SEBA Class 10 Geography Question Paper Solved 2024 Assamese Medium | দশম শ্ৰেণীৰ ভূগোল পুৰণি প্ৰশ্নকাকত সমাধান, SEBA Class 10 Geography Old Question Paper Solved in Assamese, দশম শ্ৰেণীৰ ভূগোল 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board SEBA Class 10 Geography Question Paper Solved 2024 Assamese Medium in Assamese can be of great value to excel in the examination.
SEBA Class 10 Geography Question Paper Solved 2024 Assamese Medium
HSLC Old Question Paper provided is as per the 2024 Assam Board Exam and covers all the questions from the SEBA Class 10 Geography Question Paper Solved 2024 Assamese Medium. Access the detailed SEBA Class 10 Geography 2024 Paper provided here and get a good grip on the subject. Access the HSLC 2024 Geography Question Paper Solved, SEBA Class 10 Geography Question Paper Solved 2024 Assamese Medium of Assamese in Page Format. Make use of them during your practice and score well in the exams.
ভূগোল পুৰণি প্ৰশ্নকাকত সমাধান
2024
GEOGRAPHY OLD PAPER
ALL QUESTION ANSWER
১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(a) তলত দিয়াবোৰৰ কোনটো ক্ষয়জনিত অৱয়ব?
(i) বালিয়াৰি।
(ii) ইনছেলবার্গ।
(iii) গ্রাব।
(iv) এস্কাৰ।
উত্তৰঃ (ii) ইনছেলবার্গ।
(b) তলত দিয়াবোৰৰ কোনটো অজীৱীয় পৰিৱেশৰ অন্তর্গত?
(i) মাটি।
(ii) পানী।
(iii) বায়ু।
(iv) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (iv) ওপৰৰ আটাইকেইটা।
(c) বিষুৱীয় অঞ্চলৰ প্ৰধান খাদ্যশস্য কি?
(i) ধান।
(ii) ঘেঁহু।
(iii) গোমধান।
(iv) বার্লি।
উত্তৰঃ (i) ধান।
(d) পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কি?
(i) সপ্তম।
(ii) ষষ্ঠ।
(iii) পঞ্চম।
(iv) চতুর্থ।
উত্তৰঃ (iv) চতুর্থ।
(e) তলত দিয়া জাপানৰ দ্বীপসমূহৰ ভিতৰত কোনটো বৃহত্তম?
(i) কিউছু।
(ii) হন্ছু।
(iii) ছিকোকু।
(iv) হ’কাইডো।
উত্তৰঃ (ii) হন্ছু।
(f) তলত দিয়া ভাৰতৰ নদীবোৰৰ কোনটো পশ্চিম বাহিনী নদী?
(i) মহানদী।
(ii) কৃষ্ণা।
(iii) গঙ্গা।
(iv) নৰ্মদা।
উত্তৰঃ (iv) নৰ্মদা।
২। ক্ষয়ীভৱন কাৰ্যৰ এটি বাহ্যিক কাৰকৰ উদাহৰণ দিয়া।
উত্তৰঃ ক্ষয়ীভৱন কাৰ্যৰ এটি বাহ্যিক কাৰকৰ উদাহৰণ হল- বতাহ আৰু হিমবাহ।
৩। দুই প্ৰকাৰৰ বালিয়াৰিৰ নাম উল্লেখ কৰা।
উত্তৰঃ অনুদৈর্ঘ্য বালিয়াৰি আৰু অনুপ্রস্থ বালিয়াৰি।
৪। এচিড বৰষুণ কি?
উত্তৰঃ বায়ুণ্ডলত যেতিয়া ছালফিউৰিক এছিড আৰু নাইট্রিক এছিডৰ পৰিমাণ বাঢ়ি যায় তেতিয়া এছিড বৰষুণৰ সৃষ্টি কৰে আৰু তাকে এছিড বৰষুণ বোলে।
৫। ক্ৰিয়াত্মক অঞ্চলৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ ক্ৰিয়াত্মক অঞ্চলৰ এটা উদাহৰণ হল- নগৰ।
৬। জনসংখ্যা হিচাপে পৃথিৱীৰ দেশসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কি?
