Class 12 Geography Important Chapter 4 মানৱ সম্পদৰ বিকাশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.
Class 12 Geography Important Chapter 4 মানৱ সম্পদৰ বিকাশ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.
মানৱ সম্পদৰ বিকাশ
Chapter: 4
| দ্বিতীয় গোট: জনসংখ্যা আৰু উন্নয়ন |
| IMPORTANT QUESTION AND ANSWER |
১। মানৱ সম্পদ উন্নয়ন কাক বোলে?
উত্তৰঃ নির্ধাৰিত সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিবর্তনক অঞ্চলটৰ মানৱ সম্পদ উন্নয়ন বোলে।
২। মানৱ সম্পদৰ উন্নয়ন সাধন কেনেকৈ কৰিব পাৰি?
উত্তৰঃ উপার্জন অর্থাৎ ক্রয় ক্ষমতা বৃদ্ধি, কল্যাণ বৃদ্ধি, মৌলিক প্রয়োজন পূৰণ আৰু ক্ষমতা অথবা অর্হতা বৃদ্ধিৰ চাৰিটা প্রধান পথেৰে মানৱ সম্পদৰ উন্নয়ন সাধন কৰিব পাৰি।
৩। মানৱ সম্পদ উন্নয়ন সূচকাংক বুলিলে কি বুজা?
উত্তৰঃ স্বাস্থ্য, শিক্ষা আৰু সান্নিধ্যপ্রাপ্তিৰ সামগ্রিক লেখেৰে নির্ধাৰণ কৰা উন্নয়নৰ পৰিসাংখ্যিক প্রকাশক মানৱ সম্পদ উন্নয়ন সূচকাংক বোলে।
৪। মানৱ সম্পদ উন্নয়নৰ সূচকাংক ভিত্তিক ৰাষ্ট্রসংঘৰ অন্তর্ভুক্ত ৰাষ্ট্রসমূহক কেইটা শ্রেণীৰ অন্তর্ভুক্ত কৰা হৈছে আৰু কি কি?
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ সূচকাংক ভিত্তিক ৰাষ্ট্রসংঘৰ অন্তর্ভুক্ত ৰাষ্ট্রসমূহক উচ্চ, মধ্য আৰু নিম্ন পর্যায়বিশিষ্ট তিনিটা শ্রেণীৰ অন্তর্ভুক্ত কৰা হৈছে।
৫। উন্নয়ন বুলিলে কি বুজা?
উত্তৰঃ প্রতিজন মানুহে নিজ নিজ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক, অর্থনৈতিক, সাংস্কৃতিক ক্ষেত্রসমূহত বাধাহীন অংশগ্ৰহণৰ সুযোগ উপভোগ কৰাকহে উন্নয়ন বোলা হয়।
৬। অর্থপূর্ণ জীৱন বুলিলে কি বুজা?
উত্তৰঃ সুস্বাস্থ্য, অর্হতা বিকাশৰ সামর্থ্য, সমাজ পৰিক্রমাত অংশগ্রহণ আৰু লক্ষ্যত উপনীত হোৱাৰ যোগ্যতাসম্পন্ন উদ্দেশ্যধর্মী জীৱনক এই ক্ষেত্রত অর্থপূর্ণ জীৱন বুলি ধৰা হৈছে।
৭। মানৱ-সম্পদ উন্নয়নৰ প্ৰক্ৰিয়াটো কেইটা স্তম্ভ অর্থাৎ উন্নতিকামী উপকৰণক আশ্রয় কৰি লোৱা দেখা যায় আৰু উপকৰণ কেইটা কি কি?
উত্তৰঃ মানৱ-সম্পদ উন্নয়নৰ প্ৰক্ৰিয়াটো চাৰিটা স্তম্ভ অর্থাৎ উন্নতিকামী উপকৰণক আশ্রয় কৰি লোৱা দেখা যায়। এই উপকৰণ চাৰিটা হৈছে একাদিক্রমে সাম্য অথবা সমতা (Equity), স্থায়িত্ব (Sustainability), উৎপাদন (Productivity) আৰু অধিকাৰ অথবা ক্ষমতা (Empowerment)।
৮। সাম্য অথবা সমতা বুলিলে কি বুজা?
