৰণে এনে শিক্ষিত নিবনুৱাসকলক চৰকাৰে উপযুক্ত সহায়-সহযোগ আগবঢ়োৱাটো প্রয়োজন।

শিক্ষিত যুৱকসকলে চৰকাৰী চাকৰিৰ ওপৰতে নিৰ্ভৰ নকৰি আত্মনিয়োগৰ প্ৰচেষ্টা চলালেও শিক্ষিত নিবনুৱাৰ সমস্যা কিছু পৰিমাণে লাঘৱ হ’ব। অৱশ্যে আত্মনিয়োগৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিবলৈ হ’লে চৰকাৰে শিক্ষাৰ পাঠ্যক্ৰম বাস্তৱমুখী কৰি তুলিব লাগিব আৰু আত্মসংস্থানৰ কাৰণে কাৰিকৰী আৰু আৰ্থিক সহায় প্ৰদান কৰিব লাগিব।

প্রশ্ন ২৪। নিয়োগ বৃদ্ধিৰ আঁচনিসমূহৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ উপাৰ্জন আহৰণৰ সুবিধা প্ৰদানৰ মাধ্যমত জনসাধাৰণৰ আৰ্থ-সামাজিক সুৰক্ষা আৰু উন্নতিৰ সুবিধা প্ৰদান।

প্রশ্ন ২৫। সংগঠিত খণ্ডত কৰ্মৰত হোৱাৰ দুটা সুবিধা উল্লেখ কৰা। 

উত্তৰঃ (১) এনেখণ্ডত চাকৰি স্থায়ী আৰু নিয়মীয়া হয়। 

(২) এনে খণ্ডত নিযুক্তিয়ে স্থায়ী উপাৰ্জনৰ সুবিধা দি ভৱিষ্যতৰ নিৰাপত্তা প্ৰদান কৰে। 

প্রশ্ন ২৬। কৰ্মৰ বাহিৰা উৎস বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া এখন দেশে চুক্তিৰ ভিত্তিত বাহিৰা দেশৰ পৰা দ্ৰব্য আৰু সেৱা যোগান ধৰাৰ ব্যৱস্থা কৰে তাকে প্ৰকৃতাৰ্থত কৰ্মৰ বাহিৰা উৎস আখ্যা দিয়া হয়। উদাহৰণ স্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্টাৰনেট সেৱা যোগান ধৰা কোনো প্রতিষ্ঠানে ব্যয় কৰ্তনৰ অৰ্থে ভাৰতবৰ্ষত উক্ত সেৱা যোগানৰ অৰ্থে কোনো ভাৰতীয় কোম্পানী বা সংস্থাক ইয়াৰ সস্তীয়া শ্রমিকৰ সেৱাৰ সুযোগ গ্ৰহণৰ অৰ্থে ভাৰতীয় কোম্পানী বা সংস্থাক মকৰল কৰে, তেতিয়া বাহিৰা উৎস ব্যৱহাৰ হৈছে বুলি কোৱা হয়।

প্রশ্ন ২৭। নিবনুৱাৰ তিনিটা তথ্যৰ উৎস উল্লেখ কৰা।

উত্তৰঃ (ক) নিয়োগ বিনিময় কেন্দ্র।

(খ) ৰাষ্ট্ৰীয় নমুনা জৰীপ। 

(গ) পৰিকল্পনা আয়োগ। 

প্রশ্ন ২৮। চমুকৈ ব্যাখ্যা কৰা— ঋতুজনিত নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা। 

উত্তৰঃ গ্রাম্য নিবনুৱাৰ ২টা প্ৰধান ভাগ হৈছে ঋতুজনিত নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা। 

ছদ্মবেশী নিবনুৱা: ভাৰতত কৃষিখণ্ডত বহুসংখ্যক উদ্বৃত্ত শ্রমিক আছে। কিছুমান লোকক কৃষিখণ্ডত যদিও কাম কৰি থকা দেখা যায় কিন্তু তেওঁলোকক কৃষিৰ পৰা স্থানান্তৰিত কৰিলেও মুঠ উৎপাদনৰ কোনো পৰিবৰ্তন নহয়। এনেকুৱা অনুৎপাদন কৃষিকৰ্মীক ছদ্মবেশী নিবনুৱা বোলা হয়। এনে লোকৰ প্রান্তিক উৎপাদন শূণ্য।

ঋতুজনিত নিবনুৱা: ভাৰতত ঋতুজনিত নিবনুৱা কৃষি খণ্ডৰ এটা ভয়াবহ অৱস্থা। জলসিঞ্চনৰ ব্যৱস্থা উন্নত নোহোৱাৰ বাবে ভাৰতীয় কৃষকে বছৰত মাত্ৰ এটা শস্যহে উৎপাদন কৰিব পাৰে। বছৰৰ বাকী সময়ছোৱা নিবনুৱা হৈ থকা অৱস্থাক ঋতুজনিত নিৱনুৱা বোলে।

প্রশ্ন ২৯। ঋতুজনিত নিবনুৱা বুলিলে কি বুজা?

উত্তৰঃ কৃষি প্ৰধান দেশ হিচাপে ভাৰতত এজন কৃষকে বছৰটোৰ পাঁচ মাহ মানহে কাম কৰে। বাকী সময়খিনি তেওঁলোকে বহি কটোৱা বাবেই তেওঁলোকক ঋতুজনিত নিবনুৱা বোলা হয়। 

প্রশ্ন ৩০। নিয়োগবিহীন উন্নয়ন বুলিলে কি বুজা?

উত্তৰঃ নিয়োগবিহীন উন্নয়নে এটা অৰ্থনৈতিক পৰিস্থিতিক সূচায় য’ত সৰ্বমুঠ ঘৰৱা উৎপাদনৰ উন্নয়নৰ হাৰৰ বৃদ্ধিৰ বিপৰীতে সমানুপাতিক নিয়োগ বৃদ্ধি নাথাকে। 

প্রশ্ন ৩১। কর্মশক্তি কি? পুৰুষৰ তুলনাত মহিলাৰ কৰ্মশক্তিত অংশগ্ৰহণৰ হাৰ নিম্ন হোৱাৰ কাৰণসমূহ লিখা। 

উত্তৰঃ দেশৰ যিটো অংশ প্ৰকৃততে অর্থনৈতিক কার্যক্রমত নিযুক্ত আছে সেইটো অংশই হৈছে দেশখনৰ কর্মশক্তি। 

