Class 10 Science Chapter 12 বিদ্যুৎ

Class 10 Science Chapter 12 বিদ্যুৎ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science Chapter 12 বিদ্যুৎ Question Answer can be of great value to excel in the examination.

Class 10 Science Chapter 12 বিদ্যুৎ

Join Telegram channel

SEBA Class 10 General Science Chapter 12 বিদ্যুৎ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science Chapter 12 বিদ্যুৎ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বিদ্যুৎ

Chapter – 12

পদাৰ্থ বিজ্ঞান

অতিৰিক্ত প্ৰশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

1. বিদ্যুৎ প্ৰৱাহ কি?

উত্তৰঃ কোনো পৰিবাহীৰ এটা প্ৰস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্রবাহ বোলে৷

2. বিদ্যুৎ প্রবাহৰ গাণিতিক প্ৰকাশটো লিখা।

উত্তৰঃ I = Q / t, য’ত I = প্রবাহ, Q = আধান আৰু t = সময়।

3. আধানৰ SI একক কি? 

উত্তৰঃ কুলম্ব (C)। 

4. বিদ্যুৎ প্ৰৱাহৰ SI একক কি? 

উত্তৰঃ এম্পিয়াৰ (A)।

5. 1 এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া। 

উত্তৰঃ এডাল পৰিবাহীৰ কোনো এক প্রস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ’লে প্রস্থচ্ছেদটোৰ মাজেৰে চালিত প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা‌‌ হয়।

1A = 1c / 1s।

6. 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান?

উত্তৰঃ 6.25 × 10¹⁸ টা।

7. বিদ্যুৎ প্রবাহৰ প্ৰচলিত দিশ কি?

উত্তৰঃ বৈদ্যুতিক বর্তনী এটাৰ বৈদ্যুতিক কোষ বা বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ।

৪. বৈদ্যুতিক বর্তনী এটাত ইলেক্ট্ৰনৰ গতিৰ দিশ কি? 

উত্তৰঃ বৈদ্যুতিক কোষ বা বেটাৰীৰ ঋণাত্মক মেৰু (কম বিভৱৰ অঞ্চল) ৰ পৰা ধনাত্মক মেৰু (বেছি বিভৱৰ অঞ্চল) লৈ।

9. পৰিবাহী এডালৰ মাজেৰে আধানৰ পৰিবহণৰ বাবে প্ৰয়োজনীয় চৰ্তটো কি?

উত্তৰঃ পৰিবাহীৰ দুয়ো মূৰৰ মাজত এক বিভৱভেদ স্থাপন। 

10. এমিটাৰ কি?

উত্তৰঃ এমিটাৰ হ’ল বৈদ্যুতিক বর্তনী এটাত বৈদ্যুতিক প্ৰবাহৰ পৰিমাণ জোখা এবিধ সঁজুলি।

Multiple Choice Questions & Answers

1. বৈদ্যুতিক আধানৰ SI একক হ’ল –

(a) এম্পিয়াৰ।

(b) ভল্ট।

(c) কুলম্ব।

(d) ৱাট। 

উত্তৰঃ (c) কুলম্ব।

2. 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা–

(a) 6.25 x 10¹⁹

(b) 6.25 x 10²⁰ 

(c) 6.25 x 10¹²

(d) 6.25 x 10¹⁸

উত্তৰঃ (d) 6.25 x10¹⁸

3. বৈদ্যুতিক প্ৰবাহৰ SI একক –

(a) ভল্ট। 

(b) ৱাট।

(c) কুলম্ব।

(d) এম্পিয়াৰ।

উত্তৰঃ (d) এম্পিয়াৰ।

4. এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ –

(a) 1.6 × 10 ⁻¹⁹C

(b) 1.6 × 10 ⁻¹⁸C

(c) 1.6 × 10⁻¹¹C

(d) 1.6 × 10⁻⁶C

উত্তৰঃ (a) 1.6 × 10 ⁻¹⁹C

5. বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য–

(a) বৈদ্যুতিক প্ৰবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ।

(b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।

(c) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত। 

(d) ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয়।

উত্তৰঃ (b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।

6. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়।

(a) IC/ IV

(b) IV/ IC

(c) IC/ IS

(d) IJ/ IC

উত্তৰঃ (c) IC/ IS

7. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল–

(a) ভল্টমিটাৰ।

(b) এমিটাৰ।

(c) গেলভেন’মিটাৰ। 

(d) পৰিৱৰ্তনশীল ৰোধ।

উত্তৰঃ (b) এমিটাৰ।

8. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ’ব–

(a) 5C

(b) 50C

(c) 600C

(d) 300C

উত্তৰঃ (c) 600C

9. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব? 

(a) 1.6 × 10¹⁵

(b) 1.6 × 10¹⁹

(c) 1.6 × 10¹²

(d) 1.6 × 10⁶

উত্তৰঃ (c) 1.6 × 10¹²

10. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায় –

(a) 1JC⁻¹

(b) 1Cs⁻¹

(c) 1Js⁻¹

(d) 1VC⁻¹

উত্তৰঃ (a) 1JC⁻¹

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Q. 1. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা? 

Ans. বৈদ্যুতিক প্ৰৱাহৰ সোঁত বা বব পৰা বন্ধ পথক বৈদ্যুতিক বর্তনী বোলে।

Q. 2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।

Ans. বিদ্যুৎ প্ৰৱাহৰ এছ. আই একক হ’ল এম্পিয়াৰ। কোনো এক পৰিবাহীৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্রবাহক এক এম্পিয়াৰ বুলি কোৱা হয়। যদিহে পৰিবাহীৰ কোনো অংশৰে এক ছেকেণ্ডত এক কুলম্ব আধান প্রবাহিত হয়।

গাণিতিকভাৱে,

Q. 3. এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেকট্রনৰ সংখ্যা গণনা কৰা ।

Ans . এটা ইলেকট্ৰনৰ আধান ( e ) = 1-6 × 10⁻¹⁹ কুলম্ব 

মুঠ আধানৰ পৰিমাণ ( Q ) = 1 কুলম্ব

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. পৰিবাহীৰ দুটা প্ৰান্তৰ মাজত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা 

Ans. এটা বেটাৰী বা বিদ্যুৎ কোষ।

Q.2. দুটা বিন্দুৰ মাজৰ বিভবভেদ l ভল্ট বুলি ক’লে কি বুজায়? 

Ans. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে হ’ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য্য কৰিব লগা হয়।

Q. 3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?

Ans. আধানৰ পৰিমাণ (Q) = 1C

বিভৱ পার্থক্য = 6V

বিদ্যুৎ শক্তি = ? 

বিদ্যুৎ শক্তি = V x Q

= 6 × 1 = 6 জুল শক্তি দিয়া হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? 

Ans. এডাল পৰিবাহীৰ ৰোধ তলত দিয়া কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে—

[i] তাঁৰ ডালৰ দৈৰ্ঘ্য।

[ii] তাঁৰ ডালৰ প্রস্থচ্ছেদ।

[iii] তাঁৰৰ পদাৰ্থৰ গুণাগুণ। 

[iv] উষ্ণতা।

Q. 2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ (পাতল) তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয় ? আৰু কিয়?

Ans. বিদ্যুৎ প্ৰৱাহ (পাতল) তাঁৰতকৈ শকত তাঁৰৰ মাজেৰে সহজে প্রবাহিত হয়। কাৰণ শকত তাঁৰৰ ৰোধ, পাতল তাঁৰৰ ৰোধতকৈ কম। অর্থাৎ কম বোধ হলে বেছী প্ৰৱাহ পোৱা যায়। গতিকে শকত তাঁৰৰ মাজেৰে বিদ্যুৎ সহজে প্রবাহিত হ’ব।

Q. 3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্ত্তন হ’ব? 

Ans. বিভৱভেদৰ লগত প্ৰবাহৰ মান সমানুপাতিক [V∝ I] গতিকে প্রবাহিত বিদ্যুৎ-ৰ পৰিমাণ আধা হ’ব।

Q. 4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?

Ans. পাউকটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিত থকা কুণ্ডলীবোৰ (Coils) সংকর ধাতুৰে গঢ়া হয়। ইয়াৰ কাৰণবোৰ হ’ল–

[i] সংকৰ ধাতুৰ আপেক্ষিক ৰোধ, মৌলিক ধাতুতকৈ অধিক গতিকে সঁজুলিবিলাক সোনকালে অধিক গৰম হয়। 

[ii] অত্যাধিক তাপত সংকৰ ধাতুৰ জাৰণ নহয়।

Q. 5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া— 

(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী? 

(b) কোনটো পদার্থ আটাইতকৈ ভাল পৰিবাহী?

Ans. (a) লো আৰু পাৰাৰ ভিতৰত লো ভালপৰিবাহী [ আপেক্ষিক ৰোধ = 10.0 × 10⁻⁸ Ωm ]

(b) ছিলভাৰ আটাইতকৈ ভাল পৰিবাহী [ আপেক্ষিক ৰোধ = 1.60 × 10⁻⁸ Ωm ]

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰেী, এটা 5Ω ৰ ৰোধক, এটা 8Ω ৰ ৰোধক, এটা 12Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি (ছুইচ) শ্রেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্ত্তনীৰ নক্সা অংকন কৰা। 

Ans. বৈদ্যুতিক বর্তনী তলত দিয়া হ’ল—

-P, Q, R যথাক্রমে তিনিটা ৰোধক 5Ω, 8Ω, 12Ω ক্ষমতাসম্পন্ন। C₁, C₂, C₃, তিনিটা 2V কোষৰ বেটেৰী আৰু K ছুইচ।

Q. 2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্ট ‘মিটাৰ সংযোগ কৰি 1 নং প্রশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব?

মুঠ বিভৱ পার্থক্য (V) = 3 × 2 = 6 ভল্ট 

মুঠ ৰোধ (R) = 5 + 8 +12 = 25Ω

এমিটাৰৰ পৰা পাঁও, I = V/R = 6/25 =0.24 A

ভ’ল্টমিটাৰৰ পাঁও, V = IR 

= 0.24 × 12

= 2.88 V ভল্ট

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নির্ণয় কৰা।– (a) 1Ω আৰু 10⁶Ω, (b) 1Ω, 10³Ω আৰু 10⁶Ω. 

Ans. যেতিয়া ৰোধবোৰ সমান্তৰালভাবে সজ্জিত কৰা হয়, তেতিয়া সমতুল্যবোধৰ মান সবাতোকৈ সৰু বোধতকৈ সৰু হয়।

Q. 2. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220V উৎসৰ লগত সমান্তৰালভাবে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব?

Ans. বৈদ্যুতিক বাল্বৰ ৰোধ, R₁ =100Ω

পাউৰুটি সেকা সঁজুলি এটাৰ ৰোধ R₂ = 50Ω 

পানীৰ ফিল্টাৰৰ ৰোধ, R₃ = 500Ω

এই তিনিটা বৈদ্যুতিক সৰঞ্জাম সমান্তৰাল সজ্জাত সজ্জিত কৰিলে, 

Q. 3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়? 

Ans. বৈদ্যুতিক সঁজুলিক সমান্তৰালভাৱে সজ্জিত কৰিলে যি সুবিধাবোৰ পোৱা যায় সেইবোৰ হ’ল

[i] প্ৰতিটো সঁজুলি সম্পূর্ণ বেটাৰীৰ সমান বিভব পার্থক্য পায়। 

[ii] ৰোধ অনুযায়ী প্রতিটো সঁজুলি প্ৰৱাহ পায়।

[iii] যদি সঁজুলিৰ চুইছ জ্বলা আৰু বন্ধ কৰা হয়, বাকী সঁজুলিবোৰ চলি থাকে।

Q. 4. 2Ω, 3Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 

(a) 4Ω আৰু 

(b) 1Ω পোৱা যাব? 

