Class 11 Biology MCQ Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোকসংশ্লেষণ

Class 11 Biology MCQ Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোকসংশ্লেষণ Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোকসংশ্লেষণ Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোকসংশ্লেষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

উচ্চবৰ্গৰ উদ্ভিদৰ সালোকসংশ্লেষণ

Chapter – 13

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান চনত যোচেফ প্রিষ্টলে প্রথম পৰীক্ষণৰ দ্বাৰা উদ্ভিদে অক্সিজেন উৎপাদন কৰাৰ ক্ষমতাৰ কথা প্রমাণ কৰিছিল?

(ক) ১৭৭০ চনত।

(খ) ১৭৭৬ চনত।

(গ) ১৭৮০ চনত।

(ঘ) ১৭৮৯ চনত।

উত্তৰঃ (ক) ১৭৭০ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কোনে প্রিষ্টলিৰ নিচিনাকৈ একেধৰণে পৰীক্ষাটো এবাৰ আন্ধাৰত আৰু এবাৰ সূৰ্যৰ পোহৰত ৰাখি নিৰীক্ষণ কৰিছিল?

(ক) হেমফ্ৰি ডেভিয়ে।

(খ) ৰবাৰ্ট বয়েলে।

(গ) টি. ডব্লিউ এঙ্গোলমেনে।

(ঘ) জন’ইনজেনহাউজে।

উত্তৰঃ (ঘ) জন’ইনজেনহাউজে।

৩। কোন বিজ্ঞানী উদ্ভিদৰ বৃদ্ধিৰ সময়ত গ্লুক’জ উৎপন্ন হোৱাটো নিশ্চিত কৰিছিল?

(ক) যোচেফ প্ৰিষ্টলে।

(খ) জন’ইনজেনহাউজে।

(গ) জুলিয়াচ ভন চেকে।

(ঘ) ৰবাৰ্ট হুকে।

উত্তৰঃ (গ) জুলিয়াচ ভন চেকে।

৪। গছৰ কোন অংশত গ্লুক’জ প্রস্তুত হয়?

(ক) ফুলত।

(খ) সেউজীয়া অংশত।

(গ) মূলত।

(ঘ) কাণ্ডত।

উত্তৰঃ (খ) সেউজীয়া অংশত।

৫। কিমান চনত জুলিয়াচ ভন চেকে উদ্ভিদৰ বৃদ্ধিৰ সময়ত গ্লুক’জ উৎপন্ন হোৱাটো নিশ্চিত কৰিছিল?

(ক) ১৮৫৪ চনত।

(খ) ১৮৫৯ চনত।

(গ) ১৮৬৫ চনত।

(ঘ) ১৮৭০ চনত।

উত্তৰঃ (ক) ১৮৫৪ চনত।

৬। কোনে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বহু মনোগ্ৰাহী পৰীক্ষা কৰিছিল?

(ক) হেমফ্ৰি ডেভিয়ে।

(খ) জুলিয়াচ ভন চেকে।

(গ) টি. ডব্লিউ এঙ্গোলমেনে।

(ঘ) জন’ইনজেনহাউজে।

উত্তৰঃ (গ) টি. ডব্লিউ এঙ্গোলমেনে।

৭। টি. ডব্লিউ এঙ্গোলমেনে সালোকসংশ্লেষণত অক্সিজেন নির্গত হোৱা দিশটো নিৰ্ণয় কৰিবৰ বাবে কি ব্যৱহাৰ কৰিছিল?

(ক) উদ্ভিদৰ মূল।

(খ) বেক্টেৰিয়া।

(গ) পানী।

(ঘ) কেঁচা মাটি।

উত্তৰঃ (খ) বেক্টেৰিয়া।

৮। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহৃত মূল উপাদানসমূহ আৰু ইয়াৰ কৌশল প্ৰণালী কিমান শতিকাৰ মধ্যভাগত উদ্ভাৱন হৈছিল?

(ক) সপ্তদশ শতিকাৰ।

(খ) অষ্টাদশ শতিকাৰ।

(গ) ঊন্নিশ শতিকাৰ।

(ঘ) বিংশ শতিকাৰ।

উত্তৰঃ (গ) ঊন্নিশ শতিকাৰ।

৯। কোনজন বিশিষ্ট অনুজীৱবিদে সর্বপ্রথমে বেক্টেৰিয়াৰ সালোকসংশ্লেষণৰ বিষয়ে ব্যাখ্যা কৰিছিল?

(ক) চি, বি,ভাননিয়েলে।

(খ) জন’ইনজেনহাউজে।

(গ) টি. ডব্লিউ. এঙ্গোলমেনে।

(ঘ) জুলিয়াচ ভন চেকে।

উত্তৰঃ (ক) চি, বি,ভাননিয়েলে।

১০। বেক্টেৰিয়াৰ দেহত কি নাথাকে?

(ক) ৰঞ্জক।

(খ) হৰিৎকণা।

(গ) গ্লুক’জ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) হৰিৎকণা।

১১। সেউজীয়া ছালফাৰ বেক্টেৰিয়াৰ সালোকসংশ্লেষণত H₂S কিহত পৰিৱৰ্তিত হয়?

(ক) CO₂

(খ) N₂

(গ) O₂

(ঘ) S

উত্তৰঃ (ঘ) S

১২। হৰিৎকণাৰ ভিতৰত থকা দানা আকৃতিৰ বস্তুবোৰক কি বোলা হয়?

(ক) ষ্ট্ৰ’মা।

(খ) গ্ৰানা।

(গ) ক্লোৰোফিল।

(ঘ) শ্বেতসাৰ।

উত্তৰঃ (খ) গ্ৰানা।

১৩। হৰিৎকণাৰ ভিতৰত থকা আধাৰ দ্ৰৱসমূহক কি বোলা হয়?

(ক) ষ্ট্ৰ’মা।

(খ) ক্লোৰোফিল।

(গ) শ্বেতসাৰ।

(ঘ) গ্ৰানা।

উত্তৰঃ (ক) ষ্ট্ৰ’মা।

১৪। হৰিৎকণাৰ ফলযুক্ত স্তৰসমূহে সৌৰশক্তি আহৰণ কৰি কি প্রস্তুত কৰে?

(ক) CO₂ আৰু H₂O

(খ) H₂ আৰু O₂

(গ) ATP আৰু NADPH

(ঘ) O₂ আৰু ATP

উত্তৰঃ (গ) ATP আৰু NADPH

১৫। গ্রানাত হোৱা সালোকসংশ্লেষণ প্রণালীক সালোকসংশ্লেষণৰ কি বোলে?

(ক) তিমিৰ বিক্ৰিয়া।

(খ) আলোক বিক্ৰিয়া।

(গ) শ্বেতসাৰ প্রস্তুতি।

(ঘ) জলীয় আধাৰ দ্ৰৱ।

উত্তৰঃ (খ) আলোক বিক্ৰিয়া।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top