Class 12 Economics Chapter 7 ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ

Class 12 Economics Chapter 7 ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Economics Chapter 7 ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ Notes and select needs one.

Class 12 Economics Chapter 7 ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assamese Medium Class 12 Economics 7 ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ Solutions for All Subject, You can practice these here.

১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ

Chapter: 7

দ্বিতীয়-খণ্ড : ভাৰতৰ অৰ্থনৈতিক উন্নয়ন

তৃতীয় অধ্যায়

উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ

প্রশ্ন ১। ভাৰতবৰ্ষত কিয় সংস্কাৰ আৰম্ভ কৰা হৈছিল? 

উত্তৰঃ বিগত শতিকাৰ নব্বৈৰ দশকৰ আৰম্ভণিত দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহৰ ৰূণ্ণতাৰ কাৰণে হোৱা ব্যাপক পৰিমাণৰ লোকচান, বেংক আৰু বিত্তীয় অনুষ্ঠানৰ ঘাটি আৰু বৈদেশিক বাণিজ্যৰ ঘাটিৰ কাৰণে হোৱা বৈদেশিক মুদ্ৰাৰ সংকটৰ কাৰণে ভাৰতবৰ্ষই এক গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। উক্ত সংকটৰ পৰা উদ্ধাৰৰ উপায় হিচাপে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰামৰ্শত ভাৰতবৰ্ষই অর্থনৈতিক সংস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

প্রশ্ন ২। অর্থনৈতিক সংস্কাৰৰ প্ৰসংগত LPG ৰ অৰ্থ কি?

উত্তৰঃ Liberalisation (উদাৰীকৰণ), Privatisation (ব্যক্তিগতকৰণ) 

Globalisation (বিশ্বায়ন)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ৩। ভাৰতে গ্ৰহণ কৰা বেচৰকাৰীকৰণ নীতিয়ে দেশৰ উদ্যোগিক খণ্ডক কেনেকৈ সহায় কৰিব?

উত্তৰঃ ভাৰতৰ উদ্যোগবোৰৰ বেচৰকাৰীকৰণে –

(১) দেশৰ উদ্যোগীকৰণৰ হাৰ উন্নত কৰাত ইতিবাচক সঁহাৰি জনাব। আৰু 

(২) দেশখনৰ উদ্যোগীকৰণৰ অৰ্থে যি মূলধন আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱ ঘটিছে তাক পূৰণ কৰাত সহায় কৰিব।

প্রশ্ন ৪। ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ ৰুগ্নতাৰ দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ৰুগ্নতাৰ দুটা কাৰণ হৈছে—

(১) অত্যধিক মাত্ৰাৰ চৰকাৰী নিয়ন্ত্ৰণ।  

(২) উদ্যোগত নিয়োজিত থকা পৰিচালনা আৰু শ্ৰমিকসকলৰ ব্যৱসায়িকসুলভ মনোবৃদ্ধিৰ অভাৱ।

প্রশ্ন ৫। ভাৰতৰ উদ্যোগবোৰৰ বেচৰকাৰীকৰণৰ দুটা প্ৰধান আঁসোবাহ আঙুলিয়াই দিয়া।

উত্তৰঃ উদাৰ অৰ্থনৈতিক নীতিৰ অধীনত সাম্প্ৰতিক কালছোৱাত দেশখনৰ উদ্যোগবোৰৰ বেচৰকাৰীকৰণৰ যি গ্ৰহণ কৰা হৈছে তাৰ দুটা প্ৰধান আসোঁৱাহ হৈছে —-

(১) ঔদ্যোগিক খণ্ডত নিযুক্তিৰ সুবিধা উল্লেখনীয়ভাবে হ্ৰাস পোৱাৰ ফলত নিবনুৱা আৰু দৰিদ্ৰতাৰ সমস্যাই এক গভীৰ ৰূপ ধাৰণ কৰিছে।

(২) বেচৰকাৰীকৰণ ব্যৱস্থাই বৃহৎ পুঁজিপতিসকলৰ উপাৰ্জন আৰু সম্পত্তিৰ পৰিমাণ বৃদ্ধি কৰি দেশখনৰ উপাৰ্জন বিতৰণৰ ক্ষেত্ৰত অসমতা বৃদ্ধিত ইন্ধন যোগাইছে। 

প্রশ্ন ৬। অর্থনৈতিক সংস্কাৰৰ মাজৰ সময়ছোৱাত ভাৰতৰ উন্নয়ন কৌশলৰ তিনিটা প্রধান কৌশল উল্লেখ কৰা।

অথবা, 

ৰাষ্ট্ৰীয় অর্থনৈতিক পুনর্গঠনৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা নতুন অর্থনৈতিক নীতিৰ মৌলিক পৰিবৰ্তনবোৰ লিখা।

অথবা, 

১৯৯১চনৰ পৰা ভাৰতীয় অৰ্থনীতিত চৰকাৰে প্ৰৱৰ্তন কৰা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পদক্ষেপসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ ১৯৯১ চনৰ জুলাই মাহত ভাৰত চৰকাৰে যি নতুন অর্থনৈতিক নীতি ঘোষণা কৰিছিল তাৰ ভিত্তিত পৰৱৰ্তী কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ কেইটামান মৌলিক পৰিৱৰ্তন ঘটিছে। উদাৰীকৰণ নীতি নামেৰে জনাজাত উক্ত নীতিৰ অধীনত তলত আলোচিত পৰিবৰ্তনকেইটা বিশেষভাবে উল্লেখযোগ্য—

(১) ভাৰতীয় অর্থনীতিত ১৯৯১ চনৰ পূৰ্বে ৰাজহুৱা খণ্ডৰ যি সম্প্ৰসাৰিত ভূমিকা আছিল তাৰ অৱসান ঘটোৱা হয় আৰু দেশখনৰ ঔদ্যোগিক উন্নয়নৰ গভীৰ দায়িত্ব ব্যক্তিগত খণ্ডক অর্পণ কৰা হয়। এনে লক্ষ্যত উপনীত হ’বৰ অৰ্থে ৰাজহুৱা খণ্ডৰ একচেটিয়া উদ্যোগৰ সংখ্যা পূৰ্বৰ ১৭টাৰ পৰা ওটালৈ হ্ৰাস কৰা হয়। ৰাজহুৱা খণ্ডৰ গুৰুত্বতা হ্রাস হোৱাৰ লগে লগে দেশখনত পঞ্চবার্ষিকী পৰিকল্পনাৰ তাৎপর্যও হ্ৰাস পাইছে। ৰাজহুৱা খণ্ডৰ পৰিবৰ্তে ব্যক্তিগত খণ্ডৰ সহায়ত উদ্যোগীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।

(২) দেশখনৰ ঔদ্যোগিক উন্নয়নত ব্যক্তিগত খণ্ডক অনুপ্ৰেৰণা যোগাবৰ কাৰণে পূৰ্বৰ ঔদ্যোগিক অনুমতি পত্ৰৰ আৰু দেশীয় উদ্যোগত ব্যক্তিগত বৈদেশিক মূলধন বিনিয়োগ ব্যৱস্থাৰো শিথিলকৰণ কৰা হৈছে।

(৩) নতুন অর্থনৈতিক নীতিৰ অধীনত ভাৰতবৰ্ষত ব্যৱসায়- বাণিজ্য স্থাপনত বহুৰাষ্ট্ৰীয়, কোম্পানীৰ প্ৰৱেশৰ উপৰিও ভাৰতীয় উদ্যোগত বিদেশী বিনিয়োগকাৰীক প্ৰত্যক্ষভাবে মূলধন বিনিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে।

(৪) দেশখনৰ বাণিজ্য নীতিৰো আমূল পৰিবৰ্তন ঘটোৱা হৈছে। আমদানি শুল্ক হ্রাস আৰু মুক্ত আমদানি-ৰপ্তানি ব্যৱস্থাৰ মাধ্যমত ভাৰতীয় অর্থনীতিক গোলকীকৰণ নীতিৰ কাষ চপাই অনাৰ ব্যৱস্থা কৰা হৈছে। 

প্রশ্ন ৭। ভাৰতীয় অৰ্থব্যৱস্থাত ক্রমবর্ধমান বেচৰকাৰীকৰণ পৰিপ্ৰেক্ষিতত পঞ্চবার্ষিক পৰিকল্পনাৰ গুৰুত্ব হ্ৰাস পাইছে বুলি তুমি ভাবানে? তোমাৰ উত্তৰ সপক্ষে যুক্তি আগবঢ়োৱা। 

উত্তৰঃ ১৯৯১ চনত দেশখনে গ্ৰহণ কৰা উদাৰ অৰ্থনৈতিক নীতিৰ পৰৱৰ্তী কালছোৱাত পঞ্চবার্ষিক পৰিকল্পনাৰ তাৎপৰ্য যথেষ্ট হ্রাস হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰধান কাৰণ হিচাপে ৰাজহুৱা খণ্ডৰ সংকুচিত ভূমিকাৰ চিনাক্ত কৰিব পৰা যায়। কাৰণ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ ৰূপায়ণৰ প্ৰধান দায়িত্ব হৈছে ৰাজহুৱা খণ্ডৰ। কিন্তু বেচৰকাৰীকৰণ নীতিৰ ফলত দেশখনৰ উদ্যোগকে ধৰি প্ৰধান উৎপাদন খণ্ডসমূহ ক্ৰমান্বয়ে বেচৰকাৰী খণ্ডলৈ হস্তান্তৰিত হৈছে। ইয়াৰ ফলত চৰকাৰখনৰ  পৰিকল্পনাৰ পৰিসৰ ক্ৰমান্বয়ে সংকোচিত হৈ আহিছে। শক্তি খণ্ডৰ দৰে গুৰুত্বপূর্ণ খণ্ডতো ব্যক্তিগত খণ্ডৰ প্ৰৱেশ ঘটিছে আৰু চৰকাৰৰ পৰিকল্পনাৰ আঁচনি গ্ৰাম্য উন্নয়ন, দৰিদ্রতা নির্মূলকৰণ ইত্যাদিৰ দৰে কেইটামান ক্ষেত্ৰতহে সীমাবদ্ধ হৈ পৰিছে। বিশেষকৈ ঔদ্যোগিক খণ্ডটো ক্রমান্বয়ে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত হোৱাত দেশখনত পঞ্চবার্ষিক পৰিকল্পনাৰ গুৰুত্ব উল্লেখযোগ্যভাবে হ্রাস পাইছে ইয়াৰোপৰি বেচৰকাৰীকৰণ নীতি গ্ৰহণৰ পৰৱৰ্তী কালত ভাৰতীয় অৰ্থনীতিত পুঁজিবাদৰ বৈশিষ্ট্য অধিক হৈ পৰিছে। পুঁজিবাদত অর্থনৈতিক পৰিকল্পনাৰ কোনো তাৎপর্য নেথাকে।

প্রশ্ন ৮। উদাৰীকৰণ বুলিলে কি বুজা?

