Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা Question Answer can be of great value to excel in the examination.
Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা
Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 3 আঞ্চলিক প্রত্যাশা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
4. Define regionalism. Discuss the causes of the growth of regionalism in Assam.
Ans: According to Seligman and Thomson, “It is a counter movement to any exaggerated or oppressive form of centralization.
ড° ইকলাব নাৰেনৰ মতে ভাৰতীয় পটভূমিত আঞ্চলিকতাবাদৰ দুটা দিশ আছে – ইতিবাচক আৰু নেতিবাচক ইয়াৰ ইতিবাচক দিশটোৱে কোনো অঞ্চলৰ লোকৰ পৃথক জাতিসত্তা, স্বকীয়ভাব, অর্থনৈতিক স্থিতি আদিৰ প্ৰতি লক্ষ্য ৰাখি আত্মশাসনৰ ওপৰত প্রাধান্য দিয়ে। আনহাতে আঞ্চলিকতাবাদৰ ধাৰণাৰ নেতিবাচক দিশটোৱে কেন্দ্ৰীয় বা ৰাজ্যতকৈ কোনো অঞ্চলৰ লগত অধিক আত্মীয়তা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। বাস্তৱিকতে আঞ্চলিকতাবাদৰ নেতিবাচক দিশতকৈ ইতিবাচক দিশত অধিক গুৰুত্ব দিয়ে। বাস্তৱিকতে আঞ্চলিকতাবাদৰ নেতিবাচক দিশতকৈ ইতিবাচক দিশৰ গুৰুত্ব অধিক, কিয়নো ইতিবাচকে দিশতে একে ভাষা-ভাষী, ধর্ম, জাতিসত্তা বা উমৈহতীয়া ঐতিহাসিক পৰম্পৰা থকা লোকে একেলগ হৈ বসবাস কৰাৰ পোষকতা কৰে। নেতিবাচক আঞ্চলিকতাবাদে মুষ্টিমেয় লোকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শাসনৰ বিৰোধিতা কৰে। কোনো অঞ্চলৰ লোকৰ এনে বিৰোধিতা কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হোৱা। সুকীয়া ৰাজ্য গঠন কৰা আন্তঃৰাজ্যিক সীমাবিবাদ নিষ্পত্তি কৰা আদি বিষয়ক কেন্দ্ৰ কৰি হ’ব পাৰে।
অসমত আঞ্চলিকতাবাদ বিকাশৰ কাৰণ : ১) প্রাকৃতিক সম্পদৰ কেন্দ্ৰৰ কৰ্তৃত্ব : অসম প্রাকৃতিক সম্পদত এখন চহকী ৰাজ্য । ইয়াত খাৰুৱা তেল, কয়লা, চূণশিল আদি খনিজাত পদাৰ্থৰ উপৰি আন প্ৰাকৃতিক সম্পদ, যেনে – চাহ, বেত, কাঠ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। কিন্তু অসম প্রাকৃতিক সম্পদত চহকী হ’লেও অসমে এই সম্পদবিলাকৰ পৰা কেন্দ্ৰৰ পৰা সামান্য পৰিমাণৰ বাবে লিটিহে লাভ কৰে।
২) চাকৰিৰ সা-সুবিধা : অসমত বিভিন্ন উদ্যোগ, কল-কাৰখানা আদি স্থাপন নকৰাৰ কাৰণে ইয়াৰ শিক্ষিত যুৱক-যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ অভাৱ। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক প্রতিষ্ঠান আছে, সেইবিলাকতো অসমৰ যুৱক-যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম নহয়।
৩) গোষ্ঠীগত পৰিচয় অভাৱ : অসম এখন বিভিন্ন জনগোষ্ঠীৰ বসতি প্ৰধান ৰাজ্য হোৱাৰ কাৰণে প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন জনগোষ্ঠীৰ মাজৰ মধ্যবিত্ত শ্ৰেণীৰ লোক নথকাৰ কাৰণে তেওঁলোকে নিজৰ গোষ্ঠীগত পৰিচয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল। কিন্তু সময়ৰ লগে লগে বিভিন্ন জনগোষ্ঠীয়ে নিজ গোষ্ঠীগত পৰিচয়ৰ কাৰণে ‘সচেতন হোৱাৰ ফলত উপ আঞ্চলিকতাবাদ ধৰণাই প্রসাৰতা লাভ কৰিছে।
৪) সংৰক্ষণৰ ৰাজনীতি : ভাৰতীয় সংবিধানৰ অনুভূতিত্ব জাতি আৰু জনজাতিৰ লোকৰ কাৰণে সংৰক্ষণৰ বিধান আছে। ইয়াৰ ফলত অসমৰ আৰু এই কাৰণ লৈ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত পৃথক প্রশাসনীয় ব্যৱস্থাও লাভ কৰিছে। কিন্তু অসম এতিয়াও ইয়াৰ প্ৰধান জনগোষ্ঠী আহোম, চাহ জনগোষ্ঠী, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, প্ৰমুখ্য কৰি ৬ টা জনগোষ্ঠীয়ে অনুসূচীত, জাতিৰ মৰ্যাদা লাভ নকৰাত দীর্ঘদিন আন্দোলন কৰি আহিছে। গতিকে সংৰক্ষণৰ ৰাজনীতিয়েও আঞ্চলিকতাবাদ ধাৰণা বিকাশত সাৰ-পানী যোগাইছে।
৫) মধ্যবিত্ত শ্রেণীৰ ভূমিকা : স্বাধীনতাৰ সময়ছোৱাত অসমীয়া লোকে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে, সেই সকলো সমস্যা তথা অভাৱ-অভিযোগ দূৰ কৰিবৰ কাৰণে ইয়াৰ মধ্যবিত্ত শ্ৰেণীটোৱে বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। এই শ্ৰেণীটোৱে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে কোনো কোনো সময়ত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব লগা পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে অসমীয়া মধ্যবিত্ত শ্রেণীৰ কাৰণেও আঞ্চলিকতাবাদী ধাৰণাই প্ৰসাৰতা লাভ কৰিছে।
৬) অর্থনৈতিক অনগ্ৰসৰতা : অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতাই ইয়াত আঞ্চলিকতাবাদ বিকাশত ইন্ধন যোগাইছে। অসম ভাৰতৰ আন ৰাজ্যৰ তুলনাত অর্থনৈতিক ক্ষেত্ৰৰ পিছপৰা ৰাজ্য। কেন্দ্ৰীয় চৰকাৰে অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰিবলৈ কোনো বিশেষ আঁচনি গ্ৰহণ নকৰাৰ কাৰণে অসমৰ জনসাধাৰণে কেন্দ্ৰীয় চৰকাৰৰ বিৰোধী হৈ পৰিছে।
৭) স্বায়ত্ব শাসনৰ দাবী : অসমৰ কিছুমান জনগোষ্ঠীয়ে ৰাজ্যখনৰ শাসন ব্যৱস্থাত সন্তুষ্ট নহৈ নিজ নিজ জনগোষ্ঠীৰ কাৰণে স্বায়ত্ত শাসন বা পৃথক ৰাজ্যৰ দাবী কৰাৰ ফলতো আঞ্চলিকতাবাদী ধাৰণাই বিকাশ লৈছে।
৮) ব্যাপক প্রব্রজন : অসমত ইংৰাজসকলৰ শাসনৰ সময়ৰ পৰাই বিভিন্ন কাৰণত প্ৰব্ৰজন হৈ আছে। স্বাধীনোত্তৰ কালতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বাংলাদেশৰ পৰা অবাধ গতিৰে বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ আছে। অসম চৰকাৰ আৰু ইয়াৰ জাতীয়তাবাদী সংগঠনবিলাকে অসমৰ বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো সমাধান কৰিবৰ বাবে দীৰ্ঘদিনীয়া আন্দোলন কৰি দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে এতিয়ালৈকে কোনো গুৰুত্ব আৰোপ কৰা নাই।
5. Causes for Bodo insurgency movement.
Ans: (ক) বড়োসকলে দীৰ্ঘদিন ধৰি অসমীয়া সমাজৰ পৰা বঞ্চিত, শোষিত হৈ থকাৰ অভিযোগ আছে।
(খ) দেশে স্বাধীনতা কৰাৰ পিছতো বড়ো অধ্যুশিত এলেকাত কোনো উন্নয়নমূলক কাম হোৱা নাই। তেওঁলোকৰ শিক্ষা, স্বাস্থ্যসেৱা, বাট-পথ, দলং, পথ পৰিবহণ, কল-কাৰখানা, উদ্যোগ স্থাপন আদি ক্ষেত্ৰত কোনো অগ্রগতি হোৱা নাই।
(গ) বড়ো ভাষা বিকাশৰ কাৰণে চৰকাৰে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা নাই । বড়ো ভাষা বিকাশৰ কাৰণে এতিয়ালৈকে কোনো পৃথক সঞ্চালকালয় গঠন কৰা নাই।
(ঘ) বড়োসকল তেওঁলোকৰ ভাষা বিকাশৰ কাৰণে অসমীয়া লিপিৰ সলনি ৰোমান লিপি ব্যৱহাৰৰ দাবী উত্থাপন কৰিছিল যদিও চৰকাৰে এই ক্ষেত্ৰত বাধা আৰোপ কৰিছিল। অৱশ্যে পিছত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত বড়োসকলে ৰোমান লিপিৰ পৰিৱৰ্তে দেৱনাগৰি লিপি ব্যৱহাৰৰ অনুমতি লাভ কৰে।
(ঙ) অসম গণ পৰিষদ চৰকাৰৰ শাসন কালত বড়ো এলেকাৰ প্রাথমিক বিদ্যালয়বিলাকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ কাৰণে তেওঁলোক অসম বিৰোধী হৈ পৰিল।
(চ) বড়ো কৃষকসকলৰ স্থায়ী পট্টা নথকাৰ কাৰণে তেওঁলোকে স্থায়ীভাৱে কোনো ঠাইতে খেতি কৰিব নোৱাৰিছিল। তেওঁলোকে খেতিৰ স্থান সঘনে সলনি কৰিব লগা হৈছিল।