পুৰুষৰ তুলনাত মহিলাৰ কৰ্মশক্তিত অংশগ্ৰহণৰ হাৰ নিম্ন হোৱাৰ কাৰণ হ’ল যে — পুৰুষে যেতিয়া কামত অধিক হাৰে অৰ্থ উপাৰ্জন কৰে তেতিয়া পৰিয়ালসমূহে মহিলাক কাম কৰাত নিৰুৎসাহিত কৰে। এনে ধৰণৰ বাধা নগৰীয়া অঞ্চলত অপেক্ষাকৃতভাৱে অনেক বেছি কাৰণ তাত পুৰুষ লোক যথেষ্ট বেছি আৰু অৰ্জন কৰিবলৈ সক্ষম।

সপ্তম অধ্যায়

পৰিৱেশ আৰু বহনক্ষম উন্নয়ন

বহনক্ষম অর্থনৈতিক উন্নয়ন; সম্পদৰ সীমিত প্রাচুর্যতা, পৰিৱেশৰ অৱনতি

প্রশ্ন ১। পৰিৱেশৰ জৈৱিক উপাদান এটাৰ নাম লিখা।

উত্তৰঃ জীৱ-জন্তু।

প্রশ্ন ২। পৰিৱেশৰ অজৈৱিক উপাদান এটাৰ নাম লিখা।

উত্তৰঃ শিলাখণ্ড।

প্রশ্ন ৩। নৱীকৰণযোগ্য সম্পদ কাক বোলে?

উত্তৰঃ যিসমূহ প্রাকৃতিক সম্পদৰ বাৰংবাৰ ব্যৱহাৰৰ পিছতো যোগান ধৰা অব্যাহত থাকে, অর্থাৎ স্বয়ংক্রিয়ভাৱে পুনৰ উৎপাদন হয় সেইবোৰক নৱীকৰণযোগ্য সম্পদ বোলে।

প্রশ্ন ৪। নৱীকৰণযোগ্য সম্পদৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ সৌৰ শক্তি।

প্রশ্ন ৫। অনৱীকৰণযোগ্য সম্পদৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ খনিজ সম্পদ। 

প্রশ্ন ৬। অনৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা?

উত্তৰঃ অনৱীকৰণযোগ্য সম্পদ হৈছে সেই সমূহ সম্পদ যিবোৰ ব্যাৱহাৰ কৰাৰ লগে লগে প্রকৃতিগতভাৱে মজুত হৈ থকা নিৰ্দিষ্ট পৰিমাণ ক্ৰমাৎ কমি থাকে আৰু এটা সময়ত নিঃশেষ হৈ যাব পাৰে।

প্রশ্ন ৭। গোলকীয় উষ্ণতা কি?

উত্তৰঃ সাম্প্ৰতিক কালত ব্যাপক হাৰে ঔদ্যোগিক উৎপাদন প্ৰক্ৰিয়াৰ পৰা নিৰ্গত হোৱা সেউজগৃহ গেছসমূহৰ দ্বাৰা সৃষ্টি হোৱা পৃথিৱীৰ নিম্নতম স্তৰীয় বায়ুমণ্ডলত গড় উষ্ণতা যিখিনি ক্ৰমাৎ বৃদ্ধি পাই আছে সেইখিনিয়েই হৈছে গোলকীয় উষ্ণতা।

প্রশ্ন ৮। অ’জন স্তৰ বুলিলে কি বুজা?

উত্তৰঃ জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে ক্ষতিকাৰক সূর্যমণ্ডলত দৃশ্যমান ৰশ্মিৰ অন্তত যিখিনি আকাশী কাজল বৰণ থাকে সেইখিনিৰ পৰা পৃথিৱীৰ জীৱ-জন্তু আৰু উদ্ভিদ জগতক ৰক্ষা কৰে বায়ুমণ্ডলত থকা অম্লজান বাষ্পৰ এটা ঘণ অৱস্থাৰ আচ্ছাদনে। এই অম্লজান বাষ্পীয় আচ্ছাদনেই হৈছে অ’জন স্তৰ।

প্রশ্ন ৯। গছ গছনি কটাৰ বিৰুদ্ধে এটা আন্দোলনৰ নাম লিখা।

উত্তৰঃ চিপ্‌কো আন্দোলন।

প্রশ্ন ১০। সুযোগ ব্যয়ৰ অৰ্থ কি লিখা।

উত্তৰঃ কোনো এটা বস্তু বা সেৱা লাভ কৰিবলৈ ইয়াৰ সৰ্বোত্তম বিকল্প বস্তু যিটো হেৰুৱাব লগা হয় তাৰ মূল্যয়েই হৈছে সুযোগ ব্যয়। 

প্রশ্ন ১১। CPCB ৰ সম্পূৰ্ণ নামটো লিখা।

উত্তৰঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

প্রশ্ন ১২। বহনক্ষম উন্নয়ন কি?

উত্তৰঃ যি উন্নয়নে অতি কম পক্ষেও বর্তমান প্রজন্মই উপভোগ কৰা জীৱন ধাৰণাৰ মানৰ স্তৰৰ সমানে গড় পৰ্যায়ত ভৱিষ্যতৰ সকলো প্ৰজন্মক জীৱন ধাৰণৰ সম্ভাৱনীয় মান লাভ কৰাৰ কথা বিবেচনা কৰে, তাকে বহনক্ষম উন্নয়ন বোলে।

প্রশ্ন ১৩। UNCED ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

উত্তৰঃ জাতি সংঘৰ পৰিৱেশ আৰু উন্নয়ন সম্পর্কীয় সন্মিলন।

প্রশ্ন ১৪। LPG ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ তৰলীকৃত পেট্ৰ’লিয়াম গেছ।

প্রশ্ন ১৫। CNG ৰ অৰ্থ কি?

উত্তৰঃ Compressed Natural Gas (সংকুচিত প্রাকৃতিক গেছ)। 

খালী ঠাই পূৰ কৰা:

প্রশ্ন ১। চিপ্‌কো আন্দোলন__________ দশকত আৰম্ভ হৈছিল।

(ক) ১৯৪০

(খ) ১৯৫০

(গ) ১৯৭০

(ঘ) ১৯৮০

উত্তৰঃ ১৯৮০

প্রশ্ন ২। চিপকো আন্দোলন____________ৰ লগত জড়িত।

(ক) মাটি।

(খ) পানী।

(গ) গছ।

(ঘ) ব্যয়।

উত্তৰঃ গছ।

প্রশ্ন ৩। কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ__________চনত স্থাপন হৈছিল।

(ক) ১৯৭৫

(খ) ১৯৭৪

(গ) ১৯৮০

(ঘ) ১৯৮১

উত্তৰঃ ১৯৭৪

প্রশ্ন ৪। “আমাৰ উমৈহতীয়া ভৱিষ্যত” মৌলিক প্রতিবেদন _______লগত জড়িত।

(ক) উন্নয়ন।

(খ) বৃদ্ধি।

(গ) বহনক্ষম উন্নয়ন। 

(ঘ) গোলকীয় উষ্ণতা।

উত্তৰঃ বহনক্ষম উন্নয়ন।

প্রশ্ন ১। পৰিৱেশ মানে কি?

