ASOS Class 12 Economics Chapter 32 সামাজিক আন্তঃগাঁথনি গৃহ নির্মাণ, স্বাস্থ্য আৰু শিক্ষা

ASOS Class 12 Economics Chapter 32 সামাজিক আন্তঃগাঁথনি গৃহ নির্মাণ, স্বাস্থ্য আৰু শিক্ষা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 32 সামাজিক আন্তঃগাঁথনি গৃহ নির্মাণ, স্বাস্থ্য আৰু শিক্ষা and select needs one.

ASOS Class 12 Economics Chapter 32 সামাজিক আন্তঃগাঁথনি গৃহ নির্মাণ, স্বাস্থ্য আৰু শিক্ষা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 32 সামাজিক আন্তঃগাঁথনি গৃহ নির্মাণ, স্বাস্থ্য আৰু শিক্ষা Solutions for All Subject, You can practice these here.

সামাজিক আন্তঃগাঁথনি গৃহ নির্মাণ, স্বাস্থ্য আৰু শিক্ষা

Chapter : 32

31.1 পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবোৰৰ সঁচানে মিছা লিখাঃ

(i) পৰিবহণ, যোগাযোগ, বিদ্যুৎ, পানী আদিয়ে অর্থনীতি এখনৰ সামাজিক আন্তঃগাঁথনি গঠন কৰে।

উত্তৰঃ মিছা।

(ii) শিক্ষা, স্বাস্থ্য, গৃহ নির্মাণ, খোৱাপীনীৰ সুবিধাৰ উন্নয়ন জীৱনৰ গুণাগুণ উন্নয়নৰ বাবে প্ৰয়োজনীয়।

উত্তৰঃ সঁচা।

(iii) সমাজৰ দুৰ্বল শ্ৰেণীক গৃহ প্ৰদান কৰাৰ বাবে ইন্দিৰা আৱাস যোজনা আৰম্ভ কৰা হৈছিল।

উত্তৰঃ সঁচা।

(iv) 50 লাখ বা ততোধিক জনসংখ্যা থকা নগৰৰ দুখীয়া লোকসকলৰ গৃহ আৰু আশ্রয়স্থলী উন্নয়ন আঁচনি লোৱা হৈছিল।

উত্তৰঃ মিছা।

32.2 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবোৰৰ সঁচানে মিছা লিখাঃ

(i) এখন দেশৰ মানুহৰ সুস্বাস্থ্য সেইখন দেশৰ ভাল উৎপাদন ক্ষমতাৰ ইংগিত।

উত্তৰঃ সঁচা।

(ii) দেশৰ পৰা বসন্ত ৰোগ সম্পূৰ্ণভাৱে নিৰ্মূল হৈছে।

উত্তৰঃ সঁচা।

(iii) দেশৰ সকলো নাগৰিকলৈকে স্বাস্থ্যৰ সুবিধা প্ৰদানৰ লক্ষ্য সফল হৈছে।

উত্তৰঃ মিছা।

(iv) 1980-81 চনত ভাৰতত জীৱনৰ প্ৰত্যাশিত আয়ুস আছিল 58.7 বছৰ।

উত্তৰঃ সঁচা।

32.3 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনীত দিয়া শব্দ বাছি উলিয়াই খালী ঠাই পূৰণ কৰা। (সহজতে, গুণাগুণ, অর্থনৈতিক বিকাশ, 42, দক্ষতা, 52)

(i) শিক্ষাই প্রত্যক্ষভাৱে মানুহৰ _____ উন্নত কৰে _____ আৰু উৎপাদনশীলতা বৃদ্ধিৰ জৰিয়তে।

উত্তৰঃ গুণাগুণ, দক্ষতা।

(ii) শিক্ষিত মানুহে _____ আধুনিক ধাৰণা অনুধাৱন কৰিব পাৰে।

উত্তৰঃ সহজতে।

(iii) শিক্ষা আৰু _____ ৰ মাজত এক যোগাত্মক সম্পর্ক আছে।

উত্তৰঃ অর্থনৈতিক বিকাশ।

(iv) 1991 চনত সাক্ষৰতাৰ হাৰ আছিল _____ শতাংশ।

উত্তৰঃ 52।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. গৃহ নিৰ্মাণৰ অৰ্থ কি? ইয়াৰ গুৰুত্ব কিমান?

