Class 10 Science Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ

Class 10 Science Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ Question Answer can be of great value to excel in the examination.

Class 10 Science Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ

Join Telegram channel

SEBA Class 10 General Science Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ

Chapter – 10

জীৱন বিজ্ঞান

অতিৰিক্ত প্ৰশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

1. পোহৰৰ প্ৰতিফলন কি?

উত্তৰঃ যেতিয়া পোহৰ ৰশ্মি কোনো উৎসৰ পৰা নিৰ্গত হৈ কোনো বস্তুত আপতিত হয়, তেতিয়া ইয়াৰ কিছু অংশ পুনৰ উৎসৰ দিশলৈ উভতি আহে। এই পৰিঘটনাকে পোহৰৰ প্ৰতিফলন বোলে।

2. গোলাকাৰ দাপোণ কি? 

উত্তৰঃ যিবিলাক দাপোণৰ প্ৰতিফলন পৃষ্ঠখন কোনো গোলকৰ অংশবিশেষ, তেনে দাপোণক গোলাকাৰ দাপোণ বোলে।

3. অৱতল দাপোণ কাক বোলে?

উত্তৰঃ যিবিলাক দাপোণৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ ভাঁজ খোৱা, তেনে দাপোণক অৱতল দাপোণ বোলে।

4. উত্তল দাপোণ কাক বোলে? 

উত্তৰঃ যিবিলাক গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ ভাঁজ খোৱা, তেনে দাপোণক উত্তল দাপোণ বোলে।

5. গোলাকাৰ দাপোণৰ মেৰু কি?

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰীয় বিন্দুটোক মেৰু বোলে। 

6. গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্ৰ কি?

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশবিশেষ, সেই গোলকৰ কেন্দ্ৰটোকে দাপোণৰ ভাঁজকেন্দ্ৰ বোলে। 

7. গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্দ্ধ কি?

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশবিশেষ, সেই গোলকৰ ব্যাসাৰ্দ্ধকে দাপোণখনৰ ভাঁজ ব্যাসার্দ্ধ বোলে।

8. গোলাকাৰ দাপোণৰ মুখ্য অক্ষ কি?

উত্তৰঃ গোলাকাৰ দাপোণ এখনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা কাল্পনিক সৰলৰেখাডালকে দাপোণৰ মুখ্য অক্ষ বোলে।

9. গোলাকাৰ দাপোণৰ ছিদ্র বা গৱাক্ষ কি?

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক তাৰ ছিদ্ৰ বা গৱাক্ষ বোলে।

10. গোলাকাৰ দাপোণৰ ফ’কাছ দৈর্ঘ্য কাক বোলে? 

উত্তৰঃ গোলাকাৰ দাপোণৰ মেৰু আৰু মুখ্য ফ’কাছৰ মাজৰ দূৰত্বক ফ’কাছ দৈৰ্ঘ্য বোলে।

Multiple Choice Questions & Answers

1. গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য আৰু ভাজব্যাসাদ্ধৰ অনুপাত হ’ল—  

(a) 0.5 

(b) 1 

(c) 2 

(d) 3

উত্তৰঃ (a) 0.5

2. অৱতল দাপোণে উৎপন্ন কৰা প্রতিবিম্ব। 

(a) সদায় সৎ।

(b) সদায় অসৎ।

(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

3. উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব —

(a) সৎ, বিবর্ধিত।

(b) সৎ, সংকুচিত।

(c) অসৎ, বিবর্ধিত।

(d) অসৎ, সংকুচিত।

উত্তৰঃ (d) অসৎ, সংকুচিত।

4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়–

(a) উত্তল দাপোণ।

(b) অৱতল দাপোণ। 

(c) সমতল দাপোণ।

(d) ইয়াৰ নহয়। 

উত্তৰঃ (a) উত্তল দাপোণ।

5. সমতল দাপোণত উৎপন্ন প্রতিবিম্ব–

(a) সৎ, অলোটা, সংকুচিত।

(b) অসৎ, থিয়  বিবর্ধিত।

(c) অসৎ থিয় সমান। 

(d) অসৎ, থিয় সংকুচিত।

উত্তৰঃ (c) অসৎ থিয় সমান। 

6. তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহুল–

(a) সমতল।

(b) উত্তল। 

(c) অৱতল।

(d) এটাও নহয়।

উত্তৰঃ (b) উত্তল। 

7. এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ’ব লাগিব –

(a) মেৰু আৰু মুখ্য ফ’কাছৰ মাজত।

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত। 

(c) ভাঁজকেন্দ্ৰত।

(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (c) ভাঁজকেন্দ্ৰত।

8. তলৰ কোনটো লক্ষ্যৰন্তৰ অৱস্থানৰ বাবে অতল দাপোণ এখনে সৎ গুলোটা প্রতিবিম্ব গঠন নকৰে – 

(a) অসীমত।

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত। 

(d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

9. অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –

(a) ভাঁজকেন্দ্ৰত।

(b) মুখ ফ’কাছত। 

(c) মুখ্য ফ’কাছ আৰু ভীজকেন্দ্ৰৰ মাজত।

(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

 উত্তৰঃ (b) মুখ ফ’কাছত। 

10. অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –

(a) মুখ্য ফ’কাছত। 

(b) মুখ্য ফ ‘কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(c) ভাঁজকেন্দ্ৰত।

(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত। 

উত্তৰঃ (d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত। 

11. অৱতল দাপোণ এখনৰ মুখ্য ফ’কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান –

(a) ভাঁজকেন্দ্ৰত।

(b) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(c) অসীমত।

(d) মুখ্য ফ’কাছত।

উত্তৰঃ (c) অসীমত।

12. অৱতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তু বাবে উৎপন্ন প্রতিবিম্বৰ স্থান –

(a) ভাঁজকেন্দ্র।

(b) অসীম।

(c) মুখ্য ফ’কাছ। 

(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (a) ভাঁজকেন্দ্র।

13. এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব –

(a) মুখ্য ফ’কাছত। 

(b) অসীমত।

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(d) মুখ্য ফ’কাছ আৰু মেৰুৰ মাজত।

উত্তৰঃ (b) অসীমত।

14. এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব – 

(a) অসীমত।

(b) ভাজকেন্দ্ৰত।

(c) ভাঁজকেন্দ্র আৰু মুখ্য ফ’কাছৰ মাজত।

(d) মুখ্য ফ’কাছত।

উত্তৰঃ (d) মুখ্য ফ’কাছত।

15. উত্তল লেন্‌ছত উৎপন্ন প্রতিবিম্ব –

(a) সদায় সৎ।

(b) সদায় অসৎ।

(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Q. 1. অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।

Ans. অৱতল দাপোণৰ ক্ষেত্রে মুখ্য অক্ষৰ সমান্তৰাল ভাবে গতিকৰা ৰশ্মিবোৰ প্রতিফলকৰ পাছত মুখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰী হয়, তাক অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলে। চিত্ৰত F হ’ল মুখ্য ফ’কাছ।

Q. 2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসার্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈর্ঘ্য কিমান? 

