Assam Jatiya Bidyalay Class 7 Social Science Chapter 12 মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 7 Social Science Chapter 12 মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন
Chapter -12
ASSAM JATIYA VIDYALAYA
অসম জাতীয় বিদ্যালয়
প্ৰশ্ন ১। মানৱ সম্পদ মানে কি?
উত্তৰঃ মানৱ সম্পদ হ’ল – যিসকল লোকে শাৰীৰিক বা মানসিকভাৱে দেশৰ উৎপাদন কার্যত বৰঙণি যোগাই আছে আৰু যিসকলৰ বৰঙণি যোগোৱাৰ সম্ভাৱনা আছে, এই সকলোকে দেশখনৰ মানৱ সম্পদ বুলি কোৱা হয়।
প্রশ্ন ২। দ্বিতীয় মহাযুদ্ধৰ সময়ত কোনখন দেশত দুটাকৈ এটম বোমা নিক্ষেপ কৰা হৈছিল?
উত্তৰঃ জাপান।
প্রশ্ন ৩। মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য হৈছে সকলো শ্ৰেণীৰ মানুহৰ সৰ্বতো প্ৰকাৰে বিকাশ সাধন কৰা।
প্রশ্ন ৪। বৃত্তিমূলক শিক্ষা কাক বোলে?
উত্তৰঃ যি শিক্ষাই ব্যক্তি এগৰাকীক উপাৰ্জন কৰাৰ বাবে বা কোনো এটা বৃত্তি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলে তেনে শিক্ষাক বৃত্তিমূলক শিক্ষা বোলে।
প্রশ্ন ৫। নিবনুৱা বুলিলে কি বুজা?
উত্তৰঃ কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা সত্ত্বেও দেশত প্ৰচলিত হাৰত মজুৰী পোৱা বা উপাৰ্জন কৰিবলৈ অক্ষম ব্যক্তিক নিবনুৱা বোলা হয়।
প্রশ্ন ৬। তলত দিয়া উক্তিসমূহ শুদ্ধনে অশুদ্ধ লিখা।
ক) দেশৰ সকলো লোকক মানৱ সম্পদ বোলা হয়।
খ) শাৰিৰীকভাৱে বিকলাংগ লোকসকল মানৱ সম্পদ হ’ব পাৰে।
গ) প্রাকৃতিক সম্পদ অবিহনে আর্থিক উন্নয়ন সম্ভৱ নহয়।
ঘ) দেশত জনসংখ্যাৰ পৰিমাণ অধিক হোৱাটো মানৱ সম্পদত চহকী হোৱা বুজায়।
ঙ) মানব সম্পদ উন্নয়ন আৰু আর্থিক উন্নয়ন পাৰস্পৰিক নিৰ্ভৰশীল।
উত্তৰঃ ক) অশুদ্ধ।
খ) শুদ্ধ।
গ) অশুদ্ধ।
ঘ) অশুদ্ধ।
ঙ) শুদ্ধ।
প্রশ্ন ৭। মানৱ সম্পদৰ গুণগত মানৰ ওপৰত কোনো এখন দেশৰ প্ৰগতি নিৰ্ভৰ কৰে। ব্যাখ্যা কৰা।
উত্তৰঃ দেশৰ প্ৰগতি প্ৰকৃততে নিৰ্ভৰ কৰে মানৱ সম্পদৰ গুণগত মানৰ ওপৰত। কোনো এখন দেশৰ মানৱ সম্পদ থাকিলেই নহ’ব, সেই সম্পদ হ’ব লাগিব দক্ষ শিক্ষিত উপযুক্ত প্ৰশিক্ষণপ্রাপ্ত আৰু সু স্বাস্থ্যবান। তদুপৰি দেশৰ মানৱ সম্পদসমূহ উপযুক্তভাৱে প্ৰয়োগ কৰিব লাগিব। উদাহৰণ হিচাপে আফ্রিকা মহাদেশৰ কথা উল্লেখ কৰিব পাৰি কিয়নো এটা সময়ত আফ্রিকা মহাদেশৰ বেছিভাগ মানুহকে দাস হিচাপে ব্যৱহাৰ কৰিছিল। কাৰণ আফ্রিকা মহাদেশৰ অনুন্নত মানৱ সম্পদ। গতিকে দেখা গ’ল দেশৰ প্ৰগতি মানৱ সম্পদৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰে।
প্রশ্ন ৮। “কেৱল প্ৰাকৃতিক সম্পদত চহকী হ’লেই দেশ এখনৰ আৰ্থিক উন্নয়ন সম্ভৱ নহয়।
উত্তৰঃ প্ৰাকৃতিক সম্পদত চহকী হ’লেও দেশ এখনৰ আৰ্থিক উন্নয়ন সম্ভৱ নহয়। কাৰণ দেশখনত থকা প্ৰাকৃতিক সম্পদসমূহ উপযুক্ত ভাৱে ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে দেশখনৰ আর্থিক উন্নয়ন সম্ভৱ।
উদাহৰণ হিচাপে আফ্রিকা মহাদেশৰ কথাকে ল’ব পাৰি। কাৰণ আফ্রিকা মহাদেশত হীৰাৰ খনি আটাইতকৈ বেছি কিন্তু আফ্রিকা মহাদেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ আর্থিকভাৱে পিছপৰা।