উত্তৰঃ বৰ্তমানৰ নিয়োগকর্তাসকলে তেওঁলোকৰ কৰ্মচাৰীসকললৈ আৱাসগৃহৰ সুবিধা আগবঢ়োৱা বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰে। চৰকাৰেও সম্প্রতি এই কথা উপলব্ধি কৰিছে। চৰকাৰে ইয়াৰ বহুতো কৰ্মচাৰীক গৃহ নিৰ্মাণৰ সুবিধা প্ৰদান কৰিছে। এই উদ্দেশ্যেৰে চৰকাৰে কলনী বা চুবুৰি স্থাপন কৰিছে। আনকি, ব্যক্তিগত খণ্ডয়ো কৰ্মচাৰীসকললৈ গৃহৰ সুবিধা আগবঢ়ায়। বহুতো ব্যক্তিগত উদ্যোগে নিজৰ কৰ্মৰাচাৰীলৈ গৃহৰ সুবিধা আগবঢ়াইছে।

উপযুক্ত আৱাসগৃহ বা গৃহ নির্মাণ ব্যৱস্থাই পানী, অনাময়, নলা-নৰ্দমা আৰু বিদ্যুৎৰ বিষয়বোৰো সামৰি লয়। পুনৰ, এটা ঘৰৰ অৱস্থান আৰু প্ৰকাৰো যথেষ্ট গুৰুত্বপূৰ্ণ। ওচৰে-পাজৰে আৱশ্যকীয় বস্তু কিনিবৰ বাবে বজাৰ নাথাকিলে, অহা-যোৱাৰ বাবে বাছ আস্থান নাথাকিলে, তেনে ঠাইত বাস কৰিবলৈ বৰ কষ্টকৰ হয়। গৃহৰ গুণাগুণে মানৱ সম্পদৰ দক্ষতা বৃদ্ধিত প্রত্যক্ষভাৱে প্ৰভাৱিত কৰে।

সৰহসংখ্যক পৰিয়ালৰ বাবে গৃহ নিৰ্মাণ সাধাৰণতে এক আত্মসহায়ক কার্য হৈ আহিছে। কিন্তু, জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে দুখীয়া শ্ৰেণীৰ লোকৰ বাবে গৃহ নিৰ্মাণৰ উপযুক্ত সুবিধা আহৰণ কৰাটো কঠিন হৈ পৰিল। ইয়ে দুৰ্বল শ্ৰেণীৰ জনসাধাৰণৰ বাবে গৃহ নিৰ্মাণৰ আঁচনি ল’বলৈ চৰকাৰক প্ৰৰোচিত কৰিলে।

2. গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণ পৰিকল্পনাৰ বিষয়ে টোকা লিখা।

উত্তৰঃ গ্রাম্য গৃহ নিৰ্মাণ আঁচনিঃ গ্ৰামাঞ্চলৰ গৃহ নিৰ্মাণত থকা বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে নানা আঁচনি গ্ৰহণ কৰিছে। ন্যূনতম প্রয়োজন আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ ভূমিহীন শ্রমিক, কাৰিকৰ তথা দুৰ্বল শ্ৰেণীৰ লোকৰ গৃহ নিৰ্মাণৰ ঠাই আৰু নিৰ্মাণৰ সুবিধা প্ৰদান কৰিছে। 1971 চনত এইখন আঁচনি আৰম্ভ কৰা হৈছিল।

1985-86 চনত গ্ৰামাঞ্চলৰ অনুসূচিত জাতি আৰু জনজাতিৰ দুখীয়া লোক তথা চুক্তিবদ্ধ দাসত্বৰ পৰা মুক্ত হোৱা শ্ৰমিকসকলৰ বাবে ইন্দিৰা আৱাস যোজনা গ্ৰহণ কৰা হৈছিল। এই আঁচনিৰ অধীনৰ ঘৰসমূহ একেলগে নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছিল, যাতে সামূহিক সুবিধাবোৰ একেলগে কৰি দিব পৰা যায়।

গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন নিগম নামৰ সংস্থাটোৱেও গ্রামীণ গৃহ নির্মাণ আঁচনিবোৰলৈ 15 শতাংশ সম্পদ বণ্টন কৰি বিত্তীয় সুবিধা আগবঢ়াইছে।

নগৰীয়া গৃহ নিৰ্মাণ আঁচনিঃ নগৰ অঞ্চলৰ বাবে থকা গৃহ নিৰ্মাণৰ চৰকাৰী আঁচনিবোৰ হৈছে—

(ক) বিভিন্ন স্তৰৰ আয় উপাৰ্জনকাৰী লোকৰ বাবে ৰাজ্য চৰকাৰ আৰু নগৰ পৰ্যায়ৰ অভিকৰণসমূহে পৰিচালনা সামাজিক গৃহ নিৰ্মাণ আঁচনি, যিবোৰত HUDCO, জীৱন বীমা নিগম আৰু অন্যান্য বিত্তীয় অভিকৰণসমূহে ঋণ প্রদান কৰে।

(খ) 1989 চনত আৰম্ভ কৰা নেহৰু ৰোজগাৰ আঁচনিৰ অংশ হিচাপে 1 ৰ পৰা 20 লাখ জনসংখ্যা থকা নগৰসমূহৰ দুখীয়া লোকসকলৰ বাবে গৃহ নিৰ্মাণ মাৰু আশ্রয়স্থলী উন্নীতকৰণৰ নামৰ এখনি আঁচনি লোৱা হৈছিল।

(গ) 1988-89 চনত ফুটপাথত থকাসকলৰ বাবেনিশাৰ আস্রয় নামৰ এখন আঁচনি লোৱা হৈছিল। পিছত, নগৰৰ পথৰ দাঁতিত থকা লোকসকলৰ বাবে অনাময়ৰ সুবিধা প্ৰদানৰ ব্যৱস্থা সম্প্ৰসাৰণ কৰা হয়।

(ঘ) বিভিন্ন স্তৰৰ আয় উপাৰ্জনকাৰীসকলৰ বাবে জীৱন বীমা নিগম, HUDCO, আৰু বাণিজ্যিক বেংকৰ ঋণ সাহায্য প্ৰদানৰ ব্যৱস্থাৰে সমবায় গ্রুপ গৃহ নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছে।

(ঙ) অন্যান্য আঁচনি, যেনে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ স্বত্বাধিকাৰী গৃহ নিৰ্মাণ আঁচনি, কৰ্মৰত মহিলা আঁচনি, নগৰৰ বস্তি অঞ্চলৰ পৰিৱেশ উন্নীতকৰণ আৰু গৃহ উন্নয়ন আঁচনি, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বাবে ভাৰা ভিত্তিত গৃহ আঁচনি ইত্যাদি বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা চালিত আঁচনি ৰূপায়ণ কৰি থকা হৈছে।

3. নগৰ এলেকাত গৃহ নিৰ্মাণ সমস্যাৰ কাৰণ কি কি?

উত্তৰঃ নগৰ এলেকাত গৃহ নিৰ্মাণ সমস্যাৰ কাৰণঃ

(ক) বর্ধিত জনসংখ্যাঃ দেশৰ জনসংখ্যা অতি তীব্ৰ হাৰত বৃদ্ধি পাইছে, যাৰ বাবে গৃহ নিৰ্মাণৰ চাহিদাও বৃদ্ধি পাইছে।

(খ) নগৰীকৰণঃ গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ জনসংখ্যা প্রব্রজিত হোৱাৰ ফলত নগৰ অঞ্চলত গৃহ নিৰ্মাণৰ চাহিদা বৃদ্ধি পাইছে।

(গ) সম্পদৰ নাটনিঃ চৰকাৰৰ হাতত থকা সম্পদ সমগ্ৰ জনসাধাৰণৰ গৃহৰ চাহিদা পূৰাব পৰাকৈ যথেষ্ট নহয়, গতিকে নগৰত বস্তিৰ সংখ্যা বাঢ়ি গৈছে।

4. সুস্বাস্থ্যৰ কিয় প্রয়োজন? স্বাধীনতাৰ সময়ত স্বাস্থ্য সুবিধাৰ পৰিস্থিতি কেনে আছিল?

