Class 5 Assamese Chapter 12 আগতে নিজে নিকা হ’

Class 5 Assamese Chapter 12 আগতে নিজে নিকা হ’, Class 5 Assamese Chapter 12 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board আগতে নিজে নিকা হ’ Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 5 Assamese Chapter 12 আগতে নিজে নিকা হ’

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 12 আগতে নিজে নিকা হ’ Solutions for All Subject, You can practice these here

আগতে নিজে নিকা হ’

Chapter – 12

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন : ১। পদ্যটি শুদ্ধ উচ্চাৰণেৰে পঢ়া।

প্রশ্ন : ২। পদ্যটি আবৃিত্তি কৰা। 

(ক) পদ্যটিৰ ৰচক কোন ?

উত্তৰ : পদ্যটিৰ ৰচক অম্বিকাগিৰী ৰায়চৌধুৰী।

(খ) কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ’বলৈ কৈছে ? 

উত্তৰ : আনক ধোৱাৰ আগতে কবিয়ে নিজকে নিকা (পৰিষ্কাৰ) হ’বলৈ কৈছে। 

(গ) কবিৰ মতে নিজকে নিকা কৰিবলৈ হ’লে কি কি কৰিব লাগে ?

উত্তৰ : কবিৰ মতে নিজক নিকা কৰিবলৈ হ’লে নিজৰ হিয়া বা অন্তৰৰ মলি, মনৰ কলুষতা আঁতৰাই সঁচা কথা ক’ব লাগিব আৰু নিজৰ আদৰ্শ বা ৰূপত দৃঢ়ভাৱে ৰব লাগিব।

(ঘ) কবিৰ মতে আনক সঁচা ক’বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে ? 

উত্তৰ : কবিৰ মতে আনক সঁচা ক’বলৈ উপদেশ দিয়াৰ আগতে নিজে আদৰ্শত দৃঢ়তাৰে থাকিব লাগিব, নিজে সঁচা ক’ব লাগিব। 

প্রশ্ন : ৩। তলৰ শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ চাই শিকোঁ আহাঁ।

উত্তৰ : 

শব্দঅর্থ
নিকাপৰিষ্কাৰ, চাফা, নির্মল।
পখালিধুই।
দৃঢ়তাকঠিনতা, অলৰ-অচৰ অৱস্থা।
আত্মিকইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা।

প্রশ্ন : ৪। কবিৰ মতে জীৱনত কেনেকৈ ধন-সোণ জমা কৰিব পাৰি লিখা। 

উত্তৰ : কবিৰ মতে নিজে সঁচা ক’লে, সত্য পথত দৃঢ়তাৰে থাকিলে জীৱনত ধন সোণ জমা কৰিব পাৰি।

প্রশ্ন : ৫। পদ্যকেইফাঁকি বুজাই লিখা।

(ক) ‘নিজৰ হিয়া-মনৰ মলি

                       ধুই পখালি ল’—

উত্তৰ : আনক ধুৱাই পৰিষ্কাৰ কৰিবলৈ যোৱাৰ আগতে নিজৰ গাৰ মলি দুই পখালি লোৱাৰ কথা কবিয়ে কৈছে। ইয়াৰদ্বাৰা আনক ভাল হ’বৰ বাবে উপদেশ দিবলৈ যোৱাৰ আগতে নিজে প্ৰকৃততে ভাল বা সঙ্গ হ’ব লাগিব আৰু সেই ভারত সদায় দৃঢ়মনা হ’ব লাগিব। নিজে ভাল হ’লেহে আনক উপদেশ দিব পাৰি।

(খ) ‘আনক কোৱাৰ আগখিনিতে

                 নিজে সঁচা ক’

উত্তৰ : আনক সঁচা কথা ক’বলৈ উপদেশ দিব পাৰি। কিন্তু আনক সঁচা কথা কোৱাৰ উপদেশ দিয়াৰ আগে আগে নিজে সঁচা কথা ক’ব লাগিব। নিজে সঁচা নকলে আনক সঁচা কোৱাৰ উপদেশ দিয়া উচিত নহয়। 