6. Discuss the Different Forms of Regionalism.
Ans: ভাৰতবৰ্ষৰ ৰাজনীতিত বিৰাজমান আঞ্চলিকতাবাদক পৰ্যালোচনা কৰিলে আমি ইয়াৰ বিভিন্ন ধৰণৰ চাৰিত্ৰিক প্ৰকৃতি দেখিবলৈ পাওঁ। বিভিন্নধৰণৰ আঞ্চলিকতাবাদৰ বিষয়ে তলত সংক্ষেপে আলোচনা কৰা হ’ল—
(১) পৃথক ৰাজ্যৰ দাবী [Demand for Separate State] : ভাৰত যুক্তৰাষ্ট্ৰৰ ভিতৰত এখন নতুন ৰাজ্য গঠনৰ দাবীক কেন্দ্ৰ কৰি গঢ়ি উঠা আঞ্চলিকতাবাদক ভাৰতবৰ্ষৰ আটাইতকৈ জনপ্ৰিয় আঞ্চলিকতাবাদ বুলি কোৱা হয়। ১৯৫৬ চনৰ ৰাজ্য পুনৰ গঠন কৰাৰ সময়ৰ পৰা নতুন ৰাজ্য গঠনৰ দাবীত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত এই আঞ্চলিকতাবাদে গা কৰি উঠিছে। এনে দাবী আৰু আঞ্চলিকতাবাদী মনোভাৱৰ বাবেই ভাৰতবৰ্ষৰ ৰাজ্যৰ সংখ্যা ১৯৫৬ চনৰ ১৬ খনৰ পৰা গৈ ১৯৮৯ চনত ২৫খন হয় আৰু ২০০০ চনত ২৪খন হয়গৈ। ভাৰতবৰ্ষত নতুন ৰাজ্য গঠনৰ দাবী এতিয়াও অব্যাহত আছে। ইয়াৰ ভিতৰত তেলেংগেনা, গোর্খালেণ্ড, বিদর্ভ, কমতাপুৰ, বড়োলেণ্ড আদি। এনেদৰে নতুন ৰাজ্য গঠনক কেন্দ্র কৰি আঞ্চলিকতাবাদে ভাৰতবৰ্ষত ন ন অঞ্চলত ন ন ৰূপত জন্ম লাভ কৰি আছে।
(২) স্বায়ত্ত শাসনৰ দাবী [Demand for Autonomy] : ভাৰত যুক্তৰাষ্ট্ৰ বিভিন্ন ৰাজ্যত স্বায়ত্ত শাসনক কেন্দ্ৰ কৰি গঢ়ি উঠা অন্য এক প্ৰকাৰৰ আঞ্চলিকতাবাদ দেখিবলৈ পোৱা যায়। ৰাজ্যত বসবাস কৰা নিৰ্দিষ্ট অঞ্চল বা জনগোষ্ঠী আৰু ভাষীক সম্প্রদায়ে নিজৰ বিকাশৰ বাবে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰে। ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক বিকাশ তথা সামাজিক ন্যায়ৰ দাবীত গঢ়ি উঠা এই আঞ্চলিকতাবাদে অঞ্চল বা স্ব-গোষ্ঠীৰ বিকাশ সাধনেই মূল উদ্দেশ্য। এই লক্ষ্যত উপনীত হ’বলৈ তেওঁলোকে বিভিন্ন পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচীও হাতত লোৱা দেখা যায়।
(৩) আন্তঃৰাজ্যিক বিবাদ কেন্দ্রীক আঞ্চলিকতাবাদ [Inter State Disputes Oriented Regionalism] : আন্তঃৰাজ্যিক বিবাদক কেন্দ্ৰ কৰিও অন্য এক ধৰণৰ আঞ্চলিকতাবাদ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায়। এই আঞ্চলিকতাবাদে বিশেষকৈ ১৯৬৫ চনৰ পিছৰ পৰা বিশেষভাৱে প্রকট ৰূপ ধাৰণ কৰে। ভাষাভিত্তিক ৰাজ্যৰ পুনৰ গঠন কৰা হৈছিল যদিও ৰাজ্যৰ সীমা কেন্দ্রিক কিছুমান সমস্যা থাকি গ’ল। উদাহৰণ হিচাপে চণ্ডিগড় আৰু ফজিলদ অঞ্চলক কেন্দ্ৰ কৰি পঞ্জাব আৰু হাৰিয়ানা, ৰেংমা সংৰক্ষিত বনাঞ্চলক কেন্দ্ৰ কৰি অসম আৰু নগালেণ্ড সীমান্তৰ কিছু এলেকাকলৈ অসম মেঘালয় আৰু অসম অৰুণাচল প্রদেশ, মণিপুৰ নগালেণ্ডৰ কথা ক’ব পাৰি। কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে এই সীমা সমস্যা সমাধান কৰিবলৈ তথ্যভিত্তিক আৰু সদিচ্ছাৰে। আগবাঢ়ি নহাত বিবাদমান ৰাজ্য কেইখনৰ জনসাধাৰণৰ মনত প্রচলিত ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত আস্থা কমি আহিছে আৰু এই সমস্যা সমাধান কৰিবলৈ আঞ্চলিকতাবাদৰ আশ্ৰয় গ্ৰহণ কৰিছে।
(৪) ভূমিপুত্ৰৰ সূত্র [Theory of Son of Soil] : ভূমিপুত্ৰৰ তত্ত্বক অন্য এক প্ৰকাৰৰ আঞ্চলিকতাবাদ বুলি কৰ পাৰি। জনসাধাৰণৰ মাজত শিক্ষা আৰু জ্ঞানৰ বিকাশ হোৱাৰ পিছৰে পৰা এই তত্ত্বই জনপ্ৰিয়তা লাভ কৰিছে। কোনো ৰাজ্য বা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া জনসাধাৰণে সেই ৰাজ্য বা অঞ্চল তেওঁলোকৰ নিজৰ আৰু তাত সেই খিলঞ্জীয়াসকলৰ দাবী আৰু স্বার্থ সর্বস্তৰতে প্রতিপন্ন হ’ব লাগে বুলি বিশ্বাস কৰে। ৰাজ্যৰ বাহিৰৰ নাগৰিকে চৰকাৰী বা অৰ্ধ চৰকাৰী কোনো কার্যালয়, কল কাৰখানাত চাকৰি-বাকৰি পাব নালাগে বা ব্যৱসায়-বাণিজ্য আৰু ভূমিক্ৰয়ৰ অধিকাৰ পাব নালাগে বুলি বিশ্বাস কৰে। তেওঁলোকৰ দাবী হল সংশ্লিষ্ট ৰাজ্য বা অঞ্চলৰ নিবনুৱা সমস্যা সমাধান আৰু বাণিজ্যিক বিকাশ তথা নৃ-গোষ্ঠীয় পৰিচয় অটুট ৰাখিবলৈ থলুৱা ব্যক্তিক সকলোস্তৰতে অগ্ৰাধিকাৰ দিব লাগিব আৰু অঞ্চলৰ প্ৰথম শ্ৰেণী নাগৰিক হিচাপে তেওঁলোকৰ স্বাৰ্থ প্ৰথমে পূৰ্ণ হ’ব লাগিব। এই দাবী আৰু মনোভাৱৰ বাবে ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলতে ভূমিপুত্র সূত্র বা তত্ত্বক কেন্দ্ৰ কৰি নতুন এক প্ৰকাৰৰ আঞ্চলিকতাবাদে মূৰ দাঙি উঠিছে।
(৫) ভাষীক আঞ্চলিকতাবাদ [Linguistic Regionalism] : ভাৰতবৰ্ষত ভাষাক কেন্দ্ৰ কৰি আঞ্চলিকতাবাদে গা কৰি উঠিছে। ভাষা ভিত্তিত ৰাজ্য গঠনৰ পিছৰে পৰা এই আঞ্চলিকতাবাদে বিশেষভাৱে জনপ্রিয়তা লাভ কৰে। কোনো নির্দিষ্ট ভাষা কোৱা জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ ভাষাটোক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া, ভাষীক জনগোষ্ঠীটোক স্বায়ত্তশাসন প্ৰদান কৰা বা পৃথক ৰাজ্য প্ৰদান কৰা আদিৰ দাবীত আন্দোলন আদি কাৰ্যসূচী হাতত লৈছে। দাবী মতে জাতি জনগোষ্ঠীটোৰ স্বাৰ্থ আদায় কৰিবৰ বাবে তেওঁলোকে আঞ্চলিকতাবাদৰ পন্থা গ্রহণ কৰি চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছে। ভাষাক কেন্দ্ৰ কৰি গঢ়লৈ উঠা আঞ্চলিকতাবাদ ভাৰতবৰ্ষৰ সৰ্বত্ৰ অঞ্চলত বিদ্যমান।