উত্তৰঃ সুস্বাস্থ্যৰ কিয় প্ৰয়োজনঃ স্বাস্থ্যই সম্পদ। এজন ব্যক্তিৰ বাবে সুস্বাস্থাৰ গুৰুত্ব সঠিক পূপত ব্যক্ত কৰে। স্বাস্থ্যই শাৰীৰিক আৰু মানসিক কল্যাণৰ স্থিতিকেই প্রতিনিধিত্ব কৰে। সুস্বাস্থ্য অবিহনে আইম জীৱনত ভাল বস্তু উপভোগ কৰিব নোৱাৰো। কোনো এজন লোক স্বাস্থ্যবান নহ’লে, ভালদৰে জীয়াই থকাটোও সন্তান নহয়।

সাধাৰণ অৰ্থত এইদৰে ক’ব পাৰি যে যদিহে সমাজত আমি স্বাস্থ্যবান মানুহ পাওঁ, তেন্তে সমাজৰ দক্ষতা আৰু উৎপাদনশীলতালৈ ই অধিক অৰিহণা যোগাব পাৰিব। সুস্বাস্থ্য আৰু আর্থিক সমৃদ্ধিৰ মাজত প্ৰত্যক্ষ সম্পর্ক আছে।

স্বাধীনতা লাভৰ সময়ৰ পৰিস্থিতিঃ স্বাধীনতাৰ পূৰ্বে চিকিৎসা আৰু স্বাস্থ্যৰক্ষাৰ সুবিধাৰ অভাৱৰ বাবে মৃত্যুৰ হাৰ, নৱজাতকৰ মৃত্যুৰ হাৰ অতি উচ্চ আছিল। ভাৰতৰ স্বাস্থ্যৰ পৰিস্থিতি সন্তোষজনক নাছিল। এইটো বৰ পৰিতাপৰ কথা আছিল যে দীর্ঘ সময়জুৰি অনুপযুক্ত চিকিৎসা সুবিধা, সম্পূর্ণ অজ্ঞতা আৰু জনসাধাৰণৰ দৰিদ্ৰতাৰ বাবে ভাৰতবৰ্ষৰ মহামাৰী, বসন্ত, কলেৰা, মেলেৰিয়া, টাইফয়েড, যক্ষ্মা আৰু অন্যান্য ৰোগৰ ঠাই হিচাপে চিহ্নিত হৈ আছিল, যাৰ বাবে বহু মানুহৰ জীৱন অকালতে নির্বাপিত হৈছিল। 1951 চনলৈ কেঁচুৱাৰ মৃত্যুৰ হাৰ আছিল প্রতি হাজাৰত 219 আৰু জীৱনৰ প্ৰত্যাশিত আয়ুস আছিল মাথো 32 বছৰ।

5. ভাৰতত বর্তমান স্বাস্থ্যৰ সুবিধা কেনেকুৱা? 

উত্তৰঃ পৰিকল্পিত উন্নয়নৰ ফলত স্বাস্থ্যৰ সা-সুবিধা যথেষ্ট উন্নত হৈছে। তলৰ তথ্যবোৰে এই কথা প্ৰমাণ কৰিবঃ

(ক) চিকিৎসকলৰ সংখ্যা আৰু চিকিৎসালয়ৰ সংখ্যা তিনি গুণতকৈ আৰু নাৰ্ছৰ সংখ্যা ৪ গুণতকৈ বেছি হৈছে।

(খ) প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাৰ 28 খনৰ পৰা মেডিকেল কলেজৰ সংখ্যা 106 খনলৈ বৃদ্ধি পাইছে।