 উত্তৰঃ দেশৰ সামাজিক আৰু অৰ্থনৈতিক বিষয় আৰু নীতিসমূহৰ ক্ষেত্ৰত পূৰ্বতে থকা চৰকাৰৰ নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণ শিথিলকৰণৰ ব্যৱস্থা কৰা হয়, তাকেই উদাৰীকৰণ আখ্যা দিয়া হয়। উদাহৰণস্বৰূপে যেতিয়া এখন দেশৰ বাণিজ্য ক্ষেত্ৰত উদাৰীকৰণ ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া ই বাণিজ্য ক্ষেত্ৰত প্ৰয়োগ কৰা শুল্ক ব্যবস্থা, ৰাজসাহায্য আৰু আন চৰকাৰী নিয়ন্ত্ৰণ আৰু নিষেধাজ্ঞা পৰিত্যাগৰ বিষয়ে নিৰ্দেশ দিছে। ভাৰতবৰ্ষত গ্ৰহণ কৰা উদাৰীকৰণ নীতিয়ে ব্যৱসায় বাণিজ্য, উদ্যোগ, বিত্ত ব্যৱস্থা ইত্যাদি অর্থনৈতিক ক্ষেত্ৰত থকা নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলীৰ শিথিলকৰণৰ নিৰ্দেশ দিছে।

প্রশ্ন ১। ব্যক্তিগতকৰণ বুলিলে কি বুজা? 

উত্তৰঃ চৰকাৰী মালিকীস্বত্বৰ পৰা যেতিয়া সম্পত্তি আৰু সেৱাসমূহ ব্যক্তিগত মালিকীস্বত্বলৈ হস্তান্তৰ কৰা হয় তাকেই সাধাৰণতে ব্যক্তিগতকৰণ বুলি কোৱা হয়। উদাৰ অৰ্থনৈতিক নীতিৰ অধীনত হোৱা ব্যক্তিগতকৰণে এইটো নির্দেশ দিয়ে যে যিবোৰ খণ্ডত পূৰ্বতে ব্যক্তিগত খণ্ডৰ প্ৰৱেশৰ ওপৰত বাধা আৰোপ কৰা হৈছিল সেইবোৰত এতিয়া ব্যক্তিগত খণ্ডই প্ৰৱেশ কৰিব পাৰিব। উদাহৰণস্বৰূপে ভাৰতবৰ্ষত পূর্বতে ১৭ টা উদ্যোগ ৰাজহুৱা খণ্ডৰ একচেটীয়া ব্যৱসায়ৰ অন্তৰ্ভুক্ত আছিল; কিন্তু ১৯৯১ চনত গ্ৰহণ কৰা নতুন উদ্যোগ নীতিৰ অধীনত ৰাজহুৱা খণ্ডৰ একচেটীয়া উদ্যোগৰ সংখ্যা ৬ টা হ্ৰাস কৰা হৈছে। অর্থাৎ ১১ টা উদ্যোগত ব্যক্তিগত খণ্ডৰ প্ৰৱেশৰ পথ প্রশস্ত কৰা হৈছে। ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ অথবা এইবোৰৰ অংশ জনসাধাৰণক বিক্ৰীৰ মাধ্যমত নিগম স্থাপন ইত্যাদি প্ৰক্ৰিয়া হৈছে এনে ব্যক্তিগতকৰণৰ উপায়। 

প্রশ্ন ১০। অবিনিয়োগ (Disinvestment) বা বিনিয়োগ হস্তান্তৰতৰণ নীতিৰ কি?

উত্তৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ অংশ যেতিয়া মুকলি বজাৰত বিক্ৰী কৰি উক্ত উদ্যোগবোৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰাৰ ব্যৱস্থা কৰা হয় তাকেই অবিনিয়োগ আখ্যা দিয়া হয়।

প্রশ্ন ১১। বিশ্বায়ন (Globalisation) বুলিলে কি বুজা?

উত্তৰঃ এখন দেশৰ ঘৰুৱা অৰ্থনীতিক বিশ্ব অর্থনীতিৰ লগত একত্রীকৰণ কৰা হয়। তাকেই বিশ্বায়ন বুলি কোৱা হয়। বিশ্বায়ন ব্যৱস্থাত বিভিন্ন দেশৰ ৰাজনৈতিক সীমা বাহাল। থাকিলেও দ্ৰব্য আৰু সেৱাৰ আৰু মানৱ সম্পদ মুক্তভাবে এখনৰ পৰা আনখনলৈ গতি কৰিব পাৰে। বিশ্বায়নৰ মূলমন্ত্ৰ হৈছে বিভিন্ন দেশৰ অৰ্থনৈতিক ব্যবস্থা, বিত্তীয় ব্যৱস্থা আৰু বাণিজ্যৰ একত্ৰীকৰণ আৰু ইয়াৰ মাধ্যমত এখন দেশৰ পৰা আনখন দেশলৈ উৎপাদন উপাদান আৰু প্রযুক্তি কৌশলৰ মুক্ত প্রবাহ। বিশ্বায়ন নীতিৰ লক্ষ্য হৈছে পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতিক এটা গোট হিচাপে কাৰ্যনিৰ্বাহ কৰোৱা।

প্রশ্ন ১২। কিমান দেশ বিশ্ব বাণিজ্য সংগঠনৰ সদস্য?

উত্তৰঃ ১৪২ খন।

প্রশ্ন ১৩। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অতি গুৰুত্বপূৰ্ণ কাৰ্য কি? 

উত্তৰঃ মুদ্ৰাৰ যোগান আৰু ঋণ নিয়গুণ।

প্রশ্ন ১৪। ভাৰতীয় ৰিজাৰ্ভ বেংকে কি উপায়েৰে বেংক সমূহক নিয়ন্ত্ৰণ কৰে। 

উত্তৰঃ ঋণ আৰু মুদ্ৰাৰ যোগান নিয়ন্ত্রণ পদ্ধতিৰ মাধ্যমত। উক্ত পদ্ধতিত ব্যৱহাৰ কৰা উপাদান কেইটা হৈছে—

(১) বেংকৰ হাৰৰ পৰিবৰ্তন। 

(২) খোলা বজাৰত বন্ধকী পত্র ক্রয় বিক্রয়।

(৩) নগদ জমা পুঁজিৰ পৰিবৰ্তন। 

(৪) বাচনিমূলক ঋণ নিয়ন্ত্রণ।

প্রশ্ন ১৫। টকাৰ অবমূল্যায়ন বুলিলে তুমি কি বুজা?

উত্তৰঃ ভাৰতৰ মুদ্ৰাৰ মূল্য বিদেশী মুদ্ৰাৰ মূল্যৰ মানত হ্রাস হয় তাকেই টকাৰ অৱমূল্যায়ন বুলি কোৱা হয়। উদাহৰণ স্বৰূপে যদি ভাৰতীয় টকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰৰ পূৰ্বৰ হাৰ আছিল ৩০ টকা = ১ ডলাৰ। অৰ্থাৎ আমেৰিকাৰ পৰা আমদানি কৰা ১ ডলাৰ মূল্যৰ এটা দ্রব্য ক্রয় কৰিবৰ অৰ্থে ভাৰতবৰ্ষৰ ৩০ টকাৰ প্ৰয়োজন হৈছিল। এতিয়া নতুন বিনিময় হাৰ হৈছে ৫০ টকা = ১ ডলাৰ। এইক্ষেত্ৰত ভাৰতীয় টকাৰ অবমূল্যায়ন ঘটিছে। কাৰণ ১ ডলাৰ মূল্যৰ দ্ৰব্যটো ক্ৰয় কৰিবৰ অৰ্থে এতিয়া প্রয়োজন হ’ব ৫০ টকা।

প্রশ্ন ১৬। পার্থক্য নির্ণয় কৰা—

(ক) দ্বিপাক্ষিক আৰু বহুপক্ষীয় বাণিজ্য।

উত্তৰঃ যেতিয়া দুখন দেশৰ মাজত বৈদেশিক বাণিজ্য সম্পাদিত হয় তাকেই দ্বিপাক্ষিক বুলি কোৱা হয়। এনে বাণিজ্য সাধাৰণতে দেশদুখনৰ বাণিজ্য চুক্তি অনুসৰি হয়। আনহাতেদি যেতিয়া এখন দেশে একাধিক দেশৰ লগত দ্রব্য সামগ্ৰী আৰু সেৱাৰ লেন- দেন কৰে তাকেই বহুপক্ষীয় বাণিজ্য বুলি কোৱা হয়।

(খ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধক সমূহ।

উত্তৰঃ এখন দেশে যেতিয়া নিজৰ বৈদেশিক বাণিজ্যৰ ঘাটি পূৰণৰ উপায় হিচাপে আমদানিকৃত দ্রব্য ওপৰত কৰ ধাৰ্য কৰি এনে দ্রব্য সামগ্ৰীৰ মূল্য দেশীয় বজাৰত বৃদ্ধি কৰি চাহিদা সংকোচনৰ ব্যৱস্থা কৰে তাকে শুদ্ধ প্রতিবন্ধক বুলি কোৱা হয়। অন্যহাতোদ আমদানি হ্ৰাস কৰিবৰ অৰ্থে আমদানিৰ পৰিমাণ নিৰ্ধাৰণ (Qute) ৰ দৰে আন কিছুমান ব্যৱস্থা গ্রহণ কৰে তাকে অনা-শুল্কীয় প্রতিবন্ধক আখ্যা দিয়া হয়।

প্রশ্ন ১৭। শুল্ক কিয় আৰোপ কৰা হয়?

উত্তৰঃ শুল্ক আৰোপ কৰাৰ উদ্দেশ্য দুটা। উক্ত উদ্দেশ্য এটা হৈছে — 

(১) দেশৰ ৰাজকোষৰ অৰ্থে ৰাজহ সংগ্ৰহৰ। 

(২) বৈদেশিক বাণিজ্যৰ নিয়ন্ত্ৰণৰ মাধ্যমত বৈদেশিক বাণিজ্যৰ ঘাটি হ্রাস।

প্রশ্ন ১৮। পৰিমাণগত প্রতিবন্ধকৰ অৰ্থ কি?

