Class 12 Economics Chapter 9 ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা: প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা

Class 12 Economics Chapter 9 ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা: প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Economics Chapter 9 ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা: প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা Notes and select needs one.

Class 12 Economics Chapter 9 ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা: প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assamese Medium Class 12 Economics 9 ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা: প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা: প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা

Chapter: 9

দ্বিতীয়-খণ্ড : ভাৰতৰ অৰ্থনৈতিক উন্নয়ন

অষ্টম অধ্যায়

ভাৰতবৰ্ষৰ উন্নয়নৰ অভিজ্ঞতা, প্রতিবেশী দেশসমূহৰ লগত তুলনা

প্রশ্ন ১। কোন চনত ভাৰতবৰ্ষত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৯৫১ চনত।

প্রশ্ন ২। কোন চনত পাকিস্তানত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫৬ চনত।

প্রশ্ন ৩। কোন চনত চীনে প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৫৩ চনত।

প্রশ্ন ৪। ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা পৰিকল্পনা কৌশলৰ এটা সাদৃশ্য লিখা।

উত্তৰঃ এক বৃহৎ ৰাজহুৱা খণ্ডৰ সৃষ্টি কৰা আৰু সামাজিক উন্নয়নৰ বাবদ ৰাজহুৱা ব্যয় বিঢ়োৱা।

প্রশ্ন ৫। চীন দেশৰ Great Leap Forward অভিযানৰ লক্ষ্য কি আছিল? 

উত্তৰঃ গোটেই দেশব্যাপী প্ৰচুৰ পৰিমাণৰ উদ্যোগীকৰণ।

প্রশ্ন ৬। কোন চনত মাও চে তুঙে চীনত মহান সৰ্বহাৰাৰ সাংস্কৃতিক বিপ্লৱ আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৬৫ চনত।

প্রশ্ন ৭। কোন চনত চীন দেশে অর্থনীতিক সংস্কাৰ গ্ৰহণ কৰিছিল? 

উত্তৰঃ ১৯৭৮ চনত।

প্রশ্ন ৮। কোন দশকত পাকিস্তানে মূলধনজাতীয় সামগ্ৰীৰ উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰিছিল?

উত্তৰঃ ১৯৭০ দশকত।

প্রশ্ন ৯। কোন দশকত পাকিস্তানে অর্থনৈতিক নীতিৰ দিক পৰিবৰ্তন কৰিছিল?

উত্তৰঃ ১৯৮০ দশকত।

প্রশ্ন ১০। কোন চনত পাকিস্তানে অর্থনৈতিক সংস্কাৰ আঁচনি গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৮৮ চনত।

প্রশ্ন ১১। কোন দশকত চীন দেশে ‘এটি সন্তান’ৰ নীতি প্ৰৱৰ্তন কৰিছিল? 

উত্তৰঃ ১৯৭০ দশকত।

প্রশ্ন ১২। কোন চনৰ পৰা ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ নীতি প্ৰৱৰ্তন কৰা হৈছে? 

উত্তৰঃ ১৯৯১ চনত।

প্রশ্ন ১৩। চীন দেশত বছৰি জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?

উত্তৰঃ ১ শতাংশ।

প্রশ্ন ১৪। চীন দেশত মুক্ত দুৱাৰ নীতি কোনে প্ৰৱৰ্তন কৰিলে?

উত্তৰঃ ডেং জিয়াওপিং

প্রশ্ন ১৫। ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ এটা সাদৃশ্য উল্লেখ কৰা।

উত্তৰঃ উন্নয়নৰ আঁচনি ৰূপায়ণৰ অর্থে মিশ্র অর্থনৈতিক ব্যৱস্থা গ্রহণ।

প্রশ্ন ১৬। চীনৰ GDP লৈ অৰ্থনীতিখনৰ কোনটো খণ্ডই সৰ্বাধিক বৰঙণি আগবঢ়ায়?

উত্তৰঃ উদ্যোগ খণ্ড।

প্রশ্ন ১৭। ভাৰত, চীন আৰু পাকিস্তানৰ ভিতৰত কোনখন দেশে উদ্যোগিক সর্বাধিক উন্নতি কৰিছে।

উত্তৰঃ চীন দেশে।

প্রশ্ন ১৮। কি এনে দুটা ক্ষেত্ৰ আছে য’ত পাকিস্তানে ভাৰততকৈ অধিক সফলকাম হৈছে?

উত্তৰঃ স্বাস্থ্য আৰু দৰিদ্ৰতা।

প্রশ্ন ১৯। চীনৰ সন্মুখলৈ বৃহৎ জাপ অভিযানৰ মুখ্য গুৰুত্ব আছিল— 

(ক) ব্যক্তিগত কৰণ।

(খ) উদ্যোগীকৰণৰ সম্প্ৰসাৰণ।

(গ) সেৱা খণ্ডৰ বিকাশ। 

(ঘ) অর্থনৈতিক সংস্কাৰ।

উত্তৰঃ (খ) উদ্যোগীকৰণৰ সম্প্ৰসাৰণ।

খালী ঠাই পূৰ কৰা:

প্রশ্ন ১। __________ ৰ প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল ১৯৫৬ চনত৷

(ক) পাকিস্তান।

(খ) চীন।

উত্তৰঃ (ক) পাকিস্তান।

প্রশ্ন ২।___________ত প্রসূতি মৃত্যুৰ হাৰ অধিক।

(ক) পাকিস্তান।

(খ) চীন।

উত্তৰঃ (ক) পাকিস্তান।

প্রশ্ন ৩।___________ত দৰিদ্ৰ সীমাৰ তলৰ লোকৰ অনুপাত বেছি।

(ক) পাকিস্তান।

(খ) ভাৰত।

উত্তৰঃ (খ) ভাৰত।

প্রশ্ন ৪। __________ ত ১৯৭৮ চনত অৰ্থনৈতিক সংস্কাৰ হাতত লোৱা হৈছিল।

(ক) পাকিস্তান।

(খ) চীন।

উত্তৰঃ (খ) চীন।

প্রশ্ন ৫। পাকিস্তানে স্বাধীনতা লাভ কৰিছিল_________।

(ক) ১৯৪৭

(খ) ১৯৪৮

(গ) ১৯৪৮

উত্তৰঃ (ক) ১৯৪৭

প্রশ্ন ৬। ১৯৫৬ চনৰ পৰা পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল।

(ক) ভাৰত।

(খ) পাকিস্তানত।

(গ) চীন।

উত্তৰঃ (খ) পাকিস্তানত।

প্রশ্ন ৭। চীন দেশত _______ Great Leap Forward অভিযান আৰম্ভ কৰিছিল।

(ক) ১৯৫৪

(খ) ১৯৫৮

(গ) ১৯৫৩ 

(ঘ) ১৯৫৯

উত্তৰঃ (খ) ১৯৫৮

প্রশ্ন ৮। পাকিস্তানৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ নাম ________ আছিল।

(ক) Long Term Plan. 

