Class 12 Economics Chapter 6 উন্নয়ন নীতিসমূহ আৰু অভিজ্ঞতা

Class 12 Economics Chapter 6 উন্নয়ন নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-৯০) Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Economics Chapter 6 উন্নয়ন নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-৯০) Notes and select needs one.

Class 12 Economics Chapter 6 উন্নয়ন নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-৯০)

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assamese Medium Class 12 Economics Chapter 6 উন্নয়ন নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-৯০) Solutions for All Subject, You can practice these here.

উন্নয়ন নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-৯০)

Chapter: 6

দ্বিতীয়-খণ্ড : ভাৰতৰ অৰ্থনৈতিক উন্নয়ন

প্রথম অধ্যায়

প্রাক স্বাধীনতাৰ কালছোৱাত ভাৰতৰ অৰ্থনীতিৰ চমু পৰিচয়

প্রশ্ন ১। ভাৰতত ঔপনিবেশিক চৰকাৰে অনুসৰণ কৰা অৰ্থনৈতিক নীতিসমূহৰ দৃষ্টিভংগী কেনে আছিল? এই নীতিসমূহৰ প্ৰভাৱ সমূহ কেনেকুৱা আছিল? 

উত্তৰঃ ভাৰতবৰ্ষত ঔপনিবেশিক চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ প্ৰধান উদ্দেশ্য আছিল দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ পৰিবৰ্তে ইংলেণ্ডৰ স্বাৰ্থ সুৰক্ষিত কৰা। ভাৰতবৰ্ষৰ কপাহী বস্ত্ৰৰ দৰে দেশীয় উদ্যোগবোৰ ধ্বংস কৰি দেশখনক গ্রেট ব্ৰিটেইনৰ উদ্যোগবোৰৰ কেচামালৰ উৎস হিচাপে ব্যৱহাৰ কৰা আৰু ইংলেণ্ডৰ উদ্যোগবোৰত উৎপাদিত শস্য সমূহৰ, উৎপাদিত দ্রব্য সমূহৰ অৰ্থে ভাৰতবৰ্ষৰ বজাৰখন সুৰক্ষিত কৰাৰ ওপৰত অগ্ৰাধিকাৰ দি ঔপনিৱেশিক চৰকাৰে নিজৰ অৰ্থনৈতিক নীতি গঠন কৰিছিল। তেনেদৰে কৃষি খণ্ডত জমিদাৰী ব্যৱস্থা প্ৰবৰ্তন কৰি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সুস্থিৰতা ৰক্ষা কৰাৰ ওপৰত ঔপনিৱেশিক চৰকাৰে গুৰুত্ব আৰোপ কৰিছিল। কৃষকৰ পেৰত জমিদাৰে চলোৱা শোষণৰ প্ৰতি ঔপনিবেশিক চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাছিল।

ঔপনিবেশিক চৰকাৰৰ এনে শোষণ নীতিৰ কাৰণেই পূৰ্বৰ উন্নত ভাৰতীয় অর্থনীতি স্বাধীনতা অৰ্জন কৰাৰ সময়ত অনগ্ৰসৰ আৰু দৰিদ্ৰ দেশ হৈ পৰিছিল। দুৰ্ভিক্ষ আৰু অনাটনৰ কবলত ভাৰতীয় অর্থনীতি সোমাই পৰিছিল।

প্রশ্ন ২। ঔপনিবেশিক শাসনকালত ভাৰতবৰ্ষৰ জনমুৰি আয় গণনা কৰা কেইজনমান বিশিষ্ট অর্থনীতিবিদৰ নাম লিখা।  

উত্তৰঃ দাদাভাই নাওৰজী, লর্ড কার্জন, উইলিয়াম দিগবী, ভি কে আৰ ভি বাও (V.K.R. V. Rao) – ইত্যাদি।

প্রশ্ন ৩। ঔপনিবেশিক শাসন কালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণসমূহ কি আছিল?

উত্তৰঃ ঔপনিৱেশিক শাসনকালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণ আছিল চিৰস্থায়ী বন্দোবস্তিৰ অধীনত প্ৰৱৰ্তন কৰা জমিদাৰী প্রথা। জমিদাৰীসকলে কৃষিৰ উন্নতিৰ পৰিৱর্তে দৰিদ্ৰ কৃষকসকলৰ ওপৰত শোষণ চলাই ৰাজহ সংগ্ৰহৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰাৰ কাৰণে কৃষিখণ্ডৰ উন্নতি স্থবিৰ হৈ পৰিছিল।

দ্বিতীয়তে উন্নত বীজ, সাৰ, জলসিঞ্চন ইত্যাদিৰ দৰে আধুনিক কৃষি প্রযুক্তি কৌশল প্রয়োগৰ অভাৱৰ কাৰণেও ভাৰতীয় কষিৰ উন্নতি পৰিলক্ষিত হোৱা নাছিল।

প্রশ্ন ৪। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত চলি থকা কেইটামান উদ্যোগৰ নাম লিখা। 

উত্তৰঃ কপাহী বস্ত্ৰ উদ্যোগ, মৰাপাট কল, চাহ, কফি। 

প্রশ্ন ৫। পৰাধীন ভাৰতত ইংৰাজসকলে চলোৱা পদ্ধতিগত নিঃউদ্যোগীকৰণৰ দুই ধৰণৰ উদ্দেশ্য কি আছিল? 

উত্তৰঃ ভাৰতবৰ্ষৰ কপাহী বস্ত্ৰৰ দৰে ঘৰৱা উদ্যোগবোৰ ধ্বংস কৰি ইংলেণ্ডৰ উদ্যোগবোৰক কেচামাল যোগান আৰু উক্ত উদ্যোগবোৰত উৎপাদিত দ্ৰব্যৰ কাৰণে ভাৰতবৰ্ষত এখন সুৰক্ষিত বজাৰ স্থাপন।

প্রশ্ন ৬। “ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতবৰ্ষৰ পৰম্পৰাগত হস্তশিল্পসমূহ ধ্বংস হৈছিল”। এই মন্তব্য সমৰ্থন কৰানে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ সমৰ্থন কৰো। কাৰণ হস্তশিল্পসমূহ ধ্বংসৰ কাৰণে ঔপনিবেশিক চৰকাৰে এইবোৰৰ উৎপাদিত দ্ৰব্যৰ অতি সামান্য দৰত বিক্ৰী কৰিবলৈ বাধ্য কৰাৰ উপৰি এনে শিল্পত নিয়োজিত শ্রমিক আৰু কাৰিকৰসকলক কোম্পানীৰ কাৰখানাত কাম কৰিবলৈ বাধ্য কৰিছিল।

প্রশ্ন ৭। ঔপনিৱেশিক শাসন কালত ভাৰতীয় ধন (সম্পদ)ৰ নিৰ্গমণ বুলিলে তুমি কি বুজা?

উত্তৰঃ শোষণ নীতিৰ মাধ্যমত ইংৰাজ চৰকাৰে ভাৰতৰ ধন সম্পদ ইংলেণ্ডলৈ ঘটোৱা প্ৰবাহ। 

প্রশ্ন ৮। প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়লৈ জনসংখ্যাৰ সঞ্চৰণ সূচাবলৈ নিৰূপণকাৰী বছৰটো কি?

উত্তৰঃ ১৯২১ চন।

প্রশ্ন ৯। ভাৰতবৰ্ষত কেতিয়া চৰকাৰীভাৱে পিয়ল কাৰ্য হাতত লোৱা হৈছিল? 

উত্তৰঃ ১৮৮১ চনৰ লোকপিয়লৰ দ্বাৰা।

প্রশ্ন ১০। ঔপনিৱেশিক শাসন কালত ভাৰতবৰ্ষত জনসংখ্যাৰ দৃশ্যপট সম্বন্ধে। এটি পৰিমাণগত বিশ্লেষণ আগবঢ়োৱা।

উত্তৰঃ ভাৰতবৰ্ষৰ জনসংখ্যাৰ হিচাপ ১৮৮১ চনৰ পৰা আৰম্ভ হয়। ১৮৮১-১৯২১ চনৰ কালছোৱাত দেশখনৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত স্থবিৰতা পৰিলক্ষিত হয়। ইয়াৰ প্ৰধান কাৰণ আছিল প্রায় সম পৰিমাণৰ জন্ম আৰু মৃত্যুৰ আৰু ইয়াৰ ফলত শূন্য হাৰত হোৱা স্বাভাৱিক বৃদ্ধিৰ হাৰ। দেশৰ জনসংখ্যা ১৮৯১ চনৰ ২৩৬ নিযুতৰ পৰা ১৯২১ চনত কেৱল ২৫১ নিযুতলৈ বৃদ্ধি পাইছিল। অৱশ্যে ১৯২১ চনৰ পৰা জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধিৰ হাৰ ইতিবাচক হয় আৰু দেশৰ জনসংখ্য ২৫১ নিযুতৰ পৰা ১৯৫১ চনত ৩৬১ নিযুতলৈ বৃদ্ধি হয়।

প্রশ্ন ১১। ভাৰতবৰ্ষত ইংৰাজ সকলৰ কিবা ইতিবাচক বৰঙণি আছিলনে? আলোচনা কৰা। 

উত্তৰঃ সমগ্ৰ ইংৰাজ শাসনৰ কালচোৱাত ভাৰতবৰ্ষৰ ধন সম্পদ শোষণ কৰি ইংলেণ্ডৰ ৰাজভঁ ডাল টনকিয়াল কৰাটোৱেই ঔপনিবেশিক নীতিৰ প্ৰধান উদ্দেশ্য হ’লেও ইংৰাজ শাসনৰ কিছু ইতিবাচক বৰঙণি থকাৰ বিষয়টো নুই কৰিব পৰা নেযায়। বিশেষকৈ দুটা ক্ষেত্ৰত ইংৰাজ সকলৰ বৰঙণি আছিল ইতিবাচক। 

উক্ত বিষয় দুটা হৈছে— 

(১) ৰেল-পথ স্থাপন আৰু সম্প্ৰসাৰণৰ জৰিয়তে পৰিবহণ ব্যৱস্থাৰ উন্নতি। 

(২) চাহ আৰু কফি দৰে কৃষিভিত্তিক উদ্যোগ স্থাপনৰ মাধ্যমত বাণিজ্যিক কৃষি ব্যৱস্থাৰ ভেটী স্থাপন আৰু সম্প্ৰসাৰণ।

প্রশ্ন ১২। ইংৰাজ শাসনৰ কালছোৱাত ভাৰতবৰ্ষৰ ঔদ্যোগিক উন্নয়ন কেনে আছিল? ইংৰাজৰ শাসনকালত ঔদ্যোগিক উন্নয়নৰ জৰতাৰ কাৰণ কি কি আছিল?

উত্তৰঃ ঔপনিৱেশিক শাসনকৰ্তাই সমগ্ৰ শাসনৰ কালছোৱাত নিজা দেশ ইংলেণ্ডৰ স্বাৰ্থ পৰিপূৰণৰ অৰ্থে চাহ, কফি, কয়লা, মৰাপাট আৰু কপাহী বস্ত্ৰ উদ্যোগৰ উন্নতি ব্যক্তিগত পুঁজিপতিৰ দ্বাৰা কৰোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছিল। ইংৰাজ শাসনৰ সত্তৰ বছৰৰ কালছোৱাত এই উদ্যোগসমূহে বিশেষ অগ্রগতি লাভ কৰে। ১৮৬৫ চনত দেশখনত ৫ টা কপাহী কাপোৰৰ কল, ২ টা মৰাপাট কল আৰু ৩০০০ মাইল ৰেলপথ প্রতিষ্ঠা হৈছিল। ১৮৭৭ চনত কপাহী বস্তুৰ কাৰখানাৰ সংখ্যা ৫১ টালৈ আৰু মৰাপাট কলৰ সংখ্যা (১৮৭৮ চনত) ১৮ টালৈ বৃদ্ধি হৈছিল আৰু কয়লা উৎপাদনৰ বাৰ্ষিক পৰিমাণ ১,০০০,০০০ টনলৈ বৃদ্ধি হৈছিল। ব্যক্তিগত পুঁজিপতিৰ প্ৰচেষ্টাত বম্বেত আৰু ইয়াৰ কাষৰীয়া অঞ্চলত কপাহী বস্তু উদ্যোগৰ বাহিৰে আনকেইটা উদ্যোগৰ উন্নতিত ইংৰাজ পুঁজিপতি আৰু উদ্যোগীসকলৰ বৰঙণি অধিক আছিল। কপাহী বস্ত্ৰৰ উদ্যোগ স্থাপন আৰু অগ্ৰগতিত দেশীয় মূলধন আৰু উদ্যোগীৰ ভূমিকাহে অধিক স্মৰণীয়।

ইংৰাজ শাসনৰ কালছোৱাত ঔদ্যোগিক উন্নয়নৰ মন্থৰতাৰ কাৰণ: সমগ্ৰ ইংৰাজ শাসনৰ কালছোৱাত ভাৰতবৰ্ষত ঔদ্যোগিক উন্নয়নৰ হাৰ অতি মন্থৰ আছিল। এনে কাৰণতেই দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ সমস্যাত ভুগিছিল। উক্ত কালছোৱাত দেশখনৰ ঔদ্যোগিক উন্নয়নৰ মন্থৰ হাৰৰ কেইটামান কাৰণ চিনাক্ত কৰিব পৰা যায়। 

উক্ত কাৰণকেইটা হৈছে —

(১) ঔদ্যোগিক উন্নয়নৰ অৰ্থে যিখিনি মূলধনৰ প্ৰয়োজন আছিল সেইখিনি থলুৱাভাৱে সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছিল। এই বিষয়ে ভাৰতীয় উদ্যোগপতিৰ অভিজ্ঞতাৰ পৰা সহজে উপলব্ধি কৰিব পৰা যায়। দেশখনৰ অধিকাংশ মানুহৰ দৰিদ্ৰতা আৰু বেংক তথা বিত্তীয় উপলব্ধি কৰিব পৰা যায়। দেশখনৰ অধিকাংশ মানুহৰ দৰিদ্ৰতা আৰু বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ দৰে জমাকাৰী প্ৰতিষ্ঠানৰ অনুপস্থিতিৰ কাৰণে সঞ্চয় আৰু মূলধন গঠনৰ হাৰ অতি নিম্ন আছিল। উল্লেখযোগ্য যে কুৰি শতিকাৰ আৰম্ভণিত দেশখনত মাত্র ৯ টা যৌথ মূলধনী বেংক আছিল।

(২) ঔদ্যোগিক উন্নয়নৰ মন্থৰতাৰ দ্বিতীয় কাৰণ আছিল উদ্যোক্তাৰ অভাৱ। সেই সময়ত ভাৰতবৰ্ষত বিপদ আৰু অনিশ্চয়তা বহন কৰিব পৰা থলুৱা উদ্যোগী পুৰুষৰ অভাৱ বিশেষভাৱে পৰিলক্ষিত হৈছিল। ইংৰাজ উদ্যোগীসকলে তেওঁলোকৰ বিনিয়োগ কেৱল মুষ্টিমেয় উদ্যোগৰ ক্ষেত্ৰত আৱদ্ধ ৰাখিছিল।

(৩) চৰকাৰৰ নিষ্ক্রিয় ভূমিকাৰ কাৰণেও দেশখনৰ উদ্যোগীক উন্নয়নৰ হাৰ অতি মন্থৰ আছিল। ব্যক্তিগত খণ্ডৰ উদ্যোগীসকলক সহায় কৰিবৰ কাৰণে চৰকাৰে ৰেলপথ স্থাপন আৰু যোগাযোগ ব্যৱস্থাৰ কিছু উন্নতি সাধন কৰিলেও বিনিয়োগ বৃদ্ধিৰ কাৰণে প্ৰয়োজন হোৱা আন অৱস্থাসমূহ সৃষ্টি কৰাত কোনো গুৰুত্ব আৰোপ কৰা নাছিল। চৰকাৰে যি শুল্ক নীতি প্রৱর্তন কৰিছিল উক্ত নীতিয়ে ভাৰতবৰ্ষৰ ঔদ্যোগিক উন্নয়নত সহায় কৰাৰ পৰিৱৰ্তে ইংলেণ্ডৰ ঔদ্যোগিক উন্নয়নতহে সহায় কৰিছিল।

প্রশ্ন ১৩। ইংৰাজ শাসনৰ কালছোৱাত / প্ৰাক স্বাধীনতাৰ কালছোৱাত ভাৰতবৰ্ষৰ কৃষি খণ্ডৰ অৱস্থা কেনে আছিল? ইংৰাজৰ আমোলত কৃষিখণ্ডৰ অনগ্ৰসৰতাৰ কাৰণ কি কি আছিল?

উত্তৰঃ ইংৰাজসকল অহাৰ পূৰ্বে ভাৰতবৰ্ষৰ গ্ৰাম্য আৰু কৃষি অর্থনীতি আত্মনিৰ্ভৰশীল আছিল। কৃষকসকলে দেশৰ জনসাধাৰণৰ প্ৰয়োজন পূৰণৰ অৰ্থে প্ৰয়োজনীয় কৃষিজ দ্রব্য উৎপাদন কৰাৰ উপৰি বেপাৰীসকলক বিদেশত বেপাৰ বাণিজ্য কৰিবৰ অৰ্থে এক বুজন পৰিমাণৰ কৃষিজাত দ্ৰব্যৰ যোগান ধৰিছিল; কিন্তু ইংৰাজৰ ২০০ বছৰীয়া শাসনে ভাৰতবৰ্ষৰ কৃষি অর্থনীতিক এক অনগ্ৰসৰ আৰু দৰিদ্ৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিছিল।

ইংৰাজ শাসনৰ কালছোৱাত ইংলেণ্ডৰ স্বাৰ্থৰ ভিত্তিত চাহ, কফি, ৰবৰ আদি খেতি আৰু দেশত স্থাপন হোৱা উদ্যোগৰ ভিত্তিত মৰাপাট আৰু কপাহৰ খেতি ব্যৱসায়িক ভিত্তিত আৰম্ভ হৈছিল। কিন্তু এই উন্নতিয়ে সমুদায় কৃষি প্ৰথা আৰু কৃষকৰ উন্নতিৰ পৰিচায়ক নহয়। চাউল, ঘেঁহু, তেলজাতীয় দ্রব্য, চেনি আদি কৃষিজাত দ্রব্য ভাৰতবৰ্ষৰপৰা ৰপ্তানি বৃদ্ধি হ’লেও দেশৰ কৃষি ব্যৱস্থাৰ উন্নতি পৰিলক্ষিত নহয়। ১৭৬৫ আৰু ১৮৫৮ চনৰ কালছোৱাত ১২ বাৰ দেশা দিয়া দুৰ্ভিক্ষ আৰু ৪ বাৰৰ অনাটন, ১৮৬০ আৰু ১৯০৮ চনৰ ভিতৰত ২০ বাৰ দেখা দিয়া দুৰ্ভিক্ষ আৰু ১৯৪৩ চনৰ বংগদেশৰ দুৰ্ভিক্ষই ইংৰাজ শাসনৰ কালছোৱাত ভাৰতবৰ্ষৰ অনগ্ৰসৰ কৃষি ব্যৱস্থাৰ দিশটোৱেই প্ৰতিফলিত কৰে। চিৰস্থায়ী বন্দোৱস্তিৰ অধীনত দেশখনৰ কিছুমান প্ৰদেশত প্ৰৱৰ্তিত হোৱা জমিদাৰী প্ৰথা আছিল দৰিদ্ৰ কৃষকৰ ওপৰত চলা শোষণৰ প্ৰতীক।

কৃষি অনগ্ৰসৰতা আৰু দুৰ্ভিক্ষৰ কাৰণ:

ইংৰাজ শাসনৰ কালছোৱাত ভাৰতবৰ্ষত সঘনাই দুর্ভিক্ষ আৰু অনাটন সৃষ্টি হোৱাৰ প্ৰধান কাৰণ আছিল অনগ্ৰসৰ কৃষি ব্যৱস্থা। অৱশ্যে ইয়াৰ লগতে আন কেইটামান উপাদানেও দুর্ভিক্ষ আৰু অনাটন বৃদ্ধিত সহায় কৰিছিল। 

উক্ত উপাদানকেইটা হৈছে— 

(১) ভাৰতীয় ঘৰুৱা উদ্যোগসমূহ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ধ্বংস কৰাৰ কাৰণে কৃষকসকলে কাৰিকৰ হিচাপে আজৰি সময়ত কাম কৰি যি উপাৰ্জন কৰিছিল উক্ত উপাৰ্জন আহৰণৰ পৰা তেওঁলোক বঞ্চিত হৈছিল। এনে অৱস্থাত তেওঁলোক অধিক দৰিদ্ৰ হৈ পৰিছিল আৰু বতৰৰ অনিশ্চয়তাৰ কাৰণে যেতিয়া খাদ্য শস্যৰ নাটনি আৰু এইবোৰৰ মূল্যবৃদ্ধি ঘটিছিল তেতিয়া তেওঁলোক অর্ধাহাৰে আৰু অনাহাৰে থাকি মৃত্যুৰ মুখত পৰিছিল। 

(২) দ্বিতীয়তে, চিৰস্থায়ী বন্দোৱস্তিৰ অধীনত ভাৰতবৰ্ষৰ কেইখনমান প্ৰদেশত জমিদাৰী প্রথা প্ৰৱৰ্তন কৰাৰ ফলত দৰিদ্ৰ কৃষকসকলৰ ওপৰত শোষণ বৃদ্ধি পাইছিল। এনে শোষণে কৃষিৰ উন্নতি বাধাগ্ৰস্ত কৰাৰ লগতে সময়ে সময়ে দুৰ্ভিক্ষৰো সৃষ্টি কৰিছিল। 

(৩) তৃতীয়তে, কৃষিখণ্ডৰ অনগ্ৰসৰতা আৰু দেশখনত দেখা দিয়া দুৰ্ভিক্ষৰ কাৰণ হিচাপে ঔপনিবেশিক শাসন ব্যৱস্থাকো চিনাক্ত কৰা হয়। নিজ স্বার্থ দেশৰ স্বাৰ্থৰ খাতিৰত ইংৰাজ শাসকসকলে গ্রাম্য উদ্যোগসমূহ ধ্বংস কৰাৰ ফলত গ্ৰাম্যাঞ্চলত নিবনুৱাৰ পৰিমাণ বৃদ্ধি হৈছিল। লগতে কৃষিখণ্ডত উচ্চ হাৰত ভূমিৰ ৰাজহ ধাৰ্য কৰাৰ কাৰণে গ্ৰাম্যাঞ্চলত বাস কৰা দৰিদ্ৰ কৃষক শ্ৰেণীটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছিল। এনে অৱস্থাত কৃষিখণ্ডৰ উন্নতিৰ পৰিৱৰ্তে দুৰ্ভিক্ষ আৰু অনাটনে প্রাধান্য লাভ কৰাটো স্বাভাৱিক আছিল। 

(৪) ন’বেল বঁটা বিজয়ী অর্থনীতিবিদ অমর্ত্য সেনৰ মতে ১৯৪৩ চনত বংগদেশৰ দুৰ্ভিক্ষৰ প্ৰধান কাৰণ খাদ্যশস্যৰ নাটনি হ’লেও ইয়াৰ লগতে অনুন্নত বিতৰণ ব্যৱস্থা আৰু অনুন্নত যোগাযোগ ব্যৱস্থাইও দুৰ্ভিক্ষৰ মাত্ৰা বৃদ্ধিত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। উল্লেখযোগ্য যে ইংৰাজ শাসনৰ কালছোৱাত বাণিজ্যিক ভিত্তিত কৃষি ব্যৱস্থাৰ যি পাতনি হৈছিল উক্ত ব্যৱস্থা মুষ্টিমেয় অঞ্চলতেই সীমাবদ্ধ আছিল। ইয়াৰ প্ৰধান কাৰণ আছিল অনুন্নত যোগাযোগ ব্যৱস্থা।

প্রশ্ন ১৪। কোনবোৰ কাৰণত প্ৰাক স্বাধীনতাৰ সময়ত ভাৰতীয় অর্থনীতি স্থবিৰ, দৰিদ্ৰ আৰু অনগ্ৰসৰ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছিল?