Ans. ইয়াত, ভাঁজ ব্যাসার্ধ (R) = 20 চে.মি.

∴ ফ’কাছ দৈর্ঘ্য (f) = 10 চে.মি.

Q. 3. এখন দাপোণৰ নাম কোৱাঁ, যিখনে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে।

Ans. অৱতল দাপোণ (Concave mirror) l

Q. 4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?

Ans. গাড়ীৰ পিচফালৰ দৃশ্য চাৱলৈ উত্তল দাপোণ ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ দ্বাৰা পিচৰ পিনে বহুদূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চাব পাৰো আৰু প্ৰতিবিম্ব সৰু আৰু থিয় হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. 32 ছেমি ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নির্ণয় কৰা। 

Ans. ইয়াত, ভাঁজ ব্যাসার্দ্ধ (R) = 32চে.মি.

∴ 2f = R

∴ নির্ণেয় ভাঁজ ব্যাসার্দ্ধ (R) = 16 চে.মি.।

Q. 2. অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 ছেমি দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি?

Ans. বস্তুৰ দূৰত্ব (u) = -10চে.মি. (অৱতল দর্পণৰ ক্ষেত্ৰত)

বিবর্ধন (m) = -3

∴ m = – v/u ⇒v = m u

⇒v = – (-3) (-10) = – 30 চে.মি.

∴ প্রতিবিম্ব অৱতল দাপোণৰ সম্মুখৰ ফালে 30 চে.মি. দূৰত্বত অৱস্থিত হব।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব কিয়? 

Ans. কাৰণ, পোহৰ ৰশ্মিয়ে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিলেই অভিলম্বৰ ফালে (towards) আহে। ইয়াত পানী হ’ল ঘন মাধ্যম আৰু বায়ু হ’ল লঘুমাধ্যম। গতিকে পোহৰ ৰশ্মি অভিলম্বৰ কাষলৈ বেঁকা হব।

Q.2. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মি প্রতি ছেকেণ্ড। 

Ans. কাঁচৰ প্ৰতিসৰণাংক (Refractive index) = 1.5

∴ μg = 1.5 

শূন্যত পোহৰৰ বেগ (V) = 3 × 10⁸ মি/ছে.

∴ কাঁচৰ মাধ্যমত পোহৰৰ বেগ

Q.3. তালিকা 10.3 ৰ পৰা সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা। 

Ans. হীৰাৰ সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যম (অধিক প্ৰতিসৰণাংক) হ’ল : 2.42 আৰু বায়ুৰ সৰ্বনিম্ন আলোকী ঘনত্বৰ মাধ্যম (সর্বনিম্ন প্রতিসৰণাংক) হ’ল : 1.0003.

Q. 4. তোমাক কেৰাচিন, টাৰপেন্‌টাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সর্বোচ্চ? তালিকা 10.3 দিয়া তথ্য ব্যৱহাৰ কৰা।

Ans. কেৰাচিনৰ প্ৰতিসৰণাংক = 1.44

টাৰপেনটাইনৰ প্ৰতিসৰণাংক = 1.47

আৰু পানীৰ প্ৰতিসৰণাংক = 1.33

আমি জানোঁ যে কম প্রতিসৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ দ্রুতি বেচী হয়। সুতৰাং পানীত পোহৰৰ দ্ৰুতি সবাতকৈ বেছী।

Q. 5. হীৰাৰ প্ৰতিসৰণাংক 2.42 ; এই উক্তিটোৰ অৰ্থ কি?

Ans. হীৰাৰ প্ৰতিসৰণাংক = 2.42

অর্থাৎ, বায়ুতকৈ হীৰাত পোহৰৰ বেগ কম হ’ব।

পাঠভিত্তিক প্রশ্নোত্তৰ:

Q.1. লেন্‌ছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

Ans. 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্য বিশিষ্ট লেন্‌ছৰ ক্ষমতাক। ডায়’প্টাৰ (D) বোলে। 

Q.2. উত্তল লেনছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সম্মুখত ক’ত ৰখা হৈছিল? নিৰ্ণয় কৰা।

Q. 3. 2 মি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নির্ণয় কৰা। 

Ans. অৱতল লেন্‌ছৰ ফ’কাছ দূৰত্ব (f) = -2 মি.

 ∴ 2. মি. ফ’কাছ দৈর্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা – 0.5 ডায়’প্টাৰ।

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

Q. 1. তলত দিয়া কোনটো পদাৰ্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?

(a) পানী।

(b) কাঁচ।

(c) প্লাষ্টিক।

(d) মৃত্তিকা (clay)।

Ans. (d) মৃত্তিকা।

Q. 2. অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান কত হ’ব লাগিব? 

(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত।

(b) ভাঁজ কেন্দ্ৰত।

(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত।

(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত। 

Ans. (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

Q. 3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?

(a) লেন্‌ছৰ মুখ্য ফ’কাছত।

(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।

(c) অসীমত।

(d) লেন্‌ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত।

Ans. (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। 

Q. 4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্‌ছ প্রত্যেকৰে ফ’কাচ দৈৰ্ঘ্য – 15 ছেমি। দাপোণ আৰু লেন্‌ছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে? 