(খ) Medium Term Plan.

(গ) Small Term Plan.

(ঘ) Five Year Plan.

উত্তৰঃ (খ) Medium Term Plan.

চমু প্ৰশ্নৰ উত্তৰ দিয়া:

প্রশ্ন ১। চীন দেশৰ Great Leap Forward অভিযানৰ দুটা সমস্যা লিখা। 

উত্তৰঃ (i) এক প্রবল খাঙত প্রায় ৩০ নিযুত লোকৰ নিদাৰুণ মৃত্যুৱে দেশখনক গুৰুতৰভাৱে জোকাৰি যায়।

(ii) চীন-ৰাছিয়াৰ সংঘাতৰ সময়ত ৰাছিয়াই আগেয়ে চীনৰ উদ্যোগীকৰণত সহায় কৰিবলৈ পঠোৱা নিজৰ দক্ষ লোকসকলক ওভতাই নিয়ে।

প্রশ্ন ২। চীনৰ GDP ওপৰত এটি টোকা লিখা।

উত্তৰঃ বিশ্বত বহু চৰ্চিত বিষয়সমূহৰ ভিতৰত চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধি অন্যতম। চীনৰ ৭.২ ট্রিলিয়ন ডলাৰৰ মুঠ ঘৰুৱা উৎপাদন পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহত্তম। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ হ’ল ৩.৩ ট্রিলিয়ন ডলাৰ আৰু পাকিস্তানৰ ঘৰুৱা উৎপাদনৰ পৰিমাণ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ শতকৰা ১০ ভাগ।

প্রশ্ন ৩। মানৱ উন্নয়নৰ দুটা নিৰ্দেশকৰ নাম লিখা।

উত্তৰঃ (i) জন্মকালীন জীৱন-প্রত্যাশা। 

(ii) প্রসূতি মৃত্যুৰ হাৰ।

প্রশ্ন ৪। ASEAN বুলিলে কি বুজা?

উত্তৰঃ ASEAN ৰ সম্পূৰ্ণ ৰূপটো হ’ল Association of South-East Nations. দক্ষিণ-পূব এছিয়াৰ থাইলেণ্ড, ইণ্ডোনেছিয়া, ছিংগাপুৰ, ফিলিপাইন, কম্বোদিয়া, ব্রুনেই, জাৰেছেলাম, লাওচ, ম্যানমাৰ আৰু ভিয়েটনামক সামৰি লোৱা এক অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক সংগঠন।

প্রশ্ন ৫। ইউৰোপীয়ান ইউনিয়ন বুলিলে কি বুজা?

উত্তৰঃ ইউৰোপীয়ান ইউনিয়ন হ’ল ইউৰোপৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সহযোগিতা বৃদ্ধিৰ ২৫ খন ইউৰোপীয় দেশৰ সংঘ। এই দেশসমূহ হ’ল অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, ছেক গণৰাজ্য, ডেনমার্ক, এষ্টোনিয়া, ফিনলেণ্ড, ফ্রান্স, জার্মানী, গ্ৰীছ, হাংগেৰী, আয়াৰলেণ্ড, লাটভিয়া, লিথুৱনিয়া, ইটালী, লুক্সেমবার্গ, নেডাৰলেণ্ড, পর্তুগাল, চুইডেন, স্পেইন, ব্রিটেইন, মালীগ, পোলেও, শ্লভাকিয়া, শ্লভেনিয়া।

প্রশ্ন ৬। ছার্ক বুলিলে কি বুজা?

উত্তৰঃ SAARC ৰ সম্পূৰ্ণ নামটো হ’ল South Asian Association of Regional Co-operation, ছার্ক হ’ল দক্ষিণ এছিয়াৰ আঠখন দেশক লৈ পাৰস্পৰিক বুজা-পৰা, বন্ধুত্ব আৰু সহযোগিতাৰ আধাৰত সদস্য দেশসমূহৰ অৰ্থ-সামাজিক প্ৰগতি সুনিশ্চিত কৰাৰ উদ্দেশ্যে গঠিত এক সংগঠন। এই আঠখন দেশ হ’ল – বাংলাদেশ, ভুটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান, শ্রীলংকা আৰু আফগানিস্তান।

প্রশ্ন । G-8 কি?

উত্তৰঃ কানাডা, ফ্রান্স, জার্মানী, ইটালী, গ্রেট ব্রিটেইন, জাপান, আমেৰিকা, ৰাছিয়া হ’ল জি-৮ ৰ সদস্য। ইয়াৰ মূল বৈশিষ্ট্য হ’ল দেশকেইখনৰ মুৰব্বী আৰু শীর্ষ বিষয়াসকলৰ বৈঠক।

প্রশ্ন ৮। G-20 কি?

উত্তৰঃ আর্জেন্টিনা, বলিভিয়া, ব্রাজিল, চিনি, চীন, কিউবা, ইজিপ্ত, গুৱাটেমালা, ভাৰত, ইণ্ডোনেচিয়া, মেক্সিকো, নাইজেৰিয়া, পাকিস্তান, পাৰাগুৱে, ফিলিপাইন, দক্ষিণ আফ্রিকা, খাইলেও, টানজানিয়া, ভেনিজুৰেলা আৰু জিম্বাবুৰে এই উন্নয়নশীল দেশকেইখনৰ এক গোট। বিশ্ব বাণিজ্য সংস্থাত কৃষি আৰু বাণিজ্য বিষয়ক আলোচনাৰ বাবে এই গোটটো প্ৰতিস্থিত। 

প্রশ্ন ৯। চীনৰ দ্ৰুত অর্থনৈতিক বিকাশৰ দুটা কাৰণ লিখা।

উত্তৰঃ চীনৰ দ্রুত অর্থনৈতিক বিকাশৰ দুটা কাৰণ —

১। বৃহৎ অগ্রগতি (Great leap forward) আৰম্ভণি।

২। গ্রামাঞ্চলত কমিউন (commune) আৰম্ভণি।

প্রশ্ন ১০। পাকিস্তানৰ মন্থৰ অৰ্থনৈতিক বৃদ্ধিৰ দুটা কাৰণ লিখা।

উত্তৰঃ পাকিস্তানৰ মন্থৰ অৰ্থনৈতিক বৃদ্ধিৰ দুটা কাৰণ— 

১। ৰাজনৈতিক তাৰতম্যৰ অভাৱ।

২। ঔদ্যোগিক খণ্ডৰ অভাৱ।

প্রশ্ন ১১। তলৰ তালিকাখনৰ দুয়ো অংশ মিলোৱা।

দেশ২০২২ চনৰ মানৱ উন্নয়ন সূচকাংক ভিত্তিত স্থান
ভাৰত ৭৯
চীন১২৯
পাকিস্তান১৩২
বাংলাদেশ১৬১

উত্তৰঃ

দেশ২০২২ চনৰ মানৱ উন্নয়ন সূচকাংক ভিত্তিত স্থান
ভাৰত ১৩২
চিন৭৯
পাকিস্তানত ১৬১
বাংলাদেশ১২৯

প্রশ্ন ১২। দেশসমূহে নিজৰ ঘৰুৱা অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে গ্ৰহণ কৰা বিভিন্ন উপায়সমূহ কি কি?