অথবা, 

ইংৰাজ শাসনৰ কালছোৱাৰ অন্তত ভাৰতীয় অর্থনীতি কি কি কাৰণত স্থবিৰ, দৰিদ্ৰ আৰু অনগ্ৰসৰ হৈ পৰিছিল?

অথবা, 

প্রাক স্বাধীনতা কালৰ ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় অৰ্থনীতিৰ স্থবিৰতা, দৰিদ্ৰতা আৰু অনগ্ৰসৰতা সমস্যা: ভাৰতবৰ্ষত ইংৰাজৰ ৰাজত্বৰ সময়ছোৱাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় — ১৭৫৭ চনৰপৰা ১৮৫৭ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰু ১৮৫৮ চনৰপৰা ১৯৪৭ চনলৈকে ইংৰাজ চৰকাৰৰ শাসন। ইংৰাজ শাসনৰ এই সমগ্ৰ কালছোৱাত গ্ৰহণ কৰা শোষণ নীতিয়ে আত্মনিৰ্ভৰশীলতা আৰু উন্নয়নৰ শেষৰ জখলাত উঠিব খোজা ভাৰতবৰ্ষৰ অৰ্থনীতিক এক স্থবিৰ, দৰিদ্ৰ আৰু অনুন্নত অর্থনীতিলৈ ৰূপান্তৰ কৰিলে। ইংৰাজৰ বাণিজ্যিক নীতি, ভূমি নীতি আৰু কৃষি নীতিৰ প্ৰধান লক্ষ্য আছিল সেই দেশৰ আৰ্থিক অৱস্থা টনকিয়াল কৰা। দেশখনৰ অৰ্থনীতিৰ সকলো ক্ষেত্ৰতে গ্ৰহণ কৰা এনে শোষণ নীতিৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ মূলধন ইংলেণ্ডলৈ বৰ্ধিত হাৰত প্ৰবাহিত হ’বলৈ ধৰিছিল আৰু ইয়াৰ পৰিণামত ভাৰতীয় অর্থনীতি এক দৰিদ্র অর্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ লগতে অর্থনৈতিক স্থবিৰতাৰ লক্ষণসমূহ স্পষ্ট হৈ পৰিছিল।

সমগ্ৰ ইংৰাজ শাসনৰ কালছোৱাত কোম্পানী আৰু ইংৰাজ চৰকাৰে গ্ৰহণ কৰা শোষণ নীতিয়ে ভাৰতবৰ্ষক কেনেভাৱে এক স্থবিৰ আৰু দৰিদ্ৰ দেশলৈ ৰূপান্তৰিত কৰিছিল তাৰ আঁত বিচাৰিলে তলৰ উপাদানসমূহৰ প্রভাৱ স্পষ্টভাৱে ধৰা পৰে।

(১) ইংৰাজৰ সমগ্ৰ শাসনৰ কালছোৱাত ভাৰতবৰ্ষ কৃষিপ্রধান অর্থনীতি হিচাপেই বৰ্তি থাকিল। নিজ স্বাৰ্থৰ ভিত্তিত চহা, কফি আদিৰ ক্ষেত্ৰত ব্যৱসায়িক ভিত্তিত কৃষি প্ৰথা আৰম্ভ হ’লেও আন দ্রব্য-সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ কাৰণে কৃষি প্ৰথাৰ উন্নতিত কোনো অগ্ৰাধিকাৰ দিয়া নহ’ল। দেশখনত সময়ে সময়ে দেখা দিয়া খাদ্য সংকট আৰু দুর্ভিক্ষ ভাৰতবৰ্ষৰ অনুন্নত কৃষি ব্যৱস্থাৰ পৰিচায়ক।

(২) ইংৰাজৰ স্বাৰ্থ সিদ্ধিৰ অৰ্থে ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্তিৰ প্ৰৱৰ্তন আৰু জমিদাৰী প্ৰথাৰ প্ৰচলন কৃষিপ্ৰধান ভাৰতীয় অর্থনীতিৰ স্থবিৰতা, দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ এটা প্ৰধান কাৰণ|| হিচাপে চিনাক্ত কৰা হৈছে। জমিদাৰসকলৰ শোষণ আৰু অত্যাচাৰত কৃষক শ্ৰেণীটোৰ অৱস্থা শোচনীয় হৈ পৰাত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নতি বাধাগ্ৰস্ত হৈ পৰে। ইয়াৰ ফলত বৃটিছ ৰাজত্বৰ পূৰ্বৰ আত্মনিৰ্ভৰশীল গ্রাম্য অর্থনীতি এক দৰিদ্ৰ আৰু অনগ্ৰসৰ অৰ্থনীতিলৈ ৰূপান্তৰ হয় ৷

(৩) ইংৰাজৰ স্বাৰ্থত ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু হস্তশিল্পসমূহ ধ্বংস কৰি নিজ দেশৰ ঔদ্যোগিক উন্নয়ন অধিক নিশ্চিত কৰা হ’ল আৰু লগতে ইংৰাজৰ স্বাৰ্থজড়িত কিছুমান উদ্যোগ ভাৰতবৰ্ষত স্থাপনৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এনে ঔদ্যোগিক নীতিয়ে ভাৰতবৰ্ষৰ অর্থনৈতিক উন্নতিত কোনো ইন্ধন যোগাব নোৱাৰিলে।

(৪) যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ দৰে অৰ্থনৈতিক প্ৰাৰম্ভিক সুবিধাসমূহ গঢ়ি তোলাৰ ক্ষেত্ৰতো ইংৰাজৰ স্বাৰ্থ জড়িত হৈ আছিল। উদাহৰণস্বৰূপে ৰেলপথ স্থাপন আৰু জলসিঞ্চনৰ উন্নতিৰ কাৰণে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেই ব্যৱস্থাবোৰৰ প্ৰধান উদ্দেশ্য আছিল। ইংৰাজৰ ব্যৱসায়-বাণিজ্য বৃদ্ধিত সহায় কৰা আৰু দেশীয় সম্পদ ইংলেণ্ডলৈ পৰিবহণ কৰি সেই দেশৰ অৰ্থনীতি চহকী কৰা।

(৫) সমগ্ৰ ইংৰাজ শাসনৰ কালছোৱাত ‘হ’ম চার্জ’ আৰু আন ব্যৱস্থাৰ মাধ্যমত ভাৰতবৰ্ষৰপৰা এক বিশাল পুঁজি ইংলেণ্ডলৈ প্ৰবাহিত হ’ল আৰু পুঁজিৰ এনে প্ৰবাহে দেশৰ মূলধন গঠন বাধাগ্রস্ত কৰি থলুৱা উদ্যোগী পুৰুষৰ দ্বাৰা কৃষি বিকাশ আৰু উন্নতিত প্ৰতিবন্ধক জন্মায়। দেশৰপৰা ইংলেণ্ডলৈ প্রবাহিত হোৱা পুঁজিৰ একাংশ ইংৰাজ উদ্যোগপতিসকলে ভাৰতবৰ্ষৰ ঔদ্যোগিক উন্নয়নত ব্যয় কৰিলেও সেই ঔদ্যোগিক উন্নয়নে ইংলেণ্ডক চহকী কৰাতহে সহায় কৰিছিল। অৱশ্যে এই কথা স্বীকাৰ কৰিব লাগিব যে ইংৰাজসকলে ভাৰতবৰ্ষত যি ঔদ্যোগিক উন্নয়নৰ ভেটি স্থাপন কৰিছিল। তাৰ ভিত্তিতেই স্বৰাজোত্তৰ কালছোৱাত ঔদ্যোগিক উন্নয়ন অধিক খৰতকীয়া হোৱাৰ লগতে উদ্যোগৰ আধুনিকীকৰণ সম্ভৱপৰ হয়।

ইংৰাজ শাসনৰ উপৰোক্ত নীতিসমূহেই ভাৰতবৰ্ষৰ স্থবিরতা, দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ প্ৰধান কাৰণ। 

প্ৰশ্ন ১৫। প্রাক স্বাধীনতাৰ কালছোৱাত ভাৰতৰ বৈদেশিক বাণিজ্যৰ অৱস্থা কেনে আছিল চমুকৈ বৰ্ণনা কৰা। ইংৰাজৰ বৈদেশিক বাণিজ্য নীতিৰ উদ্দেশ্য কি আছিল। 

উত্তৰঃ ১৮ শতিকাৰ মাজভাগত ভাৰতবৰ্ষৰ ৰপ্তানি বাণিজ্যই শীৰ্ষস্থানত অৱস্থান কৰিছিল। আৰু ইয়াৰ ফলত দেশখনৰ বৈদেশিক বাণিজ্যৰ উপাৰ্জন উল্লেখযোগ্যভাবে বৃদ্ধি পাইছিল। কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পৰৱৰ্তী কালত ইংৰাজ চৰকাৰৰ শাসনে এসময়ত শীৰ্ষস্থানত অৱস্থান কৰা ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ পতন ঘটোৱাতহে সহায় কৰিছিল। ১৮ শতিকাৰ মাজভাগত ভাৰতবৰ্ষই কপাহী বস্ত্ৰ ৰপ্তানি কৰি যি সুনাম অৰ্জন কৰিছিল উক্ত কপাহী বস্ত্র উদ্যোগ ধ্বংস কৰাৰ অৰ্থে কোম্পানীৰ শাসকসকল উঠিপৰি লাগিছিল । দেশীয় কাৰিকৰ সকলক কোম্পানীৰ কাৰখানাত কাম কৰিবলৈ বাধ্য কৰোৱাৰ লগতে তেওঁলোকৰ নিজৰ কাৰখানাসমূহ বন্ধ কৰিবলৈ বাধ্য হৈছিল। ভাৰতবৰ্ষৰ কপাহী বস্ত্ৰ আৰু মচলিন কাপোৰৰ ৰপ্তানি হ্ৰাস কৰিবৰ অৰ্থে এইবোৰৰ ওপৰত কোম্পানীয়ে ২০% শুল্ক ধাৰ্য কৰিছিল। অৱশ্যে এনে নীতিৰ সত্ত্বেও ভাৰতবৰ্ষৰ কপাহী বস্ত্ৰৰ ৰপ্তানি কোম্পানীৰ শাসন কালছোৱাত বৃদ্ধি পাইছিল। ভাৰতবৰ্ষৰ রপ্তানি ইংলেণ্ডৰ বজাৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবৰ অৰ্থে এইবোৰৰ ওপৰত অতি উচ্চ হাৰত আমদানি শুল্ক ধাৰ্য কৰা হৈছিল। ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ বজাৰত ইংলেণ্ডত তৈয়াৰী দ্রব্যসমূহৰ মুক্ত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছিল। 

এনে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত বাণিজ্যিক লেনদেনৰ ভাৰসাম্যতা ভাৰতবৰ্ষৰ প্ৰতিকুলে গৈছিল। সমীক্ষা অনুসৰি ইংলেণ্ডৰ এনে বিভেদমূলক বাণিজ্য নীতিৰ কাৰণেই কোম্পানীৰ শাসনৰ প্ৰথম ৩০ টা বছৰত বাণিজ্যিক ঘাটিৰ বাবত ভাৰতবৰ্ষই। বার্ষিক ৩০ লাখ পাউণ্ড ইংলেণ্ডক পৰিশোধ কৰিব লগা হৈছিল। অৱশ্যে এইটো উল্লেখযোগ্য যে চাহ, কফি আৰু কলাহৰ দৰে যিবোৰ নব্য উৎপাদনৰ সুবিধা ইংলেণ্ডত নাহিল উক্ত প্ৰসমূহৰ ৰপ্তানি ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। ভাৰতবৰ্ষৰ ৰপ্তানিৰ বিপৰীতে ইংলেণ্ডৰ পৰা কপাহী বস্ত্ৰ আৰু আন তৈয়াৰী ঘৃণ্য সামগ্ৰীসমূহ উচ্চ হাৰত আমদানি কৰাৰ ব্যৱস্থা কৰা হৈছিল। এনে নীতিৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ দেশীয় উদ্যোগসমূহ ধ্বংস কৰি ইংলেণ্ডৰ তৈয়াৰী প্ৰবৰ কাৰণে ভাৰতবৰ্ষত সুৰক্ষিত বজাৰ স্থাপন।

বৈদেশিক বাণিজ্যৰ উন্নতিতকৈ ইংলেণ্ডৰ বৈদেশিক বাণিজ্যৰ উন্নতি সাধন কৰাটোহে ইংৰাজৰ বৈদেশিক বাণিজ্য নীতিৰ প্ৰধান উদ্দেশ্য আছিল।

প্রশ্ন ১৬। ইংৰাজ শাসনকালত ভাৰতবৰ্ষৰ হস্তশিল্পসমূহ কি কি কাৰণত পতন ঘটিছিল?

উত্তৰঃ উল্লেখযোগ্য যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতবৰ্ষত শাসনকালৰ আৰম্ভণিৰ সমসাময়িকভাৱে ইংলেণ্ডত আৰম্ভ হৈছিল শিল্প বিপ্লৱ। শিল্প বিপ্লৱৰ ফলত ইংলেণ্ডত স্থাপন হোৱা বৃহৎ উদ্যোগবোৰৰ উৎপাদিত দ্রব্যসমূহৰ বজাৰ আৰু উক্ত উদ্যোগবোৰত প্ৰয়োজন হোৱা কেঁচামালৰ চাহিদা পৰিপুৰণৰ উৎস হিচাপে কোম্পানীয়ে ভাৰতবৰ্ষক ব্যৱহাৰ কৰাৰ নীতি গ্ৰহণ কৰিছিল। এনে নীতিৰ সফলতাৰ একমাত্ৰ উপায় আছিল ভাৰতবৰ্ষৰ হস্তশিল্প উদ্যোগবোৰৰ পতন ঘটোৱা। গতিকে বিভিন্ন প্ৰকাৰৰ অত্যাচাৰ আৰু শোষণৰ মাধ্যমত দেশীয় কাৰিগৰ শিল্পীসকলৰ কাৰখানা সমূহৰ পতন ঘটোৱাটো কোম্পানীৰ প্ৰধান লক্ষ্য আছিল। ইংলেণ্ডত উৎপাদিত দ্রব্যসমূহৰ এখন সুৰক্ষিত বজাৰ প্ৰদান কৰিবৰ অর্থেই এনে নীতি গ্রহণ কৰা হৈছিল আৰু উন্নত পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে কোম্পানীৰ এনে শোষণ নীতি কার্যকৰী কৰাত বিশেষভাবে সহায় কৰিছিল।

কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হস্তশিল্প উদ্যোগৰ পতনৰ কাৰণ হিচাপে তলৰ উপাদনকেইটাক চিনাক্ত কৰা হয়।

(১) ৰজা-মহাৰজাৰ পৃষ্ঠপোষকতাৰ অভাৱ: ইংৰাজৰ শাসন আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ শাসন ব্যৱস্থা দেশীয় ৰজা মহাৰজাসকলৰ অধীনত আছিল দেশীয় ৰজা মহাৰজা, নবাব, প্রাদেশিক শাসনকর্তা আৰু ৰাজকীয় বিষয়াবৰ্গ দেশীয় হস্তশিল্প সমূহৰ দ্বাৰা উৎপাদিত দ্রব্যসমূহ ক্ৰয় কৰাৰ উপৰি উক্ত শিল্পসমূহৰ উন্নতিৰ অৰ্থে বিভিন্ন প্ৰকাৰৰ সহায়- সহযোগ আগবঢ়াইছিল, কিন্তু ইংৰাজ শাসনৰ সম্প্ৰসাৰণৰ লগে লগে দেশীয় ৰজা নবাব শাসনকর্তা ইত্যাদিৰ পতন ঘটে আৰু ইয়াৰ লগে লগে দেশীয় হস্তশিল্পৰ পতন আৰম্ভ হয়।

(২) ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বিভেদমূলক নীতি: ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ স্বাৰ্থ পূৰণৰ অৰ্থে ভাৰতবৰ্ষত বেপাৰ বাণিজ্য আৰম্ভ কৰিছিল। ইংলেণ্ডৰ কাৰখানাত উৎপাদিত কপাহী বস্ত্ৰ আৰু আন দ্রব্যসমূহ ভাৰতৰ বজাৰত বিক্ৰী আৰু উক্ত উদ্যোগবোৰৰ অৰ্থে প্ৰয়োজন হোৱা কেঁচামাল ভাৰতৰ পৰা সংগ্ৰহ কৰাৰ নীতিৰ সফলতাৰ একমাত্ৰ উপায় আছিল ভাৰতৰ কপাহী বস্ত্ৰ উদ্যোগ আৰু আন হস্তশিল্পবোৰ ধ্বংস কৰা। এনে লক্ষ্য পৰিপূৰণৰ অৰ্থে দেশীয় কাৰিকৰ আৰু শিল্পীসকলৰ ওপৰত নিৰ্যাতন চলাই তেওঁলোকৰ হস্ত শিল্পসমূহ ধ্বংস কৰাৰ ব্যৱস্থা লৈছিল। নবাব শাসনকৰ্তা ইত্যাদিৰ পতন ঘটে আৰু ইয়াৰ লগে লগে দেশীয় হস্তশিল্পৰ পতন আৰম্ভ হয়৷

(৩) যন্ত্ৰশিল্পৰ সস্তীয়া দ্ৰব্যই আগবঢ়োৱা অস্বাস্থ্যকৰ প্ৰতিযোগিতা: ইংলেণ্ডত শিল্পবিপ্লৱৰ ফলত বৃহৎ উদ্যোগৰ যি সম্প্ৰসাৰণ হৈছিল তাৰ কাৰণেও ভাৰতৰ হস্তশিল্প উদ্যোগৰ পতন ঘটিছিল। বৃহৎ কাৰখানাসমূহত উৎপাদিত কপাহী বস্ত্ৰকে ধৰি আন সস্তীয়া দ্রব্যসমূহে ভাৰতীয় বজাৰত আগবঢ়াইছিল তীব্র প্রতিযোগিতা। ভাৰতৰ হস্তশিল্পৰ উচ্চমূল্যৰ দ্ৰব্যসমূহে এনে প্রতিযোগিতাৰ সন্মুখীন হ’ব পৰা নাছিল ৷ বিদেশী দ্ৰব্যই দেশীয় বজাৰখন অধিক কৰাৰ লগে লগে ভাৰতীয় হস্তশিল্পসমূহৰ উৎপাদিত দ্ৰব্যৰ বজাৰৰ সংকোচন ঘটে আৰু ইয়াৰ লগে লগে উক্ত উদ্যোগবোৰ ক্ৰমান্বয়ে বন্ধ হৈ পৰে। উল্লেখযোগ্য যে ইংলেণ্ডৰ সস্তীয়া দ্ৰব্যই বিদেশী বজাৰখন হস্তগত কৰাত ভাৰতীয় দ্ৰব্যৰ বিদেশতো চাহিদা তীব্র গতিত হ্ৰাস পাইছিল। 

(৪) চাহিদাৰ পৰিবৰ্তন: ভাৰতত ইংৰাজ শাসনৰ আৰম্ভণিৰ লগে লগে ভাৰতীয় মানুহৰো ৰুচি অভিৰুচিৰ পৰিবৰ্তন ঘটিছিল। পশ্চিমীয়া সাজ-পাৰ আৰু দ্ৰব্যসমূহৰ প্ৰতি উচ্চ উপার্জন শ্রেণীটোৰ আকর্ষণ বৃদ্ধিয়ে ভাৰতীয় হস্তশিল্পীৰ দ্বাৰা উৎপাদিত কাপোৰ আৰু আন দ্রব্য-সামগ্ৰীৰ প্ৰতি চাহিদা উচ্চ হাৰত হ্ৰাস কৰিছিল আৰু ইয়াৰ পৰিণামতো ভাৰতীয় হস্তশিল্প উদ্যোগৰ পতন হৈছিল।

উল্লেখযোগ্য যে ভাৰতীয় হস্তশিল্প উদ্যোগসমূহৰ পতনৰ লগে লগে দেশত নিবনুৱা আৰু দৰিদ্ৰতা বৃদ্ধি পাইছিল আৰু এসময়ৰ আত্মনিৰ্ভৰশীল ভাৰতীয় অর্থনীতি সম্পূৰ্ণৰূপে ইংলেণ্ডৰ অৰ্থনীতিৰ বমহতীয়া হৈ পৰিছিল।

প্রশ্ন ১৭। ব্ৰিটিছৰ শাসন শাসনকালত ভাৰতীয় হস্তশিল্পৰ পতনৰ দুটা গুৰুত্বপূৰ্ণ কাৰণ লিখা।

উত্তৰঃ (i) ব্ৰিটিছৰ নিজস্ব দেশত উদ্যোগ গঢ়ি তোলাৰ প্ৰচেষ্টা। 

(ii) ভাৰতত উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টি কৰা। 

প্রশ্ন ১৮। জীৱিকাৰ গাঁথনিৰ সংজ্ঞা দিয়া।

উত্তৰঃ জীৱিকা অৰ্জনৰ বাবে অর্থনৈতিক উৎপাদনশীল লোকসকলৰ প্ৰাথমিক, দ্বিতীয় অথবা সেৱাখণ্ডত জড়িত হোৱা কার্যকে জীৱিকাৰ গাঁথনি বোলে।

প্রশ্ন ১৯। প্ৰাক্ স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত জীবিকা প্রধান উৎস কি আছিল?

