Class 12 Geography Important Chapter 9 আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

Class 12 Geography Important Chapter 9 আন্তঃৰাষ্ট্ৰীয় বাণিজ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 9 আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 9

তৃতীয় গোট: মানুহৰ অৰ্থনৈতিক কামকাজ
IMPORTANT QUESTION AND ANSWER

১। ভূতাত্ত্বিক সংৰচনা কাক বোলে?

উত্তৰঃ মাটিৰ উপৰিভাগৰ ঠিক তলত থকা বিভিন্নধৰণৰ পদাৰ্থৰে গঠিত স্তৰ-উপস্তৰবোৰৰ সামগ্রিক সাজোন-কাচোনক ভূতাত্ত্বিক সংৰচনা (geological structure) বোলে।

২। ভাৰসাম্য ৰক্ষা বুলিলে কি বুজা?

উত্তৰঃ এখন ৰাষ্ট্রই নির্ধাৰিত সময়সীমাৰ ভিতৰত (সচৰাচৰএবছৰ) ৰপ্তানি কৰা সম্পদৰ মূল্যৰ ঠিক সমমূল্যৰ সম্পদ আমদানি কৰা অৱস্থাটোক ৰাষ্ট্রখনে আন্তঃৰাষ্ট্রীয় বাণিজ্যত ভাৰসাম্য ৰক্ষা কৰা বোলে।

৩। আন্তঃৰাষ্ট্রীয় বাণিজ্যিক ঘাটি বুলিলে কি বুজা?

উত্তৰঃ ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ (বিক্রীমূল্যৰ লেখেৰে) বৃদ্ধি পোৱাক আন্তঃৰাষ্ট্রীয় বাণিজ্যিক ঘাটি (International Trade Deficit) বুলি কোৱা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মুক্ত বাণিজ্য কাক বোলে?

উত্তৰঃ দেশ এখনৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশত উৎপাদিত পণ্য আৰু সেৱা সম্পদৰ অবাধ পয়োভৰ ঘটাৰ অৱস্থাটোকেই সাধাৰণ অর্থত মুক্ত বাণিজ্য বোলে।

৫। ঔদ্যোগিক বন্দৰ কাক বোলে?

উত্তৰঃ শিল্প উদ্যোগৰ কেঁচামাল আৰু খাদ্য-শস্য সৰবৰাহকাৰী বন্দৰসমূহক ঔদ্যোগিক বন্দৰ (Industrial Port) বোলে।

৬। ভাৰতৰ কোংকণ উপকূলত অৱস্থিত বন্দৰ দুটাৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ কোংকণ উপকূলত অৱস্থিত মার্মাগাঁও (গোৱা) আৰু মাংগালোৰ (কর্ণাটক) বন্দৰদুটাক এই শ্রেণীৰ বন্দৰ বুলিব পাৰি।

৭। অন্তর্দেশীয় বন্দৰ কাক বোলে?

উত্তৰঃ প্রকৃত উপকূল ৰেখাৰ পৰা ভিতৰুৱা অৱস্থানত থকা বন্দৰসমূহক অন্তর্দেশীয় বন্দৰ বোলে।

৮। ভৌগোলিক অৱস্থান অনুসৰি বন্দৰক বিভক্ত কৰা দুটা শ্রেণীৰ নাম লিখা।

উত্তৰঃ ভৌগোলিক অৱস্থান অনুসৰি সকলোবোৰ বন্দৰক আকৌ অন্তর্দেশীয় বন্দৰ (Inland Port) আৰু সামুদ্রিক বন্দৰ (Marine Port) নামৰ দুটা শ্রেণীত বিভক্ত কৰা হয়।

৯। টেংকাৰ পৰ্ট (Tanker Port) অথবা তৈলসংগ্রাহী বন্দৰ কাক বোলে?

উত্তৰঃ ভাৰতৰ পাড়াদ্বীপ আৰু কাণ্ডালা, ভেনিজুৱেলাৰ মাৰাকাইবু, টিউনিছিয়াৰ এম্বিৰা, লেবাননৰ ত্রিপোলি প্রভৃতি বন্দৰসমূহ তৈলবাহী জাহাজেৰে পৰিবহন কৰা খাৰুৱা তেল নমোৱাৰ উদ্দেশ্যেই সজাই তোলা হৈছে। এনে আৰ্হিৰ বন্দৰক টেংকাৰ পৰ্ট (Tanker Port) অথবা তৈলসংগ্রাহী বন্দৰ বোলে।

১০। শোধনাগাৰসেৱী বন্দৰ কাক বোলে?

