Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ

Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ Question Answer can be of great value to excel in the examination.

Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ

Join Telegram channel

Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 2 নিৰ্বাচনসমূহ আৰু ৰাজনৈতিক আচৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

5. Discuss the composition and functions of Election Commission of India.

Ans: নির্বাচন আয়োগ : স্বাধীন আৰু নিৰপেক্ষ নির্বাচন ব্যৱস্থা অবিহনে গণতন্ত্র বিপদাপন্ন হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে আমাৰ সংবিধান প্রণেতাসকলে নির্বাচন পৰিচালনাৰ দায়িত্ব বিধানমণ্ডল নাইবা কাৰ্যপালিকাক দিয়াৰ পৰিৱৰ্তে এটা স্বাধীন আৰু নিৰপেক্ষ আয়োগক দিয়াৰ ব্যৱস্থা কৰিছে। নির্বাচন পৰিচালনা কৰাৰ দায়িত্ব দিয়া এই আয়োগক নির্বাচন আয়োগ বোলা হয়।

নির্বাচন আয়োগৰ গঠন : সংবিধানৰ ৩২৪ নং অনুচ্ছেদত নির্বাচন আয়োগ গঠনৰ বিষয়ে উল্লেখ কৰা আছে। এই অনুচ্ছেদত উল্লেখ কৰা মতে এজন মুখ্য নির্বাচন আয়ুক্ত নাইবা মুখ্য নির্বাচন আয়ুক্ত আৰু কেইজনমান আয়ুক্তৰে নির্বাচন আয়োগ গঠন কৰা হ’ব। নির্বাচন আয়োগৰ সদস্য কেইজন হ’ব, সেই বিষয়ে সংবিধানত উল্লেখ কৰা নাই। সদস্য সংখ্যা নিৰ্ধাৰণ কৰাৰ দায়িত্ব ৰাষ্ট্ৰপতিক দিয়া হৈছে। একাধিক সদস্যৰে গঠিত আয়োগত মুখ্য নির্বাচন আয়ুক্তই চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰিব। কেন্দ্ৰীয় বিধানমণ্ডলে ৰচনা কৰা আইনৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে নির্বাচন আয়োগৰ সদস্য নিয়োগ কৰিব লাগে।

কার্যকাল : নির্বাচনী আয়োগৰ সদস্যসকলৰ কাৰ্যকালৰ বিষয়ে সংবিধানত উল্লেখ কৰা নাই। সংসদে ৰচনা কৰা আইনত এই বিষয়ে উল্লেখ কৰা আছে। ৰাষ্ট্ৰপতিয়ে সংসদে ৰচনা কৰা আইনৰ ভিত্তিত তেওঁলোকৰ কাৰ্যকাল নিৰ্ধাৰণ কৰে। বৰ্তমান নির্বাচনী আয়োগৰ সদস্য সকলৰ কাৰ্যকাল হৈছে ছয় বছৰ। কার্যকাল শেষ হোৱাৰ আগতে তেওঁলোকে পদত্যাগ কৰিব পাৰে। তেওঁলোকক পদচ্যুত কৰাৰ ব্যৱস্থাও আছে। উচ্চতম আদালতৰ বিচাৰপতিসকলক যি পদ্ধতিৰে পদচ্যুত কৰা হয়, মুখ্য নির্বাচনী আয়ুক্তক পদচ্যুত কৰিবলৈ হ’লেও সেই পদ্ধতি অৱলম্বন কৰা হয়। মুখ্য নির্বাচনী আয়ুক্তৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা হ’লে কেন্দ্ৰীয় বিধানমণ্ডলৰ দুয়োখন সদনে সেই অভিযোগ ভোটত গৃহীত কৰিব লাগে। এনেদৰে গৃহীত অভিযোগ সদনৰ একক সংখ্যাগৰিষ্ঠ ভোটত গৃহীত হ’ব লাগে। এনেদৰে গৃহীত হোৱা প্ৰস্তাৱৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে মুখ্য নির্বাচনী আয়ুক্তক কার্যকাল উকলি যোৱাৰ আগতে পদচ্যুত কৰিব লাগে। আয়োগৰ আন আন সদস্যক মুখ্য নির্বাচনী আয়ুক্তৰ পৰামৰ্শৰ ভিত্তিতহে ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিব পাৰে।

ক্ষমতা আৰু কাৰ্যাৱলী : সংবিধানত নিৰ্বাচনী আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে বিস্তৃত ভাৱে উল্লেখ কৰা নাই। নিৰ্বাচনী আয়োগে তলত দিয়া দায়িত্ব আৰু কৰ্তব্য সমূহ সম্পাদন কৰিব লাগে—

১) নির্বাচন পর্যবেক্ষণ কৰা, নিৰ্বাচনৰ বিষয়ে নির্দেশ দিয়া আৰু নিৰ্বাচন নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ। 

২) সংবিধানত উল্লেখ কৰা মতে নিৰ্বাচনৰ কাৰণে ভোটাৰ তালিকা প্রস্তুত কৰা আৰু প্ৰয়োজন মতে সংশোধন কৰাৰ দায়িত্ব এই আয়োগে পালন কৰিব লাগে।

৩) কেন্দ্ৰীয় বিধানমণ্ডল, ৰাজ্যিক বিধানমণ্ডল, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনসংক্রান্ত সকলো কাম-কাজ পৰিচালনা কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব নির্বাচনী আয়োগে বহন কৰিব লাগে। 

৪) আয়োগে নিৰ্বাচনৰ দিন স্থিৰ কৰে, মনোনয়ন পত্র দাখিল কৰাৰ দিন স্থিৰ কৰে, মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ দিন স্থিৰ কৰে। আৰু মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন স্থিৰ কৰে।

৫) নির্বাচনী আয়োগে ৰাজনৈতিক দলসমূহৰ প্ৰতীক নিৰ্ধাৰণ কৰে। দলীয় প্ৰাৰ্থী সকলে সেই প্রতীকত নিৰ্বাচনত প্রতিদ্বন্দিতা কৰে। কোনো কাৰণত কোনো দলত বিভাজন হৈ দুটা দলৰ সৃষ্টি হ’লে, কোনটো দলে দলীয় প্রতীক ব্যৱহাৰ কৰিব পাৰিব, সেই বিষয়ে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে। সেইদৰে নতুন দলক আয়োগে নতুন প্রতীক দিয়ে। নিৰ্দলীয় প্ৰাৰ্থী সকলৰ কাৰণেও আয়োগে প্রতীক নিৰ্ধাৰণ কৰি দিয়ে।

৬) ৰাজনৈতিক দলসমূহক স্বীকৃতি দিয়াৰ ক্ষমতাও আয়োগক দিয়া হৈছে। কোনটো দলক সৰ্বভাৰতীয় দল হিচাপে বিবেচনা কৰা হ’ব আৰু কোনটো দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিয়া হ’ব, সেই বিষয়ে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দলসমূহে আয়োগৰ ওচৰত পঞ্জীয়ন কৰিব লাগে।