উত্তৰঃ কৃষি।

প্রশ্ন ২০। ভাৰতত — চনৰ পৰা ৰেলসেৱা প্ৰৱৰ্তন কৰা হয়।

উত্তৰঃ 16 এপ্ৰিল, 1853

প্রশ্ন ২১। ব্ৰিটিছ শাসনকালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণ আছিল— 

(i) ব্ৰিটিছ চৰকাৰৰ বিভেদমূলক নীতি।

(ii) যন্ত্র নির্মিত দ্ৰব্যৰ পৰা সম্মুখীন হোৱা প্ৰতিযোগিতা।

(iii) চাহিদাৰ ধৰণৰ পৰিৱৰ্তন।

(iv) ওপৰৰ সকলোবোৰ।

উত্তৰঃ (iv) ওপৰৰ সকলোবোৰ।

প্রশ্ন ২২। ঔপনিৱেশিক শাসন কালত ব্ৰিটিচ চৰকাৰে ভাৰতবৰ্ষৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ দুটা উদ্দেশ্য লিখা। 

উত্তৰঃ উদ্দেশ্য দুটা হ’ল—

(ক) ভাৰতৰ দৰে বিশাল দেশত নিয়ন্ত্ৰণ ব্যৱস্থা আৰু প্ৰশাসনীয় পৰিচালনাক শক্তিশালী কৰা।

(খ) বৈদেশিক বাণিজ্যৰ যোগেদি লাভ অর্জন কৰা।

দ্বিতীয় অধ্যায়

১৯৫০-১৯৯০- ৰ সময়ছোৱাত ভাৰতীয় অর্থব্যৱস্থা

প্রশ্ন ১। অর্থনৈতিক পৰিকল্পনাৰ দিয়া। 

উত্তৰঃ এখন দেশে নিজৰ প্ৰাপ্ত সম্পদৰাজিৰ ওপৰত ভিত্তি কৰি দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে যি প্ৰণালীবদ্ধ পদক্ষেপ গ্ৰহণ কৰে তাকেই অর্থনৈতিক পৰিকল্পনা বোলা হয়।

প্রশ্ন ২। ভাৰতবৰ্ষই কিয় পৰিকল্পনা হাতত লৈছিল? দুটা কাৰণ দৰ্শোৱা।  

উত্তৰঃ ২০০ বছৰীয়া ইংৰাজ শাসনৰ কালছোৱাত প্ৰয়োগ কৰা শোষণ নীতিৰ কাৰণে স্বাধীনতা অৰ্জন কৰাৰ সময়ত ভাৰতীয় অর্থনীতিক এখন অতি দৰিদ্ৰ অনগ্ৰসৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিছিল। দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ পৰা উদ্ধাৰ কৰি দেশখনক আর্থ সামাজিক ক্ষেত্ৰত আগুৱাই নিয়াৰ অৰ্থে পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। দ্বিতীয়তে, অর্ধব্যবহৃত আৰু অব্যৱহৃত সম্পদৰাজি পৰিকল্পিতভাৱে ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়ন সাধনৰ অৰ্থে পৰিকল্পনা হাতত লোৱা হৈছিল।

প্রশ্ন ৩। পৰিকল্পনাৰ কিয় লক্ষ্য থকা উচিত?

উত্তৰঃ পৰিকল্পনাৰ সংজ্ঞা অনুসৰি ই হৈছে দেশৰ প্ৰাপ্ত সম্পদ প্রণালীবদ্ধভাৱে ব্যৱহাৰৰ এক পদ্ধতি। লক্ষ্যৰ অবিহনে সম্পদৰ প্ৰণালীবদ্ধ ব্যৱহাৰ সম্ভৱপৰ নহয়। উদাহৰণ স্বৰূপে অর্থনৈতিক উন্নয়নক পৰিকল্পনাৰ লক্ষ্য হিচাপে ল’লেহে দেশৰ সম্পদৰ কাম্য আৰু প্ৰণালীবদ্ধ ব্যৱহাৰ সম্ভৱপৰ হয়।

প্রশ্ন ৪। পৰিকল্পনাৰ উদ্দেশ্য হিচাপে ‘সমতাৰ সৈতে বৃদ্ধি’ সম্পর্কে ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ এটা প্ৰধান লক্ষ্য হৈছে সমতাৰ সৈতে বৃদ্ধি। কাৰণ, অভিজ্ঞতাৰ পৰা এইটো স্পষ্ট হৈছে যে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ লগে লগে যদি ধনী আৰু দৰিদ্ৰৰ মাজত থকা আর্থ-সামাজিক বৈষম্য বৃদ্ধি হয় তেতিয়া ই প্রকৃত অর্থনৈতিক উন্নয়নৰ পৰিচায়ক হ’ব নোৱাৰে। অর্থনৈতিক উন্নয়নৰ লগে লগে ধনী আৰু দৰিদ্ৰৰ মাজত থকা আর্থ-সামাজিক হ্রাস হলেহে প্রকৃত অর্থনৈতিক উন্নয়ন সম্ভৱপৰ হয়। এনে কাৰণতে, ভাৰতবৰ্ষৰ পৰিকল্পনাৰ সমতাৰ সৈতে বৃদ্ধিক এটা প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে। একাদশ পৰিকল্পনাৰ লক্ষ্য হৈছে সামগ্রিক উন্নয়ন (inclusive growth)। সমতাৰ সৈতে বৃদ্ধিৰ লক্ষ্যত উপনীত হব পাৰিলেই সামগ্রিক উন্নয়ণ সম্ভৱপৰ হব।

প্রশ্ন ৫। নিয়োগ সৃষ্টিৰ পৰিপ্ৰেক্ষিতত পৰিকল্পনাৰ উদ্দেশ্য হিচাপে আধুনিকীকৰণে বিৰুদ্ধতাৰ সৃষ্টি কৰেনে? ব্যাখ্যা কৰা।

উত্তৰঃ পৰিকল্পনাৰ উদ্দেশ্য হিচাপে আধুনিকীকৰণে নিয়োগৰ সুবিধা বৃদ্ধিত বাধাৰ সৃষ্টি কৰে বুলি সাধাৰণতে ভবা হয় কি কাৰণে আধুনিকীকৰণে বিভিন্ন উৎপাদন ক্ষেত্ৰত যন্ত্রপাতিৰ ব্যৱহাৰৰ হাৰ বুদ্ধি কৰি শ্ৰমিকৰ নিযুক্তিৰ সুবিধা হ্রাস কৰে বুলি ভবা হয়, কিন্তু অভিজ্ঞতাৰ পৰা দেখা গৈছে যে আধুনিকীকৰণে দীর্ঘকালিন নিযুক্তিৰ সুবিধা বুদ্ধিহে কৰে। কাৰণ আধুনিকীকৰণৰ ফলত হোৱা উৎপাদন বৃদ্ধিৰ ফলত ইয়াৰ বিতৰণ বিক্রী ইত্যাদির কারণে অধিক মানৱ সম্পদৰ প্রয়োজন হয় আৰু ইয়াৰ ফলত নিযুক্তিৰ সুবিধা বৃদ্ধি হয়।

প্রশ্ন ৬। ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশৰ বাবে পৰিকল্পনাৰ এটা উদ্দেশ্য হিচাপে আত্মনিৰ্ভৰশীলতাৰ অনুসৰণ কৰাটো কিয় প্রয়োজনীয় হৈছিল?

উত্তৰঃ দেশৰ সাৰ্বভৌমত্ব ৰক্ষার্থে আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশৰ কাৰণে অত্যন্ত গুৰুত্বপূর্ণ লক্ষ্য হিচাপে বিবেচিত হয়। কাৰণ, আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হব নোৱাৰিলে কোনো গভীৰ অৰ্থনৈতিক সংকট অথবা যুদ্ধ বিগ্ৰহৰ দৰে জৰুৰীকালিন অৱস্থাত এনে দেশে কোনো বিদেশী শক্তিৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। এনে ব্যৱস্থাই দেশখনক বিদেশী ৰাষ্ট্ৰৰ বহতীয়া কৰে আৰু এনে অৱস্থা দেশৰ সাৰ্ব্বভৌমত্বৰ পৰিপন্থী হয়। 

প্রশ্ন ৭। অৰ্থব্যৱস্থাৰ খণ্ডমূলক গঠন কি? এটা অৰ্থব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডই সৰ্বাধিক বৰঙণি যোগোৱাটো প্রয়োজনীয়নে? মন্তব্য আগবঢ়োৱা।

উত্তৰঃ এখন দেশৰ অর্থ ব্যৱস্থাৰ প্ৰধান খণ্ডকেইটা হৈছে — 

(১) প্রাথমিক ও (primary sector).

(২) গৌণ খণ্ড (secondary sector).

(৩) আনুসংগিক বা সেৱা খণ্ড ( service sector).

এটা অৰ্থ ব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডৰ বৰঙণি সৰ্বাধিক হোৱাটো প্রয়োজনীয় হিচাপে বিবেচনা কৰিব পৰা নেযায়। কাৰণ যিটো খণ্ডত দেশৰ অধিক মানৱ আৰু মূলধনী সম্পন নিয়োজিত থাকে আৰু যদি ইয়াৰ উৎপাদন বৃদ্ধিৰ হাৰো উচ্চ হয় খণ্ডটোৰে বৰঙণি সর্বাধিক হয়। এই খণ্ডটো সেৱা খণ্ড নহ’বও পাৰে। অৱশ্যে মুদ্ৰাৰ ব্যৱহাৰ কৰা অৰ্থনীতিত প্ৰাথমিক আৰু গৌণ খণ্ডৰ উন্নতিৰ লগে লগে সেৱা খণ্ডৰ উন্নতি আৰু বৰঙণিৰ হাৰ ক্ষীপ্ৰগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হয়। কাৰণ প্ৰাথমিক আৰু গৌণ খণ্ডৰ উন্নতিত বৰঙণি যোগাবৰ অৰ্থে ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ, বেংক সেৱাৰ সম্প্ৰসাৰণ, যাতায়াত ব্যৱস্থাৰ উন্নতি ইত্যাদি সেৱাৰ প্ৰয়োজন হয়। 

প্রশ্ন ৮। পৰিকল্পনাৰ সময়ত ঔদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক কিয় অগ্রণী ভূমিকা দিয়া হৈছিল?

উত্তৰঃ ১৯৯১ চনত উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ পূৰ্বৰ কালছোৱাত ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাত ঔদ্যোগিক উন্নয়নৰ উপায় হিচাপে ৰাজহুৱা খণ্ডক অগ্রণী দায়িত্ব অর্পণ কৰা হৈছিল। এই বিষয়ে ১৯৫৯ চনৰ ঔদ্যোগিক নীতিৰ পৰা স্পষ্টভাবে উপলব্ধি কৰিব পাৰি। 

ইয়াৰ প্রধান কাৰণ আছিল — 

(১) সমাজবাদী আদর্শৰ ভিত্তিত দেশৰ অৰ্থনৈতিক ভেটি পাঠন।

(2) লো-তীখাৰ দৰে গুৰু উদ্যোগ স্থাপনৰ অৰ্থ ব্যক্তিগত খণ্ডৰ পুঁজিৰ অভাৱ। 

(৩) ঔদ্যোগিক উন্নয়নৰ অর্থে দেশত এটা সৱল ব্যক্তিগত খণ্ডৰ অনুপস্থিতি। 

(৪) পৰিকল্পনাৰ লক্ষ্য অনুসৰি ঔদ্যোগিক উন্নয়নৰ ব্যৱস্থাত অগ্ৰসৰ লাভ।

প্রশ্ন ৯। ভাৰতৰ পাঁচবছৰীয়া পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ কি কি?

নাইবা, 

ভাৰতত অর্থনৈতিক পৰিকল্পনাৰ গুৰুত্ব ব্যাখ্যা কৰা। 

নাইবা, 

ভাৰত পঞ্চবাষিক পৰিকল্পনাৰ পাঁচটা সাধাৰণ উদ্দেশ্য লিখা। 

নাইবা, 

ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ উমৈহতীয়া উদ্দেশ্যসমূহ আলোচনা কৰা।

উত্তৰঃ অর্থনৈতিক পৰিকল্পনা হ’ল দেশৰ সম্পদৰাজিৰ ওপৰত ভিত্তি কৰি দেশৰ অর্থনৈতিক প্ৰগতিৰ বাবে চলোৱা এক প্ৰণালীবদ্ধ প্রচেষ্টা। বৰ্তমান যুগৰ উন্নয়নশীল দেশবোৰত অর্থনৈতিক পৰিকল্পনাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। এই দেশবোৰত চৰকাৰে অনুদঘাটিত সম্পদবোৰ সদ্ব্যব্যৱহাৰ কৰি অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত উন্নয়ন সাধন কৰিবলৈ চেষ্টা চলাই আহিছে।

প্ৰাক্‌-স্বাধীনতাৰ কালছোৱাত ভাৰতৰ অর্থনৈতিক উন্নয়নৰ বাবে বিদেশী চৰকাৰে কোনো চেষ্টা কৰা নাছিল। স্বাধীনতাৰ পিছত দেশৰ অৰ্থনৈতিক উন্নয়নৰ দায়িত্ব জাতীয় চৰকাৰৰ ওপৰত আহি পৰিল। ভাৰতৰ অর্থনীতি সেই সময়তে অতি শোচনীয়। দাৰিদ্ৰ, মূল্যবৃদ্ধি খাদ্যাভাৱ আদি এশ এবুৰি সমস্যাত দেশখন জৰ্জৰিত। এই সমস্যাবোৰ আঁতৰাই জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উচ্চতৰ কৰিবলৈ হ’লে অর্থনৈতিক পৰিকল্পনাৰ প্ৰয়োজন।

দেশৰ অপৰ্যাপ্ত প্রাকৃতিক সম্পদ অনাদৃত অনুদঘাটিত অৱস্থাত পৰি আছে। এই সম্পদবোধ সদ্ব্যৱহাৰ কৰি দেশৰ অৰ্থনৈতিক উন্নয়ন আনিবলৈ প্ৰণালীবদ্ধ অর্থনৈতিক পৰিকল্পনা গ্রহণ কৰা হৈছে।

ভাৰতৰ মূলধনৰ অভাৱ। কেৱল ব্যক্তিগত খণ্ডৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ উন্নয়ন সম্ভৱপৰ নহয়। গুৰুত্বপূর্ণ কেতবোৰ অৰ্থনৈতিক প্ৰকল্পত প্ৰচুৰ মূলধনৰ প্ৰয়োজন। ভাৰতৰ পাঁচবছৰীয়া পৰিকল্পনাত চৰকাৰী খণ্ডৰ জৰিয়তে এইবোৰ দিশত বিনিয়োগ কৰা হৈছে।

ভাৰত কৃষিপ্রধান দেশ। দেশৰ শতকৰা ৭০ জন লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। অথচ এইখিনি মানুহৰ জীৱন নিৰ্বাহৰ মানদণ্ড অতি নিম্ন। খেতিৰ বাবে বৰষুণৰ ওপৰত এওঁলোকে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। পৰিকল্পনাৰ জৰিয়তে এই গুৰুত্বপূর্ণ দিশটোত উন্নয়ন সাধিব নোৱাৰিলে দেশৰ সামগ্রিক উন্নয়ন অর্থহীন। কৃষিৰ উন্নয়ন সাধন কৰিবলৈ গ্ৰাম্য অঞ্চলত উন্নয়নৰ চেষ্টা কৰিব লাগিব, কৃত্রিম জলসিঞ্চন ব্যৱস্থা কৰিব লাগিব, কৃষি পদ্ধতিৰ আমূল পৰিৱৰ্তন সাধন কৰিব লাগিব, কৃষকসকলক সহজ কিস্তিত ঋণপ্ৰদান কৰি তেওঁলোকক উৎপাদনশীল কামত প্রবৃত্ত কৰিব লাগিব। এই কাম এক সুপৰিকল্পিত অর্থনৈতিক আঁচনিৰ দ্বাৰাহে সম্ভৱ।

দেশৰ দ্ৰুত অর্থনৈতিক উন্নয়নৰ বাবে উদ্যোগীকৰণ একান্ত প্রয়োজন। দেশত অপর্যাপ্ত প্রাকৃতিক সম্পন্ন অনুদঘাটিত অৱস্থাত পৰি আছে। এই সম্পনবোৰ সদ্যৱহাৰ কৰি উদ্যোগীকৰণৰ প্ৰসাৰ ঘটাব পাৰি। কুটাৰ আৰু ক্ষুদ্ৰ শিল্পৰ প্ৰসাৰ ঘটাই উদ্যোগীকৰণৰ বিকেন্দ্ৰীকৰণ ঘটাব পাৰি। পৰিকল্পিত অর্থনৈতিক আঁচনিৰ দ্বাৰাহে এইবোৰ কাম কৰা সম্ভৱ।

উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা অর্থনৈতিক উন্নয়নৰ পূৰ্ব চৰ্ত। ৰেলপথ, জলপথ, স্থলপথৰ উন্নয়ন সাধন কৰিব পাৰিলেহে ঔদ্যোগীকৰণৰ সহায়ক হ’ব। ভাৰতত অর্থনৈতিক আঁচনিৰ দ্বাৰা এইবোৰ দিশত অগ্রগতি লাভ কৰিব পৰা গৈছে।

তদুপৰি বৃহৎ উদ্যোগ স্থাপন, ৰপ্তানি বৃদ্ধি, শিক্ষাৰ প্ৰসাৰ, জাতীয় আয়ৰ বৃদ্ধি, জনস্বাস্থ্যৰ উন্নয়ন, জনসংখ্যা নিয়ন্ত্রণ আদি গুৰুত্বপূর্ণ কামবোৰ অৰ্থনৈতিক পৰিকল্পনাৰ দ্বাৰাহে সম্ভৱ। 

উল্লিখিত লক্ষ্যসমূহ পূৰণৰ লগতে দেশখনৰ ধনী আৰু দৰিদ্ৰৰ মাজত থকা আৰ্থসামাজিক পাৰ্থক্য দূৰীকৰণ আৰু দাৰিদ্ৰতা সম্পূর্ণভাৱে নিৰ্মূল কৰাৰ লক্ষ্যৰেও ভাৰতবৰ্ষত পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হয়।

প্রশ্ন ১০। ভাৰতবৰ্ষৰ পৰিকল্পনাৰ সফলতাসমূহৰ বিষয়ে এটা চমু টোকা লিখা। 

নাইবা,

অৰ্থনৈতিক সংস্কাৰৰ পূৰ্বে পৰিকল্পনাৰ অধীনত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ বিষয়ে বিৱৰণ দিয়া।

নাইবা, 

ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো চাৰিটা সাফল্যক্ষেত্ৰ আৰু যিকোনো চাৰিটা বিফলতাৰক্ষেত্ৰ আঙুলিয়াই দিয়া।

উত্তৰঃ এঘাৰটা অর্থনৈতিক পৰিকল্পনাৰ আৰু পাঁচটা বাৰ্ষিক পৰিকল্পনাৰ ফলস্বৰূপে ভাৰতৰ অৰ্থনৈতিক স্থবিৰতা সম্পূৰ্ণৰূপে দূৰ হৈছে আৰু উন্নয়নমুখী অৰ্থনীতিৰ সকলোবিলাক লক্ষণ স্পষ্ট হৈ পৰিছে। 

যোৱা চাৰিটা দশকত দেশৰ অৰ্থনৈতিক উন্নয়নৰ খতিয়ান তলত দাঙি ধৰা হ’ল ——

(১) পৰিকল্পনা আৰু জাতীয় আয়: ১৯৫০-৮০ চনৰ কালছোৱাত জাতীয় আয় বৃদ্ধিৰ বাৰ্ষিক হাৰ হৈছে শতকৰা ৩.৪ ভাগ আৰু দশম পৰিকল্পনাৰ শেষত ইয়াৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ হয় ৭.৫ শতাংশ। চলিত মূল্যসূচীত ১৯৫০-৫১ চনত দেশৰ মুঠ জাতীয় উৎপাদনৰ পৰিমাণ আছিল ৮৯৩৮ কোটি টকা আৰু ১৯৯৯-২০০০ চনত ইয়াৰ পৰিমাণ ১৭৭১০২৮ কোটি টকালৈ বৃদ্ধি হয়। জনমূৰি আয় প্রচলিত মূল্যত ১৯৫০-৫১ চনত ২৩৮ টকাৰ পৰা ২০০৬- ২০০৭ চনত ২৯,৬৪২ টকালৈ বৃদ্ধি পায়। জাতীয় আয় বৃদ্ধিত প্রাথমিক খণ্ডই অধিকাংশ বৰঙণি দিলেও পৰিকল্পনাৰ কালছোৱাত লোৱা শিল্প উন্নয়নৰ ফলত মাধ্যমিক খণ্ডৰ আৰু সেৱাখণ্ডৰ বৰঙণি ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

