ভাৰতৰ নিবনুৱা সমস্যা ৰচনা | The Unemployment Problem in India Essay in Assamese

ভাৰতৰ নিবনুৱা সমস্যা ৰচনা | The Unemployment Problem in India Essay in Assamese

Join Telegram channel

সমস্যাৰ সৃষ্টি – ৰক্তপিপাসুৰ বেশেৰে আহি ইংৰাজে ভাৰতৰ ৰক্ত-মাংস চেপি চেপি মধু আহৰণ কৰি ভাৰতক অকল দৰিদ্ৰতাৰ জ্বলন্ত কুণ্ডতেইহে যে এৰি থৈ গ’ল এনে নহয়, ভাৰতৰ শিক্ষিত শ্ৰেণীৰ লোকসকলক কেৱল আমোলাৰহে উপযুক্ত কৰি, অন্যান্য কর্মশক্তিত হীন কৰি, ভাৰতৰ জনতাক দাস-মনোবৃত্তি উপহাৰ দি নিবনুৱা কৰি থৈ গ’ল। আজিৰ ভাৰতৰ ন-পুৰুষসকলক লাগে মাত্ৰ চাকৰি; কৃষিকার্য, শিল্পকার্য, শিক্ষিত যুৱক-যুৱতীসকলৰ দৃষ্টিত সৰু মানুহৰ কাম; বেপাৰ-বাণিজ্য অশিক্ষিত লোকৰ, শেঠসকলৰ কাম। বে-চৰকাৰী অনুষ্ঠানৰ চাকৰিও মর্যাদাহীন; মর্যাদা আছে, জীৱনৰ মানদণ্ড আছে কেৱল চৰকাৰী চাকৰিত। এই দৃষ্টিভংগীৰ বশৱৰ্তী হৈয়ে আজি ভাৰতত লাখ লাখ শিক্ষিত যুৱক-যুৱতী কর্মহীন হৈ দেশত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে আৰু স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত ই এনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে আজি অকল শাসক শ্রেণীয়েই নহয়, সমাজো এস্তমান হৈ উঠিছে।

ভাৰতৰ নিবনুৱা সমস্যা ৰচনা

স্বাধীনতা লাভৰ পাছত আমাৰ সমাজে, জনগণে সপোন দেখিছিল- মধুৰ সপোন; নতুন সমাজৰ, নতুন দিগন্তৰ; য’ত অভাৱ নামৰ দৈত্যটোৰ তাণ্ডৱ নৃত্য নাথাকিব; শোষণ, অন্যায়-অনাচাৰ, চোৰাং ব্যৱসায়, অস্পৃশ্যতা নামৰ ৰক্ত-বীজৰ বংশধৰবোৰ এটা এটাকৈ স্বাধীনতা-অনলত ভস্মীভূত হৈ যাব; য’ত ক’লাবজাৰীসকলে লাইট-পোষ্টত ওলমি ওলমি ঘোষণা কৰিব “দেশত ন্যায়ৰ প্ৰতিষ্ঠা হ’ল, দেশ ৰামৰাজ্য হ’ল।” কিন্তু মানুহৰ সপোন সপোন হৈয়ে ৰ’ল। ইয়াত কোটিপতি অর্বুদপতি হ’ল; ক’লাবজাৰী, চোৰাং কাৰবাৰী ৰাজ-সিংহাসনত বহিল। পেটে-ভাতে খাই থকাবোৰ দৰিদ্ৰ হ’ল, পৰিদ্ৰবোৰ ভিক্ষাৰী হ’ল। কিন্তু শিক্ষিত, অৰ্দ্ধ শিক্ষিত যুৱকবোৰ? তেওঁলোকে এটাও হ’ব নোৱাৰি নিবনুৱা নাম লৈ ত্ৰিশংকুৰ দৰে সমাজৰ মাজত ওলমি জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছ। তেওঁলোকৰ বুকুত নিহিত থকা সৃজনশীল যি অফুৰন্ত কৰ্মশক্তি সৃষ্টিৰ নৱ নৱ প্ৰেৰণাত, উচ্ছল উচ্ছ্বাসত দল্‌দোপ-হেন্দোল্‌দোপকৈ উঠিব লাগিছিল, সি আজি অপচয় আৰু অৱক্ষয়ৰ শোচনীয় পৰিণামত ক্লান্ত, অৱসন্ন আৰু দিগ্‌ভ্ৰান্ত হৈ পৰিছে।

