Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি

Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি Question Answer can be of great value to excel in the examination.

Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি

Join Telegram channel

Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 4 ধর্ম, জাতি আৰু ৰাজনীতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

7. Criticism of Indian Secularism.

Ans: ভাৰতবৰ্ষ ‘সাংবিধানিকভাৱে এখন গণতান্তিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ঐতিহাসিকভাৱে অধ্যয়ন কৰিলেও ভাৰতত অতীজৰে পৰা নানা ধৰ্মৰ লোক অতি প্রাচীন কালৰে পৰা সুখেৰে বাস কৰি অহা দেখিবলৈ পোৱা যায়। গতিকে ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদ বিংশ শতিকাৰ সৃষ্টি নহয় ভাৰতীয় ধর্মনিবপেক্ষতাবাদ ভাৰতৰ সমাজ সভ্যতা আৰু ইতিহাসৰ সৃষ্টি।

সেয়ে ভাৰতীয় ধর্মনিৰপেক্ষতাবাদ পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদতকৈ পৃথক। ভাৰতীয় ধর্মনিৰপেক্ষতাবাদ আৰু পশ্চিমৰ ধৰ্মনিৰপেক্ষতাবাদৰ মাজত প্রভেদ থকাৰ বাবেই বহুলোকে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদক সমালোচনা কৰে। সমালোচকসকলৰ মতে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ প্রকৃত ধৰ্মনিৰপেক্ষতাবাদ নহয়। ৰাজনৈতিক চিন্তাবিদসকলে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদক সমালোচনা কৰি ইয়াৰ দুৰ্বলতাসমূহ আঙুলিয়াই দিছে। সেইসমূহ হ’ল―

(১) সংখ্যালঘুৰ বিশেষ অধিকাৰ : ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাত সংখ্যালঘুসকলক কিছুমান বিশেষ অধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। যিহেতু ধৰ্মনিৰপেক্ষতাবাদে সকলোকে সমান দৃষ্টিৰে চোৱাৰ কথা কয়, গতিকে সংখ্যালঘুসকলক বিশেষ অধিকাৰ দিয়াটো গ্ৰহণযোগ্য নহয় বুলি সমালোচকসকলে সমালোচনা কৰা দেখা যায়। তেওঁলোকৰ মতে, সংখ্যালঘু অথবা সংখ্যাগৰিষ্ঠ কোনো ধর্মকে অধিক বা কম অধিকাৰ বা সুবিধা প্রদান কৰিব নালাগে।

(২) ধৰ্ম আৰু ৰাষ্ট্ৰৰ পাৰস্পৰিক হস্তক্ষেপ : ভাৰতবৰ্ষত ধৰ্মই ৰাষ্ট্ৰৰ কাম-কাজত আৰু ৰাষ্টই ধৰ্মীয় কাম-কাজত প্ৰায়ে হস্তক্ষেপ কৰা দেখা যায়। ধৰ্মনিৰপেক্ষতাবাদে ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এনেধৰণৰ সম্পৰ্ক থকাটো সমৰ্থন নকৰে। সেয়ে ৰাজনৈতিক চিন্তাবিদসকলে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হিক সমালোচনা কৰিছে। তেওঁলোকৰ মতে ধৰ্ম আৰু ৰাষ্ট্ৰ সম্পূৰ্ণৰূপে পৃথক হ’ব লাগে।

(৩) ভোট বেংকৰ ৰাজনীতি : সংবিধান আৰু নিৰ্বাচনী আইন অনুসৰি কোনো দল বা প্ৰাৰ্থীয়ে ধৰ্মৰ নামত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। কিন্তু ভাৰতীয় ৰাজনৈতিক দলসমূহে ভোটাৰক আকর্ষণ কৰিবৰ বাবে ধৰ্মক ব্যৱহাৰ কৰা দেখা যায়। ধর্মীয় বিষয়ক নির্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদক সমালোচনা কৰা হয়। সমালোচকসকলৰ মতে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে ধর্মক নির্বাচনী ৰাজনীতিৰ পৰা পৃথক কৰাত বিফল হৈছে।

(৪) পশ্চিমীয়া আৰ্হিতকৈ পৃথক : ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হি পশ্চিমীয়া আৰ্হিতকৈ পৃথক হোৱাৰ বাবেও ইয়াক সমালোচনা কৰা দেখা যায়। বিশেষকৈ পশ্চিমৰ ধৰ্মনিৰপেক্ষতাবাদী চিন্তাবিদসকলৰ মতে ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হি প্ৰকৃত আৰ্হি নহয়। ভাৰতীয় আৰ্হিয়ে ধৰ্মক ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰাত ব্যৰ্থ হৈছে। সেয়ে সমালোচকসকলে এই সমালোচনা কৰিছে।

(৫) ধৰ্মনিৰপেক্ষ সমাজ নহয় : ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাৰ আন এটা দূর্বলতা হৈছে ভাৰতৰ সমাজ-ব্যৱস্থা। ভাৰতৰ সংবিধানে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্র গঠন বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু ভাৰতৰ সমাজ-ব্যৱস্থাত ধৰ্মনিৰপেক্ষতাই স্থান পোৱা নাই। সংবিধানে সকলো ধৰ্মকে সমান জ্ঞান কৰিছে, কিন্তু সমাজত এটা ধর্মই আনটো ধৰ্মক নীচ জ্ঞান কৰিবলৈ চেষ্টা কৰে। সংখ্যাগৰিষ্ঠ ধৰ্মই সংখ্যালঘুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। সেয়ে সমালোচকসকলে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, কিন্তু ধৰ্মনিৰপেক্ষ সমাজ নহয় বুলি মত আগবঢ়ায়।

(৬) ধর্মভিত্তিত আইন : ভাৰতবৰ্ষত সামাজিক জীৱনৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ কিছুমান বিশেষ আইনৰ ব্যৱস্থা কৰা হৈছে। বিবাহ আইন, বিবাহ বিচ্ছেদ আইন, সম্পত্তিৰ অধিকাৰ আইন আদিবোৰ ধর্ম বিশেষে বেলেগ বেলেগ। ধৰ্মনিৰপেক্ষতাবাদে সকলোৰে বাবে একে আইন হোৱাটো সমৰ্থন কৰে। গতিকে সমালোচকসকলে ধৰ্মৰ ভিত্তিত পৃথক পৃথক আইনৰ ব্যৱস্থা কৰাৰ বাবে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হিক সমালোচনা কৰিছে।

(৭) সাম্প্রদায়িক শক্তিৰ প্ৰভাৱ : ভাৰতবৰ্ষত সাম্প্রদায়িক সংগঠনসমূহ অত্যন্ত শক্তিশালী। সাম্প্রদায়িক সংগঠনসমূহে বিভিন্ন ধৰণে ৰাজনৈতিক কাম-কাজক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা দেখা যায়। ৰাজনৈতিক দলৰ প্ৰাৰ্থী নিৰ্ধাৰণ কৰাৰ পৰা মন্ত্ৰিত্ব প্ৰদানলৈকে সাম্প্রদায়িক সংগঠনসমূহে বিভিন্ন ধৰণেৰে হস্তক্ষেপ কৰে। সাম্প্রদায়িক সংগঠনসমূহৰ এনে অনৈতিক হস্তক্ষেপৰ সুবিধা থকাৰ বাবেও ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদক সমালোচনা কৰা হয়।