Ans. (a) সমতূল্য ৰোধ 4Ω পাবলৈ 3Ω আৰু 6Ω ৰোধ দুটাক সমান্তৰাল আৰু 2Ω-ক শ্রেণীবদ্ধ সজ্জাত সজ্জিত কৰিব লাগিব।

(b) সমতুলা ৰোধ 1Ω পোৱাৰ বাবে 2Ω, 3Ω আৰু 6Ω ৰোধ তিনিটাক সমান্তৰাল ভাৱে সজ্জিত কৰিব লাগিব।

Q. 5Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা 

(a) সর্বোচ্চ আৰু 

(b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ’ব? 

Ans. (a) সবাতোকৈ বেছী বোধ পোৱাৰ বাবে ৰোধবোৰ শ্রেণীবদ্ধভাৱে সজ্জিত কৰিব লাগিব।

∴ R = 4+ 8+ 12+ 24= 48Ω (উত্তৰ)

(b) সবাতোকৈ কম ৰোধ পোৱাৰ বাবে ৰোধবোৰ সমান্তৰালভাবে সজ্জিত কৰিব লাগিব।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল (heating clement) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়? 

Ans. এটা ইলেকট্রিক হিটাৰৰ তাঁৰটো গৰম নহয়, কিন্তু বাকী অংশবোৰ গৰম হয়। ইয়াৰ কাৰণ হ’ল— হিটাবৰ বাকী অংশবোৰ উচ্চৰোধৰ কাৰণে গৰম হয় (H = l²Rt) আৰু তাৰটো (Cord)ৰ ৰোধ কম হোৱাৰ বাবে গৰম কম হয়। 

Q. 2.9600 কুলম্ব আধান 1 ঘণ্টাত 50 ভ’ল্ট বিভৱভেদৰ মাজেৰে সঞ্চালিত হলে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।

Ans. ইয়াত, Q = 96,000 C, t = 1 ঘণ্টা = 3600 ছেকেণ্ড, V = 50V উৎপাদিত তাপৰ পৰিমাণ (H) = VQ

= 50V x 96,000 C 

= 48,00,000 জুল।

Q. 3. 20Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5 এম্পিয়াৰ প্ৰবাহ লয়। 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।

Ans. ইয়াত, R = 20Ω, l = 5A, t = 3 ছে.

∴ উৎপাদিত তাপৰ পৰিমাণ (H) = I²Rt

= (5)² x 20 × 30 জুল

= 25 × 600 জুল = 15,000 জুল (উত্তৰ।)

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?

Ans. এটা বৈদ্যুতিক বর্তনীৰ ৰোধ প্ৰবাহে যোগান ধৰা বিদ্যুৎশক্তিৰ হাৰ নিৰূপণ কৰে।

Q. 2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 এম্পিয়াৰ (A) প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা 

Ans. ইয়াত, I = 5A, V = 220V,

t = 2 ঘন্টা, r = 7200 ছে.

∴ ক্ষমতা (P) = VI = 220 × 5 = 1100 (W) ওয়াট 

∴ বৈদ্যুতিক শক্তিৰ পৰিমাণ = P x t

= 1100 W x 7200 ছে.

= 79,20,000 জুল (উত্তৰ)

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ

Q.1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R হয়, তেতিয়া R আৰু R-অৰ অনুপাত হ’ব–

(a) 1/25

(b) 1/5

(c) 5

(d) 25

Ans. (d) 25.

∴ R আৰু R-অৰ অনুপাত হ’ব 25,

Q.2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে? 

(a) l²R 

(b) IR² 

(c) VI 

(d) V²/R

Ans. (b) IR².

Q.3. এটা বৈদ্যুতিক বাহুত 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V-ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব–

(a) 100W 

(b) 75W 

(c) 50W 

(d) 25W 

Ans. (d) 25W.

Q. 4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত–

(a) 1:2

(b) 2:1

(c) 1:4

(d) 4:1

Ans. (c) 14.

[ R = ৰোধ (প্ৰতিটো তাঁৰৰ), শ্রেণীবদ্ধ সজ্জাত মুঠ ৰোধ = 2R

Q.5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্ট’মিটাৰ কেনেকৈ সংযোগ কৰিবা?

Ans. এটা বৈদ্যুতিক বর্তনীৰ দুটা মেৰুৰ বিভৱ পাৰ্থক্য জোখাৰ বাবে ভ’ল্টমিটাৰ সমান্তৰালভাবে স্থাপন কৰা হয়। 

Q. 6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 মি.মি. আৰু ৰোধকতা 1.6 x 10⁻⁸ Ω মি.মি. 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈর্ঘ্য কিমান হ’ব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ’ল, ৰোধৰ পৰিবৰ্তন কিমান হ’ব?

সুতৰাং, যেতিয়া এটা তাঁৰৰ ব্যাস দ্বিগুণ কৰা হল, তেতিয়া মূলমানৰ 1/4 হয়। এতিয়া, ৰোধ = 10/2 = 2.5 Ω

ৰোধৰ পৰিবৰ্তন = 10.0 -2.5 =7.5Ω (Ans.) 

Q. 7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্রবাহ l ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল–

V আৰু l ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।

Ans. V আৰু l-ৰ লেখ-চিত্ৰ তলত দিয়া হ’ল–

Q. 8. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় ভাত 2.5 মি. এম্পিয়াৰ প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা। 

Ans. ইয়াত, V = 12V, l = 2.5 mA = 2.5 x 10⁻³ A

Q. 9. এটা 9 V বেটাৰীৰ লগত 0.2Ω, 0.3Ω,0.4Ω , 0.5Ω, আৰু 12Ω, ৰোধক কেইটা শ্রেণীবদ্ধভাবে সংযোগ কৰা হৈছে। 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে? 

Ans. মুঠ ৰোধৰ পৰিমাণ, R= 0.2+0.3 +0.4+0.5+12 = 13.4Ω

∴ বিভৱ পার্থক্য, V = 9V 

∴ বর্তনীত প্রৱাহিত বিদ্যুতৰ পৰিমাণ

Q.10. 176Ω ৰ কিমানটা ৰোধক হ’লে 220V ৰ লাইন এটাত 5A প্রবাহ পোৱা যাব? 

Ans. 176Ω বিশিষ্ট সংখ্যক ৰোধক সমান্তৰাল ভাৱে সংযোগ কৰা হৈছে।

Q. 11. প্ৰতিটো 6 Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে, সজ্জাটোৰ সমতুল্য ৰোধ 

(i) 9 Ω, আৰু 

(ii) 4 Ω হ’ব?

Ans. ইয়াত, R₁ = R₂ = R₃ = 6Ω

(a) R₁ -ক শ্রেণীবদ্ধ আৰু R₂, R₃ -ক সমান্তৰালভাৱে সজ্জিত কৰিলে, সমতুল্য 

Q. 12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?

Q. 13. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24 Ω, যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্রত প্রবাহ কি হ’ব?

Ans. [i] যেতিয়া দুটা বর্তনী পৃথক ভাবে ব্যৱহাৰ কৰা হয়, তেতিয়া– 

R= 24 Ω, V = 220 V 

Q. 14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্রতে উলিওৱা 

(i) 12 আৰু 2.2 ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাৱে, আৰু 

(ii) 1212 আৰু 22 ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে। 

Ans. [i] বৈদ্যুতিক বর্তনীৰ চিত্ৰ তলত দিয়া হ’ল—

Q. 15 এটা 220V 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভব 220V হয়, কিমান প্রবাহ ই ল’ব।

Ans. মুঠ ক্ষমতা = (100+60) = 160 W.

বিভৱ, V = 220 V 

কিন্তু ক্ষমতা = VI

Q. 16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250W ৰ টেলিভিচন চেট 1 ঘণ্টা চলিলে বা এটা 1200 W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে? 

Ans. 250 W ক্ষমতা বিশিষ্ট টেলিভিছনৰ টেলিভিচন-ৰ দ্বাৰা 1 ঘণ্টাত ব্যৱহৃত বৈদ্যুতিক শক্তি = 250 ওয়াট × 1 ঘণ্টা 

= 250 ওয়াট/ঘণ্টা

∴ 1200 W ক্ষমতা বিশিষ্ট পাউৰুটি সেকা সঁজুলি দ্বাৰা 10 মিনিটত ব্যৱহৃত বৈদ্যুতিক শক্তিৰ পৰিমাণ = 1200 W × 12 মি.

= 1200 W × 12/60 ঘণ্টা

= 240 ওয়াট/ঘণ্টা

∴ এটা পাউৰুটি সেকা সঁজুলিতকৈ এটা টেলিভিছন ছেট্‌ত বেছী বৈদ্যুতিক শক্তি খৰচ হয়।

Q. 17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।

Ans. ইয়াত, R = 8Ω, l = 15 এম্পিয়াৰ, t = 2 ঘণ্টা 

∴ এটা বৈদ্যুতিক চুলাত প্রতি ঘণ্টাত সৃষ্টি হোৱা তাপৰ পৰিমাণ অর্থাৎ ক্ষমতা

(P) = I²R = (15)² × 8 = 1800 জুল/ছেকেণ্ড (উত্তৰ।)

Q. 18. ব্যাখ্যা কৰা :

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়? 

(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ কাৰণে বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়?

(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়? 

(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয়?

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?

Ans. (a) বৈদ্যুতিক চাকিত টাংস্টেন (tungsten) তাঁর বহুলভাৱে ব্যৱহাৰ কৰা হয় কাৰণ মিহি টাংষ্টেনৰ ৰোধ আৰু গলনাংক অতি বেছী। গলনাংক হ’ল 3410°C যেতিয়া ইয়াৰ মাধ্যমে বিদ্যুৎ প্রৱাহিত হয়, তেতিয়া এই মিহি তাঁৰ গৰম হয় আৰু আলোক বিক্ষেপণ কৰে।

(b) বৈদ্যুতিক সঁজুলি যেনে, পাউকটি সেকা সঁজুলি, বৈদ্যুতিক ইস্ত্রিত সংকৰ ধাতু ব্যৱহাৰ কৰা হয়। কাৰণ [i] বিশুদ্ধ ধাতুকৈ সংকৰ ধাতুৰ আপেক্ষিক ৰোধ বেছী। যেতিয়া সংকৰ ধাতুৰে বনোৱা বস্তুৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়, তেতিয়া অত্যাধিক তাপৰ সৃষ্টি হয়। [ii] উষ্ণতা অত্যাধিক বৃদ্ধি পালেও ইয়াৰ ৰোধত্বেৰ পৰিৱৰ্তন নহয়। সুতৰাং অত্যাধিক উষ্ণতাত ই জাৰিত নহয়।

(c) স্থিৰ বিভৱ ভেদৰ কাৰণে প্ৰৱাহ ৰোধৰ ব্যাস্তানুপাতিক। আনহাতে শ্রেণীবদ্ধ সজ্জাত মুঠ বোধ বাঢ়ি যায়। সেয়ে কেইবাবিধো বৈদ্যুতিক সরঞ্জাম শ্রেণীবদ্ধ সজ্জাত সংযোজিত কৰিলে সৰঞ্জামবোৰৰ কাৰ্যদক্ষতা হ্রাস পায়। তদুপৰি যিকোনো এটা সৰঞ্জামৰ অনুপস্থিতিয়ে আন সকলোবোৰক অকামিলা কৰি পেলায়। ইয়াৰ কাৰণে ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা হয়। 

(d) ইলেকট্রনবোৰ মিহি তাঁৰতকৈ মোটা তাঁৰৰ মাজেৰে ভালদৰে প্রবাহিত হ’ব পাৰে। অৰ্থাৎ মোটা পৰিৱাহীৰ মাধ্যমে ভালদৰে ইলেক্ট্ৰ’ন গতি কৰিব পাৰে। সুতৰাং এটা তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ ব্যাস্তানুপাতিক।

(e) তাম আৰু এলুমিনিয়ামৰ আপেক্ষিক ৰোধ অতি কম। ফলস্বৰূপে, যেতিয়া তাম আৰু এলুমিনিয়ামৰ তাঁৰৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয় তেতিয়া তাপৰ আকাৰে হ্রাসপ্রাপ্ত ক্ষমতাৰ পৰিমাণ কম হয়। 

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

Q. 1. বৈদ্যুতিক আধানৰ এছ. আই. একক কি? 

Ans. বৈদ্যুতিক আধানৰ (S.I.) এছ. আই. একক কুলম্ব (C)।

Q. 2. বিদ্যুৎ ক্ষেত্ৰৰ কোনো এক বিন্দুত বৈদ্যুতিক প্ৰাৱল্যৰ সংজ্ঞা দিয়া। 

Ans. বিদ্যুৎ ক্ষেত্ৰৰ যিকোনো বিন্দুত স্থাপিত একক ধনাত্মক আধানৰ ওপৰত ক্রিয়া কৰা বলকে সেই বিন্দুত ক্ষেত্ৰখনৰ বৈদ্যুতিক প্রাবল্য বোলা হয়। বৈদ্যুতিক প্ৰাৱল্য এটা ভেক্টৰ ৰাশি আৰু ইয়াৰ এছ. আই. একক নিউটন/কুলম্ব (N/C) 

Q.3. বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুত বৈদ্যুতিক বিভৱ মানে কি বুজা?

