Class 12 Geography Important Chapter 7 তৃতীয়ক আৰু চতুর্থক জীৱিকা

Class 12 Geography Important Chapter 7 তৃতীয়ক আৰু চতুর্থক জীৱিকা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 7 তৃতীয়ক আৰু চতুর্থক জীৱিকা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 7

তৃতীয় গোট: মানুহৰ অৰ্থনৈতিক কামকাজ
IMPORTANT QUESTION AND ANSWER

১। তৃতীয়ক খণ্ডৰ জীৱিকা বুলিলে কি বুজা?

উত্তৰঃ বাণিজ্য, যাতায়াত-পৰিবহন, যোগাযোগ আৰু ব্যক্তিগত অথবা সমষ্টিগত পর্যায়ত আগবঢ়োৱা সেৱা সৃষ্টিকাৰী আর্থিক কাম-কাজবোৰক তৃতীয়ক খণ্ডৰ জীৱিকা বোলা হয়।

২। তৃতীয়ক খণ্ডৰ জীৱিকাসমূহক কেইটা শ্রেণীত বিভক্ত কৰা হয় আৰু কি কি?

উত্তৰঃ তৃতীয়ক খণ্ডৰ জীৱিকাসমূহক সেয়েহে মূলতঃ চাৰিটা শ্রেণীত বিভক্ত কৰা হয়- শ্রেণীসমূহ হ’ল বাণিজ্য, পৰিবহন, যোগাযোগ আৰু বৌদ্ধিক অর্হতাপ্রসূত সেৱাসমূহ।

৩। বাণিজ্যিক লেনদেন কার্য কেই প্রকাৰৰ আৰু কি কি?

উত্তৰঃ বাণিজ্যিক লেনদেন কার্য দুই প্রকাৰৰ- পাইকাৰী (Wholesale) আৰু খুচুৰা (Retail), পর্যায়ৰ লেনদেন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বাণিজ্য কাক বোলে?

উত্তৰঃ স্থানীয় পৰিসৰত উৎপাদন নোহোৱা দ্রব্যকে ধৰি আঞ্চলিক অর্থব্যৱস্থা এটাত প্রয়োজনীয় দ্রব্যসমূহৰ বেচা-কিনা পৰিক্রমাটোক বাণিজ্য বোলে।

৫। বাণিজ্য কেন্দ্র কাক বোলে?

উত্তৰঃ বাণিজ্যিক লেনদেন কার্য দুই প্রকাৰৰ। পাইকাৰী (Wholesale) আৰু খুচুৰা (Retail), পর্যায়ৰ লেনদেন। এই দুয়ো প্ৰকাৰৰ লেনদেন অনুষ্ঠিত হোৱা অৱস্থানক বাণিজ্য কেন্দ্র (Trade Centre) বোলে।

৬। উমৈহতীয়া ক্ষেত্র বুলিলে কি বুজা?

উত্তৰঃ গ্রামাঞ্চলৰ প্ৰায়বোৰ বাণিজ্য কেন্দ্রক ইহঁতৰ চুবুৰীয়া এলেকা একোটাৰ বাবে উৎপাদিত সামগ্ৰীৰ সংগ্রহ আৰু কিছুমান প্রয়োজনীয় সামগ্রীৰ বিতৰণ কার্যৰ উমৈহতীয়া ক্ষেত্র বুলিব পাৰি।

৭। উমৈহতীয়া লক্ষণ বুলিলে কি বুজা?

উত্তৰঃ একেখন ক্ষেত্রতে অথবা বহু সময়ত একেখন দোকানতে অঞ্চলটোৰ প্রয়োজনীয় প্রায় সকলোবোৰ দ্রব্যৰ লেনদেন কার্যক এনে গ্রামীণ বাণিজ্য কেন্দ্রসমূহৰ এক উমৈহতীয়া লক্ষণ বুলি ক’ব পাৰি।

৮। পাইকাৰী বাণিজ্য কাক বোলে?

উত্তৰঃ বিভিন্ন পর্যায়ৰ সৰু-ডাঙৰ বণিকৰ মাজত বৃহৎ পৰিমাণৰ দ্রব্যৰ লেনদেন পৰিক্রমাক পাইকাৰী বাণিজ্য বোলে।

৯। যোগাযোগ সেৱাৰ মাধ্যমত কি প্রেৰণ কৰা হয়?