(২) কৃষি আৰু শিল্প উৎপাদনঃ পৰিকল্পনাৰ কালছোৱাত কৃষি আৰু শিল্পৰ বিশেষ অগ্ৰগতি পৰিলক্ষিত হয়। অধিক ভূমিত কৃষি উৎপাদন ব্যৱস্থা আৰু উন্নত কৃষি পদ্ধতি প্ৰয়োগৰ ফলত প্ৰতি একৰত কৃষি উৎপাদন বাৰ্ষিক শতকৰা ১.৪ ভাগলৈ বৃদ্ধি হৈছে। ১৯৬৩ চনৰ পিছতে কৃষি উৎপাদনৰ ক্ষেত্ৰত অভূতপূর্ব সাফল্য লাভ কৰা হৈছে আৰু দেশখনে ইতিমধ্যে খাদ্যশস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিছে। ২০০৬-২০০৭ চনত খাদ্যশস্যৰ উৎপাদনৰ পৰিমাণ আছিল ২১৭ নিযুত টন।

শিল্প উন্নয়নৰ ক্ষেত্রতো উল্লেখযোগ্য সাফল্য লাভ কৰা হৈছে। বিশেষকৈ ৰাজহুৱা খণ্ডৰ সহায়ত শিল্পৰ বিকাশ আৰু উন্নয়ন উল্লেখযোগ্য। পাৰ হৈ যোৱা ত্ৰিশটা বছৰত ঔদ্যোগিক উৎপাদন পাঁচ ভাগ বৃদ্ধি পাইছে। ১৯৫১-৬৫ চনৰ সময়ছোৱাত শিল্প উৎপাদন শতকৰা ৮ভাগ বৃদ্ধি হৈছিল। ষাঠিৰ দশকত ঔদ্যোগিক উৎপাদন বৃদ্ধিৰ গড় হাৰ আছিল শতকৰা ৫.৫ ভাগ আৰু সত্তৰ আৰু আশীৰ দশকটোত ইয়াৰ বৃদ্ধিৰ গড় হাৰ ৫ শতাংশ অধিক হয়। ঔদ্যোগি উন্নয়নৰ ক্ষেত্ৰত বৃহৎ আৰু ক্ষুদ্র উদ্যোগে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ১৯৯১ চনত গ্ৰহণ কৰা উহাৰ অৰ্থনৈতিক নীতিয়ে দেশখনৰ ঔদ্যোগিক উন্নয়নৰ হাৰ বৃদ্ধিত সহায় কৰিছে আৰু ২০০৮ ২০০৭ চনত ঔদ্যোগিক উন্নয়নৰ হাৰ প্ৰায় ৮ শতাংশ হয়।

অর্থনৈতিক প্ৰাৰম্ভিক সুবিধাৰ উন্নতি: পৰিবহণ, পানীযোগান, বিদ্যুৎশক্তি ইত্যাদি অর্থনৈতিক প্ৰাৰম্ভিক সুবিধাৰ যথেষ্ট উন্নতি পৰিলক্ষিত হৈছে। পথ পৰিবহণৰ উন্নতিয়ে আভ্যন্তৰীণ বজাৰৰ প্ৰসাৰণত সহায় কৰিছে। জলবিদ্যুৎ প্রকল্পসমূহে কৃষিক্ষেত্ৰত পানীযোগানৰ উপৰিও বিদ্যুৎশক্তি উৎপাদনকাৰী সৰু ডাঙৰ কল-কাৰখানা স্থাপন কৰাত সহায় কৰিছে। আৰু নগৰ উন্নয়নৰ আঁচনিসমূহ সফল কৰিছে, জাতীয় উচ্চপথব, উন্নয়ন, বেল আৰু জল পৰিবহণৰ প্ৰসাৰণ আৰু উন্নয়ন, ডাক-তাৰ, টেলিফোন, টেলিগ্রাম ইত্যাদিৰ ব্যাপক উন্নতিয়ে আভ্যন্তৰীণ আৰু পৃথিৱীৰ বিভিন্ন অংশৰ লগত উন্নত যোগাযোগ স্থাপনত সহায় কৰিছে।

নিবনুৱাৰ সংস্থান: বৰ্ধিত জনসংখ্যাৰ কাৰণে আৰু বৃহৎ উদ্যোগবোৰে শ্ৰমিকৰ তুলনাত অধিক মূলধন নিয়োগ কৰাৰ কাৰণে মানৱশক্তি নিয়োগৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব পৰা নাই। দেশৰ নিয়োগ বৃদ্ধিৰ বাৰ্ষিক হাৰ হৈছে শতকৰা ২.৩ ভাগ। বৃহৎ উদ্যোগসমূহৰ তুলনাত ক্ষুদ্র উদ্যোগবোৰে অধিক কর্মসংস্থান দিছে।

সঞ্চয় আৰু মূলধন নিয়োগৰ হাৰ: ১৯৪৩ চনলৈকে সঞ্চয়ৰ হাৰতকৈ দেশত মূলধন নিয়োগৰ হাৰ বেছি আছিল আৰু সঞ্চয় আৰু মূলধনৰ হাৰৰ এই পার্থক্য দূৰীকৰণত বৈদেশিক মূলধনে সহায় কৰিছিল। কিন্তু ১৯৬৩ চনৰ পিছত সময় বৃদ্ধিত অভূতপূর্ব সাফল্য লাভ হৈছে আৰু ২০০৬-২০০৭ জাতীয় আয়ৰ শতকৰা ৩৪ শতাংশ সঞ্চয় হয়।

বৈদেশিক বাণিজ্যৰ অগ্ৰগতি: ঔদ্যোগিক উন্নয়নৰ ফলস্বৰূপে অধিকসংখ্যক মূলধনী দ্রব্য আৰু উপভোগ্য দ্রব্য দেশতে উৎপাদন হ’বলৈ আৰম্ভ হয় আৰু দেশে আমদানি প্রতিফলন লক্ষ্যত উল্লেখযোগ্য সাফল্য লাভ কৰে। ইয়াৰোপৰি প্ৰাথমিক দ্রব্যসমূহৰ তুলনাত শিল্পজাত দ্রব্যসমূহৰ ৰপ্তানি ক্ৰমান্বয়ে বৃদ্ধি হৈছে।

জনস্বাস্থ্য আৰু চিকিৎসা বিদ্যাৰ অগ্ৰগতিঃ পৰিকল্পনাৰ কালছোৱাত জনস্বাস্থ্য আৰু চিকিৎসা বিদ্যাৰ যথেষ্ট উন্নতি হয়। ইয়াৰ ফলত মানুহৰ গড় জীয়াই থকাৰ বয়স ১৯৫১ চনত ৩২ বছৰৰ পৰা বৰ্তমানে ৬২ বছৰলৈ বৃদ্ধি পাইছে। কলেৰা, মেলেৰিয়া ইত্যাদি মহামাৰীৰ নিৰ্মূলৰ উপৰিও উন্নত চিকিৎসাৰ সুবিধাৰ ফলত শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে কমি গৈছে।

শিক্ষাৰ উন্নয়ন: পৰিকল্পনাৰ কালছোৱাত শিক্ষা ব্যৱস্থাৰ বিশেষ উন্নতি পৰিলক্ষিত হয়। শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষই পৃথিৱীত তৃতীয় স্থান লাভ কৰিছে। ১৯৫০-৫১ চনত দেশত স্কুললৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ২৩৯ লাখ আৰু ১৯৭৯-৮০ চনত ইয়াৰ পৰিমাণ ১,০০১ লাখ হয়। শিক্ষাৰ সুবিধাৰ বৃদ্ধিয়ে সাক্ষৰতাৰ হাৰ দেশৰ জনসংখ্যাৰ ৬৫ শতাংশলৈ বৃদ্ধি কৰিছে।

বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ অগ্ৰগতি: বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে। ইয়াৰ ফলত ঔদ্যোগিক উন্নয়নৰ কাৰণে প্রয়োজনীয় বিদেশী বিশেষজ্ঞসকলৰ আমদানি প্ৰায় বন্ধ হৈছে আৰু এনে আমদানিৰ পৰিবৰ্তে মধ্যপ্রাচ্যৰ কিছুমান দেশলৈ ভাৰতীয় বিশেষজ্ঞৰ ৰপ্তানি হয়।

বিফলতা: ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে পৰিকল্পনাৰ কালছোৱাত দেশৰ অৰ্থনীতিৰ যথেষ্ট উন্নতি হৈছে। অৱশ্যে দৰিদ্ৰতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আৰু অর্থনৈতিক বৈষম্য দূৰীকৰণত বিশেষ সাফল্য লাভ কৰা হোৱা নাই। তদুপৰি মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হোৱাত দেশৰ মানুহৰ প্ৰকৃত আয় (real income) বৃদ্ধিৰ পৰিমাণ অতি সামান্য। বৰ্দ্ধিত জনসংখ্যা, উৎপাদন বৃদ্ধিৰ গতিৰ মন্থৰতা, ঘাটি বাজেট ইত্যাদি উপাদানসমূহে দেশত হোৱা মুদ্রাস্ফীতিৰ কাৰণে ঘাইকৈ জগৰীয়া। নটা পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল অন্ত পৰাৰ পাছতো দেশখনৰ ৩০ শতাংশৰ অধিক জনসংখ্যা দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰিছে। শিক্ষিত আৰু সাধাৰণ নিবনুৱাৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। জনসংখ্যা বৃদ্ধি ৰোধ কৰিবৰ অৰ্থে যিবোৰ আঁচনি পৰিকল্পনাৰ কালছোৱাত গ্ৰহণ কৰা হৈছে সেইবোৰ বিফল হৈছে আৰু দেশখনৰ জনসংখ্যা ইতিমধ্যে ১০০ কোটিৰ অধিক হৈছে। উন্নয়নৰ প্ৰধান বুনিয়াদ শক্তি খণ্ডৰ মহৰ প্ৰগতিত আন এটা প্ৰধান বিফলতা।

প্রশ্ন ১১। ভাৰতৰ দ্বাদশ পৰিকল্পনাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ ভাৰতৰ একাদশ পৰিকল্পনাৰ কাৰ্যকাল ২০১২ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। এই পৰিকল্পনাৰ আঁচনি ৰূপায়ণ আৰু লক্ষ্যসমূহ পৰিপূৰণৰ অৰ্থে ৰাজহুৱা খণ্ডত ধাৰ্য কৰা মুঠ ব্যয়ৰ পৰিমাণ হৈছে ৭৬,৬৯,৮০৭ কোটি টকা। দেশখনৰ বহনক্ষম উন্নয়ন আৰু আৰ্থ-সামাজিক উন্নয়নৰ ওপৰত প্ৰধান গুৰুত্ব আৰোপ কৰা এইটো পৰিকল্পনাই সামাজিক খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত সৰ্বাধিক পুঁজি আবণ্টন দিছে। পুঁজি আবণ্টনৰ ভিত্তিত শক্তি পৰিবৰ্তন আৰু গ্ৰাম্য উন্নয়ন খণ্ডই যথাক্রমে দ্বিতীয়, তৃতীয় আৰু চতুর্থ স্থান লাভ কৰিছে।

প্রশ্ন ১২। পৰিকল্পনাৰ কালছোৱাত ঔদ্যোগীকৰণৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৫১ চনৰ পিছৰ তিনিটা দশকত ভাৰতে উদ্যোগীকৰণৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। ১৯৪৮ চনৰ আৰু ১৯৫৬ চনৰ শিল্পনীতিৰ আধাৰত পৰিকল্পনাৰ কালছোৱাত ঔদ্যোগীকৰণৰ ক্ষেত্ৰত ব্যাপক পৰিমাণৰ মূলধন নিয়োগে দেশত বিভিন্ন প্ৰকাৰৰ উদ্যোগৰ বিকাশৰ আৰু উন্নয়নত সহায় কৰিছে। ঔদ্যোগীকৰণৰ এনে প্ৰচেষ্টাৰ ফলস্বৰূপে পাৰ হৈ যোৱা ৩০ টা বছৰত ঔদ্যোগিক উৎপাদন ৫ ভাগ বৃদ্ধি পাইছে আৰু পৃথিবীৰ উদ্যোগ প্রধান দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষ দশম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। উপভোগ্য আৰু মুলধনী দ্রব্যসমূহৰ উৎপাদন ক্ষেত্ৰত দেশে উল্লেখযোগ্য সাফল্য লাভ কৰিছে। ঔদ্যোগীকৰণৰ এনে অগ্ৰগতিৰ ফলস্বৰূপে অধিকাংশ উপভোগ্য দ্ৰব্যৰ আমদানি বন্ধ হৈছে আৰু মুলধনী দ্রব্যসমূহৰ উৎপাদনৰ ক্ষেত্ৰতো দেশখন আত্মনিৰ্ভৰশীল তাৰ পথত অগ্ৰসৰ হৈছে। ভাৰতৰ ৰপ্তানি বাণিজ্যত শিল্পজাত দ্রব্যসমূহে ক্ৰমান্বয়ে গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে। বিশেষকৈ অভিযান্ত্ৰিক দ্রব্যসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি উল্লেখযোগ্য। ঔদ্যোগীকৰণৰ ফলত দেশত কাৰিকৰী আৰু পৰিচালনাৰ দক্ষতাৰ বিশেষ উন্নতি পৰিলক্ষিত হৈছে আৰু ইয়াৰ ফলস্বৰূপে দেশত অত্যাধুনিক দ্রব্যসামগ্ৰী আৰু যন্ত্রপাতিৰ নিৰ্মাণ বৃদ্ধি পাইছে।

১৯৯১ চনত দেশখনে গ্ৰহণ কৰা উদাৰ অৰ্থনৈতিক নীতিৰ অধীনত এক মুক্ত ঔদ্যোগিক নীতি গ্ৰহণ কৰা হৈছে। এই নীতি অনুসৰি দেশখনৰ ঔদ্যোগিক উন্নয়নত ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস কৰি ব্যক্তিগত খণ্ডৰ গুৰুত্ব বৃদ্ধিৰ নিৰ্দেশ দিয়া হৈছে। নতুন নীতিৰ অধীনত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সংখ্যা ছটালৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত ব্যক্তিগত খণ্ডই দেশখনৰ ঔদ্যোগিক উন্নয়নত অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু এইটো খণ্ডৰ প্ৰচেষ্টাত দেশখনৰ ঔদ্যোগিক উন্নয়নৰ হাৰৰ যথেষ্ট উন্নতি ঘটিছে।

প্রশ্ন ১৩। ভাৰতৰ পাঁচবছৰীয়া পৰিকল্পনাৰ বিফলতাৰ চাৰিটা/দুটা কাৰণ উল্লেখ কৰা। 

অথবা, 

পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ মন্থৰ হোৱাৰ প্ৰধান তিনিটা কারণ আঙুলিয়াই দিয়া।

উত্তৰঃ ভাৰতৰ পাঁচবছৰীয়া পৰিকল্পনাৰ বিফলতাৰ দুটা প্ৰধান কাৰণ হৈছে— 

(ক) কিছুমান কাকিনী অসুবিধা আৰু উপযুক্ত পৰিচালনাৰ অভাৱত কিছুমান গুৰুত্বপূর্ণ উৎপাদন ক্ষেত্ৰৰ উৎপাদন ক্ষমতাৰ পূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত অসমর্থতা। 

(খ) শক্তি উৎপাদন আৰু বিদেশৰ পৰা আহৰণ কৰা যন্ত্ৰপাতি আৰু সা-সঁজুলি সমূহৰ দক্ষতাপূৰ্ণ ব্যৱহাৰৰ অসমর্থতা। 

(গ) বিভিন্ন অচনিসমূহ পালত চৰকাৰী প্ৰশাসনীয় বস্ত্ৰটোৰ ৰঙাফিটাৰ মেৰপাক।

প্রশ্ন ১৪। ভাৰতৰ পাঁচবছৰীয়া পৰিকল্পনাৰ দুটা (চাৰিটা) সফলতা উল্লেখ কৰা। 

উত্তৰঃ নটা পাঁচবছৰীয়া পৰিকল্পনা আৰু ৫ টা বাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত দেশখনে লাভ কৰা প্ৰধান হৈছে- 

(ক) খাদ্যসামগ্রী উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অর্জন। 

(খ) গুৰু আৰু লঘু উদ্যোগ স্থাপনৰ জৰিয়তে ঔদ্যোগিক উৎপাদন বৃদ্ধিত উল্লেখনীয় সফলতা। 

(গ) শক্তি, পৰিবহণ আৰু জলসিক্ষন ব্যৱস্থাৰ ব্যাপক উন্নতিৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ প্ৰাৰম্ভিক সুবিধাৰ সৃষ্টি। 

(ঘ) শিক্ষাৰ সম্প্ৰসাৰণৰ জৰিয়তে নিৰক্ষৰতা হ্ৰাসৰ ক্ষেত্ৰত সফলতা।

প্রশ্ন ১৫। ভাৰতৰ পাঁচবছৰীয়া পৰিকল্পনাৰ দুটা (চাৰিটা) বিফলতা উল্লেখ কৰা। 

উত্তৰঃ ভাৰতৰ পাঁচবছৰীয়া পৰিকল্পনাৰ প্ৰধান বিফলতাসমূহ হৈছে— 

(ক) নিবনুৱাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যর্থতা। 

(খ) দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত বিফলতা। দেশখনৰ প্ৰায় ৩০ শতাংশ মানুহ এতিয়াও দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে। 

(গ) ধনী আৰু দুখীয়াৰ মাজত থকা আয় আৰু সম্পত্তিৰ পাৰ্থক্য হ্রাসকৰণত বিফলতা। 

(ঘ) মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিফলতা।

প্রশ্ন ১৬। ভাৰতৰ পৰিকল্পনাৰ বিত্ত সংগ্ৰহৰ দুটা (চাৰিটা) মুখ্য উৎসৰ নাম লিখা। 

উত্তৰঃ ভাৰতৰ পৰিকল্পনাৰ বিত্ত সংগ্ৰহৰ দুটা (চাৰিটা) মুখ্য উৎস হৈছে- 

(ক) কৰ।

(খ) ৰাজহুৱা উদ্যোগসমূহৰ বৰঙণি।

(গ) ঘৰুৱা সঞ্চয়ৰ দ্বাৰা সংগ্ৰহ কৰা পুঁজি। 

(ঘ) বৈদেশিক মূলধন। 

(ঙ) ঘাটি বিত্ত।

প্রশ্ন ১৭। ভাৰতৰ পাঁচবছৰীয়া পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ কি কি?  

উত্তৰঃ পাঁচবছৰীয়া পৰিকল্পনাৰ মূল লক্ষ্যসমূহ হৈছে— 

(ক) দেশৰ অব্যৱহৃত আৰু অৰ্থ ব্যৱহৃত সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰৰ জৰিয়তে প্রথমে অর্থনৈতিক উন্নয়ন সাধন। 

(খ) ঔদ্যোগীকৰণ আৰু কৃষি উন্নয়নৰ জৰিয়তে অর্থনৈতিক আত্মনিৰ্ভৰশীলতা অর্জন কৰা। 

(গ) জনমূৰি আয়বৃদ্ধিৰ জৰিয়তে দৰিদ্ৰতা নির্মূল জনসাধাৰণৰ জীৱনধাৰণৰ মানদণ্ড উন্নীতকৰণ। 

(ঘ) শিক্ষা আৰু জনস্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণৰ জৰিয়তে সামাজিক কল্যাণ সাধন। 

(ঙ) পৰিবহণ, শক্তি ইত্যাদি খণ্ডৰ উন্নয়নৰ জৰিয়তে অর্থনৈতিক উন্নয়নৰ প্ৰাৰম্ভিক সুবিধা স্থাপন। 

(চ) আর্থ-সামাজিক ন্যায় প্ৰতিষ্ঠাৰ অৰ্থে ধনী আৰু দুখীয়াৰ মাজত থকা পার্থক্য হ্রাস কৰা।

প্রশ্ন ১৮। ভাৰতৰ দশম পৰিকল্পনাৰ দুটা সফলতা উল্লেখ কৰা। 

উত্তৰঃ অষ্টম পৰিকল্পনাৰ দুটা উল্লেখযোগ্য সফলতা হৈছে— 

(ক) ঘৰুৱা উৎপাদন বৃদ্ধিৰ গড় বাৰ্ষিক হাৰ ইয়াৰ লক্ষ্য ৮ শতাংশৰ বিপৰীতে ৭.৫ শতাংশ হাৰৰ বৃদ্ধি। 

(খ) ঔদ্যোগিক উৎপাদনৰ হাৰ বৃদ্ধিৰ লক্ষ্য পৰিপূৰ্ণত সাফল্যতা। 

(গ) ৰপ্তানী বাণিজ্যৰ উন্নতিৰ ক্ষেত্ৰত সফলতা।

প্রশ্ন ১৯। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাবোৰে বহুক্ষেত্ৰত লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিয়?

উত্তৰঃ ভাৰতবৰ্ষত ইতিমধ্যে ৭ টা পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল অন্ত পৰিছে আৰু অষ্টম পৰিকল্পনাৰ কাৰ্যকাল প্রায় সমাপ্তিৰ পথত। পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত দেশখনৰ কৃষি, উদ্যোগ, পৰিবহণ ইত্যাদি খণ্ডৰ যথেষ্ট উন্নতি ঘটিলেও দাৰিদ্রতা নির্মূল, নিবনুৱা সমস্যা সমাধান, মূল্যবৃদ্ধি ৰোধ ইত্যাদিৰ দৰে গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিকল্পনা সফল হোৱা নাই। বিচাৰ কৰিলে দেখা যায় যে দেশখনৰ উচ্চহাৰত হোৱা জনসংখ্যা বৃদ্ধি, ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ৰুগ্নতা, উচ্চহাৰত কৰা ঘাটি বিত্ত আৰু দেশীয়ভাবে উন্নত প্রযুক্তিবিদ্যা উদ্ভাৱনৰ ক্ষেত্ৰত ব্যথতাৰ কাৰণেই ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাই গুৰুত্বপূর্ণ ক্ষেত্ৰসমূহত বিশেষ সফলতা লাভ কৰিব পৰা নাই। বিশেষকৈ দেশখনৰ উচ্চহাৰৰ জনসংখ্যা বৃদ্ধিয়ে পৰিকল্পনাৰ সফলতা সীমিত পৰ্যায়ত ৰখা দৃষ্টিগোচৰ হয়। অৱশ্যে দেশখনৰ সকলো স্তৰতে দেখা পোৱা দুৰ্নীতিৰ পৰিকল্পনাৰ বিফলতাৰ এটা প্ৰধান কাৰণ হিচাপে চিনাক্ত কৰা হৈছে। 

প্রশ্ন ২০। পাঁচবছৰীয়া পৰিকল্পনাৰ কালছোৱাত ভাৰতৰ অর্থনৈতিক উন্নয়নৰ হাৰ মন্থৰ হোৱাৰ চাৰিটা কাৰণ আঙুলিয়াই দিয়া।

উত্তৰঃ (১) উচ্চ হাৰত জনসংখ্যা বৃদ্ধি। 

(২) পৰিকল্পনা ৰূপায়ণৰ অৰ্থে পুঁজিৰ নাটনি।

(৩) উচ্চ হাৰৰ মুদ্রাস্ফীতি।

(8) ৰাজহুৱা খণ্ডৰ উদ্যোগত ক্ষমতা।

প্রশ্ন ২১। “বিস্ময়কৰ বীজ” (Miracle seeds) কি?