Ans. বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুলৈ একক ধনাত্মক আধান অসীম দূৰত্বৰ পৰা (য’ত ক্ষেত্ৰ প্ৰাৱল্য শূন্য) আনোতে কৰিবলগীয়া কাৰ্য্যৰ পৰিমাণক সেই বিন্দুটোৰ বৈদ্যুতিক বিভৱ বোলে। বৈদ্যুতিক বিভব এটা স্কেলাৰ বাশি আৰু ইয়াৰ এছ. আই একক ভল্ট (V)।

Q.4. দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ । ভল্ট বুলিলে কি বুজা? 

Ans. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে হ’ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য্য কৰিব লগা হয়। 

Q. 5. আমাৰ ঘৰবোৰত 220 ভল্টত বিজুলী যোগান ধৰা হয়। এই বাক্যটোৰ অর্থ কি? 

Ans. ইয়াৰ অৰ্থ হ’ল যেতিয়া কোনো এটা বৈদ্যুতিক সৰঞ্জাম 220 ভল্টৰ মূল পৰিবাহীৰ লগত সংযোগ কৰা হয়, তেতিয়া ধন মেৰুৰ পৰা, ঋণমেৰুলৈ 1 কুলম্ব আধান প্রবাহিত হওঁতে 220 জুল পৰিমাণৰ কাৰ্য্য কৰিব লগা হয়।

Q. 6. 40 ভল্ট বিভন্ন বিশিষ্ট এটা বিন্দুত 2 কুলম্বৰ আধান এটা ৰাখিলে আধানটোৰ শক্তি কিমান হ’ব?

Ans. ইয়াত, আধান, q = 2 কুলুম্ব

বিভৱ, V = 40 ভল্ট

q আধানৰ ওপৰত শক্তি U = ?

আমি জানো যে,

U = qV = 2 কুলম্ব × 40 ভল্ট = 80 জুল 

Q.7. বৈদ্যুতিক ক্ষেত্ৰত এটা ধনাত্মক আধান আৰু এটা ঋণাত্মক আধানে কোন দিশত গতি কৰিব? 

Ans. বৈদ্যুতিক ক্ষেত্ৰত এটা ধনাত্মক আধান ৰাখিলে ই উচ্চ বিভৱৰ পৰা নিম্ন বিভৱৰফালে গতি কৰে, ঋণাত্মক আধানে নিম্ন বিভৱৰ পৰা উচ্চ বিভৱৰ ফালে গতি কৰে।

Q. 8. বিদ্যুৎ প্রবাহৰ এছ. আই. এককটো কি? 

Ans. বিদ্যুৎ প্রবাহৰ এছ আই. একক হ’ল এম্পিয়াৰ।

Q. 9. এডাল তাঁৰৰ এটা বিন্দুৰ মাজেৰে 0.5 ছেকেণ্ডৰ 0.2 কুলম্ব আধান পাৰ হৈ গ’লে তাঁৰডালত প্ৰবাহৰ মান কিমান?

Ans. ইয়াত, আধান Q = 0.2 কুলম্ব 

সময় t = 0.5 ছেকেণ্ড

প্রবাহ l = ?

আমি জানো যে,

Q. 10. তাঁৰ এডালৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিবলৈ হ’লে তুমি কি কৰিবা? 

Ans. কোনো এভাল ধাতুৰ তাঁৰৰ এটা মূৰ বেটাৰীৰ ধন মেৰুৰ লগত আৰু আনটো মূৰ ঋণ মেৰুৰ লগত সংযোগ কৰিলে বিদ্যুৎ উৎপাদন হ’ব। ধন মেৰুৰ লগত সংযোগী তাঁৰৰ মূৰটোত উচ্চ বিভৱ আৰু ঋণ মেৰুৰ লগত সংযোগী তাৰৰ মূৰটোত নিম্ন বিভৱ উৎপন্ন হ’ব। বিভৱ অন্তৰৰ এনে ধৰণৰ পাৰ্থক্যৰ বাবে নিম্ন বিভৱ অংশৰ পৰা উচ্চ বিভব অংশলৈ বৈদ্যুতিক পৰমাণু (ইলেক্ট্রন) প্রবাহিত হয়। ইলেক্ট্ৰ’নৰ এনে ধৰণৰ প্ৰবাহে অর্থাৎ ঋণাত্মক আধানৰ প্ৰবাহে তাৰডালত বিদ্যুৎ প্রবাহ চালিত কৰিব।

Q. 11. দুটা সমান আধানে ইটোৱে সিটোৱে F নিউটন বলেৰে বিকর্ষণ কৰে। আধান দুটাৰ মাজৰ দূৰত্ব যদি দুগুণ কৰা হয়, তেতিয়াহ’লে সিহঁতৰ মাজৰ নতুন বল কিমান হ’ব?

Ans. যিহেতু আধান দুটাই ইটোৱে সিটোক বিকর্ষণ কৰে, সেয়ে আধান দুটা একে ধৰ্মী। 

ধৰা হ’ল প্ৰতিটো আধানব মান ৭ কুলম্ব আৰু আধানৰ মাজৰ দূৰত্ব r  মিটাৰ। এতিয়া কুলম্বৰ সূত্ৰ অনুসৰি, দুটা বিন্দু প্রমাণ আধানৰ মাজৰ ক্ৰিয়া কৰা বলত তলত দিয়া ধৰণে দেখুৱাব পাৰি—

গতিকে, যদি দুটা সমান পৰিমাণৰ আধানৰ মাজৰ দূৰত্ব দ্বিগুণ বঢ়াই দিয়া হয়, তেতিয়া আধান দুটাৰ মাজৰ বিকৰ্ষণৰ বল মূল বলতকৈ চাৰিভাগ কমি যাব। 

Q. 12. বৈদ্যুতিক আধানৰ এছ. আই. একক কি? ইয়াৰ প্ৰাথমিক একক কি? 

Ans. এছ, আই পদ্ধতিত বৈদ্যুতিক আধানৰ একক কুলম্ব (C) ইয়াৰ প্ৰাথমিক একক হ’ল এম্পিয়াৰ। এম্পিয়াৰৰ সহায়ত কুলম্ব এককৰ সংজ্ঞা নিৰূপিত হয়।

Q. 13. বিদ্যুৎ ক্ষেত্ৰৰ কোনো এক বিন্দত বৈদ্যুতিক প্ৰাৱলাৰ সংজ্ঞা দিয়া। ইয়াৰ এছ যাই, একক কি? 

Ans. কোনো বিদ্যুত ক্ষেত্ৰৰ যি কোনো এটা বিন্দুত স্থাপিত একক ধনাত্মক আধানৰ ওপৰত যিমান বল ক্ৰিয়া কৰে সেই বলকেই সেই বিন্দুৰ বিদ্যুত ক্ষেত্ৰ প্ৰাৱল্য বোলে।

ইয়াৰ এছ. আই. একক হ’ল  নিউটন/কুলম্ব বা (N/C)

Q. 14. বিদ্যুত ক্ষেত্ৰৰ কোনো বিন্দত বৈদ্যুতিক বিভৱ মানে কি? ইয়াৰ এছ. আই. একক কি?

Ans. বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুত স্থাপিত এক একক ধনাত্মক আধানৰ বিদ্যুত স্থিতিশক্তিক সেই বিন্দুৰ বৈদ্যুতিক বিভৱ বোলে। ইয়াৰ এছ. আই. একক হ’ল ভল্ট (V)।

Q. 15. দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলিলে কি বুজা? 

Ans. দুটা বিন্দুৰ মাজত বিভৱ ভেদ 1 ভল্ট বুলিলে ইয়াক বুজায়, কোনো এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব ধনাত্মক বিদ্যুত পঠোৱাবলৈ এক জুল কাৰ্য্য সম্পাদন কৰিবলগা হয়।

[ অর্থাৎ 1 C আধানক এক বিন্দুৰ পৰা আনটো বিন্দুলৈ স্থানান্তৰৰ বাবে যদি 1 J কাৰ্য্য সম্পাদন কৰিবলগা হয়, তেন্তে বিন্দু দুটাৰ বিভৱ ভেদ হ’ব 1 VI

∴ 1V = 1J/1C

Q. 16. আমাৰ ঘৰবোৰত 220 ভল্টত বিজুলী গান ধৰা হয়— এই বাক্যটোৰ অর্থ কি?

Ans. ইয়াৰ অৰ্থ হ’ল, বৈদ্যুতিক মেইনচুইচৰ লগত যুক্ত যি কোনো বৈদ্যুতিক যন্ত্ৰৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুৰ মাজেৰে কুলম্ব আধান প্ৰৱাহৰ বাবে 220 J (জুল) কাৰ্য্য সম্পাদন কৰিব লাগে।

Q.17. 40 ভল্ট বিভৱ বিশিষ্ট এটা বিন্দু 2 কুলম্বৰ আধান এটা ৰাখিলে আধানটোৰ শক্তি কিমান হ’ব? 

Ans. আমি জানো, বিদ্যুত ক্ষেত্ৰৰ কোনো এটা বিন্দু বিভৱ (V) হলে সেইটো বিন্দুত আধান (Q)-ৰ স্থিতিশক্তিৰ পৰিমাণ U = Q x V 

ইয়াত V = 40 V, Q = 2C, U = ?

