Class 12 Geography Important Chapter 5 প্রাথমিক খণ্ডৰ জীৱিকা

Class 12 Geography Important Chapter 5 প্রাথমিক খণ্ডৰ জীৱিকা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 5 প্রাথমিক খণ্ডৰ জীৱিকা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

তৃতীয় গোট: মানুহৰ অৰ্থনৈতিক কামকাজ
IMPORTANT QUESTION AND ANSWER

১। আর্থিক কাম-কাজ কাক বোলে?

উত্তৰঃ মানুহৰ উপার্জন অর্থাৎ আয় সৃষ্টিকাৰী কাম-কাজসমূহক আর্থিক কাম-কাজ (Economic activity) বোলে।

২। জীৱিকা অথবা বৃত্তি (occupation) কাক বোলে?

উত্তৰঃ যি কাম-কাজৰ পৰা আহৰণ কৰা উপার্জনৰ সহায়ত ব্যক্তি অথবা ব্যক্তিৰ সমষ্টি একোটাই জীৱন যাপনৰ প্রয়োজনীয় খৰচৰ জোৰা মাৰে, সেই কাম-কাজক আকৌ সেইজন ব্যক্তি অথবা সেইটো ব্যক্তিৰ সমষ্টিৰ জীৱিকা অথবা বৃত্তি (occupation) বোলে।

৩। প্রাথমিক খণ্ডৰ আর্থিক কাম-কাজ কাক বোলে?

উত্তৰঃ পৃথিৱীৰ প্রাকৃতিক পৰিৱেশত নিহিত সম্ভাৱনাসমূহক আধাৰৰূপে লৈ তেনেবোৰ আধাৰৰ পৰা সম্পদ আহৰণৰ কাম-কাজসমূহক প্রাথমিক খণ্ডৰ আর্থিক কাম-কাজ (Primary Economic Activity) বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। প্ৰাথমিক খণ্ডৰ জীৱিকা বৃত্তি কাক বোলে?

উত্তৰঃ বৌদ্ধিক মানবৰ মস্তিষ্ক বিকাশৰ প্রথম পর্যায়তে আৰম্ভ হোৱা জীৱীকা বৃত্তিবোৰক প্ৰাথমিক খণ্ডৰ জীৱিকা বৃত্তি বোলে।

৫। নিৰামিষভোজী প্রাণী হিচাপে মানুহে প্রথম অৱস্থাত কি সংগ্রহ কৰি জীৱিকা নির্বাহ কৰিছিল?

উত্তৰঃ নিৰামিষভোজী প্রাণী হিচাপে মানুহে প্রথম অৱস্থাত গছৰ ফল-মূল, শিপা, কাণ্ড প্রভৃতি অৰণ্যৰ পৰা সংগ্রহ কৰি জীৱিকা নির্বাহ কৰিছিল।

৬। প্রাথমিক খণ্ডৰ জীৱিকা বুলিলে কি বুজা?

উত্তৰঃ পানী, স্থলপৃষ্ঠ, জীৱজগত অথবা ভূত্বকৰ অগভীৰ স্তৰসমূহত বিস্তৃত হৈ থকা সম্ভাৱনাসমূহৰ লগত মানুহৰ বুদ্ধি-কৌশলৰ সংযোগ ঘটাই প্রাকৃতিক উৎসৰ পৰা সম্পদ সংগ্রহ কৰি জীৱিকা নিৰ্বাহ কৰা বৃত্তিসমূহক প্রাথমিক খণ্ডৰ জীৱিকা বোলে।

৭। খনিজ উদ্‌ঘাটন কাক বোলে?

উত্তৰঃ ভূ-পৃষ্ঠৰ নাতিগভীৰ অৱস্থানত প্রাকৃতিক পদ্ধতিত সঞ্চিত বাণিজ্যিক মূল্যবিশিষ্ট দ্রব্যসমূহৰ সংগ্ৰহ কার্যক খনিজ উদ্‌ঘাটন বোলে।

৮। পশুপালনৰ প্ৰসাৰণ কেনেদৰে আৰম্ভ হৈছিল?

উত্তৰঃ চিকাৰ কালত আদিম মানুহে খাদ্য আৰু চর্মৰ উদ্দেশ্যে পশু ধৰি আনিছিল আৰু সিহঁতৰ পৰা গাখীৰ বা পোৱালি আহৰণ কৰাটো দেখা গ’লত পশুপালন আৰম্ভ হয়।

৯। পৃথিৱীৰ সকলো পৰিৱেশত পশুপালন সম্ভৱনে?

উত্তৰঃ নহয়, সকলো পৰিৱেশত সকলো ধৰণৰ পশুপালন সম্ভৱ নহয়; ই পৰিৱেশ-ভিত্তিক হয়।

১০। “কৃষি” শব্দৰ মানে কি?

উত্তৰঃ “কৃষি” শব্দৰ মানে হ’ল খন্দা বা কর্ষণ; মাটিত খানি-কুৰুকি শস্য উৎপাদন কৰাক কৃষি বোলা হয়।

১১। কি আৱিষ্কাৰৰ পিছত মানুহে কৃষিকৌশল আয়ত্ব কৰিছিল?

উত্তৰঃ জুই ব্যৱহাৰৰ পিছত মানুহে কৃষিকৌশল আয়ত্ব কৰিছিল।

১২। কৃষি-কেন্দ্রিক জীৱনযাপন কিহৰ সূচনা কৰিছিল?

উত্তৰঃ মানুহৰ নিগাজী বসতি, স্থায়ী ঘৰ নিৰ্মাণ, সঞ্চয় আৰু চিন্তাচৰ্চাৰ সূচনা কৰিছিল।

১৩। নদীৰ পাৰত শস্যৰ উৎপাদন কিয় বেছি দেখা যায়?

উত্তৰঃ কাৰণ এই অঞ্চলত মাটিৰ উৰ্বৰতা বেছি আৰু পানীৰ সুবিধা সহজলভ্য।

১৪। উৎপাদন বৃদ্ধিত কোন ধৰণৰ পশুসমূহ সহায়ক হয়?

উত্তৰঃ গৰু, উট, ঘোঁৰা, ম’হ আদি তৃণভোজী পশুসমূহ।

১৫। আজিৰ দিনতো পৃথিৱীৰ কিমান শতাংশ লোক কৃষিখণ্ডত নিযুক্ত আছে?

উত্তৰঃ পৃথিৱীৰ মুঠ শ্রমিকৰ পঞ্চাশ শতাংশতকৈ অধিক লোক কৃষিখণ্ডত নিযুক্ত আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top