Class 5 Assamese Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল, Class 5 Assamese Chapter 9 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.
Class 5 Assamese Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল Solutions for All Subject, You can practice these here
ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল
Chapter – 9
অংকুৰণ
পাঠভিত্তিক ক্রিয়া কলাপ
প্রশ্ন : ১। পাঠত থকা চৰিত্ৰসমূহৰ লগত পৰিচয় হোৱা।
ভতুৱা – এটা শকত ধেকুৰা কুকুৰ।
খঁকুৱা – এটা লুভীয়া বোন্দা মেকুৰী।
জেঠাই – অকুমণিৰ মাকৰ বায়েক, গাঁওবুঢ়াৰ ঘৈণীয়েক।
অকুমণি – গিৰিহঁতনী গাঁওবুঢ়ানীৰ ভতিজাক।
প্রশ্ন : ২। উত্তৰ দিয়া :
(ক) ভতুৱা আৰু খঁকুৱাৰ মাজত কিয় খঁৰিয়াল লাগিছিল?
উত্তৰ : গাঁওবুঢ়াৰ বাটচ’ৰাৰ চকীখনত খঁকুৱা লেপেট খাই বহি থকা দেখি ভতুৱা সোমাই গৈ ‘গাঁওবুঢ়া দেউতাৰ চকীখনত বহিবলৈ লাজলগা নাইনে’ বুলি খঁকুৱাক ককৰ্থনা কৰাৰপৰা ভতুৱা আৰু খঁকুৱাৰ মাজত খৰিয়াল লাগিছিল।
(খ) ভতুৱাই কোৱা কথাখিনি শুনি খঁকুৱাই কি কৈছিল ?
উত্তৰ : ভতুৱাই কোৱা কথাখিনি শুনি খঁকুৱাই ভতুৱাক ককৰ্থনা কৰি কৈছিল যে সি বৰ লাজ-সন্মান বুজে বাবে গৰাকীৰ ঘৰত মাছে-মঙহে পেট পূৰাই খোৱাৰ পিছতো বিয়া-সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ ল’ৰ মাৰে।
(গ) লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ’ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ’বি আজি তোক মই এসেকা দিহে এৰিম।’ —এই কথাষাৰ কোনে কাক কৈছিল।
উত্তৰ : এই কথাষাৰ ভতুৱাই খঁকুৱাক কৈছিল।
(ঘ) ‘জানে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে।’ – এই কথাষাৰ কোনে কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?
উত্তৰ : এই কথাষাৰ অকুমণিয়ে কৈছে। বৰফৰ দেশত কুকুৰে শ্লেজ গাড়ী টানে।
প্রশ্ন : ৩। বহলাই লিখা :
(ক) কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে ?
উত্তৰ : কুকুৰ আৰু মেকুৰীৰ আকৃতিৰ মিল নাই। কুকুৰ বহুত ডাঙৰ আৰু মেকুৰী বহুত সৰু। মিলৰ ভিতৰত দুয়োৰে গাটো মিহি নোমেৰে ঢকা। দুয়োৰে চোকা দাঁত আছে আৰু ভৰিত নখ আছে। সিহঁতৰ অমিল বহুত। মেকুৰীৰ চকু ঘূৰণীয়া আৰু উজ্জ্বল কিন্তু কুকুৰৰ তেনে নহয়। মেকুৰীৰ কাণ সৰু আৰু থিয় কিন্তু কুকুৰৰ কাণ দীঘল আৰু তললৈ ওলোমা। কুকুৰৰ নেজ চুটি, কেকোঁৰা আৰু ওপৰফালে উঠি থকা, মেকুৰীৰ নেজ দীঘল। মেকুৰীৰ মুখত দীঘল গোঁফ আছে; কিন্তু কুকুৰৰ নাই । দুয়োৰে খোৱাৰ ধৰণো বেলেগ। কুকুৰৰ মুখ জোঙা কিন্তু মেকুৰীৰ থোপোকা।
(খ) কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে ?