(a) দুয়োখন অৱতল।

(b) দুয়োখন উত্তল।

(c) দাপোণখন অৱতল লেন্‌ছখন উত্তল।

(d) দাপোণখন উত্তল লেন্‌ছখন অৱতল।

Ans. (a) দুয়োখন অৱতল।

Q. 5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে? 

(a) সমতল।

(b) অবতল।

(c) উত্তল।

(d) হয় সমতল নাইবা উত্তল।

Ans. (d) হয় সমতল নাইবা উত্তল।

Q. 6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

(a) 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ।

(b) 50 ছেমি ফ’কাছ দৈৰ্ঘৰ অৱতল লেন্‌ছ।

(c) 5 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ।

(d) 5 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ।

Ans. (c) 5 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ।

Q.7.50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্রতিবিম্বৰ প্ৰকৃতি কি হ’ব? প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা। 

Ans. অৱতল দাপোণৰ ফ’কাছ দৈৰ্ঘ্য = 50 চে.মি. 50 চে.মি.তকৈ কম দূৰত্বত

বস্তুটো দাপোণৰ সন্মুখত স্থাপন কৰিব লাগিব। গঠন হোৱা প্রতিবিম্ব সদ্ আৰু থিয় হ’ব। প্রতিবিম্বৰ আকাৰ, বস্তুৰ আকাৰতকৈ বেছী হয়।

Q. 8. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা 

(a) গাড়ীৰ হেডলাইট।

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ।

(c) সৌৰ ভাঁতী।

Ans. (a) গাড়ীৰ হেডলাইট হিচাপে অৱতল দাপোণ প্রতিফলক হিচাপে ব্যৱহাৰ কৰা হয়। কাৰণ অৱতল হোৱা কাৰণে ইয়াৰ পৰা পোহৰ বিয়পি পৰে আৰু প্ৰতিফলনৰ পাছত শক্তিশালী পোহৰৰ ৰশ্মি পোৱা যায়।

(b) গাড়ীৰ পিছফালে লক্ষ্য কৰাৰ বাবে উত্তল দাপোণ ব্যৱহৃত হয়। কাৰণ এই দাপোণ থিয়, সংকুচিত প্রতিবিম্ব গঠন কৰে আৰু পিছফালৰ বিস্তৃত অঞ্চল দেখিবলৈ পোৱা যায়।

(c) সৌৰ-ভাঁতীত প্ৰতিফলক হিচাপে অৱতল দাপোণ ব্যবহৃত হয়। কাৰণ এই অৱতল দাপোণ সূর্য-ৰশ্মি সমূহক এটা বিন্দুত কেন্দ্ৰীভূত কৰে; ফলস্বৰূপে উষ্ণতা 180°C-ৰ পৰা 200°C লৈকে বৃদ্ধি পায়।

Q. 9. উত্তল লেন্‌ছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্‌ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্রতিপন্ন কৰা। তোমাৰ পর্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

Ans. এটা উত্তল লেন্‌ছৰ তলৰ l অর্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হৈছে। কিন্তু বাকী অংশ এটা বস্তুৰ পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব। কলা কাগজেৰে ঢাকি দিলে, প্রতিবিম্বৰ উজ্জ্বলতা হ্রাস পাই যাব।

Q. 10. 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা 10 ছেমি ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 ছেমি দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নির্ণয় কৰা।

v ঋণাত্মক হোৱাত প্রতিবিম্বটো হব সৎ আৰু অবশীর্ষ আৰু ই লেনছৰ আন পাৰ্শ্বত 16-66 ছেমি আঁতৰত গঠিত হব।

∴ প্ৰতিবিম্বৰ দৈৰ্ঘ = বস্তুৰ দৈৰ্ঘ × 0-6  

= 5 × 0.6 = 3 ছেমি,

∴ প্রতিবিম্বৰ দৈৰ্ঘ্য হব 3 ছেমি.

Q. 11.15 ছেমি ফ’কাছ দৈর্ঘ্যৰ অৱতল লেন্‌ছ এখনে তাৰ পৰা 10 ছেমি দূৰত্বত প্রতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্‌ছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্র আঁকা।

Ans. অৱতল লেন্‌ছৰ ক্ষেত্ৰত—

ইয়াত, f= -15 চে.মি., v= -10 চে.মি., = ?

প্রতিবিম্ব লেন্‌ছৰ একে পাৰ্শ্বত 30 ছেমি আঁতৰত অৱস্থিত হব।

Q.12.15 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 ছেমি দূৰত্বত বস্তু এটা ৰখা হ’ল। প্রতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নির্ণয় কৰা।

Ans. উত্তল দপোণৰ ক্ষেত্ৰত— 

ইয়াত, f = 15 চে.মি., u = -10চে.মি., v = ?

∴ প্রতিবিম্ব সদ্ হ’ব আৰু দাপোণৰ পিছফালে 30 ছে.মি. আঁতৰত অৱস্থিত হ’ব।

Q. 13. সমতল দাপোণে + 1 বিবর্ধক দিয়ে। ইয়াৰ অৰ্থ কি?

Ans. ইয়াৰ অৰ্থ সমতল দাপোণত প্রতিফলনৰ পিছত পৰিবর্ধন (m) হব = +1 ‘+’ চিন্‌ অসদ্ বিম্ব সূচিত কৰে আৰু ‘1’ সূচিত কৰে যে লক্ষবস্তু = প্রতিবিম্ব। 

Q. 14. 30 ছেমি ভাঁজ ব্যাসাৰ্ধৰ উত্তল উত্তল দাপোণ এখনৰ সম্মুখত 20 ছেমি দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্রতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

Q. 15. 18 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27 ছেমি দূৰত্বত 7 ছেমি আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পদা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্রতিবিম্ব এটা পোৱা যাব? প্রতিবিম্বৰ আকাৰ আৰু প্রকৃতি নিৰ্ণয় কৰা।

Ans. অবতল দপোণৰ ক্ষেত্ৰত–

u = -27 চে.মি. f = -18 চে.মি., h = 7.0 চে.মি., v = ? m = ?

∴ বিবর্ধন – 2 বা হ্রাস পোৱা হব।

∴ প্রতিবিম্ব সদ্, বিপৰীত আৰু হ্রাস পোৱা হ’ব।

Q. 16. – 2.0 D ক্ষমতাৰ লেন্‌ছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান? লেন্‌ছখনৰ প্রকৃতি কেনেকুৱা?

Ans. ইয়াত P = -2.0 D

∴ f ঋণাত্মক অর্থাৎ লেন্‌ছটো অৱতল লেনছ এখন হ’ব। 

Q. 17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্‌ছৰ ক্ষমতা + 1.5D লেন্‌ছখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা। এই লেন্‌ছখন অভিসাৰী নে অপসাৰী?

Ans. ইয়াত, P = + 1.5D,

∵ লেন্‌ছৰ ক্ষমতা ধনাত্মক, অতএব লেন্‌ছটো হ’ব উত্তল লেন্‌ছ। 

∴ ফ’কাছ দৈৰ্ঘ্য হ’ল 0.67 মি আৰু লেন্‌ছখন উত্তল বা অভিসাৰী হব।

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

Q. 1. লক্ষ্যবস্তুৰ দূৰত্ব যিমানেই নহওক কিয়, দাপোণত গঠন হোৱা প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান। দাপোণ খনৰ প্ৰকৃতি চিনাক্ত কৰা। 

Ans. সমতল দাপোণ।

Q.2. পোহৰ কি?

