ASOS Class 12 Economics Chapter 39 ভাৰতৰ জনসংখ্যাঃ গাঁথনি, সমস্যা আৰু সমাধানৰ ব্যৱস্থা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 39 ভাৰতৰ জনসংখ্যাঃ গাঁথনি, সমস্যা আৰু সমাধানৰ ব্যৱস্থা and select needs one.
ASOS Class 12 Economics Chapter 39 ভাৰতৰ জনসংখ্যাঃ গাঁথনি, সমস্যা আৰু সমাধানৰ ব্যৱস্থা
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 39 ভাৰতৰ জনসংখ্যাঃ গাঁথনি, সমস্যা আৰু সমাধানৰ ব্যৱস্থা Solutions for All Subject, You can practice these here.
ভাৰতৰ জনসংখ্যাঃ গাঁথনি, সমস্যা আৰু সমাধানৰ ব্যৱস্থা
Chapter : 39
39.1পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. তলৰ দিয়াবোৰ সঁচানে মিছা লিখা।
(i) লোকপিয়ল কেৱল জনসংখ্যাৰ আকাৰ সম্পৰ্কেহে তথ্য দিয়ে।
উত্তৰঃ মিছা।
(ii) 1901 চনৰ পৰা ভাৰতৰ জনসংখ্যা দ্রুত হাৰত বাঢ়িছে।
উত্তৰঃ মিছা।
(iii) ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ হোৱাৰ কাৰণ হৈছে দ্ৰুত হাৰত মৃত্যুৰ হাৰ হ্ৰাস আৰু লাহে লাহে হ্ৰাস পোৱা জন্মৰ হাৰ।
উত্তৰঃ সঁচা।
2. বন্ধনীত দিয়া উপযুক্ত শব্দ বিচাৰি খালী ঠাই পূৰণ কৰা।
(i) 1901 চনত ভাৰতৰ জনসংখ্যা _____ কোটি আছিল। (84, 63, 87,43)
উত্তৰঃ মিছা।
(ii) 1981-91 ৰ সময়ছোৱাত ভাৰতৰ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ প্ৰতি হাজাৰত ক্ৰমে ______ আৰু ______ আছিল। (25.10, 32.5, 11.4)
উত্তৰঃ মিছা।
(iii) 1981-91 ৰ কালছোৱাত ভাৰতৰ জনসংখ্যাৰ বাৰ্ষিকবৃদ্ধিৰ হাৰ আছিল ______ শতাংশ। (2.22, 2.11)
উত্তৰঃ মিছা।
(iv) ভাৰতত প্ৰতি _______ বছৰৰ মূৰে মূৰে লোকপিয়ল হয়। (5,10)
উত্তৰঃ মিছা।
(v) ভাৰতত পৰৱৰ্তী লোকপিলয় ______ চনত হ’ব। (2011, 2005)
উত্তৰঃ সঁচা।
39.2 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. বন্ধনীত দিয়া উপযুক্ত শব্দ বিচাৰি খালী ঠাই পূৰণ কৰা।
(i) 1991 চনত ভাৰতৰ লিংগ-অনুপাত হৈছে ______। (949, 929)
উত্তৰঃ মিছা।
(ii) ভাৰতত ______ ৰ তুলনাত ______ বেছি। (পুৰুষ, মহিলা)
উত্তৰঃ মিছা।
(iii) ভাৰতত নিৰ্ভৰশীলতাৰ অনুপাত ______। (বেছি কম)
উত্তৰঃ সঁচা।
(iv) ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ______ শতাংশ লোক গাঁৱতবাস কৰে। (50, 75, 90)
উত্তৰঃ সঁচা।
(v) জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে জনবসতিৰ ঘনত্ব সংখ্যা ______। (বেছি, কম)