উত্তৰঃ যেতিয়া এখন দেশে আমদানিকৃত দ্রব্য সামগ্ৰীৰ ওপৰত উচ্চ হাৰৰ শুল্ক ধাৰ্য কৰা সত্ত্বেও আমদানিৰ পৰিমাণ হ্রাস নহয় তেতিয়া পৰিমাণগত প্রতিবন্ধকৰ সহায় গ্ৰহণ কৰে। যেতিয়া দেশখনৰ চৰকাৰে আমদানি কৰিবলগীয়া এটা দ্ৰব্য কিমান পৰিমাণে এক নিৰ্দিষ্ট সময় কালত আমদানি কৰিব পাৰিব তাক নিৰ্ধাৰণ কৰি দিয়ে তাকেই পৰিমাণগত প্রতিবন্ধক বুলি কোৱা হয়।

প্রশ্ন ১৯। ৰাজহুৱা খণ্ডৰ অধীনৰ যিবোৰ উদ্যোগে লাভ অৰ্জন কৰি আছে সেইবোৰক ব্যক্তিগতকৰণ কৰিব লাগে। এই মত সমৰ্থন কৰানে? কিয়?

উত্তৰঃ লাভ উপাৰ্জনকাৰী ৰাজহুৱা খণ্ডৰ উদ্যোগকেইটা ব্যক্তিগতকৰণ সমৰ্থন কৰিব নোৱাৰি। কাৰণ এনে ৰাজহুৱা খণ্ডৰ উদ্যোগে চৰকাৰৰ ৰাজহ উপার্জন বৃদ্ধিত সহায় কৰাৰ উপৰি দেখৰ নিযুক্তি বৃদ্ধিত সহায় কৰিছে। ইয়াৰোপৰি দেশৰ দুষ্প্ৰাপ্য সম্পদৰ সংৰক্ষণ আৰু পৰিবেশ বিনষ্ট নকৰাকৈ এনে সম্পদৰ কাম্য ব্যৱহাৰ হৈছে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ লক্ষ্য। এনে উদ্যোগবোৰ যেতিয়া ব্যক্তিগতকৰণ হয়, তেতিয়া মুনাফা উপাৰ্জন কৰাটো সিহঁতৰ প্ৰধান লক্ষ্য হৈ পৰিব আৰু ই দেশৰ বহনক্ষম উন্নয়নৰ প্ৰধান প্ৰতিবন্ধক হৈ পৰিব।

প্রশ্ন ২০। বহিঃউৎস গ্রহণ (Outsourcing) ভাৰতবৰ্ষৰ বাবে লাভ বুলি ভাৱানে? উন্নত দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছে কিয়? ভাৰতবৰ্ষত বহিঃউৎসৰ কি সুবিধা আছে?

উত্তৰঃ বিগত শতিকাৰ ৯০ দশকৰ পৰবৰ্তী কালছোৱাত বিশ্বায়নৰ যি ঢৌ উঠিছে তাৰ এটা প্ৰভাৱ হৈছে উৎপাদনক্ষেত্ৰ আৰু অৰ্থনৈতিক কাম-কাজত বহিঃউত্তম গ্রহণ (outsourcing)। যেতিয়া কোনো ব্যৱসায় প্রতিষ্ঠানে নিজৰ কাম-কাজ চলাবৰ অৰ্থে দেশীয় উৎসৰ পৰিবর্তে বৈদেশিক উৎসৰ সহায় গ্ৰহণ কৰে তাকেই বহিঃউৎস গ্রহণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে বিশ্বায়নৰ পূৰ্বৰ অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্য কাৰ্যালয় থকা এটা বহুৰাষ্ট্ৰীয় কোম্পানীয়ে নিজৰ কাম-কাজ পৰিচালনাৰ্থে প্ৰয়োজন হোৱা আইন সম্পৰ্কীয় সেৱা, কম্পিউটাৰ সেৱা, প্ৰচাৰ ইত্যাদিৰ কাৰণে উক্ত দেশৰ ভিতৰৰ উৎস ব্যৱহাৰ কৰিছিল; কিন্তু বিশ্বায়ন নীতি আৰু তথ্য প্ৰযুক্তিৰ ক্ষীপ্ৰ উন্নতিৰ কাৰণে এনে সেৱাসমূহ সাম্প্ৰতিক কালছোৱাত বহুৰাষ্ট্ৰীয় প্রতিষ্ঠান আৰু ক্ষুদ্র প্রতিষ্ঠানবোৰেও বিদেশৰ সস্তীয়া অথচ দক্ষতাপূৰ্ণ উৎসৰ পৰা আহৰণৰ ব্যৱস্থা কৰিছে। ইণ্টাৰনেটৰ মাধ্যমত আৰু কল চেণ্টাৰবোৰৰ এনে সেবাসমূহৰ লগত যুক্ত হৈ থকা ৰচনা, বক্তব্য আৰু দৃশ্য সম্বন্ধীয় তথ্য পৃথিৱীৰ বিভিন্ন দেশলৈ সম্প্রসাৰিত কৰিব পাৰি। ভাৰতবৰ্ষ হৈছে এনে বহিঃ উৎসব কেন্দ্র। কাৰণ এই দেশখনৰ সস্তীয়া আৰু দক্ষতাসম্পন্ন মানব শক্তিৰ উপস্থিতিয়ে এই দেশখনৰ মানৱ সম্পাদক বহিঃ উৎসৰ প্ৰধান কেন্দ্র হিচাপে প্রতিষ্ঠিত কৰিছে।

বহিঃ উৎসৰ পৰা ভাৰতবৰ্ষই লাভ কৰা সুবিধাৰ বিষয়ে কোনো সন্দেহ থাকিব নোৱাৰে। কাৰণ এইটো প্ৰক্ৰিয়াৰ কাৰণেই বিশ্বায়নৰ পৰবৰ্তী কালছোৱাত বহুৰাষ্ট্ৰীয় প্রতিষ্ঠানবোৰৰ যি উন্নতি আৰু ঘটিছে তাৰ পৰা ভাৰতবর্ষ বিশেষভাবে উপকৃত হৈছে। দেশৰ মানৱ শক্তিয়ে এনে প্ৰতিষ্ঠানৰ তথ্য যোগানকাৰী, দেশীয় কাৰ্যনিৰ্বাহক, পৰামৰ্শদাতা ইত্যাদি হিচাপে নিযুক্তি লাভ কৰাৰ সুবিধা পাইছে আৰু ইয়াৰ ফলত তেওঁলোকৰ নিজস্ব উপার্জন বৃদ্ধিৰ লগতে ৰাষ্ট্ৰীয় উপার্জনো বৃদ্ধি পাইছে। এনে বিদেশী কোম্পানীবোৰৰ নিজ দেশৰ পাৰিশ্রমিকৰ তুলনাত শ্রমিকৰ পাৰিশ্রমিক যথেষ্ট কম হোৱাৰ কাৰণে বহি উৎস গ্ৰহণৰ দ্বাৰা বিদেশী কোম্পানীবোৰো লাভবান হৈছে।

সাম্প্রতিক কালত বিশ্ব অর্থনীতি যি বিতীয় মন্দাৱস্থাৰ সন্মুখীন হৈছে তাৰ পৰিপ্রেক্ষিততে উন্নত দেশবোৰে বহিঃ উৎস ব্যৱহাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। বিস্তায় মন্দাৱস্থাৰ কাৰণে এই দেশবোৰত নিযুক্তিৰ সুবিধা উল্লেখনীয়ভাবে হ্ৰাস পাইছে আৰু ইয়াৰ ফলত নিবনুৱা সমস্যাই গভীৰ ৰূপ ধাৰণ কৰিছে। নিবনুৱা বৃদ্ধিৰ কাৰণ হিচাপে বহিঃ উৎসৰ ব্যৱহাৰক জগৰীয়া কৰা হৈছে। কাৰণ এইটো উৎস ব্যৱহাৰৰ কাৰণে উন্নত দেশৰ ব্যৱসায় প্রতিষ্ঠানে নিজৰ দেশত নিযুক্তি বৃদ্ধি কৰাৰ পৰিবর্তে ভাৰতবৰ্ষৰ দৰে বহিঃ উৎসতহে নিযুক্তিৰ সুবিধা বৃদ্ধি কৰিছে। এনে বিৰূপ প্ৰভাৱৰ কাৰণে দেশবোৰত বহি উৎস ব্যৱহাৰৰ বিপক্ষে চৰকাৰ আৰু জনসাধাৰণ সৰব হৈ উঠিছে।

ভাৰতবৰ্ষত বহিঃউৎসব প্রধান সুবিধাকেইটা হৈছে —-

(১) উন্নত দেশৰ তুলনাত সস্তীয়া অথচ দক্ষ শ্রমিক শক্তিৰ উপস্থিতি। 

(২) বিদেশী মুদ্ৰাৰ হিচাপত কম মজুৰী লাভ কৰিলেও দেশীয় মুদ্ৰাৰ মানত উচ্চ পাৰিশ্রমিক লাভ কৰাৰ সুযোগ পোৱাৰ কাৰণে ভাৰতীয় মানৱ শক্তিৰ যোগান এনে ক্ষেত্ৰত অপৰিসীম হোৱাৰ উপৰি এনে সেৱা নিযুক্তি লাভ কৰা শ্ৰমিকসকলে কঠোৰ পৰিশ্ৰম কৰিবলৈ আগ্রহী হয়।

প্রশ্ন ২১। তোমালোকে ভাবানে যে চৰকাৰৰ নবৰত্ন কৌশল ভাৰতৰ ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগৰ উন্নয়নত সহায়ক হৈছে? কেনেকৈ?