প্রশ্ন : ৬। পদ্যটি গদ্য ৰূপত কোৱা আৰু লিখা।

উত্তৰ : আনক ধোৱাৰ আগতে নিজে নিকা হোৱা, নিজৰ হিয়া-মনৰ মলি ধুই পখালি লোৱা। আনক কোৱাৰ আগতে নিজে সঁচা কথা কোৱা আৰু নিজৰ সত্যৰ ৰূপত দৃঢ়তাৰে ৰোৱা । তেতিয়াহে হোৱা, লোৱা, কোৱা, ৰোৱা ঠিক হ’ব আৰু জীৱন ভৰাই ধন-সোণ মন বা আত্মাৰ ওচৰ চাপিব।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন : ১। ‘আত্মিক’শব্দটোত ‘ত্ম’ যুক্তাক্ষৰটো আছে। যুক্তাক্ষৰটো ভাঙিচাওঁ আহাঁ—

ত + ম = ত্ম ‘তই ‘ম’ই – ত্ম  এনে ধৰণৰ ‘ম’ যোগ হোৱা পাঁচটা যুক্তাক্ষৰ লিখি প্ৰত্যেকৰে দুটাকৈ শব্দ লিখা। 

উত্তৰ : দ + ম =দ্ম ‘দই মই – স্ম : পদ্ম, ছদ্ম।

ক + ম = ক্ম ‘ক’ই ‘ম’ই – ক্ম : ৰুক্ম, ৰুক্মিনী। 

ল + ম =ল্ম ‘ল’ই ‘মই — ল্ম ; গুল্ম, বাল্মীকি। (গুল্ম মানে লতা)

স + ম = স্ম ‘স’ই ‘ম’ই – স্ম : স্মৃতি, স্মৰণ।

ন + ম =ন্ম ‘ন’ই ‘ম’ই—ন্ম : তন্ময়, মৃন্ময়, বাত্ময়।

জানো আহাঁ—

ওপৰৰ কবিতাটোত তোমালোকে ‘হ’ ল’ ক’ৰ’ এই ক্রিয়াপদকেইটা পাইছা। আদেশ বা অনুৰোধ বুজাবৰ বাবে ব্যৱহাৰ কৰা ক্ৰিয়াক অনুজ্ঞা বোলা হয়। অনুজ্ঞা ক্ৰিয়াৰ পুৰুষ দুটা পুৰুষ আৰু তৃতীয় পুৰুষ আৰু কাল দুটা— নিত্য বৰ্ত্তমান কাল আৰু ভবিষ্যত কাল। 

কাল-পুৰুষ অনুযায়ী বিভক্তি যোগ হোৱা প্ৰণালী তলত দিয়া হ’ল—

অনুজ্ঞাৰ বিভক্তি

Class 5 Assamese Chapter 12 Question 1

প্রশ্ন : ১। ‘গা’ আৰু ‘খা’ ক্রিয়াপদ দুটাত (অনুজ্ঞাত) বিভক্তি যোগ কৰি নিত্য বৰ্ত্তমান আৰু ভবিষ্যত কালত ৰূপ লিখা।

উত্তৰ :

অনুজ্ঞা ‘গা’ আৰু ‘খা’ ধাতুৰ ৰূপ

Class 5 Assamese Chapter 12 Question 1 'গা' আৰু 'খা' ক্রিয়াপদ দুটাত (অনুজ্ঞাত) বিভক্তি যোগ কৰি নিত্য বৰ্ত্তমান আৰু ভবিষ্যত কালত ৰূপ লিখা।