(৬) জল বিবাদ [Water Dispute ] : সীমা বিবাদৰ দৰে জল বিবাদেও আঞ্চলিকতাবাদৰ জন্ম দিয়ে। ভাৰতবৰ্ষ যিহেতু এখন কৃষি প্রধান দেশ। কৃষিয়েই আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড। সেয়েহে ৰাজ্যৰ মাজেৰে যোৱা নদীৰ পানী খেতি পথাৰত প্ৰয়োগ কৰিবলৈ প্রত্যেকেই আগ্রহী। কিন্তু ইয়াৰ ফলত অন্য ৰাজ্য ক্ষতিগ্ৰস্ত হ’ব বা নহয় তাৰ বিষয়ে চিন্তা-চৰ্চা কৰাটো সংশ্লিষ্ট ৰাজ্যখনে নাভাবে। কেৱল নিজৰ ৰাজ্য বা অঞ্চলৰ উন্নয়ন আৰু স্বাৰ্থ সিদ্ধিৰ ওপৰতহে তেওঁলোকে গুৰুত্ব আৰোপ কৰে। ফলত নদীখন যি কেইখন ৰাজ্যৰ মাজেৰে প্রবহমান হৈ গৈছে সেইকেইখন ৰাজ্যৰ মাজত বিবাদ লাগে।
(৭) পৃথকতাবাদী আন্দোলন [Secessionist Movement] : ৰাষ্ট্ৰৰ পৰা কোনো অঞ্চলক পৃথক কৰি আনি স্বাধীন ৰাষ্ট্ৰৰ জন্ম দিয়া মনোভাৱক কেন্দ্ৰ কৰি অন্য এক শ্রেণী আঞ্চলিকতাবাদ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায়। এইধৰণৰ আঞ্চলিকতাবাদক আঞ্চলিকতাবাদৰ সৰ্বোচ্চ ৰূপ বুলি গণ্য কৰা হয়। ভাৰতবৰ্ষৰ উত্তব-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ এই ধৰণৰ আঞ্চলিকতাবাদৰ প্রয়োভৰ আজিও দেখা যায়। নাগালেণ্ডৰ এন এচ চি এন (খাপলাং আৰু মুইভা দুয়োটা গোট), অসমত আলফা, মণিপুৰত পিপুলচ লিবাৰেচন আৰ্মি আৰু ৰেড আর্মি, মিজোৰামত মিজো নেশ্বনেল ফ্ৰণ্ট, ত্ৰিপুৰাত ত্ৰিপুৰা ট্রাইবেল ফৰ্চ আদিৰ কথা উল্লেখ কৰিব পাৰি। এই সংগঠনসমূহৰ ধাৰণা আৰু দাবী হ’ল ভাৰতবৰ্ষৰ লগত সংযুক্ত হৈ থাকিলে তেওঁলোকৰ বিকাশ কোনোকালে নহ’ব আৰু পূৰ্বৰ স্বাধীনতা ঘূৰাই নাপাব। সেয়েহে ভাৰতবৰ্ষৰ পৰা ফালৰি কাটি পৃথক ৰাষ্ট্ৰ গঠন কৰিব পাৰিলেহে তেওঁলোকৰ অঞ্চল বা সম্প্ৰদায়ৰ উন্নয়ন আৰু বিকাশ সম্ভৱ। এনে মনোভাৱক কেন্দ্ৰ কৰি আঞ্চলিকতাবাদ গঢ় লৈ উঠিছে আৰু ইয়াৰ দ্বাৰা পৃথকতাবাদী আন্দোলন পৰিচালনা হৈ আহে।
7. Discuss the Measures for checking Regionalism.
Ans: ভাৰতবৰ্ষৰ জাতীয় সংস্কৃতি আৰু অখণ্ডতাৰ বাবে আঞ্চলিকতাবাদ বোধ কৰা বা আঞ্চলিক সমস্যাসমূহ সমাধান কৰাটো অতি প্রয়োজন। অন্যথা আমাৰ পূর্বসূৰীসকলে সপোন দেখা অনৈক্যৰ মাজত ঐক্য, সামাজিক ন্যায়, এক ভাৰতীয় ধাৰণা আদিত সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে ৰাষ্ট্ৰ আৰু জাতিৰ বৃহত্তৰ স্বাৰ্থত আঞ্চলিকতাবাদ ৰোধ কৰাৰ প্ৰয়োজন আছে। তলত আলোচনা কৰা উপায় বা পন্থাৰ দ্বাৰা আঞ্চলিকতাবাদ বোধ কৰিব পাবি। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰসমূহে গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগিব।
(১) চৰকাৰৰ সমদৃষ্টি [Equal Treatment of Government] : আঞ্চলিকতাবাদ ৰোধ কৰিবলৈ হ’লে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব। প্রত্যেকখন ৰাজ্য আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকটো অঞ্চলক চৰকাৰে সমান দৃষ্টিৰে চাব লাগিব। চৰকাৰৰ দ্বাৰা গৃহীত উন্নয়নমূলক আঁচনি আৰু প্রকল্পসমূহে যাতে সমাজৰ সকলো সত্তৰৰ জনসাধাৰণক সামৰি লয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব। পাহাৰ-ভৈয়াম আদি মনোভাৱ সৃষ্টি নকৰি কোনো বৈষম্য নোহোৱাকৈ কেন্দ্ৰৰ আৰ্থিক অনুদান সমভাৱে বিতৰণ কৰিব লাগিব। প্রয়োজন সাপেক্ষে কোনো অঞ্চল বা ৰাজ্যৰ বাবে বিশেষ অর্থনৈতিক অনুদান আগবঢ়াব লাগিব। জনসাধাৰণে যাতে প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু মৰ্যাদা সহকাৰে জীৱন ধাৰণ কৰিব পাৰে তাৰ বাবে পদক্ষেপ ল’ব লাগিব।
(২) ৰাষ্ট্ৰৰ সম উন্নয়ন [Equal Development of State] : আঞ্চলিকতাবাদ ৰোধ কৰাৰ অন্য এটি পন্থা হ’ল ৰাষ্ট্ৰখনৰ সকলো অঞ্চল আৰু জনসাধাৰণৰ সম উন্নয়ন। ভাৰতবর্ষ স্বাধীন হোৱাৰ পিছত যিবোৰ অঞ্চল সমৃদ্ধিশালী সেইবোৰ অঞ্চল দ্রুতভাবে আগবাঢ়ি যোৱাৰ বিপৰীতে অন্য কিছুমান অঞ্চল সাংঘাতিকভাবে পিছপৰি ৰ’ল। পিছপৰা অঞ্চলৰ জনসাধাৰণে বা সম্প্রদায়ে নিজৰ বিকাশ নিশ্চিত কৰিবৰ বাবেই আঞ্চলিকতাবাদৰ জন্ম দিছে। এই প্ৰৱণতা যাতে বৃদ্ধি নাপায় আৰু ৰাষ্ট্ৰৰ সকলো স্তৰৰে যাতে উন্নতি হয় তাৰ বাবে কেন্দ্ৰই বিশেষ পদক্ষেপ হাতত ল’ব লাগিব। পিছপৰা অঞ্চল আৰু জনসাধাৰণৰ বাবে বিশেষ অর্থনৈতিক আঁচনি, চৰকাৰী, অৰ্ধ,চৰকাৰী কাৰ্যালয়, উদ্যোগ, কল-কাৰখানা, ব্যৱসায় বাণিজ্যত তেওঁলোকক অগ্ৰাধিকাৰ দি কৰ্ম সংস্থাপনৰ ব্যৱস্থা হাতত ল’ব লাগিব।