উত্তৰঃ ৰজা বিক্রমাদিত্যৰ ৰাজসভাত ক’লা, সাহিত্য ইত্যাদিৰ দৰে জ্ঞান আৰু পাৰদৰ্শিতা থকা ৯ গৰাকী পণ্ডিতে শোভাবর্ধন কৰিছিল আৰু একগোট হিচাপে তেখেতসকল নবৰত্ন (Navaratna) হিচাপে পৰিচিত আছিল। উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণৰ পৰৱৰ্তী কালছোৱাত ভাৰতৰ চৰকাৰে দেশৰ ঔদ্যোগিক খণ্ডৰ দক্ষতা বৃদ্ধি আৰু পেচাদাৰী পৰিচালনাৰ মাধ্যমত বিশ্বৰ দৰবাৰত এই খণ্ডটোক প্ৰতিষ্ঠাৰ অৰ্থে ১৯৯৬ চনত নবৰত্ব প্রত্যয়ৰ অৱতাৰণা কৰে আৰু দেশৰ ৯ টা উদ্যোগক নবৰত্নৰ মৰ্যাদা প্ৰদান কৰে। অতি দক্ষতা সম্পন্ন এই ৯টা উদ্যোগক নিজৰ ব্যৱসায় পৰিচালনাৰ ক্ষেত্ৰত অধিক স্বতন্ত্রতা প্ৰদান কৰা হৈছে। এই ৯টা উদ্যোগৰ লগতে লাভ উপাৰ্জনকাৰী আন ৯৭ টা উদ্যোগক ক্ষুদ্ৰ ৰত্ন (Mini Ratna) ৰ মর্যাদা দিবৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰোপৰি দক্ষতাৰ অতি উচ্চ স্তৰত উপনীত হোৱা কেইটামান “নৱৰত্ন” উদ্যোগক মহাৰত্নৰ সন্মান দিয়াৰো ব্যৱস্থা কৰা হৈছে।

চৰকাৰে গ্ৰহণ কৰা নৱৰত্ন কৌশলে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰক যথেষ্ট সহায় কৰিছে বুলি ক’ব লাগিব। বিশেষকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰত দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত নৱৰত্ন নীতিৰ উল্লেখযোগ্য বৰঙণি আছে। এইটো উল্লেখযোগ্য যে বিগত শতিকাৰ নব্বৈৰ দশকৰ আৰম্ভণিত দেশখনে সম্মুখীন হোৱা অৰ্থনৈতিক সংকটৰ এটা প্ৰধান কাৰণ আছিল ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে সম্মুখীন হোৱা বিশাল পৰিমাণৰ বিত্তীয় লোকচান। উদাৰ অৰ্থনৈতিক নীতিৰ অধীনত এনে দক্ষতাবিহীন উদ্যোগসমূহ বৰ্তি থাকিবৰ কাৰণে প্ৰয়োজন হৈছিল দক্ষতা বৃদ্ধিৰ মাধ্যমত এইবোৰক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ উদ্যোগ হিচাপে গণ্য কৰাৰ। চৰকাৰৰ নৱৰত্ন নীতিয়ে এনে সন্মানৰ অধিকাৰী হ’বলৈ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰক অনুপ্ৰেৰণা যোগাইছে। নৱৰত্নৰ অনুপ্ৰেৰণা যথেষ্ট প্রবল হোৱাৰ কাৰণেই পূৰ্বৰ দক্ষতাবিহীন ৰাজহুৱা খণ্ডৰ উদ্যোগে নিজৰ দক্ষতা বৃদ্ধি কৰি নৱৰত্নৰ সন্মানৰ অধিকাৰী হৈছে। নৱৰত্ন উদ্যোগৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি হোৱাৰ কাৰণেই চৰকাৰে মহাৰত্নৰ প্ৰত্যয় অবতাৰণা কৰিছে আৰু অতি উচ্চ দক্ষতাসম্পন্ন কেইটামান উদ্যোগক এইটো শ্ৰেণীৰ মৰ্যাদা দিছে।

প্রশ্ন ২২। কি কি প্রধান কাৰণৰ বাবে সেৱা খণ্ডৰ উচ্চ বৃদ্ধি ঘটিছে?

উত্তৰঃ বিশ্বায়ন আৰু উদাৰীকৰণ নীতি গ্ৰহণৰ পূৰ্বৰ পৰাই ভাৰতবৰ্ষত সেৱা খণ্ডৰ উন্নতি উচ্চ হাৰত হোৱা পৰিলক্ষিত হৈছে। এই বিষয়ে সেৱা খণ্ডৰ দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়লৈ বৰঙণি বৃদ্ধিৰ পৰা সহজে উপলব্ধি কৰিব পাৰি। ৰাষ্ট্ৰীয় আয়ৰ শতাংশ হিচাপে সেৱাখণ্ডৰ বৰঙণিৰ পৰিমাণ ১৯৫০-৫১ চনৰ ২৮ শতাংশৰ পৰা ২০০৬ – ০৭ বৰ্ষত ৫৫ শতাংশলৈ বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰাথমিক খণ্ডৰ বৰঙণি ৫৯ শতাংশৰ পৰা ২০ শতাংশলৈ হ্ৰাস পাইছে।

সেৱা খণ্ডত অন্তর্ভূক্ত হোৱা বিভাগকেইটা হৈছে জলসিঞ্চন আৰু বানপানী নিয়ন্ত্রণ, শক্তিখণ্ড, পৰিবহণ আৰু যোগাযোগ, বেংক, বিত্তীয় আৰু বীমা সেৱা, প্ৰাৰম্ভিক সুবিধা। এই সেৱাসমূহৰ উন্নতিৰ কাৰণ হিচাপে তলৰ উপাদান কেইটাৰ বৰঙণি উল্লেখ কৰিব পাৰি-

(১) পৰিকল্পনাৰ আৰম্ভণিৰ পৰাই দেশৰ কৃষি আৰু উদ্যোগৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ উন্নতিৰ অৰ্থে সেৱাখণ্ডৰ উন্নতি আৰু সম্প্রাসাৰণ প্রয়োজনীয় হৈ পৰিছে। সেইকাৰণে সমুদায় সেৱাখণ্ডত চৰকাৰী ব্যয় উচ্চ হাৰত বৃদ্ধি পাইছে। চৰকাৰৰ এনে গুৰুত্বতাৰ কাৰণেই শক্তিৰ যোগান ধৰা কয়লা, খনিজ তেল ইত্যাদিৰ উৎপাদন আৰু এইবোৰৰ পৰা হোৱা ৰাজহ বৃদ্ধি পাইছে।

(২) পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি অর্থনৈতিক উন্নয়নৰ পূৰ্বচৰ্ত হিচাপে বিবেচনা কৰা হয়। বিগত দশককেইটাত এই দুটা খণ্ডৰ ক্ষীপ্ৰ উন্নতি আৰু উপার্জন বৃদ্ধিয়ে দেশৰ সেৱা খণ্ডৰ উন্নয়নৰ হাৰ উচ্চ কৰিছে।

(৩) বেংক, বিত্তীয় আৰু বীমা সেৱাৰ উন্নতি আৰু সম্প্ৰসাৰণ সেৱা খণ্ডৰ উন্নতি আৰু সম্প্ৰসাৰণ সেৱাখণ্ডৰ ক্ষীপ্ৰ উন্নতিৰ আন এটা প্ৰধান কাৰণ । উদাৰ অৰ্থনৈতিক নীতিৰ অধীনত বিত্তীয় সেৱাৰ ক্ষীপ্ৰ উন্নয়নে সেৱা খণ্ডৰ উন্নতিত বিশেষভাৱে বৰঙণি যোগাইছে।

(৪) দেশৰ আন্তঃগাঁথনিৰ উন্নয়ন চৰকাৰৰ এটা প্ৰধান দায়িত্ব, এনে দায়িত্ব পালনৰ অৰ্থে চৰকাৰে বিগত দশককেইটাত গ্ৰাম্য আৰু নগৰ পৰিবহণৰ উন্নতি, খেতি পথাৰত জলসিঞ্চনৰ সুবিধা, বান নিয়ন্ত্ৰণৰ ব্যৱস্থা ইত্যাদিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। এনে কাৰণতো সেৱা খণ্ডৰ উন্নতি ক্ষীপ্ৰ হৈছে।

(৫) শেহতীয়াভাৱে কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱাৰ মাধ্যমত যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ ভিত্তিত হোৱা এই খণ্ডটোৰ ক্ষীপ্ৰ উন্নতিয়েও দেশৰ সেৱা খণ্ডৰ উন্নতি উচ্চ কৰিছে।

প্রশ্ন ২৩। সংস্কাৰ প্ৰক্ৰিয়াৰ দ্বাৰা কৃষি খণ্ডই প্ৰতিকূল প্রভাবৰ সন্মুখীন হ’ব লগা হৈছে। কিয়? 

উত্তৰঃ ভাৰতবৰ্ষই গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰৰ প্ৰক্ৰিয়াই কৃষিখণ্ডক উপকৃত কৰিব পৰা নাই আৰু ইয়াৰ কাৰণে সংস্কাৰৰ কালছোৱাত কৃষি উৎপাদন বৃদ্ধিৰ হাৰ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। 

এনে প্রতিকূল অৱস্থাৰ প্ৰধান কাৰণ হৈছে— 

(১) সংস্কাৰৰ কালছোৱাত জলসিঞ্চন, বান নিয়ন্ত্রণ, শক্তিৰ যোগান, কৃষি পৰিবহণ, বজাৰৰ উন্নতি ইত্যাদি কৃষি উন্নয়নৰ অৰ্থে প্ৰয়োজনীয় বুনিয়াদী সুবিধাসমূহত চৰকাৰী ব্যয় হ্রাস। 

(২) ৰাসায়নিক সাৰ কৃষকক যোগানৰ অৰ্থে পূৰ্বৰ ৰাজসাহায্যৰ (subsidies) কর্তন।

(৩) বিশ্বায়ন নীতিৰ অধীনত সস্তীয়া কৃষিজ দ্ৰব্যৰ বিদেশৰ পৰা আমদানিৰ নিষেধাজ্ঞা নীতিৰ শিথিলকৰন।

(৪) কৃষিজ দ্ৰব্যৰ নিম্নতম মূল্য প্ৰদানৰ নীতিৰ শিথিলকৰণক জগৰীয়া কৰিব পাৰি।

প্রশ্ন ২৪। সংস্কাৰৰ সময়ছোৱাত উদ্যোগ খণ্ডৰ কাৰ্যক্ষমতা কিয় দুৰ্বল হৈছে? 