∴ স্থিতিশক্তিৰ পৰিমাণ (U) = (40 x 2) জুল = 80 জুল।

Q. 18. বৈদ্যুতিক ক্ষেত্ৰত এটা ধনাত্মক আধান আৰু এটা ঋণাত্মক আধানে কোন দিশত গতি কৰিব?

Ans. মুক্ত বা মুকলি ধনাত্মক আধান সদায় উচ্চ-বিভৱৰ পৰা নিম্ন বিভৱৰ দিশলৈ গতি কৰে। আৰু এটা মুক্ত ঋনাত্মক আধান সদায় নিম্নবিভৱৰ পৰা উচ্চ বিভৱৰ দিশলৈ গতি কৰে। অর্থাৎ বৈদ্যুতিক ক্ষেত্ৰত ধনাত্মক আধান আৰু ঋণাত্মক আধান সদায় বিপৰীত দিশলৈ গতি কৰিব।

Q. 19. বিদ্যুত প্রবাহৰ এছ আই. একক কি? 

Ans. বিদ্যুত প্ৰবাহৰ এছ আই. একক হ’ল এম্পিয়াৰ।

Q. 20. এডাল তাঁৰৰ এটা বিন্দুৰ মাজেৰে 0.5 ছেকেণ্ডত 0.2 কুলম্ব আধান পাৰ হৈ গ’লে তাঁৰডালত প্ৰৱাহৰ মান কিমান হ’ব? 

Ans. আমি জানো, প্ৰৱাহৰ পৰিমাণ = l আধান = Q

Q. 21. তাঁৰ এডালৰ মাজেৰে বিদ্যুত প্রবাহ চালিত কৰিবলৈ হ’লে তুমি কি কৰিবা?

Ans. ধাতুৰ পৰিমাণৰ বহিঃকক্ষত কিছু সংখ্যক ইলেকট্রন ইমান ঢিলা ভাৱে যুক্ত থাকে “সিহঁতে পৰমাণুৰ পৰা বিচ্ছিন্ন হ’ব পাৰে আৰু মুক্তভাৱে ধাতুৰ ভিতৰত বিচৰণ কৰিব পাৰে। 

তিয়া এনেধৰণৰ ধাতব পৰিবাহীৰ এটামুৰ বিদ্যুত কোষৰ ধনমেৰুৰ লগত আৰু আনটো মূৰ ঋণমেকৰ লগত যুক্ত কৰা হয়, তেতিয়া পৰিবাহীৰ দু’মুৰত অবিরাম বিভৱ-ভেদ চলি থাকে। ধনমেৰুৰ লগত যুক্ত পৰিবাহীটোৰ মুৰটো উচ্চতৰ বিভরযুক্ত হয় আৰু ঋণমেৰুৰ লগত যুক্ত মূৰটো নিম্নতৰ বিভৱ যুক্ত হয়। বিভব কাৰ্য্যৰ প্ৰভাৱৰ ফলত পৰিবাহীৰ যুক্ত ইলেকট্রন সমূহ নিম্নবিভব যুক্ত মূৰৰ পৰা উচ্চ-বিভৱ যুক্ত মূৰৰ দিশলৈ গতি কৰে। পৰিবাহীৰ বাওঁমূৰৰ পৰা যিমান সংখ্যক ইলেকট্রন বিদ্যুত কোষৰ ধনমেৰলৈ সোমায় থিক সিমান সংখ্যক ইলেকট্রন বিদ্যুত কোষৰ ঋণমেৰুৰ পৰা পৰিবাহীৰ সোঁমুৰলৈ সোমাব ধৰে যাতে পৰিবাহী সদায় বৈদ্যুতিক ভাবে উদাসীন থাকে। ইলেকট্রনৰ এই প্ৰৱাহ পৰিবাহীত বিদ্যুত প্ৰৱাহৰ সৃষ্টি কৰে। যদি পৰিবাহীৰ দু মূৰৰ বিভৱ ভেদ নিৰৱিচ্ছিন্নভাবে ৰখা যায়, তেন্তে নিৰৱিচ্ছিন্ন বিদ্যুত প্রবাহ ঘটে।

অর্থাৎ পৰিবাহী তাঁৰ এডালৰ দুইমূৰত বিভৱ ভেদ থাকিলে পৰিবাহীৰ এ মূৰৰ পৰা আন মূৰলৈ বিদ্যুত প্ৰৱাহ হয়। এনেদৰে ধাতুৰ তাঁৰ এডালৰ মাজত মুক্ত ইলেকট্রনৰ গতিৰ বাবে বিদ্যুত প্রবাহ হয়। 

Q. 22. “দুটা অধানযুক্ত কণাৰ মাজত পাৰস্পৰিক স্থিতিশক্তি”ৰ সংজ্ঞা লিখা।

Ans. প্রাৰম্ভিক অসীম দূৰত্বৰ পৰা দুটা আধানক বৰ্তমান অৱস্থানলৈ অনাৰ বাবে বৈদ্যুতিক বিকৰণ বলৰ বিৰুদ্ধে পৰিমাণ কাৰ্য্য সম্পাদিত হয় তাৰ ফলস্বৰূপ স্থিতিশক্তিৰ উদ্ভৱ হয় তাকেই দুটা আধানযুক্ত কণাৰ মাজত পাৰস্পৰিক স্থিতিশক্তি বোলে।

আমি জানো, বিদ্যুতক্ষেত্ৰত কোনো বিন্দুত বিভৱ V হ’লে সেই বিন্দুত আধান q-ৰ স্থিতি শক্তিৰ মান U = qv………(i)

আকৌ যদি এই বিভৱ V কোনো বিন্দু প্রমাণ আধানৰ হয়, তেন্তে Q আধানৰ পৰা r দূৰত্বত বিভৱ (V)-ৰ মান হ’ব, V = K. Q/r

এতিয়া (i) ত (ii) ৰ মান বহুৱাই পাওঁ, U = K.Q.q/r

উপৰুক্ত সম্বন্ধটোই হ’ল এটা আধান q-ৰ বিদ্যুত ক্ষেত্ৰত আধান Q-ৰ স্থিতিশক্তিৰ মান। 

Q. 23. ধাতৱীয় পৰিবাহীৰ মাজেৰে বিদ্যুত প্রবাহিত হলে কেনেকুৱা ধৰণৰ আধানে ভাগ লয়? 

Ans. কোনো ধাতবীয় পৰিবাহীৰ মাজেৰে বিদ্যুত প্রবাহিত হ’লে ঋণ আধানে (ইলেকট্রন) ভাগ লয়।

Q. 24. পৰিবৰ্তী প্রৱাহ (AC) বুলিলে কি বুজা? এটা পৰিবৰ্তী প্ৰৱাহৰ কম্পনাংক হ’ল 60 হার্জ। এই প্রবাহে এক ছেকেণ্ডত কিমানবাৰ দিশ সলনি কৰিব? 

Ans. নির্দিষ্ট সময়ৰ ব্যৱধানত কোনো বর্তনীত বিদ্যুত প্ৰৱাহৰ দিশ বাৰংবাৰ সলনি হ’লে তাকে পৰিবর্তী বিদ্যুত প্রৱাহ (Alternating Current or A.C.) বোলে। [ বিদ্যুত প্ৰৱাহ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত বিপৰীতমুখী হয় এই বিদ্যুত প্রৱাহত। ] বিদ্যুত প্ৰৱাহৰ কম্পনাকে 60 হার্জ হ’লে বিদ্যুত প্রৱাহ এক ছেকেণ্ডত 120 বাৰ দিশ সলনি কৰিব।

Q.25. দূৰণিবটীয়া ঠাইলৈ প্ৰেৰণ কৰোতে আমি বিদ্যুত শক্তিক কিয় পৰিবর্তী প্ৰৱাহ ৰূপে প্ৰেৰণ কৰোঁ?

Ans. বহু দূৰৈত বিদ্যুত শক্তিক পৰিবর্তী বিদ্যুত প্রবাহ ৰূপে প্ৰেৰণ কৰা হয় কাৰণ পৰিবর্তী বিদ্যুত প্রবাহৰ ফলত ভল্টেজ ইচ্ছামতে বৃদ্ধি বা হ্রাস কৰা যায়। বিদ্যুত শক্তি দুৰণিবঢ়ীয়া ঠাইলৈ প্ৰেৰণ কৰাৰ সময়ত উৎপাদক কেন্দ্ৰৰপৰা অতি -উচ্চ ভল্টেজযুক্ত পৰিবৰ্তী বিদ্যুত গ্রাহক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত গান ধৰাত তাঁৰ ডালত কম তাপশক্তি উৎপন্ন হৈ বিদ্যুত শক্তিৰ অপচয় বহুত পৰিমাণে হ্রাস পায়।

Q. 26. একমুখী বা প্রত্যক্ষ প্ৰবাহৰ (DC) তুলনাত পৰিবৰ্তী প্ৰবাহৰ (AC) দুটা সুবিধাজনক দিশৰ কথা উল্লেখ কৰা।

Ans. একমুখী বিদ্যুত প্রবাহ (Direct current or D.C.) তকৈ পৰিবর্তী বিদ্যুত প্ৰৱাহৰ (Alternating current or A.C.) সুবিধা বহুত পৰিমাণে বেছি।

(i) সবাতকৈ উল্লেখযোগ্য সুবিধা পৰিবৰ্তী বিদ্যুত প্রবাহৰ ভল্টেজ ইচ্ছামতে বৃদ্ধি বা হ্ৰাস কৰা যায়। বিদ্যুত শক্তি অতি দূৰলৈ যোগান দিয়াৰ সময়ত উৎপাদক কেন্দ্ৰৰ পৰা অতি উচ্চ ভল্টেজযুক্ত পৰিবর্তী বিদ্যুত গ্রাহক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত গিনি ধৰা তাৰ ডালত কম তাপশক্তি উৎপন্ন হৈ বিদ্যুত শক্তিৰ অপচয় হ্রাস পায়। আকৌ, ঘৰৰ বিজুলি ‘গান ধৰাৰ সময়ত ভ’ণ্টেজ হ্ৰাস কৰা হয়। যাৰ ফলত বিদ্যুত ব্যৱহাৰৰ সময়ত বিপদৰ আশঙ্কা কমি যায়।

(ii) আৰু এটা সুবিধা হ’ল প্ৰয়োজন অনুসৰি আমি পৰিবর্তী বিদ্যুত প্রৱাহক একমুখী প্রবাহলৈ সলনি কৰিব পাৰোঁ। কিন্তু একমুখী বিদ্যুত প্রবাহক পৰিবর্তী বিদ্যুত প্ৰৱাহলৈ সলনি কৰা নাযায়। দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা অধিকাংশ বৈদ্যুতিক সাঁ সঁজুলিতে পৰিবৰ্তী বিদ্যুত প্ৰৱাহ ব্যবহাৰ কৰা হয়। আকৌ টি. ভি. বা ৰেডিঅ’ৰ ভিতৰত এনে যান্ত্ৰিক ব্যৱস্থা থাকে। যাৰ দ্বাৰা গৃহবৰ্তনীৰ বিদ্যুত প্রবাহকে একমুখী প্ৰৱাহত সলনি কৰা হয়। কাৰণ বহু ক্ষেত্ৰত একমুখী বিদ্যুত প্রবাহৰ প্রয়োজন হয়।

Q. 27. পৰিবাহীৰ আপেক্ষিক ৰোধৰ সংজ্ঞা দিয়া। এছ. আই. পদ্ধতিত ইয়াৰ একক কি?

Ans. 1 মিটাৰ দৈৰ্ঘ্য আৰু 1 বর্গমিটাৰ লম্বচ্ছেদ বিশিষ্ট কোনো পদাৰ্থৰ পৰিবাহীৰ ঘনকৰ দুটা বিপৰীত তলৰ মাজৰ বোধক সেই পদাৰ্থৰ বা পৰিবাহী তাঁবৰ আপেক্ষিক ৰোধ বোলে। ইয়াৰ এছ আই. একক হ’ল ওম. মিটাৰ (Ω .m) [ আনভাবে কোৱা যায়, 1 মিটাৰ বাহুযুক্ত কোনো ঘনকৰ দুটা বিপৰীত পৃষ্ঠৰ মাজৰ বোধক আপেক্ষিক ৰোধ বোলে। অর্থাৎ 1 মি. বাহুযুক্ত আৰু 1 মি. লম্বচ্ছেদৰ কালি বা ক্ষেত্রফল বিশিষ্ট পৰিবাহী তাঁৰডালৰ ৰোধ।]

Q. 28. বিদ্যুত বিজ্ঞানৰ কুলম্বৰ সূত্ৰটো লিখা আৰু লগতে ইয়াৰ গাণিতিক প্ৰকাশ ৰাশিটোও দিয়া। ইয়াত থকা সমানুপাতিক ধ্ৰুৱকটোৱে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? 