(গ) বৰ আই বা বসন্ত ৰোগ সম্পূর্ণভাৱে নিৰ্মূল হৈছে। 1977 চনৰ এপ্ৰিল মাহত দেশ বসন্তমুক্ত বুলি ঘোষণা কৰা হৈছে।

(ঘ) চিকিৎসা আৰু স্বাস্থ্য সুবিধাৰ সম্প্ৰসাৰণৰ ফলত মৃত্যুৰ হাৰ 1951 চনৰ হাজাৰত 27.4 চনৰ পৰা 1993 চনত হাজাৰত 9.3 লৈ হ্ৰাস পাইছে।

(ঙ) জীৱনৰ প্ৰত্যাশিত আয়ুসো সুন্দৰকৈ বাঢ়িছে। 1981 চনত ই আছিল 55 বছৰ। 1992 চনত 60.4 বছৰলৈ বাঢ়িছে।

(চ) ভাৰতত মহিলাসকলৰ প্ৰতি থকা সামাজিক মনোভাৱ সলনি হোৱাত মহিলাই স্বাস্থ্যৰ অধিক যত্ন ল’ব পাৰিছে, ফলত মহিলাৰ জীৱনৰ গড় বয়স বৃদ্ধি হৈছে।

6. স্বাধীনতাৰ পিছত ভাৰতত জীৱনৰ প্ৰত্যাশিত আয়ুসৰ ক্ষেত্ৰত কেনে পৰিৱৰ্তন দেখা গৈছে?

উত্তৰঃ এহাতে যিদৰে দৰিদ্ৰতাই ভাৰতীয় মানুহৰ জীৱনকাল চমু কৰিছিল, আনহাতে, প্লেগ, কলেৰা, ইনফ্লুয়েঞ্জা, বসন্ত আদি ৰোগৰ ঔষধৰ আৱিষ্কাৰ, চিকিৎসা সাহায্য বৃদ্ধি, চিকিৎসালায়-চিকিৎসক, নাৰ্ছ ঔষধৰ সংখ্যা তথা পৰিমাণ বৃদ্ধি আৰু ৰোগ নিয়ন্ত্ৰণৰ সুব্যৱস্থাই মানুহৰ জীৱন ৰক্ষাতো সহায় কৰিছিল। তৎসত্বেও বিশ্বৰ উন্নত দেশৰ অনুকূলে ভাৰতৰ মানুহৰ জীৱনৰ প্ৰত্যাশিত আয়ুস তুলনা নহয়গৈ।

ভাৰতৰ জীৱনৰ প্ৰত্যাশিত আয়ুস (বছৰ)

সময়পুৰুষমহিলাসৰ্বমুঠ
1950-5132.431.732.1
1970-7146.444.746.6
1990-9158.659.058.7

7. গ্ৰাম্য ভাৰতত থকা চিকিৎসা সুবিধাৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ গ্ৰাম্য স্বাস্থ্যসেৱা ব্যৱস্থাটো তিনিটা স্তৰেৰে গঠিত — উপকেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সমূৰীয়া স্বাস্থ্যকেন্দ্ৰ। সম্প্ৰতি ভাৰতত প্ৰায় 22,000 টা প্ৰাথমিক, 1.5 লাখ উপকেন্দ্ৰ আৰু 2400 সমূহীয়া স্বাস্থ্যকেন্দ্ৰ আছে। তদুপৰি এক বৃহৎসংখ্যক ডিচপেনছাৰি, 4.2 লাখ গ্ৰাম্য স্বাস্থ্য প্ৰদৰ্শক আৰু 6.5 লাখ প্রশিক্ষণপ্রাপ্ত কর্মী আছে।

