⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Aryabhata Biography | আৰ্যভট্টৰ জীৱনী

আৰ্যভট্ট (Aryabhata) প্ৰাচীন ভাৰতৰ অন্যতম বিখ্যাত আৰু প্ৰসিদ্ধ গণিতজ্ঞ আছিল। তেওঁ গণিত আৰু জ্যোতিষ শাস্ত্ৰৰ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়াইছিল, যাৰ ফলত আজিও তেওঁৰ নাম ইতিহাসত উজ্জ্বল হৈ আছে। তেওঁৰ গণিত বিজ্ঞানৰ বহুতো আবিষ্কাৰ আৰু গৱেষণাই আধুনিক গণিতবিদ্যাৰ ভিতভূমি স্থাপন কৰাত সহায় কৰিছিল। জ্যোতিষ শাস্ত্ৰত তেওঁৰ বিশেষ অৱদান আছিল, বিশেষকৈ গ্ৰহ-নক্ষত্রৰ গতি-প্ৰকৃতি, গ্ৰহণৰ কাৰণ, আৰু পৃথিৱীৰ ঘূৰণীয় গঠনৰ বিষয়ে তেওঁৰ দৰ্শন আজিও বিজ্ঞানীসকলে আলোচনা কৰে। তেওঁৰ স্মৃতি অমৰ কৰি ৰাখিবলৈ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’ – ISRO) য়ে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহক তেওঁৰ নামেৰে “আৰ্যভট্ট” নামাকৰণ কৰিছিল। এই উপগ্ৰহটি ১৯৭৫ চনৰ ১৯ এপ্ৰিল তাৰিখে উৎক্ষেপণ কৰা হৈছিল আৰু ই ভাৰতৰ মহাকাশ গৱেষণাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হৈ ৰৈছে। তেওঁৰ অবদান কেৱল গণিত আৰু জ্যোতিষ শাস্ত্ৰতেই সীমাবদ্ধ নহয়, বৰঞ্চ তেওঁ বিশ্বসভ্যতাৰ জ্ঞানৰ ভঁৰালত এক অপৰিহাৰ্য অংশ হৈ ৰৈছে।

Aryabhata Biography | আৰ্যভট্টৰ জীৱনী
নামআৰ্যভট্ট  (Aryabhata)
জন্ম ৪৭৬ CE (অশ্মক ৰাজ্য)
মৃত্যু৫৫০ AD

আৰ্যভট্টৰ জীৱন আৰু পৰিচয় | Life and Identity of Aryabhata

জন্ম আৰু শৈশৱ

আৰ্যভট্টৰ জন্ম সম্পৰ্কে সুস্পষ্ট তথ্য নাথাকিলেও তেওঁৰ ভাষ্যকাৰ প্ৰথম ভাস্কৰৰ মতে, তেওঁ অশ্মকা নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল। এই ঠাইখন প্ৰাচীন বৌদ্ধ আৰু হিন্দু সাহিত্যত নৰ্মদা আৰু গোদাবৰী নদীৰ মাজৰ অঞ্চল, তথা দক্ষিণ গুজৰাট আৰু উত্তৰ মহাৰাষ্ট্ৰৰ ওচৰৰ অঞ্চল হিচাপে উল্লেখ পাই। যদিও এই তথ্য একেবাৰে নিশ্চিত নহয়, তেন্তেও আৰ্যভট্টৰ জন্মস্থান হিচাপে এই অঞ্চলক গ্ৰহণ কৰা হয়।

উচ্চশিক্ষা আৰু নলন্দাৰ সংযোগ

আৰ্যভট্টে (Aryabhata) নিজৰ উচ্চশিক্ষাৰ বাবে কুসুমপুৰলৈ গতি কৰিছিল, যি আধুনিক পাটলিপুত্ৰ বুলি পৰিচিত। কুসুমপুৰতে তেওঁ শিক্ষাগ্ৰহণ কৰে আৰু এই স্থানত বসবাস কৰিছিল। তেওঁৰ ভাষ্যকাৰ প্ৰথম ভাস্কৰে এই স্থানক পাটলিপুত্ৰ বুলি অভিহিত কৰিছিল। কুসুমপুৰতে তেওঁ “আৰ্যভ” নামেৰে জনাজাত হৈছিল।