উত্তৰঃ (ক) নির্দিষ্ট অর্থব্যবস্থা গ্রহণ। 

(খ) উন্নয়নৰ অৰ্থে অর্থনৈতিক পৰিকল্পনা প্রস্তুত আৰু ৰূপায়ণ।

(গ) উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা আন্তঃৰাষ্ট্ৰীয় সহায়-সহযোগৰ অৰ্থে ব্যৱস্থা গ্রহণ। 

প্রশ্ন ১২। আঞ্চলিক আৰু অৰ্থনৈতিক জোঁটৰ কেইটামান উদাহৰণ দাঙি ধৰা।

উত্তৰঃ ছাৰ্ক (SAARC), ইউৰোপীয়ান ইউনিয়ন, আছিয়ান (ASEAN) জি-৮ (G-8), জি-২০ (G-20)

দীঘলীয়া প্রশ্নৰ উত্তৰঃ

প্রশ্ন ১। ভাৰতীয় অর্থনীতি আৰু চীনা অৰ্থনীতিৰ মাজত মূল পার্থক্য বিলাক লিখা। 

উত্তৰঃ (i) প্ৰথমতে, ৰাষ্ট্ৰকেইখনৰ ৰাজনৈতিক ব্যৱস্থা আৰু মতাদর্শ একে নহয়। ভাৰতবৰ্ষত গণতান্ত্রিক শাসন ব্যৱস্থা চলি আছে। এই ব্যৱস্থাত ৰাইজৰ মতামতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আৰু প্ৰয়োজন অনুসৰি নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। সংবাদ পত্র, বৈদ্যুতিক মাধ্যমৰ মুক্তভাৱে মতামত প্ৰকাশ কৰাৰ স্বাধীনতা আছে। আনহাতেদি চীন দেশত একদলীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা নাই বুলিয়ে ক’ব পাৰি। প্ৰচাৰ মাধ্যমবো স্বাধীনতা সীমিত। ভাৰতবৰ্ষ আৰু পাকিস্তানত তেনে কৰা হোৱা নাই। সেয়ে হ’লেও ভাৰতবৰ্ষ আৰু পাকিস্তানৰ ৰাজনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰতো বৈসাদৃশ্য থকাটো দেখা যায়। সময়ে সময়ে পাকিস্তানত সামৰিক শাসন। প্ৰবৰ্তন কৰা হৈছে আৰু জনসাধাৰণৰ গণতান্ত্রিক অধিকাৰ খৰ্ব কৰা হৈছে।

(ii) দ্বিতীয়তে, ভাৰতবৰ্ষ আৰু পাকিস্তানে অর্থনৈতিক উন্নয়নৰ বাবে মিশ্ৰিত অৰ্থনীতিৰ পথটো বাচি লৈছে। কিন্তু চীনদেশৰ সমাজবাদী অর্থনীতিৰ মতাদর্শই বর্তী আছে যদিও কোনো কোনো ক্ষেত্ৰত ইয়াৰ শিথিলকৰণ হ’ব ধৰিছে।

(iii) তৃতীয়তে, চীন দেশ আৰু পাকিস্তানত উদ্যোগিকৰণৰ হাৰ ভাৰতবৰ্ষৰ তুলনাত অধিক হৈছে। ভাৰতবৰ্ষত এই হাৰ হৈছে ২৭.৮%, চীন দেশৰ ৩৬.১% আৰু পাকিস্তানত ৩৩.8%।

প্রশ্ন ২। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ অৰ্থনীতিৰ এক তুলনামূলক বিশ্লেষণ আগবঢ়োৱা।

উত্তৰঃ (i) মুঠ ঘৰুৱা উৎপাদন: ২০০৯ চনত ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ আছিল $ ১.২৩৬ লক্ষ নিযুত। পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ ২০০৮ চনত আছিল $৪৩১.২ হাজাৰ নিযুত। ২০০৯ চনত চীন দেশত মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ আছিল $ ৪.৯১ লক্ষ নিযুত।

(ii) মুঠ ঘৰুৱা উৎপাদনৰ গাঁথনি: ২০০৯ চনত ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৭.৫ শতাংশ কৃষি খণ্ডৰ পৰা, ২০ শতাংশ উদ্যোগখণ্ডৰ পৰা আৰু ৬২.৫ শতাংশ সেৱাখণ্ডৰ পৰা আহিছিল। ২০০৭ চনত পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৯.৬ শতাংশ কৃষি খণ্ডৰ পৰা, ১৬.৭ শতাংশ উদ্যোগখণ্ডৰ পৰা আৰু ৫৩.৭ শতাংশ সেৱাখণ্ডৰ পৰা আহিছে। ২০০৯ চনত চীনদেশত মুঠ ঘৰুৱা উৎপাদনৰ ১০.৯ শতাংশ কৃষিখণ্ডৰ পৰা ৪৮.৬ শতাংশ উদ্যোগখণ্ডৰ পৰা আৰু ৪০.৫ শতাংশ সেৱাখণ্ডৰ পৰা আহিছিল।

(iii) দৰিদ্ৰতা: ২০২০ চনত ভাৰতবৰ্ষত মুঠ জনসংখ্যাৰ ৩৭.২ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল। ২০০৭ চনত পাকিস্তানত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা আছিল ২৩ শতাংশ। ২০০৭ চনত চীনদেশত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা আছিল ২.৮ শতাংশ।

(iv) নিবনুৱা: ২০০৯ চনত ভাৰতবৰ্ষত নিবনুৱাৰ হাৰ আছিল ৯.৫ শতাংশ, পাকিস্তানৰ ১৫.২ শতাংশ আৰু চীন দেশত ৪.৩ শতাংশ। 

(v) প্রত্যক্ষ বৈদেশিক বিনিয়োগ: ২০০৯ চনৰ ডিচেম্বৰত ভাৰতবৰ্ষত প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ আছিল $ ১৫৬.৩ হাজাৰ নিযুত, পাকিস্তানত $ ৮.৪ লক্ষ নিযুত (২০০৬- ০৭) আৰু চীনদেশত $ ২২৭.৩ লক্ষ নিযুত (২০০৯ চন)।

