Class 12 Geography Important Chapter 18 ভাৰতৰ কাৰিকৰী উদ্যোগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.
Class 12 Geography Important Chapter 18 ভাৰতৰ কাৰিকৰী উদ্যোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.
ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter: 18
| সপ্তম গোট: সম্পদ আৰু সম্পদ-প্ৰকৰণ |
| IMPORTANT QUESTION AND ANSWER |
১। কাৰিকৰী উদ্যোগ বুলিলে কি বুজা?
উত্তৰঃ যন্ত্র অর্থাৎ কাৰিকৰী কৌশল আৰু সুসংহত দক্ষতাৰ (উদ্যম) সংযোগত কম দামী প্রাকৃতিক সম্পদ অথবা আন যিকোনো দ্রব্যক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি অধিক মূল্যৱান সম্পদ (খাদ্য, বস্ত্র, সৰঞ্জাম) প্ৰস্তুত কৰাৰ সামগ্রিক ব্যৱস্থাপনাসমূহক আমি কাৰিকৰী উদ্যোগ (Manufacturing Industry) বুলি কওঁ।
২। কোল্লাম-তিকৱনন্তপুৰম অঞ্চলত বজাৰ-ভিত্তিক কোন উদ্যোগসমূহ গঢ় লৈ উঠিছে?
উত্তৰঃ কপাহী বয়ন শিল্প, গ্লাচ, ৰাসায়নিক সাৰ, চিমেণ্ট আৰু এলুমিনিয়াম উদ্যোগসমূহ বজাৰ-ভিত্তিকভাৱে গঢ় লৈ উঠিছে।
৩। কেঁচামালৰ আধাৰত গঠিত কেইবাটাও উদ্যোগৰ নাম লিখা।
উত্তৰঃ চেনি, ৰবৰ, জুইশলা, কাগজ, নাৰিকল-তেল, আৰু মীন-কেন্দ্ৰিক উদ্যোগসমূহ অঞ্চলটোত উৎপন্ন হোৱা কেঁচামালৰ আধাৰত গঠন হৈছে।
৪। কোচি বন্দৰৰ অৱস্থানৰ সুবিধাৰ আধাৰত কিহৰ বিকাশ ঘটিছে?
উত্তৰঃ কোচি বন্দৰৰ অৱস্থানৰ সুবিধাৰ আধাৰত জাহাজ নির্মাণ, নৌসেনাৰ সংস্থাপন আৰু পেট্ৰ’ৰাসায়নিক উদ্যোগসমূহ বিকাশ পাইছে।
৫। কোল্লাম-তিৰুৱনন্তপুৰম অঞ্চলৰ প্রধান উদ্যোগ-অৱস্থানসমূহৰ নাম লিখা।
উত্তৰঃ তিৰুৱনন্তপুৰম আৰু কোচি এই অঞ্চলৰ প্রধান উদ্যোগ-কেন্দ্ৰ। অন্যান্য গুৰুত্বপূর্ণ ঠাইসমূহ হৈছে- কোল্লাম, কুট্টায়াম, আলাপ্পুজা, এর্নাকুলম, অলৱাই, ত্ৰিসূৰ আৰু পালাক্কড।
৬। গুড়গাঁৱ-দিল্লী-মেৰঠ বলয় মূলতঃ কোন আধাৰৰ ওপৰত গঢ় লোৱা হৈছে?
উত্তৰঃ গুড়গাঁৱ-দিল্লী-মেৰঠ বলয়টো মূলত বজাৰ অঞ্চলৰ আধাৰত গঢ় লোৱা হৈছে, যিহেতু খনিজ আৰু শক্তিসম্পদৰ পৰা কিছু নিলগত অৱস্থিত।
৭। গুড়গাঁৱ-দিল্লী-মেৰঠ বলয় অঞ্চলৰ উদ্যোগসমূহৰ এক উমৈহতীয়া বৈশিষ্ট্য লিখা।
উত্তৰঃ কম পৰিমাণৰ কেঁচামালৰ পৰা অধিক মূল্যৰ সামগ্ৰী উৎপাদন কৰাই এই অঞ্চলৰ উদ্যোগসমূহৰ এক উমৈহতীয়া বৈশিষ্ট্য।
৮। গুড়গাঁৱ-দিল্লী-মেৰঠ বলয়ত বিশেষকৈ কোন ধৰণৰ উদ্যোগসমূহ পোৱা যায়?