৭) ৩২৪ (৬) নং অনুচ্ছেদত উল্লেখ কৰা মতে নির্বাচন পৰিচালনা কৰাৰ কাৰণে প্ৰয়োজনীয় কৰ্মচাৰীৰ বাবে আয়োগে ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল সকলক অনুৰোধ কৰিব পাৰে আৰু ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে আয়োগৰ তেনে অনুৰোধ ৰক্ষা কৰিব লাগে।

৮) নির্বাচন শৃংখলাবদ্ধ ভাৱে পৰিচালনা কৰাৰ উদ্দেশ্য ৰাজনৈতিক দল, দলীয় প্রার্থী, চৰকাৰী কৰ্মচাৰী আৰু ভোটাৰ সকলৰ কাৰণে আয়োগে আচৰণবিধি প্রস্তুত কৰি ঘোষণা কৰিব পাৰে।

৯) আয়োগে প্রস্তুত কৰি ঘোষণা কৰা আচৰণবিধি সংশ্লিষ্ট দল প্ৰাৰ্থী নাইবা ভোটাৰ সকলে মানি চলিছে নে নাই সেই বিষয়ে পৰীক্ষা কৰাৰ উদ্দেশ্যে আয়োগে পৰিদৰ্শক নিয়োগ কৰিব পাৰে। পৰিদৰ্শকৰ প্ৰতিবেদনৰ ভিত্তিত আয়োগে নিৰ্বাচনৰ বিষয়ে উত্থাপন কৰা অভিযোগৰ বিচাৰ কৰে।

১০) নিৰ্বাচনৰ বিষয়ত কোনো ধৰণৰ বিৰোধৰ সৃষ্টি হ’লে তেনে বিৰোধৰ তদন্ত কৰাৰ উদ্দেশ্যে আয়োগে তদন্ত কমিটি গঠন কৰিব পাৰে।

১১) নিৰ্দ্দিষ্ট অভিযোগৰ ভিত্তিত কোনো নিৰ্বাচন কেন্দ্ৰৰ নির্বাচন আয়োগে স্থগিত ৰাখিব পাৰে নাইবা বাতিল কৰিব পাৰে। গ্রহণযোগ্য অভিযোগৰ ভিত্তিত কোনো কেন্দ্ৰত আয়োগে পুনৰ নিৰ্বাচনৰ ব্যৱস্থা কৰিব পাৰে।

১২) আয়োগে নিৰ্বাচনৰ ফল ঘোষণা কৰে। কোনো নিৰ্বাচনৰ কেন্দ্ৰৰ ভোটগণনা আয়োগে বন্ধ ৰাখিব পাৰে, সেইদৰে কোনো কেন্দ্ৰৰ ফলাফল ঘোষণা আয়োগে স্থগিত ৰাখিব পাৰে।

১৩) কেন্দ্রীয় বিধানমণ্ডলৰ কোনো সদস্যৰ অযোগ্যতাৰ বিষয়ত কোনো অভিযোগ উত্থাপিত হ’লে বিষয়টো ৰাষ্ট্ৰপতিৰ ওচৰত উত্থাপন কৰা হয়। ৰাষ্ট্ৰপতিয়ে এই বিষয়ত নিৰ্বাচনী আয়োগৰ পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰে।

১৪) ৰাজ্যিক বিধানমণ্ডলৰ অযোগ্যতা সম্পৰ্কত কোনো প্রশ্ন উত্থাপিত হ’লৈ, এই বিষয়টো ৰাজ্যপালৰ দৃষ্টিগোচৰ কৰাৰ নিয়ম। ৰাজ্যপালে এই বিষয়ে নির্বাচন আয়োগৰ লগত আলোচনা কৰে আৰু আয়োগৰ পৰামৰ্শ মতে ৰাজ্যপালে সিদ্ধান্ত গ্ৰহণ কৰে। 

১৫) নিৰ্বাচনৰ আগে আগে কোনো দলীয় প্ৰাৰ্থীৰ মৃত্যু হলে, নির্বাচন আয়োগে সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন স্থগিত ৰাখিব পাৰে। 

6. Examine the defects of Election Commission of India.

Ans: তত্ত্বীয় দিশৰ পৰা বিচাৰ কৰিলে নির্বাচন আয়োগ, এটা স্বাধীন আৰু নিৰপেক্ষ সংগঠন হিচাপে বিবেচনা কৰিব পাৰি। যদিও, বাস্তৱ ক্ষেত্ৰত নির্বাচন আয়োগে সম্পূর্ণৰূপে স্বাধীন নিৰপেক্ষ কাৰ্যনিৰ্বাহ কৰাত ভালেমান সীমাৱদ্ধতা আছে। নির্বাচন আয়োগৰ সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল ―

১) আয়োগৰ মুখ্য নির্বাচন আয়ুক্ত আৰু আন আন সদস্যক প্রধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। নির্বাচন আয়ুক্ত সকলৰ অৰ্হতাৰ বিষয়ে সংবিধানত উল্লেখ কৰা নাই। দলত চৰকাৰী পক্ষৰ প্ৰতি আনুগত্য থকা লোকক এই আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়াত বাধা নাই। এনে অৱস্থাত আয়োগে স্বাধীন আৰু নিৰপেক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিব বুলি আশা কৰিব নোৱাৰি।

২) কার্যকাল শেষ হোৱাৰ পিছত আয়োগৰ সদস্য সকলক আন চাকৰিত নিয়োগ কৰাত বাধা নাই। উদাহৰণস্বৰূপে মুখ্য নির্বাচন আয়ুক্ত আৰ.কে.ত্রিবেদিক অৱসৰৰ পিছত গুজৰাটৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছিল। সুকুমাৰ সেনক বর্ধমান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিয়োগ কৰা হৈছিল। ভৱিষ্যত নিয়োগৰ সুবিধাৰ কাৰণে আয়োগৰ সদস্য সকলে চৰকাৰৰ প্ৰতি সহানুভূতিসূচক মনোবৃত্তিৰে কাৰ্যনিৰ্বাহ কৰিব পাৰে। সেয়েহে এনেধৰণৰ সদস্যৰ পৰা নিৰপেক্ষতা আশা কৰাটো সম্ভৱ নহয়।

৩) যিসকল নিৰ্বাচন আয়ুক্তৰ সিদ্ধান্ত চৰকাৰৰ মনঃপুত নহয়, তেনে আয়ুক্তক অৱসৰৰ পিছত পুনৰ নিযুক্তি নিদিয়াৰ উদাহৰণো আছে। ১৯৮১ চনৰ জুন মাহত লোকসভাৰ নিৰ্বাচনৰ সময়ত গাড়োৱাল কেন্দ্ৰত দুর্নীতি হোৱাৰ কাৰণে অভিযোগ উত্থাপন কৰাত সেই সময়ৰ মুখ্য নির্বাচন আয়ুক্ত শাকধৰে এই নির্বাচন বাতিল কৰিছিল। কিন্তু চৰকাৰে শাকধৰৰ এই সিদ্ধান্তক সমৰ্থন কৰা নাছিল। ফলত অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁক কোনো চাকৰিত নিযুক্তি দিয়া নাছিল।