উত্তৰঃ বন-জংঘল, বতাহ, পানী, মাটি, সাগৰ আৰু ইয়াত বাস কৰা জীৱ-জন্তু, চৰাই কীট পতংগৰ অন্তৰ্ভুক্ত হোৱা প্ৰাকৃতিক বিশ্বাকেই পৰিৱেশ (environment) আখ্যা দিয়া হয়। চৰাই, জীৱ-জন্তু, গছ গছনি ইত্যাদি জৈৱিক আৰু মাটি, পানী, বায়ু অজৈৱিক উপাদানৰ অন্তৰ্ভুক্ত।

প্রশ্ন ২। সম্পদৰ পুনৰ সৃষ্টিৰ হাৰতকৈ উদ্ঘাটনৰ হাৰ অধিক হ’লে কি হ’ব? 

উত্তৰঃ পৰিৱেশৰ ভাৰসাম্যতা হেৰাই যায় আৰু পৰিৱেশৰ অৱনতি ঘটে।

প্রশ্ন ৩। তলত দিয়াবোৰক নবীকৰণযোগ্য অনবীকৰণযোগ্য সম্পদত শ্ৰেণী বিভাজন কৰা।

(i) গছ। 

(ii) মাছ। 

(iii) পেট্রলিয়াম। 

(iv) কয়লা। 

(v) লোৰ আকৰ। 

(vi) পানী। 

উত্তৰঃ নবীকৰণযোগ্য সম্পদ – গছ, মাছ, পানী।

অনবীকৰণ যোগ্য — পেট্রলিয়াম, কয়লা, লো-আকৰ৷

প্রশ্ন ৪। খালী ঠাই পূৰণ কৰা। 

বর্তমান বিশ্বই সম্মুখীন হোৱা দুটা পৰিৱেশ সম্পৰ্কীয় প্রধান সমস্যা হ’ল ______ আৰু________।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন অৱক্ষয় ( Ozone depletion)

প্রশ্ন ১। পৰিৱেশৰ দুটা কাৰ্যাৱলী লিখা।

উত্তৰঃ (i) পৰিৱেশে সম্পদৰ যোগান ধৰে।

(ii) পৰিৱেশে সৌন্দর্যবোধক সেৱাৰো যোগান ধৰে।

প্রশ্ন ২। পৰিৱেশৰ বহনীয় ক্ষমতা বুলিলে কি বুজা?

উত্তৰঃ পৰিৱেশৰ পৰা আহৰণ কৰা সম্পদ যিখিনি প্রকৃতিগত স্বয়ংক্রিয়ভাৱে পুনৰ সৃষ্টি হোৱা সম্পদৰ পৰিমাণতকৈ বেছি নহয় আৰু উৎপাদন বা ভোগৰ পৰা সৃষ্টি হোৱা উচ্ছিষ্ট বা আৱৰ্জনাখিনি পৰিৱেশে নিজৰ সৈতে মিহলাই লোৱা শক্তিৰ ভিতৰত থাকে সেইখিনি হৈছে পৰিৱেশৰ বহন কৰিব পৰা ক্ষমতা বা পৰিৱেশৰ বহনীয় ক্ষমতা বুলি কোৱা হয়৷

প্রশ্ন ৩। গোলকীয় উষ্ণতাৰ দুটা কাৰণ লিখা।

উত্তৰঃ (i) গছ-গছনি নির্মূল তথা বনাঞ্চল ধ্বংস। 

(ii) খনিজ তেল আৰু কয়লাৰ পৰা নিৰ্গত হোৱা বিভিন্ন ধৰণৰ গেছীয় পদার্থ।

প্রশ্ন ৪। পৰিৱেশৰ দুটা সমস্যাৰ নাম লিখা।

উত্তৰঃ ভূমিৰ অবাধ গমন, জৈৱ বিচিত্রতা হানি।

প্রশ্ন ৫। প্ৰদূষণৰ দুটা উৎসৰ নাম লিখা।

উত্তৰঃ (i) জল প্ৰদূষণ।

(ii) বায়ু প্ৰদূষণ।

প্রশ্ন ৬। প্ৰদূষণৰ দুটা কাৰণ লিখা।

উত্তৰঃ (i) জনসংখ্যা বৃদ্ধি। 

(ii) যান-বাহনৰ বৃদ্ধি ৷

প্রশ্ন ৭। জৈৱ মিশ্ৰিত সাৰ বুলিলে কি বুজা?

উত্তৰঃ মানুহৰ ভোগ-উচ্ছিষ্ট যেনে – ঘৰুৱা ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা পেলনীয়া অৱৰ্জনা আৰু অৱক্ষয়প্রাপ্ত বিভিন্ন উদ্ভিদ বা গছ-গছনিৰ মৰা পাত ইত্যাদি জাতীয় উচ্ছিষ্টৰ পৰা মিশ্ৰিত ধৰণৰ পদাৰ্থ হৈছে এবিধ উত্তম সাৰ যাক জৈৱ মিশ্ৰিত সাৰ বুলি ক’ব পাৰি।

প্রশ্ন ৫। পৰিবেশৰ কাৰ্যাৱলী কি?

উত্তৰঃ পৰিৱেশৰ সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য হৈছে— 

(১) ই মানুহৰ জীৱন নিৰ্বাহৰ কাৰণে প্ৰয়োজন হোৱা সম্পদৰ যোগান ধৰে।

(২) পৰিৱেশে পৃথিৱীৰ উপৰিভাগৰ আবৰ্জনাবোৰ আত্মীকৰণ বা শোষণ কৰা মানুহ আৰু আন জীৱ-জন্তু জীয়াই থকাটো সম্ভৱ কৰি তোলে। 

(৩) পৰিৱেশে আনুবংশিক আৰু জীৱ বৈচিত্ৰ (Genetic and biodiversity) অক্ষুণ্ণ ৰাখি মানুহকে ধৰি সকলো জীৱৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে।