উত্তৰঃ জনসংখ্যা হিচাপে পৃথিৱীৰ দেশসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান তৃতীয়।
৭। মধ্য জাপান অঞ্চলৰ এখন গুৰুত্বপূৰ্ণ নগৰৰ নাম লিখা।
উত্তৰঃ ট’কিও-ইয়োকোহামা।
৮। ভাৰতবৰ্ষৰ কোন ঔদ্যোগিক অঞ্চল লো আৰু তীখা উৎপাদনত বিখ্যাত?
উত্তৰঃ ছোটনাগপুৰ অঞ্চল।
৯। ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্রম বিকাশ (Evolution), আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান (Geomorphology) বোলা হয়।
১০। উচ্চ পার্বত্য অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ উচ্চ পার্বত্য অঞ্চলৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-
১। পার্বত্য অঞ্চলৰ জীৱন-ধাৰণ প্ৰণালী অতি কষ্টকৰ বাবে ইয়াত জনবসতি তেনেই সেৰেঙা।
২। বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পার্বত্য অঞ্চলৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয়।
১১। ‘জলচক্র’ কাক বোলে?
উত্তৰঃ পানী ভাপ হৈ ওপৰলৈ যোৱা আৰু পুনৰ পানী ঘূৰি অহাটো চলিয়েই থাকে। ইয়াকে জলচক্ৰ বোলে।
১২। নিৰ্বনীকৰণৰ দুটা প্ৰভাৱ উল্লেখ কৰা।
উত্তৰঃ নিৰ্বনীকৰণৰ দুটা প্ৰভাৱ উল্লেখ কৰা হল-
১। নির্বনীকৰণৰ ফলত আজি বায়ুমণ্ডলত কার্বন ডাই-অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে গােলকীয় উত্তাপ বৃদ্ধি কৰিছে।
২। নির্বনীকৰণে বায়ুমণ্ডল দূষিত কৰাৰ লগতে জীৱ-জন্তু আৰু আন জীৱিত প্রাণীসমূহৰ অসুবিধাৰ সৃষ্টি কৰিছে ।
১৩। ‘আঞ্চলিক ভূগোল’ৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূগোল বিষয়টোৰ কেইবাটাও শাখাৰ ভিতৰত আঞ্চলিক ভূগোল (Regional Geography) শাখাটো অতি গুৰুত্বপূর্ণ। বিষয়টোৰ আৰম্ভণিৰে পৰা এই শাখাটোৱে বিশেষ গুৰুত্ব পাই আহিছে। আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, দেশ বা মহাদেশৰ সামগ্রিক ভৌগোলিক চিত্রখন দাঙি ধৰে। ইয়াৰ যোগেদি একোখন দেশ বা অঞ্চলৰ অন্তৰ্গত প্রাকৃতিক, সামাজিক, অর্থনৈতিক আৰু যাতায়াত-পৰিবহন আদি অৱস্থাৰ বিতং বিৱৰণ পাব পাৰি। আঞ্চলিক ভূগোলে সংশ্লিষ্ট অঞ্চলটোৰ ভিতৰৰ স্থানিক পার্থক্যৰো (Spatial variation) আভাস দিয়ে। লগতে কাষৰীয়া অঞ্চলৰ লগত আলোচ্য অঞ্চলটোৰ কি ধৰণৰ ভৌগোলিক সম্পর্ক আছে তাকো দাঙি ধৰে। থোৰতে ক’বলৈ হ’লে আঞ্চলিক ভূগোল হৈছে পৃথিৱীৰ অঞ্চল একোটাৰ পূৰ্ণাংগ ভূগোল।
১৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ধান আৰু কুঁহিয়াৰ বলয়ত অৱস্থিত দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ধান আৰু কুঁহিয়াৰ বলয়ত অৱস্থিত দুখন ৰাজ্যৰ নাম হল- মিছিছিপি আৰু লুছিয়ানা।
১৫। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলত প্ৰৱাহিত দুখন নদীৰ নাম উল্লেখ কৰা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলত প্ৰৱাহিত দুখন নদীৰ নাম হল- অ‘হিও আৰু টেনিছি।