আনহাতে প্রাকৃতিক সম্পদত আমাৰ দেশৰ ৰাজ্য বিহাৰ চহকীহোৱা সত্ত্বেও আর্থিক ক্ষেত্ৰত পিছপৰা। কাৰণ তাত দক্ষ মানৱসম্পদ নথকা বাবে প্ৰাকৃতিক সম্পদসমূহ উপযুক্তভাৱে ব্যৱহাৰ কৰিব পৰা হোৱা নাই।
প্রশ্ন ৯। মানব সম্পদ উন্নয়নৰ যিকোনো পাঁচোটা কাৰক লিখা।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ যিকোনো পাঁচোটা কাৰক হৈছে—শিক্ষা, জনস্বাস্থ্য, পুষ্টিকৰ খাদ্য, বৃত্তিমূলক শিক্ষা, পৰিচালন শিক্ষা।
শিক্ষা : মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে শিক্ষা। শিক্ষাৰ দ্বাৰাহে মানৱ সম্পদ উন্নয়নৰ মান বৃদ্ধি কৰিব পাৰি।
জনস্বাস্থ্য : মানৱ সম্পদ বিকাশৰ আন এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে স্বাস্থ্য। এগৰাকী সুস্বাস্থ্যবান ব্যক্তিহে উন্নত মানৱ সম্পদৰূপে পৰিগণিত হ’ব পাৰে।
পুষ্টিকৰ খাদ্য : দেশৰ প্ৰতিগৰাকী ব্যক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ পুষ্টিকৰ খাদ্যৰ অতি আৱশ্যক।
বৃত্তিমূলক শিক্ষা : মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কাৰণ বৃত্তিমূলক শিক্ষাৰ দ্বাৰাহে এজন ব্যক্তিক উপার্জন কৰাৰ বাবে আত্মনিৰ্ভৰশীল কৰিব পাৰে।
পৰিচালন শিক্ষা : বৃত্তিমূলক শিক্ষাৰ দৰে পৰিচালন শিক্ষায়ো মানৱ সম্পদ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ পৰিচালনা শিক্ষা প্ৰদান কৰি কোনো এজন ব্যক্তিৰ দক্ষতা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰি।
চমুটোকা লিখা—
১। মানৱ সম্পদ উন্নয়নসূচক।
উত্তৰঃ যিবোৰ কাৰকৰ দ্বাৰা মানৱ সম্পদ উন্নয়নৰ জোখ ল’ব পাৰি, সেইবোৰ কাৰকক মানৱ সম্পদ উন্নয়নসূচক বোলা হয়। কেইটামান সূচক হ’ল
প্রত্যাশিত জীৱনকাল : কোনো এগৰাকী ব্যক্তিৰ জীয়াই থকাৰ সম্ভাব্য বয়সক প্রত্যাশিত জীৱনকাল (Life expectancy) বোলে। ১৯৫১ ২০১১ কালছোৱাত ভাৰতীয় মানুহৰ গঢ় আয়ুস বা প্রত্যাশিত জীৱনকাল ৩২ বছৰৰ পৰা ৬২ বছৰলৈ বৃদ্ধি পাইছে।
শিক্ষাৰ আহৰণ : শিক্ষাৰ আহৰণ মানৱ সম্পদ উন্নয়নৰ গুৰুত্বপূৰ্ণ সূচক।
দেশত শিক্ষিত লোকৰ সংখ্যা বৃদ্ধিয়ে মানৱ সম্পদ উন্নয়ন সূচায়।
জীৱন ধাৰণৰ মান : মানৱ সম্পদ উন্নয়নৰ আন এক সূচক হৈছে জীৱন ধাৰণৰ মান (Standard of living)। মানুহৰ জীৱন ধাৰণৰ মান আগতকৈ উন্নত হ’লে মানৱ সম্পদ উন্নয়ন হোৱা সূচায়।
পূর্ণ কর্মসংস্থান : পূর্ণ কর্মসংস্থান মানে হৈছে দেশৰ সকলো ব্যক্তি যিকোনো উৎপাদন কার্যত জড়িত হৈ দেশত প্ৰচলিত হাৰত মজুৰি পোৱা বা উপাৰ্জন কৰা। কাম কৰাৰ ইচ্ছা আৰু অৰ্হতা থকা সত্বেও দেশত প্ৰচলিত হাৰত মজুৰিৰ বিনিময়ত কাম কৰিবলৈ সুযোগ লাভ নকৰা বা উপাৰ্জন কৰিবলৈ সক্ষম নোহোৱা ব্যক্তিক নিবনুৱা বোলে। নিবনুৱাক কর্মসংস্থান দিয়া সমস্যাক নিবনুৱা সমস্যা বোলা হয়। নিবনুৱা সমস্যাই দৰিদ্ৰতাৰ সৃষ্টি কৰে। দৰিদ্ৰতা হৈছে মানৱ সম্পদ উন্নয়নৰ প্রধান প্রতিবন্ধক। সেয়ে মানৱ সম্পদৰ উন্নয়ন ঘটাবলৈ হ’লে সকলোৰে বাবে কৰ্মসংস্থান নিশ্চিত কৰাটো অতি আৱশ্যক।