(৪) পৰিৱেশে মনোৰম প্ৰাকৃতিক দৃশ্যৰ মাধ্যমত নান্দনিক সেৱা আগবঢ়ায়। 

প্রশ্ন ৬। ভাৰতবৰ্ষত ভূমিৰ অৱনমনৰ ছয়টা কাৰক চিনাক্ত কৰা।

উত্তৰঃ ভাৰতবৰ্ষত ভূমিৰ অৱনমনৰ প্ৰধান কাৰণকেইটা হৈছে — 

(১) ঘটীয়া জীৱ-জন্তু আৰু ইন্ধনৰ প্ৰয়োজন পূৰণৰ অৰ্থে মানুহে কৰা অপৰিকল্পিত নিৰ্বননীকৰণ। 

(২) পাহাৰীয়া অঞ্চলত কৰা ঝুম কৃষি পদ্ধতি।

(৩) অৰণ্যৰ ভূমি বেদখল।

(৪) বনজুই আৰু চৰণীয়া পথাৰৰ অত্যধিক ব্যৱহাৰ।

(৫) ভূমি সংৰক্ষণৰ অৰ্থে ফলপ্ৰসু ব্যৱস্থাৰ প্ৰয়োগৰ অভাৱ।

(৬) কৃষিভূমিত অত্যধিক পৰিমাণে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ইত্যাদি ব্যৱহাৰ।

প্রশ্ন ৭। ভাৰতবৰ্ষৰ যিকোনো চাৰিটা পৰিৱেশ সম্পৰ্কীয় গভীৰ উদ্বেগৰ কাৰণ উল্লেখ কৰা। পৰিৱেশিক ক্ষতি সংশোধনৰ সুযোগ ব্যয় আছে। ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত পৰিৱেশ সম্পৰ্কীয় গভীৰ উদ্বেগৰ কাৰণ হৈছে –-

(১) বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ অপৰিকল্পিত ব্যৱহাৰৰ ফলত হোৱা ভূমিৰ অৱনমন। 

(২) প্রাকৃতিক সম্পদৰ অত্যধিক উৎপাদন আৰু ধ্বংসৰ ফলত জৈৱ বৈচিত্ৰৰ ক্ষতি।

(৩) নগৰাঞ্চলৰ যান-বাহনৰ সংখ্যা দ্রুত হাৰত বৃদ্ধি হোৱাৰ কাৰণে হোৱা বায়ু প্ৰদূষণ।

(৪) নগৰ আৰু উদ্যোগ সমূহৰ পৰা সৃষ্টি হোৱা আবৰ্জনাৰ নিষ্কাষণৰ ব্যৱস্থাৰ অভাৱৰ কাৰণে হোৱা ভূমি আৰু বায়ু প্ৰদূষণ।

সুযোগ ব্যয় প্রত্যয়টোৱে এটা উপাদানৰ পৰিবৰ্তে আন এটা বিকল্প উপায় বা উপাদানৰ ব্যৱহাৰৰ সুযোগৰ বিষয়ে নির্দেশ দিয়ে। পৰিৱেশৰ ক্ষতিৰ ক্ষেত্ৰতো এনে সুযোগ ব্যয় আছে। কাৰণ যিটো কাৰণত পৰিৱেশৰ ক্ষতি হয় তাৰ যদি এটা বিকল্প উপায় ব্যৱহাৰ কৰিব পৰা যায় আৰু উক্ত উপায়টো পৰিবেশ ক্ষতিকাৰক নহয়, তেতিয়া সামগ্রিকভাৱে ই লাভজনক বা পৰিৱেশ উন্নতিৰ কাৰক হয়। উদাহৰণস্বৰূপে তাপবিদ্যুৎ কেন্দ্ৰৰ দ্বাৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত কয়লাৰ ব্যৱহাৰ পৰিৱেশৰ কাৰণে ক্ষতিকাৰক। যদি বায়বীয় শক্তি আৰু সৌৰ শক্তিৰ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰা হয়, তেতিয়া কয়লাৰ ব্যৱহাৰৰ দ্বাৰা হোৱা পৰিৱেশৰ ক্ষতিৰ সংশোধন হয়।

প্রশ্ন ৮। বহনক্ষম উন্নয়ন কি? বহনক্ষম উন্নয়নৰ প্ৰধান উপাদান বা বৈশিষ্ট্য কি কি?

উত্তৰঃ বহনযোগ্য উন্নয়নৰ এটা স্পষ্ট সংজ্ঞা আগবঢ়োৱাৰ কৃতিত্বৰ অধিকাৰী হৈছে ৱাগুটলেণ্ড আয়োগ (Brundtland Commission)। আয়োগৰ মতে “যিটো উন্নয়ন প্ৰক্ৰিয়াৰ মাধ্যমত মানৱ জাতিৰ ভৱিষ্যতে বংশধৰসকলৰ জীৱন নিৰ্বাহৰ প্ৰয়োজনখিনি পূৰণ কৰাৰ ক্ষমতা বা সামৰ্থ্যৰ আপোচ নকৰাকৈ বৰ্তমান সমাজৰ প্ৰয়োজনখিনি পুৰণ কৰাটো সম্ভৱপৰ হয়, উক্ত উন্নয়নেই হৈছে বহনযোগ্য উন্নয়ন” (Development that meets the needs of the present generation without compromising the ability of future generations to meet their own needs)। আয়োগৰ এই সংজ্ঞাটোত তিনিটা প্রধান প্রত্যয় যুক্ত হৈ আছে। উক্ত প্রত্যয়কেইটা হৈছে প্ৰয়োজন, উন্নয়ন আৰু ভৱিষ্যতৰ মানৱ জাতি। উল্লেখযোগ্য যে বহনযোগ্য উন্নয়নৰ লগত জীৱন ধাৰণৰ মানদণ্ডৰ (quality of life) বিষয়টো জড়িত হৈ আছে আৰু সেই কাৰণে ‘প্ৰয়োজন’ (needs) প্রয়টোৰ তাৎপৰ্য আছে। সমাজত বাস কৰা দৰিদ্ৰ শ্ৰেণীটোৰ আৰ্থ সামাজিক অৱস্থাৰ উন্নতিৰ মাধ্যমত তেওঁলোকক এক উন্নত আৰু সন্তোষজনক জীৱন নিৰ্বাহৰ সুবিধা প্ৰদান কৰাৰ ওপৰত বহনযোগ্য উন্নয়নে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