উত্তৰঃ উচ্চ উৎপাদনক্ষম বীজ (HYV) যাৰ ব্যবহাৰৰ মাধ্যমত কৃষিৰ উৎপাদন অভূতপূর্বভাবে বৃদ্ধি কৰাটো সম্ভৱপৰ।

প্রশ্ন ২২। বিক্রযোগ্য উদ্বৃত্ত (Marketable Surplus) কি? 

উত্তৰঃ কৃষকসকলে নিজৰ উৎপাদিত শস্যৰ যিটো অংশ বজাৰত বিক্ৰীৰ অর্থে উলিয়াই দিয়ে ঊক্ত অংশটোৱেই হৈছে বিক্ৰীযোগ্য উদ্বৃত্ত। 

প্রশ্ন ২৩। কৃষি খণ্ডত প্ৰবৰ্ত্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্রয়োজনীয়তা আৰু ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা: ভূমি প্রাকৃতিক সম্পদ। এনে দুষ্প্রাপ্য সম্পদৰ জৰীপ আৰু সমবিতৰণ ভাৰতৰ দৰে কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান উদ্দেশ্য, কিন্তু ইংৰাজৰ শাসনত যি চিৰস্থায়ী বন্দোবস্তিৰ প্ৰবৰ্তন কৰা হৈছিল তাৰ মাধ্যমত গঢ়ি উঠা জমিদাৰী প্রথাৰ কাৰণে ভূমিৰ সমবিতৰণৰ পৰিবৰ্তে দৰিদ্ৰ কৃষকৰ ওপৰত শোষণ বৃদ্ধি পাইছিল। সেইকাৰণে স্বাধীনতা অর্জন কৰাৰ পাছত ভাৰত চৰকাৰে ভূমি সংস্কাৰ ব্যৱস্থা কৰাত অগ্ৰাধিকাৰ দিবলৈ বাধ্য হৈছে। দেশৰ দুষ্প্ৰাপ্য ভূমি সম্পদৰ সমবিতৰণ আৰু প্ৰকৃত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্ব প্রদান কৰি তেওঁলোকৰ ওপৰত চলা শোষণৰ অৱসান ঘটোৱাৰ অর্থেই ভূমি সংস্কাৰৰ প্ৰয়োজন হৈ পৰিছিল।

ভাৰতবৰ্ষৰ সংবিধান অনুসৰি ভূমি হৈছে ৰাজ্যিক আইনৰ অন্তৰ্ভূক্ত এটা বিষয়। সেইকাৰনে ভূমি-সংস্কাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে নীতি নির্দেশনা জাৰি কৰিলেও এই বিষয়টোৰ ওপৰত আইন প্রণয়ন আৰু প্রয়োগৰ দায়িত্ব ৰাজ্যিক চৰকাৰৰ। অৱশ্যে কেন্দ্রীয় চৰকাৰৰ নির্দেশনাৰ ভিত্তিত স্বাধীনোত্তৰ কালত ৰাজ্যিক চৰকাৰে ভূমি সংস্কাৰৰ অর্থে গ্রহন কৰা ব্যৱস্থাসমূহৰ সামঞ্জস্য আছে আৰু ইয়াৰ ভিত্তিত প্ৰধান ভূমি সংস্কাৰ ব্যৱস্থাৱলী তলত নিয়া ধৰণে ভাগ কৰিব পাৰি।

(১) জমিদাৰী প্ৰথাৰ বিলুপ্তি সাধনৰ মাধ্যমত প্রকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্রদান আৰু মধ্যভোগীৰ বিলুপ্তি সাধন।

(২) দখলীস্বত্ব আৰু উপ-ৰায়তসকলৰ ভূমিৰ পট্টা প্ৰদান কৰি ভূমিৰ মালিকীস্বত্ব প্ৰদান। 

(৩) চিলিং ব্যৱস্থা প্ৰৱৰ্তনৰ মাধ্যমত হোৱা ৰাহি ভূমি ভূমিহীন কৃষকসকলৰ মাজত বিতৰণ। 

প্রশ্ন ২৪। ভাৰতীয় অর্থনীতিত কৃষিৰ গুৰুত্ব বা ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা। 

নাইবা, 

ভাৰতীয় অৰ্থনীতিৰ বাবে কিয় কৃষি উন্নয়ন আৱশ্যকীয়? তিনিটা কাৰণ দৰ্শোৱা।

নাইবা, 

ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত কৃষিৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ অৰ্থনীতি প্ৰধানকৈ কৃষি অর্থনীতি। দেশখনৰ মুঠ জনসংখ্যাৰ ৭০  শতাংশৰ অধিক মানুহে জীৱিকা আহৰণৰ কাৰণে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিখণ্ডই গাইগুটীয়াভাবে দেশখনৰ জাতীয় আয়লৈ সৰ্বাধিক বৰঙণি যোগোৱাৰ উপৰিও ঔদ্যোগিক আৰু ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ আৰু উন্নতিত উল্লেখযোগ্য বৰঙণি যোগাইছে।

ভাৰতবৰ্ষৰ অৰ্থনীতিত কৃষিখণ্ডৰ গুৰুত্ব সম্পর্কে তলৰ আলোচনাৰপৰা সহজে উপলব্ধি কৰিব পৰা যায়।

(১) কৃষি আৰু জাতীয় আয়: ভাৰতৰ জাতীয় আয় বৃদ্ধিত কৃষিখণ্ডৰ বৰঙণি বিশেষভাবে গুৰুত্বপূর্ণ। স্বাধীনোত্তৰ পূৰ্বে দেশখনৰ জাতীয় আয় ৬০ শতাংশতকৈ অধিক কৃষিখণ্ডই যোগান ধৰিছিল। অৱশ্যে স্বাধীনোত্তৰ কালছোৱাত ঔদ্যোগিক উন্নয়ন আৰু পৰিবহণৰ দৰে বিভিন্ন সেৱাসমূহৰ উন্নতিৰ ফলস্বৰূপে কৃষিখণ্ডৰ বৰঙণি হ্রাস হোৱা পৰিলক্ষিত হৈছে। ১৯৫০-৫১ চনত দেশখনৰ জাতীয় উৎপাদনলৈ কৃষিখণ্ডৰ বৰঙণি আছিল ৫৯ শতাংশ আৰু ১৯৮৬-৮৭ চনত ইয়াৰ পৰিমাণ ৩৪ শতাংশলৈ হ্ৰাস হয়। কৃষিখণ্ডৰ বৰঙণি হ্রাস পালেও ব্যক্তিগত ভিত্তিত বিচাৰ কৰিলে দেখা যায় যে কৃষিখণ্ডই জাতীয় উৎপাদনলৈও সর্বাধিক বৰঙণি যোগাইছিল।

(২) কৃষি আৰু নিয়োগ ব্যৱস্থা: পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ ভাৰতবৰ্ষৰ অধিকাংশ মানুহৰ জীৱিকাৰ প্ৰধান উপায় হৈছে কৃষি। ১৯৮১ চনৰ জনসংখ্যাৰ পিয়ল অনুসৰি মুঠ জনসংখ্যাৰ ৪১.৬ শতাংশ কৃষক আৰু ২৪.৯ শতাংশ কৃষি শ্রমিক। আন এক সমীক্ষা অনুসৰি ১৯৮৫ চনত কৃষিখণ্ডত নিয়োজিত হৈ থকা মানুহৰ পৰিমাণ দেশখনৰ মুঠ জনসংখ্যাৰ ৬৮. ৭ শতাংশ। কৃষিখণ্ডত দেশখনৰ অধিকাংশ মানুহ নিয়োজিত হৈ থকাৰ পৰা দেশখনৰ অৰ্থনীতিত ইয়াৰ ভূমিকা সহজে উপলব্ধি হয়।

(৩) কৃষি আৰু শিল্প: কৃষিয়ে দেশৰ শিল্প উদ্যোগসমূহলৈ গুৰুত্বপূৰ্ণ বৰঙণি দিছে। দেশৰ কপাহী শিল্প, মৰাপাট শিল্প, চেনি শিল্প, বনস্পতি, চাহ শিল্পসমূহৰ প্ৰয়োজনীয় কেঁচামালৰ উৎস হৈছে কৃষি। দেশৰ ক্ষুদ্ৰ কুটিৰ শিল্পসমূহ যেনে — ধানকল, হস্তচালিত বোৱা-কটা অনুষ্ঠান ইত্যাদিও কেঁচামালৰ কাৰণে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰি কৃষিখণ্ডই শিল্পখণ্ডলৈ খাদ্যসামগ্ৰী যোগান ধৰি সেইবোৰৰ উপভোক্তাৰ মূলধনৰ অভাৱ পূৰণ কৰিছে। শিল্পজাত দ্রব্যসমূহৰ বজাৰৰ প্ৰসাৰণ ঘটোৱাৰ ক্ষেত্ৰতো কৃষিখণ্ডই সক্রিয় ভূমিকা গ্ৰহণ কৰিছে। অৱশ্যে কৃষিখণ্ডই যেনেকৈ শিল্পৰ বজাৰ প্ৰসাৰণত সহায় কৰিছে তেনেদৰে শিল্পসমূহেও কেঁচামাল আৰু খানসামগ্ৰীৰ চাহিদা বৃদ্ধি কৰি কৃষিৰ উন্নতিত সহায় কৰিছে।

(৪) কৃষি আৰু বৈদেশিক বাণিজ্য — দেশৰ বৈদেশিক বাণিজ্যত কৃষিখণ্ডই অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ভাৰতবৰ্ষৰ প্ৰধান ৰপ্তানি সামগ্ৰী হৈছে কৃষিজাত দ্রব্য। ভাৰতবৰ্ষৰ মুঠ ৰপ্তানিৰ ২৮ শতাংশ দ্রব্য হৈছে কৃষিজাত দ্ৰব্য আৰু শতকৰা ২০ ভাগ হৈছে কৃষিৰে যোগান ধৰা কেঁচামালৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা শিল্পজাত দ্রব্য অর্থাৎ দেশৰ ৰপ্তানিৰ প্ৰায় ৫০ শতাংশ ভাগ কৃষিখণ্ডই যোগান ধৰিছে।

প্রশ্ন ২৫। ভাৰতীয় কৃষিৰ প্ৰধান ত্ৰুটিবোৰ ব্যাখ্যা কৰা। ইয়াৰ প্ৰতিকাৰৰ অৰ্থে পৰামৰ্শ আগবঢ়োৱা। 

নাইবা, 

ভাৰতৰ কৃষিখণ্ডৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় অর্থনীতিত কৃষিয়ে অতি গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিলেও ইয়াৰ কিছুমান সমস্যাৰ কাৰণে প্ৰতি একৰত উৎপাদনৰ পৰিমাণ পৃথিৱীৰ উন্নত দেশৰ তুলনাত যথেষ্ট কম। ভাৰতৰ তুলনাত পৃথিৱীৰ উন্নত দেশবোৰৰ প্ৰতি হে*ৰ উৎপাদনৰ পৰিমাণ ৰ পৰা ভাগৰ ভিতৰত অধিক। ভাৰতৰ প্ৰতিজন কৃষি বনুৱাৰ উৎপাদন ক্ষমতা হৈছে ১০৫ ডলাৰ; কিন্তু আমেৰিকা ৰাষ্ট্ৰৰ প্ৰতিজন কৃষি বনুৱাৰ উৎপাদন ক্ষমতা ২৪০৮ ডলাৰ আৰু জাপানৰ ২২৬৫ ডলাৰ। ভাৰতীয় কৃষি ব্যৱস্থাৰ দোষ আছে আৰু এই দোষসমূহৰ কাৰণে কৃষিৰ অৱস্থা অনুন্নত আৰু প্ৰতি একৰত উৎপাদনৰ পৰিমাণ কম হৈ আছে। ভাৰতীয় কৃষিৰ অনুন্নত অৱস্থা আৰু নিম্ন উৎপাদন ক্ষমতাৰ কাৰণসমূহ তলত ব্যাখ্যা কৰা হ’ল।

(১) ভূমিৰ ওপৰত অত্যধিক হেঁচা — ভাৰতৰ কৃষি ব্যৱস্থাৰ প্ৰধান সমস্যা হৈছে বৰ্ধিত জনসংখ্যাৰ তুলনাত কৃষি উপযোগী ভূমিৰ সীমিত পৰিমাণ। জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে প্ৰতিজন লোক কৃষি উপযোগী ভূমিৰ পৰিমাণ ১৯২১ চনৰ ১.১১ একৰৰ পৰা ১৯৭১ চনত ০.৬২ একৰলৈ হ্ৰাস পাইছে। কৃষি ভূমিৰ পৰিমাণ প্ৰতিজন লোকৰ ক্ষেত্ৰত কম হোৱাৰ কাৰণে ভূমিত আধুনিক কৃষি পদ্ধতি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছে। জনসংখ্যাৰ অত্যধিক হেঁচাৰ কাৰণে কৃষিখণ্ডত অৰ্ধ-নিবনুৱাৰ বৃদ্ধি পাইছে। ভাৰতৰ কৃষি ব্যৱস্থাত নিয়োজিত থকা শতকৰা ২০ জন কৃষি শ্রমিক ছদ্মবেশী নিবনুৱা (Disguised unemployment)। এই ছদ্মবেশী নিবনুৱা কৃষিৰ উৎপাদন বৃদ্ধিত সহায় কৰাৰ পৰিবৰ্তে কৃষিৰ উৎপাদন ক্ষতিগ্ৰস্তহে কৰিছে। বিশেষকৈ কৃষিখণ্ডত মূলধন গঠন আৰু কৃষি উন্নয়ন বাধাগ্ৰস্ত কৰাত ছদ্মবেশী নিবনুৱাসকল সক্রিয়ভাৱে জড়িত।

(২) পুৰুষানুক্রমে ভূমি বিভাজন — ভাৰতবৰ্ষৰ সামাজিক প্রথা অনুসৰি পুৰুষানুক্রমে ভূমি বিভাজন হোৱাৰ ফলত প্ৰতিজন খেতিয়কৰ কৃষি ভূমিৰ পৰিমাণ কমি আহিছে। এনে সামাজিক প্ৰথাৰ কাৰণে ভূমি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত বিভক্ত হৈছে। প্ৰতিজন কৃষকৰ ভূমিৰ পৰিমাণ কম হোৱাৰ কাৰণে ভূমিত আধুনিক কৃষি প্ৰয়োগৰ পৰা বঞ্চিত হৈছে; তদুপৰি ভূমিৰ ক্ষুদ্ৰ বিভাজনৰ কাৰণে কৃষকৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিছে আৰু কৃষি উন্নতি আৰু উৎপাদন বৃদ্ধিৰ অৰ্থে কৃষকে কোনো প্রচেষ্টা চলাব পৰা নাই।

(৩) পুৰণিকলীয়া কৃষি পদ্ধতি — ভাৰতবৰ্ষৰ অধিকাংশ কৃষকে পুৰণিকলীয়া কৃষি পদ্ধতিৰ সহায়ত কৃষিকার্য সম্পাদন কৰে। কৃষিত আধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ, উন্নত বীজ ইত্যাদিৰ ব্যৱহাৰ নগণ্য কৃষকৰ মাজত সীমিত হৈ আছে। কৃষকৰ আৰ্থিক দুৰৱস্থা, নিৰক্ষৰতা, অন্ধবিশ্বাস ইত্যাদি আধুনিক কৃষি পদ্ধতি প্ৰয়োগৰ প্ৰধান অন্তৰায়। এই সমস্যাৰ কাৰণে ভাৰতবৰ্ষত প্ৰতি একৰ ভূমিত উৎপাদনৰ পৰিমাণ এতিয়াও অতি নিম্ন স্তৰত আছে।

(৪) মূলধনৰ অভাৱ — ভাৰতবৰ্ষৰ অধিকাংশ কৃষকে দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰিছে আৰু তেওঁলোকৰ সঞ্চয়ৰ ক্ষমতা নাই। ইয়াৰ কাৰণে কৃষকসকলৰ মূলধনৰ অভাৱ। মূলধনৰ অভাৱৰ কাৰণে কৃষিকাৰ্য আৰু অন্যান্য সামাজিক ৰীতি-নীতি পালনৰ অর্থে কৃষকসকল গাঁৱলীয়া মহাজনসকলৰ ওপৰত নিৰ্ভৰশীল। কিন্তু গাঁৱলীয়া মহাজনসকলৰ পাকচক্ৰত পৰি কৃষকসকলৰ আৰ্থিক অৱস্থাৰ অধিক অৱনতি ঘটিছে আৰু ইয়াৰ ফলত কৃষি উৎপাদন বাধাগ্ৰস্ত হৈছে।

(৫) পানী যোগানৰ অভাৱ — ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থাৰ এটা প্ৰধান সমস্যা হৈছে খেতি পথাৰত পানী যোগানৰ অনিশ্চয়তাৰ। ভাৰতৰ কৃষি ব্যৱস্থা মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বতৰৰ অনিশ্চয়তাই সময়ে সময়ে সৃষ্টি কৰা বানপানী আৰু খৰাং বতৰে কৃষি উৎপাদন বাধাগ্রস্ত কৰিছে। তদুপৰি পানীৰ অভাৱত বছৰৰ বাৰ মাহে কৃষি কাৰ্য চলাই থকাটো সম্ভৱপৰ নোহোৱাত কৃষি উৎপাদন আৰু কৃষিৰ আয় কম হোৱাৰ উপৰিও ঋতু অনুসৰি নিবনুৱাৰ সৃষ্টি হয়। দেশৰ মাত্ৰ শতকৰা ২২ ভাগ ভূমিত পৰিকল্পিত পানী যোগান আঁচনিৰ সম্প্ৰসাৰণ ঘটিছে। অধিকাংশ ভূমিৰ পানী যোগানৰ কোনো সুবিধা নথকাত কৃষি উৎপাদন বৃদ্ধিত সমস্যাই দেখা দিছে।

(৬) ভূমি সংস্কাৰ — ভাৰতবৰ্ষত স্বাধীনোত্তৰ পাছত জমিদাৰী প্ৰথাৰ বিলোপ সাধন, ভূমিৰ সৰ্বোচ্চ সীমাৰ আইন প্ৰণয়ন কৰিলেও ভূমি-সংস্কাৰ নীতিৰ কিছুমান দোষ-ত্রুটিৰ কাৰণে প্ৰকৃত কৃষকসকলে ভূমিৰ মালিকীস্বত্ব লাভ কৰা নাই। প্রকৃত কৃষকসকলে ভূমিৰ মালিকীস্বত্ব নোপোৱাৰ কাৰণে কৃষি উন্নয়ন তথা উৎপাদনৰ অৰ্থে প্ৰচেষ্টা নচলায়।

(৭) বজাৰ আৰু মজুতকৰণৰ অসুবিধা — ভাৰতবৰ্ষৰ কৃষিৰ উৎপাদিত দ্রব্যসমূহ বিক্ৰী কৰিবৰ কাৰণে গ্রামাঞ্চলত সংগঠিত বজাৰৰ অভাৱ। এনে বজাৰৰ অভাৱত কৃষকসকলে কম দামত কৃষিজাত দ্রব্যসমূহ কৃষিপ্ৰবাৰ দালালসমূহত বিক্ৰী কৰিবলৈ বাধ্য হয়। উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ কাৰণে কৃষকসকলৰ আৰ্থিক অৱস্থাৰ উন্নতি হোৱা নাই আৰু ই কৃষি উন্নতিত প্রতিবন্ধক জন্মাইছে। তদুপৰি গ্ৰামাঞ্চলৰ দ্ৰব্য মজুতকৰণৰ উপযুক্ত ব্যৱস্থাৰ অভাৱত কৃষকসকল কৃষিজাত দ্ৰব্যৰ ন্যায্য মূল্যৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হয়।

(৮) কৃষি গৱেষণা — কৃষিব্যবস্থা আৰু কৃষিৰ উৎপাদন বৃদ্ধিৰ অৰ্থে কৃষি বিষয়ক গবেষণা অপৰিহাৰ্য। কাৰণ পৃথিৱীৰ প্ৰখ্যাত কৃষি বিজ্ঞানীসকলৰ মতে উন্নত পদ্ধতি, বীজ ইত্যাদি প্রয়োগৰ যোগেদি কৃষিৰ উৎপাদন বৃদ্ধিত সাফল্য লাভ কৰিব পাৰি। কিন্তু ভাৰতবৰ্ষত কৃষি গৱেষণাৰ বিষয়ত বিশেষ অগ্রগতি লাভ কৰা হোৱা নাই আৰু যিখিনি অগ্ৰগতি লাভ কৰা হৈছে সেইখিনিৰ সফল কৃষকসকলৰ মাজত বিতৰণ কৰাত কৃষি গৱেষকসকল বিফল হৈছে।

(৯) সামাজিক উপাদান — ভাৰতৰ অধিকাংশ কৃষকৰ নিৰক্ষৰতা, সামাজিক ৰীতি – নীতি, অন্ধবিশ্বাস, যৌথ পৰিয়াল প্রথা, পুৰুষানুক্রমে ভূমি বিভাজন ইত্যাদি সামাজিক উপাদানবোৰে কৃষি উৎপাদন বাধাগ্রস্ত কৰিছে। কৃষকৰ নিৰক্ষৰতা আৰু অন্ধবিশ্বাস কৃষি ব্যবস্থা আধুনিক পদ্ধতিৰ ব্যৱহাৰৰ প্ৰধান অন্তৰায়।