তেওঁৰ অধিকাংশ কৰ্ম নালন্দা বিশ্ববিদ্যালয়ত সম্পন্ন হৈছিল, যি সেই সময়ত বিশ্বৰ অন্যতম উচ্চ শিক্ষা কেন্দ্ৰ আছিল। নালন্দাতেই তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত শিক্ষক হিচাপে যোগ দিয়ে। কিছুমান বৃত্তান্তৰ মতে, তেওঁ নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰধান হিচাপেও কৰ্মৰত আছিল। তেওঁৰ জ্ঞান আৰু গৱেষণাৰ প্ৰভাৱ নালন্দাৰ শিক্ষাব্যৱস্থাত বিশেষ ৰূপত লক্ষ্য কৰা যায়।

আৰ্যভট্টৰ জ্ঞানগৰিমা আৰু তেওঁৰ শিক্ষাগত অৱদান ইতিহাসত সুস্পষ্টভাৱে চিহ্নিত হৈ আছে, বিশেষকৈ গণিত আৰু জ্যোতির্বিজ্ঞানৰ ক্ষেত্ৰত। নালন্দাত তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ আৰু শিক্ষাদান পদ্ধতিৰ প্ৰভাৱ বহু শতাব্দী ধৰি অব্যাহত আছিল।

প্ৰাচীন ভাৰতীয় গণিতত আৰ্যভট্ট (Aryabhata) ৰ অৱদান

ভাৰতীয় গণিতৰ স্বৰ্ণযুগৰ আৰম্ভণি

প্ৰাচীন ভাৰতীয় গণিতৰ ইতিহাসত আৰ্যভট্টৰ ভূমিকা অতুলনীয়। তেওঁৰ হাতত ধৰিয়েই গণিতৰ ক্লাছিকেল যুগ (স্বৰ্ণযুগ) আৰম্ভ হয়। তেওঁ গণিত আৰু জ্যোতিৰ্বিদ্যাৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৱস্তু দুখন গ্ৰন্থত সংকলিত কৰিছিল। ইয়াৰে ভিতৰত অন্যতম ‘আৰ্যভট্টীয়’, যি উদ্ধাৰ কৰা হৈছে, আৰু ‘আৰ্য-সিদ্ধান্ত’, যাৰ মূল পাণ্ডুলিপি এতিয়ালৈকে পোৱা হোৱা নাই, কিন্তু তাৰ উল্লেখ বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত আৰু প্ৰথম ভাস্কৰৰ গ্ৰন্থত পোৱা যায়। আৰ্যভট্টৰ গ্ৰন্থসমূহ মূলত পদবাচ্যৰ আকাৰত লিখা হৈছিল, যাৰ জৰিয়তে তেওঁ জটিল গণিতীয় সমস্যা সহজ ভাষাত ব্যাখ্যা কৰিছিল।

‘আৰ্যভট্টীয়’ আৰু ইয়াৰ গঠন

কেৱল ২৩ বছৰ বয়সতে আৰ্যভট্টই ‘আৰ্যভট্টীয়’ গ্ৰন্থখন লিখিছিল। এই গ্ৰন্থখন চাৰিটা অধ্যায়ত বিভক্ত— (১) দশগীতিকা, (২) গণিতপাদ, (৩) কালক্ৰিয়াপদ, আৰু (৪) গোলপাদ।

  • দশগীতিকা: এই অধ্যায়ত গণিত আৰু জ্যোতিৰ্বিদ্যাৰ প্ৰাথমিক পৰিচয় দিয়া হৈছে।
  • গণিতপাদ: গণিতপাদ অধ্যায়টো গণিতৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। ইয়াত পাটীগণিত, বীজগণিত, সমতল ত্ৰিকোণমিতি, দ্বিঘাত সমীকৰণ, আৰু প্ৰথম n সংখ্যক স্বাভাবিক সংখ্যাৰ বৰ্গ আৰু ঘনৰ সমষ্টিৰ গণনা পদ্ধতি বৰ্ণনা কৰা হৈছে। লগতে, এই অধ্যায়ত ছাইন অনুপাতৰ তালিকাও দিয়া আছে।
  • কালক্ৰিয়াপদ: কালক্ৰিয়াপদ অধ্যায়টো সময় গণনা তথা কেলেণ্ডাৰ সম্পৰ্কীয় জ্ঞান আগবঢ়ায়। ইয়াত গ্ৰহণ, সৌৰজগতৰ গতি, আৰু সময় গণনাৰ বিভিন্ন নিয়ম উল্লেখ কৰা হৈছে।
  • গোলপাদ: এই অধ্যায়টো গোলীয় ত্ৰিকোণমিতি আৰু জ্যোতিৰ্বিদ্যাৰ বিভিন্ন প্ৰাসঙ্গিক তত্ত্ব সমূহৰ ওপৰত আলোকপাত কৰে।

