Class 12 Geography Important Chapter 10 জনবসতিৰ প্ৰকাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.
Class 12 Geography Important Chapter 10 জনবসতিৰ প্ৰকাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.
জনবসতিৰ প্ৰকাৰ
Chapter: 10
| চতুর্থ গোট: জনবসতি ভূগোল |
| IMPORTANT QUESTION AND ANSWER |
১। জনবসতি বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ বেছিভাগ মানুহেই কোনো সুবিধাজনক অৱস্থানত নিজ নিজ যোত্র অনুসৰি একো একোটা ঘৰ সাজি বাস কৰে। এনেকৈ একোটা পৰিয়াল অথবা পাৰস্পৰিক সম্পর্কযুক্ত কিছুসংখ্যক মানুহে একেলগে বাস কৰা কার্যক জনবসতি বোলে।
২। প্রকৃতার্থত জনবসতি, অর্থাৎ স্থায়ী বসতি আকৌ ঘাইকৈ কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ প্রকৃতার্থত জনবসতি, অর্থাৎ স্থায়ী বসতি আকৌ ঘাইকৈ দুই প্রকাৰৰ সেইকেইটা হ’ল-
গ্রাম্য-বসতি (Rural Settlement) আৰু পৌৰ-বসতি (Urban Settlement)।
৩। গ্রাম্য-বসতি বুলিলে কি বুজা?
উত্তৰঃ কৃষি, মীন, পশুপালন, অৰণ্য আৰু খনি প্রভৃতি প্রাথমিক পর্যায়ৰ আর্থিক কাম-কাজৰ (Primary Occupation) লগত জড়িত লোকসকল ঘাইকৈ গ্ৰাম্যঞ্চলৰ বাসিন্দা। এওঁলোকৰ অর্থনৈতিক কাম-কাজ বহুদূৰলৈকে প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। পৃথিৱীৰ এনে সকলোবোৰ গ্রামাঞ্চলৰ জনবসতি পৰিক্রমাটোক গ্রাম্য-বসতি বোলা হয়।
৪। উপনগৰীয় বসতি বুলিলে কি বুজা?
উত্তৰঃ চহৰ একোখনৰ কেউকাষে বিস্তৃত হৈ পৰা অথচ চহৰৰ ভিতৰত সোমাই নপৰা এনেবোৰ এলেকাৰ অভিজাতপূর্ণ জনবসতিক উপনগৰীয় বসতি (Sub-urban Settlement) বোলে।
৫। অর্ধ-নগৰীয় বসতি কাক বোলে?
উত্তৰঃ গ্ৰাম্যঞ্চলৰ কিছুমান সুবিধাজনক অৱস্থানত চহৰসদৃশ সুবিধা বিৰাজ কৰা স্বতন্তৰীয়া কেন্দ্ৰস্থলবোৰক গ্রাম্য কেন্দ্রীয় অৱস্থান (Rural Central Place) আৰু এনেবোৰ ক্ষেত্ৰত গঢ় লোৱা জনবসতিক অর্ধ-নগৰীয় বসতি (Semi-Urban Settlement) বোলে।
৬। বসতিগৃহৰ অৱস্থানৰ পৰা উদ্ভৱ হোৱা বসতি এলেকাৰ জ্যামিতিক প্রতিৰূপৰ প্রতি লক্ষ্য ৰাখি সকলোধৰণৰ গ্ৰাম্যঞ্চলক অন্তর্ভুক্ত কৰা শ্রেণীসমূহৰ নাম লিখা।
উত্তৰঃ বসতিগৃহৰ অৱস্থানৰ পৰা উদ্ভৱ হোৱা বসতি এলেকাৰ জ্যামিতিক প্রতিৰূপৰ প্রতি লক্ষ্য ৰাখি সকলোধৰণৰ গ্ৰাম্যঞ্চলক অন্তর্ভুক্ত কৰা শ্রেণীসমূহৰ নাম হ’ল- ৰৈখিক বসতি,চক্রাকাৰ বসতি,বর্গাকৃতিক বসতি,কেন্দ্রীভূত বসতি,তাৰাকৃতিক বসতি,বিৰল বসতি।
৭। ৰৈখিক বসতি কাক বোলে?
উত্তৰঃ নদীৰ পাৰে পাৰে অথবা একোটা অকলশৰীয়া ৰাস্তাৰ দুয়োকাষে দীঘলীয়াকৈ শাৰী পাতি থকা বাসগৃহৰ গ্রাম্য বসতিক ৰৈখিক বসতি বোলে।
৮। চক্রাকাৰ বসতি বুলিলে কি বুজা?