এই অসুবিধাসমূহ পর্যায়ক্রমে বৃদ্ধি কৰি যাবলৈ প্ৰস্তাৱ লোৱা হৈছে, যাতে প্রতি 30,000 জনসংখ্যা থকা এলেকাত (পাৰাহীয়া আৰু জনজাতি অধ্যুষিত এলেকাত 20,000) এটাকৈ প্ৰাথমিক স্বাস্থ্যকেন্দ্র, প্রতি 5,000 জনসংখ্যা থকা এলেকাত (পাহাৰীয়া আৰু জনজাতি অধ্যুষিত এলেকাত 3,000) এটাকৈ উপকেন্দ্র আৰু প্ৰতি এক লাখ জনসংখ্যাৰ মাজত এটাকৈ সমূহীয়া স্বাস্থ্যকেন্দ্ৰ 2000 চনৰ ভিতৰত স্থাপন কৰি দিব পৰা যায়।

কিন্তু ঘৰৰ অভাৱ, মানৱ সম্পদৰ নাটনি অপর্যাপ্ত ঔষধ, প্রয়োজনীয় সা-সৰঞ্জাম যোগানৰ অভাৱ আদিয়ে এই উদ্দেশ্য সফল হোৱাৰ ক্ষেত্ৰত প্ৰধান প্রতিবন্ধক হৈ দেখা দিছে।

এই সমস্যাবোৰ সমাধানৰ বাবে অষ্টম পঞ্চবার্ষিক পৰিকল্পনাত স্বাস্থ্যসেৱাৰ সুবিধাবোৰ সম্প্ৰসাৰণ কৰাৰ পৰিৱৰ্তে ইতিমধ্যে উপলব্ধ হোৱা সুবিধাবোৰ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, যাতে আশা কৰা মতে কৃতকার্যতা লাভ কৰিব পৰা যায়।

8. শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বসমূহ হ’লঃ

১। শিক্ষাই জীৱনৰ গুণাগুণ উন্নত কৰেঃ শিক্ষিত মানুহ দেশৰ বাবে সম্পদ। শিক্ষাই প্রাথমিক কুশলতা আৰু সক্ষমতা বিকশিত কৰে, দক্ষতা বৃদ্ধি কৰে আৰু দৃষ্টিভংগী আধুনিক কৰে। শিক্ষাই বৈজ্ঞানিক চেতনা উন্নতকৰে আৰু অনুসন্ধিৎসা বঢ়ায়, যিটো আধুনিক প্রযুক্তি নিৰ্ভৰ বিশ্বৰ জটিলতা বুজি পাবৰ বাবে প্রয়োজনীয়।

২। জীৱন সম্পৰ্কীয় দৃষ্টিভংগী সলনি কৰেঃ শিক্ষাই ব্যক্তিত্ব বিকাশৰ লগতে মানুহৰ পূৰ্ণংগ বিকাশ কৰে। এজন শিক্ষিত মানুহে আধুনিক ধাৰণাসমূহ সহজতে আৰু অনতিপলমে অনুধাৱন কৰিব পাৰে। ইয়ে এজন লোকৰ নিজৰ কামৰ প্ৰতি আৰু জীৱনৰ প্ৰতি থকা দৃষ্টিভংগীলৈ এক পৰিৱৰ্তন আনিব পাৰে। ইয়ে মানুহক পৰম্পৰা ভাঙিবলৈ আৰু অন্ধবিশ্বাসৰ পৰা দুৰত থাকিবলৈ সক্ষম কৰে।

৩। মহিলাৰ প্ৰতিও দৃষ্টিভংগী সলনি কৰেঃ যদিও লাহে লাহে মানুহে ল’ৰা আৰু ছোৱালীৰ মাজত বৈষম্যমূলক ভাব ৰাখিবলৈ বন্ধ কৰিছে, শিক্ষাই কন্যা সন্তানৰ প্ৰতি থকা দৃষ্টিভংগী সলনি কৰাত সহায় আগবঢ়াইছে। ই মহিলাৰ কেৰিয়াৰ বা বৃত্তিৰ প্ৰতি থকা মনোভাবো সলনি কৰিছে। এতিয়া ল’ৰাৰৰ দৰে ছোৱালীৰ শিক্ষাতো সমানেই গুৰুত্ব দিয়া হয়। এতিয়া ছোৱালীক কম বয়সতেই বিয়া দিয়াটো পছন্দ কৰা নহয়।