বহনক্ষম উন্নয়নৰ উপাদান বা উপায়: (ক) প্রাকৃতিক সম্পদবোৰ ধ্বংসৰ দ্বাৰা পৰিৱেশ বিনষ্ট কৰা কাৰ্যত বিশেষভাৱে জড়িত থাকে দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনি। জীৱিকা নিৰ্বাহৰ প্ৰয়োজনত তেওঁলোক এনে কাম-কাজত লিপ্ত হয়। গতিকে দৰিদ্ৰ শ্ৰেণীটোৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নতি ঘটোৱাৰ ওপৰত বহনযোগ্য উন্নয়ন প্রক্রিয়াক বিশেষ অগ্ৰাধিকাৰ দিয়া হয়। এইটো লক্ষ্যত উপনীত হ’ব পাৰিলে তেওঁলোকে এক মানবিশিষ্ট জীৱন নিৰ্বাহৰ সুবিধা লাভ কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাটো সম্ভৱপৰ হ’ব আৰু ইয়াৰ দ্বাৰা ভবিষ্যত প্রজন্ময়ো এক সুস্থ প্রাকৃতিক বাতাবৰণত জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিব।

(খ) অর্থনৈতিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা হৈছে প্ৰতিখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান লক্ষ্য। কিন্তু এই লক্ষ্য পূৰণ কৰিবলৈ যাওঁতে দেশৰ সীমিত প্রাকৃতিক সম্পদৰাজি ধ্বংস কৰি, অৱনতি ঘটাই ভৱিষ্যত প্ৰজন্মক সুস্থ-জীৱন নিৰ্বাহৰ অধিকাৰৰ পৰা বঞ্চিত কৰাটো উচিত নহয়। পৰিৱেশ বিনষ্ট নকৰাকৈ সম্পদৰ সীমাবদ্ধতাৰ আধাৰত আত্মনিৰ্ভৰশীলতা লক্ষ্য পূৰণ কৰাৰ ব্যৱস্থাই হৈছে বহনযোগ্য উন্নয়নৰ আন এটা প্ৰধান লক্ষ্য।

(গ) দেশৰ সীমিত সম্পদৰ কাম্য ব্যৱহাৰ কৰাৰ ওপৰত বহনযোগ্য উন্নয়ন প্রক্রিয়াই গুৰুত্ব আৰোপ কৰে। সীমিত সম্পদৰ যিকোনো প্ৰকাৰৰ অপচয় ৰোধ কৰি নিম্নতম ব্যয়ত সৰ্বাধিক উৎপাদন কৰাটোৱেই হৈছে সম্পদৰ কাম্য ব্যৱহাৰ। এইটো লক্ষ্যত উপনীত হ’ব পাৰিলে পৰিৱেশৰ মানদণ্ডৰ অৱনতি নঘটোৱাকৈ দীর্ঘকালত উৎপাদনশীলতা বৃদ্ধি কৰাটো সম্ভৱপৰ হয়। ইয়াৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ লগতে ভবিষ্যত প্রজন্মৰ জীৱন নিৰ্বাহৰ ব্যৱস্থা সুৰক্ষিত কৰাটো সম্ভৱপৰ হয়।

(ঘ) বৰ্তমান আৰু ভবিষ্যত প্রজন্মক এক মানবিশিষ্ট জীৱন নিৰ্বাহৰ স্বত্ব প্ৰদান কৰাটো বহনযোগ্য উন্নয়নৰ আন এটা প্রধান লক্ষ্য। এইটো লক্ষ্যত উপনীত হ’বৰ কাৰণে প্ৰয়োজন হয় সকলোৰে কাৰণে স্বাস্থ্যসেৱাৰ উপযুক্ত সুবিধা, প্ৰদূষণমুক্ত প্রযুক্তিবিদ্যা, উপযুক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ যোগান, বিশুদ্ধ খোৱা পানী, উপযুক্ত আবাসস্থান আৰু আত্মনিৰ্ভৰশীলতা। গতিকে এই বিষয়কেইটাই বহনযোগ্য উন্নয়ন প্ৰক্ৰিয়াত বিশেষ অগ্রাধিকাৰ লাভ কৰে।

(ঙ) বহনযোগ্য উন্নয়নৰ সংজ্ঞাই দেশৰ জনসংখ্যাক বোজা হিচাপে গণ্য নকৰে। ‘মানৱ সম্পদ’ নামেৰে অভিহিত কৰা জনসংখ্যা হৈছে এক গুৰুত্বপূৰ্ণ উৎপাদনশীল সম্পদ। এনে সম্পদৰ উপযুক্ত শিক্ষা, প্রশিক্ষণ আৰু ব্যৱহাৰৰ মাধ্যমত পৰিৱেশতন্ত্র (ecosystem)-ৰ ক্ষতি নকৰাকৈ বৰ্তমান আৰু ভবিষ্যত প্ৰজন্মক সুৰক্ষিত আৰু মানবিশিষ্ট জীৱন নিৰ্বাহৰ স্বত্ব প্ৰদান কৰাটো সম্ভৱপৰ হয়। 

প্রশ্ন ৯। ভাৰতবৰ্ষত বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণৰ অৰ্থে চাৰিটা পৰামৰ্শ দিয়া।

উত্তৰঃ (১) দেশখনৰ উচ্চ হাৰত জনসংখ্যা বৃদ্ধি ৰোধ কৰি তেওঁলোকৰ দুষ্প্ৰাপ্য প্রাকৃতিক সম্পদৰ প্ৰতি সৃষ্টি হোৱা চাহিদা আৰু যোগানৰ মাজত ভাৰসমতা স্থাপন। 

(২) দৰিদ্ৰ জনসাধাৰণক উপযুক্ত শিক্ষা আৰু তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰি প্ৰাকৃতিক সংৰক্ষণ আৰু পৰিৱেশ বিনষ্ট নকৰাকৈ এইবোৰ ব্যৱহাৰ কৰিবলৈ অনুপ্ৰেৰণা প্রদান। 

(৩) অপৰম্পৰাগত উৎস যেনে সৌৰ শক্তি আৰু বায়বীয় শক্তি ইত্যাদিৰ ব্যৱহাৰৰ মাধ্যমত শক্তি উৎপাদনৰ প্ৰয়োজন পূৰণ। 

(৪) কৃষি ক্ষেত্ৰত ক্ষুদ্ৰ জলসিঞ্চন আৰু জৈৱিক সাৰ প্ৰয়োগৰ মাধ্যমত কৃষিজ দ্রব্য উৎপাদনৰ অৰ্থে ব্যৱস্থা গ্রহণ।

প্রশ্ন ১০। বৃহৎ নদীবান্ধ কিয় পৰিৱেশৰ কাৰণে ক্ষতিকাৰক?