ওপৰোক্ত সমস্যাবোৰেই হৈছে ভাৰতৰ কৃষি ব্যৱস্থাৰ প্ৰধান সমস্যা।

সমস্যা সমাধানৰ উপায় — ভাৰতীয় কৃষিৰ সমস্যাবোৰে সিহঁতৰ সমাধানৰ উপায়-ইঙ্গিত দিয়ে। কৃষিৰ ওপৰত পৰা অত্যধিক হেঁচা ৰোধ কৰিবৰ অর্থে গ্রামাঞ্চলত পৰিয়াল পৰিকল্পনাৰ আঁচনিসমূহ সফলতাৰে প্ৰয়োগ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব। তদুপৰি কৃষিৰ ছদ্মবেশী নিবনুৱাসকলক কৃষিখণ্ডৰ পৰা আঁতৰাই আনি শিল্প ব্যৱসায়ত নিয়োগৰ সুবিধা প্ৰদান কৰিব লাগে। ইয়াৰ অর্থে গ্ৰামাঞ্চলত ক্ষুদ্ৰ আৰু কুটিৰ শিল্প গঠনত অগ্ৰাধিকাৰ দিয়াৰ প্রয়োজন ভাৰতীয় কৃষকসকলৰ দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ কাৰণে তেওঁলোকৰ মাজত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি। সেইকাৰায়ণ কৃষকসকলৰ দৰিদ্ৰতা দূৰীকৰণ আৰু শিক্ষা প্রদান আঁচনিৰ ব্যাপক প্ৰসাৰণৰ জৰিয়তে জনসংখ্যা বৃদ্ধি ৰোধ কৰাত গুৰুত্ব আৰোপ কৰিব লাগে।

দ্বিতীয়তে, পুৰুষানুক্রমে ভূমি বিভাজনৰ যি সামাজিক প্রথা প্রচলিত আছে তাক বন্ধ কৰিবৰ অৰ্থে চৰকাৰে বিশেষ আইন প্রণয়ন কৰিব লাগে। ভূমি বিভাজন বন্ধ কৰিবৰ কাৰণে সমবায় কৃষিপাম গঠনত গুৰুত্ব আৰোপ কৰিব লাগে আৰু শিক্ষাৰ প্ৰসাৰণৰ জৰিয়তে ভূমি বিভাজনৰ কুফলবোৰৰ বিষয়ে কৃষকসকলক অৱগত কৰাব পাৰিলেও ভূমি বিভাজন বন্ধ কৰিব পৰা যায়।

তৃতীয়তে, পুৰণিকলীয়া কৃষি পদ্ধতিৰ পৰিবৰ্তে আধুনিক কৃষি পদ্ধতিৰ ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়াটো উচিত। কৃষিৰ আধুনিক কৌশল, উন্নত বীজ, সাৰ আদি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধিৰ কাৰণে চৰকাৰে দীৰ্ঘম্যাদী আঁচনিৰ প্রৱর্তন কৰিব লাগিব আৰু আঁচনি সফল কৰি তুলিবৰ অর্থে কৃষকসকলৰ প্রয়োজনীয় উন্নতিৰ লগত পানী যোগান ব্যবস্থা উন্নত কৰি বছৰৰ বাৰ মাহ কৃষি কাৰ্য চলাই থকাটো সম্ভৱপৰ কৰিব লাগিব। ইয়াৰ কাৰণে দেশৰ সকলোবোৰ কৃষি ভূমিত বৃহৎ আৰু ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ ব্যৱস্থা কৰাটো প্রয়োজন।

মূলধনৰ অভাৱ উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগৰ প্ৰধান অন্তৰায়। এই সমস্যা দূৰ কৰিবৰ অৰ্থে আইন প্রণয়নৰ যোগেদি গাঁৱলীয়া মহাজনসকলক উচ্ছেদ কৰাৰ লগতে প্ৰতিখন গাঁৱত সমবায় ঋণৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি দেশৰ ব্যৱসায়িক বেংকসমূহক কৃষকসকললৈ কম সুদত ঋণ দান কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়াটো প্রয়োজন। ব্যবসায়িক বেংকসমূহ গ্রামাঞ্চলত গঢ়ি তুলিব পাৰিলে কৃষকৰ মুলধনৰ সমস্যা সমাধানৰ লগতে সঞ্চয় আৰু মূলধনৰ গঠনো। বৃদ্ধি পাব। অৱশ্যে দুখীয়া কৃষকসকলক কম সুদত প্ৰয়োজনীয় মূলধনৰ যোগান ধৰাত সমবায় ক্ষণৰ বিকল্প ব্যৱস্থা নাই আৰু সেইকাৰণে গ্রামাঞ্চলত সমবায় ঋণদানৰ সমিতি গঠনত চৰকাৰে অগ্ৰাধিকাৰ দিব লাগে।

প্রশ্ন ২৬। ভাৰতৰ কৃষিৰ অনগ্ৰসৰতাৰ কাৰণসমূহ আলোচনা কৰা। 

অথবা, 

ভাৰতৰ কৃষি উৎপাদন ক্ষমতা কম হোৱাৰ পাঁচটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় অর্থনীতিত কৃষিয়ে অতি গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিলেও ইয়াৰ কিছুমান সমস্যাৰ কাৰণে প্ৰতি একৰত উৎপাদনৰ পৰিমাণ পৃথিৱীৰ উন্নত দেশৰ তুলনাত যথেষ্ট কম। ভাৰতৰ তুলনাত পৃথিৱীৰ উন্নত দেশবোৰৰ প্ৰতি হে*ৰ উৎপাদনৰ পৰিমাণ ৰ পৰা ভাগৰ ভিতৰত অধিক। ভাৰতৰ প্ৰতিজন কৃষি বনুৱাৰ উৎপাদন ক্ষমতা হৈছে ১০৫ ডলাৰ; কিন্তু আমেৰিকা ৰাষ্ট্ৰৰ প্ৰতিজন কৃষি বনুৱাৰ উৎপাদন ক্ষমতা ২৪০৮ ডলাৰ আৰু জাপানৰ ২২৬৫ ডলাৰ। ভাৰতীয় কৃষি ব্যৱস্থাৰ দোষ আছে আৰু এই দোষসমূহৰ কাৰণে কৃষিৰ অৱস্থা অনুন্নত আৰু প্ৰতি একৰত উৎপাদনৰ পৰিমাণ কম হৈ আছে। ভাৰতীয় কৃষিৰ অনুন্নত অৱস্থা আৰু নিম্ন উৎপাদন ক্ষমতাৰ কাৰণসমূহ তলত ব্যাখ্যা কৰা হ’ল।

(১) ভূমিৰ ওপৰত অত্যধিক হেঁচা — ভাৰতৰ কৃষি ব্যৱস্থাৰ প্ৰধান সমস্যা হৈছে বৰ্ধিত জনসংখ্যাৰ তুলনাত কৃষি উপযোগী ভূমিৰ সীমিত পৰিমাণ। জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে প্ৰতিজন লোক কৃষি উপযোগী ভূমিৰ পৰিমাণ ১৯২১ চনৰ ১.১১ একৰৰ পৰা ১৯৭১ চনত ০.৬২ একৰলৈ হ্ৰাস পাইছে। কৃষি ভূমিৰ পৰিমাণ প্ৰতিজন লোকৰ ক্ষেত্ৰত কম হোৱাৰ কাৰণে ভূমিত আধুনিক কৃষি পদ্ধতি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছে। জনসংখ্যাৰ অত্যধিক হেঁচাৰ কাৰণে কৃষিখণ্ডত অৰ্ধ-নিবনুৱাৰ বৃদ্ধি পাইছে। ভাৰতৰ কৃষি ব্যৱস্থাত নিয়োজিত থকা শতকৰা ২০ জন কৃষি শ্রমিক ছদ্মবেশী নিবনুৱা (Disguised unemployment)। এই ছদ্মবেশী নিবনুৱা কৃষিৰ উৎপাদন বৃদ্ধিত সহায় কৰাৰ পৰিবৰ্তে কৃষিৰ উৎপাদন ক্ষতিগ্ৰস্তহে কৰিছে। বিশেষকৈ কৃষিখণ্ডত মূলধন গঠন আৰু কৃষি উন্নয়ন বাধাগ্ৰস্ত কৰাত ছদ্মবেশী নিবনুৱাসকল সক্রিয়ভাৱে জড়িত।

(২) পুৰুষানুক্রমে ভূমি বিভাজন — ভাৰতবৰ্ষৰ সামাজিক প্রথা অনুসৰি পুৰুষানুক্রমে ভূমি বিভাজন হোৱাৰ ফলত প্ৰতিজন খেতিয়কৰ কৃষি ভূমিৰ পৰিমাণ কমি আহিছে। এনে সামাজিক প্ৰথাৰ কাৰণে ভূমি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত বিভক্ত হৈছে। প্ৰতিজন কৃষকৰ ভূমিৰ পৰিমাণ কম হোৱাৰ কাৰণে ভূমিত আধুনিক কৃষি প্ৰয়োগৰ পৰা বঞ্চিত হৈছে; তদুপৰি ভূমিৰ ক্ষুদ্ৰ বিভাজনৰ কাৰণে কৃষকৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিছে আৰু কৃষি উন্নতি আৰু উৎপাদন বৃদ্ধিৰ অৰ্থে কৃষকে কোনো প্রচেষ্টা চলাব পৰা নাই।

(৩) পুৰণিকলীয়া কৃষি পদ্ধতি — ভাৰতবৰ্ষৰ অধিকাংশ কৃষকে পুৰণিকলীয়া কৃষি পদ্ধতিৰ সহায়ত কৃষিকার্য সম্পাদন কৰে। কৃষিত আধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ, উন্নত বীজ ইত্যাদিৰ ব্যৱহাৰ নগণ্য কৃষকৰ মাজত সীমিত হৈ আছে। কৃষকৰ আৰ্থিক দুৰৱস্থা, নিৰক্ষৰতা, অন্ধবিশ্বাস ইত্যাদি আধুনিক কৃষি পদ্ধতি প্ৰয়োগৰ প্ৰধান অন্তৰায়। এই সমস্যাৰ কাৰণে ভাৰতবৰ্ষত প্ৰতি একৰ ভূমিত উৎপাদনৰ পৰিমাণ এতিয়াও অতি নিম্ন স্তৰত আছে।

(৪) মূলধনৰ অভাৱ — ভাৰতবৰ্ষৰ অধিকাংশ কৃষকে দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰিছে আৰু তেওঁলোকৰ সঞ্চয়ৰ ক্ষমতা নাই। ইয়াৰ কাৰণে কৃষকসকলৰ মূলধনৰ অভাৱ। মূলধনৰ অভাৱৰ কাৰণে কৃষিকাৰ্য আৰু অন্যান্য সামাজিক ৰীতি-নীতি পালনৰ অর্থে কৃষকসকল গাঁৱলীয়া মহাজনসকলৰ ওপৰত নিৰ্ভৰশীল। কিন্তু গাঁৱলীয়া মহাজনসকলৰ পাকচক্ৰত পৰি কৃষকসকলৰ আৰ্থিক অৱস্থাৰ অধিক অৱনতি ঘটিছে আৰু ইয়াৰ ফলত কৃষি উৎপাদন বাধাগ্ৰস্ত হৈছে।

(৫) পানী যোগানৰ অভাৱ — ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থাৰ এটা প্ৰধান সমস্যা হৈছে খেতি পথাৰত পানী যোগানৰ অনিশ্চয়তাৰ। ভাৰতৰ কৃষি ব্যৱস্থা মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বতৰৰ অনিশ্চয়তাই সময়ে সময়ে সৃষ্টি কৰা বানপানী আৰু খৰাং বতৰে কৃষি উৎপাদন বাধাগ্রস্ত কৰিছে। তদুপৰি পানীৰ অভাৱত বছৰৰ বাৰ মাহে কৃষি কাৰ্য চলাই থকাটো সম্ভৱপৰ নোহোৱাত কৃষি উৎপাদন আৰু কৃষিৰ আয় কম হোৱাৰ উপৰিও ঋতু অনুসৰি নিবনুৱাৰ সৃষ্টি হয়। দেশৰ মাত্ৰ শতকৰা ২২ ভাগ ভূমিত পৰিকল্পিত পানী যোগান আঁচনিৰ সম্প্ৰসাৰণ ঘটিছে। অধিকাংশ ভূমিৰ পানী যোগানৰ কোনো সুবিধা নথকাত কৃষি উৎপাদন বৃদ্ধিত সমস্যাই দেখা দিছে।

২৭। ভাৰতীয় কৃষিৰ চাৰিটা প্ৰধান সমস্যা চমুকৈ বৰ্ণনা কৰা। এইবোৰ সমস্যা সমাধান কৰিবলৈ দুটা দীর্ঘকালীন আৰু দুটা হ্ৰস্বকালীন ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ প্ৰশ্নৰ প্ৰথম অংশৰ উত্তৰৰ: পুৰণিকলীয়া কৃষি পদ্ধতি — ভাৰতবৰ্ষৰ অধিকাংশ কৃষকে পুৰণিকলীয়া কৃষি পদ্ধতিৰ সহায়ত কৃষিকার্য সম্পাদন কৰে। কৃষিত আধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ, উন্নত বীজ ইত্যাদিৰ ব্যৱহাৰ নগণ্য কৃষকৰ মাজত সীমিত হৈ আছে। কৃষকৰ আৰ্থিক দুৰৱস্থা, নিৰক্ষৰতা, অন্ধবিশ্বাস ইত্যাদি আধুনিক কৃষি পদ্ধতি প্ৰয়োগৰ প্ৰধান অন্তৰায়। এই সমস্যাৰ কাৰণে ভাৰতবৰ্ষত প্ৰতি একৰ ভূমিত উৎপাদনৰ পৰিমাণ এতিয়াও অতি নিম্ন স্তৰত আছে।

দ্বিতীয় অংশৰ উত্তৰ: ভাৰতীয় কৃষিৰ সমস্যাবলী সমাধানৰ অৰ্থে গ্ৰহণ কৰিবলগীয়া দুটা দীর্ঘম্যাদী ব্যবস্থা হৈছে— 

(১) পুৰণিকলীয়া কৃষি পদ্ধতিৰ পৰিবর্তে অত্যাধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগ। 

(২) ভূমি সংস্কাৰৰ মাধ্যমত প্ৰকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্রদান।

হ্রস্বম্যাদী ব্যৱস্থা হিচাপে খৰাং বতৰৰ সময়ত পানী যোগানৰ ব্যৱস্থা আৰু বানপানীৰ সময়ত বিকল্প নিযুক্তিৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিব পাৰি। দ্বিতীয়তে, কৃষকসকলে যাতে উৎপাদিত শস্যৰ উচিত মূল্য পায় তাৰ কাৰণে প্ৰতিটো প্ৰধান কৃষি দ্ৰব্যৰ মূল্য বার্ষিক নিৰ্ধাৰণৰ ব্যৱস্থা কৰিব লাগিব।

প্রশ্ন ২৮। ভাৰতৰ কৃষিৰ কম উৎপাদনশীলতাৰ যিকোনো চাৰিটা কাৰণ আলোচনা কৰা। উৎপাদনশীলতাৰ বৃদ্ধিৰ বাবে চৰকাৰে লোৱা যিকোনো দুটা ব্যবস্থা পর্যালোচনা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ অধিকাংশ কৃষকে পুৰণিকলীয়া কৃষি পদ্ধতিৰ সহায়ত কৃষিকার্য সম্পাদন কৰে। কৃষিত আধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ, উন্নত বীজ ইত্যাদিৰ ব্যৱহাৰ নগণ্য কৃষকৰ মাজত সীমিত হৈ আছে। কৃষকৰ আৰ্থিক দুৰৱস্থা, নিৰক্ষৰতা, অন্ধবিশ্বাস ইত্যাদি আধুনিক কৃষি পদ্ধতি প্ৰয়োগৰ প্ৰধান অন্তৰায়। এই সমস্যাৰ কাৰণে ভাৰতবৰ্ষত প্ৰতি একৰ ভূমিত উৎপাদনৰ পৰিমাণ এতিয়াও অতি নিম্ন স্তৰত আছে।

চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা: (ক) কৃষিৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ অর্থে পৰিকল্পনাৰ কালছোৱাত জলসিঞ্চনৰ সুবিধা বৃদ্ধিৰ ওপৰত চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। ইতিমধ্যে দেশখনৰ মুঠ কৃষিভূমিৰ ৪০ শতাংশত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা হৈছে। নৱম আৰু দশম পৰিকল্পনাত এইটো সুবিধা অধিক ভূমিলৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

(খ) অধিক উৎপাদনক্ষম জাতৰ বীজ আৰু সাৰ প্ৰয়োগৰ মাধ্যমত কৃষিৰ উৎপাদন বৃদ্ধিৰ ওপৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। চৰকাৰী প্ৰচেষ্টাৰ ফলস্বৰূপে ২০০০ চনলৈকে প্ৰায় ৮০ নিযুত হে”ৰ ভূমিত অধিক উৎপাদনক্ষম জাতৰ বীজ ৰোপণ কৰাটো সম্ভৱপৰ হৈছে আৰু কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ লগতে জৈৱিক সাৰৰ প্ৰয়োগ বুজন পৰিমাণে বৃদ্ধি পাইছে। তদুপৰি কৃষিৰ উন্নত সা – সঁজুলি যোগান ধৰিও কৃষিৰ উৎপাদন ক্ষমতা বৃদ্ধিত অর্থে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

(গ) কৃষক সকলৰ কৃষিকার্যত আধুনিক পদ্ধতি ব্যৱহাৰৰ অৰ্থে চৰকাৰে বিনামূলীয়াকৈ উন্নত কৃষি বীজ, ৰেহাই মূল্যত ৰাসায়ণিক সাৰ আৰু কৃষিৰ যন্ত্রপাতি যোগানৰ ব্যৱস্থা কৰিছে। 

(ঘ) কৃষকসকলৰ মূলধনৰ নাটনি পূৰণৰ অৰ্থে ৰাষ্ট্রায়ত্ত বেংকসমূহে ৰেহাই হাৰত কৃষকক ঋণৰ যোগান ধৰিছে। ইয়াৰোপৰি ঋণৰ বোজা হ্ৰাস কৰিবৰ অৰ্থে চৰকাৰে সময়ে সময়ে ইয়াৰ বাজেটত ঋণগ্রস্ত কৃষকসকলক ঋণৰ পৰা মুক্ত কৰাৰ বিষয়েও যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

(ঙ) কৃষকসকলৰ উৎপাদিত দ্রব্য উপযুক্ত হাৰত বিক্ৰীৰ অৰ্থে চৰকাৰে একাংশ কৃষিজ দ্ৰব্যৰ নিম্নতম মূল্য নিৰ্ধাৰণ কৰাৰ উপৰি নিয়ন্ত্ৰিত বজাৰ স্থাপন কৰি কৃষিজ দ্রব্য বিক্ৰীৰ সুবিধা কৰি দিছে। 

প্রশ্ন ২৯। সেউজ বিপ্লব কি? ইয়াক কিয় প্ৰৱৰ্তন কৰা হৈছিল আৰু ই কিদৰে কৃষক সকলক লাভান্বিত কৰিছিল? চমুকৈ ব্যাখ্যা কৰা। সেউজ বিপ্লৱে নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰা ভাভাণ্ডাৰ প্ৰস্তুত কৰাত সহায় কৰিছে তুলি তুমি ভাবানে?