(vi) জনসংখ্যা: ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হ’ল ১০২৭ নিযুত পাকিস্তানৰ ১৬৮ নিযুত আৰু চীনদেশত ১,৩৩৮,৬১২,৯৬৮। ১৯৯১ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ জন্মৰ হাৰ আছিল হাজাৰে প্ৰতি ৩.৯ আৰু মৃত্যুৰ হাৰ ১০.৮। চীনদেশতো জন্ম হাৰৰ তুলনাত মৃত্যুৰ হাৰ অধিক পৰিমাণে হ্ৰাস হৈছে। ১৯৭৮ চনত চীনদেশ এক শিশু পৰিয়াল নীতি প্ৰৱৰ্তন কৰিলে। ফলস্বৰূপে চীনদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ ১ শতাংশ হ’লগৈ। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশ। পাকিস্তানত জনসংখ্যা বৃদ্ধিৰ হাৰ বছৰি ১.৮ শতাংশ।

প্রশ্ন ৩। অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত চীন দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ একদলীয় শাসনৰ অধীনত প্ৰজাতন্ত্ৰ চীনৰ প্ৰতিষ্ঠাৰ পিছতে অৰ্থনীতিৰ সকলোবোৰ খগু ব্যক্তিৰ মালিকীস্বত্বত থকা সকলো প্ৰতিষ্ঠান আৰু ভূমি চৰকাৰী নিয়ন্ত্ৰণৰ অধীনলৈ অনা হৈছিল। ১৯৫৮ চনত বৃহৎ পৰিসৰত উদ্যোগীকৰণ কৰিবলৈ বৃহৎ অগ্রগতি (Great Leap Forward) আৰম্ভ কৰা হৈছিল। জনসাধাৰণক তেওঁলোকৰ চোতালত উদ্যোগ স্থাপন কৰিবলৈ উৎসাহিত কৰা হৈছিল। গ্ৰাম্যাঞ্চলত কমিউন্‌ আৰম্ভ কৰা হৈছিল। কমিউন বা প্রজা সংঘবোৰ ১৯৫৮ চনৰ পৰা ১৯৮২-৮৫ চনলৈকে তিনিতৰপীয়া প্রশাসনিক সংগঠন হিচাপে চীনত কাৰ্যকৰী হৈ আহিছে। উৎপাদন সেনা আৰু উৎপাদন দলত বিভাজিত এই প্রজাসংঘসমূহৰ প্রশাসনিক, ৰাজনৈতিক আৰু আৰ্থিক কাৰ্য ব্যৱস্থাৰ অধীনত জনসাধাৰণে সমূহীয়াভাৱে খেতি কৰে।

আজিৰ তাৰিখত চীনৰ যি দ্রুত ঔদ্যোগিক বিকাশ হৈছে তাৰ মূলতে আছে ১৯৭৮ চনত সাধন কৰা অৰ্থনৈতিক সংস্কাৰ। এই সংস্কাৰ পৰ্যায়ক্রমে হৈছিল। আৰম্ভণিৰ পৰ্যায়ত কৃষি, বৈদেশিক বাণিজ্য আৰু বিনিয়োগ খণ্ডত সংস্কাৰ সাধৰ কৰা হৈছিল। উদাহৰণস্বৰূপে, কৃষিখণ্ড সমুহীয়া ভূমিসমূহ সৰু সৰু খণ্ডত ভাগ কৰি ব্যক্তিগত পৰিয়ালৰ মাজত বিতৰণ কৰি দিয়া হৈছিল। এই বিতৰণ কৰা হৈছিল কেৱল ব্যৱহাৰৰ বাবেহে। ভূমিব পৰা হোৱা আয়ৰ পৰা চুক্তিবদ্ধ কৰখিনি পৰিশোধ কৰাৰ পিছত থাকি যোৱা সকলো আয় পৰিয়ালে ৰাখিব পাৰিছিল। পিছৰ পৰ্যায়ত, উদ্যোগখণ্ডতো সংস্কাৰ সাধন কৰা হৈছিল। ব্যক্তিগত প্রতিষ্ঠানসমূহ আৰু বিশেষকৈ গ্রাম্য প্রতিষ্ঠানসমূহক দ্রব্য উৎপাদন কৰিবলৈ অনুমতি দিয়া হৈছিল। ব্যক্তিগত প্রতিষ্ঠানে নির্মাণ গোট প্রতিষ্ঠা কৰিছিল। ফলত নতুনকৈ অনুমোদিত ব্যক্তিগতখণ্ড আৰু চৰকাৰী মালিকাধীন প্রতিষ্ঠান বোৰৰ মাজত প্ৰতিযোগিতা হৈছিল। এই ধৰণৰ সংস্কাৰ প্ৰক্ৰিয়াই দ্বৈত দৰ ব্যৱস্থাৰ আৱশ্যকতা বৃদ্ধি কৰিছিল।

বৈদেশিক বিনিয়োগকাৰীক আকৰ্ষণ কৰিছিল চীন চৰকাৰে বিশেষ অর্থনৈতিক অঞ্চল প্রতিষ্ঠা কৰিছিল। বিশেষ অর্থনৈতিক অঞ্চল হ’ল ভৌগলিক অঞ্চল য’ত দেশখনত বৰ্তি থকা আইন-কানুনতকৈ পৃথক আইন-কানুন বর্তি থাকে। এই বিশেষ অর্থনৈতিক অঞ্চল বিভিন্ন ধৰণৰ হ’ব পাৰে। মুক্ত বাণিজ্য অঞ্চল, ৰপ্তানি সংসাধন অঞ্চল, মুক্ত অঞ্চল, মুক্ত বন্দন ইত্যাদি।

১৯৮০ চনত ডেং জিয়াও পিঙে প্রথন স্থাপন কৰা বিশেষ অর্থনৈতিক অঞ্চলৰ কাৰ্যসূচীয়ে আজি ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন দেশক উৎসাহিত কৰে। আজিৰ তাৰিখত চীন হৈছে পৃথিৱীৰ ২য় বৃহৎ ব্যৱসায়ী দেশ আৰু সৰ্ববৃহৎ ৰপ্তানিকাৰী আৰু ২য় বৃহৎ আমদানিকাৰী। 

