Class 12 Geography Important Chapter 8 পৰিবহন আৰু যোগাযোগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.
Class 12 Geography Important Chapter 8 পৰিবহন আৰু যোগাযোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.
পৰিবহন আৰু যোগাযোগ
Chapter: 8
| তৃতীয় গোট: মানুহৰ অৰ্থনৈতিক কামকাজ |
| IMPORTANT QUESTION AND ANSWER |
১। উপগ্ৰহ ব্যৱস্থাৰ সহায়ত কেনেকৈ তথ্য আদান-প্ৰদান কৰা হয়?
উত্তৰঃ আকাশত নিক্ষেপ কৰা কৃত্ৰিম উপগ্রহসমূহত গ্রাহক আৰু প্ৰতিফলক যন্ত্র সংস্থাপন কৰি অতি কম ব্যয়ত সহজে তথ্য প্ৰেৰণ আৰু গ্ৰহণ কৰা হয়।
২। ইন্টাৰনেট চাইবাৰ বুলিলে কি বুজা?
উত্তৰঃ সংগণক অর্থাৎ কম্পিউটাৰ যন্ত্রৰ মাধ্যমত পৃথিৱীৰ যিকোনো অৱস্থানৰ যিকোনো বিষয়ক তথ্য অথবা বার্তা ৱেব-ছাইটযোগে প্রেৰণ আৰু গ্রহণ কৰাৰ বিশ্বব্যাপী প্রণালীটোক আমি ইন্টাৰনেট চাইবাৰ বুলি কওঁ।
৩। বর্তমান সময়ৰ পৃথিৱীত ইন্টাৰনেট সেৱাযোগে তথ্য বিনিময়ৰ প্রধান মাধ্যমসমূহ লিখা।
উত্তৰঃ বর্তমান সময়ৰ পৃথিৱীত ইন্টাৰনেট সেৱাযোগে তথ্য বিনিময়ৰ প্রধান মাধ্যমসমূহ হৈছে ই-মেইল, ই-কমার্চ, ই-লার্নিং, ই-গভার্নেন্স প্রভৃতি।
৪। বর্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্রৰ উপৰিও ক’ত ক’ত বহুসংখ্যক ইন্টাৰনেট গ্রাহক পোৱা যায়?
উত্তৰঃ বর্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্রৰ উপৰিও যুক্তৰাজ্য (গ্রেট বৃটেইন), জার্মানী, জাপান, চীন আৰু ভাৰতত বহুসংখ্যক ইন্টাৰনেট গ্রাহক পোৱা যায়।
৫। যোগাযোগ কাক বোলে?
উত্তৰঃ তথ্য, সংবাদ, অনুভূতি অথবা আন যিকোনো ধৰণৰ ভাৱ-বিনিময়ক যোগাযোগ বোলা হয়।
৬। আধুনিক যোগাযোগ ব্যৱস্থাৰ বিশেষ সুবিধা কি?
উত্তৰঃ শব্দ, ছবি, বৰ্ণমালাৰ মাধ্যমে বিশ্বৰ যিকোনো স্থানত তথ্য তৎক্ষণাত প্ৰেৰণ আৰু গ্ৰহণ কৰা যায়।
৭। দূৰভাষ আৰু সংগণক যন্ত্ৰৰ সংযোগৰ ফলত কি নতুন যোগাযোগ ব্যৱস্থা সৃষ্টি হয়?
উত্তৰঃ দূৰভাষ আৰু সংগণক যন্ত্ৰৰ সংযোগৰ ফলত ইণ্টাৰনেট নামৰ বিশ্বব্যাপী যোগাযোগ ব্যৱস্থা সৃষ্টি হয়।
৮। নলিকা পৰিবহন পৰিক্ৰমাটোৰ প্রকাৰ্যৰ উল্লেখযোগ্য সীমাবদ্ধতাসমূহ লিখা।
উত্তৰঃ নলিকা পৰিবহন পৰিক্ৰমাটোৰ প্রকাৰ্যৰ উল্লেখযোগ্য সীমাবদ্ধতাসমূহ হৈছে-
(ক) একেটা নলীকা পথেৰে একেসময়তে মাত্র যিকোনো এবিধ দ্রব্যহে যিকোনো এটা দিশত সৰবৰাহ কৰিব পাৰি।
(খ) নিম্ন উচ্চতাৰ অৱস্থানৰ পৰা অধিক উচ্চতাৰ লক্ষ্যস্থানলৈ জুলীয়া অথবা গেছীয় সম্ভাৰ সৰবৰাহ কৰাৰ বেলিকা উচ্চতাৰ পার্থক্য অনুপাতে এই মাধ্যমত পৰিবহন ব্যয় বাঢ়ি যায়।
৯। নলিকা পথৰ উদ্দেশ্য কি?