এইসমূহেই ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰধান সমালোচনা। ৰাজনৈতিক চিন্তাবিদ উপেন্দ্র বক্সি, আশীস নন্দী, টি. এন. মদন, পার্থ ,চেটাৰ্জী আদি ব্যক্তিসকলে ভাৰতৰ ধৰ্মনিৰপেক্ষতাক সমালোচনা কৰা দেখা যায়। ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদক সমালোচনা কৰি উচ্চতম ন্যায়ালয়ৰ অৱসৰপাপ্ত ন্যায়ধীশ বিক্রমজিৎ সেনে কৈছিল যে বৰ্তমান ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও ভবিষ্যৎ ইয়াৰ অন্ধকাৰ। এনেদৰেই বিভিন্ন ব্যক্তিয়ে ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদক সমালোচনা কৰিছে।

8. Discuss the measures to Strengthen Secularism in India.

Ans: ভাৰতত বৰ্তমান ধৰ্মনিৰপেক্ষতাবাদক বিভিন্ন সমস্যাৰে আৱৰি ধৰা দেখা যায়। এনে প্ৰেক্ষাপটত ভাৰতৰ ধর্মনিৰপেক্ষতাবাদক শক্তিশালী কৰিবলৈ কিছুমান ব্যৱস্থা লোৱাৰ আৱশ্যকতা আছে। সেইসমূহ হ’ল—

(১) সাম্প্ৰদায়িক শক্তিৰ নিয়ন্ত্রণ : ভাৰতত সাম্প্রদায়িক শক্তিসমূহে প্ৰায়ে ৰাজনৈতিক কাম-কাজত হস্তক্ষেপ কৰা দেখা যায়। সাম্প্রদায়িক শক্তিক ৰাজনীতিত হস্তক্ষেপত বাধা দিলেহে ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদ শক্তিশালী হ’ব।

(২) ধৰ্মনিৰপেক্ষতাবাদৰ শিক্ষা : ধর্মাননিৰপেক্ষতাবাদক শক্তিশালী কৰাত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ভাৰতত সকলো ধৰ্ম সমান আৰু কোনো ধর্মকে আমি হেয়জ্ঞান কৰিব নালাগে। এই শিক্ষা সৰু অৱস্থাতে সকলো ভাৰতীয়ক প্ৰদান কৰিলে ভাৰতত ধৰ্মনিৰপেক্ষতাবাদ শক্তিশালী হ’ব।

(৩) সামাজিক মাধ্যমৰ সু-ব্যৱহাৰ : সামাজিক মাধ্যমসমূহত ধর্মীয় হিংসাৰ সংবাদ প্ৰচাৰ কৰাৰ পৰিৱর্তে ধর্মীয় সহযোগিতা আৰু ধৰ্মনিৰপেক্ষতাবাদৰ বাণীৰ প্ৰচাৰে ধৰ্মনিৰপেক্ষতাবাদৰ ভেটি সুদৃঢ় কৰিব।

(৪) ধৰ্মনিৰপেক্ষ আইন : ধৰ্মীয় ৰীতি-নীতিক অৱমাননা নকৰাকৈ ৰাষ্ট্ৰই আইনসমূহ ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত গ্ৰহণ কৰিব লাগে। ব্যক্তিগত জীৱন, বিবাহ, খাদ্য আদিৰ ক্ষেত্ৰত এটা ধৰ্মক উদ্দেশ্য কৰি আইন প্ৰস্তুত কৰিলে ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। সেয়ে আইনসমূহ কোনো ধৰ্মৰ বিশ্বাসক আঘাত কৰাকৈ প্রস্তুত কৰিব নালাগে।

(৫) নির্বাচনী ৰাজনীতিৰ পৰা ধৰ্মক পৃথককৰণ : ধর্মক নিৰ্বাচনী ৰাজনীতিৰ পৰা পৃথক কৰাটো অত্যন্ত আৱশ্যক। ধৰ্মৰ নামত ৰাজনৈতিক দল গঠন, ধৰ্মৰ ভিত্তিত ভোট বিচৰা, ধৰ্মৰ ভিত্তিত প্রার্থিত্ব প্রদান আদিবোৰে ধৰ্মনিৰপেক্ষতাক দুৰ্বল কৰে। সেয়ে এনেবোৰ কাৰ্য নকৰি ধৰ্ম আৰু নিৰ্বাচনী ৰাজনীতি পৃথক কৰি ৰখাৰ প্ৰয়োজন আছে।

(৬) ধৰ্মনিৰপেক্ষ সমাজ গঠন : প্রায়ে সমালোচনা কৰা হয় যে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, কিন্তু ধৰ্মনিৰপেক্ষ সমাজ নহয়। গতিকে ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদক শক্তিশালী কৰাৰ স্বাৰ্থত ভাৰতৰ সমাজক ধৰ্মনিৰপেক্ষ কৰাৰ আৱশ্যক আছে। ইয়াৰ বাবে ভাৰতীয় লোকৰ মাজত ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰচাৰৰ প্ৰয়োজন আছে।

(৭) সংখ্যালঘুক উচিত সন্মান : ভাৰতত সংখ্যাগৰিষ্ঠৰ তুলনাত সংখ্যালঘুৰ আকাৰ অতি সৰু। তেনেস্থলত সংখ্যালঘুসকলৰ মাজত ভয়ৰ ভাব জাগ্রত হয়। এনে ভয়ভাবে ধৰ্মনিৰপেক্ষতাৰ সেয়ে চৰকাৰে আৰু সংখ্যাগৰিষ্ঠসকলে সংখ্যালঘুক উচিত সন্মান আৰু সুযোগ-সুবিধা দিয়াৰ আৱশ্যকতা আছে।

(৮) বহিঃৰাষ্ট্ৰৰ হস্তক্ষেপক বাধা : ভাৰতত ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বহু সাম্প্রদায়িক শক্তিক বহিঃৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰা দেখা যায়। সেয়ে ভাৰতৰ আভ্যস্তৰীণ বিষয়ত বহিঃৰাষ্ট্ৰ হস্তক্ষেপ দূৰ কৰিবলৈ চেষ্টা কৰাৰ আৱশ্যক আছে। পাকিস্তান বা তেনে দেশসমূহৰ পৃষ্ঠপোষকতা হোৱা ধৰ্মীয় সন্ত্রাসবাদ বন্ধ কৰিব পাৰিলে ভাৰতৰ ধৰ্মনিৰপেক্ষতা শক্তিশালী হ’ব।

এনেবোৰ উপায় গ্ৰহণ কৰি ভাৰতক এখন শক্তিশালী ধৰ্মনিৰপেক্ষতাবাদী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যাব। ভাৰতৰ এখন শক্তিশালী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰিলেহে বিশ্বত ভাৰতৰ মান বাঢ়িব।