উত্তৰ : কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতর্ক থাকি গিৰিহঁতৰ ঘৰত পহৰা দিয়ে । কুকুৰৰ ঘ্রাণ শক্তি বৰ চোকা। ঘ্রাণ শক্তিৰ সহায়ত ই চোৰ বিচাৰি উলিয়াব পাৰে। সেইবাবে আজি-কালি চোৰ ধৰাৰ বাবে পুলিচে কুকুৰ ব্যৱহাৰ কৰে।
মেকুৰী কুকুৰৰ দৰে নহয়। ই উম লগা ঠাইত শুই ভাল পায়। কিন্তু ই চিকাৰ প্ৰিয়। গৃহস্থৰ ঘৰৰ এন্দুৰ, নিগনি আদি মাৰি মেকুৰীয়ে গৃহস্থৰ উপকাৰ কৰে। সেয়ে কুকুৰ মেকুৰী মানুহৰ বাবে উপকাৰী প্ৰাণী।
(গ) অকুমণি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি। জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা।
উত্তৰ : কুকুৰ আৰু মেকুৰী দুয়োবিধেই ঘৰচীয়া পোহনীয়া প্রাণী। অৱশ্যে কোনো কোনো ঠাইত বনৰীয়া কুকুৰ আৰু মেকুৰীও হেনো আছে। কুকুৰ বৰ প্ৰভুভক্ত। ই গৰাকীৰ ঘৰ পহৰা দি ৰাখি থাকে। ইয়াৰ ঘ্রাণ শক্তি বৰ চোকা। সেই কাৰণে চোৰ
ডকাইত সন্ধান কৰাৰ বাবে পুলিচে আজি-কালি কুকুৰ ব্যৱহাৰ কৰে। কুকুৰৰ গা মিহি নোমেৰে আগুৰা। ইয়াৰ কাণ দীঘল আৰু ওলমি পৰা। নেজ চুটি, কেকোৰা আৰু ওপৰলৈ উঠা। ইয়াৰ দাঁতবোৰ বৰ চোকা। ভৰিত চোকা নখ আছে। পৃথিৱীৰ সকলো দেশত কুকুৰ আছে। বৰফৰ দেশতো কুকুৰ আছে। সিহঁতে বৰফৰ দেশত শ্লেজ নামৰ গাড়ী টানে। কুকুৰ মানুহৰ উপকাৰী জীৱ।
মেকুৰী কুকুৰৰ দৰে নহয়। মেকুৰীৰ গাও মিহি নোমেৰে আগুৰা। ইয়াৰ কাণ সৰু আৰু থিয়। দাঁতবোৰ চোকা। ভৰিতো চোকা নখ আছে। ইয়াৰ নেজ বৰ দীঘল। মেকুৰী চিকাৰপ্ৰিয়। ই এন্দুৰ, নিগনি আদি চিকাৰ কৰি গৃহস্থৰ উপকাৰ কৰে। মেকুৰীয়ে মাছ ভাল পায়। কুকুৰৰ দৰে মেকুৰীয়েও সহজে পোহ মানে।
প্রশ্ন : ৪। তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ-সন্তাৰৰপৰা জানি লৈ বহীত লিখা।
উদৰ,চুৱাপাত, চৰু, এসেকা, বিষম, উভয়ে, আকৃতি, থোপোকা, তীক্ষ্ণ, চোকা, উম, গৃহস্থ।
উত্তৰ :
শব্দ | অর্থ |
উদৰ | পেট |
চুৱাপাত | আহাৰ খোৱাৰ পাছত পেলনীয়া বস্তু পেলোৱা ঠাইত পেলোৱা পাত । |
চৰু | ভাত-আঞ্জা ৰন্ধা পাত্র। |
এসেকা | গধুৰ শাস্তি। |
বিষম | বেয়া, বেছি গভীৰ। |
উভয়ে | দুয়ো। |
আকৃতি | আকাৰ, শাৰীৰিক অৱয়ব। |
থোপোকা | ঘূৰণীয়া, চুটি। |
তীক্ষ্ণ | চোকা, ধাৰাল। |
চোকা | তীক্ষ্ণ, চোক থকা, ধাৰাল। |
উম | গৰম, পাগ। |
গৃহস্থ | গৰাকী, গিৰিহঁত। |
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ; ১। যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহাঁ।
নিমন্ত্রণ → ন্ত্ৰ → ন+ ত +ৰ → নই ‘ত’ই ‘স্ত’ তাত ‘ৰ’ কাৰে ‘ন্ত্ৰ’ ।
প্রশ্ন : ২। যুক্তাক্ষৰ গঠন কৰোঁ আহাঁ।
ন + ত +ৰ →ন’ই ‘ত’ই ‘ন্ত’ তাত ‘ৰ’ কাৰে → ‘ন্ত্ৰ’।
প্রশ্ন : ৩। পঢ়োঁ আহা :
অন্ত্র, স্বতন্ত্র, আমন্ত্রণ, নিমন্ত্রণ, নিয়ন্ত্রণ
প্রশ্ন : ৪৷ শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা।
উদাহৰণ – গৃহস্থ → স্থ = স + থ → স্থল, বাসস্থান, স্থবিৰ ৷
উত্তৰ : গোন্ধ → ন্ধ →ন + ধ : বান্ধ, কান্ধ, সন্ধান।
অন্ত্ৰ →ন্ত্ৰ → ন + ত + ৰ : মন্ত্ৰ, মন্ত্রী, যন্ত্র।
বুদ্ধি → দ্ধ → দ + ধ : বুদ্ধ, যুদ্ধ, শুদ্ধ।
বিশ্বাসী → শ্ব → শ + ব : বিশ্ব, অশ্ব, আশ্বাস।
শব্দ → ব্দ → ব + দ : অব্দ, শকাব্দ, শতাব্দী।
জন্তু → ন্তু →ন + ত উ : কিন্তু, আগন্তুক, তন্তু ৷
প্রশ্ন : ৫। তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।
তৎ হেৰায়,জঁকি উঠিল,বিষম দেখি,লেউ- সেউ , চপ-চপাই , বাটে-পথে,বন্ধু বান্ধৱী,ডাঙৰ-দীঘল।
উত্তৰ : তৎ হেৰায় : এদিন পুতেকৰ খবৰ নাপালেই মাকৰ তৎ হেৰোৱা অৱস্থা হয়।
জঁকি উঠিল : কুটাঘাতকাৰীসকলে অনা মিছা অভিযোগত তেওঁ জঁকি ওঠিল।
বিষম দেখি : প্রতিবাদকাৰীসকলে পুলিচৰ বেষ্টনী ভাঙি আগুৱাই যোৱাত পৰিস্থিতি বিষম দেখি পুলিচে কন্দুৱা গেছ প্রয়োগ কৰিছিল।
লেউ-সেউ : পোহনীয়া কুকুৰ-মেকুৰী গৃহস্থৰ আগত সদায় লেউ-সেউ দি থাকে।
চপ-চপাই : ভতুৱা আৰু খঁকুৱাই কাঁহীৰপৰা চপচপাই পানী চেলেকি খাইছিল।
বাটে-পথে : গৰাকীবিহীন বহুতো কুকুৰ-মেকুৰী বাটে-পথে ঘূৰি ফুৰে।
বন্ধু-বান্ধবী : বিয়া-সবাহ আৰু উৎসৱ আদিত বন্ধু-বান্ধৱীসকলক লগ পোৱা যায়।
ডাঙৰ-দীঘল : আমি ডাঙৰ-দীঘল হোৱা ঠাইখনক সতকাই পাহৰিব নোৱাৰো।
প্রশ্ন : ৬। পাঠটোত তোমালোকে অকুমণি নামৰ ল’ৰা এজনৰ বিষয়ে পাইছা। অকুমণি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা বহুত শব্দ পাওঁ। তেনে শব্দ লিখোঁ আহাঁ।
উত্তৰ : (ক) গাঁৱত থাকে যি — গাঁৱলীয়া।
(খ) বনত থাকে যি – বনৰীয়া
(গ) পোহ মানে যি – পোহনীয়া।