গাণিতিক অনুপ্ৰয়োগ আৰু জ্যোতিৰ্বিদ্যাৰ ক্ষেত্ৰত আৰ্যভট্টৰ অৱদান

আৰ্যভট্ট গণিত আৰু জ্যোতিৰ্বিদ্যাৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। গণিতপাদ অধ্যায়ত তেওঁ ৩৩টা গুৰুত্বপূৰ্ণ গাণিতিক প্ৰক্ৰিয়া উল্লেখ কৰিছিল, যি সেই সময়ত জ্যোতিষচৰ্চাৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল। তেওঁ প্ৰথমে পাই (π)-ৰ মান ৩.১৪১৬ হিচাপে নিৰূপণ কৰিছিল, যি আধুনিক গণিতৰ দৃষ্টিকোণৰ পৰা এক অসাধাৰণ নিখুঁত গণনা আছিল। ইয়াৰ উপৰিও, তেওঁ সূৰ্যকেন্দ্ৰিক সৌৰজগতৰ তত্ত্বৰ ওপৰত গুৰুত্ব দিছিল, যদিও সেই সময়ত ভূকেন্দ্ৰিক ধাৰণাই জনপ্ৰিয় আছিল।

আৰ্যভট্টৰ গণিত আৰু জ্যোতিৰ্বিদ্যাৰ ওপৰত কৰা গবেষণা কেৱল ভাৰততে নহয়, বিশ্বজুৰি গণিতৰ বিকাশত এক অপূৰ্ব অৱদান আগবঢ়াইছে। তেওঁৰ দ্বাৰাই স্থাপিত বহু মৌলিক গণিতীয় নিয়ম আৰু গাণিতিক সূত্ৰসমূহ আধুনিক যুগৰ গণিত আৰু বিজ্ঞানৰ ভিত্তি স্থাপন কৰিবলৈ সহায়ক হৈছিল।

গণিতত আৰ্যভট্টৰ অৱদান | Aryabhata’s contribution to mathematics

দশমিক সংখ্যা পদ্ধতি আৰু শূন্য

আৰ্যভট্টৰ গণিত বিষয়ক কৰ্মৰাজিত দশমিক সংখ্যা পদ্ধতিৰ এক বিশেষ প্ৰয়োগ দেখা যায়। যদিও তেওঁ নিজৰ গ্ৰন্থসমূহ লিখোঁতে প্ৰচলিত ব্ৰাহ্মী লিপিৰ ব্যৱহাৰ কৰিছিল, সংখ্যাৰ উপস্থাপনৰ ক্ষেত্ৰত তেওঁ এক অভিনৱ পদ্ধতি অনুসৰণ কৰিছিল। তেওঁ পদবাচ্যৰ আকাৰত সংখ্যা লিখিছিল, য’ত ব্যঞ্জনবৰ্ণবোৰ বিশেষ অংকক সূচিত কৰিছিল আৰু স্বৰবৰ্ণবোৰে সেই সংখ্যাৰ স্থানাঙ্ক সূচাইছিল। এই পদ্ধতি আধুনিক দশমিক সংখ্যা পদ্ধতিতকৈ কিছু পৃথক হলেও, পদ্ধতিগত দিশৰ পৰা আজিৰ দশমিক সংখ্যা ব্যৱস্থাৰ লগত একাংশ মিল পোৱা যায়।