প্রশ্ন : ২। তলৰ শব্দকেইটাৰে বাক্য ৰচনা কৰা। হিয়া-মন, ধুই-পখালি, দৃঢ়তা, নিকা

উত্তৰ : হিয়া-মনঃ নিজৰ হিয়া-মনৰ মলি আঁতৰাব পাৰিলেহে আনক উপদেশ দিব পাৰি।

ধুই-পখালি : নিজৰ মনৰ মলি ধুই-পখালি লৈ আনক উপদেশ দিয়া উচিত। 

দৃঢ়তা : সত্যবাদী হ’বৰ বাবে মনৰ দৃঢ়তাৰ প্ৰয়োজন।

নিকা : আনক কোৱাৰ আগতে নিজে নিকা হোৱা বাঞ্ছণীয়। 

প্রশ্ন : ৩। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

সত্য    নিজৰ   জমা   আত্মীয়   নিকা

উত্তৰ : 

শব্দবিপৰীত অর্থ
সত্যঅসত্য
নিজৰআনৰ লোকৰ, পৰৰ
জমাখৰছ
আত্মীয়অনাত্মীয়
নিকামলিন, অপৰিষ্কাৰ

গ-জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন : ১। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ (তলত দিয়া) কবিতাটো আবৃত্তি কৰিবলৈ শিকা।

ভাঙিব লাগিব শিল

তই ভাঙিব লাগিব শিল,—

নোৱাৰোঁ বুলিলে নহ’ব যে ভাই 

               ঢিলতে পৰিব ঢিল।

ক্ষত-বিক্ষত অঙ্গ আৱৰি

               মুখেদি ৰক্ত পৰিব বাগৰি,

কলিজা কণিও পৰিব ভাগৰি,

               তেহে খুলি যাব খিল।

পৰি মৰি উঠি কোবাব লাগিব, 

তেহে পাষাণৰ বক্ষ ভেদিব,

তেহে সুৰধুনী মাতৃ জাগিব,

               লৈ খৰ শতধাৰ—

শত জনমৰ কলঙ্ক কালিমা, 

পূজি সাঁচি লোৱা গোলামি গৰিমা,

উটুৱাই নিব বাঢ়িব মহিমা,

               তেহে ক’লা-বগা হ’ব মিল।

কবি— অম্বিকাগিৰী ৰায়চৌধুৰী

প্রশ্ন : ১। কেতিয়াবা তুমি এৰাব নোৱৰা পৰিস্থিতিত বাধ্য হৈ মিছা কথা ক’বলগীয়া হ’ব পাৰে। তেনে পৰিস্থিতিৰ বিষয়ে কোৱা আৰু লিখা।

উত্তৰ : এবাৰ দুখন কিতাপ কিনাৰ বাবে দেউতাৰপৰা পঞ্চাস্থ টকা নিছিলো। স্কুলত বেগৰপৰা পইচাটো ক’ত পৰি হেৰাল ধৰিব নোৱাৰিলো। দেউতাক কি উত্তৰ দিম ভাবি-গুণি স্কুলছুটী হোৱাত ঘৰ পালো। দেউতাই গধূলি কিতাপ কিনাৰ কথা সোধাত উপায় নাপাই দেউতাক ফাঁকি দি কৈছিলো যে সেই পইচাৰে কিতাপ কিনিব নোৱাৰিলো, কাৰণ মোৰ সৰস্বতী পূজাৰ চাঁদা দিব লগা আছিল আৰু সেই পইচাৰে চাঁদা আদায় দিছিলো। কিতাপ কিনাৰ বাবে দেউতাই মোক পুনৰ পইচা দিছিল। সেইদিনা ভয়ত বাধ্য হৈহে মই মিছা মাতিছিলো।