১৬। জাপানৰ পশ্চিম কান্টো অঞ্চলৰ দুটা প্রধান শস্যৰ নাম উল্লেখ কৰা।
উত্তৰঃ জাপানৰ পশ্চিম কান্টো অঞ্চলৰ দুটা প্রধান শস্যৰ নাম হ’ল- গম আৰু বাৰ্লি।
১৭। জাপানৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা।
উত্তৰঃ জাপানৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম হ’ল-
১। ট’কিঅ’- ইয়োকোহামা অঞ্চল।
২। ওছাকা-কোবে-কিওটো অঞ্চল।
১৮। দক্ষিণ-পশ্চিম জাপান অঞ্চলৰ দুটা প্রাকৃতিক বৈশিষ্ট্য লিখা।
উত্তৰঃ দক্ষিণ-পশ্চিম জাপান অঞ্চলৰ দুটা প্রাকৃতিক বৈশিষ্ট্য হ’ল-
১। দক্ষিণ-পশ্চিম জাপান অঞ্চলৰ পৰ্বতশ্রেণী দেশৰ ভিতৰত আটাইতকৈ দীঘল। পূবা-পশ্চিমাকৈ থকা এক চ্যুতিয়ে এই অঞ্চলৰ জাপান সাগৰীয় অঞ্চলটোক প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে।
২। দক্ষিণ-পশ্চিম জাপানৰ অধিকাংশই পুৰণি শিলাৰে গঠিত। দক্ষিণ-পশ্চিম জাপান অঞ্চলৰ কিয়োটো, নাৰা, বিৱা আদি সমভূমি গ্রস্ত উপত্যকাৰ পৰা সৃষ্টি হৈছে।
১৯। দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত দুটা প্রধান পৰ্বতৰ নাম লিখা।
উত্তৰঃ দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত দুটা প্রধান পৰ্বতৰ নাম হ’ল- সাতপুৰ পৰ্বত আৰু মহাকাল পৰ্বত।
২০। ভাৰতৰ মৌচুমী জলবায়ুৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ মৌচুমী জলবায়ুৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল-
(ক) অক্ষাংশভেদে ভাৰতৰ ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাব বাবেই জলবায়ু বেলেগ বেলেগ হয়। ভাৰতৰ প্ৰায় নদীৰ সোঁমাজেদি যোৱা কৰ্কটক্রান্তীয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত সেয়েহে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি।
(খ) ভাৰতৰ ভূ-খণ্ড পৰ্বত-পাহাৰ, মালাভূমি, মৰুভূমি, সমভূমি, আদি ভূ-প্রকৃতিৰে গঠিত। এনে ভূ-প্ৰকৃতিৰ বাবেই ঠাই বিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনিছে। ফলত জলবায়ু বেলেগ বেলেগ হয়।
২১। গ্রাব কি? ইয়াৰ প্ৰকাৰ কেইটা কি কি?
উত্তৰঃ কোনো উপত্যকাৰে হিমবাহ এটা নামি আহোতে ই বৰফৰ বাহিৰে অন্য কিছুমান পদার্থও কঢ়িয়াই আনে। সেইবোৰকে সামগ্রিকভাৱে গ্রাব (Moraine) বোলে।
ইয়াৰ প্ৰকাৰ চাৰিটা সেইকেইটা হ’ল-
১।পার্শ্বগ্রাব।
২। ভূমিগ্রাব।
৩। মধ্যগ্রাব।
৪। প্রান্ত গ্রাব বা অন্তিম গ্রাব।
২২। জল প্রদূষণ কাক বোলে? জল প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ সহজ অর্থত, দূষিত পদার্থ মিহলি হোৱাৰ ফলত নির্মল পানী ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্রদূষণ (Water Pollution) বুলি কোৱা হয়।
জল প্ৰদূষণৰ দুটা কাৰণ হ’ল-
১। দুর্ঘটনা ঘটি তেজষ্ক্রিয় পদাৰ্থৰ প্ৰসাৰণ ঘটিলেও পানী প্রদূষিত হয়।