তেওঁৰ দ্বাৰা ব্যৱহৃত পদ্ধতিত শূন্যৰ সঠিক অস্তিত্ব আছিল নে নাই, সেই লৈ বিভিন্ন মতামত দেখা যায়। তেওঁৰ গ্ৰন্থত ‘খ’ শব্দৰ উল্লেখ পোৱা যায়, যাক বহুতো গবেষকে শূন্যৰ লগত সম্পৰ্কিত বুলি ভাবে। কিছুমান মত অনুসৰি, ‘খ’ শব্দটো কেৱল শূন্যস্থানৰ প্ৰতীক আছিল, আনহাতে Georges Ifrah-এ দাবী কৰিছিল যে আৰ্যভট্টই পৰোক্ষভাৱে এক দশমিক সংখ্যা হিচাপে ইয়াৰ ব্যৱহাৰ কৰিছিল। দশমিক পদ্ধতিৰ পূৰ্ণাঙ্গ গাণিতিক প্ৰক্ৰিয়াৰ উন্নয়নৰ ক্ষেত্ৰত আৰ্যভট্টে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বিশেষকৈ, সংখ্যাৰ বৰ্গমূল আৰু ঘনমূল নিৰ্ণয়ৰ পদ্ধতি তেওঁ ব্যাখ্যা কৰিছিল, যি দশমিক সংখ্যা পদ্ধতিক সম্পূৰ্ণ ৰূপ দিছিল।

বিশ্বৰ বহুতো সভ্যতাত স্থানাঙ্ক পদ্ধতি ব্যৱহাৰ কৰা হৈছিল, কিন্তু গাণিতিক কাৰ্যাবলী সম্পন্ন কৰাৰ বাবে দশমিক পদ্ধতি ব্যৱহাৰৰ দিশত এক বিশেষ সাধাৰণীকৰণৰ প্ৰয়োজন আছিল। এই সাধাৰণীকৰণ সৰ্বপ্ৰথম আৰ্যভট্টে কৰিছিল, যাৰ ফলত গণিতৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিবৰ্তন আহি পৰিছিল। ফলস্বৰূপে, তেওঁক দশমিক সংখ্যা পদ্ধতিৰ বিকাশত মুখ্য কৃতিত্ব প্ৰদান কৰা ব্যক্তি বুলি গণ্য কৰা হয়।

ত্ৰিকোণমিতি

আৰ্যভট্টৰ গণিতৰ আন এখন গুৰুত্বপূৰ্ণ শাখা হৈছে ত্ৰিকোণমিতি, য’ত তেওঁ আধুনিক ত্ৰিকোণমিতিৰ ভিত্তি স্থাপন কৰিছিল। তেওঁ ছাইন (sine), ভাৰছাইন (versine = 1 – cosine) আৰু বিপৰীত ছাইন (inverse sine) ৰ দৰে ত্ৰিকোণমিতিক ফলনসমূহ ব্যৱহাৰ কৰিছিল। যদিও সূৰ্য সিদ্ধান্তত এই বিষয়সমূহৰ প্ৰসংগ আছিল, আৰ্যভট্টৰ গ্ৰন্থত ইয়াৰ এক বিশদ বিৱৰণ পোৱা যায়।

তেওঁ ছাইনৰ যুগ্ম আৰু অৰ্ধ কোণৰ সূত্ৰৰ জ্ঞান আছিল বুলি ধৰা হয়। ছাইন ফাংশনৰ এক বিশেষ সূত্ৰ তেওঁ বিকাশ কৰিছিল, যাৰ সহায়ত ছাইনৰ মান সহজে গণনা কৰা সম্ভৱ হৈছিল। সেই সূত্ৰটো হ’ল:

sin (n + 1) x – sin nx = sin nx – sin (n – 1) x – (1/225)sin nx

তেওঁ এখন ছাইন তালিকা প্ৰস্তুত কৰিছিল, য’ত ৩ ডিগ্ৰী ৪৫ মিনিট অন্তৰত ৯০ ডিগ্ৰী পৰ্যন্ত ছাইন আৰু ভাৰছাইনৰ মান উল্লেখ কৰা হৈছিল। এই তালিকা তৈয়াৰ কৰিবলৈ তেওঁ এক পুনৰাবৃত্ত পদ্ধতি (recursive method) ব্যৱহাৰ কৰিছিল।