উত্তৰঃ সঁচা।
(vi) 1981 চনৰ পৰা ভাৰতৰ নিৰক্ষৰ লোকৰ সংখ্যা ______। (কমিছে, বাঢ়িছে)
উত্তৰঃ সঁচা।
(vii) ভাৰতত ______ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ বয়সৰ লোকৰ বাবে সাক্ষৰতাৰ হাৰ গণনা কৰা হয়। (5, 7, 15)
উত্তৰঃ সঁচা।
(viii) গাঁৱৰ জনসাধাৰণৰ জীৱনৰ প্ৰত্যাশিত আয়ুস নগৰৰ জনসাধাৰণতকৈ ______। (বেছি, কম)
উত্তৰঃ সঁচা।
(ix) মহিলাৰ জীৱনৰ প্ৰত্যাশিত আয়ুস পুৰুষতকৈ ______। (বেছি, কম)
উত্তৰঃ সঁচা।
2. তলত দিয়া বাক্যাবোৰ সঁচানে মিছা লিখাঃ
(i) ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত কেৰালাৰ লিংগ অনুপাত আৰু জন্ম হাৰ সর্বোচ্চ।
উত্তৰঃ মিছা।
(ii) ভাৰতত পঞ্চাৱৰ লিংগ অনুপাত সৰ্বোচ্চ।
উত্তৰঃ মিছা।
(iii) লিংগ-অনুপাত হৈছে প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা।
উত্তৰঃ মিছা।
(iv) ভাৰতৰ প্ৰায় একৃ-তৃতীয়াংশ লোক 15 বছৰৰ তলৰ বয়স গ্রুপৰ হোৱা দেখা গৈছে।
উত্তৰঃ মিছা।
(v) জনবসতিৰ ঘনত্বৰ অৰ্থ হৈছে জনসংখ্যা আৰু দেশৰ মুঠ ভূমি এলেকাৰ অনুপাত।
উত্তৰঃ সঁচা।
(vi) 1981 চনৰ পৰা ভাৰতৰ জীৱনৰ প্ৰত্যাশিত আয়ুস বৃদ্ধি হোৱা নাই।
উত্তৰঃ সঁচা।
(vii) মধ্যপ্ৰদেশত জীৱনৰ প্ৰত্যাশিত আয়ুস সবাতোকৈ কম।
উত্তৰঃ সঁচা।
পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ
1. ভাৰতৰ জনসংখ্যাৰ বয়স-বিন্যাস আৰু লিংগ-বিন্যাস উল্লেখ কৰা। ইয়ে কিহৰ ইংগিত দিয়ে?
উত্তৰঃ লিংগ বিন্যাসঃ পুৰুষ আৰু মহিলা অনুসাৰে জনসংখ্যাৰ বিভাজনকে লিংগ বিন্যাস বোলে। ইয়াক সাধাৰণতে অনুপাত হিচাপত প্ৰকাশ কৰা হয় আৰু লিংগ অনুপাত বুলি কোৱা হয়। লিংগ-অনুপাত হৈছে প্ৰতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা। ইয়াৰ তলত দিয়া ধৰণেৰে গণনা কৰা হয় —
লিংগ অনুপাত = মুঠ মহিলাৰ সংখ্যা / মুঠ পুৰুষৰ সংখ্যা
তালিকা
বছৰ | লিংগ-অনুপাত | বছৰ | লিংগ-অনুপাত |
1901 | 972 | 1951 | 946 |
1911 | 964 | 1961 | 941 |
1921 | 955 | 1971 | 930 |
1931 | 950 | 1981 | 934 |
1941 | 955 | 1991 | 929 |
এই তালিকাত দেখিবলৈ পোৱা মতে, ভাৰতত মুঠ জনসংখ্যাত পুৰুষৰ অনুপাত অধিক আৰু ই অবিৰতভাৱে বৃদ্ধি পায়েই আছে। অন্য কথাত প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কমি গৈ আছে আৰু ই ক্ৰমশঃ কমি গৈ আছে। ই 1901 চনৰ 972 ৰ পৰা 1951 আৰু 1991 চনত ক্ৰমে 946 আৰু 929 হৈছে। বিশ্বৰ কোনো উন্নত দেশতে কোনো সময়তেই পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কম হোৱা নাই।