9. What is the meaning of Communalism.

Ans: সাম্প্রদায়িকতাবাদক দুটা অৰ্থত ব্যাখ্যা কৰা দেখা যায়। এটা ধাৰণা সম্পূর্ণ তাত্বিক আৰু আনটো ধাৰণা দক্ষিণ এচিয়াৰ অভিজ্ঞতাৰ ভিত্তিত ব্যাখ্যা কৰা ধাৰণা। তাত্বিক দিশৰ পৰা বৰ্ণনা কৰিলে ক’ব পৰা যায় যে সাম্প্রদায়িকতাবাদ এনে এক ব্যৱস্থা য’ত এটা সম্প্ৰদায়ৰ লোক একত্রিত হয়। ই সমুদায়কেন্দ্রিক এক ৰাজনৈতিক সংঘ। আমেৰিকাৰ সমাজতত্ত্ববিদ মোৰেয় বুকচিন [ Murray Bookchin]ৰ মতে সাম্প্রদায়িকতাবাদ এক ব্যৱস্থা য’ত সমুদায়সমূহে সংঘাত অংশগ্ৰহণ কৰে। তেওঁ কৈছিল― “Communalism is a theory of government or a system of government in which independent communes participate in a federation.”  সাম্প্রদায়িকতাবাদৰ তাত্ত্বিক দিশটোৰ বিকাশ হৈছিল বিংশ শতিকাত।

দক্ষিণ এচিয়াত সাম্প্রদায়িকতাবাদৰ এটা পৃথক মতবাদ দেখা পোৱা যায়। দক্ষিণ এচিয়াৰ ধাৰণা অনুসৰি সাম্প্রদায়িকতাবাদ এটা মনোভাৱ। এই ধৰ্মৰ লগত অড়িত। এজন বাক্তিৰ মনোভাৱক তেতিয়াই সাম্প্ৰদায়িক বুলি আখ্যা দিয়া হ’ব যেতিয়া সেই ব্যক্তিজনে নিজে এটা ধর্মীয় সম্প্ৰদায়ৰ সদস্য হোৱাৰ বাবেই আন ধর্মীয় সম্প্রদায় বা সেই সম্প্ৰদায়ৰ সদস্যসকলক বিৰোধ কৰিব আৰু ক্ষতি সাধন কৰিবলৈ প্ৰস্তুত থাকিব। এই ক্ষেত্ৰত এজন ব্যক্তিয়ে আনজন ব্যক্তিক ক্ষতি সাধন কৰিবৰ বাবে ব্যক্তিগত পৰিচয়ৰ আৱশ্যকতা নাথাকে। ব্যক্তিতকৈ ব্যক্তিৰ দুজনৰ ধৰ্ম বা সম্প্রদায়হে প্রধান।

সাম্প্রদায়িকতাবাদে সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰে। ইতিহাস, বিশ্বাসৰ ভিন্নতা, সম্প্ৰদায় দুটাৰ মাজত থকা বিবাদে সাম্প্ৰদায়িক সংঘৰ্ষত উদগনি জনায়। ব্ৰিটিছ শাসন কালত দক্ষিণ এচিয়া অঞ্চলসমূহত প্ৰায়ে সাম্প্রদায়িক সংঘই দেখা দিছিল।

সাম্প্রদায়িকতাবাদ যদিও প্রধানত ধৰ্মৰ ভিত্তিত গা কৰি উঠে কিন্তু দেখা গৈছে যে ধৰ্মৰ বাহিৰেও নৃগোষ্ঠী, সাম্প্ৰদায়িকতাৰ কাৰণ হ’ব পাৰে। অৰ্থাৎ‍ ধৰ্মৰ বাহিৰে নৃগোষ্ঠীগত কাৰণটো এটা সম্প্রদায়ে আন সম্প্রদায়ক আক্ৰমণ কৰিব বা ঘৃণা কৰিব পাৰে।

10. Features of Communalism in India.

Ans: ইংৰাজ শাসনৰ সময়ৰ পৰাই ভাৰতত সামজদয়িকতাবাদ দেখিবলৈ পোৱা গৈছিল। ভাৰত স্বাধীন হোৱাৰ পাছতো সাম্প্ৰদায়িকতাবাদ নাইকিয়া নহ’ল। এই সাম্প্ৰদায়িকতাবাদৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ হ’ল—

(ক) উগ্ৰ আৰু শান্ত দুয়ো : ভাৰতত সাম্প্ৰদায়িকতাবাদৰ প্ৰকৃতি লক্ষ্য কৰিলে দেখা যায় ই উগ্র আৰু শান্ত দুয়ো ধৰণৰ। অথাৎ ভাৰতত কেতিয়াবা সাম্প্রদায়িকতাবাদে উগ্ৰ ৰূপ ধাৰণ কৰে আৰু কেতিয়াবা ই শান্ত হৈ থাকে। ভাৰত বিভাজনৰ সময়ত হিন্দু আৰু মুছলমান সাম্প্রদায়িকতাবাদ উগ্ৰ অৱস্থাত আছিল। ১৯৫০ দশকলৈ ক্ৰমাত শান্ত অৱস্থালৈ আহিছিল। ১৯৮০ৰ দশকত পুনৰ উগ্ৰ ৰূপ ধাৰণ কৰিছিল। বৰ্তমান ভাৰতত সাম্প্রদায়িক সংঘৰ্ষৰ পৰিমাণ হ্রাস পাইছে। গতিকে ক’ব পৰা যায় যে ভাৰতত উগ্ৰ আৰু শান্ত দুয়ো ধৰণৰ সাম্প্ৰদায়িকতাবাদ দেখিবলৈ পোৱা যায়।

(খ) ব্ৰিটিছ শাসনকালৰ পৰা চলি আহিছে : ভাৰতত সাম্প্ৰদায়িকতাবাদ ইংৰাজৰ শাসনৰ সময়ৰ পৰা চলি আহিছে। ইংৰাজ শাসনৰ আৰম্ভৰ সময়ত ব্ৰিটিছ চৰকাৰে হিন্দুসকলক চৰকাৰী কাম-কাজত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিছিল আৰু মুছলমানসকলক বঞ্চিত কৰিছিল। তেতিয়াই মুছলমান সাম্ৰদায়িকতাবাদৰ জন্ম হৈছিল। পৰৱৰ্তী সময়ত ইংৰাজৰ বিভাজন আৰু শাসন নীতিয়ে সাম্প্রদায়িকতাবাদৰ প্রসাৰত সহায় কৰিছিল। ভাৰত স্বাধীন হোৱাৰ পাছতো এই সাম্প্রদায়িকতাবাদ চলি থাকিল।

(গ) বিভিন্ন সমুদায়ৰ সাম্প্রদায়িকতাবাদ : ভাৰতত সাম্প্রদায়িকতাবাদ হিন্দু, মুছলমান আৰু শিখ এই তিনিওটা ধৰ্মৰ লোকসকলৰ মাজত দেখা পোৱা যায়। মুছলমান আৰু হিন্দু সাম্প্ৰদায়িকতাবাদ ইংৰাজ শাসনৰ সময়ৰ পৰা থকাৰ পৰিৱৰ্তে শিখ সাম্প্রদায়িকতাবাদ ভাৰত স্বাধীন হোৱাৰ পাছত বিকাশিত হৈছিল। এই তিনিওটা সম্প্ৰদায়ৰ বাহিৰেও আন আন সম্প্ৰদায়ৰ ওপৰটো বৰ্তমান সাম্প্রদায়িক মনোভাৱ গা কৰি উঠা দেখা গৈছে।

(ঘ) সাম্প্রদায়িকতাবাদ আৰু ৰাজনৈতিক দল : ভাৰতৰ সাম্প্ৰদায়িকতাবাদৰ প্ৰভাৱ ৰাজনীতিত পৰা দেখা যায় যদিও ভাৰত সাংবিধানিকভাৱে ধৰ্মনিৰপেক্ষ কিন্তু ভাৰতত কেইবাটাও সাম্প্ৰদায়িক ৰাজনৈতিক দল দেখিবলৈ পোৱা যায়। ইংৰাজ শাসন কালত গঠন হোৱা মুছলিম লীগ এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল। ভাৰতীয় জনতা দল, শিৰোমণি আকালি দল আদিবোৰক সাম্প্ৰদায়িক ৰাজনৈতিক দল বুলি কোৱা হয়। 

(ঙ) ইংৰাজ বিভাজন আৰু শাসন নীতিৰ প্রভাৱ : ভাৰতত দেখা দিয়া সাম্প্রদায়িকতাৰ বাবে ইংৰাজৰ বিভাজন আৰু শাসন নীতিক জগৰীয়া কৰা হয়। ইংৰাজ শাসনৰ সময়ত ভাৰতীয় জাতীয়তাবাদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনক দমন কৰিবৰ বাবে ব্ৰিটিছে ভাৰতৰ হিন্দু আৰু মুছলমানক বিভাজিত কৰাৰ চেষ্টা কৰিছিল। তাৰবাবে তেওঁলোকে সাম্প্রদায়িক প্রতিনিধিত্বকৰণ, পৃথক নিৰ্বাচনী মণ্ডল আদিৰ ব্যৱস্থা কৰিছিল। ইংৰাজৰ এই নীতিয়ে হিন্দু-মুছলমানৰ ঐক্যতা ভংগ কৰিছিল আৰু ভাৰতত সাম্প্রদায়িকতাবাদক শক্তিশালী কৰিছিল।

(চ) আন্তঃৰাষ্ট্ৰীয় পুঁজি : এখন দেশৰ ভিতৰত সাম্প্ৰদায়িকতা দেশখনৰ আভ্যন্তৰীণ বিষয়বস্তু। কিন্তু ভাৰতৰ ক্ষেত্ৰত দেখা গৈছে। যে সাম্প্রদায়িকতা কেৱল ভাৰতৰ আভ্যন্তৰীণ সমস্যা হৈ থকা নাই। ভাৰতত সাম্প্ৰদায়িকতা প্ৰসাৰৰ বাবে বিভিন্ন সময়ত বহিঃৰাষ্ট্ৰই সহায় কৰা দেখা যায়। বহু সময়ত মুছলমান সাম্প্রদায়িকতাবাদৰ প্ৰসাৰৰ বাবে পাকিস্তানৰ পৰা আর্থিক সহায় আহে বুলি বিভিন্ন মহলত আলোচনা হোৱা দেখা গৈছে। সাম্প্রদায়িকতাই জাতীয়তাবাদত হেঙাৰ স্বৰূপে থিয় দিয়ে। সেয়ে বিভিন্ন সময়ত শত্ৰু ৰাষ্ট্ৰই সাম্প্ৰদায়িকতা বৃদ্ধিত সহায় কৰি জাতীয়তাবাদৰ ওপৰত আঘাত কৰে।

(ছ) ধৰ্মনিৰপেক্ষতা বিৰোধী : ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ভাৰতত সকলো ধৰ্ম সমান। ইয়াত সকলো ধৰ্মৰ লোকে বসবাস কৰিব পাৰে। কিন্তু সাম্প্রদায়িকতাবাদে ইয়াৰ সমৰ্থন নকৰে। বিশেষকৈ হিন্দু সাম্প্রদায়িকতাবাদে ইয়াৰ সমৰ্থন নকৰে। বিশেষকৈ হিন্দু সাম্প্রদায়িকসকলে ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে। বহু হিন্দু সাম্প্রদায়িক লোকে মুছলমানসকল ভাৰত ত্যাগ কৰি আন দেশলৈ গুচি যাব লাগে বুলি মন্তব্য দিয়ে। সেয়ে ভাৰতত সাম্প্ৰদায়িকতাবাদে ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি ক’ব পৰা যায়।

(জ) সন্ত্রাসবাদৰ সৃষ্টি : সাম্প্ৰদায়িকতাবাদে ভাৰতত সন্ত্ৰাসবাদ সৃষ্টিত সহায় কৰিছে। ভাৰতত এচাম লোকে উগ্র সাম্প্রদায়িকতাবাদত বিশ্বাস কৰে। এই উগ্র মনোভাৱে সন্ত্ৰাসবাদৰ সৃষ্টিত অৰিহণা যোগায়। কাশ্মীৰত সাম্প্ৰদায়িকতাবাদৰ বাবেই বহুতো ধর্মীয় সন্ত্রাসবাদী সংগঠনৰ জন্ম হোৱা দেখা গৈছে। হিন্দুসকলৰ মাজতো ধর্মীয় উগ্রবাদী সংগঠনৰ জন্ম হোৱা দেখা গৈছে। শিখসকলৰ মাজতো ধৰ্মক কেন্দ্ৰ কৰি উগ্রবাদী সংগঠনৰ জন্ম হৈছিল। গতিকে ক’ব পৰা যায় যে ভাৰতত সাম্প্রদায়িকতাবাদে সন্ত্রাসবাদৰ সৃষ্টিত সহায় কৰিছে।

(ঝ) অঞ্চলকেন্দ্রিক সাম্প্ৰদায়িক সংঘৰ্ষ : ভাৰতৰ স্বাধীনতাৰ পাছৰ সাম্প্রদায়িক আন্দোলনসমূহ লক্ষ্য কৰিলে দেখা যায় যে এইসমূহ অঞ্চলকেন্দ্রিক। ভাৰতৰ চহৰ অঞ্চলত গাঁও অঞ্চলতকৈ অধিক সাম্প্রদায়িক সংঘৰ্ষ হোৱা দেখা গৈছে। ঠিক সেইদৰে দক্ষিণ ভাৰততকৈ উত্তৰ ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিমাণ অধিক।

ওপৰত উল্লেখ কৰাবোৰেই ভাৰতৰ সাম্প্রদায়িকতাৰ প্রধান বৈশিষ্ট্য। এই বৈশিষ্ট্যবোৰ অধ্যয়ন কৰিলে ভাৰতত সাম্প্ৰদায়িকতাবাদৰ বিষয়ে এক সম্যক ধাৰণা লাভ কৰিব পৰা যায়।

11. Causes of Communalism India.

Ans: ইংৰাজ শাসনৰ সময়ৰ পৰাই বিভিন্ন কাৰণত ভাৰতত সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি হৈ আহিছে। ভাৰতত সাম্প্ৰদায়িকতাবাদৰ বিভিন্ন কাৰণসমূহ তলত আলোচনা কৰা হ’ল—

(ক) সংখ্যালঘু সকলৰ আচৰণ : ভাৰতত সংখ্যালঘুসকলৰ আচৰণ সাম্প্ৰদায়িকতাবাদৰ এটা প্ৰধান কাৰণ। মুছলমান সংখ্যালঘু সমুদায় সহজেই ভাৰতীয় জাতীয়তাবাদী চেতনা আকোঁৱালী নলয় । বহু সংখ্যালঘু সমুদায়ে ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ পৰিৱৰ্তে নিজ ধৰ্মৰ আদৰ্শকহে অধিক গুৰু দিয়ে। আনহাতে সংখ্যাগৰিষ্ঠ হিন্দুসকলেও সহজেই মুছলমানসকলক আঁকোৱালী নলয় । সেয়ে ভাৰতত সাম্প্ৰদায়িকতাবাদে গা কৰি উঠিছে।