উত্তৰঃ বৃহৎ নদীবান্ধ আৰু জলবিদ্যুৎ প্রকল্প পৰিবেশ অনুকুল নহয়। কাৰণ এনে নদীবান্ধ আৰু জলবিদ্যুৎ প্রকল্পই ই অৱস্থিত স্থানত ভূমিৰ অবয়ব আৰু ব্যৱহাৰ পদ্ধতিৰ পৰিবৰ্তন ঘটাই গছ গছনি, আৰু জীৱজন্তু ধ্বংস কৰাৰ উপৰি ইয়াৰ দ্বাৰা উৎপাদিত বিদ্যুৎ পৰিবহনৰ অৰ্থে স্থাপন কৰা বৃহৎ মাত্ৰাৰ বৈদ্যুতিক প্ৰেৰণ স্তম্ভ আৰু তাৰবোৰে চৰাই চিৰিকটিৰ মৃত্যু ঘটাই পৰিৱেশৰ ভাৰসমতাৰ অৱনতি ঘটায়। অন্যহাতেদি ক্ষুদ্র জলবিদ্যুৎ প্রকল্প এনে কু-প্ৰভাৱৰ পৰা মুক্ত । কাৰণ ইয়াৰ স্থাপনৰ ফলত ভূমিৰ ব্যৱহাৰৰো পৰিবৰ্তন নহয় আৰু থলুৱা চাহিদা পূৰণৰ অৰ্থে স্থাপন কৰা এনে কেন্দ্ৰৰ পৰা বিদ্যুৎ পৰিবহণৰ অৰ্থে বৃহৎ স্তত্তৰো প্ৰয়োজন নহয়।

প্রশ্ন ১১। গোলকীয় উষ্ণতা বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশবোৰত ক্ষীপ্ৰ ঔদ্যোগিক উন্নয়নৰ ফলত বুদ্ধি হোৱা সেউজ গৃহ গেছ (Greenhouse Gas) বৃদ্ধিৰ কাৰণে নিম্নস্তৰৰ বায়ুমণ্ডলত গড় উষ্ণতা বৃদ্ধিকেই গোলকীয় আখ্যা দিয়া হয়।

প্রশ্ন ১২। ভাৰতবৰ্ষত পৰিৱেশ নিয়ন্ত্ৰণ আৰু সংশোধনৰ অৰ্থে প্ৰয়োজনীয় দিহা পৰামৰ্শ দিবৰ অৰ্থে চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম কি?

উত্তৰঃ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ। 

প্রশ্ন ১৩। অর্থনীতিত বিকাশ সুত্ৰৰ প্ৰধান বৈশিষ্ট্য কি কি?

উত্তৰঃ অৰ্থনীতিত বিকাশ হৈছে এক প্ৰক্ৰিয়া যাৰ মাধ্যমত দীর্ঘকালত এখন দেশৰ জনমুৰি বৃদ্ধি হোৱাৰ লগতে সামাজিক, অর্থনৈতিক আৰু আনুষ্ঠানিক সমস্যাবোৰৰ পৰিৱৰ্তন আৰু উন্নতি হয়। 

অর্থনৈতিক বিকাশৰ আৰু উন্নয়নৰ বৈশিষ্ট্যকেইটা হৈছে –

(১) দেশৰ প্ৰকৃত জনমুৰি আয় বৃদ্ধি।

(২) উন্নয়ন আৰু বিকাশৰ প্ৰধান চলক মানৱ সম্পদৰ উন্নয়ন। এনে উন্নয়নৰ প্ৰধান মাপকাঠি হৈছে শিক্ষা আৰু স্বাস্থ্য সেৱাৰ উন্নতি।

(৩) আয় আৰু সম্পত্তিৰ বিতৰণ ব্যৱস্থাৰ উন্নতি সাধনৰ মাধ্যমত ধনী আৰু দৰিদ্ৰৰ মাজত পাৰ্থক্য হ্রাস। উল্লেখিত কেন্দ্রকেইটাত উন্নতি স্থায়ী আৰু দীর্ঘকালিন হ’ব লাগিব। 

প্রশ্ন ১৪। বহনক্ষম উন্নয়নৰ বাবে দৰকাৰী চৰ্তবোৰ কি কি?

উত্তৰঃ বহনক্ষম উন্নয়নৰ দৰকাৰী চৰ্তবোৰ হ’ল ——

(i) অনাপৰম্পৰাগত শক্তিৰ উৎস যেনে – বায়ুশক্তি, সৌরশক্তি আদিৰ ব্যৱহাৰ। 

(ii) তৰলীকৃত পেট্ৰ’লিয়াম গেছ আৰু গোবৰ গেছৰ ব্যৱহাৰ। চহৰ অঞ্চলত সংকুচিত প্রাকৃতিক গেছ ব্যৱহাৰ কৰা।

(iii) পৰম্পৰাগত জ্ঞান আৰু প্ৰচলিত ধাৰাৰ কাৰ্যপ্ৰণালীৰ প্ৰয়োগ।

(iv) জৈৱ তথা উদ্ভিদৰ উচ্ছিষ্টজাত মিশ্ৰিত সাৰৰ প্ৰয়োগ।

(v) জৈৱ কীটনাশক প্ৰতিৰোধ।

প্রশ্ন ১৫। পৰিৱেশ প্ৰদূষণৰ চাৰিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ পৰিৱেশ প্ৰদূষণৰ চাৰিটা কাৰণ হ’ল — 

(ক) দ্ৰুত গতিত জনসংখ্যাৰ বৃদ্ধি। 

(খ) নগৰীকৰণৰ প্ৰতি প্ৰৱণতা বৃদ্ধি। 

(গ) পৰিবহণ ব্যৱস্থাৰ দ্ৰুত উন্নয়ন আৰু ইয়াৰ অনাশৃংখলিত ব্যৱস্থা। 

(ঘ) ব্যাপক হাৰত বৃদ্ধি পোৱা দৰিদ্ৰতা।

প্রশ্ন ১৬। পাৰিপাৰ্শ্বিক অৱনতি বুলিলে কি বুজা? এই অৱনতি ৰোধৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ প্ৰাকৃতিক সম্পদ যেনে — বায়ু, পানী আৰু ভূমিৰ অৱক্ষয় আৰু দূষিতকৰণ তথা পৰিৱেশ বিনষ্টকৰণ কৰাকে পাৰিপাৰ্শ্বিক অৱনতি বোলা হয়। ইয়াৰ ফলত পৰিৱেশ প্ৰদূষণ হোৱাৰ লগতে বনৰীয়া জীৱৰো বিলুপ্তি হয়।

পাৰিপাৰ্শ্বিক অৱনতি ৰোধৰ পৰামৰ্শসমূহ হ’ল —

(১) দেশখনৰ উচ্চ হাৰত জনসংখ্যা বৃদ্ধি ৰোধ কৰি তেওঁলোকৰ দুষ্প্ৰাপ্য প্রাকৃতিক সম্পদৰ প্ৰতি সৃষ্টি হোৱা চাহিদা আৰু যোগানৰ মাজত ভাৰসমতা স্থাপন। 