৪) মুখ্য নির্বাচন আয়ুক্তৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰি নে নাই সেই বিষয়ে সংবিধানত উল্লেখ কৰা নাই। ৰাষ্ট্ৰপতিৰ সন্তষ্টিৰ ওপৰতহে মুখ্য নির্বাচন আয়ুক্তৰ কাৰ্যকাল নিৰ্ভৰ কৰে। ফলত চৰকাৰৰ প্ৰতি আনুগত্য প্রকাশ কৰা আয়ুক্তৰ কাৰ্যকাল বৃদ্ধি কৰা আৰু চৰকাৰৰ প্ৰতি আনুগত্য নথকা আয়ুক্তৰ কাৰ্যকাল বৃদ্ধি নকৰাত ৰাষ্ট্ৰপতিৰ বাধা নাই। 

৫) নির্বাচন আয়োগৰ পৰামৰ্শ সমূহ গ্ৰহণ কৰিবলৈ চৰকাৰ বাধ্য নহয়। আয়োগৰ পৰামৰ্শ চৰকাৰৰ অনুকূলে হলে চৰকাৰে তেনে পৰামৰ্শ গ্ৰহণ কৰি কার্যকৰী কৰে; আনহাতে আয়োগৰ পৰামৰ্শ চৰকাৰৰ প্ৰতিকূলে গ’লে চৰকাৰে তেনে পৰামৰ্শ কাৰ্যকৰী কৰাৰ পৰা বিৰত থাকে। ফলত আয়োগে স্বাধীন আৰু নিৰপেক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰে।

৬) নির্বাচন আয়োগ গঠন, ইয়াৰ কাৰ্যাৱলী আৰু ক্ষমতা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত কৰা আছে। এই বিষয়ত ৰাজ্যিক চৰকাৰৰ সমূহৰ কোনো ক্ষমতা নাই। সেয়েহে এই ব্যবস্থা যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ লগত সংগতি থকা বিধৰ নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজ্যিক চৰকাৰে এনে বিষয়ত আইন ৰচনা কৰিব পাৰে। অৱশ্যে কেন্দ্ৰীয় নিৰ্বাচনৰ বিষয়ে ৰাজ্যিক চৰকাৰে গ্ৰহণ কৰা আইন আমেৰিকাৰ কেন্দ্ৰীয় বিধানমণ্ডলে পৰিৱৰ্তন কৰিব পাৰে।

৭) নির্বাচন আয়োগৰ কাম-কাজৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ পৰাৰ ভালেমান সুবিধা আছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা, নির্বাচন স্থগিত ৰখা আদি বিষয়ত ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰাৰ উদাহৰণ নথকা নহয়। সেয়েহে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ বিষয়ত সন্দেহ থকাটো একো অস্বাভাৱিক নহয়।

৮) নিৰ্বাচনৰ বিষয়ত দেখা দিয়া দুর্নীতি, নির্বাচন কেন্দ্র দখল, জাল ভোটদান আদি বন্ধ কৰি নিৰ্বাচনক দোষমুক্ত কৰাৰ বিষয়ত নির্বাচন আয়োগ কৃতকার্য হোৱা নাই। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে আয়োগৰ কাৰণে এনেবোৰ বিষয়ত কৃতকার্যতা লাভ কৰাটো, কেতিয়াও সম্ভৱ নহয়।

৯) চৰকাৰৰ আন আন বিভাগৰ কাম-কাজ পৰিচালনা কৰাৰ উদ্দেশ্যে বিভাগবোৰৰ নিজা নিজা কৰ্মচাৰী থাকে। এই বিভাগীয় কৰ্মচাৰীৰ জৰিয়তে বিভাগবোৰে নিজৰ নিজৰ দায়িত্ব সম্পাদন কৰে। কিন্তু নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ কোনো নিজৰ কৰ্মচাৰী নাই। আয়োগে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। চৰকাৰী কৰ্মচাৰী সকলৰ চৰকাৰী পক্ষৰ প্ৰতি সহানুভূতি থকাটো একো অস্বাভাৱিক নহয়।

১০) নির্বাচন শৃংখলাবদ্ধ ভাবে পৰিচালনা কৰাৰ দায়িত্ব নির্বাচন আয়োগক দিয়া হৈছে। নিৰ্বাচনৰ সময়ত আইন- শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে সংশ্লিষ্ট ৰাজ্যিক চৰকাৰক। কিন্তু ৰাজ্যিক চৰকাৰৰ পুলিচ আৰু অ-সামৰিক বাহিনীয়ে নিৰপেক্ষতাৰে তেওঁলোকৰ দায়িত্ব পালন কৰিব বুলি আশা কৰিব নোৱাৰি।

১১) মহেশ্বৰীৰ মতে ভাৰতীয় গণতন্ত্ৰ যি চাৰিটা স্তম্ভৰ ওপৰত প্রতিষ্ঠিত; এই চাৰিটাৰ ভিতৰত নিৰ্বাচন আয়োগেই হৈছে আটাইতকৈ দুর্বল। সেয়েহে এই দুৰ্বল স্তম্ভই স্বাধীন আৰু নিৰপেক্ষতাৰে কাম কৰাৰ বিষয়ত অকৃতকাৰ্য হোৱাটো একো অস্বাভাৱিক নহয়।

7. Describe the different stages of Electoral Process in India.

Ans: ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰ্যায়সমূহ ভাৰতৰ নিৰ্বাচন সমূহ তলত উল্লেখ কৰা পৰ্যায়ৰ মাজেদি কাৰ্যকৰি হয়—

১) নির্বাচনী এলেকা সমূহৰ ঘোষণা : নিৰ্বাচনৰ প্ৰথম পদক্ষেপ হৈছে নির্বাচনী এলেকা সমূহৰ ঘোষণা। নির্বাচনী এলেকাসমূহ দুই ধৰণৰ—

(ক) সংসদীয় নির্বাচনী এলেকা।

(খ) বিধানসভাৰ নির্বাচনী এলেকা।

এখন নিৰ্বাচনী এলেকাৰ পৰা এজনে প্ৰাৰ্থী নির্বাচিত হয়। প্রয়োজন সাপেক্ষে চৰকাৰে এই নিৰ্বাচনী এলেকা সমূহৰ পুনৰগঠন কৰিব পাৰে।

২) ভোটাৰ তালিকাৰ প্ৰস্তুতকৰণ : দ্বিতীয় পদক্ষেপ হিচাপে প্ৰতিটো সংসদীয় আৰু বিধানসভাৰ নিৰ্বাচনী এলেকাৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰা হয়। ১৮ বছৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। প্ৰতিটো নিৰ্বাচনৰ আগত এই তালিকা প্ৰকাশ কৰা হয়, যাতে নাগৰিক সকলে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে নে নাই সেই সম্পৰ্কে অৱগত হ’ব পাৰে।

৩) নিৰ্বাচনৰ দিন ঘোষণা : আনুষ্ঠানিক ভাৱে নির্বাচনী প্রক্রিয়া আৰম্ভ হয় । যেতিয়া ৰাষ্ট্ৰপতিয়ে লোকসভাৰ বাবে আৰু ৰাজ্যপালে বিধানসভাৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰে। লগতে নিৰ্বাচন আয়োগে মনোনয়ন পত্ৰ দাখিল কৰা, পৰীক্ষা কৰা, আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ঘোষণা কৰে।