উত্তৰঃ নলিকা পথৰ উদ্দেশ্য হৈছে গেছ, তৈল আৰু শোধিত দ্রব্যসমূহ সৰবৰাহৰ এক সুৰক্ষিত আৰু কার্যকৰী মাধ্যমৰূপে ব্যৱহাৰ কৰা।
১০। ‘বিগ ইঞ্চ’ নলিকা পথৰ উদ্দেশ্য কি?
উত্তৰঃ ‘বিগ ইঞ্চ’ নলিকা পথ মেক্সিকো উপসাগৰীয় তৈলক্ষেত্ৰৰ পৰা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব অঞ্চলক সংযোগিত কৰিবলৈ ব্যৱহৃত হয়।
১১। ৰাছিয়া অঞ্চলৰ নলিকাপথ সমূহ লিখা।
উত্তৰঃ ৰাছিয়া অঞ্চলৰ নলিকাপথ সমূহ হ’ল- ৰাছিয়াৰ অন্তর্গত বাকু তৈলক্ষেত্ৰৰ পৰা জর্জিয়াত কৃষ্ণসাগৰীয় উপকূলৰ বাটুম বন্দৰলৈ, মাখাচকালৰ পৰা টুপাজ বন্দৰলৈ, ৰুস্তভ তৈলক্ষেত্ৰৰ পৰা মৈকপ আৰু অস্ক তৈলক্ষেত্রৰ পৰা কাস্পিয়ান হ্রদৰ উপকূলত অৱস্থিত কোচাগিল, বাকুচা আৰু গুৰুৱ প্রভৃতি শোধনাগাৰসমূহলৈ ভালেসংখ্যক খনিজ তৈলবাহী নলিকাপথ দেখা যায়।
১২। মধ্যপ্রাচ্যৰ আন্তঃৰাষ্ট্ৰীয় তৈলনলিকাপথসমূহ লিখা।
উত্তৰঃ মধ্যপ্রাচ্যৰ আন্তঃৰাষ্ট্ৰীয় তৈলনলিকাপথসমূহ হ’ল-
(ক) কাটাৰৰ পৰা হাইফা (ইজৰাইল) বন্দৰ।
(খ) ইৰানৰ চিৰাজ চহৰৰ পৰা আবাদান হৈ ত্রিপোলি (লেবানন)।
(গ) ইৰাকৰ কিৰকুকৰ পৰা ত্রিপোলি।
(ঘ) কিৰকুকৰ পৰা হাইফা বন্দৰ সযোগী নলিকাপথসমূহ বিশেষভাৱে উল্লেখযোগ্য।
১৩। বিমান পৰিবহনৰ মূল উদ্দেশ্য কি?
উত্তৰঃ বিমান পৰিবহনৰ মূল উদ্দেশ্য হৈছে দ্রুত গতিৰে যাত্রী আৰু মূল্যৱান সম্পদ সৰবৰাহ কৰা।
১৪। বিশ্বত বিমান পৰিবহন কোম্পানীসমূহৰ সংখ্যা কিমান?
উত্তৰঃ বিশ্বত প্রায় ২৫০টা বিমান পৰিবহন কোম্পানী আছে।
১৫। পানামা খাল মুকলি কৰাৰ ফলত কোন দুটা চহৰৰ সামুদ্রিক দূৰত্ব হ্রাস পাইছে?
উত্তৰঃ পানামা খাল মুকলি কৰাৰ ফলত নিউয়র্ক আৰু চা-ফ্রান্সিস্ক’ চহৰৰ সামুদ্রিক দূৰত্ব প্রায় ১৩,০০০ কিলোমিটাৰ হ্রাস পাইছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