প্রশ্ন ৪। পাকিস্তান চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পথসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পাকিস্তান আৰু ভাৰতৰ অৰ্থনৈতিক নীতিসমূহৰ মাজত বৃহৎ সাদৃশ্য আছে। ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থানেৰে পাকিস্তানেও মিশ্র ব্যৱস্থা অনুকৰণ কৰে। ৫০ ৰ দশকৰ শেহৰফালে আৰু ৬০ৰ দশকত আমদানি প্রতিকল্পন উদ্যোগীকৰণৰ উদ্দেশ্যে পাকিস্তানে ভিন্‌ ভিন্‌ ধৰণৰ নিয়ন্ত্ৰিত আঁচনি পৰিকাঠামোৰ (Regulated policy Framework) আৰম্ভণি কৰিছিল। ইয়াত আছিল উপভোগ্য দ্ৰব্যৰ নিৰ্মাণৰ কাৰণে আমদানি- ৰপ্তানি শুল্ক সুৰক্ষা (tariff protection), প্রতিযোগী আমদানি দ্ৰব্যৰ ওপৰত প্ৰত্যক্ষ আমদানি নিয়ন্ত্রণ। আকৌ সেউজ বিপ্লৱে কৃষি যান্ত্রিকীকৰণ আৰু কেতবোৰ বিশেষ অঞ্চলত আন্তঃগাঁথনিখণ্ডত চৰকাৰী বিনিয়োগ বৃদ্ধি কৰিছিল। ফলত খাদ্যশস্যৰ উৎপাদন বৃদ্ধি পাইছিল। কৃষি গাঁথনিলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিছিল। ১৯৭০ চনত মূলধনী দ্ৰব্যৰ উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ৭০ৰ দশকৰ শেহৰ ফালে আৰু ৮০ৰ দশকত অ-ৰাষ্ট্ৰীয়কৰণ প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু ব্যক্তিগতখণ্ডক উৎসাহ প্রদান কৰা হয়। এই সময়ছোৱাত পশ্চিমৰ দেশসমূহৰ পৰা বিত্তীয় সমর্থন আহিবলৈ আৰম্ভ কৰে।

বহিঃপ্ৰব্ৰজনকাৰীসকলে (Emigrants) মধ্য প্ৰাচ্যৰ পৰা পঠোৱা ধনো (Remittances) যথেষ্ট পৰিমাণে বৃদ্ধি পায়। ব্যক্তিগত প্ৰতিষ্ঠানসমূহলৈ চৰকাৰে সুবিধা (incentives) আগবঢ়ায়। এইবোৰ অৰ্থনৈতিক বিকাশৰ কাৰণে এক অনুকূল বাতাৱৰণৰ সৃষ্টি কৰে। ১৯৮৮ চনত দেশখনত অর্থনৈতিক সংস্কাৰৰ অৰম্ভণি কৰা হয়।

প্রশ্ন ৪। ভাৰত, চীন আৰু পাকিস্তানে গ্ৰহণ কৰা উন্নয়নমূলক কৌশলসমূহৰ এক মূল্যায়ণক আলোচনা কৰা।

উত্তৰঃ এখন দেশৰ উন্নয়ন কৌশল আন এখন দেশৰ উন্নয়নৰ বাবে আৰ্হি হ’ব পাৰে। পৃথিৱীৰ বিভিন্ন দেশত অর্থনৈতিক সংস্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত এই কথা স্পষ্ট হৈ পৰে। আমাৰ চুবুৰীয়া দেশৰ অৰ্থনৈতিক উন্নয়নৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল’বলৈ হ’লে আমি তেওঁলোকৰ সফলতা আৰু বিফলতাৰ আঁৰৰ কাৰকবোৰ জানিব লাগিব। তেওঁলোকৰ উন্নয়ন কৌশলৰ মাজত সাদৃশ্য-বৈসাদৃশ্য নির্ণয় কৰিব পাৰিব লাগিব। চীনত ১৯৭৮ চনত, পাকিস্তানত ১৯৮৮ চনত আৰু ভাৰতত ১৯৯১ চনত সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। সংস্কাৰৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ সফলতাৰ আৰু বিফলতাৰ সংক্ষেপে মূল্যায়ণ কৰা হওক ৷

১৯৭৮ চনত চীনত কিয় অর্থনৈতিক সংস্কাৰৰ আৰম্ভণি কৰা হৈছিল আৰু তাক প্ৰথমতে জনা দৰকাৰ। ভাৰত আৰু পাকিস্তানৰ ক্ষেত্ৰত যদিওবা বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ নিৰ্দেশনা আছিল চীনৰ ক্ষেত্ৰত কিন্তু এনে ধৰণৰ বাধ্য-বাধ্যকতা নাছিল। 

সেই সময়ৰ চীনৰ নতুন নেতৃত্ব দুটা কথাত সুখী নাছিল:

(i) চীনৰ ধীৰ গতিৰ অর্থনৈতিক বিকাশ।

(ii) মাওৰ শাসনৰ অধীনত চীনৰ অৰ্থনীতিত হোৱা আধুনিকীকৰণৰ অভাৱ।

তেওঁলোকে অনুভৱ কৰিছিল বিকেন্দ্ৰীয়কৰণ, আন্তনিৰ্ভৰশীল, বিদেশী প্রযুক্তি, দ্ৰব্য আৰু মূলধনৰ ত্যাগৰ ওপৰত প্ৰতিষ্ঠিত মাওৰ অর্থনৈতিক উন্নয়নৰ ভৱিষ্যদৃষ্টি বিফল হৈছে। অর্থনৈতিক সংস্কাৰৰ বিস্তৃত কাৰ্যসূচী, ভূমি একত্রীকৰণ, বৃহৎ অগ্রগতি আৰু অন্য উৎসাহমূলক ব্যৱস্থা সত্বেও জনমুৰি শস্য উৎপাদন ১৯৫০ ৰ মাজভাগৰ পৰ্যায়তে আছিল।

সংস্কাৰৰ পৰৱৰ্তী সময়ত দেখা গৈছিল শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত আন্তঃগাঁথনিৰ সৃষ্টি, ভূমি সংস্কাৰ, দীর্ঘকাল ধৰি বিকেন্দ্রীকৃত পৰিকল্পনাৰ উপস্থিতি, ক্ষুদ্র উদ্যোগৰ অস্তিত্বই সামাজিক আৰু আয় নিৰ্দ্দেশকসমূহক উন্নত কৰাত যোগাত্মক প্ৰভাৱ পেলাইছে। সংস্কাৰৰ সূচনা হোৱাৰ আগতেই কিন্তু গ্ৰাম্যাঞ্চলত স্বাস্থ্যসেৱাৰ বৃহৎ সম্প্ৰসাৰণ হোৱা দেখা গৈছিল। কমিউন ব্যৱস্থাই খাদ্য শস্যৰ সমতাপূৰ্ণ বিতৰণ সম্ভৱ কৰি তুলিছিল।