(৩) ৰাজনৈতিক সদিচ্ছা [Political Good will] : আঞ্চলিক সমস্যাসমূহ সমাধান কৰাত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে সদিচ্ছা প্রকাশ কৰি ৰাজনৈতিক কাৰ্যসূচী হাতত ল’ব লাগিব। সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকে ৰাষ্ট্ৰৰ খাতিৰত আঞ্চলিক সমস্যাসমূহো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্থান দিব লাগিব। চৰকাৰী কাৰ্যসমূহ মসৃণ আৰু সুনিপুণ হোৱাৰ উপৰি জনসাধাৰণৰ মন জয় কৰিব পৰা হ’ব লাগিব।
(৪) সাংস্কৃতিক বিকাশ [Development of Culture] : ভাৰতবৰ্ষৰ প্ৰত্যেক অঞ্চলৰ একো একোটা নিজস্ব সংস্কৃতি আছে। ভাষা-সাহিত্য, সংগীত আদিৰ মাধ্যমেৰে প্ৰকাশ পোৱা এই সংস্কৃতিক সুৰক্ষা আৰু বিকাশৰ বাবে চৰকাৰে কাৰ্যসূচী হাতত ল’ব লাগিব। লিপি সম্বলিত ভাষাক ৰাষ্ট্ৰীয় বা আঞ্চলিক ভাষাৰূপে স্বীকৃতি দি গোষ্ঠী বা জাতিৰ সংস্কৃতিক ৰাষ্ট্ৰীয় স্বীকৃতি প্রদান কৰিব লাগিব। তদুপৰি সিবিলাকৰ বিকাশৰ বাবে গৱেষণা কেন্দ্র, সাংস্কৃতিক প্রকল্প, আর্থিক অনুদান আদিৰ ব্যৱস্থা কৰিব লাগিব। নিজৰ ভাষাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ বা ভাৱ বিনিময় কৰিব পৰা ব্যবস্থা হাতত ল’ব লাগিব।
(৫) আন্তঃগাঁথনি উন্নয়ন [Development of Infrastructure ] : পিছপৰা অঞ্চল বা ৰাজ্যৰ আৰ্থ-সামাজিক বিকাশ কৰিবৰ বাবে চৰকাৰে প্ৰত্যেক অঞ্চল আৰু ৰাজ্যত আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব। যাতায়াত-যোগাযোগৰ বাবে ৰাস্তা-ঘাট নির্মাণ, পৰিবহণ ব্যৱস্থা উন্নয়ন, শিক্ষানুষ্ঠান, চিকিৎসালয় স্থাপন, উন্নত প্রযুক্তিবিদ্যাৰ প্রতিষ্ঠান স্থাপন, ব্যৱসায়-বাণিজ্য উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ, থলুৱা কেঁচামালৰ ওপৰত ভিত্তি কৰি উদ্যোগ, কল-কাৰখানা স্থাপন, চৰকাৰী আঁচনিৰ যোগেদি কর্ম সংস্থাপন আদিৰ ব্যৱস্থা কৰি আন্তঃগাঁথনি মজবুট কৰিব পাৰি। চৰকাৰে এনে পদক্ষেপ ল’লে যথেষ্ট সুফল পোৱা যাব।
(৬) সমস্যা সমাধান [Solving Problems] : ভাৰতবৰ্ষৰ সৰ্বব্যাপী বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহ একে দিনাই যে সমাধান কৰিব পাৰি তাৰ কোনো নিশ্চয়তা নাই। কিন্তু সমস্যা সমাধানৰ পদক্ষেপ যথেষ্ট সময় উপযোগী হ’ব লাগিব। যিবিলাক সমস্যাক কেন্দ্র কৰি বিভিন্ন আন্দোলন আদি গঢ়ি উঠিছে বা, আঞ্চলিকতাবাদে জুমুৰি দিছে সেই সমস্যাসমূহ আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব। আলোচনাবোৰ সৌজন্যমূলক আৰু মৰ্যদাপূর্ণ হ’ব লাগে। ইয়াৰ বিপৰীতে সামৰিক বাহিনী প্ৰয়োগ কৰি বাহু বলেৰে সমস্যা সমাধান কৰিবলৈ গ’লে পৰিস্থিতি বিষম হোৱাৰ দুৰ্ভাৱনাই অধিক। এতেকে সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পূৰ্ণ মৰ্যদা সহকাৰে আলাপ-আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহ সমাধান কৰাত চৰকাৰে পৃষ্ঠপোষকতা কৰিব লাগিব।
(৭) জনসচেতনতা [Public awareness] : জনসাধাৰণৰ মাজত জনসচেতনতা বৃদ্ধি কৰিবৰ বাব চৰকাৰে বিশেষ পদক্ষেপ হাতত ল’ব লাগিব। জাতীয় ঐক্য, সংহতি আদি ভাৱ যাতে জনসাধাৰণৰ মতত ৰোপণ হয় তাৰবাবে বিভিন্ন আলোচনা চক্র, সজাগতা সভা আদি আয়োজন কৰিব লাগিব। এই কাৰ্য চৰকাৰে নকৰি স্থানীয় সংস্থা বা সংগঠনৰ সহযোগ ল’ব লাগিব। তদুপৰি বিভিন্ন প্ৰচাৰ মাধ্যমত বিজ্ঞাপন আদি প্ৰকাশ কৰি জনসাধাৰণৰ মাজত সচেতনতা আৰু সজাগতাৰ ভাব সৃষ্টি কৰাৰ পৰিৱেশ ৰচনা কৰিব লাগিব।
(৮) প্ৰচাৰ মাধ্যমৰ দায়বদ্ধতা [Accountability of Media] : ভাৰতবৰ্ষৰ পৰা আঞ্চলিকতাবাদ নাইকিয়া কৰিবলৈ হ’লে প্ৰচাৰ মাধ্যমসমূহে পূর্ণ ভূমিকা ল’ব পাৰে। আঞ্চলিক উত্তেজক বা জনসাধাৰণক বিপথে পৰিচালিত কৰিব পৰা বা-বাতৰি প্ৰচাৰ নকৰি সত্য আৰু অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰিলে জনসাধাৰণৰ মাজত বিদ্বেষ ভাব ৰোপণ নহয়। তদুপৰি চৰকাৰে গণমাধ্যমসমূহক জাতীয় সংহতি আৰু একতাৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাব পাৰে। এনে কাৰ্য প্ৰচাৰ মাধ্যমসমূহে হাতত ল’লে সমস্যা সমাধান কৰিব পৰা যাব।
ওপৰত উল্লেখ কৰা পন্থাসমূহ অৱলম্বন কৰিলে আঞ্চলিকতাবাদী মনোভাৱ ৰোধ কৰাটো সম্ভৱপৰ হ’ব। এই ক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষ নিজে আগবাঢ়ি আহিব লাগিব। যিহেতু ৰাষ্ট্ৰ সমগ্ৰ জনসাধাৰণৰ দায়িত্ব চৰকাৰে ল’বই লাগিব। সমস্যা এটি উদ্ভাৱন হোৱাৰ পূৰ্বে তাক সমাধান কৰিব পাৰিব লাগিব। কিন্তু পৰিতাপৰ কথা আমাৰ চৰকাৰী কৰ্তৃপক্ষসমূহে সমস্যা উদ্ভৱ হোৱাৰ পূর্বে তাক সমাধান কৰাৰ কোনো পদক্ষেপ হাতত নলয় । সমস্যা এটা যেতিয়া ৰাইজে দাবী বা আন্দোলনৰ মাধ্যমেৰে ৰাজপথলৈ উলিয়াই আনে তেতিয়াহে আমাৰ কৰ্তৃপক্ষসমূহৰ গা লৰে। গতিকে চৰকাৰে এনে আলোচ্য আৰু অনুসন্ধানহীন চৰিত্ৰ পৰিত্যাগ কৰিব নোৱাৰিলে সমস্যা সৃষ্টি হৈ গৈ থাকিব।
