Class 12 Business Studies Important Chapter 4 পৰিকল্পনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies Important Solutions and select need one. Class 12 Business Studies Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Business Studies.
Class 12 Business Studies Important Chapter 4 পৰিকল্পনা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Business Studies Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
পৰিকল্পনা
Chapter: 4
| প্ৰথম খণ্ড: পৰিচালনাৰ নীতি আৰু কাৰ্য |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। পৰিকল্পনা কি?
উত্তৰঃ পৰিকল্পনা হৈছে ভৱিষ্যতৰ বিষয়ৰ ওপৰত চিন্তা কৰা আৰু সেই চিন্তা অনুযায়ী লক্ষ্য স্থিৰ কৰি কার্যপন্থা নিৰ্ধাৰণ কৰা। এটি সংগঠনৰ উদ্দেশ্যৰ সফলতা নিশ্চিত কৰাত সহায় কৰে।
২। পৰিকল্পনাৰ বৈশিষ্ট্য কি?
উত্তৰঃ পৰিকল্পনা লক্ষ্যমুখী, বুদ্ধিমান আৰু শৃঙ্খলাবদ্ধ হয়। ই আগতীয়াকৈ লক্ষ্য স্থিৰ কৰি সিদ্ধান্ত গ্ৰহণ আৰু কার্যপন্থা নিৰ্ধাৰণ কৰে, যাতে সংগঠনটি সফল হয়।
৩। পৰিকল্পনা কিয় আৱশ্যক?
উত্তৰঃ পৰিকল্পনা অতিকে আৱশ্যকীয় কাৰণ ই এক সুশৃংখলিত জীৱনশৈলীৰ ভেঁটি। ইয়াৰ দ্বাৰা লক্ষ্য স্থিৰ কৰা, সম্পদৰ সঠিক ব্যৱহাৰ, সময়ৰ সদব্যৱহাৰ, বিপদৰ সম্ভাৱনা হ্ৰাস কৰা আৰু সফলতা লাভ কৰাত সহায় কৰে।
৪। পৰিকল্পনা আৰু সিদ্ধান্তৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ পৰিকল্পনা আগতীয়াকৈ সিদ্ধান্ত গ্ৰহণৰ প্রক্রিয়া, য’ত ভৱিষ্যতৰ কার্যপন্থা নিৰ্ধাৰণ কৰা হয়। সিদ্ধান্ত হৈছে সেই সময়ত লোৱা সিদ্ধান্ত, যি কোনো এক নির্দিষ্ট পৰিস্থিতিত কার্য সম্পাদন কৰিবলৈ গৃহীত হয়।
৫। পৰিকল্পনা কিদৰে কার্যকরী হয়?
উত্তৰঃ পৰিকল্পনা সফলভাৱে কার্যকরী হয় যদি লক্ষ্য স্থিৰ, সময় অনুযায়ী বাস্তবায়ন, সম্পদৰ সঠিক ব্যৱহাৰ আৰু সমস্যাৰ সমাধানৰ পথ সঠিকভাৱে নির্ধাৰণ কৰা হয়।
৬। পৰিকল্পনা কি ধৰণৰ সিদ্ধান্ত?
উত্তৰঃ পৰিকল্পনা হৈছে আগতীয়াকৈ সিদ্ধান্ত গ্ৰহণ। এটি আগতীয়াকৈ কিদৰে, কেতিয়া, কিয় আৰু কেনেকৈ কৰিম সেই বিষয়ে সিদ্ধান্ত লোৱা হয়।
৭। পৰিকল্পনাৰ উদ্দেশ্য কি?
উত্তৰঃ পৰিকল্পনাৰ মূল উদ্দেশ্য হৈছে কোনো লক্ষ্যত উপনীত হ’বলৈ আগতীয়াকৈ কৌশল প্ৰস্তুত কৰা।
৮। পৰিকল্পনাৰ প্রকাৰ কি কি?