পাকিস্তানত সংস্কাৰে সকলো অর্থনৈতিক নিৰ্দেশকৰ ওপৰত ঋণাত্মক প্ৰভাৱহে পেলাইছিল। ১৯৮০ ৰ দশকৰ তুলনাত GDP বৃদ্ধিৰ হাৰ ৯০ৰ দশকত কমিছিলহে। ১৯৬০ চনত পাকিস্তানত দৰিদ্ৰ লোকৰ অনুপাত ৮০% তকৈ আধিক আছিল। ১৯৮০ৰ দশকত ই ২৫% লৈ হ্ৰাস হোৱাৰ পিছত ৯০ৰ দশকত পুনৰ বৃদ্ধি পাবলৈ ধৰে। বিকাশৰ হাৰ হ্ৰাস পোৱা আৰু দৰিদ্ৰতাৰ পুনৰ উত্থানৰ আঁৰৰ কাৰণ হ’ল – কৃষিখণ্ডৰ বিকাশ আৰু খাদ্যশস্যৰ যোগান প্রযুক্তিগত পৰিবৰ্তনৰ আনুষ্ঠানিক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰে, শস্য ভাল হোৱাটোৰ ওপৰতহে নিৰ্ভৰ কৰে। 

পৰিশোধৰ সমতাৰ সংকট দূৰ কৰিবৰ অৰ্থে ভাৰতে বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্রানিধিৰ পৰা ঋণ লৈছিল। বৈদেশিক বিনিময় প্ৰতিখন দেশৰ অৰ্থনীতিৰ এক গুৰুত্বপূর্ণ উপাদান আৰু এই বৈদেশিক বিনিময় কিদৰে অৰ্জন কৰে সেইটো বিশেষভাৱে গুৰুত্বপূর্ণ কথা। 

প্রশ্ন ৫। মানৱ উন্নয়নৰ সূচক কি কি? এইক্ষেত্ৰত ভাৰত, চীন আৰু পাকিস্তানৰ স্থান কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘ উন্নয়ন আঁচনিয়ে (United Nations Development Programme) অর্থনৈতিক উন্নয়নৰ মাপকাঠি হিচাপে মানৱ সম্পদ উন্নয়ন সূচকক সাম্প্ৰতিক কালত ব্যৱহাৰ কৰাটো দৃষ্টিগোচৰ হৈছে। ক’বলৈ গ’লে মানৱ সম্পদ উন্নয়ন সূচক হৈছে সামাজিক সূচকৰ অন্তৰ্ভুক্ত। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলৰ মতে সামাজিক উন্নয়ন হৈছে অর্থনৈতিক উন্নয়নৰ অবিচ্ছেদ্য অংগ। কাৰণ দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি লগে লগে যদি শিক্ষা, জনস্বাস্থ্য সেৱা, আয় আৰু সম্পদৰ বিতৰণ ব্যৱস্থাৰ দৰে বিষয়সমূহৰ উন্নতি নঘটে তেতিয়া প্রকৃতার্থত অর্থনৈতিক উন্নয়ন হ’ব নোৱাৰে। এনে কাৰণত সমাজৰ প্ৰগতিৰ বিষয়টো নিৰ্ণয় কৰা প্রয়োজন হয় আৰু ইয়াৰ নিৰ্ণয়ৰ উত্তম মাপকাঠি হৈছে মানৱ সম্পদ উন্নয়ন সূচক। উন্নত আৰু কম উন্নত দেশবোৰত মানৱ সম্পদ উন্নয়নৰ হিচাপ ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ অধীনত প্ৰথমতে আৰম্ভ হয় ১৯৯০ চনত উক্ত অনুষ্ঠানটোৱে মানৱ সম্পদৰ উন্নয়নৰ মাপকাঠি হিচাপে তিনিটা সামাজিক সূচক ব্যৱহাৰ কৰিছে। উক্ত সূচককেইটা হৈছে মানৱ জীৱন আয়ুস কাল, প্রাপ্তবয়স্কৰ শিক্ষ শিক্ষা লাভৰ বছৰ আৰু লগতে প্রকৃত জনমুৰি আয়ৰ হিচাপ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা। অর্থাৎ মানৱ সম্পদ উন্নয়নৰ লক্ষ্য পূৰণৰ তিনিটা প্ৰধান সূচক হৈছে অর্থনৈতিক শিক্ষা আৰু স্বাস্থ্য। 

এই তিনিটা ক্ষেত্ৰত এখন দেশৰ সাফল্যই প্ৰকৃত আৰ্থ- সামাজিক উন্নয়নৰ পৰিচায়ক। উল্লেখযোগ্য যে মানৱ সম্পদ উন্নয়ন সূচকৰ মাধ্যমত অৰ্থনৈতিক প্ৰগতিৰ হাৰ নিৰ্দ্ধাৰণ কৰাটো প্ৰতিখন কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব হিচাপে ৰাষ্ট্ৰসংঘই বিবেচনা কৰে আৰু সেই কাৰণে ভাৰতবৰ্ষকে ধৰি পৃথিবীৰ সকলো কল্যাণকামী ৰাষ্ট্ৰই প্ৰকৃত উন্নয়নৰ হাৰ যি ধৰণৰ অর্থে ইয়াক ব্যৱহাৰ কৰা দেখা যায়। ভাৰতবৰ্ষই ২০০১ চনত প্ৰথমবাৰৰ বাবে দেশখনৰ মানৱ সম্পদ উন্নয়নৰ প্ৰতিবেদন প্রকাশ কৰিছে। তলৰ তালিকাত উন্নয়নৰ মাপকাঠি হিচাপে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিয়ে ব্যৱহাৰ কা মানৱ সম্পদ উন্নয়ন আৰু ভাৰতৰ পৰিকল্পনা আয়োগে ব্যৱহাৰ কৰা মানৱ স উন্নয়ন সূচকৰ আভাস দিয়া হৈছে:

ৰাষ্ট্ৰসংঘৰ মানৱ সম্পদ উন্নয়নসূচক     লক্ষ্যভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মান সম্পদ উন্নয়ন সূচক
(UNDP Indicators)(Attainments)(NHDR Indicators)
জন্মৰ সময়ত জীৱনৰসম্ভাব্য আয়ুসদীর্ঘায়ু১ বছৰ বয়সত জীৱনৰ সম্ভাব্য আয়ুস
প্রাপ্তবয়স্কৰ শিক্ষিতৰ হাৰ আৰু শিক্ষানুষ্ঠানত নামভৰ্তিৰ অনুপাতল’ৰা-ছোৱালীৰ শিক্ষাৰ স্তৰ৭- বয়সত শিক্ষিতৰ হাৰ আৰু আনুষ্ঠানিক শিক্ষাৰ হাবিয়াস
জনমুৰি প্ৰকৃত মুঠ ৰাষ্ট্ৰীয়উৎপাদন অর্থনৈতিক প্রাতিজনমুৰি প্ৰকৃত উপভোগ ব্যয় আৰু নিযুক্তিৰ সুবিধা লাভ কৰা মুনিহ-তিৰোতাৰ অনুপাত