Ans. আমাৰ মাজত দৃষ্টিৰ অনুভূতিৰ সৃষ্টি কৰা পোহৰ হৈছে এবিধ শক্তি।

Q. 3. ৰশ্মি কি?

Ans. পোহৰ সঞ্চাৰণৰ সৰলৰৈখিক গতিপথক ৰশ্মি বোলা হয়।

Q. 4. ৰশ্মি গুচ্ছ কি? 

Ans. পোহৰৰ ৰশ্মিৰ একোটা আঁঠিক ৰশ্মি গুচ্ছ (beam) বোলে।

Q. 5. পোহৰৰ প্ৰতিফলন মানে কি বুজা?

Ans. যি পৰিঘটনাৰ দ্বাৰা মিহি সমতলত আপতিত হৈ নিৰ্দিষ্ট নিয়ম অনুসৰি পোহৰৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ উভতি যায়, তাক পোহৰৰ প্ৰতিফলন বোলে। 

Q. 6. প্রতিবিম্ব কি?

Ans. কোনো এটা বিন্দু লক্ষ্যবস্তুৰ পৰা নিৰ্গত হোৱা অপসাৰি ৰশ্মিবোৰৰ প্ৰতিফলন বা প্রতিসৰণৰ পাছত, আন এক বিন্দুত প্ৰকৃততে মিলিত হয় বা আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন ধাৰণা হয়, তেনে ক্ষেত্ৰত সেই দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ প্রতিবিম্ব বোলে।

Q. 7. প্রতিবিম্ব কেই প্ৰকাৰৰ?

Ans. প্রতিবিম্ব দুই প্ৰকাৰৰ: 

[i] সং প্রতিবিম্ব।আৰু 

[ii] অসৎ প্রতিবিম্ব।

Q. 8. সৎ প্রতিবিম্ব কি?

Ans. কোনো এটা বিন্দু লক্ষ্য বস্তুৰ পৰা নিৰ্গত হোৱা পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন এক বিন্দুত প্ৰকৃততে মিলিত হলে, দ্বিতীয় বিন্দুটোক প্রথম বিন্দুটোৰ সৎ প্রতিবিম্ব বোলে। সৎ প্রতিবিম্বক পৰ্দাত ধৰিব পাৰি।

Q. 9. অসৎ প্রতিবিম্ব কি?

Ans. কোনো এটা বিন্দু লক্ষ্যবস্তুৰ পৰা নিৰ্গত হোৱা ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন ধাৰণা হয়। তেনেক্ষেত্ৰত দ্বিতীয় বিন্দুটোক প্রথম বিন্দুটোৰ অসৎ প্রতিবিম্ব বোলে। অসৎ প্রতিবিম্বক পৰ্দাত ধৰিব নোৱাৰি।

Q. 10. লক্ষ্য বস্তু এটাৰ কোণত পৰস্পৰ হেলনীয়াকৈ থকা সমতল দাপোণ দুখনৰ মাজত স্থাপন কৰিলে গঠিত হোৱা প্ৰতিবিম্বৰ সংখ্যা কিমান? 

Ans. ‘n’ সংখ্যক প্রতিবিম্ব গঠন হোৱাটো দেখুৱাবলৈ ব্যৱহৃত সূত্ৰটো হ’ল

n = 360/0 – 1

Q. 11. গোলাকাৰ দাপোণ কি? ইয়াৰ দুই প্ৰকাৰ কি কি? 

Ans. গোলাকাৰ দাপোণ এনেকুৱা এবিধ দাপোণ যাৰ প্ৰতিফলক-পৃষ্ঠ ফোপোলা গোলকৰ অংশ বিশেষ। গোলাকাৰ দাপোণ দুই প্রকাৰৰ-

[i] অৱতল দাপোণ।আৰু 

[ii] উত্তল দাপোণ। 

Q.12. অৱতল দাপোণ কি?

Ans.

অৱতল দাপোণ এনেকুৱা এবিধ গোলাকাৰ দাপোণ য’ত পোহৰৰ প্ৰতিফলন ভিতৰৰ ফোঁপোলা পৃষ্ঠত ঘটে আৰু উখহা পৃষ্ঠটোত ৰূপৰ প্ৰলেপ দিয়া থাকে। ইয়াত প্ৰতিফলক-পৃষ্ঠ ভিতৰলৈ ভাঁজ খোৱা। 

Q. 13. উত্তল দাপোণ কি?

Ans.

উত্তল দাপোণ এনেকুৱা এবিধ গোলাকাৰ দাপোণ যত পোহৰৰ প্ৰতিফলন, বাহিৰৰ উথহা পৃষ্ঠত ঘটে আৰু ভিতৰৰ ফোঁপোলা পৃষ্ঠত ৰূপৰ প্রলেপ দিয়া থাকে। ইয়াত প্ৰতিফলক-পৃষ্ঠ বাহিৰলৈ ভাঁজ খোৱা।

Q. 14. গোলাকাৰ দাপোণৰ লগত জড়িত তলৰ পদকেইটাৰ সংজ্ঞা দিয়া: 

[i] মেক। 

[ii] ভাঁজ কেন্দ্র। 

[iii] ভাঁজ ব্যাসার্ধ। 

[iv] ছিদ্র।

[v] মুখ্য অক্ষ। 

[vi] মুখ্য ফ’কাছ। 

[vii] ফ’কাছ দূৰত্ব। 

[viii) ফ’কাছ তল। 

Ans. [i] মেৰু: গোলাকাৰ (অৱতল বা উত্তল) দাপোণৰ পৃষ্ঠৰ মধ্যবিন্দু P ক মেৰু বোলা হয়। 

[ii] ভাঁজ কেন্দ্র: গোলাকাৰ দাপোণখন যিটো কাল্পনিক গোলকৰ অংশ বিশেষ, সেই গোলকৰ কেন্দ্ৰ C কেই গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্ৰ বোলে।

[iii] ভাঁজ ব্যাসার্ধ: গোলাকাৰ দাপোণখন যিটো কাল্পনিক গোলকৰ অংশ বিশেষ, সেই গোলকৰ ব্যাসার্ধক গোলাকার দাপোণখনৰ ভাঁজ ব্যাসার্ধ বোলে।