(খ) গোড়ামি আৰু ৰক্ষণশীল মনোভাৱ : ধর্মীয় গোড়ামি আৰু ৰক্ষণশীল মনোভাৱৰ বাবেও ভাৰতত সাম্প্রদায়িকতাবাদৰ সৃষ্টি হৈছে। ভাৰতত প্ৰায় সকলোবোৰ ধৰ্মৰে এচাম লোকৰ মাজত ধর্মীয় গোড়ামি আছে। এই লোকসকলে নিজৰ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আন ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এনে কৰাৰ ফলত সাম্প্রদায়িকতাবাদে দেখা দিয়ে।

(গ) নেতাৰ ভূমিকা : সাম্প্রদায়িকতাৰ অন্যতম কাৰণ হ’ল। নেতাসকলৰ ভূমিকা। ইংৰাজ শাসনৰ সময়ত জিন্নাৰ ৰাজনৈতিক আকাংক্ষাৰ বাবে ভাৰতত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰসাৰ হৈছিল। স্বাধীন ভাৰততো বহুটো ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক লক্ষ্য লাভ কৰিবলৈ সাম্প্রদায়িকতাক আহিলা হিচাপে ব্যৱহাৰ কৰে। আনহাতে ধর্মীয় নেতাসকলেও সাম্প্রদায়িকতা সৃষ্টি কৰি নিজৰ মুনাফা আদায় কৰিবলৈ চেষ্টা কৰে। গতিকে ক’ব পৰা যায় যে ভাৰতত নেতাসকলে বহু সময়ত সাম্প্ৰদায়িকতাবাদৰ প্ৰসাৰত সহায় কৰি আহিছে।

(ঘ) দুর্বল অর্থনীতি : দুৰ্বল অৰ্থনীতি আৰু দৰিদ্ৰতা সাম্প্ৰদায়িকতাৰ অন্যতম কাৰণ। বিভিন্ন সময়ত আন ধৰ্মৰ লোকক নিজৰ দৰিদ্ৰতাৰ কাৰণ হিচাপে গণ্য কৰা হয়। ইংৰাজ শাসন কালত মুছলমানসকলে ভাবিছিল যে হিন্দুসকলে সকলো সুযোগ সুবিধা চৰকাৰৰ পৰা আদায় কৰিছে, কিন্তু মুছলমানসকল বঞ্চিত হৈছে স্বাধীনতাৰ পাছত বহু হিন্দুলোকে মুছলমানৰ বাবেই ভাৰতৰ উন্নতি নাই হোৱা বুলি গণ্য কৰে। সেয়ে দৰিদ্ৰতাক সাম্প্রদায়িকতাবাদৰ এটা কাৰণ বুলি ক’ব পৰা যায়।

(ঙ) বিশ্বাসৰ অভাৱ : ভাৰতত বিভিন্ন ধৰ্মৰ মানুহৰ মাজত বিশ্বাসৰ অভাৱ থকা দেখা গৈছে। হিন্দুসকলে মুছলমান সকলক সন্দেহৰ চকুৰে চাই। ঠিক সেইদৰে মুছলমান সমুদায়ে হিন্দুসকলক বিশ্বাসত নলয় । হিন্দু-শিখ বা শিখ আৰু মুছলমানৰ মাজতো বিশ্বাসৰ অভাৱে সাম্প্রদায়িকতাবাদৰ প্রসাৰত সহায় কৰে।

(চ) বিচ্ছিন্নতাবাদী মনোভাৱ : ভাৰতত ধৰ্মৰ ভিত্তিত সৃষ্টি হোৱা বিছিন্নতাবাদী মনোভাৱে সাম্প্ৰদায়িকতাবাদৰ প্ৰসাৰত অৰিহণা যোগাইছে। ইংৰাজ শাসন কালত ভাৰতৰ পৰা ওলাই আহি পাকিস্তান গঠনৰ দাবীৰে সাম্প্ৰদায়িক মনোভাৱৰ সৃষ্টি কৰিছিল। স্বাধীন ভাৰতত কাশ্মীৰক ভাৰতৰ পৰা পৃথক কৰাৰ চেষ্টাই ধৰ্মীয় সম্প্ৰদায়িকতাৰ সৃষ্টি কৰিছে। গতিকে বিচ্ছিন্নতাবাদী মনোভাৱ সাম্প্ৰদায়িকতাবাদৰ এটা কাৰণ।

12. Discuss the measures for Eradication of Communalism.

Ans: ভাৰতত সাম্প্রদায়িকতাবাদ দূৰ কৰাৰ বাবে কিছুমান পদক্ষেপ লোৱাৰ প্রয়োজনীয়তা আছে। সেইসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) সাম্প্ৰদায়িক ৰাজনৈতিক দলসমূহ নাইকিয়া কৰা। 

(খ) সাম্প্রদায়িক দল-সংগঠনসমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা।

(গ) জাতীয়তাবাদী মনোভাৱৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা।

(ঘ) ধৰ্মনিৰপেক্ষতাৰ প্ৰচাৰ কৰা।

(ঙ) সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জনমত গঠন কৰা।

(চ) বিভিন্ন সম্প্ৰদায়ৰ মাজত সামাজিক সম্পৰ্ক স্থাপন কৰা। 

(ছ) সম্প্রদায়সমূহৰ মাজত সাহিত্য, সংস্কৃতিৰ আদান প্রদান কৰা।

(জ) সামাজিক সচেতনা বৃদ্ধি কৰা।

(ঝ) শিক্ষাৰ প্ৰচাৰৰ মাধ্যমেৰে সাম্প্ৰদায়িক মনোভাৱ দূৰ কৰা।

(ঞ) প্রচাৰ মাধ্যমসমূহে সাম্প্ৰদায়িক প্ৰচাৰৰ পৰিৱৰ্তে একতা আৰু জাতীয়তাবাদৰ প্ৰচাৰ কৰা। 

(ট) চৰকাৰে সকলো সম্প্ৰদায়ৰ উন্নয়নৰ চেষ্টা কৰা। 

(ঠ) সাম্প্রদায়িক মনোভাৱ প্ৰচাৰ কৰা ব্যক্তি বা নেতাসকলক শাস্তি প্ৰদান কৰা।

(ড) অসৎ আন্তঃৰাষ্ট্ৰীয় শক্তিৰ পৰা জনসাধাৰণক দূৰত ৰাখিবলৈ চৰকাৰে চেষ্টা কৰিব লাগিব।

(ঢ) ধর্মভিত্তিক বিচ্ছিন্নতাবাদী আন্দোলনক দমন কৰা।

(ণ) বিভিন্ন লোকৰ মাজত থকা গোড়ামি আৰু ৰক্ষ শীল মনোভাৱ দূৰ কৰা।

ওপৰত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰিলে ভাৰতৰ পৰা সাম্প্ৰদায়িকতাবাদ দূৰ কৰিব পৰা যাব।