উদ্যোগবোৰ ধনীৰ কবলত

1. পৰিকল্পনাত নিযুক্তি – স্বাধীনতাৰ পাছত দেশৰ উন্নয়ন দ্রুততৰ কৰিবৰ কাৰণে উদ্যোগ গঢ়ি উঠাৰ প্ৰয়োজন হ’ল৷ উদ্যোগ গঢ়ি উঠিল; কিন্তু তাৰ গৰাকীসকল কোন? অধিক ভাগেই ধনিক শ্রেণী। গতিকে সমাজবাদ প্ৰতিষ্ঠাৰ ঠাইত গঢ়ি উঠিল ধনতন্ত্রবাদ। ধনিক শ্রেণীয়ে উদ্যোগৰ নামত দেশত হাজাৰ হাজাৰ কল কাৰখানা বহুৱালে। বৃহৎ শিল্প গঢ়ি উঠাত কুটীৰশিল্পবোৰ মৰা পৰিল। তাৰ ফলত হাজাৰ হাজাৰ লোক কর্মহীন হৈ পৰিল। সেইদৰে দেশৰ বৃহৎ পৰিমাণৰ মাটি নানা পথেৰে ধনিক শ্রেণী, জমিদাৰ শ্ৰেণী আৰু অসংখ্য মাটি-গিৰিৰ হস্তগত হোৱাত অসংখ্য কৃষক ভূমিহীন হৈ পৰিছে। তাৰ ফলতো নিবনুৱাৰ সৃষ্টি হৈছে। দেশৰ জনসংখ্যা অতি দ্ৰুতভাৱে (ভাৰতত প্ৰতি বছৰে এক কোটিতকৈ অধিক) বাঢ়ি যোৱাত নিবনুৱাৰ সংখ্যাও প্ৰতি বছৰে কোটিৰ হিচাপত বাঢ়ি গৈছে।

আনহাতেদি পৰিকল্পনাসমূহৰ কৃতকাৰ্যতাৰ বাবে শিল্প উদ্যোগসমূহ সুসংবদ্ধভাৱে সংস্কাৰ সাধন কৰি উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে বহু শ্রমিক কর্মহীন হৈ পৰে; বিদেশী শিল্প, কল-কাৰখানাবোৰ বন্ধ হৈ যোৱাৰ ফলতো বহু শ্রমিক কর্মহীন হৈ পৰে। এই কর্মহীন শ্ৰমিকসকলৰ বাবে বিকল্প নিয়োগ ব্যৱস্থা কিন্তু হৈ নুঠিল। গতিকে দ্বিতীয় পৰিকল্পনাৰ ভিতৰত ৮০ লাখ মান লোকক কৰ্মসংস্থান দিয়াৰ পাছতো দুই কোটিতকৈ অধিক লোক কর্মহীন হৈয়ে ৰ’ল। তৃতীয় পৰিকল্পনাৰ কালছোৱাত ১ কোটি ৬৫ লাখ লোকৰ বাবে কৰ্মসংস্থানৰ ব্যৱস্থা কৰিব পৰা হ’ব বুলি লক্ষ্য স্থিৰ কৰা হৈছিল। কিন্তু তৃতীয় পৰিকল্পনাৰ কালছোৱাত ১৯৬২ চনত চীনা আক্ৰমণ, ১৯৬৫ চনত পাকিস্তানৰ আক্ৰমণৰ ফলত, তদুপৰি প্ৰবল বানপানী আৰু অতিপাত খৰাং বতৰৰ ফলত কৃষিকার্য বাধাপ্রাপ্ত হয়; কেঁচা সামগ্ৰীৰ অভাৱত বহুতো শিল্পানুষ্ঠান বন্ধ হৈ যায়৷ গতিকে ৫১ লাখ নিবনুৱাক কৰ্ম সংস্থান দিয়াৰ পাছতো এই পৰিকল্পনাৰ শেষত নিবনুৱা সংখ্যা বাঢ়ি গৈ ২ কোটি ৬৭ লাখ হ’ল গৈ। চতুৰ্থ পৰিকল্পনাৰ সময়ছোৱাত মাত্ৰ ডেৰ লাখতকৈ অলপ অধিক লোককহে কর্মসংস্থান দিব পৰা হ’ল। জনসংখ্যা বৃদ্ধিৰ লগে লগে নতুন নতুন নিবনুৱাও যোগ হৈছেহি।

2. শিক্ষা নীতিৰ ব্যর্থতা – নিবনুৱা সমস্যা সৃষ্টিৰ ক্ষেত্ৰত দেশৰ শিক্ষা-নীতিও বহু পৰিমাণে দায়ী। আমাৰ দেশে স্বাধীনতাৰ ত্ৰিশ বছৰৰ পাছতো সুদৃঢ় জাতীয় শিক্ষা-নীতি গ্রহণ কৰিব পৰা নাই। বর্তমান শিক্ষা ব্যৱস্থাই আমোলা গঢ়িছে সঁচা, কিন্তু কর্মী, কৃষক গঢ়িব পৰা নাই। কিন্তু এখন দেশত সকলো শিক্ষিত যুৱক-যুৱতীকে চাকৰিত নিযুক্তি দিয়াটো সম্ভৱনে? কেতিয়াও নহয়। তেনেস্থলত প্ৰতি বছৰে স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰপৰা বাহিৰ হোৱা লাখ লাখ শিক্ষিত লোক নিবনুৱা নহৈ কি হ’ব। তেনেহ’লে শিক্ষিত আৰু অশিক্ষিত এই পাঁচ কোটিকৈ নিবনুৱাৰ কৰ্মসংস্থান কিৰূপে কৰা যায় এই ভয়াৱহ পৰিস্থিতিয়ে আমাৰ গণতন্ত্ৰ কঁপাই তুলিছে।