ওপৰৰ তালিকাত সামগ্ৰিকভাৱে দেশৰ তথ্য দিয়া হৈছে। ৰাজ্যসমূহৰ মাজত লিংগ অনুপাতৰ ক্ষেত্ৰত ব্যাপক ব্যৱধান আছে। উদাহৰণস্বৰূপে, কোৰালাত লিংগ-অনুপাত 1036 আনহাতে উত্তৰ প্ৰদেশত ই হৈছে মাথো 879। ভাৰতত লিংগ অনুপাত কম হোৱাৰ প্ৰধান কাৰণবোৰ হৈছে— লোকপিয়লত মহিলাৰ অৱগণনা, ভাৰতীয় সমাজত মহিলাৰ নিম্ন মর্যাদা, অপুষ্টি আৰু কম বয়সৰ বিবাহৰ দ্বাৰা সৃষ্ট উচ্চ মৃত্যু হাৰ, নিম্ন সাক্ষৰতাৰ স্তৰ ইত্যাদি।
বয়সৰ বিন্যাসঃ বিভিন্ন বয়সৰ গ্রুপ জনসংখ্যাৰ অনুপাতকেই বয়সৰ বিন্যাস বোলা হয়। জনসংখ্যাক তিনিটা বয়স-গ্রুপত ভাগ কৰা হয়।
(ক) 15 বছৰৰ তলৰ।
(খ) 15-59 বছৰৰ ভিতৰৰ।
(গ) 60 বছৰ আৰু ঊৰ্ধ্বৰ বয়সৰ।
15-16 বছৰ বয়সৰ গ্রুপটিক কোৱা হয় কৰ্মৰত বয়স। 15 বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ অংশ আছিল 40 শতাংশ আৰু 1992 চনত ই প্ৰায় 35.5 শতাংশ হৈছিল। 60 বছৰ আৰু তাৰ ঊৰ্ধ্বৰ বয়সৰ জনসংখ্যাৰ অনুপাত 6.5 শতাংশৰ পৰা 6.65 শতাংশলৈ পৰিৱৰ্তিত হৈছিল। এই দুয়োটা বয়সৰ গ্ৰুপৰ জনসংখ্যাৰ অংশ হৈছে 42 শতাংশ। এই শ্ৰেণীটো হৈছে অনুৎপাদনশীল ভোক্তা। গতিকে, কৰ্মৰত গ্ৰুপৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰশীল গ্ৰুপৰ হেঁচা বহুত বেছি। ই এনে ধৰণৰ ইংগিতো দিয়ে যে কৰ্মৰত গ্ৰুপৰ জনসংখ্যা বৃদ্ধি হ’ব পাৰে। ই এইটোও বুজায় যে কাম বিচৰা লোকৰ সংখ্যা অধিক হ’ব।
2. ভাৰতৰ উচ্চ হাৰত বৃদ্ধি হোৱা জনসংখ্যাই সৃষ্টি কৰা সমস্যাবোৰ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ জনসংখ্যাৰ আকাৰ বৃহৎ আৰু বৃদ্ধিৰ হাৰো দ্রুত। ফলস্বৰূপে, প্ৰতি বছৰে জনসংখ্যাত অতিৰিক্তভাৱে লোক সংযোজিত হয়। এই জনসংখ্যা বৃদ্ধি অনাকাংক্ষিত। ই দ্রুত অর্থনৈতিক উন্নয়নক বাধাপ্রাপ্ত কৰে আৰু যি উন্নয়ন হয়, তাক আয় আৰু স্তৰত প্ৰতিফলিত হ’বলৈ নিদিয়ে। ভাৰতৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ জাতীয় আয়ৰ বৃদ্ধিৰ হাৰতকৈ কম।
দ্রুত হাৰৰ জনসংখ্যা বৃদ্ধিয়ে সঞ্চয়ৰ হাৰকো প্ৰভাৱিত কৰে। বর্ধিত জনসংখ্যাৰ বাবে খাদ্য, বস্ত্র, আশ্রয়, শিক্ষা, স্বাস্থ্য সুবিধা আদি ভোগ কার্যত বৰ্ধিত হাৰত সম্পদৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা বাবে এনে হ’বলৈ পাইছে। ই নিবনুৱা আৰু দৰিদ্ৰতাৰ সমস্যাৰো বৃদ্ধি কৰে, যিয়ে পুনৰ বহুতো সামাজিক আৰু ৰাজনৈতিক উদ্বেগৰ সৃষ্টি কৰে। বিদ্যুৎ, পৰিবহণ, আদি আন্তঃগাঁথনিমূলক সুবিধাৰ নাটনিবোৰ আৰু অধিক জটিল হৈ পৰে। সবাৰোপৰি, মানুহৰ জীৱনৰ মান শোচনী হয়, যিবোৰ নিম্ন হাৰৰ সাক্ষৰতা, নিম্ন জীৱনৰ প্ৰত্যাশিত আয়ুস, খোৱাপীনীৰ অভাৱ, শোচনীয় আৱাসগৃহ, পুষ্টিহীনতা, শিশুৰ মৃত্যুৰ উচ্চ হাৰ আদিত প্রতিফলিত হয়। ভাৰতৰ জনসংখ্যাৰ এটা যোগাত্মক বৈশিষ্ট্য হৈছে এয়ে যে মৃত্যুৰ হাৰ দ্রুতভাৱে হ্রাস হৈছে। কিন্তু, সবাতোকৈ ধ্বংসকাৰী বৈশিষ্ট্য হৈছে লেহেমীয়া হাৰতহে জন্মহাৰ হ্ৰাস পোৱাটো। প্ৰকৃততে উচ্চ আৰু ধীৰ গতিত হ্ৰাস পোৱা জন্মৰ হাৰেই হৈছে জনসংখ্যা বিস্ফোৰণৰ মূল কাৰণ। গতিকে, জন্মৰ হাৰ দ্রুতভাৱে হ্রাস কৰিব পাৰিলেহে জনসংখ্যা সমস্যাৰ সমাধান কৰিব পৰা যায়।
3. ভাৰতত উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিয়ে সৃষ্টিয় কৰা সমস্যা সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ (ক) বিশ্বাসেৰে পতিয়ন নিয়াই মানুহবোৰক প্ৰণোদিত কৰা। জনসংখ্যা নীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে বিশ্বাসেৰে পতিয়ন নিওৱা, বাধ্য কৰোৱাটো নহয়৷ জনসাধাৰণক সৰু পৰিয়ালৰ আদৰ্শ ল’বচৈল পতিয়ন নিওয়া হৈছে। জন্ম নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আৰু কাৰ্যসূচীৰ প্ৰচাৰ চলাই এই কাম কৰা হৈছে। স্কুল পাঠ্যক্ৰমত জনশিক্ষাৰ বিয়টোও অন্তৰ্ভুক্ত কৰা হৈছে।
(খ) নগৰ, উপ-নগৰ আৰু গাঁও অঞ্চলত পৰিকল্পনা আৰু স্বাস্থ্যকেন্দ্র স্থাপন কৰা হৈছিল। এই কেন্দ্ৰসমূহে জনসাধাৰণক পৰিয়াল পৰিকল্পনাৰ বিষয়ে শিক্ষা দিয়াৰ উপৰিও ৰোগ প্ৰতিৰোধকাৰী আৰু অন্যান্য স্বাস্থ্য সেৱাও আগবঢ়ায়। এই কেন্দ্ৰবোৰে জন্ম নিয়ন্ত্ৰণৰ আহিলাসমূহো যোগান ধৰে।
(গ) ল’ৰা আৰু ছোৱালীৰ বিয়াৰ বয়স ক্ৰমে 21 বছৰ আৰু 18 বছৰলৈ বঢ়াই দিয়া হৈছে।
(ঘ) জন্ম হ্ৰাস কৰাৰ বাবে বিভিন্ন পদ্ধতি গ্ৰহণ কৰা হৈছে।
(ঙ) জনসাধাৰণক জন্ম নিয়ন্ত্ৰণৰ বাবে প্ৰণোদিত কৰাৰ উদ্দেশ্যে বহুতো উদগিণমূলক ব্যৱস্থা, যেনে, নগদ ধন দিয়া, দৰমহাত অতিৰিক্ত বৃদ্ধি কৰা ইত্যাদি।
(চ) পৰিয়াল পৰিকল্পনাৰ কৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যেৰে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। বিভিন্ন গৱেষণা কেন্দ্রও স্থাপন কৰা হৈছে।
(ছ) মহিলা শিক্ষাৰ প্ৰসাৰ আৰু মহিলাক অধিক কৰ্ম সংস্থানৰ সুবিধা দিয়াৰ বাবে ব্যৱস্থা লোৱা হৈছে। মহিলাৰ শিক্ষা আৰু নিযুক্তিয়ে জন্মহাৰৰ ওপৰত প্রত্যক্ষ প্রভাব পেলায়। এইটো লক্ষ্য কৰা হৈছে যে শিক্ষিত আৰু কৰ্মত নিয়োজিত মহিলাৰ সন্তানৰ সংখ্যা কম।