13. Discuss the features of caste politics in India.

Ans: ভাৰতত জাতিগত ৰাজনীতিৰ বৈশিষ্ট্য : ভাৰতত জাতিয়ে ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা দেখা যায়। ব্ৰিটিছ শাসনৰ সময়ৰ পৰাই জাতি ব্যৱস্থাই ৰাজনীতিত গুৰুত্বপূৰ্ণ প্রভাৱ বিস্তাৰ কৰি আহিছে। স্বাধীনতাৰ পাছতো শিক্ষা ক্ষেত্ৰত ভাৰতবৰ্ষ বহু আগবাঢ়ি গৈছে যদিও জাতি- ব্যবস্থা সমাপ্ত হোৱা নাই। ঠিক সেইদৰে জাতিৰ ৰাজনৈতিক গুৰুত্বও হ্রাস নাপালে। ভাৰতত আগত ৰাজনীতি অধ্যয়ন কৰিলে কেতবোৰ বৈশিষ্ট্য দেখা পোৱা যায়। সেইসমূহ কৰা হ’ল―

(ক) ভাৰতত জাতিক কেন্দ্ৰ কৰি বহুতো ৰাজনৈতিক দলৰ জন্ম হৈছে। বিহাৰত আৰ.জে.ডি.দল দক্ষিণ ভাৰতত ডি.এম.কে.  আদিবোৰ জাতিভিত্তিত ৰাজনৈতিক দল।

(খ) ভাৰতবৰ্ষত জাতিগত ৰাজনীতি ৰাজ্যভেদে বেলেগ বেলেগ ধৰণৰ৷ বিহাৰত জাতিয়ে যি ভূমিকা পালন কৰিছে, ঠিক সেইদৰে অসম বা অৰুণাচলত প্ৰদেশত হোৱা নাই। দক্ষিণ ভাৰতৰ জাতিগত ৰাজনীতিৰ লগত উত্তৰ ভাৰতৰ জাতিগত ৰাজনীতি একে নহয়।

(গ) ভাৰতত জাতিয়ে ভোট বেংকৰ ভূমিকা পালন কৰিছে। ৰাজনৈতিক দলসমূহে জাতিৰ নামত ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। নিৰ্বাচনৰ প্ৰাৰ্থী ঠিক কৰোঁতেও জাতিক গুৰুত্ব দিয়া দেখা গৈছে।

(ঘ) ভাৰতত জাতিসমূহৰ মাজত সমতা স্থাপনৰ উদ্দেশ্যে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত পিছপৰা জাতিৰ লোকৰ বাবে বিশেষ সুবিধা কিছুমান প্রদান কৰা হৈছে।

(ঙ) ভাৰতৰ সংবিধানে জাতিৰ নামত শোষণৰ বিৰোধিতা কৰে। সংবিধান অনুসৰি সকলো জাতি সমান। গতিকে সকলো জাতিকে সকলোৱে সমান জ্ঞান কৰিব লাগিব। সেয়েহে ভাৰতীয় সংবিধানে অস্পৃশ্যতা দূৰ কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা লৈছে।

(চ) ভাৰতত বিভিন্ন জাতিৰ মাজত ক্ষমতাকেন্দ্ৰিক সংঘৰ্ষ হোৱা পৰিলক্ষিত হৈছে। ৰাজনৈতিক ক্ষমতাকেন্দ্রিক যুঁজি জাতিসমূহৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সৃষ্টি কৰা দেখা গৈছে। হাৰিয়ানাত প্ৰায়ে জাতিক কেন্দ্ৰ কৰি সংঘাতৰ সূত্ৰপাত হয়।

(ছ) ভাৰতত নতুন নেতাৰ সৃষ্টিত জাতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। জাতিৰ বিভিন্ন সমস্যাক লৈ মাত মাতি অহা নেতাসকলে পৰৱৰ্তী সময়ত ৰাজনৈতিক দলত যোগদান কৰি নিৰ্বাচনী ৰাজনীতিত অৱতীৰ্ণ হৈছে। সেয়ে জাতি- ব্যৱস্থাক নেতা সৃষ্টিৰ কাৰখানাস্বৰূপ বুলি অভিহিত কৰা হৈছে।

(জ) জাতি-ব্যৱস্থাই ভাৰতত বিভাজনৰ সৃষ্টি কৰিছে। ভাৰতীয় সমাজক জাতিৰ ভিত্তিতে বিভিন্ন ভাগত বিভক্ত কৰা হৈছে । বেছি বিভাজনে ৰাজনৈতিক ব্যৱস্থাৰ ওপৰতো প্ৰভাৱ পেলাইছে।

(ঝ) ভাৰতত জাতিকেন্দ্ৰিক ৰাজনীতি ইংৰাজ শাসনকালৰে পৰা চলি আহিছে। ইংৰাজৰ শাসনকালত জাতিক কেন্দ্ৰ কৰি গান্ধী আৰু আম্বেদকাৰৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। পুণা চুক্তি জাতিকেন্দ্ৰিক ৰাজনীতিৰ লগত জড়িত। গতিকেক ক’ব পাৰি যে ভাৰতত জাতিকেন্দ্ৰিক ৰাজনীতি ইংৰাজ শাসনকালৰে পৰা বৰ্তমানলৈকে চলি আছে।

(ঞ) ভাৰতত জাতিকেন্দ্ৰিক ৰাজনীতিয়ে মন্ত্ৰীপৰিষদ গঠন, আঁচনি গ্রহণ, চৰকাৰী সংস্থাপন, শিক্ষানুষ্ঠানত নামভৰ্তি আদিবোৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। গতিকে জাতিকেন্দ্ৰিক ৰাজনীতিয়ে ভাৰতত বিভিন্ন দিশত প্ৰভাৱ পেলাইছে।

14. Discuss the role of Caste in Indian Politics.

Ans: ভাৰতৰ ৰাজনীতিত জাতিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাজনৈতিক সামাজিকীকৰণ, নেতৃত্ব প্রদান, দলীয় ৰাজনীতি আদিত জাতিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰা দেখা গৈছে। তলত ভাৰতবৰ্ষৰ ৰাজনীতিত জাতিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হৈছে।

(ক) নিৰ্বাচনত জাতিৰ ভূমিকা : ভাৰতত নিৰ্বাচনী ৰাজনীতিত জাতিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰা দেখা গৈছে। জাতিয়ে ভোটাৰৰ আচৰণ নিৰ্ধাৰণ কৰে। ৰাজনৈতিক দলসমূহে প্রার্থিত্ব প্ৰদান কৰোঁতে সমষ্টিৰ জাতিগত গাঁথনিক গুৰুত্ব দিয়ে। ঠিক সেইদৰে ভোটাৰেও নিজৰ জাতিৰ লোককহে ভোট দিয়া দেখা যায়। সেয়ে ভাৰতত জাতিয়ে নির্বাচনী ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি কোৱা হয়।

(খ) চৰকাৰী আঁচনিত জাতিৰ ভূমিকা : চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্রহণ কৰোঁতেও জাতিক গুৰুত্ব দিয়া দেখা যায়। ভাৰত চৰকাৰে পিছপৰা জাতিৰ উন্নয়নৰ বাবে সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছে। এই ব্যৱস্থা অনুসৰি পিছপৰা জাতিৰ লোকৰ বাবে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত আসন সংৰক্ষণ কৰা হৈছে।

