Class 12 Geography Important Chapter 15 ভূমি-সম্পদ আৰু কৃষিকার্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.
Class 12 Geography Important Chapter 15 ভূমি-সম্পদ আৰু কৃষিকার্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.
ভূমি-সম্পদ আৰু কৃষিকার্য
Chapter: 15
| সপ্তম গোট: সম্পদ আৰু সম্পদ-প্ৰকৰণ |
| IMPORTANT QUESTION AND ANSWER |
১। ইতিবৃত্ত ভূমি অথবা প্রতিবেদনপ্রাপ্ত ভূমি কাক বোলে?
উত্তৰঃ বিভিন্ন কাম-কাজত ব্যৱহৃত মুঠ ভূমিৰ পৰিমাণক দেশখনৰ ইতিবৃত্ত ভূমি অথবা প্রতিবেদনপ্রাপ্ত ভূমি বোলে।
২। ভাৰতৰ ভূমি-ৰাজহ বিভাগে দেশৰ সমুদায় ইতিবৃত্ত ভূমিক ইয়াৰ ব্যৱহাৰযোগ্যতাৰ (Usability) আধাৰত সৰ্বমুঠ কেইটা বর্গত বিভক্ত কৰিছে?
উত্তৰঃ ভাৰতৰ ভূমি-ৰাজহ বিভাগে দেশৰ সমুদায় ইতিবৃত্ত ভূমিক ইয়াৰ ব্যৱহাৰযোগ্যতাৰ (Usability) আধাৰত সৰ্বমুঠ ৯টা বর্গত বিভক্ত কৰিছে।
৩। অৰণ্যক্ষেত্ৰ বুলিলে কি বুজা?
উত্তৰঃ অৰণ্য অৱয়বসমূহৰ সামগ্রিক বিস্তাৰৰ স্বাৰ্থত আছুতীয়া কৰি ৰখা যি কোনো অৱয়বপূর্ণ ভূমিক অৰণ্যক্ষেত্ৰ বোলা হয়।
৪। নিগুটি কৃষিভূমি বুলিলে কি বুজা?
উত্তৰঃ কৃষিকার্যৰ বাহিৰে আন যিকোনো কামত ব্যৱহাৰ হোৱা মাটি আৰু বিভিন্ন কাৰণত আংশিক অথবা সম্পূর্ণভাৱে (দীর্ঘকাল অথবা উল্লেখনীয় সময় এছোৱাৰ বাবে) অব্যৱহৃত অৱস্থাত পৰি থকা বিভিন্ন বর্গৰ ভূমিক্ষেত্ৰবোৰ বাদ দিয়াৰ পাছত নিয়মীয়া কৃষিকার্যৰ পৰা ফচল আহৰণৰত দেশৰ সাৰ্থক ভূমিখণ্ডবোৰক নিগুটি কৃষিভূমি বোলা হয়।
৫। ক্ষুদ্রাকৃতিক শস্যক্ষেত্ৰৰ অৰ্থ কি?
উত্তৰঃ যিসমূহ কৃষিভূমি আকাৰত একেবাৰে সৰু আৰু খণ্ড-বিখণ্ডিত হয়, তাক ক্ষুদ্রাকৃতিক শস্যক্ষেত্ৰ বোলা হয়।
৬। ভাৰতৰ কৃষিক্ষেত্ৰত কেনেকুৱা নিযুক্তি সমস্যাটো দেখা যায়?
উত্তৰঃ বছৰত মাত্ৰ ১২০-২৪০ দিন নিযুক্ত থাকে, ফলত নিম্ন-নিযুক্তিৰ সমস্যা বিদ্যমান।
৭। জালাহভূমি কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ জলবাহী খালৰ পানী নিগৰি নিম্নভূমিত জমা হোৱাত জালাহভূমি সৃষ্টি হয়।
৮। মাটিৰ উৎপাদন ক্ষমা হ্ৰাসৰ অন্য এটা কাৰণ কি?
উত্তৰঃ কীটনাশক আৰু ৰোগনাশক ৰাসায়নিকৰ অতিৰিক্ত ব্যৱহাৰ।
৯। ভাৰতত ধান, ঘেঁহু, কপাহ আদি শস্যৰ উৎপাদনহাৰ কোন কোন দেশৰ তুলনাত কম?
উত্তৰঃ ভাৰতত ধান, ঘেঁহু, কপাহ আদি শস্যৰ উৎপাদনহাৰ যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু জাপানৰ তুলনাত কম।
১০। জমিনদাৰী প্ৰথাৰ ফলত কি প্ৰভাৱ হৈছিল?
উত্তৰঃ জমিনদাৰী প্ৰথাই কৃষকসকলৰ ক্ষতি কৰিছিল আৰু উৎপাদনত বাধা সৃষ্টি কৰিছিল।
১১। মাহজাতীয় শস্যবোৰ ভাৰতৰ খাদ্যত কিয় গুৰুত্বপূৰ্ণ?
উত্তৰঃ মাহজাতীয় শস্যবোৰ ভাৰতৰ খাদ্যত গুৰুত্বপূৰ্ণ কাৰণ- ইয়াত প্ৰচুৰ প্ৰটিন আৰু নাইট্ৰ’জেন থাকে, যি ভাৰতৰ নিৰামিষভোজী লোকসকলৰ খাদ্য তালিকাৰ প্ৰধান উৎস।
১২। বুটমাহ সাধাৰণতে কোন ঋতুত খেতি কৰা হয়?
উত্তৰঃ বুটমাহ সাধাৰণতে খৰাং ঋতুতে (Rabi Season) খেতি কৰা হয়।
১৩। অৰহৰ খেতিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ অৱদান কিমান?
উত্তৰঃ ভাৰতৰ মুঠ অৰহৰ উৎপাদনৰ এক-তৃতীয়াংশ কেৱল মহাৰাষ্ট্ৰতে হয়।
১৪। মগুমাহ আৰু মাটিমাহ কোন অঞ্চলত সীমিতভাৱে খেতি কৰা হয়?
উত্তৰঃ মগুমাহ আৰু মাটিমাহ উত্তৰ ভাৰত, মধ্যপ্ৰদেশ আৰু চম্বল উপত্যকাৰ কিছু অংশত সীমিতভাৱে খেতি কৰা হয়।
১৫। ভূমি উপযোগ পৰিৱৰ্তনৰ মূখ্য কাৰণ কি?
উত্তৰঃ সময়ৰ সৈতে অর্থনৈতিক কাম-কাজ আৰু প্রযুক্তিগত প্ৰগতিৰ বাবে একে ধৰণৰ ভূমিৰ বিকল্প ব্যৱহাৰ সম্ভৱ হয়, যাৰ ফলত ভূমি উপযোগৰ ধাৰণা সলনি হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


