Class 12 Geography Important Chapter 17 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.
Class 12 Geography Important Chapter 17 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.
ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter: 17
| সপ্তম গোট: সম্পদ আৰু সম্পদ-প্ৰকৰণ |
| IMPORTANT QUESTION AND ANSWER |
১। বিভিন্ন প্রকাৰে উৎপত্তি হোৱা নানান লক্ষণধাৰী সকলোবোৰ খনিজ সম্পদৰ তিনিটা উমৈহতীয়া ভৌগোলিক লক্ষণৰ নাম লিখা।
উত্তৰঃ বিভিন্ন প্রকাৰে উৎপত্তি হোৱা নানান লক্ষণধাৰী সকলোবোৰ খনিজ সম্পদৰ তিনিটা উমৈহতীয়া ভৌগোলিক লক্ষণ হৈছে-
(ক) ভাৰতৰ ভূ-ভাগত খনিজৰ বিসম আঞ্চলিক বিতৰণ।
(খ) উচ্চ মানবিশিষ্ট খনিজ সম্পদৰ পৰিমাণ নিম্নমূল্যমানৰ একেবাৰে খনিজৰ তুলনাত অতিশয় সীমিত। আৰু
(গ) লাখ লাখ অথবা বহুক্ষেত্রত কোটি কোটি বছৰ ব্যাপী ভূতাত্ত্বিক প্রক্রিয়া একোটাৰ ফলোদ্ভৱ প্রতিবিধ খনিজেই সঞ্চিত শ্ৰেণীৰ সম্পদ।
২। ভাৰতত ধাতৱ খনিজ কেনেদৰে ভাগ কৰা হৈছে?
উত্তৰঃ ধাতৱ খনিজক লৌহবর্গীয় আৰু অনা-লৌহবর্গীয় (Non-Ferrous) হিচাপে ভাগ কৰা হৈছে।
৩। পুনৰ প্ৰৱলন কৰিব নোৱাৰা সম্পদৰ উদাহৰণ দিয়া।
উত্তৰঃ কয়লা, খনিজ তেল, হেমেটাইট, বক্সাইট ইত্যাদি।
৪। ভাৰতত পোৱা খনিজাত সম্পদৰাজিক কেইটা আৰু কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ ভাৰতত পোৱা খনিজাত সম্পদৰাজিক ধাতৱ খনিজ আৰু অধাতৱ খনিজ শীর্ষক দুটা প্রধান ভাগত ভগোৱা হৈছে।
৫। ভাৰতৰ দাক্ষিণাত্য মালভূমি এলেকাটো কি ৰূপে চিহ্নিত কৰা হৈছে?
উত্তৰঃ ভাৰতৰ দাক্ষিণাত্য মালভূমি এলেকাটো পৃথিৱীৰ অন্যতম খনিজসমৃদ্ধ অঞ্চল ৰূপে চিহ্নিত কৰা হৈছে।
৬। ধাতৱ খনিজৰ ভিতৰত ভাৰতত লৌহবর্গীয় খনিজ শ্রেণীৰ অন্তর্ভুক্ত আকৰৰ নাম লিখা।
উত্তৰঃ ধাতৱ খনিজৰ ভিতৰত ভাৰতত লৌহবর্গীয় খনিজ শ্রেণীৰ অন্তর্ভুক্ত আকৰিক লো (Fe₂0₃) অথবা হেমেটাইট) আৰু মেংগানিজৰ আকৰেই প্রধান।
৭। ভাৰতৰ খনিজসমৃদ্ধ এলেকাটোৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ ঘনীভূত হৈ থকা তিনিটা পৃথক অঞ্চলৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ খনিজসমৃদ্ধ এলেকাটোৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ ঘনীভূত হৈ থকা তিনিটা পৃথক অঞ্চলৰ নাম হ’ল- দাক্ষিণাত্য মালভূমিৰ উত্তৰপূৰ্বাঞ্চল, দক্ষিণপশ্চিম মালভূমি অঞ্চল, উত্তৰপশ্চিম অঞ্চল।
৮। ভাৰতত কয়লা সঞ্চিত প্রধান অঞ্চল কেইটা লিখা।
উত্তৰঃ দামোদৰ উপত্যকা, সোণ-মহানদী উপত্যকা, গোদাবৰী উপত্যকা আৰু কাৱেৰী মোহনা অঞ্চল।
৯। মুম্বই হাই অঞ্চল কিয় বিখ্যাত?
উত্তৰঃ মুম্বই হাই অঞ্চল খনিজ তেল আহৰণৰ বাবে বিখ্যাত।
১০। মনাজাইট বালুকা কি? ই ক’ত পোৱা যায়?
উত্তৰঃ ইউৰেনিয়াম আৰু থৰিয়াম থকা এক বিশেষ খনিজ বালুচৰ, দক্ষিণ ভাৰতৰ উপকূলত পোৱা যায়।
১১। উত্তৰপশ্চিম খনিজ অঞ্চলৰ মুখ্য খনিজবোৰৰ নাম লিখা।
উত্তৰঃ তাম, দস্তা, চূণশিলা, মার্বল, জিপচাম, ডলমাইট, খনিজ তেল আৰু প্রাকৃতিক গেছ।
১২। উজনি অসমৰ কোনখন অৱবাহিকাত খনিজ তেল আৰু গেছ পোৱা যায়?
উত্তৰঃ ধনশিৰি আৰু বুঢ়ীদিহিং অৱবাহিকাত খনিজ তেল আৰু গেছ পোৱা যায়।
১৩। ভাৰতত প্ৰধানত কিমান ধৰণৰ লৌহ আকৰ পোৱা যায়?
উত্তৰঃ ভাৰতত প্ৰধানত দুই ধৰণৰ লৌহ আকৰ পোৱা যায়- হেমেটাইট আৰু মেগনেটাইট।
১৪। বক্সাইট কেনেধৰণৰ খনিজ আৰু ক’ত পোৱা যায়?
উত্তৰঃ বক্সাইট অনালৌহ বৰ্গীয় ধাতৱ খনিজ আৰু এলুমিনিয়ামৰ আকৰ। ই সাধাৰণতে টাচিয়াৰী যুগৰ লেটেৰাইট শিলাস্তৰত উচ্চভূমি আৰু উপকূলীয় অঞ্চলত পোৱা যায়।
১৫। গুজৰাটত বক্সাইটৰ মুখ্য ভাণ্ডাৰ ক’ত অৱস্থিত?
উত্তৰঃ গুজৰাটত বক্সাইটৰ মুখ্য ভাণ্ডাৰ ভৱনগৰ আৰু জামনগৰত অৱস্থিত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