(গ) মন্ত্ৰী পৰিষদত জাতি : চৰকাৰ গঠনৰ পাছত মন্তৰিত্ব প্ৰদানৰ ক্ষেত্ৰত জাতিক গুৰুত্ব দিয়া দেখা যায়। প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ মন্ত্রীসভাত বিভিন্ন জাতিৰ প্ৰতিনিধিত্ব প্রদান কৰি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰে। ঠিক সেইদৰে চৰকাৰত বিভিন্ন মন্ত্রিত্ব প্রদানৰ ক্ষেত্ৰতো বিভিন্ন জাতিৰ সদস্যক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰা হয়।

(ঘ) জাতিভিত্তিক ৰাজনৈতিক সংগঠন : ভাৰতত বিভিন্ন জাতিসমূহৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে সংগঠনৰ গঠন হোৱা দেখা গৈছে। এই সংগঠনসমূহে জাতিৰ স্বাৰ্থত প্ৰভাৱগোষ্ঠী হিচাপে কাম কৰে। জাতিৰ বিভিন্ন সমস্যাসমূহ এই সংগঠনসমূহে চৰকাৰক অৱগত কৰে আৰু চৰকাৰক জাতিৰ উন্নয়নৰ বাবে কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

(ঙ) নেতা সৃষ্টিত জাতিৰ ভূমিকা : ভাৰতৰ ৰাজনৈতিক নেতা সৃষ্টিত জাতিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তামিলনাডু, অন্ধ্রপ্রদেশ, বিহাৰ, হাৰিয়ানা আদি ৰাজ্যবোৰত জাতিক নেতৃত্ব দিয়া নেতাসমূহ ৰাজনৈতিক নেতা হিচাপে আত্মপ্রকাশ কৰিছে। নেতাসমূহে জাতিক নিজৰ ৰাজনৈতিক ভেটি সুদৃঢ় কৰিবলৈ ব্যৱহাৰ কৰে। জাতিৰ বিষয়সমূহত মাত মাতিয়ে ৰাজনীতিত প্ৰৱেশ কৰে সেয়ে ক’ব পাৰি যে নেতা সৃষ্টিয়ে জাতিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

(চ) সমাজক বিভাজন কৰিছে : জাতিয়ে সামাজিক আৰু ৰাজনৈতিক — এই দুয়োটা দিশৰে পৰা সমাজক বিভাজন কৰা দেখা গৈছে। জাতিৰ ভিত্তিত ভাৰতত বিভিন্ন স্বার্থ গোট, ৰাজনৈতিক দল, ৰাজনৈতিক সংগঠন আদি গঠন হৈছে। এই দল-সংগঠনবোৰে এটা জাতিক আনটোৰ পৰা ৰাজনৈতিকভাৱে পৃথক কৰা দেখা গৈছে। ক্ষমতাক লৈ জাতিসমূহৰ মাজত বিভেদ সৃষ্টি হোৱা দেখা গৈছে। সেয়ে ক’ব পৰা যায় যে জাতি-ব্যৱস্থাই সমাজক সামাজিকভাৱে বিভাজন কৰাৰ উপৰি ৰাজনৈতিকভাৱেও বিভাজন কৰিছে।

(ছ) জাতি আৰু হিংসা : ভাৰতত জাতিসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামাজিক বিভাজন আৰু মতানৈক্যতাই সংঘাতৰ ৰূপ লৈছে। বিভিন্ন জাতিৰ মাজত হিংসাত্মক ঘটনাই দেখা দিছে। মহাৰাষ্ট্ৰ, বিহাৰ, গুজৰাট, উত্তৰপ্ৰদেশ আদি ৰাজ্যসমূহত প্রায়ে জাতিক লৈ সংঘৰ্ষৰ সৃষ্টি হৈ আহিছে। স্বাধীনতাৰ পাছত কেইবাদশক ধৰি জাতিগত সংঘৰ্ষ ভাৰতৰ গ্ৰাম্য সমাজৰ এক বৈশিষ্ট্য হৈ পৰিছিল।

15. Discuss role of Caste in State Politics.

Ans: জাতিয়ে কেৱল সৰ্বভাৰতীয় ৰাজনীতিতে প্রভাৱ পেলোৱা নাই, ৰাজ্যসমূহৰ ৰাজনীতিতো জাতিৰ ভূমিকা মনকৰিবলগীয়া। বিশেষকৈ বিহাৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, তামিলনাডু আৰু ৰাজস্থানৰ ৰাজনীতিত জাতিৰ ভূমিকা গুৰুত্বপূর্ণ। তলত এই ৰাজ্যসমূহৰ জাতি-ব্যৱস্থাই ৰাজনীতিত কেনেদৰে প্ৰভাৱ পেলাইছে আলোচনা কৰা হৈছে।

(ক) বিহাৰৰ ৰাজনীতিত জাতি : বিহাৰৰ ৰাজনীতিত জাতিৰ প্ৰভাৱ অত্যন্ত বেছি। বিহাৰত ৰাজপুত, ব্ৰাহ্মীণ, কায়স্থ আৰু আদিবাসী –এই চাৰিটা জাতিয়ে ৰাজনীতিত সক্রিয় ভূমিকা পালন কৰি অহা দেখা গৈছে। এটা সময়ত ৰাজপুত আৰু ব্ৰাহ্মণসকলে বিহাৰৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিছিল। ৰাজপুত আৰু ব্ৰাহ্মীণসকলৰ সামাজিক মর্যাদা আৰু অর্থনৈতিক অৱস্থা আন জাতিতকৈ ভাল হোৱা বাবে তেওঁলোকে বিহাৰৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। আনহাতে কায়স্থসকলে ৰাজনৈতিকভাৱে ক্ষমতা দখলৰ বাবে ব্ৰাহ্মীণসকলৰ লগত সংঘাতত লিপ্ত হৈছিল। বিহাৰত লালু প্রসাদ যাদৱে জাতিভিত্তিত আৰ, জে. ডি. দল গঠন কৰি ‘যাদৱ’সকলৰ ভোট লৈ বিহাৰৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আহিছে।

(খ) হাৰিয়ানাৰ ৰাজনীতিত জাতি : হাৰিয়ানাত জাট, অহিৰ আৰু বাহ্মণসসকলে ৰাজনীতি নিয়ন্তণ কৰি আহিছে। হাৰিয়ানাত এজন জাটে এজন জাটক, এজন অহিৰে এজন অহিৰক ভোট দিয়ে বুলি ধৰি লৈ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্ধাৰণ কৰা দেখা গৈছে। জাটসকলে প্ৰায়ে হাৰিয়ানাৰ ৰাজনীতিত আটাইতকৈ শক্তিশালী ভূমিকা পালন কৰি আহিছে। হাৰিয়ানাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী চৌধাৰী দেৱী লাল জাটসকলৰ সমৰ্থনত ক্ষমতালৈ আহিছিল। তেওঁৰ দৰে পুত্র উম প্রকাশ চৌতালাও জাট ভোটাৰৰ সমৰ্থন লৈ ক্ষমতালৈ আহিছিল। গতিকে হাৰিয়ানাৰ ৰাজনীতিত জাতিৰ ভূমিকা উল্লেখ্যযোগ্য।