উত্তৰঃ বৈদ্যুতিক সৰঞ্জাম, লঘু-যন্ত্রপাতি, বস্ত্ৰ, ইলেকট্ৰনিক সৰঞ্জাম, চেনি, চিমেণ্ট, খাদ্য-প্রস্তুত, ট্রেক্টৰ, চাইকেল, কৃষি-সঁজুলি, ঊন আৰু কৃত্ৰিম আঁহৰ বয়ন উদ্যোগ পোৱা যায়।
৯। দিল্লীৰ পূব দিশে অৱস্থিত গাজিয়াবাদত কি ধৰণৰ উদ্যোগ আছে?
উত্তৰঃ গাজিয়াবাদত লঘু যন্ত্রপাতি, তাপবিদ্যুৎ আৰু বস্ত্ৰ উদ্যোগ আছে।
১০। বিশাখাপট্টনম-গুল্টুৰ উদ্যোগ অঞ্চলৰ মুখ্য প্ৰাকৃতিক সম্পদ কি?
উত্তৰঃ বিশাখাপট্টনম-গুল্টুৰ উদ্যোগ অঞ্চলৰ মুখ্য প্ৰাকৃতিক সম্পদ হৈছে কয়লা (গোদাৱৰী উপত্যকাৰ চিংগাৰেণী, ৰামণ্ডণ্ডম, চন্দ্ৰপুৰ অঞ্চল) আৰু কৃষিজাত উপাদান।
১১। বিশাখাপট্টনম অঞ্চলৰ মুখ্য শিল্পসমূহ কি কি?
উত্তৰঃ জাহাজ নির্মাণ, তেল শোধনাগাৰ, পেট্ৰ’ৰাসায়নিক উদ্যোগ, কাগজ, কপাহী বয়ন, চেনি, মৰাপাট, চিমেণ্ট, এলুমিনিয়াম, খাদ্য প্ৰস্তুতকৰণ, ৰাসায়নিক সাৰ, লঘু অভিযান্ত্রিক উদ্যোগ।
১২। বিশাখাপট্টনম-গুল্টুৰ উদ্যোগ অঞ্চলটোৰ প্রধান ঔদ্যোগিক কেন্দ্ৰসমূহৰ নাম লিখা।
উত্তৰঃ বিশাখাপট্টনম, কাকীনাড়া, বিজয়ৱাড়া, গুন্টুৰ, কুৰ্ণল, ৰাজহমুন্ত্রী, এলুডু, ওংগোল, ভীমাৱৰম্, দোণাকুণ্ডা।
১৩। আহমদাবাদ-সূৰত উদ্যোগ বলয়ৰ বিস্তৃতি কিমান কিলোমিটাৰ?
উত্তৰঃ আহমদাবাদ-সূৰত উদ্যোগ বলয়ৰ বিস্তৃতি প্ৰায় ৫৬০ কিলোমিটাৰ দীঘল।
১৪। আহমদাবাদ-সূৰত উদ্যোগ বলয়টোত পেট্ৰ’ৰাসায়নিক শিল্প কিয় গঢ় লৈ উঠিছে?
উত্তৰঃ কাম্বে উপসাগৰৰ কাষত খনিজ তেলৰ আৱিষ্কাৰ আৰু কোয়ালি, জামনগৰত তেলশোধনাগাৰৰ স্থাপনাই পেট্ৰ’ৰাসায়নিক শিল্পৰ গঠন সহজ কৰি তোলে।
১৫। বলয়খনৰ পৰম্পৰাগত উদ্যোগসমূহ কি কি?
উত্তৰঃ কপাহী, ৰেচম আৰু ৰাসায়নিক আঁহৰ বয়ন শিল্প।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