[iv] ছিদ্র: গোলাকাৰ দাপোণৰ পৃষ্ঠৰ যি অংশৰ পৰা প্ৰকৃততে পোহৰৰ ৰশ্মিৰ প্রতিফলন ঘটে তাক দাপোণখনৰ ছিদ্ৰ বোলা হয়।

[v] মুখ্য অক্ষ: ভাঁজবেন্দ্ৰ আৰু মেক সংযোগী বেখাক দাপোণখনৰ মুখ্য অক্ষ বোলা হয়।

মুখ্য ফ’কাছ: মুখ্য অক্ষৰ যি বিন্দুত পোহৰৰ ৰশ্মিয়ে মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আপতিত হৈ প্ৰতিফলনৰ পাছত এটা বিন্দুলৈ অভিসাৰী হয় বা আপাতভাৱে অপসাৰী হোৱা যেন দেখুৱায়, তাক মুখ্য ফ’কাছ বোলে।

[vii] ফ’কাছ দূৰত্ব: গোলাকাৰ দাপোণৰ মেৰু আৰু মুখ্য ফ’কাছৰ মাজৰ দূৰত্বক দাপোণখনৰ ফ’কাছ দূৰত্ব বোলা হয়।

[viii] ফ’কাছ তল: মুখ্য অক্ষৰ লম্বভাৱে থকা যিখন উলম্ব তল মুখ্য ফ’কাছৰ মাজেদি যায়, তাক গোলাকাৰ দাপোণখনৰ ফ’কাছ তল বোলে।

Q. 15. গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসার্ধ আৰু ফ’কাছ দূৰত্বৰ মাজত সম্পর্ক কি? 

Ans. ক্ষুদ্র ছিদ্র যুক্ত গোলাকাৰ দাপোণ এখনৰ ফ’কাছ দূৰত্ব ইয়াৰ ভাঁজ ব্যাসাৰ্ধৰ আধা। গোলাকাৰ দাপোণখনৰ f ফ’কাছ দুৰত্ব আৰু ভাঁজ ব্যাসার্ধ হ’লে, f = r/2

Q. 16. অৱতল দাপোণে কেতিয়া এটা অসৎ প্রতিবিম্ব গঠন কৰে? 

Ans. লক্ষ্যবস্তুটো দাপোণখনৰ মেৰু আৰু মুখ্য ফ’কাছৰ মাজত ৰাখিলে অৱতল দাপোণে এটা অসৎ প্রতিবিম্ব গঠন কৰে।

Q. 17. অৱতল দাপোণত এটা সৎ সমান আকাৰৰ আৰু ওলোটা প্রতিবিম্ব পাবলৈ লক্ষ্য বস্তুটো ক’ত স্থাপন কৰিব লাগিব? 

Ans. লক্ষ্য বস্তুটো অৱতল দাপোণখনৰ ভাঁজকেন্দ্ৰত স্থাপন কৰিব লাগিব।

Q. 18. উত্তল দাপোণে সৎ প্রতিবিম্ব গঠন কৰিব পাৰেনে? 

Ans. নোৱাৰে। উত্তল দাপোণে সদায় অসৎ প্রতিবিম্ব গঠন কৰে।

Q. 19. উত্তল দাপোণৰ প্ৰতিবিম্বৰ স্থান ক’ত?

Ans. মেক আৰু মুখ্য ফ’কাছৰ মাজত উত্তল দাপোণখনৰ পিছফালে প্রতিবিম্ব গঠন হয়।

Q.20. উত্তল দাপোণে লক্ষ্য বস্তুতকৈ ডাঙৰ আকাৰৰ প্রতিবিম্ব গঠন কৰিব পাৰেনে? 

Ans. নোৱাৰে, উত্তল দাপোণে গঠন কৰা প্রতিবিম্ব সদায় লক্ষ্যবস্তুতকৈ সৰু হয়।

Q. 21. গোলাকাৰ দাপোণৰ প্ৰতিফলনৰ সূত্ৰটো লিখা। 

Ans. গোলাকাৰ দাপোণৰ প্ৰতিফলনৰ সূত্ৰটো হৈছে l/u+ l/v= l/f= 2/r ইয়াত লক্ষ্যবস্তুৰ দূৰত্ব, প্রতিবিম্বৰ দূৰত্ব / ফ’কাছ দূৰত্ব আৰু গোলাকাৰ দাপোণখনৰ ভাঁজ ব্যাসার্ধ। গোলাকাৰ দাপোণৰ মেকৰ পৰা এই সকলোবোৰ দূৰত্ব জোখা হয়।

Q. 22. গোলাকাৰ দাপোণৰ বিৱৰ্ধনৰ সংজ্ঞা দিয়া।

Ans. প্রতিবিম্বৰ উচ্চতা (h₁) আৰু লক্ষ্য বস্তুৰ উচ্চতা (hₒ) ৰ অনুপাতক গোলাকাৰ দাপোণৰ বিৱৰ্ধন, m হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।

Q. 23. সৎ প্রতিবিম্বৰ বিৱৰ্ধন কিয় ঋণাত্মক হয়? 

Ans. সৎ প্রতিবিম্ববোৰ ওলোটা হোৱা বাবে ইহঁতৰ বিৱৰ্ধন ঋণাত্মক হয়।

Q. 24. অসৎ প্রতিবিম্বৰ বিৱৰ্ধন কিয় ধনাত্মক হয়?

Ans. অসৎ প্রতিবিম্ববোৰ থিয় হোৱা বাবে ইহঁতৰ বিৱর্ধন ধনাত্মক হয়।

Q.25. ৱিৰ্ধনৰ একক কি?