ওপৰৰ আলোচনা আৰু তালিকাৰ পৰা এইটো স্পষ্ট হৈছে যে মানৱ সম্পদ উন্নয়ন সূচক (Human Development Index)-এ এখন দেশৰ মানৱ সম্পদৰ তিনিটা বিশেষ ক্ষেত্ৰত প্ৰগতি নিৰ্দ্ধাৰণ কৰে। উক্ত বিষয় বা ক্ষেত্ৰ হৈছে — জীৱনৰ আয়ুস কাল আৰু স্বাস্থ্য, শিক্ষা আৰু জ্ঞান আৰু এক সন্তোষজনক আৰ গ্ৰহণযোগ্য জীৱন ধাৰণৰ মানদণ্ড। লিংগৰ পাৰ্থক্য বিচাৰ নকৰাকৈ এই তিনিটা ক্ষেত্ৰত প্ৰগতি লাভ কৰিব পাৰিলে দেশখনৰ প্ৰকৃত অৰ্থনৈতিক উন্নয়ন বা বিকাশ ঘটিছে বুলি ক’ব পৰা যায়। অর্থাৎ দেশত কাম কৰা সকলো মুনিহ-তিৰোতাই এই সুবিধাখিনি লাভ কৰিলেহে প্ৰকৃতাৰ্থত অর্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব পৰা যায়। 

১৯৯০ চনৰ পৰৱৰ্তী কালছোৱাত ৰাষ্ট্ৰসংঘই উন্নয়নী আঁচনি (UNDP) নামৰ সংস্থাটোৱে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত পৃথিৱীৰ বিভিন্ন দেশবোৰৰ স্থান সম্পর্কে তথ্য সংগ্ৰহ আৰু প্ৰকাশ কৰি আহিছে। সময়ে সময়ে প্ৰকাশ কৰা বিশ্ব উন্নয়ন প্রতিবেদনত (World Development Report) উক্ত তথ্য প্রকাশ হয়। ২০০৩ চনত প্ৰকাশ হোৱা প্ৰতিবেদন অনুসৰি মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত বিশ্বৰ ১৭৩ খন দেশৰ ভিতৰত ২০০০ চনত ভাৰতৰ স্থান আছিল ক্ৰমিক সংখ্যা অনুসৰি ১২৭, চীন দেশৰ ৮৫ আৰু পাকিস্তানৰ ১৩৫ 

প্রশ্ন ৬। ভাৰত আৰু পাকিস্তানে অর্থনৈতিক উন্নয়নৰ নিজ নিজ পথ অনুসৰণ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উন্নয়নৰ সদৃশ কৌশলসমূহ কি কি? 

উত্তৰঃ ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা উন্নয়নৰ পথৰ মাজত যিকেইটা সামঞ্জস্য পৰিলক্ষিত হয় সেইকেইটা হৈছে —

(ক) উন্নয়নৰ আঁচনি ৰূপায়ণৰ অৰ্থে মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা গ্রহণ।

(খ) উন্নয়নৰ অৰ্থে পৰিকল্পনাৰ ব্যৱস্থা গ্ৰহণ।

(গ) আমদানি প্রতিফলনৰ লক্ষ্য পূৰণৰ আগত ৰাখি দেশৰ উদ্যোগীকৰণ। 

(ঘ) কৃষি খণ্ডৰ উৎপাদন বৃদ্ধিত অগ্ৰাধিকাৰ। 

প্রশ্ন ৭। ১৯৫৮ চনত চীনত গ্ৰহণ কৰা Great Leap Forward অভিযান ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৫৮ চনত আৰম্ভ কৰা Great Leap Forward অভিযানৰ প্ৰধান লক্ষ্য আছিল দেশখনৰ ক্ষীপ্ৰ ঔদ্যোগীকৰণ। ঔদ্যোগীকৰণৰ মাধ্যমত দেশৰ অৰ্থনীতি সফল কৰি তোলাৰ প্রাবল্যতা ইমানেই আছিল যে মানুহৰ বাৰীৰ চুকতো উদ্যোগ প্ৰতিষ্ঠানত অনুপ্ৰেৰণা যোগোৱা হৈছিল। উক্ত নীতি গ্ৰহণৰ পৰিণতি স্বৰূপে সাম্প্রতিক বিশ্বত চীন এখন উচ্চ পর্যায়ৰ উন্নয়নশীল দেশ হিচাপে প্রতিষ্ঠিত হৈছে।

প্রশ্ন ৮। মানৱ উন্নয়নৰ ঘাই নিৰ্দেশকসমূহৰ পৰিপ্ৰেক্ষিতত ভাৰত, পাকিস্তান আৰু চীনৰ উন্নয়নৰ তুলনামূলক আলোচনা আগবঢ়োৱা। 

উত্তৰঃ মানৱ উন্নয়নৰ যিকেইটা সূচক ব্যৱহাৰ কৰা হয় তাৰ ভিত্তিত চীন দেশ আন দুখন দেশৰ তুলনাত অধিক উন্নত বুলি গ্ৰহণ কৰিব পাৰি। কাৰণ মানৱ উন্নয়নৰ স্থানৰ ক্ষেত্ৰত বিশ্বত চীনৰ ৮৫ হোৱাৰ বিপৰীতে ভাৰতৰ স্থান হৈছে ১১৭ আৰু পাকিস্তানৰ স্থান হৈছে ১৩৫। নির্দিষ্ট নির্দেশক যেনে জন্মকালীন জীবন প্রত্যাশা আৰু প্ৰাপ্তবয়স্কৰ সাক্ষৰতাৰ হাৰৰ ক্ষেত্ৰতো ভাৰত আৰু পাকিস্তানৰ তুলনাত চীনৰ অৱস্থা উন্নত। চীনত মানুহৰ জীৱনৰ গড় আয়ুস ৭১ বছৰৰ বিপৰীতে ভাৰত আৰু ৬৩ বছৰ। চীনত সাক্ষৰতাৰ হাৰ হৈছে ৯০ শতাংশ। ইয়াৰ বিপৰীতে ভাৰতৰ সাক্ষৰতাৰ হাৰ হৈছে ৬১ শতাংশ আৰু পাকিস্তানৰ ৪১ শতাংশ। অৱশ্যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা মুঠ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰত শীর্ষ স্থানত আৰু ইয়াৰ পাছত আছে চীন দেশ। এইক্ষেত্ৰত পাকিস্তানৰ অৱস্থা সন্তোষজনক। শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তান দুয়োখন দেশবে অৱস্থা অতি শোচনীয়। চীনদেশে এই দুয়োটা ক্ষেত্রতে যথেষ্ট উন্নতি ঘটাইছে।

প্রশ্ন ৯। জনসংখ্যাৰ আকাৰ, জনসংখ্যাৰ ঘনত্ব, জন্মৰ হাৰ আৰু স্বাক্ষৰতাৰ হাৰৰ ক্ষেত্ৰত ভাৰত আৰু চীনৰ মাজত তুলনা কৰা। 

উত্তৰঃ ভাৰত আৰু চীনৰ মাজত জনসাংখ্যিকীয় নিৰ্দেশকৰ তুলনা তলৰ তালিকাত উপস্থাপন কৰা হ’ল—