4. 1951 চনৰ পৰা ভাৰতৰ জন্মহাৰৰ গতিৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ
তালিকা-1 ভাৰতৰ মুঠ জনসংখ্যা (কোটি হিচাপত)
বছৰ | জনসংখ্যা | চন | জনসংখ্যা |
1901 | 23.8 | 1951 | 36.10 |
1911 | 25.2 | 1961 | 43.92 |
1921 | 25.1 | 1971 | 54.81 |
1931 | 27.9 | 1981 | 68.33 |
1941 | 31.87 | 1991 | 84.63 |
কেৱল এইটোৱেই নহয় যে ভাৰতৰ জনসংখ্যাৰ আকাৰ বেছি, লগতে বৃদ্ধিৰ হাৰো অতি দ্রুত। ওপৰৰ তালিকাত আমি দেখিবলৈ পাওঁ যে প্ৰতিটো পৰৱৰ্তী দশকতে জনসংখ্যাৰ মুঠ বৃদ্ধি ক্ৰমশঃ বাঢ়ি গৈ আছে। 1951-61 দশকটোত জনসংখ্যাৰ মুঠ বৃদ্ধিৰ হাৰ আছিল প্ৰায় 7.8 কোটি, যিটো ব্ৰিটেইন জনসংখ্যাৰ প্রায় ডেৰ গুণ। 1971 আৰু 1981 ৰ দশকটোত এই বৃদ্ধি আছিল প্ৰায় 13.5 কোটি, যিটো ব্ৰিটেইনৰ জনসংখ্যাৰ আঢ়ৈ গুণ। 1961-71 দশকটোত বৃদ্ধি পোৱা 10.8 কোটি জাপানৰ জনসংখ্যাৰ চাৰি ভাগৰ তিনি ভাগৰ সমান। আৰু 1981-91 ৰ বৰ্ধিত জনসংখ্যা জাপানৰ জনসংখ্যাতকৈ অধিক।
ভাৰতত প্রতি মিনিটত 34 কৈ জনসংখ্যা যোগ হয়, ইন্দোনেচিয়াত এই জনসংখ্যা 5 আৰু জাপানাত মাথো 1। সমগ্ৰ বিশ্বতে প্রতি মিনিটত 173 জনকৈ মানুহ যোগ হয়। বিশ্ব জনসংখ্যালৈ ভাৰতৰ অৰিহণা সবাতোকৈ বেছি। এই আটাইবোৰে দেখুৱায় যে ভাৰতৰ জনসংখ্যাৰ মুঠ বৃদ্ধি অতি বেছি আৰু ই ক্ৰমে বৃদ্ধি হৈ গৈয়েই আছে। যেতিয়া আমি এই জনসংখ্যাক বৃদ্ধিৰ হাৰৰ ৰূপত প্ৰকাশ কৰো, তেতিয়াহে ই স্পষ্ট হয়।
5. নিৰ্ভৰশীলতাৰ হাৰ বুলিলে কি বুজা?
উত্তৰঃ বিভিন্ন বয়সৰ গ্রুপ জনসংখ্যাৰ অনুপাতকেই বয়সৰ বিন্যাস বোলা হয়। জনসংখ্যাক তিনিটা বয়স-গ্রুপত ভাগ কৰা হয়।
(ক) 15 বছৰৰ তলৰ।
(খ) 15-59 বছৰৰ ভিতৰৰ।
(গ) 60 বছৰ আৰু ঊৰ্ধ্বৰ বয়সৰ।
15-16 বছৰ বয়সৰ গ্রুপটিক কোৱা হয় কৰ্মৰত বয়স। 15 বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ অংশ আছিল 40 শতাংশ আৰু 1992 চনত ই প্ৰায় 35.5 শতাংশ হৈছিল। 60 বছৰ আৰু তাৰ ঊৰ্ধ্বৰ বয়সৰ জনসংখ্যাৰ অনুপাত 6.5 শতাংশৰ পৰা 6.65 শতাংশলৈ পৰিৱৰ্তিত হৈছিল। এই দুয়োটা বয়সৰ গ্ৰুপৰ জনসংখ্যাৰ অংশ হৈছে 42 শতাংশ। এই শ্ৰেণীটো হৈছে অনুৎপাদনশীল ভোক্তা। গতিকে, কৰ্মৰত গ্ৰুপৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰশীল গ্ৰুপৰ হেঁচা বহুত বেছি। ই এনে ধৰণৰ ইংগিতো দিয়ে যে কৰ্মৰত গ্ৰুপৰ জনসংখ্যা বৃদ্ধি হ’ব পাৰে। ই এইটোও বুজায় যে কাম বিচৰা লোকৰ সংখ্যা অধিক হ’ব।