8. What is Sub-Regionalism? Examine the causes of emergence of Sub Regionalism in Assam.
Ans: ব্ৰিটিছসকলে ভাৰতবৰ্ষত সাম্রাজ্য বিস্তাৰ কৰা আগতে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰজা-মহাৰজাই শাসন কৰি আছিল। ইয়াৰ পূৰ্বে আহোমসকলে অসমলৈ অহাৰ আগতে বিভিন্ন জনগোষ্ঠীৰ পৃথক ৰাজ্য আছিল। সামগ্রিকভাৱে পৰ্যবেক্ষণ কৰিলে আমি দেখিম প্ৰাক্-ব্ৰিটিছ আৰু প্ৰাক্- আহোম শাসনৰ কালতে উত্তৰ পূব তথা অসমৰ বিভিন্ন অঞ্চলত কোচ, কছাৰী, বৰাহী, চুতীয়া, মৰাণ, মটক, মণিপুৰী, নগা, খাছী, জয়ন্তীয়া, কাৰ্বি, ডিমাচা আদি জনগোষ্ঠীৰ পৃথক পৰিচয় আৰু পৃথক ৰাজ্য আছিল। কিন্তু বৃটিছ শাসন প্ৰৱৰ্তন হোৱাৰ পিছৰে পৰা এই জাতি জনগোষ্ঠীসমূহৰ ৰাজ্যসমূহ ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হয়।
তদুপৰি জাতি জনগোষ্ঠীসমূহ ভয় আৰু সন্ত্ৰাসৰ বাবে নিজৰ পৰিচয় দাঙি ধৰিবলৈ শংকাবোধ কৰিছিল। কিন্তু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত এই জাতি-জনগোষ্ঠীসমূহে নিজৰ পৰিচয় প্ৰকাশ কৰিবলৈ ব্যগ্ৰ হৈ পৰে। তদুপৰি খ্ৰীষ্টান মিছনেৰীসকলে অবাধ গতিত খ্ৰীষ্টান ধর্ম প্ৰচাৰ আৰু ব্যাপক হাৰত হোৱা প্ৰব্ৰজন আদিৰ ফলত এই জনগোষ্ঠীসমূহে নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ সচেতনভাৱে সংঘবদ্ধ হয় দেশে স্বাধীনতা লাভ কৰাৰ পিছত বিৰাজমান কৰা গণতান্ত্রিক বিধানিক ৰক্ষা কবচ ভাৰতবৰ্ষৰ অনান্য স্থানৰ লগতে উত্তৰ-পূব তথা অসমত আঞ্চলিকতাবাদ গঢ় লৈ উঠে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই উপজাতীয়তাবাদ গঢ় লৈ উঠাত জাতি-জনগোষ্ঠীসমূহৰ আত্ম পৰিচয় যেনেদৰে সহায় কৰিছে। তেওঁলোকৰ শোচনীয় আর্থ-সামাজিক অৱস্থাটোৱেও বাধ্য কৰাইছে। উল্লেখযোগ্য যে এই জাতি জনগোষ্ঠীসমূহৰ আর্থ সামাজিক দিশ অন্যান্য অ-জনজাতীয়, লোকসকলতকৈ বহুত পিছপৰা আৰু অতি পুতৌলগা।
ভাৰতবৰ্ষৰ সংবিধানত সংযোজিত ষষ্ঠ অনুসূচীত জনজাতীয় লোকসকলৰ বাবে আত্মবিকাশৰ সুবিধা, শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰা আছে। কিন্তু কিছুমান নেতৃস্থানীয় ব্যক্তিয়ে এই ষষ্ঠ অনুসূচীৰ বিষয়ে ভুলকৈ ব্যাখ্যা আগবঢ়ায়। জাতি-জনগোষ্ঠীসমূহক আত্মনিয়ন্ত্রণ বা উপজাতীয়তাবাদ গঢ়ি তুলিবলৈ আগ্ৰহী কৰি তোলে। ফলস্বৰূপে অসমৰ বড়ো, মিছিং, দেউৰী, কাৰ্বি, ৰাভা, তিৱা আদি জনগোষ্ঠীসমূহে আত্মনিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰাৰ উদ্দেশ্যে উপজাতীয়তাবাদ বা উপ আঞ্চলিকতাবাদ ধাৰণা গঢ়ি তুলিলে। এনে পৰিস্থিতিয়ে ভাৰতবৰ্ষৰ বৃহৎ জাতীয়তাবাদ বা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাতামপুৰুষীয়া সম্প্ৰীতিত ব্যাঘাত জন্মায়। একাংশ জাতি জনগোষ্ঠীয়ে ভাৰতবৰ্ষৰ ভিতৰতে থাকি উপ-জাতীয়তাবাদৰ যোগেদি নিজৰ আত্মপৰিচয় প্রতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ বিপৰীতে অন্য একাংশ জাতি-জনগোষ্ঠীয়ে পৃথক ৰাজ্য বা ৰাষ্ট্ৰ দাবী উত্থাপন কৰিছিল। সেয়েহে কোৱা যায় উপ-জাতীয়তাবাদ ভাৰত যুক্তৰাষ্ট্ৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান।
উপ-আঞ্চলিকতাবাদ সৃষ্টিৰ কাৰণ : উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত গঢ়লৈ উঠা উপ জাতীয়তাবাদক কেন্দ্ৰ কৰি উপ-আঞ্চলিকতাবাদ গঢ় লৈ উঠিছে। উপ-আঞ্চলিকতাবাদ গঢ়ি উঠাৰ বহুতো কাৰণ আছে। এই কাৰণবিলাক উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ প্ৰেক্ষাপটৰ আলম কৰি তলত আলোচনা কৰা হ’ল—
(১) ৰাজনৈতিক [Political] : উপ-আঞ্চলিকতাবাদ গঢ়ি উঠাৰ প্ৰধান কাৰণ হ’ল ৰাজনৈতিক। যিহেতু সংসদীয় গণতান্ত্রিক ব্যৱস্থাত সংখ্যাগুৰুসকলে সদায় গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। ৰাষ্ট্ৰ ক্ষমতা প্রয়োগ আৰু সম্পদ বিতৰণৰ, ক্ষেত্ৰতো সংখ্যাগুৰুসকলেই আগস্থান লয়। সেয়েহে সংখ্যালঘু জাতি-জনগোষ্ঠীসমূহ ৰাজনৈতিক সিদ্ধান্ত গ্রহণ কৰাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰৰ সম্পদৰ ভাগ হোৱালৈ বাধাৰ সন্মুখীন হ’ব লগা হয়। উদাহৰণস্বৰূপে অসমত যিকেইটা জাতি-জনগোষ্ঠীয়ে উপ-জাতীয়তাবাদৰ যোগেদি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দাবী সাব্যস্ত কৰিছে তেওঁলোকৰ সংখ্যা সামগ্ৰিকভাৱে অন্য লোকতকৈ কম। সেয়েহে এই জাতি-জনগোষ্ঠীসমূহ চৰকাৰী সা-সুবিধা, কর্মসংস্থাপন, নিয়োগ আদিৰ পৰা বঞ্চিত হৈ আহিছে। ফলস্বৰূপে তেওঁলোকে নিজৰ আত্মপৰিচয় তথা অস্তিত্ব জীয়াই ৰাখিবলৈ আঞ্চলিকতাবাদৰ আলম ল’বলগা হৈছে।
(২) ভৌগলিক অবস্থান [Geographical Location] : আমাৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ ভৌগোলিক অবস্থানে আঞ্চলিকতা বাদ গঢ়ি উঠাত সহায় কৰিছে। যিহেতু এই অঞ্চলটো পর্বত, পাহাৰ সমভূমি, মালভূমি, ভৈয়াম অঞ্চল দেখিবলৈ পোৱা যায়। চিৰ সেউজ আৰু দুৰ্গম ভৌগলিক পৰিৱেশৰ বাবে অঞ্চলটোৰ সমগ্ৰ এলেকাত একেলগে একে সময়তে বিকাশ কৰি তোলা সম্ভব হৈ উঠা নাই। নামনি অঞ্চলৰ বিকাশ ক্ষিপ্রগতিত হোৱাৰ বিপৰীতে অন্যান্য পার্বত্য অঞ্চলৰ বিকাশৰ হাৰ অতি লেহেমীয়া। অসম তথা উত্তৰ-পূবৰ জনগাঁথনি পৰ্যবেক্ষণ কৰিলে দেখা যায় যে জাতি জনগোষ্ঠীসমূহৰ সাধাৰণ আৱাস পার্বত্য অঞ্চল, ভৈয়াম অঞ্চল, বনাঞ্চল, নৈ পৰীয়া অঞ্চল আদি। স্বাভাৱিকতে এই অঞ্চলসমূহৰ বিকাশ অতি ধীৰ। সেয়েহে সম বিকাশ আৰু সমন্যায়ৰ দাবীত এই অঞ্চলসমূহৰ জাতি-জনগোষ্ঠীসমূহে উপ-জাতীয়তাবাদ গঢ়ি তুলিছে।
(৩) ঐতিহাসিক পটভূমি [Historical Background] : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু জনগোষ্ঠীৰ ঐতিহাসিক পৰিচয় তথা স্বকীয়তা আছে। এই জনগোষ্ঠীসমূহৰ গৰিষ্ঠসংখ্যকেই এটা সময়ত স্বাধীনভাৱে নিৰ্দিষ্ট ভূখণ্ডত ৰাজ্য পাতি বসবাস কৰিছিল। ৰাজকীয় গুণসম্পন্ন আকু স্বাধীনমনা এই জনগোষ্ঠীসমূহে এতিয়াও নিজকে স্বাধীনভাৱে পৰিচয় দিবলৈ ভাল পায়। আনকি বহু জনগোষ্ঠীয়ে বৃহৎ ভাৰতবৰ্ষৰ ভাৰতীয় হিচাপে চিনাকি দিবলৈ কুণ্ঠাবোধ কৰে। স্বকীয় অস্তিত্ব আৰু স্বাধীনতা পিয়াসী এই জনগোষ্ঠীসমূহে স্বাধীনভাৱে থকাৰ লক্ষ্য আগত ৰাখি আঞ্চলিকতাবাদ গঢ়ি তুলিছে।
