Class 5 Assamese Chapter 13 ওজাপালি, Class 5 Assamese Chapter 13 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ওজাপালি Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.
Class 5 Assamese Chapter 13 ওজাপালি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 13 ওজাপালি Solutions for All Subject, You can practice these here
ওজাপালি
Chapter – 13
অংকুৰণ
পাঠভিত্তিক ক্রিয়া কলাপ
প্রশ্ন : ১। উত্তৰ দিয়া
(ক) ওজাপালি কি ?
উত্তৰ : ওজাপালি একপ্ৰকাৰৰ লোক-নাট্য অনুষ্ঠান।
(খ) ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয় ?
উত্তৰ : ওজাপালিৰ মুখ্য পালিজনক ডাইনা পালি বোলা হয়।
(গ) ওজাৰ লগত কোন কোন থাকে ?
উত্তৰ : ওজাৰ লগত পালিসকল আৰু ডাইনা-পালি থাকে।
(ঘ) ওজা-পালিৰ প্ৰকাৰবোৰ কি কি ?
উত্তৰ : সুকনাম্নী বা সুকবিনাৰায়ণী, ব্যাস গোৱা, ভাৱৰীয়া বা ভাইৰা বা ৰামায়ণ গোৱা, বৈষ্ণৱী, তুকুৰীয়া, আপী ওজা ইত্যাদি ওজাপালিৰ প্ৰকাৰ আছে।
(ঙ) ওজাপালি ক’ত ক’ত পৰিবেশন কৰা দেখা যায় ?
উত্তৰ : ৰাজহুৱা বা ব্যক্তিগত উৎসব-পার্বণ, পূজা, সবাহ, শ্রাদ্ধ আদিত ওজাপালি পৰিবেশণ কৰা দেখা যায়।
প্রশ্ন : ২। চমু উত্তৰ দিয়া :
(ক) ওজা পালিয়ে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা?
উত্তৰ : ওজা-পালিসকলোৱে চুৰিয়া-চোলা পৰিধান কৰে। অতিৰিক্তভাবে ওজাই মূৰত এটা পাগুৰি মাৰে।
(খ) (ওজা পালিত ওজাই) ওজা-পালিয়ে গোৱা গীতসমূহৰ কাহিনীভাগ ক’ৰ ক’ৰ পৰা লোৱা হয় ?
উত্তৰ : ওজা পালিয়ে গোৱা গীতসমূহ বেউলা আখ্যান, ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ কাহিনীৰপৰা লোৱা হয়।
(গ) ডাইনা পালিজনৰ প্ৰধান কাম কি ?
উত্তৰ : হাস্যৰসৰ যোগে ওজাৰ লগত কথোপকথন কৰি কাহিনীভাগ সহজ কথাত দর্শকক জনোৱা ডাইনা পালিজনৰ মুখ্য কাম।
(ঘ) অনুষ্ঠান পৰিবেশন কৰোতে কোনে কি দায়িত্ব পালন কৰে ?
উত্তৰ : অনুষ্ঠান পৰিবেশন কৰোতে ওজাই দিহাৰে বিভিন্ন সুৰত গীত গাই যায়, পালিসকলে সেইপদ দোহাৰে আৰু ডাইনা পালিয়ে পদ দোহৰাৰ উপৰি ওজাৰ সৈতে ৰসালভাৱে কথোপকথন কৰি কাহিনীভাগ সহজ কথাত দৰ্শকৰ বাবে ব্যাখ্যা কৰে।
(ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল ?