৪। মহিলাৰ মৰ্যাদাৰ পৰিৱৰ্তনঃ গ্ৰামাঞ্চলত মহিলাৰ ভূমিকাৰো পৰিৱৰ্তন হৈছে। যদিও মহিলাসকলক শিক্ষা দিয়া নহয়, প্ৰচাৰ মাধ্যম, যেনে— ৰেডিঅ’, টিভি ইত্যাদিৰ দ্বাৰা অনানুষ্ঠানিক শিক্ষা দিবলৈ লোৱা হৈছে, যাতে তেওঁলোকেনিজৰ অধিকাৰ সম্পৰ্কে আন্ধাৰত থাকিবলগীয়া নহয়। মহিলাসকল এতিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী হ’ব পাৰে আৰু নিৰ্বাচনতো প্রতিদ্বন্দ্বিতা কৰিছে।

৫। কামৰ প্ৰতি মহিলাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনঃ শিক্ষাই তেওঁলোকৰ কামৰ প্ৰতি থকা মনোভাৱৰো পৰিৱৰ্তন আনে। এতিয়া তেওঁলোকে যথেষ্ট কেৰিয়াৰ সচেতন।এতিয়া মহিলাসকলে সকলো প্ৰকাৰৰ কাম কৰে। এইটোৱে সামাজিক গাঁথনি আৰু সামাজিক সম্পর্কবোৰলৈ পৰিৱৰ্তন অনাৰ উপৰি তেওঁলোকৰ জীৱনৰ গুণাগুণ বৃদ্ধি কৰিছে।

৬। আধুনিক কৌশল গ্ৰহণৰ বাবে প্ৰয়োজনীয়ঃ এজন শিক্ষিত লোকে দ্রুতভাৱে আধুনিক ধাৰণআবোৰ অনুধাৱন কৰিব পাৰে। আমাৰ উদ্যোগ আৰু কৃষিখণ্ডত আধুনিকতাৰ অনুশীলনৰ বাবে যি দক্ষতাপূৰ্ণ মানৱ সম্পদৰ প্ৰয়োজন, সেয়া কাৰিকৰী শিক্ষাৰ পৰাই আহে।

৭। জনসংখ্যা নিয়ন্ত্ৰণত সহায়কঃ শিক্ষাৰ সহায়ত মানুহে জনসংখ্যা বিস্ফোৰণৰ দ্বাৰা হ’বপৰা সমস্যা সম্পৰ্কে সজাগ হ’ব পাৰে আৰু ইচ্ছাকৃতভাৱে সৰু পৰিয়ালৰ আৰ্হি মানি লয়। তেওঁলোকে এই কথাৰ মৰ্ম উপলব্ধি কৰিব পাৰে যে যদিহে পৰিয়ালৰ আকাৰ সৰু হয়, তেন্তে জীৱন ধাৰণৰ মান অধিক উন্নত হয়। তেতিয়া পৰিয়াল পৰিকল্পনাৰ পদ্ধতি গ্ৰহণ কৰাৰ বাবে নিজেই আগ্রহী হয়।

৮। অন্ধবিশ্বাস দূৰ হয়ঃ শিক্ষিত মানুহৰ বেমাৰ-আজাৰ সম্পৰ্কে এক প্ৰতিৰোধকাৰী মনোভাৱ থাকে। তেওঁলোকে এইবোৰ অলৌকিক ঘটনা বুলি বিবেচনা নকৰে আৰু ৰোগ নিৰায়মৰ বাবে আগতীয়া সাৱধানতা অৱলম্বন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