বীজগণিত

বীজগণিতত আৰ্যভট্টে একাধিক অজ্ঞাত ৰাশি থকা সমীকৰণ সমাধানৰ বাবে এক বিশেষ পদ্ধতি উদ্ভাৱন কৰিছিল, যাক “কুত্তক” নামে জনা যায়। সাধাৰণতে এই ধৰণৰ সমীকৰণ ডায়োফেণ্টাইন সমীকৰণ নামে পৰিচিত। প্ৰসিদ্ধ গণিতজ্ঞ ভাস্কৰাচাৰ্যৰ গ্ৰন্থত কুত্তক পদ্ধতিৰ ব্যাখ্যা দিয়াৰ সময়ত তলৰ দৰে এটা সমস্যা উপস্থাপন কৰা হৈছিল— “এনে এটা সংখ্যা উলিয়াওক, যাক ৮ৰে ভাগ কৰিলে ৫, ৯ৰে ভাগ কৰিলে ৪ আৰু ৭ৰে ভাগ কৰিলে ১ অৱশিষ্ট থাকে।” ভাৰতবৰ্ষত এনে ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কুত্তক পদ্ধতিটোক আদৰ্শ পদ্ধতি হিচাপে গ্ৰহণ কৰা হৈছিল। তদুপৰি, আৰ্যভট্টৰ গ্ৰন্থত প্ৰথম n সংখ্যক স্বাভাবিক সংখ্যাৰ বৰ্গ আৰু ঘনৰ সমষ্টিৰ সূত্ৰৰ উল্লেখ পোৱা যায়।

পাইৰ মান

আৰ্যভট্টীয় গ্ৰন্থৰ দ্বিতীয় অধ্যায়ত তেওঁ পাইৰ মান নিৰ্ণয় কৰাৰ এক বিশেষ পদ্ধতি বৰ্ণনা কৰিছিল। তেওঁ লিখিছিল— “চাৰিৰ লগত একশ যোগ কৰি তাক আঠেৰে গুণি, তাৰ লগত বাসষ্ঠী হাজাৰ যোগ কৰিলে, বিছ হাজাৰ একক ব্যাসৰ বৃত্তৰ পৰিধি পোৱা যায়।” এই নিয়ম অনুসৰি পাইৰ মান ((৪+১০০)×৮+৬২০০০)/২০০০০০ = ৬২৮৩২/২০০০০০ = ৩.১৪১৬ হয়, যি তাৰ সময়ৰ ভিতৰত অতি সঠিক মানসমূহৰ অন্যতম আছিল।

জ্যোতিৰ্বিদ্যাত আৰ্যভট্টৰ (Aryabhata) অৱদান

পৃথিৱীৰ আহ্নিক গতিৰ সুত্ৰপাত

আৰ্যভট্টীয় গ্ৰন্থখনৰ গোলপাদ অংশত তেওঁ উল্লেখ কৰিছিল যে পৃথিৱীয়ে নিজৰ অক্ষৰ সাপেক্ষে ঘুৰে। এই তত্ত্ব সেই সময়ৰ প্ৰচলিত বিশ্বাসৰ বিপৰীতে আছিল।

পৃথিৱীৰ পৰিধিৰ প্ৰায় সঠিক গণনা

তেওঁ পৃথিৱীৰ পৰিধি ৩৯,৯৬৮ কিলোমিটাৰ বুলি গণনা কৰিছিল, যিটো আধুনিক পৰিমাপতকৈ কেৱল ০.২% ভুল।

গ্ৰহবোৰৰ কক্ষপথৰ উপবৃত্তাকৃতি আকৃতি

আৰ্যভট্টৰ মতে সৌৰজগতৰ গ্ৰহবোৰ উপবৃত্তাকৃতি কক্ষপথত পৰিভ্ৰমণ কৰে। তেওঁ এক বছৰ সময়ৰ প্ৰায় সঠিক পৰিমাপ আগবঢ়াইছিল।

সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ বৈজ্ঞানিক ব্যাখ্যা

তেওঁ কৈছিল যে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ হিন্দু পৌৰাণিক বিশ্বাসৰ দৰে কোনো দেৱতা বা ৰাহুৰ প্ৰভাৱত নহয়, বরং পৃথিৱীৰ ছাঁৰ ফলত সংঘটিত হয়। তেওঁ সূৰ্য আৰু চন্দ্ৰ গ্ৰহণৰ সময় নিৰ্ধাৰণৰ গণনাও কৰিছিল।

সৌৰজগতৰ কেন্দ্ৰ সন্দৰ্ভত বিতৰ্ক

তেওঁ সৌৰজগত পৃথিৱীকেন্দ্ৰিক নে সূৰ্যকেন্দ্ৰিক সেই বিষয়ে বিতৰ্ক আছে। B.L. van der Waerden আৰু Hugh Thurston ৰ মতে, তেওঁৰ সুত্ৰ সূৰ্যকেন্দ্ৰিক আছিল। কিন্তু Noel Swerdlow য়ে এই দাবীৰ প্ৰত্যাখ্যান কৰিছে আৰু তেওঁক পৃথিৱীকেন্দ্ৰিক ধাৰণাৰ সমৰ্থক হিচাপে দৰ্শাইছে।

চন্দ্ৰৰ পোহৰৰ উৎস

আৰ্যভট্টৰ মতে, চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰৰ প্ৰতিফলনহে। এই তত্ত্ব আধুনিক বিজ্ঞানৰ সৈতে মিল থকা এক গুৰুত্বপূর্ণ অৱদান। 

আৰ্যভট্টৰ জ্যোতিৰ্বিদ্যাগত অৱদানগৰাকী তেওঁৰ সময়ৰ বিজ্ঞানৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ আছিল। তেওঁৰ গণনাসমূহ আধুনিক জ্যোতিৰ্বিজ্ঞানৰ ভিত্তি স্থাপন কৰাত সহায় কৰিছে।

মৃত্যু | Death

আৰ্যভট্টৰ মৃত্যু সম্পৰ্কে নিৰ্দিষ্টভাৱে কোনো তথ্য উপলব্ধ নহয়। আনুমানিকভাৱে, তেওঁৰ মৃত্যু ৫৫০ খ্ৰীষ্টাব্দত হোৱা বুলি ধৰা হয়। আৰ্যভট্ট এজন মহান ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিষবিদ আছিল, যিয়ে গণিত আৰু জ্যোতিষবিদ্যাত অসামান্য অৱদান আগবঢ়াইছিল।

উপসংহাৰ | Conclusion 

গণিতত আৰ্যভট্টৰ অৱদান অমূল্য। দশমিক সংখ্যা পদ্ধতিৰ বিকাশ আৰু ত্ৰিকোণমিতিৰ সূচনা তেওঁ সম্পন্ন কৰিছিল, যি আজিও গণিতৰ ক্ষেত্ৰত অন্যতম ভিত্তি হিচাপে বিবেচিত হয়। তেওঁৰ গণিত বিষয়ক গ্ৰন্থসমূহে আধুনিক গণিতৰ বহুতো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। আৰ্যভট্টৰ গণিত আৰু জ্যোতিৰ্বিদ্যাৰ ওপৰত কৰা গবেষণা কেৱল ভাৰততে নহয়, বিশ্বজুৰি গণিতৰ বিকাশত এক অপূৰ্ব অৱদান আগবঢ়াইছে। তেওঁৰ দ্বাৰাই স্থাপিত বহু মৌলিক গণিতীয় নিয়ম আৰু গাণিতিক সূত্ৰসমূহ আধুনিক যুগৰ গণিত আৰু বিজ্ঞানৰ ভিত্তি স্থাপন কৰিবলৈ সহায়ক হৈছিল।

FAQ

1. আৰ্যভট্ট (Aryabhata) কোন আছিল?

A: আৰ্যভট্ট (Aryabhata) প্ৰাচীন ভাৰতৰ অন্যতম বিখ্যাত আৰু প্ৰসিদ্ধ গণিতজ্ঞ আছিল। 

2. তেওঁ গণিতৰ কোনবিলাক শাখাত অৱদান আগবঢ়াইছিল?

A: আৰ্যভট্টে বীজগণিত, জ্যামিতি, সংখ্যা তত্ত্ব, ত্ৰিকোণমিতি আদি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

3. আৰ্যভট্টৰ নামত কোনো সন্মান প্ৰদান কৰা হৈছে নেকি?

A: হ’য়, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহক “আৰ্যভট্ট” নাম দিয়া হৈছিল (1975)।

4. আৰ্যভট্টৰ গণনাৰ বিশেষ বৈশিষ্ট্য কি?

A: তেওঁ শূন্য (0) ৰ গুৰুত্ব উপলব্ধি কৰিছিল আৰু স্থানীয় মান পদ্ধতিৰ বিকাশত সহায় কৰিছিল।

5. জ্যোতিষবিদ্যাত আৰ্যভট্টৰ অৱদান কি?

A: তেওঁ সূৰ্যকেন্দ্ৰিক গ্ৰহ পৰিক্ৰমাৰ তত্ত্ব আগবঢ়াইছিল।

Read also: Isaac Newton Biography | আইজাক নিউটনৰ জীৱনী

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top