(৪) চৰকাৰী নীতি [Policy of the Government] : চৰকাৰৰ নীতিৰ বাবেও ভাৰতবৰ্ষত উপ-আঞ্চলিকতাবাদ গঢ়ি উঠিছে। চৰকাৰে গ্রহণ কৰা আঁচনি প্রকল্প পৰিকল্পনা আদি বা কিছুমান বিধিগত আইনে জাতি-জনগোষ্ঠীসমূহৰ একাংশ অধিকাৰ আৰু সুবিধাৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে আন কিছুমানত মানসিক তথা ৰাজনৈতিকভাৱে আঘাত কৰিছে। চৰকাৰে এনে বৈষম্যমূলক আইন আৰু উন্নয়নমূলক আঁচনিয়ে উপ-আঞ্চলিকতাবাদ গঢ়ি উঠাত ইন্ধন যোগাইছে।
(৫) মনঃস্তাত্ত্বিক দিশ [Psychological Aspects] : মনঃস্তাত্বিক দৃষ্টিভংগীৰ ফলতো জাতি জনগোষ্ঠীৰ মাজত এটা জাতীয়তাবাদ গঢ় লৈ উঠে। অঞ্চলটোত বসবাস কৰা কোনো জনগোষ্ঠীয়ে নিজৰ পৰিধান বা জাতি-জনগোষ্ঠীতকৈ পিছপৰা বা অন্য জাতি-জনগোষ্ঠীৰ দ্বাৰা শোষিত হৈছে বুলি ভাবিলে তেওঁলোকৰ,মনত স্বাধীনতা পিয়াসী বা পৃথকে থকাৰ লালসা বৃদ্ধি পায় আৰু ইয়ে উপ-আঞ্চলিকতাবাদৰ জন্ম দিয়ে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত গঢ়ি উঠা বহু উপ- আঞ্চলিকতাবাদৰ ই এটা মূল কাৰণ।
(৬) অর্থনৈতিক অৱস্থা [Economic Condition] : জাতি জনগোষ্ঠীসমূহৰ অৰ্থনৈতিক অৱস্থাটোৱে উপ – আঞ্চলিকতাবাদ গঢ়ি উঠাও বিশিষ্ট অৰিহণা যোগাইছে। সাম্প্রতিক সময়লৈকে হোৱা পর্যালোচনা দেখা যায় যে ৰাজকীয় জাতি-জনগোষ্ঠীসমূহতকৈ অন্যান্য লোকসকলৰ অৰ্থনৈতিক অৱস্থা পিছপৰা। ফলস্বৰূপে তেওঁলোকে নিজৰ প্ৰয়োজন অনুসাৰে স্বাভাৱিক জীৱন-যাপন কৰিব পৰা নাই। সময়ৰ লগত খোজ মিলাই চলিবলৈ আৰু মর্যাদাপূর্ণ এটা জীৱন পাবলৈ জাতি-জনগোষ্ঠীসমূহে বিভিন্ন সা-সুবিধাৰ দাবী উত্থাপন কৰি আহিছে। ইয়াৰ ফলস্বৰূপে উপ-আঞ্চলিকতাবাদ তথা উপ-জাতীয়তাবাদ গঢ় লৈ উঠিছে।
(৭) জীৱন নিৰ্বাহ প্ৰক্ৰিয়া আৰু প্ৰকৃতি [Nature of Livelihood] : ঐতিহাসিক কালৰে পৰা চলোৱা পৰ্যবেক্ষণত দেখা যায় যে উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰ জীৱন-নিৰ্বাহৰ প্ৰক্ৰিয়া আৰু প্ৰবৃত্তি পৃথক পৃথক। কিছুমান জাতি জনগোষ্ঠীৰ কৃষিৰ ওপৰত, আন কিছুমান শিল্প, পশুপালন ইত্যাদিৰ ওপৰত নিৰ্ভৰশীল। আনহাতে অন্য কিছুমান জাতি-জনগোষ্ঠীয়ে উমৈহতীয়া বৃত্তি গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰে। গতিকে এই দৃষ্টিকোণৰ পৰা দেখা যায় যে উত্তৰ-পূব ভাৰতৰ তথা অসমৰ জাতি- জনগোষ্ঠীসমূহৰ জীৱন নিৰ্বাহ তথা প্ৰবৃত্তিগত কিছুমান পার্থক্য দেখিবলৈ পোৱা যায়। এই ভিন্ন পৰিচয়ে জাতি জনগোষ্ঠীসমূহক উপ-আঞ্চলিকতাবাদ গঢ়ি উঠাত উদগণি যোগাইছে।
(৮) সামাজিক অৱস্থা [ Social Condition] : উত্তৰ- পূৰ্বাঞ্চল তথা অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ প্রত্যেকৰে সামাজিক ৰীতি-নীতি, সাংস্কৃতিক পৰম্পৰা, ভাষিক তথা ধর্মীয় আদি সামাজিক ব্যৱস্থাসমূহ ভিন্ন ভিন্ন সেয়েহে অঞ্চলটোত বসবাস কৰা প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰ পৃথক পৰিচয়, আধুনিকীকৰণ, নগৰীয়াকৰণ তথা সাংস্কৃতিকৰণে নিঃশেষ কৰিব পৰা নাই। এনে ভিন্ন পৰিচয় অটুট থকাৰ বাবে অঞ্চলটোত ব্সবাস কৰা। জাতি-জনগোষ্ঠীসমূহ নিজকে আনৰ পৰা পৃথক বুলি ভাবে। জাতি-জনগোষ্ঠীসমূহৰ মনত ৰোপণ হৈ থকা এই ধাৰণাই অঞ্চলটোত ‘উপ-আঞ্চলিকতাবাদ সৃষ্টি কৰে।
(৯) প্রাকৃতিক সম্পদ [Natural Resources] : অসম তথা উত্তৰ-পূৰ্বাঞ্চল প্রাকৃতিক সম্পদত চহকী। এই অঞ্চলটোত খনিজাত সামগ্রী, যেনে- খনিজ তেল, কয়লা, চূণশিল আৰু লোৰ আকাৰ, কৃষিজাত, প্রাকৃতিক গেছ প্রমুখ্য কৰি অতি মূল্যৱান সোণ আৰু ইউৰেনিয়ামৰ ভাণ্ডাৰ আছে। ঠিক তেনেদৰে বিভিন্ন বনজ সম্পদ বাঁহ-বেত মূল্যৱান গছ-গছনি আৰু ঔষধ জাতীয় উদ্ভিদ আদি পর্যাপ্ত পৰিমাণৰ আছে। জলজ সম্পদৰ ক্ষেত্ৰতো অঞ্চলটো যথেষ্ট চহকী। অঞ্চলটোত থকা খৰস্রোতা নদ-নদীসমূহত বিদ্যুৎ উৎপাদন কৰাৰ বৃহৎ সম্ভাৱনা থকাৰ বিপৰীতে এই নদীসমূহক জলপথ হিচাপেও ব্যৱহাৰ কৰা হয়। নদ-নদীসমূহৰ বাহিৰেও অন্যান্য কিছুমান হদ, পুখুৰী, বিল আদিত পৰ্যাপ্ত মাছ কাছ আদি পোৱা যায়। কৃষিপ্রধান অঞ্চল হিচাপে অঞ্চলটোত চাহ, ধান, সৰিয়হ, মৰাপাট অন্যান্য মাহজাতীয় শস্য শাক-পাচলি উদ্যান আদি উৎপাদন হয়। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি এই প্রাকৃতিক সম্পদসমূহৰ ওপৰত চলোৱা দুঠন আৰু উপকৰ আদিয়ে সচেতন জাতি-জনগোষ্ঠীসমূহক বিতুষ্ট কৰি তুলিছে। নিজ অঞ্চলৰ পানী বনজসম্পদ, ভূমি আদি অধিকাৰ সাব্যস্ত কৰিবলৈ জাতি জনগোষ্ঠীসমূহ উদগ্ৰীৱ হৈ পৰা ফলস্বৰূপে উপ-আঞ্চলিকতাবাদ গঢ় লৈ উঠে।
(১০) যাতায়ত আৰু যোগাযোগ ব্যৱস্থা [Transport and Communication] : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অঞ্চলটোৰ ভৌগলিক অৱস্থানে যাতায়ত তথা যোগাযোগৰ বাবে সুবিধাজনক নহয়। বহু দুর্গম অঞ্চললৈও এতিয়াও ৰাস্তা-ঘাট নিৰ্মাণ কৰা হোৱা নাই। ফলস্বৰূপে অঞ্চলটোৰ সমূহ জাতি-জনগোষ্ঠীৰ মাজত এতিয়াও যাতায়াত যোগাযোগৰ ব্যৱস্থা গঢ়ি উঠা নাই। ফলত জাতি-জনগোষ্ঠীসমূহৰ স্বকীয় বৈশিষ্ট্য অটুট আছে। ইয়াৰ ফলস্বৰূপে উপ জাতীয়তাবাদ গঢ় লৈ উঠিছে।
উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত উপ-আঞ্চলিকতাবাদ বা উপ-জাতীয়তাবাদ গঢ়ি উঠাৰ যুক্তিকৰণ আছে। জাতি জনগোষ্ঠীসমূহে নিজৰ স্বকীয় বৈশিষ্ট্য আৰু আত্মপৰিচয় তথা আর্থ-সামাজিক বিকাশ হ’বলৈ এই উপ জাতীয়তাবাদ তথা উপ-আঞ্চলিকতাবাদ গঢ়ি তুলিছে যদিও ই পাৰস্পৰিক সম্পৰ্ক, ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতা, সমস্যাৰ তথা সম্প্ৰীতিৰ বাবে শুভ নহয়। জাতি-জনগোষ্ঠীৰ মাজত গঢ়ি উঠা এই ধাৰণা দূৰ কৰিবলৈ ন্যায়, সমতা প্রতিষ্ঠা কৰিব লাগিব। ইয়াৰ বাবে জাতি-জনগোষ্ঠীসমূহৰ ক্ষিপ্ৰ অৰ্থনৈতিক বিকাশ অর্থনৈতিক বিকাশ, শিক্ষাৰ প্ৰসাৰ, যাতায়াত যোগাযোগ উন্নতি আৰু স্বাস্থ্য সম্পর্কীয় অন্যান্য সুযোগ-সুবিধা প্রদান, জাতি-জনগোষ্ঠীসমূহৰ সাংস্কৃতিক বিকাশ তথা মানসিকতা পৰিৱৰ্তন কৰিবলৈ অৰ্থৱহ আঁচনি আৰু পৰিকল্পনা গ্রহণ কৰিব লাগিব।
9. উপ-আঞ্চলিকতাবাদ নিৰ্মূলৰ উপায়সমূহ ব্যাখ্যা কৰা?