(২) দৰিদ্ৰ জনসাধাৰণক উপযুক্ত শিক্ষা আৰু তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰি প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু পৰিৱেশ বিনষ্ট এইবোৰ ব্যৱহাৰ কৰিবলৈ অনুপ্ৰেৰণা প্রদান।

(৩) অপৰম্পৰাগত উৎস যেনে সৌৰ শক্তি আৰু বায়বীয় শক্তি ইত্যাদিৰ ব্যৱহাৰৰ মাধ্যমত শক্তি উৎপাদনৰ প্ৰয়োজন পূৰণ। 

(৪) কৃষি ক্ষেত্ৰত ক্ষুদ্ৰ জলসিঞ্চন আৰু জৈৱিক সাৰ প্ৰয়োগৰ মাধ্যমত কৃষিজ দ্রব্য উৎপাদনৰ অৰ্থে ব্যৱস্থা গ্রহণ। 

বনানীকৰণ: বৰ্ধিত হাৰত বনানীকৰণৰ প্ৰচেষ্টাৰ ফলত পৰিৱেশৰ অৱনতি ৰোধ কৰিব পৰা যায় ৷

প্রশ্ন ১৭। গোলকীয় উষ্ণতা বৃদ্ধিৰ দুটা কাৰণ লিখা। 

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ দুটা কাৰণ হ’ল —

(ক) ঔদ্যোগিক উন্নয়নৰ ফলত বৃদ্ধি হোৱা সেউজ গৃহ গেছ বৃদ্ধি।

(খ) পৰিবহন ব্যৱস্থাৰ দ্রুত উন্নয়ন।

১৮। অর্থনৈতিক উন্নয়ন পৰিৱেশ বিনষ্ট হোৱাৰ এটা কাৰণ নেকি? তোমাৰ উত্তৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ পৰিৱেশ বিনষ্ট হোৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক উন্নয়নৰ পৰোক্ষভাৱে প্ৰভাৱ আছে বুলি ক’ব পৰা যায়। উদ্যোগীকৰণ, নগৰীকৰণ, কৃষিকাৰ্যত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ, যান- বাহন বৃদ্ধি ইত্যাদি অর্থনৈতিক উন্নয়নৰ ফলস্বৰূপে সৃষ্টি হৈছে। বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ হৈ পৰিৱেশ বিনষ্ট হোৱাৰ মূল কাৰণ। ঔদ্যোগিক বিকাশে ভূমি, বনাঞ্চল, বায়ু, জলীয় উৎস ইত্যাদিক আক্ৰমণ কৰে আৰু জৈৱ বৈচিত্র্যও ক্ষতিগ্রস্ত হয়।

প্রশ্ন ১৯। তলৰ কোনটো অ’জন স্তৰ ক্ষয়ৰ এটা কাৰণ?

(a) শব্দ প্ৰদূষণ। 

(b) বায়ু প্ৰদূষণ। 

(c) জল প্ৰদূষণ। 

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) বায়ু প্ৰদূষণ।

প্রশ্ন ১। গোলকীয় উষ্ণতা আৰু অ’জন স্তৰৰ অৱক্ষয়ৰ অৱধাৰণাটো চমুকৈ লিখা।

উত্তৰঃ গোলকীয় উষ্ণতা: সাম্প্রতিক কালত ব্যাপক হাৰত ঔদ্যোগিক উৎপাদন প্ৰক্ৰিয়াৰ পৰা নিৰ্গত হোৱা সেউজগৃহ গেছসমূহৰ দ্বাৰা সৃষ্টি হোৱা পৃথিৱীৰ নিম্নতম স্তৰীয় বায়ুমণ্ডলত গড় উষ্ণতা যিখিনি ক্রমাৎ বৃদ্ধি পাই আছে সেইখিনিয়েই হৈছে গোলকীয় উষ্ণতা। এই উষ্ণতাৰ প্ৰধান কাৰণসমূহ হ’ল খনিজ তেল আৰু কালাৰ পৰা নিৰ্গত হোৱা বিভিন্ন ধৰণৰ গেছীয় পদার্থ, গছ-গছনি নির্মূল তথা বনাঞ্চল ধ্বংস, জীৱ-জন্তুৰ গেলা-পঁচা অৱস্থা আৰু অৱশিষ্ট অংশ, অতি বিলাস, অতিভোগ ইত্যাদি। বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে জলবায়ুৰ পৰিৱৰ্তন ঘটাইছে, মেঝ অঞ্চলৰ বৰফ গলিব ধৰাত সাগৰীয় জলৰ স্তৰ বৃদ্ধি পাইছে, জৈৱ জগতৰ কিছুমান শ্ৰেণী নোহোৱা হ’ব পাৰে, সঘনে ধুমুহা আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ হ’ব পাৰে আৰু পৃথিৱীৰ কিছুমান ঠাইত বাসভূমিৰ সৃষ্টি হোৱা বাবে আন্তর্জাতিক প্রব্রজন বৃদ্ধি পাব পাৰে।

অ’জন স্তৰৰ বিশ্বব্যাপী প্ৰদূষণৰ অন্য এটা সমস্যা হৈছে অ’জন স্তৰৰ অৱক্ষয়। জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে ক্ষতিকাৰক সূৰ্যমণ্ডলৰ দৃশ্যমান ৰশ্মিৰ অন্তত যিখিনি আকাশী কাজল বৰণ থাকে সেইখিনিৰ পৰা পৃথিৱীৰ জীৱ-জন্তু আৰু উদ্ভিদ জগতক ৰক্ষা কৰে বায়ুমণ্ডলত থকা অম্লজান বাষ্পৰ এটা ঘন অৱস্থাৰ আচ্ছাদনে। এই অম্লজান বাষ্পীয় আচ্ছাদনেই হৈছে অ’জন স্তৰ।

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা অনুযায়ী মেৰু অঞ্চলত অ’জন স্তৰ অকল যে পাতল হৈ আহিছে সেয়াই নহয়, তাত কিছুমান গাঁতৰো সৃষ্টি হৈছে আৰু এইসমূহ গাঁতৰ ভিতৰেদি উপৰোক্ত সূর্যমণ্ডলৰ ক্ষতিকাৰক ৰশ্মি পৃথিৱীলৈ প্ৰৱেশ কৰিব ধৰিছে যিটোৱে জীৱ-জন্তুৰ শাৰীৰিক প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি, চৰ্ম কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰিব পাৰে আৰু উদ্ভিদ জগতৰ বৃদ্ধিৰ হাৰ ব্যাহত কৰিব পাৰে।