Ans. দুটা বিন্দু প্রমাণ আধানৰ মাজত ক্ৰিয়া কৰা বল আধান দুটাৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক।

গাণিতিকভাৱে দুটা আধানযুক্ত বস্তুৰ আধানৰ পৰিমাণ q₁ আৰু q₂ আৰু বস্তুদ্বয়ৰ মাজৰ দূৰত্ব হ’লে আৰু ইহঁতৰ মাজত ক্রিয়া কৰা বল যদি F-ৰে সূচিত কৰা হয় তেন্তে, 

যদি সমানুপাতিক ধ্রুৱকৰ মান K-ৰে সূচিত করা হয়, তেন্তে F =

বায়ু মাধ্যমত বা শূন্যস্থানত কুলম্ব সূত্ৰৰ সহজতম ৰূপ হ’ব F =

[K = 1 ] সমানুপাতিক ধ্ৰুৱকৰ মান অর্থাৎ K-ৰ মান দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।   

(i) সমীকৰণটোত থকা বিভিন্ন বাশিসমূহ প্ৰকাশ কৰা এককৰ পদ্ধতি, আৰু 

(ii) আধান দুটাৰ মাজত থকা মাধ্যমৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। 

Q.29. বৈদ্যুতিক ক্ষেত্র বুলিলে কি বুজা? এটা বিন্দুত বৈদ্যুতিক প্ৰাৱল্যৰ সংজ্ঞা দিয়া। বৈদ্যুতিক ক্ষেত্ৰত ধনাত্মক আৰু ঋণাত্মক আধানৰ গতিৰ বিষয়ে আলোচনা কৰা।

Ans. বৈদ্যুতিক ক্ষেত্র: কোনো আধানযুক্ত (আহিত) বস্তুৱে তাৰ চাৰিওফালৰ যিমানখিনি ঠাইলৈ আন এটা আধানৰ ওপৰত প্রভাব বিস্তাৰ কৰিব পাৰে, সেই ঠাইখিনিকে আধানযুক্ত (আহিত) বস্তুটোৰ বৈদ্যুতিক ক্ষেত্রে বুলি কোৱা হয়। 

আধানটোৰ ওপৰত প্ৰয়োগ হোৱা বল প্রবল হলে বিদ্যুতক্ষেত্র প্রৱল আৰু বৈদ্যুতিক বল দুর্বল হলে বিদ্যুতক্ষেত্ৰটো দুর্বল বুলি কোৱা হয়।

বৈদ্যুতিক প্রাৱল্য: বৈদ্যুতিক ক্ষেত্ৰৰ যি কোনো এটা বিন্দুত একক ধনাত্মক আধানৰ ওপৰত যিমান বলে ক্রিয়া কৰে সেই বলকেই সেই বিন্দু ক্ষেত্ৰখনৰ বৈদ্যুতিক প্রাৱলা বোলে। 

যদি কোনো আধান বা আধানযুক্ত পদার্থৰ বিদ্যুতক্ষেত্ৰত কোনো এটা বিন্দু P-ত এটা ধন আধান q ৰখা হ’ল আৰু q বিন্দু প্রমাণ আধানৰ ওপৰত F বৈদ্যুতিক বল ক্রিয়া কৰিলে বিদ্যুতক্ষেত্র প্রাবলা E-ক প্রকাশ কৰা হয়। এনেদৰে–

E = F/q

বৈদ্যুতিক ক্ষেত্ৰৰ কোনো কিন্তু এটাত একক ধন আধানৰ ওপৰেদি ক্রিয়া কৰা বৈদ্যুতিক বলৰ দিশ সেই বিন্দুত বৈদ্যুতিক ক্ষেত্র প্রাবল্যৰ দিশ নির্দেশ কৰে। 

কোনো ধন আধানৰ ওপৰত ঋণ আধানৰ বৈদ্যুতিক ক্ষেত্র প্রাৱলাৰ দিশ হ’ব ঋণ আয়ানমুখী আৰু ধন আধানৰ বৈদ্যুতিক ক্ষেত্র প্রাবল্যৰ দিশ হ’ব ধন আধানৰ বিপৰীত মুখী।

Q.30. বৈদ্যুতিক ক্ষেত্ৰত দুটা বিন্দুৰ মাজৰ বিভৱভেদ আৰু এটা বিন্দুত বিভৱৰ মাজত থকা পার্থক্য বুজাই লিখা। এই দুটা স্কেলাৰ নে ভেক্টৰ ৰাশি? এই দুটাৰ ভিতৰত কোনটোৰ লগত আমাৰ বেছি পৰিচয়?

Ans. বৈদ্যুতিক ক্ষেত্ৰত দুটা বিন্দুৰ মাজত বিভবভেদ কওঁতে সেই বিন্দুদ্বয়ত এটা ধন আধানৰ স্থিতিশক্তিৰ পাৰ্থক্যকে বুজায়। বৈদ্যুতিক ক্ষেত্ৰৰ কোনো বিন্দুৰ বিভৱ সেই বিন্দুত থকা একক ধন আধানৰ স্থিতিশক্তিৰ সমান। বিভৱ ভেদ আৰু বিভৱ উভয়েই স্কেলাৰ বাশি। কোনো বিন্দুৰ বিভৱৰ প্ৰয়োগ বেছি, কাৰণ বিদ্যুত বিজ্ঞানত বিভৱৰ ধাৰণা অত্যন্ত গুৰুত্বপূর্ণ। বৈদ্যুতিক ক্ষেত্ৰত কোনো বিন্দুৰ বিভৱ জনা থাকিলে, সেই বিন্দুত আধানৰ স্থিতিশক্তিৰ পৰিমাণ নির্ণয় কৰা যায়। সেয়েহে বিভৱৰ লগত আমাৰ বেছি পৰিচয়।

Q. 31. ধাতৱ তাৰ এডালৰ দুটা মূৰৰ মাজত বিভৱ অন্তৰ স্থাপন কৰিলে তাঁৰ ডালেদি কিয় বিদ্যুত প্রবাহ হয় বুজাই লিখা। আধানবোৰে প্ৰকৃততে কোন দিশত গতি কৰে? প্ৰবাহৰ প্ৰচলিত দিশ কোনটো?

Ans. মুক্ত ধন-আধান সদায় উচ্চ-বিভৱৰ পৰা নিম্ন-বিভৱৰ দিশলৈ গতি কৰে। আনহাতে, মুক্ত ঋণ আধান সদায় নিম্ন-বিভৱৰ পৰা উচ্চ-আধানৰ দিশলৈ গতি কৰে। উভয় ক্ষেত্ৰতহে আধানৰ স্থিতিশক্তি হ্রাস পায় আৰু এই স্থিতিশক্তি হ্রাস গতিশক্তিলৈ ৰূপান্তৰিত হয়। মুক্ত পানীৰ গতি উচ্চ ঠাইৰপৰা নিম্নঠাইলৈ গতি কৰে আৰু এই প্ৰক্ৰিয়াত পানী মাধ্যাকর্ষণীয় স্থিতিশক্তি হেৰুৱায় শাৰু তাৰ পৰিবৰ্তে গতিশক্তি লাভ কৰে, থিক তেনেদৰে কোনো ঠাইত বহু মুক্ত আধান থাকিলে আব তাত যদি অবিৰাম বিভৱভেদ থাকে, তেন্তে আধানৰ অবিৰাম প্ৰৱাহ দেখা যাব। ধাতব তাঁৰডালৰ ভিতৰত ধাতুৰ মুক্ত ইলেকট্রন থাকে। তিয়া এনে ধৰণৰ ধাতৱ পৰিবাহীৰ এটা মুৰ বিদ্যুত কোষৰ ধনমেৰুৰ লগত আৰু আনটো মূৰ ঋণ মেৰুৰ লাভ যুক্ত কৰা হয়, পৰিবাহীৰ দুটা মূৰত এক অবিৰাম বিভবভেদ বর্তমান থাকে। এতিয়া ধনমেৰুৰ লগত যুক্ত মূৰটো উচ্চতৰ বিভৱ যুক্ত হৈ পৰে আৰু ঋণমেৰুৰ লগত যুক্ত মুৰটো নিম্ন-বিভৱযুক্ত হয়। বিভৱভেদ প্রভাৱত পৰিবাহীৰ মুক্ত ইলেকট্রন সমূহ নিম্ন-বিভরযুক্ত মূৰৰ পৰা উচ্চ বিভৱযুক্ত মূৰৰ দিশলৈ গতি কৰে। পৰিবাহীৰ বাওঁফালৰ পৰা যিমান সংখ্যক ইলেকট্রন বিদ্যুত কোষৰ ধনমেঝত প্রবেশ কৰে থিক সিমান সংখ্যক ইলেকট্রন বিদ্যুত কোষৰ ঋণমেৰুৰ পৰা পৰিবাহীৰ সোঁফাললৈ প্ৰবেশ কৰে যাতে পৰিবাহী সদায় বৈদ্যুতিক ভাৱে উদাসীন থাকে। ইলেকট্রনৰ এই প্ৰৱাহ পৰিবাহীত বিদ্যুত প্রবাহৰ সৃষ্টি কৰে। দুটা বস্তুৰ মাজত বিভৱভেদ যিমান বেছি হ’ব, বিদ্যুত প্ৰৱাহ তিমান বেছি হ’ব। তিয়ালৈকে পৰিবাহীৰ দুটা মূৰত বিভৰভেদ অটুট থাকিব, তেতিয়া লৈকে এই প্রৱাহ চলি থাকিব। বিভৱভেদ শূন্য হৈ গ’লে প্ৰৱাহ বন্ধ হৈ যাব।

গতিকে কোৱা যায়, কোনো পৰিবাহীৰ দুটা মূৰৰ বিদ্যুত বিভৱৰ ভেদৰ বাবে ইয়াৰ মাজেদি এমুৰব পৰা আন মূৰলৈ বিদ্যুত প্রবাহ হয়। ধাতুৰ ভিতৰত মুক্ত ইলেকট্রনৰ গতিৰ বাবে এই প্রবাহ সম্ভৱ হয়। অর্থাৎ বৈদ্যুতিক বিভৱৰ ভেদই হ’ল বিদ্যুত ঘাই কাৰণ। 

ঋণমেৰুৰ পৰা ধনমেৰুৰ দিশলৈ ইলেকট্রনৰ প্ৰৱাহৰ ফলত বৈদ্যুতিক প্রৱাহ ঘটে। বৈদ্যুতিক প্ৰবাহৰ প্ৰচলিত দিশ হ’ল ধনমেৰুৰ পৰা অৰ্থাৎ উচ্চতৰ-বিভৱৰ পৰা গণমেকলৈ অৰ্থাৎ নিম্নতৰ বিভৱৰ দিশত ধাতব পৰিবাহীত বিদ্যুত প্রবাহ আৰু আধানৰ প্ৰকৃত গতিৰ দিশ হ’ল পৰস্পৰ বিপৰীত। 

Q.32. ওমৰ সূত্ৰটো লিখা। ওমৰ সূত্ৰ প্ৰমাণ কৰিবৰ কাৰণে এটা পৰীক্ষাৰ বর্ণনা কৰা।

Ans. স্থিৰ উষ্ণতাত কোনো ধাতৱ পৰিবাহীৰ মাজেৰে প্ৰবাহিত বিদ্যুত প্রবাহ (I) আৰু পৰিবাহীৰ দুই কাষৰ কোষৰ বিভৱ ভেদৰ (V) অনুপাত সদায় এটা ধ্রুবক। গাণিতিক ভাৱে যদি পৰিবাহীৰ দুয়োমূৰত প্ৰয়োগ কৰা বিভৱভেদ (V) আৰু প্রবাহিত বিদ্যুত প্রবাহ (l) হয়,