২। সাগৰত তেলবাহী জাহাজ দুর্ঘটনাগ্রস্ত বা অন্য কিবা প্ৰকাৰে তাৰ পৰা তেল নির্গত হ’লে অথবা উপকূলীয় অঞ্চলৰ তেল উদ্যোগত দুর্ঘটনা ঘটিলে সাগৰৰ পানী প্ৰদূষিত হ’ব পাৰে।
২৩। গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ পৃথিৱীয়ে ইয়াৰ প্ৰাকৃতিক ইতিহাসত নানা ধৰণৰ পৰিবৰ্তনৰ সম্মুখীন হৈ আহিছে। এই পৰিবৰ্তনবোৰৰ ভিতৰত বায়ুমণ্ডলৰ পৰিৱৰ্তনেই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে। জীৱজগতৰ সকলো উদ্ভিদ আৰু প্ৰাণীৰ লগতে মানুহ আৰু মানুহৰ কাৰ্যাৱলীও বায়ুমণ্ডলৰ লগত ওতঃপ্রোতভাৱে জড়িত।
পৃথিৱীৰ শেহতীয়া ভূতাত্বিক যুগটোৰ (Geological age) ভিতৰতো বায়ুমণ্ডলৰ বিশেষ পৰিৱর্তন ঘটিছে। প্লিষ্টচিন (Pleistocene) নামেৰে জনাজাত ভূতাত্বিক যুগটোত বায়ুমণ্ডলৰ উষ্ণতা হ্রাস পাই এনে এটা অৱস্থা পাইছিল যে ভূ-পৃষ্ঠৰ বৃহৎ অংশ বৰফেৰে আবৃত হৈ পৰিছিল। এই যুগটোক হিমযুগ (Ice Age) বুলিও জনা যায়। হিমযুগত স্থলভাগৰ বেছিভাগ ঠাইতে হিমবাহৰ (Glacier) ক্রিয়া চলিছিল আৰু সাগৰ-মহাসাগৰতো উত্তাপ হ্রাস হোৱাৰ ফলত জলপৃষ্ঠৰ লগতে জীৱজগতত পৰিৱৰ্তন ঘটিছিল।
২৪। তুন্দ্ৰা অঞ্চলৰ ভৌগোলিক অৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ তুন্দ্ৰা হৈছে মেৰু অঞ্চলৰ গছবিহীন সমভূমি যিবোৰ গ্ৰীষ্মকালত তিতা আৰু শীতকালত জমা কঠিন হৈ পৰে। তুন্দ্ৰা শব্দটো ৰাছিয়ান ভাষাৰ পৰা আহিছে (তুন্দ্ৰা), যিটো পাছলৈ কিল্ডিন চুমি শব্দ (তুন্দ্ৰা)ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে “উচ্চভূমি”, “গছবিহীন পৰ্বত”। গছ নথকা এই অঞ্চলত শুকান মাটি আৰু শিলত শৈবাল, লাইকেন, বিভিন্ন ধৰণৰ জোপোহা আৰু অপতৃণ গজে। তুন্দ্ৰা আৰু অৰণ্যৰ মাজৰ পৰিৱেশ মণ্ডলক “গছৰ ৰেখা” বা কাঠৰ ৰেখা বোলা হয়। এই বাসস্থানৰ মাটিত প্ৰচুৰ পৰিমাণে চালফাৰ আৰু ফছফৰাছ থাকে, যিবোৰ উদ্ভিদৰ বাবে পুষ্টিকৰ উপাদানৰ উৎস। তুন্দ্ৰা অঞ্চলক তিনিটা ভাগত ভাগ কৰা হৈছে— আৰ্কটিক তুন্দ্ৰা, এন্টাৰ্কটিক তুদ্ৰা আৰু আলপাইন তুন্দ্ৰা।
২৫। আফ্রিকা মহাদেশৰ অৱস্থিতি আৰু স্থানিক প্ৰসাৰ সম্পৰ্কে চমুকৈ বর্ণনা কৰা।
উত্তৰঃ আফ্রিকা মহাদেশখন উত্তৰে ৩৭° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪° দক্ষিণ অক্ষাংশ, আৰু পূৱে ৫১° পূব দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৭° পশ্চিম দ্রাঘিমাংশৰ মাজত অৱস্থিত। ইয়াৰ উত্তৰে ভূমধ্যসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ; পূৱে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলান্টিক মহাসাগৰ। ইয়াৰ উপকূলৰেখা প্রায় ৩০ হেজাৰ কিলোমিটাৰ দীঘল। ২.৫ নিযুত মাটিকালিৰে ছুডান মহাদেশখনৰ বৃহত্তম দেশ। উপকূলৱর্তী ঠেক সমতল ভূমিৰ বাহিৰে মহাদেশখনৰ বেছি অংশই এখন বৃহৎ মালভূমি। উল্লেখযোগ্য যে এছিয়া মহাদেশৰ দৰে সুউচ্চ হিমালয় পর্বতশ্রেণী আৰু দক্ষিণ আমেৰিকা মহাদেশৰ দৰে সুউচ্চ এণ্ডিজ পর্বতমালা আফ্রিকা মহাদেশত নাই। অৱশ্যে ইয়াৰ অ’ত ত’ত সিঁচৰিত হৈ থকা সৰু সৰু উচ্চভূমি মহাদেশখনৰ ভূ-প্রকৃতি ওখোৰা মোখোৰা কৰি তুলিছে। পুব প্রান্তত থকা কিলিমানজাৰো শৃংগই মহাদেশখনৰ উচ্চতম ঠাই (৫,৮৯৫ মিটাৰ উচ্চ)। আফ্রিকাৰ উচ্চভূমিসমূহৰ ভিতৰত উত্তৰ প্রান্তৰ এটলাছ, উত্তৰ- পূব প্রান্তব ইথিওপিয়ান উচ্চভূমি, পশ্চিম প্রান্তৰ এডামাৱা উচ্চভূমি, দক্ষিণ আফ্রিকাৰ ড্ৰাকেন্সবার্গ উচ্চভূমি আদিয়েই বিশেষভাৱে উল্লেখযোগ্য।
২৬। এছিয়া মহাদেশৰ ভূ-প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ বর্ণনা কৰা।
উত্তৰঃ এছিয়া মহাদেশ প্রাকৃতিক সম্পদত চহকী। প্রাকৃতিক সম্পদৰ ভিতৰত বনজ, কৃষিজ আৰু খনিজ সম্পদ বিশেষভাৱে উল্লেখযোগ্য। মূলতঃ এছিয়া মহাদেশৰ অৰ্থনীতি এতিয়াও কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ প্ৰধান শস্যসমূহ হ’ল ধান, ঘেঁহু, কুঁহিয়াৰ, ধপাত, কপাহ, চাহ, ৰবৰ, কফি ইত্যাদি। এছিয়াৰ প্ৰধান খনিজ সম্পদৰ ভিতৰত ছাউদি আৰবকে ধৰি দক্ষিণ-পশ্চিম এছিয়া, ভাৰত, ম্যানমাৰ, ইণ্ডোনেছিয়া, চীনদেশ আৰু ছাইবেৰিয়াৰ পেট্ৰ’লিয়াম; ভাৰত, ম্যানমাৰ, চীনদেশ আৰু ছাইবেৰিয়াৰ কয়লা আৰু প্ৰাকৃতিক গেছ; ভাৰত, চীনদেশ, ছাইবেৰিয়া ইণ্ডোনেছিয়া আৰু ফিলিপাইনৰ লো; আৰু ভাৰত আৰু ছাইবেৰিয়াৰ মেংগানিজ উল্লেখযোগ্য।পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ এছিয়া জনসংখ্যাৰ ক্ষেত্রতো সর্ববৃহৎ। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি ইয়াৰ জনসংখ্যা ৪০১ কৌটি, অর্থাৎ বিশ্বৰ জনসংখ্যাৰ তিনি-পশ্চমাংশ। মহাদেশখনৰ ভূ- প্ৰকৃতিৰ বিভিন্নতাৰ বাবে ইয়াৰ জনসংখ্যাৰ বিতৰণো যথেষ্ট অসম।
২৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক ক্রিয়াকলাপ সম্পর্কে চমুকৈ আলোকপাত কৰা।
উত্তৰঃ প্রাকৃতি সম্পদ, কৃষি, ঔদ্যোগিক উৎপাদন আৰু জীৱন-ধাৰণৰ মান আদি সকলো ক্ষেত্রতে আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ ভিতৰতে সর্বোচ্চ স্থান অধিকাৰ কৰিছে। যুক্তৰাষ্ট্ৰৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন (Gross National Product) পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। ইয়াৰ বৰ্তমান বছৰি জনমূৰি ৰাষ্ট্ৰীয় আয় ৩৮,০০০ ডলাৰ। সেয়ে যুক্তৰাষ্ট্ৰই বিশ্বৰ ভিতৰতে বৃহত্তম অর্থনৈতিক শক্তি (Economic Power) হিচাপে থিয় দিবলৈ সক্ষম হৈছে। পৃথিৱীৰ মুঠ জন সংখ্যাৰ ৫ শতাংশতকৈও কম লোকে বসবাস কৰা এই দেশত কয়লা, তাম আৰু পেট্ৰ’লিয়ামৰ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদনৰ প্ৰায় ২০ শতাংশ। কৃষি উৎপাদনৰ ক্ষেত্ৰতো যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিবলগীয়া। সমগ্র পৃথিৱীত ই মাকৈ, কপাহ আৰু ধপাত উৎপাদনত প্রথম আৰু ঘেঁহু আৰু বার্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ইয়াৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ যথাক্রমে পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ। সেইবাবেই যুক্তৰাষ্ট্ৰই বহু দ্রব্য ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত যুক্তৰাষ্ট্ৰৰ পৰা হোৱা ৰপ্তানি মূল্যৰ পৰিমাণ পৃথিৱীৰ মুঠ ৰপ্তানি মূল্যৰ ১০ শতাংশতকৈও অধিক।