Read Also: ভাৰতৰ জনসংখ্যা ৰচনা | Population of India Essay in Assamese

ভাৰতৰ নিবনুৱা সমস্যা: পৰিণতি

নিবনুৱা সমস্যাই দেশৰ বিপুল সম্ভাৱনাৰ অপমৃত্যু ঘটাইছে। কর্মহীন জীৱনৰ মানসিক প্রতিক্রিয়া অতি ভয়াৱহ। কর্মহীন ব্যক্তিৰ সৃজনী-প্রতিভা, উৎপাদননৈপুণ্য প্ৰকাশৰ সুবিধাৰ অভাৱত যে অকল মৰহিয়েই যায়, এনে নহয়, ই মানুহক জীৱন, সমাজ আৰু ৰাষ্ট্ৰ সম্বন্ধেও হতাশ কৰি তোলে। তাৰ ফলত মানুহ বিদ্রোহী হৈ উঠে। বর্তমান ভাৰতত সঘনে ঘটি থকা নানা ধর্মঘট, ঘেৰাও, ধৰ্ণা-বিক্ষোভ আদি এই নৈৰাশ্যবোধৰে জ্বলন্ত প্রতিচ্ছবি। এই নৈৰাশ্যবোধেই বহুতো লোকক সমাজবিৰোধী, সন্ত্রাসমূলক, ধ্বংসমূলক কার্যত প্ৰবৃত্ত কৰায়।

Read Also: Class 11 Education Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ভাৰতৰ নিবনুৱা সমস্যা সমাধানৰ উপায়

গতিকে এই ভয়াৱহ নিবনুৱা সমস্যাৰপৰা যাতে দেশত বিদ্রোহ, অন্তর্বিপ্লৱ, ধ্বংসাত্মক কার্যকলাপ আদিৰ উদ্ভৱ হ’ব নোৱাৰে, তাৰ কাৰণে সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত গভীৰ চিন্তা-চৰ্চা আৰু সাংগঠনিক দৃষ্টিভংগীৰে আগবাঢ়িব লগা হৈছে। এই ক্ষেত্ৰত তলৰ পৰামৰ্শসমূহ আগবঢ়াব পাৰি-

1. ভূমিনীতি সংশোধন কৰি পুঁজিপতি, জমিদাৰ, মাটিগিৰিৰ কৱলত চোৰাংভাৱে থকা লাখ লাখ হেক্টৰ মাটি ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰি গাঁও অঞ্চলৰ নিবনুৱাসকলক সংস্থাপন কৰিব লাগে।

2. গুৰু-শিল্পৰ প্ৰতিযোগিতাত কুটীৰশিল্পসমূহ ধ্বংস হৈ যাবলৈ এৰি নিদি- চৰকাৰী প্ৰচেষ্টাৰে পুনর্জীৱিত কৰি উন্নয়নৰ ব্যৱস্থা কৰিব লাগে। কুটীৰ শিল্পই হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থান ঘটাইছিল; উন্নয়নৰ যোগে অধিক সংখ্যকক সংস্থান দিব পৰা যায়।

3. দেশৰ বুকুত অজস্ৰ শিল্প সম্ভাৰ- খনিজ, বনজ, পশুজাত সম্পদ আকাৰে আছে। নদীৰ বুকুতো মাছ-কাছ আদি আৰু বিদ্যুৎ সম্পদ আছে। এইবোৰ আহৰণৰ দ্ৰুত ব্যৱস্থা হাতত লৈ বিভিন্ন শিল্পোদ্যোগে গঢ়ি তুলিব লাগে। ক্ষিপ্ত শিল্পায়নে অজস্র লোকক কর্ম সংস্থান দিব।

4. দেশৰ উদ্যোগবোৰ ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে সম্প্ৰসাৰণৰ ব্যৱস্থা কৰি অধিক লোক নিয়োগৰ সুবিধা সৃষ্টি কৰিব লাগে।

5. কর্মমুখী শিক্ষানীতি গ্ৰহণ কৰি উৎপাদন কৰ্মৰ প্ৰতি শিক্ষিত ন-পুৰুষসকলক আগ্রহান্বিত কৰি স্ব-নিয়োজনক্ষম কৰাৰ ব্যৱস্থা কৰিব লাগে। কৃষি, শিল্প, বাণিজ্য আদি সকলো উৎপাদনশীল কর্মতে যাতে শিক্ষিত লোকসকল নিয়োজিত হয় তেনে নীতি গ্ৰহণ কৰা উচিত।

6. প্ৰতি বছৰে যাতে কোটি কোটি নিবনুৱাৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ কাৰণে পৰিয়াল পৰিকল্পনাৰ যোগেদি জন্ম-নিয়ন্ত্ৰণৰ দ্বাৰা ক্রমবদ্ধমান জনসংখ্যা বৃদ্ধি হ্ৰাস কৰিব লাগে।মন্তব্য এনেদৰে পৰিকল্পিতভাৱে কাৰ্যপন্থা হাতত ল’লেহে সমৃদ্ধিময় ভাৰত গঢ়ি তোলাৰ স্বপ্ন দিঠকত পৰিণত হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top