উত্তৰঃ যোগাযোগ সেৱাৰ মাধ্যমত শব্দ (word), বার্তা (message), তথ্য (fact) আৰু ধাৰণা (idea) প্রভৃতি ধ্বনি (sound), চিত্র (picture) লিখনি (writing) অথবা অন্য যিকোনোধৰণৰ সংকেত (signal) ৰূপত নির্দিষ্ট লক্ষ্য অভিমুখে প্রেৰণ কৰা হয়।

১০। খুচুৰা বাণিজ্যৰ পৰিসৰত কি কি পৰিৱেশন পদ্ধতি পোৱা যায়?

উত্তৰঃ খুচুৰা বাণিজ্যৰ পৰিসৰত স্থাৱৰ বিক্রীকেন্দ্র, চলমান বিক্রীকেন্দ্র আৰু নির্দেশমূলক যোগানৰ তিনিটা পৰিৱেশন পদ্ধতি পোৱা যায়।

১১। পৰিবহন কাক বোলে?

উত্তৰঃ মানুহ (যাত্রী) আৰু যিকোনো ধৰণৰ পণ্যদ্রব্য এঠাইৰ পৰা অন্য কোনো এখন ঠাইলে উদ্দেশ্যপ্রণোদিতভাৱে স্থানান্তৰ কৰাৰ বিনিময়ত ভাড়াৰ মাধ্যমত অর্থ সংগ্ৰহ কৰা পৰিক্ৰমাটোক পৰিবহন বোলে।

১২। গ্রন্থি (node) অথবা শীর্ষ (vertex) বুলিলে কি বুজা?

উত্তৰঃ বহুমাধ্যমিক (multimodal) পৰিবহনতন্ত্র এটাই ইয়াৰ অন্তৰ্গত সেৱা ক্ষেত্ৰখনত (service field) সিঁচৰতি হৈ থকা সৰু-বৰ যাতায়াত-সম্ভাৱনাযুক্ত স্থানসমূহ কিছুমান যাতায়াত পথেৰে পাৰস্পৰিক ভিত্তিত সংযোগ কৰে। পৰিবহন ভূগোলৰ পৰিভাষাত এনেধৰণৰ যাতায়াত সম্ভাৱনাময় স্থানবোৰক গ্রন্থি (node) অথবা শীর্ষ (vertex) বোলে।

১৩। পথ অথবা পথখণ্ডসমূহৰ সম্প্ৰসাৰণ আৰু গুণগত উন্নয়ন কার্য সংযোগ কৰা গ্ৰন্থিসমূহ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ পথ অথবা পথখণ্ডসমূহৰ সম্প্ৰসাৰণ আৰু গুণগত উন্নয়ন কার্য ইহঁতে সংযোগ কৰা গ্ৰন্থিসমূহৰ ভৌগোলিক অৱস্থান, যাতায়াত, সম্ভাৱনা (traffic potentiality), ভূ-আকৃতিক দৃশ্যপট আৰু জলবায়বীয় অৱস্থাৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে।

১৪। চতুর্থক খণ্ডৰ জীৱিকা বুলিলে কি বুজা?

উত্তৰঃ উদ্যোক্তা, পৰিচালক, প্রশাসক প্রভৃতি পর্যায়ৰ কার্যবাহী আৰু নীতি নির্ধাৰক লক্ষণৰ আর্থিক কাম-কাজত নিযুক্ত শ্রেণীটোক চতুর্থক খণ্ডৰ জীৱিকাধাৰী আৰু এওঁলোকৰ কর্ম-পৰিসৰক চতুর্থক খণ্ডৰ জীৱিকা বোলা হয়।

১৫। বিপৰীতধর্মী জলবায়ু পৰ্যটকৰ ক্ষেত্ৰত কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ বিপৰীতধর্মী জলবায়ু পৰ্যটকক নিজৰ অঞ্চলৰ পৰিৱেশৰ পৰা নতুনত্ব লাভ কৰিবলৈ আকৰ্ষিত কৰে, যেনে ইউৰোপৰ শীতল অঞ্চলৰ পৰ্যটকে উষ্ণ সমুদ্ৰ উপকূল বাছি লয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top