উত্তৰঃ সমাজ অথবা ৰাষ্ট্ৰ এখনত উপলব্ধ সম্পদ তথা সা-সুবিধাসমূহ সকলোশ্রেণীৰ প্রতিজন লোকে ভোগ কৰিব পৰা অৱস্থাটোক সাম্য অথবা সমতা বোলা হয়।
৯। সমাজ এখনৰ উৎপাদন মানে কি?
উত্তৰঃ সমাজ এখনৰ উৎপাদন মানে হৈছে সমাজখনৰ প্রতিজন সদস্যই নিজ নিজ শাৰীৰিক আৰু বৌদ্ধিক শ্রম নিয়োগৰ বিনিময়ত সৃষ্টি কৰা মুঠ সম্পদৰাজি।
১০। মানৱ-সম্পদ উন্নয়নৰ ক্ষেত্ৰত সফল ৰাষ্ট্ৰসমূহৰ মূখ্য বৈশিষ্ট্য কি?
উত্তৰঃ মানৱ-সম্পদ উন্নয়নৰ ক্ষেত্ৰত সফল ৰাষ্ট্ৰসমূহৰ মূখ্য বৈশিষ্ট্য হ’ল- ৰাজনৈতিক সংঘাতৰ পৰা মুক্তি আৰু সম্পদৰ সম-বিতৰণ।
১১। কোনো ৰাষ্ট্ৰৰ উচ্চমানৰ মানৱ-সম্পদ উন্নয়ন বুজোৱাৰ ক্ষেত্ৰত কি সূচক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰসমূহৰ সূচকাংক ০.৮ অথবা ইয়াতকৈ অধিক থাকিলে সেই ৰাষ্ট্ৰসমূহ মানৱ-সম্পদ উন্নয়নৰ উচ্চ স্তৰৰ মাপকাঠীত অন্তর্ভুক্ত হয়।
১২। মধ্যম পৰ্যায়ৰ ৰাষ্ট্ৰসমূহৰ মধ্যে কোন অঞ্চলৰ অধিকাংশ ৰাষ্ট্ৰ অন্তর্ভুক্ত হৈছে?
উত্তৰঃ মধ্যম পৰ্যায়ৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত দক্ষিণ এছিয়া আৰু পূৰ্বৰ উপনিৱেশীয় শাসনাধীন ৰাষ্ট্ৰ অধিকাংশ সময় অন্তর্ভুক্ত হয়।
১৩। উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰসমূহৰ উন্নয়ন গতিৰ অন্যতম মুখ্য কাৰক কি?
উত্তৰঃ উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰসমূহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত চৰকাৰীভাৱে অধিক বিনিয়োগ কৰা হৈছে, যাৰ ফলত উন্নয়ন গতি বৃদ্ধি পায়।
১৪। উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত প্ৰথম দহটা স্থানত থকা ৰাষ্ট্ৰসমূহৰ নাম লিখা?
উত্তৰঃ উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত প্ৰথম দহটা স্থানত থকা ৰাষ্ট্ৰসমূহৰ নাম হ’ল- নৰৱে’, আইচলেণ্ড, অস্ট্রেলিয়া, লাক্সেমবার্গ, কানাডা, ছুইডেন, ছুইজাৰলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম আৰু যুক্তৰাষ্ট্র।
১৫। মানৱ-সম্পদ উন্নয়ন সূচক কি?
উত্তৰঃ মানৱ-সম্পদ উন্নয়ন সূচক (HDI) হৈছে এক সূচক যাৰ মাধ্যমে দেশৰ স্বাস্থ্য, শিক্ষা আৰু সম্পদৰ সান্নিধ্যৰ অগ্রগতিৰ ভিত্তিত মানৱ-সম্পদ উন্নয়ন পৰ্যায় পৰ্যালোচনা কৰা হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

