Class 12 Geography Important Chapter 22 নিৰ্বাচিত সমস্যা আৰু প্ৰচালনঃ ভৌগোলিক দৃষ্টিপাত

Class 12 Geography Important Chapter 22 নিৰ্বাচিত সমস্যা আৰু প্ৰচালনঃ ভৌগোলিক দৃষ্টিপাত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 22 নিৰ্বাচিত সমস্যা আৰু প্ৰচালনঃ ভৌগোলিক দৃষ্টিপাত

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 22

নৱম গোট: সমস্যা আৰু বাদ-বিবাদ
IMPORTANT QUESTION AND ANSWER

১। প্রদূষণ কাক বোলে?

উত্তৰঃ ঘাইকৈ মানুহৰ কামকাজৰ ফলত মাটি, পানী, বায়ু আৰু জীৱমণ্ডলৰ অন্ততঃ এটা উপাদানৰ গুণগুত মানদণ্ড স্থানীয় অথবা আঞ্চলিক পৰিসৰত চকুত লগা মাত্রাত নামি যোৱাৰ অৱস্থাটোক প্রদূষণ (Pollution) বোলে।

২। প্ৰদূষণ ঘটা বুলিলে কি বুজা?

উত্তৰঃ মাটি, পানী, বায়ু অথবা জীৱদেহ প্রভৃতি পৰিৱেশৰ উপাদানসমূহত বৃহৎ পৰিমাণৰ অবাঞ্ছিত অর্থাৎ ক্ষতিকাৰক পদার্থ অথবা শক্তি সোমাই পৰাৰ ফলত এনেবোৰ উপাদানৰ স্বাভাৱিক কামকাজবোৰ বহুপৰিমাণে অস্বাভাবিক হৈ পৰে। তেতিয়া এই পাৰিপাশ্বিক উপাদানবোৰৰ প্ৰদূষণ ঘটা বুলি কোৱা হয়।

৩। উৎসৰ প্রতি দৃষ্টি ৰাখি প্রদূষকসমূহক কেইটা ভাগত ভগোৱা হৈছে আৰু ভাগবোৰ কি কি?

উত্তৰঃ উৎসৰ প্রতি দৃষ্টি ৰাখি প্রদূষকসমূহক দুটা ভাগত ভগোৱা হয় মানৱসৃষ্ট প্রদূষক (Man-induced Pollutants) আৰু প্রাকৃতিক উৎসৰ প্ৰদূষক (Natural Pollutants)।

৪। মানৱসৃষ্ট প্রদূষক কাক বোলে?

উত্তৰঃ মানুহৰ কামকাজসমূহৰ উপজ (byproducts) হিচাবে বায়ু, পানী, মাটি প্রভৃতিৰ প্ৰদূষণ সৃষ্টি কৰিব পৰা বিষাক্ত ৰাসায়নিক পদার্থ, গেছ, আবর্জনা, আণৱিক পদার্থ, তাপ, পোহৰ আৰু শব্দ প্রভৃতি শক্তিসমূহক মানৱসৃষ্ট প্রদূষক বোলে।

৫। প্রাকৃতিক প্রদূষক বুলিলে কি বুজা?

উত্তৰঃ ভূমিকম্প, বানপানী, ভূমি-স্খলন, বজ্রপাত, প্রৱল বতাহ আদি প্রাকৃতিক ঘটনাৱলীৰ লগত জড়িত প্রদূষকসমূহক প্রাকৃতিক প্রদূষক বোলে।

৬। প্রদূষকসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধর্ম অনুসৰি ইহঁতক কি কি ভাগত বিভক্ত কৰা হয়?

উত্তৰঃ প্রদূষকসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধর্ম অনুসৰি ইহঁতক আকৌ জৈৱ-প্রশমিত (biodegradable) আৰু অ-জৈৱ প্রশমিত (Non-biodegradable) নামৰ দুটা শ্রেণীত বিভক্ত কৰা হয়।

৭। জৈৱ-প্রশমিত প্রদূষক বুলিলে কি বুজা?