প্রশ্ন : ২। কবিয়ে কৈছে— ‘নিজৰ হিয়া-মনৰ মলি 

                               ধুই পখালি ল’—

—হিয়া-মনৰ মলি কেনেকৈ আঁতৰাব পাৰি সেই বিষয়ে দলত আলোচনা কৰি কোৱা আৰু লিখা। –

উত্তৰ : কোনো বস্তুৰ গাত লাগি থকা মলি, ধূলি-বালি আঁতৰাবৰ বাবে পানীৰে ধুই পৰিষ্কাৰ কৰা হয়। আমি আমাৰ গা-মূৰ, কাপোৰ-কানি মলিয়ন নহ’বৰ বাবে ধুই পখালি লওঁ। কিন্তু হিয়া-মন আমি পানীৰে ধুই-পখালি পৰিষ্কাৰ কৰিব নোৱাৰোঁ। হিয়া বা অন্তৰ আৰু মন পৰিষ্কাৰ কৰিবৰ বাবে আমি দৃঢ় মনৰ হৈ সত্য কথা ক’ব লাগিব, সজ চিন্তা কৰিব লাগিব, কাৰো অহিত বা অন্যায় চিন্তা কৰিব নালাগিব আৰু প্ৰয়োজনত আনক নিজৰ সাধ্য অনুসৰি সহায়-সাহায্য দিব লাগিব। কাৰোপ্ৰতি মনত হিংসা ভাব থাকিব নালাগিব। এই সজগুণবোৰ আয়ত্ত কৰিব পাৰিলেই হিয়া-মনৰ মলি আঁতৰোৱা হ’ব।

ঘ-প্রকল্প

প্রশ্ন : ১। তোমালোকৰ বিদ্যালয় আৰু ওচৰৰ অঞ্চলত থকা বিভিন্ন ভাষা-ভাষী লোকৰ মাজত, কেনেকৈ মিলা-প্ৰীতি গঢ় লৈ উঠিছে বৰ্ণনা কৰি টোকা প্ৰস্তুত কৰা। 

উত্তৰ : আমাৰ বিদ্যালয় আৰু ওচৰৰ অঞ্চলত সৰহসংখ্যক মানুহ অসমীয়া ভাষী। কাম-কাজ, চাকৰি-বাকৰি, ব্যৱসায় বণিজ আদিৰ বাবে হিন্দী, বঙালী, নেপালী, পাঞ্জাবী আদি ভাষা-ভাষী কিছু সংখ্যক মানুহ বিদ্যালয় আৰু ওচৰৰ বজাৰৰ আশে-পাশে ঘৰ দুৱাৰ সাজি আছে। কিন্তু এই সকলো ভাষা-ভাষী মানুহেই ৰাজহুৱা কাম-বন, উৎসৱ পার্বণ আদিত মিলি-জুলি কাম কৰে। ভিন্নতাষী মানুহবিলাকে তেওঁলোকৰ ভাষা কয়। যদিও অসমীয়া ভাষা শিকিবলৈ আৰু ক’বলৈ যত্ন কৰে। তেওঁলোকৰ ল’ৰা ছোৱালীবোৰে অসমীয়া ভাষাতে শিক্ষা লাভ কৰিছে। অসমীয়া মানুহেও তেওঁলোকৰ • ভাষা বুজি পোৱা হৈছে। পূজা, বিহু আদি উৎসৱত সকলো মিলি যায়।

প্রশ্ন : ২। তোমালোকৰ বিদ্যালয় আৰু ওচৰৰ অঞ্চলত বিভিন্ন ভাষা কোৱা লোক আছে। সেই ভাষাবোৰৰ এখনি তালিকা প্রস্তুত কৰা ৷ প্ৰতিটো ভাষাৰে দহটাকৈ শব্দ তলৰ তালিকাত লিখা।

উত্তৰ :

অঞ্চলৰ নামভাষাৰ নামশব্দ
মালিগাঁওবঙালীবয়, বাজাৰ, বাবা, বিকাল, আমৰা, চেলে,বাৰী,বলব,পাৰি না,সন্ধ্যাবেলা,সত্যি।
আমবাৰী ফটাশিল
ৰূপনগৰ বিৰুবাৰীহিন্দীআজ, কল, হমেষা, ইধৰ, মছলী, পুস্তক,ৰস্তা,জল,উমৰ,পিলা, হৰা।
নাৰেঙ্গী সাতগাঁও
ছয় মাইল, বেলতলাঅসমীয়াকিতাপ,কাগজ,শিক্ষক,বিদ্যালয়, বন্ধু,বিহু,পূজা,ৰাজ্য,ৰাজধানী, ফুল,ফল,দেৱী,দেৱতা।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising