Class 10 Assamese MCQ Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা

Class 10 Assamese MCQ Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা | অসমীয়া Class 10 MCQ, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা can be of great value to excel in the examination.

Class 10 Assamese MCQ Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা

Join Telegram channel

Class 10 Assamese MCQ Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা and select needs one.

প্ৰাচীন ভাৰতীয় শিক্ষা

Group – B গদ্যাংশ

১। তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম হ’ল—জীৱক, পাণিনি, চাণক্য।

২। তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল?

উত্তৰঃ তক্ষশীলালৈ পশ্চিমৰ পাৰস্য, বেকট্ৰিয়া, মগধ দেশৰ লগতে হিন্দু বিশ্ববিদ্যালয় গুছি বুদ্ধ বিশ্ববিদ্যালয় হোৱাৰ লগে লগে চীন দেশৰ পৰাও ছাত্ৰ আহিছিল।

৩। নাগার্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?

উত্তৰঃ নাগার্জুন আছিল শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক। নাগার্জুন আৰু তেওঁ শিক্ষকতা কৰা বিশ্ববিদ্যালয়খন অম্রাৱতী নগৰত আছিল। নাগার্জুনে শ্রীধান্যকটক বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল।

৪। নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন আছিল?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ য়ুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিয়ন্ত্রণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন আছিল সপ্তম শতিকাৰ কামৰূপৰ প্ৰখ্যাত ৰজা ভাস্কৰ বৰ্মা।

৫। উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিছিল?

উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ত এটা বহুমূলীয়া পুথিভঁৰাল আছিল সালেই পুথিভঁৰালটো মুছলমান বিলাকে ১২০২ খৃষ্টাব্দত ধ্বংস কৰিছিল।

৬। কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল?

উত্তৰঃ বিক্রমশীলা দেৱবিহাৰ বিশ্ববিদ্যালয়, ৰজা বিক্রমাদিত্যৰ ৰাজত্ব কালত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্র আছিল।

৭। বাক্য ৰচনা কৰা।

(ক) স্বাধীন চিন্তা: বর্তমান কালত স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা কম।

(খ) জ্যোতিষ শাস্ত্ৰ: জ্যোতিষ শাস্ত্র প্রাচীন ভাৰতীয় শিক্ষাৰ এটা অন্যতম প্রধান বিষয় আছিল।

(গ) পোৰা মাটি: পোৰা মাটি মোহৰে প্ৰাচীন কালৰ

ভাৰতীয় সভ্যতাৰ বহুতো নজনা কথাৰ সম্ভেদ।

(ঘ) বাহিৰে ভিতৰে: নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে দহ হাজাৰ ছাত্ৰই অধ্যয়নত ৰত আছিল। 

৮। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা।

শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ

উত্তৰঃ শিক্ষাগাৰ – শিক্ষা আগাৰ।

বিদ্যালয় – বিদ্যা আলয়।

পুৰুষাৰ্থ – পুৰুষ অর্থ।

৯। হেমচন্দ্ৰ গোস্বামীৰ ক’ত আৰু কিমান চনত জন্ম হয়?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ গোলাঘাট জিলাৰ ঢেকিয়ালত ১৮৭২ চনত জন্ম হয়।

১০। হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম লিখা।

উত্তৰঃ ডম্বৰধৰ গোস্বামী।

১১। প্রথম অসমীয়া চনেট কবিতাটোৰ নাম কি? কবিতাটোৰ ৰচক কোন?

উত্তৰঃ প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম প্ৰিয়তমাৰ চিঠি কবিতাটোৰ ৰচক হেমচন্দ্ৰ গোস্বামী।

১২। হেমচন্দ্র গোস্বামীৰ একমাত্ৰ কবিতা সংকলনখনৰ নাম লিখা।

উত্তৰঃ ফুলৰ চাকি।

১৩। হেমচন্দ্র গোস্বামীয়ে ৰচনা কৰা চাৰিখন গদ্য পুথিৰ নাম লিখা।

উত্তৰঃ (ক) কথা গীতা। 

(খ) পুৰণি অসম বুৰঞ্জী।

(গ) অসমীয়া সাহিত্যৰ চানেকি আৰু 

(ঘ) কামৰত্ন তন্ত্ৰ।

১৪। হেমকোষ কি? হেমকোষ কাৰ দ্বাৰা ৰচিত হয় আৰু কিমান চনত ৰচিত হয়?

উত্তৰঃ হেমকোষ হ’ল এখন অসমীয়া ভাষাৰ অভিধান। ইয়াৰ ৰচক হ’ল হেমচন্দ্ৰ গোস্বামী। হেমকোষ ১৯০০ চনত প্ৰকাশ হয়।

১৫। হেমচন্দ্র গোস্বামীয়ে কিমান চনত মৃত্যুবৰণ কৰে?

উত্তৰঃ ১৯২৮ চনত।

১৬। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিত্ব কৰিছিল?

উত্তৰঃ অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশন (১৯২০) চনত হেমচন্দ্র গোস্বামীয়ে সভাপত্তিব কৰিছিল।

১৭। হেমচন্দ্র গোস্বামীয়ে সম্পাদনা কৰা কাকতখনৰ নাম লিখা।

উত্তৰঃ জোনাকী।

১৮। আৰ্যশিক্ষাৰ মূলমন্ত্র কি?

উত্তৰঃ মোক্ষ প্রাপ্তি।

১৯। প্রাচীন ভাৰতৰ পুৰুষাৰ্থক কেইটা ভাগত ভাগ কৰিছিল? ভাগ কেইটা কি কি?

উত্তৰঃ প্রাচীন ভাৰতৰ পুৰুষাৰ্থক চাৰিটা ভাগত ভাগ কৰিছিল। ভাগকেইটা হ’ল—ধর্ম, অর্থ, কাম, মোক্ষ।

২০। জীৱক কোন আছিল?

উত্তৰঃ জীৱক তক্ষশীলা বিশ্ববিদ্যালয়ৰ আয়ুৰ্বেদ শিক্ষক অত্ৰেয় মুনিৰ ছাত্ৰ আছিল। তেওঁ বুদ্ধদেৱৰ চিকিৎসক আছিল।

২১। নাগার্জুন কোন?

উত্তৰঃ নাগার্জুন আছিল শ্রীধান্যকটক বিশ্ববিদ্যালয় প্রধান শিক্ষক।

২২। আৰ্য শিক্ষাৰ কলাবিদ্যাৰ সংখ্যা কিমানটা?

উত্তৰঃ ৬৪ টা।

২৩। মোক্ষ মানে কি?

উত্তৰঃ মোক্ষ মানে সংসাৰ বন্ধনৰ পৰা ৰেহাই পোৱা অৱস্থা বা নিৰ্বাণ প্রাপ্তি বা মুক্তি। 

২৪। পুৰুষৰ প্ৰয়োজনীয় চতুৰ্গ কি কি?

উত্তৰঃ ধৰ্ম, অর্থ, কাম আৰু মোক্ষ হ’ল পুৰুষৰ প্রয়োজনীয় চতুর্বর্গ।

২৫। পাণিণি কোন? তেওঁ ৰচনা কৰা ব্যাকৰণখনৰ নাম লিখা।

উত্তৰঃ পাণিণি আছিল সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্রমেতা। তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ ৰচনা কৰা ব্যাকৰণখনৰ নাম হ’ল অষ্টাধ্যায়ী। ব্যাকৰণখন আঠটা অধ্যায়ত বিভক্ত।

২৬। চাণক্য কোন? তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম লিখা ৷ তেওঁক আৰু কি কি নামেৰে জনা যায়।

উত্তৰঃ চাণক্য আছিল মৌর্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী। তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল৷ তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম হ’ল অৰ্থশাস্ত্ৰ। তেওঁক বিষ্ণুগুপ্ত আৰু কৌটিল্য নামেৰেও জনা যায়।

1 thought on “Class 10 Assamese MCQ Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top