তেন্তে l ∝ V ∴ l/V = ধ্ৰুৱক

B-বেটেৰী, A-এমিটাৰ, V-ভল্ট মিটাৰ, R ৰোধক তাঁৰেৰে K ছাবিৰ লগত সংযোগ কৰি বৰ্তনী এটা সম্পূৰ্ণ কৰা হৈছে। 

এতিয়া এমিটাৰৰ সহায়ত বৰ্তনীৰ মাজেৰে ৱা প্ৰৱাহৰ মান আৰু ভল্টমিটাৰৰ সহায়ত বিভৱ ভেদৰ মান পোৱা যায়। 

বর্তনীত বেটেৰীৰ সংখ্যা ক্রমান্বয়ে বঢ়াই প্রতিবাৰতে প্ৰৱাহ আৰু বিভৱ ভেদৰ মান নির্ণয় কৰি V-l লেখা অংকন কৰিলে এডাল সৰলৰেখা পোৱা যায়।

অৱশ্যে পৰীক্ষাত উষ্ণতাৰ মান একে থাকিব লাগে। আৰু ইয়াৰ দ্বাৰা ওমৰ সূত্ৰটো পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰা হ’ল।

কাৰ্য্য: ধৰা হ’ল AB এটা পৰিবাহী। ইয়াৰ মাজেদি । পৰিমাণ বিদ্যুত প্রবাহ হৈ আছে অর্থাৎ প্রৱাহমাত্রা l, A মূৰৰ বিভৱ VA আৰু B মূৰৰ বিভৱ VB, এতিয়া VA > VB হ’লে, A-ৰ পৰা B-ৰ দিশলৈ l তড়িৎ প্রবাহ হ’ব। A আৰু B প্ৰান্তৰ বিভৱভেদ (VA – VB)= V ধৰা হ’ল। এতিয়া AB পৰিবাহীৰ উষ্ণতা আৰু আন আন ভৌত অৱস্থাৰ (নে—দৈর্ঘ্য, লম্বচ্ছেদ, উপাদান আদি) সলনি নকৰিলে, l ∝ V হ’ব। অর্থাৎ বিদ্যুত প্রবাহ ∝ বিভৱ ভেদ। 

∴ V = K. I [K ধ্রুৱক ]। এই ধ্রুবক K-ক পৰিবাহীৰ ৰোধ বোলে।

অর্থাৎ বিভৱ ভেদ স্থিৰ থাকিলে ৰোধ (R) যিমান বাঢ়িব বিদ্যুত প্রবাহমাত্রা (l) সিমান কমিব; আকৌ, বিভৱভেদ স্থিৰ থাকিলে ৰোধ (R) যিমান কমিব, প্রৱাহমাত্রা (l) সিমান বাঢ়িব। 

Q. 33. পৰিবাহীৰ ৰোধ বুলিলে কি বুজা? ইয়াৰ একক কি? পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

Ans. বিষয়ৰ সংখ্যা: যি ধৰ্মৰ সহায়ত পৰিবাহী তাঁৰ ডালেৰে বিদ্যুত প্ৰৱাহক বাধা দিয়ে, তাক পৰিবাহীৰ ৰোধ বোলে। আকৌ, মানগতভাৱে পৰিবাহীৰ দুটা মূৰৰ বিভৱভেদ আৰু পৰিবাহীৰ মাজেৰে বিদ্যুত প্রবাহৰ অনুপাতক ৰোধ বুলি কোৱা হয়।

এছ. আই. পদ্ধতিত ইয়াৰ একক হ’ল ভল্ট/এম্পিয়াৰ বা ‘ওম’ (Ω) পৰিবাহীৰ ৰোধ যি সকল কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সিবিলাক হ’ল—

(i) পৰিবাহী তাঁৰডালৰ পদাৰ্থটোৰ উপাদান। 

(ii) তাঁৰডালৰ দৈৰ্ঘ্য।

(iii) তাঁৰ ডালৰ লম্বচ্ছেদ।আৰু 

(iv) উষ্ণতা। 

তলত ইঁহতৰ সম্বন্ধে বহুলভাবে আলোচনা কৰা হ’ল :–

(i) পদাৰ্থটোৰ উপাদানৰ ওপৰত: পরিবাহীৰ উষ্ণতা, দৈর্ঘ্য, লম্বচ্ছেদ স্থিৰ ৰাখি যদি তাঁৰডালৰ উপাদানৰ সলনি কৰা হয়, তেন্তে তাৰ ৰোধো বিভিন্ন ধৰণৰ হ’ব। 

(ii) দৈর্ঘ্যৰ ওপৰত: উষ্ণতা, লম্বচ্ছেদ, উপাদান স্থিৰ থাকিলে পৰিবাহী বা তাঁৰডালৰ ৰোধ তাৰ দৈৰ্ঘ্যৰ সমানুপাতিক হয়। অর্থাৎ দৈর্ঘ্য বৃদ্ধি পালে ৰোধ বাঢ়িব আৰু দৈর্ঘ্য হ্ৰাস কৰিলে ৰোধ কমিব।

(iii) লম্বচ্ছেদ ৰ ওপৰত: উষ্ণতা, উপাদান, দৈর্ঘ্য স্থিৰ থাকিলে কোনো পৰিবাহীৰ বোধ তাৰ লম্বচ্ছেদৰ ব্যস্তানুপাতিক হয়। অর্থাৎ লম্বচ্ছেদ বঢ়ালে ৰোধ কমিব আৰু লম্বচ্ছেদ কমালে ৰোধ বাঢ়িব।

(iv) উষ্ণতাৰ ওপৰত: পৰিবাহীৰ উষ্ণতা বঢ়ালে বোধ বাঢ়িব। কিন্তু কিছুক্ষেত্রে ব্যতিক্রম দেখা যায়। সিবোৰ হ’ল কার্বন, সিলিকন, জার্মেনিয়াম আদিৰ উন্নতা বঢ়ালে ৰোধ কমি l

Q.34. স্থিৰ বিদ্যুত বলৰ ক্ষেত্ৰত প্ৰযোজ্য কুলম্বৰ সূত্ৰ লিখা আৰু ব্যাখ্যা কৰা। 

Ans. (i) একেই ধর্মবিশিষ্ট আধানৰ মাজত বিকর্ষণ বল আৰু বিপৰীতধর্মী আধানৰ মাজত আকর্ষণ বল ক্রিয়া কৰে আৰু বিন্দু-প্রমাণ আধানৰ পৰিমাণ ক্রমে q₁ আৰু q₂ হ’লে, বলৰ পৰিমাণ (F) হ’ব (q₁ + q₂)-ৰ আনুপাতিক।

(ii) q₁ আৰু q₂-ৰ মাজত দূৰত্ব r হ’লে

অৰ্থাৎ দূৰত্ব বাঢ়িলে বলৰ পৰিমাণ কম হয়। এই বল আধান সংযোগকাৰী ৰেডালৰ ফালে ক্রিয়া কৰে। 

Q. 35. দুটা সমধর্মী আৰু দুটা বিপৰীত ধৰ্মী আধানৰ মাজত কি ধৰণৰ বল ক্রিয়া কৰে?

Ans. দুটা সমধর্মী আধানৰ মাজত বিকর্ষণী বল আৰু বিপৰীতধর্মী আধানৰ মাজত আকর্ষণী বলে ক্রিয়া কৰে। 

Q. 36. এছ. আই. পদ্ধতিত কুলম্ব সূত্ৰৰ ধ্রুবক K-ৰ সাংখ্যিক মান কিমান?

Ans. বায়ু মাধ্যমত এছ আই. পদ্ধতিত K-ৰ সাংখিক মান হ’ল,

Q.37. বায়ু মাধ্যমত প্ৰতিটো কুলম্বৰ সমধর্মী আধানৰ দূৰত্ব । মি. হ’লে সিহঁতৰ মাজত বিকর্ষণী বলৰ পৰিমাণ কিমান?

Q. 38. ইলেকট্রনৰ সংখ্যাৰ ভিত্তিত কুলম্বৰ সংখ্যা দিয়া। 

Ans. 6.24 × 10¹⁸ টা ইলেক্ট্ৰনেৰে বাহিত আধানৰ পৰিমাণকে এক কুলম্ব বোলে।

Q.39. কোনো বস্তুৰ মুঠ আধানৰ পৰিমাণ + 1 কুলম্ব হলে বস্তুটোত কিমান সংখ্যক ইলেকট্রনৰ ঘাটি হ’ব?

Ans. কোনো বস্তুৰ মুঠ আধানৰ পৰিমাণ + 1 কুলম্ব হ’লে বুজিব লাগিব বস্তুতটোত 6.24 × 10¹⁸ টা ইলেকট্রন ঘাটি আছে। 

Q. 40. মাধ্যাকর্ষণ বলৰ লগত বৈদ্যুতিক বলৰ পাৰ্থক্য কি? 

Ans. মাধ্যাকর্ষণ বলৰ কেৱলমাত্র আকর্ষণ ক্ষমতা আছে, কিন্তু বৈদ্যুতিক বলৰ আকৰ্ষণ আৰু বিকৰ্ষণ উভয় ক্ষমতাই আছে। কাৰণ ভৰ ধনাত্মক, অথচ বৈদ্যুতিক আধান ধনাত্মক আৰু ঋণাত্মক আধান।

Q. 41. বিদ্যুত প্রাবল্য কি ধৰণৰ ৰাশি— ভেক্টৰ নে স্কেলাৰ? ইয়াৰ একক কি?

Ans. বিদ্যুত প্ৰাৱলা এটা ভেক্টৰ ৰাশি। 

ইয়াৰ একক হ’ল 1 কুলম্ব/1 ছেকেণ্ড

Q. 42. সমধর্মী আধানৰ মাত্ৰা ক্ৰমে Q₁ আৰু Q₂ আৰু সিহঁতৰ মাজত ক্ৰিয়া কৰা বল = F₁ হ’লে, সিহঁতৰ মাজত দূৰত্ব স্থিৰ ৰাখি Q₁ আৰু Q₂ ৰ মান বঢ়াই 3Q₁ আৰু 4Q₂ কৰা হ’ল। এতিয়া উভয়ৰ মাজত ক্ৰিয়া কৰা বলৰ মান কিমান হ’ব?