কৰ্মৰত জনসংখ্যাৰ ওপৰত নিৰ্ভৰশীল লোকৰ অনুপাতকেই নিৰ্ভৰশীলতাৰ অনুপাত বোলা হয়।
নিৰ্ভৰশীলতাৰ অনুপাত = নিৰ্ভৰশীলতাৰ লোকৰ শতকৰা অংশ / কৰ্মৰত লোকৰ শতকৰা অংশ
6. ভাৰতৰ দ্ৰুতহাৰৰ জনসংখ্যা বৃদ্ধিৰ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ জনসংখ্যাৰ আকাৰ বৃহৎ আৰু বৃদ্ধিৰ হাৰো দ্রুত। ফলস্বৰূপে, প্ৰতি বছৰে জনসংখ্যাত অতিৰিক্তভাৱে লোক সংযোজিত হয়। এই জনসংখ্যা বৃদ্ধি অনাকাংক্ষিত। ই দ্রুত অর্থনৈতিক উন্নয়নক বাধাপ্রাপ্ত কৰে আৰু যি উন্নয়ন হয়, তাক আয় আৰু স্তৰত প্ৰতিফলিত হ’বলৈ নিদিয়ে। ভাৰতৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ জাতীয় আয়ৰ বৃদ্ধিৰ হাৰতকৈ কম।
দ্রুত হাৰৰ জনসংখ্যা বৃদ্ধিয়ে সঞ্চয়ৰ হাৰকো প্ৰভাৱিত কৰে। বৰ্ধিত জনসংখ্যাৰ বাবে খাদ্য, বস্ত্র, আশ্রয়, শিক্ষা, স্বাস্থ্য সুবিধা আদি ভোগ কার্যত বৰ্ধিত হাৰত সম্পদৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা বাবে এনে হ’বলৈ পাইছে। ই নিবনুৱা আৰু দৰিদ্ৰতাৰ সমস্যাৰো বৃদ্ধি কৰে, যিয়ে পুনৰ বহুতো সামাজিক আৰু ৰাজনৈতিক উদ্বেগৰ সৃষ্টি কৰে। বিদ্যুৎ, পৰিবহণ, আদি আন্তঃগাঁথনিমূলক সুবিধাৰ নাটনিবোৰ আৰু অধিক জটিল হৈ পৰে। সবাৰোপৰি, মানুহৰ জীৱনৰ মান শোচনী হয়, যিবোৰ নিম্ন হাৰৰ সাক্ষৰতা, নিম্ন জীৱনৰ প্ৰত্যাশিত আয়ুস, খোৱাপীনীৰ অভাৱ, শোচনীয় আৱাসগৃহ, পুষ্টিহীনতা, শিশুৰ মৃত্যুৰ উচ্চ হাৰ আদিত প্রতিফলিত হয়। ভাৰতৰ জনসংখ্যাৰ এটা যোগাত্মক বৈশিষ্ট্য হৈছে এয়ে যে মৃত্যুৰ হাৰ দ্রুতভাৱে হ্ৰাস হৈছে। কিন্তু, সবাতোকৈ ধ্বংসকাৰী বৈশিষ্ট্য হৈছে লেহেমীয়া হাৰতহে জন্মহাৰ হ্ৰাস পোৱাটো। প্ৰকৃততে উচ্চ আৰু ধীৰ গতিত হ্ৰাস পোৱা জন্মৰ হাৰেই হৈছে জনসংখ্যা বিস্ফোৰণৰ মূল কাৰণ। গতিকে, জন্মৰ হাৰ দ্রুতভাৱে হ্ৰাস কৰিব পাৰিলেহে জনসংখ্যা সমস্যাৰ সমাধান কৰিব পৰা যায়।
কিন্তু এই কাম ইমান সহজ হয়, কাৰণ জন্মৰ হাৰ বৃদ্ধি প্ৰভাৱিত কৰা কাৰকসমূহৰ প্ৰকৃতি জটিল। এই কাৰকসমূহ হৈছে সামাজিক আৰু ধৰ্মীয় দৃষ্টিভংগী আৰু বিশ্বাস আৰু নিম্নস্তৰৰ আয় আৰু উচ্চ শিশু মৃত্যুৰ হাৰ।
অর্থনৈতিক বিকাশ যেতিয়াই শীৰ্ষত উপনীত হ’ব, জন্ম হাৰ হ্ৰাস হ’বলৈ দীঘলীয়া প্ৰয়োজন হ’ব আৰু আমাক অতি সোনকালেই জন্ম হাৰ কম কৰিবলৈ লাগে। গতিকে, জন্ম হাৰ হ্ৰাস কৰিবলৈ শক্তিশালী পদক্ষেপ ল’ব লাগিব।