Class 12 Geography Important Chapter 16 ভাৰতৰ জলসম্পদ

Class 12 Geography Important Chapter 16 ভাৰতৰ জলসম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 16 ভাৰতৰ জলসম্পদ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 16

সপ্তম গোট: সম্পদ আৰু সম্পদ-প্ৰকৰণ
IMPORTANT QUESTION AND ANSWER

১। স্থবিৰ জলাশয়সমূহৰ পানীৰ মূল ব্যৱহাৰ কি?

উত্তৰঃ ঘৰুৱা কাম, ক্ষুদ্ৰ উদ্যোগ, আৰু বাণিজ্যিক কাম-কাজত ব্যৱহাৰ হয়।

২। কোনখন হ্ৰদ জলসিঞ্চন আৰু পর্যটনৰ উৎস হিচাপে বিবেচিত?

উত্তৰঃ লোগটক হ্ৰদ জলসিঞ্চন আৰু পর্যটনৰ উৎস হিচাপে বিবেচিত।

৩। কিয় সমভূমিৰ নদীবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে উপযুক্ত নহয়?

উত্তৰঃ কাৰণ সমভূমিৰ নদীত পানীৰ উচ্চতা পৰ্যাপ্ত নাথাকে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভাৰতৰ ভূগভীয় জলসম্পদ পুনর্ভৰণক্ষম পৰিমাণ কিমান?

উত্তৰঃ ভাৰতৰ ভূগভীয় জলসম্পদ পুনর্ভৰণক্ষম পৰিমাণ ৪৩২ ঘন কিলোমিটাৰ।

৫। জলসিঞ্চনৰ বাবে কিমান জল ব্যৱহৃত হয়?

উত্তৰঃ জলসিঞ্চনৰ বাবে ১৩৮ ঘন কিলোমিটাৰ (৩১.৯৭%) জল ব্যৱহৃত হয়।

৬। কোনখন ৰাজ্যত জল আহৰণ উচ্চ পৰ্যায়ত হয়?

উত্তৰঃ পঞ্জাব, হৰিয়াণা, ৰাজাস্থান আৰু তামিলনাডু ৰাজ্যত জল আহৰণ উচ্চ পৰ্যায়ত হয়।

৭। ভূগভীয় জল আহৰণ অতি কম ক’ত হয়?

উত্তৰঃ ছত্তীসগঢ়, ওড়িশা আৰু কেৰল প্রদেশত হয়।

৮। ভাৰতত জলসিঞ্চনৰ বাবে পৃষ্ঠজল আৰু ভূগভীয় জলৰ কিমান শতাংশ ব্যৱহাৰ হয়?

উত্তৰঃ পৃষ্ঠজলৰ ৮৯% আৰু ভূগভীয় জলৰ ৯২% জলসিঞ্চনৰ বাবে ব্যৱহাৰ হয়।

৯। উদ্যোগ খণ্ডত পৃষ্ঠজল আৰু ভূগভীয় জলৰ কিমান শতাংশ ব্যৱহৃত হয়?

উত্তৰঃ পৃষ্ঠজলৰ ২% আৰু ভূগভীয় জলৰ ৫% উদ্যোগ খণ্ডত ব্যৱহাৰ হয়।

১০। গৃহস্থালি কাম-কাজত জলসম্পদৰ কিমান ব্যৱহাৰ হয়?

উত্তৰঃ গৃহস্থালি কাম-কাজত পৃষ্ঠজলৰ ৯% আৰু ভূগভীয় জলৰ ৩% ব্যৱহাৰ হয়।

১১। ভাৰতৰ কৃষিখণ্ডটো কিয় জলসিঞ্চনৰ ওপৰত অধিক নিৰ্ভৰশীল?

উত্তৰঃ ভাৰতত বৃষ্টিপাত অতি অনিয়মিত আৰু বিষমভাৱে বণ্টিত হোৱাৰ ফলত কৃষিখণ্ডটো অধিকভাগ সময়তে জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। বৃষ্টিৰ অনিশ্চয়তাই কৃষকৰ বাবে জলসিঞ্চন অপৰিহাৰ্য কৰি তোলে।

১২। কিহে ভাৰতৰ পশ্চিমভাগৰ কেইবাখনো ৰাজ্যত জলসিঞ্চনৰ চাহিদা বৃদ্ধি কৰিছে?

উত্তৰঃ পশ্চিম ভাৰতৰ পঞ্জাব, হৰিয়াণা, ৰাজস্থান, গুজৰাট আৰু দাক্ষিণাত্য মালভূমিৰ বিস্তীর্ণ এলাকা অল্পবৃষ্টিপীড়িত আৰু খৰাংপ্ৰৱণ অঞ্চল হোৱাত এই ৰাজ্যবোৰত জলসিঞ্চনৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

১৩। কোন কোন অঞ্চল গ্ৰীষ্ম আৰু শীতকালত বৃষ্টিবিহীন থাকে?

উত্তৰঃ সিন্ধু-গাংগেয় সমতল আৰু সহ্যাদ্ৰিৰ পূব অংশত অৱস্থিত দাক্ষিণাত্যৰ মালভূমি আৰু সমভূমি অঞ্চলবোৰ গ্ৰীষ্ম (এপ্ৰিল-জুন) আৰু শীতকাল (ডিচেম্বৰ-জানুৱাৰী) সময়ছোৱাত বৃষ্টিবিহীন থাকে।

১৪। ধান আৰু কুঁহিয়াৰ উৎপাদনৰ বাবে জলসিঞ্চন কিয় অপৰিহাৰ্য?

উত্তৰঃ ধান আৰু কুঁহিয়াৰ দৰে উচ্চ জলনিৰ্ভৰ শস্যবোৰৰ সঠিক উৎপাদন নিশ্চিত কৰিবলৈ পর্যাপ্ত জলসিঞ্চন ব্যৱস্থা প্রয়োজন, বিশেষকৈ বৃষ্টিবিহীন ঋতুত।

১৫। ভাৰতত জনসংখ্যা বৃদ্ধিৰে লগে লগে জলসম্পদৰ পৰিমাণত কেনে পৰিৱর্তন আহিছে?

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ ঠিক বিপৰীত হাৰত জনমূৰি জলসম্পদৰ পৰিমাণ দ্রুতগতিত হ্ৰাস পাইছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top