৪) নিৰ্বাচনী বিষয়া সকলৰ নিযুক্তি : নির্বাচনী প্রক্রিয়াক নিকা আৰু নিৰপেক্ষ ভাৱে পৰিচালনা কৰাৰ বাবে অস্থায়ীভাবে নির্বাচনী বিষয়া আৰু কৰ্মচাৰী সকলক নিযুক্তি দিয়া হয়। এওঁলোকে নির্বাচনী আয়োগৰ নিয়ন্ত্ৰণত কাৰ্য পৰিচালনা কৰে।

৫) ভোটদান কেন্দ্র স্থাপন : ভোটাৰ সকলৰ সুবিধাৰ্থে আৰু নির্বাচন প্রক্রিয়াক সুস্থভাৱে পৰিচালনা কৰাৰ উদ্দেশ্যে একেটা নির্বাচনী এলেকাৰ বাবে বহু সংখ্যক ভোটদান কেন্দ্ৰ স্থাপন কৰা হয়।

৬) মনোনয়ন পত্র দাখিল : নির্বাচনী আয়োগে জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাৰ্থী সকলে নিৰ্দ্দিষ্ট দিন কেইটাত মনোনয়ন পত্র সমূহ তেওঁলোকৰ এলেকাৰ নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰে। মনোনয়ন পত্ৰত প্ৰাৰ্থীৰ নিজৰ আৰু লগতে প্ৰস্তাৱক আৰু সমর্থক সকলৰ চহীৰ প্ৰয়োজন হয়।

৭) মনোনয়ন পত্ৰ পৰীক্ষা : নির্বাচনী আয়োগে নিৰ্দ্ধাৰিত কৰা দিনত মনোনয়ন পত্র সমূহ পৰীক্ষা কৰি চায়। সঠিক তথ্য গোপন কৰা হ’লে মনোনয়ন পত্ৰ সমূহ বাতিল কৰা হয়।

৮) মনোনয়নৰ পত্ৰ প্ৰত্যাহাৰ : মনোনয়ন পত্র সমূহ পৰীক্ষা কৰাৰ পিছত নিৰ্দ্দিষ্ট দিনত কোনো প্রার্থীয়ে বিচাৰিলে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰে। নিৰ্বাচনী বিষয়া জনে প্ৰত্যাহাৰ কৰা মনোনয়ন পত্ৰক বাদ দি আন আন প্ৰাৰ্থী সকলৰ তালিকা আৰু লগতে তেওঁলোকৰ নিৰ্বাচনী প্রতীক প্ৰকাশ কৰে।

৯) নির্বাচনী প্ৰচাৰ : যেতিয়া নিৰ্বাচনী বিষয়াৰ দ্বাৰা সম্পূৰ্ণ প্রার্থী তালিকা প্ৰকাশ কৰা হয়, তাৰ পিছতে দল সমূহে নিজৰ নিজৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে। প্ৰতিটো দলে নিজৰ নিজৰ নিৰ্বাচনী ইস্তাহাৰত নিজৰ দলৰ আদৰ্শ, উদ্দেশ্যে আৰু ভৱিষ্যৎ কর্মপন্থাৰ বিষয়ে উল্লেখ কৰে।

১০) ভোটদান : নিৰ্দ্দিষ্ট দিনত এটা এটা নিৰ্বাচনী এলেকাৰ অন্তর্ভুক্ত বিভিন্ন ভোট কেন্দ্র সমূহত ভোটদান প্ৰক্ৰিয়া কাৰ্যকৰি হয়। প্ৰতিটো ভোটদান কেন্দ্ৰত এজনে Presiding বিষয়া আৰু আন আন বিষয়া সকল থাকে। তেওঁলোকৰ তত্ত্বাবধানত ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণ আৰু নিৰপেক্ষভাৱে পৰিচালিত হয়।

১১) ভোটগণনা আৰু ফলাফল ঘোষণা : ভোটদান প্রক্রিয়া শেষ হোৱাৰ পিছত নির্বাচনী আয়োগে ভোটগণনাৰ বাবে বিষয়া সকলক নিযুক্তি দিয়ে। নির্বাচনী বিষয়াৰ উপস্থিতিত ভোটগণনা কাৰ্য সমাপ্ত হয় আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়।

১২) নির্বাচন সংক্রান্ত হিচাপ দাখিল : নির্বাচন আয়োগে লোকসভাৰ প্ৰাৰ্থী সকলৰ বাবে বর্তমানে ১৫ লাখ আৰু বিধানসভাৰ প্রার্থী সকলৰ বাবে ৬ লাখ পৰ্য্যন্ত ধন খৰচ কৰাৰ নিৰিখ ধার্য কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাঁচদিনৰ ভিতৰত প্ৰাৰ্থী সকলে নির্বাচনী আয়োগৰ ওচৰত তেওঁলোকৰ নিৰ্বাচনী খৰচৰ হিচাপ দাখিল কৰিব লাগে। যদি কোনো প্রার্থীয়ে ধাৰ্য কৰা ধনতকৈ অধিক ব্যয় কৰে তেনে ক্ষেত্ৰত তেওঁৰ নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰা হয়। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাঁচদিনৰ ভিতৰত প্ৰাৰ্থী সকলে নির্বাচনী আয়োগৰ ওচৰত তেওঁলোকৰ নিৰ্বাচনী খৰচৰ হিচাপ দাখিল কৰিব লাগে। যদি কোনো প্রার্থীয়ে ধার্য কৰা ধনতকৈ অধিক ব্যয় কৰে তেনে ক্ষেত্ৰত তেওঁৰ নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰা হয়।

8. Proportional Representation. 

Ans: আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থা : আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ কেইবাটাও প্ৰকাৰ দেখা যায়। কিন্তু সকলো ধৰণৰ আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাত সংখ্যালঘু আৰু সংখ্যাগুৰু সকলোৰে প্ৰতিনিধিত্ব সুনিশ্চিত কৰাত গুৰুত্ব দিয়া হয়। সাধাৰণতে বহু আসন সমষ্টিৰ সৃষ্টি কৰি আৰু ভোটাৰ সকলে প্ৰকাশ কৰা পচন্দৰ আনুপাতিক হিচাপত আসন প্ৰদান কৰা হয়। এনে বহু আসন সমষ্টিত অনুষ্ঠিত কোনো নিৰ্বাচনত যদি ‘ক’, “খ” আৰু ‘গ’ তিনিটা দলৰ মাজত ক্ৰমে ৩:২:১ অনুপাতত ভোট ভাগ হয় আৰু দলকেইটাৰ মাজত ৬ খন আসন বিতৰণ কৰিব লাগে তেতিয়া ‘ক’ দলে ৩ খন, ‘খ’ দলে ২ খন আৰু ‘’গ’ দলে ১ খন আসন তেওঁলোকে লাভ কৰা ভোটৰ অনুপাতত লাভ কৰিব। কিন্তু সৰল বহুত্ব ব্যৱস্থা গ্ৰহণ কৰিলে ফাষ্ট পাষ্ট দ্য পোষ্ট ব্যৱস্থাৰ আধাৰত এই ক্ষেত্ৰত ‘ক’ দলেই আটাইকেইখন আসন লাভ কৰিলেহেঁতেন। 

আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ কাৰণে বিশেষকৈ সংখ্যালঘু সকলৰ প্ৰতিনিধিত্ব সম্ভৱ কৰি তুলিবৰ কাৰণে বৃহৎ নিৰ্বাচনী জিলাৰ প্ৰয়োজন হয়। ভাৰতবৰ্ষত ৰাজ্যসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত সমানুপাতিক প্রতিনিধিত্ব ব্যৱস্থা গ্ৰহণ কৰা হয়। ভাৰতবৰ্ষত ৰাজ্যসভাৰ সদস্য এজনক তেওঁ যিখন ৰাজ্য প্ৰতিনিধিত্ব কৰে সেই ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে আৰু সদস্য জনে যদি কোনো কেন্দ্রীয় শাসিত অঞ্চলক প্রতিনিধিত্ব কৰে তেন্তে সংশ্লিষ্ট কেন্দ্রীয় শাসিত অঞ্চলৰ এখন নিৰ্বাচক মণ্ডলীয়ে নির্বাচন কৰিব। এনে নির্বাচন হয় পৰোক্ষ আৰু একক হস্তান্তৰযোগ্য আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ জৰিয়তে। এনে ব্যৱস্থাৰে ৰাজ্যসভাৰ ওপৰিও ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনো অনুষ্ঠিত হয়। ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত এই নীতি গ্রহণ কৰাৰ কাৰণ হ’ল সংখ্যালঘু সম্প্রদায় আৰু দলক প্রতিনিধিত্বৰ সুবিধা দিয়াটো। এই ব্যৱস্থাৰ প্ৰয়োগ সীমিত কাৰণ নিৰ্বাচক মণ্ডলীয়ে সহজে ব্যৱস্থাটো আয়ত্ব কৰিব নোৱাৰে। আকৌ বহু সময়ত এনে ব্যৱস্থাই ৰাজনৈতিক বিভাজন, দল সমূহত বিসম্বাদ সৃষ্টি কৰাত অৰিহণা যোগায়। কিন্তু ভাৰতৰ সমাজ বহুধাবিভক্ত। দেশ খনৰ সমাজৰ বিভিন্ন অংশৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ কাৰণে অন্তত: ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ কাৰণে এই ব্যৱস্থা অতিশয় প্রয়োজনীয় বুলি বিবেচিত হৈছে।

আনুপাতিক প্রতিনিধিত্বৰ ক্ষেত্ৰটো বেলেগ বেলেগ দেশে বেলেগ বেলেগ পদ্ধতি অনুসৰণ কৰিব পাৰে। এই ক্ষেত্ৰত সাধাৰণতে দুটা পদ্ধতি দেখিবলৈ পোৱা যায়। প্রথমটো পদ্ধতি অনুসাৰে গোটেই দেশখনকে এটা সমষ্টি বুলি বিবেচনা কৰা হয়। বিভিন্ন দলে নিজৰ প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰে আৰু অগ্রাধিকাৰৰ ভিত্তিত ঘোষিত তালিকাৰ পৰা লাভ কৰা আসনৰ বিপৰীতে প্ৰাৰ্থী নিয়োগ কৰে। ইজৰাইল আৰু নেদাৰলেণ্ডত এই পদ্ধতি বলৱৎ হৈ আছে।

ভাৰতীয় সংবিধানে সীমিত পৰিসৰত পৰোক্ষ নিৰ্বাচনৰ বাবে আনুপাতিক প্রতিনিধিত্ব গ্রহণ কৰিছে। এই পদ্ধতি অৱশ্যে ইতিমধ্যে উল্লেখ কৰি অহা আনুপাতিক প্রতিনিধিত্বতকৈ জটিল। এই পদ্ধতি প্ৰয়োগ কৰি ভাৰতবৰ্ষত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভা তথা বিধান পৰিষদৰ সদস্য সকলক নিৰ্বাচিত কৰা হয়।

9. Simple Plurality system.

Ans: সৰল বহুত্ব ব্যৱস্থা বা প্রথম জনেই বিজেতা পদ্ধতি : গ্রেট বৃটেইন, ভাৰতবৰ্ষ আদি দেশত প্ৰচলিত এই ব্যৱস্থাৰ যোগেদি স্পষ্ট আৰু সকলোৰে বোধগম্য ৰুপত আটাইতকৈ জনপ্ৰিয় প্রার্থী জনক বাচি উলিওৱাৰ দিহা কৰা হয়। এনে ব্যৱস্থাত অধিক ভোট লাভ কৰা প্ৰাৰ্থীজনেই আসন লাভ কৰে আৰু গণনাৰ পাছত ভোটৰ পুৰণ বিতৰণৰ প্ৰসংগ নাহে। একক সদস্য সমষ্টিত এই ব্যৱস্থাৰে প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়। একোটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সমূহৰ ভিতৰত যিজনেই অধিক সংখ্যক ভোট লাভ কৰে তেওঁকেই নির্বাচিত বুলি ঘোষণা কৰা হয়। এনে ক্ষেত্ৰত নিৰ্বাচিত হোৱা কাৰণে প্ৰাৰ্থীজনে সংখ্যাগৰিষ্ঠ ভোট অর্থাৎ আধাতকৈ অধিক ভোট লাভ কৰাৰ প্ৰয়োজন নাই মাত্ৰ সকলো প্ৰাৰ্থীৰ ভিতৰত বেছি ভোট পালেই হ’ক। সেয়েহে এই ব্যৱস্থাক ‘ফাষ্ট পাষ্ট দ্য পোষ্ট ব্যৱস্থা’ বুলি কোৱা হয়। ইংলেণ্ডৰ কমন্স সভা, ভাৰতৰ লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰা হয়।

লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰণে প্ৰতিনিধি নির্বাচন প্ৰক্ৰিয়াত সকলো যোগ্য ভোটাৰে অংশগ্ৰহণৰ সুবিধা লাভ কৰে। এনে নির্বাচন যিহেতু প্রত্যক্ষ নির্বাচন সেয়েহে একোখন ৰাজ্যৰ জনসংখ্যাৰ ভিত্তিত এনেদৰে কেইবাটাও লোকসভা সমষ্টিত বিভাজন কৰা হয় যে প্রত্যেক সমষ্টিৰ জনসংখ্যা আৰু ৰাজ্যখনৰ লোকসভালৈ প্ৰেৰণ কৰিবলগীয়া প্রতিনিধি (আসন) সংখ্যাৰ মাজৰ অনুপাত ৰাজ্যজুৰি যতদূৰ সম্ভৱ সমান হয়। আকৌ একোটা লোকসভা সমষ্টিৰ এলেকাৰ মাজতেই জনসংখ্যাৰ ভিত্তিত কেইবাটাও বিধানসভা সমষ্টি থাকে। 