(ঘ) ঘৰত ৰাখি পোহে যাক – ঘৰচীয়া ।
(ঙ) বেছিকৈ ভাত খায় যি – ভতুৱা।
(চ) পেট যাৰ ডাঙৰ – বৰপেটা, বৰপেটীয়া ।
(ছ) এলাহ কৰে যি – এলেহুৱা।
(জ) খঁক আছে যাৰ – খঁকুৱা।
(ঝ) চাৰি ঠেং আছে যাৰ – চাৰিঠেঙীয়া।
(ঞ) গাঁৱৰ মুখিয়াল জন — গাঁওবুঢ়া।
প্রশ্ন : ৭। জানো আহাঁ :
তোমালোকে পঢ়া পাঠবোৰত দাড়ি (।), কমা (,), প্রশ্নবোধক (?), আদি চিন পাইছা। এই চিনবোৰৰ দৰে চেমি কলোন (;), ভাৱবোধক চিন (!), ডেচ্ চিন (—), হাইফেন (-), উদ্ধৃতি চিহ্ন, প্রক্ষেপ চিহ্ন বা উর্দ্ধকমা (‘)
আদি চিহ্ন আছে। এই চিনবোৰক যতি বা বিৰাম চিহ্ন বোলে। পাঠ্যপুথিত এইবোৰৰ বিষয়ে বহলাই কোৱা আছে। পঢ়ি চোৱা ।
প্রশ্ন : ৮। তলৰ দফাটো পঢ়া আৰু যতি চিন বহুওৱা।
খুঁকুৱাৰ কথাত তৎ হেৰাই ভতুৱা জঁকি উঠিল লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি ঠেকেচা খাওঁতে যাৰ জনম গ’ল তাৰ মুখত এতিয়া বৰ বৰ কথা ৰ’বি আজি তোক মই এসেকা দিহে এৰিম।
উত্তৰ : খঁকুৱাৰ কথাত তৎ হেৰাই ভতুৱা জঁকি উঠিল, “লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ’ল তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ’বি আজি তোক মই এসেকা দিহে এৰিম।”
প্রশ্ন : ৯৷ উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰি লিখা। (উদাহৰণৰ শব্দকেইটাৰ তলত আঁচ টানি দিয়া হৈছে।)
উত্তৰ :

প্রশ্ন : ১০। তলৰ শব্দবোৰৰ প্ৰতিশব্দ (সমাৰ্থক/একার্থক) লিখা।
উত্তৰ : শব্দ ――――প্রতিশব্দ
ঘৰ――――গৃহ, আলয়, আবাস, কুটীৰ, ভৱন
পৃথিবী――――ধৰা, ধৰিত্ৰী, বসুমতী, অৱনী, বসুন্ধৰা।
ঘূৰণীয়া――――বৃত্তাকাৰ, গোল
শেষ―――― অন্ত, সামৰণি, সমাপ্ত
বিষাদ――–―বিষণ্ণ, বেজাৰ, দুখ
আনন্দ――――মনৰ ৰং, স্ফূৰ্ত্তি, হৰিষ, হর্ষ
গ-জ্ঞান সম্প্ৰসাৰণ
প্রশ্ন : ১। জানো আহাঁ :
তুমি ‘জনম’ শব্দটো বিচাৰি চোৱা। এই ‘জনম’ শব্দটো ‘জন্ম’ শব্দৰ পৰা সৰল হৈছে। এইদৰে অনেক শব্দ আমাৰ অসমীয়া ভাষাত আছে। তাকে কেইটামান জানি লওঁ আহাঁ―
উত্তৰ : ধৰ্ম – ধৰম
কৰ্ম – কৰম
ভক্তি – ভকতি
যত্ন – যতন
ৰত্ন – ৰতন
ভক্ত – ভকত
পদ্ম – পদুম
মুক্তি – মুকুতি
জ্ঞান – গিয়ান
শক্তি – শকতি
প্রশ্ন ২ । দুজন বন্ধুৰ মাজত স্কেল এপাটৰ বাবে খৰিয়াল লাগিলে তুমি কি বুলি বুজনি দিবা লিখা।
উত্তৰ : আচলতে স্কেলপাট কোনজনৰ সেই কথা জনাৰ পিছত আন জনক বুজাম দুয়োজনে সমিল-মিলেৰে স্কেলৰ কাম কৰাৰ বাবে। যদিহে এজনৰ স্কেল আন জনে তেওঁৰ বুলি দাবী কৰে তেনেহ’লে প্ৰকৃত গৰাকী উলিয়াবৰ বাবে স্কেলপাট দুছোৱা কৰি ভগাই দিয়াৰ কথা কম। আশাকৰো তেতিয়া প্ৰকৃত গৰাকীজনে স্কেলপাট দুছোৱা কৰাত বাধা দিব আৰু আনজনে দুছোৱা কৰি ভগাই দিয়াত গুৰুত্ব দিব। তেতিয়া স্কেলপাট প্রকৃত গৰাকীক গতাই দিয়াত সহজ হ’ব।
প্রশ্ন : ৩। সাঁথৰ ভাঙো আহা :
(ক) বগা বগা চাহাৰৰ ৰঙা ৰঙা টুপী,
এক ঘোচা মাৰিলে উঠে জ্বলি-পকি।
উত্তৰ : দিয়াচলাইৰ কাঠি।
(খ) ৰজাৰ ঘৰৰ বাকবাহ, তাতে পৰে ৰাজহাঁহ,
ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে ?
উত্তৰ :ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
(গ) দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট,
বত্রিশ জোপা কলগছ, এখনহে পাত।
উত্তৰ : ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন : ৪। তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্যৱহাৰ কৰোঁ কাষৰ খালী ঠাইত লিখা।
(ক) দেউতাৰ ককায়েক | বৰদেউতা, জেঠা, ডাঙৰ পিতা, বৰ পিতা। |
(খ) বৰদেউতাৰ ঘৈণীয়েক | বৰমা, জেঠী, ডাঙৰ আই, ডাঙৰ মা। |
(গ) দেউতাৰ ভায়েক | খুৰা, দদাই, সৰু পিতা। |
(ঘ) খুৰাৰ ঘৈণীয়েক | খুৰী, খুৰীমা, সৰু মা। |
(ঙ) দেউতাৰ বায়েক | জেঠাই, জেঠপেহী। |
(চ) জেঠাইৰ গিৰিয়েক | জেঠপেহা, জেঠা। |
(ছ) দেউতাৰ ভনীয়েক | পেহী, পেহীবাই। |
(জ) পেহীৰ গিৰিয়েক | পেহা। |
(ঝ) আইৰ ককায়েক/ভায়েক | মোমাই, মামা। |
(ঞ) মোমাইৰ ঘৈণীয়েক | মামী। |
(ট) আইৰ ভনীয়েক | মাহী। |
(ঠ) মাহীৰ গিৰিয়েক | মহা। |
ঘ-প্রকল্প
প্রশ্ন : ১। বিভিন্ন প্রজাতিৰ কুকুৰৰ ছবি সংগ্ৰহ কৰি ডাঠ কাগজত আঠা লগাই প্ৰতিটো ছবিৰ তলত নাম লিখা।
উত্তৰ : (নিজে নিজে যত্ন কৰা।)
প্রশ্ন : ২। কুকুৰ আৰু মেকুৰীৰ বিষয়ে থকা সাধুকথা সংগ্ৰহ কৰি লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা।
উত্তৰ : (নিজে নিজে যত্ন কৰা।)
প্রশ্ন : ৩। জীৱ-জন্তুৰ বিষয়ে লিখা আৰু সাঁথৰ সংগ্ৰহ কৰা।
উত্তৰ : (নিজে নিজে যত্ন কৰা।)

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.