উত্তৰঃ পাৰস্য উপসাগৰৰ আবাদান বন্দৰৰ পৰা বন্দৰটোৰ পশ্চাৎভূমিত অৱস্থিত শোধনাগাৰসমূহত উৎপাদিত দ্রব্য পেট্র’ল, ডিজেল প্রভৃতি জাহাজেৰে ৰপ্তানি কৰা হয়। বিভিন্ন প্রকাৰৰ পেট্র’লজাত সামগ্রী ৰপ্তানি কৰাৰ আর্হিত প্রতিষ্ঠা কৰা এনেবোৰ বন্দৰক শোধনাগাৰসেৱী বন্দৰ (Refinery Port) বোলে।

১১। বিশ্রাম বন্দৰ কাক বোলে?

উত্তৰঃ দীঘলীয়া সমুদ্রপথত নির্দিষ্ট দূৰত্বৰ ব্যৱধানত দুৰগামী জাহাজসমূহে ইন্ধন, খোৱাপানী, খাদ্যদ্রব্য প্রভৃতি যাত্রাকালীন উপচাৰ সংগ্রহৰ উদ্দেশ্যে প্রতিষ্ঠা কৰা বন্দৰসমূহক বিশ্রাম বন্দৰ (Port of Call) বোলে।

১২। সংগ্রাহক বন্দৰ বুলিলে কি বুজা?

উত্তৰঃ দক্ষিণ পূব এছিয়াৰ ছিংগাপুৰ, পশ্চিম ইউৰোপৰ ৰটাৰডাম (নেদাৰলেণ্ড), বাল্টিক সাগৰৰ কোপেনহেগেন প্রভৃতি সুবৃহৎ কলেবৰৰ বন্দৰসমূহত চুবুৰীয়া একাধিক ৰাষ্ট্রৰ বিভিন্নধৰণৰ ৰপ্তানিমুখী সম্পদ গোট খায়। বিস্তীর্ণ পশ্চাৎভূমি এলেকাৰ পৰা সংগ্রহ কৰা নানা প্রকাৰৰ বাণিজ্যিক দ্রব্য ৰপ্তানিকাৰী এনেবোৰ বন্দৰক সংগ্রাহক বন্দৰ (Entrepot Port) বোলে।

১৩। নৌ-সৈনিক বন্দৰ কাক বোলে?

উত্তৰঃ ভাৰতৰ কোচি, কাৰবাড় (কর্ণাটক) প্রভৃতি বন্দৰসমূহ আকৌ সামৰিক জাহাজৰ ঘাটি ৰূপত সজাই তোলা হয়। এনেবোৰ বন্দৰত যুদ্ধ জাহাজকে ধৰি সামৰিক উদ্দেশ্যত নির্মিত আৰু চলাচলকাৰী সকলোবোৰ জাহাজৰ মেৰামতিৰ কাম-কাজ সম্পন্ন কৰা হয়। কেবল প্রতিৰক্ষাৰ উদ্দেশ্যত প্রতিষ্ঠা কৰা এনেবোৰ বন্দৰক নৌ-সৈনিক বন্দৰ (Naval Port) বোলে (কোচি চহৰক কেন্দ্র কৰি পৃথকে পৃথকে এটা নৌ-সৈনিক আৰু দ্বিতীয় এটা অসামৰিক বন্দৰগাহ আছে)।

১৪। বাণিজ্যৰ পৰিসৰ কিদৰে নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ বাণিজ্যৰ পৰিসৰ পণ্য আৰু কৌশলমূলক সম্পদসমূহৰ মুঠ পৰিমাণ আৰু বজাৰ দৰৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।

১৫। বাণিজ্যৰ সংৰচনাৰ পৰা কি বুজা যায়?

উত্তৰঃ বাণিজ্যৰ সংৰচনা হৈছে বাণিজ্যত বিক্ৰী কৰা সম্পদসমূহৰ ধৰণ আৰু উৎপাদনৰ পৰিসৰে। সেই অনুসৰি বাণিজ্যিক মূল্যও নিৰ্ধাৰিত হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top