Ans: উপ আঞ্চলিকতাবাদ বা উপ-জাতীয়তাবাদ ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকিস্বৰূপ। ৰাষ্ট্ৰত একতা আৰু শান্তি স্থাপন কৰিবলৈ হ’লে উপ-আঞ্চলিকতাবাদ নির্মূল কৰিবই লাগিব। এই উপ-আঞ্চলিকতাবাদ নিৰ্মূলৰ বাবে তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্রহণ কৰিব লাগিব—
(ক) অর্থনৈতিক বিকাশ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যিবোৰ জাতি-জনগোষ্ঠীয়ে উপ-আঞ্চলিকতাবাদ গঢ়ি তুলিছে সেই জাতি জনগোষ্ঠীসমূহৰ গৰিষ্ঠসংখ্যকেই ৰাজকীয় গুণসম্পন্ন বা অঞ্চলটোৰ নৃ-গোষ্ঠীয়মূলৰ। সেয়ে এই জাতি-জনগোষ্ঠীসমূহৰ এটা দাম্ভিক মানসিকতা আছে। ইয়াৰ ফলস্বৰূপে, অঞ্চলটোত আহোমসকলে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়ৰ পৰা বিটিছ ঔপনিৱেশিক সময়লৈকে এই জাতি-জনগোষ্ঠীসমূহে সাম্রাজ্য অধিকাৰী প্ৰশাসকসকলে আগৰচোৱা উন্নয়নমূলক আঁচনি আদি স্ব-ইচ্ছাই গ্ৰহণ কৰা নাছিল। ফলত এই জাতি-জনগোষ্ঠীসমূহৰ অৰ্থনৈতিক অৱস্থাটো অতি শোচনীয় হৈ পৰিল। উপ-আঞ্চলিকতাবাদ নাশ কৰিবলৈ এই জাতি জনগোষ্ঠীসমূহৰ অৰ্থনৈতিক বিকাশ নিশ্চিত কৰিব লাগিব ।
(খ) যাতায়াত-যোগাযোগ উন্নয়ন : অঞ্চলটোৰ জাতি জনগোষ্ঠীসমূহে নিজৰ ৰাজ্য তথা ৰাজনৈতিক ক্ষমতা হেৰুওৱাৰ পাছত নিজকে স্বকীয় পৰিচয়সহ জীয়াই থাকিবলৈ দুর্গম তথ্য পার্বত্য অঞ্চল, বনাঞ্চল, নদীপৰীয়া অঞ্চল আদিক বসতিৰ বাবে বাচি ল’লে। ফলস্বৰূপে, ৰাষ্ট্ৰত গঢ় লৈ উঠা সভ্যতা-সংস্কৃতি, আধুনিকতা আদিৰ পৰা এই জাতি-জনগোষ্ঠীসমূহ ৰাষ্ট্ৰৰ মূল সুঁতিৰ পৰা নিলগত অৱস্থান কৰি আছে। উপ-আঞ্চলিকতাবাদ বা উপ জাতীয়তাবাদ নিৰ্মূলৰ বাবে জাতি-জনগোষ্ঠীসমূহৰ লগত ৰাষ্ট্ৰৰ মূল সুঁতিৰ এটা নিবিড় সম্পর্ক গঢ় লৈ উঠিব লাগিব। সেয়েহে, জাতি-জনগোষ্ঠীসমূহ বসবাস কৰা অঞ্চলসমূহক সংযোগ কৰি যাতায়াত-যোগাযোগ ব্যবস্থা উন্নত কৰিব লাগিব যাতে দুয়োটা সম্প্ৰদায়ৰ মাজত এটা পাৰস্পৰিক সম্পৰ্ক গঢ় লৈ উঠে। যাতায়াত ব্যৱস্থা উন্নত হ’লেহে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত মত-বিনিময় হ’ব আৰু ইয়াৰ দ্বাৰা সৎ ভাব বিৰাজ কৰা এক পৰিৱেশ সৃষ্টি কৰা হ’ব।
(গ) শিক্ষাৰ প্ৰসাৰ : অঞ্চলটোত বসবাস কৰা জাতি জনগোষ্ঠীসমূহ শৈক্ষিক দিশত অতি পিছপৰা। ফলস্বৰূপে, তেওঁলোকৰ মন এলান্ধুকলীয়া আৰু কুসংস্কাৰপূৰ্ণ। আনহাতে, শৈক্ষিক দিশটোত পিছপৰা বাবে জাতি-জনগোষ্ঠীসমূহে বিভিন্ন কর্মসংস্থাপন যেনে— চৰকাৰী-বেচৰকাৰী চাকৰি, ব্যৱসায়-বাণিজ্য, কৃষি আদিৰ ক্ষেত্ৰত বঞ্চিত অথবা অতি পিছপৰা। জাতি জনগোষ্ঠীসমূহৰ মনৰ কুসংস্কাৰ, অযুক্তিকৰ স্বাভিমান দূৰ কৰিবলৈ জাতীয়তাবোধ সম্পন্ন শিক্ষা প্ৰদান কৰিব লাগিব। তদুপৰি, আৰ্জিত এই শিক্ষাৰ দ্বাৰা জাতি-জনগোষ্ঠীসমূহে নিশ্চিত কৰ্মসংস্থাপনৰ, সুবিধা পাই তাৰ ব্যৱস্থাও কৰিব লাগিব।
(ঘ) ৰাজনৈতিক সুবিধা : উপ-আঞ্চলিকতাবাদ বা উপ জাতীয়তাবাদ নির্মূলৰ বাবে অঞ্চলটোত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ ৰাজনৈতিক সুবিধা প্ৰদান কৰিব লাগিব। ৰাষ্ট্ৰৰ স্থানীয় নিকায় নিগমৰ পৰা আৰম্ভ কৰি ৰাজ্য আৰু ৰাষ্ট্ৰৰ প্রতিনিধিলৈকে জাতি-জনগোষ্ঠীসমূহে প্রতিনিধিত্ব কৰাৰ সুবিধা পাই তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আনহাতে, জাতি জনগোষ্ঠীসমূহ যাতে কোনো প্ৰকাৰেই ৰাজনৈতিক শোষণৰ বলি নহয় তাৰ বাবে ৰাষ্ট্ৰই বিশেষ কার্যকৰী ব্যৱস্থা হাতত ল’ব লাগিব।
(ঙ) সাংস্কৃতিক বিকাশ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যেক জাতি-জনগোষ্ঠীৰ স্বকীয় সাংস্কৃতিক পৰিচয় আছে। ৰাষ্ট্ৰৰ অখণ্ডতা তথা উপ-আঞ্চলিকতাবাদ বা উপ-জাতীয়তাবাদ নাশ কৰিবলৈ অঞ্চলটোৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক বিকাশ তথ উন্নয়ন কৰিব লাগিব। জাতি-জনগোষ্ঠীসমূহৰ সংস্কৃতিৰ প্ৰকৃত মর্যাদা আৰু সন্মান প্ৰদৰ্শন কৰিলেহে জাতি-জনগোষ্ঠীৰ আস্থা ৰাষ্ট্ৰৰ মূলসুঁতিৰ ওপৰত বৃদ্ধি পাব।
(চ) ঐতিহাসিক বিশ্লেষণ : আমাৰ অঞ্চলটোত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ ইতিহাসৰ নিৰ্মেহি বিশ্লেষণ কৰিব লাগিব লগতে বৃহৎ অসমীয়া জাতি গঢ়ি উঠাত এই জাতি-জনগোষ্ঠীসমূহৰ অৱদান তথা অঞ্চলটোত সমন্বয় স্থাপন কৰিবলৈ ৰজা-মহাৰজাৰ দিনৰে পৰা জাতি- জনগোষ্ঠীসমূহৰ লগতে অন্যান্য সম্প্রদায়ে কি ভূমিকা গ্ৰহণ কৰি আহিছে তাৰো উচিত ব্যাখ্যাৰ প্ৰয়োজন। ঐতিহাসিক বিশ্লেষণৰ দ্বাৰা বৃহৎ অসমীয়া জাতি গঠনত জাতি জনগোষ্ঠীসমূহৰ অৱদান যে অতি উচ্চ আৰু গুৰুত্বপূৰ্ণ তাক দাঙি ধৰিব লাগিব। তেতিয়াহে জাতি-জনগোষ্ঠীসমূহৰ মাজত আস্থাৰ ভাৱ গঢ় লৈ উঠিব।
(ছ) জনমত গঠন : উপ-আঞ্চলিকতাবাদ তথা উপ জাতীয়তাবাদৰ বিৰুদ্ধে সুসংগঠিত ৰূপত সমাজৰ বিপ্লৱ, অভিজ্ঞ শিক্ষিত ইতিহাসবিদ, সামাজিক নেতা বিভিন্ন সামাজিক অনুষ্ঠান প্রতিষ্ঠান আদিৰ দ্বাৰা এনে এক জনমত গঠন কৰিব লাগিব যাৰ দ্বাৰা উপ-আঞ্চলিকতাবাদ গঢ়াৰ এক পৰিৱেশ অসম তথা উত্তৰপূৰ্বাঞ্চলত গঢ়ি তুলিব লাগিব।