এনে প্রত্যেক লোকসভা সমষ্টি আৰু প্ৰত্যেক বিধানসভা সমষ্টি হল একক সদস্য সমষ্টি। অর্থাৎ একোটা সমষ্টিৰ পৰা যিমানজন প্রার্থীয়েই প্রতিদ্বন্দিতা নকৰক কিয়, নিৰ্বাচনত এজনেহে জয়ী হ’ব। যিজন প্রার্থীয়েই অধিক সংখ্যক ভোট লাভ কৰিব তেওঁকেই নির্বাচিত বুলি ঘোষণা কৰা হ’ব। এই ব্যৱস্থাৰ নিৰ্বাচন অতি সৰল যদিও, সংখ্যালঘুৰ প্ৰতি এই ব্যৱস্থাই ন্যায় নকৰে বুলি বহু সময়ত ইয়াক সমালোচনা কৰা হয়, কাৰণ সময়ত জনপ্ৰিয় ভোটৰ বেছ কিছু অংশ লাভ কৰিও বিজয়ী দলৰ লগত সামান্য ব্যৱধানৰ কাৰণে ভোট লাভ কৰা অনুপাতত আসন লাভ কৰাৰ পৰা কোনো দল বঞ্চিত হ’ব পাৰে। উদাহৰণস্বৰূপে কোনো দলে সর্বমুঠ জনপ্রিয় ভোটৰ ২৫ শতাংশ লাভ কৰি যিমান আসন লাভ কৰিব আন এটা দলে যৎসামান্য অধিক ভোট লাভ কৰি আনটো দলতকৈ বহু বেছি আসন লাভ কৰাৰ সুযোগ লাভ কৰিব। এই ব্যৱস্থাৰ আন এটা আসোঁৱাহ হ’ল। 

যে বহুকেইজন প্রার্থীয়ে প্রতিদ্বন্দ্ববিতা কৰা কোনো সমষ্টিত একোজন প্রার্থীয়ে জনপ্রিয় ভোটৰ সমান্য অংশ অধিক লাভ কৰিয়েই নিৰ্বাচিত হোৱাৰ অৱকাশ থাকে। উদাহৰণস্বৰূপে ৪ জন প্রার্থীয়ে প্রতিদ্বন্দিতা কৰা এটা সমষ্টিত যদি দুজনে ২৫ শতাংশকৈ, আন এজনে ২০ শতাংশ আৰু আনজনে ৩০ শতাংশ ভোট লাভ কৰে তেন্তে চতুর্থ জনে কেৱল ৩০ শতাংশ ভোট লাভ কৰিলেই বিজয়ী হ’ব। অর্থাৎ‍ তেওঁ আচলতে সংখ্যালঘুৰ ভোটেৰেই জয়ী হ’ল অথচ সংখ্যাগৰিষ্ঠি অর্থাৎ‍ বাকী ৭০ শতাংশই তেওঁক বিচৰা নাই। এনেবিলাক কাৰণতে ভাৰতবৰ্ষৰ লোকসভালৈ আৰু ৰাজ্যসমূহৰ বিধানসভালৈ বহু সময়ত ৰাইজৰ অনাকাঙ্খিত প্রার্থী নির্বাচিত হোৱা দেখা যায়।

10. ভাৰতবৰ্ষই কিয় “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” নির্বাচনী পদ্ধতি গ্ৰহণ কৰিলে? 

Ans: ভাৰতবৰ্ষই জনসাধাৰণক প্রতিনিধিত্ব কৰিবৰ বাবে কি বিশেষ নির্বাচনী পদ্ধতি গ্ৰহণ কৰিব সেই প্রশ্নক কেন্দ্ৰ কৰি স্বাধীনতা আন্দোলনৰ সময়ৰে পৰাই যথেষ্ট আলোচনা হৈছিল। ওপৰৰ আলোচনাৰ পৰা আমি বুজি উঠিলো যে ভাৰতবৰ্ষই জন প্রতিনিধি নিৰ্বাচনৰ কাৰণে দুটা পদ্ধতি অৱলম্বন কৰিছে। জনসাধাৰণক পোনপটীয়াকৈ প্ৰতিনিধিত্ব কৰা লোকসভা, বিধানসভা আৰু স্থানীয় চৰকাৰৰ নিৰ্বাচনৰ বাবে একক প্রতিনিধি সমষ্টিৰ বাবে “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” পদ্ধতি অৱলম্বন কৰিছে। অন্যহাতে জনসাধাৰণে পোনপটীয়াকৈ নিৰ্বাচন নকৰা ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সদস্য সকলক নিৰ্বাচনৰ বাবে সীমিত পৰিসৰৰ আনুপাতিক প্রতিনিধিত্বৰ পদ্ধতি অৱলম্বন কৰিছে। আমি জানি থোৱা উচিত হ’ব যে ভাৰতীয় গণতন্ত্ৰত পৰোক্ষ ভাৱে নিৰ্বাচিত প্রতিনিধি সকলতকৈ জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষ ভাবে নির্বাচিত। প্ৰতিনিধিৰ গুৰুত্ব আৰু ভূমিকা অধিক। জনসাধাৰণে প্ৰত্যক্ষভাৱে। নির্বাচিত কৰি পঠিওৱা প্রতিনিধি সকলৰ ক্ষেত্ৰত প্ৰতিটো সমষ্টিত যিজন প্রার্থীয়ে বেছি ভোট পায় অথবা প্রথম স্থান দখল কৰে। তেওঁকেই বিজয়ী বুলি ঘোষণা কৰাৰ অন্তৰালত কেতবোৰ গুৰুত্বপূৰ্ণ কাৰণ নিহিত হৈ আছে।

১) বৃটিছ সংসদীয় ব্যৱস্থাৰ পৰা আহৰণ কৰা অভিজ্ঞতা : ঔপনিবেশিক শাসন কালতেই বৃটিছ সকলে ভাৰতবৰ্ষত সীমিত হাৰত প্রতিনিধিত্বমূলক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এই প্রতিনিধিত্বমূলক ব্যৱস্থাও বৃটিছ সংসদীয় ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱান্বিত আছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্বদায়ী সকল তথ্য জনসাধাৰণ বৃটিছ সংসদীয় ব্যৱস্থাটোৰ সতে পৰিচিত হৈ উঠিছিল। বৃটিছ সংসদীয় ব্যৱস্থাও “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” পদ্ধতিৰ দ্বাৰা পৰিচালিত।