২৮। ভাৰতৰ অৱস্থিতিৰ বিশেষত্ব সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়াৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পর্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্রীলংকা, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰব সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। ভাৰতবর্ষ ৮° ৪’২৮” উত্তৰৰ পৰা ৩৭° ১৭’ ৫৩” উত্তৰ অক্ষৰেখা আৰু ৬৮° ৭’৩৩” পূৱৰ পৰা ৯৭°২৪’ ৪৭” পূর্ব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত। ভাৰতীয় ভূ-ভাগে প্রায় ৬,১০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে আৰু তাত বহুতাে উল্লেখযােগ্য বন্দৰ গঢ়ি উঠিছে। ভাৰতবৰ্ষৰ মূল স্থলসীমাৰ দৈর্ঘ্য ১৫,২০০ কিল’মিটাৰ।
২৯। ভাৰতৰ হুগলী ঔদ্যোগিক অঞ্চলৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ হুগলী শিল্প অঞ্চলটো হুগলী নদীৰ পাৰত গঢ় লৈ উঠিছে। ইয়াত কলকতা আৰু ইয়াৰ সংলগ্ন হাওৰা চহৰ অন্তৰ্ভুক্ত হৈছে। অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰবোৰ হৈছে- নয়াহাটী, জগতদল, চামনগৰ, ত্রিবেণী, বেলুৰ, লিলুৱাহ, আনদুল ইত্যাদি। এই শিল্প অঞ্চলটো বৃটিছ শাসনৰ সময়ৰ পৰাই গঢ়ি উঠিছে। ইয়াৰ মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগসমূহ অতি পুৰণি। ভাৰত বিভাজনৰ পিছত মৰাপাট উদ্যোগবোৰ কেঁচামালৰ অভাৱৰ সন্মুখীন হয়। লগতে শ্রমিক আন্দোলন, শক্তি যোগানৰ সমস্যা আৰু মূলধনৰ অভাৱৰ ফলত এই শিল্প অঞ্চলটোৰ উন্নতি আশা কৰা মতে হোৱা নাই।
৩০। ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ বৈশিষ্ট্যসমূহৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ক্রান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্রান্তত অৱস্থিত। এই অঞ্চলৰ জলবায়ু প্রায় সদায়েই উষ্ণ আৰু শুষ্ক। দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি। গ্রীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম। বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেন্টিমিটাৰ। বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে। অৱশ্যে মৰুভূমিৰ অত-ত’ত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সামান্য পৰিমাণে খেতিও কৰা হয়।এছিয়াৰ আৰৱ, ইৰাণ, আফগানিস্তান, সিন্ধুৰ মৰুময় অঞ্চল আৰু ভাৰতবৰ্ষৰ থৰ; আফ্ৰিকাৰ ছাহাৰা আৰু কালাহাৰী; দক্ষিণ আমেৰিকাৰ আটাকামা, অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমি আদি ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তর্গত। ক্রান্তীয় অঞ্চলত মৰুকৰণ প্রক্রিয়াই (Desertification) ক্রমান্বয়ে প্ৰসাৰ লাভ কৰাৰ ফলত মৰুৰ আকাৰ ক্ৰমে বৃদ্ধি পাইছে।