উত্তৰ : নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে সময়ে সময়ে মহাপুৰুষ শংকৰদেৱে ওজাপালিৰ সহায় লৈছিল।
প্রশ্ন : ৩। শব্দৰ লগত অর্থ মিলাও আহা :
উত্তৰ :
শব্দ | অর্থ |
দোহাৰে | লৰাই |
সৌষ্ঠব | আকৰ্ষিত |
দোলাই | বুজিব পৰা |
আকৃষ্ট | সুন্দৰ |
বোধগম্য | পুনৰ গায় |
প্রশ্ন : ৪। খালী ঠাই পূৰ কৰা।
ওজা-পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ’ল —――। ওজাই আখ্যানৰ ―――――লগাই দিয়ে। পালিসকলে সেই দিহা――――ৰসাল কথাৰে লোক-সমাজক আকৃষ্ট কৰে।
উত্তৰ : ওজা-পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ’ল ওজা। ওজাই আখ্যানর গীত-পদ দোহাৰে বেলেগ বেলেগ সুৰত লগাই দিয়ে। পালিসকলে সেই দিহা খুঁটি তাল বজাই ভৰিৰে তাল ৰাখি দোহাৰে। ডাইনা পালিয়ে ৰসাল কথাৰে লোক-সমাজক আকৃষ্ট কৰে ৷
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন : ১। পাঠত থকা যুক্তাক্ষৰ যুক্ত শব্দবোৰ লিখা। সেইবোৰত পোৱা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। প্ৰত্যেকটো যুক্তাক্ষৰ ব্যৱহাৰ কৰি দুটাকৈ শব্দ লিখা।
উদাহৰণ— অনুষ্ঠান
↓
সৌষ্ঠব = ষ্ঠ => ষ+ঠ—মূর্ধণ্য ‘ষ’ই মূর্ধণ্য ‘ঠ’ই-ষ্ঠঃ ষষ্ঠ, গৰিষ্ঠ, বশিষ্ঠ।
উত্তৰ : বিভিন্ন → ন্ন → ন+ন – দন্ত্য ‘ন’ই দন্ত্য ‘ন’ই-ন্ন : অন্ন, প্রসন্ন, আসন্ন।
স্বৰূপ → স্ব → স + ব – দন্ত্য ‘সই ‘বই – স্ব : স্বভাৱ, স্বাধীন, স্বাৱলম্বী।
সৃষ্টি →ষ্ট → ষ +ট – মূর্ধণ্য ‘ষ’ই মূর্ধণ্য ‘ট’ই –ষ্ট : আকৃষ্ট, হৃষ্ট-পুষ্ট, পুষ্টিকৰ।
সন্মুখত → ন্ম → ন+ ম – দন্ত্য ‘ন’ই ‘মই–ন্ম : জন্ম, মৃন্ময়, সন্মান, সন্মতি।
পিন্ধে → ন্ধ → ন+ ধ – দন্ত্য ‘ন’ই দন্ত্য ‘ধই – ন্ধ : বন্ধ, সন্ধান, বিন্ধা, বন্ধু। সুকনান্নী → ওপৰত চোৱা
বৈষ্ণৱী → ষ্ণ → ষ + ণ – মূর্ধণ্য ‘ষ’ই মূর্ধণ্য ‘ণই – ষ্ণ : বিষ্ণু, কৃষ্ণ, তৃষ্ণা।
উল্লেখযোগ্য → স্ন→ ল+ল-‘লই ‘লই-ল্পঃ আল্লা, উল্লাস, উল্লেখ্য, উল্লা।
সংস্কৃতি → স্ক→ স + ক – দন্ত্য ‘স’ই ‘ক’ই – স্ক : পুৰস্কাৰ, সংস্কাৰ, স্কুল, স্কন্ধ ।
প্রশ্ন : ২। উদাহৰণত দেখুৱাৰ দৰে শব্দ গঠন কৰা―
উদাহৰণ — ঢোল ⇒ ঢুলীয়া
উত্তৰ : খোল ⇒ খুলীয়া
লোণ ⇒ লুণীয়া
গোঁফ ⇒ শুফীয়া
যোৰ ⇒ যুৰীয়া
দুখ ⇒ দুখীয়া
ডাৱৰ ⇒ ডাৱৰীয়া।
ভাও ⇒ ভাৱৰীয়া।
লগ ⇒ লগৰীয়া।
বন ⇒ বনৰীয়া।
কাষ ⇒ কাষৰীয়া।
নাও ⇒ নাৱৰীয়া।
কোণ ⇒ কোণীয়া।
প্রশ্ন : ৩। বাক্য ৰচনা কৰা।
উত্তৰ : খুঁটি তাল (বেঁটু বা খুবলি নথকা কাঁহৰ সৰু তাল) : ওজা পালিৰ পালিসকলে হাতত খুঁটিতাল লৈ ওজাৰ পদ দোহাৰে আৰু ভৰিৰে তাল ৰাখে।
খুঁটি খা (নিজৰ ঠোঁটেৰে বা হাতেৰে খা): ল’ৰা দুটিয়ে খুঁটি খাব পৰা হোৱাৰেপৰা মাকে অলপ শান্তি পাইছে।
খুঁটি গছা (মাটিত খুঁটি পোতাৰ দৰে পুতি থ’ব পৰা সৰু গছা) : আজি কালি খুঁটি গছা দেখিবলৈকে নোহোৱা হ’ল।
খুঁটি-নাটি (কোনো বিষয়ৰ সৰু-সুৰা কথা, সবিশেষ) : বিষয়টো খুঁটি-নাটি মাৰি চোৱাৰ পিচতহে সিদ্ধান্ত ঘোষণা কৰিব।
খুঁটি পোত (থাকিবলৈ ঠাইল) : চাকৰিৰ নামত নগৰলৈ অহাৰ পিছত তেওঁ নগৰতে খুঁটি পোতাৰ যত্ন কৰিছে।
খুঁটি-ঢৰা (চটাই ঢৰা) : খুঁটি ঢৰাত বহি আইতাই আমাক সাধু কৈছিল।
খুঁটিয়া-খুঁটি (ইটোৱে সিটোক আঘাত কৰা, পৰস্পৰে কাজিয়া কৰা) : সমনীয়া ল’ৰা-ছোৱালীৰ মাজত প্ৰায়ে খুঁটিয়া-খুটি লাগি থাকে।
গ-জ্ঞান সম্প্ৰসাৰণ
প্রশ্ন : ১। জানো আহাঁ ।
পুতলা নাচ : কাহিনী, সাধুকথা বা ৰূপকথাক পুতলা নাচৰ সহায়ত ৰসালভাৱে উপস্থাপন কৰা হয়। কুঁহিলাৰ পৰা তৈয়াৰ কৰা পুতলাবোৰক কাহিনীৰ বিভিন্ন চৰিত্ৰৰ বাবে কাপোৰ কানি পিন্ধাই সজাই লোৱা হয়। প্ৰতিটো পুতলাৰ হাত, ভৰি, মূৰ আদি ক’লা ৰছিৰে বান্ধি লোৱা হয়। সৰু মঞ্চ এখনত পুতলাবোৰ নচুৱা হয়। মঞ্চৰ পিছফালে থকা আঁৰ কাপোৰৰ আঁৰত সুত্ৰধাৰ থাকে, পুতলাবোৰ মঞ্চত থাকে। ৰছীৰ সহায়ত সূত্ৰধাৰে পুতলাবোৰ নচুৱায় আৰু পেঁপাৰ সহায়ত পুতলাৰ হৈ বচন মাতে। সময়ে সময়ে ভাৱৰীয়া চৰিত্ৰৰ প্ৰৱেশ ঘটাই হাস্য ৰসৰ সৃষ্টি কৰে।
কুশান গান : কুশান গান গোৱালপাৰা জিলাত প্রচলিত নৃত্য-গীত, সংলাপ আৰু অভিনয়েৰে পুষ্ট এক লোক-নাট্য অনুষ্ঠান। কুশান গানত ‘গীতালে’ এক তাৰযুক্ত ‘বেনা’ নামৰ বাদ্য বজায়। গীতালৰ লগত এজন ‘দোৱাৰী’, কেইজনমান ‘বায়ন’ আৰু কেইজনমান নাচনি ল’ৰা বা চেংৰা থাকে।
ৰাইজৰ মাজত এডোখৰ ঠাইত ঘূৰণীয়া হৈ বহি অনুষ্ঠান পৰিবেশন কৰে। কুশানগানত পৌৰাণিক আখ্যান নৃত্য-গীতৰ সহায়ত অভিনয় কৰে। ‘দোৱাৰী’ আৰু ‘চেংৰা’ৰ কথা আৰু নাচৰ মাজত হাস্যৰসৰ প্ৰাধান্য থাকে।
ঢুলীয়া ভাওনা আৰু খুলীয়া ভাওনাঃ ঢুলীয়া ভাওনাৰ ওজা ঢুলীয়াসকলে বৰঢোল বজায় আৰু বিভিন্ন নৃত্য-গীত অভিনয় কৰে। তেওঁলোকৰ লগত কেবাজনো তাল বজোৱা থাকে। ধর্মীয় বিষয়ৰ লগতে হাস্যৰসাত্মক কথাৰে দৰ্শকক আনন্দ দান কৰে। খুলীয়া ভাওনাত ঢোলৰ সলনি খোল ব্যৱহাৰ কৰে।
অসমৰ ভিন ভিন সমাজত চলি থকা আন কেইটামান লোক নাট্য অনুষ্ঠান হ’ল মিচিংসকলৰ ‘গোমৰাগ’ কাৰ্বিসকলৰ ‘চ’মাংকান বড়োসকলৰ ‘খেৰাই’
প্রশ্ন : ৩। তুমি দেখা বা শুনা যিকোনো এটি লোকনাট্য অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰা।
(ক) বিহু।
(খ) পুতলা নাচ।
(গ) ওজাপালি।
উত্তৰ : তুমি নিজে লিখাৰ যত্ন কৰা।
ঘ-প্রকল্প
১। বিভিন্ন লোক নাট্য অনুষ্ঠানৰ লগত জড়িত বিভিন্ন বাদ্যয়সমূহৰ নাম লিখা ৷ পাৰিলে সেইবিলাকৰ ছবি সংগ্ৰহ কৰি এটা এলবাম প্রস্তুত কৰা।
১। ওজা পালিয়ে পৰিবেশন কৰা গীত-পদ সংগ্ৰহ কৰি গোৱা। আৱশ্যকবোধে স্থানীয় শিল্পীৰ সহায় লোৱা। (তুমি নিজে যত্ন কৰা।)

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.