Ans. বিবর্ধন এটা শুদ্ধ অনুপাত আৰু ইয়াৰ কোনো একক নাথাকে। 

Q. 26. ব্যৱহাৰিক দিশত শূন্যত পোহৰৰ বেগৰ গ্রহণযোগ্য মান কিমান? 

Ans. ব্যৱহাৰিক দিশত শূন্যত পোহৰৰ বেগৰ গ্রহণযোগ্য মান 3 × 10⁸ মি:/ছে:।

Q. 27. পোহৰৰ প্ৰতিসৰণ কি? 

Ans. এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰৰ ৰশ্মিয়ে ভাঁজ লোৱাকে পোহৰৰ প্ৰতিসৰণ বোলে।  

Q. 28. এটা মাধ্যমৰ প্ৰতিসৰণাকেৰ সংজ্ঞা দিয়া।

Ans. শূন্যত পোহৰৰ বেগ (c) আৰু কোনো মাধ্যমত পোহৰৰ বেগ (v) ৰ অনুপাতক সেই মাধ্যমটোৰ প্রতিসৰণাংক (μ) বোলা হয়।

Q. 29. চিত্ৰৰ সহায়েৰে বিভিন্ন প্ৰকাৰ উত্তল লেন্‌ছ দেখুওৱা।

(c) অৱতল-উত্তল লেন্‌ছ

Q. 30. চিত্ৰৰ সহায়েৰে বিভিন্ন প্ৰকাৰৰ অৱতল লেন্‌ছ দেখুওৱা৷

Q. 31. গোলাকাৰ লেন্‌ছৰ লগত জড়িত তলৰ পদবোৰৰ সংজ্ঞঞ্জ দিয়া। 

(a) আলোক কেন্দ্র।

(b) ভাঁজ কেন্দ্র।

(c) মুখ্য অক্ষ।

(d) ভাঁজ ব্যাসার্ধ। 

(e) মুখ্য ফ’কাছ।

(f) ফ’কাছ দূৰত্ব।

(g) ফ’কাছ তল। 

Ans. (a) আলোক কেন্দ্র: কেন্দ্রীয় বিন্দু O ক লেন্‌ছখনৰ আলোেক কেন্দ্র বোলে। আলোক কেন্দ্ৰৰ মাজেদি যোৱা পোহৰৰ ৰশ্মিৰ প্ৰতিসৰণৰ পাছত কোনো বিচ্যুতি নঘটে আৰু লেন্‌ছ খনৰ মাজেদি পোনে পোনে ওলাই যায়। 

(b) ভাঁজ কেন্দ্র: লেন্‌ছখন যি গোলকৰ অংশবিশেষ, সেই গোলকৰ কেন্দ্ৰই লেন্‌ছখনৰ ভাঁজ কেন্দ্ৰ। দুখন পৃষ্ঠৰ দ্বাৰা আবৃত্ত হোৱা বাবে এখন লেন্‌ছৰ C₁ আৰু C₂ দুটা ভাঁজ কেন্দ্র থাকে।

(c) মুখ্য অক্ষ: দুই ভাঁজ কেন্দ্র C₁ আৰু C₂ ৰ মাজেদি যোৱা ৰেখাখণ্ডক লেন্‌ছ খনৰ মুখ্য অঙ্ক বোলা হয়। 

(d) ভাঁজ ব্যাসার্ধ: লেন্‌ছখন যি গোলকৰ অংশ বিশেষ, সেই গোলকৰ ব্যাসার্ধকেই লেন্‌ছখনৰ ভাঁজ ব্যাসার্ধ বোলে।

(e) মুখ্য ফ’কাছ: উত্তল লেন্‌ছৰ মুখ্য ফ’কাছ মুখ্য অক্ষত অৱস্থিত এটা বিন্দু যিটোলৈ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিয়ে লেন্‌ছৰ মাজেদি পাৰ হৈ অভিসাৰী হয়।

অৱতল লেনছৰ ক্ষেত্ৰত মুখ্য ফ’কাছ হৈছে মুখ্য অক্ষৰ ওপৰত অৱস্থিত এটা বিন্দু যাৰ পৰা আদিতে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিয়ে লেন্‌ছৰ মাজেদি পাৰ হোৱাৰ পাছত অপসাৰী হোৱা যেন দেখুৱায়।

সকলো লেন্‌ছৰে দুটা মুখ্য ফ’কাছ থাকে। লেন্‌ছ এখনৰ এফালে এটাকৈ থকা মুঠতে দুয়োটা ফ’কাছ আলোক কেন্দ্ৰৰপৰা সমান দূৰত্বত বিৰাজ কৰে। 

(f) ফ’কাছ দূৰত্ব: লেন্‌ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজৰ দূৰত্বক ফ’কাছ দূৰত্ব বোলা হয়।

(g) ফ’কাছ তল: মুখ্য অক্ষৰ লম্বভাৱে থকা যিখন উলঙ্গ তল মুখ্য ফ’কাছৰ মাজেদি যায় তাক লেন্‌ছখনৰ ফকাছ তল বোলে। 

Q. 32. উত্তল লেন্‌ছত অসৎ প্রতিবিম্ব গঠন ৰশ্মি চিত্ৰৰ সহায়ত দেখুওৱা।

চিত্ৰত দেখুওৱাৰ দৰে উত্তল লেন্‌ছ এখনৰ সন্মুখৰ ফালে মুখ্য ফ’কাছ F আৰু আলোক কেন্দ্ৰ O ৰ মাজত XY লক্ষ্য বস্তুটো স্থাপন কৰা হ’ল। X Y লক্ষ্য বস্তুটোৰ এটা অসৎ, থিয় আৰু বৰ্ধিত প্রতিবিম্ব আৰু ই লক্ষ্য বস্তুৰ একে দিশত গঠিত হৈছে। 

Q. 33. অৱতল লেন্‌ছত গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান ক’ত?

Ans. অৱতল লেন্‌ছত লক্ষ্য বস্তুৰ একেফালে মুখ্য ফ’কাছ আৰু আলোক কেন্দ্ৰৰ মাজত এটা অসৎ প্রতিবিম্ব গঠন হয়।

Q. 34. লেন্‌ছৰ সমীকৰণটো লিখা।

Ans. লেন্‌ছৰ সমীকৰণটো হ’ল l/u+ l/v= l/f

ইয়াত u লক্ষ্য বস্তুৰ দূৰত্ব, প্রতিবিম্বৰ দূৰত্ব আৰু f লেন্‌ছৰ ফ’কাছ দূৰত্ব। আটাইবোৰ দূৰত্ব লেন্‌ছৰ আলোক কেন্দ্ৰৰ পৰা জোখা হয়। 

Q. 35. লক্ষ্যবস্তুৰ দূৰত্ব যিমানেই নহওক কিয়, দাপোণত গঠন হোৱা প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান। দাপোণখনৰ প্ৰকৃতি চিনাক্ত কৰা।

Ans. প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হলে প্রতিবিম্বৰ বিৱৰ্ধন। হ’ব। অর্থাৎ প্রতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান। গতিকে সমতল দাপোণতে লক্ষ্যবস্তুৰ দূৰত্ব যিমানেই নহওক কিয়, দাপোণতে গঠন হোৱা প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান।