উত্তৰঃ কাগজ, ধূলি-বালি, গেলা-পচা জাবৰ, কার্বন-ডাই অক্সাইড প্রভৃতি প্রদূষকসমূহ অণুজীৱৰ জৈৱিক ক্ৰিয়াৰ ফলত জহিখহি সময়ত নিশ্চিহ্ন হয়। এইবোৰ প্ৰদূষকক জৈৱ-প্রশমিত প্রদূষক বোলে।

৮। অ-জৈৱপ্রশমিত প্রদূষক বুলিলে কি বুজা?

উত্তৰঃ গ্লাচ, প্লাষ্টিক, বিভিন্ন ৰাসায়নিক যৌগ, তেজস্ক্রিয় পদার্থ প্রভৃতি ভালেমান প্রদূষক অণুজীৱসমূহে বিজাৰণ ঘটাব নোৱাৰে। ইহঁতক অ-জৈৱপ্রশমিত প্রদূষক বোলে।

৯। প্ৰদূষকসমূহৰ আক্রমণস্থলীৰ ভৌতিক লক্ষণভেদে পাৰিপার্শ্বিক প্রদূষণক ঘাইকৈ কেইটা ভাগত ভগোৱা হৈছে লিখা।

উত্তৰঃ প্ৰদূষকসমূহৰ আক্রমণস্থলীৰ ভৌতিক লক্ষণভেদে পাৰিপার্শ্বিক প্রদূষণক ঘাইকৈ তিনিটা ভাগত ভগোৱা হয়- ভূমি প্রদূষণ অথবা মাটি প্রদূষণ (Soil Pollution), জল প্রদূষণ (Water Pollution) আৰু বায়ু প্রদূষণ (Air Pollution)।

১০। মাটি প্রদূষণ বুলিলে কি বুজা?

উত্তৰঃ মানুহৰ কাম-কাজৰ ফলত মাটিত নানাবিধ অপদ্রব্য অর্থাৎ প্রদূষক উপাদান অহৰহভাৱে সংযোগ ঘটাত ইয়াৰ গুণগত মানদণ্ড নিম্নগামী হ’ব ধৰিছে। ইয়াক আমি মাটি প্রদূষণ বুলি কওঁ।

১১। মাটিৰ প্রদূষণ হোৱা উৎসসমূহৰ নাম লিখা।

উত্তৰঃ ভৌতিক, ৰাসায়নিক, জৈৱিক, জলবায়বীয় আৰু ঔদ্যোগিক অথবা চহৰকৰণ (Urbanization) উৎসসমূহৰ পৰাই মাটিৰ প্রদূষণ সৃষ্টি হয়।

১২। বিশ্বজনীন দ্রাবক বুলি কাক কোৱা হয়? কিয়?

উত্তৰঃ পানীক বিশ্বজনীন দ্রাৱক (Universal Solvent) কোৱা হয়, কাৰণ ই বহুতো পদাৰ্থ দ্রৱীভূত কৰিব পাৰে।

১৩। জল প্ৰদূষণৰ দুটি প্ৰধান প্ৰকাৰ কি?

উত্তৰঃ জল প্ৰদূষণৰ দুটি প্ৰধান প্ৰকাৰ হ’ল- ভাসমান প্ৰদূষক (Suspended) আৰু দ্রৱীভূত প্ৰদূষক (Dissolved)।

১৪। ডাল হ্ৰদত পানী কিয় প্ৰদূষিত হৈ পৰিছে?

উত্তৰঃ কৃষিক্ষেত্ৰৰ ৰাসায়নিক সাৰ জলাশয়লৈ গৈ জলজ উদ্ভিদৰ বেছি বৃদ্ধি ঘটাইছে, যাৰ ফলত অক্সিজেন কমি পৰিছে।

১৫। অম্ল-বৃষ্টি কেতিয়া ঘটে?

উত্তৰঃ বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড বৰষুণৰ পানীত মিহলি হ’লে অম্ল-বৃষ্টি হয়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top