উত্তৰঃ দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত উদ্যোগ খণ্ডৰ বিফলতা সংস্কাৰ নীতি গ্ৰহণৰ এটা প্ৰধান কাৰণ আছিল; কিন্তু অর্থনৈতিক সংস্কাৰ গ্ৰহণৰ কালছোৱাত উদ্যোগ খণ্ডৰ উন্নতি সন্তোষজনক নহয়। উল্লেখযোগ্য যে ১৯৯৩-১৪ আৰু ২০০৭-০৮ বৰ্ষৰ কালছোৱাত দেশৰ উদ্যোগবোৰৰ গড় হিচাপে বার্ষিক বৃদ্ধিৰ হাৰ আছিল ৬ শতাংশৰ তলত। ঔদ্যোগিক খণ্ডৰ কাৰ্যক্ষমতা দুৰ্বল হৈ থকাৰ কাৰণ হিচাপে মুক্ত আমদানি নীতি, বিনিয়োগৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত বিফলতা আৰু দক্ষতাবিহীন পৰিচালনাক জগৰীয়া কৰিব পৰা যায় ৷

বিশ্বায়ন আৰু উদাৰীকৰণ নীতি চৰকাৰৰ আমদানিৰ ওপৰত পূৰ্বতে থকা নিষেধাজ্ঞা শিথিল কৰিবলৈ বাধ্য কৰাত সস্তীয়া বিদেশী দ্ৰব্যই ভাৰতবৰ্ষৰ বজাৰ অধিকাৰ কৰিছে। ইয়াৰ ফলত দেশৰ উদ্যোগসমূহৰ দ্বাৰা উৎপাদিত উচ্চ মূল্যৰ দ্ৰব্যবোৰৰ চাহিদা হ্রাস পাইছে আৰু ই উদ্যোগবোৰৰ লাভাংশ হ্ৰাস কৰি সেইবোৰৰ উন্নতি বাধাগ্ৰস্ত কৰিছে।

দ্বিতীয়তে, ঔদ্যোগিক উন্নয়নৰ অৰ্থে দেশৰ আন্তঃগাঁথনিৰ (infrastructure) উন্নতিৰ প্রয়োজন, কিন্তু সংস্কাৰৰ কালছোৱাত পৰিবহণ, বিদ্যুৎ উৎপাদন ইত্যাদি ক্ষেত্ৰত বিনিয়োগ বিশেষভাৱে বৃদ্ধি হোৱা নাই। এই খণ্ডটোৰ মন্থৰ উন্নয়নেও ঔদ্যোগিক খণ্ডৰ উন্নতি ক্ষীপ্ৰ হোৱাত বাধা প্ৰদান কৰিছে।

তৃতীয়তে, দেশীয় উদ্যোগবোৰৰ দক্ষতাবিহীন পৰিচালনাৰ কাৰণে এইবোৰৰ উৎপাদিত দ্ৰব্য মান বৃদ্ধি আৰু উৎপাদনী ব্যয় হ্ৰাসৰ ক্ষেত্ৰত বিশেষ অগ্রগতি লাভ কৰিব পৰা নাই। নিম্ন মানবিশিষ্ট ভাৰতীয় দ্ৰব্যই উচ্চ দৰৰ সৈতে বিদেশী দ্ৰব্যৰ লগত মুক্ত প্রতিযোগিতাত অৱতীৰ্ণ হ’ব পৰা নাই।

চতুৰ্থতে উন্নত দেশবোৰৰ বজাৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ দৰে উন্নয়নশী দেশৰ দ্ৰব্যই বাধাৰ সন্মুখীন হৈছে। উদাহৰণস্বৰূপে সংস্কাৰ নীতি গ্ৰহণৰ কালছোৱাত ভাৰতবৰ্ষ যদিও আমদানিৰ পৰিমাণ (quota) নিৰ্ধাৰণ ব্যৱস্থা পৰিত্যাগ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰত আৰু চীন দেশৰ পৰা উক্ত দেশলৈ আমদানি কৰা বস্ত্ৰৰ (textiles) ওপৰত প্ৰবৰ্তন কৰা পৰিমাণ নির্ণয় (Quota) ব্যৱস্থা পৰিত্যাগ কৰা নাই।

প্রশ্ন ২৫। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ বিভিন্ন দুৰ্বলতাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ দুৰ্বলতাসমূহ তলত উল্লেখ কৰা হ’ল — 

(ক) কেৱল নগৰ অঞ্চলবোৰতহে জীৱন নিৰ্বাহৰ মানদণ্ডৰ উন্নতি সাধন হৈছে। দেশ এখনত দৰিদ্ৰতা এতিয়াও বহুল বিস্তাৰিত।

(খ) যদিওবা উচ্চ পর্যায়ত নিয়োগৰ সা-সুবিধাসমূহ সৃষ্টি কৰা হৈছে, কিন্তু নিম্নস্তৰত যেনে অপ্রশিক্ষণপ্রাপ্ত লোকৰ বাবে নিয়োগৰ সা-সুবিধা সৃষ্টি কৰিব পৰা নাই। 

(গ) অৰ্থনৈতিক সংস্কাৰে কৃষি খণ্ডটোক অবজ্ঞা কৰিছে। কৃষিখণ্ডত অধিক সংখ্যক লোক জড়িত। কিন্তু এই খণ্ডটোৰ উন্নয়ন নোহোৱাত কৃষক সমাজৰ সমস্যাসমূহ সমস্যা হৈয়ে আছে। 

প্রশ্ন ২৬। গোলকীকৰণৰ 3 টা সুবিধা আৰু 3 টা অসুবিধা লিখা।

উত্তৰঃ সুবিধা: 

(i) যিবিলাক উদ্যোগে লোকচান বহন কৰি আছিল, সেই উদ্যোগবোৰক সুদক্ষতা জগাই লোকচান হ্ৰাস কৰা।

(ii) গোলকীকৰণে সম্পদৰ নিয়োগ মূলধন উৎপাদন অনুপাত হ্ৰাস কৰিব আৰু শ্রমিকৰ উৎপাদনশীলতা বৃদ্ধি কৰিব।

(iii) ই বৈদেশিক প্রতিযোগিতা উৎসাহিত কৰিব। 

অসুবিধা:

(i) সংস্কাৰ ব্যৱস্থাই আমাৰ শিল্পসমূহক বিশেষকৈ ক্ষুদ্র শিল্পসমূহৰ সংকটজনক অৱস্থিতি সৃষ্টি কৰিছে।

(ii) গোলকীকৰণৰ ফলত স্থানীয় দ্রব্যসমূহৰ বজাৰ বাহিৰৰ দ্ৰব্যসমূহ লোৱা দেখা গৈছে। 

(iii) সংস্কাৰৰ ফলত অসমতাপূর্ণ বিকাশ প্রক্রিয়াহে স্পষ্ট হৈছে।

প্রশ্ন ২৭। সামাজিক ন্যায় আৰু কল্যাণৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান লক্ষ্য হৈছে উচ্চ হাৰত অর্থনৈতিক আৰু এনে উন্নয়নৰ সুফল সমভাৱে সকলো শ্ৰেণীৰ মাজত বিতৰণ কৰি আৰ্থসামাজিক কল্যাণ বৃদ্ধিৰ লক্ষ্য পৰিপূৰণ। এইক্ষেত্ৰত দেশখনে গ্ৰহণ কৰা সংস্কাৰ নীতিৰ লক্ষ্যত পৃথক হ’ব নোৱাৰে। দৰিদ্ৰতা নির্মূল আৰু আৰ্থ সামাজিক ক্ষেত্ৰত সমতা স্থাপন সংস্কাৰ নীতিৰো অন্যতম নির্মূল আৰু আৰ্থ-সামাজিক সমতা স্থাপনৰ মাধ্যমত সামাজিক ন্যায় আৰু কল্যাণৰ নীতি পৰিপূৰ্ণত সংস্কাৰ নীতি সচল হ’ব পৰা নাই। এই বিষয়ে তলৰ আলোচনাৰ পৰা উপলব্ধি কৰিব পাৰি।

এইবিষয়ে সন্দেহ নাই যে সংস্কাৰ নীতি গ্ৰহণ কৰাৰ পৰবৰ্তী কালছোৱাত দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ আপেক্ষিকভাৱে উচ্চ হৈছে; কিন্তু উক্ত বৃদ্ধিৰ দ্বাৰা দেশৰ দৰিদ্ৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হব পৰা নাই। কাৰণ সমীক্ষা মতে এতিয়াও দেশৰ ৩০০ নিযুততকৈ অধিক মানুহ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰি আছে। চৰকাৰী সমীক্ষা মতে দেশখনৰ দৰিদ্ৰতাৰ হাৰ ১৯৯৩-৯৪ বৰ্ষৰ ৩৬ শতাংশৰ পৰা ২০০৪-০৫ বৰ্ষত ২৭.৫ শতাংশলৈ হ্ৰাস পাইছে। অৰ্থাৎ সংস্কাৰ কালছোৱাত হোৱা অর্থনৈতিক বৃদ্ধিয়ে ধনী আৰু দৰিদ্ৰৰ মাজত থকা পাৰ্থক্য হ্ৰাস কৰি সামাজিক ন্যায় প্রতিষ্ঠা কৰিব পৰা নাই।

সামাজিক ন্যায় প্রতিষ্ঠা আৰু কল্যাণ বৃদ্ধিৰ অৰ্থে উন্নয়নৰ লগে লগে দেশত মানৱ সম্পদৰ নিযুক্তি বৃদ্ধি হোৱাটো অপৰিহাৰ্য; কিন্তু এই ক্ষেত্ৰতো সংস্কাৰৰ প্ৰভাৱ সন্তোষজনক নহয়। সংস্কাৰৰ কালছোৱাত দেশৰ সংগঠিত খণ্ডত নিযুক্তিৰ হাৰ হ্ৰাস পাইছে। উদাহৰণস্বৰূপে ১৯৮৩-৯৪ চনৰ কালছোৱাত সংগঠিত খণ্ডত নিযুক্তিৰ হাৰ ১.২০ শতাংশ বৃদ্ধি হৈছিল; কিন্তু ১৯৯৪-২০০৪ চনৰ দশকটোত উক্ত খণ্ডটোত নিযুক্তিৰ হাৰ ০.৩৮ শতাংশ হ্ৰাসহে পাইছে। সংস্কাৰ প্ৰক্ৰিয়াই আশা কৰা মতে নিযুক্তিত সুবিধা বৃদ্ধি কৰিব নোৱৰাত দৰিদ্ৰতা আৰু নিবনুৱাৰ সমস্যাই গভীৰ ৰূপ ধাৰণ কৰিছে।

দেশখনৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ মানুহ কৃষি কাৰ্যত নিয়োজিত হৈ আছে৷ গতিকে সামাজিক ন্যায় প্রতিষ্ঠা আৰু কল্যাণ বৃদ্ধিৰ অৰ্থে এই খণ্ডটোৰ উন্নতি অপৰিহাৰ্য। কিন্তু এইক্ষেত্ৰত সংস্কাৰ ব্যৱস্থা এইক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি ক’ব পৰা যায় ৷ কাৰণ — ১৯৭০-৭১ আৰু ১৯৯০-৯১ ৰ প্ৰাকসংস্কাৰ কালছোৱাত দেশখনৰ খাদ্যশস্য উৎপাদন বৃদ্ধিৰ গড় বাৰ্ষিক হাৰ আছিল ৩.১ শতাংশ, কিন্তু অর্থনৈতিক সংস্কাৰ গ্ৰহণৰ কাল ১৯৯০-৯১ আৰু ২০০৬-০৭ চনত খাদ্যশস্য উৎপাদনৰ গড় বার্ষিক বৃদ্ধিৰ হাৰ ১.৩ শতাংশলৈ হ্ৰাস হয়। কৃষি উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত ব্যৰ্থতাৰ কাৰণেই দেশখনে দুটা অংকৰ মুদ্রাস্ফীতিৰ সমস্যাৰ সন্মুখীন হৈছে। সংস্কাৰৰ কালছোৱাত একলাখতকৈ অধিক কৃষকৰ আত্মহত্যাই সংস্কাৰ নীতি বিফলতাৰ দিশটোৱেই প্রতিনিধিত্ব কৰিছে।

প্রশ্ন ২৮। ভাৰতৰ ১৯৯১ চনৰ ঔদ্যোগিক চাৰিটা বৈশিষ্ট্য কৰা। 

নাইবা, 

১৯৯১ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা ঔদ্যোগিক নীতি চমুকৈ বৰ্ণনা কৰা। 

নাইবা, 

১৯৯১ চনৰ ভাৰতৰ নতুন ৰাষ্ট্ৰীয় উদ্যোগ নীতিৰ মূল বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ ১৯৯১ চনৰ জুলাই মাহত ভাৰত চৰকাৰে দেশখনে গ্ৰহণ কৰা নতুন অর্থনৈতিক নীতিৰ লগত সামঞ্জস্য ৰাখি এটা নতুন উদ্যোগ নীতি ঘোষণা কৰিছে। ৰাজহুৱা খণ্ডৰ প্ৰাধান্য হ্ৰাস আৰু ব্যক্তিগত খণ্ডৰ প্ৰাধান্য বৃদ্ধি কৰি দেশখনৰ অর্থনৈতিক উন্নয়ন সাধন কৰা নতুন উদ্যোগ নীতিৰ প্ৰধান লক্ষ্য। নতুন উদ্যোগ নীতিটোৰ প্ৰধান বৈশিষ্ট্যকেইটা তলত চমুকৈ ব্যাখ্যা কৰা হৈছে। 

(১) ১৮ টা উদ্যোগৰ বাহিৰে আন সকলোবোৰ উদ্যোগৰ ক্ষেত্ৰত থকা অনুমতি পত্ৰ গ্ৰহণৰ ব্যৱস্থা বাতিলকৰণ। 

(২) পূৰ্বৰ ৰাজহুৱা খণ্ডৰ অন্তৰ্ভুক্ত ১৭ টা উদ্যোগৰ ভিতৰত ৮টা উদ্যোগ ব্যক্তিগত খণ্ডৰ কাৰণে মুকলি। উক্ত ৮টা উদ্যোগৰ ভিতৰত উল্লেখযোগ্য হৈছে লো- তীখা, বিদ্যুৎ, বিমান, পৰিবহণ জাহাজ নির্মাণ, গুৰু যন্ত্রপাতি, বিদ্যুৎ প্রকল্প আৰু দূৰ সংযোগ। বৰ্তমানৰ সংশোধন অনুসৰি ৰাজহুৱা খণ্ডৰ কাৰণে সংৰক্ষিত উদ্যোগ ৮টাৰ পৰা ৬ টালৈ হ্ৰাস কৰা হৈছে।

(৩) ক্ষুদ্র উদ্যোগৰ দ্বাৰা উৎপাদিত দ্ৰব্যৰ অৰ্থে সংৰক্ষণ ব্যৱস্থা বাহাল থাকিব। অৱশ্যে এনে উদ্যোগৰ উন্নয়নৰ অৰ্থে বৃহৎ উদ্যোগসমূহক ক্ষুদ্র উদ্যোগৰ অংশ কিনাৰ সুবিধা প্ৰদান কৰা হ’ব। 

(৪) বৈদেশিক বিনিয়োগ বৃদ্ধি আৰু দেশখনৰ ঔদ্যোগিক উন্নয়নত বিদেশী উদ্যোগপতিক অংশগ্ৰহণত উৎসাহ প্রদানৰ অৰ্থে বৈদেশিক বিনিময় নিয়ন্ত্রণ আইনৰ (FERA Act) প্রয়োজনীয় সংশোধন ঘটোৱাৰ ব্যৱস্থা।

(৫) উদ্যোগৰ পৰিচালনাৰ ক্ষেত্ৰত শ্ৰমিকৰ অংশগ্ৰহণৰ সুবিধা বৃদ্ধি আৰু উন্নত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ফলত বিলম্বিত হোৱা শ্ৰমিকৰ সাহায্যার্থে ২০০ কোটি টকাৰ এক ন্যাস পুঁজি গঠন।

(৬) একচেটিয়া ব্যৱসায় সম্প্ৰসাৰণ আইনৰ (MRTP Act) সংস্কাৰ সাধনৰ মাধ্যমত বৃহৎ উদ্যোগবোৰক উৎপাদন ব্যৱস্থা সম্প্ৰসাৰণৰ সুবিধা প্ৰদান। 

প্রশ্ন ২৯। ১৯৯১ চনৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ভাৰসমতাৰ এটি থুল-মূল আভাস দিয়া।

উত্তৰঃ নব্বৈৰ দশকৰ আৰম্ভণিত ভাৰতবৰ্ষই যি অৰ্থনৈতিক সংকটৰ সন্মুখীন হয় তাৰ। এটা অন্যতম কাৰণ আছিল দেশখনৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত হোৱা অবিৰত ঘাটি। উক্ত ঘাটিৰ কাৰণে দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ নিম্নতম পৰ্যায়লৈ নামি আহিছিল। এনে সংকটৰ পৰা উদ্ধাৰ পাবৰ অৰ্থে ১৯৯১ চনৰ জুলাই মাহত দেশখনে এক উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰে। ব্যক্তিগত খণ্ডৰ প্ৰাধান্য বৃদ্ধি আৰু প্ৰায় মুক্ত বৈদেশিক বাণিজ্য হৈছে উক্ত নীতিৰ প্ৰধান বৈশিষ্ট্য। মুক্ত অর্থনৈতিক নীতিৰ অধীনত দেশখনৰ বৈদেশিক বাণিজ্যৰ ভাৰসমতাৰ ক্ষেত্ৰত যিখিনি পৰিবৰ্তন পৰিলক্ষিত হৈছে তাক তলত চমুকৈ আলোচনা কৰা হৈছে।

১৯৯১ চনৰ পৰৱৰ্তী কালছোৱাত দেশখনৰ ৰপ্তানিৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাত বৰ্ধিত হাৰত আমদানিৰ মূল্য ৰপ্তানিৰ মূল্যৰ দ্বাৰা পৰিপূৰণ কৰিব পৰা হৈছে। চনত দেশখনৰ মুঠ আমদানিৰ মূল্য ৫২ শতাংশহে ৰপ্তানিৰ মূল্যৰ দ্বাৰা পৰিপূৰণ কৰিব পৰা গৈছিল; কিন্তু ১৯৯১ চনৰ পৰবৰ্তী কালছোৱাত এই অৱস্থাৰ যথেষ্ট উন্নতি ঘটে। ১৯৯০-৯১ চনত দেশখনৰ মুঠ আমদানি মূল্যৰ ৬৬ শতাংশ, ১৯৯২-৯৩ চনৰত ৮১ শতাংশ আৰু ১৯৯৩-৯৪ চনত ৯৪ শতাংশ দেশখন মুঠ ৰপ্তানিৰ মূল্যৰ দ্বাৰা পৰিশোধ কৰাতো সম্ভৱপৰ হয়। ইয়াৰ ফলত দেশখনৰ মুঠ বাণিজ্যিক ঘাটি ১৯৯০-৯১ চনৰ ১৬৯৩৩ কোটি টকাৰ পৰা ১৯৯৩-৯৪ চনত ৭৪৮৪ কোটি টকালৈ হ্রাস হয়। বাণিজ্যিক ঘাটি হ্রাস আৰু ব্যক্তিগত বৈদেশিক বিনিয়োগ বৃদ্ধিৰ কাৰণে দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ১৯৯০-৯১ চনৰ ৫৮৩৪ নিযুত ডলাৰৰ পৰা ১৯৯৪-৯৫ চনত ২৫১৮৬ নিযুত ডলাৰলৈ বৃদ্ধি হয়।

প্রশ্ন ৩০। ভাৰতৰ নিম্ন ৰপ্তানি বাণিজ্যৰ কাৰণসমূহ কি কি? ৰপ্তানি বৃদ্ধিৰ বাবে যিকোনো চাৰিটা পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ ভাৰতবৰ্ষৰ নিম্ন ৰপ্তানি বাণিজ্যৰ প্ৰধান কাৰণকেইটা হৈছে —-

(ক) দেশখনত উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিয়ে ৰাহি উৎপাদন সৃষ্টি কৰাত বাধা প্ৰদান কৰাৰ কাৰণে ৰপ্তানিৰ পৰিমাণ নিম্ন পর্যায়ত আছে। উল্লেখযোগ্য যে সাধাৰণতে দেশৰ ৰাহি দ্রব্যখিনিয়ে ৰপ্তানিযোগ্য হয়।

(খ) ভাৰতীয় উদ্দ্যোগৰ উৎপাদিত দ্ৰব্যৰ উচ্চ উৎপাদনী ব্যয় আৰু এইবোৰৰ নিম্ন মানদণ্ডৰ কাৰণে এনে দ্ৰব্যই বিদেশৰ বজাৰত মুক্ত প্ৰতিযোগিতাৰ সন্মুখীন হোৱাত ব্যর্থ হোৱাৰ কাৰণেও ৰপ্তানিৰ পৰিমাণ নিম্ন হৈ আছে।

(গ) ভাৰতবৰ্ষৰ কৰ ব্যৱস্থাই ৰপ্তানি খণ্ডক ৰপ্তানি বৃদ্ধিৰ অৰ্থে অনুপ্ৰাণিত কৰিব পৰা নাই। 

(ঘ) পৰিবহণৰ অসুবিধাই দেশৰ বিভিন্ন অঞ্চলত উৎপাদন হোৱা ৰাহি দ্ৰব্যখিনি বিদেশলৈ ৰপ্তানি কৰাত বাধা প্ৰদান কৰাৰ কাৰণেও ৰপ্তানিৰ পৰিমাণ নিম্ন হৈ আছে।

(ঙ) ৰপ্তানি বাণিজ্যৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণৰ কাৰণেও ৰপ্তানিকাৰীসকলৰ ৰপ্তানি বৃদ্ধিৰ অনুপ্ৰেৰণা কম হোৱা দেখা যায়।

পৰামৰ্শ: দেশখনৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধিৰ অৰ্থে গ্রহণ কৰিবলগীয়া প্ৰধান ব্যবস্থাকেইটা হৈছে:

(ক) কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ উৎপাদন বৃদ্ধি আৰু কিছুমান দ্রব্যসামগ্ৰীৰ উপভোগৰ পৰিমাণ সীমিত কৰি ৰপ্তানিৰ কাৰণে অধিক ৰাহি ঘৃব্য সৃষ্টিৰ অৰ্থে ব্যৱস্থা গ্ৰহণ।

(খ) দেশৰ ৰপ্তানি উদ্যোগসমূহৰ আধুনিকীকৰণৰ অৰ্থে প্ৰয়োজনীয় যন্ত্রপাতি আৰু প্ৰযুক্তিবিদ্যাৰ আমদানিৰ সহজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগিব।

বিক্ৰীয় সংস্কাৰৰ প্ৰধান লক্ষ্য হৈছে চৰকাৰী ব্যয় নিয়ন্ত্ৰণ আৰু কৰ আৰু অনাকৰ ৰাহজ পৰিমাণ বৃদ্ধি কৰি ৰাজহুৱা খণ্ডৰ বিত্তীয় ঘাটি দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ১২.৫ শতাংশেৰ পৰা ৪ শতাংশলৈ হ্ৰাস কৰা।

প্রশ্ন ৪১। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ সপক্ষে দুটা যুক্তি দিয়া। 

নাইবা, 

অর্থনৈতিক সংস্কাৰৰ তিনিটা প্ৰদান উদ্দেশ্য উল্লেখ কৰা। 

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ গ্ৰহণৰ সপক্ষে যিকেইটা যুক্তি আগবঢ়োৱা হৈছিল উক্ত যুক্তিকেইটাৰ ভিতৰত উল্লেখযোগ্য হৈছে এই যুক্তিকেইটা সংস্কাৰৰ লক্ষ্য হিচাপেও পৰিচিত।

(ক) অর্থনৈতিক সংস্কাৰে দেশৰ উন্নয়নৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি কৰিব। 

(খ) অর্থনৈতিক সংস্কাৰৰ ফলত হোৱা ব্যক্তিগত খণ্ডৰ ক্ষীপ্ৰ সম্প্ৰসাৰণে নিযুক্তি আৰু উপাৰ্জন আহৰণত সুবিধা কৰিব।

(গ) দেশৰ দৰিদ্ৰতাৰ হাৰ হ্ৰাস কৰি উন্নয়নৰ প্ৰধান লক্ষ্য সৰ্বাংগীন উন্নতিৰ (Inclusive growth) পথত অগ্ৰসৰ হোৱাত দেশখনক সহায় কৰিব। 

প্রশ্ন ৪১। ভাৰতীয় অৰ্থনীতিৰ বিশ্বায়নৰ বাবে লোৱা ব্যৱস্থাসমূহ উল্লেখ কৰা। 

উত্তৰঃ বিশ্বায়নৰ মূল মন্ত্ৰ হৈছে দ্ৰব্য সামগ্ৰী আৰু সেৱা প্ৰযুক্তি কৌশল, মূলধন আৰু আনকি মানৱ সম্পদৰ বিশ্বৰ এখন দেশৰ পৰা আনখন দেশলৈ মুক্ত প্রবাহ। ভাৰতবৰ্ষত বিশ্বায়নৰ নীতি কাৰ্যকৰী অৰ্থে দেশখনে উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণৰ পৰৱৰ্তী অৱস্থাত যিকেইটা প্রধান ব্যৱস্থা গ্ৰহণ কৰিছে উক্ত ব্যবস্থাকেইটা তলত চমুকৈ ব্যাখ্যা কৰা হৈছে।

(ক) মুক্ত বৈদেশিক বাণিজ্য নীতি গ্ৰহণৰ ব্যৱস্থা: বিশ্বায়ন নীতি কাৰ্যকৰী কৰি অর্থে ভাৰতবৰ্ষত মুক্ত বৈদেশিক বাণিজ্য নীতি প্ৰয়োগৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱা দেখা গৈত আমদানি শুল্কৰ উল্লেখযোগ্য হ্রাস আৰু অনা-শুষ্কীয় প্রতিবন্ধকবোৰৰ অৱসান ঘটাই দেশ ৰপ্তানি-আমদানি বাণিজ্যৰ উন্নতিৰ অৰ্থে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে এনে উদাৰ বাণিজ্য ব্যৱস্থাই দেশখনৰ ৰপ্তানী বৃদ্ধিৰ তুলনাত আমদানি বৃদ্ধিত অধিক বৰঙণি যোগে পৰিলক্ষিত হৈছে।

(খ) বৈদেশিক বিনিয়োগ বৃদ্ধি: বিশ্বায়ন নীতিৰ অধীনত দেশখনত বৈদেশিক বিনিয়োগ বৃদ্ধি কৰি দেশৰ উদ্যোগ, ব্যৱসায়-বাণিজ্য, আন্তঃগাঁথনি ইত্যাদি খণ্ডৰ ক্ষীপ্ৰ উন্নয়নৰ অৰ্থে এলানি অনুপ্ৰেৰণামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে চীন দেশৰ তুলনাত বৈদেশিক মূলধনৰ আন্তঃপ্রবাহ ঘটোৱাত ভাৰতবৰ্ষত সফলতা সীমিত পৰ্যায়ত আছে।

(গ) মানৱ সম্পদৰ মুক্ত প্রবাহ: বিশ্বায়ন নীতিৰ মূলমন্ত্ৰ এখন দেশৰ পৰা আন এখন দেশলৈ মানৱ সম্পদৰ মুক্ত প্ৰৱাহ বিষয়টোৰ ক্ষেত্ৰত পৃথিৱীৰ আন উন্নয়নশীল দেশবোৰৰ লগতে ভাৰতবৰ্ষইও কোনো ব্যৱস্থাত অগ্রগতি লাভ কৰা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে এই দেশবোৰৰ পৰা উন্নত দেশবোৰলৈ মানৱ সম্পদৰ মুক্ত প্রবাহ বিষয়টো উন্নত দেশবোৰে এতিয়াও সমর্থন জনোৱা নাই।

প্রশ্ন ৪২। ভাৰতত অর্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্ত্তনৰ বাবে জগৰীয়া উপাদানবোৰ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধনৰ প্ৰধান উপাদানবোৰ ব্যাখ্যা কৰা হ’ল — 

(i) ক্রমবর্ধমান সৰ্বমুঠ বিত্তীয় ঘাটি: চৰকাৰৰ মুঠ ব্যয়ৰ পৰিমাণ আৰু মুঠ আয়ৰ পৰিমাণৰ মাজত যি ব্যৱধানে দেখা দিয়ে, সেয়াই হ’ল বিত্তীয় ঘাটি। 1990-91 চনত চৰকাৰৰ মুঠ বিক্ৰীয় ঘাটিৰ পৰিমাণ আছিল দেশৰ মুঠ জাতীয় আয়ৰ 8.4% এই বর্ধিত ঘাটি ৰোধ কৰিবলৈ চৰকাৰে 1991 ত অর্থনৈতিক সংস্কাৰ নীতি গ্রহণ কৰে।

(ii) মুদ্রাস্ফীতিৰ বৰ্ধিত হাৰ: 1990 – 91 চনত মুদ্রাস্ফীতিৰ হাৰ আছিল 18% এই সমস্যাই ভালেমান অর্থনৈতিক অন্য সমস্যাৰ সৃষ্টি কৰিলে। সীমিত আয়ৰ লোকসকল আর্থিকভাৱে জুৰুলা হ’ল। ৰপ্তানিজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে ৰপ্তানি বজাৰ সংকুচিত হ’ল। এনে সব্য পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ সাধন কৰে।

(iii) বৈদেশিক বাণিজ্যৰ ভাৰসাম্যহীনতা: কেতবোৰ বৈদেশিক লেনদেনে দেশখনৰ উপাৰ্জনৰ পৰিমাণ বাড়ালে (যেনে — ৰপ্তানি বাণিজ্য)। অন্যহাতে কেতবোৰ লেনদেন (যেনে— সামগ্ৰীৰ আমদানি)ৰ ফলত দেশখনৰ সম্পদ ব্যয় কৰিবলগীয়া হয়। বৈদেশিক বাণিজ্যৰ পৰা লাভ কৰা উপাৰ্জনৰ পৰিমাণ ভাৰতবৰ্ষই কৰা আমদানিৰ ব্যয়তকৈ অধিক হোৱাত বৈদেশিক বাণিজ্যত ঘাটিৰ সৃষ্টি হয়। 1990-91 চনত দেখা দিয়া বৈদেশিক বাণিজ্যৰ ভাৰসাম্যহীনতাই অর্থনৈতিক সংস্কাৰ সাধন কৰাত বিশেষ অৰিহণা যোগায়।

প্রশ্ন ৪৩। ব্যক্তিগতকৰণ কি? ভাৰতৰ প্ৰসঙ্গত ব্যক্তিগতকৰণৰ সপক্ষে তিনিটা আৰু বিপক্ষে দুটা মুক্তি দিয়া। 

উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠান একোটা বেচৰকাৰী খণ্ডলৈ পৰিবৰ্তিত হোৱা অৱস্থাকে ব্যক্তিগত কৰণ বোলা হয়। 