২) ভাৰতীয় সমাজৰ বহুত্ববাদী চৰিত্ৰ আৰু তাৰ প্ৰতিনিধিত্ব : আমি সকলোৱে জানো যে ভাৰতীয় সমাজৰ চৰিত্ৰ অত্যন্ত বৈচিত্র্যপূৰ্ণ। ৰাজনৈতিক ক্ষেত্ৰত তথা নির্বাচনী প্ৰক্ৰিয়াটোত তাৰ প্ৰভাৱ পৰিছে। সেয়েহে ভাৰতবৰ্ষই বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এনে ব্যৱস্থাত প্ৰতিটো নিৰ্বাচনত বহুবোৰ ৰাজনৈতিক দলে অংশগ্রহণ কৰে। অসমৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনসমূহৰ কথা ভাবাচোন। এনে অৱস্থাত কোনো প্ৰাৰ্থী বিজয়ী হ’বৰ বাবে যদি মুঠ ভোটৰ সংখ্যাগৰিষ্ঠতা বাধ্যতামুলক হয় তেতিয়া বেছিভাগ সমষ্টিতে বাৰে বাৰে ভোট গ্রহণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ’লহেঁতেন। নতুবা এই নিৰ্বাচনতো ৰাজ্যসভাৰ নিৰ্বাচনৰ নিচিনাকৈ ভোটদানৰ বেলিকা প্রথম, দ্বিতীয়, তৃতীয় পছন্দৰ ভিত্তিত প্রার্থী সকলক ভোট দিব লাগিলেহেঁতেন। এই দুয়োটা প্রক্রিয়াই ভাৰতীয় সমাজৰ বহুত্ববাদী চৰিত্ৰৰ সঠিক প্রতিনিধিত্বত আউল লগালেহেঁতেন।

৩) প্রতিনিধি আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ যোগাযোগ : ইজৰাইলৰ সংসদীয় নির্বাচনী ব্যৱস্থাৰ আলোচনা কৰোতে আমি দেখা পালো যে আনুপাতিক প্রতিনিধিত্বৰ নীতিয়ে জনসাধাৰণ আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ মাজত প্ৰত্যক্ষ যোগাযোগ স্থাপন নকৰে। সেই ব্যৱস্থাত ৰাজনৈতিক দলেহে প্রাধান্য লাভ কৰে। ফলত কোনো এটা অঞ্চলৰ জনসাধাৰণে নিজৰ অঞ্চলৰ সমস্যা সম্পৰ্কত জনপ্রতিনিধিক পোনপটীয়াকৈ জগৰীয়া আৰু দায়বদ্ধ কৰিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষই প্রত্যক্ষ নিৰ্বাচনৰ বাবে গ্ৰহণ কৰা “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” আৰু এটা সমষ্টিৰ পৰা এজনেই মাত্র প্রতিনিধি নিৰ্বাচিত কৰা ব্যৱস্থাই জনসাধাৰণ আৰু জনপ্ৰতিনিধিৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ সুবিধা প্ৰদান কৰিছে। এনে ব্যৱস্থাত জনসাধাৰণ যেনেকৈ নিজৰ প্ৰতিনিধিজনৰ সম্পৰ্কত অৱগত হৈ ৰয় ঠিক সেইদৰে জনপ্রতিনিধিজনো নিজৰ সমষ্টি সম্পৰ্কত সজাগ আৰু সচেতন হৈ ৰ’বলৈ বাধ্য।

৪) চৰকাৰৰ স্থায়ীত্ব : ইজৰাইলৰ সংসদীয় ব্যৱস্থাৰ ইতিহাসত যিকোনো চৰকাৰেই নিৰ্ধাৰিত কাৰ্যকালৰ বাবে শাসনত বৰ্তি থকাটো অত্যন্ত কঠিন। কাৰণ আনুপাতিক প্রতিনিধিত্বৰ পৰিপ্ৰেক্ষিতত বহুদলীয় ব্যৱস্থা থকা দেশখনত কোনো দলেই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা সাধাৰণতে লাভ নকৰে। সম্প্ৰতি ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো কোনো এটা দলেই নিজাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে। 

11. What is Political Leadership? Write the Major Attributes of Leadership?

Ans: ৰাজনৈতিক নেতৃত্ব : ৰাজনৈতিক নেতৃত্ব এটা জটিল প্ৰক্ৰিয়া যাৰদ্বাৰা ক্ষমতাত থকা ব্যক্তিজনে তেওঁৰ অনুগামীসকলক নাগৰিক সমাজ আৰু বৃহৎ জনতাক সমাজৰ কামৰ বাবে সংগঠিত কৰে। ৰাজনৈতিক নেতাসকলে সমাজক শক্তিশালী কৰি যিকোনো পৰিৱৰ্তন অনাৰ কামত আগভাগ লয়। এই পৰিৱৰ্তন হয়তো সামাজিক নাইবা আর্থিক হ’ব পাৰে, নাইবা সংবিধানিক বা ৰাজনৈতিক পৰিৱৰ্তনো হ’ব পাৰে। পৰিৱৰ্তনৰ এই সকলোবোৰ পদ্ধতিত ৰাজনৈতিক নেতৃবর্গই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ ৰাজনৈতিক কাম-কাজ যেনে ৰাজনৈতিক ভাবে প্রাসংগিক বিশ্বাস, সামাজিক মূল্যবোধ, সাধাৰণতে মনোনীত চৰিত্ৰ,শিক্ষা আৰু অভিজ্ঞতাৰ পৰা প্ৰাপ্ত জ্ঞান আৰু প্ৰজ্ঞা— সাধন কৰে। 

ৰাজনৈতিক নেতাসকলে জনতাৰ আশা-আকাংখ্যাৰ বিষয়ে জানে আৰু সমাজৰ লক্ষ্য চিহ্নিত কৰিব পাৰে। তেওঁলোকে দেশখনৰ ভৱিষ্যত পৰিকল্পনাও কৰিব পাৰে। তেওঁলোকে জনসাধাৰণক সংগঠিত কৰি সমাজৰ সাধাৰণ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰে। আনহাতে,ৰাজনৈতিক নেতাসকলৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকিব লাগে। সমাজৰ মংগলৰ বাবে কাম কৰা বা সফলতা লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্রশ্নাতীত ভাৱে প্ৰতিশ্ৰুতি দিব পাৰে। তেওঁলোকে বৃহৎ জনতাৰ সেৱাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিবলৈ সাজু থাকিব লাগিব। তেওঁলোকৰ অনুগামীসকলক আৰু সাধাৰণ জনতাক অনুপ্ৰাণিত কৰাৰ ক্ষমতা থাকিব লাগিব। এজন নেতাৰ সফল বিফলতাৰ বাবে বহু কাৰক থাকে।

নেতৃত্বৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(১) সীমাহীন সাহস [Infinite Courage ] : প্ৰকৃততে এজন নেতাই কোনো সমর্থককে প্রভাৱিত কৰিব নোৱাৰে যদি তেওঁৰ আত্ম-বিশ্বাস, সাহস আৰু জ্ঞান নাথাকে। কোনো বুধিয়ক সমর্থকক তেনে নেতাই দীর্ঘ দিনলৈ প্ৰভাৱিত কৰি ৰাখিব নোৱাৰে।

(২) আত্ম-নিয়ন্ত্রণ [Self Control] : যিজন ব্যক্তিয়ে নিজক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁহে আনক শাসন কৰিব পাৰে। যিজন ব্যক্তিয়ে নিজকে নিয়ন্ত্রণ কৰিব নোৱাৰে তেওঁ কেতিয়াও আনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। প্ৰকৃততে আত্ম-নিয়ন্ত্রণ থকা ব্যক্তিজনে এজন অধিক বুধিয়ক সমর্থককো তেওঁক অনুসৰণ কৰাব পাৰে।