উত্তৰঃ ১৯৬৬ চনত দেশত দেখা দিয়া খাদ্য সংকটে খাদ্য-সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ প্রয়োজনীয়তা বৃদ্ধি কৰে আৰু ১৯৬৭-৬৮ চনত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশে ঘেঁহু খেতিত উন্নত বীজৰ প্ৰয়োগৰ জৰিয়তে ইয়াৰ উৎপাদনত উল্লেখযোগ্য সাফল্যক ‘সেউজ বিপ্লব’ হিচাপে নামকৰণ কৰা হয়। ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য লাভ কৰাৰ পাছত অন্যান্য কৃষিজাত দ্রব্যসমূহৰ ক্ষেত্ৰত উন্নত বীজৰ প্ৰয়োগৰ জৰিয়তে উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা চলে আৰু এই প্ৰচেষ্টাৰ ফলস্বৰূপে দেশৰ খাদ্য সংকট দূৰ হোৱাৰ উপৰিও অন্যান্য কৃষিজাত সামগ্ৰীৰ উৎপাদন উচ্চ হাৰত বৃদ্ধি পায়। সেউজ বিপ্লৱ দেশৰ সকলো ৰাজ্যলৈ সম্প্ৰসাৰিত হৈছে আৰু এই বিপ্লৱৰ জৰিয়তে কৃষি পদ্ধতিৰ আমূল পৰিৱৰ্তন সাধন কৰি উৎপাদন বৃদ্ধিৰ প্রচেষ্টা চলিছে। সেউজ বিপ্লৱৰ জৰিয়তে অধিক পৰিমাণৰ ভূমিত উন্নত জাতৰ বীজ ৰোপণ, পানী যোগান, যন্ত্রপাতি, সাৰ প্ৰয়োগ আদি কৃষি উন্নয়নৰ সকলো ব্যৱস্থাই সামৰি লোৱা হৈছে।

সেউজ বিপ্লৱে দেশৰ কৃষকসকলক যথেষ্ট পৰিমাণে লাভান্বিত কৰিছে। সেউজ বিপ্লৱৰ কাৰণেই দেশৰ কৃষকসকলৰ কৃষি ক্ষেত্ৰৰ উৎপাদনশীলতা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত ৰাহি কৃষিজ দ্রব্য বিক্ৰী কৰি তেওঁলোকে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হোৱাৰ উপৰি কৃষি কাৰ্যত অধিকভাৱে জড়িত হ’বৰ অৰ্থে তেওঁলোকে অনুপ্ৰেৰণা লাভ কৰিছে।

নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰা ভাণ্ডাৰ প্ৰস্তুত কৰাত সেউজ বিপ্লৱৰ প্রভাৱ অপষ্ট। কাৰণ এই বিপ্লৱ আৰম্ভ হোৱাৰ পূৰ্বৰ অৱস্থাত দেশত খাদ্যশস্যৰ ভাণ্ডাৰ গঠন কৰিব পৰা হোৱা নাছিল আৰু উক্ত অৱস্থাত দেশখনে খাদ্যসংকটৰ সম্মুখীন হ’লেই বিদেশৰ পৰা খাদ্যশস্য আমদানি কৰিবলগীয়া হৈছিল। কিন্তু সেউজ বিপ্লৱে দেশখনক খাদ্যশস্যৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ উপৰি খাদ্যশস্যৰ এক বৃহৎ মজুত ভাণ্ডাৰ গঠনত সহায় কৰিছে। এইবিষয়ে চৰকাৰে কৰা খাদ্যশস্যৰ সংগ্ৰহ অভিযান আৰু মজুত ভাণ্ডাৰ সম্পৰ্কত সময়ে সময়ে প্রকাশ কৰা তথ্যৰ পৰা উপলব্ধি কৰিব পৰা যায়।

প্রশ্ন ৩০। ৰাজসাহায্যই কৃষক সকলক নতুন প্রযুক্তিবিদ্যা ব্যৱহাৰৰ বাবে প্রোৎসাহিত কৰে যদিও চৰকাৰী বিত্ত ব্যৱস্থাত ই এক বৃহৎ বোজা। এই সত্যৰ পৰিপ্ৰেক্ষিতত ৰাজসাহায্যৰ উপকাৰিতা সম্পর্কে আলোচনা কৰা ৷

উত্তৰঃ চৰকাৰে কৃষক আৰু উপভোক্তাসকলক কোনো দ্ৰব্য ইয়াৰ বজাৰৰ দৰতকৈ কম দৰত যোগান ধৰাৰ ব্যৱস্থা কৰে, তেতিয়া ৰাজসাহায্যৰ বিষয়টো জড়িত হৈ পৰে। বজাৰ দৰ আৰু চৰকাৰে যোগান ধৰা কম দৰৰ পাৰ্থক্যখিনি চৰকাৰে বহন কৰে আৰু ইয়াকেই ৰাজসাহায্য বুলি কোৱা হয়। উদাহৰণ স্বৰূপে যদি এবিধ ব্যৱসায়িক সাৰৰ মূল্য প্রতি কুইন্টলত ৫০০ টাকা হয় আৰু চৰকাৰে যদি ইয়াক ২০০ টকা কুইণ্টলত কৃষকক যোগান ধৰে তেতিয়া প্ৰতিকুইন্টেল ৰাসায়নিক সাৰত ৰাজসাহাযাৰ পৰিমাণ হ’ব ৩০০ টকা।

ভাৰতবৰ্ষৰ দৰিদ্র কৃষকক কৃষিৰ উৎপাদন বৃদ্ধিৰ অৰ্থে প্ৰয়োজন হোৱা নতুন প্রযুক্তি কৌশল ব্যৱহাৰত অনুপ্ৰেৰণা যোগাবৰ অৰ্থে ৰাজসাহায্যৰ ব্যৱস্থা কৰা হৈছে। ৰজাৰ দৰতকৈ কম দৰত ৰাসায়নিক সাৰ, পানী যোগান, ডিজেল, ট্ৰেক্টৰ ইত্যাদিৰ যোগান এনে ৰাজসাহায্যৰ অন্তৰ্ভুক্ত। ৰাজসাহায্যই কৃষি উৎপাদন বৃদ্ধিত যোগোৱা অনুপ্ৰেৰণাৰ কাৰণেই দেশখনে খাদ্যশস্যৰ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বিতা অর্জন কৰিবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ উপকাৰিতাৰ বিষয়ে কোনো সন্দেহ থাকিব নোৱাৰে। অৱশ্যে ৰাজসাহায্যৰ ব্যৱস্থাই চৰকাৰৰ বিত্ত ব্যৱস্থাত যথেষ্ট বোজাৰ সৃষ্টি কৰিছে। কাৰণ প্ৰতিখন চৰকাৰী বাজেটত ৰাজসাহাৰ্যৰ শিতানত এক বুজন পৰিমাণৰ ধন আবণ্টন দিবলগীয়া হয়। ইয়াৰ ফলত উন্নয়নৰ আন শিতানত পুজিৰ নাটনি ঘটিছে। ইয়াৰোপৰি ৰাজসাহায্যৰ ব্যৱস্থাই কিছুমান দুষ্প্রাপ্য দ্ৰব্যৰ অপচয়মূলক ব্যৱহাৰ কৰাও পৰিলক্ষিত হয়। এনে অপচয় পৰিবেশৰ কাৰণে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। অৱশ্যে ভাৰতবৰ্ষৰ কৃষিখণ্ডত দৰিদ্র কৃষক শ্ৰেণীটোৰ উপস্থিতি আৰু দেশৰ অৰ্থনীতিত কৃষি খণ্ডৰ গুৰুত্বতাৰ দৃষ্টিকোণৰ পৰা ৰাজসাহায্যৰ প্ৰয়োজনীয়তাৰ বিষয়টো অস্বীকাৰ কৰিব পৰা নেযায়।

প্রশ্ন ৩১। আমদানি প্রতিকম্পনে ঘৰুৱা উদ্যোগক কেনেকৈ সুৰক্ষা প্ৰদান কৰিব পাৰে ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া এখন দেশৰ চৰকাৰে বিদেশৰ পৰা আমদানি কৰা দ্রব্য সামগ্ৰী নিজ দেশতে উৎপাদন কৰি আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত অগ্ৰসৰ হয় তাকেই আমদানি প্রতিকম্পন বুলি কোৱা হয়। আমদানি প্ৰতিকম্পনৰ দ্বাৰা ঘৰুৱা উদ্যোগক সুৰক্ষা প্ৰদান কৰা হয়। এই সুৰক্ষা প্ৰদান দুটা উপায়েৰে কৰা হয়। এটা হৈছে আমদানি শুল্ক (tariff) আৰোপ আৰু আনটো হৈছে আমদানিৰ পৰিমাণ নিৰ্ধাৰণ (Quota) পদ্ধতি। যেতিয়া কোনো আমদানিকৃত দ্ৰব্যৰ ওপৰত চৰকাৰে আমদানি শুল্ক ধার্য কৰে, তেতিয়া উক্ত দ্রব্যটো নিজ দেশত উৎপাদন হোৱা অনুৰূপ দ্ৰব্যতকৈ অধিক দামী হৈ পৰে আৰু দেশীয় উপভোক্তাই বিদেশী দ্রব্যটোৰ উপভোগ কমাই দেশীয় দ্রব্যটোৰ উপভোগ বৃদ্ধি কৰে। ইয়াৰ ফলত দ্রব্যটো উৎপাদন কৰা দেশীয় উদ্যোগটো সুৰক্ষিত হয়। আমদানিৰ পৰিমাণ নিৰ্ধাৰণ ব্যৱস্থাত এটা দ্ৰব্যৰ এক নির্দিষ্ট পৰিমাণত আমদানিৰ ব্যৱস্থা কৰা হয় আৰু যিহেতু ই দেশৰ গ্ৰাহকৰ সমুদায় চাহিদা পূৰণ কৰিব নোৱাৰে সেইকাৰণে উক্ত দ্রব্য উৎপাদন কৰা দেশীয় উদ্যোগ বৰ্তি থাকিবলৈ সক্ষম হয়। এনেভাবে দেখা যায় যে আমদানি প্রতিকম্পন ব্যৱস্থাই দেশীয় উদ্যোগক সুৰক্ষা প্ৰদান কৰাত সফল হয় ৷

প্রশ্ন ৩২। ভাৰত চৰকাৰৰ ১৯৪৮ আৰু ১৯৫৬ চনৰ উদ্যোগ নীতিৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ দেশৰ অৰ্থনৈতিক উন্নয়নত শিল্প উদ্যোগৰ ভূমিকা উপলব্ধি কৰি সিহঁতৰ বিকাশ আৰু উন্নয়নৰ কাৰণে ১৯৪৮ চনতস্বাধীন ভাৰতৰ প্ৰথম শিল্পনীতি গঠন কৰা হয়। এই শিল্পনীতি- মিশ্র অর্থনীতিৰ আধাৰত ভাৰতৰ শিল্প বিকাশৰ ওচৰত গুৰুত্ব আৰোপ কৰা হয়। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ভূমিকাৰ বিষয়টো স্পষ্ট কৰি দিবৰ কাৰণে শিল্পবিলাক তিনিটা ভাগত ভাগ কৰা হয়। প্রথম দুটা ভাগত অন্তৰ্ভূক্ত শিল্পসমূহৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰা নীতি গঠন কৰা হয় আৰু তৃতীয় ভাগত অন্তর্ভুক্ত শিল্পসমূহৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা হয়।

১৯৫৬ চনৰ উদ্যোগ নীতি: দ্বিতীয় পৰিকল্পনাত দেশৰ বৃহৎ উদ্যোগৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰা হয় আৰু এই সময়ত প্রথম শিল্পনীতিৰ কিছুমান আসোঁৱাহ দৃষ্টিগোচৰ হোৱাত ১৯৫৬ চনতভাৰত চৰকাৰে নতুন শিল্পনীতি ঘোষণা কৰে৷ এই শিল্পনীতিত শিল্পবিলাকক তিনিটা নতুন ভাগত ভাগ কৰা হয়।

‘ক’ তালিকাত যুদ্ধৰ সা-সৰঞ্জাম, আণবিক শক্তি, তীখা, কয়লা, খনিজ তেল, উৰাজাহাজ নিৰ্মাণ আৰু পৰিবহণ আদিকে ধৰি ১৭ টা অতি গুৰুত্বপূর্ণ শিল্প অন্তর্ভুক্ত কৰা হয় আৰু এই তালিকাৰ অন্তৰ্ভূক্ত শিল্পসমূহৰ দায়িত্ব চৰকাৰে একচেটিয়াভাৱে গ্ৰহণ কৰে। 

‘খ’ তালিকাত দৰব, ৰাসায়নিক শিল্প, ৰাসায়নিক তালিকাত অন্তর্ভুক্ত নোহোৱা কিছুমান খনিজ পদার্থকে ধৰি ১২ টা শিল্প অন্তর্ভুক্ত কৰা হয় আৰু এই শিল্পসমূহৰ ভৱিষ্যতৰ উন্নতিৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। অর্থাৎ এনে শিল্পসমূহ ক্রমান্বয়ে চৰকাৰে নিজৰ হাতলৈ আনিব। 

ওপৰোক্ত শিল্পসমূহৰ বাহিৰে শিল্পসমূহ ‘গ’ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু চৰকাৰৰ সামাজিক আৰু অৰ্থনৈতিক নীতিৰ লক্ষ্য আগত ৰাখি বা ব্যক্তিগত খণ্ডই এই শিল্পসমূহ গঠন আৰু পৰিচালনা কৰিব। 

নতুন শিল্পনীতিত শিল্পসমূহ ৩টা ভাগত ভাগ কৰিলেও এই বিভাজন সম্পূর্ণ পৃথক নহয়। কাৰণ চৰকাৰে প্ৰয়োজন বোধ কৰিলেও ব্যক্তিগত খণ্ডক ক” আৰু “খ” তালিকাভুক্ত শিল্পসমূহৰ গঠন আৰু উন্নয়নৰ সহায় কৰিবলৈ আহ্বান জনাব পাৰে। তেনেদৰে জাতীয় স্বাৰ্থৰ খাতিৰত ‘গ’ তালিকাভুক্ত শিল্পৰ নিজৰ হাতলৈ আনিব পাৰে। ব্যক্তিগত খণ্ডৰ বিকাশৰ কাৰণে চৰকাৰে প্রয়োজনীয় সহায়-সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

১৯৫৬ চনৰ শিল্পনীতিত নিয়োগৰ সুবিধা বৃদ্ধি আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু এনে উদ্দেশ্য সাধনৰ অৰ্থে ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ বিকাশ আৰু উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি নতুন শিল্পনীতিত বৈদেশিক মূলধনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু ১৯৪৮ চনৰ নীতিৰ ভিত্তিত জাতীয় স্বাৰ্থ পূৰণৰ লক্ষ্য আগত ৰাখি বৈদেশিক মূলধনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

প্রশ্ন ৩৩। ভাৰত চৰকাৰৰ ১৯৫৬ চনৰ ঔদ্যোগিক নীতিটোৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা। 

উত্তৰঃ ১৯৫৬ চনৰ শিল্পনীতিত নিয়োগৰ সুবিধা বৃদ্ধি আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু এনে উদ্দেশ্য সাধনৰ অৰ্থে ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ বিকাশ আৰু উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি নতুন শিল্পনীতিত বৈদেশিক মূলধনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু ১৯৪৮ চনৰ নীতিৰ ভিত্তিত জাতীয় স্বাৰ্থ পূৰণৰ লক্ষ্য আগত ৰাখি বৈদেশিক মূলধনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

প্রশ্ন ৩৪। পঞ্চবার্ষিক পৰিকল্পনাত ৰপ্তানি বৃদ্ধিৰ অৰ্থে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে? এই ব্যৱস্থাবোৰ যথেষ্টনে? সাম্প্ৰতিক কালত গ্ৰহণ কৰা টকাৰ বৈদেশিক মূল্য হ্রাসে ভাৰতৰ বাণিজ্যিক লেন-দেনৰ সমস্যা দূৰ কৰিব বুলি তুমি ভাবানে? অথবা, সাম্প্ৰতিক কালত ভাৰতবৰ্ষত ৰপ্তানি বৃদ্ধিৰ বাবে চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে? এই ব্যবস্থাবোৰ যথেষ্টনে? যুক্তি দি বুজাই লিখা।

উত্তৰঃ ভাৰতবৰ্ষত ৰপ্তানি-বাণিজ্যৰ উন্নতিৰ প্ৰচেষ্টা তৃতীয় পৰিকল্পনাৰ কালছোৱাতহে আৰম্ভ হয়। এই পৰিকল্পনাত দেশৰ বৈদেশিক বাণিজ্যৰ বৃহৎ ঘাটি পূৰণ কৰিবৰ কাৰণে ৰপ্তানি বাণিজ্যৰ উন্নতিত অগ্ৰাধিকাৰ দিয়া হয়। 

ৰপ্তানিৰ পৰিমাণ বৃদ্ধিৰ অৰ্থে গ্ৰহণ কৰা নীতিসমূহ হ’ল — 

(১) দেশৰ ভিতৰত দ্রব্য-সামগ্ৰীৰ উপভোগৰ পৰিমাণ সীমিত ৰপ্তানিৰ কাৰণে অধিক ৰাহি দ্রব্য সৃষ্টি কৰা।

(২) ৰপ্তানি ব্যৱসায় দেশৰ বজাৰৰ তুলনাত অধিক লাভজনক কৰি তোলা।

(৩) ৰপ্তানি শিল্পসমূহৰ উৎপাদন ব্যয় আৰু মূল্যৰ সংকোচন ঘটাই সেইবোৰৰ উৎপাদিত দ্রব্যসমূহৰ বিদেশৰ বজাৰত প্ৰতিযোগিতাৰ শক্তি বৃদ্ধি কৰা।

১৯৬২ চনত চৰকাৰে আমদানি আৰু ৰপ্তানি নীতিৰ কমিটি গঠন কৰে। আৰু এই কমিটিয়ে ৰপ্তানি বৃদ্ধিৰ কাৰণে কিছুমান পৰামৰ্শ আগবঢ়ায়। 

এই পৰামৰ্শবোৰ হ’ল—

(১) ৰপ্তানি-শিল্পসমূহক প্রয়োজনীয় কেঁচামাল যোগান ধৰা। 

(২) ৰপ্তানি আয়ৰ ওপৰত আয়কৰ ৰেহাই।

(৩) ৰপ্তানি শিল্পসমূহক উৎপাদনৰ সা-সুবিধা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমদানিৰ অনুমতি পত্র প্রদান।

(৪) ৰপ্তানিৰ ওপৰত বাধা আৰোপ কৰা উপাদানসমূহৰ দূৰীকৰণ। কমিটিৰ অনুমোদনসমূহ কাৰ্যকৰী কৰিবৰ অৰ্থে চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ ভিতৰত বৈদেশিক বাণিজ্যৰ মন্ত্ৰণালয় সৃষ্টি, চৰকাৰক বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত উপদেশ দিবৰ কাৰণে বাণিজ্যিক ব’ৰ্ড গঠন আৰু ৰপ্তানি উন্নয়ন উপদেষ্টা পৰিষদ গঠন উল্লেখযোগ্য। এই ব্যৱস্থাবোৰে ৰপ্তানি উন্নয়নত সফলতা লাভ নকৰাৰ কাৰণে চৰকাৰে ১৯৬৬ চনৰ জুন মাহত ভাৰতীয় টকাৰ বৈদেশিক বিনিময় মূল্য হ্ৰাস কৰে, কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল, ৰাসায়নিক সাৰ, খাদ্য-সামগ্ৰী ইত্যাদিৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাত টকাৰ বিনিময় মূল্য হ্ৰাসৰ সুফলখিনি নাইকিয়া হয়।

চৰকাৰে ১৯৮১-৮২ চনৰ কাৰণে ঘোষণা কৰা ৰপ্তানি-আমদানিৰ নীতিত ৰপ্তানি বৃদ্ধিৰ অর্থে কিছুমান ব্যৱস্থা গ্ৰহণ কৰে। দেশৰ ৰপ্তানি বৃদ্ধিৰ গুৰুত্বতা উপলব্ধি কৰি কেইটামান সীমিত দ্ৰব্যৰ বাহিৰে অন্যান্য দ্রব্যসমূহৰ ওপৰত থকা ৰপ্তানিৰ নিষেধাজ্ঞা বাতিল কৰা হৈছে। অৱশ্যে ৰপ্তানি বৃদ্ধিয়ে আভ্যন্তৰীণ অর্থনীতিত নাটনিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব। ৰপ্তানি শিল্পসমূহক সহজ আৰু প্ৰায় মুক্ত আমদানিৰ অনুমতি পত্ৰ প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কল-কব্জা আমদানিৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰা হৈছে আৰু ৰপ্তানি শিল্পসমূহক কেঁচামাল আৰু কল-কব্জাৰ অংশসমূহ আমদানিৰ ক্ষেত্ৰত কৰ মুক্ত আমদানিৰ অনুমতি পত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ ওপৰতো অগ্ৰাধিকাৰ দিয়া হৈছে। ১৯৮৫- ৮৬ চনৰ আগলৈকে চৰকাৰে বাৰ্ষিক আমদানি-ৰপ্তানি নীতি ঘোষণা কৰিছিল। ১৯৮৫-৮৭ চনত এটা তিনি বছৰীয়া আমদানি-ৰপ্তানি নীতি ঘোষণা কৰা হয়। ১৯৮৮ চনৰ মাৰ্চ মাহলৈকে কাৰ্যকৰী হোৱা এই নীতিত ৰপ্তানি বৃদ্ধিৰ অৰ্থে কিছুমান ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰা হয়। এইবোৰৰ ভিতৰত উল্লেখযোগ্য ব্যৱস্থাসমূহ হৈছে ৰপ্তানি বাণিজ্যৰ অনুমতিপত্ৰ আহৰণ আৰু হস্তান্তৰকৰণৰ প্ৰক্ৰিয়া, ৰপ্তানি সামগ্রী উৎপাদন কৰা প্ৰতিষ্ঠানসমূহক মূলধনী সামগ্ৰীৰ আমদানিৰ সুবিধা প্ৰদান, ৰপ্তানি অনুমোদনপত্ৰৰ ম্যাদ বৃদ্ধি আৰু ৬৯টা ৰপ্তানিকৃত দ্ৰব্যৰ ৰপ্তানিৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰত্যাহাৰ।

ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ অৰ্থে ১৯৯১ চনৰ জুলাই মাহত টকাৰ বহিঃমূল্য প্রায় ২২ শতাংশ হ্ৰাস কৰা হৈছে আৰু ১৯৯২ চনৰ মাৰ্চত এটা নতুন ৰপ্তানি-আমদানি নীতি ঘোষণা কৰা হৈছে। টকাৰ বহিঃমূল্য হ্রাসে ৰপ্তানি বৃদ্ধিত কিমান দূৰ সফল হ’ব সেইটো কোৱা টান, কাৰণ পূৰ্বতে কৰা বহিঃমূল্য হ্রাসে এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত নহয়। অৱশ্যে নতুন ৰপ্তানি নীতি আৰু আৰু উদ্ভাৱনৰ ব্যৱস্থাসমূহে ৰপ্তানী বৃদ্ধিত ইন্ধন যোগাব।

অৰ্থনৈতিক উদাৰীকৰণৰ পাছত গ্ৰহণ কৰা নতুন আমদানি-ৰপ্তানি নীতিত দেশখনৰ ৰপ্তানি বৃদ্ধিৰ অৰ্থে যিবোৰ ব্যৱস্থা গ্ৰহণৰ বিষয়ে উল্লেখ কৰা হৈছে উক্ত ব্যৱস্থাসমূহৰ ভিতৰত প্রধান ব্যৱস্থাকেইটা হৈছে—

(১) নিষিদ্ধ তালিকাৰ অন্তৰ্ভুক্ত দ্ৰব্যসমূহৰ বাহিৰে আন দ্ৰব্যসমূহৰ মুক্ত ৰপ্তানিৰ ব্যৱস্থা। 

(২) ৰপ্তানিকাৰীসকললৈ শুল্ক ৰেহাইৰ সুবিধা।

(৩) ৰপ্তানি উদ্যোগৰ অৰ্থে প্ৰয়োজনীয় মূলধনী দ্রব্য আৰু কেঁচামালৰ সহজ আমদানিৰ সুবিধা। 

(৪) ৰপ্তানিকাৰীসকললৈ সহজ বেংক ঋণৰ সুবিধা।

উল্লিখিত ব্যৱস্থাকেইটাই নিশ্চিতভাৱে দেশখনৰ ৰপ্তানিৰ পৰিমাণ আৰু উপার্জন বৃদ্ধিত সহায় কৰিব। অৱশ্যে ৰপ্তানি বাণিজ্যৰ সম্প্ৰসাৰণৰ অৰ্থে লগতে ৰপ্তানিকৃত দ্রব্যসামগ্ৰীৰ মান উন্নত আৰু সেইবোৰ উৎপাদনী ব্যয় হ্রাস কৰাটো প্রয়োজন। এনে ব্যৱস্থাৰ দ্বাৰাহে ভাৰতবৰ্ষৰ ৰপ্তানি বজাৰখনৰ স্থায়ী সম্প্ৰসাৰণ সম্ভৱপৰ হ’ব। ২০০২ চনত ঘোষণা কৰা পাঁচবছৰীয়া ৰপ্তানি-আমদানি নীতিত বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত অধিক উদাৰীকৰণ ব্যৱস্থা গ্ৰহণৰ অৰ্থে কেতবোৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।

প্রশ্ন ৩৫। উদ্যান শস্য কি?