(জ) হীনমন্যতা দূৰ : বৰ্তমানৰ সমাজ ব্যৱস্থাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা জাতি-জনগোষ্ঠীসমূত নিজস্ব অন্যান্য সম্প্রদায়তকৈ হীন বুলি গণ্য কৰে যিহেতু, এই জাতি জনগোষ্ঠীসমূহ অর্থনৈতিক, সামাজিক, ৰাজনৈতিক আদি দৃষ্টিকোণৰ পৰা পিছপৰা। জাতি-জনগোষ্ঠীসমূহৰ যিসকল ইতিমধ্যে বিভিন্ন দিশত আগবঢ়া তেওঁলোকৰ মনৰ মাজতো এই হীনমন্যতাবোধ এতিয়াও বিৰাজমান। যিহেতু বহুদিন ধৰি আৰ্যমূলৰ লোকসকলে মংগোলীয় মূলৰ এই জাতিসমূহক হীন বুলি গণ্য কৰি আহিছে। সেয়ে, তেওঁলোকৰ মনৰ মাজত থকা এই মনোভাৱক আঁতৰ কৰিবলৈ অন্যান্য সম্প্ৰদায়ৰ লোকসকলে বিশেষ কার্যব্যৱস্থা হাতত ল’ব লাগিব আৰু ধৰ্মীয় গোড়ামি নিষেধ কৰিব লাগিব।
(ঝ) ৰাষ্ট্ৰীয় মূলৰ দায়িত্ব : জাতি-জনগোষ্ঠীসমূহৰ মাজত ক্ৰিয়া কৰা হীনমন্যতাবোধ, অনুপযুক্ত নীচ-পিছপৰা আদি ধাৰণা নাইকিয়া কৰিবলৈ ৰাষ্ট্ৰীয় মূলৰ লোকসকলে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। ইতিহাসৰ শুদ্ধ ব্যাখ্যা, জাতি-জনগোষ্ঠীসমূহৰ সামাজিক মর্যাদা, তেওঁলোকৰ সংস্কৃতিৰ প্ৰতি সন্মান প্রদর্শন, জাতি জনগোষ্ঠীসমূহে উত্থাপন কৰা বিভিন্ন সমস্যাসমূহ সমাধান কৰাত অমনোযোগিতা, সমন্বয় স্থাপন কৰিবলৈ সজাগতামূলক কাৰ্যসূচী, সামাজিক ন্যায় আৰু ভ্ৰাতৃত্বৰ বাস্তৱ ৰূপায়ণ অর্থনৈতিক আৰু ৰাজনৈতিক শোষণ বন্ধ কৰা আদি কাৰ্যসমূহ যথাযথভাৱে কৰিব লাগিব। ৰাষ্ট্ৰ আগবঢ়া সম্প্রদায় হিচাপে ৰাষ্ট্ৰীয় মূলৰ লোকসকলে এই কাৰ্য কৰিলেহে উপ-জাতীয়তাবাদ নিঃশেষ হ’ব।
10. ষষ্ঠ অনুসূচীৰ প্ৰয়োজনীয়তাসমূহ ব্যাখ্যা কৰা?
Ans: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰযোজ্য হোৱা ষষ্ঠ অনুসূচীৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ সপক্ষে থকা যুক্তিসমূহ সংক্ষেপে তলত আলোচনা হ’ল—
(ক) আর্থ-সামাজিক বিকাশ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পার্বত্য আৰু শেহতীয়াকৈ সমভূমি অঞ্চলত বসবাস কৰি থকা নৃ গোষ্ঠীয় জনজাতি লোকসকলৰ আৰ্থ-সামাজিক বিকাশৰ বাবে ষষ্ঠ অনুসূচীৰ প্ৰতি প্ৰয়োজন আৰু ৰাজ্যৰ পৰা পোৱা বিশেষ আর্থিক অনুদান, বিভিন্ন অভিলাসী আঁচনি আদি ৰূপায়ণ কৰি অঞ্চলটোত বসবাস কৰা পিছপৰা জাতি-জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক দিশটো ইয়াৰ দ্বাৰা সম্ভৱ।
(খ) নৃ-গোষ্ঠীয় পৰিচয় ৰক্ষা : ষষ্ঠ অনুসূচীৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰি থকা জাতি জনগোষ্ঠীসমূহৰ সভ্যতা সংস্কৃতি, নৃ-গোষ্ঠীয় পৰিচয় আদি সুৰক্ষা কৰিব পাৰি। ‘ইয়াৰ দ্বাৰা জাতি-জনগোষ্ঠীসমূহক সাংবিধানিক ৰক্ষা কবচ প্রদান কৰা হৈছে।
(গ) প্ৰব্ৰজনৰ পৰা ৰক্ষা : উত্তৰ-পূৰ্বাঞ্চল তথা অসমত প্ৰব্ৰজন এটা ডাঙৰ সমস্যা। এই অঞ্চলটোলৈ বিদেশী ৰাষ্ট্ৰ আৰু বৰ্হিৰাজ্যৰ পৰা নিৰলস প্ৰব্ৰজন অব্যাহত আছে। ফলস্বৰূপে থলুৱা নৃ-গোষ্ঠীয় লোকসকলে ক্রমান্বয়ে ভূমি আৰু সম্পদৰ ওপৰত নিজৰ নিয়ন্ত্রণ হেৰুৱাই পেলাইছে। এনে এক ভয়াৱহ সমস্যাৰ পৰা অঞ্চলটোক আৰু অঞ্চলটোত বসবাস কৰা জনজাতি আৰু অজনজাতি লোকসকলৰ বাবে ষষ্ঠ অনুসূচী অতি প্রয়োজন।
(ঘ) ভূমি পুত্ৰৰ অধিকাৰ সাব্যস্ত : অসম তথা উত্তৰ- পূৰ্বাঞ্চল ঐতিহাসিক কালৰে পৰা স্থায়ীভাবে বসতি কৰি অহা নৃ-গোষ্ঠীয়মূলৰ মানুহখিনিক এই অঞ্চলটোৰ ভূমিপুত্ৰ বুলি কোৱা হয়। এই লোকসকলে ঐতিহাসিক কালৰে পৰা অঞ্চলটোৰ মাটি, পানী আৰু বনাঞ্চলৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰি আহিছে। কিন্তু আধুনিকীকৰণ, নগৰীয়াকৰণ, প্ৰব্ৰজন, ৰাষ্ট্ৰৰ উমৈহতীয়া/সার্বজনীন নীতি আদিৰ লগত ভূমিপুত্ৰসকলে মাটি, পানী আৰু বনাঞ্চলৰ ওপৰত ক্ৰমান্বয়ে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাইছে। ভূমিপুত্ৰৰ অধিকাৰ যথাযথভাৱে সাব্যস্ত কৰিবলৈ হ’লে ষষ্ঠ অনুসূচীৰ প্ৰয়োজন।
(ঙ) স্বশাসন : উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহে ঐতিহাসিক কালৰ পৰা নিজকে নিজে শাসন কৰি আহিছে। সময়ৰ বিবর্তন বা সাম্রাজ্য বিস্তাৰ আৰু দেশে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰৱৰ্তন হোৱা সংসদীয় গণতন্ত্রই বহু জাতি- জনগোষ্ঠীৰ স্ব শাসনৰ অধিকাৰ কাঢ়ি লৈ গ’ল। কিন্তু ষষ্ঠ অনুসূচীয়ে নির্দিষ্ট জাতি বা জনগোষ্ঠীক স্ব-শাসনৰ সুবিধা প্ৰদান কৰি তেওঁলোকে হেৰুওৱা ঐতিহাসিক শাসনক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে।
সংবিধানৰ অন্তৰ্গত এই অনুসুচীয়ে নির্দিষ্ট জাতি-জনগোষ্ঠীক বিকাশৰ সুবিধা প্ৰদান কৰিবলৈ স্বায়ত্ত শাসিত অঞ্চলৰ ব্যৱস্থা কৰিছে। ইয়াৰ দ্বাৰা নিৰ্দিষ্ট জাতি-জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষা নিশ্চিত কৰি যেনেদৰে তেওঁলোকক আনন্দ শ্ৰেণীৰ লোকসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ ৰূপান্তৰ কৰি দুখ আৰু বেজাৰ দিছে। ফলস্বৰূপে অঞ্চলটোত সংঘাত, মতানৈক্য, সংঘর্ষ, অনাস্থা, প্রতিক্রিয়াশীল পৰিৱেশ আদি মনোভাৱ আৰু পৰিৱেশ সৃষ্টি কৰিছে। যিটো সভ্য সমাজ বা গণতান্ত্ৰিক পৰম্পৰাৰ বাবে কেতিয়াও শুভ হ’ব নোৱাৰে।