উত্তৰঃ পৰিকল্পনাক বিভিন্ন ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি। মূলতঃ ইয়াৰ ব্যৱহাৰ আৰু সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰি পৰিকল্পনাক ভাগ কৰা হয়। কিছুমান মুখ্য পৰিকল্পনাৰ প্ৰকাৰ হ’ল- দীৰ্ঘম্যাদী পৰিকল্পনা, মধ্যম্যাদী পৰিকল্পনা, আৰু ক্ষীপ্ৰ পৰিকল্পনা।
৯। বিভাগীয় পৰিকল্পনা কি?
উত্তৰঃ বিভাগীয় পৰিকল্পনা হৈছে এক সাংগঠনিক আঁচনি, য’ত কোনো নিৰ্দিষ্ট বিভাগৰ বাবে ভৱিষ্যতৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰি সেইবোৰ কেনেকৈ লাভ কৰিব পাৰি তাৰ বাবে কৌশল প্ৰস্তুত কৰা হয়।
১০। পৰিকল্পনাৰ পুনঃমূল্যায়ন কিয় প্রয়োজন?
উত্তৰঃ পৰিকল্পনাক পুনঃমূল্যায়ন কৰাটো অতি প্ৰয়োজনীয় কাৰণ ই পৰিকল্পনাক সময়ৰ লগত খাপ খুৱাই ল’বলৈ, ভুলবোৰ শুধৰাবলৈ, আৰু অধিক ফলপ্ৰসূ কৰি তুলিবলৈ সহায় কৰে। যদি পৰিকল্পনাক সঠিক সময়ত পুনঃমূল্যায়ন কৰা নহয়, তেন্তে ইয়াৰ ফলস্বৰূপে ভুল সিদ্ধান্ত লোৱা, সময় আৰু সম্পদৰ অপচয়, আৰু লক্ষ্যত উপনীত নোহোৱাৰ সম্ভাৱনা থাকে।
১১। পৰিকল্পনা কেনেকৈ গঠন কৰা হয়?
উত্তৰঃ পৰিকল্পনা গঠন কৰিবলৈ লক্ষ্য স্পষ্টভাৱে নিৰ্ধাৰণ, উপলব্ধ সম্পদৰ মূল্যাঙ্কন, পদক্ষেপ চিনাক্তকৰণ, সময়সীমা নিৰ্ধাৰণ আৰু পৰিকল্পনাৰ নিয়মিত মূল্যাঙ্কন আৰু পৰ্যালোচনাৰ প্ৰয়োজন। এই পদক্ষেপসমূহৰ মাধ্যমে এক সুসংগঠিত আৰু ফলপ্ৰসূ পৰিকল্পনা গঠন কৰা হয়।
১২। নিয়ম কি?
উত্তৰঃ নিয়ম হৈছে বিভিন্ন বিকল্পবোৰৰ পৰা বাছি লোৱা সৰল ধৰণৰ পৰিকল্পনা
১৩। আঁচনি কি?
উত্তৰঃ এটা নির্দিষ্ট উদ্দেশ্য সাধন কৰিবৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাখনৰ সংক্ষিপ্তকৰণেই হৈছে আঁচনি। পৰিকল্পনাৰ উদ্দেশ্য সাধন কৰিবৰ বাবে আঁচনি প্রস্তুত কৰা হয়।
১৪। পদ্ধতি কাক বোলে?
উত্তৰঃ নিয়মিত কার্য আনুষ্ঠানিক আৰু মানসম্পন্নভাৱে সম্পাদন কৰা ব্যৱস্থাটোক পদ্ধতি বোলে।
১৫। বাজেট কি?
উত্তৰঃ ইংৰাজীৰ ‘BUDGET’ শব্দটো ফ্রান্স ভাষাৰ ‘Bougette’ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অর্থ হৈছে ‘এটা সৰু চামৰাৰ মোনা (A small leather bag)। সাধাৰণ অৰ্থত বাজেট হৈছে কোনো এটা পৰিকল্পনাৰ কার্যক্রমক সংখ্যাৰে প্রকাশ কৰা এখন বিৱৰণী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.