Ans, ধৰা হ’ল, সমধর্মী আধান Q₁ আৰু Q₂-ৰ মাজত দূৰত্ব r একক। 

দূৰত্ব স্থিৰ ৰাখি আধানৰ মাত্ৰা বঢ়ালে বলৰ পৰিমাণ হ’ব 12F। 

Q. 43. পৰিবাহী কাক বোলে? এটা ধাতু আৰু এটা অধাতু বিদ্যুত পৰিবাহীৰ নাম লিখা।

Ans. বহুতখিনি পদার্থ আছে যিবিলাকৰ পৰমাণুৰ আটাইতকৈ বাহিৰৰ কক্ষৰ ইলেক্ট্রন আৰু কেন্দ্ৰত থকা প্ৰনৈৰ মাজত আকর্ষণ বল কম। ইয়াৰ ফলত কিছুমান সংখ্যক ইলেকট্রন পৰমাণুৰপৰা বিচ্ছিন্ন হৈ সেইখন পদাৰ্থৰ ভিতৰতেই ঢিলাভাৱে অৱস্থানে কৰে। এইবোৰ ঢিলা ইলেকট্রনবোৰে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, সেয়েহে ই বোৰ বিদ্যুত পৰিবহন কৰে। অৰ্থাৎ যিবোৰ পদাৰ্থৰ মাজেদি সহজতে বিদ্যুত চলাচল কৰিব পাৰে, সেইবোৰ পদাৰ্থক পৰিবাহী বোলে। বিদ্যুত পৰিবাহী ধাতু এটা হ’ল তাম আৰু বিদ্যুত পৰিবাহী অধাতু হ’ল গ্রেফাইট।

Q. 44. বিদ্যুত প্ৰৱাহৰ এছ. আই. একক কি? 

Ans. বিদ্যুত প্ৰৱাহৰ এছ. আই. একক হ’ল এম্পিয়াৰ (A)। কোনো পৰিবাহীৰ যি কোন লম্বচ্ছেদৰ মাজেদি এক ছেকেণ্ডত এক কুলম্ব বিদ্যুত প্রবাহিত হলে সেই বিদ্যুত প্রবাহকে এক এম্পিয়াৰ বোলে।

Q. 45. বিদ্যুত প্রবাহৰ সংজ্ঞা লিখা। 

Ans. পৰিবাহী তাঁৰ এডালৰ যি কোনো লম্বচ্ছেদৰ মাজেদি একক সময়ত পৰিমাণ আধানৰ প্ৰবাহ ঘটে, তাৰ বিদ্যুত প্রবাহ বুলি কোৱা হয়। 

Q. 46. বিদ্যুতৰ প্ৰৱাহমাত্ৰা আৰু বিদ্যুতৰ পৰিমাণৰ মাজত থকা সম্পৰ্কটো কি? 

Ans. কোনো পৰিবাহীৰ মাজেৰে। ছেকেণ্ডত Q কুলম্ব বিদ্যুত প্রৱাহিত হ’লে বিদ্যুত প্রবাহমাত্রা l = Q/t বা, Q = I.t

অর্থাৎ কুলম্ব = এম্পিয়াৰ × চেকেণ্ড।

Q. 47. ওম্ ৰ সূত্ৰৰ সংজ্ঞা লিখা।

Ans. পৰিবাহীৰ দুটা মূৰৰ বিভব ভেদ যদি 1 ভল্ট আৰু পৰিবাহীৰ বিদ্যুত প্ৰবাহৰ মান যদি 1 এম্পিয়াৰ হয়, তেন্তে পৰিবাহীৰ ৰোধকে 1 ওম্ (Ω) বোলে।

Q. 48. কোনো পৰিবাহীৰ ৰোধৰ সলনিৰ সৈতে বিদ্যুত প্রবাহমাত্রা কেনেকৈ সলনি হয়? 

Ans. কোনো পৰিবাহীৰ ৰোধ বেছি হ’লৈ তাৰ মাজেৰে বিদ্যুত প্রবাহ বেছি বাধা পায়, ফলত বিদ্যুত প্রবাহ কম হয়। 

আকৌ, পৰিবাহীৰ ৰোধ কম হ’লে বিদ্যুত প্ৰৱাহ কম বাধা পায়, ফলত বিদ্যুত প্রবাহ বেছি হয়।

উদাহৰণ স্বৰূপত কোৱা যায়, ৰূপতকৈ লোৰ ৰোধ বেছি। সমান লম্বচ্ছেদ আৰু সমান দৈৰ্ঘ্যৰ ৰূপ আৰু লোৰ তাঁৰডালৰ দুটা মূৰৰ বিভবভেদ এক হলেও দেখা যাব লোতকৈ ৰূপৰ তাঁৰডালত প্ৰবাহ বেছি হৈছে।

Q. 49. দুটা পৰিবাহীৰ মাজত প্ৰথম পৰিবাহীৰ ৰোধ দ্বিতীয়টোৰ তিনিগুণ। পৰিবাহী দুটাৰ দুই মূৰৰ বিভবভেদ যদি একেই হয়, তেন্তে দুটা পৰিবাহীৰ মাজেৰে প্ৰবাহৰ অনুপাত কিমান? 

Ans. ধৰা হ’ল, দ্বিতীয় পৰিবাহীৰ ৰোধ = r ওম্

∴ প্রথম পৰিবাহীৰ ৰোধ = 3r ওম্

বিভবভেদ উভয়ক্ষেত্রেই = V ভল্ট [ ∵ বিভবভেদ একেই ]

এতিয়া, প্রথম পৰিবাহীত প্রবাহমাত্রা I₁ এম্পিয়াৰ 

আৰু দ্বিতীয় পৰিবাহীত প্রবাহমাত্রা l₂ এম্পিয়াৰ হলে,

ওম্ ৰ সূত্ৰ মতে আমি জানো, 

V = l × R (বিভবভেদ প্রবাহমাত্রা × ৰোধ)

প্রথম ক্ষেত্ৰত, V = I₁ × 3r……..(i)

আৰু দ্বিতীয় ক্ষেত্ৰত, V = l₂ × r……..(ii)

এতিয়া, (i) আৰু (ii) ৰ পৰা পাওঁ,

I₁ × 3r = l₂ × r

Q.50. ৰোধকৰ শ্ৰেণীবদ্ধ সংযোগ কাক বোলে? শ্রেণীবদ্ধ সংযোগত সমতূল্য ৰোধ কেনেদৰে পোৱা যায়? 

Ans. বিভিন্ন ৰোধকক যদি এনেভাৱে সংযোজন কৰা হয়। সিহঁতৰ প্ৰত্যেকৰে মাজেৰে একে বিদ্যুত-প্রবাহ চালিত হয়, তেতিয়া হলে বোধকবোৰক শ্রেণীবদ্ধ সজ্জাত সজ্জিত থকা বুলি কোৱা হয়। 

ৰোধকৰ শ্ৰেণীবদ্ধ সংযোগত যুক্ত যিকোনো সংখ্যকে পৰিবাহীৰ সমতুল্য ৰোধ প্ৰতিটো পৰিবাহীৰ ৰোধকৰ যৌগফলৰ সমান। 

R₁, R₂, R₃……..ৰোধকৰ শ্রেণীবদ্ধ সংযোগ হ’লে সমতুল্য ৰোধক R = R₁ + R₂ + R₃…….. হ’ব।

Q.51. ৰোধকৰ সমান্তৰাল সংযোগ কাক বোলে? ইয়াত সমতুল্য ৰোধকটো কি হ’ব? 

Ans. বিভিন্ন ৰোধকক যদি এনেভাবে সংযোজন কৰা হয় যাতে প্রত্যেকটো ৰোধকৰ দুটা মূৰত সমপৰিমাণ বিভরভেদ থাকে, তেন্তে সেই সংযোজক ৰোধকৰ সমান্তৰাল সংযোগ বুলি কোৱা হয়।

টা সমান্তৰাল সংযোগত R₁, R₂, R₃…ৰোধক আৰু ৰোধকৰ সমতুল্য ৰোধক 

সমষ্টি সমতূল্য ৰোধকৰ অন্যোন্যকৰ সমান।

Q. 52. ৰাধকবোৰৰ শ্রেণীবদ্ধ সংযোগ কেতিয়া কৰা হয়?

Ans. তিয়া প্রত্যেকটো ৰোধকৰ মাজেদি সম-পৰিমাণ বিদ্যুত প্ৰেৰণ কৰাৰ প্ৰয়োজন হয়, তেতিয়া আমি বোধৰবোৰক শ্রেণীবদ্ধভাৱে সংযোগ কৰোঁ।

অতিৰিক্ত গাণিতিক সমস্যাৰ সমাধান

Q.1. দুটা আধান (+) 6×10⁻⁹ কুলম্ব আৰু (+) 12 × 10⁻⁹ কুলম্ব বায়ুত পৰস্পৰৰ পৰা 20 ছে.মি. আঁতৰত অৱস্থিত। সিহঁতৰ ওপৰত ক্রিয়া কৰা বৈদ্যুতিক বলৰ পৰিমাণ নির্ণয় কৰা।

∴ ক্রিয়া কৰা বলৰ পৰিমাণ 162 × 10⁻⁷ নিউটন।

Q.2. এটা পৰিবাহীৰ দুয়োমূৰৰ বিভবভেদ 50 ভোল্ট। পৰিবাহীৰ ৰোধ 10 ওম হ’লে পৰিবাহিটোৰ মাজেদি প্রৱাহমাত্রা কিমান হ’ব?

Q.3. কোনো পৰিবাহী এটাৰ মাজেৰে 5 মিনিট 1000 কুলম্ব আধান প্রবাহিত হয়। পৰিবাহীটোৰ মাজতে হোৱা বিদ্যুত প্রবাহৰ পৰিমাণ নির্ণয় কৰা। 

Ans. সময় (t) 5 মিনিট = (5 × 60) = 300 থেকেণ্ড

Q = 1000 কুলম্ব

পৰিবাহীৰ মাজেদি বিদ্যুত প্ৰবাহৰ পৰিমাণ (l) = Q/t

Q.4. পৰিবাহী এটাৰ মাজেদি 5 এম্পিয়াৰ বিদ্যুত প্রবাহ 10 মিনিট লৈ চালনা কৰিলে পৰিবাহীৰ মাজেদি প্রৱাহিত আধানৰ পৰিমাণ নির্ণয় কৰা।

Ans. বিদ্যুত প্রবাহমাত্রা (l) = 5 এম্পিয়াৰ

সময় (t) = 10 মনিট

= 10 × 60 = 600 ছেকেন্ড

আধানৰ পৰিমাণ Q = ?

∴ নির্ণেয় আধানৰ পৰিমাণ = 3000 কুলম্ব।

Q.5. 5 ওম্ ৰোধৰ এটা পৰিবাহীৰ মাজেৰে 1.5 এম্পিয়াৰ বিদ্যুত প্রবাহ হ’লে, পৰিবাহীৰ বিভব-ভেদ কিমান?

Ans. ৰোধ (R) = 5 ওম্ (Ω)।

বিদ্যুত প্রবাহমাত্রা (I) = 1.5 এম্পিয়াৰ (A)।

বিভৱভেদ (V) = ?

ওম্ ৰ সূত্ৰৰ পৰা আমি জানোঁ, V = I × R 

∴ বিভৱভেদ (V) = 1.5 এম্পিয়াৰ × 5 ওম্ = 7.5 ভ’ল্ট।

Q.6. দুটা পৰিবাহীৰ মাজত একেই প্রবাহ হৈ আছে। এখনত আনটোৰ 5 গুণ ৷ দুটা পৰিবাহীৰ বিভব ভেদৰ অনুপাত কিমান?

Ans. ধৰা হ’ল, দুটা পৰিবাহীৰ প্ৰত্যেকটোত বিদ্যুত প্রবাহ মাত্রা = I আৰু বিভৱভেদ ক্রমে V₁ আৰু V₂I

প্রশ্নমতে, এটাৰ ৰোধ = R হ’লে, আনটোৰ ৰোধ = 5 R

এতিয়া ওমৰ সূত্ৰৰ পৰা আমি পাওঁ, 

V = I × R অর্থাৎ বিভবভেদ = প্রবাহমাত্রা × ৰোধ

∴ V₁ = I x R…………(i) 

আৰু V₂ = l × 5R………..(ii)

এতিয়া (i) ÷ (ii) কৰি—

∴ দুটা পৰিবাহীৰ বিভৱভেদৰ অনুপাত 1:5 l

Q.7. একেই ধাতুৰে বনোৱা তাঁৰ দুডাল লোৱা হ’ল। দ্বিতীয় তাঁৰ ডালটোৰ দৈর্ঘ্য আৰু লম্বচ্ছেদ প্রথম তাঁৰডালটোৰ দৈৰ্ঘ্য আৰু লম্বচ্ছেদৰ ক্ৰমে তিনিগুণ আৰু আধা। দ্বিতীয় আৰু প্ৰথম তাঁৰডালৰ ৰোধৰ অনুপাত কিমান হ’ব?