Q. 36. অৱতল দাপোণৰ সন্মুখত কি স্থানত লক্ষ্যবস্তু থ’লে 1 বিৱৰ্ধনৰ প্ৰতিবিম্ব পোৱা যাব?

Ans. প্রশ্নানুসাৰে বিৱর্ধন 1; গতিকে প্রতিবিম্ব সৎ আৰু ওলোটা। তদুপৰি প্রতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান।

∴ লক্ষ্যবস্তু ভাঁজকেন্দ্ৰত থাকিলে বিৱর্ধন = -1 হয়। 

Q. 37. ৰশ্মিৰ চিত্র অঙ্কন কৰি প্ৰতিফলনৰ নিয়ম দুটা লিখা।

Ans. প্রতিফলনৰ নিয়ম (Laws of Reflection): প্রতিফলনৰ নিয়ম দুটা –

[i] আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একে 

Q. 38. সমতল দাপোণৰ ক্ষেত্ৰত প্ৰকাশ কৰা যে লক্ষ্যবস্তুৰ দূৰত্ব = প্রতিবিম্বৰ দূৰত্ব।

Ans. ধৰা হ’ল, MNM সমতল দাপোণৰ সন্মুখত থকা P এটা বিন্দু। PM পোহৰ ৰশ্মি লম্বভাৱে আপতিত হৈ MP দিশত আৰু PN ৰশ্মি NS দিশত প্রতিফলিত 

হৈছে। এই প্রতিফলিত ৰশ্মিদ্বয় বিপৰীত দিশত বর্ধিত কৰাত Q বিন্দুত মিলিছে। গতিকে Q বিন্দুটো P বিন্দুৰ প্ৰতিবিম্ব। প্ৰমাণ কৰিব লাগে যে–

প্রমাণ: PM = QM

∠PNR  = ∠SNR

∠MNR = ∠M NR = 90°

⇒ ∠MNR = ∠PNR = ∠M NR – ∠SNR 

⇒ ∠PNM = ∠SNM = ∠MNQ……(1)

এতিয়া সমকোণী ∆PMN আৰু ∆QMN-ৰ পৰা পাঁও–

∠PNM = ∠ONM

∠PMN = ∠QMN = 90°

MN সাধাৰণ বাহু।

∴ ∆ APMN = ∆ QMN | ASA মতে] 

⇒ PM = QM

অর্থাৎ, লক্ষ্যবস্তুৰ দূৰত্ব = প্রতিবিম্বৰ দূৰত্ব।

(অতিৰিক্ত) গাণিতিক সমস্যাৰ সমাধান: 

Q.1. অৱতল দাপোণ এখনৰ পৰা কিমান দূৰত লক্ষ্যবস্তু এটা ৰাখিলে প্রতিবিম্বৰ আকাৰ বস্তুটোৰ আকাৰৰ আধা হ’ব?

Ans. ইয়াত প্ৰতিবিম্বৰ আকাৰ = 1/2 লক্ষ্য বস্তুৰ আকাৰ

⇒ 3/u= l/f        ⇒ u= 3f

অথবা বস্তু দূৰত্ব = 3 x ফ’ কাছ দৈর্ঘ্য

∴ বস্তুটোক অৱতল দাপোণৰ পৰা 3 গুণ কাছ দুৰত্বত ৰাখিব লাগিব। 

Q.2. অৱতল দাপোণ এখনৰ সম্মুখত ইয়াৰ মেক ফ কাছৰ থিক মাজত কোনো বস্তু এটাক ৰাখিলে প্রতিবিম্বৰ বিৱৰ্ধন কিমান হ’ব? 

Ans. ∵ বস্তুটো অৱতল দাপোণৰ সন্মুখত মেৰু ফ’ কাছৰ থিক মাজতে অৱস্থিত,

Q.3. 20.ছে.মি. ভাঁজ ব্যাসার্ধ বিশিষ্ট এখন উত্তল দাপোণৰ মুখ্য অক্ষৰ ওপৰত দাপোণৰ 30 ছেমি. দূৰত 5 ছেমি. উচ্চতা বিশিষ্ট এটা বস্তু ৰখা হ’ল। প্রতিবিম্বৰ অবস্থান, আকাৰ আৰু প্ৰকৃতি নির্ণয় কৰা।

Ans. উত্তল দাপোণৰ ক্ষেত্ৰত ফ’কাছ দৈর্ঘ্য ঋণাত্মক

Q.4. মমবাতি এডালৰ শিখাৰ পৰা পৰ্দাৰ দূৰত্ব 40 ছেমি। দাপোণৰ সহায়ত পৰ্দাৰ ওপৰত শিখাটিৰ 3 গুণ বিবর্ধিত প্রতিবিম্ব সৃষ্টি কৰা হ’ল। দাপোণটোৰ অবস্থান, প্রকৃতি আৰু ফ’কাছ দৈৰ্ঘ্য নির্ণয় কৰা।

Ans. প্রতিবিম্বটোক পৰ্দাত পেলোৱা হৈছে। 

ফ’কাছ দৈর্ঘ্য ধনাত্মক হোৱাত দাপোণখন হ’ব অবতল। ইয়াৰ ফ’কাছ দৈৰ্ঘ্য 15 ছেমি. আৰু ইয়াক পৰ্দাৰ পৰা 60 ছেমি. অথবা মমবাতি জলৰ পৰা 20 ছে.মি. দূৰত ৰাখিব লাগিব। এক্ষেত্ৰত, পৰ্দা আৰু দাপোণৰ মধ্যবর্তী স্থানত মমডালৰ শিখাটো থাকিব। 

Q.5. বৰফ আৰু বায়ুৰ সংকট কোণ 50° হলে বৰফৰ প্ৰতিসৰণাংক কিমান?

Q.6. কোনো এটা পদাৰ্থৰ প্ৰতিসরণাংক 1.4। শূন্য মাধ্যমত পোহৰৰ গতিবেগ 3 × 10⁸ মি./ছে. হলে সেইখন মাধ্যমত পোহৰৰ বেগ নির্ণয় কৰা। 

Q.7. কোনো আলোক ৰশ্মিৰ বায়ুত আপতন কোণ 45°। তিয়া এই আলোক ৰশ্মি পানীৰ ভিতৰত সঞ্চালিত হয়, তেতিয়া ইয়াৰ প্ৰতিসৰণ কোণ কিমান? [ বায়ু আৰু পানীৰ প্ৰতিসৰণাংক 4/3 ]

8. 15 ছে.মি. ফ’কাছ দৈর্ঘ্য বিশিষ্ট এখন উত্তল লেন্‌ছৰ পৰা 45 ছেমি. দূৰত 2 ছেমি. দৈৰ্ঘ্যৰ এটা বস্তু আছে। প্রতিবিম্বটোৰ অৱস্থান, প্রকৃতি, বিবর্ধন আৰু দৈর্ঘ্য নির্ণয় কৰা।

সমাধান : উত্তল লেন্‌ছৰ ক্ষেত্ৰত = f ঋণাত্মক 

v ঋণাত্মক হোৱাত প্রতিবিম্বটো হব সৎ আৰু অবশীৰ্ষ আৰু ই লেন্‌ছৰ আন পাৰ্শ্বত লেন্‌ছৰ পৰা 22.5 ছে.মি. আঁওৰত গঠিত হয়।

∴ বিবর্ধন (m) = V/u= 22.5/45 = 0.5

∴ প্রতিবিম্বৰ দৈৰ্ঘ্য = বস্তুৰ দৈৰ্ঘ্য × 0.5 = 2 × 0.5 = 1 ছে.মি.