9. স্বাধীনতাৰ সময়ত ভাৰতৰ শিক্ষাৰ পৰিস্থিতিৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ স্বাধীনতাৰ সময়ত, ভাৰতত শিক্ষাৰ পৰিৱেশ অনুকূল নাছিল। নিৰক্ষৰতা চৌপাশে আছিল আৰু শিক্ষাৰ স্তৰ 15 শতাংশতকৈও কম আছিল। বিদ্যালয় ভৱন, পৰীক্ষাগাৰ, পুথিভঁৰাল, খেলপথাৰ ইত্যাদিবোৰ পৰ্যাপ্ত পৰিমাণে নাছিল। বৃত্তিগত শিক্ষা, যেনে— বাণিজ্য, পৰিচালনা বিদ্যা, আর্কিটেকছাৰ বা স্থাপত্যবিদ্যা, নগৰ পৰিকল্পনা, কৃষি আৰু শৰীৰ বিদ্যা আদিৰ বাবে সামান্য সুবিধাহে আছিল। মাথোঁ কেইখনমান চিকিৎসা মহাবিদ্যালয় আছিল। 1951 চনত দেশত মাথো 28 খন চিকিৎসা বিদ্যালয় আছিল, য’ত প্ৰায় 27000 ছাত্রই শিক্ষা গ্রহণ কৰিছিল।

10. ভাৰতত শিক্ষা ব্যৱস্থাত থকা ঘাটিবোৰ দূৰ কৰাৰ বাবে চৰকাৰে কি কি ব্যৱস্থা লৈছে?

উত্তৰঃ ভাৰতত শিক্ষা ব্যৱস্থাত থকা ঘাটিবোৰ দূৰ কৰাৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাসমূহঃ

(ক) শিক্ষা ব্যৱস্থাৰ পুনৰ গঠনঃ 1986 চনত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি শিক্ষা ব্যৱস্থাৰ পুনগঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি বিভিন্ন স্তৰত মান উন্নত কৰা, বিজ্ঞান আৰু প্ৰযুক্তি তথা শিক্ষা জগতত সুবিধা সম্প্ৰসাৰণ কথা কোৱা হৈছিল।

(খ) সাক্ষৰতা বৃদ্ধিঃ সাক্ষৰতা বৃদ্ধিৰ বাবে ষষ্ঠপৰিকল্পনাই প্ৰাথমিক শিক্ষাৰ (আনুষ্ঠানিক আৰু অনানুষ্ঠানিক) যোগেদি জনশিক্ষাৰ ব্যৱস্থা কৰিছিল। সপ্তম পঞ্চবার্ষিক পৰিকল্পনায়ো 1990 চনৰ ভিতৰত অগতানুগতিক শিক্ষাৰ জৰিয়তে 15 ৰ পৰা 35 বছৰৰ ভিতৰত লোকৰ মাজৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ লক্ষ্য বান্ধি লৈছিল। যদিও এই লক্ষ্যবোৰ পূৰণ কৰিব পৰা নগ’ল, তথাপি এক ভেটি স্থাপন কৰা হ’ল।

ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ দ্বাৰা অষ্টম পঞ্চবার্ষিক পৰিকল্পনাৰ অন্তত 15-35 বছৰ বয়সৰ দহ বছৰ বয়সৰ দহ কোটি টলোকক সাক্ষৰ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। দেশৰ নিৰক্ষৰতা দূৰ কৰাৰ বাবে সম্পূৰ্ণ সাক্ষৰতা অভিযানেই হ’লগৈ ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ প্ৰধান কৌশল।

(গ) প্রাথমিক শিক্ষাৰ উন্নতিঃ আধৰুৱা শিক্ষাৰে স্কুল এৰাৰ ঘটনা হ্ৰাস কৰাৰ বাবে ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিয়ে প্রাথমিক শিক্ষা উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই আঁচনিৰ নাম দিয়া হৈছিল ‘অপাৰেছন ব্লেক বোর্ড’।

1995 চনৰ 15 আগষ্টত শিক্ষাৰ সাৰ্বজনীনকৰণক গুৰুত্ব দিবলৈ নামভৰ্তিৰ সংখ্যা বঢ়াবলৈ আৰু একেৰাহে অব্যাহত ৰাখিবলৈ এখনি মধ্যাহ্ন ভোজন আঁচনি কৰা হয়।

(ঘ) কাৰিকৰী শিক্ষাঃ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গুণ আৰু মান বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top