ভাৰতত ব্যক্তিগতকৰণৰ সপক্ষে ৩টা যুক্তি হ’ল —

(i) ব্যক্তিগতকৰণে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কাৰ্য দক্ষতা তথা লাভ অর্জন ক্ষমতা বৃদ্ধি কৰিব। 

(ii) লোকচান বহন কৰা ৰাজহুৱা উদ্যোগৰ বাবে সৃষ্টি হোৱা বাজেট ঘাটিৰ পৰিমাণ হ্ৰাস কৰিব। 

(iii) আধুনিক ধৰণৰ প্ৰযুক্তিগত উৎপাদন সম্ভৱ হ’ব।

ভাৰতত ব্যক্তিগতকৰণৰ বিপক্ষে ২টা যুক্তি হ’ল—

(i) বৃহৎ উদ্যোগ গোটসমূহৰ হাতত একচেটীয়া বছাৰৰ ক্ষমতা সৃষ্টি কৰাত উৎসাহিত কৰে। 

(ii) লোকচানৰ আশংকা থকা উদ্যোগৰ প্ৰতি বেচৰকাৰী খণ্ডৰ উৎসাহ নাথাকে। 

প্রশ্ন ২৮। কৃষি বজাৰ ব্যৱস্থা কি? ভাৰতত কৃষি ৰজাৰ ব্যৱস্থাৰ ত্রুটিসমূহ চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ কৃষিজাত দ্ৰব্য উপযুক্ত দামত বিক্ৰী কৰিব পৰা সফল ব্যৱস্থাটোকে কৃষি বজাৰৰ ব্যৱস্থা বোলা হয়। অর্থাৎ কৃষিজাত দ্রব্য বিক্ৰীৰ বাবে নিয়ন্ত্ৰিত বজাৰৰ প্ৰয়োজন। 

ভাৰতৰ কুষি বজাৰ ব্যৱস্থাৰ প্ৰধান দোষসমূহ হ’ল —

(i) ভাৰতবৰ্ষত বিক্ৰীৰ বাবে থকা অতিৰিক্ত দ্ৰব্য উপযুক্ত গুদাম ঘৰৰ অভাৱত দীর্ঘদিনলৈ ক্ষয়-ক্ষতি নোহোৱাকে ৰাখিব নোৱাৰি। 

(ii) ভাৰতীয় কৃষকৰ অধিকাংশই দুখীয়া হোৱা বাবে অতি নিম্ন দামতে কৃষি দ্রব্য বিক্রী কৰিবলৈ বাধ্য হয়। 

(iii) প্রয়োজনীয় যাতায়াত ব্যৱস্থাৰ অভাৱেও কৃষকসকলে দূৰণিৰ নিয়ন্ত্ৰিত বজাৰত দ্রব্য বিক্ৰী কৰিবলৈ নোৱাৰে। 

(iv) মধ্যস্থ স্বত্বাধিকাৰৰ সংখ্যা অধিক হোৱাৰ ফলত দুখীয়া আৰু অশিক্ষিত কৃষকসকলে দ্ৰব্যৰ প্ৰকৃত দাম নাপায়। 

(v) চৰকাৰী কৃষি ঋণৰ উপযুক্ত ব্যৱস্থা নোহোৱাৰ বাবেও কৃষকসকলে প্ৰায়ে মহাজন বা গাঁৱৰ ঋণপ্ৰদান কৰা সকলৰ ওচৰত প্ৰৱঞ্চনাৰ বলি হয়। 

প্রশ্ন ৪২। ব্যক্তিগতকৰণৰ বিৰুদ্ধে দুটা যুক্তি দিয়া।

উত্তৰঃ (ক) উন্নয়নশীল দেশত ব্যক্তিগতকৰণে শ্রমিকৰ স্বাৰ্থক উপেক্ষা কৰে।

(খ) অতিশয় লোকচানৰ সন্মুখীন হোৱা ৰাজহুৱা উদ্যোগ ব্যক্তিগতকৰণ সম্ভৱ নহয় যাৰ বাবে তেনে উদ্যোগ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া হয়।

প্রশ্ন ৪৩। উদাৰীকৰণৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা। 

উত্তৰঃ সুবিধা: 

(ক) উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অনুমতি-পত্ৰ প্ৰত্যাহাৰ কৰা বাবে প্ৰশাসনিক জটিলতা নোহোৱা হৈছে।

(খ) উদাৰীকৰণৰ ফলত ভাৰতৰ অৰ্থনৈতিক উন্নয়ন বৃদ্ধি পোৱাৰ লগতে জনমূৰি আয়ো বৃদ্ধি হৈছে।

অসুবিধা: 

(ক) উদাৰীকৰণে নিয়োগৰ ক্ষেত্ৰখন সংকুচিত কৰিছে।

(খ) অনিয়ন্ত্রিত প্রতিযোগিতাই ডাঙৰ উদ্যোগপতিসকলৰ প্ৰভুত্ব বৃদ্ধি কৰিছে।

প্রশ্ন ৪৪। আধুনিকীকৰণ বুলিলে কি বুজা?

উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ কাৰণে নতুন উৎপাদন কৌশল, যন্ত্রপাতি তথ্য উন্নয়ন কৌশল অৱলম্বন কৰাকে আধুনিকীকৰণ বোলা হয়।

প্রশ্ন ৪৫। মুদ্রাস্ফীতিৰ মূল কাৰণসমূহ উল্লেখ কৰা। 

উত্তৰঃ মুদ্রাস্ফীতিৰ মূল কাৰণসমূহ হ’ল-

(i) জনসংখ্যা বৃদ্ধি। 

(ii) উৎপাদন ব্যয় বৃদ্ধি। 

(iii) মুদ্ৰাৰ যোগান বৃদ্ধি। 

(iv) কৰৰ হাৰ বৃদ্ধি।

প্রশ্ন ৪৫। আর্থিক সংস্কাৰৰ ধনাত্মক প্ৰভাৱসমূহৰ বিষয়ে বহলাই লিখা। 

উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ ধনাত্মক প্রভাব তলত উল্লেখ কৰা হ’ল —

(i) 1991 চনত হোৱা অর্থনৈতিক সংস্কাৰৰ ফলত GDP ৰ বৃদ্ধিৰ হাৰ তৰান্বিত হয়।

(ii) ভাৰতবৰ্ষত দৰিদ্ৰতা দূৰীকৰণ ক্ষিপ্ৰতৰ হয়। 1993-94 ৰ 36% দৰিদ্রতা জনসংখ্যা প্রায় 21% শতাংশলৈ 2016-17 চনত হ্ৰাস হয়। 

(iii) দেশত বৈদেশিক বিনিয়োগৰ পৰিমাণ বৃদ্ধি হয়।

(iv) গোলকীকৰণ আৰু উদাৰীকৰণ ব্যৱস্থাই নিয়োগৰ সুবিধাও বৃদ্ধি কৰে। 

প্রশ্ন ৪৫। তলৰ ধাৰণা দুটা বহলাই লিখা।

(ক) চাহিদাজ্ঞানিক মুদ্রাস্ফীতি 

উত্তৰঃ চাহিদাজনিত মুদ্রাস্ফীতি: অৰ্থনীতিৰ সামগ্রিক চাহিদাৰ পৰিমাণ সামগ্রিক যোগানতকৈ অধিক হ’লে চাহিদাজনিত মুদ্রাস্ফীতিৰ সৃষ্টি হয়। ইয়াৰ প্ৰধান কাৰকসমূহ হ’ল—

(i) জনসংখ্যা বৃদ্ধি। 

(ii) মুদ্ৰাৰ যোগান বৃদ্ধি।  

(iii) চৰকাৰী ব্যয় বৃদ্ধি।

(খ) ব্যয়জনিত মুদ্রাস্ফীতি

উত্তৰঃ ব্যয়জনিত মুদ্রাস্ফীতি: উৎপাদন ব্যয় বৃদ্ধিৰ ফলত দ্ৰব্য আৰু সেৱাৰ দাম বৃদ্ধি। হোৱাকে ব্যয়জনিত মুদ্রাস্ফীতি বোলে। 

ইয়াৰ কাৰকসমূহ হ’ল-

(i) মজুৰি হাৰ বৃদ্ধি। 

(ii) কৰৰ হাৰ বৃদ্ধি। 

(iii) প্রাকৃতিক দুৰ্যোগৰ ফলত দ্ৰব্যৰ উৎপাদন হ্রাস।

প্রশ্ন ৪৬। ভাৰতীয় অৰ্থনীতিত LPG নীতিৰ দুটা ধনাত্মক প্রভাবৰ বিষয়ে লিখা। 

উত্তৰঃ দুটা ধনাত্মক প্রভাৱ –

(ক) অৰ্থনৈতিক পুনর্গঠনৰ যোগেদি ভাৰতত ৰাষ্ট্ৰীয় আয়ৰ বছৰেকীয়া উন্নয়নৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। 

(খ) উদ্যোগসমূহত আৰু উদ্যোগী লোকৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰা বাবে বস্তু সামগ্রীৰ। গুণ-মান আৰু উৎপাদন দক্ষতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। 

প্রশ্ন ৪৭। বিপ্লৱৰ দুটা ধনাত্মক আৰু দুটা ঋণাত্মক প্ৰভাৱৰ বিষয়ে লিখা। 

উত্তৰঃ দুটা ধনাত্মক প্রভাব-

(ক) সেউজ বিপ্লৱে ভাৰতত ক্ৰমাগতভাৱে থকা খাদ্য ঘাঁটি নির্মূল কৰি খাদ্যশস্যৰ বাবে স্বয়ং সম্পূর্ণতা অৰ্জন কৰাত সহায় কৰিছে।

(খ) সেউজ বিপ্লরে একেই কৃষিভূমিত একাধিকবাৰ শস্য উৎপাদন কৰাত উৎসাহ দিয়াৰ ফলত অধিক সংখ্যক শ্রমিকৰ প্রয়োজন হৈছিল আৰু সেইবাবে ঋতুজনিত নিবনুৱা সংখ্যা হ্রাস পাইছিল।

দুটা ঋণাত্মক প্রভাৱ —

(ক) ক্ষুদ্ৰ আৰু বৃহৎ খেতিয়কৰ মাজত ব্যৱধান বৃদ্ধি কৰাত সেউজ বিপ্লৱে সহায় কৰিছিল।

(খ) ভূমি সংস্কাৰৰ প্ৰতি চৰকাৰী স্তৰত অৱহেলাই দেখা দিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top