উত্তৰঃ ফলমূলৰ বাগিচা, শাক পাচলি ইত্যাদি উদ্যান শস্যৰ অন্তৰ্ভুক্ত হয়।

প্রায় ৩৬। ভূমি একত্রীকৰণ বুলিলে কি বুজা? 

উত্তৰঃ যেতিয়া এজন কৃষকৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা কৃষিভূমিক আনৰ লগত সলনি কৰি একে ডোখৰ ঠাইত অৱস্থিত কৰাৰ সুবিধা প্ৰদান কৰা হয় তাকে ভূমিৰ একত্ৰিকৰণ আখ্যা দিয়া হয়। 

প্রশ্ন ৩৭। কৃষিখণ্ডৰ আধুনিকীকৰণ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া এজন পুৰণি কৃষি পদ্ধতিৰ পৰিবৰ্তে উন্নত বীজ, সাৰ, মাটি চহোৱাৰ অত্যাধুনিক পদ্ধতি জলসিঞ্চন ব্যৱস্থা ইত্যাদি প্ৰয়োগৰ মাধ্যমত কৃষি পদ্ধতিৰ পৰিৱৰ্তন কৰি উৎপাদন বৃদ্ধিৰ ব্যৱস্থা কৰা হয় তাকেই আধুনিকীকৰণ আখ্যা দিয়া।

প্রশ্ন ৩৮। জৈৱিক কৃষি ব্যৱস্থা পৰম্পৰাগত কৃষি ব্যৱস্থাতকৈ কেনেকৈ অধিক উৎকৃষ্ট? 

উত্তৰঃ (i) প্রকৃতিগত কৃষিত যিসমূহ কেঁচামাল ব্যৱহাৰ কৰা হয় সেইবোৰ স্থানীয়ভাৱে যোগান ধৰা অকৃত্ৰিম উপকৰণ। 

এইবোৰ প্ৰচলিত ব্যৱস্থাৰ কৃত্ৰিম কৃষি উপকৰণ যেনে—

HYV গুটি, ৰাসায়নিক সাৰ, কীটনাশক দৰব আদিতকৈ অনেক সস্তা হোৱা বাবে উৎপাদন ব্যয় যথেষ্ট কম আৰু লাভ অর্জন অনেক বেছি। 

(ii) প্রকৃতিগতভাবে উৎপাদিত হোৱা খাদ্যবস্তু ৰাসায়নিক কৃষিজাত বস্তুতকৈ অনেক বেছি পুষ্টিকৰ আৰু স্বাস্থ্যসম্মত।

(iii) প্রকৃতিগত কৃষিত প্রচলিত ব্যৱস্থাৰ কৃষিতকৈ অধিক শ্রমিকৰ প্ৰয়োজন আৰু ভাৰতবৰ্ষত উদ্ধত শ্ৰমিকৰ সংখ্যা প্ৰচুৰ।

(iv) প্রকৃতিগত কৃষি ৰাসায়নিক সাৰ আৰু কীটনাশক দৰবৰ পৰা মুক্ত, গতিকে এয়া হৈছে পৰিবেশ-মৈত্ৰিক আৰু পাৰিপাৰ্শ্বিকভাৱে অবিৰত বহনযোগ্য।

প্রশ্ন ৩৯। “কৃষিৰ বৈচিত্ৰকৰণ” – ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ কৃষিত ক্ৰমাগত বৃদ্ধি পোৱা শ্রমশক্তিৰ এটা অংশই অনা-কৃষিখণ্ডত বিকল্প কৰ্মসংস্থানৰ সুযোগ গ্ৰহণ কৰা আৰু কৃষিজাত সেৱা-সামগ্ৰীৰ উৎপাদনৰ পৰা অনা কৃষিজাত সেৱা-সামগ্ৰীৰ উৎপাদন কাৰ্যলৈ অৱস্থান্তৰিত হোৱাৰ পৰ্যায়টো হৈছে কৃষিৰ বৈচিত্ৰকৰণ। উদাহৰণ স্বৰূপে এজন ব্যক্তিৰ কৃষিকৰ্মৰ পৰা গাখীৰ উৎপাদন বা গৃহনির্মাণ কাৰ্যলৈ অৱস্থান্তৰে হ’ল শ্ৰম বা কামৰ বৈচিত্ৰকৰণ। 

কৃষি বৈচিত্ৰকৰণ দুই ধৰণৰ হ’ব পাৰে — 

(i) শস্য উৎপাদনৰ বৈচিত্ৰাকৰণ।

(ii) উৎপাদন কাৰ্যৰ বৈচিত্ৰকৰণ।

এটা বিশেষ শস্যৰ উৎপাদন এৰি যদি কৃষকে কোনো অন্য ধৰণৰ শস্যৰ খেতি কৰিবলৈ ধৰে তেনেহ’লে শস্য উৎপাদনৰ বৈচিত্ৰকৰণ বোলা হয়। অন্যহাতে উৎপাদন কার্যৰ বিভিন্নতা হৈছে শস্য খেতি এৰি আয় উপার্জন বৃদ্ধি কৰাৰ বাবে অনা কৃষিখণ্ডৰ উৎপাদন এলেকালৈ শ্ৰমৰ অৱস্থান্তৰ হোৱা কাৰ্য। কৃষিৰ বৈচিত্ৰাকৰণৰ প্ৰধান কাৰণ হ’ল কৃষিৰ ওপৰত সম্পূৰ্ণৰূপে জীৱিকা নিৰ্বাহ নিৰ্ভৰ কৰা বিপজ্জনক। কৃষি উৎপাদনত অনিশ্চয়তা আৰু ফচল নষ্ট হোৱাৰ সম্ভাৱনা থকা বাবে উৎপাদন-বিভিন্নতাৰ আৱশ্যক।

প্রশ্ন ৪০। ভাৰতীয় কৃষিৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় কৃষিৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) পুৰণিকলীয়া পদ্ধতি: ভাৰতবৰ্ষৰ অধিকাংশ কৃষকে আধুনিক কৃষি সঁজুলি যেন— উন্নতমানৰ বীজ, সাৰ, জলসিঞ্চন ইত্যাদিৰ পৰা বঞ্চিত।

(খ) মূলধনৰ অভাৱ: ভাৰতবৰ্ষৰ অধিকাংশ কৃষকে দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰিছে আৰু তেওঁলোকৰ জনমূৰি আয়ৰ পৰিমাণ সীমিত। গতিকে মূলধনৰ অভাৱত আধুনিক পদ্ধতিৰে কৃষিকাৰ্য কৰিব নোৱাৰে।

সংক্ষিপ্ত প্রশ্ন

প্রশ্ন ১। ভাৰতত অর্থনৈতিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা।

প্রশ্ন ২। প্রথম পঞ্চবার্ষিক পৰিকল্পনা কোন বছৰত আৰম্ভ হৈছিল?  

উত্তৰঃ ১৯৫১ চনত।

প্রেশ্ন ৩। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ আঁচনি কোনে প্রস্তুত কৰে? 

বা, 

ভাৰত বৰ্ষত অর্থনৈতিক পৰিকল্পনা প্ৰস্তুত কৰা সংস্থাটোৰ নাম কি?  

উত্তৰঃ পৰিকল্পনা আয়োগে।

প্রশ্ন ৪। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনা কোনে অনুমোদন কৰে?

উত্তৰঃ ৰাষ্ট্ৰীয় উন্নয়নী পৰিষদে (National Development Council). 

প্রশ্ন ৫। একাদশ পৰিকল্পনাত বাৰ্ষিক উন্নয়নৰ হাৰ কিমান ধাৰ্য কৰা হৈছে?

উত্তৰঃ বাৰ্ষিক ৯ শতাংশ।

প্রশ্ন ৬। দশম পৰিকল্পনাৰ বাৰ্ষিক উন্নয়নৰ হাৰ কিমান?

উত্তৰঃ ৮ শতাংশ।

প্রশ্ন ৭। নৱম পৰিকল্পনাৰ সমীক্ষা অনুসৰি দেশখনৰ কিমান শতাংশ মানুহ দৰিদ্ৰতাহ সীমা ৰেখাৰ তলত বাস কৰিছে।

উত্তৰঃ ২৯ শতাংশ।

প্রশ্ন ৮। একাদশ পৰিকল্পনাৰ কাৰ্যকাল উল্লেখ কৰা।

উত্তৰঃ ২০০৭ চনৰ ১ এপ্ৰিলৰ পৰা ২০১২ চনৰ ৩১ মাৰ্চ পর্যন্ত। 

প্রশ্ন ৯। ভাৰতীয় পৰিকল্পনাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ অৰ্থ কি?

উত্তৰঃ দেশখনৰ সকলো প্রয়োজনীয় দ্রব্য-সামগ্ৰী আৰু সেৱাৰ উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱাৰ বিষয়ে আত্মনিৰ্ভৰশীলতাই নির্দেশ দিয়ে। 

প্রশ্ন ১০। অর্থনৈতিক উদাৰীকৰণ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া এখন দেশৰ চৰকাৰে উদ্যোগ, কৃষি, ব্যৱসায়- বাণিজ্য ইত্যাদিৰ দৰে অৰ্থনৈতিক কাম-কাজত নিজৰ নিয়ন্ত্ৰণ আৰু হস্তক্ষেপৰ পৰিৱৰ্তে সেইবোৰ ব্যক্তিগত খণ্ডৰ অধীনত মুক্তভাৱে পৰিচালিত হ’বলৈ দিয়ে তাকেই অর্থনৈতিক উদাৰীকৰণ বোলা হয়।

প্রশ্ন ১১। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাবোৰৰ যিকোনো এটা দীর্ঘকালীন উদ্দেশ্য উল্লেখ কৰা?

উত্তৰঃ সুস্থিৰ অৰ্থনৈতিক উন্নয়ন।

প্রশ্ন ১২। ভাৰতৰ পৰিকল্পনাৰ দুটা দীর্ঘকালীন উদ্দেশ্য লিখা।

উত্তৰঃ (১) দেশীয় সম্পদৰ ব্যৱহাৰৰ মাধ্যমত আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পৰিপূৰ্ণ। 

(২) দেশৰ সকলো অঞ্চলৰ বিকাশ আৰু উন্নয়ন সাধনৰ মাধ্যমত অৰ্থনৈতিক উন্নয়নৰ সুফল সকলো মানুহৰ মাজত সমভাৱে বিতৰণ ৷

প্রশ্ন ১৩। ৰায়তাৰী ভূমি প্রথা প্রচলিত থকা এখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ অসম।

প্রশ্ন ১৪। জমিদাৰী প্ৰথাৰ বিলুপ্তিৰ কাৰণে সৰ্বপ্ৰথম আইন প্ৰণয়ন কৰা ৰাজ্যখনৰ নাম লিখা।

উত্তৰঃ মাদ্রাজ।

প্ৰশ্ন ১৫। ভাৰতৰ কৃষিৰ জনসংখ্যা কিমান

উত্তৰঃ দেশৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ।

প্রশ্ন ১৬। ভাৰতৰ কৃষিক্ষেত্ৰত ‘সেউজ বিপ্লৱ’ কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ ১৯৬৭ চনত।

প্রশ্ন ১৭। কোন চনত ভাৰতৰ ৰিজাৰ্ভ বেংকে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক স্থাপন কৰিছিল?

উত্তৰঃ ১৯৮২ চনত।

প্রশ্ন ১৮। ভাৰতৰ ভূমি সংস্কাৰৰ এটি গুৰুত্বপূৰ্ণ উদ্দেশ্য উল্লেখ কৰা। 

উত্তৰঃ ভূমি বিতৰণৰ ক্ষেত্ৰত বৈষম্যতা হ্রাস।

প্রশ্ন ১৯। ভাৰতত গ্ৰাম্য ঋণৰ যোগান ধৰা এটা অনুষ্ঠানিক উৎসৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়নী বেংক।

প্রশ্ন ২০। ভাৰতবৰ্ষৰ প্ৰথম উদ্যোগ নীতি কোন চলত ঘোষণা কৰা হৈছিল? 

উত্তৰঃ ১৯৪৮ চনত। 

প্ৰশ্ন ২১। ১৯৫৬ চনৰ উদ্যোগ নীতি অনুসৰি দেশখনৰ উদ্যোগসমূহক প্রধান কেইটা ভাগত ভাগ কৰা হৈছে? 

উত্তৰঃ তিনিটা।

প্রশ্ন ২২। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ প্ৰধানমন্ত্রী। 

প্রশ্ন ২৩। দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়সীমা কিমান?

উত্তৰঃ ২০১২ চনৰ ১ পৰা ২০১৭ চনৰ ৩১ মার্চ। 

প্রশ্ন ২৪। একাদশ পৰিকল্পনাৰ কালছোৱাত উন্নয়নৰ হাৰ কিমান আছিল?

উত্তৰঃ বাৰ্ষিক ৭.৮ শতাংশ।

প্রশ্ন ২৫। ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ মাহত। 

প্রশ্ন ২৬। গ্রাম্য বিকাশ মানে কি বুজা?

উত্তৰঃ গ্রাম্য বিকাশ প্রত্যয়টোৱে এখন দেশৰ গ্ৰামাঞ্চলৰ কৃষি, পৰিবহন, শিক্ষা, সমাজ ব্যৱস্থাৰ উন্নতি ইত্যাদি সকলোকে অন্তর্ভুক্ত কৰি এনে অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ নিৰ্দেশ দিয়ে। 

প্রশ্ন ২৭। জৈৱিক উপাদানৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ গোবৰ।

প্রশ্ন ২৮। কোনটো পঞ্চবার্ষিক কৃষি উন্নয়নত গুৰুত্ব দিছিল? 

উত্তৰঃ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা।

প্রশ্ন ২৯। কৃষিৰ বাণিজ্যিকৰণ বুলিলে কি বুজা? 

উত্তৰঃ খেতিয়কসকলে যেতিয়া কৃষি কাৰ্য নিজৰ বাবেই উৎপাদন নকৰি বজাৰৰ বাবেও উৎপাদন কৰে, তাকে কৃষিৰ বাণিজ্যিকৰণ বোলে। 

প্রশ্ন ৩০। ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ দুটা উমৈহতীয়া লক্ষ্য লিখা। 

উত্তৰঃ (ক) বৰ্ধিত হাৰত অৰ্থনৈতিক উন্নয়নৰ হাৰ লাভ কৰা। 

(খ) অর্থনৈতিক অসমতা আঁতৰ কৰা। 

প্রশ্ন ৩১। নিতি (NITI) আয়োগ কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ ২০১৫ চনত।

চমু প্রশ্নোত্তৰঃ

প্রশ্ন ১। ভাৰতৰ কৃষি অনগ্ৰসৰতাৰ দুটা কাৰণ লিখা। 

অথবা, অসমত/ভাৰতবৰ্ষত কৃষিৰ নিম্ন উৎপাদিকাৰ পাঁচটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ (১) অনুন্নত কৃষি পদ্ধতি ব্যৱহাৰ।

(২) জনসিঞ্চনৰ অভাৱ।

(৩) ভূমিৰ ওপৰত জনসংখ্যাৰ অতিৰিক্ত হেঁচা। 

(৪) উন্নত সাৰ আৰু বীজ প্রয়োগৰ অভাৱ।

(৫) মূলধনৰ অভাৱ।

প্রশ্ন ২। ভাৰতীয় অৰ্থনীতিৰ বাবে কিয় কৃষিৰ উন্নয়ন অতি আবশ্যকীয়? দুটা কাৰণ দর্শোয়া।

উত্তৰঃ (ক) ভাৰতবৰ্ষৰ 65% তকৈ অধিক লোক কৃষিৰ লগত জড়িত।

(খ) কৃষিখণ্ডই উদ্যোগ খণ্ডলৈ কেঁচা সামগ্ৰী যোগান ধৰে।

প্রশ্ন ৩। ভূমি সংস্কাৰৰ ব্যৱস্থাক অধিক কাৰ্যকৰী কৰি তুলিবৰ অৰ্থে দুটা পৰামৰ্শ আশাবঢ়োৱা।

উত্তৰঃ (১) প্রকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ কাৰণে ফলপ্ৰসু ব্যবস্থা গ্রহণ।

(২) চিলিং আইনৰ জৰিয়তে অধিগ্ৰহণ কৰা ভূমি ভূমিহীন কৃষকসকলৰ মাজত বিতৰণৰ কাৰণে ব্যবস্থা গ্রহণ। 

প্রশ্ন ৪। ভাৰতত গ্ৰাম্য আৰু কৃষি ঋণৰ দুটা অনা-আনুষ্ঠানিক আৰু দুটা আনুষ্ঠানিক উৎসৰ নাম লিখা।

উত্তৰঃ অনা-আনুষ্ঠানিক উৎস —

(১) সম্বন্ধীয় মানুহ।

 (২) গাঁৱলীয়া মহাজন। 

আনুষ্ঠানিক উৎস — 

(১) সমবায় ঋণদান সমিতি।

(২) গাঁৱলীয়া বেংক।

প্রশ্ন ৫। ভাৰতত মাটিৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণৰ দুটা উদ্দেশ্য লিখা। 

উত্তৰঃ ভাৰতত মাটিৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণৰ দুটা উদ্দেশ্য:

(১) ভূমিৰ অসম বিতৰণ ব্যবস্থা এক নির্দিষ্ট সীমাত ৰখা। 

(২) সর্বোচ্চ সীমা নিৰ্ধাৰণৰ ফলত ৰাহি হোৱা মাটিখিনি ভূমিহীন কৃষকসকলৰ মাজত বিতৰণৰ মাধ্যমত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থান উন্নতি।

প্রশ্ন ৬। ১৯৪৮ চনৰ উদ্যোগ নীতি ১৯৫৬ চনত পৰিবৰ্তন কৰাৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ (১) ক্ষিপ্ৰ উদ্যোগিক উন্নয়নৰ প্ৰয়োজনীয়তা। 

(২) ৰাজহুৱা খণ্ড ক উদ্যোগিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা প্ৰদানৰ প্ৰয়োজনীয়তা। 

প্রশ্ন ৭। ভাৰতৰ ৰাজহুৱা খণ্ডৰ চাৰিটা তীঘা উদ্যোগৰ নাম লিখা।

উত্তৰঃ (১) ভিলাই ছিল প্লেণ্ট।

(২) ৰউৰকএল্লআ ষ্টিল প্লেন্ট। 

(৩) দুর্গাপুৰ ষ্টিল প্লেন্ট।

(৪) বোকাৰো ষ্টিল প্লেন্ট।

প্রশ্ন ৮। মিশ্র অর্থনীতি কি? এখন অনুন্নত দেশৰ বাবেই ফলদায়ক বুলি তুমি ভা বানে? 

উত্তৰঃ যিটো অৰ্থনৈতিক ব্যৱস্থাত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডৰ প্ৰাধান্য পৰিলক্ষিত হয় উক্ত ব্যৱস্থাই হৈছে মিশ্র অর্থনীতি।

ভাবো, কাৰণ মিশ্ৰ অৰ্থনীতিত ব্যক্তিগত আৰু সমূহীয়া দুয়ো ধৰণৰ উদ্যোগসমূহৰ পৃষ্ঠপোষকতা চৰকাৰে কৰে। 

প্রশ্ন ৯। জনমূৰি আয় কি?

উত্তৰঃ এখন দেশৰ এটা বছৰৰ মুঠ ৰাষ্ট্ৰীয় আয়ক উক্ত বছৰটোৰ দেশখনৰ মুঠ জনসংখ্যাৰে বিভাজন বা হৰণ কৰিলে যি ভাগফল লাভ কৰা হয় তাকেই উক্ত বছৰটোত দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়।

প্রশ্ন ১০। ভূমি সংস্কাৰ বুলিলে কি বুজা? 

উত্তৰঃ প্ৰকৃত কৃষকসকলক ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ মাধ্যমত ভূমিৰ সমবিতৰণ কৰি সামাজিক আৰু অর্থনৈতিক ন্যায় প্রতিষ্ঠাক ভূমি সংস্কাৰ আখ্যা দিয়া হয়। 

প্রশ্ন ১১। সেউজ বিপ্লৱৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা। 

উত্তৰঃ (i) সেউজ বিপ্লৱৰ ফলত কৃষিৰ উৎপাদন বৃদ্ধি হয়। 

(ii) সেউজ বিপ্লৱৰ ফলত কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

প্রশ্ন ১২। অর্থনীতিৰ খণ্ডভিত্তিক গাঁথনি কি? ২০২১ চনত কোনটো খণ্ডই ভাৰতৰ GDP লৈ বৰঙণি যোগাইছে? 

উত্তৰঃ দেশৰ বিভিন্ন খণ্ড বা উদ্যোগ যেনে কৃষি খণ্ড, ঔদ্যোগিক খণ্ড ইত্যাদিয়ে আগবঢ়োৱা বৰঙণিকে অর্থনীতিৰ খণ্ডভিত্তিক গাঁথনি বোলা হয়। ২০২১ চনত সৰ্বাধিক বৰঙণি যোগোৱা খণ্ডটো হ’ল সেৱা খণ্ড (service sector)

প্রশ্ন ১৩। ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ নিৰ্মাতা বুলি কাক জনা যায়? 

উত্তৰঃ PC Mohalanobos.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top