(গ) মহাৰাষ্ট্ৰত জাতিৰ ভূমিকা : মহাৰাষ্ট্ৰৰ ৰাজনীতিটো জাতিৰ ভূমিকা গুৰুত্বপূর্ণ। মহাৰাষ্ট্ৰত মাৰাঠী, ব্ৰাহ্মণ আৰু মাহাৰসকলে ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি আহিছে যদিও মহাৰাষ্ট্ৰত ব্ৰাহ্মণ লোকৰ সংখ্যা আন জাতিৰ তুলনাত কম। তথাপি তেওঁলোক শিক্ষাগতভাৱে আগবঢ়া হোৱাৰ বাবে ৰাজনীতিত তেওঁলোক সবল। সামাজিক গাঁথনি অনুসৰি মাহাৰসকল নিম্ন জাতিৰ। তেওঁলোকৰ জনসংখ্যা অধিক হোৱা বাবে ৰাজনৈতিক গুৰুত্বও অধিক। এটা সময়ত মাহাৰসকল কংগ্ৰেছ দলৰ ভোট বেংক আছিল। মাৰাঠী লোকসকলৰো মহাৰাষ্ট্ৰ ৰাজনীতিত প্ৰভাৱ অত্যন্ত শক্তিশালী।

(ঘ) কৰ্ণাটকত জাতিগত ৰাজনীতি : দক্ষিণ ভাৰতৰ ৰাজ্য কর্ণাটকত জাতিয়ে ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। কর্ণাটকত লিংগায়ট আৰু অক্কালিগাছসকলৰ মাজত ক্ষমতাক লৈ প্রতিযোগিতা চলা দেখা যায়। স্বাধীনতাৰ পাছত প্ৰথমটো দশক অকালিগাহ সকল কৰ্ণাটকত শক্তিশালী আছিল। পাছলৈ লিংগায়টসকলৰ ৰাজনৈতিকভাৱে শক্তিশালী জাতি হিচাপে আত্মপ্রকাশ হ’ল।

(ঙ) কেৰেলাত জাতি আৰু ৰাজনীতি : কেৰেলাৰ ৰাজ্যিক ৰাজনীতি জাতি-ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে। কেৰেলাৰ কমিউনিষ্ট দলে প্রায়ে ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে জাতিৰ সহায় লোৱা দেখা গৈছে। কেৰেলাৰ কমিউনিষ্ট দলে প্ৰায়ে ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে জাতিৰ সহায় লোৱা দেখা গৈছে। কেৰেলাত নায়াৰসকল আৰু এজহাভাছসকলৰ মাজত ক্ষমতাকেন্দ্ৰিক ৰাজনীতি হোৱা দেখা যায়।

(চ) ৰাজস্থানৰ ৰাজনীতিত জাতি : ৰাজস্থানত জাট, ৰাজপুট আৰু ব্ৰাহ্মীণসকলক কেন্দ্ৰ কৰি জাতিৰ ৰাজনীতি হোৱা দেখা গৈছে। অতীজৰে পৰা ৰাজস্থানত জাটসকল আৰু ৰাজপুটসকলৰ মাজত থকা বিবাদে ৰাজনীতিটো প্ৰভাৱ পেলাই আহিছে। অৱশ্যে ৰাজস্থানৰ ৰাজনীতিত জাতিৰ লগতে ধৰ্ময়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(ছ) তামিলনাডুৰ ৰাজনীতিত জাতি : তামিলনাডুৰ ৰাজ্যিক ৰাজনীতিতো জাতিয়ে প্ৰভাৱ বিস্তাৰ কৰি অহা দেখা গৈছে। তামিলনাডুত ব্ৰাহ্মীণ আৰু অনাব্রাহ্মীণসকলৰ মাজত ক্ষমতাকেন্দ্ৰিক যুঁজ হোৱা দেখা গৈছে। তামিলনাডুত জাতিক ভোটবেংক হিচাপে লৈ ৰাজনৈতিক দলৰ গঠন কৰা দেখা গৈছে।

16. Discuss the negative impacts the caste politics in india.

Ans: ভাৰতত জাতিগত ৰাজনীতিৰ কুপ্ৰভাৱ :

ভাৰতবৰ্ষত জাতিগত ৰাজনীতিয়ে বিভিন্ন দিশ ঋণাত্মক প্ৰভাৱ পেলোৱা দেখা গৈছে। সেইসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) জাতিগত ৰাজনীতিয়ে জাতিগত সংঘাতৰ সৃষ্টি কৰিছে। জাতি-ব্যৱস্থাই ভাৰতত বিভিন্ন জাতিৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিছে।

(খ) জাতিক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰাৰ ফলত ভোটাৰৰ মাজত বিভাজনৰ সৃষ্টি হৈছে।

(গ) জাতিভিত্তিক আৰক্ষণ ব্যৱস্থাই সাধাৰণ জাতিৰ লোকৰ বিকাশত বাধা আৰোপ কৰিছে বুলি সমালোচনা কৰা দেখা গৈছে।

(ঘ) মন্ত্ৰিত্ব প্ৰদান কৰোতে জাতিক গুৰুত্ব দিয়াৰ বাবে কেতিয়াবা আযোগ্য ব্যক্তিক মন্ত্ৰিত্ব প্ৰদান কৰা হয়। ঠিক সেইদৰে কেতিয়াবা যোগ্য ব্যক্তিও মন্ত্রিত্বৰ পৰা বঞ্চিত হয়।

(ঙ) জাতি-ব্যৱস্থাৰ ভাৰতৰ ৰাজনীতিত অন্যতম কুপ্ৰভাৱ হ’ল জাতিকেন্দ্ৰিক ৰাজনীতিয়ে সমাজৰ মাজৰ বিভাজনক অধিক দৃঢ় কৰিছে। জাতিকেন্দ্ৰিক ৰাজনৈতিক কার্যকলাপে বিভিন্ন জাতিৰ মাজৰ বিভাজনক অধিক শক্তিশালী কৰিছে। 

(চ) ভাৰতৰ জাতি-ব্যৱস্থা পাপ-পুণ্য, বিশুদ্ধ-পবিত্র আদি ধাৰণাৰ লগত জড়িত। এনেবোৰ ধাৰণাৰ দ্বাৰা পৰিচালিত জাতি ব্যৱস্থাই ভাৰতত অভিজ্ঞানসন্মত ভাৱধাৰাৰ প্ৰসাৰ কৰিছে।

(ছ) ভাৰতত জাতি-ব্যৱস্থাই দুৰ্নীতিৰ বাট মুকলি কৰিছে। ভাৰতত পিছপৰা জাতিৰ উন্নয়নৰ বাবে আৰক্ষণৰ ব্যৱস্থা কৰিছে। কিন্তু কিছুসংখ্যক সাধাৰণ জাতিৰ লোকে অসৎ উপায়েৰে পিছপৰা জাতিৰ প্ৰমাণপত্ৰ পস্তুত কৰি বিভিন্ন চৰকাৰী সুবিধাসমূহ গ্রহণ কৰিছে। আনহাতে পিছপৰা জাতিৰ উন্নয়নৰ বাবে অহা সা সুবিধাবোৰ প্ৰদান কৰোঁতেও দুর্নীতি হোৱা দেখা যায়। 

এইবোৰেই ভাৰতৰ জাতিগত ৰাজনীতি প্রধান কুফল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top