Q.9. কোনো লেনছৰ সন্মুখত 60 ছেমি. দূৰত এটা স্বপ্ৰভযুক্ত বস্তুক ৰখা হলে ইয়াৰ প্ৰতিবিম্ব লেন্‌ছখনৰ আন পাৰ্শ্বত 20 ছে.মি. দূৰত গঠিত হয়। লেন্‌ছখনৰ প্ৰকৃতি আৰু ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা।

Ans. ইয়াত বস্তু লেন্‌ছৰ যি পার্শ্বত অবস্থিত, প্রতিবিম্ব তাৰ বিপৰীত পার্শ্বত গঠিত হোৱাত অৱশ্যই ঋণাত্মক হ’ব। 

∴ u = 60 ছেমি, আৰু v = -20 ছেমি.

লেন্‌ছৰ সূত্ৰৰপৰা পাওঁ, – 1/20- 1/60= l/f

∴ লেন্‌ছখনৰ উত্তল আৰু ইয়াৰ ফ’কাছ দৈৰ্ঘ্য 15 ছে.মি.।

Q.10. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ এটা উত্তল লেন্‌ছৰ পৰা 20 ছেমি. দূৰত এটা স্বপ্নভ বস্তুক ৰখা হল। বস্তুটোক লেন্‌ছৰ দিশত 10 ছেমি. স্থানান্তৰ কৰা হ’লে মুখ্য অক্ষ অভিমুখত প্ৰতিবিম্বৰ সৰণ নিৰ্ণয় কৰা। 

Ans. উত্তল লেন্‌ছৰ ফ’ কাছ দৈৰ্ঘ্য ঋণাত্মক হয় 

∴ প্রতিবিম্বটো লেন্‌ছৰ দিশত (33.3-12.5) = 20.8 ছেমি বিচ্যুতি ঘটিব।

Q.11. মমবাতি এডালৰ পৰা এখন পর্দা 49 ছেমি দূৰত অবস্থিত; 6 ছেমি, ফ’কাছ দৈর্ঘ্য বিশিষ্ট এটা উত্তল লেন্‌ছ সিহঁতৰ মাজত ক’ত ৰাখিলে পদাৰ ওপৰত মমবাতিৰ এখন সৎবিম্ব গঠিত হ’ব? 

Ans. ধৰা হ’ল, মমবাতিৰ পৰা লেন্‌ছৰ দূৰত্ব u ছেমি.

∴ প্ৰশ্নৰ চৰ্তমতে প্রতিবিম্বৰ দূৰত্ব (49 – u) ছেমি.। এই ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব (49 – u) ছেমি.। ইয়াত প্ৰতিবিম্ব দূৰত্ব আৰু ফ’কাছ দৈৰ্ঘ্য উভয়েই ঋণাত্মক।

∴ লেনছখনক মমবাতিডালৰপৰা হয় 42 ছেমি, নাইবা 7 ছেমি দূৰত ৰাখিব লাগিব। 

Q.12. এখন অবতল লেনছৰ ফ’কাছ দৈৰ্ঘ্য 15 ছেমি. আৰু সেইখন লেনছৰ পৰা 45 ছেমি. দূৰত 2 ছেমি দৈৰ্ঘ্যৰ এটা বস্তু আছে। প্রতিবিম্বটোৰ অৱস্থান, প্রকৃতি, বিবর্ধন আৰু দৈৰ্ঘ্য নির্ণয় কৰা।

Ans. অৱতল লেন্‌ছটোৰ f = 15 ছেমি., u = 45 ছেমি.

ইয়াত v ধনাত্মক হোৱাত প্ৰতিবিম্বটো অসৎ আৰু সমশীর্ষ হব। প্রতিবিম্বটো বস্তুটো লেনছৰ যি ফালে অবস্থিত সেই ফালত লেনছৰ পৰা 11.25 ছেমি দূৰত গঠিত হ’ব।

Q.13. এখন লেন্‌ছৰ ক্ষমতা + 5D। লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য আৰু প্ৰকৃতি নির্ণয় কৰা।

Ans. ধৰা হ’ল লেন্‌ছখনৰ ফ্’কাছ দৈৰ্ঘ্য f ছেমি,

আমি জানো, P = l/f

∴ ডায়প্টাৰ এককত লেন্‌ছৰ ক্ষমতা ধনাত্মক বুলি লেন্‌ছখন উত্তল লেন্‌ছ। 

∴ লেন্‌ছখন উত্তল লেন্‌ছ আৰু ইয়াৰ ফ’কাছ দৈর্ঘ্য 20 ছেনি, 

Q.14. 25 ছেমি ফ’কাছ দৈর্ঘ্য বিশিষ্ট এটা উত্তল লেন্‌ছৰ লগত 75 ছেমি ফ’কাছ দৈর্ঘ্য বিশিষ্ট এটা অৱতল লেন্‌ছক কাষ কাষত যুক্ত অৱস্থাত ৰখা হ’ল– 

(a) প্ৰত্যেকটো লেন্‌ছৰ ক্ষমতা নির্ণয় কৰা। 

(b) লেন্‌ছ যুগ্মৰ ক্ষমতা নির্ণয় কৰা। 

(c) লেন্‌ছ যুগ্মৰ প্ৰকৃতি নির্ণয় কৰা।

Ans. (a) উত্তল লেন্‌ছৰ ক্ষমতা—

যিহেতু যুগ্ম লেন্‌ছৰ ফ’ কাছ দৈর্ঘ্য (f) ধনাত্মক,

∴ যুগ্ম লেন্‌ছখনৰ প্ৰকৃতি উত্তল লেন্‌ছৰ দৰে হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top