তালিকাৰ পৰা স্পষ্ট যে চীন দেশৰ জনসংখ্যাৰ আকাৰ ভাৰততকৈ অধিক যদিও লক্ষণীয় ভাৱে জন্মৰ হাৰ কম। অৰ্থাৎ জনসংখ্যা নিয়ন্ত্রণত চীনদেশে সফলতা অৰ্জন কৰিছে। 

2000 – 01 চনৰ তথ্য অনুসৰি জনসংখ্যাৰ ঘনত্ব ভাৰতত 358 জন প্রতি বর্গ কি.মি.ত। অন্যহাতে একে সময়ছোৱাত চীনত এই সংখ্যা আছিল 138। তাৰোপৰি সাক্ষৰতাৰ হাৰ, 2007 ৰ তথ্য অনুসৰি ভাৰতত 66% । কিন্তু চীনত উল্লেখনীয়ভাৱে 93.3% হ’ল সাক্ষৰতাৰ হাৰ। অৰ্থাৎ জনসাংখ্যিকীয় নির্দেশকত চীন ভাৰততকৈ আগবঢ়া। 

প্রশ্ন ১০। জাতীয় আয়, জনসংখ্যাৰ আকাৰ, জন্মৰ হাৰ, সাক্ষৰতাৰ হাৰ আৰু লিংগ অনুপাতৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত তুলনা কৰা।

উত্তৰঃ 

প্রশ্ন ১১। চীন, পাকিস্তান আৰু ভাৰতবৰ্ষৰ অৰ্থনীতিত 4 টা সাদৃশ্য উল্লেখ কৰা। 

উত্তৰঃ (i) চীন, পাকিস্তান আৰু ভাৰতবৰ্ষই অর্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে পৰিকল্পনাৰ অনুসৰণ কৰিছে।

(ii) তিনিওখন অর্থনীতিয়ে ১৯৫০ দশকৰ প্ৰথমার্ধত সমসাময়িকভাৱে অৰ্থনৈতিক উন্নয়নৰ আঁচনি আৰম্ভ কৰিছিল।

(iii) তিনিখন ৰাষ্ট্ৰতে অর্থনৈতিক সংস্কাৰ গ্ৰহণ কৰে। ভাৰতবৰ্ষই ১৯৯১ চনত উদাৰীকৰণ, ব্যক্তিগত কৰণ আৰু বিশ্বায়নৰ নীতি গ্ৰহণ কৰিছিল। পাকিস্তানে ১৯৮৮ চনত আৰু চীনে ১৯৭৮ চনত অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল।

(iv) অৰ্থনৈতিক সংস্কাৰৰ ফলস্বৰূপে তিনিওখন ৰাষ্ট্ৰতে উন্নয়ন স্তৰৰ পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে।

প্রশ্ন ১২। জনসাংখ্যিক গাঁথনিৰ নিৰ্দেশকসমূহৰ ভিত্তিত ভাৰত, চীন আৰু পাকিস্তানৰ এটি তুলনামূলক টোকা প্ৰস্তুত কৰা।

উত্তৰঃ 

প্রশ্ন ১৩। চীনৰ অৰ্থনৈতিক উন্নয়নৰ পৰিক্ৰমাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ একদলীয় শাসনৰ অধীনত প্ৰজাতন্ত্ৰ চীনৰ পিছত অৰ্থনীতিৰ সকলোবোৰ খণ্ড ব্যক্তিৰ মালিকীস্বত্বত থকা সকলো প্ৰতিষ্ঠান আৰু ভূমি চৰকাৰী নিয়ন্ত্ৰণৰ অধীনলৈ অনা হৈছিল। ১৯৫৮ চনত বৃহৎ পৰিসৰত উদ্যোগীকৰণ কৰিবলৈ বৃহৎ অগ্রগতি (Great Leap Forward) আৰম্ভ কৰা হৈছিল।

আজিৰ তাৰিখত চীনৰ যি দ্রুত উদ্যোগিক বিকাশ হৈছে তাৰ মূলতে আছে ১৯৭৮ চনত সাধন কৰা অৰ্থনৈতিক সংস্কাৰ। এই সংস্কাৰ পৰ্যায়ক্রমে হৈছিল। আৰম্ভণি পৰ্যায়ত কৃষি, বৈদেশিক বাণিজ্য আৰু বিনিয়োগ খণ্ডত সংস্কাৰ সাধন কৰা হৈছিল। উদাহৰণস্বৰূপে, কৃষিখণ্ডত সমূহীয়া ভূমিসমূহ সৰু সৰু খণ্ডত ভাগ কৰি ব্যক্তিগত পৰিয়ালৰ মাজত বিতৰণ কৰি দিয়া হৈছিল। এই বিতৰণ কৰা হৈছিল কেৱল ব্যৱহাৰৰ বাবেহে। ভূমিৰ পৰা হোৱা আয়ৰ পৰা চুক্তিবদ্ধ কৰখিনি পৰিশোধ কৰাৰ ক্ষেত্ৰত থাকি যোৱা সকলো আয় পৰিয়ালে ৰাখিব পাৰিছিল। পিছৰ পৰ্যায়ত, উদ্যোগখণ্ডতো সংস্কাৰ সাধন হৈছিল। ব্যক্তিগত প্রতিষ্ঠানসমূহ আৰু বিশেষকৈ গ্রাম্য প্রতিষ্ঠানসমূহক দ্রব্য উৎপাদন কৰিবলৈ অনুমতি দিয়া হৈছিল। ব্যক্তিগত প্রতিষ্ঠানে নিৰ্মাণ গোট প্রতিষ্ঠা কৰিছিল। ফলত নতুনকৈ আৰু অনুমোদিত ব্যক্তিগতখণ্ড আৰু চৰকাৰী মালিকানাধীন প্রতিষ্ঠান যাক ভাৰতত আমি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বুলি কওঁ। সেইবোৰৰ মাজত প্ৰতিযোগিতা হৈছিল। এই ধৰণৰ সংস্কাৰ প্ৰক্ৰিয়াই দ্বৈত দৰ ব্যৱস্থা (Dual Pricing System) ৰ আৱশ্যকতা বৃদ্ধি কৰিছিল।

১৯৮০ চনত ডেং জিয়াও পিঙে প্রথম স্থাপন কৰা বিশেষ অর্থনৈতিক অঞ্চলৰ কাৰ্যসূচীয়ে আজি ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন দেশক উৎসাহিত কৰে। আজিৰ তাৰিখত চীন হৈছে পৃথিৱীৰ দ্বিতীয় বৃহৎ ব্যৱসায়ী দেশ আৰু সৰ্ববৃহৎ ৰপ্তানীকাৰী আৰু দ্বিতীয় বৃহৎ আমদানিকাৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top