(৩) ন্যায়বোধ [Sense of Justice] : সত্যতা আৰু ন্যায়ৰ বোধৰ অবিহনে কোনো নেতাই নির্দেশ দিয়া আৰু সমৰ্থকৰ সন্মান আদায় কৰিব নোৱাৰে। 

(৪) সিদ্ধান্ত গ্রহণ [Decision Making] : যিজন লোকে লোৱা সিদ্ধান্তৰ বিষয়ে নিজেই প্রত্যয় নাযায় তেনে ব্যক্তিয়ে আনক সফলতাৰে নেতৃত্ব দিব নোৱাৰে।

(৫) পৰিকল্পনা [Planning] : এজন সফল নেতাই তেওঁৰ কাম-কাজৰ পৰিকল্পনা কৰি লয়। যিজন নেতাই অনুমানতে কাম কৰে, বাস্তৱ, স্থিৰ নিৰ্ধাৰিত পৰিকল্পনা নাথাকে তেওঁক বঠাবিহীন এখন নাৱৰ লগত তুলনা কৰিব পাৰি। সোনকালে বা দেৰীকৈ হ’লেও তেওঁ ক’ৰবাত শিলত লাগিবগৈ।

(৬) অধিক কাম কৰা (Doing More] : নেতৃত্বৰ এটা শাস্তি হ’ল সন্মতি প্রয়োজনীয়তা, অনুগামীসকলৰ প্ৰয়োজনীয়তাতকৈ এজন নেতাই অধিক কৰিব লগীয়া হয়।

(৭) আনন্দদায়ক ব্যক্তিত্ব [ Pleasing Personality] : নেতৃত্বৰ বাবে সন্মান জয়োজন। এজন বাক্তিৰ ভাল আৰু আনন্দদায়ক ব্যক্তিত নাথাকিলে অনুগামীসকলে দীৰ্ঘদিন ধৰি তেওঁক সন্মান নকৰে। ব্যক্তিত্ব ভলত দিয়া বৈশিষ্ট্য অনুসৰি ভাগ কৰিব পাৰি— আচৰণগত, মেজাজী, আৱেগিক আৰু মানসিক – যি এজন অনন্য ব্যক্তিৰ বৈশিষ্ট্য বহন কৰে আৰু ইয়াৰ অবিহনে এজন ব্যক্তিয়ে বুদ্ধিমান অনুযায়ী লাভ কৰিব নোৱাৰে বা এজন ভাল নেতা হ’ব নোৱাৰে।

(৮) সহানুভূতি [Sympathy] : সহানুভূতি শব্দটোৰ অৰ্থ আনৰ অনুভূতিৰ ভাগ লোৱা (বিশেষকৈ দুখ বা খঙৰ অনুভূতি)। এজন সফল নেতাৰ তেওঁৰ অনুগামীসকলৰ প্ৰতি সহানুভূতি থাকে। তেওঁ সিহঁতক আৰু সিহঁতৰ সমস্যাবোৰ বুজি পায়।

(৯) দায়িত্ববোধ (Responsibility) : নেতৃত্ব ল’ব খোজা ব্যক্তিজনে দায়িত্ববোধ গুণটো আহৰণ কৰিবই লাগিব ।দায়িত্ববোধৰ পৰা ক্ষমতা আছে। এজন নেতা তেওৰ অনুগামীসকলৰ ভুল আৰু ত্রুটি-বিচ্যুতিৰ বাবে দায়বদ্ধ। যদি তেওঁ সেই দায়িত্ববোধ আনক হস্তান্তৰ কৰে তেতিয়া তেওঁ নেতা হৈ নাথাকে।

(১০) সহযোগিতা (Co-operation) : ভাল সহযোগিতা আৰু সমন্বয় নহলে কোনো সংগঠনে ভালদৰে কাম কৰিব নোৱাৰে। সেয়ে এজন সফল নেতাই সহযোগিতাৰে কাম কৰাৰ সূত্ৰ বুজি পাব আৰু কামত লগাব পাৰিব লাগিব, লগতে তেওঁৰ অনুগামীসকলকো তেনেদৰে কাম কৰাব লাগিব। নেতৃত্বৰ বাবে ক্ষমতা আৰু ক্ষমতাৰ বাবে সহযোগিতাৰ আৱশ্যক হয়।

নেতৃত্বৰ শ্রেণীবিভাগ [Leadership Classification] : নেতাসকলক তেওঁলোকৰ কাম অনুযায়ী বিভক্ত কৰা হয়। উদাহৰণস্বৰূপে যিসকল ৰাজনীতিৰ লগত জড়িত তেওঁলোক ৰাজনৈতিক নেতা, যিসকল বিষয়াই সেনা বাহিনী বা আৰক্ষী লোকক নেতৃত্ব দিয়ে তেওঁলোক সেই বিভাগৰ নেতা। প্রকৃততে নেতৃত্ব ৰাজনৈতিক নেতাৰ অতি প্রয়োজনীয় গুণ আৰু একেদৰেই সেনা আৰু আৰক্ষী বিষয়াৰ ক্ষেত্ৰতো হয় কাৰণ দেশখনৰ ভৱিষ্যত আৰু সুৰক্ষাৰ ভাৰ তেওঁলোকৰ হাতত থাকে, সেয়ে তেওঁলোকে তেওঁলোকৰ ক্ষমতা প্রকৃতভাৱে ব্যৱহাৰ কৰিব লাগে আৰু সদায় দেশৰ ভিতৰৰ আৰু বাহিৰৰ শত্ৰুৰ প্ৰতি সদায় সতৰ্ক হৈ থাকিব লগা হয় যাতে সিহঁতে দেশখনৰ কোনো অনিষ্ট কৰিব নোৱাৰে। বহল অৰ্থত নেতৃত্বক দুটা শ্ৰেণীত বিভক্ত কৰা হয় – 

(ক) অনুমতি সাপেক্ষ নেতৃত্ব। 

(খ) বল প্ৰয়োগৰ দবাৰ! নেতৃত্ব। 

ইয়াৰ প্ৰথমটো বেচি কার্যকৰী, অনুমতি সাপেক্ষ নেতৃত্ব আৰু অনুগামীসকলৰ সহানুভূতি আদায় কৰি লাভ কৰা নেতৃত্ব। দ্বিতীয়টো বল প্ৰয়োগৰ দ্বাৰা লাভ কৰা নেতৃত্ব, ইয়াত অনুগামীসকলৰ অনুমতি আৰু সহানুভূতি নাথাকে। বল প্রয়োগ কৰি নেতৃত্ব আদায় কৰাৰ কাহিনী বুৰঞ্জীত অলেখ পোৱা যায় যিবিলাকক দীর্ঘদিনলৈ জনসাধাৰণে সহ্য কৰি নাথাকে। একনায়ক আৰু ৰজাসকলৰ পতন আৰু নিশ্চিহ্ন হৈ যোৱাটো উল্লেখযোগ্য, এইটো সিদ্ধান্ত কৰিব পাৰি যে জনতাই বল প্ৰয়োগ কৰি দিয়া নেতৃত্ব দীৰ্ঘদিন ধৰি মানি নচলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top