৩১। জাপানৰ কৃষিৰ বৈশিষ্ট্যসমূহ চমুকৈ বর্ণনা কৰা।
উত্তৰঃ পৰ্বত-পাহাৰৰ স্থিতি আৰু ঘন জনবসতিৰ বাবে জাপানৰ কৃষি ক্ষেত্ৰবোৰ আকাৰত অতি ক্ষুদ্র। ভূমি বিভাজনৰ ফলত কৃষি ক্ষেত্ৰবোৰ বৰকৈ সিঁচৰিত অৱস্থাত আছে। এনে ক্ষেত্রত কেৱল বিজ্ঞানসন্মত গহন কৃষি পদ্ধতিৰে অধিক পৰিমাণে সাৰ আদি প্রয়োগ কৰি কৃষি উৎপাদনৰ বৃদ্ধি সম্ভৱ কৰি তোলা হৈছে। জাপানৰ ভূমিভাগ অসমান কাৰণে ইয়াত নানা প্ৰকাৰে কৃষিকার্য সম্পাদন কৰা হয়। ইয়াৰ ভিতৰত বেদিকা কৃষি (Terrace Cultivation), মিশ্রকৃষি (Mixed Farming), অন্তঃপ্রৱেশী কৃষি (Inter- culture) আৰু জুম কৃষি (Shifting Cultivation) উল্লেখযোগ্য।
ধানেই জাপানৰ প্ৰধান কৃষি শস্য। দেশৰ মুঠ কৃষি ভূমিৰ প্রায় দুই-তৃতীয়াংশত ধান খেতি কৰা হয়। কৃষিক্ষেত্ৰৰ বিস্তৃতি, শস্যৰ বিতৰণ আৰু উৎপাদন আদিৰ ওপৰত নিৰ্ভৰ কৰি দেশখনত কিছুমান কৃষি অঞ্চল চিনাক্ত কৰা হৈছে। এই ক্ষেত্ৰত ভূ-অৱয়ব, জলবায়ু, মৃত্তিকা আদিৰ প্ৰভাৱ বিশেষভাৱে গুৰুত্বপূৰ্ণ। এইবোৰৰ ওপৰত ভিত্তি কৰি দেশখনক প্ৰধানকৈ দুটা কৃষি অঞ্চলত ভাগ কৰিব পাৰি-
(১) পুৰণি জাপান অঞ্চল। আৰু
(২) হ’কাইডো অঞ্চল।
পুৰণি জাপান অঞ্চলটোক আকৌ অন্তঃবর্তী অঞ্চল, পৰিধীয় অঞ্চল আৰু সীমামৰীয়া অঞ্চলত বিভক্ত কৰিব পাৰি।
৩২। ভাৰতৰ বৃষ্টিপাতৰ বিতৰণ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ কৃষিৰ উন্নতিত মৌচুমী বতাহে প্রত্যক্ষভাৱে সহায় কৰি আহিছে। মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ বাবে শস্যৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি-বাতি ভাল হয়। অৱশ্যে এই ক্ষেত্ৰত উত্তৰ-পূব মৌচুমীতকৈ দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱ যথেষ্ট বেছি। কাৰণ, দক্ষিণ-পশ্চিম মৌচুমীৰ বাবেই দেশখনত প্ৰচুৰ বৰষুণ হয়। কিন্তু মন কৰিবলগীয়া যে, এই বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়। ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ মানচিত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে, উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয় (বার্ষিক গড়ে ৩০০ চেন্টিমিটাৰৰো অধিক)। অৰুণাচল প্ৰদেশৰ বহিঃহিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায়। এই অঞ্চলটোত বার্ষিক গড় বৰষুণৰ পৰিমাণ ৪০০ চেন্টিমিটাৰতকৈও বেছি। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি-কাষৰীয় অঞ্চলত বছৰি গড়ে ৫০ চেন্টিমিটাৰৰো কম বৰষুণ হয়।
৩৩। ভাৰতৰ এখন আর্হি মানচিত্র অংকন কৰা আৰু তাত তলত দিয়াসমূহ বহুওৱা:
(a) পশ্চিমঘাট পর্বতমালা।
(b) গেংটক।
উত্তৰঃ