Ans. ধৰা হ’ল, প্রথম তাঁৰ ডালৰ দৈর্ঘ্য = L, লম্বচ্ছেদ = A,

ৰোধত্ব = ρ, ৰোধ = R₁

∴ দ্বিতীয় তাঁৰডালটোৰ ৰোধ প্ৰথম তাঁৰডালতকৈ 6 গুণ হ’ব।

∴ R₂ : R₁ = 6 : 1

Q.৪. এডাল তাৰেৰে বিদ্যুত কোষৰ মেৰ দুটা যোগ কৰা হ’ল। তাৰপিছত তাৰডালটোক দু’ভাঁজ কৰি কোষৰ দুয়োমূৰৰ লগত যোগ কৰিলে তাঁৰ ডালৰ মাজেদি বিদ্যুত প্রবাহ বাঢ়িব নে কমিব?

Ans. উষ্ণতা আৰু উপাদান স্থিৰ থাকিলে পৰিবাহীৰ ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক আৰু লম্বচ্ছেদৰ ব্যস্তানুপাতিক হয়। অর্থাৎ তাঁৰ ডালটোক দুভাগ কৰাৰ ফলত ইয়াৰ দৈর্ঘ্য কমি আধা হয় আৰু লম্বচ্ছেদ দ্বিগুণ হৈ যায়।

ইয়াৰ ফলত, ধৰা হল প্রথম অবস্থাত তাঁৰডালৰ দৈৰ্ঘ্য = L আৰু লম্বচ্ছেদ = A, 

ভাঁজ কৰাৰ ফলত দৈর্ঘ্য = L/2 আৰু লম্বচ্ছেদ = 2A হ’ল। প্রথম ক্ষেত্ৰৰ ৰোধ = R₁ আৰু দ্বিতীয় ক্ষেত্ৰত ভাঁজডালৰ ৰোধ = R₂ হ’লে—

অৰ্থাৎ ভাঁজ কৰা তাঁৰডালৰ ৰোধ মূল তাঁৰডালৰ ৰোধৰ ¼ গুণ হ’ব। কোষৰ বিভব-পার্থক্য একেই থকাৰ ফলত ভাঁজ কৰা তাঁৰ ডালৰ মাজেদি বিদ্যুত-প্রবাহ, প্রথম তাঁৰডালৰ বিদ্যুত প্ৰবাহৰ 4 গুণ হব

Q.9. নাইক্ৰ’ম তাৰডালৰ ৰোধত্ব 110 × 10⁻⁷ ওম. মিটাৰ। 1 বৰ্গ মিমি লম্বচ্ছেদ 5 মিটাৰ দীঘল নাইক্রোম তাৰডালৰ ৰোধ কিমান? 

Ans. তাঁৰডালৰ ৰোধত্ব = 110 x 10⁻⁷ ওম. মি. দৈর্ঘ্য 5 মি.

লম্বচ্ছেদ 1 মি.মি. = 1 x 10⁻⁶ মি.², ৰোধ R = ?

∴ নির্ণেয় ৰোধ 55 ওম।

Q.10. একেই উপাদানেৰে তৈয়াৰী দুডাল তাঁৰৰ প্ৰথমটোৰ দৈৰ্ঘ্য দ্বিতীয় তকৈ 4 গুণ। প্রথম তাঁৰডালৰ ৰোধ দ্বিতীয়টোৰ দুগুণ হ’লে, তাঁৰ দুডালৰ লম্বচ্ছেদৰ অনুপাত কিমান?

Ans. ধৰা হ’ল, দ্বিতীয় তাঁৰডালৰ দৈৰ্ঘ্য = L, ৰোধ = R, 

লম্বপ্রস্থচ্ছেদ = A₂ আৰু ৰোধত্ব = ρ

তেতিয়াহ’লে, প্রথম তাঁৰডালৰ দৈৰ্ঘ্য = 4L, ৰোধ = 2R 

প্রস্থচ্ছেদ = A₁ আৰু ৰোধত্ব = ρ

Q.11. একেই উপাদানেৰে তৈয়াৰী সমান দৈৰ্ঘ্যবিশিষ্ট দুডাল তাঁৰ আছে, সিহঁতৰ মাজত এটাৰ ব্যাসার্ধ আনটোৰ ব্যাসার্ধৰ দুগুণ। তাঁৰ দুডালৰ ৰোধৰ অনুপাত কিমান?

Ans. ধৰা হ’ল, প্রথম ক্ষেত্ৰত, তাঁৰ ডালৰ দৈর্ঘ্য = L, 

ৰোধ = R₁, ব্যাসার্ধ 2r

∴ লম্বচ্ছেদ = π (2r)² = π 4r², ৰোধত্ব = ρ 

দ্বিতীয় ক্ষেত্ৰত তাঁৰডালৰ দৈৰ্ঘ্য = L, ৰোধ = R₂, ব্যাসার্ধ = r

∴ লম্বচ্ছেদ = πr² আৰু ৰোধত্ব = ρ

Q.12. তিনিটা ৰোধৰ মান যথাক্রমে 4,6 আৰু 8 ওম। সিহঁতে 

(a) শ্রেণীবদ্ধ সংযোগত।আৰু 

(b) সমান্তৰাল ভাবে সংযোগত যুক্ত থাকিলে প্রতিক্ষেত্ৰত সমতুল্য ৰোধ নিৰ্ণয় কৰা।

Ans. (a) শ্রেণীবদ্ধ সংযোগৰ ক্ষেত্ৰত,

Q.13. 3, 4 আৰু 8 ওম মানৰ তিনিটা ৰোধ সমান্তৰাল সংযোগত যুক্ত। সংযোগটোতে 24 ভোল্ট বিভৱপ্ৰভেদ প্ৰয়োগ কৰা হ’ল। 

(a) প্ৰতিটো ৰোধৰ মাজেদি বিদ্যুত প্রবাহ।আৰু 

(b) বর্তনীত হোৱা মুঠ বিদ্যুত প্রবাহ কিমান নির্ণয় কৰা। 

Ans. ইয়াত, R₁ = 3 ওম, R₂ = 4 ওম, R₃ = 8 ওম।

(V) বিভব প্রভেদ = 24 ভোল্ট

Q.14. দুটা অটোমোবাইল লেম্পৰ ৰোধ 22 আৰু 42। ইহঁতক শ্রেণীবদ্ধ ভাবে 2 ভ’ণ্টৰ বেটাৰীৰ লগত যুক্ত কৰা হ’ল। বেটাৰীৰ পৰা বাল্ব দুটাৰ মাজেদি বিদ্যুত প্ৰবাহৰ পৰিমাণ নির্ণয় কৰা। প্রত্যেকটোৰ দুমূৰৰ মাজত বিভৱ-পাৰ্থক্য নিৰ্ণয় কৰা।

Ans. ইয়াত R₁ = 2Ω, R₂ = 4Ω, V = 12V

শ্রেণীবদ্ধ সংযোগৰ ফলত সমতুল্য ৰোধ R = R₁ + R₂

= 2r + 4r = 6r⁻

শ্ৰেণীবদ্ধ সংযোগৰ বাবে দুটা বান্ধৰ প্ৰত্যেকটোৰ মাজেদি সমপৰিমাণ বিদ্যুত প্রবাহিত হ’ব। 

∴ 2r ৰোধ যুক্ত প্রথম বাল্বৰ দু’মূৰৰ বিভৱ ভেদ

V₁ = l × R₁ = (2 × 2) V = 4V

4r ৰোধ যুক্ত দ্বিতীয় বাল্বৰ দু’মূৰৰ বিভৱ ভেদ

V₂ = I ×  R₂ = 2A × 4r = 8V

Q.15. চিত্ৰখন চাই A আৰু B বিন্দুৰ মাজত সমতুল্য ৰোধ নির্ণয় কৰা। 

[ য’ত R₁ = 2 ওম, R₂ = 3 ওম, R₃ = 4 ওম, R₄ = 9 ওম ] 

Ans. ইয়াত বৰ্তনীৰ চিত্ৰটোৰ পৰা দেখা গৈছে R₁, R₂, R₃ ৰোধ তিনিটা শ্রেণীবদ্ধভাৱে সংযোগ কৰা হৈছে।

■ ওপৰঞ্চি বস্তুধর্মী প্রশ্নোত্তৰ:

শুদ্ধ উত্তৰ বাছি উলিওৱা:

(i) ৰোধ, ধাৰণ ক্ষমতা, প্রবাহ আৰু আধানৰ একক ক্ৰমে।

(a) এম্পিয়াৰ, ফেৰাডে, ওম, কুলম্ব। 

(b) ওম, ফেৰাড, কুলম্ব, এম্পিয়াৰ।

(c) ওম, ফেৰাড, এম্পিয়াৰ, কুলম্ব।

(d) ওম, কুলম্ব, এম্পিয়াৰ, ফেৰাড।

Ans. (b) ওম, ফেৰাডে, কুলম্ব, এম্পিয়াৰ। 

(ii) দুটা বাল্ব শ্রেণীবদ্ধভাবৱে লগলগাই জ্বলালে বাল্ব দুটা বেলেগ বেলেগ জ্বলোৱাৰ তুলনাত–

(a) একেই বিধৰ পোহৰ হ’ব।

(b) কমকৈ পোহৰ হ’ব।

(c) বেছিকৈ পোহৰ হ’ব।

(d) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়।

Ans. (b) কমকৈ পোহৰ হ’ব।

(iii) চাৰিওটা বিভিন্ন মানৰ ৰোধকক সমান্তৰালভাৱে সজালে সজ্জাৰ ৰোধ হ’ব

(a) ডাঙৰ ৰোধতকৈ কম।

(b) সৰুটোতকৈ বেছি।

(c) সৰু টোতকৈ কম।

(d) ৰোধকবোৰৰ গিফলৰ সমান।

Ans. (c) সৰুটোতকৈ কম।

(iv) এছ. আই প্রথাত বিদ্যুত ক্ষেত্ৰৰ প্ৰাৱল্যৰ একক হ’ল—

(a) নিউটন/এম্পিয়াৰ।

(b) নিউটন/মিটাৰ।

(c) নিউটন/কুলম্ব।

(d) নিউটন।

Ans. (c) নিউটন/কুলম্ব।

(v) দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰাত সংযুক্ত ৰোধক 10 ওম। তাৰে এটা বোধকৰ মান 20 ওম হ’লে আনটো ৰোধকৰ মান—

(a) 5 ওম।

(b) 10 ওম।

(c) 15 ওম।

(d) 20 ওম।

Ans. (d) 20 ওম।

(vi) তিয়া এটা পৰিবাহীৰ কোনো ছেদৰ মাজেৰে প্ৰতি ছেকেণ্ডত 2 কুলম্ব আধান প্রবাহিত হয়, তেতিয়া প্রৱাহৰ মান হ’ব–

(a) ৱাট।

(b) ভল্ট।

(c) 2 এম্পিয়াৰ।

(d) 2 ওম।

Ans. (c) 2 এম্পিয়াৰ।

(vii) বৈদ্যুতিক আধানৰ একক হ’ল—

(a) ফেৰাড।

(b) কুলম্ব।

(c) ওম।

(d) এম্পিয়াৰ।

Ans. (b) কুলম্ব ৷

(viii) বৈদ্যুতিক বর্তনী এটাত কোনো দুটা বিন্দুৰ মাজত একক ধনাত্মক আধানৰ স্থানান্তৰ কৰা কাৰ্য্যৰ পৰিমাণ হৈছে–

(a) বিদ্যুত প্রবাহৰ পৰিমাণ।

(b) বিভৱভেদৰ পৰিমাণ।

(c) ৰোধকৰ পৰিমাণ।

(d) সমতাৰ পৰিমাণ।

Ans. (b) বিভৱভেদৰ পৰিমাণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top