প্রশ্ন ২। পৰিবেশীয় সংকটৰ ফলসমূহ উল্লেখ কৰা।

উত্তৰঃ (i) অৰ্থনৈতিক বিকাশজনিত প্ৰদূষণত বহুসংখ্যক নদ-নদী আৰু জলময় শুকান অৱস্থালৈ আহিছে যাৰ ফলস্বৰূপে পানী বর্তমান এটা অর্থনৈতিক বস্তুত পৰিণত হৈছে। 

(ii) নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য উভয় শ্ৰেণীৰ প্ৰাকৃতিক সম্পদ আতিশয্যৰ সৈতে বিস্তৃতভাৱে আহৰণ কৰাৰ ফলস্বৰূপে এইসমূহৰ অতি গুৰুত্বপূৰ্ণ কিছুমান নিঃশেষ হ’বলৈ ধৰিছে আৰু সেইবাবে এইবোৰৰ বিকল্প নতুন সম্পদ উলিয়াবলৈ গৱেষণা, অধ্যায়ন আৰু প্ৰযুক্তি উদ্ভাৱনত অজস্র অর্থ-সম্পদ ব্যয় কৰিবলৈ আমি বাধ্য হৈছিল।

(iii) অধোগামী পৰিৱেশীয় মানদণ্ড য’ত বায়ু আৰু জলসম্পদৰ গুণগত মানৰ অৱনতিত ভাৰতৰ ৯০ শতাংশ পানী ইতিমধ্যে দুষিত হৈছে তাৰ ফলস্বৰূপে নিশ্বাসবোধক আৰু জলবাহী বেমাৰৰ সৃষ্টি হৈছে আৰু সেইবাবে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ব্যয়ৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

(iv) অধিকতৰ উদ্বেগজনক পৰিস্থিতি হৈছে যে বিশ্বব্যাপী পৰিৱেশীয় সমস্যা, যেনে — গোলকীয় উষ্ণতা আৰু অ’জন স্তৰৰ অৱক্ষয় সম্পৰ্কীয় সংশোধন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰৰ সৈতে ভাৰতৰো চৰকাৰী বিত্তীয় দায়িত্ব বৃদ্ধি পাবলৈ ধৰিছে।

প্রশ্ন ৩। ভাৰতৰ চাৰিটা অগ্রগণ্য পৰিৱেশীয় সমস্যাৰ নাম লিখা।

উত্তৰঃ (i) ভূমিৰ অধোগমন।

(ii) জৈৱ বিচিত্রতা হানি।

(iii) বায়ু প্ৰদূষণ।

(iv) বিশুদ্ধ জল ব্যৱস্থাৰ পৰিচালনা।

প্রশ্ন ৪। ভাৰতবৰ্ষত ভূমিৰ অধোগমনৰ মুখ্য কাৰণসমূহ উল্লেখ কৰা ৷

উত্তৰঃ (i) বনাঞ্চল ধ্বংস হোৱা বাবে উদ্ভিদজাত গছ-গছনি বর্ধন শক্তিৰ বিলুপ্তি। 

(ii) বহনযোগ্যতাহীন পৰিমাণে ইন্ধন কাঠ আৰু গবাদি পশুৰ খাদ্য আহৰণ।

(iii) ভূমি পৰিৱৰ্তিত কৃষি বা ঝুম খেতি।

(iv) বনাঞ্চল ভূমিৰ বলপূর্বক দখল।

(v) ভূমি সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা হাতত নোলোৱা।

(vi) কৃষিকেন্দ্ৰিক ৰাসায়নিক পদার্থ যেনে- বাসায়নিক সাৰ, কীটনাশক দৰৱ ইত্যাদিৰ যথেষ্ট ব্যৱহাৰ।

(vii) সম্পদৰ অ-নিয়ন্ত্রিত বা মুক্ত ব্যৱহাৰ।

প্রশ্ন ৫। ভাৰতত পাৰিপাৰ্শ্বিক অবনতি ৰোধৰ ব্যৱস্থা আলোচনা কৰা।

উত্তৰঃ (i) জল প্ৰদুষণ, বায়ু প্ৰদূষণ আৰু উপকূলীয় প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন বিশেষজ্ঞ আৰু প্ৰশিক্ষণপ্রাপ্ত বিষয়াৰ যোগান ধৰা, কাৰিকৰী কাৰ্যসূচী গ্ৰহণ কৰা আৰু উপযুক্ত গৱেষণামূলক অধ্যয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক জল প্ৰদূষণ নিবাৰণ তথা নিয়ন্ত্রণ ব’র্ডসমূহ প্রতিষ্ঠা কৰা হৈছে।

(ii) উদ্ভিদ আৰু প্ৰাণীজগতৰ ৰক্ষণা-বেক্ষণ কৰাৰ বাবে আৰু লগতে প্রয়োজনীয় গৱেষণাৰ সুবিধাৰ সৃষ্টি কৰিবলৈ ভাৰতৰ একাংশ বনাঞ্চলক “বায়স্ফিয়েৰ ৰিজার্ভ ফৰেষ্ট” বুলি ঘোষণা কৰা হৈছে।

(iii) উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহভিত্তিক উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেণ্টাৰ অৱ এক্সেলেঞ্চ স্থাপন কৰা হৈছে।

(iv) বিপজ্জনক আৱর্জনা আৰু উচ্ছিষ্ট নিৰসন কৰিবলৈ ৰাজ্যসমূহৰ দায়বদ্ধতা নির্ণয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডসমূহ স্থাপন কৰা হৈছে। 

(v) জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে দশম পৰিকল্পনাৰ লক্ষ্য হৈছে ঔষধি গুণযুক্ত গছ- গছনিৰ যত্ন তথা বিকাশৰ ব্যৱস্থা, বনৰীয়া সম্পদসমূহৰ সংৰক্ষণ আৰু পৰিচালনা, উপকূলীয় আৰু সামুদ্রিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ ইত্যাদি নিশ্চিত কৰা।

(vi) পাৰিপাৰ্শ্বিক উন্নয়নৰ বাবে একাধিক আঁচনি, যেনে বনানীকৰণ, ভূমি সংৰক্ষণ, জল- পৰিশোধন ইত্যাদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এইটো কামত স্বয়ংসেৱী সংস্থা, বিদ্যালয়, মহাবিদ্যালয়ৰ আদিৰ অংশগ্ৰহণৰ ব্যৱস্থাও হাতত লোৱা হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top