উত্তৰঃ পর্বতৰ শৃংগ, মালভূমি আৰু কিছুমান জলাশয়ৰ কেউকাষে বাসগৃহ নির্মাণ কৰাৰ ফলত বাসগৃহৰা শাৰীটোৱে একোটা উপবৃত্তৰ আর্হি লয়। এনে আৰ্হিৰ বসতিক চক্রাকাৰ বসতি বোলে।
৯। কেন্দ্রীভূত বসতি বুলিলে কি বুজা?
উত্তৰঃ গ্ৰাম্যঞ্চলত বসবাসৰ উপযুক্ত মাটি সীমিত হ’লে সমুদায় গাঁওবাসী পৰস্পৰ লগালগি অৱস্থানত ঘৰ সাজি বসবাস কৰে। ইয়াক কেন্দ্রীভূত বসতি বোলে।
১০। বিৰল বসতি কাক বোলে?
উত্তৰঃ ভূমিৰ উৎপাদিকা শক্তি নিম্নমানৰ হোৱা অৱস্থাত একোখন গাঁৱত ওচৰা উচৰিকৈ বহুসংখ্যক মানুহ বসবাস কৰি আর্থিক সচ্ছলতা বজাই ৰাখিব নোৱাৰে। এনে পৰিৱেশত দুই-তিনিঘৰ মানুহৰ একোটা ক্ষুদ্র বসতি গোট বহুত দূৰেদূৰে গঢ় লৈ সৃষ্টি কৰা বসতিক বিৰল বসতি বোলে।
১১। চহৰৰ সমাজ-সাংস্কৃতিক সমস্যাবোৰ সৃষ্টি হোৱাৰ মুখ্য কাৰণ কি?
উত্তৰঃ জনসংখ্যাৰ অহৰহ বৃদ্ধি আৰু উপযুক্ত পৰিসৰৰ সামজিক সেৱা সম্প্ৰসাৰণৰ উদ্দেশ্যে পুঁজিৰ অভাৱেই সমাজ-সাংস্কৃতিক সমস্যাবোৰ সৃষ্টি কৰে।
১২। চহৰত বায়ু, পানী আৰু মাটিৰ প্ৰদূষণৰ মূল উৎস কি?
উত্তৰঃ যান-বাহন, যন্ত্রপাতি, গৃহসজ্জা, বাণিজ্যিক প্রতিষ্ঠান আদি পৰা নির্গত অপদ্ৰব্যসমূহ।
১৩। চহৰৰ পানী আৰু খাদ্য সামগ্ৰীৰ জৰিয়তে কি সমস্যা বৃদ্ধি পায়?
উত্তৰঃ নানাধৰণৰ প্ৰদূষক আৰু ৰোগ-বীজাণুৰ সংক্রমণ মানৱ দেহলৈ সৰবৰাহ হয়।
১৪। কেন্দ্রীভূত বসতি বুলিলে কি বুজা যায়?
উত্তৰঃ কেন্দ্রীভূত বসতি বুলি সেইধৰণৰ বসতিক বুজা যায় য’ত বহু সংখ্যক আবাস গৃহ একে স্থানত গা লগাকৈ আৰু ক্ৰমশঃ সুসংহত ৰূপত গঢ়ি উঠে। সাধাৰণতে উৰ্বৰ ভূমি, নদী-উপত্যকা অঞ্চল আৰু নগৰৰ আবাসিক এলেকাত এনে ধৰণৰ বসতি দেখা যায়। বিভিন্ন উমৈহতীয়া জীৱিকা, যেনে— তাঁতশিল্প, মৎস্যচাষ আদিৰ ক্ষেত্ৰতো এনে কেন্দ্রীভূত বসতি গঢ় লৈ উঠে।
১৫। বিৰল বসতি সাধাৰণতে ক’ত গঢ়ি উঠে?
উত্তৰঃ ভূমি উৎপাদিকা শক্তি কম অথবা বাসযোগ্য ভূমি সৰু সৰু অংশত বিস্তৃত হৈ থকা অঞ্চলত সাধাৰণতে বিৰল বসতি গঢ়ি উঠে। এনে ধৰণৰ বসতিত ঘৰবিলাক দূৰে দূৰে সিঁচৰাই থাকে। মৰুভূমি, তৃণভূমি আৰু অনুৰ্বৰ মালভূমি অঞ্চলত সাধাৰণতে এই ধৰণৰ বসতি দেখা যায়, য’ত প্ৰাকৃতিক পৰিৱেশ বাসস্থান গঠন কৰিব বিশেষ সুবিধাজনক নহয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


