Niketan Class 6 Social Chapter 9 ইতিহাস অধ্যয়নৰ প্রয়ােজনীয়তা ( কি, ক’ত, কেতিয়া আৰু কেনেকৈ )

Niketan Class 6 Social Chapter 9 ইতিহাস অধ্যয়নৰ প্রয়ােজনীয়তা ( কি, ক’ত, কেতিয়া আৰু কেনেকৈ ) is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 9 ইতিহাস অধ্যয়নৰ প্রয়ােজনীয়তা ( কি, ক’ত, কেতিয়া আৰু কেনেকৈ ) and select need one.

Niketan Class 6 Social Chapter 9 ইতিহাস অধ্যয়নৰ প্রয়ােজনীয়তা ( কি, ক’ত, কেতিয়া আৰু কেনেকৈ )

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 9 ইতিহাস অধ্যয়নৰ প্রয়ােজনীয়তা ( কি, ক’ত, কেতিয়া আৰু কেনেকৈ ) Solutions for All Subjects, You can practice these here.

ইতিহাস অধ্যয়নৰ প্রয়ােজনীয়তা

Chapter – 9

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। চমুকৈ উত্তৰ লিখা— 

( ক ) ইতিহাস কাক বােলে ? 

উত্তৰঃ আগতে ঘটি যােৱা বিভিন্ন ঘটনা বা কাম – কাজৰ বিষয়ে যিয়ে যথাযথভাৱে আমাক জানিবলৈ দিয়ে তাকেই ইতিহাস বুলি কোৱা হয় । 

( খ ) ইতিহাস আৰু বুৰঞ্জীৰ পার্থক্য লিখা ।

উত্তৰঃ ইতিহাস আৰু বুৰঞ্জীৰ পাৰ্থক্য— 

ইতিহাসবুৰঞ্জী
( ১ ) ‘ইতিহাস’ শব্দটো সংস্কৃত ভাষাৰ শব্দ ।( ১ ) ‘বুৰঞ্জী’ শব্দটো টাই ভাযাৰ শব্দ ।
( ২ ) ‘ইতিহাস’ শব্দৰ অৰ্থ হ’ল— এই ঘটনাবিলাক নিশ্চয় হৈছিল ।( ২ ) ‘বুৰঞ্জী’ শব্দৰ অৰ্থ হ’ল—  নজনা কথা জনােৱাৰ ভঁৰাল ।
( ৩ ) ইতিহাসে বুৰঞ্জীত থকা ঘটনাসমূহক খৰচি মাৰি অধ্যয়ন কৰি তাৰ ভাল – বেয়া , উচিত – অনুচিত আদি ফলাফল লক্ষ্য কৰে।( ৩ ) বুৰঞ্জীত ঘটনাবােৰ চন , তাৰিখ ।অনুসাৰে একাদিক্রমে লিখি যােৱা হয় ।

( গ ) ইতিহাস আৰু আখ্যান পার্থক্য লিখা । 

উত্তৰঃ ইতিহাস আৰু আখ্যান পার্থক্য –

ইতিহাসআখ্যান
( ১ ) ইতিহাসে আগতে , ঘটি যােৱা বিভিন্ন ঘটনা বা কাম – কাজৰ বিষয়ে যথাযথভাৱে আমাক জানিবলৈ দিয়ে ।( ১ ) আখ্যান হৈছে পুৰণিকালৰ পৰা মানুহৰ মুখে মুখে চলি অহা কিছুমান কাহিনী ।
( ২ ) ইতিহাসে আলােচনা কৰা ঘটনাবােৰৰ সত্যতা আছে । কাৰণ ইতিহাস নির্ভৰযােগ্য তথ্যৰ ভিত্তিতহে ৰচনা কৰা হয় ।( ২ ) আখ্যানৰ কাহিনীৰ সত্যতা  সঠিকভাৱে নিৰূপণ কৰিব পৰা নাযায় ।

( ঘ ) ইতিহাস অধ্যয়নৰ সমলবােৰৰ বিষয়ে লিখা। 

উত্তৰঃ যিবােৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাসৰ বিষয়বস্তুৰ সত্যাসত্য নিৰূপণ কৰিব পাৰি তাকে ইতিহাসৰ সমল বুলি কোৱা হয় । এই সমলবিলাকৰ সহায় লৈয়ে ইতিহাসবিদসকলে পুৰণি কালৰেপৰা এতিয়ালৈকে বহু অজানা তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ঐতিহাসিক সমলবােৰক বিভিন্ন ভাগত ভাগ কৰা হয় । এই ভাগবােৰ হ’ল— 

( ১ ) প্রত্নতাত্ত্বিক সমল :- প্রত্নতাত্ত্বিক সমলবােৰক শিলালিপি , স্তম্ভলিপি , গুলিপি , তাম্রলিপি , ভগ্নাৱশেষ আৰু মুদ্রা — এই কেইটা ভাগত ভগােৱা হৈছে । পুৰণি কালত ৰজা – মহাৰজাসকলে প্রয়ােজনীয় কিছুমান কথা ডাঙৰ ডাঙৰ শিলত , ডাঙৰ স্তম্ভ আদিত লিখি থৈ গৈছিল।এই ধৰণৰ শিলৰ ওপৰত খােদিত কথাবিলাকক শিলালিপি আৰু স্তম্ভত লিখাবিলাকক স্তম্ভলিপি বুলি কোৱা হয় । আকৌ ডাঙৰ ডাঙৰ শিলৰ গুহাবিলাকতো কিছুমান কথা লিখি থােৱা পােৱা যায় । সেইবােৰক গুহালিপি বুলি জনা যায় । তদুপৰি আগৰ কোনাে কোনাে ৰজা – মহাৰজাই ব্রাহ্মণসকলক কেতিয়াবা মাটি দান কৰিছিল । তেওঁলােকক মাটি কিমান দিব , কোন ঠাইত দিব আৰু মাটিখিনি কেনেকুৱা আদি কথাবিলাক তামৰ ফলিত লিখি ৰাখিছিল । এইবিলাকক তাম্রলিপি বুলি জনা যায় । 

পুৰণি ৰজা – মহাৰজাসকলে তেওঁলােকৰ নামত মুদ্রা বা মােহৰ মৰাইছিল । মুদ্রাসমূহত এফালে ৰজাৰ নাম , তাৰিখ আৰু আনফালে ৰজাঘৰীয়া ধৰ্মৰ দেৱ দেৱীৰ মূর্তি খােদিত থাকে । মুদ্রাসমূহে সেই সময়ৰ অর্থনীতি , ধর্মীয় বিশ্বাস , সংস্কৃতি আৰু ৰাজনৈতিক অৱস্থাৰ বিষয়েও জানিবলৈ দিয়ে । 

এইবিলাকৰ উপৰি প্রাচীন ডাঙৰ ডাঙৰ অট্টালিকা , মঠ – মন্দিৰ আদিৰ ভগ্নাৱশেষ , চিত্র – ভাস্কর্য , খনন কাৰ্যৰ দ্বাৰা পােৱা বিভিন্ন সা-সঁজুলি , ধাতু আৰু মাটিৰ বিভিন্ন পাত্র , বাচন – বৰ্তন , আ – অলংকাৰ আদিয়েও ইতিহাসৰ সমল দিয়ে । 

( ২ ) সাহিত্য সম্বন্ধীয় সমল :- প্রাচীন সাহিত্যসমূহাে ইতিহাস ৰচনাৰ আন এক প্রয়ােজনীয় সমল । সাহিত্য সম্বন্ধীয় সমলসমূহক দুটা ভাগত ভাগ কৰা হয়— ধর্মীয় আৰু ধৰ্মনিৰপেক্ষ । ধর্মভিত্তিক পুথিসমূহ যেনে — বেদ , উপনিষদ , ৰামায়ণ , মহাভাৰত , পুৰাণ , তন্ত্রশাস্ত্ৰ আদিক ধর্মীয় সাহিত্যৰ ভিতৰত ধৰা হয় । জীৱনীমূলক সাহিত্য , ইতিবৃত্ত , ৰাজনীতি সম্পৰ্কীয় গ্রন্থ , নাটক ( যিবিলাকৰ পৰা ইতিহাসৰ সমল গােটাব পাৰি ) আদিক ধর্মনিৰপেক্ষ গ্রন্থ বুলি ধৰা হয় । যেনে – কাশ্মীৰৰ পণ্ডিত কলহনৰ ৰাজতৰংগিনী ’ , বাণভট্ট হর্ষচৰিত ’ , কৌটিল্যৰ ‘ অর্থশাস্ত্র’ ইত্যাদি ।

( ৩ ) বিদেশী পৰিব্রাজকৰ টোকা :- বিভিন্ন সময়ত বিদেশী পব্রিাজকসকলে বিভিন্ন ঠাই ভ্ৰমণ কৰি সেই ঠাই সামাজিক , ৰাজনৈতিক, অর্থনৈতিক , সাংস্কৃতিক অৱস্থা আদিৰ বিষয়ে একো – একোটা টোকা লিখি থৈ যায় । এই টোকাবােৰৰ পৰাও ইতিহাসৰ সমল গােটাব পাৰি । যেনে — গ্রীক পৰিব্রাজক মেগাস্থিনিচৰ টোকা , চীনা পৰিব্রাজক হিউৱেন চাঙৰ টোকা আদি । 

( ঙ ) প্রত্নতত্ত্ববিদ কাক বােলে আৰু প্রত্নতাত্ত্বিক সমলবােৰ কি কি ? 

উত্তৰঃ পুৰণিকালৰ বিভিন্ন লিপি যেনে— শিলালিপি , স্তম্ভলিপি , গুলিপি, তাম্রলিপি আদিকে ধৰি প্রাচীন সামগ্ৰীসমূহ অধ্যয়ন কৰা ব্যক্তিক প্রত্নতত্ত্ববিদ বােলে । 

প্রত্নতাত্ত্বিক সমলবােৰ হ’ল শিলালিপি , স্তম্ভলিপি , গুলিপি , তাম্রলিপি , ভগ্নাৱশেষ আৰু মুদ্রা । 

( চ ) ঐতিহাসিক সমলবােৰৰ প্ৰয়ােজনীয়তা সম্পর্কে লিখা । 

উত্তৰঃ ঐতিহাসিক সমলবােৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইতিহাসৰ বিষয়বস্তুৰ সত্যাসত্য নিৰূপণ কৰিব পাৰি । অনুমানত কেতিয়াও ইতিহাস ৰচনা কৰিব নােৱাৰি । সমলবিলাকৰ সহায় লৈয়ে ইতিহাসবিদসকলে পুৰণি কালৰে পৰা এতিয়ালৈকে বহু অজানা তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ঐতিহাসিক সমলবােৰে ইতিহাস ৰচনাত যথেষ্ট সহায় কৰে । আমাৰ ঐতিহ্য জনাত সহায় কৰে । উদাহৰণস্বৰূপে, প্রত্নতাত্ত্বিক সমলবােৰৰ সহায়ত পুৰণিকালৰ অর্থনীতি , ধর্মীয় বিশ্বাস , সংস্কৃতি আৰু ৰাজনৈতিক অৱস্থাৰ বিষয়ে জানিব পাৰি । 

সেইদৰে সাহিত্য সম্বন্ধীয় ঐতিহাসিক সমলবােৰেও বিভিন্ন সময় সামাজিক , ৰাজনৈতিক , অর্থনৈতিক , সাংস্কৃতিক আৰু ধর্মীয় অৱস্থাৰ বিষয়ে জনাত সহায় কৰে । বিদেশী পব্রিাজকৰ টোকাৰ পৰাও ইতিহাসৰ সমল গােটাব পাৰি । বিদেশী পব্রিাজকসকলে বিভিন্ন ঠাই ভ্ৰমণ কৰি সেই ঠাইসমূহৰ সামাজিক , ৰাজনৈতিক , অর্থনৈতিক , সাংস্কৃতিক অৱস্থা আদিৰ বিষয়ে একে – একোটা টোকা লিখি , থৈ যায় । যেনে — গ্রীক পব্রিাজক মেগাস্থিনিছৰ টোকা , চীনা পব্রিাজক হিউয়েনচাঙৰ টোকা আদি । ইতিহাস ৰচনা কৰাত এইসমলবােৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

প্রশ্ন ২। খালী ঠাই পূৰণ কৰা –

( ক ) বুৰঞ্জী শব্দটো ………………. ভাষাৰ পৰা অহা । 

উত্তৰঃ টাই ।

( খ ) ইতিহাসে …………….. জীৱনৰ সকলাে দিশেই সামৰি লয় । 

উত্তৰঃ মানৱ । 

( গ ) অনুমানত কেতিয়াও …………… ৰচনা কৰিব নােৱাৰি ।

উত্তৰঃ ইতিহাস । 

( ঘ ) পুৰণি ৰজা – মহাৰজাসকলে তেওঁলােকৰ নামত ……………. প্রচলন কৰিছিল । 

উত্তৰঃ মুদ্রা । 

( ঙ ) ঐতিহাসিক সমলবােৰে …………….. ৰচনাত যথেষ্ট সহায় কৰে । 

উত্তৰঃ ইতিহাস । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) তলৰ প্রশ্নবােৰৰ অতি চমুকৈ উত্তৰ দিয়া । 

প্রশ্ন ১। ‘বুৰঞ্জী’ শব্দটো কোন ভাষাৰ পৰা আহিছে ? 

উত্তৰঃ ‘বুৰঞ্জী’ শব্দটো টাই ভাষাৰ পৰা আহিছে । 

প্রশ্ন ২। ‘ইতিহাস’ শব্দটো কোন ভাষাৰ পৰা আহিছে ? 

উত্তৰঃ ‘ইতিহাস’ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে । 

প্রশ্ন ৩। ‘বুৰঞ্জী’ শব্দৰ অর্থ কি ? 

উত্তৰঃ ‘বু’ মানে বা নজনা , ‘ৰণ’ মানে জনােৱা আৰু ‘জী’ মানে ভঁৰাল । অর্থাৎ ‘বুৰঞ্জী’ শব্দৰ অৰ্থ হ’ল — নজনা কথা জনােৱাৰ ভৰাল । 

প্রশ্ন ৪। ‘ইতিহাস’ শব্দৰ অর্থ কি ? 

উত্তৰঃ ‘ইতি’ মানে এইবিলাক , ‘হ’ মানে নিশ্চয় আৰু ‘আস’ মানে হৈছিল বা ঘটিছিল । অর্থাৎ , ‘ইতিহাস’ শব্দৰ অৰ্থ হ’ল — এই ঘটনাবিলাক নিশ্চয় হৈছিল । 

প্রশ্ন ৫। ভাৰতবৰ্ষত প্রথম বুৰঞ্জী লিখাৰ প্রথা কেতিয়াৰ পৰা আৰম্ভ হ’ল ? 

উত্তৰঃ ভাৰতবৰ্ষত প্রথম বুৰঞ্জী লিখাৰ প্রথা আহােমসকলৰ ৰাজত্বকালৰ পৰা আৰম্ভ হ’ল । 

প্রশ্ন ৬। কোনজন আহােম স্বৰ্গদেউৰ ৰাজত্বকালৰ পৰা ভাৰতবৰ্ষত বুৰঞ্জী লিখা প্রথা আৰম্ভ হয় ? 

উত্তৰঃ আহােম স্বৰ্গদেউ চুকাফাৰ ৰাজত্বকালৰ পৰা ভাৰতবৰ্ষত বুৰঞ্জী লিখা প্রথা আৰম্ভ হয় ।

প্রশ্ন ৭। আখ্যান বা সাধুকথা কাক বােলে ? 

উত্তৰঃ আমাৰ সমাজত পুৰণি কালৰে পৰা মানুহৰ মুখে মুখে চলি অহা কাহিনীবােৰকে আখ্যান বা সাধুকথা বােলে । 

প্রশ্ন ৮। শিলালিপি কি ? 

উত্তৰঃ প্রাচীন কালত শিলৰ ওপৰত খােদিত কথাবিলাকক শিলালিপি বুলি কোৱা হয় । 

প্রশ্ন ৯। স্তম্ভলিপি কি ? 

উত্তৰঃ প্রাচীন কালত স্তম্ভত লিখা কথাবিলাকক স্তম্ভলিপি বােলে । 

প্রশ্ন ১০। গুহালিপি কি ? 

উত্তৰঃ প্রত্নতাত্ত্বিক সমল হিচাপে ডাঙৰ ডাঙৰ শিলৰ গুহাবিলাকত কিছুমান , কথা লিখি থােৱা পােৱা যায় , সেইবােৰক গুহালিপি বুলি জনা যায় । 

প্রশ্ন ১১। তাম্রলিপি কি ? 

উত্তৰঃ আগৰ দিনত কোনাে কোনাে ৰজা – মহাৰজাই ব্রাহ্মণসকলক কেতিয়াবা মাটি দান কৰিছিল । সেই বিষয়ে মাটি কিমান দান দিব , কোন ঠাইত দিব আৰু মাটিখিনি কেনেকুৱা আদি কথাবিলাক তামৰ ফলিত লিখি ৰাখিছিল । এই তামৰ ফলিবিলাকক তাম্রলিপি বুলি জনা যায় । 

প্রশ্ন ১২। পুৰণিকালৰ মুদ্রাসমূহত কি কি কথা খােদিত কৰা থাকে ? 

উত্তৰঃ পুৰণিকালৰ মুদ্রাসমূহত এফালে ৰজাৰ নাম , তাৰিখ আৰু আনফালে ৰাজঘৰীয়া ধৰ্মৰ দেৱ – দেৱীৰ মূর্তি খােদিত কৰা থাকে । 

প্রশ্ন ১৩। পুৰণিকালৰ মুদ্রাসমূহে কি কি কথা জানিবলৈ দিয়ে ? 

উত্তৰঃ পুৰণিকালৰ মুদ্রাসমূহে সেই সময়ৰ অর্থনীতি , ধর্মীয় বিশ্বাস , সংস্কৃতি আৰু ৰাজনৈতিক অৱস্থাৰ বিষয়ে জানিবলৈ দিয়ে । 

প্রশ্ন ১৪। প্রত্নতাত্ত্বিকসকলে জীৱাশ্ম অধ্যয়নৰ জৰিয়তে আমাক কি কি কথা জানিবলৈ দিয়ে ? 

উত্তৰঃ প্রত্নতাত্ত্বিকসকলে জীৱাশ্ম অধ্যয়নৰ জৰিয়তে আমাক অতীতৰ মানুহ তথা আন প্ৰাণীৰ জীৱন – ধাৰণ প্ৰণালী সম্পর্কে জানিবলৈ দিয়ে । 

( খ ) তলৰ প্রশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া –

প্রশ্ন ১। সাহিত্য সম্বন্ধীয় ঐতিহাসিক সমলবােৰক কি কি ভাগত ভাগ কৰিব পাৰি উদাহৰণসহ লিখা।

উত্তৰঃ সাহিত্য সম্বন্ধীয় ঐতিহাসিক সমলবােবক দুটা ভাগত ভাগ কৰিব পাৰি— ধর্মীয় আৰু ধৰ্মনিৰপেক্ষ । 

ধর্মভিত্তিক পুথিসমূহক ধর্মীয় সাহিত্যৰ ভিতৰত ধৰা হয় । যেনে — বেদ , উপনিষদ , ৰামায়ণ , মহাভাৰত , পুৰাণ , তন্ত্রশাস্ত্ৰ আদি ধর্মী গ্রন্থ। 

আনহাতে , জীৱনীমূলক সাহিত্য , ইতিবৃত্ত , ৰাজনীতি সম্পর্কীয় গ্রন্থ , ইতিহাসৰ সমল থকা নাটক আদিক ধর্মনিৰপেক্ষ গ্রন্থ বুলিও ধৰা হয় । যেনে – কাশ্মীৰৰ পণ্ডিত কলহনৰ ‘ৰাজতৰংগিনী’, বাণভট্টৰ ‘হর্ষচৰিত’, কৌটিল্যৰ ‘অর্থশাস্ত্র, ইত্যাদি। 

প্রশ্ন ২। ইতিহাস অধ্যয়নৰ প্ৰয়ােজনীয়তা সম্পর্কে লিখা । 

উত্তৰঃ ইতিহাস হ’ল সমাজ এখনৰ দাপােণ স্বৰূপ। দাপােণ এখনত যেনেকৈ মানুহ এজনৰ প্রতিবিম্ব হুবহু ৰূপত দেখা যায় , তেনেকৈ ইতিহাসৰ পাততাে অতীতত ঘটা মানৱ জীৱনৰ বিভিন্ন দিশ প্রতিফলিত হয় । ইতিহাস অধ্যয়নৰ জৰিয়তে আমি অতীতৰ মানুহৰ খাদ্যাভ্যাস , বাসস্থান , সাজ – পাৰ , জীৱন – ধাৰণৰ মান , সাহিত্য – সংস্কৃতি , আমােদ – প্রমােদ আদিৰ বিষয়ে জানিব পাৰে । তদুপৰি এটা জাতি বা এখন দেশৰ উত্থান – পতনৰ কথা ইতিহাস অধ্যয়নৰ পৰা জানিব পাৰি।প্ৰতিজন ব্যক্তিৰে নিজ দেশৰ ঐতিহ্য , পৰম্পৰা , কলা – সংস্কৃতি আদিৰ বিষয়েও ইতিহাস অধ্যয়নৰ জৰিয়তে জ্ঞান লাভ কৰিব পাৰি । সেয়েহে এই আটাইবােৰ দিশৰ প্রতি লক্ষ্য ৰাখি ইতিহাস অধ্যয়নৰ প্রয়ােজনীয়তা অতি বেছি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top